[{"index":"1","arabicText":"وَالْعٰدِیٰتِ ضَبْحًا ۟ۙ","assameseTranslation":"শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাবোৰৰ,","footnotes":"","tafseer":"মহান আল্লাহে সেই ঘোঁৰাৰ শপত কৰিছে, যাৰ তীব্ৰ দৌৰৰ কাৰণে তাৰ উশাহৰ শব্দ শুনা যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100001.mp3"},{"index":"2","arabicText":"فَالْمُوْرِیٰتِ قَدْحًا ۟ۙ","assameseTranslation":"যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,","footnotes":"","tafseer":"আৰু সেই ঘোঁৰাৰ শপত কৰিছে, যি ঘোঁৰাই শিলৰ ওপৰত দৌৰি যোৱাৰ ফলত তাৰ ক্ষুৰৰ আঘাতত ফিৰিঙতি ওলায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100002.mp3"},{"index":"3","arabicText":"فَالْمُغِیْرٰتِ صُبْحًا ۟ۙ","assameseTranslation":"যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,","footnotes":"","tafseer":"আৰু সেইবোৰ ঘোঁৰাৰ শপত কৰিছে, যিবোৰে প্ৰভাতকালত শত্ৰুৰ ওপৰত আক্ৰমণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100003.mp3"},{"index":"4","arabicText":"فَاَثَرْنَ بِهٖ نَقْعًا ۟ۙ","assameseTranslation":"ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;","footnotes":"","tafseer":"ফলত দৌৰৰ জৰিয়তে সিহঁতে ধূলি উৰুৱায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100004.mp3"},{"index":"5","arabicText":"فَوَسَطْنَ بِهٖ جَمْعًا ۟ۙ","assameseTranslation":"আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।","footnotes":"","tafseer":"ফলত সেইবোৰে নিজৰ আৰোহীৰ সৈতে শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100005.mp3"},{"index":"6","arabicText":"اِنَّ الْاِنْسَانَ لِرَبِّهٖ لَكَنُوْدٌ ۟ۚ","assameseTranslation":"নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,","footnotes":"","tafseer":"প্ৰকৃততে মানুহে সেই পূণ্য কৰ্মৰ পৰা বহু দূৰত অৱস্থান কৰে, যিটো তাৰ প্ৰতিপালকে তাৰ পৰা বিচাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100006.mp3"},{"index":"7","arabicText":"وَاِنَّهٗ عَلٰی ذٰلِكَ لَشَهِیْدٌ ۟ۚ","assameseTranslation":"নিশ্চয় সি এই বিষয়ে সাক্ষী,","footnotes":"","tafseer":"আৰু সি পূণ্যৰ কামৰ পৰা পিছুৱাই থকাৰ বাবে সি নিজেই তাৰ সাক্ষী। বিষয়টো ইমান স্পষ্ট যে, ইয়াক অস্বীকাৰ কৰাৰ অৱকাশ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100007.mp3"},{"index":"8","arabicText":"وَاِنَّهٗ لِحُبِّ الْخَیْرِ لَشَدِیْدٌ ۟ؕ","assameseTranslation":"আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত খুবেই প্ৰবল।","footnotes":"","tafseer":"আৰু সি ধনৰ প্ৰবল লোভত পৰিছে, এই ক্ষেত্ৰত সি কৃপণালিও কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100008.mp3"},{"index":"9","arabicText":"اَفَلَا یَعْلَمُ اِذَا بُعْثِرَ مَا فِی الْقُبُوْرِ ۟ۙ","assameseTranslation":"সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,","footnotes":"","tafseer":"পাৰ্থিৱ জীৱনৰ প্ৰৱঞ্চনাত লিপ্ত হোৱা ব্যক্তিয়ে নাজানে নেকি, যেতিয়া আল্লাহে কবৰত থকা মৃতসকলক জীৱিত কৰিব আৰু তেওঁলোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ভূমিৰ পৰা উত্থিত কৰিব। বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে ধাৰণা কৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100009.mp3"},{"index":"10","arabicText":"وَحُصِّلَ مَا فِی الصُّدُوْرِ ۟ۙ","assameseTranslation":"আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?","footnotes":"","tafseer":"বৰং অন্তৰৰ ভেদ, নিয়্যত আৰু আস্থাকো প্ৰকাশ কৰা হ’ব,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100010.mp3"},{"index":"11","arabicText":"اِنَّ رَبَّهُمْ بِهِمْ یَوْمَىِٕذٍ لَّخَبِیْرٌ ۟۠","assameseTranslation":"নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।","footnotes":"","tafseer":"নিশ্চয় সিহঁতৰ প্ৰতিপালক সেই দিৱসৰ সিহঁতৰ সকলো বিষয় সম্পৰ্কে পৰিজ্ঞাত। বান্দাসকলৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ সকলোকে উচিত প্ৰতিদান প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/100011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/100011.mp3"}]