[{"index":"1","arabicText":"الٓرٰ ۫ كِتٰبٌ اُحْكِمَتْ اٰیٰتُهٗ ثُمَّ فُصِّلَتْ مِنْ لَّدُنْ حَكِیْمٍ خَبِیْرٍ ۟ۙ","assameseTranslation":"আলিফ-লাম-ৰা,[1] এই (কোৰআন) এনেকুৱা এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা (অৱতীৰ্ণ);","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(আলিফ-লাম-ৰা) এনেকুৱা আখৰ সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত কৰা হৈছে। কোৰআন হৈছে এনেকুৱা এখন গ্ৰন্থ, যাৰ শব্দ বিন্যাস আৰু অৰ্থবোৰ হৈছে সুদৃঢ়। তাত আপুনি কোনো ধৰণৰ ত্ৰুটি-বিচ্যুতি দেখা নাপাব। লগতে তাত হালাল আৰু হাৰাম, আদেশ আৰু নিষেধ, প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণী তথা পূৰ্বযুগৰ ঘটনাৱলী বিশদভাৱে বৰ্ণনা কৰা হৈছে। এইখন এনেকুৱা সত্ত্বাৰ ফালৰ পৰা অৱতীৰ্ণ কৰা হৈছে, যিজন পৰিচালনাত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। বান্দাৰ পৰিস্থিতি সম্পৰ্কে আৰু তেওঁলোকৰ কল্যাণকৰ দিশ সম্পৰ্কে সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011001.mp3"},{"index":"2","arabicText":"اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ اِنَّنِیْ لَكُمْ مِّنْهُ نَذِیْرٌ وَّبَشِیْرٌ ۟ۙ","assameseTranslation":"(এই কথা কোৱা হৈছে) যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই আয়াতসমূহৰ বিষয়বস্তু হৈছেঃ আল্লাহৰ লগত বান্দাসকলে যাতে আন কাৰো উপাসনা নকৰে, সেই সম্পৰ্কে নিষেধাজ্ঞা জাৰি কৰা হৈছে। হে মানৱজাতি! যদি তোমালোকে আল্লাহৰ লগত কুফুৰী কৰা তথা তেওঁৰ অবাধ্যতা কৰা তেন্তে শুনা! নিশ্চয় মই হৈছোঁ আল্লাহৰ শাস্তিৰ পৰা তোমালোকক সতৰ্ককাৰী। আনহাতে যদি তোমালোকে ঈমান পোষণ কৰা আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰা তেন্তে মই হৈছোঁ তোমালোকৰ বাবে তেওঁৰ ছোৱাবৰ সুসংবাদদাতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011002.mp3"},{"index":"3","arabicText":"وَّاَنِ اسْتَغْفِرُوْا رَبَّكُمْ ثُمَّ تُوْبُوْۤا اِلَیْهِ یُمَتِّعْكُمْ مَّتَاعًا حَسَنًا اِلٰۤی اَجَلٍ مُّسَمًّی وَّیُؤْتِ كُلَّ ذِیْ فَضْلٍ فَضْلَهٗ ؕ وَاِنْ تَوَلَّوْا فَاِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ كَبِیْرٍ ۟","assameseTranslation":"লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ বাবে এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰোঁ।","footnotes":"","tafseer":"হে মানৱজাতি! নিজৰ গুনাহৰ পৰা তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। তোমালোকে তেওঁৰ যি অবাধ্যতা কৰিছা, তাৰ বিপৰীতে অনুতপ্ত হৈ তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰা। তেওঁ তোমালোকক পাৰ্থিৱ জীৱনত, তোমালোকৰ নিৰ্দিষ্ট সময় সমাপ্ত নোহোৱালৈকে সুখ উপভোগৰ উত্তম সামগ্ৰী প্ৰদান কৰিব। প্ৰত্যেক সেই ব্যক্তি যিয়ে অতিৰিক্ত আনুগত্য তথা সৎকৰ্ম কৰে, তাক তেওঁ পৰিপূৰ্ণৰূপে প্ৰতিদান প্ৰদান কৰিব, সেই প্ৰতিদানত একো হ্ৰাস কৰা নহ'ব। আনহাতে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি যদি তোমালোকে ঈমান পোষণ কৰাৰ পৰা বিমুখ হোৱা, তেন্তে শুনা! মই তোমালোকক এটা ভয়ঙ্কৰ দিনৰ পৰা সতৰ্ক কৰোঁ, সেয়া হৈছে ক্বিয়ামত দিৱস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011003.mp3"},{"index":"4","arabicText":"اِلَی اللّٰهِ مَرْجِعُكُمْ ۚ وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"হে মানৱজাতি! ক্বিয়ামতৰ দিনা তোমালোকে কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিবা। পৱিত্ৰ আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। এতেকে তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক জীৱিত কৰা তথা তোমালোকৰ হিচাপ নিকাচ লোৱা আদি কৰ্মই তেওঁক কেতিয়াও অপাৰগ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011004.mp3"},{"index":"5","arabicText":"اَلَاۤ اِنَّهُمْ یَثْنُوْنَ صُدُوْرَهُمْ لِیَسْتَخْفُوْا مِنْهُ ؕ اَلَا حِیْنَ یَسْتَغْشُوْنَ ثِیَابَهُمْ ۙ یَعْلَمُ مَا یُسِرُّوْنَ وَمَا یُعْلِنُوْنَ ۚ اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟","assameseTranslation":"জানি থোৱা! সিহঁতে তেওঁৰ পৰা লুকাবলৈ নিজৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।","footnotes":"","tafseer":"শুনা! দৰাচলতে মুশ্বৰিকসকলে নিজৰ বুকু জপাই ৰাখে, যাতে সিহঁতে নিজৰ বুকুত থকা সন্দেহক আল্লাহৰ পৰা গোপন কৰিব পাৰে, সিহঁত এই বিষয়ে অনভিজ্ঞ কাৰণে এনেকুৱা কৰে। জানি থোৱা! সিহঁতে যেতিয়া কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখে (যাতে নিজৰ ভিতৰোৱা কথাবোৰ গোপন ৰাখিব পাৰে), তেতিয়াও আল্লাহে সেই সকলো বিষয় সম্পৰ্কে অৱগত, যিবোৰ সিহঁতে গোপন কৰে আৰু যিবোৰ প্ৰকাশ কৰে। নিশ্চয় তেওঁ অন্তৰৰ গোপন বিষয়ে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011005.mp3"},{"index":"6","arabicText":"وَمَا مِنْ دَآبَّةٍ فِی الْاَرْضِ اِلَّا عَلَی اللّٰهِ رِزْقُهَا وَیَعْلَمُ مُسْتَقَرَّهَا وَمُسْتَوْدَعَهَا ؕ كُلٌّ فِیْ كِتٰبٍ مُّبِیْنٍ ۟","assameseTranslation":"আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব হৈছে কেৱল আল্লাহৰেই, আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কেও অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত (লওহে মাহফুজত লিপিবদ্ধ) আছে।","footnotes":"","tafseer":"পৃথিৱীত চলাচল কৰা প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব, স্বয়ং আল্লাহে নিজ অনুগ্ৰহত নিজৰ ওপৰত বহন কৰিছে। পৱিত্ৰ আল্লাহে সিহঁতৰ পৃথিৱীত থকা বাসস্থান সম্পৰ্কেও অৱগত, আৰু সিহঁতৰ সেই ঠাই সম্পৰ্কেও অৱগত, য’ত সিহঁতে মৃত্যুবৰণ কৰিব। এইদৰে সকলো প্ৰাণীৰ বিষয়ে আৰু সিহঁতৰ জীৱিকা আৰু সিহঁতৰ বাসস্থান সম্পৰ্কে, তথা সিহঁতৰ মৃত্যুবৰণ কৰা ঠাই সম্পৰ্কে বিশদ বৰ্ণনা স্পষ্ট গ্ৰন্থত উল্লেখ আছে অৰ্থাৎ লাওহে মাহফুজত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011006.mp3"},{"index":"7","arabicText":"وَهُوَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ فِیْ سِتَّةِ اَیَّامٍ وَّكَانَ عَرْشُهٗ عَلَی الْمَآءِ لِیَبْلُوَكُمْ اَیُّكُمْ اَحْسَنُ عَمَلًا ؕ وَلَىِٕنْ قُلْتَ اِنَّكُمْ مَّبْعُوْثُوْنَ مِنْ بَعْدِ الْمَوْتِ لَیَقُوْلَنَّ الَّذِیْنَ كَفَرُوْۤا اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟","assameseTranslation":"আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত; যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, আমলৰ ক্ষেত্ৰত তোমালোকৰ মাজত উত্তম কোন? আৰু যদি তুমি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া হৈছে স্পষ্ট যাদু’।","footnotes":"","tafseer":"তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে বিশাল আকাশমণ্ডল তথা পৃথিৱী আৰু উভয়ৰ মাজত থকা সকলো বস্তুকে কেৱল ছয় দিনত সৃষ্টি কৰিছে। এই দুয়োকে সৃষ্টি কৰাৰ পূৰ্বে তেওঁৰ আৰছ আছিল পানীৰ ওপৰত। হে মানৱজাতি! যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত আল্লাহক সন্তুষ্টি কৰিব পৰা সৎকৰ্মকাৰী কোন কোন আছে, আনহাতে আল্লাহক অসন্তুষ্ট কৰিব পৰা অৎসকৰ্মকাৰী কোন কোন আছে। যাতে তেওঁ প্ৰত্যেককে উপযুক্ত প্ৰতিফল দিব পাৰে। হে নবী! যদি আপুনি কয়ঃ হে মানৱজাতি! মৃত্যুৰ পিছত তোমালোকক হিচাপ-নিকাচ লোৱাৰ বাবে পুনৰ্জীৱিত কৰা হ'ব, তেতিয়া আপুনি লক্ষ্য কৰিব, আল্লাহক অস্বীকাৰকাৰী আৰু পুনৰুত্থানক নসাৎ কৰা ব্যক্তিসকলে নিশ্চয় ক'বঃ তুমি যিখন কোৰআন তিলাৱত কৰা, সেইখন হৈছে স্পষ্ট যাদু তথা প্ৰকাশ্য অসত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011007.mp3"},{"index":"8","arabicText":"وَلَىِٕنْ اَخَّرْنَا عَنْهُمُ الْعَذَابَ اِلٰۤی اُمَّةٍ مَّعْدُوْدَةٍ لَّیَقُوْلُنَّ مَا یَحْبِسُهٗ ؕ اَلَا یَوْمَ یَاْتِیْهِمْ لَیْسَ مَصْرُوْفًا عَنْهُمْ وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠","assameseTranslation":"আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখোঁ তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘শাস্তিক কিহে আটক কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰলৈ এইটো আহিব, সেইদিনা এইটোক সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়টোক সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক আগুৰি ধৰিব।","footnotes":"","tafseer":"যদি আমি মুশ্বৰিকসকলৰ পৰা সিহঁতৰ প্ৰাপ্য শাস্তি পাৰ্থিৱ জীৱনত কিছু দিনৰ বাবে স্থগিত কৰি ৰাখোঁ, তেন্তে সিহঁতে সেই শাস্তি দ্ৰুত কামনা কৰিব আৰু উপহাস কৰি ক'বঃ আমাৰ পৰা শাস্তিক কিহে প্ৰতিৰোধ কৰিছে? জানি থোৱা! আল্লাহৰ ওচৰত সিহঁতৰ প্ৰাপ্য শাস্তিৰ বাবে আছে এটা নিৰ্ধাৰিত সময়। সেই শাস্তি যিদিনা আহিব, তেতিয়া তাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰিব। সেই শাস্তি নিশ্চিতভাৱে আহিব। যি শাস্তিক সিহঁতে উপলুঙা কৰি আছে আৰু উপহাস কৰি আছে তথা সোনকালে বিচাৰি আছে, সেই শাস্তিয়েই সিহঁতক আগুৰি ধৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011008.mp3"},{"index":"9","arabicText":"وَلَىِٕنْ اَذَقْنَا الْاِنْسَانَ مِنَّا رَحْمَةً ثُمَّ نَزَعْنٰهَا مِنْهُ ۚ اِنَّهٗ لَیَـُٔوْسٌ كَفُوْرٌ ۟","assameseTranslation":"আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢ়ি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে।","footnotes":"","tafseer":"যদি আমি মানুহক কিছুমান নিয়ামত দান কৰোঁ, যেনেঃ সুস্বাস্থ্য আৰু ধন-সম্পত্তি, তাৰ পিছত সেইবোৰ যদি আমি পুনৰ কাঢ়ি লওঁ, তেন্তে সি আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰে, আৰু তেওঁৰ নিয়ামতৰ কোনো ধৰণৰ কৃতজ্ঞতা প্ৰকাশ নকৰে। আল্লাহে প্ৰদান কৰা নিয়ামত যেতিয়া কাঢ়ি লোৱা হয়, তেতিয়া সি তাৰ দ্বাৰা উপকৃত হোৱা কথাষাৰকো পাহৰি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011009.mp3"},{"index":"10","arabicText":"وَلَىِٕنْ اَذَقْنٰهُ نَعْمَآءَ بَعْدَ ضَرَّآءَ مَسَّتْهُ لَیَقُوْلَنَّ ذَهَبَ السَّیِّاٰتُ عَنِّیْ ؕ اِنَّهٗ لَفَرِحٌ فَخُوْرٌ ۟ۙ","assameseTranslation":"আৰু যদি দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সি অৱশ্যে ক’ব, ‘মোৰ পৰা বিপদ-আপদ দূৰ হৈছে’, আৰু (তেতিয়া) সি উৎফুল্লিত অহংকাৰী হৈ পৰে।","footnotes":"","tafseer":"আনহাতে যদি আমি তাক দৰিদ্ৰতা আৰু বেমাৰ-আজাৰৰ পিছত সুস্বাস্থ্য আৰু ধন-সম্পত্তিৰ সোৱাদ উপভোগ কৰাওঁ, তেন্তে সি অৱশ্যে ক'বঃ মই অনিষ্টতাৰ পৰা পৰিত্ৰাণ পাইছোঁ আৰু কষ্টৰ অন্ত পৰিছে। কিন্তু সি আল্লাহৰ কৃতজ্ঞতা আদায় নকৰে। ফলত সি আনন্দত মতলীয়া হৈ পৰে, আৰু আল্লাহৰ নিয়ামত পাই মানুহৰ আগত অহংকাৰ কৰি ফুৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011010.mp3"},{"index":"11","arabicText":"اِلَّا الَّذِیْنَ صَبَرُوْا وَعَمِلُوا الصّٰلِحٰتِ ؕ اُولٰٓىِٕكَ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ كَبِیْرٌ ۟","assameseTranslation":"কিন্তু যিসকলে ধৈৰ্য্য ধাৰণ কৰিছে আৰু সৎকৰ্ম কৰিছে (তেওঁলোকে এনেকুৱা নকৰে) তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু মহাপুৰস্কাৰ।","footnotes":"","tafseer":"কিন্তু যিসকলে কষ্টত ধৈৰ্য্য ধাৰণ কৰিছে, আৰু আনুগত্য কৰিছে, তথা গুনাহৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, লগতে সৎকৰ্ম কৰিছে, তেওঁলোকৰ অৱস্থা হৈছে ভিন্ন। তেওঁলোকৰ মাজত হতাশা বিৰাজ নকৰিব, আৰু তেওঁলোকে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতাও নকৰিব, আনকি তেওঁলোকে মানুহৰ আগত অহংকাৰো নকৰিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে নিজৰ গুনাহৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ফালৰ পৰা ক্ষমা তথা মাৰ্জনা লাভ কৰিব। লগতে তেওঁলোকৰ বাবে আখিৰাতত থাকিব মহাপ্ৰতিফল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011011.mp3"},{"index":"12","arabicText":"فَلَعَلَّكَ تَارِكٌ بَعْضَ مَا یُوْحٰۤی اِلَیْكَ وَضَآىِٕقٌ بِهٖ صَدْرُكَ اَنْ یَّقُوْلُوْا لَوْلَاۤ اُنْزِلَ عَلَیْهِ كَنْزٌ اَوْ جَآءَ مَعَهٗ مَلَكٌ ؕ اِنَّمَاۤ اَنْتَ نَذِیْرٌ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ وَّكِیْلٌ ۟ؕ","assameseTranslation":"তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু সিহঁতৰ এনেকুৱা কথাৰ বাবে তোমাৰ মন সংকুচিত হ’ব নেকি যে, ‘তাৰ ওচৰলৈ ধন-ভাণ্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? (কিন্তু হে নবী!) তুমি কেৱল এজন সতৰ্ককাৰীহে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।","footnotes":"","tafseer":"হে ৰাছুল! এনেকুৱা লাগে যেনিবা আপুনি সিহঁতৰ এই কুফুৰী, স্বৈৰাচাৰীতা আৰু নিদৰ্শন দাবীৰ কাৰণে সেই দায়িত্বও পৰিত্যাগ কৰিব, যিটো পৌঁচাই দিয়াৰ বাবে আপোনাক দায়িত্ব দিয়া হৈছে, যিটোৰ ওপৰত আমল কৰাটো সিহঁতৰ পক্ষে কঠিন। আপুনি এই বাৰ্তা পৌঁচাই দিবলৈ এই কাৰণে সংকোচবোধ কৰি আছে যে, যদি সিহঁতে কয়ঃ মুহাম্মদৰ ওপৰত ধন-ভাণ্ডাৰ কিয় অৱতীৰ্ণ নহয়, যাতে তেওঁ ধৈনাট্যৰ অন্তৰ্ভুক্ত হয়, অথবা কোনো ফিৰিস্তা কিয় নাহে, যিয়ে তেওঁৰ সমৰ্থনত থিয় দিব। এনেকুৱা আশংকাৰ ফলত আপুনি অহীৰ বাৰ্তা পৌঁচাই দিয়াত কেতিয়াও অৱহেলা নকৰিব। আপুনি কেৱলমাত্ৰ এজন সতৰ্ককাৰীহে। আপুনি সেইটোৱে প্ৰচাৰ কৰে, যিটো প্ৰচাৰ কৰাৰ দায়িত্ব আল্লাহে আপোনাক প্ৰদান কৰিছে। সিহঁতে যিবোৰ নিদৰ্শন আনিবলৈ দাবী কৰে, সেইবোৰ লৈ অহাটো আপোনাৰ দায়িত্ব নহয়। নিশ্চয় আল্লাহেই হৈছে সকলো বস্তুৰ সংৰক্ষক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011012.mp3"},{"index":"13","arabicText":"اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ؕ قُلْ فَاْتُوْا بِعَشْرِ سُوَرٍ مِّثْلِهٖ مُفْتَرَیٰتٍ وَّادْعُوْا مَنِ اسْتَطَعْتُمْ مِّنْ دُوْنِ اللّٰهِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ এইখন নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।","footnotes":"","tafseer":"বৰং মুশ্বৰিকসকলে কয়ঃ মুহাম্মদে নিজেই কোৰআন ৰচনা কৰিছে, আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা নাই। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যাহ্বান জনাই কওক যে, তেন্তে তোমালোকে এই কোৰআনৰ দৰে দহটা ছুৰা ৰচনা কৰি আনাচোন। যি কোৰআনক তোমালোকে মানৱ ৰচিত বুলি ধাৰণা কৰি আছা, সেই কোৰআনৰ দৰে সত্যতা তোমালোকে কেতিয়াও নিজে ৰচনা কৰা বাণীত প্ৰকাশ কৰিব নোৱাৰিবা। তোমালোকে ইয়াৰ বাবে যাক ইচ্ছা তাকেই এই কামত সহায়ৰ বাবে মাতি ল’ব পাৰা। যদি তোমালোকে এই দাবীত সত্যবাদী যে, কোৰআন হৈছে মানৱ ৰচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011013.mp3"},{"index":"14","arabicText":"فَاِلَّمْ یَسْتَجِیْبُوْا لَكُمْ فَاعْلَمُوْۤا اَنَّمَاۤ اُنْزِلَ بِعِلْمِ اللّٰهِ وَاَنْ لَّاۤ اِلٰهَ اِلَّا هُوَ ۚ فَهَلْ اَنْتُمْ مُّسْلِمُوْنَ ۟","assameseTranslation":"তথাপিও যদি সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা, এইটো আল্লাহৰ জ্ঞান অনুসাৰেই অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) হ’বানে?","footnotes":"","tafseer":"হে মুমিনসকল! যদি সিহঁতে অপাৰগ হয় আৰু তোমালোকৰ দাবী পূৰণ কৰিব নোৱাৰে, তেন্তে জানি থোৱা যে, নিশ্চয় আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত এই কোৰআন জানি বুজি দৃঢ় জ্ঞানৰ সৈতে অৱতীৰ্ণ কৰিছে। এয়া মানৱ ৰচিত নহয়। লগতে এইটোও জানি থোৱা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে এইবোৰ অকাট্য যুক্তি প্ৰমাণৰ পিছত তোমালোকে আল্লাহৰ আনুগত্য কৰিবলৈ সাজুনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011014.mp3"},{"index":"15","arabicText":"مَنْ كَانَ یُرِیْدُ الْحَیٰوةَ الدُّنْیَا وَزِیْنَتَهَا نُوَفِّ اِلَیْهِمْ اَعْمَالَهُمْ فِیْهَا وَهُمْ فِیْهَا لَا یُبْخَسُوْنَ ۟","assameseTranslation":"যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, আমি এনেকুৱা লোকক পৃথিৱীতেই সিহঁতৰ আমলৰ পৰিপূৰ্ণ ফলাফল প্ৰদান কৰোঁ আৰু এইক্ষেত্ৰত সিহঁতক কম দিয়া নহয়।","footnotes":"","tafseer":"যি ব্যক্তিয়ে নিজৰ কৰ্মৰ বিনিময়ত পাৰ্থিৱ জীৱন আৰু ইয়াৰ ধ্বংসশীল বস্তু উপভোগ কৰিব বিচাৰে আৰু আখিৰাতৰ প্ৰতিদান নিবিচাৰে, আমি সিহঁতৰ কৰ্মৰ প্ৰতিদান স্বাস্থ্য, শান্তি আৰু জীৱিকাৰ প্ৰশস্ততাৰ ৰূপত এই পৃথিৱীতেই দান কৰোঁ। সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়াত একো হ্ৰাস কৰা নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011015.mp3"},{"index":"16","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ لَیْسَ لَهُمْ فِی الْاٰخِرَةِ اِلَّا النَّارُ ۖؗ وَحَبِطَ مَا صَنَعُوْا فِیْهَا وَبٰطِلٌ مَّا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই; আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেইবোৰ নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেইবোৰ আছিল নিৰৰ্থক।","footnotes":"","tafseer":"এনেকুৱা তুচ্ছ আশা পোষণ কৰা ব্যক্তিসকলৰ বাবে ক্বিয়ামতৰ দিনা জাহান্নামৰ বাহিৰে আন কোনো প্ৰতিফল নাথাকিব, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু সিহঁতৰ কৰ্মৰ পূণ্যসমূহ বিনষ্ট হ'ব, তথা সিহঁতে কৰা কৰ্মসমূহ ব্যৰ্থ হ'ব। কাৰণ পৃথিৱীত সিহঁতৰ ঈমান ঠিক নাছিল আৰু সিহঁতৰ উদ্দেশ্যও ঠিক নাছিল। সৎকৰ্মৰ জৰিয়তে সিহঁতে আল্লাহৰ সন্তুষ্টি বিচৰা নাছিল আৰু আখিৰাতৰ প্ৰতিদানো কামনা কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011016.mp3"},{"index":"17","arabicText":"اَفَمَنْ كَانَ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّهٖ وَیَتْلُوْهُ شَاهِدٌ مِّنْهُ وَمِنْ قَبْلِهٖ كِتٰبُ مُوْسٰۤی اِمَامًا وَّرَحْمَةً ؕ اُولٰٓىِٕكَ یُؤْمِنُوْنَ بِهٖ ؕ وَمَنْ یَّكْفُرْ بِهٖ مِنَ الْاَحْزَابِ فَالنَّارُ مَوْعِدُهٗ ۚ فَلَا تَكُ فِیْ مِرْیَةٍ مِّنْهُ ۗ اِنَّهُ الْحَقُّ مِنْ رَّبِّكَ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"যিয়ে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ লগত আছে তেওঁৰ প্ৰেৰিত সাক্ষী লগতে যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এনেকুৱা ব্যক্তি সেইসকল লোকৰ দৰে নে যিসকলে পৃথিৱীৰ কামনাত বিভোৰ) বৰং উক্ত গুণ সম্পন্ন ব্যক্তিসকলেই এই (কোৰআনৰ) ওপৰত ঈমান পোষণ কৰে। আনহাতে বিভিন্ন দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰিব, অগ্নিয়েই হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য (গ্ৰন্থ); কিন্তু অধিকাংশ মানুহেই বিশ্বাস নকৰে।","footnotes":"","tafseer":"নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, যাৰ ওচৰত আল্লাহৰ ফালৰ পৰা অহা প্ৰমাণ আছে, আনকি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন সাক্ষীও আছে, অৰ্থাৎ জিব্ৰীল আলাইহিচ্ছালাম, লগতে তেওঁৰ নুবুওৱতৰ বিষয়ে ইতিপূৰ্বে তাওৰাতত উল্লেখ কৰা হৈছে, যিখন মুছা আলাইহিচ্ছালামৰ ওপৰত মানুহৰ বাবে আদৰ্শ তথা কৰুণা হিচাপে অৱতীৰ্ণ কৰা হৈছিল, তেওঁ আৰু মুমিনসকলে কেতিয়াও পথভ্ৰষ্টতাত পতিত কাফিৰসকলৰ সমান হ'ব নোৱাৰে। মুমিনসকলে কোৰআনৰ প্ৰতি তথা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰে, যাৰ ওপৰত কোৰআন অৱতীৰ্ণ হৈছিল। এতেকে যিয়েই ইয়াক অস্বীকাৰ কৰিব, ক্বিয়ামতৰ দিনা তাৰ ঠিকনা হ'ব জাহান্নাম। এতেকে হে ৰাছুল! আপুনি কোৰআন আৰু সেইসকল লোকৰ বাসস্থান সম্পৰ্কে সংশয় নকৰিব। এইটোৱেই সত্য, ইয়াত কোনো সন্দেহ নাই। তথাপিও অধিকাংশ লোকে স্পষ্ট সাক্ষ্য-প্ৰমাণ তথা প্ৰকাশ্য দলীল পোৱাৰ পিছতো ঈমান পোষণ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011017.mp3"},{"index":"18","arabicText":"وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا ؕ اُولٰٓىِٕكَ یُعْرَضُوْنَ عَلٰی رَبِّهِمْ وَیَقُوْلُ الْاَشْهَادُ هٰۤؤُلَآءِ الَّذِیْنَ كَذَبُوْا عَلٰی رَبِّهِمْ ۚ اَلَا لَعْنَةُ اللّٰهِ عَلَی الظّٰلِمِیْنَ ۟ۙ","assameseTranslation":"সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আৰুনো কোন হ’ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে? এনেকুৱা লোকক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ’ব আৰু সাক্ষী (ফিৰিস্তা)সকলে ক’ব, ‘ইহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল’। সাৱধান! যালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ।","footnotes":"","tafseer":"সেই ব্যক্তিতকৈ অধিক অত্যাচাৰী আৰু কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে অথবা তেওঁৰ সন্তান আছে বুলি মিছা অভিযোগ উত্থাপন কৰে। এইসকল লোকেই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে। ক্বিয়ামতৰ দিনা সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰত উপস্থিত কৰোৱা হ'ব, যাতে সিহঁতৰ কৰ্ম সম্পৰ্কে সোধ-পোচ কৰিব পাৰে। তেতিয়া ফিৰিস্তা আৰু ৰাছুলসকলৰ মাজৰ সাক্ষীসকলে ক'বঃ এইসকল লোকেই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছিল, তেওঁৰ লগত অংশীদাৰ স্থাপন কৰিছিল আৰু তেওঁৰ সন্তান আছে বুলি মিছা অভিযোগ কৰিছিল। জানি থোৱা! আল্লাহৰ প্ৰতি মিছা অভিযোগ কৰি নিজেই নিজৰ প্ৰতি অন্যায় কৰা ব্যক্তিসকলক আল্লাহে নিজৰ কৃপাৰ পৰা বঞ্চিত ৰাখিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011018.mp3"},{"index":"19","arabicText":"الَّذِیْنَ یَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَیَبْغُوْنَهَا عِوَجًا ؕ وَهُمْ بِالْاٰخِرَةِ هُمْ كٰفِرُوْنَ ۟","assameseTranslation":"যিসকলে আল্লাহৰ পথত (মানুহক) বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী।","footnotes":"","tafseer":"যিসকলে মানুহক সঠিক পথৰ পৰা বিৰত ৰাখে, আৰু নিজৰ বক্ৰ পথক পোন পথৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰে, যাতে কোনেও সেই পথত পৰিচালিত হ'ব নোৱাৰে। সেইসকল লোকেই মৃত্যুৰ পিছত হ'বলগীয়া পুনৰুত্থানক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011019.mp3"},{"index":"20","arabicText":"اُولٰٓىِٕكَ لَمْ یَكُوْنُوْا مُعْجِزِیْنَ فِی الْاَرْضِ وَمَا كَانَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ اَوْلِیَآءَ ۘ یُضٰعَفُ لَهُمُ الْعَذَابُ ؕ مَا كَانُوْا یَسْتَطِیْعُوْنَ السَّمْعَ وَمَا كَانُوْا یُبْصِرُوْنَ ۟","assameseTranslation":"পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈও নাছিল।","footnotes":"","tafseer":"আল্লাহৰ শাস্তি যেতিয়া অৱতীৰ্ণ হ'ব তেতিয়া এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলে কেতিয়াও তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম নহ'ব। আনকি তেতিয়া সিহঁতৰ এনেকুৱা কোনো বন্ধু তথা সহায়কো নাথাকিব, যিসকলে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব। ক্বিয়ামতৰ দিনা সিহঁতৰ শাস্তি বৃদ্ধি কৰা হ'ব, কাৰণ সিহঁতে নিজকে আৰু আনকো আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছিল। পৃথিৱীত সিহঁতে স্বীকাৰ বা গ্ৰহণ কৰাৰ উদ্দেশ্যে সত্য কথা তথা হিদায়তৰ কথা শুনা নাছিল, আনকি বিশ্বজগতত বিস্তৃত আল্লাহৰ নিদৰ্শনবোৰকো সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে দেখা নাছিল। কাৰণ সিহঁতে সত্যৰ পৰা অতি কঠিনৰূপে বিমুখ হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011020.mp3"},{"index":"21","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟","assameseTranslation":"ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যিবোৰ মিছা (উপাস্যক) কল্পনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গৈছে।","footnotes":"","tafseer":"এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি নিজকে ধ্বংসৰ পথত অৱতীৰ্ণ কৰিছে আৰু নিজৰেই ক্ষতি সাধন কৰিছে। কিন্তু সিহঁতে বনাই লোৱা মধ্যস্ততাকাৰী আৰু অংশীসকল, সিহঁতৰ পৰাই পলায়ন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011021.mp3"},{"index":"22","arabicText":"لَا جَرَمَ اَنَّهُمْ فِی الْاٰخِرَةِ هُمُ الْاَخْسَرُوْنَ ۟","assameseTranslation":"এইটো সুনিশ্চিত যে, নিঃসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব।","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা এইসকল লোকেই ভীষণ ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ'ব। কিয়নো সিহঁতে ঈমানৰ পৰিবৰ্তে কুফৰ আৰু আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱন, লগতে দয়াৰ পৰিবৰ্তে শাস্তিক অগ্ৰাধিকাৰ দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011022.mp3"},{"index":"23","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَاَخْبَتُوْۤا اِلٰی رَبِّهِمْ ۙ اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই হ’ব জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছে, লগতে সৎকৰ্ম কৰে আৰু আল্লাহক ভয় কৰে আৰু তেওঁৰ আনুগত্য কৰে, তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, য’ত তেওঁলোকে চিৰকাল থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011023.mp3"},{"index":"24","arabicText":"مَثَلُ الْفَرِیْقَیْنِ كَالْاَعْمٰی وَالْاَصَمِّ وَالْبَصِیْرِ وَالسَّمِیْعِ ؕ هَلْ یَسْتَوِیٰنِ مَثَلًا ؕ اَفَلَا تَذَكَّرُوْنَ ۟۠","assameseTranslation":"দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ, আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণশক্তিসম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ’ব পাৰেনে? (কেতিয়াও নহয়) তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?","footnotes":"","tafseer":"কাফিৰ আৰু মুমিন, উভয় দলৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- অন্ধ ব্যক্তিয়ে যিদৰে দেখিব নোৱাৰে আৰু কলাই যিদৰে শুনিব নোৱাৰে, ঠিক সেইদৰে কাফিৰসকলে সত্যক স্বীকাৰ তথা গ্ৰহণ কৰাৰ উদ্দেশ্যে নুশুনে, আনকি উপকৃত হোৱাৰ উদ্দেশ্যেও নেদেখে। পক্ষান্তাৰে মুমিনসকলৰ উদাহৰণ হৈছে, এনেকুৱা ব্যক্তিৰ নিচিনা যিয়ে শুনিব পাৰে আৰু দেখিবও পাৰে। অৰ্থাৎ তেওঁলোকৰ মাজত দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটাই আছে। এতেকে এই দুটা দলৰ বৈশিষ্ট্য আৰু অৱস্থা সমান হ'ব পাৰেনে? জানি থোৱা! এই দুয়োটা দল কেতিয়াও সমান হ'ব নোৱাৰে। তোমালোকে এই দুয়ো দলৰ বৈষম্যৰ পৰা কিবা শিক্ষা পালানে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011024.mp3"},{"index":"25","arabicText":"وَلَقَدْ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖۤ ؗ اِنِّیْ لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۙ","assameseTranslation":"নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলোঁ। (তেওঁ কৈছিল,) ‘নিশ্চয় মই হৈছোঁ তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’।","footnotes":"","tafseer":"নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! নিশ্চয় মই এজন সতৰ্ককাৰী, তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। তথা মোক যি প্ৰদান কৰি তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে, সেয়া মই স্পষ্টৰূপে বৰ্ণনা কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011025.mp3"},{"index":"26","arabicText":"اَنْ لَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ اِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ اَلِیْمٍ ۟","assameseTranslation":"তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ।","footnotes":"","tafseer":"আৰু মই তোমালোকক কেৱল এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰোঁ। এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। নিশ্চয় মই তোমালোকৰ প্ৰতি এটা কষ্টদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011026.mp3"},{"index":"27","arabicText":"فَقَالَ الْمَلَاُ الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖ مَا نَرٰىكَ اِلَّا بَشَرًا مِّثْلَنَا وَمَا نَرٰىكَ اتَّبَعَكَ اِلَّا الَّذِیْنَ هُمْ اَرَاذِلُنَا بَادِیَ الرَّاْیِ ۚ وَمَا نَرٰی لَكُمْ عَلَیْنَا مِنْ فَضْلٍۢ بَلْ نَظُنُّكُمْ كٰذِبِیْنَ ۟","assameseTranslation":"তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছোঁ, লগতে আমি দেখি আছোঁ তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে, বাহ্যিক দৃষ্টিত যিসকল আমাৰ মাজত অধম আৰু আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব আমি দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি গণ্য কৰোঁ’।","footnotes":"","tafseer":"কিন্তু তেওঁৰ সম্প্ৰদায়ৰ গণ্যমান্য আৰু প্ৰমূখ কাফিৰ নেতাসকলে ক'লেঃ আমি তোমাৰ আহ্বানক কেতিয়াও স্বীকাৰ নকৰোঁ। কাৰণ তোমাৰ মাজত এনেকুৱা কোনো বৈশিষ্ট্য নাই যিটো আমাৰ মাজত নাই। তুমিও আমাৰ দৰেই এজন মানুহ। লগতে আমি লক্ষ্য কৰিছোঁ যে, তোমাৰ অনুসৰণ কেৱল আমাৰ মাজৰ নিম্নবৰ্গৰ লোকসকলেহে কৰে। এই কাৰণেও যে, তোমাৰ ওচৰত এনেকুৱা কোনো মান-মৰ্যাদা, ধন-সম্পদ আৰু প্ৰতিষ্ঠা নাই, যাৰ ফলত আমি তোমাক অনুসৰণ কৰিম। বৰং আমি তোমাক তোমাৰ এই দাবীত মিছলীয়া বুলি ভাবোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011027.mp3"},{"index":"28","arabicText":"قَالَ یٰقَوْمِ اَرَءَیْتُمْ اِنْ كُنْتُ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّیْ وَاٰتٰىنِیْ رَحْمَةً مِّنْ عِنْدِهٖ فَعُمِّیَتْ عَلَیْكُمْ ؕ اَنُلْزِمُكُمُوْهَا وَاَنْتُمْ لَهَا كٰرِهُوْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ (নবুওৱত) দান কৰি থাকে, আৰু সেইটো যদি তোমালোকৰ চকুত নপৰে, তেন্তে মই তোমালোকক সেইটো মানিবলৈ বাধ্য কৰিম নেকি, অথচ তোমালোকে সেইটোক অপছন্দ কৰা’?","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! কোৱাচোন! মই যদি মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ, যি প্ৰমাণে মোৰ সত্যতাক সমৰ্থন কৰে, আৰু মোৰ সত্যতাক মানিবলৈ যদি তোমালোকৰ ওপৰত অনিবাৰ্য্য কৰা হয়, (তথাপিও তোমালোকে অস্বীকাৰ কৰিবানে?) অথচ তেওঁ মোক কৃপা কৰিছে অৰ্থাৎ নুবুওৱত আৰু ৰিছালত প্ৰদান কৰিছে। কিন্তু তোমালোকৰ অজ্ঞানতাৰ কাৰণে বিষয়টো তোমালোকৰ ওচৰত স্পষ্ট হোৱা নাই। তেনে পৰিস্থিতিত মই তোমালোকক ঈমান আনিবলৈ বাধ্য কৰিব পাৰিমনে? তোমালোকৰ অপছন্দ সত্ত্বেও সেয়া তোমালোকৰ অন্তৰত প্ৰৱেশ কৰাব পাৰিমনে? নিশ্চয় মই নোৱাৰিম। কাৰণ ঈমান পোষণ কৰাৰ তাওফীক কেৱল মাত্ৰ আল্লাহে প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011028.mp3"},{"index":"29","arabicText":"وَیٰقَوْمِ لَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مَالًا ؕ اِنْ اَجْرِیَ اِلَّا عَلَی اللّٰهِ وَمَاۤ اَنَا بِطَارِدِ الَّذِیْنَ اٰمَنُوْا ؕ اِنَّهُمْ مُّلٰقُوْا رَبِّهِمْ وَلٰكِنِّیْۤ اَرٰىكُمْ قَوْمًا تَجْهَلُوْنَ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! ইয়াৰ বিনিময়ত মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰোঁ। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিপালকক সাক্ষাৎ কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক হৈছা এটা অজ্ঞ সম্প্ৰদায়’।","footnotes":"","tafseer":"হে মোৰ সম্প্ৰদায়ৰ লোকসকল! এই বাৰ্তা পৌঁচাই দিবলৈ মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, মোক প্ৰতিফল দিয়াৰ দায়িত্ব হৈছে কেৱল আল্লাহৰ। আনহাতে মই মোৰ বৈঠকৰ পৰা দৰিদ্ৰ লোকসকলকো বিৰত ৰাখিব নোৱাৰিম, যিসকলক বিৰত ৰাখিবলৈ তোমালোকে দাবী কৰি আছা। নিশ্চয় তেওঁলোকে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু তেৱেঁই তেওঁলোকক তেওঁলোকৰ ঈমানৰ প্ৰতিফল প্ৰদান কৰিব। কিন্তু মই যি দেখিছোঁ তোমালোকে দাৱাতৰ বাস্তৱিকতা সম্পৰ্কে অনভিজ্ঞ, সেই কাৰণেই তোমালোকে দুৰ্বল মুমিনসকলক খেদি পঠিওৱাৰ দাবী কৰি আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011029.mp3"},{"index":"30","arabicText":"وَیٰقَوْمِ مَنْ یَّنْصُرُنِیْ مِنَ اللّٰهِ اِنْ طَرَدْتُّهُمْ ؕ اَفَلَا تَذَكَّرُوْنَ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! মই যদি তেওঁলোকক খেদি পঠিয়াওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা (ৰক্ষা কৰিবলৈ) মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?","footnotes":"","tafseer":"হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যদি মই কোনো কাৰণ অবিহনে এই মুমিনসকলক অন্যায়ভাৱে খেদি পঠিয়াওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? তোমালোকে অলপো শিক্ষা গ্ৰহণ নকৰানে? আৰু এনেকুৱা কৰ্ম কৰাৰ প্ৰয়াস কিয় নকৰা, যিটো অধিক লাভদায়ক তথা ফলপ্ৰসূ?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011030.mp3"},{"index":"31","arabicText":"وَلَاۤ اَقُوْلُ لَكُمْ عِنْدِیْ خَزَآىِٕنُ اللّٰهِ وَلَاۤ اَعْلَمُ الْغَیْبَ وَلَاۤ اَقُوْلُ اِنِّیْ مَلَكٌ وَّلَاۤ اَقُوْلُ لِلَّذِیْنَ تَزْدَرِیْۤ اَعْیُنُكُمْ لَنْ یُّؤْتِیَهُمُ اللّٰهُ خَیْرًا ؕ اَللّٰهُ اَعْلَمُ بِمَا فِیْۤ اَنْفُسِهِمْ ۖۚ اِنِّیْۤ اِذًا لَّمِنَ الظّٰلِمِیْنَ ۟","assameseTranslation":"‘আৰু মই তোমালোকক এই বুলিও নকওঁ যে, ‘মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে’। মই গায়েব নাজানো আৰু মই এই বুলিও নকওঁ যে, ‘মই এজন ফিৰিস্তা’। তোমালোকৰ দৃষ্টিত যিসকল হীন, সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে, ‘আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব’; সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহেই অধিক অৱগত। (যদি মই উক্ত কথাবোৰ কোৱাহেঁতেন) তেন্তে নিশ্চয় মই যালিমসকলৰ অন্তৰ্ভুক্ত হ'ম’।","footnotes":"","tafseer":"হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই এইটো দাবী নকৰোঁ যে, মোৰ ওচৰত আল্লাহৰ ধন ভাণ্ডাৰ আছে, য’ত জীৱিকা আছে আৰু তোমালোকে ঈমান পোষণ কৰিলে সেয়া মই তোমালোকৰ মাজত বন্টন কৰিম। লগতে মই এইটোও দাবী নকৰোঁ যে, মই অদৃশ্য জ্ঞানৰ অধিকাৰী, তথা মই তোমালোকক এইটোও নকওঁ যে, মই হৈছোঁ এজন ফিৰিস্তা। বৰং মই তোমালোকৰ দৰেই এজন মানুহ। লগতে মই সেইসকল দুখীয়ালোকৰ বিষয়েও এইটো নকওঁ যে, আল্লাহে তেওঁলোকক হিদায়তৰ তাওফীক প্ৰদান নকৰিব, যিসকলক তোমালোকে ঘৃণাৰ চকুৰে চোৱা। নিশ্চয় আল্লাহ তেওঁলোকৰ অৱস্থা আৰু নিয়্যত সম্পৰ্কে সৰ্বাধিক জ্ঞাত। যদি মই এনেকুৱা দাবী কৰোঁ তেন্তে ময়ো অত্যাচাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকল আল্লাহৰ শাস্তিৰ উপযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011031.mp3"},{"index":"32","arabicText":"قَالُوْا یٰنُوْحُ قَدْ جٰدَلْتَنَا فَاَكْثَرْتَ جِدَالَنَا فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে নূহ! তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰিছা--- অতিমাত্ৰা বাক-বিতণ্ডা কৰিছা; গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে তুমি আমাক যি প্ৰতিশ্ৰুতি দিছা, সেয়া আমাৰ ওচৰলৈ লৈ আহা’।","footnotes":"","tafseer":"সিহঁতে অহংকাৰ তথা স্বৈৰাচাৰীতা অৱলম্বন কৰি ক'লেঃ হে নূহ! তুমি আমাৰ লগত যথেষ্ট বাদানুবাদ কৰিছা আৰু বিতৰ্ক কৰিছা। এতিয়া তুমি সেই শাস্তি আনি দেখুৱা, যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা, যদি তুমি নিজৰ দাবীত সত্যবাদী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011032.mp3"},{"index":"33","arabicText":"قَالَ اِنَّمَا یَاْتِیْكُمْ بِهِ اللّٰهُ اِنْ شَآءَ وَمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘সেইটো আল্লাইহে তোমালোকৰ সন্মুখত আনিব পাৰিব যদি তেওঁ ইচ্ছা কৰে, আৰু তেওঁক তোমালোকে ব্যৰ্থ কৰিব নোৱাৰিবা’।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে সিহঁতক ক'লেঃ মই শাস্তি আনিব নোৱাৰিম। আল্লাহে ইচ্ছা কৰিলেহে সেইটো তোমালোকৰ ওপৰত অৱতীৰ্ণ হ'ব। এতেকে তেওঁ যদি তোমালোকক শাস্তি বিহিব বিচাৰে তেন্তে তোমালোকে কেতিয়াও তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পাব নোৱাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011033.mp3"},{"index":"34","arabicText":"وَلَا یَنْفَعُكُمْ نُصْحِیْۤ اِنْ اَرَدْتُّ اَنْ اَنْصَحَ لَكُمْ اِنْ كَانَ اللّٰهُ یُرِیْدُ اَنْ یُّغْوِیَكُمْ ؕ هُوَ رَبُّكُمْ ۫ وَاِلَیْهِ تُرْجَعُوْنَ ۟ؕ","assameseTranslation":"‘যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে তেন্তে মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব। তেৱেঁই তোমালোকৰ প্ৰতিপালক, তেওঁৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব’।","footnotes":"","tafseer":"মোৰ উপদেশ আৰু মোৰ সতৰ্ক বাণীয়ে তোমালোকক কোনো উপকাৰ নকৰিব, যদি আল্লাহেই তোমালোকক সঠিক পথৰ পৰা দূৰত ৰাখিবলৈ আৰু তোমালোকৰ স্বৈৰাচাৰীতাৰ কাৰণে তোমালোকক হিদায়তৰ পৰা বিৰত ৰাখিবলৈ মনস্থ কৰিছে। তেৱেঁই হৈছে তোমালোকৰ প্ৰতিপালক। তোমালোকৰ সকলো কৰ্ম তেওঁৰেই অধীনস্থ। তেওঁ ইচ্ছা কৰিলে তোমালোকক বিপথে পৰিচালিত কৰিব পাৰে। কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। তেতিয়া তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011034.mp3"},{"index":"35","arabicText":"اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ؕ قُلْ اِنِ افْتَرَیْتُهٗ فَعَلَیَّ اِجْرَامِیْ وَاَنَا بَرِیْٓءٌ مِّمَّا تُجْرِمُوْنَ ۟۠","assameseTranslation":"অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ এইখন নিজেই ৰচনা কৰিছে’? কোৱা, ‘যদি মই এইখন নিজেই ৰচনা কৰিছোঁ তেন্তে এই অপৰাধৰ বাবে ময়েই দায়ী হ'ম। কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই’।","footnotes":"","tafseer":"নূহ সম্প্ৰদায়ৰ লোকসকলে নিজৰ কুফুৰী কাৰ্যৰ কাৰণে ধাৰণা কৰিছিল যে, নূহ আলাইহিচ্ছালামে যি ধৰ্মলৈ আহিছে সেয়া তেওঁৰ নিজে বনোৱা ধৰ্ম। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি এইখন মই নিজে বনাইছোঁ, তেন্তে ইয়াৰ যি শাস্তি হ'ব সেয়া ময়ে ভোগ কৰিম। কিন্তু তোমালোকে যে অস্বীকাৰ কৰি আছা, সেই গুনাহ কিন্তু মই বহন নকৰোঁ। মই ইয়াৰ পৰা সম্পূৰ্ণ মুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011035.mp3"},{"index":"36","arabicText":"وَاُوْحِیَ اِلٰی نُوْحٍ اَنَّهٗ لَنْ یُّؤْمِنَ مِنْ قَوْمِكَ اِلَّا مَنْ قَدْ اٰمَنَ فَلَا تَبْتَىِٕسْ بِمَا كَانُوْا یَفْعَلُوْنَ ۟ۚۖ","assameseTranslation":"আৰু নূহৰ প্ৰতি অহী কৰা হ’ল, ‘যিসকলে ঈমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ঈমান পোষণ নকৰিব। গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহ’বা’।","footnotes":"","tafseer":"আল্লাহে নূহ আলাইহিচ্ছালামৰ পিনে অহী কৰি ক'লেঃ হে নূহ! তোমাৰ সম্প্ৰদায়ৰ যিসকলে এতিয়ালৈ ঈমান পোষণ কৰিছে, ইয়াৰ বাহিৰে আন কোনেও ঈমান পোষণ নকৰিব। এতেকে হে নূহ! সিহঁতৰ এই দীৰ্ঘ সময়ছোৱাত কৰা উপহাস আৰু অস্বীকাৰৰ বাবে তুমি মনত কষ্ট নল’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011036.mp3"},{"index":"37","arabicText":"وَاصْنَعِ الْفُلْكَ بِاَعْیُنِنَا وَوَحْیِنَا وَلَا تُخَاطِبْنِیْ فِی الَّذِیْنَ ظَلَمُوْا ۚ اِنَّهُمْ مُّغْرَقُوْنَ ۟","assameseTranslation":"‘তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অহী অনুযায়ী এখন নাও নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা; নিশ্চয় সিহঁতক পানীত ডুবোৱা হ’ব’।","footnotes":"","tafseer":"এতেকে তুমি আমাৰ চকুৰ সন্মুখতে আমাৰ সুৰক্ষা বেষ্টনীৰ মাজত থাকি, নাও নিৰ্মাণ সম্পৰ্কীয় অহীৰ অনুসৰণ কৰি এখন নাও তৈয়াৰ কৰা। লগতে যিসকলে কুফুৰী কৰি নিজৰ ওপৰত অন্যায় কৰিছে, সিহঁতক অৱকাশ দিয়াৰ উদ্দেশ্যে তুমি মোৰ ওচৰত কোনো নিবেদন নকৰিবা। সিহঁত নিশ্চিতৰূপে তুফানৰ জৰিয়তে ধ্বংস হ'ব। এয়া হৈছে কুফুৰীৰ ওপৰত সিহঁতৰ অটল থকাৰ পৰিণাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011037.mp3"},{"index":"38","arabicText":"وَیَصْنَعُ الْفُلْكَ ۫ وَكُلَّمَا مَرَّ عَلَیْهِ مَلَاٌ مِّنْ قَوْمِهٖ سَخِرُوْا مِنْهُ ؕ قَالَ اِنْ تَسْخَرُوْا مِنَّا فَاِنَّا نَسْخَرُ مِنْكُمْ كَمَا تَسْخَرُوْنَ ۟ؕ","assameseTranslation":"আৰু তেওঁ নাও নিৰ্মাণ কৰিবলৈ ধৰিলে, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল, তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল; তেওঁ কৈছিল, ‘তোমালোকে যদি আমাকলৈ উপহাস কৰা, তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা’।","footnotes":"","tafseer":"ইয়াৰ পিছত নূহ আলাইহিচ্ছালামে আল্লাহৰ আদেশ পালন কৰি নাও নিৰ্মাণ কৰা আৰম্ভ কৰিলে। যেতিয়াই তেওঁৰ ওচৰেৰে তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ লোকসকলে অহা-যোৱা কৰিছিল, তেতিয়াই সিহঁতে তেওঁক দেখি উপহাস আৰু বিদ্ৰুপমূলকভাৱে কৈছিলঃ এওঁ এনেকুৱা ভূমিত নাও বনাই আছে, য’ত কোনো নদীৰ অস্তিত্বই নাই তথা পানীও নাই। যেতিয়া সিহঁতে বাৰে বাৰে তেওঁক উপহাস কৰিবলৈ ধৰিলে, তেতিয়া নূহ আলাইহিচ্ছালামে সিহঁতক উদ্দেশ্যি ক'লেঃ হে নেতাসকল! আমাৰ এই নাও নিৰ্মাণক কেন্দ্ৰ কৰি আজি যদি তোমালোকে আমাক উপহাস কৰি আছা, তেন্তে শুনা! আমিও এদিন তোমালোকক উপহাস কৰিম, কাৰণ তোমালোকে নিজৰ পৰিণাম সম্পৰ্কে অৱগত নহয়, এদিন তোমালোকে ডুবি মৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011038.mp3"},{"index":"39","arabicText":"فَسَوْفَ تَعْلَمُوْنَ ۙ مَنْ یَّاْتِیْهِ عَذَابٌ یُّخْزِیْهِ وَیَحِلُّ عَلَیْهِ عَذَابٌ مُّقِیْمٌ ۟","assameseTranslation":"এতেকে তোমালোকে শীঘ্ৰেই জানিব পাৰিবা, কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব, আৰু তাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি।","footnotes":"","tafseer":"শীঘ্ৰেই তোমালোকে জানিব পাৰিবা, পৃথিৱীত কাৰ ওপৰত অপমানজনক আৰু লাঞ্ছনাদায়ক শাস্তি আহিব, লগতে আখিৰাতত তাৰ বাবে থাকিব নিৰৱচ্ছিন্ন চিৰস্থায়ী শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011039.mp3"},{"index":"40","arabicText":"حَتّٰۤی اِذَا جَآءَ اَمْرُنَا وَفَارَ التَّنُّوْرُ ۙ قُلْنَا احْمِلْ فِیْهَا مِنْ كُلٍّ زَوْجَیْنِ اثْنَیْنِ وَاَهْلَكَ اِلَّا مَنْ سَبَقَ عَلَیْهِ الْقَوْلُ وَمَنْ اٰمَنَ ؕ وَمَاۤ اٰمَنَ مَعَهٗۤ اِلَّا قَلِیْلٌ ۟","assameseTranslation":"অৱশেষত যেতিয়া আমাৰ আদেশ আহি পৰিল আৰু চৌকা উথলি উঠিল, আমি ক’লোঁ, ‘প্ৰত্যেক জাতৰে এযোৰ এযোৰকৈ (প্ৰাণী) নাৱত তুলি লোৱা, লগতে তোমাৰ পৰিয়ালকো তুলি লোৱা কিন্তু যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে, আৰু অন্যান্য মুমিনসকলকো তুলি লোৱা। প্ৰকৃততে তেওঁৰ সৈতে কিছুসংখ্যক লোকেহে ঈমান আনিছিল’।","footnotes":"","tafseer":"ইপিনে নূহ আলাইহিচ্ছালামে নাও নিৰ্মাণৰ কাম সম্পন্ন কৰিলে যিটো বনাবলৈ আল্লাহে তেওঁক নিৰ্দেশ দিছিল। অৱশেষত সিহঁতক ধ্বংস কৰাৰ আদেশ যেতিয়া আহিল, তুফানৰ আগজাননী হিচাপে চৌকাৰ পৰা পানী উথলি উঠিল, য’ত সিহঁতে খাদ্য প্ৰস্তুত কৰিছিল। তেতিয়া আমি নূহ আলাইহিচ্ছালামক ক'লোঁঃ পৃথিৱীত পোৱা সকলো প্ৰকাৰ জীৱ-জন্তুৰ পৰাই এযোৰ এযোৰকৈ মতা আৰু মাইকী নাৱত তুলি লোৱা। তোমাৰ পৰিয়ালৰ লোকসকলকো তুলি লোৱা, কিন্তু এনেকুৱা ব্যক্তিক আৰোহণ নকৰাবা, যাৰ বিষয়ে পূৰ্বেই সিদ্ধান্ত হৈছে যে, সি ডুবি মৰিব, কাৰণ সি ঈমান পোষণ কৰা নাই। এতেকে তোমাৰ সম্প্ৰদায়ৰ প্ৰত্যেক সেই ব্যক্তিক আৰোহণ কৰোৱা, যিয়ে ঈমান পোষণ কৰিছে। তেওঁৰ সম্প্ৰদায়ৰ অতি কমসংখ্যক লোকেহে তেওঁৰ প্ৰতি ঈমান পোষণ কৰিছিল। যদিও তেওঁ এটা দীৰ্ঘ সময়লৈকে সিহঁতৰ মাজত থাকি সিহঁতক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিবলৈ আহ্বান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011040.mp3"},{"index":"41","arabicText":"وَقَالَ ارْكَبُوْا فِیْهَا بِسْمِ اللّٰهِ مَؔجْرٖىهَا وَمُرْسٰىهَا ؕ اِنَّ رَبِّیْ لَغَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"আৰু তেওঁ ক’লে, ‘তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ’ব আল্লাহৰ নামত, নিশ্চয় মোৰ প্ৰতিপালক, অতি ক্ষমাশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে নিজ পৰিয়ালৰ আৰু তেওঁৰ সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল তেওঁলোকক সম্বোধন কৰি ক'লেঃ তোমালোকে নাৱত আৰোহণ কৰা। আল্লাহৰ নামত এই নাও গতি কৰিব আৰু তেওঁৰ নামতে স্থিৰ হ'ব। নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। এইটো তেওঁৰ দয়াৰেই প্ৰতীক যে, তেওঁ মুমিনসকলক ধ্বংসৰ পৰা ৰক্ষা কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011041.mp3"},{"index":"42","arabicText":"وَهِیَ تَجْرِیْ بِهِمْ فِیْ مَوْجٍ كَالْجِبَالِ ۫ وَنَادٰی نُوْحُ بْنَهٗ وَكَانَ فِیْ مَعْزِلٍ یّٰبُنَیَّ ارْكَبْ مَّعَنَا وَلَا تَكُنْ مَّعَ الْكٰفِرِیْنَ ۟","assameseTranslation":"আৰু সেই নাওখনে পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক মাতিলে, যিজন আছিল ভিন্ন স্থানত, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সংগী নহ’বা’।","footnotes":"","tafseer":"ইপিনে মানুহ আৰু বয়-বস্তুৰে ভৰা নাও, পৰ্বত সদৃশ তৰঙ্গৰ মাজেৰে গতি কৰিলে, আৰু নূহ আলাইহিচ্ছালামে পিতৃ মোহত পৰি কাফিৰ পুত্ৰক মাতিলে, অথচ সি নিজ পিতৃ আৰু সম্প্ৰদায়ৰ পৰা পৃথক ঠাইত অৱস্থান কৰিছিল- হে মোৰ চেনেহৰ পুত্ৰ! আমাৰ লগত নাৱত আৰোহণ কৰা, যাতে তুমি ইয়াৰ পৰা ৰক্ষা পোৱা, আৰু কাফিৰসকলৰ সঙ্গ অৱলম্বন নকৰিবা, অন্যথা সিহঁতৰ সৈতে তুমিও ডুবি ধ্বংস হৈ যাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011042.mp3"},{"index":"43","arabicText":"قَالَ سَاٰوِیْۤ اِلٰی جَبَلٍ یَّعْصِمُنِیْ مِنَ الْمَآءِ ؕ قَالَ لَا عَاصِمَ الْیَوْمَ مِنْ اَمْرِ اللّٰهِ اِلَّا مَنْ رَّحِمَ ۚ وَحَالَ بَیْنَهُمَا الْمَوْجُ فَكَانَ مِنَ الْمُغْرَقِیْنَ ۟","assameseTranslation":"সি ক’লে, ‘ (নালাগে দিয়ক) মই কোনো এখন পৰ্বতত গৈ আশ্ৰয় লম যিয়ে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত অন্তৰায় হৈ পৰিল, ফলত সি ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’।","footnotes":"","tafseer":"নূহৰ পুত্ৰই তেওঁক ক'লেঃ মই কোনো ওখ পৰ্বতত আশ্ৰয় লমগৈ। যাতে মোক পানীয়ে চুব নোৱাৰে। নূহ আলাইহিচ্ছালামে তেওঁৰ পুত্ৰক ক'লেঃ আজি প্লাৱনত ডুবাই মৰা আল্লাহৰ এই শাস্তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰিব, কেৱল তেওঁহে ৰক্ষা পাব। এই কথাপোকথনৰ সময়তেই প্ৰকাণ্ড ঢৌৱে পিতা পুত্ৰক বিচ্ছিন্ন কৰিলে, আৰু কুফুৰীৰ কাৰণে তেওঁৰ পুত্ৰই মহা প্লাৱনত পতিত হৈ ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011043.mp3"},{"index":"44","arabicText":"وَقِیْلَ یٰۤاَرْضُ ابْلَعِیْ مَآءَكِ وَیٰسَمَآءُ اَقْلِعِیْ وَغِیْضَ الْمَآءُ وَقُضِیَ الْاَمْرُ وَاسْتَوَتْ عَلَی الْجُوْدِیِّ وَقِیْلَ بُعْدًا لِّلْقَوْمِ الظّٰلِمِیْنَ ۟","assameseTranslation":"অৱশেষত কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তৱায়িত হ’ল; আৰু নাওখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায় ধ্বংস হওক’।","footnotes":"","tafseer":"তুফান শেষ হোৱাৰ পিছত আল্লাহে পৃথিৱীক আদেশ কৰি ক'লেঃ হে পৃথিৱী! তোমাৰ পৃষ্ঠত থকা পানীক শুহি লোৱা, আৰু আকাশক ক'লেঃ হে আকাশ! এতিয়া ক্ষেন্ত হোৱা, পানী বৰ্ষণ নকৰিবা। ফলত পানী কমিবলৈ ধৰিলে, অৱশেষ ভূপৃষ্ঠ শুকাই গ’ল। এইদৰে আল্লাহে কাফিৰসকলক ধ্বংস কৰিলে, আৰু নাও গৈ জুদী পৰ্বতত অৱস্থান কৰিলে। লগতে কোৱা হ'লঃ ধ্বংস হওক সেইসকল লোক, যিসকলে কুফুৰী কৰ্মৰ জৰিয়তে আল্লাহৰ সীমালঙ্ঘন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011044.mp3"},{"index":"45","arabicText":"وَنَادٰی نُوْحٌ رَّبَّهٗ فَقَالَ رَبِّ اِنَّ ابْنِیْ مِنْ اَهْلِیْ وَاِنَّ وَعْدَكَ الْحَقُّ وَاَنْتَ اَحْكَمُ الْحٰكِمِیْنَ ۟","assameseTranslation":"আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰে অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত সহায় বিচাৰি প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ পুত্ৰ মোৰ পৰিয়ালৰেই সদস্য, তুমি দেখোন মোৰ পৰিয়ালক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলা, আৰু তোমাৰ প্ৰতিশ্ৰুতি চিৰসত্য, যিটো ভঙ্গ হোৱাৰ কোনো প্ৰশ্নই নুঠে। নিশ্চয় তুমি ন্যায়বিচাৰক আৰু সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011045.mp3"},{"index":"46","arabicText":"قَالَ یٰنُوْحُ اِنَّهٗ لَیْسَ مِنْ اَهْلِكَ ۚ اِنَّهٗ عَمَلٌ غَیْرُ صَالِحٍ ۖؗۗ فَلَا تَسْـَٔلْنِ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ ؕ اِنِّیْۤ اَعِظُكَ اَنْ تَكُوْنَ مِنَ الْجٰهِلِیْنَ ۟","assameseTranslation":"আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। অৱশ্যে সি হৈছে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিওঁ যে, তুমি অজ্ঞসকলৰ অন্তৰ্ভুক্ত নহ’বা’।","footnotes":"","tafseer":"আল্লাহে নূহ আলাইহিচ্ছালামক সম্বোধন কৰি ক'লেঃ হে নূহ! তুমি তোমাৰ যি পুত্ৰৰ বিষয়ে সহায় বিচাৰি প্ৰাৰ্থনা কৰি আছা, সি তোমাৰ পৰিয়ালৰ সদস্যই নহয়, মই তোমাক প্ৰতিশ্ৰুতি দিছিলোঁ কেৱল তোমাৰ পৰিয়ালকহে ৰক্ষা কৰিম। কাৰণ সি হৈছে কাফিৰ। আনহাতে হে নূহ! তোমাৰ আবেদনো উপযুক্ত আবেদন নহয়, আৰু এইটো তোমাৰ মৰ্যাদাৰ বাবেও সমীচীন নহয়। এতেকে ভৱিষ্যতে তুমি মোৰ ওচৰলৈ এনেকুৱা আবেদন নকৰিবা, যি বিষয়ত তোমাৰ কোনো জ্ঞান নাই। মই তোমাক এই কাৰণে সতৰ্ক কৰিলোঁ যে, তুমি যাতে অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ মোৰ ওচৰত, মোৰ জ্ঞান আৰু হিকমতৰ বিপৰীত বস্তুৰ আবেদন নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011046.mp3"},{"index":"47","arabicText":"قَالَ رَبِّ اِنِّیْۤ اَعُوْذُ بِكَ اَنْ اَسْـَٔلَكَ مَا لَیْسَ لِیْ بِهٖ عِلْمٌ ؕ وَاِلَّا تَغْفِرْ لِیْ وَتَرْحَمْنِیْۤ اَكُنْ مِّنَ الْخٰسِرِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰোঁ তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! যি বিষয়ত মোৰ কোনো জ্ঞান নাই, এনেকুৱা বিষয় সম্পৰ্কে তোমাৰ ওচৰত আবেদন কৰাৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ। যদি তুমি মোক ক্ষমা নকৰা আৰু মোৰ প্ৰতি দয়া নকৰা তেন্তে মই সেইসকল ক্ষতিগ্ৰস্ত লোকৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকলে আখিৰাতত নিজৰ অংশ হেৰুৱাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011047.mp3"},{"index":"48","arabicText":"قِیْلَ یٰنُوْحُ اهْبِطْ بِسَلٰمٍ مِّنَّا وَبَرَكٰتٍ عَلَیْكَ وَعَلٰۤی اُمَمٍ مِّمَّنْ مَّعَكَ ؕ وَاُمَمٌ سَنُمَتِّعُهُمْ ثُمَّ یَمَسُّهُمْ مِّنَّا عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"কোৱা হ’ল, ‘হে নূহ! আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তুমি অৱতৰণ কৰা (নাৱৰ পৰা), (এই শান্তি আৰু কল্যাণ দান কৰা হৈছে) তোমাৰ প্ৰতি আৰু তোমাৰ লগত থকা জাতিসকলৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে যিসকলক আমি কিছুকাল (পাৰ্থিৱ) জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব;","footnotes":"","tafseer":"আল্লাহে নূহ আলাইহিচ্ছালামক ক'লেঃ হে নূহ! শান্তি আৰু নিৰাপত্তা, লগতে তোমাৰ প্ৰতি আল্লাহৰ অসংখ্য নিয়ামতৰ সৈতে ভূপৃষ্ঠত অৱতৰণ কৰা। শান্তি, নিৰাপত্তা আৰু নিয়ামতৰ এই ধাৰাবাহিকতা তোমাৰ ওপৰত আৰু তোমাৰ লগত আৰোহণ কৰা মুমিনসকলৰ বংশধৰসকলৰ ওপৰতো অব্যাহত থাকিব। যদিও তেওঁলোকৰ বংশধৰসকলৰ মাজত কিছুমান কাফিৰ সম্প্ৰদায়ো থাকিব, যিসকলক আমি এই পাৰ্থিৱ জীৱন উপভোগ কৰাৰ সুবিধা দিম আৰু উপভোগৰ সকলো সা-সামগ্ৰী প্ৰদান কৰিম। তাৰ পিছত সিহঁতে আখিৰাতত কষ্টদায়ক শাস্তিৰ সোৱাদ ল’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011048.mp3"},{"index":"49","arabicText":"تِلْكَ مِنْ اَنْۢبَآءِ الْغَیْبِ نُوْحِیْهَاۤ اِلَیْكَ ۚ مَا كُنْتَ تَعْلَمُهَاۤ اَنْتَ وَلَا قَوْمُكَ مِنْ قَبْلِ هٰذَا ۛؕ فَاصْبِرْ ۛؕ اِنَّ الْعَاقِبَةَ لِلْمُتَّقِیْنَ ۟۠","assameseTranslation":"‘এইবোৰ হৈছে গায়েবৰ সংবাদ, আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছোঁ, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই (নিৰ্ধাৰিত)’।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামৰ এই ঘটনাৱলীসমূহ হৈছে গায়েবৰ অন্তৰ্ভুক্ত। হে ৰাছুল! এই অহীৰ পূৰ্বে আপুনি অথবা আপোনাৰ জাতিয়ে এই ঘটনা সম্পৰ্কে একোৱে জনা নাছিল। এতেকে আপুনি আপোনাৰ সম্প্ৰদায়ৰ ফালৰ পৰা পোৱা কষ্ট আৰু অস্বীকাৰ কৰা কাৰ্যত সেইদৰেই ধৈৰ্য্য ধাৰণ কৰক, যিদৰে নূহ আলাইহিচ্ছালামে ধৈৰ্য্য ধাৰণ কৰিছিল। নিশ্চয় সহায় আৰু বিজয় কেৱল সেইসকল লোকৰ বাবে, যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011049.mp3"},{"index":"50","arabicText":"وَاِلٰی عَادٍ اَخَاهُمْ هُوْدًا ؕ قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ اِنْ اَنْتُمْ اِلَّا مُفْتَرُوْنَ ۟","assameseTranslation":"আৰু আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ হূদক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা’।","footnotes":"","tafseer":"এইদৰে আমি আদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ হূদক প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়! তোমালোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। অংশীদাৰ সম্পৰ্কে তোমালোকে কৰা দাবীবোৰ হৈছে মিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011050.mp3"},{"index":"51","arabicText":"یٰقَوْمِ لَاۤ اَسْـَٔلُكُمْ عَلَیْهِ اَجْرًا ؕ اِنْ اَجْرِیَ اِلَّا عَلَی الَّذِیْ فَطَرَنِیْ ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। মোৰ পাৰিশ্ৰমিকৰ দায়িত্ব হৈছে সেই সত্ত্বাৰ ওপৰত, যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱানে’?","footnotes":"","tafseer":"হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই মোৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত, আৰু তেওঁৰ পিনে তোমালোকক আহ্বান কৰাৰ বিনিময়ত তোমালোকৰ পৰা কোনো ধৰণৰ পাৰিশ্ৰমিক নিবিচাৰোঁ। মোৰ প্ৰতিফল কেৱল তেৱেঁই প্ৰদান কৰিব যিয়ে মোক সৃষ্টি কৰিছে। তোমালোকে এইটোও বুজি নোপোৱানে? আৰু মই আহ্বান কৰা বিষয়ত তোমালোকে সঁহাৰি নিদিবানে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011051.mp3"},{"index":"52","arabicText":"وَیٰقَوْمِ اسْتَغْفِرُوْا رَبَّكُمْ ثُمَّ تُوْبُوْۤا اِلَیْهِ یُرْسِلِ السَّمَآءَ عَلَیْكُمْ مِّدْرَارًا وَّیَزِدْكُمْ قُوَّةً اِلٰی قُوَّتِكُمْ وَلَا تَتَوَلَّوْا مُجْرِمِیْنَ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু তেওঁৰ ওচৰতেই তাওবা কৰা (উভতি আহা)। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ অৱতীৰ্ণ কৰিব; আৰু তেৱেঁই তোমালোকক শক্তি প্ৰদান কৰি অধিক শক্তিশালী কৰিব। এতেকে তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নল’বা’।","footnotes":"","tafseer":"হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু নিজৰ গুনাহৰ পৰা প্ৰত্যাৱৰ্তন কৰা- আৰু আটাইতকৈ ডাঙৰ গুনাহ হৈছে শ্বিৰ্ক-। ফলত তেওঁ তোমালোকৰ ওপৰত যথেষ্ট পৰিমাণে বৰষুণ দিব, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি বৃদ্ধি কৰি তোমালোকক সন্মানিত কৰিব। মই যি বিষয়ৰ পিনে তোমালোকক আহ্বান কৰি আছোঁ, তাৰ পৰা বিমুখ নহ'বা। অন্যথা মোৰ আহ্বানৰ পৰা বিমুখ হ'লে, আৰু আল্লাহৰ লগত কুফুৰী কৰিলে, আৰু মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিলে, তোমালোক অপৰাধীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011052.mp3"},{"index":"53","arabicText":"قَالُوْا یٰهُوْدُ مَا جِئْتَنَا بِبَیِّنَةٍ وَّمَا نَحْنُ بِتَارِكِیْۤ اٰلِهَتِنَا عَنْ قَوْلِكَ وَمَا نَحْنُ لَكَ بِمُؤْمِنِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ লৈ আহা নাই। গতিকে তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰোঁ’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ আনিব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰিম। এতেকে তোমাৰ প্ৰমাণহীন কথাত বিশ্বাস কৰি আমি আমাৰ উপাস্যসকলৰ উপাসনা পৰিত্যাগ কৰিব নোৱাৰিম। লগতে তুমি যে এজন ৰাছুল, এই দাবীও মানিবলৈ আমি মান্তি নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011053.mp3"},{"index":"54","arabicText":"اِنْ نَّقُوْلُ اِلَّا اعْتَرٰىكَ بَعْضُ اٰلِهَتِنَا بِسُوْٓءٍ ؕ قَالَ اِنِّیْۤ اُشْهِدُ اللّٰهَ وَاشْهَدُوْۤا اَنِّیْ بَرِیْٓءٌ مِّمَّا تُشْرِكُوْنَ ۟ۙ","assameseTranslation":"আমি কেৱল এইটোৱে কওঁ যে, ‘হয়তো আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক হানি কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলোঁ আৰু তোমালোকেও সাক্ষী থাকা যে, নিশ্চয় সেইবোৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই যিবোৰক তোমালোকে অংশী কৰা’,","footnotes":"","tafseer":"আমিতো এইটোৱে কওঁ যে, তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বিৰত ৰাখিছিলা, সেই কাৰণে আমাৰ কোনোবা উপাস্যই তোমাক পাগল বনাইছে। হূদ আলাইহিচ্ছালামে ক'লেঃ মই আল্লাহক সাক্ষী থৈ কওঁ, আৰু তোমালোকেও সাক্ষী থাকিবা যে, মই তোমালোকৰ এই উপাস্যবোৰৰ উপাসনাৰ পৰা নিজকে মুক্ত ৰাখিছোঁ, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। এতেকে তোমালোকে আৰু তোমালোকৰ এই উপাস্যবোৰে, যিবোৰৰ বিষয়ে তোমালোকে ভাবিছা যে, সিহঁতে মোক উন্মাদ বনাইছে, তোমালোকে আটায়ে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অলপো অৱকাশ নিদিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011054.mp3"},{"index":"55","arabicText":"مِنْ دُوْنِهٖ فَكِیْدُوْنِیْ جَمِیْعًا ثُمَّ لَا تُنْظِرُوْنِ ۟","assameseTranslation":"‘কেৱল আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’।","footnotes":"","tafseer":"আমিতো এইটোৱে কম যে, তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বিৰত ৰাখিছিলা, সেই কাৰণে আমাৰ কোনোবা উপাস্যই তোমাক পাগল বনাইছে। হূদ আলাইহিচ্ছালামে ক'লেঃ মই আল্লাহক সাক্ষী থৈ কওঁ, আৰু তোমালোকেও সাক্ষী থাকিবা যে, মই তোমালোকৰ এই উপাস্যবোৰৰ উপাসনাৰ পৰা নিজকে মুক্ত ৰাখিছোঁ যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। এতেকে তোমালোক আৰু তোমালোকৰ এই উপাস্যবোৰ, যিবোৰৰ বিষয়ে তোমালোকে ভাবিছা যে, সিহঁতে মোক উন্মাদ বনাইছে, তোমালোক আটায়ে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অলপো অৱকাশ নিদিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011055.mp3"},{"index":"56","arabicText":"اِنِّیْ تَوَكَّلْتُ عَلَی اللّٰهِ رَبِّیْ وَرَبِّكُمْ ؕ مَا مِنْ دَآبَّةٍ اِلَّا هُوَ اٰخِذٌ بِنَاصِیَتِهَا ؕ اِنَّ رَبِّیْ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"‘নিশ্চয় মই কেৱল নিৰ্ভৰ কৰোঁ মোৰ আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ ওপৰত; (ভূ-পৃষ্ঠত বিচৰণকাৰী) যিমানবোৰ জীৱ-জন্তু আছে, প্ৰত্যেকৰে আগচুলি তেওঁ ধৰি আছে (অৰ্থাৎ সেইবোৰ তেওঁৰ পূৰ্ণ আয়ত্তাধীন); নিশ্চয় মোৰ প্ৰতিপালক সৰল পথত আছে’।","footnotes":"","tafseer":"নিশ্চয় মই কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰিছোঁ, আৰু মোৰ সকলো বিষয় তেওঁৰ ওপৰতেই অৰ্পন কৰিছোঁ। তেৱেঁই মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। পৃথিৱীত চলাচল কৰা সকলো জীৱ-জন্তু আল্লাহৰ ৰাজত্ব তথা তেওঁৰ ক্ষমতাৰ অধীনস্থ। তেওঁ যেনেকৈ ইচ্ছা নিয়ন্ত্ৰণ কৰে। নিশ্চয় মোৰ প্ৰতিপালক সত্যৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে তেওঁ কেতিয়াও তোমালোকক মোৰ ওপৰত জাপি নিদিব। কিয়নো মই আছোঁ সত্যৰ ওপৰত আৰু তোমালোক আছা অসত্যৰ ওপৰত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011056.mp3"},{"index":"57","arabicText":"فَاِنْ تَوَلَّوْا فَقَدْ اَبْلَغْتُكُمْ مَّاۤ اُرْسِلْتُ بِهٖۤ اِلَیْكُمْ ؕ وَیَسْتَخْلِفُ رَبِّیْ قَوْمًا غَیْرَكُمْ ۚ وَلَا تَضُرُّوْنَهٗ شَیْـًٔا ؕ اِنَّ رَبِّیْ عَلٰی كُلِّ شَیْءٍ حَفِیْظٌ ۟","assameseTranslation":"‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে (জানি থোৱা) মই যি বাৰ্তাসহ তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ সেয়া মই তোমালোকক অৱগত কৰিছোঁ; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত বেলেগ কোনো জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ প্ৰতিপালক সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’।","footnotes":"","tafseer":"যদি তোমালোকে বিমুখ হোৱা আৰু মই লৈ অহা চৰীয়তৰ পৰা দূৰত্ব অৱলম্বন কৰা তেন্তে জানি থোৱা! মোৰ দায়িত্ব হৈছে কেৱল তোমালোকৰ ওচৰলৈ সত্য পৌঁচাই দিয়া। নিশ্চয় মই তোমালোকক সেই সকলো বাৰ্তা পৌঁচাই দিছোঁ, যিবোৰ প্ৰদান কৰি আল্লাহে মোক প্ৰেৰণ কৰিছে আৰু পৌঁচাই দিয়াৰ আদেশ দিছে। নিশ্চয় মই তোমালোকৰ বিৰুদ্ধে প্ৰমাণ প্ৰতিষ্ঠা কৰিছোঁ। অতিশীঘ্ৰে মোৰ প্ৰতিপালকে তোমালোকক ধ্বংস কৰিব, আৰু ভিন্ন এটা জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব। তোমালোকে অস্বীকাৰ কৰি অথবা বিমুখ হৈ আল্লাহৰ ডাঙৰ অথবা সৰু কোনো ক্ষতিয়ে কৰিব নোৱাৰা। কাৰণ তেওঁ বান্দাসকলৰ পৰা অমুখাপেক্ষী। নিশ্চয় মোৰ প্ৰতিপালকেই হৈছে সকলো বস্তুৰ ৰক্ষক। তেৱেঁই মোক তোমালোকৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011057.mp3"},{"index":"58","arabicText":"وَلَمَّا جَآءَ اَمْرُنَا نَجَّیْنَا هُوْدًا وَّالَّذِیْنَ اٰمَنُوْا مَعَهٗ بِرَحْمَةٍ مِّنَّا ۚ وَنَجَّیْنٰهُمْ مِّنْ عَذَابٍ غَلِیْظٍ ۟","assameseTranslation":"এতেকে যেতিয়া আমাৰ (শাস্তিৰ) নিৰ্দেশ আহিল, তেতিয়া আমি হূদ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকক ৰক্ষা কৰিছিলোঁ কঠিন শাস্তিৰ পৰা।","footnotes":"","tafseer":"যেতিয়া আমাৰ ফালৰ পৰা সিহঁতক ধ্বংস কৰাৰ আদেশ আহি পৰিল, তেতিয়া আমি হূদক আৰু তেওঁৰ লগত ঈমান পোষণকাৰীসকলক আমাৰ দয়া আৰু কৃপাত ৰক্ষা কৰিলোঁ। আমি তেওঁলোকক সেই কঠিন শাস্তিৰ পৰা ৰক্ষা কৰিলোঁ, যি শাস্তি আমি তেওঁৰ কাফিৰ সম্প্ৰদায়ক প্ৰদান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011058.mp3"},{"index":"59","arabicText":"وَتِلْكَ عَادٌ ۙ۫ جَحَدُوْا بِاٰیٰتِ رَبِّهِمْ وَعَصَوْا رُسُلَهٗ وَاتَّبَعُوْۤا اَمْرَ كُلِّ جَبَّارٍ عَنِیْدٍ ۟","assameseTranslation":"আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক। আনহাতে সিহঁতে প্ৰত্যেক প্ৰতাপশালী স্বৈৰাচাৰীৰ নিৰ্দেশৰ অনুসৰণ কৰিছিল।","footnotes":"","tafseer":"সেই আদ জাতি, যিসকলে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল, আৰু সিহঁতৰ ৰাছুল হূদৰ অবাধ্যতা কৰিছিল, লগতে প্ৰত্যেক সেই ব্যক্তিৰ অনুকৰণ কৰিছিল যিয়ে সত্যৰ পৰা অহংকাৰ কৰিছিল, তথা সত্য স্বীকাৰ কৰা আৰু পালন কৰাৰ পৰা বিৰত থকা বিদ্ৰোহী ব্যক্তিৰ অনুসৰণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011059.mp3"},{"index":"60","arabicText":"وَاُتْبِعُوْا فِیْ هٰذِهِ الدُّنْیَا لَعْنَةً وَّیَوْمَ الْقِیٰمَةِ ؕ اَلَاۤ اِنَّ عَادًا كَفَرُوْا رَبَّهُمْ ؕ اَلَا بُعْدًا لِّعَادٍ قَوْمِ هُوْدٍ ۟۠","assameseTranslation":"আৰু এই পৃথিৱীতেই সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু ক্বিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ’ব। জানি থোৱা! আদ সম্প্ৰদায়ে নিজ প্ৰতিপালককে অস্বীকাৰ কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে হূদৰ সম্প্ৰদায় আদ জাতিৰ পৰিণাম।","footnotes":"","tafseer":"এই পৃথিৱীত সিহঁতক আল্লাহৰ দয়াৰ পৰা বঞ্চিত কৰা হৈছিল আৰু সিহঁতৰ সৈতে অপমান সম্পৃক্ত কৰি দিয়া হৈছিল, তথা ক্বিয়ামতৰ দিনাও সিহঁতে আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত থাকিব। কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। জানি থোৱা! আল্লাহে সিহঁতক সকলো প্ৰকাৰৰ কল্যাণৰ পৰা আঁতৰত ৰাখিছে আৰু প্ৰত্যেক বেয়া কৰ্মৰ নিকটৱৰ্তী কৰি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011060.mp3"},{"index":"61","arabicText":"وَاِلٰی ثَمُوْدَ اَخَاهُمْ صٰلِحًا ۘ قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ هُوَ اَنْشَاَكُمْ مِّنَ الْاَرْضِ وَاسْتَعْمَرَكُمْ فِیْهَا فَاسْتَغْفِرُوْهُ ثُمَّ تُوْبُوْۤا اِلَیْهِ ؕ اِنَّ رَبِّیْ قَرِیْبٌ مُّجِیْبٌ ۟","assameseTranslation":"আৰু আমি ছামূদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক অতি নিকটৱৰ্তী, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।","footnotes":"","tafseer":"আমি ছামূদ সম্প্ৰদায়ৰ পিনে সিহঁতৰ ভাতৃ ছলেহ আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ বাবে ইবাদতৰ যোগ্য আন কোনো উপাস্য নাই। তেৱেঁই তোমালোকক পৃথিৱীৰ মাটিৰে সৃষ্টি কৰিছে, কিয়নো তোমালোকৰ আদি পিতা আদমৰ সৃষ্টি ইয়াৰ দ্বাৰাই হৈছিল। তেৱেঁই তোমালোকক ইয়াত বসবাসৰ সুবিধা দিছে। গতিকে তোমালোকে তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা। লগতে সৎকৰ্ম কৰি আৰু গুনাহৰ কৰ্ম পৰিত্যাগ কৰি তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰা। নিশ্চয় মোৰ প্ৰতিপালক সেই ব্যক্তিৰ অতি নিকটৱৰ্তী, যিয়ে নিষ্ঠা সহকাৰে তেওঁৰ ইবাদত কৰে। লগতে তেওঁ সেই ব্যক্তিৰ দুআ কবুল কৰে, যিয়ে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011061.mp3"},{"index":"62","arabicText":"قَالُوْا یٰصٰلِحُ قَدْ كُنْتَ فِیْنَا مَرْجُوًّا قَبْلَ هٰذَاۤ اَتَنْهٰىنَاۤ اَنْ نَّعْبُدَ مَا یَعْبُدُ اٰبَآؤُنَا وَاِنَّنَا لَفِیْ شَكٍّ مِّمَّا تَدْعُوْنَاۤ اِلَیْهِ مُرِیْبٍ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আছিলা আমাৰ আশাৰ পাত্ৰ। (এতিয়া) তুমি আমাক সেইবোৰ (উপাস্য)ৰ উপাসনাৰ পৰা নিষেধ কৰি আছা নেকি যিবোৰৰ উপাসনা আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? প্ৰকৃততে তুমি আমাক যি ধৰ্মৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহ তথা দ্বিধাদ্বন্দৰ মাজত আছোঁ’।","footnotes":"","tafseer":"তেওঁৰ জাতিৰ লোকসকলে তেওঁক ক'লেঃ হে ছলেহ! তুমি এই আহ্বানৰ পূৰ্বে আমাৰ মাজত এজন উচ্চ মৰ্যাদাৱান ব্যক্তি আছিলা। আমি ভাবিছিলোঁ তুমি এজন বিবেকৱান আৰু সঠিক সিদ্ধান্তৰ অধিকাৰী ব্যক্তি। হে ছলেহ! তুমি আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বাৰণ কৰি আছা নেকি, যাৰ উপাসনা আমাৰ পিতৃপুৰুষসকলে কৰিছিল? তুমি যে আমাক কেৱল এক আল্লাহৰ ইবাদত কৰিবলৈ আহ্বান কৰি আছা, ইয়াত আমাৰ সন্দেহ আছে। সেই কাৰণেই আমি তোমাক আল্লাহৰ প্ৰতি মিছা অভিযোগৰ দোষত দোষী বুলি গণ্য কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011062.mp3"},{"index":"63","arabicText":"قَالَ یٰقَوْمِ اَرَءَیْتُمْ اِنْ كُنْتُ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّیْ وَاٰتٰىنِیْ مِنْهُ رَحْمَةً فَمَنْ یَّنْصُرُنِیْ مِنَ اللّٰهِ اِنْ عَصَیْتُهٗ ۫ فَمَا تَزِیْدُوْنَنِیْ غَیْرَ تَخْسِیْرٍ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ (নবুওৱত) দান কৰে, ইয়াৰ পিছতো যদি মই আল্লাহৰ অবাধ্য হওঁ, তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা’।","footnotes":"","tafseer":"ছলেহ আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ক উত্তৰ প্ৰদান কৰি ক'লেঃ হে মোৰ জাতিৰ লোকসকল! কোৱাচোন, যদি মই মোৰ প্ৰতিপালকৰ ফালৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছোঁ আৰু তেওঁ মোক নিজৰ দয়া অৰ্থাৎ নুবুওৱত প্ৰদান কৰিছে, এনে পৰিপ্ৰেক্ষিতত মই যদি তেওঁৰ সেই বাৰ্তা পৌঁচাই দিয়াত অৱহেলা কৰোঁ, যিটো পৌঁচাই দিয়াৰ দায়িত্ব তেওঁ মোক প্ৰদান কৰিছে, তেনে পৰিস্থিতিত তেওঁৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? তোমালোকে দেখোন মোক কেৱল বিভ্ৰান্ত আৰু তেওঁৰ সন্তুষ্টিৰ পৰা আঁতৰাইহে আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011063.mp3"},{"index":"64","arabicText":"وَیٰقَوْمِ هٰذِهٖ نَاقَةُ اللّٰهِ لَكُمْ اٰیَةً فَذَرُوْهَا تَاْكُلْ فِیْۤ اَرْضِ اللّٰهِ وَلَا تَمَسُّوْهَا بِسُوْٓءٍ فَیَاْخُذَكُمْ عَذَابٌ قَرِیْبٌ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! এইজনী হৈছে আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাবলৈ দিয়া। ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশু শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব’।","footnotes":"","tafseer":"হে মোৰ সম্প্ৰদায়! এইজনী হৈছে আল্লাহৰ ফালৰ পৰা অহা উঁট। তোমালোকৰ বাবে মোৰ সত্যতাৰ প্ৰমাণ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰিবলৈ দিয়া আৰু ইয়াক অতিষ্ঠ নকৰিবা। অন্যথা ইয়াক হত্যা কৰাৰ লগে লগে তোমালোকক শাস্তিয়ে আগুৰি ধৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011064.mp3"},{"index":"65","arabicText":"فَعَقَرُوْهَا فَقَالَ تَمَتَّعُوْا فِیْ دَارِكُمْ ثَلٰثَةَ اَیَّامٍ ؕ ذٰلِكَ وَعْدٌ غَیْرُ مَكْذُوْبٍ ۟","assameseTranslation":"তথাপিও সিহঁতে তাইক হত্যা কৰিলে। তেতিয়া তেওঁ ক’লে, ‘তোমালোকে নিজৰ ঘৰত তিনিদিন পৰ্যন্ত জীৱন উপভোগ কৰি লোৱা। এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যিটো কেতিয়াও মিছা নহয়’।","footnotes":"","tafseer":"কিন্তু সিহঁতে অস্বীকাৰ কাৰ্যত চৰম সীমা অতিক্ৰম কৰি উটজনীক হত্যা কৰিলে। তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁতক ক'লেঃ তোমালোকে পাৰ্থিৱ জীৱনৰ আৰু মাত্ৰ তিনিটা দিন উপভোগ কৰা। তাৰ পিছত তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আহি পৰিব। কিয়নো ইয়াৰ পিছত তেওঁৰ শাস্তি নিশ্চয় আহিব ইয়াত কোনো সন্দেহ নাই। বৰং এইটো হৈছে সত্য প্ৰতিশ্ৰুতি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011065.mp3"},{"index":"66","arabicText":"فَلَمَّا جَآءَ اَمْرُنَا نَجَّیْنَا صٰلِحًا وَّالَّذِیْنَ اٰمَنُوْا مَعَهٗ بِرَحْمَةٍ مِّنَّا وَمِنْ خِزْیِ یَوْمِىِٕذٍ ؕ اِنَّ رَبَّكَ هُوَ الْقَوِیُّ الْعَزِیْزُ ۟","assameseTranslation":"ফলত যেতিয়া আমাৰ (শাস্তিৰ) নিৰ্দেশ আহি পালে, তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিলোঁ আৰু ৰক্ষা কৰিলোঁ সেইদিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা শক্তিমান, মহাপৰাক্ৰমশালী।","footnotes":"","tafseer":"ইয়াৰ পিছত সিহঁতক ধ্বংসকাৰী আমাৰ আদেশ যেতিয়া আহি পৰিল, তেতিয়া আমি ছলেহ আলাইহিচ্ছালামক আৰু তেওঁৰ সৈতে ঈমান পোষণ কৰা লোকসকলক নিজ কৃপাত সুৰক্ষা প্ৰদান কৰিলোঁ, আৰু তেওঁলোকক সেই দিৱসৰ অপমান আৰু লাঞ্ছনাৰ পৰা ৰক্ষা কৰিলোঁ। দৰাচলতে হে ৰাছুল! নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই হৈছে মহাপৰাক্ৰমশালী আৰু প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সেই কাৰণেই তেওঁ মিছলীয়া সম্প্ৰদায়ক ধ্বংস কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011066.mp3"},{"index":"67","arabicText":"وَاَخَذَ الَّذِیْنَ ظَلَمُوا الصَّیْحَةُ فَاَصْبَحُوْا فِیْ دِیَارِهِمْ جٰثِمِیْنَ ۟ۙ","assameseTranslation":"আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আক্ৰান্ত কৰিলে; ফলত সিহঁত নিজ নিজ গৃহতে (মৃত অৱস্থাত) নতজানু হৈ পৰি ৰ’ল;","footnotes":"","tafseer":"ছামূদ সম্প্ৰদায়ক ধ্বংসকাৰী প্ৰচণ্ড চিঞৰে আগুৰি ধৰিছিল, ইয়াৰ প্ৰচণ্ডতা সহ্য কৰিব নোৱাৰি সিহঁত সকলোৱে মৃত্যুবৰণ কৰিছিল। সিহঁত এনেকৈ উবুৰি থকা অৱস্থাত পৰি আছিল যে, সিহঁতৰ মুখমণ্ডল মাটিত পুত খাই আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011067.mp3"},{"index":"68","arabicText":"كَاَنْ لَّمْ یَغْنَوْا فِیْهَا ؕ اَلَاۤ اِنَّ ثَمُوْدَاۡ كَفَرُوْا رَبَّهُمْ ؕ اَلَا بُعْدًا لِّثَمُوْدَ ۟۠","assameseTranslation":"যেনিবা সিহঁতে কেতিয়াও তাত বাস কৰা নাছিল। জানি থোৱা! ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম।","footnotes":"","tafseer":"দৃশ্য এনেকুৱা হৈ পৰিছিল যে, যেনিবা সিহঁতে কেতিয়াও নিজ দেশত ভোগ-বিলাস তথা সুখ-শান্তিত নাছিল। জানি থোৱা! সিহঁতৰ এই অৱস্থা এই কাৰণে হৈছিল যে, সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। সিহঁতে সদায় আল্লাহৰ কৃপাৰ পৰা আঁতৰত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011068.mp3"},{"index":"69","arabicText":"وَلَقَدْ جَآءَتْ رُسُلُنَاۤ اِبْرٰهِیْمَ بِالْبُشْرٰی قَالُوْا سَلٰمًا ؕ قَالَ سَلٰمٌ فَمَا لَبِثَ اَنْ جَآءَ بِعِجْلٍ حَنِیْذٍ ۟","assameseTranslation":"আৰু নিশ্চয় আমাৰ ফিৰিস্তাসকলে সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহি ক’লে, ‘ছালাম’। তেৱোঁ (উত্তৰত) ক’লে, ‘ছালাম’। তাৰ পিছত তেওঁ পলম নকৰি এটা কাবাবকৃত দামুৰি লৈ আহিল।","footnotes":"","tafseer":"আৰু পুৰুষৰ আকৃতিত ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰলৈ ফিৰিস্তা আগমন কৰিছিল, তেওঁক আৰু তেওঁৰ স্ত্ৰীক ইছহাক আৰু পিছত ইয়াকূবৰ শুভসংবাদ দিবলৈ আহি ফিৰিস্তাসকলে ছালাম কৰিলে। ইব্ৰাহীম আলাইহিচ্ছালামে ছালামৰ উত্তৰ প্ৰদান কৰিলে আৰু তেওঁলোকক মানুহ ভাবি খৰখেদাকৈ ঘৰৰ ভিতৰত গৈ তেওঁলোকক আপ্যায়ন কৰিবলৈ দামুৰি এটা সেকি আনিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011069.mp3"},{"index":"70","arabicText":"فَلَمَّا رَاٰۤ اَیْدِیَهُمْ لَا تَصِلُ اِلَیْهِ نَكِرَهُمْ وَاَوْجَسَ مِنْهُمْ خِیْفَةً ؕ قَالُوْا لَا تَخَفْ اِنَّاۤ اُرْسِلْنَاۤ اِلٰی قَوْمِ لُوْطٍ ۟ؕ","assameseTranslation":"এতেকে তেওঁ যেতিয়া দেখিলে যে, তেওঁলোকৰ হাত সেই খাদ্যৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁলোকক অবাঞ্ছিত বুলি ভাবিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি লূত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছোঁ’।","footnotes":"","tafseer":"এতেকে ইব্ৰাহীম আলাইহিচ্ছালামে যেতিয়া দেখিলে যে, তেওঁলোকে খাবলৈ আগবাঢ়ি অহা নাই, তেতিয়া তেওঁ সংশয়ত পৰিল, আৰু অন্তৰত ভয় অনুভৱ কৰিলে। ফিৰিস্তাসকলে যেতিয়া তেওঁলোকক ভয় কৰা দেখিলে তেতিয়া ক'লেঃ আমাক ভয় নকৰিব, আমাক আল্লাহে লূত সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছে, সিহঁতক শাস্তি বিহিবলৈ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011070.mp3"},{"index":"71","arabicText":"وَامْرَاَتُهٗ قَآىِٕمَةٌ فَضَحِكَتْ فَبَشَّرْنٰهَا بِاِسْحٰقَ ۙ وَمِنْ وَّرَآءِ اِسْحٰقَ یَعْقُوْبَ ۟","assameseTranslation":"আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰ পিছত আমি তেওঁক (ইব্ৰাহীমৰ স্ত্ৰীক) সুসংবাদ দিলোঁ ইছহাক্বৰ, আৰু ইছহাক্বৰ পিছত ইয়াকূবৰ।","footnotes":"","tafseer":"ইব্ৰাহীমৰ স্ত্ৰী ছাৰা থিয় হৈ আছিল, আমি তেওঁক এই শুভসংবাদ দিলোঁ যে, তেওঁ ইছহাকক জন্ম দিব আৰু ইছহাকৰ পুত্ৰ হ’ব ইয়াকূব। এই শুনি তেওঁ হাঁহিলে আৰু আনন্দত উৎফুল্লিত হৈ উঠিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011071.mp3"},{"index":"72","arabicText":"قَالَتْ یٰوَیْلَتٰۤی ءَاَلِدُ وَاَنَا عَجُوْزٌ وَّهٰذَا بَعْلِیْ شَیْخًا ؕ اِنَّ هٰذَا لَشَیْءٌ عَجِیْبٌ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হায়, কি আচৰিত! মই সন্তান জন্ম দিমনে! অথচ মই এজনী বৃদ্ধা নাৰী আৰু মোৰ স্বামীও হৈছে বৃদ্ধ, নিশ্চয় এইটো এটা অদ্ভুদ কথা’!","footnotes":"","tafseer":"যেতিয়া ফিৰিস্তাসকলে এই সুসংবাদ প্ৰদান কৰিলে, তেতিয়া ছাৰাই আশ্চৰ্য হৈ ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, অথচ মই বৃদ্ধাৱস্থাত উপনীত হৈছোঁ, আৰু সন্তানৰ পৰা নিৰাশ হৈছোঁ। ইপিনে মোৰ স্বামীও বৃদ্ধ বয়সত উপনীত হৈছে। এনেকুৱা অৱস্থাত সন্তান হোৱাটো নিশ্চয় আশ্চৰ্যকৰ বিষয় আৰু সাধাৰণ নিয়মৰো ব্যতিক্ৰম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011072.mp3"},{"index":"73","arabicText":"قَالُوْۤا اَتَعْجَبِیْنَ مِنْ اَمْرِ اللّٰهِ رَحْمَتُ اللّٰهِ وَبَرَكٰتُهٗ عَلَیْكُمْ اَهْلَ الْبَیْتِ ؕ اِنَّهٗ حَمِیْدٌ مَّجِیْدٌ ۟","assameseTranslation":"তেওঁলোকে ক’লে, ‘আল্লাহৰ কামত তুমি বিস্ময়বোধ কৰিছা নেকি? হে নবীৰ পৰিয়াল! তোমালোকৰ প্ৰতি আছে আল্লাহৰ (বিশেষ) অনুগ্ৰহ আৰু কল্যাণ। নিশ্চয় তেওঁ প্ৰশংসাৰ যোগ্য আৰু অত্যন্ত সন্মানিত’।","footnotes":"","tafseer":"ছাৰাই যেতিয়া সুসংবাদ শুনি আশ্চৰ্য প্ৰকাশ কৰিলে তেতিয়া ফিৰিস্তাসকলে ক'লেঃ আপুনি আল্লাহৰ নিৰ্ধাৰণ আৰু ফয়চালাত আশ্চৰ্য প্ৰকাশ কৰি আছে? অথচ আপোনাৰ দৰে ব্যক্তিৰসকলৰ ওচৰত এই কথা কেতিয়াও অস্পষ্ট নহয় যে, নিশ্চয় আল্লাহ এয়া কৰিবলৈ সক্ষম। হে ইব্ৰাহীমৰ পৰিয়ালবৰ্গ! আপোনালোকৰ ওপৰত আল্লাহৰ দয়া আৰু তেওঁৰ বৰকত অৱতীৰ্ণ হওক। নিশ্চয় মহান আল্লাহ নিজৰ কৰ্মত আৰু বৈশিষ্ট্যগতভাৱে মহাপ্ৰশংসিত, লগতে শ্ৰেষ্ঠ আৰু সুউচ্চ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011073.mp3"},{"index":"74","arabicText":"فَلَمَّا ذَهَبَ عَنْ اِبْرٰهِیْمَ الرَّوْعُ وَجَآءَتْهُ الْبُشْرٰی یُجَادِلُنَا فِیْ قَوْمِ لُوْطٍ ۟ؕ","assameseTranslation":"তাৰ পিছত যেতিয়া ইব্ৰাহীমৰ সেই ভয় দূৰ হ’ল আৰু তেওঁৰ ওচৰলৈ সুসংবাদ আহিল, তেতিয়া তেওঁ লূতৰ সম্প্ৰদায়ৰ বিষয়ে আমাৰ (প্ৰেৰিত ফিৰিস্তাসকলৰ) লগত বাদানুবাদ কৰিবলৈ ধৰিলে।","footnotes":"","tafseer":"এতেকে যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে গম পালে যে, তেওঁৰ অতিথিসকল, যিসকলে আহাৰ ভক্ষণ কৰা নাছিল, তেওঁলোক হৈছে আচলতে ফিৰিস্তা, তেতিয়া তেওঁৰ ভয় দূৰ হ'ল, আৰু তেওঁ সুসংবাদ পালে যে, তেওঁৰ ঘৰত এজন পুত্ৰ সন্তান জন্ম লভিব যাৰ নাম হ'ব ইছহাক আৰু পিছত আহিব ইয়াকূব। তাৰ পিছত তেওঁ আমাৰ বাৰ্তাবাহকসকলৰ লগত লূত সম্প্ৰদায় সম্পৰ্কে কথা পাতিবলৈ ধৰিলে, যাতে তেওঁলোকে সিহঁতৰ পৰা কিছু সময়ৰ বাবে শাস্তি উঠাই নিয়ে, যাতে লূত আৰু তেওঁৰ পৰিয়ালবৰ্গই ইয়াৰ পৰা ৰক্ষা পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011074.mp3"},{"index":"75","arabicText":"اِنَّ اِبْرٰهِیْمَ لَحَلِیْمٌ اَوَّاهٌ مُّنِیْبٌ ۟","assameseTranslation":"নিশ্চয় ইব্ৰাহীম আছিল অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী।","footnotes":"","tafseer":"নিশ্চয় ইব্ৰাহীম আছিল অতি সহনশীল, সেই কাৰণেই তেওঁ শাস্তি বিলম্বিত কৰোৱাব বিচাৰিছিল। তেওঁ আছিল নিজ প্ৰতিপালকৰ প্ৰতি অত্যন্ত বিনয়ী। অধিক প্ৰাৰ্থনাকাৰী আৰু তেওঁৰ পিনে প্ৰত্যাৱৰ্তনকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011075.mp3"},{"index":"76","arabicText":"یٰۤاِبْرٰهِیْمُ اَعْرِضْ عَنْ هٰذَا ۚ اِنَّهٗ قَدْ جَآءَ اَمْرُ رَبِّكَ ۚ وَاِنَّهُمْ اٰتِیْهِمْ عَذَابٌ غَیْرُ مَرْدُوْدٍ ۟","assameseTranslation":"হে ইব্ৰাহীম! তুমি এই (বিতৰ্কৰ) পৰা বিৰত হোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে; আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব এনেকুৱা এটা শাস্তি যিটোক প্ৰতিৰোধ কৰা সম্ভৱ নহয়।","footnotes":"","tafseer":"ফিৰিস্তাসকলে ক'লেঃ হে ইব্ৰাহীম! লূত আলাইহিচ্ছালামৰ জাতিৰ বিষয়ে বিতৰ্ক এৰক। নিশ্চয় আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা আদেশ আহিছে, আৰু সেই শাস্তি অৱশ্যে সিহঁতৰ ওপৰত অৱধাৰিত হ'ব, যিটো সিহঁতৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। নিশ্চিতভাৱে লূত সম্প্ৰদায়ৰ ওপৰত মহাশাস্তিৰ আগমন ঘটিব। এতেকে সেই শাস্তি প্ৰাৰ্থনাৰ জৰিয়তেও আঁতৰ নহ'ব আৰু কোনো আবেদন অনুৰোধৰ দ্বাৰাও নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011076.mp3"},{"index":"77","arabicText":"وَلَمَّا جَآءَتْ رُسُلُنَا لُوْطًا سِیْٓءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًا وَّقَالَ هٰذَا یَوْمٌ عَصِیْبٌ ۟","assameseTranslation":"আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰলৈ গৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ আগমনত তেওঁ বিষণ্ন হ’ল আৰু তেওঁলোকৰ (সুৰক্ষাৰ) বিষয়টোক চিন্তা কৰি তেওঁৰ হৃদয় সংকুচিত হৈ গ’ল আৰু ক’লে, ‘আজিৰ দিনটো বৰ বিপদৰ দিন’!","footnotes":"","tafseer":"ফিৰিস্তাসকলে যেতিয়া লূত আলাইহিচ্ছালামৰ ওচৰত পুৰুষৰ ৰূপ ধাৰণ কৰি আহি উপস্থিত হ'ল, তেতিয়া তেওঁলোকৰ অহাটো লূত আলাইহিচ্ছালামে অপছন্দ কৰিলে। তেওঁলোকৰ প্ৰতি তেওঁৰ সম্প্ৰদায়ৰ আচৰণৰ প্ৰতি ভয় কৰি লূত আলাইহিচ্ছালামৰ অন্তৰ সংকীৰ্ণ হৈ পৰিল। কাৰণ তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে স্ত্ৰী পৰিত্যাগ কৰি পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা গুনাহত লিপ্ত আছিল। লূত আলাইহিচ্ছালামে ক'লেঃ এইটো হৈছে মহা কঠিন দিৱস। তেওঁ এই কথাষাৰ কোৱাৰ উদ্দেশ্য হৈছে যে, তেওঁ আশংকা কৰিছিল তেওঁৰ সম্প্ৰদায়ে তেওঁক পৰাজিত কৰি তেওঁৰ অতিথিসকলৰ লগত বেয়া ব্যৱহাৰ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011077.mp3"},{"index":"78","arabicText":"وَجَآءَهٗ قَوْمُهٗ یُهْرَعُوْنَ اِلَیْهِ ؕ وَمِنْ قَبْلُ كَانُوْا یَعْمَلُوْنَ السَّیِّاٰتِ ؕ قَالَ یٰقَوْمِ هٰۤؤُلَآءِ بَنَاتِیْ هُنَّ اَطْهَرُ لَكُمْ فَاتَّقُوا اللّٰهَ وَلَا تُخْزُوْنِ فِیْ ضَیْفِیْ ؕ اَلَیْسَ مِنْكُمْ رَجُلٌ رَّشِیْدٌ ۟","assameseTranslation":"আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ ওচৰলৈ উদ্ভ্ৰান্ত হৈ দৌৰি আহিল আৰু আগৰ পৰাই সিহঁত অসৎকৰ্মত লিপ্ত আছিল। তেওঁ (লূতে) ক’লে, ‘হে মোৰ সম্প্ৰদায়! ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতহে বেছি পৱিত্ৰ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত কোনো ভাল মানুহ নাইনে’?","footnotes":"","tafseer":"ইপিনে লূত সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ অতিথিসকলৰ লগত কুকৰ্ম কৰিবলৈ দৌৰি আহিল, আগৰ পৰাই সিহঁতে এই বেয়া অভ্যাসত লিপ্ত আছিল যে, স্ত্ৰীক এৰি সিহঁতে পুৰুষৰ সৈতে যৌন কামনা পূৰণ কৰিছিল। লূত আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক আঁতৰাবলৈ আৰু অতিথিসকলৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰি ক'লেঃ চোৱা! নাৰীসকলৰ মাজত এয়া মোৰ ছোৱালীসকলো আছে, তোমালোকে এওঁলোকক বিবাহ কৰোৱা। নিশ্চয় তোমালোকৰ বাবে এইটো বেয়া কৰ্মৰ তুলনাত অধিক পৱিত্ৰ। এতেকে তোমালোকে আল্লাহক ভয় কৰা। মোৰ অতিথিসকলৰ ক্ষেত্ৰত মোক অপমান নকৰিবা। হে মোৰ জাতিৰ লোকসকল! তোমালোকৰ মাজত কোনো বিবেকৱান লোক নাই নেকি, যিয়ে তোমালোকক এই কুকৰ্মৰ পৰা বিৰত ৰাখিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011078.mp3"},{"index":"79","arabicText":"قَالُوْا لَقَدْ عَلِمْتَ مَا لَنَا فِیْ بَنٰتِكَ مِنْ حَقٍّ ۚ وَاِنَّكَ لَتَعْلَمُ مَا نُرِیْدُ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তুমিতো জানাই, তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই; আৰু আমি যিটো বিচাৰোঁ সেইটোও তুমি নিশ্চয় জানা’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে লূত! তুমিতো জানাই, তোমাৰ ছোৱালীসকলৰ প্ৰতি আৰু তোমাৰ সম্প্ৰদায়ৰ নাৰীসকলৰ প্ৰতি আমাৰ কোনো ইচ্ছা নাই আৰু কোনো কামনাও নাই। নিশ্চয় তুমি দেখোন জানাই আমি কি বিচাৰোঁ। আমি কেৱল পুৰুষ বিচাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011079.mp3"},{"index":"80","arabicText":"قَالَ لَوْ اَنَّ لِیْ بِكُمْ قُوَّةً اَوْ اٰوِیْۤ اِلٰی رُكْنٍ شَدِیْدٍ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হায়! তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলহেঁতেন অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় লব পাৰিলোঁহেঁতেন’!","footnotes":"","tafseer":"তেতিয়া লূত আলাইহিচ্ছালামে ক'লেঃ হায়! তোমালোকক আঁতৰাবলৈ মোৰ ওচৰত যদি শক্তি থাকিলহেঁতেন অথবা ৰক্ষা কৰাৰ বাবে আত্মীয় থাকিলহেঁতেন, তেতিয়াহ’লে মই মোৰ অতিথিসকলক তোমালোকৰ পৰা ৰক্ষা কৰিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011080.mp3"},{"index":"81","arabicText":"قَالُوْا یٰلُوْطُ اِنَّا رُسُلُ رَبِّكَ لَنْ یَّصِلُوْۤا اِلَیْكَ فَاَسْرِ بِاَهْلِكَ بِقِطْعٍ مِّنَ الَّیْلِ وَلَا یَلْتَفِتْ مِنْكُمْ اَحَدٌ اِلَّا امْرَاَتَكَ ؕ اِنَّهٗ مُصِیْبُهَا مَاۤ اَصَابَهُمْ ؕ اِنَّ مَوْعِدَهُمُ الصُّبْحُ ؕ اَلَیْسَ الصُّبْحُ بِقَرِیْبٍ ۟","assameseTranslation":"তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গকলৈ ওলাই যাওক আৰু আপোনালোকৰ কোনোৱেই যেন পিছফালে ঘূৰি নাচায়। কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে, কাৰণ তাইৰ ওপৰতো সেই শাস্তি আহিব যিটো সিহঁতৰ ওপৰত আহিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ (শাস্তিৰ) বাবে নিৰ্ধাৰিত সময়। প্ৰভাতৰ সময় অতি নিকটৱৰ্তী নহয়নে বাৰু’?","footnotes":"","tafseer":"ফিৰিস্তাসকলে লূত আলাইহিচ্ছালামক ক'লেঃ হে লূত! আমি হৈছোঁ প্ৰেৰিত দূত। আল্লাহে আমাক প্ৰেৰণ কৰিছে। এতেকে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে কেতিয়াও আপোনাক অনিষ্ট কৰাৰ উদ্দেশ্যত উপনীত হ'ব নোৱাৰে। এতেকে আপুনি ৰাতিৰ অন্ধকাৰত নিজৰ পৰিয়ালৰ সৈতে এই অঞ্চল ত্যাগ কৰক। লগতে মনত ৰাখিব, কোনেও যেন পিছফালে ঘূৰি নাচায়। কিন্তু আপোনাৰ স্ত্ৰীয়ে অবাধ্যতা কৰি পিছফালে ঘূৰি চাব। কাৰণ সিও এই শাস্তি ভোগ কৰিব যিটো আপোনাৰ সম্প্ৰদায়ে ভোগ কৰিব। নিশ্চয় সিহঁতৰ ধ্বংসৰ সময় হৈছে প্ৰাতঃকাল। যিটো অতি সন্নিকট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011081.mp3"},{"index":"82","arabicText":"فَلَمَّا جَآءَ اَمْرُنَا جَعَلْنَا عَالِیَهَا سَافِلَهَا وَاَمْطَرْنَا عَلَیْهَا حِجَارَةً مِّنْ سِجِّیْلٍ ۙ۬ مَّنْضُوْدٍ ۟ۙ","assameseTranslation":"এতেকে যেতিয়া আমাৰ (শাস্তিৰ) আদেশ আহি পৰিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলোঁ পকা মাটিৰ শিল,","footnotes":"","tafseer":"তাৰ পিছত যেতিয়া লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাবে আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি সিহঁতৰ গাঁওবোৰক তল-ওপৰ কৰি বিনষ্ট কৰিলোঁ, লগতে সিহঁতৰ ওপৰত ক্ৰমাগতভাৱে ধাৰাসাৰ পকা মাটিৰ শিল বৰ্ষণ কৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011082.mp3"},{"index":"83","arabicText":"مُّسَوَّمَةً عِنْدَ رَبِّكَ ؕ وَمَا هِیَ مِنَ الظّٰلِمِیْنَ بِبَعِیْدٍ ۟۠","assameseTranslation":"যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত (বিশেষভাৱে) চিহ্নিত আছিল; আৰু এইটো যালিমসকলৰ পৰা বেছি আঁতৰত নাছিল।","footnotes":"","tafseer":"সেই শিলবোৰৰ ওপৰত আল্লাহৰ তৰফৰ পৰা এটা বিশেষ প্ৰতীক লগোৱা আছিল। এনেকুৱা শিল, কুৰাইছ আৰু সিহঁতৰ দৰে অন্যায়কাৰীসকলৰ পৰা বেছি দূৰত নহয়। বৰং অতি সন্নিকটত আছে, আল্লাহে যেতিয়াই সিহঁতৰ ওপৰত বৰ্ষাবলৈ সিদ্ধান্ত ল’ব, তেতিয়াই সেয়া অৱতীৰ্ণ হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011083.mp3"},{"index":"84","arabicText":"وَاِلٰی مَدْیَنَ اَخَاهُمْ شُعَیْبًا ؕ قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ وَلَا تَنْقُصُوا الْمِكْیَالَ وَالْمِیْزَانَ اِنِّیْۤ اَرٰىكُمْ بِخَیْرٍ وَّاِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ مُّحِیْطٍ ۟","assameseTranslation":"আৰু মাদিয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইবক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক সচ্ছল অৱস্থাত দেখি আছোঁ, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছোঁ’।","footnotes":"","tafseer":"আৰু আমি মাদিয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ বাবে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। যেতিয়া তোমালোকে মানুহক কিবা বস্তু ওজন কৰি অথবা জুখি দিয়া, তেতিয়া তাত কোনো ধৰণৰ অন্যায় নকৰিবা বা কম নিদিবা। মই দেখি আছোঁ তোমালোকে যথেষ্ট নিয়ামত উপভোগ কৰি আছা। এতেকে আল্লাহৰ এই নিয়ামতক গুনাহত পৰিণত নকৰিবা। মই তোমালোকৰ প্ৰতি সেই পৰিবেষ্টিত দিৱসৰ শাস্তিৰ আশংকা কৰোঁ, যেতিয়া তোমালোকৰ প্ৰত্যেক ব্যক্তিক কৰায়ত্ব কৰা হ'ব আৰু তাত পলায়ন কৰাৰ অথবা আশ্ৰয় লোৱাৰ কোনো স্থান নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011084.mp3"},{"index":"85","arabicText":"وَیٰقَوْمِ اَوْفُوا الْمِكْیَالَ وَالْمِیْزَانَ بِالْقِسْطِ وَلَا تَبْخَسُوا النَّاسَ اَشْیَآءَهُمْ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায়-সংগতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি নুফুৰিবা’।","footnotes":"","tafseer":"আৰু হে মোৰ জাতি ভাইসকল! যেতিয়া তোমালোকে কিবা বস্তু জুখি অথবা ওজন কৰি দিয়া, তেতিয়া সেয়া ন্যায়ৰ সৈতে পৰিপূৰ্ণভাৱে প্ৰদান কৰিবা। আনহাতে ওজনত কম তুলি প্ৰৱঞ্চনা কৰি তথা মানুহক ঠগাই সিহঁতৰ অধিকাৰ খৰ্ব নকৰিবা। লগতে হত্যাৰ দৰে গুনাহত লিপ্ত হৈ পৃথিৱীত বিপৰ্যয় সৃষ্টি নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011085.mp3"},{"index":"86","arabicText":"بَقِیَّتُ اللّٰهِ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۚ۬ وَمَاۤ اَنَا عَلَیْكُمْ بِحَفِیْظٍ ۟","assameseTranslation":"যদি তোমালোকে মুমিন হোৱা তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্ট (লাভাংশ)খিনিয়ে হৈছে তোমালোকৰ বাবে উত্তম; আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়।","footnotes":"","tafseer":"আল্লাহৰ হালাল সঞ্চয়কৃত ধন, যিবোৰ তেওঁ মানুহক ন্যায়ৰ সৈতে সিহঁতৰ অধিকাৰ প্ৰদান কৰাৰ পিছত তোমালোকৰ বাবে সঞ্চয় কৰি থয়, সেয়া পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি তথা জুখ-মাখত হ্ৰাসৰ জৰিয়তে লাভ কৰা ধনতকৈ অধিক লাভদায়ক আৰু বৰকতময়। যদি তোমালোকে প্ৰকৃত মুমিন হোৱা তেন্তে সেই সঞ্চয়কৃত ধনৰ প্ৰতি সন্তুষ্ট হোৱা। মই তোমালোকৰ নিৰীক্ষক নহয় যে, তোমালোকৰ সকলো কৰ্মৰ হিচাপ ৰাখিম আৰু সেইমতে তোমালোকৰ হিচাপ-নিকাচ লম। নিশ্চয় প্ৰকৃত ৰক্ষক হৈছে সেই সত্ত্বা, যিয়ে প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয় সম্পৰ্কে অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011086.mp3"},{"index":"87","arabicText":"قَالُوْا یٰشُعَیْبُ اَصَلٰوتُكَ تَاْمُرُكَ اَنْ نَّتْرُكَ مَا یَعْبُدُ اٰبَآؤُنَاۤ اَوْ اَنْ نَّفْعَلَ فِیْۤ اَمْوَالِنَا مَا نَشٰٓؤُا ؕ اِنَّكَ لَاَنْتَ الْحَلِیْمُ الرَّشِیْدُ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে শ্বুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদত নিজৰ ইচ্ছামতে যি কৰোঁ সেয়াও (বৰ্জন কৰিব লাগিব নেকি)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!","footnotes":"","tafseer":"শ্বুআইব আলাইহিচ্ছালামৰ জাতিৰ লোকসকলে তেওঁক ক'লেঃ হে শ্বুআইব! তোমাৰ ছালাত, যিটো তুমি আল্লাহৰ বাবে আদায় কৰা, তোমাক এই আদেশ দিয়ে নেকি যে, আমি যেন সেইবোৰ মূৰ্তিৰ উপাসনা এৰি দিওঁ, যিবোৰক আমাৰ পিতৃ-পুৰুষসকলে উপাসনা কৰিছিল। লগতে এই আদেশ দিয়ে নেকি যে, আমি যেন আমাৰ সম্পত্তিত আমাৰ ইচ্ছানুযায়ী একো কৰিব নোৱাৰোঁ আৰু আমি যাতে আমাৰ সম্পত্তি ইচ্ছানুযায়ী বৃদ্ধিও কৰিব নোৱাৰোঁ? নিশ্চয় তুমি এজন সহনশীল তথা পূণ্যৱান লোক। কাৰণ এই আহ্বানৰ পূৰ্বে আমি তোমাক এজন বিবেকৱান তথা প্ৰজ্ঞাৱান লোক হিচাপে পাইছিলোঁ। কিন্তু এতিয়া তোমাৰ কি হৈছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011087.mp3"},{"index":"88","arabicText":"قَالَ یٰقَوْمِ اَرَءَیْتُمْ اِنْ كُنْتُ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّیْ وَرَزَقَنِیْ مِنْهُ رِزْقًا حَسَنًا ؕ وَمَاۤ اُرِیْدُ اَنْ اُخَالِفَكُمْ اِلٰی مَاۤ اَنْهٰىكُمْ عَنْهُ ؕ اِنْ اُرِیْدُ اِلَّا الْاِصْلَاحَ مَا اسْتَطَعْتُ ؕ وَمَا تَوْفِیْقِیْۤ اِلَّا بِاللّٰهِ ؕ عَلَیْهِ تَوَكَّلْتُ وَاِلَیْهِ اُنِیْبُ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ভাবিছানে, মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে (তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিমনে?) আৰু মই তোমালোকক যিটো নিষেধ কৰোঁ, মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰোঁ। মোৰ কাৰ্যসাধন কেৱল আল্লাহৰ তাওফীকত; মই কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ আৰু মই তেওঁৰেই অভিমুখী’।","footnotes":"","tafseer":"শ্বুআইব আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে মোক কোৱাচোন, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ তথা দুৰদৰ্শিতাৰ ওপৰত প্ৰতিষ্ঠিত আছোঁ, লগতে তেওঁ যিহেতু মোক তেওঁৰ ফালৰ পৰা হালাল জীৱিকা প্ৰদান কৰিছে আৰু নুবুওৱত প্ৰদান কৰিছে তেন্তে তোমালোকৰ অৱস্থা কি হ'ব, শুনা! মোৰ উদ্দেশ্য তোমালোকক কোনো বস্তুৰ পৰা বিৰত ৰখা নহয় আৰু সেই কৰ্মত বিৰোধিতা কৰাও মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য হৈছে কেৱল তোমালোকক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰা আৰু মোৰ সক্ষম অনুযায়ী তেওঁৰ আনুগত্য কৰি তোমালোকক সংশোধন কৰা। ইয়াৰ সামৰ্থ প্ৰদানকাৰীও কেৱলমাত্ৰ মহান আল্লাহ। মই সকলো কৰ্মত তেওঁৰ ওপৰতেই ভৰসা কৰোঁ আৰু তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011088.mp3"},{"index":"89","arabicText":"وَیٰقَوْمِ لَا یَجْرِمَنَّكُمْ شِقَاقِیْۤ اَنْ یُّصِیْبَكُمْ مِّثْلُ مَاۤ اَصَابَ قَوْمَ نُوْحٍ اَوْ قَوْمَ هُوْدٍ اَوْ قَوْمَ صٰلِحٍ ؕ وَمَا قَوْمُ لُوْطٍ مِّنْكُمْ بِبَعِیْدٍ ۟","assameseTranslation":"‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰতো সেইদৰেই বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূত সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নাছিল’।","footnotes":"","tafseer":"হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মোৰ লগত তোমালোকৰ শত্ৰুতাই যেন মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিবলৈ অৰিহণা নোযোগায়। মই আশংকা কৰিছোঁ তোমালোকে যেনিবা সেই শাস্তিৰ সন্মুখীন হোৱা নেকি, যি শাস্তি ভোগ কৰিছিল নূহ সম্প্ৰদায়, হূদ সম্প্ৰদায় আৰু ছলেহৰ সম্প্ৰদায়ে। আনহাতে লূত সম্প্ৰদায়ে ভোগ কৰা শাস্তিও দেখোন তোমালোকৰ পৰা সময় তথা স্থানৰ ক্ষেত্ৰতো বেছি দূৰ নহয়। তোমালোকে দেখোন জানাই সিহঁতৰ প্ৰতি কেনেকুৱা শাস্তি আহিছিল। এতেকে তোমালোকে তাৰ পৰা শিক্ষা লোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011089.mp3"},{"index":"90","arabicText":"وَاسْتَغْفِرُوْا رَبَّكُمْ ثُمَّ تُوْبُوْۤا اِلَیْهِ ؕ اِنَّ رَبِّیْ رَحِیْمٌ وَّدُوْدٌ ۟","assameseTranslation":"‘আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনে উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক পৰম দয়ালু, অতি স্নেহশীল’।","footnotes":"","tafseer":"আৰু নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু গুনাহৰ পৰা তেওঁৰ ওচৰত তাওবা কৰা। নিশ্চয় মোৰ প্ৰতিপালক তাওবাকাৰীসকলৰ প্ৰতি দয়াৱান, অত্যন্ত স্নেহশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011090.mp3"},{"index":"91","arabicText":"قَالُوْا یٰشُعَیْبُ مَا نَفْقَهُ كَثِیْرًا مِّمَّا تَقُوْلُ وَاِنَّا لَنَرٰىكَ فِیْنَا ضَعِیْفًا ۚ وَلَوْلَا رَهْطُكَ لَرَجَمْنٰكَ ؗ وَمَاۤ اَنْتَ عَلَیْنَا بِعَزِیْزٍ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে শ্বুআইব! তুমি যি কোৱা তাৰে বহু কথা আমি বুজিয়ে নাপাওঁ, আৰু নিঃসন্দেহে আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয়-স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোঁহেঁতেন। কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়’।","footnotes":"","tafseer":"শ্বুআইব আলাইহিচ্ছালামৰ জাতিৰ লোকসকলে তেওঁক ক'লেঃ হে শ্বুআইব! তুমি লৈ অহা বহু কথাই আমি বুজি নাপাওঁ। যিহেতু তোমাৰ দৃষ্টি হ্ৰাস পাইছে তথা দুৰ্বল হৈছে, সেয়ে আমিও তোমাক আমাৰ মাজত দুৰ্বল বুলিয়ে গণ্য কৰোঁ। যদি তোমাৰ বংশধৰবিলাক আমাৰ ধৰ্মৰ অনুসাৰী নহ’লহেঁতেন তেন্তে আমি তোমাক শিল দলিয়াই হত্যা কৰিলোঁহেঁতেন। তুমি আমাৰ মাজত শক্তিশালীও নহয় যে, আমি তোমাক হত্যা কৰিবলৈ ভয় কৰিম। আমি কেৱল তোমাৰ বংশক সন্মান কৰি তোমাৰ হত্যাৰ পৰা বিৰত আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011091.mp3"},{"index":"92","arabicText":"قَالَ یٰقَوْمِ اَرَهْطِیْۤ اَعَزُّ عَلَیْكُمْ مِّنَ اللّٰهِ ؕ وَاتَّخَذْتُمُوْهُ وَرَآءَكُمْ ظِهْرِیًّا ؕ اِنَّ رَبِّیْ بِمَا تَعْمَلُوْنَ مُحِیْطٌ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ ওচৰত মোৰ আত্মীয়-স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি? অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা। তোমালোকে যি কৰা নিশ্চয় মোৰ প্ৰতিপালকে সেয়া পৰিবেষ্টন কৰি আছে’।","footnotes":"","tafseer":"তেতিয়া শ্বুআইব আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকৰ দৃষ্টিত মোৰ বংশধৰসকল, তোমালোকৰ প্ৰতিপালক আল্লাহতকৈও অধিক সন্মানীয় তথা প্ৰভাৱশালী নেকি? তোমালোকে আল্লাহক অৱজ্ঞা কৰিছা, কাৰণ তোমালোকে তেওঁৰ নবীৰ প্ৰতি ঈমান পোষণ কৰা নাই, যি নবীক তোমালোকৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। নিশ্চয় মোৰ প্ৰতিপালকে তোমালোকৰ সকলো কৰ্ম পৰিবেষ্টন কৰি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিফল দিব পৃথিৱীত ধ্বংসৰ জৰিয়তে আৰু আখিৰাতত দিব শাস্তি প্ৰদানৰ দ্বাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011092.mp3"},{"index":"93","arabicText":"وَیٰقَوْمِ اعْمَلُوْا عَلٰی مَكَانَتِكُمْ اِنِّیْ عَامِلٌ ؕ سَوْفَ تَعْلَمُوْنَ ۙ مَنْ یَّاْتِیْهِ عَذَابٌ یُّخْزِیْهِ وَمَنْ هُوَ كَاذِبٌ ؕ وَارْتَقِبُوْۤا اِنِّیْ مَعَكُمْ رَقِیْبٌ ۟","assameseTranslation":"‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছোঁ। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন হৈছে মিছলীয়া। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ।","footnotes":"","tafseer":"হে মোৰ জাতিৰ লোকসকল! তোমালোকে নিজ নিজ সামৰ্থ অনুযায়ী নিজৰ পছন্দৰ পথত কৰ্ম কৰা। নিশ্চয় ময়ো মোৰ সামৰ্থ অনুযায়ী মোৰ পছন্দৰ পথত আমল কৰি আছোঁ। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা আমাৰ মাজত কাৰ ওচৰত লাঞ্ছনাকাৰী শাস্তি আহিব আৰু কোন নিজৰ দাবীত মিছলীয়া। এতেকে আল্লাহৰ আদেশলৈ অপেক্ষা কৰা। নিশ্চয় ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011093.mp3"},{"index":"94","arabicText":"وَلَمَّا جَآءَ اَمْرُنَا نَجَّیْنَا شُعَیْبًا وَّالَّذِیْنَ اٰمَنُوْا مَعَهٗ بِرَحْمَةٍ مِّنَّا وَاَخَذَتِ الَّذِیْنَ ظَلَمُوا الصَّیْحَةُ فَاَصْبَحُوْا فِیْ دِیَارِهِمْ جٰثِمِیْنَ ۟ۙ","assameseTranslation":"আৰু যেতিয়া আমাৰ (শাস্তিৰ) আদেশ আহি পালে তেতিয়া আমি শ্বুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলোঁ; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু হৈ (মৃত অৱস্থাত) পৰি থাকিল।","footnotes":"","tafseer":"যেতিয়া শ্বুআইব সম্প্ৰদায়ক ধ্বংস কৰিবলৈ আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি আমাৰ কৃপাত শ্বুআইব আৰু তেওঁৰ লগত ঈমান পোষণ কৰা লোকসকলক তাৰ পৰা ৰক্ষা কৰিলোঁ। ইপিনে তেওঁ সম্প্ৰদায়ৰ অন্যায়কাৰীবিলাকক প্ৰচণ্ড শব্দই ধ্বংস কৰিলে, ফলত সিহঁত লগে লগে মৃত্যুবৰণ কৰিলে। সিহঁত এনেকৈ উবুৰি খাই পৰিছিল যে, সিহঁতৰ চেহেৰা মাটিৰে লুতুৰি-পুতুৰি হৈ আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011094.mp3"},{"index":"95","arabicText":"كَاَنْ لَّمْ یَغْنَوْا فِیْهَا ؕ اَلَا بُعْدًا لِّمَدْیَنَ كَمَا بَعِدَتْ ثَمُوْدُ ۟۠","assameseTranslation":"যেনিবা সিহঁতে কেতিয়াও তাত বসবাস কৰাই নাছিল। জানি থোৱা! ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামূদ সম্প্ৰদায়।","footnotes":"","tafseer":"এনেকুৱা দৃশ্যত পৰিণত হৈছিল যেনিবা সিহঁতে তাত কেতিয়াও বসবাসে কৰা নাছিল। জানি থোৱা! মাদিয়ান সম্প্ৰদায়ো আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হৈছিল, যেতিয়া সিহঁতৰ ওপৰত তেওঁৰ শাস্তি আহি পৰিছিল, যিদৰে ছামূদ সম্প্ৰদায়ৰ ওপৰত আল্লাহৰ প্ৰকোপ অৱতীৰ্ণ হোৱাৰ পিছত, সিহঁতক আল্লাহৰ ৰহমতৰ পৰা দূৰ কৰি দিয়া হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011095.mp3"},{"index":"96","arabicText":"وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَا وَسُلْطٰنٍ مُّبِیْنٍ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী তথা স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলোঁ।","footnotes":"","tafseer":"নিশ্চয় আমি মুছাক তাওহীদ প্ৰমাণ কৰিবলৈ তথা তেওঁৰ চৰীয়তৰ সত্যতা সাব্যস্ত কৰিবলৈ বহুতো স্পষ্ট প্ৰমাণ তথা প্ৰকাশ্য যুক্তিৰে প্ৰেৰণ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011096.mp3"},{"index":"97","arabicText":"اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَاتَّبَعُوْۤا اَمْرَ فِرْعَوْنَ ۚ وَمَاۤ اَمْرُ فِرْعَوْنَ بِرَشِیْدٍ ۟","assameseTranslation":"ফিৰআউন আৰু তাৰ নেতৃবৃন্দসকলৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল।","footnotes":"","tafseer":"আমি তেওঁক ফিৰআউন আৰু তাৰ জাতিৰ গণ্যমান্য লোকসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। কিন্তু সেই গণ্যমান্য লোকসকলে আল্লাহক অস্বীকাৰ কৰিবলৈ ফিৰআউনে কৰা আদেশ মানি ল’লে। যদিও ফিৰআউনৰ আদেশ অনুসৰণযোগ্য নাছিল। কাৰণ সেইটো সঠিক তথা উচিত সিদ্ধান্ত নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011097.mp3"},{"index":"98","arabicText":"یَقْدُمُ قَوْمَهٗ یَوْمَ الْقِیٰمَةِ فَاَوْرَدَهُمُ النَّارَ ؕ وَبِئْسَ الْوِرْدُ الْمَوْرُوْدُ ۟","assameseTranslation":"ক্বিয়ামতৰ দিনা সি তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সিয়েই সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেইটো অত্যন্ত নিকৃষ্ট উপনীত হোৱাৰ স্থান!","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা ফিৰআউন আৰু তাৰ সম্প্ৰদায় জাহান্নামৰ পিনে আগবাঢ়িব, অৱশেষত সিহঁতক তাত নিক্ষেপ কৰা হ'ব। সেইটো কিমান যে নিকৃষ্ট ঠাই, য’ত সিহঁতে অৱতৰণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011098.mp3"},{"index":"99","arabicText":"وَاُتْبِعُوْا فِیْ هٰذِهٖ لَعْنَةً وَّیَوْمَ الْقِیٰمَةِ ؕ بِئْسَ الرِّفْدُ الْمَرْفُوْدُ ۟","assameseTranslation":"আৰু অভিশাপে সিহঁতক এই পৃথিৱীতো লগ এৰা নাছিল আৰু ক্বিয়ামতৰ দিনাও নেৰিব। সেইটো কিমান যে নিকৃষ্ট পুৰস্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব!","footnotes":"","tafseer":"পাৰ্থিৱ জীৱনত আল্লাহে সিহঁতৰ লগত অভিশাপ সম্পৃক্ত কৰি দিছে আৰু তেওঁৰ কৰুণাৰ পৰা বঞ্চিত কৰি বিতাড়িত কৰিছে, লগতে সিহঁতক সাগৰত ডুবাই ধ্বংস কৰিছে। আনকি ক্বিয়ামতৰ দিনাও লাঞ্ছনা আৰু ৰহমতৰ পৰা সিহঁত দূৰত থাকিব। পৃথিৱী আৰু আখিৰাতত সিহঁতে যি অভিশাপ আৰু শাস্তি ভোগ কৰিব সেয়া কিমান যে নিকৃষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011099.mp3"},{"index":"100","arabicText":"ذٰلِكَ مِنْ اَنْۢبَآءِ الْقُرٰی نَقُصُّهٗ عَلَیْكَ مِنْهَا قَآىِٕمٌ وَّحَصِیْدٌ ۟","assameseTranslation":"এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলোঁ। এইবোৰৰ কিছুমান এতিয়াও বিদ্যমান আছে আৰু কিছুমান নিৰ্মূল হৈছে।","footnotes":"","tafseer":"হে ৰাছুল! এই ছুৰাত যি বৰ্ণনা দিয়া হৈছে, সেয়া হৈছে সেইসমূহ জনপদ, যিবোৰৰ সংবাদ আমি আপোনাক দি আছোঁ। ইয়াৰ মাজৰ কিছুমান গাঁও এনেকুৱাও আছে, যিবোৰৰ (ধ্বংসাৱশেষৰ) প্ৰতীক এতিয়াও অৱশিষ্ট আছে। লগতে কিছুমান আছে এনেকুৱা, যিবোৰৰ সকলো প্ৰতীক ধ্বংস হৈছে আৰু কোনো চিহ্নই বাকী নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011100.mp3"},{"index":"101","arabicText":"وَمَا ظَلَمْنٰهُمْ وَلٰكِنْ ظَلَمُوْۤا اَنْفُسَهُمْ فَمَاۤ اَغْنَتْ عَنْهُمْ اٰلِهَتُهُمُ الَّتِیْ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ مِنْ شَیْءٍ لَّمَّا جَآءَ اَمْرُ رَبِّكَ ؕ وَمَا زَادُوْهُمْ غَیْرَ تَتْبِیْبٍ ۟","assameseTranslation":"আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলোঁ, সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। দৰাচলতে যেতিয়া তোমাৰ প্ৰতিপালকৰ (শাস্তিৰ) নিৰ্দেশ আহি পাইছিল, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত অহা নাছিল; ওলোটা সিহঁতে সিহঁতৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।","footnotes":"","tafseer":"সিহঁতক ধ্বংস কৰি আমি সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই। বৰং সিহঁতে আল্লাহক অস্বীকাৰ কৰি নিজকে ধ্বংসৰ যোগ্য বনাই নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে। হে ৰাছুল! সিহঁতক ধ্বংস কৰিবলৈ আপোনাৰ প্ৰতিপালকৰ নিৰ্দেশ যেতিয়া আহিছিল, তেতিয়া আল্লাহক এৰি সিহঁতে উপাসনা কৰা উপাস্যবোৰ সিহঁতৰ শাস্তিক প্ৰতিৰোধ কৰিবলৈ একেবাৰে অসমৰ্থ পৰিলক্ষিত হৈছিল। সিহঁতৰ সেই উপাস্যবোৰে কেৱল ক্ষতি আৰু ধ্বংসহে বৃদ্ধি কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011101.mp3"},{"index":"102","arabicText":"وَكَذٰلِكَ اَخْذُ رَبِّكَ اِذَاۤ اَخَذَ الْقُرٰی وَهِیَ ظَالِمَةٌ ؕ اِنَّ اَخْذَهٗۤ اَلِیْمٌ شَدِیْدٌ ۟","assameseTranslation":"যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।","footnotes":"","tafseer":"যিদৰে আল্লাহে বিগত অস্বীকাৰকাৰী সম্প্ৰদায়ৰ শিপা নিৰ্মূল কৰিছে, ঠিক সেইদৰে যুগে যুগে ঠায়ে ঠায়ে আল্লাহে তেনেকুৱা শাস্তি প্ৰদান কৰিয়ে থাকিব। নিশ্চয় অন্যায়কাৰী জনপদৰ শাস্তি অতি কষ্টদায়ক তথা কঠিন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011102.mp3"},{"index":"103","arabicText":"اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّمَنْ خَافَ عَذَابَ الْاٰخِرَةِ ؕ ذٰلِكَ یَوْمٌ مَّجْمُوْعٌ ۙ لَّهُ النَّاسُ وَذٰلِكَ یَوْمٌ مَّشْهُوْدٌ ۟","assameseTranslation":"নিশ্চয় ইয়াত আছে সেই ব্যক্তিৰ বাবে নিদৰ্শন, যিয়ে আখিৰাতক ভয় কৰে। সেইটো হ’ব এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইদিনা সকলোকে উপস্থিত কৰা হ’ব;","footnotes":"","tafseer":"নিশ্চয় আল্লাহৰ ফালৰ পৰা শাস্তিপ্ৰাপ্ত সেই জনপদসমূহৰ ধ্বংসৰ মাজত আছে শিক্ষা তথা পাঠ, প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে ক্বিয়ামত দিৱসৰ শাস্তিক ভয় কৰে। এইটোৱে হৈছে সেই দিৱস, যিদিনা আল্লাহে মানুহক হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰিব। সেইটো হৈছে উপস্থিত হোৱাৰ দিন, যিদিনা হাছৰৰ ময়দানত উপস্থিত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011103.mp3"},{"index":"104","arabicText":"وَمَا نُؤَخِّرُهٗۤ اِلَّا لِاَجَلٍ مَّعْدُوْدٍ ۟ؕ","assameseTranslation":"আৰু আমি সেইটোক কেৱল নিৰ্দিষ্ট এটা সময়ৰ বাবে বিলম্বিত কৰিছোঁ।","footnotes":"","tafseer":"সেই দিনটোক আমি কেৱল এটা নিৰ্দিষ্ট সময়লৈকে পিছুৱাই আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011104.mp3"},{"index":"105","arabicText":"یَوْمَ یَاْتِ لَا تَكَلَّمُ نَفْسٌ اِلَّا بِاِذْنِهٖ ۚ فَمِنْهُمْ شَقِیٌّ وَّسَعِیْدٌ ۟","assameseTranslation":"যেতিয়া সেই দিৱসটো আহিব তেতিয়া আল্লাহৰ অনুমতি অবিহনে কোনেও কথাও ক’ব নোৱাৰিব; এতেকে সিহঁতৰ মাজৰ কিছুমান হ’ব দুৰ্ভগীয়া আৰু কিছুমান হ’ব সৌভাগ্যৱান।","footnotes":"","tafseer":"সেই দিনটো যেতিয়া আহিব, তেতিয়া কোনেও তেওঁৰ অনুমতি অবিহনে প্ৰমাণ সহকাৰে হওক তথা মধ্যস্ততাৰ মাধ্যমতে হওক কথা ক’ব নোৱাৰিব। সেইদিনা মানুহ দুই প্ৰকাৰৰ হ'ব। দুৰ্ভগীয়া, যিসকলে জাহান্নামত প্ৰৱেশ কৰিব, আৰু ভাগ্যৱান, যিসকলে জান্নাতত প্ৰৱেশ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011105.mp3"},{"index":"106","arabicText":"فَاَمَّا الَّذِیْنَ شَقُوْا فَفِی النَّارِ لَهُمْ فِیْهَا زَفِیْرٌ وَّشَهِیْقٌ ۟ۙ","assameseTranslation":"ফলত যিসকল দুৰ্ভগীয়া হ’ব সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত সিহঁতে ভীষণ চিঞৰ আৰু আৰ্তনাদ কৰি থাকিব।","footnotes":"","tafseer":"এতেকে কুফুৰী আৰু কুকৰ্ম কৰাৰ কাৰণে দুৰ্ভগীয়া লোকসকলে জাহান্নামত প্ৰৱেশ কৰিব। তাত জাহান্নামৰ অগ্নিশিখাৰ উত্তাপত সিহঁতে চিঞঁৰিব আৰু উশাহ-নিশাহৰ শব্দও উচ্চ হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011106.mp3"},{"index":"107","arabicText":"خٰلِدِیْنَ فِیْهَا مَا دَامَتِ السَّمٰوٰتُ وَالْاَرْضُ اِلَّا مَا شَآءَ رَبُّكَ ؕ اِنَّ رَبَّكَ فَعَّالٌ لِّمَا یُرِیْدُ ۟","assameseTranslation":"তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ প্ৰতিপালকে সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।","footnotes":"","tafseer":"তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। তাৰ পৰা সিহঁতে কেতিয়াও ওলাব নোৱাৰিব, যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী বিদ্যমান থাকিব। কিন্তু তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থকা গুনাহগাৰ ব্যক্তিক আল্লাহে ইচ্ছা কৰিলে ওলাই আনিব। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেইটোৱে কৰে। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011107.mp3"},{"index":"108","arabicText":"وَاَمَّا الَّذِیْنَ سُعِدُوْا فَفِی الْجَنَّةِ خٰلِدِیْنَ فِیْهَا مَا دَامَتِ السَّمٰوٰتُ وَالْاَرْضُ اِلَّا مَا شَآءَ رَبُّكَ ؕ عَطَآءً غَیْرَ مَجْذُوْذٍ ۟","assameseTranslation":"আনহাতে যিসকল সৌভাগ্যৱান তেওঁলোক থাকিব জান্নাতত। তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰস্কাৰ।","footnotes":"","tafseer":"আনহাতে ভাগ্যৱান লোকসকল, যিসকলক তেওঁলোকৰ ঈমান আৰু সত্কৰ্মৰ কাৰণে আল্লাহে পূৰ্বেই সৌভাগ্যৱান বুলি ঘোষণা কৰিছে। তেওঁলোকে জান্নাতত চিৰস্থায়ী হ'ব, যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী অৱশিষ্ট থাকিব। কিন্তু জান্নাতত প্ৰৱেশ কৰোৱাৰ আগতেই গুনাহগাৰ মুমিনসকলৰ মাজৰ যাক ইচ্ছা কৰিব জাহান্নামত প্ৰৱেশ কৰাব। নিশ্চয় জান্নাতৰ অধিবাসীসকলে লাভ কৰা আল্লাহৰ নিয়ামতসমূহ হ'ব নিৰৱচ্ছিন্ন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011108.mp3"},{"index":"109","arabicText":"فَلَا تَكُ فِیْ مِرْیَةٍ مِّمَّا یَعْبُدُ هٰۤؤُلَآءِ ؕ مَا یَعْبُدُوْنَ اِلَّا كَمَا یَعْبُدُ اٰبَآؤُهُمْ مِّنْ قَبْلُ ؕ وَاِنَّا لَمُوَفُّوْهُمْ نَصِیْبَهُمْ غَیْرَ مَنْقُوْصٍ ۟۠","assameseTranslation":"এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে তুমি সংশয়ত নপৰিবা, সিহঁতেও সেইদৰেই (মিছা উপাস্যৰ) উপাসনা কৰে যিদৰে সিহঁতৰ পিতৃ-পুৰুষসকলে কৰিছিল। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম--- অকণো হ্ৰাস নকৰোঁ।","footnotes":"","tafseer":"হে ৰাছুল! মুশ্বৰিকসকলে যিবোৰৰ উপাসনা কৰি আছে, সেইবোৰৰ ক্ষতি সম্পৰ্কে আপুনি সন্দেহ পোষণ নকৰিব। সিহঁতে যি কৰি আছে তাৰ সপক্ষে সিহঁতৰ ওচৰত কোনো বৌদ্ধিক প্ৰমাণো নাই আৰু কোনো ধাৰ্মিক প্ৰমাণো নাই। বৰং আল্লাহৰ বাহিৰে আনৰ বাবে সিহঁতে কৰা ইবাদতৰ একমাত্ৰ কাৰণটো হৈছে পিতৃ-পুৰুষসকলৰ অন্ধানুসৰণ। নিশ্চয় আমি সিহঁতক সিহঁতৰ শাস্তিৰ ভাগ পৰিপূৰ্ণৰূপে প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011109.mp3"},{"index":"110","arabicText":"وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ فَاخْتُلِفَ فِیْهِ ؕ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَقُضِیَ بَیْنَهُمْ ؕ وَاِنَّهُمْ لَفِیْ شَكٍّ مِّنْهُ مُرِیْبٍ ۟","assameseTranslation":"আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লহেঁতেন। নিশ্চয় সিহঁত এই (কোৰআন) সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত নিপতিত।","footnotes":"","tafseer":"নিশ্চয় আমি মুছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, কিন্তু তাত মানুহে বিভেদ সৃষ্টি কৰিছিল। কিছুমানে তাৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু আন কিছুমানে অস্বীকাৰ কৰিছিল। যদি আল্লাহৰ এয়া পূৰ্ব নিৰ্ধাৰণ নিৰ্ণয় নাথাকিলহেঁতেন যে, তেওঁ শীঘ্ৰেই শাস্তি প্ৰদান নকৰিব, বৰং প্ৰজ্ঞানুসাৰে ক্বিয়ামত পৰ্যন্ত অৱকাশ দিব, অন্যথা পৃথিৱীতেই সিহঁতে সেই শাস্তি ভোগ কৰিলেহেঁতেন, যি শাস্তিৰ সিহঁত উপযুক্ত। নিশ্চয় ইয়াহুদী আৰু মুশ্বৰিকসকলৰ মাজৰ কাফিৰসকলে কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011110.mp3"},{"index":"111","arabicText":"وَاِنَّ كُلًّا لَّمَّا لَیُوَفِّیَنَّهُمْ رَبُّكَ اَعْمَالَهُمْ ؕ اِنَّهٗ بِمَا یَعْمَلُوْنَ خَبِیْرٌ ۟","assameseTranslation":"আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে তেওঁ সেই বিষয়ে সবিশেষ অৱহিত।","footnotes":"","tafseer":"হে ৰাছুল! উপৰোক্ত বিভেদকাৰীসকলৰ মাজৰ প্ৰত্যেককে আপোনাৰ প্ৰতিপালকে সিহঁতৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিফল দান কৰিব। যাৰ কৰ্ম ভাল হ'ব, সি ভাল প্ৰতিফল পাব। আনহাতে যাৰ কৰ্ম বেয়া হ'ব, সি বেয়া প্ৰতিফল পাব। নিশ্চয় সিহঁতৰ প্ৰতিটো সূক্ষ্ম আমল সম্পৰ্কেও আল্লাহ অৱগত। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011111.mp3"},{"index":"112","arabicText":"فَاسْتَقِمْ كَمَاۤ اُمِرْتَ وَمَنْ تَابَ مَعَكَ وَلَا تَطْغَوْا ؕ اِنَّهٗ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"এতেকে তুমি যিদৰে আদিষ্ট হৈছা তাত অবিচল থাকা আৰু তোমাৰ সৈতে যিসকলে তাওবা কৰিছে তেওঁলোকেও; আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"হে ৰাছুল! পোন পথত পৰিচালিত থকাৰ স্বভাৱক খামোচি ধৰক, যেনেকৈ আল্লাহে আপোনাক আদেশ দিছে। এতেকে তেওঁৰ আদেশ পালন কৰক আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকক। এইদৰে আপোনাৰ সৈতে তাওবা কৰা মুমিনসকলেও পোন পথত অবিচল থকা উচিত। (হে মুমিনসকল) গুনাহত লিপ্ত হৈ সীমালঙ্ঘন নকৰিবা। নিশ্চয় তেওঁ তোমালোকৰ কৰ্মসমূহ দেখি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়, আৰু অচিৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011112.mp3"},{"index":"113","arabicText":"وَلَا تَرْكَنُوْۤا اِلَی الَّذِیْنَ ظَلَمُوْا فَتَمَسَّكُمُ النَّارُ ۙ وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ اَوْلِیَآءَ ثُمَّ لَا تُنْصَرُوْنَ ۟","assameseTranslation":"আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব।","footnotes":"","tafseer":"অন্যায়কাৰী কাফিৰসকলৰ লগত মন জয় কৰা কথা কৈ তথা সিহঁতৰ লগত বন্ধুত্ব কৰি সিহঁতৰ প্ৰতি নত নহ'বা, অন্যথা এই নত স্বীকাৰ কৰাৰ কাৰণে তোমালোকক জুয়ে স্পৰ্শ কৰিব। আনহাতে আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই যে তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব। লগতে তোমালোকে কোনো সহায়কাৰীও বিচাৰি নাপাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011113.mp3"},{"index":"114","arabicText":"وَاَقِمِ الصَّلٰوةَ طَرَفَیِ النَّهَارِ وَزُلَفًا مِّنَ الَّیْلِ ؕ اِنَّ الْحَسَنٰتِ یُذْهِبْنَ السَّیِّاٰتِ ؕ ذٰلِكَ ذِكْرٰی لِلذّٰكِرِیْنَ ۟ۚ","assameseTranslation":"আৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি দিনৰ দুয়ো প্ৰান্তভাগত অৰ্থাৎ পুৱা আৰু সন্ধিয়া উত্তমৰূপে ছালাত প্ৰতিষ্ঠা কৰক। লগতে ৰাতিৰো এটা অংশত ছালাত আদায় কৰক। নিশ্চয় নেক কৰ্মই সৰু সুৰা গুনাহসমূহ মোচন কৰে। উপৰোক্ত কথাবোৰ উপদেশ গ্ৰহণকাৰী লোকৰ বাবে হৈছে উপদেশ, আৰু শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে হৈছে শিক্ষা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011114.mp3"},{"index":"115","arabicText":"وَاصْبِرْ فَاِنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟","assameseTranslation":"আৰু তুমি ধৈৰ্য্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহে সৎকৰ্মশীলসকলৰ প্ৰতিদান বিনষ্ট নকৰে।","footnotes":"","tafseer":"আপোনাক পোন পথত অবিচল থকাৰ যি আদেশ দিয়া হৈছে, আৰু বিদ্ৰোহী তথা অন্যায়কাৰীসকলৰ প্ৰতি নত হোৱাৰ পৰা যি নিষেধাজ্ঞা দিয়া হৈছে, তাৰ প্ৰতি ধৈৰ্য্য সহকাৰে আমল কৰক। নিশ্চয় আল্লাহে পূণ্যৱান লোকসকলৰ প্ৰতিফল ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ নেক আমলসমূহ কবূল কৰে আৰু তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উত্তম প্ৰতিদান দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011115.mp3"},{"index":"116","arabicText":"فَلَوْلَا كَانَ مِنَ الْقُرُوْنِ مِنْ قَبْلِكُمْ اُولُوْا بَقِیَّةٍ یَّنْهَوْنَ عَنِ الْفَسَادِ فِی الْاَرْضِ اِلَّا قَلِیْلًا مِّمَّنْ اَنْجَیْنَا مِنْهُمْ ۚ وَاتَّبَعَ الَّذِیْنَ ظَلَمُوْا مَاۤ اُتْرِفُوْا فِیْهِ وَكَانُوْا مُجْرِمِیْنَ ۟","assameseTranslation":"এতেকে তোমালোকৰ পূৰ্বে যিবোৰ প্ৰজন্ম অতিবাহিত হৈছে সিহঁতৰ মাজত এনেকুৱা প্ৰজ্ঞাৱান কিয় হোৱা নাই, যিসকলে পৃথিৱীত অশান্তি সৃষ্টিৰ পৰা নিষেধ কৰিলেহেঁতেন? কিছুসংখ্যক লোকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা ৰক্ষা কৰিছিলোঁ। আনহাতে যিসকলে অন্যায় কৰিছিল, সিহঁতে বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।","footnotes":"","tafseer":"বিগত সম্প্ৰদায়সমূহ, যিসকলক শাস্তিৰ দ্বাৰা ধ্বংস কৰা হৈছে সিহঁতৰ মাজত সদাচাৰী তথা নেক লোকৰ উপস্থিতি পোৱা নগ’ল কিয়, যিসকলে সিহঁতক কুফৰ আৰু গুনাহৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ পৰা বিৰত ৰাখিলেহেঁতেন। কিন্তু সিহঁতৰ মাজত তেনেকুৱা লোকৰ উপস্থিতি নাছিল, কেৱল আঙুলিত গণিব পাৰা কেইজনমান লোকৰ বাহিৰে, যিসকলে বিপৰ্যয় সৃষ্টিৰ পৰা মানুহক নিষেধ কৰিছিল। সেয়ে অন্যায়কাৰীসকলক ধ্বংস কৰাৰ সময়ত আমি সেইকেইজন লোকক ৰক্ষা কৰিছিলোঁ। ইপিনে তেওঁলোকৰ সম্প্ৰদায়ৰ অন্যায়কাৰী লোকসকলে বিলাসিতাত মত্ত হৈ আছিল। ফলত সিহঁতে অন্যায়কাৰীত পৰিণত হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011116.mp3"},{"index":"117","arabicText":"وَمَا كَانَ رَبُّكَ لِیُهْلِكَ الْقُرٰی بِظُلْمٍ وَّاَهْلُهَا مُصْلِحُوْنَ ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালক এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদক ধ্বংস কৰিব, অথচ তাৰ অধিবাসীসকল হৈছে সংশোধনকাৰী।","footnotes":"","tafseer":"হে ৰাছুল! এনেকুৱা কেতিয়াও হ’ব নোৱাৰে যে, কোনো জনপদৰ মানুহে গঠনমূলক তথা সংশোধনমূলক কাম কৰি আছে, তথাপিও আপোনাৰ প্ৰতিপালকে তেওঁলোকক ধ্বংস কৰিব। বৰং তেওঁ সিহঁতক তেতিয়াহে ধ্বংস কৰে, যেতিয়া তাৰ অধিবাসীসকলে কুফৰ, অন্যায়-অত্যাচাৰ আৰু গুনাহৰ দ্বাৰা পৰিবেশ কলুষিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011117.mp3"},{"index":"118","arabicText":"وَلَوْ شَآءَ رَبُّكَ لَجَعَلَ النَّاسَ اُمَّةً وَّاحِدَةً وَّلَا یَزَالُوْنَ مُخْتَلِفِیْنَ ۟ۙ","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা উম্মতত পৰিণত কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁতে সদায় মত-বিৰোধহে কৰি থাকিব,","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকে এটা দলৰ অন্তৰ্ভুক্ত কৰি সত্যৰ পথত পৰিচালিত কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এনেকুৱা ইচ্ছা পোষণ কৰা নাই। কাৰণ সিহঁতে প্ৰবৃত্তিৰ অনুসৰণ কৰাৰ বাবে আৰু বিদ্ৰোহৰ ফলত সদায় মতভেদ সৃষ্টি কৰি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011118.mp3"},{"index":"119","arabicText":"اِلَّا مَنْ رَّحِمَ رَبُّكَ ؕ وَلِذٰلِكَ خَلَقَهُمْ ؕ وَتَمَّتْ كَلِمَةُ رَبِّكَ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ اَجْمَعِیْنَ ۟","assameseTranslation":"কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে। কাৰণ এই বাবেই তেওঁলোকক তেওঁ সৃষ্টি কৰিছে, লগতে তোমাৰ প্ৰতিপালকৰ এই কথাও চূড়ান্ত হৈছে যে, ‘নিশ্চিতভাৱে আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম পূৰ্ণ কৰিম’।","footnotes":"","tafseer":"কিন্তু যিসকলক আল্লাহে হিদায়তৰ তাওফীক প্ৰদান কৰি তেওঁলোকৰ প্ৰতি দয়া কৰিছে (তেওঁলোকৰ কথা সুকীয়া)। কাৰণ তেওঁলোকে তাওহীদৰ ক্ষেত্ৰত মতভেদ নকৰে। এনেকুৱা মতভেদৰ জৰিয়তে পৰীক্ষা কৰাৰ কাৰণে আল্লাহে সিহঁতক সৃষ্টি কৰিছে। সিহঁতৰ মাজত কিছুমান আছে দুৰ্ভগীয়া আৰু কিছুমান আছে সৌভাগ্যশালী। হে ৰাছুল! আল্লাহৰ বাণী সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছে, যিটোৰ নিৰ্ণয় তেওঁ অনাদিকালতে লৈ থৈছিল যে, তেওঁ জাহান্নামক চয়তানৰ অনুসাৰী জিন আৰু মানুহৰ দ্বাৰা পূৰণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011119.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011119.mp3"},{"index":"120","arabicText":"وَكُلًّا نَّقُصُّ عَلَیْكَ مِنْ اَنْۢبَآءِ الرُّسُلِ مَا نُثَبِّتُ بِهٖ فُؤَادَكَ ۚ وَجَآءَكَ فِیْ هٰذِهِ الْحَقُّ وَمَوْعِظَةٌ وَّذِكْرٰی لِلْمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছোঁ, যাৰ দ্বাৰা আমি তোমাৰ মনক সুদৃঢ় কৰোঁ, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰলৈ আহিছে উপদেশ আৰু স্মৰণ।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ পূৰ্বে অহা নবীসকলৰ যি বৰ্ণনা আমি আপোনাক শুনাওঁ, ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে যাতে ইয়াৰ দ্বাৰা আপোনাৰ হৃদয় সুদৃঢ় থাকে আৰু শক্তিশালী হয়। এই ছুৰাত আপোনাৰ বাবে সত্য আহি পৰিছে, য’ত কোনো সন্দেহ নাই। লগতে ইয়াত আপোনাৰ ওচৰত আহিছে কাফিৰসকলৰ বাবে উপদেশ। মুমিনসকলৰ বাবে স্মৰণ, যিসকলে ইয়াৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011120.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011120.mp3"},{"index":"121","arabicText":"وَقُلْ لِّلَّذِیْنَ لَا یُؤْمِنُوْنَ اعْمَلُوْا عَلٰی مَكَانَتِكُمْ ؕ اِنَّا عٰمِلُوْنَ ۟ۙ","assameseTranslation":"আৰু (হে নবী!) যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজৰ নিজৰ অৱস্থানত কাম কৰি যোৱা, আমিও আমাৰ কাম কৰি আছোঁ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে আৰু তেওঁৰ তাওহীদকো বিশ্বাস নকৰে; কওক যে, তোমালোকে সত্যৰ পৰা বিৰত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা আৰু প্ৰতিৰোধ কৰা। ইপিনে আমি আমাৰ পথত দৃঢ়তাৰে কাম কৰিম আৰু মানুহক আহ্বান কৰিম আৰু এই ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011121.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011121.mp3"},{"index":"122","arabicText":"وَانْتَظِرُوْا ۚ اِنَّا مُنْتَظِرُوْنَ ۟","assameseTranslation":"‘এতেকে তোমালোকেও প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছোঁ’।","footnotes":"","tafseer":"তোমালোকে আমাৰ প্ৰতি অহা শাস্তিৰ অপেক্ষা কৰা, আমিও নিশ্চিতভাৱে অপেক্ষা কৰিম তোমালোকৰ ওপৰত কেনেকুৱা শাস্তি আহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011122.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011122.mp3"},{"index":"123","arabicText":"وَلِلّٰهِ غَیْبُ السَّمٰوٰتِ وَالْاَرْضِ وَاِلَیْهِ یُرْجَعُ الْاَمْرُ كُلُّهٗ فَاعْبُدْهُ وَتَوَكَّلْ عَلَیْهِ ؕ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟۠","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। কাৰণ তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।","footnotes":"","tafseer":"একমাত্ৰ আল্লাহৰ ওচৰতেই আকাশমণ্ডল তথা পৃথিৱীৰ গোপন বিষয়ৰ জ্ঞান আছে। কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰিব। এতেকে হে ৰাছুল! আপুনি একমাত্ৰ তেওঁৰেই ইবাদত কৰক, আৰু আপুনি সকলো ক্ষেত্ৰতে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰক। নিশ্চয় আপোনাৰ প্ৰতিপালক আপোনালোকৰ কৰ্ম সম্পৰ্কে অমনোযোগী নহয়। বৰং তেওঁ সকসো বিষয়েই সৰ্বজ্ঞ। শীঘ্ৰেই তেওঁ প্ৰত্যেককে কৰ্মৰ প্ৰতিফল দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/011123.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/011123.mp3"}]