[{"index":"1","arabicText":"الٓمّٓرٰ ۫ تِلْكَ اٰیٰتُ الْكِتٰبِ ؕ وَالَّذِیْۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ الْحَقُّ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"আলিফ-লাম-মীম-ৰা,[1] এইবোৰ হৈছে কিতাবৰ আয়াত, আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(আলিফ-লাম-ৰা) এইবোৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। হে ৰাছুল! এই ছুৰাৰ উৎকৃষ্ট এই আয়াতসমূহ, লগতে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনখন হৈছে চিৰসত্য, যাৰ মাজত কোনো সন্দেহ নাই। লগতে এই ক্ষেত্ৰতো কোনো সন্দেহ নাই যে, এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। কিন্তু অধিকাংশ লোকে বিৰোধ আৰু অহংকাৰৰ ফলত ঈমান পোষণ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013001.mp3"},{"index":"2","arabicText":"اَللّٰهُ الَّذِیْ رَفَعَ السَّمٰوٰتِ بِغَیْرِ عَمَدٍ تَرَوْنَهَا ثُمَّ اسْتَوٰی عَلَی الْعَرْشِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ؕ كُلٌّ یَّجْرِیْ لِاَجَلٍ مُّسَمًّی ؕ یُدَبِّرُ الْاَمْرَ یُفَصِّلُ الْاٰیٰتِ لَعَلَّكُمْ بِلِقَآءِ رَبِّكُمْ تُوْقِنُوْنَ ۟","assameseTranslation":"আল্লাহ সেইজন, যিজনে আকাশসমূহক খুঁটাবিহীন ওপৰত স্থাপন কৰিছে, যিটো তোমালোকে দেখি আছা। তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে আৰু সূৰ্য আৰু চন্দ্ৰক নিয়মাধীন কৰিছে, প্ৰত্যেকটোৱে এটা নিৰ্দিষ্ট সময়লৈকে আৱৰ্তন কৰিব। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে, আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ লগত সাক্ষাত সম্পৰ্কে নিশ্চিত বিশ্বাস কৰিব পাৰা।","footnotes":"","tafseer":"তেৱেঁই আল্লাহ, যিয়ে আকাশমণ্ডলক খুটা অবিহনে সৃষ্টি কৰিছে, তোমালোকে ইয়াক দেখা পাই আছা। তাৰ পিছত তেওঁ আৰছত (সিংহাসনত) উঠিছে, সেইদৰেই যিদৰে তেওঁ উঠা উচিত। এই সম্পৰ্কে কোনো ধৰণ-গঠন বৰ্ণনা কৰা তথা কোনো উদাহৰণ দিয়া ঠিক নহয়। তেৱেঁই চন্দ্ৰ সূৰ্যক তেওঁৰ সৃষ্টিৰ উপকাৰৰ বাবে নিয়োজিত কৰিছে। চন্দ্ৰ আৰু সূৰ্য প্ৰত্যেকেই এটা নিৰ্দিষ্ট সময়লৈকে সক্ৰিয় থাকিব, যাৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত আছে। তেৱেঁই পৱিত্ৰ আল্লাহ, আকাশমণ্ডল আৰু পৃথিৱীক যিদৰে ইচ্ছা সেইদৰেই পৰিচালনা কৰে। তেওঁ নিজৰ ক্ষমতাৰ বৰ্ণনা স্পষ্টভাৱে বৰ্ণনা কৰে। যাতে তোমালোকে ক্বিয়ামত দিৱসৰ সাক্ষাতক বিশ্বাস কৰা, আৰু তাৰ প্ৰস্তুতিৰ বাবে নেক আমল কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013002.mp3"},{"index":"3","arabicText":"وَهُوَ الَّذِیْ مَدَّ الْاَرْضَ وَجَعَلَ فِیْهَا رَوَاسِیَ وَاَنْهٰرًا ؕ وَمِنْ كُلِّ الثَّمَرٰتِ جَعَلَ فِیْهَا زَوْجَیْنِ اثْنَیْنِ یُغْشِی الَّیْلَ النَّهَارَ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟","assameseTranslation":"আৰু তেৱেঁই ভূ-পৃষ্ঠক বিস্তৃত কৰিছে আৰু তাত সুদৃঢ় পৰ্বত আৰু নদী সৃষ্টি কৰিছে আৰু তেৱেঁই সকলো ধৰণৰ ফল-মূল যোৰা-যোৰাকৈ সৃষ্টি কৰিছে। তেৱেঁই দিনক ৰাতিৰ দ্বাৰা ঢাকি দিয়ে। নিশ্চয় ইয়াত চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন আছে।","footnotes":"","tafseer":"তেৱেঁই আল্লাহ, যিয়ে পৃথিৱীক প্ৰসাৰিত কৰিছে, আৰু তাত বনাইছে বিশাল বিশাল মজবুত পৰ্বত, যাতে পৃথিৱীয়ে মানুহক লৈ কঁপি নাথাকে। লগতে ইয়াত সৃষ্টি কৰিছে নদ-নদী, যাতে মানুহে আৰু জীৱ-জন্তুৱে পানী সেৱন কৰিব পাৰে আৰু খেতি-পথাৰত ব্যৱহাৰ কৰিব পাৰে। তেওঁ প্ৰত্যেক ফলমূলকে বনাইছে যোৰ যোৰকৈ, যিদৰে জীৱ-জন্তুত আছে মতা আৰু মাইকী। তেওঁ ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে, ফলত পোহৰৰ অন্তত অন্ধকাৰ হৈ পৰে। নিশ্চয় এই বিৱৰণত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা তথা গৱেষণা কৰে। কাৰণ তেওঁলোকেই এইবোৰ প্ৰমাণ আৰু দলিলৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013003.mp3"},{"index":"4","arabicText":"وَفِی الْاَرْضِ قِطَعٌ مُّتَجٰوِرٰتٌ وَّجَنّٰتٌ مِّنْ اَعْنَابٍ وَّزَرْعٌ وَّنَخِیْلٌ صِنْوَانٌ وَّغَیْرُ صِنْوَانٍ یُّسْقٰی بِمَآءٍ وَّاحِدٍ ۫ وَنُفَضِّلُ بَعْضَهَا عَلٰی بَعْضٍ فِی الْاُكُلِ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟","assameseTranslation":"আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূখণ্ড, আঙ্গুৰৰ বাগিচা, খেতি পথাৰ, একেই মূলৰ পৰা উদগত বা ভিন ভিন মূলৰ পৰা উদগত খেজুৰ গছ যিবোৰক একে পানীয়েই জীপাল কৰে, কিন্তু সোৱাদৰ ক্ষেত্ৰত সেইবোৰৰ কিছুমানক আমি আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব দিওঁ। নিশ্চয় বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে ইয়াত আছে নিদৰ্শন।","footnotes":"","tafseer":"আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূ-ভাগ। তাত আছে আঙুৰৰ বাগিচা আৰু খেতি-পথাৰ। ক’ৰবাত আছে একেই মূলৰ পৰা উদগত খেজুৰৰ গছ, আকৌ ক’ৰবাত আছে পৃথক পৃথক খেজুৰৰ গছ। এইবোৰ বাগিচা আৰু খেতি-পথাৰক একেই পানীয়ে জীপাল কৰে। একেই পানী আৰু একেই ভূমিত উৎপন্ন হোৱাৰ পিছতো আমি সেইবোৰৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰোঁ, সোৱাদ তথা আন আন উপকাৰৰ ক্ষেত্ৰত। উক্ত বৰ্ণনাত সেইসকল লোকৰ বাবে আছে দলিল আৰু প্ৰমাণ, যিসকলৰ বিবেক-বুদ্ধি আছে। কাৰণ তেওঁলোকেই ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013004.mp3"},{"index":"5","arabicText":"وَاِنْ تَعْجَبْ فَعَجَبٌ قَوْلُهُمْ ءَاِذَا كُنَّا تُرٰبًا ءَاِنَّا لَفِیْ خَلْقٍ جَدِیْدٍ ؕ۬ اُولٰٓىِٕكَ الَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ ۚ وَاُولٰٓىِٕكَ الْاَغْلٰلُ فِیْۤ اَعْنَاقِهِمْ ۚ وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"আৰু যদি তুমি বিস্মিত হোৱা, তেন্তে (তাতোকৈ) বিস্মিয়কৰ বিষয় হৈছে সিহঁতৰ এই কথাঃ ‘(মৃত্যুৰ পিছত) আমি যেতিয়া মাটিত পৰিণত হ'ম, তাৰ পিছতো আমি নতুন জীৱন লাভ কৰিমনে’? ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছে, আৰু ইহঁতৰেই ডিঙিত থাকিব শিকলি, আৰু ইহঁতেই হ’ব অগ্নিৰ অধিবাসী, তাত সিহঁত স্থায়ী হ’ব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি যদি কোনো বিষয়ে আশ্চৰ্য প্ৰকাশ কৰে তেন্তে অধিক আশ্চৰ্যকৰ বিষয় হৈছে সিহঁতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা কাৰ্য, ইয়াক অস্বীকাৰ কৰি সিহঁতে প্ৰমাণ দাঙি ধৰে যে, যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হৈ যাম, তথা আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰ পিছতো আমাক পুনৰ্জীৱিত কৰা হ'বনে? এই পুনৰুত্থানক অস্বীকাৰকাৰী লোকসকলেই নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছে। মৃত্যু ব্যক্তিক পুনৰ্জীৱিত কৰা তেওঁৰ এই ক্ষমতাক সিহঁতে অস্বীকাৰ কৰিছে। ক্বিয়ামতৰ দিনা সিহঁতৰ ডিঙিত জুইৰ শিকলি পিন্ধোৱা হ'ব। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী। তাত সিহঁতে চিৰস্থায়ী হ'ব। তাত সিহঁতৰ মৃত্যুও নহ'ব, শাস্তিও শেষ নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013005.mp3"},{"index":"6","arabicText":"وَیَسْتَعْجِلُوْنَكَ بِالسَّیِّئَةِ قَبْلَ الْحَسَنَةِ وَقَدْ خَلَتْ مِنْ قَبْلِهِمُ الْمَثُلٰتُ ؕ وَاِنَّ رَبَّكَ لَذُوْ مَغْفِرَةٍ لِّلنَّاسِ عَلٰی ظُلْمِهِمْ ۚ وَاِنَّ رَبَّكَ لَشَدِیْدُ الْعِقَابِ ۟","assameseTranslation":"আৰু সিহঁতে মঙ্গলৰ পূৰ্বেই অমঙ্গল আনিবলৈ তোমাৰ ওচৰত খৰখেদা কৰে। অথচ সিহঁতৰ পূৰ্বে শাস্তিৰ অনুৰূপ বহু (শিক্ষণীয়) দৃষ্টান্ত পাৰ হৈছে। নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ অপৰাধৰ পিছতো সিহঁতৰ প্ৰতি ক্ষমাশীল, আৰু (শুনা) নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি প্ৰদানতো অতি কঠোৰ।","footnotes":"","tafseer":"হে ৰাছুল! মুশ্বৰিকসকলে আপোনাৰ ওচৰত দ্ৰুত শাস্তি বিচাৰি আবেদন কৰি আছে, আৰু শাস্তি অহাত পলম হোৱাৰ বাবে অভিযোগ কৰি আছে, দৰাচলতে সিহঁতে লাভ কৰা নিয়ামতসমূহ যিবোৰ আল্লাহে সিহঁতৰ ভাগ্যত লিখিছে, সেইবোৰ ব্যৱহাৰ কৰাৰ পূৰ্বেই এনেকুৱা আবেদন কৰিবলৈ সিহঁতে উঠি পৰি লাগিছে। অথচ ইয়াৰ পূৰ্বেও সিহঁতৰ দৰেই অস্বীকাৰকাৰীসকলৰ ওপৰত শাস্তি আহিছিল। সিহঁতে তাৰ পৰা শিক্ষা কিয় গ্ৰহণ নকৰে? হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে অন্যায়কাৰী লোকসকলকো আওকাণ কৰে, সিহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰধৰ নকৰে, যাতে সিহঁতে আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰে। নিশ্চয় তেওঁ কুফৰৰ ওপৰত অটল থকা ব্যক্তিক, যদি সি তাওবা নকৰে তেন্তে তাক কঠিন শাস্তি প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013006.mp3"},{"index":"7","arabicText":"وَیَقُوْلُ الَّذِیْنَ كَفَرُوْا لَوْلَاۤ اُنْزِلَ عَلَیْهِ اٰیَةٌ مِّنْ رَّبِّهٖ ؕ اِنَّمَاۤ اَنْتَ مُنْذِرٌ وَّلِكُلِّ قَوْمٍ هَادٍ ۟۠","assameseTranslation":"আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওপৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? নিশ্চয় তুমি হৈছা এজন সতৰ্ককাৰী, আৰু প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আছে পথ প্ৰদৰ্শক।","footnotes":"","tafseer":"আল্লাহক অস্বীকাৰ কৰা ব্যক্তিসকলে সিহঁতৰ কুফুৰীত আৰু শত্ৰুতাত সীমা অতিক্ৰম কৰি কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা কোনো নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যেনেকুৱা নিদৰ্শন মূছা আৰু ঈছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল? হে ৰাছুল! আপুনি মানুহক কেৱল আল্লাহৰ শাস্তিৰ পৰা সতৰ্ককাৰীহে। নিদৰ্শন লৈ অহা আপোনাৰ দায়িত্ব নহয়, যদি আল্লাহে প্ৰদান কৰে সেয়া সুকীয়া বিষয়। প্ৰত্যেক উম্মতৰ বাবে আছে নবী, যিয়ে সিহঁতক সত্যৰ পথ দেখুৱায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013007.mp3"},{"index":"8","arabicText":"اَللّٰهُ یَعْلَمُ مَا تَحْمِلُ كُلُّ اُ وَمَا تَغِیْضُ الْاَرْحَامُ وَمَا تَزْدَادُ ؕ وَكُلُّ شَیْءٍ عِنْدَهٗ بِمِقْدَارٍ ۟","assameseTranslation":"প্ৰত্যেক নাৰীয়ে গৰ্ভত যি ধাৰণ কৰে আৰু গৰ্ভাশয়ত যি কমে আৰু বৃদ্ধি হয় সেয়া আল্লাহে জানে আৰু তেওঁৰ ওচৰত প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে।","footnotes":"","tafseer":"প্ৰত্যেক নাৰীয়ে (মাইকী জীৱ-জন্তুও ইয়াৰ অন্তৰ্ভুক্ত) নিজৰ পেটত যি ধাৰণ কৰে, মহান আল্লাহ সেই সম্পৰ্কে অৱগত। এই বিষয়ে তেওঁ সকলো তথ্য জানে। তথা গৰ্ভাশয়ত বৃদ্ধি বা হ্ৰাস আৰু সুস্থতা তথা বেমাৰ-আজাৰ যিয়েই নহওক, সেই সকলো তেওঁ জানে। আল্লাহৰ ওচৰত প্ৰত্যেক বস্তুৰ এটা পৰিমাণ নিৰ্ধাৰিত আছে। তাতকৈ বেছিও হ'ব নোৱাৰে, কমো হ'ব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013008.mp3"},{"index":"9","arabicText":"عٰلِمُ الْغَیْبِ وَالشَّهَادَةِ الْكَبِیْرُ الْمُتَعَالِ ۟","assameseTranslation":"তেওঁ গায়েব আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত, মহান, সৰ্বোচ্চ।","footnotes":"","tafseer":"কিয়নো আল্লাহ সেই সকলো বস্তু সম্পৰ্কে অৱগত, যিবোৰ সৃষ্টিৰ জ্ঞানৰ পৰা আঁতৰত। তথা সেইবোৰ বস্তু সম্পৰ্কেও অৱগত যিবোৰ সিহঁতৰ জ্ঞানৰ পৰিসীমাত আছে। তেওঁ কৰ্ম, নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত অতি মহান। তেওঁ সত্ত্বাগতভাৱে আৰু গুণগতভাৱে সকলো সৃষ্টিতকৈ ঊৰ্দ্ধত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013009.mp3"},{"index":"10","arabicText":"سَوَآءٌ مِّنْكُمْ مَّنْ اَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهٖ وَمَنْ هُوَ مُسْتَخْفٍ بِالَّیْلِ وَسَارِبٌ بِالنَّهَارِ ۟","assameseTranslation":"তোমালোকৰ মাজৰ যিয়ে গোপনে কথা কয় আৰু যিয়ে প্ৰকাশ্যভাৱে কথা কয়, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, (আল্লাহৰ জ্ঞানত) সিহঁত সকলোৱে সমান।","footnotes":"","tafseer":"তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। হে মানৱজাতি! তোমালোকে উচ্চস্বৰে কথা কোৱা অথবা নিম্নস্বৰে, উভয় অৱস্থাই তেওঁৰ বাবে সমান। এইদৰে মানুহৰ দৃষ্টিৰ পৰা লুকাই ৰাতিৰ অন্ধকাৰত কৰা কাম আৰু দিনৰ পোহৰত মানুহক দেখুৱাই কৰা কাম দুয়োটাই তেওঁৰ বাবে সমান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013010.mp3"},{"index":"11","arabicText":"لَهٗ مُعَقِّبٰتٌ مِّنْ بَیْنِ یَدَیْهِ وَمِنْ خَلْفِهٖ یَحْفَظُوْنَهٗ مِنْ اَمْرِ اللّٰهِ ؕ اِنَّ اللّٰهَ لَا یُغَیِّرُ مَا بِقَوْمٍ حَتّٰی یُغَیِّرُوْا مَا بِاَنْفُسِهِمْ ؕ وَاِذَاۤ اَرَادَ اللّٰهُ بِقَوْمٍ سُوْٓءًا فَلَا مَرَدَّ لَهٗ ۚ وَمَا لَهُمْ مِّنْ دُوْنِهٖ مِنْ وَّالٍ ۟","assameseTranslation":"মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী থাকে, তেওঁলোকে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা তেতিয়ালৈকে পৰিবৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে তেন্তে তাক প্ৰতিৰোধ কৰিব পৰা কোনো নাই আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱকো নাই।","footnotes":"","tafseer":"পৱিত্ৰ মহান আল্লাহৰ কিছুমান ফিৰিস্তা এনেকুৱা আছে, যিসকলে মানুহৰ ওচৰত পৰ্যায়ক্ৰমে আহে। কিছুমান আহে ৰাতিত, আকৌ আন কিছুমান আহে দিনত। তেওঁলোকে আল্লাহৰ আদেশত মানুহক সেই সকলো বিপত্তিৰ পৰা ৰক্ষা কৰে, যাৰ পৰা মানুহক ৰক্ষা কৰিবলৈ আল্লাহে ফয়চালা কৰিছে। তেওঁলোকে মানুহৰ কৰ্ম আৰু কথা লিপিবদ্ধ কৰে। এই কথা নিশ্চিত যে, আল্লাহে কেতিয়াও কোনো সম্প্ৰদায়ৰ সুখ-শান্তিক দুখ-কষ্টলৈ ৰূপান্তৰিত নকৰে, যেতিয়ালৈকে সিহঁতে কৃতজ্ঞতাৰ আচৰণ পৰিবৰ্তন নকৰে। আল্লাহে যদি কোনো সম্প্ৰদায়ক ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁৰ এই ইচ্ছাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। হে মানৱজাতি! আল্লাহৰ বাহিৰে তোমালোকৰ কোনো ৰক্ষক নাই, যিয়ে তোমালোকক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013011.mp3"},{"index":"12","arabicText":"هُوَ الَّذِیْ یُرِیْكُمُ الْبَرْقَ خَوْفًا وَّطَمَعًا وَّیُنْشِئُ السَّحَابَ الثِّقَالَ ۟ۚ","assameseTranslation":"তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়, আৰু তেৱেঁই গধূৰ মেঘ সৃষ্টি কৰে;","footnotes":"","tafseer":"হে মানৱজাতি! তেৱেঁই তোমালোকক বজ্ৰপাত দেখুৱায়, আৰু তেৱেঁই তোমালোকৰ অন্তৰত বজ্ৰপাতৰ ভয় আৰু বৰষুণৰ লোভ একেলগে সৃষ্টি কৰে। তেৱেঁই তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণৰ পানী ভৰা প্ৰকাণ্ড প্ৰকাণ্ড মেঘ সৃষ্টি কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013012.mp3"},{"index":"13","arabicText":"وَیُسَبِّحُ الرَّعْدُ بِحَمْدِهٖ وَالْمَلٰٓىِٕكَةُ مِنْ خِیْفَتِهٖ ۚ وَیُرْسِلُ الصَّوَاعِقَ فَیُصِیْبُ بِهَا مَنْ یَّشَآءُ وَهُمْ یُجَادِلُوْنَ فِی اللّٰهِ ۚ وَهُوَ شَدِیْدُ الْمِحَالِ ۟ؕ","assameseTranslation":"আৰু ৰা’দ (বজ্ৰধ্বনি অথবা ফিৰিস্তাৰ নাম) আল্লাহৰ প্ৰশংসাৰ সৈতে মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত। তেৱেঁই গৰ্জনকাৰী বজ্ৰ প্ৰেৰণ কৰে, তাৰ পিছত যাক ইচ্ছা কৰে তাৰ দ্বাৰা আঘাত কৰে, কাৰণ সিহঁতে আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে, আৰু তেৱেঁই শক্তিত প্ৰবল, শাস্তিত অতি কঠোৰ।","footnotes":"","tafseer":"বিজুলিৰ চমকণিয়ে নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতাৰ গুণগান কৰে, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ গুণগান কৰে ভয়তে তথা তেওঁৰ প্ৰতাপী ক্ষমতাৰ সন্মানাৰ্থে। আল্লাহে তেওঁৰ যি সৃষ্টিৰ ওপৰতে ইচ্ছা কৰে তাৰ ওপৰত বজ্ৰপাত কৰি তাক ধ্বংস কৰে। আনহাতে কাফিৰসকলে আল্লাহৰ একত্বকলৈ বাদানুবাদ কৰে। জানি থোৱা! আল্লাহ মহাশক্তিশালী মহাপৰাক্ৰমশালী, তেওঁ যিটো কৰিব বিচাৰে সেইটো কৰিহে এৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013013.mp3"},{"index":"14","arabicText":"لَهٗ دَعْوَةُ الْحَقِّ ؕ وَالَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِهٖ لَا یَسْتَجِیْبُوْنَ لَهُمْ بِشَیْءٍ اِلَّا كَبَاسِطِ كَفَّیْهِ اِلَی الْمَآءِ لِیَبْلُغَ فَاهُ وَمَا هُوَ بِبَالِغِهٖ ؕ وَمَا دُعَآءُ الْكٰفِرِیْنَ اِلَّا فِیْ ضَلٰلٍ ۟","assameseTranslation":"সত্যৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে। বৰং সিহঁতৰ দৃষ্টান্ত হৈছে সেই ব্যক্তিৰ দৰেই, যিজনে পানীৰ ফালে হাত প্ৰসাৰিত (কৰি আহ্বান) কৰে, যাতে তাৰ মুখলৈ পানী আহে অথচ এনেকৈ পানী লাভ কৰাটো সম্ভৱ নহয়। প্ৰকৃততে কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।","footnotes":"","tafseer":"তাওহীদৰ আহ্বান একমাত্ৰ আল্লাহৰ বাবেই নিৰ্দিষ্ট, ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰ মূৰ্তিৰ ওচৰত প্ৰাৰ্থনা কৰে, সেইবোৰ মূৰ্তিয়ে কোনো ক্ষেত্ৰতেই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা স্বীকাৰ কৰিব নোৱাৰে। সিহঁতৰ প্ৰাৰ্থনাৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- কোনো তৃষ্ণাতুৰ ব্যক্তিয়ে পানীৰ পিনে হাত প্ৰসাৰিত কৰি ভাবে যে, পানী তাৰ মুখত নিজে নিজে আহি পাব আৰু সি পান কৰিব। অথচ পানী কেতিয়াও তাৰ মুখত নিজে নিজে অহাটো সম্ভৱ নহয়। দৰাচলতে কাফিৰসকলে মূৰ্তিবোৰক কৰা প্ৰাৰ্থনা হৈছে ব্যৰ্থ প্ৰচেষ্টা, যিটো সত্যতাৰ পৰাও বহু আঁতৰত। কাৰণ সেইবোৰে সিহঁতক উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013014.mp3"},{"index":"15","arabicText":"وَلِلّٰهِ یَسْجُدُ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ طَوْعًا وَّكَرْهًا وَّظِلٰلُهُمْ بِالْغُدُوِّ وَالْاٰصَالِ ۟","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্বেচ্ছাই হওক নাইবা অনিচ্ছাই হওক আল্লাহক ছাজদাহ কৰে, আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)। (ছাজদাহ নং ২)","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোৱে কেৱল তেওঁৰ প্ৰতি নত হয় আৰু তেওঁকেই ছাজদা কৰে, মুমিন হওক অথবা কাফিৰ। এয়া সুকীয়া কথা যে, মুমিনসকলে আনন্দচিত্তে তেওঁৰ প্ৰতি নত হয় আৰু ছাজদা কৰে। আনহাতে কাফিৰসকলে তেওঁৰ প্ৰতি অনিচ্ছাকৃতভাৱে নত হয়, আৰু তাৰ অন্তৰাত্মাই তাক আনন্দচিত্তে নত হ'বলৈ আদেশ দিয়ে। লগতে প্ৰত্যেক ছাঁ থকা বস্তুৰ ছাঁয়ে পূৱা-গধূলি তেওঁকেই ছাজদা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013015.mp3"},{"index":"16","arabicText":"قُلْ مَنْ رَّبُّ السَّمٰوٰتِ وَالْاَرْضِ ؕ قُلِ اللّٰهُ ؕ قُلْ اَفَاتَّخَذْتُمْ مِّنْ دُوْنِهٖۤ اَوْلِیَآءَ لَا یَمْلِكُوْنَ لِاَنْفُسِهِمْ نَفْعًا وَّلَا ضَرًّا ؕ قُلْ هَلْ یَسْتَوِی الْاَعْمٰی وَالْبَصِیْرُ ۙ۬ اَمْ هَلْ تَسْتَوِی الظُّلُمٰتُ وَالنُّوْرُ ۚ۬ اَمْ جَعَلُوْا لِلّٰهِ شُرَكَآءَ خَلَقُوْا كَخَلْقِهٖ فَتَشَابَهَ الْخَلْقُ عَلَیْهِمْ ؕ قُلِ اللّٰهُ خَالِقُ كُلِّ شَیْءٍ وَّهُوَ الْوَاحِدُ الْقَهَّارُ ۟","assameseTranslation":"কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰেই সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।","footnotes":"","tafseer":"হে ৰাছুল! আল্লাহৰ সৈতে আনক উপাসনা কৰা কাফিৰসকলক কওক যে, আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আৰু ইয়াৰ পৰিচালনাকাৰী কোন? হে ৰাছুল কৈ দিয়ক যে, আল্লাহেই ইয়াৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই এই উভয়ৰ পৰিচালনাকাৰী, আনকি এই কথা তোমালোকেও স্বীকাৰ কৰা। হে ৰাছুল! সিহঁতক কওক, তোমালোকে আল্লাহৰ বাহিৰে এনেকুৱা অপাৰগ বস্তুক সহায়ক কৰি লৈছা কিয়? যিবোৰে নিজৰেই উপকাৰ কৰিব নোৱাৰে তথা বিপদৰ পৰা নিজকেই ৰক্ষা কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত আনক কি সহায় কৰিব? হে ৰাছুল! সিহঁতক কৈ দিয়ক, দূৰদৰ্শিতাৰ পৰা বঞ্চিত কাফিৰ, আৰু দূৰদৰ্শী তথা হিদায়তপ্ৰাপ্ত মুমিন ব্যক্তি কেতিয়াও সমান হ'ব পাৰেনে? অথবা কুফৰ যিটো হৈছে অন্ধকাৰ, আনহাতে ঈমান যিটো হৈছে জ্যোতি, এই দুয়োটা সমান হ'ব পাৰেনে? সিহঁতে এনেকুৱা কিছুমানক আল্লাহৰ অংশী কৰিছে নেকি, যিবোৰে কিবা সৃষ্টি কৰিছে আৰু সিহঁতৰ সৃষ্টি তথা আল্লাহৰ সৃষ্টি মিশ্ৰিত হৈছে? হে ৰাছুল! সিহঁতক কৈ দিয়ক, একমাত্ৰ আল্লাহেই সৃষ্টিকৰ্তা, যিয়ে সকলো বস্তু সৃষ্টি কৰিছে। সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। একমাত্ৰ তেৱেঁই উপাস্যক, যিজন ইবাদতৰ যোগ্য। তেওঁ মহাশক্তিমান তথা প্ৰভুত্বশালী, তেওঁ প্ৰত্যেক বস্তুৰ ওপৰত বিজয়ী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013016.mp3"},{"index":"17","arabicText":"اَنْزَلَ مِنَ السَّمَآءِ مَآءً فَسَالَتْ اَوْدِیَةٌ بِقَدَرِهَا فَاحْتَمَلَ السَّیْلُ زَبَدًا رَّابِیًا ؕ وَمِمَّا یُوْقِدُوْنَ عَلَیْهِ فِی النَّارِ ابْتِغَآءَ حِلْیَةٍ اَوْ مَتَاعٍ زَبَدٌ مِّثْلُهٗ ؕ كَذٰلِكَ یَضْرِبُ اللّٰهُ الْحَقَّ وَالْبَاطِلَ ؕ۬ فَاَمَّا الزَّبَدُ فَیَذْهَبُ جُفَآءً ۚ وَاَمَّا مَا یَنْفَعُ النَّاسَ فَیَمْكُثُ فِی الْاَرْضِ ؕ كَذٰلِكَ یَضْرِبُ اللّٰهُ الْاَمْثَالَ ۟ؕ","assameseTranslation":"তেৱেঁই আকাশৰ পৰা পানী বৰষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনাবোৰক বহন কৰি লৈ যায়। এইদৰেই আৱৰ্জনাবোৰ উপৰি ভাগলৈ ভাহি আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতুক জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিখিনি মানুহৰ বাবে উপকাৰী সেইখিনি মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।","footnotes":"","tafseer":"অসত্যৰ পতন আৰু সত্য প্ৰতিষ্ঠা সম্পৰ্কে আল্লাহে বৰষুণৰ উদাহৰণ প্ৰদান কৰি কৈছেঃ যেনে- আকাশৰ পৰা পানী বৰ্ষণ হয়, আৰু নৈ, বিল, হ্ৰদ আদি ভৰি পৰে, সৰু ডাঙৰ নিজ নিজ আকাৰ অনুযায়ী সকলো প্ৰবাহিত হয়। এতেকে পানীৰ সোঁতত সৃষ্টি হোৱা ফেন ফুটুকাবোৰ পানীৰ ওপৰত ভাঁহিবলৈ ধৰে। আল্লাহে সত্য অসত্যৰ আৰু এটা উদাহৰণ দিছে, যেনে- বহুমূল্য ধাতুবোৰ মানুহৰ সৌন্দৰ্যৰ বাবে অলংকাৰ বনাবলৈ জুইৰ জৰিয়তে গলোৱা হয়, ফলত তাত থকা ময়লা আৱৰ্জনাবোৰ ওপৰলৈ উপঙি উঠে। এই দুয়োটা উদাহৰণৰ জৰিয়তে আল্লাহে সত্য আৰু অসত্যৰ পাৰ্থক্য বুজাইছে। দৰাচলতে অসত্য হৈছে পানীৰ ওপৰত ভাঁহি থকা ফেন ফুটুকা তথা অলংকাৰ বনাবলৈ গলোৱা ধাতুৰ ওপৰত ভাঁহি উঠা ময়লা আৱৰ্জনাৰ দৰে। আনহাতে সত্য হৈছে সেই নিৰ্মল পানীৰ দৰে, যিটো খোৱাৰ উপযোগী, তথা যি পানীৰ জৰিয়তে ঘাঁহ বন আৰু ফলমূল উৎপন্ন হয়। তথা সেই মূল্যৱান ধাতুৰ দৰে, যিটোক উষ্ণতাৰ জৰিয়তে উত্তপ্ত কৰি ময়লা আৱৰ্জনা দূৰ কৰা হৈছে, আৰু মানুহৰ উপকাৰত আহে। এই দুয়োটা উদাহৰণৰ দৰেই আল্লাহে অন্যান্য উদাহৰণো দাঙি ধৰে, যাতে সত্য আৰু অসত্য স্পষ্ট হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013017.mp3"},{"index":"18","arabicText":"لِلَّذِیْنَ اسْتَجَابُوْا لِرَبِّهِمُ الْحُسْنٰی ؔؕ وَالَّذِیْنَ لَمْ یَسْتَجِیْبُوْا لَهٗ لَوْ اَنَّ لَهُمْ مَّا فِی الْاَرْضِ جَمِیْعًا وَّمِثْلَهٗ مَعَهٗ لَافْتَدَوْا بِهٖ ؕ اُولٰٓىِٕكَ لَهُمْ سُوْٓءُ الْحِسَابِ ۙ۬ وَمَاْوٰىهُمْ جَهَنَّمُ ؕ وَبِئْسَ الْمِهَادُ ۟۠","assameseTranslation":"যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, পৃথিৱীৰ বুকুত থকা সকলো সম্পদ যদি সিহঁতৰ হ’লহেঁতেন লগতে ইয়াৰ সমপৰিমাণ আৰু কিবাকিবি থাকিলহেঁতেন, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ) সিহঁতে সেই সকলো সম্পদ মুক্তিপণ হিচাপে দিবলৈ অৱশ্যে প্ৰস্তুত হ’লহেঁতেন। (জানি থোৱা) সিহঁতৰ হিচাব-নিকাচ হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাসস্থল, আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!","footnotes":"","tafseer":"সেইসকল মুমিনৰ বাবে আছে উত্তম প্ৰতিদান অৰ্থাৎ জান্নাত, যিসকলক তাওহীদ আৰু তেওঁৰ আনুগত্যৰ পিনে আহ্বান কৰাত তেওঁলোকে স্বীকাৰ কৰিছে। আনহাতে কাফিৰসকল, যিসকলে আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ আহ্বানক স্বীকাৰ কৰা নাই, সিহঁত যদি পৃথিৱীৰ সকলো সম্পদৰ মালিক হয়, লগতে সেই সম্পদৰ অনুৰূপ অতিৰিক্ত আৰু অধিক সম্পদ সিহঁতক দিয়া হয়, এই সকলো সম্পদ সিহঁতে আল্লাহক প্ৰদান কৰি হ'লেও সিহঁতে নিজকে শাস্তিৰ পৰা ৰক্ষা পাবলৈ ব্যৰ্থ চেষ্টা কৰিব। তেওঁৰ আহ্বান স্বীকাৰ নকৰা এইসকল ব্যক্তিৰ পৰা সিহঁতৰ প্ৰত্যেক গুনাহৰ হিচাপ লোৱা হ'ব। সিহঁতৰ আৱাসস্থল হ'ব জাহান্নাম। সিহঁতৰ ঠিকনা তথা বিছনা হ'ব জুইৰ দ্বাৰা নিৰ্মিত, আৰু সেই ঠিকনা কিমান যে নিকৃষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013018.mp3"},{"index":"19","arabicText":"اَفَمَنْ یَّعْلَمُ اَنَّمَاۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ الْحَقُّ كَمَنْ هُوَ اَعْمٰی ؕ اِنَّمَا یَتَذَكَّرُ اُولُوا الْاَلْبَابِ ۟ۙ","assameseTranslation":"তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেইটোক যি ব্যক্তিয়ে সত্য বুলি মানি লৈছে, সেইজন ব্যক্তি আৰু অন্ধ ব্যক্তি সমান নে? নিশ্চয় কেৱল বিবেকসম্পন্ন ব্যক্তিসকলেই উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"হে ৰাছুল! যি ব্যক্তিয়ে আপোনাৰ প্ৰতি আল্লাহে অৱতীৰ্ণ কৰা তথ্যক সত্য বুলি স্বীকাৰ কৰে, যি তথ্যত কোনো সন্দেহ নাই, অৰ্থাৎ আল্লাহৰ আহ্বানত সঁহাৰি দিয়া মুমিন ব্যক্তিক, সেই ব্যক্তিৰ লগত তুলনা কৰা মুঠেও ঠিক নহয় যিজন হৈছে অন্ধ তথা আল্লাহৰ আহ্বানত সঁহাৰি নিদিয়া আল্লাহক অস্বীকাৰকাৰী, এই দুয়ো প্ৰকাৰ ব্যক্তি কেতিয়াও সমান হ'ব নোৱাৰে। দৰাচলতে ইয়াৰ দ্বাৰা কেৱল বিবেকৱান লোকসকলেহে শিক্ষা তথা পাঠ গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013019.mp3"},{"index":"20","arabicText":"الَّذِیْنَ یُوْفُوْنَ بِعَهْدِ اللّٰهِ وَلَا یَنْقُضُوْنَ الْمِیْثَاقَ ۟ۙ","assameseTranslation":"যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ ৰক্ষা কৰে আৰু চুক্তি ভংগ নকৰে,","footnotes":"","tafseer":"যিসকলে আল্লাহৰ আহ্বান স্বীকাৰ কৰিছে, কেৱল সেইসকল লোকেই আল্লাহৰ লগত কৰা অঙ্গীকাৰ আৰু তেওঁৰ বান্দাসকলৰ লগত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰে। আল্লাহ তথা আন কাৰোবাৰ লগত কৰা প্ৰতিশ্ৰুতি কেতিয়াও তেওঁলোকে ভঙ্গ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013020.mp3"},{"index":"21","arabicText":"وَالَّذِیْنَ یَصِلُوْنَ مَاۤ اَمَرَ اللّٰهُ بِهٖۤ اَنْ یُّوْصَلَ وَیَخْشَوْنَ رَبَّهُمْ وَیَخَافُوْنَ سُوْٓءَ الْحِسَابِ ۟ؕ","assameseTranslation":"আৰু আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে, আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাব-নিকাচক,","footnotes":"","tafseer":"তেওঁলোকেই আত্মীয়তাৰ সেই সকলো বন্ধন বজাই ৰাখে, যিবোৰ সম্পৰ্ক বজাই ৰাখিবলৈ আল্লাহে আদেশ দিছে, আৰু তেওঁলোকে আল্লাহক এনেকৈ ভয় কৰে, যি ভয়ে তেওঁলোকক আল্লাহৰ আদেশ পালন কৰাত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাত সহায় কৰে। লগতে তেওঁলোকে আৰু ভয় কৰে যে, আল্লাহে যেন তেওঁলোকৰ সকলো গুনাহৰ হিচাপ নলয়। কাৰণ যাৰ তন্ন তন্নকৈ হিচাপ লোৱা হ'ব, সি নিশ্চিতভাৱে ধ্বংস হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013021.mp3"},{"index":"22","arabicText":"وَالَّذِیْنَ صَبَرُوا ابْتِغَآءَ وَجْهِ رَبِّهِمْ وَاَقَامُوا الصَّلٰوةَ وَاَنْفَقُوْا مِمَّا رَزَقْنٰهُمْ سِرًّا وَّعَلَانِیَةً وَّیَدْرَءُوْنَ بِالْحَسَنَةِ السَّیِّئَةَ اُولٰٓىِٕكَ لَهُمْ عُقْبَی الدَّارِ ۟ۙ","assameseTranslation":"আৰু যিসকলে নিজ প্ৰতিপালকৰ মুখমণ্ডল (দৰ্শন বা সন্তুষ্টি) লাভৰ বাবে ধৈৰ্য্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, লগতে আমি তেওঁলোকক যি জীৱনোপকৰণ দিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে দান কৰে, লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।","footnotes":"","tafseer":"তেওঁলোকেই আল্লাহৰ আনুগত্যত দৃঢ়ভাৱে অটল থাকে। তেওঁৰ ভাল বেয়া সকলো ফয়চালাৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰে। লগতে তেওঁৰ সন্তুষ্টি বিচাৰি তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে, আৰু আমি যি ধন-সম্পদ দান কৰিছোঁ তাৰ পৰা অনিবাৰ্য্য হকুক (অধিকাৰ) আদায় কৰে। লোকক দেখুৱাই দান নকৰি গোপনে দান কৰে, আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে দান কৰে যাতে মানুহে তেওঁলোকক অনুকৰণ কৰে। বেয়া ব্যৱহাৰ কৰা ব্যক্তিৰ আচৰণক সদাচৰণৰ জৰিয়তে প্ৰতিহত কৰে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবেই ক্বিয়ামতৰ দিনা আছে উৎকৃষ্ট পৰিণাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013022.mp3"},{"index":"23","arabicText":"جَنّٰتُ عَدْنٍ یَّدْخُلُوْنَهَا وَمَنْ صَلَحَ مِنْ اٰبَآىِٕهِمْ وَاَزْوَاجِهِمْ وَذُرِّیّٰتِهِمْ وَالْمَلٰٓىِٕكَةُ یَدْخُلُوْنَ عَلَیْهِمْ مِّنْ كُلِّ بَابٍ ۟ۚ","assameseTranslation":"স্থায়ী জান্নাতসমূহ, তাত তেওঁলোক প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। লগতে ফিৰিস্তাসকলে তেওঁলোকৰ ওচৰলৈ উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,","footnotes":"","tafseer":"উৎকৃষ্ট পৰিণামৰ জৰিয়তে বুজোৱা হৈছে এনেকুৱা জান্নাতক, য'ত আছে নিৰৱচ্ছিন্ন নিয়ামত, তাত তেওঁলোকে চিৰস্থায়ী হ'ব। তাত থকা নিয়ামতসমূহক পৰিপূৰ্ণ ৰূপ দান কৰা হ'ব, যেনে- তেওঁলোকৰ সৈতে তেওঁলোকৰ হিদায়তপ্ৰাপ্ত পিতৃপুৰুষসকল, মাতৃসকল, স্ত্ৰীসকল আৰু সন্তান-সন্ততিসকলেও প্ৰৱেশ কৰিব। যাতে তেওঁলোকৰ লগত সাক্ষাৎ কৰি তেওঁলোকৰ অন্তৰ প্ৰশান্তি লাভ কৰে। জান্নাতত ফিৰিস্তাসকলে তেওঁলোকৰ গৃহৰ সকলো দুৱাৰেৰে প্ৰৱেশ কৰিব আৰু তেওঁলোকক অভিবাদন জনাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013023.mp3"},{"index":"24","arabicText":"سَلٰمٌ عَلَیْكُمْ بِمَا صَبَرْتُمْ فَنِعْمَ عُقْبَی الدَّارِ ۟ؕ","assameseTranslation":"(তেওঁলোকে আহি ক’ব) ‘শান্তি বৰ্ষিত হওক তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’!","footnotes":"","tafseer":"ফিৰিস্তাসকলে যেতিয়াই তেওঁলোকৰ ওচৰলৈ যাব, তেতিয়াই তেওঁলোকক এই বুলি ছালাম কৰিব- ছালামুন আলাইকুম- (আপোনালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক)। অৰ্থাৎ আপোনালোকে আল্লাহৰ আনুগত্য তথা তেওঁৰ কঠিন ফয়চালাত ধৈৰ্য্য ধাৰণ কৰাৰ ফলত, লগতে তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থকাৰ কাৰণে বিপত্তিৰ পৰা সুৰক্ষিত থাকক। এতেকে আখিৰাতত আপোনালোকে লাভ কৰা পৰিণাম কিমান যে সুখদায়ক আৰু শান্তিদায়ক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013024.mp3"},{"index":"25","arabicText":"وَالَّذِیْنَ یَنْقُضُوْنَ عَهْدَ اللّٰهِ مِنْ بَعْدِ مِیْثَاقِهٖ وَیَقْطَعُوْنَ مَاۤ اَمَرَ اللّٰهُ بِهٖۤ اَنْ یُّوْصَلَ وَیُفْسِدُوْنَ فِی الْاَرْضِ ۙ اُولٰٓىِٕكَ لَهُمُ اللَّعْنَةُ وَلَهُمْ سُوْٓءُ الدَّارِ ۟","assameseTranslation":"আনহাতে যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেয়া ভংগ কৰে, আৰু যি সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে আদেশ কৰিছে তাক ছিন্ন কৰে আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি ফুৰে, সিহঁতৰ বাবে আছে অভিশাপ, লগতে সিহঁতৰ বাবে আছে আখিৰাতৰ নিকৃষ্ট আবাসস্থল।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ লগত দৃঢ় প্ৰতিশ্ৰুতি কৰাৰ পিছত সেয়া ভঙ্গ কৰে, লগতে সেই সকলো আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰে যিবোৰ বজাই ৰখাৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে। লগতে পৃথিৱীত গুনাহৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, এইসকলেই হৈছে দুৰ্ভগীয়া, যিসকলে আল্লাহৰ কৃপাৰ পৰা বঞ্চিত থাকিব, আৰু সিহঁতৰ পৰিণাম হৈছে অত্যন্ত নিকৃষ্ট, সেয়া হৈছে জাহান্নাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013025.mp3"},{"index":"26","arabicText":"اَللّٰهُ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ وَفَرِحُوْا بِالْحَیٰوةِ الدُّنْیَا ؕ وَمَا الْحَیٰوةُ الدُّنْیَا فِی الْاٰخِرَةِ اِلَّا مَتَاعٌ ۟۠","assameseTranslation":"আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱনোপকৰণ বৃদ্ধি কৰি দিয়ে আৰু সংকুচিত কৰে; কিন্তু ইহঁত পাৰ্থিৱ জীৱনক লৈয়ে আনন্দিত, অথচ পাৰ্থিৱ জীৱন হৈছে আখিৰাতৰ তুলনাত ক্ষণস্থায়ী ভোগমাত্ৰ।","footnotes":"","tafseer":"আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাক জীৱিকাত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে সংকীৰ্ণতা প্ৰদান কৰে। কিন্তু জীৱিকাৰ প্ৰশস্ততা পূণ্যৱান হোৱাৰ প্ৰতীক নহয়, তথা আল্লাহৰ প্ৰিয়পাত্ৰ হোৱাৰো প্ৰতীক নহয়। পক্ষান্তৰে জীৱিকাৰ সংকীৰ্ণতা দুৰ্ভগীয়া হোৱাৰ প্ৰতীক নহয়। কাফিৰসকল পাৰ্থিৱ জীৱনক লৈয়ে আনন্দিত। এতেকে সিহঁতে ইয়াৰ প্ৰতি ধাবিত আৰু ইয়াক লৈয়ে সন্তুষ্ট। আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱন হৈছে ক্ষণস্থায়ী উপভোগৰ সময়হে মাত্ৰ, যিটো অচিৰেই সমাপ্ত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013026.mp3"},{"index":"27","arabicText":"وَیَقُوْلُ الَّذِیْنَ كَفَرُوْا لَوْلَاۤ اُنْزِلَ عَلَیْهِ اٰیَةٌ مِّنْ رَّبِّهٖ ؕ قُلْ اِنَّ اللّٰهَ یُضِلُّ مَنْ یَّشَآءُ وَیَهْدِیْۤ اِلَیْهِ مَنْ اَنَابَ ۟ۖۚ","assameseTranslation":"আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে, আৰু তেওঁ সেইসকল লোককহে তেওঁৰ পথ দেখুৱায়, যিসকলে তেওঁৰ অভিমুখী হয়’।","footnotes":"","tafseer":"যিসকলে আল্লাহক আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ সত্যতাৰ প্ৰতীক স্বৰূপে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো প্ৰত্যক্ষ নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যাৰ প্ৰতি আমি বিশ্বাস কৰিলোঁহেঁতেন। হে ৰাছুল! আপুনি এই প্ৰস্তাৱ প্ৰদানকাৰীসকলক কৈ দিয়কঃ আল্লাহে যাক ইচ্ছা কৰে, ন্যায় অনুসাৰে পথভ্ৰষ্ট কৰে। কিন্তু যিয়ে তাওবা কৰি তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰে তাক হিদায়ত প্ৰদান কৰে। হিদায়ত সিহঁতৰ হাতত নহয় যে সিহঁতে ইচ্ছা কৰিলেই হিদায়তক নিদৰ্শনৰ সৈতে সম্পৃক্ত কৰি নিদৰ্শন আনিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013027.mp3"},{"index":"28","arabicText":"اَلَّذِیْنَ اٰمَنُوْا وَتَطْمَىِٕنُّ قُلُوْبُهُمْ بِذِكْرِ اللّٰهِ ؕ اَلَا بِذِكْرِ اللّٰهِ تَطْمَىِٕنُّ الْقُلُوْبُ ۟ؕ","assameseTranslation":"‘যিসকলে ঈমান আনিছে, আৰু তেওঁলোকৰ মনে আল্লাহৰ স্মৰণৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; জানি থোৱা! আল্লাহৰ স্মৰণৰ দ্বাৰাই অন্তৰে শান্তি লাভ কৰে’;","footnotes":"","tafseer":"এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত প্ৰদান কৰিছে আৰু তেওঁলোকে ঈমান পোষণ কৰিছে। তেওঁলোকৰ অন্তৰে আল্লাহৰ স্মৰণত শান্তি লাভ কৰে অৰ্থাৎ তেওঁৰ তাছবীহ (গুণগান), তেওঁৰ তাহমীদ(প্ৰশংসা), লগতে তেওঁৰ গ্ৰন্থ তিলাৱত কৰিলে বা শুনিলে, লগতে ইয়াৰ বাহিৰেও অন্যান্য জিকৰ-আজকাৰ পাঠ কৰিলে তেওঁলোকৰ অন্তৰে প্ৰশান্তি লাভ কৰে। জানি থোৱা! কেৱল আল্লাহৰ স্মৰণতেই আছে অন্তৰৰ প্ৰশান্তি। এইটোৱেই হৈছে অন্তৰৰ বাবে উপযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013028.mp3"},{"index":"29","arabicText":"اَلَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ طُوْبٰی لَهُمْ وَحُسْنُ مَاٰبٍ ۟","assameseTranslation":"‘যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবেই আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তনস্থল’।","footnotes":"","tafseer":"এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা এনেকুৱা নেক আমল কৰিছে যাৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ হয়, আখিৰাতত তেওঁলোকৰ বাবে আছে পৱিত্ৰ জীৱন। লগতে তেওঁলোকৰ বাবে আছে উত্তম পৰিণাম অৰ্থাৎ জান্নাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013029.mp3"},{"index":"30","arabicText":"كَذٰلِكَ اَرْسَلْنٰكَ فِیْۤ اُمَّةٍ قَدْ خَلَتْ مِنْ قَبْلِهَاۤ اُمَمٌ لِّتَتْلُوَاۡ عَلَیْهِمُ الَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ وَهُمْ یَكْفُرُوْنَ بِالرَّحْمٰنِ ؕ قُلْ هُوَ رَبِّیْ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ عَلَیْهِ تَوَكَّلْتُ وَاِلَیْهِ مَتَابِ ۟","assameseTranslation":"এইদৰে আমি তোমাক প্ৰেৰণ কৰিছোঁ এনে এটা জাতিৰ প্ৰতি যিসকলৰ আগত বহুতো জাতি পাৰ হৈছে, আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ, সেয়া যাতে তুমি সিহঁতৰ ওচৰত তিলাৱত কৰা। তথাপিও সিহঁতে ৰহমানক অস্বীকাৰ কৰে। কোৱা, ‘তেৱেঁই মোৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰোঁ আৰু তেওঁৰ ওচৰলৈকেই মোৰ প্ৰত্যাৱৰ্তন’।","footnotes":"","tafseer":"যিদৰে আমি পূৰ্বৱৰ্তী নবীসকলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, ঠিক সেইদৰে হে নবী! আপোনাকো আপোনাৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছোঁ, যাতে আপুনি সিহঁতক কোৰআন শুনায়, যিখন আমি আপোনাৰ প্ৰতি অহী কৰিছোঁ। আপোনাৰ সত্যতাৰ প্ৰমাণ হিচাপে এইখনেই যথেষ্ট। কিন্তু আপোনাৰ সম্প্ৰদায়ে এই নিদৰ্শনক অস্বীকাৰ কৰে। কিয়নো সিহঁতে ৰহমানক অস্বীকাৰ কৰে, কাৰণ সিহঁতে তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তেৱেঁই মোৰ প্ৰতিপালক, যিজন ৰহমনাৰ সৈতে তোমলোকে অংশীদাৰ স্থাপন কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই মোৰ সকলো কৰ্মতে তেওঁৰ ওপৰত ভৰসা কৰোঁ, আৰু তেওঁৰ ওচৰতেই তাওবা কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013030.mp3"},{"index":"31","arabicText":"وَلَوْ اَنَّ قُرْاٰنًا سُیِّرَتْ بِهِ الْجِبَالُ اَوْ قُطِّعَتْ بِهِ الْاَرْضُ اَوْ كُلِّمَ بِهِ الْمَوْتٰی ؕ بَلْ لِّلّٰهِ الْاَمْرُ جَمِیْعًا ؕ اَفَلَمْ یَایْـَٔسِ الَّذِیْنَ اٰمَنُوْۤا اَنْ لَّوْ یَشَآءُ اللّٰهُ لَهَدَی النَّاسَ جَمِیْعًا ؕ وَلَا یَزَالُ الَّذِیْنَ كَفَرُوْا تُصِیْبُهُمْ بِمَا صَنَعُوْا قَارِعَةٌ اَوْ تَحُلُّ قَرِیْبًا مِّنْ دَارِهِمْ حَتّٰی یَاْتِیَ وَعْدُ اللّٰهِ ؕ اِنَّ اللّٰهَ لَا یُخْلِفُ الْمِیْعَادَ ۟۠","assameseTranslation":"আৰু যদি কোৰআনখন এনেকুৱা হ’লহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লহেঁতেন, (তথাপিও সিহঁতে তাক বিশ্বাস নকৰিলেহেঁতেন)। বৰং সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফুৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে-পাঁজৰে আপতিত হৈয়ে থাকিব, যেতিয়ালৈকে আল্লাহৰ প্ৰতিশ্ৰুতি আহি নপৰে। নিশ্চয় আল্লাহ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।","footnotes":"","tafseer":"যদি কোনো ঐশী গ্ৰন্থৰ এনেকুৱা বৈশিষ্ট্য থাকিলহেঁতেন, যাৰ দ্বাৰা পাহাৰ স্থানান্তৰ কৰা সম্ভৱ হ’লহেঁতেনে অথবা মাটি বিদীৰ্ণ কৰি তাত নদী বা জলাশয় সৃষ্টি কৰা সম্ভৱ হ’লহেঁতেনে, নাইবা যিখন পাঠ কৰিলে মৃত ব্যক্তিও জীৱিত হৈ উঠিলহেঁতেন তেন্তে হে ৰাছুল! সেইখন এই কোৰআন হ’লহেঁতেনে। কাৰণ ই স্পষ্ট প্ৰমাণ বহনকাৰী, তথা মহা প্ৰভাৱ সৃষ্টিকাৰী, যদি সিহঁতে পৰিস্কাৰ হৃদয়ৰ অধিকাৰী হ’লহেঁতেনে, কিন্তু সিহঁত হৈছে অস্বীকাৰকাৰী। অথচ মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ কৰাৰ ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত। আল্লাহৰ প্ৰতি ঈমান পোষণকাৰীসকলে এই কথা গম পোৱা নাইনে যে, আল্লাহে ইচ্ছা কৰিলে মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ নকৰাকৈয়ে সকলো মানুহকে হিদায়ত দিব পাৰিলেহেঁতেন? কিন্তু তেওঁ এনেকুৱা কৰিব বিচৰা নাই। আল্লাহক অস্বীকাৰকাৰীসকলৰ ওপৰত সিহঁতৰ গুনাহ আৰু কুফুৰী কৰ্মৰ কাৰণে এটাৰ পিছত এটা কঠিন বিপদ আহিয়ে থাকিব, যিয়ে সিহঁতৰ শান্তি বিনষ্ট কৰিব, অথবা সেই বিপদ সিহঁতৰ বাসস্থানৰ ওচৰত আহিব। অৱশেষত আল্লাহৰ প্ৰতিশ্ৰুতিকৃত শাস্তি অৱতীৰ্ণ হ'ব। আল্লাহে নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰে যেতিয়া তাৰ নিৰ্ধাৰিত সময় আহি পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013031.mp3"},{"index":"32","arabicText":"وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِّنْ قَبْلِكَ فَاَمْلَیْتُ لِلَّذِیْنَ كَفَرُوْا ثُمَّ اَخَذْتُهُمْ ۫ فَكَیْفَ كَانَ عِقَابِ ۟","assameseTranslation":"নিশ্চয় তোমাৰ পূৰ্বেও বহু ৰাছুলক উপহাস কৰা হৈছে আৰু যিসকলে কুফুৰী কৰিছিল সিহঁতক মই অকণমান অৱকাশ দিছিলোঁ, তাৰ পিছত সিহঁতক কৰায়ত্ব কৰিছিলোঁ। এতেকে কেনেকুৱা আছিল মোৰ শাস্তি!","footnotes":"","tafseer":"আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক অস্বীকাৰ কৰা হৈছে তথা যাক উপহাস কৰা হৈছে। হে ৰাছুল! আপোনাৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছে তথা তেওঁলোকক উপহাস কৰিছে। ফলত আমি কাফিৰসকলক অৱকাশ দিছিলোঁ, আনকি সিহঁতে পতিয়ন গৈছিল যে, আমি সিহঁতক ধ্বংস নকৰোঁ। কিন্তু সেই অৱকাশৰ পিছতে আমি সিহঁতক আকস্মিকভাৱে বিভিন্ন শাস্তিত আক্ৰান্ত কৰিছিলোঁ, সিহঁতক প্ৰদান কৰা মোৰ শাস্তি সম্পৰ্কে আপোনাৰ কেনেকুৱা লাগিল? নিশ্চয় সেয়া আছিল অত্যন্ত কঠিন শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013032.mp3"},{"index":"33","arabicText":"اَفَمَنْ هُوَ قَآىِٕمٌ عَلٰی كُلِّ نَفْسٍ بِمَا كَسَبَتْ ۚ وَجَعَلُوْا لِلّٰهِ شُرَكَآءَ ؕ قُلْ سَمُّوْهُمْ ؕ اَمْ تُنَبِّـُٔوْنَهٗ بِمَا لَا یَعْلَمُ فِی الْاَرْضِ اَمْ بِظَاهِرٍ مِّنَ الْقَوْلِ ؕ بَلْ زُیِّنَ لِلَّذِیْنَ كَفَرُوْا مَكْرُهُمْ وَصُدُّوْا عَنِ السَّبِیْلِ ؕ وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ هَادٍ ۟","assameseTranslation":"তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক (তেওঁ ইহঁতৰ এই অক্ষম ইলাহবোৰৰ দৰে নেকি?) অথচ সিহঁতে আল্লাহৰ লগত বহুতো অংশীদাৰ বনাই লৈছে। কোৱা, ‘তোমালোকে ইহঁতৰ পৰিচয় দিয়া। নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ তেওঁক দিব বিচৰা যিটো তেওঁ নাজানে? নে (তোমালোকে কেৱল) বাহ্যিক কথাহে কৈ আছা’? বৰং যিসকলে কুফুৰী কৰিছে সিহঁতৰ দৃষ্টিত সিহঁতৰ চক্ৰান্তক শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে, আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই।","footnotes":"","tafseer":"যিয়ে সকলো সৃষ্টি জীৱকে জীৱিকাৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰদান কৰে আৰু প্ৰত্যেক প্ৰাণীৰ কৰ্ম চোৱাচিতা কৰে তথা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়ে সেই সত্ত্বা বেছি ইবাদতৰ যোগ্য, নে সেই মূৰ্তিবোৰ বেছি যোগ্য যিবোৰৰ উপাস্য হোৱাৰ কোনো যোগ্যতা নাই? কাফিৰসকলে অন্যায়ভাৱে সেইবোৰকেই আল্লাহৰ অংশী কৰি লৈছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি তোমালোকে নিজৰ দাবীত সত্যবাদী হোৱা, তেন্তে তোমালোকে সেইবোৰৰ নাম কোৱাচোন যিবোৰক তোমালোকে আল্লাহৰ লগত অংশী কৰি সিহঁতৰ উপাসনা কৰি আছা। নে তোমালোকে আল্লাহক তেওঁৰ পৃথিৱীত থকা অংশী সম্পৰ্কে অৱগত কৰাই আছা যিটো তেওঁ নাজানে? নে তোমালোকে বাস্তৱিকতাহীন কথা সম্পৰ্কে জনাই আছা? বৰং চয়তানে কাফিৰসকলৰ দৃষ্টিত সিহঁতৰ ষড়যন্ত্ৰক সৌন্দৰ্যময় কৰি দিছে। ফলত সিহঁতে আল্লাহক অস্বীকাৰ কৰিছে। চয়তানে সিহঁতক হিদায়ত তথা সঠিক পথৰ পৰা আঁতৰাই দিছে। সঠিক পথৰ পৰা আল্লাহে যাক আঁতৰাই ৰাখিব বিচাৰে, তাক হিদায়ত দিব পৰা কোনো নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013033.mp3"},{"index":"34","arabicText":"لَهُمْ عَذَابٌ فِی الْحَیٰوةِ الدُّنْیَا وَلَعَذَابُ الْاٰخِرَةِ اَشَقُّ ۚ وَمَا لَهُمْ مِّنَ اللّٰهِ مِنْ وَّاقٍ ۟","assameseTranslation":"সিহঁতৰ বাবে পাৰ্থিৱ জীৱনত আছে শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও কঠোৰ! আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতৰ কোনো নাই।","footnotes":"","tafseer":"পাৰ্থিৱ জীৱনত সিহঁতৰ শাস্তি হৈছে মুমিনসকলৰ হাতত বন্দী হোৱা তথা নিহত হোৱা। আখিৰাতত সিহঁতৰ বাবে যি শাস্তি অপেক্ষামান, সেয়া পাৰ্থিৱ জীৱনৰ শাস্তিতকৈও অতি কঠিন তথা ভয়াৱহ। কাৰণ সেই শাস্তি হ'ব অতি কঠোৰ তথা নিৰৱচ্ছিন্ন। ক্বিয়ামতৰ দিনা সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013034.mp3"},{"index":"35","arabicText":"مَثَلُ الْجَنَّةِ الَّتِیْ وُعِدَ الْمُتَّقُوْنَ ؕ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ اُكُلُهَا دَآىِٕمٌ وَّظِلُّهَا ؕ تِلْكَ عُقْبَی الَّذِیْنَ اتَّقَوْا ۖۗ وَّعُقْبَی الْكٰفِرِیْنَ النَّارُ ۟","assameseTranslation":"মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, তাৰ উপমা হৈছে এনেকুৱাঃ তাৰ তলত নদীসমূহ প্ৰবাহিত, তাৰ ফল-মূল আৰু ছাঁ হ’ব চিৰস্থায়ী। যিসকলে তাক্বৱা অৱলম্বন কৰিছে, এইটোৱে হৈছে তেওঁলোকৰ প্ৰতিফল; আনহাতে কাফিৰসকলৰ প্ৰতিফল হৈছে অগ্নি।","footnotes":"","tafseer":"আল্লাহে মুত্তাক্বীসকলক অৰ্থাৎ যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে সেইসকল লোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছে, তাৰ বৈশিষ্ট্য হৈছে এই যে, সেই জান্নাতৰ অট্টালিকাসমূহ আৰু গছ-গছনিৰ তলদেশত প্ৰবাহমান থাকিব নদ-নদী। পৃথিৱীৰ ফলমূলতকৈ ব্যতিক্ৰম, সেই জান্নাতৰ ফলমূল হ'ব চিৰস্থায়ী, নিৰৱচ্ছিন্ন। তাৰ ছাঁবোৰো হ'ব চিৰস্থায়ী, কেতিয়াও অন্ত নপৰিব। এয়া হৈছে সেইসকল লোকৰ পৰিণাম যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে। আনহাতে কাফিৰসকলৰ পৰিণাম হৈছে জাহান্নাম, য’ত সিহঁতে প্ৰৱেশ কৰিব আৰু সিহঁতে তাত চিৰকাল থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013035.mp3"},{"index":"36","arabicText":"وَالَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَفْرَحُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمِنَ الْاَحْزَابِ مَنْ یُّنْكِرُ بَعْضَهٗ ؕ قُلْ اِنَّمَاۤ اُمِرْتُ اَنْ اَعْبُدَ اللّٰهَ وَلَاۤ اُشْرِكَ بِهٖ ؕ اِلَیْهِ اَدْعُوْا وَاِلَیْهِ مَاٰبِ ۟","assameseTranslation":"আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাকলৈ আনন্দ প্ৰকাশ কৰে। কিন্তু কিছুমান দলে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে। কোৱা, ‘মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰেই ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশী নকৰোঁ। মই তেওঁৰ পিনেই আহ্বান কৰোঁ আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।","footnotes":"","tafseer":"যিসকল ইয়াহুদীক আমি তাওৰাত প্ৰদান কৰিছিলোঁ, আৰু যিসকল খৃষ্টানক আমি ইঞ্জীল প্ৰদান কৰিছিলোঁ, তেওঁলোকে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাকলৈ আনন্দিত, কাৰণ এইখনে তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ হোৱা কিছুমান বিধানক সমৰ্থন কৰে। ইয়াহুদী আৰু খৃষ্টানসকলৰ বিভিন্ন সম্প্ৰদায়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ কিছুমান বিধানক অস্বীকাৰ কৰে, কাৰণ সেইবোৰ সিহঁতৰ আকাংক্ষা মুতাবিক নহয় অথবা পৰিবৰ্তন তথা বিকৃত কৰাৰ ফলত সিহঁতৰ বিধানৰ লগত মিলা নাই। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহে মোক আদেশ দিছে, মই যেন কেৱল তেওঁৰেই ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশী স্থাপন নকৰোঁ। মই কেৱল তেওঁৰ পিনেই আহ্বান কৰোঁ, তেওঁৰ বাহিৰে আন কৰোঁ পিনে আহ্বান নকৰোঁ। আৰু কেৱল তেওঁৰ পিনেই মই প্ৰত্যাৱৰ্তন কৰিম। তাওৰাত আৰু ইঞ্জীলেও এই শিক্ষা লৈ আহিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013036.mp3"},{"index":"37","arabicText":"وَكَذٰلِكَ اَنْزَلْنٰهُ حُكْمًا عَرَبِیًّا ؕ وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ بَعْدَ جَآءَكَ مِنَ الْعِلْمِ ۙ مَا لَكَ مِنَ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا وَاقٍ ۟۠ مَا","assameseTranslation":"এইদৰেই আমি কোৰআনক বিধানৰূপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ। এতেকে জ্ঞান পোৱাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ বিৰুদ্ধে তোমাৰ কোনো অভিভাৱক আৰু ৰক্ষক নাথাকিব।","footnotes":"","tafseer":"যিদৰে আমি পূৰ্বৱৰ্তী গ্ৰন্থসমূহ সিহঁতৰ নিজ সম্প্ৰদায়ৰ ভাষাত অৱতীৰ্ণ কৰিছিলোঁ, ঠিক সেইদৰে হে ৰাছুল! কোৰআনকো আৰবী ভাষাত স্পষ্টৰূপে সত্য বৰ্ণনাকাৰী গ্ৰন্থ হিচাপে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ। এতেকে হে ৰাছুল! আপুনি যদি আহলে কিতাবসকলৰ ইচ্ছাৰ অনুসৰণ কৰি সিহঁতৰ আকাংক্ষাৰ বিপৰীত হোৱা বিষয়বোৰ বিলুপ্ত কৰাৰ মত পোষণ কৰে, অথচ আপোনাৰ ওচৰত সেই জ্ঞান আহি পৰিছে যিটো স্বয়ং আল্লাহে আপোনাক শিকাইছে তেন্তে জানি থওক, আল্লাহৰ বাহিৰে আপোনাৰ কোনো অভিভাৱক নাই, যিয়ে আপোনাক সুৰক্ষা প্ৰদান কৰিব, আৰু শত্ৰুৰ বিপক্ষে সহায় কৰিব, আনকি আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈও কোনো নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013037.mp3"},{"index":"38","arabicText":"وَلَقَدْ اَرْسَلْنَا رُسُلًا مِّنْ قَبْلِكَ وَجَعَلْنَا لَهُمْ اَزْوَاجًا وَّذُرِّیَّةً ؕ وَمَا كَانَ لِرَسُوْلٍ اَنْ یَّاْتِیَ بِاٰیَةٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ لِكُلِّ اَجَلٍ كِتَابٌ ۟","assameseTranslation":"আৰু নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰিছিলোঁ। আল্লাহৰ অনুমতি অবিহনে কোনো নিদৰ্শন উপস্থিত কৰাটো কোনো ৰাছুলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবেই নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি মানুহৰ মাজৰ পৰাই ৰাছুল নিৰ্বাচিত কৰি প্ৰেৰণ কৰিছিলোঁ। এতেকে আপুনি ৰাছুলসকলৰ পৰা পৃথক কোনো নতুন ৰাছুল নহয়। সাধাৰণ মানুহৰ দৰে তেওঁলোকৰো আছিল পত্নী আৰু সন্তান-সন্ততি। আমি তেওঁলোকক ফিৰিস্তা বনাই প্ৰেৰণ কৰা নাছিলোঁ, যিসকলে বিবাহো নকৰে সন্তানো জন্ম নিদিয়ে। এতেকে আপুনি যিহেতু এই ৰাছুলসকলৰ দৰেই এজন মানৱ ৰাছুল, তেওঁলোকো আছিল একো একোজন মানৱ তথা তেওঁলোকেও বিবাহ কৰিছিল সন্তান জন্ম দিছিল, গতিকে আপোনাৰ এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী হোৱাত মুশ্বৰিকসকলে আশ্চৰ্য কিয় প্ৰকাশ কৰে? আল্লাহৰ অনুমতি নোহোৱাকৈ কোনো নিদৰ্শন লৈ আহিবলৈ ৰাছুলসকলৰ কোনো ক্ষমতা নাই। আল্লাহৰ সকলো ফয়চালা এখন গ্ৰন্থত লিপিবদ্ধ, আৰু এটা সময় নিৰ্ধাৰিত আছে যিটো কেতিয়াও অগা-পিছা নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013038.mp3"},{"index":"39","arabicText":"یَمْحُوا اللّٰهُ مَا یَشَآءُ وَیُثْبِتُ ۖۚ وَعِنْدَهٗۤ اُمُّ الْكِتٰبِ ۟","assameseTranslation":"(তাৰ মাজৰ পৰা) আল্লাহে যি ইচ্ছা কৰে মচি দিয়ে, আৰু যি ইচ্ছা কৰে বাহাল ৰাখে, আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব।","footnotes":"","tafseer":"আল্লাহে যিটো কল্যাণ অথবা অকল্যাণ নাইবা সৌভাগ্য বা দুৰ্ভাগ্য মচি দিব বিচাৰে সেইটো মচি দিয়ে। আনহাতে যিটো ৰাখিব বিচাৰে সেইটো ৰাখি দিয়ে। তেওঁৰ ওচৰত আছে লাওহে মাহফুজ (সুৰক্ষিত ফলক)। সেইটো হৈছে সকলো ফয়চালাৰ মূল উৎস। মচি দিয়া তথা প্ৰতিষ্ঠিত ৰখাৰ সকলো কৰ্ম তাত লিপিবদ্ধ ফয়চালা অনুসাৰেই সম্পাদিত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013039.mp3"},{"index":"40","arabicText":"وَاِنْ مَّا نُرِیَنَّكَ بَعْضَ الَّذِیْ نَعِدُهُمْ اَوْ نَتَوَفَّیَنَّكَ فَاِنَّمَا عَلَیْكَ الْبَلٰغُ وَعَلَیْنَا الْحِسَابُ ۟","assameseTranslation":"আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিওঁ, তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক যদি মৃত্যু প্ৰদান কৰোঁ, -- তেন্তে তোমাৰ কৰ্তব্যতো হৈছে কেৱল প্ৰচাৰ কৰা, আৰু আমাৰ দায়িত্ব হৈছে হিচাব-নিকাচ গ্ৰহণ কৰা।","footnotes":"","tafseer":"হে নবী! আপোনাৰ মৃত্যুৰ পূৰ্বেই যদি আমি সেই শাস্তিৰ কিছু অংশ আপোনাক দেখুৱাই দিওঁ, যি শাস্তিৰ প্ৰতিশ্ৰুতি আমি সিহঁতক প্ৰদান কৰিছোঁ, তেন্তে সেই অধিকাৰ আমাৰ আছে। আনহাতে সেই শাস্তিৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ তেন্তে আপোনাৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ আমি আপোনাক প্ৰদান কৰিছোঁ। প্ৰতিদান দিয়া তথা হিচাপ-নিকাচ লোৱাৰ দায়িত্ব আপোনাৰ নহয়, সেইটো হৈছে আমাৰ দায়িত্ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013040.mp3"},{"index":"41","arabicText":"اَوَلَمْ یَرَوْا اَنَّا نَاْتِی الْاَرْضَ نَنْقُصُهَا مِنْ اَطْرَافِهَا ؕ وَاللّٰهُ یَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهٖ ؕ وَهُوَ سَرِیْعُ الْحِسَابِ ۟","assameseTranslation":"সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছোঁ? আৰু আল্লাহেই আদেশ কৰে, তেওঁৰ আদেশ ৰদ কৰিব পৰা কোনো নাই আৰু তেওঁ হিচাব গ্ৰহণত অতি তৎপৰ।","footnotes":"","tafseer":"কাফিৰসকলে দেখা নাপায় নেকি যে, আমি ইছলাম প্ৰচাৰৰ জৰিয়তে আৰু মুছলিমসকলক বিজয়ী প্ৰদানৰ জৰিয়তে কুফুৰী জগতখনক কেউফালৰ পৰা সংকুচিত কৰি আনি আছোঁ, আল্লাহে নিজৰ ইচ্ছা মতে বান্দাসকলৰ মাজত ফয়চলা কৰে তথা আদেশ দিয়ে। তেওঁৰ আদেশ প্ৰতিৰোধ কৰিবলৈ অথবা পৰিবৰ্তন কৰিবলৈ নাইবা বিকৃত কৰিব পৰা শক্তি কাৰো নাই। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। আদিৰ পৰা অন্তলৈকে একে দিনাই হিচাপ গ্ৰহণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013041.mp3"},{"index":"42","arabicText":"وَقَدْ مَكَرَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَلِلّٰهِ الْمَكْرُ جَمِیْعًا ؕ یَعْلَمُ مَا تَكْسِبُ كُلُّ نَفْسٍ ؕ وَسَیَعْلَمُ الْكُفّٰرُ لِمَنْ عُقْبَی الدَّارِ ۟","assameseTranslation":"সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁতেও চক্ৰান্ত কৰিছিল; কিন্তু সকলো চক্ৰান্ত আল্লাহৰ অধীনস্থ। প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰে সেই বিষয়ে তেওঁ অৱগত, আৰু কাফিৰসকলে অনতিপলমে জানিব পাৰিব যে, আখিৰাতৰ শুভ পৰিণাম কাৰ বাবে।","footnotes":"","tafseer":"পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহেও নিজ নিজ নবীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, আৰু তেওঁলোকে লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছিল। কিন্তু তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি সিহঁতে কি লাভ পালে? একো পোৱা নাই। কিয়নো প্ৰকৃত কৌশলকাৰী হৈছে মহান আল্লাহ, তেওঁৰ বাহিৰে আন কোনো নাই। যিদৰে পৱিত্ৰ আল্লাহে সৃষ্টিৰ সকলো কৰ্ম সম্পৰ্কে অৱগত, তেওঁৰ পৰা একোৱেই গোপন নহয়। এটা সময়ত এই অস্বীকাৰকাৰীসকলে গ'ম পাব যে, সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰি কিমান ভুল কৰিছিল আৰু মুমিনসকলে ঈমান পোষণ কৰি কিমান ভাল কাম কৰিছিল। সেই কাৰণেই তেওঁলোকে জান্নাত আৰু উৎকৃষ্ট পৰিণাম লাভ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013042.mp3"},{"index":"43","arabicText":"وَیَقُوْلُ الَّذِیْنَ كَفَرُوْا لَسْتَ مُرْسَلًا ؕ قُلْ كَفٰی بِاللّٰهِ شَهِیْدًا بَیْنِیْ وَبَیْنَكُمْ ۙ وَمَنْ عِنْدَهٗ عِلْمُ الْكِتٰبِ ۟۠","assameseTranslation":"আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘তুমি আল্লাহৰ প্ৰেৰিত নহয়’। কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট, আৰু যিসকলৰ ওচৰত কিতাবৰ জ্ঞান আছে, তেওঁলোকেও (এই বিষয়ে সাক্ষী)’।","footnotes":"","tafseer":"কাফিৰসকলে কয়ঃ হে মুহাম্মদ! আপুনি আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল নহয়। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকৰ আৰু মোৰ মাজত সাক্ষ্য দানৰ বাবে আল্লাহেই যথেষ্ট যে, মই হৈছোঁ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি প্ৰেৰিত ৰাছুল। লগতে সেইসকল লোকৰ সাক্ষ্যও যথেষ্ট, যিসকলৰ ওচৰত ঐশী গ্ৰন্থ আহিছে, য’ত লিপিবদ্ধ আছে মোৰ বৈশিষ্ট্য। এতেকে যাৰ সত্যতাৰ সাক্ষ্য স্বয়ং আল্লাহে প্ৰদান কৰে, তাক অস্বীকাৰ কৰি কোনেও কোনো ক্ষতি কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/013043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/013043.mp3"}]