[{"index":"1","arabicText":"الٓرٰ ۫ كِتٰبٌ اَنْزَلْنٰهُ اِلَیْكَ لِتُخْرِجَ النَّاسَ مِنَ الظُّلُمٰتِ اِلَی النُّوْرِ ۙ۬ بِاِذْنِ رَبِّهِمْ اِلٰی صِرَاطِ الْعَزِیْزِ الْحَمِیْدِ ۟ۙ","assameseTranslation":"আলিফ-লাম-ৰা,[1] এইখন এখন কিতাব, যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(আলিফ-লাম-ৰা)। এনেকুৱা আখৰ সম্পৰ্কীয় আলোচনা ছুৰা বাক্বাৰাৰ আৰম্ভণিতে আলোকপাত কৰা হৈছে। হে ৰাছুল! এই কোৰআনখন হৈছে এখন গ্ৰন্থ, যিখন মই আপোনালৈ অৱতীৰ্ণ কৰিছোঁ। যাতে আপুনি আল্লাহৰ ইচ্ছাত আৰু তেওঁৰ সহায়ত মানুহক কুফৰ, অজ্ঞতা আৰু পথভ্ৰষ্টতাৰ পৰা, ঈমান, জ্ঞান আৰু হিদায়তৰ পথলৈ অৰ্থাৎ ইছলাম ধৰ্মৰ প্ৰতি ওলোৱাই আনিব পাৰে। যিটো প্ৰকৃততে পৰাক্ৰমশালী আল্লাহৰ পথ, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ সকলো ক্ষেত্ৰতে প্ৰশংসিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014001.mp3"},{"index":"2","arabicText":"اللّٰهِ الَّذِیْ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَوَیْلٌ لِّلْكٰفِرِیْنَ مِنْ عَذَابٍ شَدِیْدِ ۟ۙ","assameseTranslation":"আল্লাহৰ পথলৈ, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰেই গৰাকী, আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ,","footnotes":"","tafseer":"তেৱেঁই আল্লাহ, যিজন আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো বস্তুৰ একমাত্ৰ স্বত্বাধিকাৰ। এতেকে কেৱল তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য। লগতে তেওঁৰ সৃষ্টিজগতৰ কাকো তেওঁৰ অংশীদাৰ স্থাপন কৰা ঠিক নহয়। কাফিৰসকলে অতিশীঘ্ৰে কঠিন শাস্তিৰ সন্মুখীন হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014002.mp3"},{"index":"3","arabicText":"لَّذِیْنَ یَسْتَحِبُّوْنَ الْحَیٰوةَ الدُّنْیَا عَلَی الْاٰخِرَةِ وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَیَبْغُوْنَهَا عِوَجًا ؕ اُولٰٓىِٕكَ فِیْ ضَلٰلٍ بَعِیْدٍ ۟","assameseTranslation":"যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু তাত বক্ৰতা অনুসন্ধান কৰে; সিহঁতেই হৈছে ঘোৰ বিভ্ৰান্তিত নিপতিত।","footnotes":"","tafseer":"যিসকলে কুফুৰী কৰে সিহঁতে পাৰ্থিৱ জীৱনক আৰু তাত থকা ক্ষণস্থায়ী নিয়ামতবোৰক আখিৰাতৰ ওপৰত তথা তাত থকা চিৰস্থায়ী নিয়ামতবোৰৰ ওপৰত প্ৰাধান্য দিয়ে। মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, তেওঁৰ পথক বিকৃত কৰি, সত্যৰ পৰা আঁতৰাই তথা বক্ৰতা অৱলম্বন কৰি উপস্থাপন কৰে, যাতে কোনেও সেই পথত পৰিচালিত নহয়। এনেকুৱা প্ৰকৃতিৰ লোকসকলেই সত্যৰ পৰা তথা সঠিকতাৰ পৰা বহু আঁতৰত অৱস্থান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014003.mp3"},{"index":"4","arabicText":"وَمَاۤ اَرْسَلْنَا مِنْ رَّسُوْلٍ اِلَّا بِلِسَانِ قَوْمِهٖ لِیُبَیِّنَ لَهُمْ ؕ فَیُضِلُّ اللّٰهُ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"আৰু আমি প্ৰতিজন ৰাছুলকে তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে। এতেকে আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে সৎপথত পৰিচালিত কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আমি যি ৰাছুলেই প্ৰেৰণ কৰিছোঁ, প্ৰত্যেককে তেওঁলোকৰ স্ব-জাতিৰ ভাষাত কথা ক'ব পৰাকৈ প্ৰেৰণ কৰিছিলোঁ। যাতে ৰাছুলে আল্লাহৰ ফালৰ পৰা যি লৈ আহিছে সেয়া সহজতে তেওঁলোকে বুজিব পাৰে। আমি সিহঁতক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ বাধ্য কৰোৱাৰ বাবে ৰাছুল প্ৰেৰণ কৰা নাছিলোঁ। কিয়নো আল্লাহে যাক ইচ্ছা কৰে ন্যায়ৰ সৈতে পথভ্ৰষ্ট কৰে। আনহাতে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহত হিদায়তৰ তাওফীক প্ৰদান কৰে। তেওঁ মহা পৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনা কৰাত মহা প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014004.mp3"},{"index":"5","arabicText":"وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَاۤ اَنْ اَخْرِجْ قَوْمَكَ مِنَ الظُّلُمٰتِ اِلَی النُّوْرِ ۙ۬ وَذَكِّرْهُمْ بِاَیّٰىمِ اللّٰهِ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّكُلِّ صَبَّارٍ شَكُوْرٍ ۟","assameseTranslation":"আৰু নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনসহ প্ৰেৰণ কৰিছিলোঁ (আৰু কৈছিলোঁ,) ‘তুমি তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনা, আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ (অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ) দ্বাৰা উপদেশ দিয়া’। ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্য্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে।","footnotes":"","tafseer":"নিশ্চয় আমি মূছাক নবী হিচাপে প্ৰেৰণ কৰিছিলোঁ, লগতে তেওঁক স্পষ্ট নিদৰ্শনৰ জৰিয়তে তেওঁৰ সত্যতাক সমৰ্থন কৰিছিলোঁ, আৰু তেওঁ যে নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল তাৰ প্ৰমাণ দাঙি ধৰিছিলোঁ। তেওঁক আদেশ প্ৰদান কৰিছিলোঁ, তেওঁ যেন নিজ সম্প্ৰদায়ক কুফুৰী আৰু অজ্ঞতাৰ পৰা, ঈমান আৰু জ্ঞানৰ পিনে উলিয়াই আনে। লগতে তেওঁ যেন তেওঁলোকক আল্লাহৰ অনুগ্ৰহৰ দিনবোৰ স্মৰণ কৰাই দিয়ে। নিশ্চয় সেই দিনবোৰত আছে আল্লাহৰ তাওহীদ আৰু তেওঁৰ অসীম ক্ষমতাৰ প্ৰমাণ, লগতে মুমিনসকলৰ ওপৰত অনুগ্ৰহ কৰাৰ স্পষ্ট প্ৰমাণ আছে। ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই লাভান্বিত হয়, যিসকলে আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰে, লগতে যিসকলে তেওঁৰ নিয়ামত আৰু পুৰস্কাৰৰ প্ৰতি সদায় কৃতজ্ঞতা জ্ঞাপন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014005.mp3"},{"index":"6","arabicText":"وَاِذْ قَالَ مُوْسٰی لِقَوْمِهِ اذْكُرُوْا نِعْمَةَ اللّٰهِ عَلَیْكُمْ اِذْ اَنْجٰىكُمْ مِّنْ اٰلِ فِرْعَوْنَ یَسُوْمُوْنَكُمْ سُوْٓءَ الْعَذَابِ وَیُذَبِّحُوْنَ اَبْنَآءَكُمْ وَیَسْتَحْیُوْنَ نِسَآءَكُمْ ؕ وَفِیْ ذٰلِكُمْ بَلَآءٌ مِّنْ رَّبِّكُمْ عَظِیْمٌ ۟۠","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া মূছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰক তোমালোকে স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰআউন গোষ্ঠীৰ কবলৰ পৰা, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানসকলক জবেহ কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল; আৰু ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা’।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া মূছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি বনী ইছৰাঈলক আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত নিয়ামতসমূহক স্মৰণ কৰোৱাই কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকক ফিৰআউনীসকলৰ পৰা ৰক্ষা কৰিছিল, আৰু সিহঁতৰ শাস্তিৰ পৰা পৰিত্ৰান দান কৰিছিল। সিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল, যাতে এনেকুৱা কোনো পুত্ৰ সন্তান জন্ম লভিব নোৱাৰে যিয়ে ফিৰআউনৰ ৰাজত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। আনহাতে তোমালোকৰ কন্যা সন্তানক জীৱিত ৰাখিছিল, যাতে তেওঁলোকক অপমানিত আৰু লাঞ্ছিত কৰিব পাৰে। সিহঁতৰ এই কৰ্মকাণ্ডত তোমালোকৰ বাবে আছিল মহা পৰীক্ষা, লগতে কঠোৰ ধৈৰ্য্যৰ প্ৰয়োজন আছিল। এতেকে এই পৰীক্ষাত তোমালোকৰ ধৈৰ্য্য ধাৰণৰ ফলত আল্লাহে তোমালোকক ফিৰআউন বাহিনীৰ পৰা ৰক্ষা কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014006.mp3"},{"index":"7","arabicText":"وَاِذْ تَاَذَّنَ رَبُّكُمْ لَىِٕنْ شَكَرْتُمْ لَاَزِیْدَنَّكُمْ وَلَىِٕنْ كَفَرْتُمْ اِنَّ عَذَابِیْ لَشَدِیْدٌ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমালোকৰ প্ৰতিপালকে ঘোষণা কৰিছিল, যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে নিশ্চয় মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু যদি অকৃতজ্ঞ হোৱা তেন্তে (জানি থোৱা) নিশ্চয় মোৰ শাস্তি অতি কঠোৰ।","footnotes":"","tafseer":"আৰু মূছাই সিহঁতক ক'লেঃ তোমালোকে সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া তোমালোকৰ প্ৰতিপালকে তোমালোকক গুৰুত্ব সহকাৰে জনাইছিল যে, যদি তোমালোকে আল্লাহে প্ৰদান কৰা নিয়ামতবোৰৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা তেন্তে তেওঁ তোমালোকক আৰু অধিক নিয়ামত তথা তেওঁৰ অনুগ্ৰহ দান কৰিব। আনহাতে যদি তোমালোকে তেওঁৰ নিয়ামতসমূহক অস্বীকাৰ কৰি তেওঁৰ অকৃতজ্ঞতা প্ৰকাশ কৰা তেন্তে জানি থোৱা, তেওঁৰ নিয়ামত অস্বীকাৰকাৰীসকলৰ বাবে আৰু অকৃতজ্ঞসকলৰ বাবে তেওঁৰ শাস্তি নিশ্চয় অতি কঠোৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014007.mp3"},{"index":"8","arabicText":"وَقَالَ مُوْسٰۤی اِنْ تَكْفُرُوْۤا اَنْتُمْ وَمَنْ فِی الْاَرْضِ جَمِیْعًا ۙ فَاِنَّ اللّٰهَ لَغَنِیٌّ حَمِیْدٌ ۟","assameseTranslation":"আৰু মূছাই কৈছিল, ‘যদি তোমালোকে আৰু পৃথিৱীৰ সকলোৱে অকৃতজ্ঞ হোৱা, তথাপিও নিশ্চয় আল্লাহ অভাৱমুক্ত, সৰ্বপ্ৰশংসিত’।","footnotes":"","tafseer":"মূছাই তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি ক'লেঃ যদি তোমালোকে কুফুৰী কৰা আৰু তোমালোকৰ সৈতে পৃথিৱীৰ সকলোৱে যদি কুফুৰী কৰে, তেন্তে সেই কুফুৰীৰ পৰিণাম তোমালোকেই ভোগ কৰিব লাগিব। কাৰণ নিশ্চিতভাৱে আল্লাহ অমুখাপেক্ষী। তেওঁ স্বয়ং প্ৰশংসিত। তেওঁক মুমিনসকলৰ ঈমানেও উপকাৰ নকৰে তথা কাফিৰসকলৰ কুফুৰীয়েও ক্ষতি নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014008.mp3"},{"index":"9","arabicText":"اَلَمْ یَاْتِكُمْ نَبَؤُا الَّذِیْنَ مِنْ قَبْلِكُمْ قَوْمِ نُوْحٍ وَّعَادٍ وَّثَمُوْدَ ۛؕ۬ وَالَّذِیْنَ مِنْ بَعْدِهِمْ ۛؕ لَا یَعْلَمُهُمْ اِلَّا اللّٰهُ ؕ جَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَرَدُّوْۤا اَیْدِیَهُمْ فِیْۤ اَفْوَاهِهِمْ وَقَالُوْۤا اِنَّا كَفَرْنَا بِمَاۤ اُرْسِلْتُمْ بِهٖ وَاِنَّا لَفِیْ شَكٍّ مِّمَّا تَدْعُوْنَنَاۤ اِلَیْهِ مُرِیْبٍ ۟","assameseTranslation":"তোমালোকৰ ওচৰলৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে, নূহ সম্প্ৰদায়ৰ, আদ আৰু ছামূদৰ লগতে সিহঁতৰ পৰবৰ্তীসকলৰ? যিসকলৰ বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, তেতিয়া সিহঁতে নিজৰ হাত নিজৰে মুখত স্থাপন কৰি কৈছিল, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা তাক আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিছোঁ, লগতে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছোঁ সেই বিষয়ে, যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা’।","footnotes":"","tafseer":"হে কাফিৰসকল! তোমালোকৰ ওচৰত পূৰ্বৱৰ্তী অস্বীকাৰকাৰী লোকসকলৰ বাৰ্তা আহি পোৱা নাইনে, নূহ জাতি, আদ সম্প্ৰদায়, হুদ সম্প্ৰদায়, ছামূদ সম্প্ৰদায়, ছলেহ সম্প্ৰদায় আৰু সিহঁতৰ পিছত আগমন কৰা সম্প্ৰদায়সমূহ, যিবোৰৰ সংখ্যা আছিল অত্যাধিক, সঠিক সংখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আগমন কৰিছিল। কিন্তু সিহঁতে ৰাছুলৰ প্ৰতি ক্ৰোধান্বিত হৈ নিজৰ হাতৰ আঙুলি নিজেই কামুৰিছিল, আৰু ৰাছুলসকলক উদ্দেশ্যি কৈছিলঃ আপুনি যি লৈ আহিছে সেয়া আমি অস্বীকাৰ কৰোঁ। আপুনি আমাক যিটোৰ পিনে আহ্বান কৰি আছে, সেই বিষয়ে আমি মহা সন্দেহত আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014009.mp3"},{"index":"10","arabicText":"قَالَتْ رُسُلُهُمْ اَفِی اللّٰهِ شَكٌّ فَاطِرِ السَّمٰوٰتِ وَالْاَرْضِ ؕ یَدْعُوْكُمْ لِیَغْفِرَ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُؤَخِّرَكُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ؕ قَالُوْۤا اِنْ اَنْتُمْ اِلَّا بَشَرٌ مِّثْلُنَا ؕ تُرِیْدُوْنَ اَنْ تَصُدُّوْنَا عَمَّا كَانَ یَعْبُدُ اٰبَآؤُنَا فَاْتُوْنَا بِسُلْطٰنٍ مُّبِیْنٍ ۟","assameseTranslation":"সিহঁতৰ ৰাছুলসকলে কৈছিল, ‘আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা? তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপসমূহ মোচন কৰিবলৈ আৰু তোমালোকক নিৰ্দিষ্ট কাল পৰ্যন্ত অৱকাশ দিবলৈ’। সিহঁতে ক’লে, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে কেৱল সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰলৈ কোনো অকাট্য প্ৰমাণ লৈ আহা’।","footnotes":"","tafseer":"সিহঁতৰ ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক'লেঃ আল্লাহৰ তাওহীদত তথা তেওঁ যে অকলেই ইবাদতৰ যোগ্য এই ক্ষেত্ৰত তোমালোকে সন্দেহ পোষণ কৰিছা নেকি? অথচ তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তথা তেওঁ পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ এই দুয়োকে সৃষ্টি কৰিছে? তেওঁ তোমালোকক ঈমানৰ পিনে আহ্বান কৰি আছে, যাতে তোমালোকৰ পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়ে তথা পাৰ্থিৱ জীৱনত তোমালোকৰ নিৰ্ধাৰিত সময় পূৰণ কৰাৰ সুযোগ প্ৰদান কৰে। তেওঁলোকৰ সম্প্ৰদায়ে তেওঁলোকক ক'লেঃ আপোনালোক আমাৰ দৰেই মানৱ, আমাতকৈ পৃথক কোনো বিশেষত্ব আপোনালোকৰ মাজত নাই। আপোনালোকে আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বিৰত ৰাখিব বিচাৰে, যিবোৰক আমাৰ পিতৃ-পুৰুষসকলে উপাসনা কৰিছিল। তেন্তে কোনো স্পষ্ট প্ৰমাণ লৈ আহক, যিটোৱে আপোনালোকৰ এই দাবীৰ সত্যতা প্ৰমাণ কৰিব যে, আপোনালোক আল্লাহৰ ফালৰ পৰা আমাৰ পিনে প্ৰেৰিত ৰাছুল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014010.mp3"},{"index":"11","arabicText":"قَالَتْ لَهُمْ رُسُلُهُمْ اِنْ نَّحْنُ اِلَّا بَشَرٌ مِّثْلُكُمْ وَلٰكِنَّ اللّٰهَ یَمُنُّ عَلٰی مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ؕ وَمَا كَانَ لَنَاۤ اَنْ نَّاْتِیَكُمْ بِسُلْطٰنٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟","assameseTranslation":"সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘(সঁচা কথা) আমি তোমালোকৰ দৰেই মানুহ, কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতি অবিহনে তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাই’। আল্লাহৰ ওপৰতেই মুমিনসকলৰ তাৱাক্কুল (ভৰসা) কৰা উচিত।","footnotes":"","tafseer":"সিহঁতৰ ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক'লেঃ হয়, আমি তোমালোকৰ দৰেই একো একোজন মানুহ। এই কথা আমি কেতিয়াও অস্বীকাৰ নকৰোঁ। কিন্তু এই সামঞ্জস্যতাই প্ৰমাণ নকৰে যে আমি সকলো ক্ষেত্ৰতেই তোমালোকৰ সমান। কিয়নো আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে বিশেষ অনুগ্ৰহৰ দ্বাৰা বিভূষিত কৰে, আৰু তেওঁলোকক নিৰ্বাচিত কৰি মানুহৰ ফালে ৰাছুল হিচাপে প্ৰেৰিত কৰে। এতেকে আমাৰ বাবে এয়া সম্ভৱ নহয় যে আল্লাহৰ অনুমতি নোহোৱাকৈ আমি তোমালোকৰ প্ৰস্তাৱিত নিদৰ্শন লৈ আহিম। কাৰণ নিদৰ্শন লৈ অহা বিষয়টো আমাৰ সাধ্যাতীত। বৰং এই ক্ষেত্ৰত একমাত্ৰ আল্লাহেই ক্ষমতাৱান। মুমিনসকলে তেওঁলোকৰ সকলো কৰ্মতে কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014011.mp3"},{"index":"12","arabicText":"وَمَا لَنَاۤ اَلَّا نَتَوَكَّلَ عَلَی اللّٰهِ وَقَدْ هَدٰىنَا سُبُلَنَا ؕ وَلَنَصْبِرَنَّ عَلٰی مَاۤ اٰذَیْتُمُوْنَا ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُتَوَكِّلُوْنَ ۟۠","assameseTranslation":"‘আৰু আমাৰ কি হৈছে, আমি কিয় আল্লাহৰ ওপৰত ভৰসা নকৰিম? অথচ তেৱেঁই আমাক পথ দেখুৱাইছে। (আৰু শুনা) তোমালোকে আমাক যি কষ্ট দি আছা, নিশ্চয় আমি এই ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিম। এতেকে নিৰ্ভৰকাৰীসকলৰ কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত’।","footnotes":"","tafseer":"কি আছে এনেকুৱা যিয়ে আমাক আল্লাহৰ ওপৰত ভৰসা কৰাৰ পৰা বিৰত ৰাখিব, অথচ তেওঁ আমাক আটাইতকৈ পোন তথা স্পষ্ট পথ দেখুৱাইছে, তোমালোকে আমাক অস্বীকাৰ কৰি আৰু উপহাসৰ দ্বাৰা যি কষ্ট দি আছা এই ক্ষেত্ৰত আমি নিশ্চয় ধৈৰ্য্য ধাৰণ কৰিম। কাৰণ ধৈৰ্য্য ধাৰণকাৰীসকলে নিজৰ সকলো ক্ষেত্ৰতে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014012.mp3"},{"index":"13","arabicText":"وَقَالَ الَّذِیْنَ كَفَرُوْا لِرُسُلِهِمْ لَنُخْرِجَنَّكُمْ مِّنْ اَرْضِنَاۤ اَوْ لَتَعُوْدُنَّ فِیْ مِلَّتِنَا ؕ فَاَوْحٰۤی اِلَیْهِمْ رَبُّهُمْ لَنُهْلِكَنَّ الظّٰلِمِیْنَ ۟ۙ","assameseTranslation":"আৰু কাফিৰসকলে সিহঁতৰ ৰাছুলসকলক কৈছিল, ‘আমি তোমালোকক আমাৰ দেশৰ পৰা নিশ্চিতভাৱে বহিষ্কাৰ কৰিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শলৈ ধৰ্মান্তৰিত হ’ব লাগিব’। তাৰ পিছত ৰাছুলসকলক তেওঁলোকৰ প্ৰতিপালকে অহী প্ৰেৰণ কৰিলে, ‘যালিমসকলক আমি অৱশ্যেই বিনাশ কৰিম’;","footnotes":"","tafseer":"ৰাছুলসকলৰ সম্প্ৰদায়ৰ কাফিৰসকলে যেতিয়া তেওঁলোকৰ কথাৰ উত্তৰ দিব নোৱাৰিলে তেতিয়া সিহঁতে ক'লেঃ নিশ্চয় আমি তোমালোকক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিম, অন্যথা তোমালোকে নিজৰ ধৰ্ম ত্যাগ কৰি আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব লাগিব। তেতিয়া আল্লাহে তেওঁৰ ৰাছুলসকলক সান্তনা প্ৰদান কৰি অহী কৰিলে যে, নিশ্চিতভাৱে আমি এই অন্যায়কাৰীসকলক ধ্বংস কৰিম, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014013.mp3"},{"index":"14","arabicText":"وَلَنُسْكِنَنَّكُمُ الْاَرْضَ مِنْ بَعْدِهِمْ ؕ ذٰلِكَ لِمَنْ خَافَ مَقَامِیْ وَخَافَ وَعِیْدِ ۟","assameseTranslation":"নিশ্চয় আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বাস কৰাম; এইটো সেই ব্যক্তিৰ বাবে, যিয়ে আমাৰ সন্মুখত উপস্থিত হ’বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিক।","footnotes":"","tafseer":"হে ৰাছুল আৰু তেওঁৰ অনুসাৰীসকল! আমি সিহঁতক ধ্বংস কৰাৰ পিছত তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিম। অস্বীকাৰকাৰী কাফিৰসকলক ধ্বংস কৰাৰ পিছত, ৰাছুল আৰু মুমিনসকলক প্ৰতিষ্ঠিত কৰাৰ যি কথা কোৱা হৈছে, সেয়া হৈছে সেইসকল লোকৰ বাবে যিসকলে মোৰ মহানতাক মূল্যায়ন কৰে তথা সদায় মনত ৰাখে যে, আমি তাক পৰ্যবেক্ষণ কৰি আছোঁ, লগতে যিয়ে মোৰ শাস্তিক ভয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014014.mp3"},{"index":"15","arabicText":"وَاسْتَفْتَحُوْا وَخَابَ كُلُّ جَبَّارٍ عَنِیْدٍ ۟ۙ","assameseTranslation":"আৰু সিহঁতে বিজয় কামনা কৰিলে কিন্তু প্ৰত্যেক উদ্ধত স্বৈৰাচাৰী ব্যৰ্থ মনোৰথ হ’ল।","footnotes":"","tafseer":"ৰাছুলসকলে নিজ প্ৰতিপালকৰ ওচৰত শত্ৰুৰ বিৰুদ্ধে সহায় প্ৰাৰ্থনা কৰিলে, ফলত প্ৰত্যেক অহংকাৰী, সত্যৰ ঘোৰ বিৰোধীসকল ধ্বংস হ'ল, যিসকলে সত্য প্ৰকাশ পোৱাৰ পিছতো তাক মানি লোৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014015.mp3"},{"index":"16","arabicText":"مِّنْ وَّرَآىِٕهٖ جَهَنَّمُ وَیُسْقٰی مِنْ مَّآءٍ صَدِیْدٍ ۟ۙ","assameseTranslation":"সিহঁতৰ প্ৰত্যেকৰে সন্মুখত আছে জাহান্নাম আৰু প্ৰত্যেককে সেৱন কৰোৱা হ’ব পূঁজমিশ্ৰিত পানী;","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা অহংকাৰীৰ সন্মুখত থাকিব জাহান্নাম। জাহান্নাম তাৰ বাবে খাপ পাতি ৰৈ আছে। তাত সেইসকল লোকক জাহান্নামীসকলৰ শৰীৰৰ পৰা নিৰ্গত হোৱা পুঁজ খাবলৈ দিয়া হ'ব। তথাপিও তাৰ পিয়াহ দূৰ নহ'ব। এতেকে তাক তৃষ্ণাৰ শাস্তিৰ লগতে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014016.mp3"},{"index":"17","arabicText":"یَّتَجَرَّعُهٗ وَلَا یَكَادُ یُسِیْغُهٗ وَیَاْتِیْهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَّمَا هُوَ بِمَیِّتٍ ؕ وَمِنْ وَّرَآىِٕهٖ عَذَابٌ غَلِیْظٌ ۟","assameseTranslation":"যিটো সি অতি কষ্টৰে ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰলৈ আহিব মৃত্যু-যন্ত্ৰণা, অথচ তাৰ মৃত্যু নহ’ব, লগতে ইয়াৰ পিছত আছে অতি কঠোৰ শাস্তি।","footnotes":"","tafseer":"সি সেইটো বাৰে বাৰে খোৱাৰ চেষ্টা কৰিব, কিন্তু ইয়াৰ তিতা ভাৱ, উষ্ণতা আৰু দুৰ্গন্ধৰ কাৰণে গিলিব নোৱাৰিব। কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ ফলত কেউফালৰ পৰা সি কেৱল মৃত্যু দেখিব, কিন্তু ৰক্ষা পাবলৈ সি কেতিয়াও মৃত্যুবৰণ কৰিব নোৱাৰিব। বৰং জীৱিত থাকিব আৰু শাস্তি ভোগ কৰি থাকিব। তাৰ সন্মুখত আৰু এটা অপেক্ষামান কঠোৰ শাস্তি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014017.mp3"},{"index":"18","arabicText":"مَثَلُ الَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ اَعْمَالُهُمْ كَرَمَادِ شْتَدَّتْ بِهِ الرِّیْحُ فِیْ یَوْمٍ عَاصِفٍ ؕ لَا یَقْدِرُوْنَ مِمَّا كَسَبُوْا عَلٰی شَیْءٍ ؕ ذٰلِكَ هُوَ الضَّلٰلُ الْبَعِیْدُ ۟","assameseTranslation":"যিসকলে নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছে সিহঁতৰ উপমা এই যে, সিহঁতৰ আমলবোৰ হৈছে ভস্মৰ দৰে, যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱেই সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱেই হৈছে চৰম বিভ্ৰান্তি।","footnotes":"","tafseer":"কাফিৰসকলে যিবোৰ পূণ্যৰ কৰ্ম কৰে, যেনে- দান কৰা, উপকাৰ কৰা আৰু দুৰ্বলৰ প্ৰতি কৃপা কৰা আদি, ইয়াৰ উদাহৰণ হৈছে সেই ছাইৰ দৰে যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ বেলেগ বেলেগ ঠাইত এনেকৈ বিস্তৃত কৰে যে, তাৰ চিহ্নও বাকী নাথাকে। এইটোৱে হৈছে কাফিৰসকলৰ পূণ্যৰ অৱস্থা, যিটোৰ ওপৰত কুফুৰীৰ প্ৰবল ধুমুহা আহিছে। সেয়ে ক্বিয়ামতৰ দিনা কাফিৰসকলক এইবোৰে একো উপকাৰ সাধন নকৰিব। দৰাচলতে যি কৰ্ম ঈমানৰ ভিত্তিত কৰা নহয়, সেইটো হৈছে সত্যৰ পৰা বহু দূৰত অৱস্থান কৰা পথভ্ৰষ্টতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014018.mp3"},{"index":"19","arabicText":"اَلَمْ تَرَ اَنَّ اللّٰهَ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ اِنْ یَّشَاْ یُذْهِبْكُمْ وَیَاْتِ بِخَلْقٍ جَدِیْدٍ ۟ۙ","assameseTranslation":"তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশসমূহ আৰু পৃথিৱী যথাযথভাৱেই সৃষ্টি কৰিছে? তেওঁ ইচ্ছা কৰিলে তোমালোকৰ অস্তিত্ব বিলোপ কৰিব পাৰে আৰু এটা নতুন সৃষ্টিক অস্তিত্বলৈ আনিব পাৰে,","footnotes":"","tafseer":"হে মানৱ! তুমি নাজানা নেকি যে, আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীক সত্য সহকাৰে সৃষ্টি কৰিছে। তেওঁ এইবোৰক এনেই সৃষ্টি কৰা নাই। হে মানৱজাতি! তেওঁ যদি তোমালোকক নিঃশেষ কৰিব বিচাৰে অথবা তোমালোকৰ ঠাইত আন কোনো মখলুক আনিব বিচাৰে, যিসকলে তেওঁৰ ইবাদত কৰিব আৰু তেওঁৰ আনুগত্য কৰিব তেন্তে তেওঁ তোমালোকক নিঃশেষ কৰি তোমালোকৰ ঠাইত বেলেগ মখলুকক আনিবলৈ নিশ্চয় সক্ষম, যিসকলে তেওঁৰ ইবাদত কৰিব আৰু তেওঁৰ আনুগত্য কৰিব। তেওঁৰ বাবে এইটো অতি সহজ তথা একেবাৰে উজু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014019.mp3"},{"index":"20","arabicText":"وَّمَا ذٰلِكَ عَلَی اللّٰهِ بِعَزِیْزٍ ۟","assameseTranslation":"আৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়।","footnotes":"","tafseer":"তোমালোকক ধ্বংস কৰি বেলেগ মখলুক অনাটো আল্লাহৰ পক্ষে কোনো কঠিন কাম নহয়। তেওঁ সকলো বিষয়ে ক্ষমতাৱান, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014020.mp3"},{"index":"21","arabicText":"وَبَرَزُوْا لِلّٰهِ جَمِیْعًا فَقَالَ الضُّعَفٰٓؤُا لِلَّذِیْنَ اسْتَكْبَرُوْۤا اِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ اَنْتُمْ مُّغْنُوْنَ عَنَّا مِنْ عَذَابِ اللّٰهِ مِنْ شَیْءٍ ؕ قَالُوْا لَوْ هَدٰىنَا اللّٰهُ لَهَدَیْنٰكُمْ ؕ سَوَآءٌ عَلَیْنَاۤ اَجَزِعْنَاۤ اَمْ صَبَرْنَا مَا لَنَا مِنْ مَّحِیْصٍ ۟۠","assameseTranslation":"আৰু সিহঁত সকলোৱে আল্লাহৰ ওচৰত প্ৰকাশিত হ’ব। তেতিয়া দুৰ্বলসকলে অহংকাৰীসকলক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ, এতিয়া তোমালোকে আমাক আল্লাহৰ শাস্তিৰ পৰা অলপ হ’লেও ৰক্ষা কৰিব পাৰিবানে’? সিহঁতে ক’ব, ‘আল্লাহে যদি আমাক সৎপথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎপথত পৰিচালিত কৰিলোঁহেঁতেন। এতিয়া আমি ধৈৰ্য্যচ্যুত হওঁ অথবা ধৈৰ্য্যশীল- উভয় অৱস্থাই আমাৰ বাবে সমান; আমাৰ পলোৱাৰ কোনো ঠাই নাই’।","footnotes":"","tafseer":"নিৰ্ধাৰিত সময়ত সকলো সৃষ্টিয়ে কবৰৰ পৰা উঠি আল্লাহৰ সন্মুখত উপস্থিত হ'ব। তেতিয়া অনুসাৰী দুৰ্বল লোকসকলে নিজ নিজ নেতৃবৃন্দক উদ্দেশ্যি ক'বঃ হে নেতাসকল! নিশ্চয় আমি তোমালোকৰ অনুসৰণ কৰিছিলোঁ, তোমালোকৰ আদেশ পালন কৰিছিলোঁ, তোমালোকে নিষেধ কৰা বিষয়ৰ পৰা দূৰত থাকিছিলোঁ। এতিয়া তোমালোকে আমাৰ ওপৰত আল্লাহৰ এই শাস্তিৰ কিছু অংশ দূৰ কৰিব পাৰিবানে, তেতিয়া সেই নেতাসকলে ক'বঃ যদি আল্লাহে আমাক হিদায়ত প্ৰদান কৰিলেহেঁতেন তেন্তে তোমালোককো আমি সেই পথ দেখুৱালোঁহেঁতেন আৰু আমি সকলোৱে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পালোঁহেঁতেন। কিন্তু যিহেতু আমি পথভ্ৰষ্ট আছিলোঁ, সেয়ে তোমালোককো পথভ্ৰষ্ট কৰিছিলোঁ। গতিকে এতিয়া আমাৰ আৰু তোমালোকৰ একেই অৱস্থা, নত হৈ শাস্তি সহ্য কৰা নাইবা শাস্তি সহিবলৈ ধৈৰ্য্য ধাৰণ কৰা। শাস্তিৰ পৰা পলায়ন কৰাৰ কোনো সুযোগ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014021.mp3"},{"index":"22","arabicText":"وَقَالَ الشَّیْطٰنُ لَمَّا قُضِیَ الْاَمْرُ اِنَّ اللّٰهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُّكُمْ فَاَخْلَفْتُكُمْ ؕ وَمَا كَانَ لِیَ عَلَیْكُمْ مِّنْ سُلْطٰنٍ اِلَّاۤ اَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِیْ ۚ فَلَا تَلُوْمُوْنِیْ وَلُوْمُوْۤا اَنْفُسَكُمْ ؕ مَاۤ اَنَا بِمُصْرِخِكُمْ وَمَاۤ اَنْتُمْ بِمُصْرِخِیَّ ؕ اِنِّیْ كَفَرْتُ بِمَاۤ اَشْرَكْتُمُوْنِ مِنْ قَبْلُ ؕ اِنَّ الظّٰلِمِیْنَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"আৰু যেতিয়া বিচাৰকাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল, সত্য প্ৰতিশ্ৰুতি; ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছোঁ। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলোঁ ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰি লৈছিলা সেই বিষয়টোক নিশ্চিতভাৱে মই অস্বীকাৰ কৰিছোঁ’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"যেতিয়া জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া ইবলিছে ক'বঃ নিশ্চয় আল্লাহে তোমালোকক সত্য প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ সেয়া পুৰণ কৰিছে। আনহাতে মই তোমালোকক অসত্য প্ৰতিশ্ৰুতি দিছিলোঁ, আৰু সেই বচন মই পূৰণ নকৰিলোঁ। পৃথিৱীত তোমালোকক কুফৰী কৰিবলৈ আৰু পথভ্ৰষ্ট হ'বলৈ বাধ্য কৰিব পৰা মোৰ সিমান শক্তি নাছিল। মই কেৱল তোমালোকক কুফুৰীৰ পিনে আহ্বানহে কৰিছিলোঁ, আৰু তোমালোকৰ পাপ কৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিছিলোঁ, ফলত তোমালোকে দ্ৰুত গতিত মোৰ অনুসৰণ কৰিছিলা। এতেকে তোমালোকে নিজৰ বিভ্ৰান্তিৰ বাবে মোক নিন্দা নকৰিবা, বৰং এতিয়া নিজকে ভৰ্ৎসনা কৰা। কাৰণ তোমালোক নিজেই ভৰ্ৎসনাৰ অধিক যোগ্য। এতিয়া ময়ো তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিম আৰু তোমালোকেও মোৰ পৰা শাস্তি দূৰীভূত কৰিব নোৱাৰিবা। তোমালোকে আল্লাহৰ ইবাদতত মোক যে অংশী কৰিছিলা সেই কথা মই নিশ্চিতভাৱে অস্বীকাৰ কৰিছোঁ। নিশ্চয় পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি আৰু তেওঁৰ লগত কুফুৰী কৰি যিসকলে অন্যায় কৰিছে সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আছে কষ্টদায়ক শাস্তি, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014022.mp3"},{"index":"23","arabicText":"وَاُدْخِلَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا بِاِذْنِ رَبِّهِمْ ؕ تَحِیَّتُهُمْ فِیْهَا سَلٰمٌ ۟","assameseTranslation":"যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ’ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোকে নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব, তাত তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’।","footnotes":"","tafseer":"অন্যায়কাৰীসকলৰ বিপৰীতে যিসকলে ঈমান পোষণ কৰিছে আৰু নেক আমল কৰিছে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰোৱা হ'ব, যাৰ অট্টালিকা আৰু গছ-গছনিৰ তলদেশত নদীসমূহ প্ৰবাহিত থাকিব। তেওঁলোকে নিজ প্ৰতিপালকৰ ক্ষমতাত আৰু তেওঁৰ অনুমতিত চিৰকাল থাকিব। তেওঁলোকে ইজনে সিজনক অভিবাদন জনাব। ফিৰিস্তাসকলেও স্বাগতম জনাব আৰু তেওঁলোকৰ প্ৰতিপালকেও স্বাগতম জনাব। এই স্বাগতম জনোৱা হ’ব ছালামৰ জৰিয়তে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014023.mp3"},{"index":"24","arabicText":"اَلَمْ تَرَ كَیْفَ ضَرَبَ اللّٰهُ مَثَلًا كَلِمَةً طَیِّبَةً كَشَجَرَةٍ طَیِّبَةٍ اَصْلُهَا ثَابِتٌ وَّفَرْعُهَا فِی السَّمَآءِ ۟ۙ","assameseTranslation":"তুমি লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ উপমা দাঙি ধৰিছে? কলিমা তায়্যিবা (সৎবাক্য)ৰ উপমা হৈছে উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা-প্ৰশাখা হৈছে আকাশত বিস্তৃত,","footnotes":"","tafseer":"হে ৰাছুল! আপুনি গম পোৱা নাইনে যে, আল্লাহে কেনেকৈ কলিমা তাওহীদ অৰ্থাৎ লা ইলা-হা ইল্লাল্লাহৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ ইয়াৰ উদাহৰণ দিছে পৱিত্ৰ বৃক্ষ অৰ্থাৎ খেজুৰ গছৰ দ্বাৰা। যি গছৰ কাণ্ডৰ একাংশ মাটিৰ তলত থাকে, যিয়ে শিপাৰ দ্বাৰা পানী সংগ্ৰহ কৰে আৰু তাৰ ঠাল-ঠেঙুলিবোৰ ওপৰত নিয়ঁৰ খাই উত্তম বতাহ দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014024.mp3"},{"index":"25","arabicText":"تُؤْتِیْۤ اُكُلَهَا كُلَّ حِیْنٍ بِاِذْنِ رَبِّهَا ؕ وَیَضْرِبُ اللّٰهُ الْاَمْثَالَ لِلنَّاسِ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟","assameseTranslation":"যিটোৱে তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফল দান কৰে; আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে।","footnotes":"","tafseer":"এই গছে নিজ প্ৰতিপালকৰ অনুমতিত সদায় সোৱাদিষ্ট ফল দিয়ে। পৱিত্ৰ আৰু মহান আল্লাহে এইবোৰ উদাহৰণ এই কাৰণে দিয়ে যাতে মানুহে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014025.mp3"},{"index":"26","arabicText":"وَمَثَلُ كَلِمَةٍ خَبِیْثَةٍ كَشَجَرَةٍ خَبِیْثَةِ جْتُثَّتْ مِنْ فَوْقِ الْاَرْضِ مَا لَهَا مِنْ قَرَارٍ ۟","assameseTranslation":"আনহাতে অসৎ বাক্যৰ উপমা হৈছে এটা বেয়া গছৰ দৰে, যাৰ মূল ভূপৃষ্ঠৰ পৰা বিচ্ছিন্নকৃত, যাৰ কোনো স্থায়িত্ব নাই।","footnotes":"","tafseer":"নিকৃষ্ট শ্বিৰ্কীয়া কলিমাৰ উদাহৰণ হৈছে, বেয়া গছৰ দৰে। যেনে- তিতা তৰমুজ গছ, যি গছৰ শিপা উঘালি পেলোৱা হৈছে, ফলত তাৰ মাটিত প্ৰতিষ্ঠিত থকাৰ কোনো সুবিধা নাই, আনকি তাৰ ঠাল-ঠেঙুলি আকাশৰ পিনে উঠাৰো কোনো প্ৰশ্ন নাহে। অৱশেষত সেই গছ মৰি যায় আৰু বতাহে তাক উৰুৱাই লৈ ফুৰে। এতেকে কুফুৰী কথাৰ পৰিণাম হৈছে বিনাশ। এইদৰে কুফুৰী কাৰ্যত লিপ্ত থকা ব্যক্তিৰ কোনো নেক আমলেই আল্লাহৰ পিনে গতি নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014026.mp3"},{"index":"27","arabicText":"یُثَبِّتُ اللّٰهُ الَّذِیْنَ اٰمَنُوْا بِالْقَوْلِ الثَّابِتِ فِی الْحَیٰوةِ الدُّنْیَا وَفِی الْاٰخِرَةِ ۚ وَیُضِلُّ اللّٰهُ الظّٰلِمِیْنَ ۙ۫ وَیَفْعَلُ اللّٰهُ مَا یَشَآءُ ۟۠","assameseTranslation":"যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব, আৰু আল্লাহে যালিমসকলক বিভ্ৰান্তিত ৰাখিব। কাৰণ আল্লাহৰ যি ইচ্ছা সেইটোৱেই কৰে।","footnotes":"","tafseer":"আল্লাহে মুমিনসকলক কলিমা তাওহীদৰ দ্বাৰা পৰিপূৰ্ণ ঈমান প্ৰদান কৰি পাৰ্থিৱ জীৱনত প্ৰতিষ্ঠিত কৰে। অৱশেষত ঈমানৰ অৱস্থাতেই তেওঁলোকৰ মৃত্যু হয়। বাৰঝাখ জীৱন অৰ্থাৎ কবৰত থকা সময়ছোৱাত প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময়ত আৰু ক্বিয়ামত দিৱসত তেওঁলোকক দৃঢ়তা প্ৰদান কৰে। আনহাতে অন্যায়কাৰীসকলক আৰু যিসকলে আল্লাহৰ লগত কুফৰ আৰু শ্বিৰ্ক কৰে, সিহঁতক আল্লাহে সত্যৰ পৰা আৰু হিদায়তৰ পৰা বহু দূৰ আঁতৰাই দিয়ে। আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে কৰে। যাক পথভ্ৰষ্ট কৰিব বিচাৰে, তাক ন্যায়ৰ সৈতে পথভ্ৰষ্ট কৰে। আনহাতে যাক হিদায়ত দিব বিচাৰে, তাক নিজ অনুগ্ৰহত হিদায়ত প্ৰদান কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014027.mp3"},{"index":"28","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ بَدَّلُوْا نِعْمَتَ اللّٰهِ كُفْرًا وَّاَحَلُّوْا قَوْمَهُمْ دَارَ الْبَوَارِ ۟ۙ","assameseTranslation":"তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ অনুগ্ৰহক কুফুৰীৰ দ্বাৰা পৰিবৰ্তন কৰিছে? আৰু সিহঁতে নিজৰ সম্প্ৰদায়ক নমাই আনিছে ধ্বংসৰ আবাসত---","footnotes":"","tafseer":"নিশ্চয় আপুনি কুৰাইছ বংশৰ সেইসকল কাফিৰৰ অৱস্থা লক্ষ্য কৰিছে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতে সন্মানিত ঠাইত নিৰাপত্তা সহকাৰে জীৱন-যাপন কৰিবলৈ পোৱা আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল তথা সিহঁতৰ ওচৰলৈ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণকো অস্বীকাৰ কৰিছিল, সিহঁতে নিজ প্ৰতিপালকৰ পৰা অহা চৰীয়তক অস্বীকাৰ কৰাৰ ফলত নিজৰ অনুসাৰীসকলকো বিনাশৰ ঘৰত পতিত কৰিছিল, অনুসাৰীসকলেও সিহঁতৰ দৰেই কুফুৰীত পতিত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014028.mp3"},{"index":"29","arabicText":"جَهَنَّمَ ۚ یَصْلَوْنَهَا ؕ وَبِئْسَ الْقَرَارُ ۟","assameseTranslation":"জাহান্নামত, যাৰ মাজত সিহঁত দগ্ধ হ’ব, আৰু কিমান যে নিকৃষ্ট এই আবাসস্থল!","footnotes":"","tafseer":"বিনাশৰ ঘৰৰ দ্বাৰা জাহান্নামক বুজোৱা হৈছে, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু সিহঁতৰ আৱাসস্থল হ’ব অতি নিকৃষ্ট আৱাসস্থল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014029.mp3"},{"index":"30","arabicText":"وَجَعَلُوْا لِلّٰهِ اَنْدَادًا لِّیُضِلُّوْا عَنْ سَبِیْلِهٖ ؕ قُلْ تَمَتَّعُوْا فَاِنَّ مَصِیْرَكُمْ اِلَی النَّارِ ۟","assameseTranslation":"আৰু সিহঁতে আল্লাহৰ বাবে সমকক্ষ নিৰ্ধাৰণ কৰে, যাতে সিহঁতে তেওঁৰ পথৰ পৰা (মানুহক) বিভ্ৰান্ত কৰিব পাৰে। কোৱা, ভোগ কৰি লোৱা, অৱশেষত জাহান্নামেই হৈছে তোমালোকৰ গন্তব্যস্থল।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আল্লাহৰ বহুতো অংশীদাৰ তথা সমকক্ষ স্থিৰ কৰিছে, যাতে আল্লাহৰ পথৰ পৰা নিজে পথভ্ৰষ্ট হোৱাৰ পিছত আনকো পথভ্ৰষ্ট কৰিব পাৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে এতিয়া এই সুখ-শান্তি আনন্দেচিত্তে উপভোগ কৰা, আৰু পাৰ্থিৱ জীৱনত ইচ্ছানুসাৰে সন্দেহ-সংশয় বিয়পাই দিয়া, কাৰণ ক্বিয়ামতৰ দিনা তোমালোকে জাহান্নামৰ পিনেই প্ৰত্যাৱৰ্তন কৰিবা। তাৰ পৰা ওলোৱাৰ কোনো উপায় নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014030.mp3"},{"index":"31","arabicText":"قُلْ لِّعِبَادِیَ الَّذِیْنَ اٰمَنُوْا یُقِیْمُوا الصَّلٰوةَ وَیُنْفِقُوْا مِمَّا رَزَقْنٰهُمْ سِرًّا وَّعَلَانِیَةً مِّنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا بَیْعٌ فِیْهِ وَلَا خِلٰلٌ ۟","assameseTranslation":"মোৰ বান্দাসকলৰ মাজৰ যিসকলে ঈমান আনিছে তেওঁলোকক তুমি কোৱা, ‘ছালাত কায়েম কৰিবলৈ আৰু মই তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰিবলৈ—সেই দিৱস অহাৰ পূৰ্বেই যিদিনা কোনো ক্ৰয়-বিক্ৰয়ৰ সুবিধা নাথাকিব আৰু কোনো বন্ধুত্বও নাথাকিব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মুমিনসকলক কৈ দিয়ক, হে মুমিনসকল! পৰিপূৰ্ণৰূপে ছালাত আদায় কৰা, আল্লাহে প্ৰদান কৰা সম্পদ ওৱাজিব আৰু মুস্তাহাব কৰ্মত ব্যয় কৰা। ৰিয়াৰ ভয়ত গোপনে ব্যয় কৰিবা, (ৰিয়া কোৱা হয়ঃ লোকক দেখুৱাবলৈ কৰা আমল)। আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে ব্যয় কৰিবা যাতে মানুহে প্ৰেৰণা পায়। সেই দিন অহাৰ পূৰ্বেই দান কৰা, যিদিনা আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ ক্ৰয়-বিক্ৰয় অথবা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ'ব, আনকি সিদিনা কোনো বন্ধুত্বও কামত নাহিব যে, বন্ধুৱে বন্ধুৰ বাবে মধ্যস্ততা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014031.mp3"},{"index":"32","arabicText":"اَللّٰهُ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَاَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَخْرَجَ بِهٖ مِنَ الثَّمَرٰتِ رِزْقًا لَّكُمْ ۚ وَسَخَّرَ لَكُمُ الْفُلْكَ لِتَجْرِیَ فِی الْبَحْرِ بِاَمْرِهٖ ۚ وَسَخَّرَ لَكُمُ الْاَنْهٰرَ ۟ۚ","assameseTranslation":"আল্লাহ সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰে আৰু তেৱেঁই নৌযানক তোমালোকৰ অনুগত কৰি দিছে, যাতে তেওঁৰ নিৰ্দেশত সেইবোৰ সাগৰত বিচৰণ কৰে আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে নদীসমূহক।","footnotes":"","tafseer":"তেৱেঁই আল্লাহ, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে, আৰু আকাশৰ পৰা পানী বৰ্ষণ কৰে, আৰু সেই পানীৰে হে মানৱজাতি! তোমালোকৰ বাবে বিভিন্ন প্ৰকাৰৰ ফলমূল সৃষ্টি কৰে, আৰু তেৱেঁই প্ৰকাণ্ড প্ৰকাণ্ড জাহাজক তোমালোকৰ আয়ত্ত্বাধীন কৰি দিছে, যিবোৰ তেওঁৰ আদেশতেই পানীত চলাচল কৰে। লগতে নদীসমূহকো তোমালোকৰ বশৱৰ্তী কৰি দিছে, যাতে তোমালোকে তাৰ পানী খাব পাৰা, লগতে খেতি-বাতিত দিব পাৰা আৰু জীৱ-জন্তুক খোৱাব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014032.mp3"},{"index":"33","arabicText":"وَسَخَّرَ لَكُمُ الشَّمْسَ وَالْقَمَرَ دَآىِٕبَیْنِ ۚ وَسَخَّرَ لَكُمُ الَّیْلَ وَالنَّهَارَ ۟ۚ","assameseTranslation":"আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰক, যিবোৰ অবিৰামভাৱে একেই নিয়মৰ অনুবৰ্তিত, লগতে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে দিন আৰু ৰাতিক।","footnotes":"","tafseer":"সূৰ্য আৰু চন্দ্ৰকো তোমালোকৰ বাবে কৰ্মত নিয়োজিত কৰি দিছোঁ। দুয়ো ধাৰাবাহিকভাৱে গতিশীল, লগতে দিন আৰু ৰাতিকো তোমালোকৰ কৰ্মত নিয়োজিত কৰিছোঁ, উভয়ে এটাৰ পিছত এটা আহি থাকে। ৰাতি হৈছে তোমালোকৰ টোপনি আৰু বিশ্ৰামৰ বাবে, আনহাতে দিন হৈছে তোমালোকৰ কৰ্ম আৰু প্ৰচেষ্টাৰ বাবে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014033.mp3"},{"index":"34","arabicText":"وَاٰتٰىكُمْ مِّنْ كُلِّ مَا سَاَلْتُمُوْهُ ؕ وَاِنْ تَعُدُّوْا نِعْمَتَ اللّٰهِ لَا تُحْصُوْهَا ؕ اِنَّ الْاِنْسَانَ لَظَلُوْمٌ كَفَّارٌ ۟۠","assameseTranslation":"আৰু তেওঁ তোমালোকক প্ৰত্যেক সেই বস্তু প্ৰদান কৰিছে যিটো তোমালোকে তেওঁৰ ওচৰত বিচাৰিছা। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।","footnotes":"","tafseer":"তেৱেঁই তোমালোকক সেই সকলো বস্তু প্ৰদান কৰিছে যিবোৰ তোমালোকে বিচাৰিছিলা আৰু যিবোৰ তোমালোকে বিচৰা নাছিলা। আল্লাহৰ নিয়ামত সংখ্যাত ইমান বেছি যে, যদি সেইবোৰ তোমালোকে গণনা কৰিব বিচৰা তেন্তে কেতিয়াও সেয়া গণি শেষ কৰিব নোৱাৰিবা। তোমালোকৰ সন্মুখত বৰ্ণিত নিয়ামতসমূহ হৈছে কেৱল কিছুমান উদাহৰণহে মাত্ৰ। নিশ্চয় মানুহ নিজৰ প্ৰতি নিজেই অন্যায়কাৰী, তথা আল্লাহৰ নিয়ামতসমূহক অধিক অস্বীকাৰকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014034.mp3"},{"index":"35","arabicText":"وَاِذْ قَالَ اِبْرٰهِیْمُ رَبِّ اجْعَلْ هٰذَا الْبَلَدَ اٰمِنًا وَّاجْنُبْنِیْ وَبَنِیَّ اَنْ نَّعْبُدَ الْاَصْنَامَ ۟ؕ","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ প্ৰতিপালক! এই চহৰখনক (মক্কাক) নিৰাপদ কৰি দিয়া, লগতে মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তি পূজাৰ পৰা দূৰৈত ৰখা’।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীমে তেওঁৰ পুত্ৰ ইছমাঈল আৰু তাৰ মাক হাজিৰক মক্কাৰ উপত্যকাত এৰি থৈ দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! এই নগৰখনক তুমি শান্তিৰ নগৰ বনাই দিয়া, য’ত মই মোৰ পৰিয়াল এৰি থৈ গ’লোঁ। ইয়াত যাতে কাৰো ওপৰত অন্যায় কৰা নহয় আৰু তেজ প্ৰবাহিতও নহয়। লগতে মোক আৰু মোৰ সন্তানসকলক মূৰ্তি পূজাৰ পৰা দূৰত ৰাখিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014035.mp3"},{"index":"36","arabicText":"رَبِّ اِنَّهُنَّ اَضْلَلْنَ كَثِیْرًا مِّنَ النَّاسِ ۚ فَمَنْ تَبِعَنِیْ فَاِنَّهٗ مِنِّیْ ۚ وَمَنْ عَصَانِیْ فَاِنَّكَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"‘হে মোৰ প্ৰতিপালক! এইবোৰ মূৰ্তিয়ে বহু মানুহক বিভ্ৰান্ত কৰিছে। এতেকে যিয়ে মোৰ অনুসৰণ কৰিব তেওঁহে মোৰ দলভুক্ত, আৰু যিয়ে মোৰ অবাধ্য হ’ব তেন্তে তুমিতো ক্ষমাশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"হে মোৰ প্ৰতিপালক! নিশ্চয় এই মূৰ্তিবোৰে বহুতো মানুহক বিভ্ৰান্ত কৰি ৰাখিছে। সেই কাৰণে সিহঁতে ভাবিছে যে, এইবোৰে সিহঁতক ছুপাৰিছ কৰিব, সেইকাৰণে সিহঁতে এই ফিতনাত লিপ্ত হৈছে। আল্লাহক এৰি এইবোৰৰ উপাসনা কৰি আছে। এতেকে যিসকল লোকে আল্লাহৰ একত্ব স্বীকাৰ কৰি আৰু তেওঁৰ আদেশ পালন কৰি মোৰ অনুসৰণ কৰিব, তেওঁলোকেই হ'ব মোৰ সহযোগী আৰু মোৰ অনুসৰণকাৰী। আনহাতে যিসকলে আল্লাহৰ একত্ব আৰু তেওঁৰ আনুগত্যৰ ক্ষেত্ৰত মোৰ আদেশৰ বিপৰীতে মোক অৱজ্ঞা কৰিব, হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি ক্ষমাশীল, তুমি যাক ইচ্ছা কৰা ক্ষমা কৰি দিয়া, আৰু সিহঁতৰ প্ৰতি কৃপাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014036.mp3"},{"index":"37","arabicText":"رَبَّنَاۤ اِنِّیْۤ اَسْكَنْتُ مِنْ ذُرِّیَّتِیْ بِوَادٍ غَیْرِ ذِیْ زَرْعٍ عِنْدَ بَیْتِكَ الْمُحَرَّمِ ۙ رَبَّنَا لِیُقِیْمُوا الصَّلٰوةَ فَاجْعَلْ اَفْىِٕدَةً مِّنَ النَّاسِ تَهْوِیْۤ اِلَیْهِمْ وَارْزُقْهُمْ مِّنَ الثَّمَرٰتِ لَعَلَّهُمْ یَشْكُرُوْنَ ۟","assameseTranslation":"‘হে আমাৰ প্ৰতিপালক! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালোঁ। হে আমাৰ প্ৰতিপালক! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! মই মোৰ বংশৰ কিছুমানক অৰ্থাৎ ইছমাঈল আৰু তেওঁৰ বংশধৰক তোমাৰ সন্মানিত ঘৰৰ ওচৰত এনেকুৱা ঠাইত বসবাস কৰিবলৈ এৰি থৈ আহিলোঁ, য’ত খেতি-বাতি নহয় আৰু পানীও নাই। হে আমাৰ প্ৰতিপালক! আমি তেওঁলোকক সেই সন্মানিত ঘৰৰ ওচৰত এই কৰাণে বসতি কৰিবলৈ থৈ আহিছোঁ যাতে তেওঁলোকে ছালাত প্ৰতিষ্ঠা কৰে। এতেকে হে মোৰ প্ৰতিপালক! মানুহৰ অন্তৰক এওঁলোকৰ পিনে আৰু এই নগৰৰ পিনে আকৰ্ষিত কৰি দিয়া, লগতে তেওঁলোকক খোৱাৰ বাবে বিভিন্ন ফলমূল প্ৰদান কৰা যাতে তেওঁলোকে তোমাৰ উপকাৰৰ কৃতজ্ঞতা জ্ঞাপন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014037.mp3"},{"index":"38","arabicText":"رَبَّنَاۤ اِنَّكَ تَعْلَمُ مَا نُخْفِیْ وَمَا نُعْلِنُ ؕ وَمَا یَخْفٰی عَلَی اللّٰهِ مِنْ شَیْءٍ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ ۟","assameseTranslation":"‘হে আমাৰ প্ৰতিপালক! যিবোৰ আমি গোপন কৰোঁ আৰু যি আমি প্ৰকাশ কৰোঁ নিশ্চয় সেইবোৰ তুমি জানা, আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়’।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! তুমি প্ৰত্যেক সেই বিষয়ে অৱগত, যিবোৰ আমি গোপন কৰোঁ আৰু যিবোৰ প্ৰকাশ কৰোঁ। পৃথিৱী আৰু আকাশৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়, বৰং তেওঁ সকলো জানে। এতেকে আমি তেওঁৰ কিমান মুখাপেক্ষী, আমাৰ অভাৱ অনাটন আৰু চাহিদা তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014038.mp3"},{"index":"39","arabicText":"اَلْحَمْدُ لِلّٰهِ الَّذِیْ وَهَبَ لِیْ عَلَی الْكِبَرِ اِسْمٰعِیْلَ وَاِسْحٰقَ ؕ اِنَّ رَبِّیْ لَسَمِیْعُ الدُّعَآءِ ۟","assameseTranslation":"সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য, যিজনে মোক মোৰ বৃদ্ধ অৱস্থাত ইছমাঈল আৰু ইছহাক্ব দান কৰিছে। নিশ্চয় মোৰ প্ৰতিপালক দুআ শ্ৰৱণকাৰী।","footnotes":"","tafseer":"সকলো প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোৰ নেক সন্তান প্ৰাপ্তিৰ বাবে কৰা প্ৰাৰ্থনা কবূল কৰিছে। বৃদ্ধ বয়সতো তেওঁ মোক হাজিৰাৰ পৰা ইছমাঈল আৰু ছাৰাৰ পৰা ইছহাকৰ দৰে পুত্ৰ প্ৰদান কৰিছে। নিশ্চয় মোৰ পৱিত্ৰ প্ৰতিপালকে প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014039.mp3"},{"index":"40","arabicText":"رَبِّ اجْعَلْنِیْ مُقِیْمَ الصَّلٰوةِ وَمِنْ ذُرِّیَّتِیْ ۖۗ رَبَّنَا وَتَقَبَّلْ دُعَآءِ ۟","assameseTranslation":"‘হে মোৰ প্ৰতিপালক! মোক ছালাত প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰসকলৰ পৰাও। হে মোৰ প্ৰতিপালক! আৰু মোৰ দুআ কবুল কৰা’।","footnotes":"","tafseer":"হে মোৰ প্ৰতিপালক! মোক পৰিপূৰ্ণৰূপে ছালাত আদায় কৰাৰ তাওফীক প্ৰদান কৰা, সেইদৰে মোৰ সন্তানসকলকো ছালাত আদায়কাৰী বনাই দিয়া। হে আমাৰ প্ৰতিপালক! মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰা, আৰু ইয়াক তোমাৰ ওচৰত গ্ৰহণযোগ্য বনাই দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014040.mp3"},{"index":"41","arabicText":"رَبَّنَا اغْفِرْ لِیْ وَلِوَالِدَیَّ وَلِلْمُؤْمِنِیْنَ یَوْمَ یَقُوْمُ الْحِسَابُ ۟۠","assameseTranslation":"‘হে আমাৰ প্ৰতিপালক! যিদিনা হিচাপ-নিকাচ অনুষ্ঠিত হ’ব সেইদিনা মোক আৰু মোৰ পিতৃ-মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা’।","footnotes":"","tafseer":"হে মোৰ প্ৰতিপালক! মোৰ গুনাহবোৰ ক্ষমা কৰি দিয়া, লগতে মোৰ পিতৃ-মাতৃৰ গুনাহ সমূহকো ক্ষমা কৰি দিয়া। (এই প্ৰাৰ্থনা তেওঁ সেই সময়ত কৰিছিল যেতিয়া তেওঁ অৱগত নাছিল যে, তেওঁৰ পিতৃ হৈছে আল্লাহৰ শত্ৰু। যেতিয়া তেওঁ এই বিষয়টো অৱগত হৈছিল তেতিয়া তেওঁ তাৰ পৰা পৃথক হৈছিল।) লগতে মুমিনসকলৰো গুনাহ ক্ষমা কৰি দিবা সেই সময়ত যি সময়ত তেওঁলোকক নিজ প্ৰতিপালকৰ সন্মুখত হিচাপ কিতাবৰ বাবে থিয় কৰোৱা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014041.mp3"},{"index":"42","arabicText":"وَلَا تَحْسَبَنَّ اللّٰهَ غَافِلًا عَمَّا یَعْمَلُ الظّٰلِمُوْنَ ؕ۬ اِنَّمَا یُؤَخِّرُهُمْ لِیَوْمٍ تَشْخَصُ فِیْهِ الْاَبْصَارُ ۟ۙ","assameseTranslation":"যালিমসকলে যি কৰে সেই বিষয়ে তুমি কেতিয়াও আল্লাহক অমনোযোগী বুলি নাভাবিবা, দৰাচলতে তেওঁ সিহঁতক সেই দিৱসলৈকে অৱকাশ দিয়ে, যিদিনা সিহঁতৰ চকু (আতংকত) স্থিৰ হৈ পৰিব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিব যে, যিহেতু আল্লাহে অত্যাচাৰীসকলক শাস্তি দিয়াত পলম কৰি আছে, সেয়ে হয়তো তেওঁ অত্যাচাৰীসকলৰ অস্বীকাৰ কৰা কাৰ্য আৰু আল্লাহৰ পথৰ পৰা বিৰত ৰখা আদি কৰ্মৰ সম্পৰ্কে অৱগত নহয়, বৰং তেওঁ অৱগত। তেওঁৰ পৰা কোনো বিষয়ে গোপন নহয়। দৰাচলতে আল্লাহে সিহঁতৰ শাস্তিক ক্বিয়ামত পৰ্যন্ত পলম কৰি ৰাখিছে। সেই দিনটো ইমান ভয়াৱহ হ'ব যে, মানুহে সেয়া দেখি সিহঁতৰ চকু কপালত উঠিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014042.mp3"},{"index":"43","arabicText":"مُهْطِعِیْنَ مُقْنِعِیْ رُءُوْسِهِمْ لَا یَرْتَدُّ اِلَیْهِمْ طَرْفُهُمْ ۚ وَاَفْـِٕدَتُهُمْ هَوَآءٌ ۟ؕ","assameseTranslation":"ভীত-বিহ্বল চিত্তে ওপৰৰ পিনে চাই সিহঁতে পলাবলৈ দৌৰিব, নিজৰ প্ৰতি সিহঁতৰ দৃষ্টি উভতি নাহিব, আৰু সিহঁতৰ অন্তৰ হ’ব উদাস, (জ্ঞান)শূন্য।","footnotes":"","tafseer":"যেতিয়া মানুহে কবৰৰ পৰা উঠি খৰখেদাকৈ আহ্বানকাৰীৰ পিনে দৌৰিব, ওপৰমুৱা হৈ আকাশৰ পিনে ভয়তে চাই থাকিব। সিহঁতৰ চকু তলমুৱা হোৱাৰ নামেই নল’ব। বৰং সেইদিৱসৰ দৃশ্য দেখি সিহঁতে থৰ লাগি চাই থাকিব, আৰু সেইদিৱসৰ ভয়াৱহ দৃশ্য দেখি সিহঁতৰ তত নাইকিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014043.mp3"},{"index":"44","arabicText":"وَاَنْذِرِ النَّاسَ یَوْمَ یَاْتِیْهِمُ الْعَذَابُ فَیَقُوْلُ الَّذِیْنَ ظَلَمُوْا رَبَّنَاۤ اَخِّرْنَاۤ اِلٰۤی اَجَلٍ قَرِیْبٍ ۙ نُّجِبْ دَعْوَتَكَ وَنَتَّبِعِ الرُّسُلَ ؕ اَوَلَمْ تَكُوْنُوْۤا اَقْسَمْتُمْ مِّنْ قَبْلُ مَا لَكُمْ مِّنْ زَوَالٍ ۟ۙ","assameseTranslation":"আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেইদিন সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাছুলসকলৰ অনুসৰণ কৰিম’। (উত্তৰত কোৱা হ’ব) কিয় তোমালোকে জানো ইয়াৰ আগত শপত খাই কোৱা নাছিলা যে, তোমালোকৰ কেতিয়াও পতন নহয়?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আপোনাৰ উম্মতক ক্বিয়ামত দিৱসৰ শাস্তিৰ পৰা সাৱধান কৰক। আল্লাহৰ লগত কুফৰী আৰু শ্বিৰ্ক কৰি যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে সিহঁতে সেইদিনা ক’বঃ হে আমাৰ প্ৰতিপালক! আমাক অলপ অৱকাশ দিয়া, আৰু কিছু সময়ৰ বাবে আমাৰ পৰা শাস্তি আঁতৰাই ৰাখা, আৰু আমাক সেই সময়ছোৱাত পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰা, আমি তোমাৰ প্ৰতি ঈমান আনিম আৰু তোমাৰ ৰাছুলসকলক অনুসৰণ কৰিম, যিসকলক তুমি আমালৈ প্ৰেৰণ কৰিছিলা। তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ তোমালোকে পাৰ্থিৱ জীৱনত, মৃত্যুৰ পৰৱৰ্তী জীৱনক অস্বীকাৰ কৰি শপত খোৱা নাছিলানে যে, তোমালোকে কেতিয়াও পৃথিৱীৰ পৰা আখিৰাতলৈ প্ৰত্যাৱৰ্তন নকৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014044.mp3"},{"index":"45","arabicText":"وَّسَكَنْتُمْ فِیْ مَسٰكِنِ الَّذِیْنَ ظَلَمُوْۤا اَنْفُسَهُمْ وَتَبَیَّنَ لَكُمْ كَیْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ الْاَمْثَالَ ۟","assameseTranslation":"আৰু তোমালোকে বাস কৰিছিলা সিহঁতৰ ভূমিত, যিসকলে নিজৰে প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি ধৰণৰ (আচৰণ) কৰিছিলোঁ সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল। লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্তও উপস্থাপন কৰিছিলোঁ।","footnotes":"","tafseer":"তোমালোকে পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহে বসবাস কৰা ঠাইসমূহতো প্ৰৱেশ কৰিছিলা, যিসকলে আল্লাহক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছিল, উদাহৰণ স্বৰূপে হূদ আৰু ছলেহ সম্প্ৰদায়। এই কথা তোমালোকৰ ওচৰত স্পষ্ট হৈছে যে, আমি কিদৰে সিহঁতক শাস্তি বিহিছিলোঁ। আমি ঐশীগ্ৰন্থত তোমালোকৰ বাবে উদাহৰণ দাঙি ধৰিছিলোঁ, যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা। কিন্তু তোমালোকে এনেকুৱা কৰা নাছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014045.mp3"},{"index":"46","arabicText":"وَقَدْ مَكَرُوْا مَكْرَهُمْ وَعِنْدَ اللّٰهِ مَكْرُهُمْ ؕ وَاِنْ كَانَ مَكْرُهُمْ لِتَزُوْلَ مِنْهُ الْجِبَالُ ۟","assameseTranslation":"আৰু সিহঁতে ভীষণ চক্ৰান্ত কৰিছিল, কিন্তু আল্লাহৰ ওচৰত সিহঁতৰ চক্ৰান্ত (জনা) আছিল, সিহঁতৰ চক্ৰান্ত এনেকুৱা নাছিল যে, পৰ্বতকো টলাব পাৰিব।","footnotes":"","tafseer":"অত্যাচাৰী সম্প্ৰদায়ৰ বাসস্থানত প্ৰৱেশ কৰা এই লোকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ আৰু তেওঁৰ আহ্বানক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। অথচ আল্লাহ সিহঁতৰ ষড়যন্ত্ৰ সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। দৰাচলতে সিহঁতৰ ষড়যন্ত্ৰ আছিল অতি দুৰ্বল, এনেকুৱা ষড়যন্ত্ৰই পৰ্বত আদিক স্থানান্তৰ কৰিব নোৱাৰে। পক্ষান্তৰে আল্লাহৰ কৌশল হৈছে সুকীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014046.mp3"},{"index":"47","arabicText":"فَلَا تَحْسَبَنَّ اللّٰهَ مُخْلِفَ وَعْدِهٖ رُسُلَهٗ ؕ اِنَّ اللّٰهَ عَزِیْزٌ ذُو انْتِقَامٍ ۟ؕ","assameseTranslation":"এতেকে তুমি কেতিয়াও নাভাবিবা যে, আল্লাহে তেওঁৰ ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিব যে, আল্লাহে ৰাছুলসকলক সহায় কৰিবলৈ আৰু দ্বীনক বিজয় প্ৰদান কৰিবলৈ যি প্ৰতিশ্ৰুতি দিছে, সেয়া ভঙ্গ কৰিব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ নিজৰ প্ৰিয়জনক নিশ্চয় শক্তিশালী কৰিব। নিশ্চয় তেওঁ নিজৰ শত্ৰুৰ পৰা আৰু তেওঁৰ ৰাছুলসকলৰ শত্ৰুৰ পৰা কঠিন প্ৰতিশোধ ল’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014047.mp3"},{"index":"48","arabicText":"یَوْمَ تُبَدَّلُ الْاَرْضُ غَیْرَ الْاَرْضِ وَالسَّمٰوٰتُ وَبَرَزُوْا لِلّٰهِ الْوَاحِدِ الْقَهَّارِ ۟","assameseTranslation":"(স্মৰণ কৰা) যিদিনা এইখন পৃথিৱী ভিন্ন পৃথিৱীলৈ ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহে (কবৰৰ পৰা) উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।","footnotes":"","tafseer":"কাফিৰসকলৰ পৰা এই প্ৰতিশোধ ক্বিয়ামতৰ দিনা লোৱা হ'ব। সেই দিনা এই পৃথিৱীক চাফ-চিকুন পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব। আকাশসমূহকো বেলেগ আকাশত পৰিণত কৰা হ’ব। কবৰৰ পৰা মানুহে নিজৰ নিজৰ আমললৈ সশৰীৰে উঠি আহিব আল্লাহৰ সন্মুখত থিয় হ'বলৈ, তেওঁ মহত্ব আৰু ৰাজত্বৰ ক্ষেত্ৰত একক তথা অদ্বিতীয়। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014048.mp3"},{"index":"49","arabicText":"وَتَرَی الْمُجْرِمِیْنَ یَوْمَىِٕذٍ مُّقَرَّنِیْنَ فِی الْاَصْفَادِ ۟ۚ","assameseTranslation":"সেইদিনা তুমি অপৰাধীবিলাকক শিকলিৰে বান্ধি থোৱা অৱস্থাত দেখিবলৈ পাবা,","footnotes":"","tafseer":"হে ৰাছুল! যিদিনা এই পৃথিৱীক বেলেগ পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব, আৰু আকাশসমূহকো পৰিবৰ্তন কৰা হ'ব, সেইদিনা আপুনি কাফিৰ আৰু মুশ্বৰিকসকলক দেখিব যে, সিহঁতক একেলগে শিকলিৰে বান্ধি থোৱা হৈছে। সিহঁতৰ হাত-ভৰি ডিঙিৰ সৈতে বান্ধি থোৱা হ'ব। সিহঁতৰ কাপোৰ হ'ব (অতি উষ্ণতাশীল ধাতুৰে নিৰ্মিত) আলকাতৰাৰ দৰে পদাৰ্থৰে। লগতে সিহঁতৰ কুৎসিত মুখমণ্ডল জুইত পুৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014049.mp3"},{"index":"50","arabicText":"سَرَابِیْلُهُمْ مِّنْ قَطِرَانٍ وَّتَغْشٰی وُجُوْهَهُمُ النَّارُ ۟ۙ","assameseTranslation":"সিহঁতৰ পোছাক হ’ব আলকাতৰাৰ আৰু জুয়ে সিহঁতৰ মুখমণ্ডল আচ্ছন্ন কৰি ৰাখিব;","footnotes":"","tafseer":"হে ৰাছুল! যিদিনা এই পৃথিৱীক বেলেগ পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব, আৰু আকাশসমূহকো পৰিবৰ্তন কৰা হ'ব, সেইদিনা আপুনি কাফিৰ আৰু মুশ্বৰিকসকলক দেখিব যে, সিহঁতক একেলগে শিকলিৰে বান্ধি থোৱা হৈছে। সিহঁতৰ হাত-ভৰি ডিঙিৰ সৈতে বান্ধি থোৱা হ'ব। সিহঁতৰ কাপোৰ হ'ব (অতি উষ্ণতাশীল ধাতুৰে নিৰ্মিত) আলকাতৰাৰ দৰে পদাৰ্থৰে। লগতে সিহঁতৰ কুৎসিত মুখমণ্ডল জুইত পুৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014050.mp3"},{"index":"51","arabicText":"لِیَجْزِیَ اللّٰهُ كُلَّ نَفْسٍ مَّا كَسَبَتْ ؕ اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟","assameseTranslation":"এইকাৰণে যে, আল্লাহে প্ৰত্যেককে সিহঁতৰ কৃতকৰ্মৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ।","footnotes":"","tafseer":"যাতে আল্লাহে প্ৰত্যেককে সিহঁতৰ ভাল বেয়া কৰ্মৰ প্ৰতিদান দিব পাৰে। নিশ্চয় আল্লাহে শীঘ্ৰেই আমলৰ হিচাপ গ্ৰহণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014051.mp3"},{"index":"52","arabicText":"هٰذَا بَلٰغٌ لِّلنَّاسِ وَلِیُنْذَرُوْا بِهٖ وَلِیَعْلَمُوْۤا اَنَّمَا هُوَ اِلٰهٌ وَّاحِدٌ وَّلِیَذَّكَّرَ اُولُوا الْاَلْبَابِ ۟۠","assameseTranslation":"এইটো হৈছে মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয় আৰু যাতে সিহঁতে জানিব পাৰে যে, কেৱল তেৱেঁই একক সত্য ইলাহ, লগতে যাতে বিবেকসম্পন্ন লোকসকলে উপদেশ গ্ৰহণ কৰিব পাৰে।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে এক প্ৰকাৰ ঘোষণা। যাতে সিহঁতে ইয়াৰ কঠোৰ নিৰ্দেশনাক ভয় কৰে, আৰু এই কথাও যাতে সিহঁতে গম পায় যে, উপাসনাৰ যোগ্য হৈছে একমাত্ৰ মহান আল্লাহ। ফলত সিহঁতে যাতে আল্লাহৰ ইবাদত কৰে আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰে। বিবেকৱান সকলে যাতে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে। কাৰণ সিহঁতেই উপদেশৰ পৰা আৰু শিক্ষাপ্ৰদ বিষয়ৰ পৰা শিক্ষা লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/014052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/014052.mp3"}]