[{"index":"1","arabicText":"اَتٰۤی اَمْرُ اللّٰهِ فَلَا تَسْتَعْجِلُوْهُ ؕ سُبْحٰنَهٗ وَتَعٰلٰی عَمَّا یُشْرِكُوْنَ ۟","assameseTranslation":"আল্লাহৰ আদেশ আহিবই; এতেকে তোমালোকে তাক সোনকালে আনিবলৈ খৰখেদা নকৰিবা। তেওঁ অতি পৱিত্ৰ মহিমাময়, আৰু সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা তেওঁ (বহু) উৰ্দ্ধত।","footnotes":"","tafseer":"হে কাফিৰসকল! আল্লাহে তোমালোকক শাস্তি প্ৰদানৰ যি সিদ্ধান্ত লৈছে, সেই সময়টো অতি নিকটৱৰ্তী হৈ পৰিছে। এতেকে নিৰ্ধাৰিত সময়ৰ আগতে সেইটোক পোৱাৰ বাবে খৰধৰ নকৰিবা। মুশ্বৰিকসকলৰ অংশী স্থাপনৰ পৰা মহান আল্লাহ অতি পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016001.mp3"},{"index":"2","arabicText":"یُنَزِّلُ الْمَلٰٓىِٕكَةَ بِالرُّوْحِ مِنْ اَمْرِهٖ عَلٰی مَنْ یَّشَآءُ مِنْ عِبَادِهٖۤ اَنْ اَنْذِرُوْۤا اَنَّهٗ لَاۤ اِلٰهَ اِلَّاۤ اَنَا فَاتَّقُوْنِ ۟","assameseTranslation":"তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ প্ৰতি নিৰ্দেশ প্ৰদান কৰি ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এই বুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।","footnotes":"","tafseer":"আল্লাহে ফিৰিস্তাসকলক তেওঁৰ অহীৰ সৈতে যি ৰাছুলৰ প্ৰতি ইচ্ছা কৰে প্ৰেৰণ কৰে যে, হে ৰাছুল! আপুনি মানুহক আল্লাহৰ লগত শ্বিৰ্ক কৰাৰ পৰা সতৰ্ক কৰক। কিয়নো মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে হে মানৱজাতি! তোমালোকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016002.mp3"},{"index":"3","arabicText":"خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ تَعٰلٰی عَمَّا یُشْرِكُوْنَ ۟","assameseTranslation":"তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱীক সৃষ্টি কৰিছে; সিহঁতে যি অংশীদাৰ স্থাপন কৰে তেওঁ তাৰ পৰা (বহু) উৰ্দ্ধত।","footnotes":"","tafseer":"আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সত্যৰ সৈতে সৃষ্টি কৰিছে। এতেকে তেওঁ ইয়াক এনেয়ে সৃষ্টি কৰা নাই। বৰং তেওঁ ইয়াক এই কাৰণে সৃষ্টি কৰিছে, যাতে ইয়াৰ দ্বাৰা তেওঁৰ মহত্বৰ উমান পোৱা যায়। তেওঁৰ লগত আনক অংশী স্থাপন কৰা কাৰ্যৰ পৰা তেওঁ পৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016003.mp3"},{"index":"4","arabicText":"خَلَقَ الْاِنْسَانَ مِنْ نُّطْفَةٍ فَاِذَا هُوَ خَصِیْمٌ مُّبِیْنٌ ۟","assameseTranslation":"তেৱেঁই মানুহক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছে; অথচ চোৱা, সেই মানুহেই প্ৰকাশ্য বিতণ্ডাকাৰী!","footnotes":"","tafseer":"তেওঁ মানুহক নিকৃষ্ট পানীৰ টোপালেৰে সৃষ্টি কৰিছে। ফলত সিহঁতে কেইবাটাও স্তৰ পাৰ হৈ আহিছে। তথাপিও সিহঁতে সত্যক খণ্ডন কৰাৰ বাবে অসত্যৰ পক্ষত থিয় দি প্ৰকাশ্য বিতৰ্কত লিপ্ত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016004.mp3"},{"index":"5","arabicText":"وَالْاَنْعَامَ خَلَقَهَا ۚ لَكُمْ فِیْهَا دِفْءٌ وَّمَنَافِعُ وَمِنْهَا تَاْكُلُوْنَ ۪۟","assameseTranslation":"আৰু চতুষ্পদ জন্তুবোৰ তেৱেঁই সৃষ্টি কৰিছে, তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ লগতে আৰু নানা ধৰণৰ উপকাৰ আছে আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা।","footnotes":"","tafseer":"হে মানৱজাতি! উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তুবোৰ তোমালোকৰ উপকাৰৰ বাবেই তেওঁ সৃষ্টি কৰিছে, এতেকে সেইবোৰৰ ঊণ আৰু নোম তোমালোকে শীতকালত গৰম অৰ্জন কৰাৰ বাবে ব্যৱহাৰ কৰা। লগতে সেইবোৰৰ গাখীৰ আৰু ছালৰ পৰা উপকৃত হোৱা। সেইবোৰক বাহন হিচাপেও ব্যৱহাৰ কৰা আৰু কিছুমানক তোমালোকে ভক্ষণো কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016005.mp3"},{"index":"6","arabicText":"وَلَكُمْ فِیْهَا جَمَالٌ حِیْنَ تُرِیْحُوْنَ وَحِیْنَ تَسْرَحُوْنَ ۪۟","assameseTranslation":"আৰু তোমালোকৰ বাবে তাত আছে উপভোগ কৰিব পৰা সৌন্দৰ্য, যেতিয়া তোমালোকে সেইবোৰক সন্ধিয়াৰ সময়ত চাৰণভূমিৰ পৰা ওভতাই আনা আৰু পুৱাৰ ভাগত সেইবোৰক চাৰণভূমিলৈ খেদি নিয়া।","footnotes":"","tafseer":"চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে সৌন্দৰ্যও নিহিত হৈ আছে, যেতিয়া তোমালোকে পুৱাৰ ভাগত সেইবোৰক চৰিবলৈ লৈ যোৱা আৰু সন্ধিয়া পৰত যেতিয়া ওভোতাই লৈ অহা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016006.mp3"},{"index":"7","arabicText":"وَتَحْمِلُ اَثْقَالَكُمْ اِلٰی بَلَدٍ لَّمْ تَكُوْنُوْا بٰلِغِیْهِ اِلَّا بِشِقِّ الْاَنْفُسِ ؕ اِنَّ رَبَّكُمْ لَرَءُوْفٌ رَّحِیْمٌ ۟ۙ","assameseTranslation":"আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা ঠাইলৈ, য’ত প্ৰাণান্তৰ কষ্ট নোহোৱাকৈ তোমালোকে তালৈকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল, পৰম দয়ালু।","footnotes":"","tafseer":"এই চতুষ্পদ জন্তুবোৰ যিবোৰ আমি তোমালোকৰ উপকাৰৰ বাবে সৃষ্টি কৰিছোঁ, ভ্ৰমণত তোমালোকৰ সা-সামগ্ৰী এনেকুৱা স্থানলৈ বহন কৰি লৈ যায়, যিবোৰ স্থানলৈ তোমালোকে অধিক কষ্ট নোহোৱাকৈ যাব নোৱাৰা। হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে অত্যন্ত কৰুণাময় আৰু দয়াৱান, সেয়ে তেওঁ এই চতুষ্পদ জন্তুবোৰক তোমালোকৰ অধীনস্থ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016007.mp3"},{"index":"8","arabicText":"وَّالْخَیْلَ وَالْبِغَالَ وَالْحَمِیْرَ لِتَرْكَبُوْهَا وَزِیْنَةً ؕ وَیَخْلُقُ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু তোমালোকৰ আৰোহণৰ বাবে লগতে শোভাৰ বাবে তেওঁ সৃষ্টি কৰিছে ঘোঁৰা, খচ্চৰ আৰু গাধ আৰু তেওঁ এনেকুৱা বহুতো বস্তু সৃষ্টি কৰে (আৰু কৰিব) যিবোৰ তোমালোকে নাজানা।","footnotes":"","tafseer":"তোমালোকৰ বাবে ঘোঁৰা, খচ্চৰ আৰু গাধ সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰিব পাৰা, আৰু তোমালোকৰ সা-সামগ্ৰী স্থানান্তৰ কৰিব পাৰা, তথা এইবোৰে তোমালোকৰ বাবে মানুহৰ মাজত শোভা বৃদ্ধি কৰে। আনহাতে আল্লাহে এনেকুৱা এনেকুৱা বস্তু সৃষ্টি কৰিব যিবোৰৰ বিষয়ে তোমালোকে নাজানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016008.mp3"},{"index":"9","arabicText":"وَعَلَی اللّٰهِ قَصْدُ السَّبِیْلِ وَمِنْهَا جَآىِٕرٌ ؕ وَلَوْ شَآءَ لَهَدٰىكُمْ اَجْمَعِیْنَ ۟۠","assameseTranslation":"আৰু সৰল পথে আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন।","footnotes":"","tafseer":"সৰল পথ, যি পথে পথিকক আল্লাহৰ সন্তুষ্টিৰ পিনে লৈ যায় অৰ্থাৎ ইছলাম, ইয়াক বৰ্ণনা কৰাৰ দায়িত্ব হৈছে আল্লাহৰ। আনহাতে কিছুমান পথ সত্যৰ পৰা দূৰত অৱস্থিত, সেইবোৰ হৈছে চয়তানৰ পথ। দৰাচলতে ইছলামৰ পথৰ বাহিৰে সকলো পথ হৈছে বক্ৰ। যদি আল্লাহে তোমালোক আটাইকে ঈমান পোষণ কৰিবলৈ তাওফীক দিব বিচাৰিলেহেঁতেন তেন্তে নিশ্চয় দিব পাৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016009.mp3"},{"index":"10","arabicText":"هُوَ الَّذِیْۤ اَنْزَلَ مِنَ السَّمَآءِ مَآءً لَّكُمْ مِّنْهُ شَرَابٌ وَّمِنْهُ شَجَرٌ فِیْهِ تُسِیْمُوْنَ ۟","assameseTranslation":"তেৱেঁই আকাশৰ পৰা পানী বৰষায়। তাত তোমালোকৰ বাবে আছে পানীয় আৰু তাৰ পৰাই জন্মায় উদ্ভিদ, যাৰ মাজত তোমালোকে পশুচাৰণ কৰা।","footnotes":"","tafseer":"তেৱেঁই পৱিত্ৰ আল্লাহ, যিয়ে তোমালোকৰ বাবে মেঘৰ পৰা পানী বৰ্ষণ কৰে। সেই পানীৰ পৰাই তোমালোকে খোৱা আৰু তোমালোকৰ চতুষ্পদ জন্তুবোৰেও খায়, সেই পানীৰেই ঘাঁহ বন উৎপন্ন হয়, যিবোৰত তোমালোকে নিজৰ চতুষ্পদ জন্তুবোৰক চৰিবলৈ দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016010.mp3"},{"index":"11","arabicText":"یُنْۢبِتُ لَكُمْ بِهِ الزَّرْعَ وَالزَّیْتُوْنَ وَالنَّخِیْلَ وَالْاَعْنَابَ وَمِنْ كُلِّ الثَّمَرٰتِ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟","assameseTranslation":"ইয়াৰ মাধ্যমত তেৱেঁই তোমালোকৰ বাবে উৎপন্ন কৰে শস্য, যায়তুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফলমূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।","footnotes":"","tafseer":"আল্লাহে সেই পানীৰেই তোমালোকৰ বাবে ফচল উৎপন্ন কৰে, যিবোৰ তোমালোকে ভক্ষণ কৰা, আৰু সেই পানীৰেই যাইতুন, খেজুৰ আৰু আঙুৰ গছ লালিত পালিত হয়, লগতে তোমালোকৰ বাবে অন্যান্য সকলো ফলমূল উৎপন্ন কৰে। নিশ্চয় সেই পানী আৰু তাৰ দ্বাৰা উৎপন্ন বস্তুবোৰৰ মাজত আছে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা কৰে, আৰু সেইবোৰৰ পৰা তেওঁৰ মহানতাৰ পাঠ গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016011.mp3"},{"index":"12","arabicText":"وَسَخَّرَ لَكُمُ الَّیْلَ وَالنَّهَارَ ۙ وَالشَّمْسَ وَالْقَمَرَ ؕ وَالنُّجُوْمُ مُسَخَّرٰتٌ بِاَمْرِهٖ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟ۙ","assameseTranslation":"আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক; আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত। নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।","footnotes":"","tafseer":"আল্লাহে ৰাতিক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে, যাতে তোমালোকে বিশ্ৰাম ল’ব পাৰা। দিনক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে, যাতে তোমালোকে জীৱিকা সন্ধান কৰিব পাৰা। সূৰ্যক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে আৰু ইয়াক পোহৰৰ উৎস বনাইছে, আনহাতে চন্দ্ৰক বনাইছে জ্যোতিৰ্ময়। তৰাবোৰো তেওঁৰ আদেশতেই তোমালোকৰ কৰ্মত নিয়োজিত, তোমালোকে জল-স্থলত চলাচল কৰাৰ সময়ত অন্ধকাৰত সেইবোৰৰ দ্বাৰাই পথ সন্ধান কৰা, আৰু সময় নিৰ্ণয় কৰা। এই সকলো বস্তুক তোমালোকৰ কৰ্মত নিয়োজিত কৰাৰ মাজতো আছে স্পষ্ট নিদৰ্শন, সেইসকল লোকৰ বাবে যিসকলে বিবেক-বুদ্ধি খটোৱায়। কিয়নো তেওঁলোকেই ইয়াৰ হিকমত বুজিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016012.mp3"},{"index":"13","arabicText":"وَمَا ذَرَاَ لَكُمْ فِی الْاَرْضِ مُخْتَلِفًا اَلْوَانُهٗ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّذَّكَّرُوْنَ ۟","assameseTranslation":"আৰু তেওঁ তোমালোকৰ বাবে পৃথিৱীত বিচিত্ৰ ৰঙ-বিৰঙৰ যি যি সৃষ্টি কৰিছে, নিশ্চয় তাতো আছে সেই সম্প্ৰদায়ৰ বাবে নিদৰ্শন, যিসকলে উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"আল্লাহে পৃথিৱীত সৃষ্টি কৰা বিভিন্ন ৰঙৰ ধাতু, জীৱ-জন্তু, গছ-গছনি আৰু ফচলক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে। নিশ্চয় এইবোৰৰ সৃষ্টি আৰু নিয়োগত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ আছে, যিসকলে এইবোৰৰ পৰা শিক্ষা গ্ৰহণ কৰে, আৰু তেওঁলোকে জানে যে, নিশ্চয় আল্লাহ ক্ষমতাৱান আৰু উপকাৰকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016013.mp3"},{"index":"14","arabicText":"وَهُوَ الَّذِیْ سَخَّرَ الْبَحْرَ لِتَاْكُلُوْا مِنْهُ لَحْمًا طَرِیًّا وَّتَسْتَخْرِجُوْا مِنْهُ حِلْیَةً تَلْبَسُوْنَهَا ۚ وَتَرَی الْفُلْكَ مَوَاخِرَ فِیْهِ وَلِتَبْتَغُوْا مِنْ فَضْلِهٖ وَلَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা, লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে অলংকাৰৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযানসমূহ চলাচল কৰে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা;","footnotes":"","tafseer":"তেৱেঁই পৱিত্ৰ আল্লাহ, যিয়ে সাগৰক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে। এতেকে তেৱেঁই তোমালোকক সাগৰত ভ্ৰমণ কৰাৰ আৰু তাৰ তলত অৱস্থিত বস্তুবোৰ উলিয়াই অনাৰ ক্ষমতা প্ৰদান কৰিছে। যাতে তোমালোকে সাগৰৰ মাছ ধৰি ভক্ষণ কৰিব পাৰা, লগতে তাৰ পৰা সৌন্দৰ্যময় বস্তু উলিয়াই নিজে পৰিধান কৰিব পাৰা আৰু তোমালোকৰ স্ত্ৰীসকলক পৰিধান কৰাব পাৰা, যেনে মুকুতা আদি। তোমালোকে নিশ্চয় দেখা পাইছা সাগৰৰ বুকু ফালি চলাচল কৰা জাহাজবোৰক। তোমালোকে আল্লাহৰ অনুগ্ৰহত ব্যৱসায়ৰ পৰা উন্নতি লাভ কৰিবলৈ সেইবোৰত আৰোহণ কৰা, আৰু এই আশাত যে, যাতে আল্লাহে কৰা নিয়ামতৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা, আৰু কেৱল তেওঁৰেই ইবাদত কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016014.mp3"},{"index":"15","arabicText":"وَاَلْقٰی فِی الْاَرْضِ رَوَاسِیَ اَنْ تَمِیْدَ بِكُمْ وَاَنْهٰرًا وَّسُبُلًا لَّعَلَّكُمْ تَهْتَدُوْنَ ۟ۙ","assameseTranslation":"আৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা;","footnotes":"","tafseer":"পৃথিৱীক মজবুত কৰিবলৈ তাত প্ৰতিষ্ঠা কৰিছে পৰ্বত, যাতে ই তোমালোকক লৈ কম্পমান হৈ নাথাকে। তাত নদী প্ৰবাহিত কৰিছে, যাতে তোমালোকে পানী খাব পাৰা আৰু তোমালোকৰ চতুষ্পদ জন্তুক খোৱাব পাৰা আৰু খেতি-বাতিত ব্যৱহাৰ কৰিব পাৰা। লগতে সুগম পথ উলিয়াই দিছে যাতে চলাফুৰা কৰিব পাৰা, আৰু দিশহাৰা নহৈ নিজৰ গন্তব্যস্থলত উপনীত হ'ব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016015.mp3"},{"index":"16","arabicText":"وَعَلٰمٰتٍ ؕ وَبِالنَّجْمِ هُمْ یَهْتَدُوْنَ ۟","assameseTranslation":"আৰু (তেৱেঁই) পথ নিৰ্দেশক চিহ্নসমূহ (স্থাপন কৰিছে)। লগতে তৰা নক্ষত্ৰৰ দ্বাৰাও (মানুহে) পথ নিৰ্দেশ পায়।","footnotes":"","tafseer":"তোমালোকৰ বাবে পৃথিৱীত বহুতো স্পষ্ট নিদৰ্শন বনাইছে, যিবোৰৰ সহায়ত তোমালোকে দিনৰ পোহৰত পথ চিনি পোৱা, আৰু আকাশত তোমালোকৰ বাবে তৰা বনাইছে, যিবোৰৰ সহায়ত তোমালোকে ৰাতিৰ অন্ধকাৰত পথ বিচাৰি পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016016.mp3"},{"index":"17","arabicText":"اَفَمَنْ یَّخْلُقُ كَمَنْ لَّا یَخْلُقُ ؕ اَفَلَا تَذَكَّرُوْنَ ۟","assameseTranslation":"এতেকে যিজনে সৃষ্টি কৰে, তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?","footnotes":"","tafseer":"এতেকে কোৱাচোন, এইবোৰ বস্তুৰ সৃষ্টিকৰ্তা সেইবোৰৰ দৰে নেকি, যিবোৰে একোৱেই সৃষ্টি কৰা নাই? তোমালোকে সেই আল্লাহৰ মহানতা বুজি নোপোৱানে যিয়ে সকলো বস্তুকে সৃষ্টি কৰে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা উচিত আৰু তেওঁৰ লগত এনেকুৱা কাকো অংশী কৰা উচিত নহয়, যিসকলে একোৱে সৃষ্টি কৰিব নোৱাৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016017.mp3"},{"index":"18","arabicText":"وَاِنْ تَعُدُّوْا نِعْمَةَ اللّٰهِ لَا تُحْصُوْهَا ؕ اِنَّ اللّٰهَ لَغَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকে যদি আল্লাহে প্ৰদান কৰা নিয়ামতসমূহ গণনা কৰিব বিচৰা, সেইবোৰ সংখ্যা ইমান বেছি আৰু ইমান প্ৰকাৰৰ যে, সেইবোৰ গণনা কৰি শেষ কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাশীল, সেই কাৰণেই এইবোৰ নিয়ামতৰ কৃতজ্ঞতাৰ ক্ষেত্ৰত তোমালোকে অৱহেলা কৰাৰ পিছতো তেওঁ তোমালোকক জবাবদিহি নকৰে। তেওঁ অতি দয়ালু, তোমালোকে গুনাহ আৰু অবাধ্যতা কৰাৰ পিছতো তেওঁ তোমালোকক নিয়ামতৰ পৰা বঞ্চিত নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016018.mp3"},{"index":"19","arabicText":"وَاللّٰهُ یَعْلَمُ مَا تُسِرُّوْنَ وَمَا تُعْلِنُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়া আল্লাহে (ভালদৰেই) জানে।","footnotes":"","tafseer":"হে বান্দাসকল! আল্লাহে তোমালোকৰ সেইবোৰ কৰ্ম সম্পৰ্কেও অৱগত যিবোৰ তোমালোকে গোপন কৰা আৰু যিবোৰক তোমালোকে প্ৰকাশ কৰা। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016019.mp3"},{"index":"20","arabicText":"وَالَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ لَا یَخْلُقُوْنَ شَیْـًٔا وَّهُمْ یُخْلَقُوْنَ ۟ؕ","assameseTranslation":"আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হৈছে।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰৰ উপাসনা কৰে, সেইবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে, যিমানেই সৰু বস্তু নহওক কিয়। বৰং সিহঁতে যিবোৰৰ উপাসনা কৰে, সেইবোৰক সিহঁতে নিজ হাতেৰে প্ৰস্তুত কৰে। এতেকে সিহঁতে যিবোৰ মূৰ্তিক নিজ হাতেৰে গঢ়ি তোলে, সেইবোৰক সিহঁতে কেনেকৈ আল্লাহৰ পৰিবৰ্তে উপাসনা কৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016020.mp3"},{"index":"21","arabicText":"اَمْوَاتٌ غَیْرُ اَحْیَآءٍ ۚ وَمَا یَشْعُرُوْنَ ۙ اَیَّانَ یُبْعَثُوْنَ ۟۠","assameseTranslation":"(বৰং সিহঁত) নিষ্প্ৰাণ, নিৰ্জীৱ আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ’ব সেই বিষয়েও সিহঁতৰ কোনো চেতনা (বোধ) নাই।","footnotes":"","tafseer":"কেৱল এয়াই নহয় যে, সিহঁতে নিজ হাতেৰে নিজৰ উপাস্যক সাজি লৈছে, ডাঙৰ কথাটো হ'ল, সেইবোৰ হৈছে নিৰ্জীৱ। সেইবোৰৰ ভিতৰত প্ৰাণো নাই আৰু জ্ঞানো নাই। সিহঁতে এই কথাও নাজানে যে, কিয়ামতৰ দিনা সিহঁতক সিহঁতৰ উপাসনাকাৰীসকলৰ লগত কোনটো সময়ত পুনৰুত্থিত কৰা হ'ব, যাতে জাহান্নামত নিক্ষেপ কৰিব পৰা যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016021.mp3"},{"index":"22","arabicText":"اِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ فَالَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ قُلُوْبُهُمْ مُّنْكِرَةٌ وَّهُمْ مُّسْتَكْبِرُوْنَ ۟","assameseTranslation":"তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী।","footnotes":"","tafseer":"তোমালোকৰ প্ৰকৃত উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু তেওঁ হৈছে মহান আল্লাহ ছুবাহানাহু ওৱা তাআলা। যিসকলে প্ৰতিদান পাবলগীয়া পুনৰুত্থান দিৱসক অস্বীকাৰ কৰে, দৰাচলতে সিহঁতৰ অন্তৰত আল্লাহৰ ভয় নথকাৰ বাবে সিহঁতে আল্লাহৰ একত্বক অস্বীকাৰ কৰে। সেইকাৰণেই সিহঁতে হিচাপ-নিকাচ আৰু শাস্তিক বিশ্বাস নকৰে। সিহঁতে অহংকাৰ কৰে, সত্যক স্বীকাৰ নকৰে, আৰু সত্যৰ প্ৰতি নত স্বীকাৰো নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016022.mp3"},{"index":"23","arabicText":"لَا جَرَمَ اَنَّ اللّٰهَ یَعْلَمُ مَا یُسِرُّوْنَ وَمَا یُعْلِنُوْنَ ؕ اِنَّهٗ لَا یُحِبُّ الْمُسْتَكْبِرِیْنَ ۟","assameseTranslation":"ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে (ভালদৰেই) জানে সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে সিহঁতৰ গোপনীয় কৰ্মকো ভালদৰে জানে আৰু সিহঁতে যিবোৰ কৰ্মক প্ৰকাশ কৰে সেইবোৰকো তেওঁ ভালদৰে জানে। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহে সেইসকল অহংকাৰীক ভাল নাপায়, যিসকলে তেওঁৰ ইবাদতত আৰু তেওঁৰ প্ৰতি নত স্বীকাৰ কৰিবলৈ অহংকাৰ কৰে। বৰং তেওঁ সিহঁতৰ প্ৰতি ঘোৰ অসন্তষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016023.mp3"},{"index":"24","arabicText":"وَاِذَا قِیْلَ لَهُمْ مَّاذَاۤ اَنْزَلَ رَبُّكُمْ ۙ قَالُوْۤا اَسَاطِیْرُ الْاَوَّلِیْنَ ۟ۙ","assameseTranslation":"আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেতিয়া সিহঁতে কয়, ‘পূৰ্বৱৰ্তীসকলৰ উপকথা’!","footnotes":"","tafseer":"যিসকলে আল্লাহৰ একত্বক অস্বীকাৰ কৰে আৰু পুনৰুত্থানক মিছা বুলি ধাৰণা কৰে, যেতিয়া সিহঁতক কোৱা হয় যে, আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কি অৱতীৰ্ণ কৰিছে? সিহঁতে কয়ঃ তেওঁৰ প্ৰতি একোৱে অৱতীৰ্ণ হোৱা নাই। বৰং তেওঁ নিজৰ ফালৰ পৰা পূৰ্বৱৰ্তী লোকসকলৰ মিছা কাহিনী ৰচনা কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016024.mp3"},{"index":"25","arabicText":"لِیَحْمِلُوْۤا اَوْزَارَهُمْ كَامِلَةً یَّوْمَ الْقِیٰمَةِ ۙ وَمِنْ اَوْزَارِ الَّذِیْنَ یُضِلُّوْنَهُمْ بِغَیْرِ عِلْمٍ ؕ اَلَا سَآءَ مَا یَزِرُوْنَ ۟۠","assameseTranslation":"ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!","footnotes":"","tafseer":"যাতে সিহঁতে কোনো হ্ৰাস নোহোৱাকৈ নিজৰ গুনাহ বহন কৰিব পাৰে। লগতে সেইসকল লোকৰ গুনাহৰো যাতে কিছু অংশ বহন কৰে, যিসকলক সিহঁতে অজানিতে অথবা পূৰ্বৱৰ্তীসকলৰ অনুসৰণত ইছলামৰ পৰা বিভ্ৰান্ত কৰিছে। এতেকে সিহঁতৰ নিজৰ আৰু সিহঁতৰ অনুসাৰীসকলৰ গুনাহৰ বোজা কিমান যে নিকৃষ্ট, যিবোৰ সিহঁতে বহন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016025.mp3"},{"index":"26","arabicText":"قَدْ مَكَرَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَاَتَی اللّٰهُ بُنْیَانَهُمْ مِّنَ الْقَوَاعِدِ فَخَرَّ عَلَیْهِمُ السَّقْفُ مِنْ فَوْقِهِمْ وَاَتٰىهُمُ الْعَذَابُ مِنْ حَیْثُ لَا یَشْعُرُوْنَ ۟","assameseTranslation":"নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, ফলত আল্লাহে সিহঁতৰ প্ৰাসাদৰ ভিত্তিমূলত আঘাত কৰিছিল; ইয়াৰ ফলত প্ৰাসাদৰ চাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।","footnotes":"","tafseer":"ইহঁতৰ পূৰ্বেও কাফিৰসকলে নিজ নিজ ৰাছুলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল। ফলত আল্লাহে সিহঁতৰ বাসস্থানবোৰক সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল, আৰু সিহঁতৰ ঘৰৰ চাদ সিহঁতৰ ওপৰত ভাঙি পৰিছিল। সিহঁতৰ ওপৰত শাস্তি এনেকৈ আহিছিল, যিটো সিহঁতে কেতিয়াও কল্পনাও কৰিব পৰা নাছিল। কিয়নো সিহঁতৰ পূৰ্ণ বিশ্বাস আছিল যে, সিহঁতৰ অট্টালিকাই সিহঁতক সুৰক্ষা প্ৰদান কৰিব। কিন্তু সিহঁতক সেইবোৰৰ দ্বাৰাই ধ্বংস কৰা হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016026.mp3"},{"index":"27","arabicText":"ثُمَّ یَوْمَ الْقِیٰمَةِ یُخْزِیْهِمْ وَیَقُوْلُ اَیْنَ شُرَكَآءِیَ الَّذِیْنَ كُنْتُمْ تُشَآقُّوْنَ فِیْهِمْ ؕ قَالَ الَّذِیْنَ اُوْتُوا الْعِلْمَ اِنَّ الْخِزْیَ الْیَوْمَ وَالسُّوْٓءَ عَلَی الْكٰفِرِیْنَ ۟ۙ","assameseTranslation":"ইয়াৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক’ব, ‘মোৰ সেই অংশীদাৰবোৰ ক’ত, যিবোৰৰ বিষয়ে তোমালোকে ঘোৰ বাক-বিতণ্ডা কৰিছিলা’? যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’ব, ‘নিশ্চয় আজি লাঞ্ছনা আৰু অমঙ্গল কাফিৰসকলৰ ওপৰত’--","footnotes":"","tafseer":"তাৰ পিছত কিয়ামতৰ দিনা আল্লাহে সিহঁতক শাস্তিৰ দ্বাৰা অপমানিত কৰিব আৰু ক'বঃ সেইসকল অংশীদাৰ আজি ক'ত? যিবোৰক তোমালোকে মোৰ সৈতে ইবাদতত অংশী কৰিছিলা, আৰু সেইবোৰৰ কাৰণে তোমালোকে মোৰ নবী আৰু মুমিনসকলৰ লগত শত্ৰুতা পোষণ কৰিছিলা। আল্লাহৱালা জ্ঞানী লোকসকলে ক'বঃ নিশ্চয় কিয়ামতৰ দিনা অপমান আৰু শাস্তি হৈছে কাফিৰসকলৰ বাবে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016027.mp3"},{"index":"28","arabicText":"الَّذِیْنَ تَتَوَفّٰىهُمُ الْمَلٰٓىِٕكَةُ ظَالِمِیْۤ اَنْفُسِهِمْ ۪ فَاَلْقَوُا السَّلَمَ مَا كُنَّا نَعْمَلُ مِنْ سُوْٓءٍ ؕ بَلٰۤی اِنَّ اللّٰهَ عَلِیْمٌۢ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"নিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে যেতিয়া সিহঁতৰ প্ৰাণ হৰণ কৰিব, তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক’ব, ‘আমি কোনো বেয়া কাম কৰা নাছিলোঁ’। হয়, তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"মৃত্যুৰ ফিৰিস্তা আৰু তেওঁৰ সহযোগীসকলে যেতিয়া সেইসকল লোকৰ প্ৰাণহৰণ কৰে যিসকলে অন্যায়-অত্যাচাৰ আৰু কুফৰীত লিপ্ত হৈ আছে, তেতিয়া সেইসকল লোকে মৃত্যুক সন্মুখত দেখি আত্মসমৰ্পন কৰে, লগতে সিহঁতে তেতিয়া কুফৰী আৰু গুনাহ কৰা বুলি অস্বীকাৰ কৰে। এইকাৰণে অস্বীকাৰ কৰে হয়তো সিহঁতে ইয়াৰ ফলত লাভান্বিত হ'ব। তেতিয়া সিহঁতক কোৱা হ'বঃ তোমালোক মিছলীয়া। তোমালোক কাফিৰ আছিলা, আৰু গুনাহত লিপ্ত আছিলা। তোমালোকে পৃথিৱীত যি কৰিছিলা, নিশ্চিতভাৱে আল্লাহ সেই সম্পৰ্কে অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়, আৰু তোমালোকক ইয়াৰ প্ৰতিদান দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016028.mp3"},{"index":"29","arabicText":"فَادْخُلُوْۤا اَبْوَابَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ؕ فَلَبِئْسَ مَثْوَی الْمُتَكَبِّرِیْنَ ۟","assameseTranslation":"এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহৰে তাত স্থায়ীভাৱে থাকিবলৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"আৰু সিহঁতক কোৱা হ'ব, তোমালোকে নিজ কৰ্মৰ প্ৰতিফলস্বৰূপে জাহান্নামৰ দুৱাৰেৰে প্ৰৱেশ কৰা। তাতেই তোমালোকে চিৰকাল থাকিব লাগিব। এতেকে আল্লাহৰ ওপৰত ঈমান আৰু তেওঁৰ ইবাদতত অহংকাৰকাৰী সকলৰ ঠিকনা কিমান যে নিকৃষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016029.mp3"},{"index":"30","arabicText":"وَقِیْلَ لِلَّذِیْنَ اتَّقَوْا مَاذَاۤ اَنْزَلَ رَبُّكُمْ ؕ قَالُوْا خَیْرًا ؕ لِلَّذِیْنَ اَحْسَنُوْا فِیْ هٰذِهِ الدُّنْیَا حَسَنَةٌ ؕ وَلَدَارُ الْاٰخِرَةِ خَیْرٌ ؕ وَلَنِعْمَ دَارُ الْمُتَّقِیْنَ ۟ۙ","assameseTranslation":"আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ’ব, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেওঁলোকে ক’ব, ‘মহাকল্যাণ’। যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মঙ্গল আৰু আখিৰাতৰ আবাস ইয়াতকৈও উৎকৃষ্ট; আৰু মুত্তাক্বীসকলৰ আবাসস্থল কিমান যে উৎকৃষ্ট!","footnotes":"","tafseer":"আৰু যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, তেওঁলোকক যেতিয়া সোধা হ'বঃ তোমালোকৰ প্ৰতিপালকে তোমালোকৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কি অৱতীৰ্ণ কৰিছে? তেওঁলোকে ক'বঃ আল্লাহে তেওঁৰ ওপৰত মহান কল্যাণ অৱতীৰ্ণ কৰিছে, যিসকল লোকে উত্তমৰূপে আল্লাহৰ ইবাদত কৰিছে আৰু তেওঁৰ সৃষ্টিৰ লগত ভাল ব্যৱহাৰ কৰিছে, তেওঁলোকৰ বাবে এই পাৰ্থিৱ জীৱনত আছে উত্তম প্ৰতিদান, উদাহৰণ স্বৰূপেঃ সহায় আৰু জীৱিকাত প্ৰশস্ততা। আনহাতে আখিৰাতত আল্লাহে তেওঁলোকৰ বাবে যি প্ৰতিদান প্ৰস্তুত কৰি থৈছে, সেয়া পাৰ্থিৱ জীৱনৰ এই প্ৰতিদানতকৈ বহু গুণে উত্তম। আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি যিসকলে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আখিৰাতৰ বাসস্থান কিমান যে উৎকৃষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016030.mp3"},{"index":"31","arabicText":"جَنّٰتُ عَدْنٍ یَّدْخُلُوْنَهَا تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ لَهُمْ فِیْهَا مَا یَشَآءُوْنَ ؕ كَذٰلِكَ یَجْزِی اللّٰهُ الْمُتَّقِیْنَ ۟ۙ","assameseTranslation":"য’ত তেওঁলোকে প্ৰৱেশ কৰিব সেইটো হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত; তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই তেওঁলোকৰ বাবে তাত থাকিব। এইদৰেই আল্লাহে মুত্তাক্বীসকলক পুৰস্কৃত কৰে,","footnotes":"","tafseer":"তেওঁলোকে প্ৰতিষ্ঠিত জান্নাতত চিৰকালৰ বাবে প্ৰৱেশ কৰিব। যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলদেশত নৈ নিজৰা প্ৰবামান থাকিব। তাত তেওঁলোকে পানাহাৰৰ বাবে সেই সকলো প্ৰকাৰ খাদ্য উপলব্ধ পাব, যিবোৰ তেওঁলোকে ইচ্ছা কৰিব। এইটো প্ৰতিদানেই দিব মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ মুত্তাক্বী ব্যক্তিসকলক, এইদৰে পূৰ্বৱৰ্তী উম্মতৰ মুত্তাক্বী সকলকো অনুৰূপ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016031.mp3"},{"index":"32","arabicText":"الَّذِیْنَ تَتَوَفّٰىهُمُ الْمَلٰٓىِٕكَةُ طَیِّبِیْنَ ۙ یَقُوْلُوْنَ سَلٰمٌ عَلَیْكُمُ ۙ ادْخُلُوا الْجَنَّةَ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"ফিৰিস্তাসকলে তেওঁলোকৰ মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।","footnotes":"","tafseer":"মৃত্যুৰ ফিৰিস্তা আৰু তেওঁৰ সঙ্গীসকলে যিসকলৰ প্ৰাণ এনেকুৱা অৱস্থাত হৰণ কৰিব, যেতিয়া তেওঁলোকৰ অন্তৰ কুফৰী আদিৰ পৰা পৱিত্ৰ থাকিব। তেতিয়া ফিৰিস্তাসকলে তেওঁলোকক সম্বোধন কৰি ক'বঃ তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক। তোমালোকে সকলো বিপদ-আপদৰ পৰা সুৰক্ষিত। তোমালোকে জান্নাতত প্ৰৱেশ কৰা, কাৰণ তোমালোক পৃথিৱীত বিশুদ্ধ আক্বীদাৰ অধিকাৰী আছিলা আৰু তাৰ প্ৰতি আমল কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016032.mp3"},{"index":"33","arabicText":"هَلْ یَنْظُرُوْنَ اِلَّاۤ اَنْ تَاْتِیَهُمُ الْمَلٰٓىِٕكَةُ اَوْ یَاْتِیَ اَمْرُ رَبِّكَ ؕ كَذٰلِكَ فَعَلَ الَّذِیْنَ مِنْ قَبْلِهِمْ ؕ وَمَا ظَلَمَهُمُ اللّٰهُ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟","assameseTranslation":"সিহঁতে (কাফিৰসকলে) কেৱল সিহঁতৰ ওচৰলৈ ফিৰিস্তা অহাৰ প্ৰতীক্ষা কৰি আছে অথবা তোমাৰ প্ৰতিপালকৰ কোনো নিৰ্দেশ অহাৰহে প্ৰতীক্ষা কৰি আছে। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আৰু অস্বীকাৰকাৰীসকলে মালাকুল মওতৰ অপেক্ষাত আছে নেকি, যেতিয়া মৃত্যুৰ ফিৰিস্তা আৰু তাৰ সঙ্গীসকলে সিহঁতৰ প্ৰাণহৰণ কৰিবলৈ আহি সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণহৰণ কৰিব, অথবা পৃথিৱীতেই শাস্তিৰ বাবে আল্লাহৰ নিৰ্দেশৰ অপেক্ষাত আছে নেকি, এনেকুৱা কৰ্ম যিবোৰ মক্কাৰ মুশ্বৰিকসকলে কৰি আছে, সিহঁতৰ পূৰ্বৱৰ্তী মুশ্বৰিকসকলেও কৰিছিল, ফলত আল্লাহে সিহঁতক ধ্বংস কৰিছে। প্ৰকৃততে আল্লাহে সিহঁতক ধ্বংস কৰি অন্যায় কৰা নাই। বৰং সিহঁতে আল্লাহৰ লগত কুফৰী কৰি নিজকে ধ্বংসৰ পথত ঠেলি দি নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016033.mp3"},{"index":"34","arabicText":"فَاَصَابَهُمْ سَیِّاٰتُ مَا عَمِلُوْا وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠","assameseTranslation":"এতেকে সিহঁতৰ ওপৰত আপতিত হৈছিল সিহঁতৰেই বেয়া কৰ্মৰ পৰিণতি আৰু সিহঁতে যি বিষয়টোক লৈ উপহাস কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিছিল।","footnotes":"","tafseer":"ফলত সিহঁতৰ ওপৰত সিহঁতৰ আমলৰ শাস্তি অৱতীৰ্ণ হৈছে, আৰু সেই শাস্তিয়ে সিহঁতক পৰিবেষ্টন কৰি লৈছে যিটোক সিহঁতৰ ওচৰত বৰ্ণনা কৰাত সিহঁতে উপহাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016034.mp3"},{"index":"35","arabicText":"وَقَالَ الَّذِیْنَ اَشْرَكُوْا لَوْ شَآءَ اللّٰهُ مَا عَبَدْنَا مِنْ دُوْنِهٖ مِنْ شَیْءٍ نَّحْنُ وَلَاۤ اٰبَآؤُنَا وَلَا حَرَّمْنَا مِنْ دُوْنِهٖ مِنْ شَیْءٍ ؕ كَذٰلِكَ فَعَلَ الَّذِیْنَ مِنْ قَبْلِهِمْ ۚ فَهَلْ عَلَی الرُّسُلِ اِلَّا الْبَلٰغُ الْمُبِیْنُ ۟","assameseTranslation":"আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতে কয়, ‘আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে তেওঁৰ বাহিৰে আনৰ ইবাদত নকৰিলোঁহেঁতেন, আৰু তেওঁৰ নিৰ্দেশ অবিহনে আমি কোনো বস্তুক হাৰামো নকৰিলোঁহেঁতেন’। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। এতেকে ৰাছুলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পৌঁচাই দিয়া নহয় জানো?","footnotes":"","tafseer":"আল্লাহৰ ইবাদতত আনক অংশী স্থাপন কৰা লোকসকলে কয়ঃ যদি আল্লাহে বিচাৰিলেহেঁতেন যে, আমি কেৱল তেওঁৰেই এককভাৱে ইবাদত কৰিব লাগে, আৰু তেওঁৰ লগত আন কাকো অংশী কৰিব নালাগে তেন্তে আমি নিশ্চয় নকৰিলোঁহেঁতেন, আনকি আমাৰ পূৰ্বে আমাৰ পিতৃপুৰুষসকলেও নকৰিলেহেঁতেন। ঠিক সেইদৰে আমি কোনো বস্তুক হাৰাম কৰাটো যদি তেওঁ নিবিচাৰিলেহেঁতেন তেন্তে আমি সেইটোক হাৰাম কৰিব নোৱাৰিলোঁহেঁতেন। এনেকুৱা ঠুনুকা যুক্তি পূৰ্বৱৰ্তী কাফিৰসকলেও উত্থাপন কৰিছিল। এতেকে ৰাছুলসকলৰ দায়িত্ব হৈছে স্পষ্টৰূপে পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ তেওঁলোকক প্ৰদান কৰা হৈছে, আৰু তেওঁলোকে এই দায়িত্ব পালন কৰিছে। কাফিৰসকলে ভাগ্যৰ অজুহাতো দেখুৱাব নোৱাৰিব, কিয়নো আল্লাহে সিহঁতক ইচ্ছা আৰু বিকল্প প্ৰদান কৰিছে, লগতে সিহঁতৰ প্ৰতি ৰাছুলো প্ৰেৰণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016035.mp3"},{"index":"36","arabicText":"وَلَقَدْ بَعَثْنَا فِیْ كُلِّ اُمَّةٍ رَّسُوْلًا اَنِ اعْبُدُوا اللّٰهَ وَاجْتَنِبُوا الطَّاغُوْتَ ۚ فَمِنْهُمْ مَّنْ هَدَی اللّٰهُ وَمِنْهُمْ مَّنْ حَقَّتْ عَلَیْهِ الضَّلٰلَةُ ؕ فَسِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِیْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰলৈ একো একোজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ মাজৰ কিছুমানক হিদায়ত দিছিল, আৰু কিছুমানৰ ওপৰত পথভ্ৰষ্টতা অৱধাৰিত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?","footnotes":"","tafseer":"নিশ্চয় আমি পূৰ্বৱৰ্তী সকলো উম্মতত একো একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ, তেওঁলোকে নিজ নিজ উম্মতক এককভাৱে আল্লাহৰ ইবাদত কৰিবলৈ আদেশ দিছিল, তথা মূৰ্তি আৰু চয়তান আদিৰ উপাসনাৰ পৰা বিৰত ৰাখিছিল। এতেকে সেইসকল লোকৰ মাজৰ কিছুমানক আল্লাহে তাওফীক প্ৰদান কৰিছিল, যিসকলে নবীৰ প্ৰতি ঈমান আনিছিল, আৰু তেওঁলোকৰ ৰাছুলে যি লৈ আহিছিল তাৰ অনুসৰণ কৰিছিল। কিন্তু কিছুমানক তাওফীক দিয়া নাছিল, যিসকলে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিছিল। ফলত সিহঁতৰ বাবে পথভ্ৰষ্টতা অনিবাৰ্য্য হৈ পৰিছিল। এতেকে পৃথিৱীত ঘূৰি পকি নিজ চকুৰে চোৱা, অস্বীকাৰকাৰী সকলৰ ওপৰত যেতিয়া ধ্বংস আৰু শাস্তি নামি আহিছিল তেতিয়া সিহঁতৰ কি পৰিণতি হৈছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016036.mp3"},{"index":"37","arabicText":"اِنْ تَحْرِصْ عَلٰی هُدٰىهُمْ فَاِنَّ اللّٰهَ لَا یَهْدِیْ مَنْ یُّضِلُّ وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟","assameseTranslation":"তুমি সিহঁতৰ হিদায়তৰ বাবে ঐকান্তিকভাৱে আগ্ৰহী হ’লেও আল্লাহে যাক বিভ্ৰান্ত কৰে তাক তেওঁ কেতিয়াও হিদায়ত নিদিয়ে, আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক সঠিক পথত আনিবলৈ যিমানেই যত্ন নকৰক কিয়, আৰু যদিও সিহঁতৰ হিদায়তৰ প্ৰতি আপোনাৰ আগ্ৰহ আছে, কিন্তু আল্লাহে যাক পথভ্ৰষ্ট কৰিছে, তাক তেওঁ হিদায়ত নিদিয়ে। আনহাতে এনেকুৱা লোকে আল্লাহৰ বাহিৰে আন কাকো বিচাৰি নাপাব, যিয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016037.mp3"},{"index":"38","arabicText":"وَاَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ ۙ لَا یَبْعَثُ اللّٰهُ مَنْ یَّمُوْتُ ؕ بَلٰی وَعْدًا عَلَیْهِ حَقًّا وَّلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟ۙ","assameseTranslation":"আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কয়, ‘যাৰ মৃত্যু হয় তাক আল্লাহে কেতিয়াও পুনৰ্জীৱিত নকৰিব’। (শুনা) কিয় নকৰিব! নিশ্চয় তেওঁৰ ওপৰত কৃত প্ৰতিশ্ৰুতি তেওঁ সত্যত পৰিণত কৰিব। কিন্তু অধিকাংশ মানুহেই নাজানে।","footnotes":"","tafseer":"আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰকাৰী এইসকল লোকে ডাঠি শপত খাই কয়ঃ আল্লাহে মৃত্যুবৰণকাৰীসকলক কেতিয়াও পুনৰ্জীৱিত নকৰিব। অথচ সিহঁতৰ ওচৰত এই সম্পৰ্কে কোনো প্ৰমাণো নাই। জানি থোৱা! নিশ্চয় আল্লাহে প্ৰত্যেক মৃত্যুবৰণকাৰীক পুনৰুত্থিত কৰিব। এইটো তেওঁৰ চিৰসত্য প্ৰতিশ্ৰুতি। কিন্তু অধিকাংশ লোকে এই কথাষাৰ নাজানে যে, আল্লাহে মৃতসকলক জীৱিত কৰিব। সেই কাৰণে সিহঁতে আখিৰাতৰ পুনৰুত্থানক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016038.mp3"},{"index":"39","arabicText":"لِیُبَیِّنَ لَهُمُ الَّذِیْ یَخْتَلِفُوْنَ فِیْهِ وَلِیَعْلَمَ الَّذِیْنَ كَفَرُوْۤا اَنَّهُمْ كَانُوْا كٰذِبِیْنَ ۟","assameseTranslation":"(পুনৰ্জীৱিত এই কাৰণে কৰিব যে) যি বিষয়ে সিহঁতে মতানৈক্য কৰিছিল, সেয়া যাতে সিহঁতৰ ওচৰত স্পষ্ট কৰিব পাৰে, লগতে কাফিৰসকলক এই কথা জনাবলৈ যে, নিশ্চয় সিহঁত আছিল মিছলীয়া।","footnotes":"","tafseer":"আল্লাহে কিয়ামতৰ দিনা সকলো লোককে পুনৰ্জীৱিত কৰিব, যাতে সেই বিষয়বোৰৰ বাস্তৱিকতা স্পষ্ট কৰি দিয়ে, যিবোৰকলৈ সিহঁতে মতানৈক্য কৰিছিল, যেনেঃ তাওহীদ, পুনৰুত্থান আৰু নুবুওৱত সম্পৰ্কে। যাতে কাফিৰসকল আল্লাহৰ অংশীদাৰ স্থাপনৰ ক্ষেত্ৰত আৰু পুনৰুত্থানৰ বিষয়টোক অস্বীকাৰ কৰাৰ কাৰণে মিছলীয়া প্ৰমাণিত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016039.mp3"},{"index":"40","arabicText":"اِنَّمَا قَوْلُنَا لِشَیْءٍ اِذَاۤ اَرَدْنٰهُ اَنْ نَّقُوْلَ لَهٗ كُنْ فَیَكُوْنُ ۟۠","assameseTranslation":"(জানি থোৱা!) আমি কোনো বস্তুক (অস্তিত্বত আনিবলৈ) ইচ্ছা কৰিলে আমি কেৱল কওঁ যে, ‘হ’; ফলত ই হৈ যায়।","footnotes":"","tafseer":"নিশ্চয় আমি যেতিয়া মৃতসকলক জীৱিত কৰিম, তেতিয়া কোনেও আমাক বাধা দিব নোৱাৰিব। জানি থোৱা! আমি যেতিয়া কোনো বস্তুক সৃষ্টি কৰাৰ ইচ্ছা পোষণ কৰোঁ, তেতিয়া কেৱল কৈ দিওঁ “হৈ যোৱা” আৰু সেইটো নিশ্চিতভাৱে হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016040.mp3"},{"index":"41","arabicText":"وَالَّذِیْنَ هَاجَرُوْا فِی اللّٰهِ مِنْ بَعْدِ مَا ظُلِمُوْا لَنُبَوِّئَنَّهُمْ فِی الدُّنْیَا حَسَنَةً ؕ وَلَاَجْرُ الْاٰخِرَةِ اَكْبَرُ ۘ لَوْ كَانُوْا یَعْلَمُوْنَ ۟ۙ","assameseTranslation":"আৰু যিসকলে নিৰ্যাতিত হোৱাৰ পিছত আল্লাহৰ পথত হিজৰত কৰিছে, নিশ্চয় আমি তেওঁলোকক পৃথিৱীত উত্তম আবাস প্ৰদান কৰিম; আৰু আখিৰাতৰ পুৰস্কাৰ নিশ্চয় ইয়াতকৈও শ্ৰেষ্ঠ। যদি সিহঁতে জানিলেহেঁতেন!","footnotes":"","tafseer":"যিসকল লোকে কাফিৰসকলৰ অত্যাচাৰ সহ্য কৰাৰ পিছত, নিজৰ ঘৰ-দুৱাৰ, পৰিয়াল আৰু সা-সম্পত্তি পৰিত্যাগ কৰি আল্লাহৰ সন্তুষ্টি লাভৰ বাবে কুফৰীৰ দেশৰ পৰা ইছলামীক দেশলৈ হিজৰত কৰিছে, আমি সেইসকল লোকক পৃথিৱীত এনেকুৱা বাসস্থান দান কৰিম, য’ত তেওঁলোকৰ প্ৰভুত্ব থাকিব, আনহাতে আখিৰাতৰ প্ৰতিদান ইয়াতকৈও ডাঙৰ, কাৰণ তাত থাকিব জান্নাত। হিজৰত নকৰা লোকসকলে যদি হিজৰতৰ মহত্ব বুজি পালেহেঁতেন তেন্তে কেতিয়াও তেওঁলোকে হিজৰতৰ পৰা পিছুৱাই নাথাকিলহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016041.mp3"},{"index":"42","arabicText":"الَّذِیْنَ صَبَرُوْا وَعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟","assameseTranslation":"যিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা (তাৱাক্কুল) কৰে।","footnotes":"","tafseer":"আল্লাহৰ পথত হিজৰতকাৰী লোকসকল হৈছে সেইসকল লোক, যিসকলে নিজ সম্প্ৰদায়ৰ শাস্তি আৰু পৰিয়াল-পৰিজন ত্যাগ কৰাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিছে, আল্লাহৰ আনুগত্য পালনত ব্ৰতী আছিল, তেওঁলোকে নিজৰ সকলো কামতে আল্লাহৰ প্ৰতি ভৰসা কৰিছিল। সেয়ে আল্লাহে তেওঁলোকক এই মহান প্ৰতিফল দান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016042.mp3"},{"index":"43","arabicText":"وَمَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ اِلَّا رِجَالًا نُّوْحِیْۤ اِلَیْهِمْ فَسْـَٔلُوْۤا اَهْلَ الذِّكْرِ اِنْ كُنْتُمْ لَا تَعْلَمُوْنَ ۟ۙ","assameseTranslation":"আৰু আমি তোমাৰ পূৰ্বে কেৱল পুৰুষসকলকেই (ৰাছুল হিচাপে) প্ৰেৰণ কৰিছিলোঁ, যিসকলৰ প্ৰতি আমি অহী পঠিয়াইছিলোঁ, এতেকে যদি তোমালোকে নাজানা তেন্তে জ্ঞানীসকলক সুধি লোৱা,","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ পূৰ্বে মানৱ জাতিৰ মাজৰ পৰা কেৱল পুৰুষকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ, তেওঁলোকৰ প্ৰতি আমি অহী প্ৰেৰণ কৰিছিলোঁ। আমি ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰা নাছিলোঁ। এইটোৱে আমাৰ নীতি। যদি তোমালোকে এই বিষয়টোক অস্বীকাৰ কৰা তেন্তে পূৰ্বৱৰ্তী ঐশী গ্ৰন্থ লাভ কৰা লোকসকলক সুধি লোৱা, তেওঁলোকে তোমালোকক জনাই দিব যে, ৰাছুল কেৱল মানৱেই আছিল, ফিৰিস্তা নাছিল। যদি তোমালোকে নাজানা যে, তেওঁলোক মানৱ আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016043.mp3"},{"index":"44","arabicText":"بِالْبَیِّنٰتِ وَالزُّبُرِ ؕ وَاَنْزَلْنَاۤ اِلَیْكَ الذِّكْرَ لِتُبَیِّنَ لِلنَّاسِ مَا نُزِّلَ اِلَیْهِمْ وَلَعَلَّهُمْ یَتَفَكَّرُوْنَ ۟","assameseTranslation":"স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলী সহকাৰে। আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক স্পষ্টভাৱে বুজাই দিব পাৰা যিখন সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।","footnotes":"","tafseer":"আমি এই ৰাছুলসকলক স্পষ্ট প্ৰমাণ আৰু ঐশী গ্ৰন্থসহ প্ৰেৰণ কৰিছিলোঁ। হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যাতে প্ৰয়োজন অনুসাৰে আপুনি মানুহক বিশ্লেষণ কৰি দিয়ে। যাতে সিহঁতে বিবেক-বুদ্ধিৰে কাম লয়, আৰু কোৰআনত বৰ্ণিত বাণীৰে শিক্ষা লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016044.mp3"},{"index":"45","arabicText":"اَفَاَمِنَ الَّذِیْنَ مَكَرُوا السَّیِّاٰتِ اَنْ یَّخْسِفَ اللّٰهُ بِهِمُ الْاَرْضَ اَوْ یَاْتِیَهُمُ الْعَذَابُ مِنْ حَیْثُ لَا یَشْعُرُوْنَ ۟ۙ","assameseTranslation":"যিসকলে বেয়া কৰ্ম কৰিবলৈ ষড়যন্ত্ৰ ৰচে, আল্লাহে সিহঁতক ভূগৰ্ভত বিলীন নকৰিব বুলি সিহঁতে নিৰ্ভয় হৈছে নেকি, অথবা উপলব্ধি কৰিব নোৱাৰা ঠাইৰ পৰা সিহঁতৰ ওপৰত শাস্তি নাহিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি?","footnotes":"","tafseer":"মানুহক আল্লাহৰ পথৰ পৰা বাধা দিবলৈ যিসকল লোকে ষড়যন্ত্ৰ ৰচে, সিহঁত নিশ্চিন্ত হৈছে নেকি যে, আল্লাহে সিহঁতক কাৰূনৰ দৰে পৃথিৱীৰ গহ্বৰত পুতি নিদিব অথবা সিহঁতৰ ওচৰত এনেকুৱা শাস্তি নাহিব, যি শাস্তিৰ সিহঁতে কামনা কৰা নাছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016045.mp3"},{"index":"46","arabicText":"اَوْ یَاْخُذَهُمْ فِیْ تَقَلُّبِهِمْ فَمَا هُمْ بِمُعْجِزِیْنَ ۟ۙ","assameseTranslation":"অথবা সিহঁতে চলা-ফুৰা কৰা অৱস্থাত তেওঁ সিহঁতক কৰায়ত্ব নকৰিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি? অথচ সিহঁতে সেয়া ব্যৰ্থও কৰিব নোৱাৰিব।","footnotes":"","tafseer":"অথবা জীৱিকা সন্ধানৰ বাবে ভ্ৰমণত থকা অৱস্থাত সিহঁতৰ ওপৰত শাস্তি নাহিব বুলি। বৰং সেই সময়ত সিহঁতে আল্লাহৰ কৰায়ত্বৰ পৰা হাত সাৰিবও নোৱাৰিব আৰু নিজকে ৰক্ষাও কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016046.mp3"},{"index":"47","arabicText":"اَوْ یَاْخُذَهُمْ عَلٰی تَخَوُّفٍ ؕ فَاِنَّ رَبَّكُمْ لَرَءُوْفٌ رَّحِیْمٌ ۟","assameseTranslation":"অথবা তেওঁ সিহঁতক ভীত-সন্ত্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ নকৰিব বুলি নিৰ্ভয় হৈছে নেকি? নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল, পৰম দয়ালু।","footnotes":"","tafseer":"অথবা সিহঁতে এই বিষয়ত নিশ্চিন্ত হৈছে নেকি যে, ভয়-ভীতিৰ সময়ত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি নাহিব। নিশ্চয় আল্লাহ সকলো অৱস্থাতেই শাস্তি দিবলৈ সক্ষম। নিঃসন্দেহে আপোনাৰ প্ৰতিপালক হৈছে কৰুণাময় আৰু অত্যন্ত দয়াৱান। তেওঁ বান্দাসকলক শাস্তি প্ৰদানত খৰধৰ নকৰে, কাৰণ হয়তো বান্দাই তেওঁৰ পিনে উভতি আহিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016047.mp3"},{"index":"48","arabicText":"اَوَلَمْ یَرَوْا اِلٰی مَا خَلَقَ اللّٰهُ مِنْ شَیْءٍ یَّتَفَیَّؤُا ظِلٰلُهٗ عَنِ الْیَمِیْنِ وَالشَّمَآىِٕلِ سُجَّدًا لِّلّٰهِ وَهُمْ دٰخِرُوْنَ ۟","assameseTranslation":"সিহঁতে আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি লক্ষ্য নকৰে নেকি, যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি ছাজদাৱনত হৈ ঢলি পৰে, আৰু সেইবোৰ একান্ত বিনীত?","footnotes":"","tafseer":"এই অস্বীকাৰকাৰী লোকসকলে আল্লাহৰ সৃষ্টিসমূহৰ প্ৰতি লক্ষ্য নকৰে নেকি, যিবোৰ সৃষ্টিৰ ছাঁ দিনত সূৰ্যৰ গতি অনুসাৰে আৰু ৰাতিত চন্দ্ৰৰ গতি অনুসাৰে নিজ প্ৰতিপালকৰ সন্মুখত নত হৈ বাস্তৱিক ছাজদাহ কৰি সোঁৱে-বাওঁৱে বাগৰ দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016048.mp3"},{"index":"49","arabicText":"وَلِلّٰهِ یَسْجُدُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ مِنْ دَآبَّةٍ وَّالْمَلٰٓىِٕكَةُ وَهُمْ لَا یَسْتَكْبِرُوْنَ ۟","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীত যিমান জীৱ-জন্তু আৰু ফিৰিস্তা আছে সেই সকলোৱে কেৱল আল্লাহকেই ছাজদাহ কৰে, তেওঁলোকে অহংকাৰ নকৰে।","footnotes":"","tafseer":"তথা আকাশমণ্ডলত থকা আৰু পৃথিৱীত বাস কৰা সকলো জীৱে একমাত্ৰ আল্লাহকেই ছাজদাহ কৰে, আৰু ফিৰিস্তাসকলেও কেৱল তেওঁকেই ছাজদাহ কৰে। তেওঁলোকে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্য পালনত কেতিয়াও অহংকাৰ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016049.mp3"},{"index":"50","arabicText":"یَخَافُوْنَ رَبَّهُمْ مِّنْ فَوْقِهِمْ وَیَفْعَلُوْنَ مَا یُؤْمَرُوْنَ ۟","assameseTranslation":"তেওঁলোকে তেওঁলোকৰ ওপৰত থকা প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকক যি নিৰ্দেশ দিয়া হয় তেওঁলোকে সেইটোৱে কৰে।","footnotes":"","tafseer":"তেওঁলোকে অবিৰামভাৱে ইবাদত আৰু আনুগত্য কৰাৰ পিছতো আল্লাহক ভয় কৰে, আল্লাহ নিজৰ সত্ত্বাগত, শক্তি সামৰ্থ আৰু প্ৰভুত্বৰ দিশৰ পৰা তেওঁলোকৰ বহু ওপৰত অৱস্থিত। তেওঁলোকে সেইটোৱে কৰে, যিটো কৰিবলৈ তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক আদেশ দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016050.mp3"},{"index":"51","arabicText":"وَقَالَ اللّٰهُ لَا تَتَّخِذُوْۤا اِلٰهَیْنِ اثْنَیْنِ ۚ اِنَّمَا هُوَ اِلٰهٌ وَّاحِدٌ ۚ فَاِیَّایَ فَارْهَبُوْنِ ۟","assameseTranslation":"আৰু আল্লাহে কৈছে, ‘তোমালোকে দুজন ইলাহ গ্ৰহণ নকৰিবা; কেৱল তেৱেঁই একমাত্ৰ ইলাহ। গতিকে তোমালোকে কেৱল মোকেই ভয় কৰা’।","footnotes":"","tafseer":"আল্লাহে তেওঁৰ সকলো বান্দাকেই কৈছেঃ তোমালোকে কেতিয়াও দুজন উপাস্য গ্ৰহণ নকৰিবা। প্ৰকৃত উপাস্য কেৱল এজনেই। তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী অথবা অংশীদাৰ নাই। এতেকে তোমালোকে কেৱল মোকেই ভয় কৰা। মোৰ বাহিৰে আন কাকো ভয় নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016051.mp3"},{"index":"52","arabicText":"وَلَهٗ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ وَلَهُ الدِّیْنُ وَاصِبًا ؕ اَفَغَیْرَ اللّٰهِ تَتَّقُوْنَ ۟","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰ তেওঁৰেই আৰু সাৰ্বক্ষণিক আনুগত্য কেৱল তেওঁৰেই প্ৰাপ্য। তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আনক ভয় কৰিবানে?","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো বস্তু তেওঁৰেই। তেৱেঁই সৃষ্টি কৰিছে। তেৱেঁই মালিক আৰু তেৱেঁই এইবোৰৰ সঞ্চালক। আনুগত্য একমাত্ৰ তেওঁৰেই। তেওঁৰ সন্মুখতেই নত হোৱা উচিত আৰু তেওঁৰ বাবেই সকলো নেক কাম কৰা উচিত। তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক ভয় কৰা নেকি? তেনেকুৱা নকৰিবা, কেৱল তেওঁকেই ভয় কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016052.mp3"},{"index":"53","arabicText":"وَمَا بِكُمْ مِّنْ نِّعْمَةٍ فَمِنَ اللّٰهِ ثُمَّ اِذَا مَسَّكُمُ الضُّرُّ فَاِلَیْهِ تَجْـَٔرُوْنَ ۟ۚ","assameseTranslation":"আৰু তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পৰাই আহিছে। তাৰ পিছত যেতিয়া তোমালোকক দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া তোমালোকে ব্যাকুলভাৱে তেওঁকেই আহ্বান কৰা।","footnotes":"","tafseer":"হে মানৱ! তোমালোকৰ ওচৰত দ্বীন আৰু দুনিয়া সম্পৰ্কীয় যিমান নিয়ামত আছে, সেই সকলো আল্লাহেই প্ৰদান কৰিছে। তেওঁৰ বাহিৰে আন কাৰো নহয়। এতেকে যেতিয়া তোমালোকৰ ওপৰত কোনো বিপদ, বেমাৰ অথবা দুৰ্ভিক্ষ নামি আহে, তেতিয়া তোমালোকে কেৱল তেওঁৰ ওচৰতেই নত হৈ দুআ কৰা, যাতে তোমালোকৰ সেই কষ্ট দূৰ হয়। এতেকে যিয়ে নিয়ামত প্ৰদান কৰে আৰু কষ্ট দূৰ কৰে, কেৱল তেৱেঁই ইবাদত বন্দেগীৰ যোগ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016053.mp3"},{"index":"54","arabicText":"ثُمَّ اِذَا كَشَفَ الضُّرَّ عَنْكُمْ اِذَا فَرِیْقٌ مِّنْكُمْ بِرَبِّهِمْ یُشْرِكُوْنَ ۟ۙ","assameseTranslation":"তাৰ পিছত যেতিয়া আল্লাহে তোমালোকৰ দুখ-দৈন্য দূৰীভূত কৰে তেতিয়া তোমালোকৰ এটা দলে নিজ প্ৰতিপালকৰ সৈতে শ্বিৰ্ক কৰে--","footnotes":"","tafseer":"তাৰ পিছত যেতিয়া তেওঁ তোমালোকৰ প্ৰাৰ্থনা স্বীকাৰ কৰে আৰু তোমালোকৰ বিপদ দূৰ কৰি দিয়ে, তেতিয়া তোমালোকৰ মাজৰ কিছুমানে নিজ প্ৰতিপালকৰ লগত অংশীদাৰ স্থাপন কৰে, তেওঁৰ সৈতে আনৰো উপাসনা কৰা আৰম্ভ কৰে। এইটো কেনেকুৱা কথা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016054.mp3"},{"index":"55","arabicText":"لِیَكْفُرُوْا بِمَاۤ اٰتَیْنٰهُمْ ؕ فَتَمَتَّعُوْا ۫ فَسَوْفَ تَعْلَمُوْنَ ۟","assameseTranslation":"আমি সিহঁতক যি প্ৰদান কৰিছোঁ সেয়া অস্বীকাৰ কৰাৰ বাবে। গতিকে তোমালোকে ভোগ কৰি লোৱা, অচিৰেই তোমালোকে (ইয়াৰ পৰিণাম) জানিব পাৰিবা।","footnotes":"","tafseer":"আল্লাহৰ লগত শ্বিৰ্ক কৰাৰ ফলত সিহঁতে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰিছে, তেওঁৰ নিয়ামতসমূহৰ অন্যতম হৈছে, বিপদ-আপদ দূৰ কৰা। সেই কাৰণে সিহঁতক কোৱা হৈছেঃ তোমালোকক যি নিয়ামত দান কৰা হৈছে, সেইবোৰ কিছুসময় উপভোগ কৰা, কাৰণ তোমালোকৰ ওপৰত আগতীয়াকৈ হওক অথবা পলমকৈ আল্লাহৰ আযাব আহিবই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016055.mp3"},{"index":"56","arabicText":"وَیَجْعَلُوْنَ لِمَا لَا یَعْلَمُوْنَ نَصِیْبًا مِّمَّا رَزَقْنٰهُمْ ؕ تَاللّٰهِ لَتُسْـَٔلُنَّ عَمَّا كُنْتُمْ تَفْتَرُوْنَ ۟","assameseTranslation":"আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছোঁ সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ (উপাস্য)ৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱেই নাজানে। শপত আল্লাহৰ! তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আমি প্ৰদান কৰা ধন-সম্পদৰ এটা অংশ সিহঁতৰ মূৰ্তিবোৰৰ কাৰণেও নিৰ্দিষ্ট কৰে, যিবোৰে একোৱে নাজানে। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ, সেইবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। সিহঁতে ইয়াৰ দ্বাৰা নৈকট্য লাভ কৰিব বিচাৰে। হে মুশ্বৰিকসকল! আল্লাহৰ শপত! তোমালোকক কিয়ামতৰ দিনা তোমালোকৰ এই ধাৰণা সম্পৰ্কে নিশ্চয় প্ৰশ্ন কৰা হ'ব যে, এই মূৰ্তিবোৰ উপাস্য হয় নে নহয়, আৰু তোমালোকৰ ধন-সম্পদত সেইবোৰৰ নিৰ্দিষ্ট অংশ থকাটো সঁচানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016056.mp3"},{"index":"57","arabicText":"وَیَجْعَلُوْنَ لِلّٰهِ الْبَنٰتِ سُبْحٰنَهٗ ۙ وَلَهُمْ مَّا یَشْتَهُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে--অথচ তেওঁ পৱিত্ৰ, মহিমাময়। আনহাতে সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটোক সিহঁতে পছন্দ কৰে।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আল্লাহৰ জীয়ৰি আছে বুলি ধাৰণা পোষণ কৰে, সিহঁতৰ মতে আল্লাহৰ জীয়ৰি হৈছে ফিৰিস্তাসকল। সিহঁতে আল্লাহৰ বাবে এনেকুৱা বস্তু নিৰ্বাচন কৰে, যিবোৰ বস্তু সিহঁতে নিজৰ বাবে পছন্দ নকৰে। সিহঁতৰ এই কৰ্মৰ পৰা আল্লাহ পৱিত্ৰ। আনহাতে সিহঁতে নিজৰ বাবে পুত্ৰ সন্তানকহে বেছি পছন্দ কৰে। ইয়াতকৈ ডাঙৰ অপৰাধ আৰুনো কি হ’ব পাৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016057.mp3"},{"index":"58","arabicText":"وَاِذَا بُشِّرَ اَحَدُهُمْ بِالْاُ ظَلَّ وَجْهُهٗ مُسْوَدًّا وَّهُوَ كَظِیْمٌ ۟ۚ","assameseTranslation":"সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।","footnotes":"","tafseer":"এইসকল মুশ্বৰিকৰ মাজৰ পৰা কাৰোবাক যদি কন্যা সন্তান জন্ম লাভ কৰাৰ সুসংবাদ দিয়া হয়, তেতিয়া সিহঁতৰ মুখ ক'লা পৰি যায় আৰু সিহঁতৰ অন্তৰ দুখত ভাগি পৰে। এনেকুৱা সংবাদক সিহঁতে ইমান অপছন্দ কৰে। পক্ষান্তৰেই সেই ব্যক্তিয়েই আল্লাহৰ বাবে সেইটো পছন্দ কৰে, যিটো নিজৰ বাবে অপছন্দ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016058.mp3"},{"index":"59","arabicText":"یَتَوَارٰی مِنَ الْقَوْمِ مِنْ سُوْٓءِ مَا بُشِّرَ بِهٖ ؕ اَیُمْسِكُهٗ عَلٰی هُوْنٍ اَمْ یَدُسُّهٗ فِی التُّرَابِ ؕ اَلَا سَآءَ مَا یَحْكُمُوْنَ ۟","assameseTranslation":"তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"কন্যা সন্তান জন্ম লাভৰ সংবাদ সিহঁতৰ ওচৰত ইমান নিন্দনীয় যে, তেনেকুৱা খবৰ পালে সিহঁতে মানুহৰ পৰা আত্মগোপন কৰি ফুৰে। সি মনে মনে ভাবে, এই নৱজাত শিশুটিকলৈ অপমান সহ্য কৰি জীয়াই ৰাখিম নে তাইক জীৱিত অৱস্থাতেই দাফন কৰিম? মুশ্বৰিকসকলৰ সিদ্ধান্ত কিমান নিকৃষ্ট, সিহঁতে নিজৰ বাবে যিটো অপছন্দ কৰে সেইটো নিজ প্ৰতিপালকৰ বাবে পছন্দ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016059.mp3"},{"index":"60","arabicText":"لِلَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ مَثَلُ السَّوْءِ ۚ وَلِلّٰهِ الْمَثَلُ الْاَعْلٰی ؕ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟۠","assameseTranslation":"যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, যাৱতীয় বেয়া উদাহৰণ সিহঁতৰ বাবেই, আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ (গুণাৱলী), আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আখিৰাতৰ প্ৰতি বিশ্বাস নকৰা কাফিৰসকলৰ বেয়া গুণ যেনেঃ সন্তানৰ চাহিদা, মুৰ্খতা আৰু কুফৰী আদি। আনহাতে আল্লাহৰ বৈশিষ্ট্য হৈছে প্ৰশংসনীয় আৰু সুউচ্চ। যেনেঃ প্ৰতাপশালী, স্বয়ংসম্পূৰ্ণ, অমুখাপেক্ষী আৰু সৰ্বজ্ঞ। তেওঁ মহাপৱিত্ৰ, ক্ষমতাত মহাপৰাক্ৰমশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনা কৰাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016060.mp3"},{"index":"61","arabicText":"وَلَوْ یُؤَاخِذُ اللّٰهُ النَّاسَ بِظُلْمِهِمْ مَّا تَرَكَ عَلَیْهَا مِنْ دَآبَّةٍ وَّلٰكِنْ یُّؤَخِّرُهُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ۚ فَاِذَا جَآءَ اَجَلُهُمْ لَا یَسْتَاْخِرُوْنَ سَاعَةً وَّلَا یَسْتَقْدِمُوْنَ ۟","assameseTranslation":"আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূ-পৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও অগা-পিছা কৰিব নোৱাৰে।","footnotes":"","tafseer":"মানুহৰ অন্যায়-অত্যাচাৰ আৰু কুফৰীৰ কাৰণে যদি আল্লাহে সিহঁতক শাস্তি দিয়া আৰম্ভ কৰে তেন্তে পৃথিৱীৰ বুকুত কোনো মানুহ তথা প্ৰাণীয়ে ৰেহাই নাপাব। কিন্তু তেওঁ সিহঁতক জানি বুজি এটা নিৰ্দিষ্ট সময়লৈকে অৱকাশ দিয়ে। অৱশেষত যেতিয়া সেই নিৰ্দিষ্ট সময় আহি পৰে, তেতিয়া অকণমানো আগুৱাই নাযায় আৰু পিছুৱাইয়ো নাযায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016061.mp3"},{"index":"62","arabicText":"وَیَجْعَلُوْنَ لِلّٰهِ مَا یَكْرَهُوْنَ وَتَصِفُ اَلْسِنَتُهُمُ الْكَذِبَ اَنَّ لَهُمُ الْحُسْنٰی ؕ لَا جَرَمَ اَنَّ لَهُمُ النَّارَ وَاَنَّهُمْ مُّفْرَطُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱেই আল্লাহৰ প্ৰতি আৰোপ কৰে। সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে, মঙ্গল কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট। নিঃসন্দেহে সিহঁতৰ বাবে আছে অগ্নি, আৰু নিশ্চয় সিহঁতকেই সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ’ব।","footnotes":"","tafseer":"সিহঁতে আল্লাহৰ কন্যা সন্তান আছে বুলি দাবী কৰে, অথচ নিজৰ বাবে সেইটোক অপছন্দ কৰে। সিহঁতে আৰু এটা মিছা দাবী কৰে যে, মুছলিমসকলে কোৱা মতে যদি সঁচাই সিহঁতক পুনৰ্জীৱিত কৰা হয় তেন্তে আল্লাহৰ ওচৰত সিহঁতৰ বাবে থাকিব উত্তম স্থান। প্ৰকৃততে সিহঁতৰ বাবে আছে জাহান্নাম। সেই জাহান্নামত সিহঁতক এৰি দিয়া হ'ব, আৰু তাৰ পৰা সিহঁতে কেতিয়াও ওলাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016062.mp3"},{"index":"63","arabicText":"تَاللّٰهِ لَقَدْ اَرْسَلْنَاۤ اِلٰۤی اُمَمٍ مِّنْ قَبْلِكَ فَزَیَّنَ لَهُمُ الشَّیْطٰنُ اَعْمَالَهُمْ فَهُوَ وَلِیُّهُمُ الْیَوْمَ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"আল্লাহৰ শপত! আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ; কিন্তু চয়তানে সিহঁতৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপক শোভনীয় কৰি দিছিল, সেয়ে আজি সি হৈছে সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"আল্লাহৰ শপত! হে ৰাছুল! আমি আপোনাৰ পূৰ্বে অতিবাহিত হোৱা সম্প্ৰদায় সমূহৰ ওচৰতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। কিন্তু চয়তানে সেইসমূহ সম্প্ৰদায়ৰ বেয়া কৰ্মবোৰক যেনেঃ শ্বিৰ্ক, কুফৰী আৰু বিভিন্ন গুনাহক সিহঁতৰ সন্মুখত সুন্দৰভাৱে উপস্থাপন কৰিছিল। সিহঁতৰ ধাৰণা মতে কিয়ামতৰ দিনা সিয়ে সিহঁতক সহায় কৰিব, সেয়ে যাতে সিহঁতে তাৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে। প্ৰকৃততে কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016063.mp3"},{"index":"64","arabicText":"وَمَاۤ اَنْزَلْنَا عَلَیْكَ الْكِتٰبَ اِلَّا لِتُبَیِّنَ لَهُمُ الَّذِی اخْتَلَفُوْا فِیْهِ ۙ وَهُدًی وَّرَحْمَةً لِّقَوْمٍ یُّؤْمِنُوْنَ ۟","assameseTranslation":"আৰু আমি তোমাৰ প্ৰতি কিতাব এইকাৰণে অৱতীৰ্ণ কৰিছোঁ যাতে তুমি সেইসকল লোকক সুস্পষ্টভাৱে বুজাই দিব পাৰা যিসকলে মতভেদ কৰিছে, লগতে এইখন হৈছে মুমিনসকলৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ প্ৰতি এই কোৰআন এইকাৰণে অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি সকলো লোকৰ সন্মুখত তাওহীদ, পুনৰুত্থান আৰু চৰীয়তৰ বিধি-বিধান স্পষ্টভাৱে বৰ্ণনা কৰি দিব পাৰে। লগতে যাতে এই কোৰআন আৰু ইয়াৰ শিক্ষা, আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু ৰহমত হয়। সত্যৰ দ্বাৰা কেৱল তেওঁলোকেই উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016064.mp3"},{"index":"65","arabicText":"وَاللّٰهُ اَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَحْیَا بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّسْمَعُوْنَ ۟۠","assameseTranslation":"আৰু আল্লাহেই আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে (আল্লাহৰ) কথা শুনে।","footnotes":"","tafseer":"আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, সেই পানীৰ জৰিয়তে তেওঁ শুকান ভূমিক সুগম কৰি তাৰ পৰা উদ্ভিদ উৎপন্ন কৰে। নিশ্চয় আকাশৰ পৰা পানী বৰ্ষণত আৰু ভূমিৰ পৰা উদ্ভিদ উৎপন্ন কৰাৰ মাজত সেইসকল লোকৰ বাবে স্পষ্ট প্ৰমাণ আছে, যিসকলে আল্লাহৰ বাণী মনোযোগ সহকাৰে শ্ৰৱণ কৰে আৰু এইবোৰকলৈ গৱেষণা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016065.mp3"},{"index":"66","arabicText":"وَاِنَّ لَكُمْ فِی الْاَنْعَامِ لَعِبْرَةً ؕ نُسْقِیْكُمْ مِّمَّا فِیْ بُطُوْنِهٖ مِنْ بَیْنِ فَرْثٍ وَّدَمٍ لَّبَنًا خَالِصًا سَآىِٕغًا لِّلشّٰرِبِیْنَ ۟","assameseTranslation":"নিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা। তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকক সেৱন কৰাওঁ বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ, যিটো সেৱনকাৰীসকলৰ বাবে অতি তৃপ্তিকৰ।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ বাবে উট, গৰু আৰু ছাগলীৰ মাজতো আছে পাঠ, যিটো তোমালোকে গ্ৰহণ কৰিব পাৰা। আমি তোমালোকক এইবোৰ জন্তুৰ ওহাৰৰ পৰা গাখীৰ প্ৰদান কৰোঁ। যিবোৰ পেটৰ মাজত থকা গোবৰ আৰু শৰীৰৰ মাজত থকা তেজৰ মাজৰ পৰা ওলাই আহে। তথাপিও এই গাখীৰ নিৰ্ভেজাল তথা বিশুদ্ধ, আৰু পানকাৰী সকলৰ বাবে কিমান সুস্বাদু!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016066.mp3"},{"index":"67","arabicText":"وَمِنْ ثَمَرٰتِ النَّخِیْلِ وَالْاَعْنَابِ تَتَّخِذُوْنَ مِنْهُ سَكَرًا وَّرِزْقًا حَسَنًا ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّعْقِلُوْنَ ۟","assameseTranslation":"আৰু খেজুৰ গছৰ ফল আৰু আঙুৰৰ পৰা তোমালোকে মাদক আৰু উত্তম খাদ্য গ্ৰহণ কৰা; নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।","footnotes":"","tafseer":"আৰু তোমালোকৰ বাবে আমি প্ৰদান কৰা খেজুৰ আৰু আঙুৰ আদি ফলৰ মাজতো আছে শিক্ষা। সেইবোৰৰ দ্বাৰা তোমালোকে মাদক দ্ৰৱ্য বনোৱা, যি দ্ৰৱ্যই তোমালোকৰ বিবেক-বুদ্ধি কাঢ়ি নিয়ে। এইটো ভাল বস্তু নহয়। আনহাতে তোমালোকে এইবোৰ ফলৰ দ্বাৰা ভাল বস্তুও তৈয়াৰ কৰা, যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা, যেনেঃ শুকান খেজুৰ, কিচমিচ, ছিৰ্কা আৰু জুচ আদি। এইবোৰ বস্তুত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতা আৰু অনুগ্ৰহৰ প্ৰমাণ আছে, যিসকলে বিবেক-বুদ্ধিৰ দ্বাৰা কাম লয়। কাৰণ তেওঁলোকেই শিক্ষা গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016067.mp3"},{"index":"68","arabicText":"وَاَوْحٰی رَبُّكَ اِلَی النَّحْلِ اَنِ اتَّخِذِیْ مِنَ الْجِبَالِ بُیُوْتًا وَّمِنَ الشَّجَرِ وَمِمَّا یَعْرِشُوْنَ ۟ۙ","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকে মৌ-মাখিক প্ৰত্যাদেশ কৰিছে যে, ‘তুমি পাহাৰত, গছত আৰু মানুহে তৈয়াৰ কৰা হেদালিত মৌচাক সাজি লোৱা;","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকে মৌ-মাখিক জ্ঞান শিকাইছে আৰু পথপ্ৰদৰ্শন কৰাই কৈছে যে, তোমালোকে পৰ্বতত ঘৰ বনোৱা, গছ-বৃক্ষত ঘৰ বনোৱা, লগতে মানুহৰ ঘৰ আৰু চাদতো বনোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016068.mp3"},{"index":"69","arabicText":"ثُمَّ كُلِیْ مِنْ كُلِّ الثَّمَرٰتِ فَاسْلُكِیْ سُبُلَ رَبِّكِ ذُلُلًا ؕ یَخْرُجُ مِنْ بُطُوْنِهَا شَرَابٌ مُّخْتَلِفٌ اَلْوَانُهٗ فِیْهِ شِفَآءٌ لِّلنَّاسِ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟","assameseTranslation":"‘ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা, আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা’। তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, ইয়াৰ মাজত মানুহৰ বাবে আছে আৰোগ্য। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।","footnotes":"","tafseer":"তাৰ পিছত যিটো ইচ্ছা সেই ফল ভক্ষণ কৰা, আৰু তোমাৰ প্ৰতিপালকে দেখুৱাই দিয়া সৰল পথত পৰিচালিত হোৱা। সেইবোৰ মৌ-মাখিৰ পেটৰ পৰা বিভিন্ন ৰঙৰ মৌ ওলায়। কিছুমান শুভ্ৰ, আৰু কিছুমান হালধীয়া আৰু কিছুমান অন্যান্য ৰঙৰ। তাত আছে মানুহৰ বাবে শ্বিফা (আৰোগ্য)। ইয়াৰ দ্বাৰা বেমাৰৰ চিকিৎসা কৰা হয়। মৌ মাখিৰ প্ৰশিক্ষণৰ মাজত আৰু সিহঁতৰ পেটৰ পৰা ওলোৱা মৌৰ মাজত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ আৰু তেওঁৰ উত্তম ব্যৱস্থাপনাৰ প্ৰমাণ আছে, যিসকলে চিন্তা-চৰ্চা কৰে। কাৰণ তেওঁলোকেই শিক্ষা গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016069.mp3"},{"index":"70","arabicText":"وَاللّٰهُ خَلَقَكُمْ ثُمَّ یَتَوَفّٰىكُمْ ۙ۫ وَمِنْكُمْ مَّنْ یُّرَدُّ اِلٰۤی اَرْذَلِ الْعُمُرِ لِكَیْ لَا یَعْلَمَ بَعْدَ عِلْمٍ شَیْـًٔا ؕ اِنَّ اللّٰهَ عَلِیْمٌ قَدِیْرٌ ۟۠","assameseTranslation":"আৰু আল্লাহেই তোমালোকক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ’ব নিকৃষ্টতম বয়সত; যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয়। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, পূৰ্ণ ক্ষমতাৱান।","footnotes":"","tafseer":"আল্লাহে তোমালোকক পূৰ্বৰ কোনো নমুনা নোহোৱাকৈয়ে সৃষ্টি কৰিছে। তোমালোকৰ আয়ু সমাপ্ত হ'লে তেৱেঁই তোমালোকক মৃত্যু প্ৰদান কৰিব। আনহাতে তোমালোকৰ কিছুমানৰ বয়স বৃদ্ধি কৰি বেয়া অৱস্থাত উপনীত কৰায় অৰ্থাৎ বৃদ্ধাৱস্থাত, যাতে সি প্ৰথমে যি জানিছিল সেয়া জানিব নোৱাৰে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, বান্দাৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016070.mp3"},{"index":"71","arabicText":"وَاللّٰهُ فَضَّلَ بَعْضَكُمْ عَلٰی بَعْضٍ فِی الرِّزْقِ ۚ فَمَا الَّذِیْنَ فُضِّلُوْا بِرَآدِّیْ رِزْقِهِمْ عَلٰی مَا مَلَكَتْ اَیْمَانُهُمْ فَهُمْ فِیْهِ سَوَآءٌ ؕ اَفَبِنِعْمَةِ اللّٰهِ یَجْحَدُوْنَ ۟","assameseTranslation":"আৰু আল্লাহে জীৱনোপকৰণত তোমালোকৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱনোপকৰণৰ পৰা পৰ্যাপ্ত পৰিমাণৰ দান কেতিয়াও নিদিয়ে, (এইকাৰণে যে,) যাতে সিহঁতেও এই ক্ষেত্ৰত সিহঁতৰ সমান হৈ নাযায়। এতেকে সিহঁতে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰে নেকি?","footnotes":"","tafseer":"আল্লাহে জীৱিকাৰ ক্ষেত্ৰত তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত প্ৰাধান্য দিছে। তোমালোকৰ কিছুমানক ধনী বনাইছে, আকৌ আন কিছুমানক দুখীয়া। কিছুমানক ৰজা বনাইছে, আকৌ আন কিছুমানক বনাইছে প্ৰজা। এতেকে আল্লাহে যাক ধন-সম্পত্তিত প্ৰাধান্য দিছে, সি কেতিয়াও নিজৰ ধন-সম্পত্তি নিজৰ দাসক অৰ্পন নকৰিব, এই ভয়ত যে, ধন-সম্পত্তিৰ ক্ষেত্ৰত সিও যাতে তাৰ সমপৰ্যায় নাপায়গৈ। তেন্তে সিহঁতে কেনেকৈ আল্লাহৰ লগত অংশী স্থাপন কৰে, অথচ সিহঁতে নিজৰ ক্ষেত্ৰত এইটোক অপছন্দ কৰে যে, তাৰ দাস যাতে তাৰ সমপৰ্যায় হৈ নাযায়। এইটো কেনেকুৱা অন্যায়? আল্লাহৰ নিয়ামত অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ইয়াতকৈ ডাঙৰ পাপ আৰুনো কি হ’ব পাৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016071.mp3"},{"index":"72","arabicText":"وَاللّٰهُ جَعَلَ لَكُمْ مِّنْ اَنْفُسِكُمْ اَزْوَاجًا وَّجَعَلَ لَكُمْ مِّنْ اَزْوَاجِكُمْ بَنِیْنَ وَحَفَدَةً وَّرَزَقَكُمْ مِّنَ الطَّیِّبٰتِ ؕ اَفَبِالْبَاطِلِ یُؤْمِنُوْنَ وَبِنِعْمَتِ اللّٰهِ هُمْ یَكْفُرُوْنَ ۟ۙ","assameseTranslation":"আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ সঙ্গিনী সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে আৰু আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিবনে?","footnotes":"","tafseer":"হে মানৱজাতি! আল্লাহে তোমালোকৰ মাজৰ পৰাই তোমালোকৰ বাবে স্ত্ৰী বনাইছে, যিসকলৰ পৰা তোমালোকে প্ৰশান্তি লাভ কৰা। তোমালোকৰ স্ত্ৰীসকলৰ পৰা তোমালোকৰ বাবে সন্তান আৰু নাতি-নাতিনী বনাইছে। লগতে তোমালোকক প্ৰদান কৰিছে খাদ্যবস্তু, যেনেঃ মাংস, শস্য আৰু ফল-মূল। তথাপিও সিহঁতে অসত্য বস্তু যেনেঃ মূৰ্তি আৰু অসত্য উপাস্যবোৰৰ প্ৰতি বিশ্বাস স্থাপন কৰিবনে, আৰু সিহঁতে আল্লাহৰ সেই অসংখ্য নিয়ামতবোৰক অস্বীকাৰ কৰিব নেকি, যিবোৰ সিহঁতে গণনা কৰিও শেষ কৰিব নোৱাৰে, সিহঁতে একমাত্ৰ আল্লাহৰ প্ৰতি বিশ্বাস পোষণ কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰে কিয়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016072.mp3"},{"index":"73","arabicText":"وَیَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ مَا لَا یَمْلِكُ لَهُمْ رِزْقًا مِّنَ السَّمٰوٰتِ وَالْاَرْضِ شَیْـًٔا وَّلَا یَسْتَطِیْعُوْنَ ۟ۚ","assameseTranslation":"আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, আকাশসমূহ আৰু পৃথিৱীৰ পৰা সিহঁতক জীৱনোপকৰণ সৰবৰাহ কৰিবলৈ সেই উপাস্যবোৰৰ কোনো ক্ষমতা নাই আৰু কৰিবও নোৱাৰিব।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্তিৰ পূজা কৰে, যিবোৰে আকাশমণ্ডল তথা পৃথিৱীৰ পৰা সিহঁতক জীৱিকা প্ৰদান কৰিবলৈ সক্ষম নহয়, আৰু এয়া সিহঁতৰ অধীনতো নাই। কাৰণ এই মূৰ্তিবোৰ হৈছে নিৰ্জীৱ, সেইবোৰৰ প্ৰাণো নাই, জ্ঞানো নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016073.mp3"},{"index":"74","arabicText":"فَلَا تَضْرِبُوْا لِلّٰهِ الْاَمْثَالَ ؕ اِنَّ اللّٰهَ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟","assameseTranslation":"সেয়ে তোমালোকে আল্লাহৰ কোনো সদৃশ স্থিৰ নকৰিবা। নিশ্চয় আল্লাহে জানে আৰু তোমালোকে নাজানা।","footnotes":"","tafseer":"এতেকে হে মানৱজাতি! তোমালোকে এই মূৰ্তিবোৰক আল্লাহৰ সমকক্ষ স্থিৰ নকৰিবা। যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। আল্লাহৰ ইবাদতত অংশী হ'ব পৰা একোৱেই নাই। নিশ্চয় আল্লাহে জানে, তেওঁৰ মাজত কি কি প্ৰতাপ আৰু পৰিপূৰ্ণতাৰ বৈশিষ্ট্য আছে, যিবোৰ তোমালোকে নাজানা। সেই কাৰণেই তোমালোকে তেওঁৰ লগত অংশী স্থাপন কৰাৰ সাহস কৰা, আৰু তোমালোকৰ মূৰ্তিবোৰক তেওঁৰ সমকক্ষ বুলি দাবী কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016074.mp3"},{"index":"75","arabicText":"ضَرَبَ اللّٰهُ مَثَلًا عَبْدًا مَّمْلُوْكًا لَّا یَقْدِرُ عَلٰی شَیْءٍ وَّمَنْ رَّزَقْنٰهُ مِنَّا رِزْقًا حَسَنًا فَهُوَ یُنْفِقُ مِنْهُ سِرًّا وَّجَهْرًا ؕ هَلْ یَسْتَوٗنَ ؕ اَلْحَمْدُ لِلّٰهِ ؕ بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"আল্লাহে উপমা দাঙি ধৰিছে, আনৰ অধিকাৰভূক্ত এজন দাসৰ, যাৰ কোনো বস্তুৰ ওপৰত অধিকাৰ নাই আৰু এনে এজন ব্যক্তিৰ যাক আমি আমাৰ তৰফৰ পৰা উত্তম জীৱিকা দান কৰিছোঁ আৰু তেওঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে; (এতেকে কোৱাচোন!) উভয় ব্যক্তি সমান হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য; বৰং সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।","footnotes":"","tafseer":"আল্লাহে মুশ্বৰিকসকলৰ দাবী খণ্ডন কৰিবলৈ এটা উদাহৰণ দাঙি ধৰিছে। ধৰি লোৱা, এজন পৰাধীন দাস আছে, যাৰ হাতত কোনো অধিকাৰ নাই। ব্যয় কৰিবলৈও তাৰ হাতত একো নাই। আনহাতে এজন স্বাধীন ব্যক্তি আছে, যাক আমি প্ৰচুৰ পৰিমাণে বৈধ সম্পদ প্ৰদান কৰিছোঁ, সি নিজ ইচ্ছা মতে ব্যয় কৰিব পাৰে। প্ৰকাশ্য, অপ্ৰকাশ্য যি ধৰণে ইচ্ছা কৰে সেইদৰে ব্যয় কৰে। এই দুয়োজন ব্যক্তি তুলনামূলকভাৱে কেতিয়াও সমান হ'ব নোৱাৰে। তেন্তে তোমালোকে আল্লাহক, যাৰ হাতত নিজ ইচ্ছা মতে ব্যয় কৰাৰ ক্ষমতা আছে, সেই মূৰ্তিবোৰৰ লগত কিয় তুলনা কৰা, যিবোৰ স্বয়ং অপাৰগ? সকলো প্ৰকাৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই, কেৱল তেৱেঁই প্ৰশংসাৰ অধিকাৰী। কিন্তু অধিকাংশ মুশ্বৰিকে এই সত্য সম্পৰ্কে অৱগত নহয় যে, একমাত্ৰ আল্লাহেই ইবাদতৰ হকদাৰ, আৰু কেৱল তেওঁৰেই ইবাদত কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016075.mp3"},{"index":"76","arabicText":"وَضَرَبَ اللّٰهُ مَثَلًا رَّجُلَیْنِ اَحَدُهُمَاۤ اَبْكَمُ لَا یَقْدِرُ عَلٰی شَیْءٍ وَّهُوَ كَلٌّ عَلٰی مَوْلٰىهُ ۙ اَیْنَمَا یُوَجِّهْهُّ لَا یَاْتِ بِخَیْرٍ ؕ هَلْ یَسْتَوِیْ هُوَ ۙ وَمَنْ یَّاْمُرُ بِالْعَدْلِ ۙ وَهُوَ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟۠","assameseTranslation":"আল্লাহে আৰু উপমা দিছে দুজন ব্যক্তিৰঃ সিহঁতৰ এজন হৈছে বোবা, কোনো বস্তুৰ ওপৰত তাৰ অধিকাৰ নাই আৰু সি তাৰ অভিভাৱকৰ ওপৰত বোজা হৈ আছে; য’তেই তাক পঠোৱা নহওক কিয় সি কোনো কল্যাণ লৈ আহিব নোৱাৰে; তেনেহ’লে এই ব্যক্তি সেই ব্যক্তিৰ সমান হ’ব পাৰেনে যিয়ে ন্যায়ৰ নিৰ্দেশ দিয়ে আৰু যিজন আছে সৰল পথত?","footnotes":"","tafseer":"সিহঁতৰ দাবী খণ্ডন কৰিবলৈ আল্লাহে আন এটা উদাহৰণ দাঙি ধৰিছেঃ দুজন ব্যক্তি আছে। তাৰে এজন হৈছে বোবা, কথা ক’ব নোৱাৰে, শুনিবও নোৱাৰে আৰু বুজিবও নোৱাৰে। এনেকুৱা অপাৰগ তথা বিৱশ ব্যক্তি, যিয়ে নিজৰো উপকাৰ কৰিব নোৱাৰে আৰু আনৰো উপকাৰ সাধিব নোৱাৰে। সি হৈছে নিজৰ অভিভাৱকৰ ওপৰত এটা ডাঙৰ বোজাস্বৰূপ। তাক য’তেই প্ৰেৰণ কৰা নহওক কিয়, সি কেতিয়াও কল্যাণ কঢ়িয়াই আনিব নোৱাৰে। (এতিয়া কোৱা) এনেকুৱা এজন ব্যক্তি, সেই ব্যক্তিৰ দৰে হ’ব পাৰে নেকি, যিয়ে ভালদৰে শুনিব পাৰে, ভালদৰে কথা ক’ব পাৰে, আনকি আনকো উপকাৰ কৰিব পাৰে, মানুহক ন্যায়ৰ আদেশ দিয়ে, নিজেও সঠিক পথত পৰিচালিত, যি পথত কোনো ধৰণৰ সন্দেহ নাই আৰু বক্ৰতাও নাই? হে মুশ্বৰিকসকল! তোমালোকে আল্লাহক (যিজন প্ৰতাপ আৰু সকলো প্ৰকাৰ পৰিপূৰ্ণ গুণাৱলীৰ অধিকাৰী সত্ত্বাক) কেনেকৈ সেইবোৰ মূৰ্তিৰ লগত তুলনা কৰা, যিবোৰে একোৱে শুনিব নোৱাৰে আৰু কথাও ক’ব নোৱাৰে, আনকি উপকাৰো কৰিব নোৱাৰে আৰু বিপদ-আপদো দূৰ কৰিব নোৱাৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016076.mp3"},{"index":"77","arabicText":"وَلِلّٰهِ غَیْبُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَمَاۤ اَمْرُ السَّاعَةِ اِلَّا كَلَمْحِ الْبَصَرِ اَوْ هُوَ اَقْرَبُ ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। কিয়ামত (সংঘটিত হোৱা)ৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়ৰ। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ গোপন তথ্যৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। এই জ্ঞান কেৱল তেওঁৰ বাবে নিৰ্দিষ্ট, তেওঁৰ কোনো সৃষ্টিয়েই এই বিষয়ে অৱগত নহয়। কিয়ামত কেতিয়া সংঘটিত হ’ব, ইয়াৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। ই ইমান ক্ষীপ্ৰতাৰে সংঘটিত হ'ব যিমান সময় পলক বন্ধ কৰোঁতে আৰু খোলোতে লাগে। বৰং ইয়াতকৈও নিকটৱৰ্তী। নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ যেতিয়া কোনো বস্তুক অস্তিত্ব প্ৰদান কৰিব বিচাৰে তেতিয়া কেৱল কয়ঃ “হ” তৎক্ষণাত সেইটো হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016077.mp3"},{"index":"78","arabicText":"وَاللّٰهُ اَخْرَجَكُمْ مِّنْ بُطُوْنِ اُمَّهٰتِكُمْ لَا تَعْلَمُوْنَ شَیْـًٔا ۙ وَّجَعَلَ لَكُمُ السَّمْعَ وَالْاَبْصَارَ وَالْاَفْـِٕدَةَ ۙ لَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"আৰু আল্লাহে তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে, যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেৱেঁই তোমালোকক দিছে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু হৃদয়, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।","footnotes":"","tafseer":"হে মানৱজাতি! আল্লাহে তোমালোকক তোমালোকৰ মাতৃ গৰ্ভৰ পৰা, গৰ্ভৰ সময় শেষ হোৱাৰ পিছত শিশুৰূপে ভূমিষ্ট কৰাইছে, তোমালোকে একোৱে জনা নাছিলা। তোমালোকক কাণ দিছে, যাতে শুনিব পাৰা; চকু দিছে, যাতে দেখিব পাৰা; আৰু হৃদয় দিছে, যাতে বুজিব পাৰা। এইবোৰ দিয়াৰ উদ্দেশ্য হৈছে, যাতে তোমালোকে উক্ত নিয়ামতবোৰৰ কৃতজ্ঞতা জ্ঞাপন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016078.mp3"},{"index":"79","arabicText":"اَلَمْ یَرَوْا اِلَی الطَّیْرِ مُسَخَّرٰتٍ فِیْ جَوِّ السَّمَآءِ ؕ مَا یُمْسِكُهُنَّ اِلَّا اللّٰهُ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟","assameseTranslation":"সিহঁতে লক্ষ্য কৰা নাইনে আকাশৰ শূন্য গৰ্ভত নিয়ন্ত্ৰণাধীন চৰাই-চিৰিকটিৰ প্ৰতি? আল্লাহৰ বাহিৰে আন কোনেও সেইবোৰক ধৰি নাৰাখে। নিশ্চয় ইয়াত মুমিন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।","footnotes":"","tafseer":"মুশ্বৰিকসকলে চৰাই-চিৰকটিক দেখা নাপায় নেকি যে, আল্লাহে সেইবোৰক পাখি প্ৰদান কৰি আৰু বায়ুৰ ভৰ হ্ৰাস কৰি তথা পাখি প্ৰসাৰ কৰা আৰু গুটাই লোৱাৰ শিক্ষা প্ৰদান কৰি কেনেকৈ উৰি ফুৰাৰ যোগ্য বনাইছে? শূন্যত সেইবোৰক কেৱল ক্ষমতাৱান আল্লাহেই ধৰি ৰাখে। নিশ্চয় এই উৰাৰ প্ৰশিক্ষণ আৰু মাটিত পৰি যোৱাৰ পৰা ৰক্ষা কৰাৰ মাজত সেইসকল লোকৰ বাবে প্ৰমাণ আছে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই এইবোৰ শিক্ষা আৰু প্ৰমাণৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016079.mp3"},{"index":"80","arabicText":"وَاللّٰهُ جَعَلَ لَكُمْ مِّنْ بُیُوْتِكُمْ سَكَنًا وَّجَعَلَ لَكُمْ مِّنْ جُلُوْدِ الْاَنْعَامِ بُیُوْتًا تَسْتَخِفُّوْنَهَا یَوْمَ ظَعْنِكُمْ وَیَوْمَ اِقَامَتِكُمْ ۙ وَمِنْ اَصْوَافِهَا وَاَوْبَارِهَا وَاَشْعَارِهَاۤ اَثَاثًا وَّمَتَاعًا اِلٰی حِیْنٍ ۟","assameseTranslation":"আৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আবাসস্থল বনাইছে আৰু তেৱেঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ, তম্বুৰ ব্যৱস্থা কৰিছে, তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজেই স্থানান্তৰ কৰিব পাৰা। (তেৱেঁই ব্যৱস্থা কৰিছে) সেইবোৰৰ পচম, নোম আৰু চুলিৰ পৰা প্ৰস্তুত কৰিব পৰা কিছু কালৰ বাবে গৃহ-সামগ্ৰী আৰু ব্যৱহাৰিক-উপকৰণ।","footnotes":"","tafseer":"তোমালোকে শিল তথা অন্যান্য বস্তু আদিৰে নিৰ্মাণ কৰা তোমালোকৰ ঘৰসমূহক আল্লাহেই থকাৰ বাবে শান্তিস্থল বনাইছে। উট, গৰু আৰু ছাগলীৰ চামৰাৰে নিৰ্মিত শিবিৰ বনাইছে, যিবোৰ তোমালোকে ভ্ৰমণত তথা অন্যান্য স্থলত অতি সহজেই কঢ়িয়াই লৈ যাব পাৰা। ক’ৰবাত অৱস্থান কৰিলে অতি সহজেই তম্বু সাজিব পাৰা। লগতে ছাগলী, উট আৰু ভেড়াৰ ঊণেৰে তোমালোকৰ বাবে বনাইছে ঘৰোৱা সামগ্ৰী, ঊণী কাপোৰ, চাদৰ আদি। যিবোৰৰ দ্বাৰা তোমালোকে এটা নিৰ্দিষ্ট সময়লৈকে উপকৃত হ'ব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016080.mp3"},{"index":"81","arabicText":"وَاللّٰهُ جَعَلَ لَكُمْ مِّمَّا خَلَقَ ظِلٰلًا وَّجَعَلَ لَكُمْ مِّنَ الْجِبَالِ اَكْنَانًا وَّجَعَلَ لَكُمْ سَرَابِیْلَ تَقِیْكُمُ الْحَرَّ وَسَرَابِیْلَ تَقِیْكُمْ بَاْسَكُمْ ؕ كَذٰلِكَ یُتِمُّ نِعْمَتَهٗ عَلَیْكُمْ لَعَلَّكُمْ تُسْلِمُوْنَ ۟","assameseTranslation":"আৰু আল্লাহে যি সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ তোমালোকৰ বাবে ছাঁৰ ব্যৱস্থা কৰিছে আৰু তোমালোকৰ বাবে পাহাৰত আশ্ৰয়স্থল বনাইছে আৰু তোমালোকৰ বাবে ব্যৱস্থা কৰিছে পৰিধেয় বস্ত্ৰৰ; যিবোৰে তোমালোকক গৰমৰ তাপৰ পৰা ৰক্ষা কৰে আৰু তেৱেঁই তোমালোকৰ বাবে বৰ্মৰ ব্যৱস্থা কৰিছে, যিয়ে তোমালোকক যুদ্ধ ক্ষেত্ৰত ৰক্ষা কৰে। এইদৰেই তেওঁ তোমালোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিছে যাতে তোমালোকে আত্মসমৰ্পণ কৰা।","footnotes":"","tafseer":"আল্লাহেই তোমালোকৰ সুবিধাৰ্থে গৰমৰ পৰা ৰক্ষা পাবলৈ গছ-গছনি আৰু ঘৰ আদিৰ ছাঁ বনাইছে। তোমালোকৰ বাবে পাহাৰত সুৰঙ, গুহা আদি বনাইছে, য’ত তোমালোকে শীত, গৰম আৰু শত্ৰুৰ পৰা আত্মগোপন কৰা। তোমালোকক সূতা তথা অন্যান্য কাপোৰ প্ৰদান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে শীত আৰু গৰমৰ পৰা ৰক্ষা পোৱা। এইদৰে তোমালোকক বৰ্ম প্ৰদান কৰিছে, যিটো তোমালোকক যুদ্ধত শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰে। যিদৰে আল্লাহে তোমালোকক উক্ত নিয়ামতবোৰ প্ৰদান কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব, যাতে তোমালোকে কেৱল আল্লাহৰেই আনুগত্য কৰা, আৰু তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016081.mp3"},{"index":"82","arabicText":"فَاِنْ تَوَلَّوْا فَاِنَّمَا عَلَیْكَ الْبَلٰغُ الْمُبِیْنُ ۟","assameseTranslation":"এতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।","footnotes":"","tafseer":"হে ৰাছুল! তথাপিও যদি সিহঁতে আপুনি লৈ অহা চৰীয়তক মানিবলৈ অস্বীকাৰ কৰে, আৰু ইয়াক সমৰ্থন নকৰে, তেন্তে জানি থওক, আপোনাৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে পৌঁচাই দিয়া, যিটো আপোনাক পৌঁচাবলৈ আদেশ দিয়া হৈছে। সিহঁতক হিদায়ত দিয়াটো আপোনাৰ দায়িত্ব নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016082.mp3"},{"index":"83","arabicText":"یَعْرِفُوْنَ نِعْمَتَ اللّٰهِ ثُمَّ یُنْكِرُوْنَهَا وَاَكْثَرُهُمُ الْكٰفِرُوْنَ ۟۠","assameseTranslation":"সিহঁতে আল্লাহৰ নিয়ামতক চিনি পায়; তথাপিও সিহঁতে সেইবোৰক অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই হৈছে কাফিৰ।","footnotes":"","tafseer":"মুশ্বৰিকসকলে আল্লাহৰ নিয়ামতসমূহক ভালদৰেই চিনি পায়, যিবোৰ নিয়ামত আল্লাহে সিহঁতক প্ৰদান কৰিছে, তাৰে অন্যতম এটা নিয়ামত হৈছেঃ সিহঁতৰ প্ৰতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমন। কিন্তু সিহঁতে তেওঁৰ নিয়ামতসমূহৰ কৃতজ্ঞতা নকৰাকৈ অৱজ্ঞা কৰে, আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰে। সিহঁতৰ মাজৰ অধিকাংশই আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016083.mp3"},{"index":"84","arabicText":"وَیَوْمَ نَبْعَثُ مِنْ كُلِّ اُمَّةٍ شَهِیْدًا ثُمَّ لَا یُؤْذَنُ لِلَّذِیْنَ كَفَرُوْا وَلَا هُمْ یُسْتَعْتَبُوْنَ ۟","assameseTranslation":"আৰু যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক (ওজৰ-আপত্তি দাঙি ধৰিবলৈ) অনুমতি দিয়া নহ’ব আৰু সিহঁতক (আল্লাহৰ) সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক, যিদিনা আল্লাহে প্ৰত্যেক সম্প্ৰদায়ৰ ৰাছুলক সেই সম্প্ৰদায়ৰ মুমিনসকলৰ ঈমান আৰু কাফিৰসকলৰ কুফৰীৰ সাক্ষীৰূপে উপস্থাপন কৰিব। সেইদিনা কোনো কাফিৰে নিজৰ কুফৰীৰ পৰা ৰক্ষা পাবলৈ অজুহাত দেখুৱাব নোৱাৰিব, আনহাতে আল্লাহৰ সন্তুষ্টিমূলক আমল কৰিবলৈ পৃথিৱীতো উভতি আহিব নোৱাৰিব। কিয়নো আখিৰাত হৈছে হিচাপ-নিকাচৰ ঠাই, আমলৰ ঘৰ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016084.mp3"},{"index":"85","arabicText":"وَاِذَا رَاَ الَّذِیْنَ ظَلَمُوا الْعَذَابَ فَلَا یُخَفَّفُ عَنْهُمْ وَلَا هُمْ یُنْظَرُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া যালিমসকলে শাস্তি দেখা পাব, তেতিয়া আৰু সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।","footnotes":"","tafseer":"অন্যায়কাৰী মুশ্বৰিকসকলে যেতিয়া শাস্তি প্ৰত্যক্ষ কৰিব, তাৰ পিছত সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহ'ব, কিংবা সিহঁতৰ পৰা শাস্তি উঠাই লৈ অৱকাশো দিয়া নহ'ব। বৰং সিহঁতে তাত প্ৰৱেশ কৰিব আৰু তাতেই চিৰকাল থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016085.mp3"},{"index":"86","arabicText":"وَاِذَا رَاَ الَّذِیْنَ اَشْرَكُوْا شُرَكَآءَهُمْ قَالُوْا رَبَّنَا هٰۤؤُلَآءِ شُرَكَآؤُنَا الَّذِیْنَ كُنَّا نَدْعُوْا مِنْ دُوْنِكَ ۚ فَاَلْقَوْا اِلَیْهِمُ الْقَوْلَ اِنَّكُمْ لَكٰذِبُوْنَ ۟ۚ","assameseTranslation":"আৰু মুশ্বৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰসকলক দেখিব তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই হৈছে সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলোঁ, যিসকলক তোমাৰ পৰিবৰ্তে আমি আহ্বান কৰিছিলোঁ’; তেতিয়া অংশীসকলে এই কথা মুশ্বৰিকসকলৰ পিনে ওভতাই দি ক’ব, ‘নিশ্চয় তোমালোক হৈছা মিছলীয়া’।","footnotes":"","tafseer":"মুশ্বৰিকসকলে কিয়ামতৰ দিনা যেতিয়া সিহঁতৰ সেই উপাস্যবোৰক প্ৰত্যক্ষ কৰিব, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে পূজা পাঠ কৰিছিল, তেতিয়া সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! তোমাক এৰি আমি এইবোৰকে পূজা-পাঠ কৰিছিলোঁ। এইটো এইকাৰণে ক'ব, যাতে সিহঁতৰ গুনাহৰ বোজা সেই উপাস্যবোৰৰ কান্ধত জাপি দিয়ে। ইয়াৰ পিছত আল্লাহে সিহঁতৰ উপাস্যবোৰক বাক শক্তি প্ৰদান কৰিব, ফলত উপাস্যবোৰে সিহঁতৰ দাবী খণ্ডন কৰি ক'বঃ হে মুশ্বৰিকসকল! নিশ্চয় তোমালোকে আল্লাহৰ ইবাদতত অংশী স্থাপন কৰাৰ ক্ষেত্ৰত মিছলীয়া আছিলা, কাৰণ তেওঁৰ বাহিৰে উপাসনাৰ যোগ্য কোনোৱেই নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016086.mp3"},{"index":"87","arabicText":"وَاَلْقَوْا اِلَی اللّٰهِ یَوْمَىِٕذِ لسَّلَمَ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟","assameseTranslation":"সেইদিনা সিহঁতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু সিহঁতে যিবোৰ মিছা উদ্ভাৱন কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব।","footnotes":"","tafseer":"সেইদিনা মুশ্বৰিকসকলে আত্মসমৰ্পন কৰিব, এক আল্লাহৰ অনুসাৰী হৈ যাব। সিহঁতৰ মনে সজা এই দাবীবোৰ সেইদিনা নাইকিয়া হৈ যাব যে, এই মূৰ্তিবোৰে সিহঁতক আল্লাহৰ ওচৰত ছুপাৰিছ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016087.mp3"},{"index":"88","arabicText":"اَلَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ زِدْنٰهُمْ عَذَابًا فَوْقَ الْعَذَابِ بِمَا كَانُوْا یُفْسِدُوْنَ ۟","assameseTranslation":"যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা (মানুহক) বিৰত ৰাখিছে, আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম; কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল।","footnotes":"","tafseer":"যিসকল লোকে আল্লাহক অস্বীকাৰ কৰিছে আৰু আনকো আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিছে, সিহঁতে নিজৰ কুফৰীৰ কাৰণে যি শাস্তিৰ উপযুক্ত আছিল, সিহঁতৰ সেই শাস্তি বৃদ্ধি কৰি দিয়া হ'ব, কাৰণ সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিছিল আৰু বিপৰ্যয় সৃষ্টি কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016088.mp3"},{"index":"89","arabicText":"وَیَوْمَ نَبْعَثُ فِیْ كُلِّ اُمَّةٍ شَهِیْدًا عَلَیْهِمْ مِّنْ اَنْفُسِهِمْ وَجِئْنَا بِكَ شَهِیْدًا عَلٰی هٰۤؤُلَآءِ ؕ وَنَزَّلْنَا عَلَیْكَ الْكِتٰبَ تِبْیَانًا لِّكُلِّ شَیْءٍ وَّهُدًی وَّرَحْمَةً وَّبُشْرٰی لِلْمُسْلِمِیْنَ ۟۠","assameseTranslation":"(আৰু স্মৰণ কৰা,) যিদিনা আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একো একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যা হিচাপে, লগতে মুছলিমসকলৰ বাবে পথ নিৰ্দেশ, ৰহমত আৰু সুসংবাদস্বৰূপে।","footnotes":"","tafseer":"হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যেতিয়া আমি প্ৰত্যেক সম্প্ৰদায়ৰ একোজনকৈ ৰাছুল উপস্থিত কৰাম, তেওঁলোকে সেই সম্প্ৰদায়ৰ কুফৰী আৰু ঈমানৰ সাক্ষ্য দান কৰিব। ৰাছুলজন সেই সম্প্ৰদায়ৰে হ'ব আৰু সিহঁতৰ ভাষাতেই কথা ক'ব। হে ৰাছুল! আমি আপোনাক সকলো সম্প্ৰদায়ৰ সাক্ষী হিচাপে উপস্থাপন কৰিম। আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ যাতে আপুনি হালাল-হাৰাম, নেকী আৰু শাস্তিৰ বিষয়বোৰ স্পষ্টভাৱে বৰ্ণনা কৰে, যিবোৰ বৰ্ণনা কৰা আৱশ্যক। আমি ইয়াক মানুহৰ বাবে সত্যৰ পথপ্ৰদৰ্শক হিচাপে আৰু সেইসকল লোকৰ বাবে ৰহমত হিচাপে অৱতীৰ্ণ কৰিছোঁ যিসকলে ইয়াৰ প্ৰতি ঈমান আনিছে আৰু তাত থকা বিধি-বিধান অনুযায়ী আমল কৰিছে। লগতে এইখনক মুমিনসকলৰ বাবে আল্লাহৰ চিৰস্থায়ী নিয়ামতৰ সুসংবাদৰূপে অৱতীৰ্ণ কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016089.mp3"},{"index":"90","arabicText":"اِنَّ اللّٰهَ یَاْمُرُ بِالْعَدْلِ وَالْاِحْسَانِ وَاِیْتَآئِ ذِی الْقُرْبٰی وَیَنْهٰی عَنِ الْفَحْشَآءِ وَالْمُنْكَرِ وَالْبَغْیِ ۚ یَعِظُكُمْ لَعَلَّكُمْ تَذَكَّرُوْنَ ۟","assameseTranslation":"নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে, লগতে তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক ন্যায়ৰ আদেশ দিয়ে, যাতে বান্দাই আল্লাহৰ হক আৰু বান্দাসকলৰ হক আদায় কৰে। মীমাংসাৰ সময়ত অন্যায়ভাৱে যাতে কাৰোবাক আন কাৰোবাৰ ওপৰত প্ৰাধান্য নিদিয়ে। লগতে উপকাৰৰ আদেশ দিয়ে, যাতে বান্দাই এনেকুৱা উপকাৰ কৰে যিটো তাৰ বাবে জৰুৰী নহয়, যেনেঃ ইচ্ছানুযায়ী ব্যায় কৰা আৰু অন্যায়কাৰীক ক্ষমা কৰি দিয়া। আত্মীয়সকলক সিহঁতৰ প্ৰয়োজনীয় বস্তু প্ৰদান কৰাৰ আদেশ দিয়ে, আৰু প্ৰত্যেক বেয়া কৰ্মৰ পৰা নিষেধ কৰে, সেই কৰ্মৰ সম্পৰ্ক কথাৰ লগতে হওক যেনেঃ বেয়া কথা কোৱা, অথবা কৰ্মৰ লগত, যেনেঃ ব্যভিচাৰ। এইদৰে সেই কৰ্মৰ পৰাও নিষেধ কৰে যিটো চৰীয়তৰ দৃষ্টিত অপছন্দনীয়, প্ৰত্যেক পাপকৰ্ম ইয়াৰ অন্তৰ্ভুক্ত। মানুহৰ প্ৰতি অন্যায় আৰু অহংকাৰ কৰিবলৈও নিষেধ কৰে। আল্লাহে এই আয়াতত তোমালোকক যিবোৰ বিষয়ৰ আদেশ দিছে আৰু যিবোৰ কৰ্মৰ পৰা নিষেধ কৰিছে, সেইবোৰ হৈছে তোমালোকৰ প্ৰতি তেওঁৰ উপদেশ। যাতে তোমালোকে এইবোৰ উপদেশ মানি চলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016090.mp3"},{"index":"91","arabicText":"وَاَوْفُوْا بِعَهْدِ اللّٰهِ اِذَا عٰهَدْتُّمْ وَلَا تَنْقُضُوا الْاَیْمَانَ بَعْدَ تَوْكِیْدِهَا وَقَدْ جَعَلْتُمُ اللّٰهَ عَلَیْكُمْ كَفِیْلًا ؕ اِنَّ اللّٰهَ یَعْلَمُ مَا تَفْعَلُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰ পূৰণ কৰিবা যেতিয়া তোমালোকে অঙ্গীকাৰ কৰা, আৰু তোমালোকে আল্লাহক সাক্ষী কৰি শপত দৃঢ় কৰাৰ পিছত সেয়া ভঙ্গ নকৰিবা। নিশ্চয় তোমালোকে যি কৰা সেয়া আল্লাহে জানে।","footnotes":"","tafseer":"তোমালোকে আল্লাহৰ লগত কৰা আৰু মানুহৰ লগত কৰা প্ৰত্যেক প্ৰতিশ্ৰুতি পূৰণ কৰিবা। মজবুতভাৱে আল্লাহৰ শপত খোৱাৰ পিছত সেইটোক ভঙ্গ নকৰিবা। কাৰণ যি বিষয়ে তোমালোকে শপত গ্ৰহণ কৰিছা, সেই ক্ষেত্ৰত তোমালোকে আল্লাহক সাক্ষী ৰাখিছা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016091.mp3"},{"index":"92","arabicText":"وَلَا تَكُوْنُوْا كَالَّتِیْ نَقَضَتْ غَزْلَهَا مِنْ بَعْدِ قُوَّةٍ اَنْكَاثًا ؕ تَتَّخِذُوْنَ اَیْمَانَكُمْ دَخَلًا بَیْنَكُمْ اَنْ تَكُوْنَ اُمَّةٌ هِیَ اَرْبٰی مِنْ اُمَّةٍ ؕ اِنَّمَا یَبْلُوْكُمُ اللّٰهُ بِهٖ ؕ وَلَیُبَیِّنَنَّ لَكُمْ یَوْمَ الْقِیٰمَةِ مَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ۟","assameseTranslation":"তোমালোকে সেই নাৰীৰ দৰে নহ’বা, যি নাৰীয়ে মজবুতকৈ সূতা কটাৰ পিছত সেই সূতা তাই নিজেই টুকুৰা-টুকুৰ কৰি পেলায়। (কিয়নো) তোমালোকে তোমালোকৰ শপতক পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা, যাতে এটা দলে আনটো দলতকৈ বেছি লাভৱান হয়। নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে। অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্ট বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানৈক্য কৰিছা।","footnotes":"","tafseer":"তোমালোকে প্ৰতিশ্ৰুতি ভঙ্গ কৰি বুদ্ধিহীনতা তথা নিৰ্বোধিতাৰ প্ৰমাণ নিদিবা। সেই গৰাকী মূৰ্খ মহিলাৰ দৰে, যিয়ে অতি কষ্টৰে সূতা কটাৰ পিছত, নিজেই সেইবোৰ ছিঙি টুকুৰা-টুকুৰ কৰি পেলায়। তাই সূতা কটাত আৰু ছিঙাত, দুয়ো অৱস্থাতেই কষ্টহে কৰিছে কিন্তু লাভ একো হোৱা নাই। তোমালোকে শপতক ইজনে সিজনক প্ৰৱঞ্চনা কৰাৰ সাধন বনাই লৈছা, যাতে তোমালোকৰ সম্প্ৰদায়টো শত্ৰু সম্প্ৰদায়তকৈ সংখ্যাগৰিষ্ঠ তথা শক্তিশালী হয়। দৰাচলতে আল্লাহে প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত তোমালোকক পৰীক্ষা কৰি আছে, তোমালোকে সেয়া পূৰণ কৰা নে ভঙ্গ কৰা, কিয়ামতৰ দিনা আল্লাহে সেই সকলো বিষয় স্পষ্ট কৰি দিব যিবোৰকলৈ তোমালোকে পৃথিৱীত মতভেদ কৰিছা। এতেকে তেওঁ প্ৰকাশ কৰি দিব, কোন সৎপথত আছিল আৰু কোন বিপথত আছিল। লগতে কোন সত্যবাদী আছিল আৰু কোন মিছলীয়া আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016092.mp3"},{"index":"93","arabicText":"وَلَوْ شَآءَ اللّٰهُ لَجَعَلَكُمْ اُمَّةً وَّاحِدَةً وَّلٰكِنْ یُّضِلُّ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ وَلَتُسْـَٔلُنَّ عَمَّا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা জাতিত পৰিণত কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে সৎপথত পৰিচালিত কৰে। তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় তোমালোকক প্ৰশ্ন কৰা হ’ব।","footnotes":"","tafseer":"আল্লাহে ইচ্ছা কৰিলে তোমালোকক সত্যৰ ওপৰত প্ৰতিষ্ঠিত একেই উম্মতৰ অন্তৰ্ভুক্ত কৰিলেহেঁতেন। কিন্তু আল্লাহে যাক ইচ্ছা কৰে ন্যায়ৰ সৈতে সত্যৰ পৰা আঁতৰ কৰি দিয়ে, আৰু প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পৰা বঞ্চিত কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে নিজ অনুগ্ৰহত সেয়া পূৰণ কৰিবলৈ তাওফীক দিয়ে। পৃথিৱীত তোমালোকে যি যি কৰিছা সেই সম্পৰ্কে কিয়ামতৰ দিনা নিশ্চয় প্ৰশ্ন কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016093.mp3"},{"index":"94","arabicText":"وَلَا تَتَّخِذُوْۤا اَیْمَانَكُمْ دَخَلًا بَیْنَكُمْ فَتَزِلَّ قَدَمٌ بَعْدَ ثُبُوْتِهَا وَتَذُوْقُوا السُّوْٓءَ بِمَا صَدَدْتُّمْ عَنْ سَبِیْلِ اللّٰهِ ۚ وَلَكُمْ عَذَابٌ عَظِیْمٌ ۟","assameseTranslation":"আৰু পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে তোমালোকে নিজৰ শপতক ব্যৱহাৰ নকৰিবা; এনে কৰিলে, ভৰি স্থিৰ হোৱাৰ পিছত আকৌ পিচলি যাব আৰু আল্লাহৰ পথত বাধা দিয়াৰ কাৰণে তোমালোকে শাস্তিৰ সোৱাদ গ্ৰহণ কৰিব লাগিব; আৰু তোমালোকৰ বাবে আছে মহাশাস্তি।","footnotes":"","tafseer":"তোমালোকে শপতক ঢাল বনাই ইজনে সিজনক প্ৰৱঞ্চনা নকৰিবা। এনেকুৱা যাতে নহয় যে, প্ৰবৃত্তিৰ অনুসৰণ কৰি যেতিয়াই তেতিয়াই শপত ভঙ্গ কৰিবা আৰু যেতিয়াই ইচ্ছা তেতিয়াই পূৰণ কৰিবা। যদি তোমালোকে এনেকুৱা কৰা তেন্তে সঠিক পথত প্ৰতিষ্ঠিত হোৱাৰ পিছত আকৌ তোমালোকৰ ভৰি বিচলিত হ'ব। আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট হোৱাৰ কাৰণে আৰু আনকো পথভ্ৰষ্ট কৰাৰ ফলত তোমালোকে শাস্তি ভোগ কৰিবা, লগতে তোমালোকৰ বাবে থাকিব অতিৰিক্ত শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016094.mp3"},{"index":"95","arabicText":"وَلَا تَشْتَرُوْا بِعَهْدِ اللّٰهِ ثَمَنًا قَلِیْلًا ؕ اِنَّمَا عِنْدَ اللّٰهِ هُوَ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰক তুচ্ছ মূল্যত বিক্ৰী নকৰিবা। আল্লাহৰ ওচৰত যি আছে সেইটোৱে তোমালোকৰ বাবে উত্তম—(হায়!) যদি তোমালোক জানিলাহেঁতেন!","footnotes":"","tafseer":"স্বল্পমূল্যৰ বিনিময়ত তোমালোকে আল্লাহৰ লগত কৰা অঙ্গীকাৰ ভঙ্গ নকৰিবা, আৰু সেইটো পূৰণ কৰাৰ পৰা বিৰত নাথাকিবা। জানি থোৱা! আল্লাহে পৃথিৱীত যি সহায়-সহযোগিতা আৰু ধন-সম্পদ প্ৰদান কৰিব, লগতে আখিৰাতত তেওঁৰ ওচৰত যি চিৰস্থায়ী নিয়ামতবোৰ আছে, এই সকলোবোৰ অঙ্গীকাৰ ভঙ্গৰ ফলত লাভ কৰা নগণ্য বিনিময়ৰ তুলনাত অতি উত্তম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016095.mp3"},{"index":"96","arabicText":"مَا عِنْدَكُمْ یَنْفَدُ وَمَا عِنْدَ اللّٰهِ بَاقٍ ؕ وَلَنَجْزِیَنَّ الَّذِیْنَ صَبَرُوْۤا اَجْرَهُمْ بِاَحْسَنِ مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"তোমালোকৰ ওচৰত যি আছে সেয়া নিঃশেষ হ’ব আৰু আল্লাহৰ ওচৰত যি আছে সেয়া হৈছে স্থায়ী। সেয়ে যিসকলে ধৈৰ্য্য ধাৰণ কৰিছে, নিশ্চয় আমি তেওঁলোকক তেওঁলোকে যি কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান দান কৰিম।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ ওচৰত যি ধন-সম্পদ, সুখ-সামগ্ৰী আৰু নিয়ামত আছে, সেইবোৰ যিমান পৰিমাণেই নাথাকক কিয়, এদিন সেইবোৰ সমাপ্ত হ'ব। কিন্তু আল্লাহৰ ওচৰত যি প্ৰতিদান আছে সেইবোৰ কেতিয়াও শেষ নহ'ব, সেইবোৰ হৈছে চিৰস্থায়ী। তেন্তে তোমালোকে চিৰস্থায়ী নিয়ামতক এৰি ধ্বংসশীল বস্তুৰ পিচে পিচে কিয় দৌৰি আছা? যিসকল লোকে অঙ্গীকাৰ পালনত ধৈৰ্য্য ধাৰণ কৰিছে, ফলত তেওঁলোকে অঙ্গীকাৰ ভঙ্গ কৰা নাই, তেওঁলোকক আমি তেওঁলোকৰ ছোৱাবৰ বিনিময়ত উত্তম প্ৰতিদান দান কৰিম। এতেকে প্ৰত্যেক ভাল কৰ্মৰ বিনিময়ত দহটা নেকী প্ৰদান কৰিম। আনকি ইয়াক সাত শ গুণ পৰ্যন্ত বৃদ্ধি কৰিম, আৰু কেতিয়াবা তাতকৈও বেছি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016096.mp3"},{"index":"97","arabicText":"مَنْ عَمِلَ صَالِحًا مِّنْ ذَكَرٍ اَوْ اُ وَهُوَ مُؤْمِنٌ فَلَنُحْیِیَنَّهٗ حَیٰوةً طَیِّبَةً ۚ وَلَنَجْزِیَنَّهُمْ اَجْرَهُمْ بِاَحْسَنِ مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"পুৰুষ হওক বা নাৰী ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, নিশ্চয় আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।","footnotes":"","tafseer":"চৰীয়ত অনুযায়ী যিয়েই নেক কৰ্ম কৰিব, নাৰীয়েই হওক অথবা পুৰুষ, যদি তেওঁ আল্লাহৰ প্ৰতি বিশ্বাসী হয় তেন্তে আমি তেওঁক আল্লাহৰ ফয়চালাৰ প্ৰতি সন্তুষ্ট, লোভ-লালসা নথকা আৰু নেক কৰ্মৰ তাওফীক ভৰা পৱিত্ৰ জীৱন প্ৰদান কৰিম। লগতে আখিৰাতত আমি তেওঁলোকক পৃথিৱীত কৰা নেক আমলৰ উত্তম প্ৰতিফল দান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016097.mp3"},{"index":"98","arabicText":"فَاِذَا قَرَاْتَ الْقُرْاٰنَ فَاسْتَعِذْ بِاللّٰهِ مِنَ الشَّیْطٰنِ الرَّجِیْمِ ۟","assameseTranslation":"এতেকে যেতিয়া তুমি কোৰআন পাঠ কৰিবা, তেতিয়া অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা;","footnotes":"","tafseer":"হে মুমিন ব্যক্তি! যেতিয়া তুমি কোৰআন তিলাৱত কৰিবা, তেতিয়া বিতাড়িত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016098.mp3"},{"index":"99","arabicText":"اِنَّهٗ لَیْسَ لَهٗ سُلْطٰنٌ عَلَی الَّذِیْنَ اٰمَنُوْا وَعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে, তেওঁলোকৰ ওপৰত তাৰ (চয়তানৰ) কোনো আধিপত্য নাই।","footnotes":"","tafseer":"সেইসকল লোকৰ ওপৰত চয়তানৰ কোনো প্ৰভাৱ নপৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু নিজৰ সকলো কামতে আল্লাহৰ ওপৰত ভৰসা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016099.mp3"},{"index":"100","arabicText":"اِنَّمَا سُلْطٰنُهٗ عَلَی الَّذِیْنَ یَتَوَلَّوْنَهٗ وَالَّذِیْنَ هُمْ بِهٖ مُشْرِكُوْنَ ۟۠","assameseTranslation":"তাৰ আধিপত্য কেৱল সেইসকল লোকৰ ওপৰত, যিসকলে তাক অভিভাৱকৰূপে গ্ৰহণ কৰে আৰু যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰে।","footnotes":"","tafseer":"কুমন্ত্ৰণাৰ ক্ষেত্ৰত চয়তানৰ প্ৰভাৱ সেইসকল লোকৰ ওপৰত পৰে, যিসকলে তাক নিজৰ অভিভাৱক বনাই লৈছে, আৰু তাৰ কুমন্ত্ৰণাৰ অনুসৰণ কৰে। এইদৰে যিসকলে চয়তানৰ জালত পৰি আল্লাহৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰি তাৰ পূজা-পাঠ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016100.mp3"},{"index":"101","arabicText":"وَاِذَا بَدَّلْنَاۤ اٰیَةً مَّكَانَ اٰیَةٍ ۙ وَّاللّٰهُ اَعْلَمُ بِمَا یُنَزِّلُ قَالُوْۤا اِنَّمَاۤ اَنْتَ مُفْتَرٍ ؕ بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু আমি যেতিয়া এটা আয়াতৰ স্থান পৰিবৰ্তন কৰি আন এটা আয়াত অৱতীৰ্ণ কৰোঁ—আৰু আল্লাহেই ভালদৰে জানে তেওঁ কি অৱতীৰ্ণ কৰিব--, তেতিয়া সিহঁতে কয়, ‘নিশ্চয় তুমি হৈছা এজন মিছা ৰচনাকাৰী’, বৰং সিহঁতৰ অধিকাংশই নাজানে।","footnotes":"","tafseer":"আৰু আমি যেতিয়া কোৰআনৰ কোনো এটা আয়াত আন এটা আয়াতৰ দ্বাৰা ৰহিত কৰোঁ, (এই ক্ষেত্ৰত আল্লাহেই সৰ্বজ্ঞ, কোনটো আয়াত ৰহিত কৰা উচিত আৰু কোনটো নহয়) তেতিয়া সিহঁতে কয়ঃ হে মুহাম্মদ! তুমি এজন মিছলীয়া, আল্লাহ সম্পৰ্কে মিছা কথা বিয়পাই আছা। প্ৰকৃততে সিহঁতৰ অধিকাংশই নাজানে যে, ৰহিত কৰাৰ দায়িত্ব হৈছে আল্লাহৰ হাতত, তেওঁ বিশেষ হিকমতত এনেকুৱা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016101.mp3"},{"index":"102","arabicText":"قُلْ نَزَّلَهٗ رُوْحُ الْقُدُسِ مِنْ رَّبِّكَ بِالْحَقِّ لِیُثَبِّتَ الَّذِیْنَ اٰمَنُوْا وَهُدًی وَّبُشْرٰی لِلْمُسْلِمِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰূহুল-কুদুছে (জীব্ৰীলে) যথাযথভাৱে ইয়াক অৱতীৰ্ণ কৰিছে, যিসকলে ঈমান আনিছে তেওঁলোকক সুদৃঢ় কৰাৰ বাবে, আৰু ই হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, এই কোৰআন আল্লাহৰ ফালৰ পৰা সত্য সহকাৰে জিব্ৰীল আলাইহিচ্ছালামে লৈ আহিছে, য'ত কোনো ধৰণৰ ত্ৰুটি নাই, পৰিবৰ্তন তথা বিকৃত কৰাৰো অৱকাশ নাই। যাতে মুমিনসকলৰ ঈমান আল্লাহৰ প্ৰতি আৰু অধিক মজবুত হয়, যেতিয়া কোনো নতুন আয়াত অৱতীৰ্ণ হয় অথবা কোনো আয়াত ৰহিত হয়। যাতে এই কোৰআন সিহঁতক সত্যৰ পথ দেখুৱায় আৰু মুছলিমসকলক উৎকৃষ্ট প্ৰতিদানৰ সুসংবাদ দিয়ে, যিবোৰ তেওঁলোকে আখিৰাতত লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016102.mp3"},{"index":"103","arabicText":"وَلَقَدْ نَعْلَمُ اَنَّهُمْ یَقُوْلُوْنَ اِنَّمَا یُعَلِّمُهٗ بَشَرٌ ؕ لِسَانُ الَّذِیْ یُلْحِدُوْنَ اِلَیْهِ اَعْجَمِیٌّ وَّهٰذَا لِسَانٌ عَرَبِیٌّ مُّبِیْنٌ ۟","assameseTranslation":"আৰু নিশ্চয় আমি জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইংগিত কৰে তাৰ ভাষাতো আৰবী নহয়; অথচ এই (কোৰআন) হৈছে সুস্পষ্ট আৰবী ভাষা।","footnotes":"","tafseer":"আমি জানো মুশ্বৰিকসকলে কয়ঃ কোনোবা এজন ব্যক্তিয়ে মুহাম্মদক কোৰআন শিকায়, অথচ সিহঁতৰ এই দাবী হৈছে মিছা। কিয়নো সিহঁতে যিজন ব্যক্তি সম্পৰ্কে সন্দেহ কৰি আছে যিয়ে তেওঁক কোৰআন শিকায় বুলি, তেওঁ হৈছে এজন অনাৰবীয়ান। আনহাতে এই কোৰআন হৈছে স্পষ্ট তথা উৎকৃষ্ট আৰবী ভাষাত অৱতীৰ্ণ। তেনেস্থলত সিহঁতে কেনেকৈ ধাৰণা কৰে যে, ইয়াক কোনো অনাৰবীয়ান ব্যক্তিৰ পৰা শিকা হৈছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016103.mp3"},{"index":"104","arabicText":"اِنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِاٰیٰتِ اللّٰهِ ۙ لَا یَهْدِیْهِمُ اللّٰهُ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, আল্লাহে সিহঁতক হিদায়ত নকৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ তৰফৰ অৱতীৰ্ণ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতে যেতিয়ালৈকে এই অভ্যাস পৰিত্যাগ নকৰিব তেতিয়ালৈকে আল্লাহে সিহঁতক সঠিক পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান নকৰিব। আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰাৰ কাৰণে সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016104.mp3"},{"index":"105","arabicText":"اِنَّمَا یَفْتَرِی الْكَذِبَ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِاٰیٰتِ اللّٰهِ ۚ وَاُولٰٓىِٕكَ هُمُ الْكٰذِبُوْنَ ۟","assameseTranslation":"কেৱল সিহঁতেই মিছা ৰটনা কৰে যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, আৰু সিহঁতেই হৈছে মিছলীয়া।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ তৰফৰ যি লৈ আহিছে সেই সম্পৰ্কে তেওঁ মিছলীয়া নহয়। মিছলীয়া হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ আয়াতসমূহক সত্য বুলি নামানে। কিয়নো সিহঁতে শাস্তিকো ভয় নকৰে আৰু প্ৰতিদানো আশা নকৰে। কুফৰীৰ পথত পৰিচালিত এইসকল লোকেই হৈছে মিছলীয়া। কিয়নো মিছা কথা কোৱা সিহঁতৰ অভ্যাসত পৰিণত হৈছে, যিটো সিহঁতৰ শিৰাই শিৰাই সোমাই আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016105.mp3"},{"index":"106","arabicText":"مَنْ كَفَرَ بِاللّٰهِ مِنْ بَعْدِ اِیْمَانِهٖۤ اِلَّا مَنْ اُكْرِهَ وَقَلْبُهٗ مُطْمَىِٕنٌّۢ بِالْاِیْمَانِ وَلٰكِنْ مَّنْ شَرَحَ بِالْكُفْرِ صَدْرًا فَعَلَیْهِمْ غَضَبٌ مِّنَ اللّٰهِ ۚ وَلَهُمْ عَذَابٌ عَظِیْمٌ ۟","assameseTranslation":"কোনোবাই ঈমান পোষণ কৰাৰ পিছত যদি তাক কুফৰী কৰিবলৈ বাধ্য কৰোৱা হয় অথচ তাৰ অন্তৰ ঈমানত অবিচল (তেন্তে তাৰ কোনো দোষ নাই)। কিন্তু যিয়ে উন্মুক্ত হৃদয়ৰ সৈতে কুফৰী কৰিব, সিহঁতৰ প্ৰতি আপতিত হ’ব আল্লাহৰ গযব আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।","footnotes":"","tafseer":"যিয়ে ঈমান পোষণ কৰাৰ পিছত কুফৰী কৰিছে, কিন্তু সেই ব্যক্তিৰ বিষয়টো সুকীয়া যাক কুফৰী কৰিবলৈ বাধ্য কৰোৱা হৈছে, ফলত তেওঁ মুখেৰে কুফৰী বাক্য উচ্চাৰণ কৰিছে কিন্তু তেওঁৰ অন্তৰ ঈমানৰ প্ৰতি সন্তুষ্ট। আনহাতে যাৰ অন্তৰ কুফৰীৰ প্ৰতি সন্তুষ্ট আৰু যিয়ে ঈমানৰ ঠাইত কুফৰীক প্ৰাধান্য দিয়ে, লগতে সন্তুষ্টচিত্তে ইয়াক স্বীকাৰ কৰে, তেনেকুৱা ব্যক্তিয়ে ইছলামৰ পৰা বহিস্কৃত (মুৰতাদ) হৈ যায়। এনেকুৱা ব্যক্তিসকলৰ ওপৰতেই আল্লাহৰ ক্ৰোধ আছে, আৰু সিহঁতৰ বাবেই আছে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016106.mp3"},{"index":"107","arabicText":"ذٰلِكَ بِاَنَّهُمُ اسْتَحَبُّوا الْحَیٰوةَ الدُّنْیَا عَلَی الْاٰخِرَةِ ۙ وَاَنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ۟","assameseTranslation":"এইটো এইকাৰণে যে, সিহঁতে পাৰ্থিৱ জীৱনক আখিৰাতৰ ওপৰত প্ৰাধান্য দিয়ে; আৰু নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"ইছলামৰ পৰা আঁতৰি যোৱাৰ দুৰ্ভাগ্য সিহঁতৰ এই কাৰণে হৈছে যে, সিহঁতে কুফৰীৰ ফলস্বৰূপে পাৰ্থিৱ জীৱনৰ ধ্বংসাৱশেষক আখিৰাতৰ ওপৰত প্ৰাধান্য দিছে। সেয়ে আল্লাহে কাফিৰ সম্প্ৰদায়ক ঈমানৰ তাওফীক প্ৰদান নকৰে, বৰং সিহঁতক অপমানিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016107.mp3"},{"index":"108","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ طَبَعَ اللّٰهُ عَلٰی قُلُوْبِهِمْ وَسَمْعِهِمْ وَاَبْصَارِهِمْ ۚ وَاُولٰٓىِٕكَ هُمُ الْغٰفِلُوْنَ ۟","assameseTranslation":"ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ অন্তৰত, কাণত আৰু চকুত আল্লাহে মোহৰ মাৰি দিছে; আৰু সিহঁতেই হৈছে উদাসীন।","footnotes":"","tafseer":"ঈমান পোষণ কৰাৰ পিছত এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই আঁতৰি যায়, যিসকলৰ অন্তৰত আল্লাহে মোহৰ মাৰি দিছে, সেইকাৰণেই সিহঁতে উপদেশ বুজি নাপায়। সিহঁতৰ কাণত মোহৰ মাৰি দিছে, ফলত সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে শুনিব নোৱাৰে। সিহঁতৰ চকুত মোহৰ মাৰি দিছে, ফলত সিহঁতে ঈমানৰ প্ৰমাণ সাব্যস্ত কৰা নিদৰ্শনসমূহ চাব নোৱাৰে। এনেকুৱা লোকসকলেই সৌভাগ্য আৰু দুৰ্ভাগ্যৰ কাৰণসমূহৰ পৰা অমনোযোগী। লগতে সিহঁতে সেই শাস্তিৰ পৰাও অমনোযোগী, যিটো সিহঁতৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016108.mp3"},{"index":"109","arabicText":"لَا جَرَمَ اَنَّهُمْ فِی الْاٰخِرَةِ هُمُ الْخٰسِرُوْنَ ۟","assameseTranslation":"নিঃসন্দেহে, এই কথা নিশ্চিত যে, সিহঁতেই আখিৰাতত হ’ব ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"ইয়াত কোনো সন্দেহ নাই যে, ইহঁতেই কিয়ামতৰ দিনা ক্ষতিগ্ৰস্ত হ'ব, যিসকলে ঈমান পোষণ কৰাৰ পিছত পুনৰ কুফৰী কৰি নিজৰেই ক্ষতি কৰিছে, যদি সিহঁতে ঈমানৰ অৱস্থাতেই ব্ৰতী থাকিলহেঁতেন তেন্তে জান্নাতত প্ৰৱেশ কৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016109.mp3"},{"index":"110","arabicText":"ثُمَّ اِنَّ رَبَّكَ لِلَّذِیْنَ هَاجَرُوْا مِنْ بَعْدِ مَا فُتِنُوْا ثُمَّ جٰهَدُوْا وَصَبَرُوْۤا ۙ اِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُوْرٌ رَّحِیْمٌ ۟۠","assameseTranslation":"এতেকে যিসকলে নিৰ্যাতিত হোৱাৰ পিছত হিজৰত কৰে, তাৰ পিছত জিহাদ কৰে আৰু ধৈৰ্য্য ধাৰণ কৰে, নিশ্চয় তোমাৰ প্ৰতিপালক ইয়াৰ পিছত তেওঁলোকৰ প্ৰতি ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক সেইসকল দুৰ্বল মুমিনৰ প্ৰতি ক্ষমাশীল তথা তেওঁলোকৰ প্ৰতি দয়াৱান, যিসকলে মক্কাৰ মুশ্বৰিকসকলৰ শাস্তি আৰু দ্বীন সম্পৰ্কীয় বিভিন্ন নিৰ্যাতন সহ্য কৰাৰ পিছত মদীনালৈ হিজৰত কৰিছে, আনকি তেওঁলোকে ঈমানৰ প্ৰতি সন্তুষ্ট থকাৰ পিছতো বাধ্য হৈ কুফৰী বাক্য উচ্চাৰণ কৰিবলগীয়া হৈছিল। তাৰ পিছত তেওঁলোকে আল্লাহৰ পথত জিহাদ কৰিলে যাতে আল্লাহৰ বাক্য সুউচ্চ থাকে আৰু কাফিৰসকলৰ বাক্য নিম্নগামী হয়। লগতে তেওঁলোকে সকলো ধৰণৰ কঠিন পৰিস্থিতিত ধৈৰ্য্য ধাৰণ কৰিছিল। তেওঁলোকে এই পৰীক্ষাৰে পৰীক্ষিত হোৱাৰ পিছত আৰু বিভিন্ন শাস্তিৰ সন্মুখীন হোৱাৰ পিছত, আনকি মুখেৰে কুফৰী বাক্য উচ্চাৰণ কৰাৰ পিছতো নিশ্চয় আপোনাৰ প্ৰতিপালক তেওঁলোকৰ প্ৰতি ক্ষমাশীল আৰু দয়াৱান, কাৰণ তেওঁলোকে বাধ্যত পৰিহে এনেকুৱা কুফৰী বাক্য উচ্চাৰণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016110.mp3"},{"index":"111","arabicText":"یَوْمَ تَاْتِیْ كُلُّ نَفْسٍ تُجَادِلُ عَنْ نَّفْسِهَا وَتُوَفّٰی كُلُّ نَفْسٍ مَّا عَمِلَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟","assameseTranslation":"(স্মৰণ কৰা) সেই দিনটোক, যিদিনা প্ৰত্যেক ব্যক্তিয়ে আত্মপক্ষ সমৰ্থনত যুক্তি-তৰ্ক লৈ উপস্থিত হ’ব আৰু প্ৰত্যেককে তাৰ কৰ্মৰ প্ৰতিফল পৰিপূৰ্ণৰূপে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি (কোনো ধৰণৰ) অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক সেই দিৱসটোক, যিদিনা প্ৰত্যেক মানুহে নিজৰ বিষয়ে বাদানুবাদ কৰিব। কোনেও বেলেগৰ হৈ বাদানুবাদ নকৰিব। প্ৰত্যেককে তাৰ ভাল বেয়া কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হ'ব। সিহঁতৰ ছোৱাব হ্ৰাস কৰি নাইবা গুনাহ বৃদ্ধিৰ জৰিয়তে সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016111.mp3"},{"index":"112","arabicText":"وَضَرَبَ اللّٰهُ مَثَلًا قَرْیَةً كَانَتْ اٰمِنَةً مُّطْمَىِٕنَّةً یَّاْتِیْهَا رِزْقُهَا رَغَدًا مِّنْ كُلِّ مَكَانٍ فَكَفَرَتْ بِاَنْعُمِ اللّٰهِ فَاَذَاقَهَا اللّٰهُ لِبَاسَ الْجُوْعِ وَالْخَوْفِ بِمَا كَانُوْا یَصْنَعُوْنَ ۟","assameseTranslation":"আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিন্ত, য’ত কেউফালৰ পৰা তাৰ বাবে প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰাইছিল।","footnotes":"","tafseer":"আল্লাহে এটা জনবসতিৰ উদাহৰণ দাঙি ধৰিছে (মক্কা নগৰীৰ), যিটো জনবসতিৰ অধিবাসীসকলে নিশ্চিন্ত আৰু স্থায়ী আছিল, সিহঁতৰ কোনো ভয় নাছিল। সিহঁতৰ আশেপাশে থকা লোকসকলৰ কোনো নিশ্চয়তা নাছিল। পক্ষান্তৰে সিহঁতৰ জীৱিকা অতি সহজেই উপলব্ধ হৈছিল। কিন্তু এই জনবসতিৰ অধিবাসীসকলে আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা কৰাৰ পৰিবৰ্তে অকৃতজ্ঞতা প্ৰকাশ কৰিলে। ফলত আল্লাহে ইয়াৰ ফলস্বৰূপে সিহঁতৰ ওপৰত দুৰ্ভিক্ষ আৰু ভয়-ভীতি প্ৰদান কৰিলে, যাৰ প্ৰভাৱ সিহঁতৰ শৰীৰত ভয় আৰু দুৰ্বলতাৰ সৈতে প্ৰকাশ পাইছিল। আনকি এনেকুৱা লাগিছিল যেনিবা এই দুয়োটা বস্তু হৈছে সিহঁতৰ পোছাক। ইয়াৰ একমাত্ৰ কাৰণ আছিল সিহঁতৰ কুফৰী আৰু অস্বীকাৰ কৰা কৰ্ম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016112.mp3"},{"index":"113","arabicText":"وَلَقَدْ جَآءَهُمْ رَسُوْلٌ مِّنْهُمْ فَكَذَّبُوْهُ فَاَخَذَهُمُ الْعَذَابُ وَهُمْ ظٰلِمُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিছিল, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত অন্যায়কাৰী অৱস্থাতেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল।","footnotes":"","tafseer":"মক্কাৰ অধিবাসীসকলৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিল, যাৰ সত্যবাদিতা আৰু আমানতদাৰিতা সম্পৰ্কে সিহঁত অধিক অৱগত আছিল। তেওঁ হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। কিন্তু সিহঁতে তেওঁক আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ ওপৰত যি অৱতীৰ্ণ কৰিছিল তাক অস্বীকাৰ কৰিলে। ফলস্বৰূপে সিহঁতৰ ওপৰত ভয় আৰু দুৰ্ভিক্ষৰূপে আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ল। সিহঁতে নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল, কাৰণ সিহঁতে আল্লাহৰ লগত শ্বিৰ্ক কৰি আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰি নিজকে বিনাশৰ গৰালত ঠেলি দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016113.mp3"},{"index":"114","arabicText":"فَكُلُوْا مِمَّا رَزَقَكُمُ اللّٰهُ حَلٰلًا طَیِّبًا ۪ وَّاشْكُرُوْا نِعْمَتَ اللّٰهِ اِنْ كُنْتُمْ اِیَّاهُ تَعْبُدُوْنَ ۟","assameseTranslation":"এতেকে আল্লাহে তোমালোকক হালাল আৰু পৱিত্ৰ যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ভক্ষণ কৰা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা, যদি তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।","footnotes":"","tafseer":"গতিকে হে বান্দাসকল! তোমালোকে আল্লাহে প্ৰদান কৰা খোৱাৰ উপযোগী হালাল বস্তুবোৰ ভক্ষণ কৰা। লগতে আল্লাহৰ নিয়ামতক নিয়ামত বুলি গণ্য কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা, আৰু সেইবোৰক তেওঁৰ সন্তুষ্টিমূলক কৰ্মত ব্যৱহাৰ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ লগত আনক অংশী স্থপান নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016114.mp3"},{"index":"115","arabicText":"اِنَّمَا حَرَّمَ عَلَیْكُمُ الْمَیْتَةَ وَالدَّمَ وَلَحْمَ الْخِنْزِیْرِ وَمَاۤ اُهِلَّ لِغَیْرِ اللّٰهِ بِهٖ ۚ فَمَنِ اضْطُرَّ غَیْرَ بَاغٍ وَّلَا عَادٍ فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"আল্লাহে কেৱল মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিবৰ্তে আনৰ নাম লোৱা হৈছে সেইবোৰকহে তোমালোকৰ বাবে হাৰাম কৰিছে, কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহৈ উপায়হীন হ’লে (তাৰ কোনো দোষ নাই) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"আল্লাহে যিবোৰ খোৱা বস্তু হাৰাম কৰিছে, সেইবোৰ হৈছেঃ এনেকুৱা জন্তু যিটো জবেহ নকৰাকৈ মৃত্যুবৰণ কৰিছে, প্ৰবাহিত তেজ, গাহৰিৰ প্ৰতিটো অংগ, লগতে এনেকুৱা জন্তু যিটোক আল্লাহৰ বাহিৰে আনৰ সন্তুষ্টিৰ বাবে জবেহ কৰা হৈছে। এই অবৈধতা সেই সময়ৰ বাবে প্ৰযোজ্য যেতিয়া মানুহে স্বেচ্ছাই ভক্ষণ কৰে। আনহাতে যদি কোনোবা ব্যক্তিয়ে উক্ত বস্তুবোৰ খাবলৈ বাধ্য হয়, ফলত প্ৰাণ ৰক্ষা কৰিবলৈ যদি অকণমান ভক্ষণ কৰে তেন্তে তাৰ কোনো গুনাহ নহ'ব। কিন্তু চৰ্ত হ'ল, সেই ব্যক্তিৰ অন্তৰ যাতে সেই বস্তুৰ পিনে আকৰ্ষিত নহয়, লগতে প্ৰয়োজনতকৈ বেছিও যাতে ভক্ষণ নকৰে। নিশ্চয় আল্লাহ ক্ষমাশীল, সি যি ভক্ষণ কৰিছে সেয়া তেওঁ ক্ষমা কৰি দিব। তেওঁ বৰ দয়ালু, সেইকাৰণেই তেওঁ পৰিস্থিতিৰ সন্মুখত বাধ্য হ'লে উক্ত বস্তুবোৰ খোৱাৰ অনুমতি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016115.mp3"},{"index":"116","arabicText":"وَلَا تَقُوْلُوْا لِمَا تَصِفُ اَلْسِنَتُكُمُ الْكَذِبَ هٰذَا حَلٰلٌ وَّهٰذَا حَرَامٌ لِّتَفْتَرُوْا عَلَی اللّٰهِ الْكَذِبَ ؕ اِنَّ الَّذِیْنَ یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ لَا یُفْلِحُوْنَ ۟ؕ","assameseTranslation":"আৰু তোমালোকৰ জিভাৰ দ্বাৰা বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে সিহঁতে কেতিয়াও সফল হ'ব নোৱাৰে।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকে নিজ মুখেৰে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি এই কথা নক'বা যে, এইটো বস্তু হালাল আৰু এইটো বস্তু হাৰাম। এই উদ্দেশ্যত যে, আল্লাহে যিটো বস্তু হালাল কৰা নাই সেইটো যাতে হালাল হৈ যায় আৰু তেওঁ যিটো বস্তু হাৰাম কৰা নাই সেইটো যাতে হাৰাম হৈ যায়। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰে সিহঁতে কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰিব। লগতে ভয়-ভীতিৰ পৰাও ৰক্ষা নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016116.mp3"},{"index":"117","arabicText":"مَتَاعٌ قَلِیْلٌ ۪ وَّلَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"(পাৰ্থিৱ জীৱনত) সিহঁতৰ সুখ-সম্ভোগ অতি সামান্য, (কিন্তু আখিৰাতত) সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"প্ৰবৃত্তিৰ অনুসৰণৰ কাৰণে সিহঁতৰ বাবে পৃথিৱীত একেবাৰে নিম্নমানৰ কিছু ভোগ-সামগ্ৰী আছে, আনহাতে কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016117.mp3"},{"index":"118","arabicText":"وَعَلَی الَّذِیْنَ هَادُوْا حَرَّمْنَا مَا قَصَصْنَا عَلَیْكَ مِنْ قَبْلُ ۚ وَمَا ظَلَمْنٰهُمْ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟","assameseTranslation":"আৰু ইয়াহুদীসকলৰ বাবে আমি কেৱল সেইটোৱে হাৰাম কৰিছোঁ যিটো তোমাৰ ওচৰত আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ; আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাছিলোঁ, বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।","footnotes":"","tafseer":"বিশেষকৈ আমি ইয়াহুদীসকলৰ ওপৰত যিবোৰ বস্তু হাৰাম কৰিছিলোঁ, তাৰ বৰ্ণনা ইতিপূৰ্বে ছুৰা আনআমৰ ১৪৬ নং আয়াতত উল্লেখ কৰা হৈছে। এইবোৰ বস্তু হাৰাম কৰি আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলোঁ, বৰং সিহঁতেই শাস্তিযোগ্য কৰ্ম কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল। ফলত আমি সিহঁতক সিহঁতৰ অবাধ্যতাৰ প্ৰতিফল দিছিলোঁ, আৰু শাস্তিৰূপে আমি সিহঁতৰ ওপৰত এই বস্তুবোৰ হাৰাম কৰি দিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016118.mp3"},{"index":"119","arabicText":"ثُمَّ اِنَّ رَبَّكَ لِلَّذِیْنَ عَمِلُوا السُّوْٓءَ بِجَهَالَةٍ ثُمَّ تَابُوْا مِنْ بَعْدِ ذٰلِكَ وَاَصْلَحُوْۤا ۙ اِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُوْرٌ رَّحِیْمٌ ۟۠","assameseTranslation":"যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে, পিছত (যদি) সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে তেওঁলোকৰ বাবে তোমাৰ প্ৰতিপালক নিশ্চয় অতি ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল! যিসকল লোকে পৰিণাম নজনাকৈ বেয়া কৰ্ম কৰিছে, যদিও সেই কৰ্মটো জানি বুজি কৰিছে কিন্তু দুষ্কাৰ্য কৰাৰ পিছত অনুতপ্ত হৈ তাওবা কৰিছে, লগতে সৎকৰ্ম কৰি নিজকে সংশোধন কৰিছে, তেনেকুৱা ব্যক্তিৰ তাওবা আপোনাৰ প্ৰতিপালকে কবূল কৰিব আৰু নিশ্চয় সিহঁতৰ গুনাহসমূহ ক্ষমা কৰিব আৰু সিহঁতৰ প্ৰতি দয়া কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016119.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016119.mp3"},{"index":"120","arabicText":"اِنَّ اِبْرٰهِیْمَ كَانَ اُمَّةً قَانِتًا لِّلّٰهِ حَنِیْفًا ؕ وَلَمْ یَكُ مِنَ الْمُشْرِكِیْنَ ۟ۙ","assameseTranslation":"নিশ্চয় ইব্ৰাহীম আছিল এটা উম্মত, আল্লাহৰ একান্ত অনুগত, একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল;","footnotes":"","tafseer":"নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালাম অতি উত্তম আদৰ্শৰ গৰাকী আছিল, সদায় নিজ প্ৰতিপালকৰ আনুগত্যত নিয়োজিত আছিল, সকলো ধৰ্মৰ পৰা ফালৰি কাটি ইছলামৰ প্ৰতি মনোনিৱেশ কৰিছিল। তেওঁ কদাপিও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016120.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016120.mp3"},{"index":"121","arabicText":"شَاكِرًا لِّاَنْعُمِهٖ ؕ اِجْتَبٰىهُ وَهَدٰىهُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"তেওঁ আছিল আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ, আল্লাহে তেওঁক মনোনীত কৰিছিল আৰু তেওঁক সৎপথত পৰিচালিত কৰিছিল।","footnotes":"","tafseer":"তেওঁ আল্লাহৰ তৰফৰ পৰা পোৱা নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপনকাৰী আছিল। আল্লাহে তেওঁক নুবুওৱতৰ বাবে নিৰ্বাচিত কৰিছিল, লগতে তেওঁক সঠিক ইছলাম ধৰ্মৰ হিদায়ত প্ৰদান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016121.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016121.mp3"},{"index":"122","arabicText":"وَاٰتَیْنٰهُ فِی الدُّنْیَا حَسَنَةً ؕ وَاِنَّهٗ فِی الْاٰخِرَةِ لَمِنَ الصّٰلِحِیْنَ ۟ؕ","assameseTranslation":"আৰু আমি তেওঁক পৃথিৱীত কল্যাণ দান কৰিছিলোঁ, আৰু নিশ্চয় তেওঁ আখিৰাততো হ’ব সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"আমি তেওঁক পৃথিৱীত নুবুওৱত দান কৰিছিলোঁ, উত্তম প্ৰশংসা আৰু পূণ্যৱান সন্তান দান কৰিছিলোঁ। নিশ্চয় তেওঁ আখিৰাতত পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত হ'ব, যিসকলৰ বাবে আল্লাহে জান্নাতত মহান মৰ্যাদা প্ৰস্তুত কৰি ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016122.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016122.mp3"},{"index":"123","arabicText":"ثُمَّ اَوْحَیْنَاۤ اِلَیْكَ اَنِ اتَّبِعْ مِلَّةَ اِبْرٰهِیْمَ حَنِیْفًا ؕ وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟","assameseTranslation":"তাৰ পিছত আমি তোমাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমি একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ)ৰ অনুসৰণ কৰা’; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।","footnotes":"","tafseer":"হে ৰাছুল! তাৰ পিছত আমি আপোনাৰ প্ৰতি অহী প্ৰেৰণ কৰিছোঁ যে, আপুনি তাওহীদ পালনৰ ক্ষেত্ৰত, মুশ্বৰিকসকলৰ পৰা সম্পৰ্কচ্ছেদ কৰি, আল্লাহৰ প্ৰতি আহ্বান কৰাৰ ক্ষেত্ৰত আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমল কৰাৰ ক্ষেত্ৰত, লগতে সকলো ধৰ্ম ত্যাগ কৰি কেৱল ইছলামৰ পিনে ধাৱিত হোৱাৰ ক্ষেত্ৰত ইব্ৰাহীম আলাইহিচ্ছালামৰ অনুসৰণ কৰক। তেওঁ কদাপিও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল, যিদৰে মুশ্বৰিকসকলে ধাৰণা কৰে। বৰং তেওঁ আছিল এক আল্লাহৰ আনুগত্যকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016123.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016123.mp3"},{"index":"124","arabicText":"اِنَّمَا جُعِلَ السَّبْتُ عَلَی الَّذِیْنَ اخْتَلَفُوْا فِیْهِ ؕ وَاِنَّ رَبَّكَ لَیَحْكُمُ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ۟","assameseTranslation":"শনিবাৰ পালন কৰাটো কেৱল সিহঁতৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল। যি বিষয়ে সিহঁতে মতভেদ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়মাতৰ দিনা সেই বিষয়ে সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিব।","footnotes":"","tafseer":"শনিবাৰৰ দিনটোক সন্মান কৰা সেইসকল ইয়াহুদীৰ ওপৰত ফৰজ কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল, শুক্ৰবাৰৰ দিন সম্পৰ্কে বিভ্ৰান্ত হোৱাৰ পিছত, যিটো দিনত সিহঁতক সকলো কৰ্ম ত্যাগ কৰি ইবাদত কৰাৰ আদেশ দিয়া হৈছিল, যাতে সকলো কৰ্ম ত্যাগ কৰি শনিবাৰে সিহঁতে আল্লাহৰ ইবাদত কৰে। হে ৰাছুল! নিশ্চয় কিয়ামতৰ দিনা আপোনাৰ প্ৰতিপালকে সেইসকল মতানৈক্যকাৰীৰ মাজত মীমাংসা কৰি দিব যিটো বিষয়ত সিহঁতে মতানৈক্য কৰিছিল, আৰু সেইদিনা প্ৰত্যেককে উপযুক্ত প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016124.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016124.mp3"},{"index":"125","arabicText":"اُدْعُ اِلٰی سَبِیْلِ رَبِّكَ بِالْحِكْمَةِ وَالْمَوْعِظَةِ الْحَسَنَةِ وَجَادِلْهُمْ بِالَّتِیْ هِیَ اَحْسَنُ ؕ اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟","assameseTranslation":"তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ সৈতে উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেই বিষয়েও তেওঁ অৱগত।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আৰু আপোনাৰ অনুসাৰী মুমিনসকলে, সম্বোধন কৰা ব্যক্তিৰ অৱস্থা, তাৰ বোধ শক্তি আৰু মানি চলাৰ আগ্ৰহৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰি সিহঁতক দ্বীন ইছলামৰ প্ৰতি আহ্বান কৰক । ভয় তথা প্ৰেৰণাযুক্ত উপদেশৰ সৈতে ইছলামৰ দাৱাত প্ৰদান কৰক। উত্তম কথা আৰু উত্তম বিচাৰ, লগতে উত্তম সংস্কাৰৰ দ্বাৰা বাদানুবাদ কৰিব। কাৰণ হিদায়ত দিয়াটো আপোনাৰ কৰ্তব্য নহয়, আপোনাৰ কৰ্তব্য হৈছে কেৱল পৌঁচাই দিয়া। নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালকৈ জানে দ্বীন ইছলামৰ পৰা কোন ব্যক্তি বিভ্ৰান্ত হৈছে আৰু কোন সঠিক পথত পৰিচালিত। এতেকে আপুনি সিহঁতৰ প্ৰতি আক্ষেপ কৰি নিজৰ প্ৰাণ হানি নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016125.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016125.mp3"},{"index":"126","arabicText":"وَاِنْ عَاقَبْتُمْ فَعَاقِبُوْا بِمِثْلِ مَا عُوْقِبْتُمْ بِهٖ ؕ وَلَىِٕنْ صَبَرْتُمْ لَهُوَ خَیْرٌ لِّلصّٰبِرِیْنَ ۟","assameseTranslation":"যদি তোমালোকে প্ৰতিশোধ গ্ৰহণ কৰা, তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে। আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে ধৈৰ্য্যশীলসকলৰ বাবে সেইটো অৱশ্যে উত্তম।","footnotes":"","tafseer":"যদি তোমালোকে শত্ৰুৰ পৰা প্ৰতিশোধ ল’ব বিচৰা তেন্তে তাক সিমানেই শাস্তি বিহিবা যিমানখিনি তেওঁ তোমালোকক কষ্ট দিছে, তাতকৈ বেছি নহয়। আনহাতে প্ৰতিশোধ লোৱাৰ শক্তি সামৰ্থ থকাৰ পিছতো যদি তোমালোকে ক্ষমা কৰি দিয়া তেন্তে প্ৰতিশোধ লোৱাতকৈ ক্ষমা কৰি দিয়াটোৱে হৈছে ধৈৰ্য্যশীল লোকৰ বাবে উত্তম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016126.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016126.mp3"},{"index":"127","arabicText":"وَاصْبِرْ وَمَا صَبْرُكَ اِلَّا بِاللّٰهِ وَلَا تَحْزَنْ عَلَیْهِمْ وَلَا تَكُ فِیْ ضَیْقٍ مِّمَّا یَمْكُرُوْنَ ۟","assameseTranslation":"আৰু তুমি ধৈৰ্য্য ধাৰণ কৰা, তোমাৰ ধৈৰ্য্য কেৱল আল্লাহৰেই সহায়ৰ ফল। তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত তুমি অতিষ্ঠও নহ’বা।","footnotes":"","tafseer":"হে ৰাছুল! সিহঁতৰ ফালৰ পৰা দিয়া কষ্টৰ প্ৰতি আপুনি ধৈৰ্য্য ধাৰণ কৰক। কেৱল আল্লাহেই আপোনাক ধৈৰ্য্য ধাৰণ কৰাৰ তাওফীক প্ৰদান কৰে। কাফিৰসকলৰ বিমুখতাই যেন আপোনাক চিন্তিত নকৰে, আৰু সিহঁতৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তত আপোনাৰ বুকু যাতে সংকোচিত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016127.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016127.mp3"},{"index":"128","arabicText":"اِنَّ اللّٰهَ مَعَ الَّذِیْنَ اتَّقَوْا وَّالَّذِیْنَ هُمْ مُّحْسِنُوْنَ ۟۠","assameseTranslation":"নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যিসকল সৎকৰ্মপৰায়ণ।","footnotes":"","tafseer":"নিশ্চয় আল্লাহ সেইসকল লোকৰ সহায়ক, যিসকলে গুনাহ পৰিত্যাগ কৰি আল্লাহক ভয় কৰে। যিসকলে আনুগত্যত অত্যন্ত পূণ্যৱান। তেওঁলোকে ছোৱাবৰ আশাত আল্লাহৰ আদেশ পালন কৰে। এতেকে তেৱেঁই তেওঁলোকৰ সহায়ক আৰু সমৰ্থক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/016128.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/016128.mp3"}]