[{"index":"1","arabicText":"سُبْحٰنَ الَّذِیْۤ اَسْرٰی بِعَبْدِهٖ لَیْلًا مِّنَ الْمَسْجِدِ الْحَرَامِ اِلَی الْمَسْجِدِ الْاَقْصَا الَّذِیْ بٰرَكْنَا حَوْلَهٗ لِنُرِیَهٗ مِنْ اٰیٰتِنَا ؕ اِنَّهٗ هُوَ السَّمِیْعُ الْبَصِیْرُ ۟","assameseTranslation":"পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, (মক্কাৰ) আল-মাছজিদুল হাৰামৰ পৰা (পেলিষ্টাইনৰ) আল-মাছজিদুল আক্বছালৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছোঁ, যাতে আমি তেওঁক আমাৰ নিদৰ্শনসমূহ দেখুৱাব পাৰোঁ; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।","footnotes":"","tafseer":"আল্লাহ পৱিত্ৰ আৰু মহান, কাৰণ তেওঁ সেই সকলো কাম কৰিবলৈ সক্ষম যিবোৰ আন কোনেও কৰিব নোৱাৰে। তেৱেঁই তেওঁৰ বান্দা মুহাম্মদক ৰাতিৰ এটা ভাগত ৰূহৰ সৈতে সশৰীৰে জাগ্ৰত অৱস্থাত সন্মানিত মছজিদৰ পৰা বাইতুল মুক্বাদ্দাছ মছজিদলৈ লৈ গৈছিল, যাৰ চাৰিওফালে আমি ফল-মূল, খেতি-পথাৰ আৰু নবীসকলৰ গৃহৰ দ্বাৰা বৰকত প্ৰদান কৰিছিলোঁ। যাতে তেওঁ আল্লাহৰ ক্ষমতা সাব্যস্ত কৰিব পৰা কিছুমান নিদৰ্শন চাব পাৰে। নিশ্চয় তেওঁ মহাশ্ৰৱণকাৰী, শুনিব পৰা কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়, নিশ্চয় তেওঁ হৈছে সৰ্বদ্ৰষ্টা, দেখিব পৰা কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017001.mp3"},{"index":"2","arabicText":"وَاٰتَیْنَا مُوْسَی الْكِتٰبَ وَجَعَلْنٰهُ هُدًی لِّبَنِیْۤ اِسْرَآءِیْلَ اَلَّا تَتَّخِذُوْا مِنْ دُوْنِیْ وَكِیْلًا ۟ؕ","assameseTranslation":"আৰু আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু সেইখনক আমি বনী ইছৰাঈলৰ বাবে পথনিৰ্দেশক কৰি দিছিলোঁ। যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়কৰূপে গ্ৰহণ নকৰা।","footnotes":"","tafseer":"আমি মূছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু বনী ইছৰাঈলৰ বাবে আমি সেইখনক পথপ্ৰদৰ্শক বনাইছিলোঁ, লগতে আমি বনী ইছৰাঈলক কৈছিলোঁঃ তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়ক কৰি নল'বা, যাৰ ওচৰত সকলো কৰ্ম সমৰ্পন কৰা হয়। বৰং তোমালোকে কেৱল মোৰ ওপৰতেই ভৰসা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017002.mp3"},{"index":"3","arabicText":"ذُرِّیَّةَ مَنْ حَمَلْنَا مَعَ نُوْحٍ ؕ اِنَّهٗ كَانَ عَبْدًا شَكُوْرًا ۟","assameseTranslation":"(তোমালোকেই হৈছা) তেওঁলোকৰ বংশধৰ! যিসকলক আমি নূহৰ সৈতে (নাৱত) আৰোহণ কৰাইছিলোঁ; নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা।","footnotes":"","tafseer":"দৰাচলতে তোমালোক হৈছা সেইসকল লোকৰ সন্তান, যিসকলক আমি নূহ আলাইহিচ্ছালামৰ সৈতে তুফানত ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। এতেকে তোমালোকে সেই অনুগ্ৰহক স্মৰণ কৰা, আৰু এক আল্লাহৰ ইবাদত কৰি তথা তেওঁৰ আনুগত্যৰ জৰিয়তে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। এই বিষয়টোত তোমালোকে নূহ আলাইহিচ্ছালামৰ অনুসৰণ কৰা, কিয়নো তেওঁ অধিক কৃতজ্ঞতা জ্ঞাপনকাৰী ব্যক্তি আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017003.mp3"},{"index":"4","arabicText":"وَقَضَیْنَاۤ اِلٰی بَنِیْۤ اِسْرَآءِیْلَ فِی الْكِتٰبِ لَتُفْسِدُنَّ فِی الْاَرْضِ مَرَّتَیْنِ وَلَتَعْلُنَّ عُلُوًّا كَبِیْرًا ۟","assameseTranslation":"আৰু আমি (তাওৰাতত) কিতাবত বনী ইছৰাঈলক জনাই দিছিলোঁ যে, ‘নিশ্চয় তোমালোকে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিবা আৰু তোমালোকে অতিশয় অহংকাৰস্ফীত হ’বা’।","footnotes":"","tafseer":"আমি বনী ইছৰাঈলক তাওৰাতত অৱগত কৰোৱাইছিলোঁ যে, সিহঁতে পাপকৰ্ম আৰু অহংকাৰৰ জৰিয়তে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিব, তথা অন্যায়-অত্যাচাৰ আৰু সীমালঙ্ঘনৰ জৰিয়তে মানুহৰ সন্মুখত নিজকে ডাঙৰ বুলি সাব্যস্ত কৰা প্ৰয়াস কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017004.mp3"},{"index":"5","arabicText":"فَاِذَا جَآءَ وَعْدُ اُوْلٰىهُمَا بَعَثْنَا عَلَیْكُمْ عِبَادًا لَّنَاۤ اُولِیْ بَاْسٍ شَدِیْدٍ فَجَاسُوْا خِلٰلَ الدِّیَارِؕ وَكَانَ وَعْدًا مَّفْعُوْلًا ۟","assameseTranslation":"তাৰ পিছত এই দুটাৰ প্ৰথমটোৰ নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ’ল তেতিয়া তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি আমাৰ অত্যন্ত শক্তিশালী বান্দাসকলক প্ৰেৰণ কৰিছিলোঁ, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল।","footnotes":"","tafseer":"এতেকে সিহঁতৰ ফালৰ পৰা যেতিয়া প্ৰথম উপদ্ৰৱ প্ৰকাশ পাইছিল, তেতিয়া আমি সিহঁতৰ ওপৰত আমাৰ এনেকুৱা বান্দাক জাপি দিছিলোঁ, যিসকল আছিল অধিক শক্তিশালী আৰু অত্যন্ত জালিম। তেওঁলোকে সিহঁতক হত্যা কৰিছিল আৰু খেদি পঠিয়াইছিল। এতেকে তেওঁলোকে সিহঁতৰ নগৰত প্ৰৱেশ কৰিছিল, আৰু যি পথেৰে অতিক্ৰম কৰিছিল বিনাশ কৰি গৈছিল। আল্লাহৰ এই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে প্ৰতিফলিত হ'বলগীয়াই আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017005.mp3"},{"index":"6","arabicText":"ثُمَّ رَدَدْنَا لَكُمُ الْكَرَّةَ عَلَیْهِمْ وَاَمْدَدْنٰكُمْ بِاَمْوَالٍ وَّبَنِیْنَ وَجَعَلْنٰكُمْ اَكْثَرَ نَفِیْرًا ۟","assameseTranslation":"তাৰ পিছত আমি তোমালোকক আকৌ সিহঁতৰ ওপৰত প্ৰতিষ্ঠিত কৰিলোঁ, তোমালোকক ধন আৰু সন্তান-সন্ততিৰ দ্বাৰা সহায় কৰিলোঁ আৰু তোমালোকক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিলোঁ।","footnotes":"","tafseer":"তাৰ পিছত যেতিয়া তোমালোকে তাওবা কৰিছিলা হে বনী ইছৰাঈল! আমি তোমালোকক পুনৰ ৰাজত্ব প্ৰদান কৰিছিলোঁ আৰু সেইসকল লোকৰ বিৰুদ্ধে বিজয় প্ৰদান কৰিছিলোঁ যিসকলে তোমালোকক পৰাস্ত কৰি তোমালোকৰ ওপৰত ৰাজত্ব কৰিছিল। তোমালোকৰ ধন কাঢ়ি লোৱাৰ পিছত আমিয়েই তোমালোকক ধন-সম্পদ দান কৰিছিলোঁ, সন্তান-সন্ততি কয়েদী হোৱাৰ পিছত আমিয়েই সিহঁতক ওভোতাই দিছিলোঁ। আৰু আমিয়েই তোমালোকক শত্ৰুৰ বিপক্ষে সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017006.mp3"},{"index":"7","arabicText":"اِنْ اَحْسَنْتُمْ اَحْسَنْتُمْ لِاَنْفُسِكُمْ ۫ وَاِنْ اَسَاْتُمْ فَلَهَا ؕ فَاِذَا جَآءَ وَعْدُ الْاٰخِرَةِ لِیَسُوْٓءٗا وُجُوْهَكُمْ وَلِیَدْخُلُوا الْمَسْجِدَ كَمَا دَخَلُوْهُ اَوَّلَ مَرَّةٍ وَّلِیُتَبِّرُوْا مَا عَلَوْا تَتْبِیْرًا ۟","assameseTranslation":"যদি তোমালোকে সৎকৰ্ম কৰা, তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ’ব আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ’ব। তাৰ পিছত পৰৱৰ্তী নিৰ্ধাৰিত সময় উপস্থিত হোৱাত (মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলোঁ) তোমালোকৰ মুখমণ্ডলক কালিমাচ্ছন্ন কৰাৰ বাবে, প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল আকৌ তেনেকৈ তাত প্ৰৱেশ কৰাৰ বাবে আৰু সিহঁতৰ কৰ্তৃত্বত যি আছিল তাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে।","footnotes":"","tafseer":"হে বনী ইছৰাঈল! যদি তোমালোকে যিদৰে সৎকৰ্ম কৰা উচিত সেইদৰে কৰিছা, তেন্তে তাৰ প্ৰতিফল নিশ্চয় তোমালোকে লাভ কৰিবা। কিয়নো নিশ্চয় আল্লাহ তোমালোকৰ কৰ্মৰ পৰা অমুখাপেক্ষী। আনহাতে যদি তোমালোকে বেয়া কৰ্ম কৰিছা তেন্তে তাৰ শাস্তিও তোমালোকেই ভোগ কৰিবা। কাৰণ তোমালোকৰ সৎকৰ্মই আল্লাহৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু তোমালোকৰ অসৎকৰ্মও তেওঁৰ কোনো হানি কৰিব নোৱাৰে। আকৌ যেতিয়া তোমালোকৰ দ্বিতীয় উপদ্ৰৱ প্ৰকাশ হ'ল, তেতিয়া আমি তোমালোকৰ শত্ৰুসকলক বিজয় প্ৰদান কৰিলোঁ, যাতে সিহঁতে তোমালোকক এনেকৈ অপমানিত আৰু লাঞ্ছিত কৰে, যাৰ চিহ্ন তোমালোকৰ মুখমণ্ডলত প্ৰকাশ পায়। লগতে যাতে সিহঁতে বাইতুল মাকদিছত প্ৰৱেশ কৰে আৰু তাত ধ্বংসলীলা কৰে, যিদৰে প্ৰথমবাৰ কৰিছিল। লগতে যিবোৰ চহৰত সিহঁতে আধিপত্য বিস্তাৰ কৰিব সেইবোৰক যাতে বিনষ্ট কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017007.mp3"},{"index":"8","arabicText":"عَسٰی رَبُّكُمْ اَنْ یَّرْحَمَكُمْ ۚ وَاِنْ عُدْتُّمْ عُدْنَا ۘ وَجَعَلْنَا جَهَنَّمَ لِلْكٰفِرِیْنَ حَصِیْرًا ۟","assameseTranslation":"সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও (আমাৰ শাস্তিৰ) পুনৰাবৃত্তি কৰিম। লগতে জাহান্নমক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছোঁ।","footnotes":"","tafseer":"হে বনী ইছৰাঈল! যদি তোমালোকে তাওবা কৰা আৰু সৎকৰ্ম কৰা তেন্তে সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে এই কঠিন প্ৰতিশোধৰ পিছতো তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে। ইয়াৰ পিছতো যদি তোমালোকে বিপৰ্যয় সৃষ্টি কৰিব বিচৰা তেন্তে আমিও প্ৰতিশোধ গ্ৰহণ কৰিম, আৰু আল্লাহক অস্বীকাৰ কৰা ব্যক্তিসকলৰ বাবে জাহান্নামক বিছনা বনাই দিম, যি ঠাইৰ পৰা সিহঁতে কেতিয়াও মুক্তি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017008.mp3"},{"index":"9","arabicText":"اِنَّ هٰذَا الْقُرْاٰنَ یَهْدِیْ لِلَّتِیْ هِیَ اَقْوَمُ وَیُبَشِّرُ الْمُؤْمِنِیْنَ الَّذِیْنَ یَعْمَلُوْنَ الصّٰلِحٰتِ اَنَّ لَهُمْ اَجْرًا كَبِیْرًا ۟ۙ","assameseTranslation":"নিশ্চয় এই কোৰআনে হিদায়ত কৰে সেই পথৰ পিনে যিটো পথ আক্বৱাম (সৰল, সুদৃঢ়), আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআন নিশ্চয় উত্তম পথ অৰ্থাৎ ইছলামৰ পথ দেখুৱায়। সৎকৰ্মত নিয়োজিত আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা ব্যক্তিসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহাপ্ৰতিদান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017009.mp3"},{"index":"10","arabicText":"وَّاَنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ اَعْتَدْنَا لَهُمْ عَذَابًا اَلِیْمًا ۟۠","assameseTranslation":"আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, আমি সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"যিসকলে কিয়ামতৰ প্ৰতি বিশ্বাস পোষণ নকৰে, সিহঁতৰ বাবে হৈছে এই দুঃসংবাদ যে, কিয়ামতৰ দিনা আমি সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017010.mp3"},{"index":"11","arabicText":"وَیَدْعُ الْاِنْسَانُ بِالشَّرِّ دُعَآءَهٗ بِالْخَیْرِ ؕ وَكَانَ الْاِنْسَانُ عَجُوْلًا ۟","assameseTranslation":"আৰু মানুহে কল্যাণ কামনাৰ দৰেই অকল্যাণ কামনা কৰে; দৰাচলতে মানুহ প্ৰকৃতিগতভাৱেই বৰ বেছি শীঘ্ৰতাপ্ৰিয়।","footnotes":"","tafseer":"মানুহে অজ্ঞতাবশতঃ তথা ক্ৰোধান্বিত হৈ নিজৰ বিৰুদ্ধে তথা নিজৰ সন্তান-সন্ততি আৰু ধন-সম্পদৰ বিৰুদ্ধে ঠিক সেইদৰেই বদ্দুআ কৰে, যিদৰে নিজৰ বাবে কল্যাণৰ দুআ কৰে। যদি আমি তাৰ বদ্দুআ কবূল কৰি লওঁ তেন্তে সি ধ্বংস হৈ যাব, তাৰ ধন-সম্পদ আৰু সন্তান-সন্ততি বিনষ্ট হৈ যাব। দৰাচলতে মানুহ জন্মগতভাৱে ক্ষিপ্ৰতাপ্ৰেমী। সেয়ে কেতিয়াবা কেতিয়াবা মানুহে সেই বিষয়টোকলৈ খৰখেদা কৰে যিটো তাৰ বাবে ক্ষতিকৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017011.mp3"},{"index":"12","arabicText":"وَجَعَلْنَا الَّیْلَ وَالنَّهَارَ اٰیَتَیْنِ فَمَحَوْنَاۤ اٰیَةَ الَّیْلِ وَجَعَلْنَاۤ اٰیَةَ النَّهَارِ مُبْصِرَةً لِّتَبْتَغُوْا فَضْلًا مِّنْ رَّبِّكُمْ وَلِتَعْلَمُوْا عَدَدَ السِّنِیْنَ وَالْحِسَابَ ؕ وَكُلَّ شَیْءٍ فَصَّلْنٰهُ تَفْصِیْلًا ۟","assameseTranslation":"আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছোঁ, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছোঁ আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছোঁ; যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছোঁ।","footnotes":"","tafseer":"আমি ৰাতি আৰু দিনক আল্লাহৰ ক্ষমতা আৰু একত্বৰ দুটা প্ৰতীক হিচাপে সৃষ্টি কৰিছোঁ। কেতিয়াবা ডাঙৰ হয় আৰু কেতিয়াবা সৰু, আকৌ কেতিয়াবা গৰম থাকে আকৌ কেতিয়াবা শীত। আমি ৰাতিক অন্ধকাৰ বনাইছোঁ বিশ্ৰাম আৰু টোপনিৰ বাবে। এইদৰে দিনক বনাইছোঁ আলোকময়, যাতে তোমালোকে আল্লাহে নিৰ্ধাৰণ কৰা জীৱিকা সন্ধান কৰিব পাৰা। লগতে এই দুটাৰ আৱৰ্তনৰ দ্বাৰা তোমালোকে যাতে বছৰ গণনা কৰিব পাৰা, লগতে তোমালোকৰ প্ৰয়োজনীয় হিচাপ যেনে- ঘন্টা, দিন আৰু মাহৰ হিচাপ আদিও ৰাখিব পাৰা। আমি প্ৰতিটো বিষয় স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ, যাতে বস্তুবোৰ পাৰ্থক্য কৰিব পৰা যায় আৰু সত্য যাতে অসত্যৰ পৰা স্পষ্ট হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017012.mp3"},{"index":"13","arabicText":"وَكُلَّ اِنْسَانٍ اَلْزَمْنٰهُ طٰٓىِٕرَهٗ فِیْ عُنُقِهٖ ؕ وَنُخْرِجُ لَهٗ یَوْمَ الْقِیٰمَةِ كِتٰبًا یَّلْقٰىهُ مَنْشُوْرًا ۟","assameseTranslation":"আৰু আমি প্ৰত্যেক মানুহৰে কৃতকৰ্ম তাৰ ডিঙিত আঁৰি থৈছোঁ, আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাব, যিখনক সি উন্মুক্ত অৱস্থাত পাব।","footnotes":"","tafseer":"আমি প্ৰত্যেক মানুহৰে কৰ্মক সিহঁতৰ সৈতে এনেকৈ সংযুক্ত কৰি দিছোঁ, যিদৰে মানুহৰ ডিঙিত হাৰ ওলমি থাকে। হিচাপ-নিকাচৰ পূৰ্বে মানুহৰ কৰ্ম সিহঁতৰ পৰা কেতিয়াও বিচ্ছিন্ন নহ'ব। কিয়ামতৰ দিনা আমি তাৰ বাবে এনেকুৱা এখন গ্ৰন্থ প্ৰকাশ কৰিম, যিখনত মানুহৰ সকলো ভাল আৰু বেয়া কৰ্ম লিপিবদ্ধ থাকিব। মানুহে সেইখনক নিজৰ সন্মুখত মেলি থোৱা অৱস্থাত পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017013.mp3"},{"index":"14","arabicText":"اِقْرَاْ كِتٰبَكَ ؕ كَفٰی بِنَفْسِكَ الْیَوْمَ عَلَیْكَ حَسِیْبًا ۟ؕ","assameseTranslation":"(তাক কোৱা হ’ব) তুমি তোমাৰ কিতাব (আমলনামা) পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।","footnotes":"","tafseer":"সেইদিনা আমি তাক ক'মঃ আজি তুমি নিজেই নিজৰ গ্ৰন্থ পঢ়া। তুমি তোমাৰ নিজৰ আমলৰ হিচাপ কৰি চোৱা। কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে তুমি নিজেই নিজৰ বাবে যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017014.mp3"},{"index":"15","arabicText":"مَنِ اهْتَدٰی فَاِنَّمَا یَهْتَدِیْ لِنَفْسِهٖ ۚ وَمَنْ ضَلَّ فَاِنَّمَا یَضِلُّ عَلَیْهَا ؕ وَلَا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰی ؕ وَمَا كُنَّا مُعَذِّبِیْنَ حَتّٰی نَبْعَثَ رَسُوْلًا ۟","assameseTranslation":"যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় নিশ্চয় সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। কোনো বহনকাৰীয়েই আনৰ (পাপকৰ্মৰ) বোজা বহন নকৰিব, আৰু আমি ৰাছুল প্ৰেৰণ নকৰাকৈ শাস্তি প্ৰদান নকৰোঁ।","footnotes":"","tafseer":"যিয়ে হিদায়তপ্ৰাপ্ত হৈ ঈমানৰ পথত পৰিচালিত হৈছে, হিদায়তৰ প্ৰতিদান সিয়েই লাভ কৰিব। আনহাতে যিয়ে পথভ্ৰষ্ট হৈছে, পথভ্ৰষ্টতাৰ শাস্তিও সিয়েই ভোগ কৰিব। কোনো প্ৰাণীয়েই আন প্ৰাণীৰ গুনাহৰ বোজা বহন নকৰিব। আমি কোনো সম্প্ৰদায়কেই সেই সময় পৰ্যন্ত শাস্তি নিদিওঁ যেতিয়ালৈকে সিহঁতৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ বিপক্ষে প্ৰমাণ সাব্যস্ত নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017015.mp3"},{"index":"16","arabicText":"وَاِذَاۤ اَرَدْنَاۤ اَنْ نُّهْلِكَ قَرْیَةً اَمَرْنَا مُتْرَفِیْهَا فَفَسَقُوْا فِیْهَا فَحَقَّ عَلَیْهَا الْقَوْلُ فَدَمَّرْنٰهَا تَدْمِیْرًا ۟","assameseTranslation":"আৰু যেতিয়া আমি কোনো জনপদক ধ্বংস কৰিব বিচাৰোঁ তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক (সৎকৰ্মৰ) আদেশ কৰোঁ; কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে; তাৰ পিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ।","footnotes":"","tafseer":"যেতিয়া আমি কোনো জনবসতিক সিহঁতৰ অত্যাচাৰৰ কাৰণে বিনাশ কৰিব বিচাৰোঁ, তেতিয়া আমি সিহঁতক ইবাদতৰ আদেশ দিওঁ, যিসকলক বিভিন্ন নিয়ামতে অংকাৰী কৰি তুলিছে। ফলত সিহঁতে আদেশ পালন কৰাৰ পৰিবৰ্তে অবাধ্যতা কৰি সীমালংঘন কৰিবলৈ ধৰে। যাৰ ফলত সিহঁতে শাস্তিৰ সন্মুখীন হয়, আৰু আমিও সিহঁতক পৰিপূৰ্ণৰূপে ধ্বংস কৰি দিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017016.mp3"},{"index":"17","arabicText":"وَكَمْ اَهْلَكْنَا مِنَ الْقُرُوْنِ مِنْ بَعْدِ نُوْحٍ ؕ وَكَفٰی بِرَبِّكَ بِذُنُوْبِ عِبَادِهٖ خَبِیْرًا بَصِیْرًا ۟","assameseTranslation":"আৰু নূহৰ পিছত আমি বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ। তোমাৰ প্ৰতিপালকেই তেওঁৰ বান্দাসকলৰ পাপকৰ্মৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামৰ পিছত আমি বহুতো জাতিক ধ্বংস কৰিছোঁ, যেনেঃ আদ আৰু ছামূদ জাতি। হে ৰাছুল! বান্দাসকলৰ গুনাহৰ খবৰ ৰাখিবলৈ আৰু সিহঁতৰ চোৱাচিতা কৰিবলৈ আপোনাৰ প্ৰতিপালকেই যথেষ্ট। তেওঁৰ পৰা কোনো বস্তুৱেই গোপন নহয়। তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017017.mp3"},{"index":"18","arabicText":"مَنْ كَانَ یُرِیْدُ الْعَاجِلَةَ عَجَّلْنَا لَهٗ فِیْهَا مَا نَشَآءُ لِمَنْ نُّرِیْدُ ثُمَّ جَعَلْنَا لَهٗ جَهَنَّمَ ۚ یَصْلٰىهَا مَذْمُوْمًا مَّدْحُوْرًا ۟","assameseTranslation":"কোনোবাই আশু সুখ-সম্ভোগ কামনা কৰিলে, আমি যাক ইচ্ছা কৰোঁ ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।","footnotes":"","tafseer":"যিয়ে নেক কৰ্মৰ বিনিময়ত পাৰ্থিৱ জীৱন বিচাৰে, আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে তথা ইয়াৰ প্ৰতি ভ্ৰূক্ষেপো নকৰে, তাক আমি আমাৰ ইচ্ছামতে পৃথিৱীতেই সুখ প্ৰদান কৰোঁ, সি বিচৰাটো নহয়। আমি তাৰ বাবে জাহান্নাম প্ৰস্তুত কৰি ৰাখিছোঁ, কিয়ামতৰ দিনা সি তাত প্ৰৱেশ কৰিব আৰু প্ৰচণ্ড গৰম উপভোগ কৰিব। আখিৰাতক অস্বীকাৰ কৰি পাৰ্থিৱ জীৱনক অগ্ৰাধিকাৰ দিয়াৰ ফলত এই দণ্ড প্ৰদান কৰা হ'ব, লগতে সি আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017018.mp3"},{"index":"19","arabicText":"وَمَنْ اَرَادَ الْاٰخِرَةَ وَسَعٰی لَهَا سَعْیَهَا وَهُوَ مُؤْمِنٌ فَاُولٰٓىِٕكَ كَانَ سَعْیُهُمْ مَّشْكُوْرًا ۟","assameseTranslation":"আনহাতে যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য।","footnotes":"","tafseer":"আনহাতে যিয়ে নেক কৰ্মৰ বিনিময়ত আখিৰাত কামনা কৰে, তথা ইয়াৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰে, কিন্তু লোকক দেখুৱাবলৈ বা নাম যশস্যা অৰ্জনৰ বাবে নহয়। লগতে সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ কৰে, যিবোৰৰ প্ৰতি ঈমান পোষণ কৰা আল্লাহে অনিবাৰ্য্য কৰিছে। এনেকুৱা লোকৰ প্ৰচেষ্টাই আল্লাহৰ ওচৰত গৃহীত হ’ব, আৰু শীঘ্ৰেই তেওঁলোকক ইয়াৰ প্ৰতিদান দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017019.mp3"},{"index":"20","arabicText":"كُلًّا نُّمِدُّ هٰۤؤُلَآءِ وَهٰۤؤُلَآءِ مِنْ عَطَآءِ رَبِّكَ ؕ وَمَا كَانَ عَطَآءُ رَبِّكَ مَحْظُوْرًا ۟","assameseTranslation":"তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ (পাৰ্থিৱ জীৱন কামনাকাৰী আৰু আখিৰাত কামনাকাৰী) প্ৰত্যেককে সহায় কৰোঁ আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত (কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে)।","footnotes":"","tafseer":"হে ৰাছুল, পাপিষ্ঠ আৰু পূণ্যৱান উভয় দলকে আমি আপোনাৰ প্ৰতিপালকৰ ভঁৰালৰ পৰা নিৰৱচ্ছিন্নভাৱে দান কৰি থাকোঁ। পাৰ্থিৱ জীৱনত আপোনাৰ প্ৰতিপালকৰ ভঁৰালৰ পৰা কোনেও বঞ্চিত নহয়, পূণ্যৱানেই হওক অথবা পাপিষ্ঠ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017020.mp3"},{"index":"21","arabicText":"اُنْظُرْ كَیْفَ فَضَّلْنَا بَعْضَهُمْ عَلٰی بَعْضٍ ؕ وَلَلْاٰخِرَةُ اَكْبَرُ دَرَجٰتٍ وَّاَكْبَرُ تَفْضِیْلًا ۟","assameseTranslation":"লক্ষ্য কৰা, আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ। নিশ্চয় আখিৰাত হৈছে মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বৰ ক্ষেত্ৰতো বৃহত্তৰ!","footnotes":"","tafseer":"হে ৰাছুল! আপুনি চিন্তা কৰি চাওকচোন, কিদৰে আমি সিহঁতৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত ধন-সম্পদ আৰু পদমৰ্যাদাত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ। পাৰ্থিৱ জীৱনৰ তুলনাত আখিৰাতৰ নিয়ামতৰ মৰ্যাদা তথা শ্ৰেষ্ঠত্বৰ মাজত থাকিব অধিক তফাৎ। গতিকে মুমিনসকলে সেইটো পোৱাৰ কামনা কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017021.mp3"},{"index":"22","arabicText":"لَا تَجْعَلْ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتَقْعُدَ مَذْمُوْمًا مَّخْذُوْلًا ۟۠","assameseTranslation":"আল্লাহৰ লগত আন কোনো ইলাহ সাব্যস্ত নকৰিবা, এনে কৰিলে তুমি নিন্দিত আৰু লাঞ্ছিত হৈ বহি পৰিবা।","footnotes":"","tafseer":"হে মোৰ বান্দা! তুমি আল্লাহৰ লগত আনক অংশীদাৰ কৰি তাৰ উপাসনা নকৰিবা। এনে কৰিলে তুমি আল্লাহৰ ওচৰত লাঞ্ছিত হ’বা, আৰু তেওঁৰ নেক বান্দাসকলৰ ওচৰত অপ্ৰশংসনীয় হৈ পৰিবা, আৰু তোমাৰ কোনো সহায়ক নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017022.mp3"},{"index":"23","arabicText":"وَقَضٰی رَبُّكَ اَلَّا تَعْبُدُوْۤا اِلَّاۤ اِیَّاهُ وَبِالْوَالِدَیْنِ اِحْسَانًا ؕ اِمَّا یَبْلُغَنَّ عِنْدَكَ الْكِبَرَ اَحَدُهُمَاۤ اَوْ كِلٰهُمَا فَلَا تَقُلْ لَّهُمَاۤ اُفٍّ وَّلَا تَنْهَرْهُمَا وَقُلْ لَّهُمَا قَوْلًا كَرِیْمًا ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱনকালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা, আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক নম্ৰ কথা ক’বা।","footnotes":"","tafseer":"হে মোৰ বান্দা! তোমাৰ প্ৰতিপালকে আদেশ দিছে তথা অনিবাৰ্য্য কৰিছে যে, তেওঁৰ বাহিৰে যাতে আন কাৰো ইবাদত কৰা নহয়। লগতে পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ আদেশ দিছে, বিশেষকৈ বৃদ্ধ বয়সত। যদি পিতৃ-মাতৃৰ কোনোবা এজন অথবা দুয়োজনেই বৃদ্ধ বয়সত উপনীত হয় তেন্তে তেওঁলোকৰ লগত ধেৎ শব্দও ব্যৱহাৰ নকৰিবা। তেওঁলোকৰ ওপৰত খং নেদেখুৱাবা আৰু অন্তৰত আঘাত কৰা শব্দ ব্যৱহাৰ নকৰিবা। বৰং তেওঁলোকৰ সৈতে আদব সহকাৰে কোমল কথা ক'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017023.mp3"},{"index":"24","arabicText":"وَاخْفِضْ لَهُمَا جَنَاحَ الذُّلِّ مِنَ الرَّحْمَةِ وَقُلْ رَّبِّ ارْحَمْهُمَا كَمَا رَبَّیٰنِیْ صَغِیْرًا ۟ؕ","assameseTranslation":"আৰু তেওঁলোকৰ প্ৰতি মায়া-মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰিবা আৰু (এই বুলি দুআ কৰি) কোৱা, ‘হে মোৰ প্ৰতিপালক! তেওঁলোকৰ প্ৰতি দয়া কৰা, যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল’।","footnotes":"","tafseer":"তেওঁলোকৰ লগত দয়া আৰু বিনম্ৰতাৰ সৈতে ব্যৱহাৰ কৰিবা, আৰু প্ৰাৰ্থনা কৰিবাঃ হে মোৰ প্ৰতিপালক! তুমি এওঁলোকৰ প্ৰতি দয়া কৰা, কিয়নো এওঁলোকে মোক শিশু অৱস্থাত লালন-পালন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017024.mp3"},{"index":"25","arabicText":"رَبُّكُمْ اَعْلَمُ بِمَا فِیْ نُفُوْسِكُمْ ؕ اِنْ تَكُوْنُوْا صٰلِحِیْنَ فَاِنَّهٗ كَانَ لِلْاَوَّابِیْنَ غَفُوْرًا ۟","assameseTranslation":"তোমালোকৰ অন্তৰত যি আছে সেয়া তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে; যদি তোমালোক সৎকৰ্মপৰায়ণ হোৱা তেন্তে (জানি থোৱা) নিশ্চয় তেওঁ সেইসকল লোকৰ প্ৰতি অতি ক্ষমাশীল, যিসকল সদায় আল্লাহ অভিমুখী।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে ইবাদতৰ প্ৰতি, নেক কৰ্ম আৰু পিতৃ-মাতৃৰ প্ৰতি তোমালোকৰ অন্তৰত যি নিষ্ঠা আছে। ইবাদত আৰু পিতৃ-মাতৃৰ সৈতে কৰা ব্যৱহাৰত যদি তোমালোকৰ নিয়্যত নেক থাকে তেন্তে আল্লাহে সেইসকল লোকক ক্ষমা কৰিব, যিসকলে তাওবা কৰে। এতেকে যিয়ে আল্লাহৰ ইবাদত আৰু পিতৃ-মাতৃৰ সেৱাৰ ক্ষেত্ৰত বিগত দোষ-ত্ৰুটিৰ পৰা তাওবা কৰিব, আল্লাহে তাক ক্ষমা কৰিব দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017025.mp3"},{"index":"26","arabicText":"وَاٰتِ ذَا الْقُرْبٰی حَقَّهٗ وَالْمِسْكِیْنَ وَابْنَ السَّبِیْلِ وَلَا تُبَذِّرْ تَبْذِیْرًا ۟","assameseTranslation":"আৰু আত্মীয় স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা, লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰসকলকো দান কৰা আৰু কেতিয়াও অপব্যয় নকৰিবা।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! তোমালোকে আত্মীয়সকলৰ হক আদায় কৰিবা। লগতে দুখীয়া-দৰিদ্ৰ আৰু ভ্ৰমণ অৱস্থাত থকা বিপাঙত পৰা ব্যক্তিক সহায় কৰিবা। নিজৰ সম্পদক গুনাহৰ কৰ্মত ব্যয় নকৰিবা তথা অপব্যয় নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017026.mp3"},{"index":"27","arabicText":"اِنَّ الْمُبَذِّرِیْنَ كَانُوْۤا اِخْوَانَ الشَّیٰطِیْنِ ؕ وَكَانَ الشَّیْطٰنُ لِرَبِّهٖ كَفُوْرًا ۟","assameseTranslation":"নিশ্চয় অপব্যয়কাৰীসকল হৈছে চয়তানৰ ভাই আৰু চয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ।","footnotes":"","tafseer":"নিজৰ সম্পদ গুনাহৰ কামত ব্যয় কৰা ব্যক্তি তথা অপব্যয় কৰা ব্যক্তি হৈছে প্ৰকৃততে চয়তানৰ ভাই। কিয়নো চয়তানে সিহঁতক যি আদেশ দিয়ে সেইটোৱে সিহঁতে অনুসৰণ কৰে। নিশ্চয় চয়তান হৈছে নিজ প্ৰতিপালকৰ অকৃতজ্ঞ। সি কেৱল গুনাহৰেই কাম কৰে, আৰু সেইটোৰেই আদেশ দিয়ে যিটোত তাৰ প্ৰতিপালক অসন্তুষ্ট হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017027.mp3"},{"index":"28","arabicText":"وَاِمَّا تُعْرِضَنَّ عَنْهُمُ ابْتِغَآءَ رَحْمَةٍ مِّنْ رَّبِّكَ تَرْجُوْهَا فَقُلْ لَّهُمْ قَوْلًا مَّیْسُوْرًا ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয়, তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা ক'বা।","footnotes":"","tafseer":"যদি তুমি তেওঁলোকক একো দিব নোৱাৰা, কাৰণ দিব পৰা তোমাৰ ওচৰত যদি একো নাথাকে, আৰু তুমি অপেক্ষাত আছা যে, আল্লাহে তোমাৰ বাবে জীৱিকাৰ কোনো পথ মুকলাই দিব, সেই পৰিস্থিতিতো তুমি তেওঁলোকৰ সৈতে বিনম্ৰভাৱে কথা ক'বা। উদাহৰণস্বৰূপে তেওঁলোকৰ বাবে জীৱিকাৰ প্ৰশস্ততাৰ দুআ কৰা অথবা আল্লাহৰ ফালৰ পৰা জীৱিকাৰ কোনো উপায় পোৱাৰ পিছত প্ৰদান কৰিবা বুলি প্ৰতিশ্ৰুতি দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017028.mp3"},{"index":"29","arabicText":"وَلَا تَجْعَلْ یَدَكَ مَغْلُوْلَةً اِلٰی عُنُقِكَ وَلَا تَبْسُطْهَا كُلَّ الْبَسْطِ فَتَقْعُدَ مَلُوْمًا مَّحْسُوْرًا ۟","assameseTranslation":"আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা (কৃপণ নহ’বা) আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা (অপব্যয় নকৰিবা), এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা।","footnotes":"","tafseer":"তোমালোকে ব্যয় কৰাত কৃপণালী নকৰিবা, আৰু অপব্যয়ও নকৰিবা। যদি তুমি কৃপণালী কৰা তেন্তে মানুহে তোমাক কৃপণ বুলি ভৰ্ৎসনা কৰিব, আৰু যদি অপব্যয় কৰা তেন্তে এটা সময়ত তোমাৰ ওচৰত একো নাথাকিব ব্যয় কৰিবলৈ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017029.mp3"},{"index":"30","arabicText":"اِنَّ رَبَّكَ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ اِنَّهٗ كَانَ بِعِبَادِهٖ خَبِیْرًا بَصِیْرًا ۟۠","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে; নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক পৰিজ্ঞাত, সৰ্বদ্ৰষ্টা।","footnotes":"","tafseer":"নিশ্চয় আপোনাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে জীৱিকাৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে যাক ইচ্ছা কৰে তেওঁৰ সঠিক হিকমত অনুযায়ী সংকীৰ্ণতা প্ৰদান কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ তথা সৰ্বদ্ৰষ্টা। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। সেয়ে, সিহঁতৰ বিষয়ে যেনেকৈ ইচ্ছা কৰে সেইদৰে সিদ্ধান্ত লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017030.mp3"},{"index":"31","arabicText":"وَلَا تَقْتُلُوْۤا اَوْلَادَكُمْ خَشْیَةَ اِمْلَاقٍ ؕ نَحْنُ نَرْزُقُهُمْ وَاِیَّاكُمْ ؕ اِنَّ قَتْلَهُمْ كَانَ خِطْاً كَبِیْرًا ۟","assameseTranslation":"অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ।","footnotes":"","tafseer":"তোমালোকে নিজৰ সন্তান-সন্ততিক এই ভয়ত হত্যা নকৰিবা যে, সিহঁতৰ প্ৰতি ব্যয় কৰিলে তোমালোকে দৰিদ্ৰ হৈ পৰিবা। এনেকুৱা ধাৰণা একেবাৰে ভুল। সিহঁতক জীৱিকা দিয়াৰ দায়িত্ব হৈছে আমাৰ, আৰু তোমালোককো আমিয়েই জীৱিকা দিওঁ। নিশ্চয় সিহঁতক হত্যা কৰাটো হৈছে মহাপাপ। কিয়নো সিহঁত হৈছে নিষ্পাপ, আৰু এনেকুৱা কোনো অপৰাধো কৰা নাই, যাৰ ফলত সিহঁতক হত্যা কৰা উচিত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017031.mp3"},{"index":"32","arabicText":"وَلَا تَقْرَبُوا الزِّنٰۤی اِنَّهٗ كَانَ فَاحِشَةً ؕ وَسَآءَ سَبِیْلًا ۟","assameseTranslation":"আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকো নাযাবা, নিশ্চয় সেয়া হৈছে অশ্লীল আৰু নিকৃষ্ট আচৰণ।","footnotes":"","tafseer":"আৰু ব্যভিচাৰৰ পৰা দূৰত থাকিবা, লগতে সেইবোৰ মাধ্যমৰ পৰাও আঁতৰি থাকিবা যিবোৰে ব্যভিচাৰৰ কাষ চপায়। নিশ্চয় এইটো হৈছে চৰম পৰ্যায়ৰ অশ্লীলতা, তথা নিকৃষ্ট পথ, যিটোৱে মানুহৰ বংশ বিনষ্ট কৰে আৰু আল্লাহৰ শাস্তিৰ সন্মুখীন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017032.mp3"},{"index":"33","arabicText":"وَلَا تَقْتُلُوا النَّفْسَ الَّتِیْ حَرَّمَ اللّٰهُ اِلَّا بِالْحَقِّ ؕ وَمَنْ قُتِلَ مَظْلُوْمًا فَقَدْ جَعَلْنَا لِوَلِیِّهٖ سُلْطٰنًا فَلَا یُسْرِفْ فِّی الْقَتْلِ ؕ اِنَّهٗ كَانَ مَنْصُوْرًا ۟","assameseTranslation":"আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা! আৰু কোনোবাই অন্যায়ভাৱে নিহিত হ’লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছোঁ; কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালঙ্ঘন নকৰে; নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ’ব।","footnotes":"","tafseer":"তোমালোকে এনেকুৱা ব্যক্তিকো হত্যা নকৰিবা, যাক আল্লাহে ঈমান অথবা নিৰাপত্তজনিত কাৰণত সুৰক্ষা প্ৰদান কৰিছে। আনহাতে মুৰতাদ, অথবা বিবাহিত ব্যভিচাৰ-ব্যভিচাৰিণী নাইবা কিচাচৰ ফলত হত্যাৰ বিষয়টো সুকীয়া। কিন্তু অন্যায়ভাৱে হত্যাকৃত ব্যক্তিৰ উত্তৰাধিকাৰীক আমি প্ৰতিশোধ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছোঁ। তেওঁলোকে হত্যাকাৰীৰ মৃত্যদণ্ড দাবী কৰিব পাৰে, নাইবা ৰক্তপণ নোলোৱাকৈ ক্ষমা কৰি দিব পাৰে অথবা ৰক্তপণ গ্ৰহণ কৰিও ক্ষমা কৰিব পাৰে। কিন্তু প্ৰতিশোধৰ বাবে আল্লাহে যি নিয়ম বান্ধি দিছে সেই ক্ষেত্ৰত কোনেও যাতে সীমালঙ্ঘন নকৰে। উদাহৰণস্বৰূপে, হত্যাকাৰীৰ অংগ প্ৰত্যংগ কাটি পেলোৱা, অথবা হত্যাকাৰীয়ে যি অস্ত্ৰৰে হত্যা কৰিছে সেইটোৰ বাহিৰে বেলেগ অস্ত্ৰৰে হত্যা কৰা, নাইবা হত্যাকাৰীৰ বাহিৰে বেলেগক হত্যা কৰা ইত্যাদি। নিশ্চয় তেওঁ আল্লাহৰ সহায়-সহযোগিতা পোৱাৰ যোগ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017033.mp3"},{"index":"34","arabicText":"وَلَا تَقْرَبُوْا مَالَ الْیَتِیْمِ اِلَّا بِالَّتِیْ هِیَ اَحْسَنُ حَتّٰی یَبْلُغَ اَشُدَّهٗ ۪ وَاَوْفُوْا بِالْعَهْدِ ۚ اِنَّ الْعَهْدَ كَانَ مَسْـُٔوْلًا ۟","assameseTranslation":"আৰু ইয়াতীম (অনাথ) প্ৰাপ্ত বয়স্ক নোহোৱালৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা; নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ’ব।","footnotes":"","tafseer":"এতীম বা অনাথ ল’ৰা ছোৱালী প্ৰাপ্তবয়স্কত উপনীত নোহোৱালৈকে সিহঁতৰ ধন-সম্পদ সুৰক্ষিত ৰখাৰ উদ্দেশ্যে আৰু বৃদ্ধি কৰাৰ বাহিৰে বেলেগ কামত ব্যৱহাৰ নকৰিবা। আল্লাহ আৰু তোমালোকৰ মাজৰ অঙ্গীকাৰ তথা তোমালোকৰ আৰু বান্দাসকলৰ মাজৰ প্ৰতিশ্ৰুতি পৰিপূৰ্ণৰূপে পূৰণ কৰিবা। নিশ্চয় আল্লাহে কিয়ামতৰ দিনা প্ৰতিশ্ৰুতি দিয়া ব্যক্তিক প্ৰশ্ন কৰিব যে, সি প্ৰতিশ্ৰুতি পালন কৰিছেনে নাই। যদি প্ৰতিশ্ৰুতি পালন কৰি থাকে তেন্তে ছোৱাব পাব, আৰু যদি পালন কৰা নাই তেন্তে শাস্তিৰ সন্মুখীন হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017034.mp3"},{"index":"35","arabicText":"وَاَوْفُوا الْكَیْلَ اِذَا كِلْتُمْ وَزِنُوْا بِالْقِسْطَاسِ الْمُسْتَقِیْمِ ؕ ذٰلِكَ خَیْرٌ وَّاَحْسَنُ تَاْوِیْلًا ۟","assameseTranslation":"আৰু ওজন কৰি দিয়াৰ সময়ত পূৰ্ণমাত্ৰাত ওজন কৰি দিবা, আৰু ওজন কৰিবা সঠিক তুলাচনীত, এইটোৱে হৈছে উত্তম আৰু পৰিণামত উৎকৃষ্ট।","footnotes":"","tafseer":"আনক ওজন কৰি দিওঁতে পৰিপূৰ্ণৰূপে ওজন কৰি দিবা, অলপো কমাই নিদিবা। এনেকুৱা তুলাচনীৰে ওজন কৰিবা যিটোত হ্ৰাস হোৱাৰ সম্ভাৱনা নাথাকে। এনেকৈ পৰিপূৰ্ণ ওজন কৰাটো তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতত কল্যাণকৰ, ইপিনে পৰিণামৰ দৃষ্টিতো ওজনত কম দিয়াতকৈ উত্তম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017035.mp3"},{"index":"36","arabicText":"وَلَا تَقْفُ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ ؕ اِنَّ السَّمْعَ وَالْبَصَرَ وَالْفُؤَادَ كُلُّ اُولٰٓىِٕكَ كَانَ عَنْهُ مَسْـُٔوْلًا ۟","assameseTranslation":"আৰু যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা; নিশ্চয় কাণ, চকু আৰু হৃদয়- ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ’ব।","footnotes":"","tafseer":"হে আদম সন্তান! যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেইটোৰ অনুসৰণ নকৰিবা। অন্যথা তোমালোকে অনুমান তথা আন্দাজৰ অনুসাৰী হৈ যাবা। নিশ্চয় মানুহক সিহঁতৰ চকু, কাণ আৰু অন্তৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সেইবোৰক ভাল কামত ব্যৱহাৰ কৰিছিল নে বেয়া কামত। যদি ভাল কামত ব্যৱহাৰ কৰিছিল তেন্তে ছোৱাব পাব, আনহাতে যদি বেয়া কামত ব্যৱহাৰ কৰিছিল তেন্তে শাস্তি ভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017036.mp3"},{"index":"37","arabicText":"وَلَا تَمْشِ فِی الْاَرْضِ مَرَحًا ۚ اِنَّكَ لَنْ تَخْرِقَ الْاَرْضَ وَلَنْ تَبْلُغَ الْجِبَالَ طُوْلًا ۟","assameseTranslation":"আৰু পৃথিৱীত ফুটনিমাৰি নুফুৰিবা, নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠক বিদীৰ্ণ কৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বত-সমান উচ্চতা লাভ কৰিব নোৱাৰিবা।","footnotes":"","tafseer":"পৃথিৱীত অহংকাৰ আৰু স্বৈৰাচাৰী হৈ চলা ফুৰা নকৰিবা। নিশ্চয় এনেকুৱা গৌৰৱ অহংকাৰ কৰি তোমালোকে ভৰিৰে পৃথিৱীক বিদীৰ্ণ কৰিব নোৱাৰিবা, আৰু তোমালোকৰ উচ্চতাও পৰ্বত সমান হ'ব নোৱাৰে। তেন্তে অহংকাৰ কিহৰ?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017037.mp3"},{"index":"38","arabicText":"كُلُّ ذٰلِكَ كَانَ سَیِّئُهٗ عِنْدَ رَبِّكَ مَكْرُوْهًا ۟","assameseTranslation":"এই সকলোবোৰ হৈছে বেয়া কৰ্ম, তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয়।","footnotes":"","tafseer":"হে মানৱ! উপৰোক্ত সকলো বেয়া কৰ্ম হৈছে তোমাৰ প্ৰতিপালকৰ ওচৰত নিষিদ্ধ। এইবোৰ কৰ্ম কৰা ব্যক্তিৰ প্ৰতি আল্লাহ কেতিয়াও সন্তুষ্ট নহয়, বৰং ক্ৰোধান্বিত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017038.mp3"},{"index":"39","arabicText":"ذٰلِكَ مِمَّاۤ اَوْحٰۤی اِلَیْكَ رَبُّكَ مِنَ الْحِكْمَةِ ؕ وَلَا تَجْعَلْ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتُلْقٰی فِیْ جَهَنَّمَ مَلُوْمًا مَّدْحُوْرًا ۟","assameseTranslation":"তোমাৰ প্ৰতিপালকে অহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত; আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ’বা।","footnotes":"","tafseer":"যিবোৰ আদেশ-নিষেধ আৰু বিধি-বিধান আমি বৰ্ণনা কৰিলোঁ, এইবোৰ হৈছে সেইসমূহ হিকমত, যিবোৰ আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি অহী কৰিছে। হে মানৱ! তোমালোকে আল্লাহৰ লগত আন কোনো উপাস্যক অংশীদাৰ নকৰিবা। অন্যথা কিয়ামতৰ দিনা তোমাক প্ৰত্যেক কল্যাণৰ পৰা বঞ্চিত কৰি জাহান্নামত নিক্ষেপ কৰা হ'ব। তেতিয়া তুমিও নিজকে ভৰ্ৎসনা কৰিবা আৰু মানুহেও তোমাক ভৰ্ৎসনা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017039.mp3"},{"index":"40","arabicText":"اَفَاَصْفٰىكُمْ رَبُّكُمْ بِالْبَنِیْنَ وَاتَّخَذَ مِنَ الْمَلٰٓىِٕكَةِ اِنَاثًا ؕ اِنَّكُمْ لَتَقُوْلُوْنَ قَوْلًا عَظِیْمًا ۟۠","assameseTranslation":"(কি আচৰিত!) তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজে ফিৰিস্তাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে নেকি? নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ আছা।","footnotes":"","tafseer":"হে সেইসকল ব্যক্তি! যিসকলে দাবী কৰে যে, ফিৰিস্তাসকল হৈছে আল্লাহৰ জীয়ৰি। কোৱাচোন তোমালোকে, আল্লাহে পুত্ৰ সন্তান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট কৰিছে নেকি? আৰু ফিৰিস্তাসকলক নিজৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰিছে নেকি? নিশ্চয় মহান আল্লাহ তোমালোকৰ এনেকুৱা উদ্ভট মন্তব্যৰ পৰা পৱিত্ৰ। তোমালোকে তেওঁৰ সৈতে সন্তানৰ বিষয়টো সম্পৃক্ত কৰি অত্যন্ত বেয়া কাম কৰিছা, তেওঁৰ কন্যা সন্তান থকা বুলি তোমালোকৰ ধাৰণাটো হৈছে গভীৰ কুফৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017040.mp3"},{"index":"41","arabicText":"وَلَقَدْ صَرَّفْنَا فِیْ هٰذَا الْقُرْاٰنِ لِیَذَّكَّرُوْا ؕ وَمَا یَزِیْدُهُمْ اِلَّا نُفُوْرًا ۟","assameseTranslation":"আৰু নিশ্চয় আমি এই কোৰআনত (বহু বিষয়) বাৰে বাৰে বিবৃত কৰিছোঁ যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। কিন্তু সিহঁতৰ বিমুখতাহে বৃদ্ধি পায়।","footnotes":"","tafseer":"নিশ্চয় আমি এই কোৰআনত আহকাম, উপদেশ আৰু বিভিন্ন উপমা-উদাহৰণ স্পষ্টৰূপে বৰ্ণনা কৰি দিছোঁ। যাতে মানুহে ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰিব পাৰে আৰু সেই পথত পৰিচালিত হ'ব পাৰে, যি পথ সিহঁতৰ বাবে উপকাৰী। লগতে সেইবোৰ যাতে পৰিত্যাগ কৰে যিবোৰ সিহঁতৰ বাবে ক্ষতিকাৰক। প্ৰকৃততে যিসকলৰ স্বভাৱত বক্ৰতা আছে সিহঁতে ইয়াৰ পৰা আৰু সত্যৰ পৰা আঁতৰি যায়, লগতে ঘৃণা কৰিবলৈ ধৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017041.mp3"},{"index":"42","arabicText":"قُلْ لَّوْ كَانَ مَعَهٗۤ اٰلِهَةٌ كَمَا یَقُوْلُوْنَ اِذًا لَّابْتَغَوْا اِلٰی ذِی الْعَرْشِ سَبِیْلًا ۟","assameseTranslation":"কোৱা, ‘যদি তেওঁৰ লগত আন কোনো ইলাহ থাকিলহেঁতেন, যিদৰে সিহঁতে দাবী কৰি কয়, তেন্তে সিহঁতেও আৰছ-অধিপতিৰ (নৈকট্য লাভৰ) উপায় অন্বেষণ কৰি ফুৰিলেহেঁতেন’।","footnotes":"","tafseer":"হে ৰাছুল! এই মুশ্বৰিকসকলক জনাই দিয়ক, আল্লাহৰ বাহিৰে যদি আন কোনো উপাস্য থাকিলহেঁতেন, যিদৰে সিহঁতে মিছা আৰোপ কৰে, তেন্তে সেই তথাকথিত উপাস্যবোৰে মিলি মহা আৰশ্বৰ মালিক আল্লাহক বিচাৰিবলৈ পথ সন্ধান কৰিলেহেঁতেন, যাতে তেওঁক পৰাজিত কৰি ৰাজত্ব প্ৰতিষ্ঠা কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017042.mp3"},{"index":"43","arabicText":"سُبْحٰنَهٗ وَتَعٰلٰی عَمَّا یَقُوْلُوْنَ عُلُوًّا كَبِیْرًا ۟","assameseTranslation":"তেওঁ পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু উৰ্ধ্বত।","footnotes":"","tafseer":"আল্লাহ সেই সকলো বিষয়ৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ প্ৰতি মিছা আৰোপ কৰে। সিহঁতে ধাৰণা কৰা বিষয়তকৈ তেওঁ সৰ্বোচ্চ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017043.mp3"},{"index":"44","arabicText":"تُسَبِّحُ لَهُ السَّمٰوٰتُ السَّبْعُ وَالْاَرْضُ وَمَنْ فِیْهِنَّ ؕ وَاِنْ مِّنْ شَیْءٍ اِلَّا یُسَبِّحُ بِحَمْدِهٖ وَلٰكِنْ لَّا تَفْقَهُوْنَ تَسْبِیْحَهُمْ ؕ اِنَّهٗ كَانَ حَلِیْمًا غَفُوْرًا ۟","assameseTranslation":"সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলো তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ প্ৰশংসা সহকাৰে পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা বিষয়টো তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।","footnotes":"","tafseer":"আকাশমণ্ডলে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰে, পৃথিৱীয়েও তেওঁৰ পৱিত্ৰতাৰ গুণ গান কৰে, তথা আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টিয়ে তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰে, বৰং সকলো বস্তুৱেই তেওঁৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতাৰ গুণ গান কৰে। কিন্তু তোমালোকে সিহঁতৰ পৱিত্ৰতা বৰ্ণনা কৰাৰ ধৰণ বুজি নোপোৱা। কাৰণ তোমালোকে কেৱল সেইটোৱে বুজি পোৱা, যিটো তোমালোকৰ ভাষাত কথা কয়। নিশ্চয় তেওঁ অত্যন্ত সহনশীল, শাস্তি প্ৰদানত খৰখেদা নকৰে; আৰু তাওবাকাৰীসকলৰ প্ৰতি ক্ষমাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017044.mp3"},{"index":"45","arabicText":"وَاِذَا قَرَاْتَ الْقُرْاٰنَ جَعَلْنَا بَیْنَكَ وَبَیْنَ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ حِجَابًا مَّسْتُوْرًا ۟ۙ","assameseTranslation":"আৰু তুমি যেতিয়া কোৰআন পাঠ কৰা তেতিয়া আমি তোমাৰ আৰু সেইসকল লোকৰ মাজত যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ।","footnotes":"","tafseer":"হে ৰাছুল! যেতিয়া আপুনি সতৰ্ক আৰু উপদেশমূলক আয়াত সম্বলিত কোৰআন তিলাৱত কৰে, তেতিয়া আমি সেইসকল লোকৰ মাজত এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ যিসকলে আপোনাৰ প্ৰতি আৰু কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে। সিহঁতে সত্যৰ পৰা আঁতৰি যোৱাৰ কাৰণে শাস্তি প্ৰদানৰ উদ্দেশ্যৰে সিহঁতক কোৰআন বুজাৰ পৰা বঞ্চিত কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017045.mp3"},{"index":"46","arabicText":"وَّجَعَلْنَا عَلٰی قُلُوْبِهِمْ اَكِنَّةً اَنْ یَّفْقَهُوْهُ وَفِیْۤ اٰذَانِهِمْ وَقْرًا ؕ وَاِذَا ذَكَرْتَ رَبَّكَ فِی الْقُرْاٰنِ وَحْدَهٗ وَلَّوْا عَلٰۤی اَدْبَارِهِمْ نُفُوْرًا ۟","assameseTranslation":"আৰু আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ ৰাখি দিছোঁ যাতে সিহঁতে সেয়া বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত দিছোঁ বধিৰতা; সেয়ে যেতিয়া তুমি কোৰআনৰ পৰা উল্লেখ কৰা যে, ‘তোমাৰ প্ৰতিপালক কেৱল এজন’, তেতিয়া সিহঁতে পিঠি দেখুৱাই আঁতৰি যায়।","footnotes":"","tafseer":"আমি সিহঁতৰ অন্তৰত পৰ্দা আঁৰি দিওঁ, যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে। সিহঁতৰ শ্ৰৱণশক্তি গধূৰ কৰি দিওঁ যাতে সিহঁতে উপকৃত হোৱাৰ বাবে শুনিব নোৱাৰে। কোৰআনত আপুনি যেতিয়া অকল আল্লাহৰেই কথা কয় আৰু সিহঁতৰ তথাকথিত উপাস্যবোৰৰ কথা উল্লেখ নকৰে, তেতিয়া সিহঁতে পিছমোৱা হৈ উভতি যায়। তথা আল্লাহৰ নিৰ্ভেজাল তাওহীদৰ পৰা আঁতৰি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017046.mp3"},{"index":"47","arabicText":"نَحْنُ اَعْلَمُ بِمَا یَسْتَمِعُوْنَ بِهٖۤ اِذْ یَسْتَمِعُوْنَ اِلَیْكَ وَاِذْ هُمْ نَجْوٰۤی اِذْ یَقُوْلُ الظّٰلِمُوْنَ اِنْ تَتَّبِعُوْنَ اِلَّا رَجُلًا مَّسْحُوْرًا ۟","assameseTranslation":"যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণপাতি শুনে, তেতিয়া সিহঁতে কিয় কাণপাতি শুনে সেই কথা আমি ভালদৰেই জানো আৰু এইটোও জানো যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত যালিমসকলে কয়, ‘নিশ্চয় তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা’।","footnotes":"","tafseer":"সিহঁতৰ মাজৰ নেতৃবৃন্দৰ কোৰআন শ্ৰৱণৰ ধৰণ সম্পৰ্কে আমি ভালদৰেই অৱগত। কোৰআনৰ দ্বাৰা হিদায়ত গ্ৰহণ কৰা সিহঁতৰ উদ্দেশ্য নহয়, বৰং সিহঁতৰ উদ্দেশ্য হৈছে কোৰআন তিলাৱতৰ সময়ত আপোনাৰ উপহাস কৰা আৰু হুলস্থূল কৰা। সিহঁতৰ অস্বীকাৰ আৰু কোৰআনৰ পৰা মানুহক বাধা দিবলৈ সিহঁতে যি যি কৰে সেই সম্পৰ্কে আমি সম্যক অৱগত। এই বিষয়েও আমি জানো যে, কুফৰীৰ জৰিয়তে নিজৰ প্ৰতি অন্যায়কাৰী এই ব্যক্তিসকলে যেতিয়া কয়ঃ তোমালোকে কেৱল এজন যাদুকৰ ব্যক্তিৰহে অনুসৰণ কৰা, যাৰ মগজু বিকৃত হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017047.mp3"},{"index":"48","arabicText":"اُنْظُرْ كَیْفَ ضَرَبُوْا لَكَ الْاَمْثَالَ فَضَلُّوْا فَلَا یَسْتَطِیْعُوْنَ سَبِیْلًا ۟","assameseTranslation":"চোৱা, সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁত সৎপথ পাবলৈ সক্ষম নহয়।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ভাবিলে আচৰিত হ’ব যে, এই লোকসকলে আপোনাক কিমান বেয়া বেয়া বিশেষণেৰে বিশেষিত কৰিছে। এতেকে সিহঁতে সত্যৰ পৰা আঁতৰি গুমৰাহিত পতিত হৈছে, এতেকে কেতিয়াও সিহঁতে সত্যৰ পথ বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017048.mp3"},{"index":"49","arabicText":"وَقَالُوْۤا ءَاِذَا كُنَّا عِظَامًا وَّرُفَاتًا ءَاِنَّا لَمَبْعُوْثُوْنَ خَلْقًا جَدِیْدًا ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘আমি যেতিয়া অস্থিত পৰিণত হম আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ’ব নেকি’?","footnotes":"","tafseer":"মুশ্বৰিকসকলে পুনৰুত্থানক অস্বীকাৰ কৰি কয়ঃ আমি মৃত্যুবৰণ কৰাৰ পাচত যেতিয়া গেলি পচি হাড়ত পৰিণত হম আৰু আমাৰ শৰীৰ মাটিত মিহলি যাব, তাৰ পিছতো আমাক নতুনকৈ উঠোৱা হ’ব নেকি? নিশ্চয় এয়া অসম্ভৱ কথা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017049.mp3"},{"index":"50","arabicText":"قُلْ كُوْنُوْا حِجَارَةً اَوْ حَدِیْدًا ۟ۙ","assameseTranslation":"কোৱা, ‘যদি তোমালোকে শিল বা লো হৈ যোৱা,","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কওক যে, তোমালোকে যদি শিলৰ দৰে কঠিন আৰু লোৰ দৰে মজবুত হ'ব পাৰা তেন্তে হোৱা, কিন্তু এনেকুৱা কেতিয়াও হ'ব নোৱাৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017050.mp3"},{"index":"51","arabicText":"اَوْ خَلْقًا مِّمَّا یَكْبُرُ فِیْ صُدُوْرِكُمْ ۚ فَسَیَقُوْلُوْنَ مَنْ یُّعِیْدُنَا ؕ قُلِ الَّذِیْ فَطَرَكُمْ اَوَّلَ مَرَّةٍ ۚ فَسَیُنْغِضُوْنَ اِلَیْكَ رُءُوْسَهُمْ وَیَقُوْلُوْنَ مَتٰی هُوَ ؕ قُلْ عَسٰۤی اَنْ یَّكُوْنَ قَرِیْبًا ۟","assameseTranslation":"‘অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ অন্তৰত বৰ ডাঙৰ বুলি ভবা’; (তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ’ব) ইয়াৰ পিছতো সিহঁতে ক’ব, ‘কোনে আমাক পুনৰুত্থিত কৰিব’? কোৱা, ‘তেৱেঁই কৰিব, যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল’। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, ‘সেইটোনো কেতিয়া হ’ব? কোৱা, ‘সম্ভৱতঃ সেয়া অতি শীঘ্ৰেই হ’ব’।","footnotes":"","tafseer":"এই দুটাতকৈও যদি ডাঙৰ কিবা হ'ব বিচৰা তেন্তে হোৱা, তথাপিও আল্লাহে তোমালোকক পুনৰ উত্থিত কৰিব, যিদৰে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল। এই স্বৈৰাচাৰী লোকসকলে ক'বঃ আমাৰ মৃত্যুৰ পিছত আকৌ আমাক কোনে জীৱিত কৰিব? আপুনি সিহঁতক কৈ দিয়কঃ তেৱেঁই তোমালোকক পুনৰ জীৱিত কৰিব যিয়ে তোমালোকক প্ৰথমবাৰ পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছিল। তেতিয়া সিহঁতে মূৰ দোৱাই আপোনাৰ উপহাস কৰি উত্তৰ দিবঃ এই পুনৰুত্থান কেতিয়া সংঘটিত হ'ব? আপুনি কৈ দিয়ক, সম্ভৱতঃ অতি সোনকালে, কিয়নো আহিবলগীয়া সকলো বিষয়েই হৈছে নিকটৱৰ্তী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017051.mp3"},{"index":"52","arabicText":"یَوْمَ یَدْعُوْكُمْ فَتَسْتَجِیْبُوْنَ بِحَمْدِهٖ وَتَظُنُّوْنَ اِنْ لَّبِثْتُمْ اِلَّا قَلِیْلًا ۟۠","assameseTranslation":"যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা, লগতে তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময়হে অৱস্থান কৰিছিলা।","footnotes":"","tafseer":"আল্লাহে তোমালোকক সেইদিনা পুনৰ জীৱিত কৰিব যিদিনা তেওঁ তোমালোকক হাশ্বৰৰ ময়দানলৈ আহ্বান কৰিব। সেইদিনা তোমালোকে তেওঁৰ আদেশ পালন কৰি, তেওঁৰ প্ৰশংসাৰ সৈতে এই কথা স্বীকাৰ কৰিবা, আৰু সেইদিনা তোমালোকে পতিয়ন যাবা যে, পৃথিৱীত তোমালোকে কেৱল কেইটামান দিনহে অতিবাহিত কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017052.mp3"},{"index":"53","arabicText":"وَقُلْ لِّعِبَادِیْ یَقُوْلُوا الَّتِیْ هِیَ اَحْسَنُ ؕ اِنَّ الشَّیْطٰنَ یَنْزَغُ بَیْنَهُمْ ؕ اِنَّ الشَّیْطٰنَ كَانَ لِلْاِنْسَانِ عَدُوًّا مُّبِیْنًا ۟","assameseTranslation":"আৰু মোৰ বান্দাসকলক কোৱা, তেওঁলোকে যেন এনেকুৱা কথা কয়, যিটো উত্তম। নিশ্চয় চয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু।","footnotes":"","tafseer":"হে ৰাছুল! মোৰ মুমিন বান্দাসকলক আপুনি কৈ দিয়ক যে, তেওঁলোকে সম্বোধন কৰাৰ সময়ত যাতে উত্তম কথা কয়, ঘৃণনীয় বেয়া কথা যাতে পৰিহাৰ কৰে। কিয়নো চয়তানে এনেকুৱা কথাৰ জৰিয়তেই পাকে প্ৰকাৰে তেওঁৰ পৃথিৱী আৰু আখিৰাত বিনষ্ট কৰাৰ প্ৰয়াস কৰে। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু। গতিকে ইয়াৰ পৰা সতৰ্ক থকা অনিবাৰ্য্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017053.mp3"},{"index":"54","arabicText":"رَبُّكُمْ اَعْلَمُ بِكُمْ ؕ اِنْ یَّشَاْ یَرْحَمْكُمْ اَوْ اِنْ یَّشَاْ یُعَذِّبْكُمْ ؕ وَمَاۤ اَرْسَلْنٰكَ عَلَیْهِمْ وَكِیْلًا ۟","assameseTranslation":"তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে, অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তিও দিব পাৰে, (আৰু হে নবী!) আমি তোমাক সিহঁতৰ ওপৰত কৰ্মবিধায়ক কৰি পঠোৱা নাই।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ বিষয়ে তোমালোকৰ প্ৰতিপালকে ভালদৰেই অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। যদি তেওঁ তোমালোকৰ প্ৰতি দয়া কৰিব বিচাৰে তেন্তে ঈমান আৰু নেক কৰ্মৰ তাওফীক প্ৰদান কৰি দয়া কৰে। আনহাতে শাস্তি দিব বিচাৰিলে তেওঁ তোমালোকক ঈমানৰ পৰা বঞ্চিত কৰি দিয়ে আৰু কুফৰী অৱস্থাত মৃত্যু প্ৰদান কৰায়। হে ৰাছুল! আমি আপোনাক সিহঁতৰ প্ৰতি নিৰীক্ষক বনাই প্ৰেৰণ কৰা নাই যে আপুনি সিহঁতক ঈমান আনিবলৈ বাধ্য কৰিব আৰু কুফৰীৰ পৰা বিৰত ৰাখিব তথা সিহঁতৰ কৰ্ম গণি ৰাখিব। বৰং আপোনাৰ দায়িত্ব হৈছে কেৱল সেই বিষয়টো অৱগত কৰোৱা, যিটো অৱগত কৰাবলৈ আল্লাহে আপোনাক আদেশ দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017054.mp3"},{"index":"55","arabicText":"وَرَبُّكَ اَعْلَمُ بِمَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ وَلَقَدْ فَضَّلْنَا بَعْضَ النَّبِیّٖنَ عَلٰی بَعْضٍ وَّاٰتَیْنَا دَاوٗدَ زَبُوْرًا ۟","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। নিশ্চয় আমি নবীসকলৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছোঁ আৰু দাউদক প্ৰদান কৰিছিলোঁ ঝাবূৰ।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক প্ৰত্যেক সেই বস্তু সম্পৰ্কে পৰিপূৰ্ণ অৱগত, যিবোৰ আকাশমণ্ডল আৰু পৃথিৱীত আছে, তথা তেওঁ সেইবোৰৰ পৰিস্থিতি সম্পৰ্কেও অৱগত, লগতে এই কথাও জানে যে সেইবোৰ কিহৰ যোগ্য। নিশ্চয় আমি কিছুমান নবীক আন কিছুমান নবীৰ ওপৰত প্ৰাধান্য দিছোঁ অধিক অনুসাৰী প্ৰদান কৰি আৰু গ্ৰন্থ প্ৰদান কৰি। লগতে দাঊদক প্ৰদান কৰিছিলোঁ এখন গ্ৰন্থ, যাৰ নাম হৈছে ঝাবুৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017055.mp3"},{"index":"56","arabicText":"قُلِ ادْعُوا الَّذِیْنَ زَعَمْتُمْ مِّنْ دُوْنِهٖ فَلَا یَمْلِكُوْنَ كَشْفَ الضُّرِّ عَنْكُمْ وَلَا تَحْوِیْلًا ۟","assameseTranslation":"কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা, তোমালোকৰ দুখ-দৈন্য দূৰ কৰাৰ বা পৰিবৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, হে মুশ্বৰিকসকল! তোমালোকৰ ওপৰত যদি কোনো বিপদ-আপদ আহে, সেই সময়ত তোমালোকে তোমালোকৰ সেইবোৰ উপাস্যক আহ্বান কৰাচোন, যিবোৰক তোমালোকে উপাস্য বুলি ধাৰণা কৰা, তেতিয়া নিশ্চয় গম পাবা যে, সিহঁতে তোমালোকৰ পৰা সেইটোক কেতিয়াও দূৰ কৰিবলৈ সক্ষম নহয়, আনকি সেইটোক স্থানান্তৰো কৰিব নোৱাৰে। এতেকে যিজন অপাৰগ, সি কেতিয়াও উপাস্য হ'ব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017056.mp3"},{"index":"57","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ یَدْعُوْنَ یَبْتَغُوْنَ اِلٰی رَبِّهِمُ الْوَسِیْلَةَ اَیُّهُمْ اَقْرَبُ وَیَرْجُوْنَ رَحْمَتَهٗ وَیَخَافُوْنَ عَذَابَهٗ ؕ اِنَّ عَذَابَ رَبِّكَ كَانَ مَحْذُوْرًا ۟","assameseTranslation":"সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটৱৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।","footnotes":"","tafseer":"ইহঁতে যিসকল ফিৰিস্তা আৰু অন্যান্য লোকক উপাস্য বুলি ভাবে, স্বয়ং তেওঁলোকেই সৎকৰ্মৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভৰ প্ৰয়াস কৰে, তথা আনুগত্যৰ দ্বাৰা নৈকট্য প্ৰাপ্তিৰ ক্ষেত্ৰত ইজনে সিজনৰ লগত প্ৰতিযোগিতা কৰে। তেওঁলোকে আল্লাহৰ দয়া কামনা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকৰ শাস্তি এটা ভয় কৰিবলগীয়া বিষয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017057.mp3"},{"index":"58","arabicText":"وَاِنْ مِّنْ قَرْیَةٍ اِلَّا نَحْنُ مُهْلِكُوْهَا قَبْلَ یَوْمِ الْقِیٰمَةِ اَوْ مُعَذِّبُوْهَا عَذَابًا شَدِیْدًا ؕ كَانَ ذٰلِكَ فِی الْكِتٰبِ مَسْطُوْرًا ۟","assameseTranslation":"আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি নিবিহিম; এয়াতো কিতাবত লিপিবদ্ধ আছে।","footnotes":"","tafseer":"আমি প্ৰত্যেক কুফৰী কৰা গাঁও অথবা চহৰৰ অধিবাসীসকলক পাৰ্থিৱ জীৱনতে সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিছোঁ অথবা ধ্বংস কৰি পেলাইছোঁ, নাইবা কঠিন শাস্তিত পতিত কৰিছোঁ, যেনে হত্যা আৰু অন্যান্য শাস্তি। এই শাস্তি আৰু ধ্বংস আছিল আল্লাহৰ পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত, যিটো লওহে মাহফুজত লিপিবদ্ধ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017058.mp3"},{"index":"59","arabicText":"وَمَا مَنَعَنَاۤ اَنْ نُّرْسِلَ بِالْاٰیٰتِ اِلَّاۤ اَنْ كَذَّبَ بِهَا الْاَوَّلُوْنَ ؕ وَاٰتَیْنَا ثَمُوْدَ النَّاقَةَ مُبْصِرَةً فَظَلَمُوْا بِهَا ؕ وَمَا نُرْسِلُ بِالْاٰیٰتِ اِلَّا تَخْوِیْفًا ۟","assameseTranslation":"আৰু আমি নিদৰ্শন প্ৰেৰণ নকৰাৰ কেৱল এইটোৱে কাৰণ যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলে ইয়াক অস্বীকাৰ কৰিছিল। আমি শিক্ষামূলক নিদৰ্শন স্বৰূপে ছামূদ জাতিক উট প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইটোৰ প্ৰতি অত্যাচাৰ কৰিছিল। আমি কেৱল ভয় দেখুৱাৰ কাৰণেহে নিদৰ্শন প্ৰেৰণ কৰোঁ।","footnotes":"","tafseer":"(মুশ্বৰিকসকলৰ চাহিদা মতে) ৰাছুলৰ সত্যতা প্ৰমাণ কৰিবলৈ আমি বাস্তৱ অনুভৱ কৰিব পৰা নিদৰ্শন অৱতীৰ্ণ কৰা এৰি দিছোঁ, যিদৰে মুশ্বৰিকসকলে মৃত ব্যক্তিক জীৱিত কৰাৰ আবেদন উত্থাপন কৰি থাকে, কিয়নো আমি পূৰ্বৱৰ্তী উম্মতৰ মাজত এনেকুৱা নিদৰ্শনো প্ৰদৰ্শন কৰোৱাইছিলোঁ কিন্তু তথাপিও সিহঁতে অস্বীকাৰ কৰিছিল। উদাহৰণস্বৰূপে আমি ছামূদ সম্প্ৰদায়ক প্ৰকাশ্য মহা নিদৰ্শন প্ৰদান কৰিছিলোঁ, সেয়া আছিল উট। কিন্তু সিহঁতে সেইটোক অস্বীকাৰ কৰিছিল, ফলত আমিও সিহঁতক শাস্তিত পতিত কৰিছিলোঁ। আমি ৰাছুলৰ জৰিয়তে নিদৰ্শনসমূহ কেৱল এইকাৰণে প্ৰেৰণ কৰোঁ, যাতে তেওঁলোকৰ উম্মতৰ লোকসকলে ভয় কৰে, আৰু ইছলাম গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017059.mp3"},{"index":"60","arabicText":"وَاِذْ قُلْنَا لَكَ اِنَّ رَبَّكَ اَحَاطَ بِالنَّاسِ ؕ وَمَا جَعَلْنَا الرُّءْیَا الَّتِیْۤ اَرَیْنٰكَ اِلَّا فِتْنَةً لِّلنَّاسِ وَالشَّجَرَةَ الْمَلْعُوْنَةَ فِی الْقُرْاٰنِ ؕ وَنُخَوِّفُهُمْ ۙ فَمَا یَزِیْدُهُمْ اِلَّا طُغْیَانًا كَبِیْرًا ۟۠","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাক কৈছিলোঁ যে, নিশ্চয় তোমাৰ প্ৰতিপালকে মানুহক পৰিবেষ্টন কৰি আছে। আমি যি দৃশ্য তোমাক দেখুৱাইছোঁ সেইটো আৰু কোৰআনত উল্লেখিত অভিশপ্ত গছটোও কেৱল মানুহৰ পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ। আমি সিহঁতক ভয় দেখুৱাওঁ, কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি কৈছিলোঁঃ নিশ্চয় আপোনাৰ প্ৰতিপালকে ক্ষমতাৰ দ্বাৰা মানুহক পৰিবেষ্টন কৰি আছে, সিহঁত তেওঁৰ অধীনস্থ। নিশ্চয় আল্লাহে আপোনাক সিহঁতৰ পৰা সুৰক্ষা প্ৰদান কৰিব। এতেকে আপুনি সেইটো প্ৰচাৰ কৰি যাওক, যিটো প্ৰচাৰ কৰাৰ আদেশ আপোনাক দিয়া হৈছে। মিৰাজৰ ৰাতি আপোনাক প্ৰকাশ্যভাৱে যিবোৰ নিদৰ্শন দেখুৱাইছোঁ, সেইবোৰক মানুহৰ বাবে পৰীক্ষামূলক কৰি দিয়া হৈছে, সিহঁতে ইয়াৰ সত্যতাক স্বীকাৰ কৰে নে অস্বীকাৰ কৰে। কোৰআনত আমি যাক্কুম গছ সম্পৰ্কে যি বৰ্ণনা কৰিছোঁ যে, সেই গছজোপা জাহান্নামৰ একেবাৰে নিম্ন স্তৰত উৎপত্তি হয়, প্ৰকৃততে এইটো হৈছে সিহঁতৰ বাবে এটা পৰীক্ষা। যদি সিহঁতে এই দুটা নিদৰ্শনক নামানে তেন্তে সিহঁতে অন্যান্য নিদৰ্শনকো নামানিব। দৰাচলতে নিদৰ্শন অৱতীৰ্ণ কৰি আমি সিহঁতক ভীত-সন্ত্ৰস্ত কৰিব বিচাৰোঁ, কিন্তু ইয়াৰ দ্বাৰা সিহঁতৰ কুফৰীহে বৃদ্ধি পায় আৰু সিহঁত গুনাহৰ ফালে আৰু অধিক অগ্ৰসৰ হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017060.mp3"},{"index":"61","arabicText":"وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ قَالَ ءَاَسْجُدُ لِمَنْ خَلَقْتَ طِیْنًا ۟ۚ","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমক ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল। সি কৈছিল, ‘মই ইয়াক ছাজদাহ কৰিমনে, যাক তুমি বোকা মাটিৰে সৃষ্টি কৰিছা’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁঃ আদমৰ সন্মুখত ছালামী ছাজদাহ কৰা, এই ছাজদাহ ইবাদতৰ ছাজদাহ নহয়। এতেকে এই আদেশ পালন কৰি সকলোৱে ছাজদাহ কৰিলে, কিন্তু ইবলিছে অহংকাৰ কৰি ছাজদাহ নকৰিলে আৰু ক'লেঃ মই এনেকুৱা এজনক ছাজদাহ কৰিম নেকি, যাক তুমি মাটিৰে সৃষ্টি কৰিছা; অথচ মই অগ্নি শিখাৰে সৃষ্ট? নিশ্চয় মই ইয়াতকৈ উত্তম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017061.mp3"},{"index":"62","arabicText":"قَالَ اَرَءَیْتَكَ هٰذَا الَّذِیْ كَرَّمْتَ عَلَیَّ ؗ لَىِٕنْ اَخَّرْتَنِ اِلٰی یَوْمِ الْقِیٰمَةِ لَاَحْتَنِكَنَّ ذُرِّیَّتَهٗۤ اِلَّا قَلِیْلًا ۟","assameseTranslation":"সি (আৰু) কৈছিল, ‘চোৱাচোন! এইজন যাক তুমি মোৰ ওপৰত মৰ্যাদা দান কৰিলা, কিয়ামতৰ দিৱসলৈকে যদি তুমি মোক অৱকাশ দিয়া, তেনেহ’লে শপত কৰি কৈছোঁ, মই কিছু সংখ্যকৰ বাহিৰে ইয়াৰ গোটেই বংশধৰক নিশ্চয় মোৰ কৰ্তৃত্বাধীন কৰি পেলাম’।","footnotes":"","tafseer":"ইবলিছে নিজ প্ৰতিপালকক সম্বোধন কৰি ক'লেঃ এইটোৱেই সেই মখলুকনে, যাক ছাজদাহ কৰিবলৈ আদেশ প্ৰদান কৰি তুমি তাক মোৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছা? যদি তুমি মোক পাৰ্থিৱ জীৱনৰ শেষলৈকে জীৱিত ৰাখা তেন্তে নিশ্চয় মই ইয়াৰ সন্তানসকলক নিজৰ ফালে আকৰ্ষিত কৰিম আৰু সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিম। কিন্তু ইয়াৰ পৰা কেৱল সেইসকল লোকেই সুৰক্ষিত থাকিব, যাক তুমি সুৰক্ষা প্ৰদান কৰিবা, তেওঁলোক হৈছে তোমাৰ প্ৰকৃত বান্দা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017062.mp3"},{"index":"63","arabicText":"قَالَ اذْهَبْ فَمَنْ تَبِعَكَ مِنْهُمْ فَاِنَّ جَهَنَّمَ جَزَآؤُكُمْ جَزَآءً مَّوْفُوْرًا ۟","assameseTranslation":"আল্লাহে ক’লে, ‘যোৱা, এতেকে সিহঁতৰ মাজৰ যিয়ে তোমাৰ অনুসৰণ কৰিব, নিশ্চয় পূৰ্ণ প্ৰতিদান হিচাপে জাহান্নামেই হ’ব তোমালোক সকলোৰে প্ৰতিদান’।","footnotes":"","tafseer":"আল্লাহে তাক ক'লেঃ তই আৰু তোৰ অনুসাৰীসকল দূৰ হ। নিশ্চয় জাহান্নামেই হৈছে তোৰ আৰু সিহঁতৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017063.mp3"},{"index":"64","arabicText":"وَاسْتَفْزِزْ مَنِ اسْتَطَعْتَ مِنْهُمْ بِصَوْتِكَ وَاَجْلِبْ عَلَیْهِمْ بِخَیْلِكَ وَرَجِلِكَ وَشَارِكْهُمْ فِی الْاَمْوَالِ وَالْاَوْلَادِ وَعِدْهُمْ ؕ وَمَا یَعِدُهُمُ الشَّیْطٰنُ اِلَّا غُرُوْرًا ۟","assameseTranslation":"‘আৰু তোমাৰ কণ্ঠৰে সিহঁতৰ মাজৰ যাকে পাৰা পদস্খলিত কৰাগৈ, তোমাৰ অশ্বাৰোহী আৰু পদাতিক বাহিনীৰ দ্বাৰা সিহঁতক আক্ৰমণ কৰা আৰু সিহঁতৰ ধন-সম্পদ লগতে সন্তান-সন্ততিত অংশী হোৱাগৈ, আৰু সিহঁতক প্ৰতিশ্ৰুতি দিয়া’। অৱশ্যে চয়তানে ছলনাৰ বাহিৰে সিহঁতক কোনো প্ৰতিশ্ৰুতিয়ে নিদিয়ে।","footnotes":"","tafseer":"যা তোক অৱকাশ দিয়া হ'ল, সিহঁতৰ মাজৰ পৰা যাক ইচ্ছা, নিজৰ আকৰ্ষিত কণ্ঠৰে গুনাহৰ ফালে আকৰ্ষিত কৰগৈ। সিহঁতৰ বিৰুদ্ধে তোৰ অনুসাৰীসকলক খোজকঢ়াই তথা ঘোঁৰাত আৰোহণ কৰাই থিয় কৰোৱা। প্ৰত্যেক চৰীয়ত বিৰোধী কৰ্মত ব্যৱহাৰ কৰা সিহঁতৰ ধন-সম্পত্তিক সৌন্দৰ্য প্ৰদান কৰি সিহঁতৰ অংশীদাৰ হৈ যা। সিহঁতৰ সন্তান-সন্ততিৰ ক্ষেত্ৰতো অংশীদাৰ হৈ যা, মিছা দাবী কৰোৱাই অথবা ব্যভিচাৰৰ জৰিয়তে জন্ম লাভ কৰোৱাই, অথবা আল্লাহৰ বাহিৰে আন বন্দেগীৰ লগত সম্পৃক্ত কৰি নাম ৰখাই। তথা সিহঁতৰ সন্মুখত মিছা প্ৰতিশ্ৰুতি আৰু অসত্য আকাংক্ষাবোৰক সুন্দৰ বনাই উপস্থাপন কৰগৈ। (হে মোৰ প্ৰিয় বান্দাসকল! জানি থোৱা) চয়তানে প্ৰৱঞ্চনা কৰাৰ বাবে কেৱল মিছা প্ৰতিশ্ৰুতিহে দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017064.mp3"},{"index":"65","arabicText":"اِنَّ عِبَادِیْ لَیْسَ لَكَ عَلَیْهِمْ سُلْطٰنٌ ؕ وَكَفٰی بِرَبِّكَ وَكِیْلًا ۟","assameseTranslation":"‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই’। কৰ্মবিধায়ক হিচাপে তোমাৰ প্ৰতিপালকেই যথেষ্ট।","footnotes":"","tafseer":"হে ইবলীছ! নিশ্চয় মোৰ আনুগত্য কৰা মুমিন বান্দাসকলৰ বিৰুদ্ধে তোৰ কোনো চক্ৰান্ত ফলপ্ৰসূ নহ'ব। নিশ্চয় তোৰ অনিষ্টৰ পৰা আল্লাহে সিহঁতক সুৰক্ষা প্ৰদান কৰিব। যিয়ে সকলো ক্ষেত্ৰতে আল্লাহৰ ওপৰত ভৰসা কৰে, তেওঁৰ বাবে আল্লাহেই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017065.mp3"},{"index":"66","arabicText":"رَبُّكُمُ الَّذِیْ یُزْجِیْ لَكُمُ الْفُلْكَ فِی الْبَحْرِ لِتَبْتَغُوْا مِنْ فَضْلِهٖ ؕ اِنَّهٗ كَانَ بِكُمْ رَحِیْمًا ۟","assameseTranslation":"তেৱেঁই তোমালোকৰ প্ৰতিপালক, যিজনে তোমালোকৰ বাবে সাগৰত নৌযান পৰিচালিত কৰায়, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি পৰম দয়ালু।","footnotes":"","tafseer":"হে মানৱজাতি! তেৱেঁই হৈছে তোমালোকৰ প্ৰতিপালক, যিয়ে সাগৰত প্ৰকাণ্ড জাহাজ চলাচল কৰাৰ সুবিধা প্ৰদান কৰিছে, যাতে তোমালোকে ব্যৱসায় বানিজ্যৰ জৰিয়তে তেওঁৰ জীৱিকা অনুসন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি অতি দয়ালু, সেইকাৰণেই তেওঁ তোমালোকক এইবোৰ সুবিধা প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017066.mp3"},{"index":"67","arabicText":"وَاِذَا مَسَّكُمُ الضُّرُّ فِی الْبَحْرِ ضَلَّ مَنْ تَدْعُوْنَ اِلَّاۤ اِیَّاهُ ۚ فَلَمَّا نَجّٰىكُمْ اِلَی الْبَرِّ اَعْرَضْتُمْ ؕ وَكَانَ الْاِنْسَانُ كَفُوْرًا ۟","assameseTranslation":"আৰু যেতিয়া তোমালোকক সাগৰত বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা, সেইবোৰ সেই সময়ত (তোমালোকৰ মনৰ পৰা) উধাও হৈ যায়; এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকে যেতিয়া সাগৰৰ মাজত বিপদত আক্ৰান্ত হোৱা আৰু ধ্বংস হৈ যোৱাৰ উপক্ৰম হোৱা, তেতিয়া তোমালোকে কেৱল আল্লাহকেই স্মৰণ কৰা, আৰু তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰা, অথচ সেইবোৰ উপাস্যৰ কথা পাহৰি যোৱা, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰিছিলা। কিন্তু আল্লাহে যেতিয়া তোমালোকক বিপদৰ পৰা ৰক্ষা কৰে আৰু তোমালোকে স্থলত আহি উপস্থিত হোৱা, তেতিয়া তোমালোকে আল্লাহৰ তাওহীদ আৰু কেৱল তেওঁৰ ওচৰত দুআ কৰাৰ কথা অৱজ্ঞা কৰি মূৰ্তিবোৰৰ পিনে উভতি যোৱা। দৰাচলতে মানুহ হৈছে আল্লাহৰ নিয়ামতৰ অধিক অস্বীকাৰকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017067.mp3"},{"index":"68","arabicText":"اَفَاَمِنْتُمْ اَنْ یَّخْسِفَ بِكُمْ جَانِبَ الْبَرِّ اَوْ یُرْسِلَ عَلَیْكُمْ حَاصِبًا ثُمَّ لَا تَجِدُوْا لَكُمْ وَكِیْلًا ۟ۙ","assameseTranslation":"তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে, তেওঁ তোমালোকক স্থলৰ কোনো অঞ্চলতেই ভূগৰ্ভস্থ নকৰিব, অথবা তোমালোকৰ ওপৰত শিলা বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব? তেতিয়া কিন্তু তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক বিচাৰি নাপাবা।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! আল্লাহে তোমালোকক সাগৰৰ বিপদৰ পৰা ৰক্ষা কৰিছে বুলিয়ে তোমালোকে আন আন বিপদৰ পৰা নিশ্চিন্ত হৈ গৈছা নেকি, তেওঁ তোমালোকক ভূমিস্খলনত পতিত নকৰিব বুলি নিশ্চিন্ত হৈছা নেকি, নে তেওঁ তোমালোকৰ ওপৰত আকাশৰ পৰা শিলাবৃষ্টি বৰ্ষণ নকৰিব বুলি নিশ্চিন্ত হৈছা, যিদৰে লূত সম্প্ৰদায়ৰ প্ৰতি কৰিছিল? এনেকুৱা হ'লে তোমালোকক সুৰক্ষা প্ৰদান কৰিব পৰা কোনো সংৰক্ষক বিচাৰি নাপাবা, আৰু কোনো সহায়কাৰীও বিচাৰি নাপাবা, যিয়ে তোমালোকক ধ্বংসৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017068.mp3"},{"index":"69","arabicText":"اَمْ اَمِنْتُمْ اَنْ یُّعِیْدَكُمْ فِیْهِ تَارَةً اُخْرٰی فَیُرْسِلَ عَلَیْكُمْ قَاصِفًا مِّنَ الرِّیْحِ فَیُغْرِقَكُمْ بِمَا كَفَرْتُمْ ۙ ثُمَّ لَا تَجِدُوْا لَكُمْ عَلَیْنَا بِهٖ تَبِیْعًا ۟","assameseTranslation":"অথবা তোমালোকে এই বিষয়ত নিশ্চিন্ত হৈছা নেকি যে, তেওঁ তোমালোকক দ্বিতীয়বাৰ সাগৰলৈ লৈ নাযাব আৰু তোমালোকৰ বিৰুদ্ধে প্ৰচণ্ড ধুমুহা প্ৰেৰণ নকৰিব আৰু তোমালোকৰ কুফৰী কৰাৰ বাবে তোমালোকক তেওঁ ডুবাই নামাৰিব? তাৰ পিছত তোমালোকে আমাৰ বিৰুদ্ধে কোনো সহায়কাৰী বিচাৰি নাপাবা।","footnotes":"","tafseer":"নে তোমালোকক আল্লাহে পুনৰ সাগৰৰ মাজলৈ নি প্ৰচণ্ড ধুমুহাৰ সন্মুখীন কৰিব নোৱাৰিব বুলি নিশ্চিন্ত হৈছা, কাৰণ আল্লাহে তোমালোকক প্ৰথমবাৰ ৰক্ষা কৰি যি উপকাৰ কৰিছিল তাক তোমালোকে অস্বীকাৰ কৰিছা, এই কুফুৰীৰ কাৰণে তেওঁ তোমালোকক ডুবাই মাৰিবলৈ নিশ্চয় সক্ষম। এনেকুৱা পৰিস্থিতিত কোনেও আমাৰ বিৰুদ্ধে তোমালোকৰ প্ৰতিশোধ লোৱাৰ দাবীও নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017069.mp3"},{"index":"70","arabicText":"وَلَقَدْ كَرَّمْنَا بَنِیْۤ اٰدَمَ وَحَمَلْنٰهُمْ فِی الْبَرِّ وَالْبَحْرِ وَرَزَقْنٰهُمْ مِّنَ الطَّیِّبٰتِ وَفَضَّلْنٰهُمْ عَلٰی كَثِیْرٍ مِّمَّنْ خَلَقْنَا تَفْضِیْلًا ۟۠","assameseTranslation":"নিশ্চয় আমি আদম সন্তানক মৰ্যাদা দান কৰিছোঁ, আমিয়েই সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছোঁ; আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছোঁ আৰু আমাৰ সৃষ্টিৰ বহুতৰে ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ।","footnotes":"","tafseer":"নিশ্চয় আমি আদম সন্তানক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ, সিহঁতক বিবেক প্ৰদান কৰি আৰু ফিৰিস্তাসকলৰ দ্বাৰা সিহঁতৰ পিতা আদমক ছাজদাহ কৰোৱাই। স্থলত সেই সকলো বস্তু আমি সিহঁতৰ অধীন কৰি দিছোঁ যিবোৰক সিহঁতে পৰিবহণ হিচাপে ব্যৱহাৰ কৰিব পাৰিব, যেনে জীৱ-জন্তু, গাড়ী মটৰ ইত্যাদি। সাগৰতো সিহঁতৰ পৰিবহনক আমি সিহঁতৰ অধীন কৰি দিছোঁ, যেনেঃ নাও, জাহাজ ইত্যাদি। লগতে আমি সিহঁতক প্ৰদান কৰিছোঁ পৱিত্ৰ পানাহাৰ আৰু বিবাহ কৰাৰ অনুমতি। লগতে আমি সিহঁতক বহুতো মখলুকৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ। এতেকে সিহঁতৰ ওপৰত আল্লাহৰ চুকৰিয়া আদায় কৰাটো অনিবাৰ্য্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017070.mp3"},{"index":"71","arabicText":"یَوْمَ نَدْعُوْا كُلَّ اُنَاسٍ بِاِمَامِهِمْ ۚ فَمَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ فَاُولٰٓىِٕكَ یَقْرَءُوْنَ كِتٰبَهُمْ وَلَا یُظْلَمُوْنَ فَتِیْلًا ۟","assameseTranslation":"(স্মৰণ কৰা সেই দিৱসটোক,) যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম। তাৰ পিছত যিসকলক সিহঁতৰ সোঁ হাতত আমলনামা দিয়া হ’ব, সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত খেজুৰৰ গুটিৰ ওপৰত থকা মিহি সূতা পৰিমাণো (অকণো) অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যিদিনা আমি প্ৰত্যেক দলক সিহঁতৰ প্ৰতিনিধিৰ সৈতে আহ্বান কৰিম, যাক সিহঁতে পৃথিৱীত অনুসৰণ কৰিছিল। এতেকে যিসকলক কৰ্মগ্ৰন্থ সোঁ হাতত প্ৰদান কৰা হ'ব, তেওঁলোকে সন্তুষ্ট হৈ নিজৰ কৰ্মগ্ৰন্থ পঢ়িব। তেওঁলোকক প্ৰতিদান দিওঁতে অকণো হ্ৰাস কৰা নহ'ব। যদিও সেয়া খেজুৰৰ গুটিত থকা সুতাৰ সমানে নহওক কিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017071.mp3"},{"index":"72","arabicText":"وَمَنْ كَانَ فِیْ هٰذِهٖۤ اَعْمٰی فَهُوَ فِی الْاٰخِرَةِ اَعْمٰی وَاَضَلُّ سَبِیْلًا ۟","assameseTranslation":"আৰু যিজন ইয়াত অন্ধ, সি আখিৰাততো অন্ধ, তথা আটাইতকৈ বেছি পথভ্ৰষ্ট।","footnotes":"","tafseer":"এই পাৰ্থিৱ জীৱনত যিয়ে সত্যক স্বীকাৰ কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ অনুপালনৰ ক্ষেত্ৰত অন্ধ হৈ থাকিব, সি কিয়ামতৰ দিনা আৰু অধিক অন্ধ হ'ব। সি জান্নাতৰ পথ বিচাৰি নাপাব। তথা হিদায়তৰ পথৰ পৰা পথভ্ৰষ্ট হ'ব। দৰাচলতে আল্লাহৰ ওচৰত প্ৰত্যেক কৰ্মৰ প্ৰতিদান সেই অনুপাতেই দিয়া হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017072.mp3"},{"index":"73","arabicText":"وَاِنْ كَادُوْا لَیَفْتِنُوْنَكَ عَنِ الَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ لِتَفْتَرِیَ عَلَیْنَا غَیْرَهٗ ۖۗ وَاِذًا لَّاتَّخَذُوْكَ خَلِیْلًا ۟","assameseTranslation":"আৰু আমি তোমাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছোঁ তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা; আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধৰূপে গ্ৰহণ কৰিলেহেঁতেন।","footnotes":"","tafseer":"হে ৰাছুল! মুশ্বৰিকসকলে আপোনাক কোৰআনৰ পৰা আঁতৰাব বিচাৰিছিল, যিখন মই আপোনাৰ প্ৰতি অহী কৰিছোঁ। যাতে আপুনি সিহঁতৰ মনেসজা কথাবোৰ আমাৰ সৈতে সম্পৃক্ত কৰে। যদি আপুনি সিহঁতৰ আকংক্ষা অনুযায়ী কাম কৰিলেহেঁতেন তেন্তে সিহঁতে আপোনাক মিত্ৰ বনাই ল'লেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017073.mp3"},{"index":"74","arabicText":"وَلَوْلَاۤ اَنْ ثَبَّتْنٰكَ لَقَدْ كِدْتَّ تَرْكَنُ اِلَیْهِمْ شَیْـًٔا قَلِیْلًا ۟ۗۙ","assameseTranslation":"আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি নিশ্চয় সিহঁতৰ ফালে কিঞ্চিত হ’লেও ঢাল খালাইহেঁতেন;","footnotes":"","tafseer":"যদি আমি আপোনাক সত্যৰ ওপৰত মজবুতভাৱে প্ৰতিষ্ঠিত নকৰিলোঁহেতেন, তেন্তে সম্ভৱতঃ আপুনি সিহঁতৰ ফালে কিছু পৰিমাণে হ'লেও ধাৱিত হ'লহেঁতেন, আৰু সিহঁতৰ পৰামৰ্শ মানি ল’লেহেঁতেন। কাৰণ এফালে আছিল সিহঁতৰ ঘোৰ ষড়যন্ত্ৰ আৰু প্ৰৱঞ্চনা আৰু আনফালে আছিল সিহঁতক ঈমানৰ অৱস্থাত দেখিবলৈ আপোনাৰ প্ৰৱল হেপাঁহ। কিন্তু আমি আপোনাক সিহঁতৰ ফালে ধাৱিত হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017074.mp3"},{"index":"75","arabicText":"اِذًا لَّاَذَقْنٰكَ ضِعْفَ الْحَیٰوةِ وَضِعْفَ الْمَمَاتِ ثُمَّ لَا تَجِدُ لَكَ عَلَیْنَا نَصِیْرًا ۟","assameseTranslation":"যদি এনে কৰিলাহেঁতেন তেন্তে নিশ্চয় আমি তোমাক এই জীৱনত দ্বিগুণ আৰু পৰকালতো দ্বিগুণ শাস্তিৰ সোৱাদ দিলোঁহেঁতেন; তেতিয়া তুমি আমাৰ বিৰুদ্ধে তোমাৰ বাবে কোনো সহায়কাৰীও নাপালেহেঁতেন।","footnotes":"","tafseer":"যদি আপুনি সিহঁতৰ পৰামৰ্শ অনুসৰি ধাৱিত হ'লহেঁতেন, তেন্তে আমি আপোনাক পৃথিৱী আৰু আখিৰাতত দ্বিগুণ শাস্তি বিহিলোঁহেঁতেন। তেতিয়া আপুনি আমাৰ বিৰুদ্ধে কোনো সহায়ক বিচাৰি নাপালেহেঁতেন, যিয়ে আপোনাৰ পৰা শাস্তি দূৰ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017075.mp3"},{"index":"76","arabicText":"وَاِنْ كَادُوْا لَیَسْتَفِزُّوْنَكَ مِنَ الْاَرْضِ لِیُخْرِجُوْكَ مِنْهَا وَاِذًا لَّا یَلْبَثُوْنَ خِلٰفَكَ اِلَّا قَلِیْلًا ۟","assameseTranslation":"আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ প্ৰায় চূড়ান্ত চেষ্টা কৰিছিল, যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে, এনে কৰিলে সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন।","footnotes":"","tafseer":"নিশ্চয় কাফিৰসকলে আপোনাক সিহঁতৰ শত্ৰুতাৰ দ্বাৰা বিৰক্ত কৰিবলৈ ধৰিছিল, যাতে আপোনাক মক্কাৰ পৰা বহিষ্কাৰ কৰিব পাৰে। কিন্তু আপোনাক বহিষ্কাৰ কৰাৰ পৰা আল্লাহে সিহঁতক প্ৰতিৰোধ কৰিছিল। অৱশেষত আপুনি নিজ প্ৰতিপালকৰ আদেশত হিজৰত কৰিলে। যদি সিহঁতে আপোনাক বহিষ্কাৰ কৰিলেহেঁতেন, তেন্তে সিহঁতে তাত বেছি দিন টিকিব নোৱাৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017076.mp3"},{"index":"77","arabicText":"سُنَّةَ مَنْ قَدْ اَرْسَلْنَا قَبْلَكَ مِنْ رُّسُلِنَا وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِیْلًا ۟۠","assameseTranslation":"আমাৰ ৰাছুলসকলৰ মাজৰ পৰা তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।","footnotes":"","tafseer":"আপোনাক বহিষ্কাৰ কৰাৰ পিছত, সিহঁত যে কেৱল কেইটামান দিনহে টিকিব পাৰিব, এই বিধানটো পূৰ্বৱৰ্তী ৰাছুলসকলৰ দিনত কাৰ্যকৰি হোৱা আল্লাহৰ এটা সাধাৰণ নিয়মৰ অন্তৰ্গত বিধান। কাৰণ পূৰ্বৱৰ্তী যুগত যি সম্প্ৰদায়েই সিহঁতৰ ৰাছুলক বহিষ্কাৰ কৰিছে, সিহঁতৰ ওপৰত আল্লাহে শাস্তি অৱতীৰ্ণ কৰিছে। হে ৰাছুল! আপুনি কদাপিও আমাৰ নীতি-নিয়মত পৰিবৰ্তন নাপাব। বৰং আপুনি ইয়াক প্ৰতিষ্ঠিত তথা কাৰ্যকৰী হিচাপে পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017077.mp3"},{"index":"78","arabicText":"اَقِمِ الصَّلٰوةَ لِدُلُوْكِ الشَّمْسِ اِلٰی غَسَقِ الَّیْلِ وَقُرْاٰنَ الْفَجْرِ ؕ اِنَّ قُرْاٰنَ الْفَجْرِ كَانَ مَشْهُوْدًا ۟","assameseTranslation":"সূৰ্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত ছালাত কায়েম কৰা আৰু ফজৰৰ ছালাত (আদায় কৰা)। নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।","footnotes":"","tafseer":"যথাসময়ত পৰিপূৰ্ণভাৱে ছালাত কায়েম কৰক, মাজ আকাশৰ পৰা সূৰ্য ঢলি পৰাৰ পিছত–জোহৰ আৰু আচৰ ইয়াৰ অন্তৰ্ভুক্ত- ৰাতিৰ অন্ধকাৰ পৰ্যন্ত- মাগৰিব আৰু ঈশ্বা ইয়াৰ অন্তৰ্ভুক্ত। ফজৰৰ ছালাত কায়েম কৰক আৰু ইয়াত দীৰ্ঘ তিলাৱত কৰিব। কিয়নো ফজৰৰ সময়ত দিন আৰু ৰাতিৰ ফিৰিস্তা উপস্থিত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017078.mp3"},{"index":"79","arabicText":"وَمِنَ الَّیْلِ فَتَهَجَّدْ بِهٖ نَافِلَةً لَّكَ ۖۗ عَسٰۤی اَنْ یَّبْعَثَكَ رَبُّكَ مَقَامًا مَّحْمُوْدًا ۟","assameseTranslation":"আৰু ৰাতিৰ কিছু অংশত (কোৰআনৰ দ্বাৰা) তাহাজ্জুদ আদায় কৰা, এইটো হৈছে তোমাৰ বাবে এটা অতিৰিক্ত কৰ্তব্য। আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ৰাতিৰ এটা অংশত উঠি ছালাত আদায় কৰক। যাতে এই ছালাতে আপোনাৰ মৰ্যাদা অধিক বৃদ্ধি কৰে। এই সংকল্প থকা উচিত যে, আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সেই দিৱসৰ ভয়ৱহতাৰ পৰা মানুহক মুক্তি প্ৰদান কৰিবলৈ আপোনাক যাতে মধ্যস্তাকাৰী বনায়, লগতে আপোনাক যাতে শ্বাফাআতৰ সেই মহান স্থান প্ৰদান কৰে, যাৰ প্ৰশংসা পূৰ্বৱৰ্তী আৰু পৰবৰ্তী সকলো লোকে কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017079.mp3"},{"index":"80","arabicText":"وَقُلْ رَّبِّ اَدْخِلْنِیْ مُدْخَلَ صِدْقٍ وَّاَخْرِجْنِیْ مُخْرَجَ صِدْقٍ وَّاجْعَلْ لِّیْ مِنْ لَّدُنْكَ سُلْطٰنًا نَّصِیْرًا ۟","assameseTranslation":"আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সত্যতাৰ সৈতে প্ৰৱেশ কৰোৱা আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই বুলি দুআ কৰক, হে মোৰ প্ৰতিপালক! মোৰ প্ৰৱেশ আৰু মোৰ প্ৰস্থান সকলোবোৰ যাতে তোমাৰ আনুগত্য আৰু তোমাৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে হয়, লগতে তোমাৰ ফালৰ পৰা মোক এনেকুৱা স্পষ্ট প্ৰমাণ প্ৰদান কৰা, যিটোৱে মোক মোৰ শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017080.mp3"},{"index":"81","arabicText":"وَقُلْ جَآءَ الْحَقُّ وَزَهَقَ الْبَاطِلُ ؕ اِنَّ الْبَاطِلَ كَانَ زَهُوْقًا ۟","assameseTranslation":"আৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, ইছলাম আহিছে আৰু আল্লাহে কৰা সহায়ৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হৈছে। শ্বিৰ্ক আৰু কুফৰৰ সময় শেষ। অসত্য নিঃশেষ হোৱাটো নিশ্চিত, সত্যৰ সন্মুখত কেতিয়াও টিকিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017081.mp3"},{"index":"82","arabicText":"وَنُنَزِّلُ مِنَ الْقُرْاٰنِ مَا هُوَ شِفَآءٌ وَّرَحْمَةٌ لِّلْمُؤْمِنِیْنَ ۙ وَلَا یَزِیْدُ الظّٰلِمِیْنَ اِلَّا خَسَارًا ۟","assameseTranslation":"আৰু আমি কোৰআন অৱতীৰ্ণ কৰোঁ, যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।","footnotes":"","tafseer":"আমি কোৰআনৰ যি অংশই অৱতীৰ্ণ কৰোঁ সেয়া হৈছে অন্তৰত থকা অজ্ঞতা কুফৰী আৰু সন্দেহৰ প্ৰতিষেধক। এইদৰে এইটো শাৰিৰীক ব্যাধিৰো প্ৰতিষেধক, যেতিয়া পঢ়ি জৰা ফুঁকা কৰা হয়। আমলকাৰী মুমিনসকলৰ বাবে এইটো হৈছে ৰহমত। এই কোৰআনে কাফিৰসকলৰ কেৱল বিনাশেই বৃদ্ধি কৰে, কিয়নো কোৰআন শুনিলে সিহঁত ক্ৰোধান্বিত হয়, লগতে অস্বীকাৰ আৰু বিমুখতা বৃদ্ধি পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017082.mp3"},{"index":"83","arabicText":"وَاِذَاۤ اَنْعَمْنَا عَلَی الْاِنْسَانِ اَعْرَضَ وَنَاٰ بِجَانِبِهٖ ۚ وَاِذَا مَسَّهُ الشَّرُّ كَانَ یَـُٔوْسًا ۟","assameseTranslation":"আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়। কিন্তু যেতিয়া তাক অনিষ্টই স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে।","footnotes":"","tafseer":"মানুহৰ প্ৰতি আমি যেতিয়াই কোনো উপকাৰ কৰোঁ, যেনে- সুস্থতা আৰু ধন-সম্পদ আদি প্ৰদান কৰোঁ, তেতিয়া সি আল্লাহৰ কৃতজ্ঞতা আৰু আনুগত্যৰ পৰা বিমুখ হৈ যায় আৰু অহংকাৰ কৰি আঁতৰি যায়। যেতিয়া সি বেমাৰ আজাৰ আৰু দৰিদ্ৰতাৰ সন্মুখীন হয় তেতিয়া সি আল্লাহৰ দয়াৰ পৰা নিৰাশ হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017083.mp3"},{"index":"84","arabicText":"قُلْ كُلٌّ یَّعْمَلُ عَلٰی شَاكِلَتِهٖ ؕ فَرَبُّكُمْ اَعْلَمُ بِمَنْ هُوَ اَهْدٰی سَبِیْلًا ۟۠","assameseTranslation":"কোৱা, ‘প্ৰত্যেকেই নিজ নিজ প্ৰকৃতি অনুযায়ী কাম কৰে কিন্তু তোমাৰ প্ৰতিপালকহে অধিক অৱগত যে, কোন সৰ্বাধিক নিৰ্ভুল পথত পৰিচালিত’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, প্ৰত্যেকেই হিদায়ত আৰু পথভ্ৰষ্টতা অনুসৰি আমল কৰে। নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালকৈ জানে কোন সত্যৰ পথত পৰিচালিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017084.mp3"},{"index":"85","arabicText":"وَیَسْـَٔلُوْنَكَ عَنِ الرُّوْحِ ؕ قُلِ الرُّوْحُ مِنْ اَمْرِ رَبِّیْ وَمَاۤ اُوْتِیْتُمْ مِّنَ الْعِلْمِ اِلَّا قَلِیْلًا ۟","assameseTranslation":"আৰু সিহঁতে তোমাক ৰূহ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ৰূহ হৈছে মোৰ প্ৰতিপালকৰ আদেশ বিশেষ, আৰু তোমালোকক অতি সামান্য জ্ঞানহে দিয়া হৈছে’।","footnotes":"","tafseer":"হে ৰাছুল! আহলে কিতাবসকলৰ মাজৰ পৰা কাফিৰসকলে আপোনাক ৰূহৰ বাস্তৱিকতা সম্পৰ্কে প্ৰশ্ন কৰে। এতেকে আপুনি সিহঁতক কৈ দিয়ক, ৰূহৰ প্ৰকৃত তথ্য আল্লাহৰ বাহিৰে আন কোনেও নাজানে। তোমালোকক আৰু গোটেই সৃষ্টিজগতক যি জ্ঞান দিয়া হৈছে সেয়া আল্লাহৰ জ্ঞানৰ তুলনাত নিচেই নগন্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017085.mp3"},{"index":"86","arabicText":"وَلَىِٕنْ شِئْنَا لَنَذْهَبَنَّ بِالَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ ثُمَّ لَا تَجِدُ لَكَ بِهٖ عَلَیْنَا وَكِیْلًا ۟ۙ","assameseTranslation":"আৰু আমি ইচ্ছা কৰিলে তোমাৰ প্ৰতি যি অহী কৰিছোঁ তাক নিশ্চয় প্ৰত্যাহাৰ কৰিব পাৰিলোঁহেঁতেন; তাৰ পিছত এই বিষয়ে তুমি আমাৰ বিৰুদ্ধে কোনো কৰ্মবিধায়ক নাপালাহেঁতেন।","footnotes":"","tafseer":"হে ৰাছুল! আমি অহীৰ জৰিয়তে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ, সেয়া ইচ্ছা কৰিলে গ্ৰন্থৰ পৰা তথা অন্তৰৰ পৰা মচি দিব পাৰোঁ। তেতিয়া আপুনি সেইবোৰ উদ্ধাৰ কৰিবলৈ কোনো সহায়ক বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017086.mp3"},{"index":"87","arabicText":"اِلَّا رَحْمَةً مِّنْ رَّبِّكَ ؕ اِنَّ فَضْلَهٗ كَانَ عَلَیْكَ كَبِیْرًا ۟","assameseTranslation":"কিন্তু এয়া প্ৰত্যাহাৰ নকৰাটো হৈছে তোমাৰ প্ৰতিপালকৰ দয়া; নিশ্চয় তোমাৰ প্ৰতি আছে তেওঁৰ মহা অনুগ্ৰহ।","footnotes":"","tafseer":"কিন্তু এয়া আপোনাৰ প্ৰতিপালকৰ বিশেষ দয়া যে, আমি ইয়াক সুৰক্ষিত অৱস্থাত এৰিছোঁ। নিশ্চয় আপোনাৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ মহা অনুগ্ৰহ আছে যে, তেওঁ আপোনাক ৰাছুল বনাইছে আৰু আপোনাৰ জৰিয়তে নবীসকলৰ ধাৰাবাহিকতা সমাপ্ত কৰিছে আৰু আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017087.mp3"},{"index":"88","arabicText":"قُلْ لَّىِٕنِ اجْتَمَعَتِ الْاِنْسُ وَالْجِنُّ عَلٰۤی اَنْ یَّاْتُوْا بِمِثْلِ هٰذَا الْقُرْاٰنِ لَا یَاْتُوْنَ بِمِثْلِهٖ وَلَوْ كَانَ بَعْضُهُمْ لِبَعْضٍ ظَهِیْرًا ۟","assameseTranslation":"কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব, যদিও সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি জনাই দিয়ক, আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ দৰে এখন গ্ৰন্থ ৰচনা কৰিবলৈ যদি গোটেই জিনজগত আৰু মানৱজাতি একত্ৰিত হয়, তথাপিও সিহঁতে কোৰআনৰ দৰে সহজ সৰল, সুন্দৰ গঠন, সুশৃংখল গ্ৰন্থ কদাপিও ৰচনা কৰিব নোৱাৰে। যদিও ইজনে সিজনক সহায়-সহযোগিতা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017088.mp3"},{"index":"89","arabicText":"وَلَقَدْ صَرَّفْنَا لِلنَّاسِ فِیْ هٰذَا الْقُرْاٰنِ مِنْ كُلِّ مَثَلٍ ؗ فَاَبٰۤی اَكْثَرُ النَّاسِ اِلَّا كُفُوْرًا ۟","assameseTranslation":"আৰু নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই কুফৰী নকৰাকৈ ক্ষান্ত হোৱা নাই।","footnotes":"","tafseer":"আমি এই কোৰআনত স্পষ্টভাৱে বিভিন্ন ধৰণৰ উপদেশ, শিক্ষাপ্ৰদ কথা, আদেশ-নিষেধ আৰু বাস্তৱ কাহিনী আদি বৰ্ণনা কৰিছোঁ, যাতে মানুহে ঈমান পোষণ কৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এই কোৰআনক অস্বীকাৰ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017089.mp3"},{"index":"90","arabicText":"وَقَالُوْا لَنْ نُّؤْمِنَ لَكَ حَتّٰی تَفْجُرَ لَنَا مِنَ الْاَرْضِ یَنْۢبُوْعًا ۟ۙ","assameseTranslation":"আৰু সিহঁতে কয়, ‘আমি কেতিয়াও তোমাৰ ওপৰত ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱন উৎসাৰিত নকৰিবা;","footnotes":"","tafseer":"মুশ্বৰিকসকলে ক'লেঃ আমি তেতিয়ালৈকে তোমাৰ প্ৰতি ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তুমি আমাৰ বাবে মক্কাৰ ভূমিত এনেকুৱা এটা নিজৰা প্ৰবাহিত নকৰিবা, যিটো কেতিয়াও নুশুকাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017090.mp3"},{"index":"91","arabicText":"اَوْ تَكُوْنَ لَكَ جَنَّةٌ مِّنْ نَّخِیْلٍ وَّعِنَبٍ فَتُفَجِّرَ الْاَنْهٰرَ خِلٰلَهَا تَفْجِیْرًا ۟ۙ","assameseTranslation":"‘অথবা তোমাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা বাগিচা হ’ব, যাৰ মাজত তুমি নিজৰা প্ৰবাহিত কৰিবা’,","footnotes":"","tafseer":"অথবা আপোনাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন বাৰী হওক, যাৰ মাজেৰে নিৰৱচ্ছিন্নভাৱে প্ৰবাহিত থাকিব নিজৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017091.mp3"},{"index":"92","arabicText":"اَوْ تُسْقِطَ السَّمَآءَ كَمَا زَعَمْتَ عَلَیْنَا كِسَفًا اَوْ تَاْتِیَ بِاللّٰهِ وَالْمَلٰٓىِٕكَةِ قَبِیْلًا ۟ۙ","assameseTranslation":"‘অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড-বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিয়া, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰা’,","footnotes":"","tafseer":"অথবা আপুনি বৰ্ণনা কৰাৰ দৰে শাস্তি হিচাপে আকাশখনক আমাৰ ওপৰত ভাঙি পেলাওক, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰক, যাতে তেওঁলোকে আপোনাৰ সত্যতাৰ সাক্ষী দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017092.mp3"},{"index":"93","arabicText":"اَوْ یَكُوْنَ لَكَ بَیْتٌ مِّنْ زُخْرُفٍ اَوْ تَرْقٰی فِی السَّمَآءِ ؕ وَلَنْ نُّؤْمِنَ لِرُقِیِّكَ حَتّٰی تُنَزِّلَ عَلَیْنَا كِتٰبًا نَّقْرَؤُهٗ ؕ قُلْ سُبْحَانَ رَبِّیْ هَلْ كُنْتُ اِلَّا بَشَرًا رَّسُوْلًا ۟۠","assameseTranslation":"‘অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ’ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ঈমান পোষণ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে এখন কিতাব অৱতীৰ্ণ নকৰিবা, যিখন আমি পঢ়িম। কোৱা, ‘পৱিত্ৰ মহান মোৰ প্ৰতিপালক! মই হৈছোঁ কেৱল এজন মানুহ, তথা ৰাছুল’।","footnotes":"","tafseer":"অথবা আপোনাৰ বাবে সোণেৰে সুসজ্জিত এখন ঘৰ হওক, অথবা আপুনি আকাশলৈ আৰোহন কৰক। নহয়, কেৱল আকাশলৈ আৰোহণ কৰিলেই আমি আপোনাক ৰাছুল বুলি বিশ্বাস নকৰোঁ, যেতিয়ালৈকে আপুনি আল্লাহৰ ফালৰ পৰা লিখিত গ্ৰন্থলৈ নামি নাহিব আৰু তাত লিখা থাকিব লাগিব যে, আপুনি আল্লাহৰ ৰাছুল। হে ৰাছুল! আপুনি সিহঁতক কওক, মোৰ প্ৰতিপালক অত্যন্ত পৱিত্ৰ। মই হৈছোঁ এজন মানুহ মাত্ৰ, আন আন ৰাছুলসকলৰ দৰেই মোক প্ৰেৰণ কৰা হৈছে। একোৱেই আনিবলৈ মোৰ ক্ষমতা নাই, এতেকে মই তোমালোকৰ আবেদন কেনেকৈ পূৰণ কৰিব পাৰিম?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017093.mp3"},{"index":"94","arabicText":"وَمَا مَنَعَ النَّاسَ اَنْ یُّؤْمِنُوْۤا اِذْ جَآءَهُمُ الْهُدٰۤی اِلَّاۤ اَنْ قَالُوْۤا اَبَعَثَ اللّٰهُ بَشَرًا رَّسُوْلًا ۟","assameseTranslation":"আৰু যেতিয়া মানুহৰ ওচৰলৈ হিদায়ত আহিল, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিলে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’?","footnotes":"","tafseer":"আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি লগতে ৰাছুলে যি লৈ আহিছে তাৰ প্ৰতি আমল কৰিবলৈ কাফিৰসকলক কেৱল এই নেতিবাচক চিন্তাধাৰাই বাধা প্ৰদান কৰিছে যে, মানৱ কেতিয়াও ৰাছুল হ'ব নোৱাৰে। সেয়ে সিহঁতে অস্বীকাৰ কৰি কৈছেঃ আল্লাহে আমাৰ ওচৰলৈ এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017094.mp3"},{"index":"95","arabicText":"قُلْ لَّوْ كَانَ فِی الْاَرْضِ مَلٰٓىِٕكَةٌ یَّمْشُوْنَ مُطْمَىِٕنِّیْنَ لَنَزَّلْنَا عَلَیْهِمْ مِّنَ السَّمَآءِ مَلَكًا رَّسُوْلًا ۟","assameseTranslation":"কোৱা, ‘ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিব পাৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰলৈ ফিৰিস্তাকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিলোঁহেঁতেন’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতৰ দাবী খণ্ডন কৰি কওক, যদি ফিৰিস্তাসকলে পৃথিৱীত বসবাস কৰিলেহেঁতেন আৰু তোমালোকৰ দৰে শান্তিত চলাফুৰা কৰিব পাৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ প্ৰতি এজন ফিৰিস্তাকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিলোঁহেঁতেন। কিয়নো তেৱেঁই সিহঁতক আল্লাহৰ বাৰ্তা বুজাব পাৰিলেহেঁতেন। তেতিয়া কিন্তু কোনো মানৱক সিহঁতৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰাটো হিকমতৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন। ঠিক তেনেকুৱা পৰিস্থিতি তোমালোকৰো।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017095.mp3"},{"index":"96","arabicText":"قُلْ كَفٰی بِاللّٰهِ شَهِیْدًا بَیْنِیْ وَبَیْنَكُمْ ؕ اِنَّهٗ كَانَ بِعِبَادِهٖ خَبِیْرًا بَصِیْرًا ۟","assameseTranslation":"কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট; নিশ্চয় তেওঁ নিজৰ বান্দাসকলৰ বিষয়ে পূৰ্ণ অৱহিত, পূৰ্ণদ্ৰষ্টা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট যে, মই তোমালোকৰ প্ৰতি প্ৰেৰিত এজন ৰাছুল। নিশ্চয় মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিছোঁ, যিটো পৌঁচাই দিয়াৰ দায়িত্ব মোক দিয়া হৈছে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ সকলো অৱস্থা পৰিবেষ্টন কৰি আছে। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ অন্তৰৰ প্ৰত্যেক গোপন বিষয় সম্পৰ্কে অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017096.mp3"},{"index":"97","arabicText":"وَمَنْ یَّهْدِ اللّٰهُ فَهُوَ الْمُهْتَدِ ۚ وَمَنْ یُّضْلِلْ فَلَنْ تَجِدَ لَهُمْ اَوْلِیَآءَ مِنْ دُوْنِهٖ ؕ وَنَحْشُرُهُمْ یَوْمَ الْقِیٰمَةِ عَلٰی وُجُوْهِهِمْ عُمْیًا وَّبُكْمًا وَّصُمًّا ؕ مَاْوٰىهُمْ جَهَنَّمُ ؕ كُلَّمَا خَبَتْ زِدْنٰهُمْ سَعِیْرًا ۟","assameseTranslation":"আৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক বিচাৰি নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।","footnotes":"","tafseer":"আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, প্ৰকৃততে তেৱেঁই হিদায়তপ্ৰাপ্ত। আনহাতে তেওঁ যাক এৰি দিয়ে, তথা পথভ্ৰষ্ট কৰি দিয়ে (হে ৰাছুল) আপুনি কেতিয়াও সেইসকল লোকৰ বাবে এনেকুৱা কোনো সংৰক্ষক নাপাব, যিয়ে সিহঁতক সত্যৰ পথ দেখুৱাব তথা সিহঁতৰ কষ্ট দুৰ কৰিব পাৰিব, আৰু সিহঁতৰ উপকাৰ কৰিব। সিহঁতক কিয়ামতৰ দিনা উবৰি খাই পৰি থকা অৱস্থাত চোঁচৰাই আমি একত্ৰিত কৰিম, সিহঁতে তেতিয়া দেখিবও নোৱাৰিব, কথা ক’বও নোৱাৰিব আৰু শুনিবও নোৱাৰিব। সিহঁতৰ ঠিকনা হ'ব জাহান্নাম। যেতিয়াই অগ্নিশিখা শান্ত হ'বলৈ ধৰিব তেতিয়াই আমি সেইটোক উত্তেজিত কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017097.mp3"},{"index":"98","arabicText":"ذٰلِكَ جَزَآؤُهُمْ بِاَنَّهُمْ كَفَرُوْا بِاٰیٰتِنَا وَقَالُوْۤا ءَاِذَا كُنَّا عِظَامًا وَّرُفَاتًا ءَاِنَّا لَمَبْعُوْثُوْنَ خَلْقًا جَدِیْدًا ۟","assameseTranslation":"এইটোৱেই হৈছে সিহঁতৰ প্ৰতিদান, কাৰণ সিহঁতে আমাৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘অস্থিত পৰিণত আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছতো আমি আকৌ নতুন সৃষ্টিৰূপে পুনৰুত্থিত হমনে’?","footnotes":"","tafseer":"এই শাস্তি যিটোৰ সিহঁতে সন্মুখীন হ'ব, ইয়াৰ কাৰণ হৈছে সিহঁতে আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু পুনৰুত্থানক অস্বীকাৰ কৰি কৈছিলঃ আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমাৰ হাড়সমূহ গেলি পচি মাটিত মিহলি হৈ যাব, তাৰ পিছতো আমাক নতুনভাৱে সৃষ্টি কৰা হ'ব নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017098.mp3"},{"index":"99","arabicText":"اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ قَادِرٌ عَلٰۤی اَنْ یَّخْلُقَ مِثْلَهُمْ وَجَعَلَ لَهُمْ اَجَلًا لَّا رَیْبَ فِیْهِ ؕ فَاَبَی الظّٰلِمُوْنَ اِلَّا كُفُوْرًا ۟","assameseTranslation":"সিহঁতে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ সৃষ্টি কৰিবলৈ ক্ষমতাৱান? আৰু তেৱেঁই সিহঁতৰ বাবে স্থিৰ কৰিছে এটা নিৰ্দিষ্ট কাল, য’ত কোনো সন্দেহ নাই, তথাপিও যালিমসকলে কুফৰী নকৰাকৈ ক্ষেন্ত হোৱা নাই।","footnotes":"","tafseer":"পুনৰুত্থানক অস্বীকাৰকাৰী এইসকল লোকে নাজানে নেকি যে, যিজন আল্লাহে ইমান বিশাল আকাশমণ্ডল সৃষ্টি কৰিছে তথা পৃথিৱী সৃষ্টি কৰিছে, সেই আল্লাহে সিহঁতৰ দৰে ব্যক্তিক সৃষ্টি কৰিবলৈ সক্ষম নহয়নে, যি সত্ত্বাই ডাঙৰ মখলুক সৃষ্টি কৰিবলৈ সক্ষম, তেওঁ নগন্য বস্তুও সৃষ্টি কৰিবলৈও সক্ষম। আল্লাহে পৃথিৱীত সিহঁতৰ বাবে এটা সময় নিৰ্ধাৰণ কৰিছে, য'ত সিহঁতৰ পাৰ্থিৱ জীৱন অন্ত পৰিব। সিহঁতৰ বাবে পুনৰ্জীৱনৰো এটা সময় নিৰ্ধাৰণ কৰিছে, ইয়াত কোনো সন্দেহ নাই। পুনৰুত্থানৰ প্ৰমাণসমূহ প্ৰকাশ হোৱাৰ পিছতো মুশ্বৰিকসকলে অস্বীকাৰৰ পথ বাচি লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017099.mp3"},{"index":"100","arabicText":"قُلْ لَّوْ اَنْتُمْ تَمْلِكُوْنَ خَزَآىِٕنَ رَحْمَةِ رَبِّیْۤ اِذًا لَّاَمْسَكْتُمْ خَشْیَةَ الْاِنْفَاقِ ؕ وَكَانَ الْاِنْسَانُ قَتُوْرًا ۟۠","assameseTranslation":"কোৱা, ‘যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ’লাহেঁতেন, তথাপিও সেই ভাণ্ডাৰ ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে তাক ধৰি ৰাখিলাহেঁতেন; অৱশ্যে মানুহ বৰ কৃপণ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ'লাহেঁতেন, যি ভাণ্ডাৰ কেতিয়াও হ্ৰাস নহয় আৰু কেতিয়াও সমাপ্ত নহ'ব, তথাপিও তোমালোকে সেইটোক কৃপণালী কৰি বচাই ৰাখিবলৈ চেষ্টা কৰিলাহেঁতেন, যাতে শেষ নহয় আৰু তোমালোক দৰিদ্ৰ নোহোৱা। নিশ্চয় মানুহৰ স্বভাৱতেই আছে কৃপণালী। কিন্তু মুমিনসকলৰ বিষয়টো সুকীয়া, মুমিন ব্যক্তিয়ে আল্লাহৰ প্ৰতিদানৰ আশাত ব্যয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017100.mp3"},{"index":"101","arabicText":"وَلَقَدْ اٰتَیْنَا مُوْسٰی تِسْعَ اٰیٰتٍ بَیِّنٰتٍ فَسْـَٔلْ بَنِیْۤ اِسْرَآءِیْلَ اِذْ جَآءَهُمْ فَقَالَ لَهٗ فِرْعَوْنُ اِنِّیْ لَاَظُنُّكَ یٰمُوْسٰی مَسْحُوْرًا ۟","assameseTranslation":"নিশ্চয় আমি মুছাক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ; এতেকে তুমি বনী ইছৰাঈলক সুধি চাব পাৰা; যেতিয়া তেওঁ সিহঁতৰ ওচৰলৈ আহিছিল, আৰু ফিৰআউনে তেওঁক কৈছিল, ‘হে মুছা! নিশ্চয় মোৰ মতে তুমি হৈছা এজন যাদুগ্ৰস্ত ব্যক্তি’।","footnotes":"","tafseer":"নিশ্চয় আমি মুছা আলাইহিচ্ছালামক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ, যিবোৰ আছিল তেওঁৰ সত্যতাৰ প্ৰমাণ, সেইবোৰ যেনেঃ লাখুটি, (উজ্জ্বল) হাত, দুৰ্ভিক্ষ, ফল-মূলৰ নাটনি, প্ৰবল ধুমুহা, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ। এতেকে হে ৰাছুল! আপুনি ইয়াহুদীসকলক সুধি চাব, যেতিয়া মুছাই সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত এই নিদৰ্শনবোৰ লৈ আহিছিল তেতিয়া ফিৰআউনে তেওঁক কৈছিলঃ হে মুছা! তুমি যিবোৰ আচৰিত বস্তু লৈ আগমন কৰিছা, মই ইয়াৰ ফলত তোমাক এজন যাদু সংক্ৰমিত ব্যক্তি বুলিহে ভাবোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017101.mp3"},{"index":"102","arabicText":"قَالَ لَقَدْ عَلِمْتَ مَاۤ اَنْزَلَ هٰۤؤُلَآءِ اِلَّا رَبُّ السَّمٰوٰتِ وَالْاَرْضِ بَصَآىِٕرَ ۚ وَاِنِّیْ لَاَظُنُّكَ یٰفِرْعَوْنُ مَثْبُوْرًا ۟","assameseTranslation":"মুছাই কৈছিল, ‘তুমি নিশ্চিতভাৱে জানা যে, এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে—প্ৰত্যক্ষ প্ৰমাণস্বৰূপে। ‘হে ফিৰআউন! মোৰ মতে তুমি হৈছা এজন ধ্বংসপ্ৰাপ্ত ব্যক্তি’।","footnotes":"","tafseer":"মুছাই তাক উত্তৰ দি ক'লেঃ হে ফিৰআউন! নিশ্চিতভাৱে তুমি পতিয়ন গৈছা যে, এইবোৰক একমাত্ৰ মহান আল্লাহে অৱতীৰ্ণ কৰিছে, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক। তেওঁ নিজৰ ক্ষমতা আৰু ৰাছুলৰ সত্যতা প্ৰমাণ কৰিবলৈ এইবোৰ অৱতীৰ্ণ কৰিছে। তথাপিও তুমি এইবোৰক অস্বীকাৰ কৰি আছা। হে ফিৰআউন! মই নিশ্চিত যে, তুমি বিনষ্ট তথা ধ্বংস হোৱাটো খাটাং।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017102.mp3"},{"index":"103","arabicText":"فَاَرَادَ اَنْ یَّسْتَفِزَّهُمْ مِّنَ الْاَرْضِ فَاَغْرَقْنٰهُ وَمَنْ مَّعَهٗ جَمِیْعًا ۟ۙ","assameseTranslation":"অৱশেষত ফিৰআউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে; তেতিয়া আমি তাক আৰু তাৰ সঙ্গীসকলৰ আটাইকে ডুবাই মাৰিলোঁ।","footnotes":"","tafseer":"এতেকে ফিৰআউনে মুছা আলাইহিচ্ছালামক আৰু তেওঁৰ সম্প্ৰদায়ক মিচৰৰ পৰা উলিয়াই শাস্তি প্ৰদান কৰাৰ বাবে মনস্থ কৰিলে। সেয়ে আমিও ফিৰআউনক আৰু তাৰ লগত থকা সৈন্যবাহিনীক একেলগে ডুবাই মাৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017103.mp3"},{"index":"104","arabicText":"وَّقُلْنَا مِنْ بَعْدِهٖ لِبَنِیْۤ اِسْرَآءِیْلَ اسْكُنُوا الْاَرْضَ فَاِذَا جَآءَ وَعْدُ الْاٰخِرَةِ جِئْنَا بِكُمْ لَفِیْفًا ۟ؕ","assameseTranslation":"ইয়াৰ পিছত আমি বনী ইছৰাঈলক ক’লোঁ, ‘তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম।","footnotes":"","tafseer":"ফিৰআউন আৰু তাৰ সৈন্যবাহিনীক ধ্বংস কৰাৰ পিছত আমি বনী ইছৰাঈলক আদেশ দিলোঁ যে, তোমালোকে শ্বাম (ছিৰিয়া) দেশতগৈ বসবাস কৰা। কিয়ামতৰ দিনা আমি তোমালোক আটাইকে হাশ্বৰৰ ময়দানত হিচাপ নিকাচৰ বাবে একত্ৰিত কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017104.mp3"},{"index":"105","arabicText":"وَبِالْحَقِّ اَنْزَلْنٰهُ وَبِالْحَقِّ نَزَلَ ؕ وَمَاۤ اَرْسَلْنٰكَ اِلَّا مُبَشِّرًا وَّنَذِیْرًا ۟ۘ","assameseTranslation":"আৰু আমি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু ই সত্য সহকাৰেই অৱতীৰ্ণ হৈছে। আমি কেৱল তোমাক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ।","footnotes":"","tafseer":"সত্যৰ সৈতে এই কোৰআন আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ। কোনো পৰিবৰ্তন আৰু বিকৃত নোহোৱাকৈ সত্যৰ সৈতে আমি তেওঁৰ ওপৰত অৱতীৰ্ণ কৰিছোঁ। হে ৰাছুল! মুত্ত্বাক্বীসকলক জান্নাতৰ সুসংবাদ দিবলৈ আৰু কাফিৰ তথা পাপিষ্ঠসকলক জাহান্নামৰ পৰা সাৱধান কৰিবলৈ আমি আপোনাক প্ৰেৰণ কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017105.mp3"},{"index":"106","arabicText":"وَقُرْاٰنًا فَرَقْنٰهُ لِتَقْرَاَهٗ عَلَی النَّاسِ عَلٰی مُكْثٍ وَّنَزَّلْنٰهُ تَنْزِیْلًا ۟","assameseTranslation":"আৰু আমি কোৰআনক অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ; যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছোঁ।","footnotes":"","tafseer":"আমি এই কোৰআনখনক স্পষ্ট বিৱৰণৰ সৈতে অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি মানুহক সুন্দৰভাৱে লাহে লাহে তিলাৱত কৰি শুনায়। কিয়নো এনে কৰিলে চিন্তা-চৰ্চা কৰাত আৰু বুজাত সহজ হয়। লগতে আমি ইয়াক পৰিস্থিতি আৰু ঘটনা অনুসাৰে পৃথকে পৃথকে অৱতীৰ্ণ কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017106.mp3"},{"index":"107","arabicText":"قُلْ اٰمِنُوْا بِهٖۤ اَوْ لَا تُؤْمِنُوْا ؕ اِنَّ الَّذِیْنَ اُوْتُوا الْعِلْمَ مِنْ قَبْلِهٖۤ اِذَا یُتْلٰی عَلَیْهِمْ یَخِرُّوْنَ لِلْاَذْقَانِ سُجَّدًا ۟ۙ","assameseTranslation":"কোৱা, ‘তোমালোকে কোৰআনৰ ওপৰত ঈমান পোষণ কৰা বা নকৰা, নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল, তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে ছাজদাত পৰি যায়’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, যদি তোমালোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা, তথাপিও তোমালোকৰ ঈমানৰ ফলত ইয়াৰ কোনো উন্নতি নহ'ব, আৰু যদি ঈমান পোষণ নকৰা তথাপিও ইয়াৰ একো ক্ষতি নহ'ব। নিশ্চয় যিসকলে পূৰ্বৱৰ্তী ঐশীগ্ৰন্থসমূহ পাঠ কৰিছে, লগতে অহী আৰু নুবূওৱত সম্পৰ্কে জ্ঞান আছে, যেতিয়া সিহঁতৰ সন্মুখত কোৰআন তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কৃতজ্ঞতাৰ বাবে আল্লাহৰ প্ৰতি ছাজদাৱনত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017107.mp3"},{"index":"108","arabicText":"وَّیَقُوْلُوْنَ سُبْحٰنَ رَبِّنَاۤ اِنْ كَانَ وَعْدُ رَبِّنَا لَمَفْعُوْلًا ۟","assameseTranslation":"আৰু তেওঁলোকে কয়, ‘আমাৰ প্ৰতিপালক পৱিত্ৰ মহান। আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী হ’বই হ’ব’।","footnotes":"","tafseer":"সিহঁতে ছাজদাত কয়ঃ নিশ্চয় আমাৰ প্ৰতিপালক প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ পৰা পৱিত্ৰ। তেওঁ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া বাস্তৱায়িত হৈছে। আমাৰ প্ৰতিপালকৰ এই সম্পৰ্কীয় তথা অন্যান্য বিষয় সম্পৰ্কীয় যি যি প্ৰতিশ্ৰুতি আছে, সেই সকলো প্ৰতিশ্ৰুতি নিশ্চিতভাৱে বাস্তৱায়িত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017108.mp3"},{"index":"109","arabicText":"وَیَخِرُّوْنَ لِلْاَذْقَانِ یَبْكُوْنَ وَیَزِیْدُهُمْ خُشُوْعًا ۟","assameseTranslation":"‘আৰু তেওঁলোকে কান্দি কান্দি নতশিৰে (ছাজদাত) পৰি যায়, লগতে ই তেওঁলোকৰ বিনয় আৰু অধিক বৃদ্ধি কৰে’। (ছাজদাহ ৪)","footnotes":"","tafseer":"তেওঁলোকে আল্লাহৰ সন্মুখত শিৰ নত কৰি ছাজদাহ কৰে আৰু তেওঁৰ ভয়ত কান্দি উঠে। কোৰআন শুনি তথা ইয়াৰ অৰ্থ বুজি পাই তেওঁলোকৰ বিনয় আৰু ভয় অধিক বৃদ্ধি পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017109.mp3"},{"index":"110","arabicText":"قُلِ ادْعُوا اللّٰهَ اَوِ ادْعُوا الرَّحْمٰنَ ؕ اَیًّا مَّا تَدْعُوْا فَلَهُ الْاَسْمَآءُ الْحُسْنٰی ۚ وَلَا تَجْهَرْ بِصَلَاتِكَ وَلَا تُخَافِتْ بِهَا وَابْتَغِ بَیْنَ ذٰلِكَ سَبِیْلًا ۟","assameseTranslation":"কোৱা, ‘তোমালোকে (নিজ প্ৰতিপালকক) ‘আল্লাহ’ নামেৰে মাতা বা ‘ৰহমান’ নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰেই নামাতা কিয়, সকলো সুন্দৰ নাম তেওঁৰেই। লগতে ছালাতত তুমি নিজৰ স্বৰ খুব উচ্চও নকৰিবা আকৌ বেছি নিম্নও নকৰিবা; বৰং এই দুটাৰ মধ্যৱৰ্তী পথ অৱলম্বন কৰিবা।","footnotes":"","tafseer":"হে ৰাছুল! ইয়া আল্লাহ আৰু ইয়া ৰাহমান বুলি কোৱাত যিয়ে আপোনাক অপছন্দ কৰিছে, তাক আপুনি কৈ দিয়কঃ আল্লাহ আৰু ৰহমান দুয়োটাই হৈছে তেওঁৰেই নাম। তেওঁ পৱিত্ৰ। তোমালোকে এই দুটাৰ যিকোনো এটা অথবা ইয়াৰ বাহিৰে তেওঁৰ যিবোৰ নাম আছে সেইবোৰৰ জৰিয়তে তেওঁক আহ্বান কৰা, তেওঁৰ সকলো নাম অতি সুন্দৰ। এই দুটাও হৈছে সেই সুন্দৰ নামৰেই অন্তৰ্ভুক্ত। (হে ৰাছুল!) আপুনি ছালাতত ইমান উচ্চস্বৰে তিলাৱত নকৰিব যাতে মুশ্বৰিকসকলে শুনা পায়, আনহাতে ইমান নিম্নস্বৰেও তিলাৱত নকৰিব যাতে মুমিনসকলেও শুনা নাপায়, বৰং এই দুটাৰ মধ্যৱৰ্তী কোনো উপায় অৱলম্বন কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017110.mp3"},{"index":"111","arabicText":"وَقُلِ الْحَمْدُ لِلّٰهِ الَّذِیْ لَمْ یَتَّخِذْ وَلَدًا وَّلَمْ یَكُنْ لَّهٗ شَرِیْكٌ فِی الْمُلْكِ وَلَمْ یَكُنْ لَّهٗ وَلِیٌّ مِّنَ الذُّلِّ وَكَبِّرْهُ تَكْبِیْرًا ۟۠","assameseTranslation":"আৰু কোৱা, ‘সকলো প্ৰশংসা কেৱল আল্লাহৰেই, যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰো নাই, লগতে তেওঁ দুৰ্দশাগ্ৰস্থও নহয় যে, তাৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰ প্ৰয়োজন হ’ব, সেয়ে তুমি স-সম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়কঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই নিৰ্দিষ্ট, যিজন সকলো ধৰণৰ প্ৰশংসাৰ যোগ্য। তেওঁ সন্তানৰ পৰা পৱিত্ৰ তথা অংশীদাৰৰ পৰাও পৱিত্ৰ। এতেকে তেওঁৰ ৰাজত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁক তুচ্ছ-তাচ্ছিল্য আৰু অপমানে কেতিয়াও চুব নোৱাৰে। সেয়ে তেওঁৰ কোনো সহায়কৰ প্ৰয়োজন নাই, যিয়ে তেওঁক সমৰ্থন কৰিব। আপুনি তেওঁৰ বেছি বেছি মহিমা গুণ গান কৰক। তেওঁৰ সৈতে সন্তানৰ বিষয় সম্পৃক্ত নকৰিব, তথা তেওঁৰ ৰাজত্বত অংশীদাৰ থকা বুলি বিশ্বাস নকৰিব, লগতে কোনো সহায়কো সম্পৃক্ত নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/017111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/017111.mp3"}]