[{"index":"1","arabicText":"اَلْحَمْدُ لِلّٰهِ الَّذِیْۤ اَنْزَلَ عَلٰی عَبْدِهِ الْكِتٰبَ وَلَمْ یَجْعَلْ لَّهٗ عِوَجًا ۟ؕٚ","assameseTranslation":"যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই,","footnotes":"","tafseer":"সকলো পৰিপূৰ্ণ আৰু মহিমান্বিত গুণাৱলীসমূহ তথা প্ৰকাশ্য আৰু অপ্ৰকাশ্য নিয়ামতসমূহৰ প্ৰশংসা এককভাৱে কেৱল সেই আল্লাহৰ বাবেই নিৰ্দিষ্ট, যি সত্ত্বাই তেওঁৰ বান্দা তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছে। এই কোৰআনত কোনো ধৰণৰ বক্ৰতা নাই, তথা সত্যৰ পৰা দূৰ হোৱাৰো কোনো অৱকাশ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018001.mp3"},{"index":"2","arabicText":"قَیِّمًا لِّیُنْذِرَ بَاْسًا شَدِیْدًا مِّنْ لَّدُنْهُ وَیُبَشِّرَ الْمُؤْمِنِیْنَ الَّذِیْنَ یَعْمَلُوْنَ الصّٰلِحٰتِ اَنَّ لَهُمْ اَجْرًا حَسَنًا ۟ۙ","assameseTranslation":"সৰলৰূপে (বৰ্ণনা কৰিছে), তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে আৰু মুমিনসকলৰ যিসকলে সৎকৰ্ম কৰে, তেওঁলোকক এই সুসংবাদ দিয়াৰ বাবে যে, তেওঁলোকৰ বাবে আছে উত্তম পুৰস্কাৰ,","footnotes":"","tafseer":"বৰং ইয়াক সহজ সৰল বনাইছে, ইয়াত কোনো বিভেদ তথা অন্তৰ্বিৰোধ নাই। যাতে ই কাফিৰসকলক আল্লাহৰ সেই শাস্তিৰ পৰা ভয় দেখুৱায়, যাৰ বাবে সিহঁতে অপেক্ষা কৰি আছে। লগতে সৎকৰ্মশীল মুমিনসকলক যাতে সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে আনন্দদায়ক উত্তম প্ৰতিদান, যাৰ মোকাবিলাত আন কোনো প্ৰতিদান নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018002.mp3"},{"index":"3","arabicText":"مَّاكِثِیْنَ فِیْهِ اَبَدًا ۟ۙ","assameseTranslation":"তাত তেওঁলোকে স্থায়ীভাৱে অৱস্থান কৰিব,","footnotes":"","tafseer":"তেওঁলোকে চিৰকাল সেই প্ৰতিদানৰ মাজতেই থাকিব, সেই প্ৰতিদান কেতিয়াও বিচ্ছিন্ন নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018003.mp3"},{"index":"4","arabicText":"وَّیُنْذِرَ الَّذِیْنَ قَالُوا اتَّخَذَ اللّٰهُ وَلَدًا ۟ۗ","assameseTranslation":"আৰু সেইসকল লোককো সতৰ্ক কৰাৰ বাবে যিসকলে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’,","footnotes":"","tafseer":"লগতে যাতে ইয়াহুদী, খৃষ্টান আৰু সেইসকল মুশ্বৰিকক সাৱধান কৰিব পাৰে, যিসকলে কয় যে, আল্লাহে সন্তান গ্ৰহণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018004.mp3"},{"index":"5","arabicText":"مَا لَهُمْ بِهٖ مِنْ عِلْمٍ وَّلَا لِاٰبَآىِٕهِمْ ؕ كَبُرَتْ كَلِمَةً تَخْرُجُ مِنْ اَفْوَاهِهِمْ ؕ اِنْ یَّقُوْلُوْنَ اِلَّا كَذِبًا ۟","assameseTranslation":"এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই, লগতে সিহঁতৰ পিতৃ-পুৰুষৰো কোনো জ্ঞান নাছিল। কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায়! সিহঁত মিছাৰ বাহিৰে আন একো নকয়।","footnotes":"","tafseer":"আল্লাহৰ সন্তান থকা বুলি দাবী কৰা মিছলীয়াসকলৰ ওচৰত কোনো জ্ঞান নাই তথা উপযুক্ত কোনো প্ৰমাণ নাই। আনকি সিহঁতৰ পিতৃপুৰুষসকলৰ ওচৰতো কোনো জ্ঞান নাছিল যে, সেই জ্ঞানৰ অনুসৰণ কৰিব। এনেকুৱা বাক্য উচ্চাৰণ কৰাটো হৈছে মহা অপৰাধ, যিবোৰ সিহঁতে নুবুজাকৈ মুখেৰে মাতি আছে। সিহঁতে কোৱা কথাষাৰ হৈছে গোকাট মিছা, ইয়াৰ কোনো তথ্য তথা ভিত্তি নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018005.mp3"},{"index":"6","arabicText":"فَلَعَلَّكَ بَاخِعٌ نَّفْسَكَ عَلٰۤی اٰثَارِهِمْ اِنْ لَّمْ یُؤْمِنُوْا بِهٰذَا الْحَدِیْثِ اَسَفًا ۟","assameseTranslation":"এতেকে সিহঁতে এই বাণীত ঈমান পোষণ নকৰিলে সিহঁতৰ পিছে পিছে ঘূৰি সম্ভৱতঃ তুমি দুখতে আত্ম-বিনাশী হৈ পৰিবা।","footnotes":"","tafseer":"হে ৰাছুল! এনেকুৱা লাগি আছে, সিহঁতে যদি এই কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰে, তেন্তে আপুনি দেখোন দুখ আৰু আক্ষেপত নিজৰেই প্ৰাণ হানি কৰিব। আপুনি দুখ তথা আক্ষেপ নকৰিব। সিহঁতক হিদায়ত দিয়াৰ দায়িত্ব আপোনাৰ নহয়। আপোনাৰ দায়িত্ব হৈছে কেৱল বাৰ্তা পৌঁচাই দিয়াহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018006.mp3"},{"index":"7","arabicText":"اِنَّا جَعَلْنَا مَا عَلَی الْاَرْضِ زِیْنَةً لَّهَا لِنَبْلُوَهُمْ اَیُّهُمْ اَحْسَنُ عَمَلًا ۟","assameseTranslation":"নিশ্চয় ভূ-পৃষ্ঠত যি যি আছে আমি সেইবোৰক ইয়াৰ শোভা কৰি দিছোঁ, মানুহক এই পৰীক্ষা কৰাৰ বাবে যে, সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে।","footnotes":"","tafseer":"পৃথিৱীৰ বুকুত পোৱা সকলো বস্তুকে আমি ইয়াৰ সৌন্দৰ্য বনাই দিছোঁ, যাতে আমি সিহঁতক পৰীক্ষা কৰিব পাৰোঁ, কোনে আল্লাহক সন্তুষ্ট কৰিবলৈ সৎকৰ্ম কৰে আৰু কোনে বেয়া কৰ্ম কৰে। যাতে আমি প্ৰত্যেককে উচিত প্ৰতিদান দিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018007.mp3"},{"index":"8","arabicText":"وَاِنَّا لَجٰعِلُوْنَ مَا عَلَیْهَا صَعِیْدًا جُرُزًا ۟ؕ","assameseTranslation":"আৰু ইয়াৰ ওপৰত যি যি আছে তাক নিশ্চয় আমি উদ্ভিদশূন্য পথাৰত পৰিণত কৰিম।","footnotes":"","tafseer":"পৃথিৱীৰ বুকুত থকা সকলো সৃষ্টিকে আমি মাটিত পৰিণত কৰিম, এনেকুৱা ভূমিত পৰিণত কৰিম য’ত কোনো গছ-গছনি নাই। এইটো সেই সময়ত সংঘটিত হ'ব, যেতিয়া পৃথিৱীত থকা মখলুকাতৰ অন্ত পৰিব। গতিকে ইয়াৰ পৰা শিক্ষা লোৱা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018008.mp3"},{"index":"9","arabicText":"اَمْ حَسِبْتَ اَنَّ اَصْحٰبَ الْكَهْفِ وَالرَّقِیْمِ ۙ كَانُوْا مِنْ اٰیٰتِنَا عَجَبًا ۟","assameseTranslation":"তুমি কাহাফ (গুহা) আৰু ৰাক্বীমৰ অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভবা নেকি?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আচহাবে কাহাফৰ ঘটনা আৰু তেওঁলোকৰ সেই ফলকখন, য’ত তেওঁলোকৰ নামসমূহ লিখা আছিল সেইবোৰক আমাৰ আচৰিত নিদৰ্শন বুলি গণ্য নকৰিব। বৰং ইয়াতকৈও আশ্চৰ্যজনক বস্তু আছে, যেনেঃ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018009.mp3"},{"index":"10","arabicText":"اِذْ اَوَی الْفِتْیَةُ اِلَی الْكَهْفِ فَقَالُوْا رَبَّنَاۤ اٰتِنَا مِنْ لَّدُنْكَ رَحْمَةً وَّهَیِّئْ لَنَا مِنْ اَمْرِنَا رَشَدًا ۟","assameseTranslation":"যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল’লে তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কৰ্মৰাজিক সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা’।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক, যেতিয়া কেইজনমান যুৱকে নিজৰ দ্বীন সম্পৰ্কে শংকিত হৈ গুহাত আশ্ৰয় লোৱাৰ বাবে পলায়ন কৰিছিল। তেওঁলোকে প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিলঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ প্ৰতি এনেকৈ দয়া কৰা, যাতে আমাৰ সকলো গুনাহ তুমি ক্ষমা কৰি দিয়া, আৰু আমাক আমাৰ শত্ৰুৰ পৰা ৰক্ষা কৰা, কাফিৰসকলৰ পৰা হিজৰত কৰাৰ পথ সহজ কৰি দিয়া, লগতে ঈমানৰ ক্ষেত্ৰত তুমি আমাক সঠিক আৰু পোন পথ দেখুৱাই দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018010.mp3"},{"index":"11","arabicText":"فَضَرَبْنَا عَلٰۤی اٰذَانِهِمْ فِی الْكَهْفِ سِنِیْنَ عَدَدًا ۟ۙ","assameseTranslation":"ফলত আমি সিহঁতক গুহাৰ মাজত কেইবা বছৰো ঘুমন্ত অৱস্থাত ৰাখিলোঁ,","footnotes":"","tafseer":"এতেকে যেতিয়া তেওঁলোকে গুহাত উপস্থিত হৈ তাত আশ্ৰয় ল'লে, তেতিয়া আমি তেওঁলোকৰ কাণত পৰ্দা পেলাই দিলোঁ, যাতে কোনো শব্দ শুনিব নোৱাৰে, লগতে অনেক বছৰলৈকে তেওঁলোকক টোপনিগ্ৰস্ত কৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018011.mp3"},{"index":"12","arabicText":"ثُمَّ بَعَثْنٰهُمْ لِنَعْلَمَ اَیُّ الْحِزْبَیْنِ اَحْصٰی لِمَا لَبِثُوْۤا اَمَدًا ۟۠","assameseTranslation":"তাৰ পিছত আমি সিহঁতক সজাগ কৰিলোঁ এইটো জনোৱাৰ বাবে যে, দুই দলৰ মাজত কোনটোৱে সিহঁতৰ অৱস্থিতিকাল সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে।","footnotes":"","tafseer":"দীৰ্ঘ টোপনিৰ পিছত আমি তেওঁলোকক সজাগ কৰিলোঁ, এই কথা প্ৰকাশ কৰিবলৈ যে, তেওঁলোকে অৱস্থান কৰা সময় সম্পৰ্কে মতভেদ কৰাৰ মাজত দুয়ো পক্ষৰ কোনটো পক্ষই অধিক মনত ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018012.mp3"},{"index":"13","arabicText":"نَحْنُ نَقُصُّ عَلَیْكَ نَبَاَهُمْ بِالْحَقِّ ؕ اِنَّهُمْ فِتْیَةٌ اٰمَنُوْا بِرَبِّهِمْ وَزِدْنٰهُمْ هُدًی ۟ۗۖ","assameseTranslation":"আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছোঁ, সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলোঁ,","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাক প্ৰকৃত সত্যৰ সৈতে তেওঁলোকৰ বিষয়ে অৱগত কৰাম, য’ত কোনো সন্দেহ নাই। দৰাচলতে তেওঁলোক আছিল কেইজনমান উদীয়মান যুৱক, যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁৰ আনুগত্য সহকাৰে সৎকৰ্ম কৰিছিল, সেয়ে আমি তেওঁলোকৰ হিদায়ত আৰু সত্যৰ ওপৰত দৃঢ়তা বৃদ্ধি কৰি দিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018013.mp3"},{"index":"14","arabicText":"وَّرَبَطْنَا عَلٰی قُلُوْبِهِمْ اِذْ قَامُوْا فَقَالُوْا رَبُّنَا رَبُّ السَّمٰوٰتِ وَالْاَرْضِ لَنْ نَّدْعُوَاۡ مِنْ دُوْنِهٖۤ اِلٰهًا لَّقَدْ قُلْنَاۤ اِذًا شَطَطًا ۟","assameseTranslation":"আৰু আমি সিহঁতৰ অন্তৰ দৃঢ় কৰি দিছিলোঁ; সিহঁতে যেতিয়া (সাৰ পাই) উঠি ক’লে, ‘আমাৰ প্ৰতিপালকেই আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক। আমি কেতিয়াও তেওঁৰ পৰিবৰ্তে আন কোনো ইলাহক আহ্বান নকৰোঁ; যদি আহ্বান কৰোঁ তেন্তে এয়া হ’ব বৰ গৰ্হিত কথা।","footnotes":"","tafseer":"আমি তেওঁলোকৰ অন্তৰক ঈমান, আৰু ইয়াৰ প্ৰতি দৃঢ়তা, লগতে হিজৰত কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰাৰ সাহস প্ৰদান কৰি শক্তিশালী কৰিছিলোঁ। যেতিয়া তেওঁলোকে কাফিৰ ৰজাৰ সন্মুখত থিয় হৈ এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ কথা ঘোষণা কৰি কৈছিলঃ আমি যি প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ আৰু যাৰ আমি ইবাদত কৰোঁ, তেওঁ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক। আমি তেওঁৰ বাহিৰে তথাকথিত মিছলীয়া উপাস্যবোৰৰ কেতিয়াও উপাসনা নকৰোঁ। যদি আমি তেওঁৰ বাহিৰে আন কাৰো ইবাদত কৰোঁ তেন্তে এয়া সত্যৰ পৰা বহু দূৰত অৱস্থিত বেয়া কথা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018014.mp3"},{"index":"15","arabicText":"هٰۤؤُلَآءِ قَوْمُنَا اتَّخَذُوْا مِنْ دُوْنِهٖۤ اٰلِهَةً ؕ لَوْلَا یَاْتُوْنَ عَلَیْهِمْ بِسُلْطٰنٍ بَیِّنٍ ؕ فَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا ۟ؕ","assameseTranslation":"আমাৰ এই স্বজাতিসকলে তেওঁৰ পৰিবৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে। ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয়? এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে?","footnotes":"","tafseer":"তাৰ পিছত তেওঁলোকে ইজনে সিজনক সম্বোধন কৰি ক'লেঃ এয়া হৈছে আমাৰ জাতিৰ লোকসকল, যিসকলে আল্লাহৰ বাহিৰে অতিৰিক্ত আন বহুতো উপাস্য বনাই লৈছে, যিবোৰৰ সিহঁতে উপাসনা কৰে। যদিও সিহঁতৰ ওচৰত এনেকুৱা পূজা পাঠৰ কোনো স্পষ্ট প্ৰমাণ নাই। এতেকে সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মনেসজা মিছা অংশীদাৰ স্থাপন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018015.mp3"},{"index":"16","arabicText":"وَاِذِ اعْتَزَلْتُمُوْهُمْ وَمَا یَعْبُدُوْنَ اِلَّا اللّٰهَ فَاْوٗۤا اِلَی الْكَهْفِ یَنْشُرْ لَكُمْ رَبُّكُمْ مِّنْ رَّحْمَتِهٖ وَیُهَیِّئْ لَكُمْ مِّنْ اَمْرِكُمْ مِّرْفَقًا ۟","assameseTranslation":"এতিয়া যিহেতু তোমালোকে সিহঁতৰ পৰা আৰু সিহঁতে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা বিচ্ছিন্ন হৈছা, সেয়ে এতিয়া তোমালোকে গুহাত আশ্ৰয় গ্ৰহণ কৰা। তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ ৰহমত বিস্তাৰ কৰিব আৰু তোমালোকৰ বাবে তোমালোকৰ জীৱনোপকৰণৰ বিষয়টো সহজ কৰি দিব।","footnotes":"","tafseer":"যিহেতু তোমালোকে নিজ সম্প্ৰদায়ৰ পৰা আঁতৰি আহিছা, লগতে আল্লাহৰ বাহিৰে সিহঁতে উপাসনা কৰা সকলো উপাস্যক তোমালোকে পৰিত্যাগ কৰিছা, তথা তোমালোকে এক আল্লাহৰ বাহিৰে আন কোনো উপাস্যৰ ইবাদত নকৰা, সেয়েহে এতিয়া তোমালোকে নিজৰ দ্বীন ৰক্ষা কৰি কোনো গুহাত আশ্ৰয় লোৱাগৈ, য'ত তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ দয়া তথা ৰহমত বিস্তাৰ কৰিব, আৰু সেই ৰহমতে তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিব, লগতে তোমালোকৰ সম্প্ৰদায়ৰ মাজত জীৱন-যাপনৰ বিকল্প হিচাপে সুবিধাজনক আৰু উপকাৰী উপায় সহজ কৰি দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018016.mp3"},{"index":"17","arabicText":"وَتَرَی الشَّمْسَ اِذَا طَلَعَتْ تَّزٰوَرُ عَنْ كَهْفِهِمْ ذَاتَ الْیَمِیْنِ وَاِذَا غَرَبَتْ تَّقْرِضُهُمْ ذَاتَ الشِّمَالِ وَهُمْ فِیْ فَجْوَةٍ مِّنْهُ ؕ ذٰلِكَ مِنْ اٰیٰتِ اللّٰهِ ؕ مَنْ یَّهْدِ اللّٰهُ فَهُوَ الْمُهْتَدِ ۚ وَمَنْ یُّضْلِلْ فَلَنْ تَجِدَ لَهٗ وَلِیًّا مُّرْشِدًا ۟۠","assameseTranslation":"আৰু যদি তুমি সিহঁতক দেখাহেঁতেন, সূৰ্য্য উদয় হোৱাৰ সময়ত সিহঁতৰ গুহাৰ সোঁ ফালে ঢাল খায় আৰু অস্ত যোৱাৰ সময়ত সিহঁতক অতিক্ৰম কৰি বাওঁ ফালে ঢাল খায়, অথচ সিহঁত গুহাৰ প্ৰশস্ত চোতালত (শুই আছে), এইবোৰ আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম। আল্লাহে যাক সৎপথত পৰিচালিত কৰে, সি সৎপথপ্ৰাপ্ত আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তুমি কেতিয়াও তাৰ বাবে কোনো পথনিৰ্দেশকাৰী অভিভাৱক বিচাৰি নাপাবা।","footnotes":"","tafseer":"ফলত তেওঁলোকে তেওঁলোকক দিয়া আদেশ পালন কৰিলে, আৰু আল্লাহে তেওঁলোকৰ চকুত টোপনি ঢালি দিলে, আৰু তেওঁলোকক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিলে। (হে দৰ্শকসকল) সূৰ্য্য যেতিয়া পূৱ দিশত উদয় হয় তেতিয়া সূৰ্য্যৰ কিৰণ গুহাত প্ৰৱেশকাৰী সকলৰ সোঁফালেৰে পাৰ হয়, আনহাতে বেলি মাৰ যোৱাৰ সময়ত গুহাৰ বাওঁফালেৰে ফালৰি কাটি সূৰ্যাস্ত যায়, গতিকে গৰমে তেওঁলোকক কষ্ট দিয়া নাছিল, তেওঁলোকক স্থায়ী ছাঁত অৱস্থান কৰিছিল। প্ৰয়োজন অনুসাৰে তেওঁলোকে বতাহ পাইছিল। তেওঁলোকৰ লগত সংঘটিত হোৱা এই সকলোবোৰ, যেনেঃ গুহাত অৱস্থান, তেওঁলোকৰ প্ৰতি টোপনিৰ পয়োভৰ, ৰ'দ নপৰা, প্ৰশস্ত ঠাই আৰু নিজ সম্প্ৰদায়ৰ পৰা মুক্তি আদি হৈছে আল্লাহৰ আশ্চৰ্যজনক কৰ্ম, যিবোৰে তেওঁৰ অসীম ক্ষমতাৰ প্ৰমাণ বহন কৰে। আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, তেৱেঁই প্ৰকৃত হিদায়তপ্ৰাপ্ত। আনহাতে তেওঁ যাক এৰি দিয়ে তথা পথভ্ৰষ্ট কৰে, আপুনি তাৰ বাবে হিদায়তৰ তাওফীক দিব পৰা অথবা পথ দেখুৱাব পৰা কোনো সহায়ক বিচাৰি নাপাব। কিয়নো হিদায়তৰ অধিকাৰ হৈছে একমাত্ৰ আল্লাহৰ হাতত, তেওঁৰ বাহিৰে আন কাৰো হাততে নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018017.mp3"},{"index":"18","arabicText":"وَتَحْسَبُهُمْ اَیْقَاظًا وَّهُمْ رُقُوْدٌ ۖۗ وَّنُقَلِّبُهُمْ ذَاتَ الْیَمِیْنِ وَذَاتَ الشِّمَالِ ۖۗ وَكَلْبُهُمْ بَاسِطٌ ذِرَاعَیْهِ بِالْوَصِیْدِ ؕ لَوِ اطَّلَعْتَ عَلَیْهِمْ لَوَلَّیْتَ مِنْهُمْ فِرَارًا وَّلَمُلِئْتَ مِنْهُمْ رُعْبًا ۟","assameseTranslation":"আৰু তুমি ভাবিলাহেঁতেন সিহঁত সাৰে আছে, অথচ সিহঁত আছিল টোপনিত। আমি সিহঁতক কাতি সলাই দিছিলোঁ সোঁফালে আৰু বাওঁফালে আৰু সিহঁতৰ কুকুৰে সন্মুখৰ ভৰি দুটা গুহাৰ দুৱাৰত প্ৰসাৰিত কৰি আছিল। যদি তুমি সিহঁতৰ ফালে ভুমুকি মাৰি দেখিলাহেঁতেন, তেন্তে অৱশ্যে তুমি ভিৰাই লৰ মাৰিলাহেঁতেন আৰু নিশ্চয় তুমি সিহঁতৰ ভয়ত আতংকগ্ৰস্ত হৈ পৰিলাহেঁতেন;","footnotes":"","tafseer":"হে প্ৰত্যক্ষকাৰী! যিহেতু তেওঁলোকৰ চকু খোলা আছিল, সেয়ে তোমালোকে হয়তো তেওঁলোকক সজাগ থকা বুলি ভাবিলাহেঁতেন। যদিও প্ৰকৃততে তেওঁলোক আছিল টোপনিত। আমি তেওঁলোকৰ কেতিয়াবা সোঁফালে কাতি সলাই দিছিলোঁ, আকৌ কেতিয়াবা বাওঁফালে, যাতে মাটিয়ে তেওঁলোকৰ শৰীৰ খাই নেপেলায়, আৰু তেওঁলোকৰ কুকুৰটো আগফালৰ দুয়ো ঠেং প্ৰসাৰিত কৰি গুহাৰ প্ৰৱেশদ্বাৰত শুই আছিল। যদি তুমি তেওঁলোকক ভুমুকি মাৰি চোৱাৰ চেষ্টা কৰিলাহেঁতেন তেন্তে ভয়তে দৌৰি পলালাহেঁতেন, আৰু তোমাৰ অন্তৰ ভীত-সন্ত্ৰস্ত হৈ পৰিলহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018018.mp3"},{"index":"19","arabicText":"وَكَذٰلِكَ بَعَثْنٰهُمْ لِیَتَسَآءَلُوْا بَیْنَهُمْ ؕ قَالَ قَآىِٕلٌ مِّنْهُمْ كَمْ لَبِثْتُمْ ؕ قَالُوْا لَبِثْنَا یَوْمًا اَوْ بَعْضَ یَوْمٍ ؕ قَالُوْا رَبُّكُمْ اَعْلَمُ بِمَا لَبِثْتُمْ ؕ فَابْعَثُوْۤا اَحَدَكُمْ بِوَرِقِكُمْ هٰذِهٖۤ اِلَی الْمَدِیْنَةِ فَلْیَنْظُرْ اَیُّهَاۤ اَزْكٰی طَعَامًا فَلْیَاْتِكُمْ بِرِزْقٍ مِّنْهُ  وَلَا یُشْعِرَنَّ بِكُمْ اَحَدًا ۟","assameseTranslation":"আৰু এইদৰেই আমি সিহঁতক জাগ্ৰত কৰি তুলিলোঁ, যাতে সিহঁতে পৰস্পৰৰ মাজত সোধ-পোচ কৰিব পাৰে। সিহঁতৰ এজনে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা’? সিহঁতে ক’লে, ‘আমি এদিন বা এদিনৰ কিছু অংশহে অৱস্থান কৰিছোঁ’। সিহঁতে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা সেয়া তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে। এতেকে তোমালোকে এতিয়া তোমালোকৰ মাজৰ পৰা এজনক এই মুদ্ৰাসহ বজাৰলৈ পঠাই দিয়া। সি যেন ভালকৈ চাই-চিতি কোনটো উত্তম খাদ্য তাৰ পৰা যেন তোমালোকৰ বাবে কিছু খাদ্য লৈ আহে। লগতে সি যেন বিচক্ষণতাৰ সৈতে কাম কৰে। কোনোমতেই যাতে তোমালোকৰ বিষয়ে কাকো একো জানিব নিদিয়ে।","footnotes":"","tafseer":"যিদৰে এই ক্ষেত্ৰত আমি আমাৰ অদ্ভুত শক্তি প্ৰদৰ্শন কৰিছোঁ, যাৰ উল্লেখ আমি ইতিপূৰ্বে কৰিছোঁ, সেইদৰে আমি তেওঁলোকক এটা দীৰ্ঘ সময়ৰ পিছত টোপনিৰ পৰা জগাই তুলিছিলোঁ, যাতে তেওঁলোকে ইজনে সিজনক সুধিব পাৰে যে, তেওঁলোকে কিমান দিন শুই আছিল। এতেকে তেওঁলোকে ইজনে সিজনক সুধিলে, কোনোবাই ক'লেঃ আমি এদিন অথবা দিনৰ এটা অংশহে শুই কটাইছোঁ, আন কিছুমানে যিসকলে অনুমান কৰিব পৰা নাছিল তেওঁলোকে ক'লেঃ তোমালোকে কিমান দিন শুই আছিলা এইটো তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে। এতেকে এই বিষয়টোক তেওঁৰ ওচৰতেই অৰ্পন কৰা আৰু নিজৰ কামত মনোযোগ দিয়া। তোমালোকৰ মাজৰ কোনোবা এজনক এই মুদ্ৰাৰ সৈতে পৰিচিত চহৰলৈ প্ৰেৰণ কৰা, যাতে তেওঁ পৱিত্ৰ খাদ্যদ্ৰৱ্য সন্ধান কৰি আনিব পাৰে। অহা যোৱা আৰু বজাৰ কৰাৰ সময়ত তেওঁ সাৱধান থকা উচিত তথা কৌশল অৱলম্বন কৰা উচিত, যাতে কোনেও আমাৰ এই অৱস্থান সম্পৰ্কে অৱগত নহয়। অন্যথা ডাঙৰ ক্ষতি হ'ব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018019.mp3"},{"index":"20","arabicText":"اِنَّهُمْ اِنْ یَّظْهَرُوْا عَلَیْكُمْ یَرْجُمُوْكُمْ اَوْ یُعِیْدُوْكُمْ فِیْ مِلَّتِهِمْ وَلَنْ تُفْلِحُوْۤا اِذًا اَبَدًا ۟","assameseTranslation":"নিশ্চয় সিহঁতে যদি তোমালোকৰ বিষয়ে জানিব পাৰে তেন্তে সিহঁতে তোমালোকক শিল দলিয়াই হত্যা কৰিব অথবা তোমালোকক সিহঁতৰ ধৰ্মলৈ ওভতাই নিব। তেতিয়া তোমালোকে কেতিয়াও সফল হ’ব নোৱাৰিবা।","footnotes":"","tafseer":"যদি তোমালোকৰ সম্প্ৰদায়ে তোমালোকৰ খবৰ পাই যায় তথা তোমালোকৰ এই অৱস্থান সম্পৰ্কে যদি অৱগত হয় তেন্তে সিহঁতে তোমালোকক শিল দলিয়াই মৃত্যুদণ্ড দিব, নাইবা সিহঁতৰ বিভ্ৰান্ত ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব, আল্লাহে সঠিক দ্বীনৰ হিদায়ত দিয়াৰ পূৰ্বে যি ধৰ্মত তোমালোকে দীক্ষিত আছিলা। যদি তোমালোকে সেই বিভ্ৰান্ত ধৰ্মলৈ উভতি যোৱা তেন্তে কেতিয়াও সফল হ'ব নোৱাৰিবা, এই পৃথিৱীতো নোৱাৰিবা আৰু আখিৰাততো সফল হ'ব নোৱাৰিবা। আল্লাহে হিদায়ত কৰা এই সত্য ধৰ্মক যদি তোমালোকে পৰিত্যাগ কৰা অথবা বিভ্ৰান্ত ধৰ্মলৈ উভতি যোৱা তেন্তে তোমালোকে ভয়ংকৰ ক্ষতিৰ সন্মুখীন হ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018020.mp3"},{"index":"21","arabicText":"وَكَذٰلِكَ اَعْثَرْنَا عَلَیْهِمْ لِیَعْلَمُوْۤا اَنَّ وَعْدَ اللّٰهِ حَقٌّ وَّاَنَّ السَّاعَةَ لَا رَیْبَ فِیْهَا ۗۚ اِذْ یَتَنَازَعُوْنَ بَیْنَهُمْ اَمْرَهُمْ فَقَالُوا ابْنُوْا عَلَیْهِمْ بُنْیَانًا ؕ رَبُّهُمْ اَعْلَمُ بِهِمْ ؕ قَالَ الَّذِیْنَ غَلَبُوْا عَلٰۤی اَمْرِهِمْ لَنَتَّخِذَنَّ عَلَیْهِمْ مَّسْجِدًا ۟","assameseTranslation":"আৰু এইদৰে আমি মানুহক তেওঁলোকৰ বিষয়ে জনাই দিলোঁ, যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামত সম্পৰ্কে কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে কৈছিল, ‘তেওঁলোকৰ ওপৰত সৌধ নিৰ্মাণ কৰা’। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালকৈ জানে। সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে কৈছিল, ‘নিশ্চয় আমি তেওঁলোকৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’।","footnotes":"","tafseer":"যিদৰে আমি তেওঁলোকৰ লগত বহুতো আশ্চৰ্যজনক কাম কৰিছোঁ, যেনেঃ বহুত বছৰলৈকে টোপনি প্ৰদান কৰা, তাৰ পিছত টোপনিৰ পৰা জগাই তোলা, ঠিক সেইদৰে আমি নগৰৰ অধিবাসীসকলকো অৱগত কৰোৱাইছিলোঁ, যাতে তেওঁলোকে পতিয়ন যায় যে, আল্লাহে মুমিনসকলক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছে আৰু মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য। নিশ্চিতভাৱে কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই। এতেকে যেতিয়া গুহাত অৱস্থান কৰা লোকসকলৰ বিষয়টো উন্মোচন হ'ল আৰু তেওঁলোকৰ মৃত্যু হ'ল, তেতিয়া তেওঁলোকৰ পৰিচিত লোকসকলৰ মাজত এই বিষয়টোলৈ মতভেদ সৃষ্টি হ'ল যে, তেওঁলোকৰ বিষয়ে কি কৰা উচিত? তেতিয়া কিছুসংখ্যক লোকে ক'লেঃ গুহাৰ দুৱাৰডলিত এটা অট্টালিকা নিৰ্মাণ কৰা হওক, ফলত এওঁলোক অন্তৰালত থাকিব আৰু সুৰক্ষিত থাকিব। তেওঁলোকৰ অৱস্থা সম্পৰ্কে তেওঁলোকৰ প্ৰতিপালকেই অধিক অৱগত। এতেকে তেওঁলোকৰ অৱস্থাই প্ৰমাণ কৰে যে, তেওঁলোক আছিল আল্লাহৰ ওচৰত বিশেষ স্থানপ্ৰাপ্ত। আনহাতে উপস্থিত লোকসকলৰ মাজত থকা প্ৰভাৱশালী লোকসকলে (যিসকলৰ ওচৰত কোনো জ্ঞান নাছিল তথা সঠিক দাৱাতৰ অভাৱ আছিল) ক'লেঃ আমি এই স্থানত তেওঁলোকৰ সন্মানাৰ্থে তথা স্মৃতিৰ বাবে এখন মছজিদ নিৰ্মাণ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018021.mp3"},{"index":"22","arabicText":"سَیَقُوْلُوْنَ ثَلٰثَةٌ رَّابِعُهُمْ كَلْبُهُمْ ۚ وَیَقُوْلُوْنَ خَمْسَةٌ سَادِسُهُمْ كَلْبُهُمْ رَجْمًا بِالْغَیْبِ ۚ وَیَقُوْلُوْنَ سَبْعَةٌ وَّثَامِنُهُمْ كَلْبُهُمْ ؕ قُلْ رَّبِّیْۤ اَعْلَمُ بِعِدَّتِهِمْ مَّا یَعْلَمُهُمْ اِلَّا قَلِیْلٌ ۫۬ فَلَا تُمَارِ فِیْهِمْ اِلَّا مِرَآءً ظَاهِرًا ۪ وَّلَا تَسْتَفْتِ فِیْهِمْ مِّنْهُمْ اَحَدًا ۟۠","assameseTranslation":"অচিৰেই কিছুমানে ক’ব, ‘তেওঁলোক আছিল তিনিজন, তেওঁলোকৰ চতুৰ্থটো আছিল তেওঁলোকৰ কুকুৰ’, আৰু আন কিছুমানে ক’ব, ‘তেওঁলোক আছিল পাঁচজন, তেওঁলোকৰ ষষ্ঠটো আছিল তেওঁলোকৰ কুকুৰ’, এই সকলোৱে গায়েবী বিষয়ত অনুমানৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ কিছুমানে ক’ব, ‘তেওঁলোক আছিল সাতজন, তেওঁলোকৰ অষ্টমটো হৈছে তেওঁলোকৰ কুকুৰ’। কোৱা, ‘মোৰ প্ৰতিপালকেহে তেওঁলোকৰ সংখ্যাটো ভালকৈ জানে; তেওঁলোকৰ প্ৰকৃত সংখ্যা কেৱল কিছুসংখ্যক লোকেহে জানে। এতেকে সাধাৰণ আলোচনাৰ বাহিৰে তুমি তেওঁলোকৰ বিষয়ে বিতৰ্ক নকৰিবা আৰু ইহঁতৰ কাকো তেওঁলোকৰ বিষয়ে নুসুধিবা।","footnotes":"","tafseer":"তেওঁলোকৰ ঘটনাক কেন্দ্ৰ কৰি কিছুমান লোকে অযথা মূৰ ঘমাই তেওঁলোকৰ সংখ্যা সম্পৰ্কে ক'ব যে, তেওঁলোক আছিল তিনিজন আৰু চতুৰ্থটো আছিল তেওঁলোকৰ কুকুৰ। আন কিছুমান লোকে ক'বঃ তেওঁলোক আছিল পাঁচজন আৰু ষষ্ঠ নং আছিল তেওঁলোকৰ কুকুৰ। দৰাচলতে এই দুয়োটা দলেই প্ৰমাণ নোহোৱাকৈ কেৱল শূণ্যত তীৰ বৰ্ষণ কৰি আছে। আনহাতে কিছুমান লোকে ক'ব যে, তেওঁলোক আছিল সাতজন আৰু অষ্টম আছিল তেওঁলোকৰ কুকুৰ। হে ৰাছুল! আপুনি কৈ দিয়ক, তেওঁলোকৰ সংখ্যা সম্পৰ্কে মোৰ প্ৰতিপালকেহে ভালদৰে জানে, সিহঁতৰ মাজৰ কেৱল কিছু সংখ্যক লোকেহে তেওঁলোকৰ সংখ্যা সম্পৰ্কে জানে যিসকলক আল্লাহে ইয়াৰ জ্ঞান প্ৰদান কৰিছে। এতেকে আপুনি আহলে কিতাব অথবা আন লোকসকলৰ লগত তেওঁলোকৰ সংখ্যা আৰু তেওঁলোকৰ অৱস্থা সম্পৰ্কীয় কোনো বিষয়তে গভীৰ আলোচনা নকৰি কেৱল থুলমুল বাদানুবাদ কৰিব। তেওঁলোকৰ বিষয়ে আপোনাক যি অহী কৰা হৈছে আপুনি কেৱল সেইখিনিতে ক্ষান্ত থাকক। তেওঁলোকৰ বিষয়ে আন কাকো ইয়াৰ বিস্তাৰিত বৰ্ণনা সম্পৰ্কে সোধ-পোচ নকৰিব। কিয়নো সিহঁত ইয়াৰ বাস্তৱ জ্ঞান সম্পৰ্কে অৱগত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018022.mp3"},{"index":"23","arabicText":"وَلَا تَقُوْلَنَّ لِشَایْءٍ اِنِّیْ فَاعِلٌ ذٰلِكَ غَدًا ۟ۙ","assameseTranslation":"আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নক'বা যে, নিশ্চয় মই এইটো কাইলৈ কৰিম,","footnotes":"","tafseer":"হে নবী! আপুনি ভৱিষ্যতে কৰিবলগীয়া কোনো কামৰ বিষয়ে এইদৰে নক'ব যে, এইটো মই কাইলৈ নিশ্চয় কৰিম। কিয়নো আপুনি নিশ্চিতভাৱে নাজানে যে, সেইটো আপুনি কাইলৈ কৰিব পাৰিব নে নাই। অথবা আপোনাৰ আৰু কামৰ মাজত কিবা ব্যাঘাত জন্মিব নে নাই। এইটো দৰাচলতে প্ৰত্যেক মুছলিমৰ বাবে দিশ নিৰ্দেশনা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018023.mp3"},{"index":"24","arabicText":"اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؗ وَاذْكُرْ رَّبَّكَ اِذَا نَسِیْتَ وَقُلْ عَسٰۤی اَنْ یَّهْدِیَنِ رَبِّیْ لِاَقْرَبَ مِنْ هٰذَا رَشَدًا ۟","assameseTranslation":"ইন শ্বা আল্লাহ নোকোৱাকৈ, (অৰ্থাৎ যদি আল্লাহে বিচাৰে), আৰু যদি পাহৰি যোৱা তেন্তে তোমাৰ প্ৰতিপালকক স্মৰণ কৰিবা আৰু কোৱা, ‘সম্ভৱতঃ মোৰ প্ৰতিপালকে মোক ইয়াতকৈও সত্যৰ নিকটৱৰ্তী পথ দেখুৱাব’।","footnotes":"","tafseer":"কিন্তু যদি আপুনি সেই কৰ্মটোক আল্লাহৰ ইচ্ছাৰ সৈতে সম্পৃক্ত কৰে তেন্তে এইদৰে ক'বঃ ইন শ্বা আল্লাহ (আল্লাহে ইচ্ছা কৰিলে) এইটো মই কাইলৈ কৰিম। আনহাতে যদি আপুনি এইটো ক’বলৈ পাহৰি যায় তেন্তে ইন শ্বা আল্লাহ বুলি আপোনাৰ প্ৰতিপালকক স্মৰণ কৰিব। লগতে কওক, আশা কৰোঁ মোৰ প্ৰতিপালকে মোক এই কামত আৰু অধিক সঠিক পথৰ তাওফীক প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018024.mp3"},{"index":"25","arabicText":"وَلَبِثُوْا فِیْ كَهْفِهِمْ ثَلٰثَ مِائَةٍ سِنِیْنَ وَازْدَادُوْا تِسْعًا ۟","assameseTranslation":"আৰু সিহঁতে গুহাত আছিল তিনি শ বছৰ, লগতে অতিৰিক্ত ন বছৰ।","footnotes":"","tafseer":"গুহাত অৱস্থানকাৰী লোকসকলে গুহাত তিনিশ ন বছৰ অৱস্থান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018025.mp3"},{"index":"26","arabicText":"قُلِ اللّٰهُ اَعْلَمُ بِمَا لَبِثُوْا ۚ لَهٗ غَیْبُ السَّمٰوٰتِ وَالْاَرْضِ ؕ اَبْصِرْ بِهٖ وَاَسْمِعْ ؕ مَا لَهُمْ مِّنْ دُوْنِهٖ مِنْ وَّلِیٍّ ؗ وَّلَا یُشْرِكُ فِیْ حُكْمِهٖۤ اَحَدًا ۟","assameseTranslation":"কোৱা, ‘সিহঁতে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে’, আকাশসমূহ আৰু পৃথিৱীৰ গায়েবৰ জ্ঞান কেৱল তেওঁৰেই। তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা! তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই। তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, তেওঁলোকে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে। নিশ্চয় তেওঁ আমাক তেওঁলোকৰ অৱস্থান কাল সম্পৰ্কে অৱগত কৰাইছে। এতেকে পৱিত্ৰ আল্লাহৰ স্পষ্টীকৰণৰ পিছত আন কাৰো কথা গ্ৰহণযোগ্য নহয়। আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো গোপন বিষয়ৰ সৃষ্টি আৰু সেই বিষয়ে জ্ঞান ৰখাৰ একমাত্ৰ দায়িত্ব হৈছে পৱিত্ৰ মহান আল্লাহৰ। তেওঁ কিমান যে উত্তম দ্ৰষ্টা, যিয়ে প্ৰত্যেক বস্তু দেখে। আৰু কিমান যে উত্তম শ্ৰৱণকাৰী, যিয়ে প্ৰত্যেক বিষয় শ্ৰৱণ কৰে। তেওঁৰ বাহিৰে আন কোনো সহায়ক নাই, যিয়ে তেওঁৰ কৰ্মৰ দায়িত্ব পালন কৰিব পাৰিব। লগতে তেওঁ নিজৰ ৰাজত্বত কাকো অংশীদাৰ নকৰে। তেওঁ শাসনৰ ক্ষেত্ৰত একক তথা অদ্বিতীয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018026.mp3"},{"index":"27","arabicText":"وَاتْلُ مَاۤ اُوْحِیَ اِلَیْكَ مِنْ كِتَابِ رَبِّكَ ؕۚ لَا مُبَدِّلَ لِكَلِمٰتِهٖ ۫ۚ وَلَنْ تَجِدَ مِنْ دُوْنِهٖ مُلْتَحَدًا ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰলৈ যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাক কোৰআনৰ যিবোৰ আয়াত আল্লাহে অহী কৰিছে সেইবোৰ তিলাৱত কৰক আৰু সেইমতে আমল কৰক। তেওঁৰ বাণীক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। কিয়নো সেয়া পৰিপূৰ্ণৰূপে সত্য তথা ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। আপুনি সেই পৱিত্ৰ মহান আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থলো বিচাৰি নাপাব। তথা লুকোৱাবলৈও কোনো ঠাই নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018027.mp3"},{"index":"28","arabicText":"وَاصْبِرْ نَفْسَكَ مَعَ الَّذِیْنَ یَدْعُوْنَ رَبَّهُمْ بِالْغَدٰوةِ وَالْعَشِیِّ یُرِیْدُوْنَ وَجْهَهٗ وَلَا تَعْدُ عَیْنٰكَ عَنْهُمْ ۚ تُرِیْدُ زِیْنَةَ الْحَیٰوةِ الدُّنْیَا ۚ وَلَا تُطِعْ مَنْ اَغْفَلْنَا قَلْبَهٗ عَنْ ذِكْرِنَا وَاتَّبَعَ هَوٰىهُ وَكَانَ اَمْرُهٗ فُرُطًا ۟","assameseTranslation":"আৰু তুমি নিজকে ধৈৰ্য্যশীল ৰাখিবা সেইসকল লোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছোঁ, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।","footnotes":"","tafseer":"আপুনি সেইসকল লোকৰ সংস্পৰ্শত থাকক যিসকলে নিষ্ঠাপূৰ্বকভাৱে পুৱা গধূলি নিজ প্ৰতিপালকক আহ্বান কৰে, ইবাদত কৰাৰ বাবে অথবা প্ৰাৰ্থনা কৰাৰ বাবে। আপুনি নেতৃস্থানীয় আৰু ঐশৰ্যশীল ব্যক্তিসকলৰ বৈঠকত বহাৰ ইচ্ছাত এই লোকসকলক অৱহেলা নকৰিব। আপুনি সেইসকল লোকৰ অনুসৰণ নকৰিব যিসকলৰ অন্তৰত আমি মোহৰ লগাই আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছোঁ। সেই কাৰণেই সিহঁতে আপোনাক আপোনাৰ বৈঠকৰ পৰা দৰিদ্ৰসকলক আঁতৰাই ৰখাৰ নিৰ্দেশ দিয়ে আৰু সিহঁতে নিজ প্ৰতিপালকৰ আনুগত্যৰ ওপৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণক প্ৰাধান্য দিয়ে। সিহঁতৰ আমল বিনষ্ট হৈ গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018028.mp3"},{"index":"29","arabicText":"وَقُلِ الْحَقُّ مِنْ رَّبِّكُمْ ۫ فَمَنْ شَآءَ فَلْیُؤْمِنْ وَّمَنْ شَآءَ فَلْیَكْفُرْ ۙ اِنَّاۤ اَعْتَدْنَا لِلظّٰلِمِیْنَ نَارًا ۙ اَحَاطَ بِهِمْ سُرَادِقُهَا ؕ وَاِنْ یَّسْتَغِیْثُوْا یُغَاثُوْا بِمَآءٍ كَالْمُهْلِ یَشْوِی الْوُجُوْهَ ؕ بِئْسَ الشَّرَابُ ؕ وَسَآءَتْ مُرْتَفَقًا ۟","assameseTranslation":"আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), এতেকে যাৰ ইচ্ছা সি ঈমান পোষণ কৰিব পাৰে আৰু যাৰ ইচ্ছা সি কুফৰী কৰিব পাৰে’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ অগ্নি (জাহান্নাম), যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক, যিসকলৰ অন্তৰ আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হৈ আছেঃ মই যি লৈ আহিছোঁ সেইটোৱে সত্য। সেইটো হৈছে আল্লাহৰ ফালৰ পৰা, মোৰ ফালৰ পৰা নহয়। মুমিনসকলক মোৰ বৈঠকৰ পৰা আঁতৰাই দিয়াৰ যি দাবী তোমালোকে উত্থাপন কৰিছা, সেই দাবী মই কদাপিও মানি ল’ব নোৱাৰিম। এতেকে তোমালোকৰ মাজৰ যিয়ে এই সত্যৰ প্ৰতি ঈমান আনিব বিচাৰে সি ঈমান আনিব পাৰে। অনতিপলমে সি প্ৰতিদান পাই সন্তুষ্ট হ'ব। আনহাতে যিয়ে কুফৰী কৰিব বিচাৰে, সি কৰিব পাৰে। অতি সোনকালে সি শাস্তি ভোগ কৰিব, যি শাস্তি তাৰ অপেক্ষাত ৰৈ আছে। নিশ্চয় যালিমসকলৰ বাবে আমি জাহান্নাম প্ৰস্তুত কৰি ৰাখিছোঁ, সেই জাহান্নামে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে কেতিয়াও তাৰ পৰা পলায়ন কৰিব নোৱাৰিব। যদি তীব্ৰ পিয়াঁহত সিহঁতে পানী খাবলৈ বিচাৰে তেন্তে সিহঁতক উতলা গৰম পানী দিয়া হ'ব, যি পানীৰ গৰমত সিহঁতৰ মুখমণ্ডলৰ ছাল আদি খহি পৰিব। কিমান যে নিকৃষ্ট সেই পানীয়, যিটো সিহঁতক খাবলৈ দিয়া হ'ব। কিয়নো ইয়াৰ ফলত তৃষ্ণা নিবাৰণ হোৱাৰ পৰিবৰ্তে আৰু অধিক বেছিহে হ'ব। লগতে সেই অগ্নিশিখাও নিৰ্বাপিত নহ'ব, যি শিখাই সিহঁতৰ ছাল খহাই পেলাব। জাহান্নাম কিমান যে নিকৃষ্ট ঠিকনা, য’ত সিহঁতে অৱস্থান কৰিব, আৰু কিমান যে নিকৃষ্ট বাসস্থান, য’ত সিহঁতে বসবাস কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018029.mp3"},{"index":"30","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ اِنَّا لَا نُضِیْعُ اَجْرَ مَنْ اَحْسَنَ عَمَلًا ۟ۚ","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে – নিশ্চয় আমি উত্তমৰূপে কৰ্ম সম্পাদন কৰা ব্যক্তিৰ শ্ৰমফল বিনষ্ট নকৰোঁ।","footnotes":"","tafseer":"নিঃসন্দেহে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। এয়া নিশ্চিত যে, আমি কোনো উৎকৃষ্ট নেক আমলকাৰীৰ আমল কেতিয়াও বিনষ্ট নকৰোঁ। বৰং কোনো ধৰণৰ হ্ৰাস নকৰাকৈ তেওঁলোকক পৰিপূৰ্ণ প্ৰতিদান প্ৰদান কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018030.mp3"},{"index":"31","arabicText":"اُولٰٓىِٕكَ لَهُمْ جَنّٰتُ عَدْنٍ تَجْرِیْ مِنْ تَحْتِهِمُ الْاَنْهٰرُ یُحَلَّوْنَ فِیْهَا مِنْ اَسَاوِرَ مِنْ ذَهَبٍ وَّیَلْبَسُوْنَ ثِیَابًا خُضْرًا مِّنْ سُنْدُسٍ وَّاِسْتَبْرَقٍ مُّتَّكِـِٕیْنَ فِیْهَا عَلَی الْاَرَآىِٕكِ ؕ نِعْمَ الثَّوَابُ ؕ وَحَسُنَتْ مُرْتَفَقًا ۟۠","assameseTranslation":"তেওঁলোকৰ বাবেই আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকক সোণৰ কংকনেৰে অলংকৃত কৰা হ’ব, তেওঁলোকে পৰিধান কৰিব মিহি আৰু স্থূল ৰেচমৰ সেউজীয়া বস্ত্ৰ, আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আউজি বহিব, কিমান যে শ্ৰেষ্ঠ পুৰস্কাৰ আৰু উত্তম বিশ্ৰামস্থল!","footnotes":"","tafseer":"সৎকৰ্ম আৰু ঈমানৰ বিশেষণেৰে বিশেষিত লোকসকলৰ বাবেই জান্নাত প্ৰস্তুত কৰি ৰখা হৈছে, তাত তেওঁলোকে চিৰকাল অৱস্থান কৰিব। তেওঁলোকৰ অট্টালিকাৰ তলদেশত জান্নাতৰ মিঠা পানীৰ নিজৰা প্ৰবাহমান থাকিব। তেওঁলোকক সোণৰ কংকনেৰে সুসজ্জিত কৰা হ'ব, লগতে তেওঁলোকে তাত মোটা আৰু পাতল ৰেচমৰ দ্বাৰা নিৰ্মিত বস্ত্ৰ পৰিধান কৰিব। তেওঁলোকে অতি সৌন্দৰ্যশীল পৰ্দাৰে সুসজ্জিত আসনত আউজি বহিব। কিমান যে উত্তম প্ৰতিফল! যিটো তেওঁলোকে লাভ কৰিব! আৰু জান্নাতৰ সেই বাসস্থান, কিমান যে উত্তম বাসস্থান! য’ত তেওঁলোকে বসবাস কৰিব!।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018031.mp3"},{"index":"32","arabicText":"وَاضْرِبْ لَهُمْ مَّثَلًا رَّجُلَیْنِ جَعَلْنَا لِاَحَدِهِمَا جَنَّتَیْنِ مِنْ اَعْنَابٍ وَّحَفَفْنٰهُمَا بِنَخْلٍ وَّجَعَلْنَا بَیْنَهُمَا زَرْعًا ۟ؕ","assameseTranslation":"আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা, দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি প্ৰদান কৰিছিলোঁ দুখন আঙুৰৰ বাগান আৰু দুয়োখনকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলোঁ আৰু দুয়োটাৰে মধ্যৱৰ্তী স্থানত ৰাখিছিলোঁ শস্যক্ষেত্ৰ।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেই ব্যক্তিদ্বয়ৰ উদাহৰণ দাঙি ধৰক, এজন আছিল মুমিন আৰু আনজন আছিল কাফিৰ। আমি কাফিৰ ব্যক্তিজনক দুটা আঙুৰৰ বাগান প্ৰদান কৰিছিলোঁ। সেই দুয়োটা বাগানক আমি খেজুৰ গছেৰে পৰিবেষ্টন কৰি দিছিলোঁ আৰু মাজৰ খালি ঠাইত শস্য উৎপন্ন কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018032.mp3"},{"index":"33","arabicText":"كِلْتَا الْجَنَّتَیْنِ اٰتَتْ اُكُلَهَا وَلَمْ تَظْلِمْ مِّنْهُ شَیْـًٔا ۙ وَّفَجَّرْنَا خِلٰلَهُمَا نَهَرًا ۟ۙ","assameseTranslation":"উভয় উদ্যানেই ফল দান কৰিছিল আৰু তাত কোনো ত্ৰুটি কৰা নাছিল আৰু আমি উভয় উদ্যানৰ মাজেৰে প্ৰবাহিত কৰিছিলোঁ এটা নিজৰা।","footnotes":"","tafseer":"উভয় বাগানতে খেজুৰ, আঙুৰ আৰু শস্য আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হৈছিল, কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিল, বৰং পৰিপূৰ্ণ মাত্ৰাত উৎপাদন হৈছিল। উভয় বাগানৰ মাজেৰে আমি এখন নিজৰা প্ৰবাহিত কৰিছিলোঁ, যাতে অতি সহজেই খেতিত পানী দিব পৰা যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018033.mp3"},{"index":"34","arabicText":"وَّكَانَ لَهٗ ثَمَرٌ ۚ فَقَالَ لِصَاحِبِهٖ وَهُوَ یُحَاوِرُهٗۤ اَنَا اَكْثَرُ مِنْكَ مَالًا وَّاَعَزُّ نَفَرًا ۟","assameseTranslation":"আৰু তাৰ প্ৰচুৰ ফল-সম্পদ আছিল। তাৰ পিছত কথা প্ৰসঙ্গত সি তাৰ বন্ধুক ক’লে, ‘তোমাতকৈ মোৰ ধন-সম্পদ বেছি আৰু জনবলতো মই তোমাতকৈ অধিক শক্তিশালী’।","footnotes":"","tafseer":"এই দুটা বাগানৰ গৰাকীৰ ওচৰত আন আন ফল-মূল আৰু ধন-সম্পত্তিও আছিল। সেয়ে সেই ব্যক্তিজনে তেওঁৰ মুমিন বন্ধুক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে সম্বোধন কৰি ক'লেঃ মই তোমাতকৈ অধিক সম্পত্তিৰ মালিক। মোৰ সন্মানো তোমাতকৈ বেছি, লগতে মোৰ পৰিয়ালো অধিক শক্তিশালী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018034.mp3"},{"index":"35","arabicText":"وَدَخَلَ جَنَّتَهٗ وَهُوَ ظَالِمٌ لِّنَفْسِهٖ ۚ قَالَ مَاۤ اَظُنُّ اَنْ تَبِیْدَ هٰذِهٖۤ اَبَدًا ۟ۙ","assameseTranslation":"আৰু সি অহংকাৰ কৰি তাৰ উদ্যানত প্ৰৱেশ কৰিলে। সি ক’লে, ‘এইখন কেতিয়াও ধ্বংস হ’ব বুলি মোৰ ধাৰণা নহয়;","footnotes":"","tafseer":"সেই কাফিৰ ব্যক্তিজনে মুমিন বন্ধুজনক লগতলৈ নিজৰ বাগানত প্ৰৱেশ কৰিলে। সি তেওঁক বাগান দেখুৱাব বিচাৰিছিল, আৰু কুফৰ তথা অহংকাৰৰ দ্বাৰা নিজৰ প্ৰতি অন্যায় কৰি আছিল। কাফিৰ ব্যক্তিজনে ক'লেঃ মই ভাবোঁ মোৰ এই বাগানখন কেতিয়াও ধ্বংস নহ'ব, যিখন তুমি চাই আছা। কিয়নো ইয়াক সুৰক্ষিত ৰখাৰ যাৱতীয় যা-যোগাৰ মই কৰি ৰাখিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018035.mp3"},{"index":"36","arabicText":"وَّمَاۤ اَظُنُّ السَّاعَةَ قَآىِٕمَةً ۙ وَّلَىِٕنْ رُّدِدْتُّ اِلٰی رَبِّیْ لَاَجِدَنَّ خَیْرًا مِّنْهَا مُنْقَلَبًا ۟ۚ","assameseTranslation":"‘আৰু কিয়ামত সংঘটিত হ’ব বুলিও মোৰ ধাৰণা নহয়, আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰলৈকে ওভতাই নিয়াও হয়, তথাপিও মই নিশ্চয় ইয়াতকৈও উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম’।","footnotes":"","tafseer":"আনকি মই কিয়ামত হ'ব বুলিও বিশ্বাস নকৰোঁ। এইটো হৈছে এক প্ৰকাৰ জীৱনচক্ৰ, যিটো সদায় চলি থাকিব। আনহাতে যদি কিয়ামত হয়ও তথাপিও যেতিয়া মই পুনৰ্জীৱিত হ'ম আৰু মোক মোৰ প্ৰতিপালকৰ ওচৰত উপস্থিত কৰা হ'ব, সেই জীৱনতো মই ইয়াতকৈও উত্তম বাগান লাভ কৰিম। কিয়নো পৃথিৱীত ধনী হোৱাৰ অৰ্থ এই যে, আখিৰাততো মই ধনী হ'ম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018036.mp3"},{"index":"37","arabicText":"قَالَ لَهٗ صَاحِبُهٗ وَهُوَ یُحَاوِرُهٗۤ اَكَفَرْتَ بِالَّذِیْ خَلَقَكَ مِنْ تُرَابٍ ثُمَّ مِنْ نُّطْفَةٍ ثُمَّ سَوّٰىكَ رَجُلًا ۟ؕ","assameseTranslation":"ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলকভাৱে তাক ক’লে, ‘তুমি সেই সত্ত্বাৰ লগত কুফৰী কৰিছা নেকি, যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীৰ্যৰ পৰা আৰু তাৰ পিছত তোমাক পুৰ্ণাংঙ্গ পুৰুষ আকৃতি দান কৰিছে’?","footnotes":"","tafseer":"মুমিন বন্ধুজনে তাক উত্তৰ দি ক'লেঃ তুমি দেখোন সেই প্ৰতিপালকক অস্বীকাৰ কৰিলা, যিয়ে তোমাৰ পিতৃ আদমক মাটিৰে সৃষ্টি কৰিছে, আৰু তোমাক সৃষ্টি কৰিছে বীৰ্যৰ পৰা, তাৰ পিছত তোমাক পুৰুষৰূপে মানৱ বনাইছে, তোমাৰ সকলো অঙ্গ-প্ৰত্যঙ্গ সঠিকভাৱে আৰু তোমাক পৰিপূৰ্ণৰূপে মানৱ আকৃতি দান কৰিছে? এতেকে যিয়ে এই সকলোবোৰ কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমাক পুনৰজীৱিত কৰিবলৈও সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018037.mp3"},{"index":"38","arabicText":"لٰكِنَّاۡ هُوَ اللّٰهُ رَبِّیْ وَلَاۤ اُشْرِكُ بِرَبِّیْۤ اَحَدًا ۟","assameseTranslation":"‘কিন্তু (মই কওঁ) তেৱেঁই আল্লাহ, তেৱেঁই মোৰ প্ৰতিপালক; আৰু মই মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰোঁ’।","footnotes":"","tafseer":"কিন্তু মই তোমাৰ দৰে কেতিয়াও নকওঁ। বৰং মই কওঁ যে, পৱিত্ৰ আল্লাহ তেৱেঁই মোৰ প্ৰতিপালক, তেৱেঁই আমাক বিভিন্ন নিয়ামত প্ৰদান কৰি উপকাৰ কৰিছে। তেওঁৰ ইবাদতত মই কাকো অংশীদাৰ নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018038.mp3"},{"index":"39","arabicText":"وَلَوْلَاۤ اِذْ دَخَلْتَ جَنَّتَكَ قُلْتَ مَا شَآءَ اللّٰهُ ۙ لَا قُوَّةَ اِلَّا بِاللّٰهِ ۚ اِنْ تَرَنِ اَنَا اَقَلَّ مِنْكَ مَالًا وَّوَلَدًا ۟ۚ","assameseTranslation":"‘যদি তুমি তোমাৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত মোক হীন বুলি ধাৰণা কৰা তেন্তে তুমি যেতিয়া তোমাৰ উদ্যানত প্ৰৱেশ কৰিলা তেতিয়া তুমি কিয় এইদৰে নক’লা যে, আল্লাহে যিটো বিচাৰে সেইটোৱেই হয়, আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই?","footnotes":"","tafseer":"বাগানত প্ৰৱেশ কৰাৰ সময়ত তুমি এই কথা কিয় কোৱা নাছিলা যে, আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে হয়। আল্লাহৰ বাহিৰে আন কাৰো কোনো শক্তি নাই। তেওঁ যিটো ইচ্ছা কৰে সেইটোৱে কৰে। তেওঁ মহাশক্তিশালী। যদি তুমি মোক তোমাতকৈ দৰিদ্ৰ আৰু কম সন্তান-সন্ততিৰ অধিকাৰী বুলি ভাবি আছা-","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018039.mp3"},{"index":"40","arabicText":"فَعَسٰی رَبِّیْۤ اَنْ یُّؤْتِیَنِ خَیْرًا مِّنْ جَنَّتِكَ وَیُرْسِلَ عَلَیْهَا حُسْبَانًا مِّنَ السَّمَآءِ فَتُصْبِحَ صَعِیْدًا زَلَقًا ۟ۙ","assameseTranslation":"‘তথাপিও এয়া অসম্ভৱ নহয় যে, হয়তো মোৰ প্ৰতিপালকে মোক তোমাৰ উদ্যানতকৈও উৎকৃষ্ট কিবা দান কৰিব আৰু তোমাৰ উদ্যানত আকাশৰ পৰা নিৰ্ধাৰিত বিপৰ্যয় প্ৰেৰণ কৰিব পাৰে, যাৰ ফলত ই উদ্ভিদশূন্য পথাৰত পৰিণত হ’ব পাৰে।","footnotes":"","tafseer":"তেন্তে শুনা, আল্লাহে মোক তোমাৰ বাগানতকৈ উত্তম বস্তু দান কৰিব পাৰে, আনহাতে মই আশংকা কৰোঁ তোমাৰ বাগানত আল্লাহে আকাশৰ পৰা কোনো শাস্তি প্ৰেৰণ কৰিব পাৰে। তেনেকুৱা হ'লে তোমাৰ বাগান এনেকুৱা ভূমিত পৰিণত হ'ব, য'ত কোনো গছ-গছনি নাথাকিব আৰু খোজকাঁঢ়িলে ভৰি পিচল খাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018040.mp3"},{"index":"41","arabicText":"اَوْ یُصْبِحَ مَآؤُهَا غَوْرًا فَلَنْ تَسْتَطِیْعَ لَهٗ طَلَبًا ۟","assameseTranslation":"‘অথবা ইয়াৰ পানী ভূগৰ্ভলৈ গুচি যাব পাৰে আৰু তুমি কেতিয়াও সেইটোৰ সন্ধান লাভত সক্ষম হ’ব নোৱাৰিবা’।","footnotes":"","tafseer":"অথবা ইয়াৰ পানী ইমান গভিৰলৈ গুচি যাব যে, তুমি কোনো উপায়েৰেই সেই পানী সংগ্ৰহ কৰিব নোৱাৰিবা। এতেকে যদি পানী গভিৰলৈ গুচি যায় তেন্তে এই বাগান জীৱিত ৰখা অসম্ভৱ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018041.mp3"},{"index":"42","arabicText":"وَاُحِیْطَ بِثَمَرِهٖ فَاَصْبَحَ یُقَلِّبُ كَفَّیْهِ عَلٰی مَاۤ اَنْفَقَ فِیْهَا وَهِیَ خَاوِیَةٌ عَلٰی عُرُوْشِهَا وَیَقُوْلُ یٰلَیْتَنِیْ لَمْ اُشْرِكْ بِرَبِّیْۤ اَحَدًا ۟","assameseTranslation":"এতেকে তাৰ ফল-সম্পদক বিপৰ্যয়ে বেৰি ধৰিলে, আৰু গছবোৰ হেন্দালিৰ সৈতে ভাঙি-চিঙি পৰি থকা দেখি, সি তাত যি ব্যয় কৰিছিল তাৰ বাবে হাত মোহাৰি মোহাৰি আক্ষেপ কৰি ক’লে, ‘হায়, মই যদি মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰিলোহেঁতেন’!","footnotes":"","tafseer":"মুমিন ব্যক্তিজনে আশংকা কৰাটোৱে অৱশেষত সংঘটিত হ'ল। ফলত সেই কাফিৰ ব্যক্তিজনৰ ফলৰ বাগানক বিনাশে আৱৰি ধৰিলে। ইপিনে কাফিৰ ব্যক্তিজনে তেওঁৰ বাগানক ৰক্ষাবেক্ষণ আৰু বিকাশৰ বাবে যি সম্পদ ব্যয় কৰিছিল তাৰ প্ৰতি পৰিতাপ কৰি মূৰে কপালে হাত দিলে। বাগানৰ গছ-গছনি আঙুৰৰ লতা পাৰি দিয়া চাঙৰ ওপৰত বাগৰি পৰিছিল। সি ক'বলৈ ধৰিলেঃ হায়! মই যদি এককভাৱে মোৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিলোঁহেঁতেন, আৰু ইবাদতৰ ক্ষেত্ৰত তেওঁৰ লগত যদি কাকো অংশীদাৰ স্থাপন নকৰিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018042.mp3"},{"index":"43","arabicText":"وَلَمْ تَكُنْ لَّهٗ فِئَةٌ یَّنْصُرُوْنَهٗ مِنْ دُوْنِ اللّٰهِ وَمَا كَانَ مُنْتَصِرًا ۟ؕ","assameseTranslation":"আৰু আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ কোনো নাছিল আৰু সি নিজেও প্ৰতিকাৰত সমৰ্থ নাছিল।","footnotes":"","tafseer":"সেই কাফিৰৰ এনেকুৱা কোনো জনবল নাছিল, যিয়ে তাক এই শাস্তিৰ পৰা ৰক্ষা কৰিলেহেঁতেন। যদিও সি নিজৰ জনবলকলৈ অহংকাৰ কৰিছিল। আনকি সি নিজেও আল্লাহৰ এই বিনাশৰ পৰা নিজৰ বাগানক ৰক্ষা কৰিব নোৱাৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018043.mp3"},{"index":"44","arabicText":"هُنَالِكَ الْوَلَایَةُ لِلّٰهِ الْحَقِّ ؕ هُوَ خَیْرٌ ثَوَابًا وَّخَیْرٌ عُقْبًا ۟۠","assameseTranslation":"ইয়াত কৰ্তৃত্ব কেৱল আল্লাহৰেই, যিজন সত্য। পুৰস্কাৰ প্ৰদানত আৰু পৰিণাম নিৰ্ধাৰণত তেৱেঁই শ্ৰেষ্ঠ।","footnotes":"","tafseer":"সেই স্থানত সহায় কেৱল আল্লাহেই কৰিব পাৰিলেহেঁতেন। পৱিত্ৰ মহান আল্লাহ তেৱেঁই মুমিনসকলক উত্তম প্ৰতিদান দিয়ে। কাৰণ তেৱেঁই তেওঁলোকক কেইবাগুণ বৃদ্ধি কৰি ছোৱাব প্ৰদান কৰিব, আৰু তেৱেঁই তেওঁলোকৰ পৰিণাম উত্তম বনাই দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018044.mp3"},{"index":"45","arabicText":"وَاضْرِبْ لَهُمْ مَّثَلَ الْحَیٰوةِ الدُّنْیَا كَمَآءٍ اَنْزَلْنٰهُ مِنَ السَّمَآءِ فَاخْتَلَطَ بِهٖ نَبَاتُ الْاَرْضِ فَاَصْبَحَ هَشِیْمًا تَذْرُوْهُ الرِّیٰحُ ؕ وَكَانَ اللّٰهُ عَلٰی كُلِّ شَیْءٍ مُّقْتَدِرًا ۟","assameseTranslation":"আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিৱ জীৱনৰ উপমা দাঙি ধৰা, (পাৰ্থিৱ জীৱনৰ উপমা হৈছে) পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, যাৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, তাৰ পিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ-বিচূৰ্ণ হয় যে, বতাহে সেইবোৰক উৰুৱাই লৈ যায়। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"হে ৰাছুল! পৃথিৱীৰ মোহত পৰি থকা লোকসকলক এটা উদাহৰণ দিয়ক। পৃথিৱীৰ ধ্বংস আৰু ইয়াৰ সোনকালে সমাপ্ত হোৱাৰ উদাহৰণ হৈছে, আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণৰ দৰে। বৰষুণৰ সেই পানীৰ দ্বাৰাই পৃথিৱীৰ উদ্ভিদ জন্মে আৰু বিভিন্ন প্ৰকাৰৰ ফল-মূল উৎপন্ন হয়। অৱশেষত এটা সময়ত সেই গছ-গছনি শুকাই খৰ-কুটাত পৰিণত হয়। বতাহে সেইবোৰ গছৰ ডাল পাত বিভিন্ন ঠাইত উৰুৱাই লৈ যায়। এনেকুৱা এটা সময় আহি পৰে যে, ভূমি আকৌ আগৰ দৰে হৈ যায়, যিদৰে উদ্ভিদ গজালি মেলাৰ পূৰ্বে আছিল। আল্লাহ সকলো বিষয়ে ক্ষমতাৱান। তেওঁক একোৱেই অপাৰগ কৰিব নোৱাৰে। তেওঁ যাক ইচ্ছা কৰে জীৱন দান কৰে আৰু যাক ইচ্ছা কৰে ধ্বংস কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018045.mp3"},{"index":"46","arabicText":"اَلْمَالُ وَالْبَنُوْنَ زِیْنَةُ الْحَیٰوةِ الدُّنْیَا ۚ وَالْبٰقِیٰتُ الصّٰلِحٰتُ خَیْرٌ عِنْدَ رَبِّكَ ثَوَابًا وَّخَیْرٌ اَمَلًا ۟","assameseTranslation":"ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ শোভামাত্ৰ, আৰু সৎকৰ্মৰ প্ৰতিফল হৈছে স্থায়ী, এইটো তোমাৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু প্ৰত্যাশাৰ ক্ষেত্ৰতো উৎকৃষ্ট।","footnotes":"","tafseer":"ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ সৌন্দৰ্য। আখিৰাতত ধন-সম্পদৰ উপকাৰ সেই অনুপাতেই হ'ব যি অনুপাতে সি আল্লাহৰ সন্তুষ্টি লাভৰ বাবে ব্যয় কৰিছে। সন্তুষ্টিমূলক কথা আৰু কৰ্ম আল্লাহৰ দৃষ্টিত পাৰ্থিৱ জীৱনৰ সকলো সৌন্দৰ্যতকৈ উত্তম। সেইটো অতি উত্তম, যিটো মানুহে কামনা কৰে। কিয়নো পাৰ্থিৱ জীৱনৰ সৌন্দৰ্য হৈছে ধ্বংসশীল, আনহাতে আল্লাহক সন্তুষ্ট কৰিব পৰা কথা কৰ্মৰ ছোৱাব হৈছে চিৰস্থায়ী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018046.mp3"},{"index":"47","arabicText":"وَیَوْمَ نُسَیِّرُ الْجِبَالَ وَتَرَی الْاَرْضَ بَارِزَةً ۙ وَّحَشَرْنٰهُمْ فَلَمْ نُغَادِرْ مِنْهُمْ اَحَدًا ۟ۚ","assameseTranslation":"আৰু (স্মৰণ কৰা,) যিদিনা আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবলৈ পাবা, সেইদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম; ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ।","footnotes":"","tafseer":"সেই দিনটোক স্মৰণ কৰা যেতিয়া আমি পৰ্বতবোৰক স্থানান্তৰ কৰিম। তেতিয়া তুমি পৃথিৱীখনক সমতল খালি ভূমি ৰূপে দেখিবলৈ পাবা, তাত কোনো পৰ্বত নাথাকিব, কোনো গছ-গছনি আৰু ঘৰ-দুৱাৰো নাথাকিব, আৰু সকলো সৃষ্টিকে একত্ৰিত কৰিম, কোনো প্ৰাণীকেই পুনৰুত্থিত নকৰাকৈ এৰি দিয়া নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018047.mp3"},{"index":"48","arabicText":"وَعُرِضُوْا عَلٰی رَبِّكَ صَفًّا ؕ لَقَدْ جِئْتُمُوْنَا كَمَا خَلَقْنٰكُمْ اَوَّلَ مَرَّةٍؗ بَلْ زَعَمْتُمْ اَلَّنْ نَّجْعَلَ لَكُمْ مَّوْعِدًا ۟","assameseTranslation":"আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত শাৰীবদ্ধভাৱে উপস্থিত কৰা হ’ব আৰু আল্লাহে ক’ব, ‘তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলোঁ ঠিক তেনেকৈয়ে তোমালোকে মোৰ ওচৰত উপস্থিত হৈছা, অথচ তোমালোকে ভাবিছিলা যে, তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতি সময় নিৰ্ধাৰণ নকৰিম’।","footnotes":"","tafseer":"মানুহক আপোনাৰ প্ৰতিপালকৰ সন্মুখত শাৰী শাৰীকৈ থিয় কৰোৱা হ'ব, তেওঁ সিহঁতৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব। সিহঁতক কোৱা হ'বঃ নিশ্চয় তোমালোকে মোৰ ওচৰলৈ অকলশৰীয়াভাৱে আহিছা, খালি ভৰি, বস্ত্ৰহীন আৰু খাতনাহীনভাৱে, যেনেকৈ আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ। কিন্তু তোমালোকে দেখোন ধাৰণা কৰিছিলা যে, তোমালোকক কেতিয়াও পুনৰুত্থিত কৰা নহ'ব, আৰু আমি তোমালোকৰ বাবে কোনো সময় আৰু স্থান নিৰ্ধাৰিত নকৰিম, য’ত তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018048.mp3"},{"index":"49","arabicText":"وَوُضِعَ الْكِتٰبُ فَتَرَی الْمُجْرِمِیْنَ مُشْفِقِیْنَ مِمَّا فِیْهِ وَیَقُوْلُوْنَ یٰوَیْلَتَنَا مَالِ هٰذَا الْكِتٰبِ لَا یُغَادِرُ صَغِیْرَةً وَّلَا كَبِیْرَةً اِلَّاۤ اَحْصٰىهَا ۚ وَوَجَدُوْا مَا عَمِلُوْا حَاضِرًا ؕ وَلَا یَظْلِمُ رَبُّكَ اَحَدًا ۟۠","assameseTranslation":"লগতে (সেইদিনা প্ৰত্যেকৰে হাতত) ৰখা হ’ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবলৈ পাবা আৰু সিহঁতে ক’ব, ‘হায়, দুৰ্ভাগ্য আমাৰ! এইখন কেনেকুৱা গ্ৰন্থ! য’ত সৰু-বৰ কোনো বিষয়েই বাদ পৰা নাই’। সিহঁতে যি আমল কৰিছিল সেইবোৰ সিহঁতে সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।","footnotes":"","tafseer":"কৰ্মপুথি বা আমলনামা সন্মুখত ৰখা হ'ব। কিছুমানে নিজৰ কৰ্মপুথি সোঁহাতত ধাৰণ কৰিব আৰু কিছুমানে বাওঁ হাতত। হে মানৱ! কাফিৰসকল সেইদিনা ভীত-সন্ত্ৰস্ত হৈ থাকিব, কাৰণ সিহঁতে ভালদৰেই জানে যে, সিহঁতে পৃথিৱীত কি কি গুনাহৰ কাম আৰু কুফৰী কৰি আহিছে। সিহঁতে ক'বঃ হায়! আমাৰ ধ্বংস আৰু হায় আমাৰ বিপদ! এইখন কেনেকুৱা পুথি, য’ত আমাৰ সৰু বৰ সকলো কৰ্ম সংৰক্ষিত আৰু গণনা কৰি ৰখা হৈছে। সিহঁতে পাৰ্থিৱ জীৱনত কৰা সকলো গুনাহ সেই পুথিত লিপিবদ্ধ পাব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো নিৰ্দোষী ব্যক্তিক দোষী সাব্যস্ত কৰি অথবা কোনো পুণ্যৱান ব্যক্তিৰ ছোৱাব হ্ৰাস কৰি অন্যায় নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018049.mp3"},{"index":"50","arabicText":"وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ كَانَ مِنَ الْجِنِّ فَفَسَقَ عَنْ اَمْرِ رَبِّهٖ ؕ اَفَتَتَّخِذُوْنَهٗ وَذُرِّیَّتَهٗۤ اَوْلِیَآءَ مِنْ دُوْنِیْ وَهُمْ لَكُمْ عَدُوٌّ ؕ بِئْسَ لِلظّٰلِمِیْنَ بَدَلًا ۟","assameseTranslation":"আৰু (স্মৰণ কৰা) আমি যেতিয়া ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল, সি আছিল জিনসকলৰ বংশধৰ, সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল। তথাপিও তোমালোকে মোৰ পৰিবৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিবা নেকি? অথচ সিহঁত হৈছে তোমালোকৰ শত্ৰু। যালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁঃ তোমালোকে আদমক অভিবাদনমূলক ছাজদাহ কৰাঁ। তেতিয়া নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁলোক সকলোৱে ছাজদাহ কৰিছিল, কিন্তু ইবলিছে কৰা নাছিল। সি ফিৰিস্তা নাছিল বৰং জ্বিন আছিল। সি ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে। এইদৰে সি নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গ'ল। হে মানৱজাতি! এতিয়া তোমালোকে মোক এৰি ইয়াক আৰু ইয়াৰ সন্তান-সন্ততিক মিত্ৰ বনাই ল’বা নেকি, অথচ সি তোমালোকৰ শত্ৰু। কেনেকৈ তোমালোকে নিজৰ ঘোৰ শত্ৰুক বন্ধু বনাই ল’ব বিচৰা? দৰাচলতে এই অন্যায়কাৰীসকলৰ কৃতকৰ্ম হৈছে অতিকৈ জঘন্য, যিসকলে আল্লাহৰ পৰিবৰ্তে চয়তানক নিজৰ অভিভাৱক মানি লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018050.mp3"},{"index":"51","arabicText":"مَاۤ اَشْهَدْتُّهُمْ خَلْقَ السَّمٰوٰتِ وَالْاَرْضِ وَلَا خَلْقَ اَنْفُسِهِمْ ۪ وَمَا كُنْتُ مُتَّخِذَ الْمُضِلِّیْنَ عَضُدًا ۟","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ সময়ত মই সিহঁতক সাক্ষী কৰা নাছিলোঁ আৰু স্বয়ং সিহঁতৰ সৃষ্টিৰ সময়তো সাক্ষী কৰা নাছিলোঁ, আৰু আমি পথভ্ৰষ্টকাৰীসকলক সহায়কৰূপেও গ্ৰহণ কৰা নাছিলোঁ।","footnotes":"","tafseer":"মোক এৰি তোমালোকে যিসকলক অভিভাৱক বনাই লৈছা, সেইসকল হৈছে তোমালোকৰ দৰেই একো একোজন বান্দা। আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ সময়ত মই সিহঁতক সাক্ষী ৰখা নাছিলোঁ। বৰং সেই সময়ত সিহঁতৰ অস্তিত্বই নাছিল। এয়াও নহয় যে, মই সিহঁতৰ মাজৰ কিছুমানক সৃষ্টি কৰাৰ সময়ত আন কিছুমানক সাক্ষী কৰিছিলোঁ। পৰিচালনা আৰু সৃষ্টিৰ ক্ষেত্ৰত মই একক। জ্বিন আৰু মানৱ চয়তানৰ মাজৰ পৰা বিভ্ৰান্ত লোকসকলক মই কেতিয়াও সহায়ক হিচাপে গ্ৰহণ কৰা নাছিলোঁ। কিয়নো নিশ্চিতভাৱে মই অমুখাপেক্ষী, মোক কোনো সহায়ৰ প্ৰয়োজন নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018051.mp3"},{"index":"52","arabicText":"وَیَوْمَ یَقُوْلُ نَادُوْا شُرَكَآءِیَ الَّذِیْنَ زَعَمْتُمْ فَدَعَوْهُمْ فَلَمْ یَسْتَجِیْبُوْا لَهُمْ وَجَعَلْنَا بَیْنَهُمْ مَّوْبِقًا ۟","assameseTranslation":"আৰু সেইদিৱসৰ কথা স্মৰণ কৰা, যিদিনা তেওঁ ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতি আনা’। সিহঁতে তেতিয়া সেইবোৰক মাতিব কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব আৰু আমি সিহঁত উভয়ৰে মধ্যৱৰ্তী ঠাইত এটা ধ্বংস-গহ্বৰ ৰাখি দিম।","footnotes":"","tafseer":"হে ৰাছুল! সিহঁতৰ সন্মুখত কিয়ামত দিৱসৰ চৰ্চা কৰক, যিদিনা আল্লাহে পৃথিৱীত শ্বিৰ্ক কৰা লোকসকলক উদ্দেশ্যি ক'বঃ সেইবোৰ উপাস্যক মাতি আনা যিবোৰক তোমালোকে মোৰ সমকক্ষ বুলি ধাৰণা কৰিছিলা, সম্ভৱতঃ সিহঁতে তোমালোকক কিবা সহায় কৰিব পাৰিব। এই শুনি সিহঁতে আহ্বান কৰিব, কিন্তু সিহঁতৰ আহ্বানত কোনো সঁহাৰি নাপাব আৰু সহায়ও নকৰিব। এতেকে আমি পূজাৰী আৰু উপাস্য উভয়ৰ মাজতে এখন বিনাশস্থল বনাই দিম, য’ত সিহঁতে শাস্তি ভোগ কৰিব। সেয়া হৈছে জাহান্নাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018052.mp3"},{"index":"53","arabicText":"وَرَاَ الْمُجْرِمُوْنَ النَّارَ فَظَنُّوْۤا اَنَّهُمْ مُّوَاقِعُوْهَا وَلَمْ یَجِدُوْا عَنْهَا مَصْرِفًا ۟۠","assameseTranslation":"আৰু অপৰাধীবিলাকে জুই দেখিয়েই গম পাব যে, সিহঁতে তাত নিক্ষিপ্ত হ’ব কিন্তু সিহঁত সেই ঠাইৰ পৰা (বাচিবলৈ) কোনো পৰিত্ৰাণস্থল বিচাৰি নাপাব।","footnotes":"","tafseer":"মুশ্বৰিকসকলে নিজ চকুৰে যেতিয়া জাহান্নামক প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতৰ পূৰ্ণ বিশ্বাস হ'ব যে, এতিয়া সিহঁত সেই জাহান্নামৰ অগ্নিত নিক্ষিপ্ত হ'ব। তেতিয়া সিহঁতে পলায়ন কৰিবলৈও কোনো আশ্ৰয়স্থল বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018053.mp3"},{"index":"54","arabicText":"وَلَقَدْ صَرَّفْنَا فِیْ هٰذَا الْقُرْاٰنِ لِلنَّاسِ مِنْ كُلِّ مَثَلٍ ؕ وَكَانَ الْاِنْسَانُ اَكْثَرَ شَیْءٍ جَدَلًا ۟","assameseTranslation":"নিশ্চয় আমি মানুহৰ বাবে এই কোৰআনত সকলো ধৰণৰ উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ। কিন্তু মানুহ আটাইতকৈ বেছি বিতৰ্কপ্ৰিয়।","footnotes":"","tafseer":"নিশ্চয় মুহাম্মদৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনত আমি সকলো প্ৰকাৰৰ উদাহৰণ স্পষ্টভাৱে তথা বিভিন্নৰূপত বৰ্ণনা কৰিছোঁ। যাতে মানুহে স্মৰণ কৰে আৰু শিক্ষা লাভ কৰে। কিন্তু মানুহৰ ফালৰ পৰা যিটো বিষয় আটাইতকৈ বেছি প্ৰকাশ পায় (বিশেষকৈ কাফিৰসকলৰ ফালৰ পৰা) সেয়া হৈছে অযথা বাক-বিতণ্ডা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018054.mp3"},{"index":"55","arabicText":"وَمَا مَنَعَ النَّاسَ اَنْ یُّؤْمِنُوْۤا اِذْ جَآءَهُمُ الْهُدٰی وَیَسْتَغْفِرُوْا رَبَّهُمْ اِلَّاۤ اَنْ تَاْتِیَهُمْ سُنَّةُ الْاَوَّلِیْنَ اَوْ یَاْتِیَهُمُ الْعَذَابُ قُبُلًا ۟","assameseTranslation":"আৰু যেতিয়া মানুহৰ ওচৰলৈ পথনিৰ্দেশ আহে, তেতিয়া সিহঁতক ঈমান পোষণৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱেই বিৰত ৰাখে যে, সিহঁতৰো সেই অৱস্থাই হওক যি অৱস্থা সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ হৈছিল নাইবা সিহঁতৰ ওচৰলৈ প্ৰত্যক্ষভাৱে কোনো শাস্তি আহক।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আৰু স্বৈৰাচাৰী কাফিৰসকলৰ মাজত তথা আল্লাহৰ ওচৰত নিজৰ গুনাহৰ ক্ষমা প্ৰাৰ্থনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অস্পষ্ট বৰ্ণনাই বাধা প্ৰদান কৰা নাই। কিয়নো নিশ্চিতভাৱে কোৰআনত সিহঁতৰ বাবে উদাহৰণ দাঙি ধৰা হৈছে। তথা সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। বৰং বাধা প্ৰদান কৰিছে সিহঁতৰ স্বৈৰাচাৰী স্বভাৱে আৰু সিহঁতৰ এই দাবীয়ে যে, সিহঁতৰ ওপৰতো বিগত সম্প্ৰদায়ৰ ওপৰত অহা শাস্তি আহিব লাগে। যাতে সিহঁতে সেই শাস্তিক নিজ চকুৰে চাব পাৰে যিটোৰ পৰা সিহঁতক ভয় দেখুৱা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018055.mp3"},{"index":"56","arabicText":"وَمَا نُرْسِلُ الْمُرْسَلِیْنَ اِلَّا مُبَشِّرِیْنَ وَمُنْذِرِیْنَ ۚ وَیُجَادِلُ الَّذِیْنَ كَفَرُوْا بِالْبَاطِلِ لِیُدْحِضُوْا بِهِ الْحَقَّ وَاتَّخَذُوْۤا اٰیٰتِیْ وَمَاۤ اُنْذِرُوْا هُزُوًا ۟","assameseTranslation":"আৰু আমি কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে ৰাছুলসকলক প্ৰেৰণ কৰোঁ, কিন্তু কাফিৰসকলে বাতিলৰ দ্বাৰা তৰ্ক কৰে, যাতে তাৰ মাধ্যমত সত্যক ব্যৰ্থ কৰি দিব পাৰে। লগতে সিহঁতে মোৰ নিদৰ্শনাৱলীক আৰু যিবোৰৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হৈছে সেইবোৰক বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ কৰে।","footnotes":"","tafseer":"আমি যেতিয়াই কোনো ৰাছুল প্ৰেৰণ কৰোঁ, তেওঁক মুমিনসকলৰ বাবে আৰু আনুগত্যকাৰীসকলৰ বাবে সুসংবাদবাহক হিচাপে প্ৰেৰণ কৰোঁ, লগতে কাফিৰ আৰু পাপিষ্ঠসকলক ভয় দেখুৱাবলৈ প্ৰেৰণ কৰোঁ। সিহঁতক হিদায়ত দিবলৈ সেই ৰাছুলৰ কোনো ক্ষমতা নাথাকে। আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী কাফিৰসকলে স্পষ্ট প্ৰমাণ পোৱাৰ পিছতো কাজিয়াত লিপ্ত হয়। যাতে সিহঁতৰ অসত্য তথ্যৰ জৰিয়তে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ সত্যক মোহাৰি পেলাব পাৰে। সিহঁতে কোৰআনক, আৰু সেই শাস্তিক উপহাসৰ পাত্ৰ বনাই লৈছে, যিটোৰ দ্বাৰা সিহঁতক ভয় দেখুৱা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018056.mp3"},{"index":"57","arabicText":"وَمَنْ اَظْلَمُ مِمَّنْ ذُكِّرَ بِاٰیٰتِ رَبِّهٖ فَاَعْرَضَ عَنْهَا وَنَسِیَ مَا قَدَّمَتْ یَدٰهُ ؕ اِنَّا جَعَلْنَا عَلٰی قُلُوْبِهِمْ اَكِنَّةً اَنْ یَّفْقَهُوْهُ وَفِیْۤ اٰذَانِهِمْ وَقْرًا ؕ وَاِنْ تَدْعُهُمْ اِلَی الْهُدٰی فَلَنْ یَّهْتَدُوْۤا اِذًا اَبَدًا ۟","assameseTranslation":"আৰু সেইজনতকৈ অধিক যালিম আৰুনো কোন হ’ব পাৰে, যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে? নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা। তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁতে কেতিয়া সৎপথত নাহিব।","footnotes":"","tafseer":"সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যাক নিজ প্ৰতিপালকৰ আয়াতৰ দ্বাৰা বুজোৱাৰ পিছতো সি শাস্তিক ভ্ৰূক্ষেপ নকৰে আৰু উপদেশ গ্ৰহণ নকৰে। পাৰ্থিৱ জীৱনত কৰা কুফৰী আৰু গুনাহক পাহৰি যায় তথা সেইবোৰৰ পৰা তাওবাও নকৰে। এনেকুৱা স্বভাৱৰ লোকৰ অন্তৰত আমি পৰ্দা আঁৰি দিছোঁ, ফলত সিহঁতে কোৰআন বুজিব নোৱাৰে। লগতে সিহঁতৰ শ্ৰৱণশক্তিক গধূৰ কৰি দিছোঁ, ফলত সিহঁতে স্বীকাৰ কৰাৰ বাবে শুনিব নোৱাৰে। এতেকে আপুনি যদি সিহঁতক ঈমানৰ ফালে আহ্বান কৰে তেন্তে সিহঁতে তেতিয়ালৈকে এই আহ্বানত সঁহাৰি দিব নোৱাৰিব যেতিয়ালৈকে সিহঁতৰ অন্তৰত পৰ্দা থাকিব আৰু সিহঁতৰ কাণত গধূৰতা থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018057.mp3"},{"index":"58","arabicText":"وَرَبُّكَ الْغَفُوْرُ ذُو الرَّحْمَةِ ؕ لَوْ یُؤَاخِذُهُمْ بِمَا كَسَبُوْا لَعَجَّلَ لَهُمُ الْعَذَابَ ؕ بَلْ لَّهُمْ مَّوْعِدٌ لَّنْ یَّجِدُوْا مِنْ دُوْنِهٖ مَوْىِٕلًا ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, দয়ালু। সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক অতি সোনকালে শাস্তি বিহিলেহেঁতেন; কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত, যাৰ পৰা বাচিবলৈ সিহঁতে কদাপিও কোনো আশ্ৰয়স্থল বিচাৰি নাপাব।","footnotes":"","tafseer":"যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অস্বীকাৰকাৰীসকলক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰধৰ নকৰে, সেইকাৰণে আল্লাহে কৈছেঃ হে ৰাছুল! আপোনাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁ অতি দয়ালু, তেওঁৰ দয়া প্ৰত্যেক বস্তুকে আৱৰি আছে। এইটোও তেওঁৰ দয়া যে, তেওঁ পাপিষ্ঠসকলক অৱকাশ দিয়ে যাতে সিহঁতে তাওবা কৰে। যদি আল্লাহে এই অৱজ্ঞাকাৰীসকলক শাস্তি দিব বিচাৰিলেহেঁতেন তেন্তে নিশ্চয় এই পৃথিৱীতেই সিহঁতক শাস্তি প্ৰদান কৰিলেহেঁতেন। কিন্তু তেওঁ অতি সহনশীল তথা দয়ালু। তেওঁ সিহঁতৰ পৰা শাস্তিক পিচুৱাই দিছে যাতে সিহঁতে তাওবা কৰে। বৰং সিহঁতৰ বাবে স্থান আৰু সময় নিৰ্ধাৰণ কৰিছে, য’ত সিহঁতক কুফৰী আৰু অৱজ্ঞাৰ শাস্তি দিয়া হ’ব, যদি সিহঁতে তাওবা নকৰে। তেওঁৰ বাহিৰে সিহঁতৰ কোনো সুৰক্ষা প্ৰদানকাৰী নাই, য’ত সিহঁতে আশ্ৰয় ল’ব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018058.mp3"},{"index":"59","arabicText":"وَتِلْكَ الْقُرٰۤی اَهْلَكْنٰهُمْ لَمَّا ظَلَمُوْا وَجَعَلْنَا لِمَهْلِكِهِمْ مَّوْعِدًا ۟۠","assameseTranslation":"আৰু এইবোৰ হৈছে সেইবোৰ জনপদ যিবোৰক আমি ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে অন্যায় কৰিছিল আৰু আমি সিহঁতৰ ধ্বংসৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিছিলোঁ।","footnotes":"","tafseer":"তোমালোকৰ ওচৰতে বসবাস কৰা কাফিৰ জনবসতিবোৰক আমি ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছিল। সিহঁতৰ বিনাশৰ বাবে আমি এটা সময় নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018059.mp3"},{"index":"60","arabicText":"وَاِذْ قَالَ مُوْسٰی لِفَتٰىهُ لَاۤ اَبْرَحُ حَتّٰۤی اَبْلُغَ مَجْمَعَ الْبَحْرَیْنِ اَوْ اَمْضِیَ حُقُبًا ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল, ‘মই দুখন নৈৰ সঙ্গমস্থলত উপনীত নোহোৱালৈকে নৰখোঁ, লাগিলে মই যুগ যুগ সময় (এইদৰে খোঁজকাঢ়ি) গৈ থাকিম’।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া মূছা আলাইহিচ্ছালামে তেওঁৰ সেৱক ইউশ্বা বিন নূনক কৈছিলঃ মই এটা ভ্ৰমণত আগুৱাই গৈয়ে থাকিম যেতিয়ালৈকে মই দুই সাগৰৰ সংগমস্থল গৈ নাপাওঁ। অথবা দীৰ্ঘ সময় মই ভ্ৰমণ কৰিম যেতিয়ালৈকে মই পুণ্যৱান ব্যক্তিজনক বিচাৰি নাপাওঁ, তেওঁৰ পৰা মই জ্ঞান অৰ্জন কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018060.mp3"},{"index":"61","arabicText":"فَلَمَّا بَلَغَا مَجْمَعَ بَیْنِهِمَا نَسِیَا حُوْتَهُمَا فَاتَّخَذَ سَبِیْلَهٗ فِی الْبَحْرِ سَرَبًا ۟","assameseTranslation":"এতেকে যেতিয়া তেওঁলোক উভয়ে দুখন নৈৰ সঙ্গম স্থলত আহি উপনীত হ’ল, তেতিয়া তেওঁলোকে নিজে লৈ যোৱা মাছৰ কথাটো পাহৰিলে, ফলত মাছটোৱে সুৰঙ্গৰ দৰে নিজৰ পথ বনাই সাগৰলৈ নামি গ’ল।","footnotes":"","tafseer":"এতেকে তেওঁলোক দুয়ো যেতিয়া সাগৰৰ সংগমস্থলত গৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ সেই মাছটো হেৰাই গ'ল যিটোক তেওঁলোকে ভ্ৰমণত খাবলৈ আনিছিল। আল্লাহে সেই মাছটোক জীৱন দান কৰিলে আৰু সেই মাছটো সুৰংগৰ দৰে ৰাস্তা বনাই পানীত গুচি গৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018061.mp3"},{"index":"62","arabicText":"فَلَمَّا جَاوَزَا قَالَ لِفَتٰىهُ اٰتِنَا غَدَآءَنَا ؗ لَقَدْ لَقِیْنَا مِنْ سَفَرِنَا هٰذَا نَصَبًا ۟","assameseTranslation":"এতেকে যেতিয়া তেওঁলোকে ভালেখিনি ঠাই অতিক্ৰম কৰিলে তেতিয়া মুছাই তেওঁৰ সহচৰজনক ক’লে, ‘আমাৰ দুপুৰীয়াৰ ভোজন লৈ আহা, নিশ্চয় আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছোঁ’।","footnotes":"","tafseer":"যেতিয়া তেওঁলোকে নিৰ্দিষ্ট স্থান পাৰ হৈ আগুৱাই গ'ল, মূছাই তেওঁৰ সেৱকক উদ্দেশ্যি ক'লেঃ আমাৰ দুপুৰিয়াৰ আহাৰ উলিওৱাচোন, নিশ্চয় আমি আমাৰ এই ভ্ৰমণত বৰ ক্লান্ত হৈ পৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018062.mp3"},{"index":"63","arabicText":"قَالَ اَرَءَیْتَ اِذْ اَوَیْنَاۤ اِلَی الصَّخْرَةِ فَاِنِّیْ نَسِیْتُ الْحُوْتَ ؗ وَمَاۤ اَنْسٰىنِیْهُ اِلَّا الشَّیْطٰنُ اَنْ اَذْكُرَهٗ ۚ وَاتَّخَذَ سَبِیْلَهٗ فِی الْبَحْرِ ۖۗ عَجَبًا ۟","assameseTranslation":"সি ক’লে, ‘আপুনি লক্ষ্য কৰিছিলনে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলোঁ তেতিয়া মাছৰ সৈতে যি ঘটিছিল সেই কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলোঁ, চয়তানেই সেই কথা মোক পাহৰাই দিছিল; আৰু মাছটোৱে আশ্চৰ্যজনকভাৱে নিজৰ পথ বনাই সাগৰত নামি গৈছিল।","footnotes":"","tafseer":"সেৱকে ক'লেঃ আপুনি লক্ষ্য কৰা নাইনে যেতিয়া আমি শিলাখণ্ডৰ ওচৰত বিশ্ৰাম লৈছিলোঁ তেতিয়া কি সংঘটিত হৈছিল? দৰাচলতে মাছৰ ঘটনাটো আপোনাক বৰ্ণনা কৰিবলৈ মই পাহৰি গৈছিলোঁ। মই নিশ্চিত যে মোক চয়তানেই উক্ত ঘটনাটো বৰ্ণনা কৰিবলৈ পাহৰাই দিছিল। ঘটনাটো হৈছে, সেই মাছবিধ জীৱিত হৈ পানীত আশ্চৰ্যজনকভাৱে পথ বনাই গুচি গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018063.mp3"},{"index":"64","arabicText":"قَالَ ذٰلِكَ مَا كُنَّا نَبْغِ ۖۗ فَارْتَدَّا عَلٰۤی اٰثَارِهِمَا قَصَصًا ۟ۙ","assameseTranslation":"তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছোঁ’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে তেওঁৰ সেৱকক ক'লেঃ সেই স্থানটোৱে হৈছে আমাৰ উদ্দেশ্য। দৰাচলতে এইটোৱে হৈছে সেই পুণ্যৱান ব্যক্তিৰ ঠাইৰ প্ৰতীক। এতেকে দুয়ো নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল, যাতে পথ হেৰাই নাযায়। অৱশেষত তেওঁলোকে শিলাখণ্ডৰ ওচৰলৈ পালেগৈ, আৰু তাৰ পৰা মাছৰ প্ৰৱেশস্থলত উপস্থিত হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018064.mp3"},{"index":"65","arabicText":"فَوَجَدَا عَبْدًا مِّنْ عِبَادِنَاۤ اٰتَیْنٰهُ رَحْمَةً مِّنْ عِنْدِنَا وَعَلَّمْنٰهُ مِنْ لَّدُنَّا عِلْمًا ۟","assameseTranslation":"ইয়াৰ পিছত তেওঁলোকে মোৰ এজন বান্দাৰ সাক্ষাৎ পালে, যাক আমি আমাৰ ফালৰ পৰা অনুগ্ৰহ দান কৰিছিলোঁ আৰু আমাৰ ফালৰ পৰা এটা বিশেষ জ্ঞানৰ শিক্ষা দিছিলোঁ।","footnotes":"","tafseer":"মাছ হেৰাই যোৱা ঠাইত যেতিয়া তেওঁলোক দুয়ো আহি উপস্থিত হ'ল, তাত তেওঁলোকে আমাৰ এজন নেক বান্দাক লগ পালে (তেওঁ আছিল খাজিৰ আলাইহিচ্ছালাম)। আমি আমাৰ ফালৰ পৰা তেওঁক দয়া কৰিছিলোঁ আৰু এনেকুৱা জ্ঞান দান কৰিছিলোঁ যিটো মানুহৰ ওচৰত নাছিল। সেই জ্ঞানৰ কথাকেই ইয়াত বৰ্ণনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018065.mp3"},{"index":"66","arabicText":"قَالَ لَهٗ مُوْسٰی هَلْ اَتَّبِعُكَ عَلٰۤی اَنْ تُعَلِّمَنِ مِمَّا عُلِّمْتَ رُشْدًا ۟","assameseTranslation":"মুছাই তেওঁক ক’লে, ‘মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিমনে যে, যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব, যাৰ দ্বাৰা মই সঠিক পথ পাম’?","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে তেওঁক বিনম্ৰতা প্ৰকাশ কৰি ক'লেঃ মই আপোনাৰ অনুসৰণ কৰিব পাৰোঁনে, যাতে আল্লাহে আপোনাক যি জ্ঞান দান কৰিছে, যাৰ দ্বাৰা সত্যৰ পথ পোৱা যায় তাৰ পৰা কিবা শিকিব পাৰিম?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018066.mp3"},{"index":"67","arabicText":"قَالَ اِنَّكَ لَنْ تَسْتَطِیْعَ مَعِیَ صَبْرًا ۟","assameseTranslation":"তেওঁ ক’লে, ‘আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব,","footnotes":"","tafseer":"খাজিৰ আলাইহিচ্ছালামে ক'লেঃ আপুনি মোৰ জ্ঞানৰ যি দৃশ্য দেখিব, মই নিশ্চিত যে আপুনি সেয়া দেখি কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব। কিয়নো আপুনি আপোনাৰ ওচৰত থকা জ্ঞানৰ লগত ইয়াৰ কোনো সংগতি বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018067.mp3"},{"index":"68","arabicText":"وَكَیْفَ تَصْبِرُ عَلٰی مَا لَمْ تُحِطْ بِهٖ خُبْرًا ۟","assameseTranslation":"‘কাৰণ যি বিষয়ে আপোনাৰ জ্ঞানায়ত্ত নাই সেই বিষয়ে আপুনি কেনেকৈ ধৈৰ্য্য ধাৰণ কৰিব পাৰিব’?","footnotes":"","tafseer":"আপুনি সেইবোৰ কৰ্ম দেখি কেনেকৈ ধৈৰ্য্য ধাৰণ কৰিব পাৰিব? যিবোৰ কৰ্মৰ উচিত কোনো কাৰণ আপুনি নাজানে। কিয়নো আপুনি কেৱল আপোনাৰ ওচৰত থকা জ্ঞান অনুসাৰেহে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018068.mp3"},{"index":"69","arabicText":"قَالَ سَتَجِدُنِیْۤ اِنْ شَآءَ اللّٰهُ صَابِرًا وَّلَاۤ اَعْصِیْ لَكَ اَمْرًا ۟","assameseTranslation":"মুছাই ক’লে, ‘ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্য্যশীল পাব আৰু আপোনাৰ কোনো আদেশ মই অমান্য নকৰিম’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ক'লেঃ আপোনাৰ ফালৰ পৰা সংঘটিত সকলো বিষয়তে ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্য্য ধাৰণকাৰী হিচাপে পাব। মই আপোনাৰ সকলো সিদ্ধান্ত মানি ল’ম। মই আপোনাৰ কোনো আদেশক উলংঘা নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018069.mp3"},{"index":"70","arabicText":"قَالَ فَاِنِ اتَّبَعْتَنِیْ فَلَا تَسْـَٔلْنِیْ عَنْ شَیْءٍ حَتّٰۤی اُحْدِثَ لَكَ مِنْهُ ذِكْرًا ۟۠","assameseTranslation":"তেওঁ ক’লে, ‘ঠিক আছে, যদি আপুনি মোৰ অনুসৰণ কৰেই তেন্তে কোনো বিষয়ে মোক প্ৰশ্ন নকৰিব, যেতিয়ালৈকে মই আপোনাক সেই বিষয়ে খুলি নকওঁ’।","footnotes":"","tafseer":"খাজিৰে মূছাক ক'লেঃ যদি আপুনি সঁচাকৈয়ে মোৰ অনুসৰণ কৰিব বিচাৰে তেন্তে শুনক! মোক আপুনি যি কামেই কৰা দেখিব, সেই বিষয়ে আপুনি মোক কোনো প্ৰশ্ন নকৰিব, যেতিয়ালৈকে মই নিজেই সেই কৰ্ম সম্পৰ্কে আপোনাক জনাই নিদিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018070.mp3"},{"index":"71","arabicText":"فَانْطَلَقَا ۥ حَتّٰۤی اِذَا رَكِبَا فِی السَّفِیْنَةِ خَرَقَهَا ؕ قَالَ اَخَرَقْتَهَا لِتُغْرِقَ اَهْلَهَا ۚ لَقَدْ جِئْتَ شَیْـًٔا اِمْرًا ۟","assameseTranslation":"তাৰ পিছত দুয়ো যাত্ৰা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোকে নাৱত আৰোহণ কৰিলে তেতিয়া তেওঁ নাওখন বিদীৰ্ণ কৰি দিলে। মুছাই ক’লে, ‘আপুনি আৰোহীসকলক ডুবাই মাৰিবলৈ ইয়াক বিদীৰ্ণ কৰিলে নেকি? নিশ্চয় আপুনি এটা বৰ গৰ্হিত অন্যায় কাম কৰিলে’।","footnotes":"","tafseer":"যেতিয়া দুয়ো একমত হ'ল তেতিয়া উভয়ে সাগৰৰ পাৰলৈ ৰাওনা হ'ল। তাত গৈ তেওঁলোকে এখন নাও পালে, উভয়ে তাত আৰোহণ কৰিলে। খাজিৰ আলাইহিচ্ছালামৰ সন্মানাৰ্থে তেওঁলোকে ভাড়াও দিবলগীয়া নহ'ল। ইপিনে খাজিৰ আলাইহিচ্ছালামে নাওখনত এখন ফুটা কৰি দিলে। এই দেখি মূছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকুৱা এখন নাও ফুটা কৰিলে যিখন নাৱৰ মালিকে আমাৰ পৰা ভাড়াও লোৱা নাই। আপুনি তেওঁক ডুবাই মাৰিব বিচাৰে নেকি? আপুনি নিশ্চয় এটা অনুচিত কাম কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018071.mp3"},{"index":"72","arabicText":"قَالَ اَلَمْ اَقُلْ اِنَّكَ لَنْ تَسْتَطِیْعَ مَعِیَ صَبْرًا ۟","assameseTranslation":"তেওঁ ক’লে, ‘মই কোৱা নাছিলোঁনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব’?","footnotes":"","tafseer":"খাজিৰে ক'লেঃ মই আপোনাক কোৱা নাছিলোঁনে যে, আপুনি মোৰ কাম দেখি ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018072.mp3"},{"index":"73","arabicText":"قَالَ لَا تُؤَاخِذْنِیْ بِمَا نَسِیْتُ وَلَا تُرْهِقْنِیْ مِنْ اَمْرِیْ عُسْرًا ۟","assameseTranslation":"মুছাই ক’লে, ‘মই পাহৰি যোৱাৰ কাৰণে মোৰ দোষ নধৰিব, লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে ক'লেঃ ভুলবশতঃ মই আপোনাক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছোঁ, গতিকে অনুগ্ৰহ কৰি ইয়াৰ ফলত আপুনি কোনো বিহিত ব্যৱস্থা নল’ব। তথা মোক সংকীৰ্ণতাৰ ফালে ঠেলি নিদিব আৰু আপোনাৰ লগত থকাৰ ক্ষেত্ৰত কোনো জটিলতাৰ সৃষ্টি নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018073.mp3"},{"index":"74","arabicText":"فَانْطَلَقَا ۥ حَتّٰۤی اِذَا لَقِیَا غُلٰمًا فَقَتَلَهٗ ۙ قَالَ اَقَتَلْتَ نَفْسًا زَكِیَّةً بِغَیْرِ نَفْسٍ ؕ لَقَدْ جِئْتَ شَیْـًٔا نُّكْرًا ۟","assameseTranslation":"তাৰ পিছত দুয়ো গৈ থাকিল, অৱশেষত তেওঁলোকৰ লগত এটি শিশুৰ সাক্ষাৎ হ’ল, তেতিয়া তেওঁ তাক হত্যা কৰিলে। মুছাই ক’লে, ‘হত্যাৰ অপৰাধ নোহোৱাকৈ আপুনি এটা নিষ্পাপ জীৱনক কিয় নাশ কৰিলে? নিশ্চয় আপুনি এটা গৰ্হিত অন্যায় কাম কৰিলে’।","footnotes":"","tafseer":"নাৱৰ পৰা অৱতৰণ কৰাৰ পিছত দুয়ো সাগৰৰ পাৰে পাৰে ৰাওনা হ'ল, তেওঁলোকে এজন শিশুক অন্য কিছুমান শিশুৰ সৈতে খেলি থকা অৱস্থাত দেখিলে। শিশুটি এতিয়াও বুজিব পৰা বয়সত উপনীত হোৱা নাছিল। কিন্তু খাজিৰ আলাইহিচ্ছালামে তাক হত্যা কৰি পেলালে। এই দেখি মূছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকুৱা এজন শিশুক হত্যা কৰিলে, যিয়ে বুজিব পৰা বয়সতো উপনীত হোৱা নাই, সি এজন নিৰ্দোষী নিৰপৰাধ, যিয়ে কোনো গুনাহো কৰা নাই ? নিশ্চয় আপুনি এইটো নিকৃষ্ট কাম কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018074.mp3"},{"index":"75","arabicText":"قَالَ اَلَمْ اَقُلْ لَّكَ اِنَّكَ لَنْ تَسْتَطِیْعَ مَعِیَ صَبْرًا ۟","assameseTranslation":"তেওঁ ক’লে, ‘মই আপোনাক কোৱা নাছিলোঁনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব’?","footnotes":"","tafseer":"খাজিৰে মুছা আলাইহিচ্ছালামক ক'লেঃ হে মুছা! মই আপোনাক আগতেই কৈছিলোঁ, আপুনি মোৰ কৰ্মবোৰ চাই ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018075.mp3"},{"index":"76","arabicText":"قَالَ اِنْ سَاَلْتُكَ عَنْ شَیْءٍ بَعْدَهَا فَلَا تُصٰحِبْنِیْ ۚ قَدْ بَلَغْتَ مِنْ لَّدُنِّیْ عُذْرًا ۟","assameseTranslation":"মুছাই ক’লে, ‘ইয়াৰ পিছত যদি মই আপোনাক কোনো বিষয়ে প্ৰশ্ন কৰোঁ তেন্তে আপুনি মোক লগত নাৰাখিব; আপোনাৰ ওচৰত মোৰ ওজৰ-আপত্তিয়ে চূড়ান্ত সীমা পাইছেগৈ’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে ক'লেঃ এইবাৰৰ পিছত পুনৰ যদি মই কোনো বিষয়ে প্ৰশ্ন উত্থাপন কৰোঁ তেন্তে আপুনি মোক পৃথক কৰি দিব পাৰে, কিয়নো দুবাৰ আপোনাৰ বিৰোধিতা কৰাৰ পিছত আপোনাৰ লগত থকাটো মোৰ বাবে উচিত নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018076.mp3"},{"index":"77","arabicText":"فَانْطَلَقَا ۥ حَتّٰۤی اِذَاۤ اَتَیَاۤ اَهْلَ قَرْیَةِ سْتَطْعَمَاۤ اَهْلَهَا فَاَبَوْا اَنْ یُّضَیِّفُوْهُمَا فَوَجَدَا فِیْهَا جِدَارًا یُّرِیْدُ اَنْ یَّنْقَضَّ فَاَقَامَهٗ ؕ قَالَ لَوْ شِئْتَ لَتَّخَذْتَ عَلَیْهِ اَجْرًا ۟","assameseTranslation":"তাৰ পিচত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোকে এটা জনপদৰ অধিবাসীসকলৰ ওচৰলৈ গৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকে সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে; কিন্তু সিহঁতে তেওঁলোকক আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে। তাৰ পিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে, যিখন বাগৰি যোৱাৰ উপক্ৰম হৈছিল, তেতিয়া তেওঁ সেইটোক সুদৃঢ় কৰি দিলে। মুছাই ক’লে, ‘আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন’।","footnotes":"","tafseer":"ইয়াৰ পিছত দুয়ো আকৌ ৰাওনা হ'ল, অৱশেষত এখন গাওঁত প্ৰৱেশ কৰিলে আৰু তাৰ অধিবাসীসকলৰ ওচৰত খাদ্যৰ বাবে আবেদন কৰিলে। গাওঁবাসীয়ে তেওঁলোকৰ আবেদন নাকচ কৰিলে আৰু তেওঁলোকক খুৱাবলৈ মান্তি নহ'ল। তেওঁলোকে সেই গাওঁখনতে এখন প্ৰাচীৰ দেখা পালে, যিখন পৰি যোৱাৰ উপক্ৰম হৈছিল। খাজিৰে সেই প্ৰাচীৰখন মেৰামতি কৰি দিলে। এই দেখি মুছা আলাইহিচ্ছালামে খাজিৰক ক'লেঃ আপুনি ইচ্ছা কৰিলে সিহঁতৰ পৰা এই পৰিশ্ৰমৰ পাৰিশ্ৰমিক ল'ব পাৰিলেহেঁতেন, যিহেতু সিহঁতে আমাক আপ্যায়ন কৰিবলৈ অস্বীকাৰ কৰিছিল, সেয়ে এইটো লোৱা আমাৰ বাবে প্ৰয়োজন আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018077.mp3"},{"index":"78","arabicText":"قَالَ هٰذَا فِرَاقُ بَیْنِیْ وَبَیْنِكَ ۚ سَاُنَبِّئُكَ بِتَاْوِیْلِ مَا لَمْ تَسْتَطِعْ عَّلَیْهِ صَبْرًا ۟","assameseTranslation":"তেওঁ ক’লে, ‘ইয়াতেই মোৰ আৰু আপোনাৰ মাজত সম্পৰ্কচ্ছেদ হৈ গ’ল, যিবোৰ বিষয়ত আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাই, অচিৰেই মই সেইবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰিম।","footnotes":"","tafseer":"খাজিৰে মুছা আলাইহিচ্ছালামক ক'লেঃ প্ৰাচীৰ মেৰামতিৰ বাবে মই পাৰিশ্ৰমিক নোলোৱাৰ ক্ষেত্ৰত আপোনাৰ এই অভিযোগে মোক আৰু আপোনাৰ মাজত পৃথক হোৱাটো নিশ্চিত কৰি দিছে। এতিয়া মই আপোনাক উক্ত বিষয়বোৰৰ বাস্তৱিকতা সম্পৰ্কে অৱগত কৰাব বিচাৰিছোঁ, মোক যিবোৰ কৰ্ম কৰা দেখি আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018078.mp3"},{"index":"79","arabicText":"اَمَّا السَّفِیْنَةُ فَكَانَتْ لِمَسٰكِیْنَ یَعْمَلُوْنَ فِی الْبَحْرِ فَاَرَدْتُّ اَنْ اَعِیْبَهَا وَكَانَ وَرَآءَهُمْ مَّلِكٌ یَّاْخُذُ كُلَّ سَفِیْنَةٍ غَصْبًا ۟","assameseTranslation":"‘নাওখনৰ বিষয়টো হ’ল—এইখন আছিল কিছুমান দৰিদ্ৰ ব্যক্তিৰ, সিহঁতে সাগৰত কাম কৰিছিল; মই নাওখনক ত্ৰুটিযুক্ত কৰিবলৈ ইচ্ছা কৰিলোঁ; কাৰণ সিহঁতৰ সন্মুখত আছিল এনে এজন ৰজা, যিয়ে বলপ্ৰয়োগ কৰি প্ৰতিখন (নিখুঁত) ভাল নাও কাঢ়ি নিয়ে।","footnotes":"","tafseer":"এতেকে নাও সম্পৰ্কীয় বিষয়টো প্ৰথমে মই আপোনাক জনাওঁ, যিখন নাও ত্ৰুটিযুক্ত কৰাত আপুনি মোৰ বিৰোধিতা কৰিছিল, দৰাচলতে সেই নাওখনৰ স্বত্তাধিকাৰী হৈছে কেইজনমান দৰিদ্ৰ লোক, তেওঁলোকে সেই নাওখনেৰে সাগৰত কাম কৰিছিল কিন্তু তেওঁলোকে ইয়াক ৰক্ষা কৰিবলৈ সক্ষম নাছিল। সেয়ে মই সেই নাওখনক ত্ৰুটিযুক্ত কৰিছিলোঁ যাতে এই নাওখনক সেই অত্যাচাৰী ৰজাই কাঢ়ি ল’ব নোৱাৰে, যিয়ে প্ৰত্যেক ভাল তথা উৎকৃষ্ট নাও বলপূৰ্বকভাৱে মানুহৰ পৰা কাঢ়ি লয় আৰু ত্ৰুটিযুক্ত নাওসমূহ এৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018079.mp3"},{"index":"80","arabicText":"وَاَمَّا الْغُلٰمُ فَكَانَ اَبَوٰهُ مُؤْمِنَیْنِ فَخَشِیْنَاۤ اَنْ یُّرْهِقَهُمَا طُغْیَانًا وَّكُفْرًا ۟ۚ","assameseTranslation":"‘আনহাতে সেই শিশুটি--- তাৰ পিতৃ-মাতৃ আছিল মুমিন। ফলত আমি আশংকা কৰিলোঁ যে, সি সীমালংঘন কৰি আৰু কুফৰীৰ দ্বাৰা তেওঁলোকক অতিষ্ঠ কৰি তুলিব।","footnotes":"","tafseer":"আনহাতে শিশুৰ বিষয়টো, যিজন শিশুক হত্যা কৰাত আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই শিশুজনৰ পিতৃ-মাতৃ উভয়ে আছিল ঈমান্দাৰ। কিন্তু আল্লাহৰ জ্ঞান অনুসাৰে সেই শিশুজন আছিল কাফিৰ (নাস্তিক)। সেয়ে আমি আশংকা কৰিছিলোঁ যে, সি ডাঙৰ হৈ নিজৰ পিতৃ-মাতৃক কুফৰীলৈ ওভোতাই নিব, কিয়নো পিতৃ-মাতৃয়ে সন্তান-সন্ততিক সীমাহীন ভালপায়, তথা সিহঁত হৈছে তেওঁলোকৰ অতি প্ৰয়োজনীয় আপোনজন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018080.mp3"},{"index":"81","arabicText":"فَاَرَدْنَاۤ اَنْ یُّبْدِلَهُمَا رَبُّهُمَا خَیْرًا مِّنْهُ زَكٰوةً وَّاَقْرَبَ رُحْمًا ۟","assameseTranslation":"‘সেয়ে আমি বিচাৰিলোঁ যে, তেওঁলোকৰ প্ৰতিপালকে যেন তেওঁলোকক ইয়াৰ পৰিবৰ্তে এজন সুসন্তান দান কৰে, যিজন হ’ব পৱিত্ৰতাত উত্তম আৰু মৰম-চেনেহত অতি ঘনিষ্ঠ।","footnotes":"","tafseer":"সেয়ে আমি ভাবিলোঁ যে, আল্লাহে তেওঁলোকক ইয়াৰ পৰিবৰ্তে আন এজন এনেকুৱা সন্তান প্ৰদান কৰক, যিজন হ'ব অতি দ্বীনদাৰ, পৰহেজগাৰ আৰু পাপকৰ্মৰ পৰা দূৰত্ব অৱলম্বনকাৰী। তথা পিতৃ-মাতৃৰ প্ৰতি অধিক মনোযোগ প্ৰদানকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018081.mp3"},{"index":"82","arabicText":"وَاَمَّا الْجِدَارُ فَكَانَ لِغُلٰمَیْنِ یَتِیْمَیْنِ فِی الْمَدِیْنَةِ وَكَانَ تَحْتَهٗ كَنْزٌ لَّهُمَا وَكَانَ اَبُوْهُمَا صَالِحًا ۚ فَاَرَادَ رَبُّكَ اَنْ یَّبْلُغَاۤ اَشُدَّهُمَا وَیَسْتَخْرِجَا كَنْزَهُمَا ۖۗ رَحْمَةً مِّنْ رَّبِّكَ ۚ وَمَا فَعَلْتُهٗ عَنْ اَمْرِیْ ؕ ذٰلِكَ تَاْوِیْلُ مَا لَمْ تَسْطِعْ عَّلَیْهِ صَبْرًا ۟ؕ۠","assameseTranslation":"‘আৰু সেই প্ৰাচীৰটো—সেইটো আছিল নগৰবাসী দুজন এতীম শিশুৰ আৰু ইয়াৰ তলত আছিল সিহঁতৰ গুপ্তধন আৰু সিহঁতৰ পিতৃ আছিল এজন সৎকৰ্মপৰায়ণ লোক। সেয়ে আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে যে, সিহঁত দুজন প্ৰাপ্তবয়স্কত উপনীত হওক আৰু সিহঁতৰ সেই গুপ্তধন উদ্ধাৰ কৰক। আৰু (এইবোৰ) মই নিজৰ ফালৰ পৰা একো কৰা নাই; আপুনি যি বিষয়ে ধৈৰ্য্য ধাৰণ কৰিবলৈ অপাৰগ হৈছিল, এইটোৱেই হৈছে তাৰ ব্যাখ্যা’।","footnotes":"","tafseer":"আনহাতে যিখন প্ৰাচীৰ মই মেৰামতি কৰি দিছিলোঁ, যি বিষয়ে আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই প্ৰাচীৰখন আছিল সেই চহৰৰ দুজন সৰু ল’ৰাৰ। তেওঁলোকৰ পিতৃ-মাতৃ আছিল অতি পুণ্যৱান। পিতা-মাতা উভয়ে মৃত্যুবৰণ কৰিছিল আৰু সেই প্ৰাচীৰখনৰ তলত পুতি থোৱা আছিল তেওঁলোকৰ ধন-সম্পদ। সেয়ে হে মুছা! আপোনাৰ প্ৰতিপালকে ইচ্ছা পোষণ কৰিলে যে, সেই ল’ৰা দুজন সুকলমে ডাঙৰ দীঘল হওক তথা প্ৰাপ্তবয়সত উপনীত হওক, আৰু তাৰ পিছত যাতে তেওঁলোকে প্ৰাচীৰৰ তলত থকা তেওঁলোকৰ সম্পদ উলিয়াব পাৰে। কিয়নো এতিয়া যদি তেওঁলোকৰ সেই প্ৰাচীৰখন ভাঙি পৰিলহেঁতেন তেন্তে তেওঁলোকৰ সম্পদ উন্মুক্ত হ'লহেঁতেন আৰু বিনষ্ট হ'লহেঁতেন। দৰাচলতে এই প্ৰক্ৰিয়াটো হৈছে আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সেই ল’ৰা দুজনৰ বাবে এক প্ৰকাৰ ৰহমত। মই মোৰ বুদ্ধিৰে একো কৰা নাছিলোঁ। উক্ত ঘটনাবোৰৰ এইটোৱে হৈছে বাস্তৱিকতা, যিবোৰ দেখি আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018082.mp3"},{"index":"83","arabicText":"وَیَسْـَٔلُوْنَكَ عَنْ ذِی الْقَرْنَیْنِ ؕ قُلْ سَاَتْلُوْا عَلَیْكُمْ مِّنْهُ ذِكْرًا ۟ؕ","assameseTranslation":"আৰু সিহঁতে তোমাক জুল-কাৰনাইন সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘অচিৰেই মই তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে বৰ্ণনা কৰিম’।","footnotes":"","tafseer":"হে ৰাছুল! মুশ্বৰিকসকলে আৰু ইয়াহুদীসকলে আপোনাক পৰীক্ষা কৰাৰ বাবে জুল-কাৰ্ণাইন সম্পৰ্কে সোধ-পোচ কৰে। আপুনি সিহঁতক জনাই দিয়ক যে, মই তোমালোকৰ সন্মুখত তেওঁৰ কিছুমান ঘটনা দাঙি ধৰিম, যাতে তোমালোকে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰা তথা উপদেশ ল'ব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018083.mp3"},{"index":"84","arabicText":"اِنَّا مَكَّنَّا لَهٗ فِی الْاَرْضِ وَاٰتَیْنٰهُ مِنْ كُلِّ شَیْءٍ سَبَبًا ۟ۙ","assameseTranslation":"নিশ্চয় আমি তেওঁক পৃথিৱীত কৰ্তৃত্ব প্ৰদান কৰিছিলোঁ আৰু প্ৰত্যেক বিষয়ৰ উপায়-উপকৰণ দান কৰিছিলোঁ।","footnotes":"","tafseer":"নিশ্চয় আমি তেওঁক পৃথিৱীত প্ৰভাৱশালী বনাইছিলোঁ আৰু তেওঁক প্ৰত্যেক সেই বস্তু প্ৰদান কৰিছিলোঁ যিটোৰ জৰিয়তে তেওঁ নিজৰ লক্ষ্যস্থলত উপনীত হ'ব পাৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018084.mp3"},{"index":"85","arabicText":"فَاَتْبَعَ سَبَبًا ۟","assameseTranslation":"তাৰ পিছত তেওঁ এটা পথ অৱলম্বন কৰিলে।","footnotes":"","tafseer":"তেওঁৰ লক্ষ্যস্থলত উপনীত হ'বলৈ আমি তেওঁক যিবোৰ উপায় আৰু মাধ্যম প্ৰদান কৰিছিলোঁ, সেইবোৰৰ জৰিয়তে তেওঁ পশ্চিমফালে ৰাওনা হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018085.mp3"},{"index":"86","arabicText":"حَتّٰۤی اِذَا بَلَغَ مَغْرِبَ الشَّمْسِ وَجَدَهَا تَغْرُبُ فِیْ عَیْنٍ حَمِئَةٍ وَّوَجَدَ عِنْدَهَا قَوْمًا ؕ۬ قُلْنَا یٰذَا الْقَرْنَیْنِ اِمَّاۤ اَنْ تُعَذِّبَ وَاِمَّاۤ اَنْ تَتَّخِذَ فِیْهِمْ حُسْنًا ۟","assameseTranslation":"গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্য্য অস্ত যোৱাৰ স্থলত উপস্থিত হ’ল, তেতিয়া তেওঁ সূৰ্য্যক এটি পংকিল জলাশয়ত অস্ত যোৱা দেখিলে আৰু তেওঁ তাত এটা সম্প্ৰদায়ক লগ পালে। আমি ক'লোঁ, ‘হে জুল-কাৰনাইন! তুমি ইহঁতক শাস্তি দিব পাৰা নাইবা ইহঁতৰ বিষয়টো সদয়ভাৱে গ্ৰহণ কৰিব পাৰা’।","footnotes":"","tafseer":"তেওঁ পৃথিৱীত ভ্ৰমণ অব্যাহত ৰাখিলে, অৱশেষত তেওঁ যেতিয়া পশ্চিমফালে সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্য্যাস্তৰৰ ঠাই বুলি লাগে, তাত তেওঁ লক্ষ্য কৰিলে সূৰ্য্য যেনিবা ক'লা বোকা মাটিৰ জলাশয়ত ডুব গৈ আছে। তেওঁ সেই ঠাইত এনেকুৱা এটা জাতিক লগ পালে যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা নাছিল। আমি তেওঁক দুটা বিকল্প দেখুৱাই ক'লোঁঃ হে জুল-কাৰ্ণাইন! তুমি ইচ্ছা কৰিলে সিহঁতক হত্যা কৰিব পাৰা অথবা অন্য কোনো শাস্তি দিব পাৰা। নাইবা সিহঁতৰ প্ৰতি সহানুভূতিশীল হ'ব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018086.mp3"},{"index":"87","arabicText":"قَالَ اَمَّا مَنْ ظَلَمَ فَسَوْفَ نُعَذِّبُهٗ ثُمَّ یُرَدُّ اِلٰی رَبِّهٖ فَیُعَذِّبُهٗ عَذَابًا نُّكْرًا ۟","assameseTranslation":"তেওঁ ক’লে, ‘যিয়ে অন্যায় কৰিব অচিৰেই আমি তাক শাস্তি প্ৰদান কৰিম; তাৰ পিছত তাক তাৰ প্ৰতিপালকৰ ওচৰলৈ ওভতাই নিয়া হ’ব, তেতিয়া তেওঁ তাক কঠিন শাস্তি প্ৰদান কৰিব।","footnotes":"","tafseer":"জুল-কাৰ্ণাইনে ক'লেঃ যিয়ে আল্লাহৰ লগত শ্বিৰ্ক কৰিব আৰু আল্লাহৰ ইবাদতৰ ফালে আহ্বান কৰাৰ পিছতো সেই শ্বিৰ্কত বৰ্তী থাকিব তেন্তে তেনেকুৱা ব্যক্তিক আমি পৃথিৱীতেই মৃত্যুদণ্ডৰে শাস্তি প্ৰদান কৰিম। আকৌ কিয়ামতৰ দিনা যেতিয়া নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি যাব তেতিয়া ইয়াতকৈও কঠিন শাস্তিৰ সন্মুখীন হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018087.mp3"},{"index":"88","arabicText":"وَاَمَّا مَنْ اٰمَنَ وَعَمِلَ صَالِحًا فَلَهٗ جَزَآءَ لْحُسْنٰی ۚ وَسَنَقُوْلُ لَهٗ مِنْ اَمْرِنَا یُسْرًا ۟ؕ","assameseTranslation":"‘কিন্তু যিয়ে ঈমান আনিব আৰু সৎকৰ্ম কৰিব তেওঁৰ বাবে প্ৰতিদান স্বৰূপে আছে কল্যাণ আৰু আমি আমাৰ ব্যৱহাৰতো তেওঁৰ সৈতে নম্ৰভাৱে কথা কম’।","footnotes":"","tafseer":"কিন্তু যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব আৰু সৎকৰ্ম কৰিব, তাৰ বাবে আছে জান্নাত। এইটো দৰাচলতে আল্লাহৰ ফালৰ পৰা তেওঁৰ বাবে তেওঁৰ ঈমান আৰু সৎকৰ্মৰ প্ৰতিফল। তথা আমি তেওঁক আদেশ দিয়াৰ সময়তো সহজ আৰু সৰলতা অৱলম্বন কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018088.mp3"},{"index":"89","arabicText":"ثُمَّ اَتْبَعَ سَبَبًا ۟","assameseTranslation":"তাৰ পিছত তেওঁ আন এটা (অভিযানৰ বাবে) পথ ধৰিলে।","footnotes":"","tafseer":"তাৰ পিছত তেওঁ আগৰ পথ এৰি আন এটা পথেৰে সূৰ্য্যোদয়ৰ দিশত অৰ্থাৎ পূৱ ফালে ৰাওনা হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018089.mp3"},{"index":"90","arabicText":"حَتّٰۤی اِذَا بَلَغَ مَطْلِعَ الشَّمْسِ وَجَدَهَا تَطْلُعُ عَلٰی قَوْمٍ لَّمْ نَجْعَلْ لَّهُمْ مِّنْ دُوْنِهَا سِتْرًا ۟ۙ","assameseTranslation":"গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে, তেতিয়া তেওঁ দেখা পালে যে, সূৰ্য্য এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হয়, যিসকলৰ বাবে সূৰ্য্যৰ তাপৰ পৰা কোনো অন্তৰাল আমি সৃষ্টি কৰা নাই;","footnotes":"","tafseer":"গৈ গৈ তেওঁ যেতিয়া সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্যোদয়ৰ স্থান বুলি লাগে, তেতিয়া তেওঁ সূৰ্য্যক এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হোৱা দেখিলে যিসকলৰ বাবে সূৰ্য্যৰ তাপৰ পৰা ৰক্ষা পাবলৈ ঘৰ দুৱাৰ তথা গছ বৃক্ষৰ কোনো অন্তৰাল নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018090.mp3"},{"index":"91","arabicText":"كَذٰلِكَ ؕ وَقَدْ اَحَطْنَا بِمَا لَدَیْهِ خُبْرًا ۟","assameseTranslation":"প্ৰকৃত ঘটনা এইটোৱেই, আৰু তেওঁৰ ওচৰত যি আছিল, সেই সম্পৰ্কে আমি সম্যক অৱগত।","footnotes":"","tafseer":"জুল-কাৰ্ণাইনৰ বিষয়বোৰ এনেকুৱাই আছিল, তেওঁৰ ওচৰত যি শক্তি সামৰ্থ আৰু ৰাজত্ব আছিল সেই সম্পৰ্কে আমাৰ পূৰ্ণ জ্ঞান আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018091.mp3"},{"index":"92","arabicText":"ثُمَّ اَتْبَعَ سَبَبًا ۟","assameseTranslation":"তাৰ পিছত তেওঁ আন এটা (অভিযানৰ বাবে) পথ ধৰিলে।","footnotes":"","tafseer":"তাৰ পিছত তেওঁ সেই পথ এৰি পূৱ আৰু পশ্চিমৰ মাজৰ আন এটা পথ ধৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018092.mp3"},{"index":"93","arabicText":"حَتّٰۤی اِذَا بَلَغَ بَیْنَ السَّدَّیْنِ وَجَدَ مِنْ دُوْنِهِمَا قَوْمًا ۙ لَّا یَكَادُوْنَ یَفْقَهُوْنَ قَوْلًا ۟","assameseTranslation":"অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত আহি উপনীত হ’ল, তেতিয়া তাত তেওঁ এনেকুৱা এটা সম্প্ৰদায়ক লগ পালে, যিসকলে তেওঁৰ কথা ভালকৈ বুজিব পৰা নাছিল।","footnotes":"","tafseer":"গৈ গৈ তেওঁ যেতিয়া দুই পৰ্বতৰ মাজৰ উপত্যকা এখন পালে, সেই পৰ্বত দুখনৰ সিপাৰে এনেকুৱা এটা জাতিক লগ পালে, যিসকলে অন্য লোকৰ ভাষা বুজি পাবলৈ সক্ষম নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018093.mp3"},{"index":"94","arabicText":"قَالُوْا یٰذَا الْقَرْنَیْنِ اِنَّ یَاْجُوْجَ وَمَاْجُوْجَ مُفْسِدُوْنَ فِی الْاَرْضِ فَهَلْ نَجْعَلُ لَكَ خَرْجًا عَلٰۤی اَنْ تَجْعَلَ بَیْنَنَا وَبَیْنَهُمْ سَدًّا ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে জুল-কাৰনাইন! ইয়া’জুজ আৰু মা’জুজে পৃথিৱীত অশান্তি সৃষ্টি কৰি আছে। সেয়ে আমি আপোনাক এই চৰ্তত কৰ আদায় দিমনে, যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত এটা প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে’?","footnotes":"","tafseer":"সেইসকল লোকে ক'লেঃ হে জুল-কাৰ্ণাইন! ইয়াজুজ আৰু মাজুজ (তেওঁলোকৰ মতে আদম সন্তানৰ দুটা ডাঙৰ সম্প্ৰদায়) হত্যা আদিৰ জৰিয়তে ভূপৃষ্ঠত উপদ্ৰৱ চলায়। আমি আপোনাক কিছু অৰ্থ সম্পদেৰে সহায় কৰিম নেকি যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত অৱৰোধ প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018094.mp3"},{"index":"95","arabicText":"قَالَ مَا مَكَّنِّیْ فِیْهِ رَبِّیْ خَیْرٌ فَاَعِیْنُوْنِیْ بِقُوَّةٍ اَجْعَلْ بَیْنَكُمْ وَبَیْنَهُمْ رَدْمًا ۟ۙ","assameseTranslation":"তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকে মোক যি সামৰ্থ দিছে সেইটোৱে উৎকৃষ্ট। গতিকে তোমালোকে মোক দৈহিক শ্ৰমৰ দ্বাৰা সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত এখন মজবুত প্ৰাচীৰ নিৰ্মাণ কৰি দিম’।","footnotes":"","tafseer":"জুল-কাৰ্ণাইনে ক'লেঃ মোৰ প্ৰতিপালকে মোক যি শক্তি সামৰ্থ আৰু ৰাজত্ব প্ৰদান কৰিছে, সেয়া তোমালোকে দিব বিচৰা সম্পদতকৈ বহুগুণে উত্তম। এতেকে তোমালোকে মোক জনবল আৰু উপাদানেৰে সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত অৱৰোধ প্ৰাচীৰ নিৰ্মাণ কৰি দিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018095.mp3"},{"index":"96","arabicText":"اٰتُوْنِیْ زُبَرَ الْحَدِیْدِ ؕ حَتّٰۤی اِذَا سَاوٰی بَیْنَ الصَّدَفَیْنِ قَالَ انْفُخُوْا ؕ حَتّٰۤی اِذَا جَعَلَهٗ نَارًا ۙ قَالَ اٰتُوْنِیْۤ اُفْرِغْ عَلَیْهِ قِطْرًا ۟ؕ","assameseTranslation":"‘তোমালোকে মোৰ ওচৰলৈ লোৰ পাতসমূহ আনি দিয়া’, অৱশেষত মধ্যৱৰ্তী খালী ঠাই পূৰ্ণ হৈ যেতিয়া লৌহস্তূপ দুয়ো পৰ্বতৰ সমান হ’ল তেতিয়া তেওঁ ক’লে, ‘এতিয়া ফুঁ দি থকা’। তাৰ পিছত যেতিয়া সেইটো জুইত পৰিণত হ’ল, তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ গলিত তাম লৈ আহা, মই ইয়াৰ ওপৰত ঢালি দিওঁ’।","footnotes":"","tafseer":"তোমালোকে লোহা আদিৰ যোগান ধৰা। এতেকে তেওঁলোকে লোৰ যোগান ধৰিলে, আৰু তেওঁ সেইবোৰেৰে দুই পৰ্বতৰ মাজত প্ৰাচীৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। অৱশেষত প্ৰাচীৰ যেতিয়া দুয়ো পৰ্বতৰ সমান হৈ গ'ল, তেতিয়া তেওঁ শ্ৰমিকসকলক ক'লেঃ এই লোৰ টুকুৰাবোৰক জুয়েৰে উত্তপ্ত কৰা। লোৰ টুকুৰাবোৰ যেতিয়া ৰঙা হৈ গ'ল তেতিয়া তেওঁ ক'লেঃ এতিয়া তাম লৈ আহা, যাতে ইয়াৰ ওপৰত ঢালি দিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018096.mp3"},{"index":"97","arabicText":"فَمَا اسْطَاعُوْۤا اَنْ یَّظْهَرُوْهُ وَمَا اسْتَطَاعُوْا لَهٗ نَقْبًا ۟","assameseTranslation":"তাৰ পিছত সিহঁতে (ইয়া’জুজ আৰু মা’জুজে) সেইটো অতিক্ৰম কৰিব নোৱাৰিলে আনকি ফুটা কৰিবও নোৱাৰিলে।","footnotes":"","tafseer":"এতেকে ইয়াজুজ আৰু মাজুজ সেই প্ৰাচীৰৰ উচ্চতাৰ কাৰণে সেইটো বগাব নোৱাৰিলে। লগতে ইয়াৰ মজবুতিৰ ফলত তলফালেৰেও শিং লগাব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018097.mp3"},{"index":"98","arabicText":"قَالَ هٰذَا رَحْمَةٌ مِّنْ رَّبِّیْ ۚ فَاِذَا جَآءَ وَعْدُ رَبِّیْ جَعَلَهٗ دَكَّآءَ ۚ وَكَانَ وَعْدُ رَبِّیْ حَقًّا ۟ؕ","assameseTranslation":"তেওঁ ক’লে, ‘এইটো হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। কিন্তু যেতিয়া মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুত সময় আহিব তেতিয়া তেওঁ ইয়াক চূৰ্ণ-বিচূৰ্ণ কৰি দিব, আৰু মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি সত্য’।","footnotes":"","tafseer":"জুল-কাৰ্ণাইনে ক'লেঃ এই বান্ধটো হৈছে মোৰ প্ৰতিপালকৰ এক প্ৰকাৰ দয়া। যিটো প্ৰাচীৰে ইয়াজুজ আৰু মাজুজৰ পৃথিৱীত কৰা উপদ্ৰৱ প্ৰতিৰোধ কৰিব। কিন্তু যেতিয়া সেই সময় আহি পৰিব, কিয়ামতৰ পূৰ্বে সিহঁতৰ ওলোৱাৰ যিটো সময় আল্লাহে নিৰ্ধাৰণ কৰি ৰাখিছে, তেতিয়া আল্লাহে সেই প্ৰাচীৰ ধ্বংস কৰি দিব। সেই প্ৰাচীৰ ধ্বংস কৰি মাটিত মিহলোৱা আৰু ইয়াজুজ মাজুজ ওলোৱাৰ ক্ষেত্ৰত আল্লাহৰ যি প্ৰতিশ্ৰুতি আছে সেয়া অটল তথা দৃঢ়, যিটো ভঙ্গ হোৱাৰ কোনো প্ৰশ্নই নাহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018098.mp3"},{"index":"99","arabicText":"وَتَرَكْنَا بَعْضَهُمْ یَوْمَىِٕذٍ یَّمُوْجُ فِیْ بَعْضٍ وَّنُفِخَ فِی الصُّوْرِ فَجَمَعْنٰهُمْ جَمْعًا ۟ۙ","assameseTranslation":"আৰু সেইদিনা আমি সিহঁতক এৰি দিম এনেকুৱা অৱস্থাত যে, এটা দলে আনটো দলৰ ওপৰত তৰঙ্গৰ দৰে খুন্দিয়াই পৰিব; আৰু শিঙাত ফুঁ দিয়া হ’ব। তাৰ পিছত আমি সিহঁত সকলোকে একত্ৰিত কৰিম।","footnotes":"","tafseer":"শেষৰ সময়ছোৱাত আমি মানুহক এনেকুৱা অৱস্থাত এৰি দিম, সিহঁতে সাগৰৰ ঢৌৰ দৰে পৰস্পৰে মিশ্ৰিত হ'ব। ইপিনে যেতিয়া শিঙাত ফুঁ দিয়া হ'ব তেতিয়া আমি সকলো প্ৰাণীকে হিচাপ কিতাপৰ বাবে আৰু প্ৰতিফল দিয়াৰ বাবে একত্ৰিত কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018099.mp3"},{"index":"100","arabicText":"وَّعَرَضْنَا جَهَنَّمَ یَوْمَىِٕذٍ لِّلْكٰفِرِیْنَ عَرْضَا ۟ۙ","assameseTranslation":"আৰু সেইদিনা আমি জাহান্নামক প্ৰত্যক্ষভাৱে উপস্থাপন কৰিম কাফিৰসকলৰ ওচৰত,","footnotes":"","tafseer":"আমি কাফিৰসকলৰ বাবে জাহান্নাম স্পষ্টৰূপে প্ৰকট কৰিম, যাতে সিহঁতে নিজ চকুৰে সেয়া দেখিবলৈ পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018100.mp3"},{"index":"101","arabicText":"لَّذِیْنَ كَانَتْ اَعْیُنُهُمْ فِیْ غِطَآءٍ عَنْ ذِكْرِیْ وَكَانُوْا لَا یَسْتَطِیْعُوْنَ سَمْعًا ۟۠","assameseTranslation":"আমাৰ নিদৰ্শনৰ প্ৰতি যিসকলৰ চকু আৱৰণেৰে ঢাকি থোৱা আছিল আৰু যিসকলে শুনিবলৈও অপাৰগ আছিল।","footnotes":"","tafseer":"আমি সেইখনক সেইসকল কাফিৰৰ বাবে প্ৰকট কৰিম, যিসকলে পাৰ্থিৱ জীৱনত অন্ধ আছিল তথা আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী আছিল। কিয়নো সিহঁতৰ চকুৰ ওপৰত আছিল আৱৰণ, যিটোৱে সিহঁতক ইয়াৰ পৰা আঁতৰাই ৰাখিছিল। তথা সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে আল্লাহৰ আয়াত শুনিবলৈ সক্ষম নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018101.mp3"},{"index":"102","arabicText":"اَفَحَسِبَ الَّذِیْنَ كَفَرُوْۤا اَنْ یَّتَّخِذُوْا عِبَادِیْ مِنْ دُوْنِیْۤ اَوْلِیَآءَ ؕ اِنَّاۤ اَعْتَدْنَا جَهَنَّمَ لِلْكٰفِرِیْنَ نُزُلًا ۟","assameseTranslation":"যিসকলে কুফৰী কৰিছে, সিহঁতে ধাৰণা কৰে নেকি যে, সিহঁতে মোৰ পৰিবৰ্তে মোৰ বান্দাসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিব? নিশ্চয় আমি কাফিৰসকলৰ আপ্যায়নৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জাহান্নাম।","footnotes":"","tafseer":"আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলে ফিৰিস্তা, ৰাছুল আৰু চয়তানক (যিবোৰ মোৰেই বান্দা) মোৰ বাহিৰে তেওঁলোকক উপাস্য বনাই ল’ব বুলি ভাবিছে নেকি? তেন্তে সেইসকল লোকে মনোযোগ সহকাৰে শুনা উচিত, নিশ্চয় আমি কাফিৰসকলৰ বাবে জাহান্নামক বাসস্থানৰূপে প্ৰস্তুত কৰি ৰাখিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018102.mp3"},{"index":"103","arabicText":"قُلْ هَلْ نُنَبِّئُكُمْ بِالْاَخْسَرِیْنَ اَعْمَالًا ۟ؕ","assameseTranslation":"কোৱা, ‘আমি তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিমনে, যিসকল আমলৰ ফালৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কওক যে, হে মানৱজাতি! মই তোমালোকক জনামনে যে, আমলৰ ফালৰ পৰা আটাইতকৈ ক্ষতিগ্ৰস্ত কোনসকল লোক?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018103.mp3"},{"index":"104","arabicText":"اَلَّذِیْنَ ضَلَّ سَعْیُهُمْ فِی الْحَیٰوةِ الدُّنْیَا وَهُمْ یَحْسَبُوْنَ اَنَّهُمْ یُحْسِنُوْنَ صُنْعًا ۟","assameseTranslation":"সিহঁতেই হৈছে সেইসকল লোক, পাৰ্থিৱ জীৱনত যিসকলৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে, অথচ সিহঁতে ধাৰণা কৰে যে, সিহঁতে ভাল কামেই কৰি আছে।","footnotes":"","tafseer":"সিহঁত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা প্ৰত্যক্ষ কৰিব যে, পৃথিৱীত কৰা সিহঁতৰ সকলো কৰ্ম অথলে গৈছে। অথচ সিহঁতে পৃথিৱীত ভাবিছিল যে সিহঁতে ভাল কৰি আছে, তথা সিহঁতে এইবোৰ কৰ্মৰ দ্বাৰা লাভান্বিত হ'ব। কিন্তু বাস্তৱিকতা ইয়াৰ পৰিপন্থী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018104.mp3"},{"index":"105","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ كَفَرُوْا بِاٰیٰتِ رَبِّهِمْ وَلِقَآىِٕهٖ فَحَبِطَتْ اَعْمَالُهُمْ فَلَا نُقِیْمُ لَهُمْ یَوْمَ الْقِیٰمَةِ وَزْنًا ۟","assameseTranslation":"সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰিছে। ফলত সিহঁতৰ সকলো আমল নিষ্ফল হৈ গৈছে; সেয়ে আমি সিহঁতৰ বাবে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নকৰিম।","footnotes":"","tafseer":"এইসকল লোকেই নিজ প্ৰতিপালকৰ সেইসমূহ আয়াত অস্বীকাৰ কৰিছিল যিবোৰ আয়াত আল্লাহৰ তাওহীদৰ প্ৰমাণবহন কৰে। লগতে সিহঁতে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছিল। এই অস্বীকাৰৰ ফলতেই সিহঁতৰ সকলো আমল বাতিল হৈছে। সেয়ে কিয়ামতৰ দিনা আল্লাহৰ ওচৰত সিহঁতৰ কোনো মৰ্যাদা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018105.mp3"},{"index":"106","arabicText":"ذٰلِكَ جَزَآؤُهُمْ جَهَنَّمُ بِمَا كَفَرُوْا وَاتَّخَذُوْۤا اٰیٰتِیْ وَرُسُلِیْ هُزُوًا ۟","assameseTranslation":"‘জাহান্নামেই হৈছে সিহঁতৰ প্ৰতিফল। যিহেতু সিহঁতে কুফৰী কৰিছে লগতে মোৰ নিদৰ্শনাৱলীক আৰু ৰাছুলসকলক বিদ্ৰূপৰ বিষয় হিচাপে গ্ৰহণ কৰিছে’।","footnotes":"","tafseer":"সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা প্ৰতিদান হৈছে জাহান্নাম। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছে, তেওঁ অৱতীৰ্ণ কৰা আয়াতসমূহক আৰু তেওঁৰ ৰাছুলসকলক উপহাসৰ পাত্ৰ বনাই লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018106.mp3"},{"index":"107","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ كَانَتْ لَهُمْ جَنّٰتُ الْفِرْدَوْسِ نُزُلًا ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আতিথ্য-অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদাউছ।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকক সন্মানস্বৰূপে জান্নাতৰ আটাইতকৈ উচ্চ স্থানত বসবাস কৰাৰ ঠাই দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018107.mp3"},{"index":"108","arabicText":"خٰلِدِیْنَ فِیْهَا لَا یَبْغُوْنَ عَنْهَا حِوَلًا ۟","assameseTranslation":"তাত তেওঁলোক চিৰকাল থাকিব, তাৰ পৰা তেওঁলোক (কেতিয়াও) স্থানান্তৰিত হ’ব নিবিচাৰিব।","footnotes":"","tafseer":"তাত তেওঁলোকে চিৰকাল বসবাস কৰিব, তাৰ পৰা তেওঁলোকে স্থানান্তৰ হ'ব নিবিচাৰিব। কিয়নো ইয়াৰ সমান আন কোনো প্ৰতিদান হ'বই নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018108.mp3"},{"index":"109","arabicText":"قُلْ لَّوْ كَانَ الْبَحْرُ مِدَادًا لِّكَلِمٰتِ رَبِّیْ لَنَفِدَ الْبَحْرُ قَبْلَ اَنْ تَنْفَدَ كَلِمٰتُ رَبِّیْ وَلَوْ جِئْنَا بِمِثْلِهٖ مَدَدًا ۟","assameseTranslation":"কোৱা, ‘মোৰ প্ৰতিপালকৰ কথা লিপিবদ্ধ কৰিবলৈ সাগৰ যদি চিয়াঁহী হয়, তেন্তে মোৰ প্ৰতিপালকৰ কথা শেষ হোৱাৰ আগতেই সাগৰ নিঃশেষ হৈ যাব—যদিও ইয়াৰ সাহায্যাৰ্থে অনুৰূপ আৰু সাগৰ লৈ আহোঁ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক! নিশ্চয় মোৰ প্ৰতিপালক সম্পৰ্কে বাক্য অধিক। এতেকে যদি সেইবোৰ লিখিবলৈ সাগৰক চিয়াঁহী বনোৱা হয়, তেন্তে পৱিত্ৰ আল্লাহ সম্পৰ্কে কথা সমাপ্ত হোৱাৰ পূৰ্বেই সাগৰৰ পানী শেষ হৈ যাব। বৰং আমি আৰু যদি কেইবাখন সাগৰ সৃষ্টি কৰোঁ, সেইবোৰো শেষ হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018109.mp3"},{"index":"110","arabicText":"قُلْ اِنَّمَاۤ اَنَا بَشَرٌ مِّثْلُكُمْ یُوْحٰۤی اِلَیَّ اَنَّمَاۤ اِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ فَمَنْ كَانَ یَرْجُوْا لِقَآءَ رَبِّهٖ فَلْیَعْمَلْ عَمَلًا صَالِحًا وَّلَا یُشْرِكْ بِعِبَادَةِ رَبِّهٖۤ اَحَدًا ۟۠","assameseTranslation":"কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশীদাৰ স্থাপন নকৰা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, মই তোমালোকৰ দৰেই এজন মানুহ। মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ প্ৰকৃত উপাস্য হৈছে কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ হৈছে আল্লাহ তাআলা। এতেকে যিয়ে আল্লাহৰ লগত সাক্ষাৎ কৰাৰ আশা পোষণ কৰে, সিয়ে আল্লাহৰ প্ৰতি নিষ্ঠাৱান হৈ তেওঁৰ চৰীয়ত মুতাবিক আমল কৰা উচিত, আৰু নিজ প্ৰতিপালকৰ ইবাদতত কাকো অংশীদাৰ কৰা উচিত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/018110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/018110.mp3"}]