[{"index":"1","arabicText":"طٰسٓ ۫ تِلْكَ اٰیٰتُ الْقُرْاٰنِ وَكِتَابٍ مُّبِیْنٍ ۟ۙ","assameseTranslation":"ত্বা-ছীন;[1] এইবোৰ হৈছে আল-কোৰআন তথা সুস্পষ্ট কিতাবৰ আয়াত;","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(ত্ব-ছীন) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিতে আলোচনা কৰা হৈছে। আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই আয়াতবোৰ স্পষ্ট গ্ৰন্থ তথা কোৰআনৰ আয়াত, যিবোৰৰ মাজত কোনো ধৰণৰ বেমেজালি নাই। যিয়েই ইয়াকলৈ গৱেষণা কৰিব, তেৱেঁই গম পাব যে, নিশ্চিতভাৱে এইখন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027001.mp3"},{"index":"2","arabicText":"هُدًی وَّبُشْرٰی لِلْمُؤْمِنِیْنَ ۟ۙ","assameseTranslation":"পথনিৰ্দেশ আৰু সুসংবাদ মুমিনসকলৰ বাবে,","footnotes":"","tafseer":"এই আয়াতবোৰ হৈছে সত্যৰ পথপ্ৰদৰ্শক আৰু সত্যৰ সহযাত্ৰী। লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা মুমিনসকলৰ বাবে সুসংবাদবাহক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027002.mp3"},{"index":"3","arabicText":"الَّذِیْنَ یُقِیْمُوْنَ الصَّلٰوةَ وَیُؤْتُوْنَ الزَّكٰوةَ وَهُمْ بِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ ۟","assameseTranslation":"যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।","footnotes":"","tafseer":"যিসকলে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে, লগতে উপযুক্ত শিতানত নিজৰ ধন-সম্পদৰ যাকাত প্ৰদান কৰে, আৰু তেওঁলোকে আখিৰাতৰ ছোৱাব আৰু শাস্তিক মনে প্ৰাণে বিশ্বাস কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027003.mp3"},{"index":"4","arabicText":"اِنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ زَیَّنَّا لَهُمْ اَعْمَالَهُمْ فَهُمْ یَعْمَهُوْنَ ۟ؕ","assameseTranslation":"নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শোভনীয় কৰি দিছোঁ, ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে;","footnotes":"","tafseer":"যিসকল কাফিৰে আখিৰাতক, লগতে ইয়াৰ ছোৱাব আৰু শাস্তিক বিশ্বাস নকৰে, নিশ্চিতভাৱে সিহঁতৰ কুকৰ্মবোৰক সিহঁতৰ বাবে সুন্দৰ কৰি দিয়া হৈছে। গতিকে সিহঁতে সেইবোৰৰ মাজতে ব্যস্ত থাকে। সেয়ে সিহঁতে উদ্ভ্ৰান্ত হৈ সেইবোৰৰ মাজতে ঘূৰি ফুৰি থাকিব, কেতিয়াও হিদায়ত তথা সুপথ বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027004.mp3"},{"index":"5","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ لَهُمْ سُوْٓءُ الْعَذَابِ وَهُمْ فِی الْاٰخِرَةِ هُمُ الْاَخْسَرُوْنَ ۟","assameseTranslation":"ইহঁতৰ বাবেই আছে নিকৃষ্ট শাস্তি আৰু ইহঁতেই হ’ব আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"উক্ত বৈশিষ্ট্যৰ অধিকাৰী লোকসকলৰ বাবেই পৃথিৱীত আছে হত্যা আৰু বন্দীত্বৰ দৰে বেয়া শাস্তি। তথা সিহঁতেই আখাৰিতত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। কাৰণ সিহঁতে কিয়ামতৰ দিনা নিজকে আৰু নিজৰ পৰিয়ালক জাহান্নামৰ অধিবাসী কৰি ক্ষতিৰ সন্মুখীন হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027005.mp3"},{"index":"6","arabicText":"وَاِنَّكَ لَتُلَقَّی الْقُرْاٰنَ مِنْ لَّدُنْ حَكِیْمٍ عَلِیْمٍ ۟","assameseTranslation":"আৰু নিশ্চয় তুমি প্ৰজ্ঞাময় সৰ্বজ্ঞ (আল্লাহ)ৰ তৰফৰ পৰা আল-কোৰআন প্ৰাপ্ত হৈছা।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চিতভাৱে আপোনাৰ প্ৰতি অৱতীৰ্ণ এই কোৰআন সেই সত্ত্বাৰ পৰা প্ৰাপ্ত, যিজন সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। তেওঁ সৰ্বজ্ঞ, বান্দাসকলৰ কোনো কল্যাণকৰ কৰ্মই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027006.mp3"},{"index":"7","arabicText":"اِذْ قَالَ مُوْسٰی لِاَهْلِهٖۤ اِنِّیْۤ اٰنَسْتُ نَارًا ؕ سَاٰتِیْكُمْ مِّنْهَا بِخَبَرٍ اَوْ اٰتِیْكُمْ بِشِهَابٍ قَبَسٍ لَّعَلَّكُمْ تَصْطَلُوْنَ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ পৰিয়ালবৰ্গক কৈছিল, ‘নিশ্চয় মই জুই দেখিছোঁ, অনতিপলমে মই তাৰ পৰা তোমালোকৰ বাবে কোনো সংবাদ লৈ আহিম নাইবা তোমালোকৰ বাবে লৈ আহিম জ্বলন্ত অন্ধৰা, যাতে তোমালোকে জুই পুঁৱাব পাৰা’।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক, যেতিয়া মুছা আলাইহিচ্ছালামে তেওঁৰ পৰিয়ালবৰ্গক কৈছিলঃ মই জুই দেখা পাইছোঁ, নিশ্চয় মই সেই জুই জ্বলোৱা ব্যক্তিৰ পৰা পথ সম্পৰ্কে খা-খবৰ লৈ আহিম, নাইবা তাৰ পৰা একুৰা জুই লৈ আহিম, যাতে তোমালোকে শীতৰ পৰা অলপ ৰক্ষা পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027007.mp3"},{"index":"8","arabicText":"فَلَمَّا جَآءَهَا نُوْدِیَ اَنْ بُوْرِكَ مَنْ فِی النَّارِ وَمَنْ حَوْلَهَا ؕ وَسُبْحٰنَ اللّٰهِ رَبِّ الْعٰلَمِیْنَ ۟","assameseTranslation":"তাৰ পিছত তেওঁ যেতিয়া সেইটোৰ ওচৰত আহি পালে, তেতিয়া ঘোষিত হ’ল, ‘বৰকতময়, যি আছে এই জুইৰ মাজত আৰু যি আছে ইয়াৰ চাৰিওফালে, আৰু বিশ্বজগতৰ প্ৰতিপালক আল্লাহ পৱিত্ৰ আৰু মহিমাময়!","footnotes":"","tafseer":"যেতিয়া তেওঁ প্ৰত্যক্ষ কৰা সেই জুইকুৰাৰ ওচৰ পালেগৈ, তেতিয়া আল্লাহে তেওঁক আহ্বান কৰি ক'লেঃ পৱিত্ৰ সেই সত্ত্বা যিজন ইয়াৰ মাজত আছে, তথা সেইসকল ফিৰিস্তা যিসকল ইয়াৰ ওচৰে পাঁজৰে আছে। নিশ্চিতভাৱে বিশ্বজগতৰ প্ৰতিপালক মহাপৱিত্ৰ, তেওঁ সেইসকলো দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ, যিবোৰ তেওঁৰ বাবে অনুপযুক্ত। তথাপিও বহুতো বিভ্ৰান্ত লোকে সেইবোৰ দোষ-ত্ৰুটিৰে তেওঁক বিশেষিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027008.mp3"},{"index":"9","arabicText":"یٰمُوْسٰۤی اِنَّهٗۤ اَنَا اللّٰهُ الْعَزِیْزُ الْحَكِیْمُ ۟ۙ","assameseTranslation":"‘হে মুছা! নিশ্চয় ময়েই আল্লাহ! পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আল্লাহে তেওঁক ক’লেঃ হে মুছা! ময়ে আল্লাহ, মহাপৰাক্ৰমশালী। মোক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় মই সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027009.mp3"},{"index":"10","arabicText":"وَاَلْقِ عَصَاكَ ؕ فَلَمَّا رَاٰهَا تَهْتَزُّ كَاَنَّهَا جَآنٌّ وَّلّٰی مُدْبِرًا وَّلَمْ یُعَقِّبْ ؕ یٰمُوْسٰی لَا تَخَفْ ۫ اِنِّیْ لَا یَخَافُ لَدَیَّ الْمُرْسَلُوْنَ ۟ۗۖ","assameseTranslation":"‘আৰু তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত যেতিয়া তেওঁ সেই লাখুটিডালক সাপৰ দৰে কেৰমেৰ কৰা দেখা পালে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি চোৱা নাছিল। (আল্লাহে ক’লে) ‘হে মুছা! ভয় নকৰিবা, নিশ্চয় মোৰ ওচৰত ৰাছুলসকলে ভয় নাপায়;","footnotes":"","tafseer":"(আদেশ হ'ল) আপুনি আপোনাৰ লাখুটিডাল নিক্ষেপ কৰক। এতেকে মুছাই সেই আদেশ পালন কৰি তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ ইয়াক প্ৰকাণ্ড সাপৰ দৰে লৰচৰ কৰা দেখিলে তেতিয়া পিচমোৱা হৈ দৌৰিবলৈ ধৰিলে, আনকি পিছলৈয়ো ঘূৰি নাচালে। তেতিয়া আল্লাহে তেওঁক ক'লেঃ ইয়াক দেখি ভয় নাখাব। কিয়নো আমাৰ ৰাছুলসকলে কেতিয়াও সাপ আদিক দেখি ভয় নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027010.mp3"},{"index":"11","arabicText":"اِلَّا مَنْ ظَلَمَ ثُمَّ بَدَّلَ حُسْنًا بَعْدَ سُوْٓءٍ فَاِنِّیْ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"‘কিন্তু অন্যায়কাৰীসকলৰ বাহিৰে। তাৰ পিছত বেয়া কামৰ পৰিবৰ্তে যদি সৎকৰ্ম কৰে তেন্তে নিশ্চয় মই ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"কিন্তু যিয়ে গুনাহ কৰি নিজৰ ওপৰত অন্যায় কৰিছে, তাৰ পিছত যদি সি তাওবা কৰে তেন্তে নিশ্চয় মই তাক ক্ষমা কৰিম আৰু তাৰ প্ৰতি মই অতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027011.mp3"},{"index":"12","arabicText":"وَاَدْخِلْ یَدَكَ فِیْ جَیْبِكَ تَخْرُجْ بَیْضَآءَ مِنْ غَیْرِ سُوْٓءٍ ۫ فِیْ تِسْعِ اٰیٰتٍ اِلٰی فِرْعَوْنَ وَقَوْمِهٖ ؕ اِنَّهُمْ كَانُوْا قَوْمًا فٰسِقِیْنَ ۟","assameseTranslation":"‘আৰু তুমি তোমাৰ হাতখন কাষলতিত প্ৰৱেশ কৰোৱা, চাবা সেইখন ত্ৰুটিমুক্ত শুভ্ৰ-উজ্জ্বল হৈ ওলাই আহিব। এইটো ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ অহা নটা নিদৰ্শনৰ অন্তৰ্ভুক্ত। নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়’।","footnotes":"","tafseer":"আপুনি আপোনাৰ হাতখন কাষলতিত সোমাই দিয়ক, চাব আপোনাৰ হাত কোনো ৰোগ নোহোৱাকৈ বৰফৰ দৰে বগা হৈ ওলাই আহিব। এইটো সেই নটা নিদৰ্শনৰ এটা, যিবোৰে আপোনাৰ সত্যতা বহন কৰে। সেইবোৰ হৈছে যেনেঃ লাখুটি, (উজ্জ্বল) হাত, দুৰ্ভিক্ষ, ফল-মূলৰ নাটনি, প্ৰবল ধুমুহা, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ। এইবোৰ লৈ আপুনি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ যাওক। নিশ্চয় ইহঁত হৈছে কুফৰীৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা লোক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027012.mp3"},{"index":"13","arabicText":"فَلَمَّا جَآءَتْهُمْ اٰیٰتُنَا مُبْصِرَةً قَالُوْا هٰذَا سِحْرٌ مُّبِیْنٌ ۟ۚ","assameseTranslation":"তাৰ পিছত যেতিয়া আমাৰ নিদৰ্শনসমূহ সিহঁতৰ ওচৰত দৃশ্যমান হ’ল, সিহঁতে ক’লে, ‘এইটো সুস্পষ্ট যাদু’।","footnotes":"","tafseer":"এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ এই স্পষ্ট আৰু প্ৰত্যক্ষ নিদৰ্শনবোৰ আহিল, যিবোৰৰ দ্বাৰা আমি মুছাক সহায় সমৰ্থন কৰিছিলোঁ। তেতিয়া সিহঁতে ক’লেঃ মুছাই লৈ অহা এই নিদৰ্শনবোৰ হৈছে প্ৰকাশ্য যাদু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027013.mp3"},{"index":"14","arabicText":"وَجَحَدُوْا بِهَا وَاسْتَیْقَنَتْهَاۤ اَنْفُسُهُمْ ظُلْمًا وَّعُلُوًّا ؕ فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُفْسِدِیْنَ ۟۠","assameseTranslation":"সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল। এতেকে চোৱা, বিপৰ্যয় সৃষ্টিকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!","footnotes":"","tafseer":"সিহঁতে এই স্পষ্ট নিদৰ্শনবোৰ মানিবলৈ অস্বীকাৰ কৰিলে, তথা সেইবোৰৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিলে। যদিও সিহঁতৰ অন্তৰে স্পষ্টৰূপে এই কথা স্বীকাৰ কৰিছিল যে, এইবোৰ আল্লাহৰ ফালৰ পৰা আহিছে। কিন্তু সিহঁতে অন্যায় অত্যাচাৰ আৰু অহংকাৰৰ বশৱৰ্তী হৈ সত্য প্ৰকাশ কৰা নাছিল। হে ৰাছুল! আপুনি ভাবি চাওকচোন! পৃথিৱীত কুফৰী আৰু পাপ কৰ্মৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰা লোকসকলৰ যুগে যুগে কি পৰিণাম হৈছিল! নিশ্চিতভাৱে আমি সিহঁতক ধ্বংস কৰিছিলোঁ তথা আটাইকে বিনাশ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027014.mp3"},{"index":"15","arabicText":"وَلَقَدْ اٰتَیْنَا دَاوٗدَ وَسُلَیْمٰنَ عِلْمًا ۚ وَقَالَا الْحَمْدُ لِلّٰهِ الَّذِیْ فَضَّلَنَا عَلٰی كَثِیْرٍ مِّنْ عِبَادِهِ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি দাউদ আৰু ছুলাইমানক জ্ঞান দান কৰিছিলোঁ আৰু তেওঁলোকে উভয়ে কৈছিল, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাক তেওঁৰ বহুতো মুমিন বান্দাসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’।","footnotes":"","tafseer":"নিশ্চয় আমি দাউদ আৰু তেওঁৰ পুত্ৰ ছুলাইমানক জ্ঞান দান কৰিছিলোঁ। যেনেঃ চৰাই-চিৰিকটিৰ কথা বুজাৰ জ্ঞান। দাউদ আৰু ছুলাইমান উভয়েই প্ৰভুত্বশালী মহান আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰি কৈছিলঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজনে আমাক বিশেষ জ্ঞান আৰু নুবুওৱত প্ৰদান কৰি তেওঁৰ বহুতো বান্দাৰ ওপৰত আমাক প্ৰাধান্য দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027015.mp3"},{"index":"16","arabicText":"وَوَرِثَ سُلَیْمٰنُ دَاوٗدَ وَقَالَ یٰۤاَیُّهَا النَّاسُ عُلِّمْنَا مَنْطِقَ الطَّیْرِ وَاُوْتِیْنَا مِنْ كُلِّ شَیْءٍ ؕ اِنَّ هٰذَا لَهُوَ الْفَضْلُ الْمُبِیْنُ ۟","assameseTranslation":"আৰু ছুলাইমান আছিল দাউদৰ উত্তৰাধিকাৰী আৰু তেওঁ কৈছিল, ‘হে মানৱজাতি! আমাক চৰাই-চিৰিকটিৰ ভাষা শিক্ষা দিয়া হৈছে আৰু আমাক সকলো বস্তু দান কৰা হৈছে, নিশ্চয় এয়া সুস্পষ্ট অনুগ্ৰহ’।","footnotes":"","tafseer":"ছুলাইমান আলাইহিচ্ছালামে তেওঁৰ পিতা দাউদৰ পৰা নুবুওৱত, জ্ঞান আৰু ৰাজত্বৰ উত্তৰাধিকাৰী হৈছিল। আল্লাহে তেওঁলোক দুয়োকে যিবোৰ নিয়ামত প্ৰদান কৰিছিল, তেওঁ সেইবোৰৰ বিষয়ে বিৱৰণ দি কৈছেঃ হে মানৱজাতি! আল্লাহে আমাক চৰাই-চিৰিকটিৰ ভাষা শিকাইছে, তথা আমাক সেই সকলো বস্তু প্ৰদান কৰিছে, যিবোৰ নবীসকলক আৰু ৰজাসকলক প্ৰদান কৰা হয়। আল্লাহে আমাক যিবোৰ বস্তু দান কৰিছে, দৰাচলতে সেইবোৰ হৈছে স্পষ্ট তথা প্ৰকাশ্য অনুগ্ৰহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027016.mp3"},{"index":"17","arabicText":"وَحُشِرَ لِسُلَیْمٰنَ جُنُوْدُهٗ مِنَ الْجِنِّ وَالْاِنْسِ وَالطَّیْرِ فَهُمْ یُوْزَعُوْنَ ۟","assameseTranslation":"আৰু ছুলাইমানৰ সন্মুখত তেওঁৰ গোটেই সেনাবাহিনীক সমবেত কৰা হ’ল, জিন, মানৱ আৰু চৰাই-চিৰিকটিবোৰক। তাৰ পিছত সিহঁতক বিন্যস্ত কৰা হ’ল বিভিন্ন ব্যূহত।","footnotes":"","tafseer":"মানৱ, জ্বিন আৰু চৰাই-চিৰিকটিৰ সেনাবাহিনীক ছুলাইমান আলাইহিচ্ছালামৰ সন্মুখত একত্ৰিত কৰা হ’ল। তাৰ পিছত শৃঙ্খলাবদ্ধ হিচাপে সেইবোৰক অভিযানত লৈ যোৱাৰ বাবে প্ৰস্তুতি লোৱা হ’ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027017.mp3"},{"index":"18","arabicText":"حَتّٰۤی اِذَاۤ اَتَوْا عَلٰی وَادِ النَّمْلِ ۙ قَالَتْ نَمْلَةٌ یّٰۤاَیُّهَا النَّمْلُ ادْخُلُوْا مَسٰكِنَكُمْ ۚ لَا یَحْطِمَنَّكُمْ سُلَیْمٰنُ وَجُنُوْدُهٗ ۙ وَهُمْ لَا یَشْعُرُوْنَ ۟","assameseTranslation":"অৱশেষত যেতিয়া তেওঁলোক (এটা অভিযানত) পৰুৱা অধ্যূষিত উপত্যকাত উপনীত হ’ল তেতিয়া এটা পৰুৱাই ক’লে, ‘হে পৰুৱা বাহিনী! তোমালোকে নিজ নিজ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গচকি নামাৰে’।","footnotes":"","tafseer":"তেওঁলোকে যাত্ৰা অব্যাহত ৰাখিলে, অৱশেষত যেতিয়া তেওঁলোকে পৰুৱা অধ্যূষিত উপত্যকাত আহি পালে (এইটো ছিৰিয়াত অৱস্থিত এডোখৰ ঠাই), তেতিয়া এটা পৰুৱাই চিঞৰি ক’লেঃ হে পৰুৱাৰ দল! তোমালোকে নিজৰ নিজৰ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সেনাবাহিনীয়ে তোমালোকক অজানিতে গচকি নামাৰে। কাৰণ যদি তেওঁলোকে গম পায় তেন্তে এই ভুল তেওঁলোকে কেতিয়াও নকৰিব, অৰ্থাৎ কেতিয়াও তোমালোকক গচকি নামাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027018.mp3"},{"index":"19","arabicText":"فَتَبَسَّمَ ضَاحِكًا مِّنْ قَوْلِهَا وَقَالَ رَبِّ اَوْزِعْنِیْۤ اَنْ اَشْكُرَ نِعْمَتَكَ الَّتِیْۤ اَنْعَمْتَ عَلَیَّ وَعَلٰی وَالِدَیَّ وَاَنْ اَعْمَلَ صَالِحًا تَرْضٰىهُ وَاَدْخِلْنِیْ بِرَحْمَتِكَ فِیْ عِبَادِكَ الصّٰلِحِیْنَ ۟","assameseTranslation":"এই কথা শুনি ছুলাইমানে মিচিকিয়া হাঁহিলে আৰু ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে মই যাতে এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটোক তুমি পছন্দ কৰা। লগতে তোমাৰ অনুগ্ৰহেৰে মোক তোমাৰ সৎকৰ্মপৰায়ণ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা’।","footnotes":"","tafseer":"ছুলাইমান আলাইহিচ্ছালামে পৰুৱাৰ এই কথা শুনি মিচিকিয়াঁ হাঁহিলে, আৰু পৱিত্ৰ আল্লাহৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, সেইবোৰ নিয়ামতৰ বাবে যিবোৰ নিয়ামত তুমি মোক আৰু মোৰ পিতৃ-মাতৃক দান কৰিছা। লগতে মোক তাওফীক দিয়া, যাতে মই তোমাক সন্তুষ্ট কৰিব পৰা সৎকৰ্ম কৰিব পাৰোঁ। তথা তোমাৰ অশেষ অনুগ্ৰহৰ দ্বাৰা মোক তোমাৰ সৎকৰ্মশীল বান্দাসকলৰ তালিকাভুক্ত কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027019.mp3"},{"index":"20","arabicText":"وَتَفَقَّدَ الطَّیْرَ فَقَالَ مَا لِیَ لَاۤ اَرَی الْهُدْهُدَ ۖؗ اَمْ كَانَ مِنَ الْغَآىِٕبِیْنَ ۟","assameseTranslation":"আৰু তেওঁ (ছুলাইমানে) চৰাইবোৰৰ খা-খবৰ ল’লে, আৰু ক’লে, ‘কি হ’ল, মই হুদহুদক দেখা পোৱা নাই যে? সি অনুপস্থিত নেকি?","footnotes":"","tafseer":"ইয়াৰ পিছত ছুলাইমান আলাইহিচ্ছালামে চৰাইবোৰক নিৰীক্ষণ কৰিলে, কিন্তু তাত হুদহুদ চৰাইক দেখা নাপালে। সেয়ে তেওঁ ক’লেঃ কি হ’ল, হুদহুদক দেখা নাই যে? কিবা অসুবিধাৰ কাৰণে মই তাক দেখা পোৱা নাই নেকি? নে সি আজি অনুপস্থিত?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027020.mp3"},{"index":"21","arabicText":"لَاُعَذِّبَنَّهٗ عَذَابًا شَدِیْدًا اَوْ لَاَاَذْبَحَنَّهٗۤ اَوْ لَیَاْتِیَنِّیْ بِسُلْطٰنٍ مُّبِیْنٍ ۟","assameseTranslation":"‘নিশ্চয় তাক মই কঠিন শাস্তি বিহিম, নহ’লে জবেহ কৰিম, অন্যথা মোৰ ওচৰলৈ উপযুক্ত কাৰণ দৰ্শাব লাগিব’।","footnotes":"","tafseer":"যেতিয়া তেওঁৰ ওচৰত এই কথা স্পষ্ট হ’ল যে, সি আজি অনুপস্থিত, তেতিয়া তেওঁ ক’লেঃ অনুপস্থিত থকাৰ উপযুক্ত কাৰণ দৰ্শাব নোৱাৰিলে আজি মই তাক কঠোৰ শাস্তি বিহিম, নাইবা তাক হত্যা কৰিম। এনেকুৱা উপযুক্ত কাৰণ দৰ্শাব লাগিব, যাৰ দ্বাৰা অনুপস্থিত থকাৰ সঠিক উদ্দেশ্য প্ৰকাশ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027021.mp3"},{"index":"22","arabicText":"فَمَكَثَ غَیْرَ بَعِیْدٍ فَقَالَ اَحَطْتُّ بِمَا لَمْ تُحِطْ بِهٖ وَجِئْتُكَ مِنْ سَبَاٍۭ بِنَبَاٍ یَّقِیْنٍ ۟","assameseTranslation":"ক্ষন্তেক পিছতেই হুদহুদ আহি পালে, আৰু ক’লে, ‘আপুনি যিটো জ্ঞান আয়ত্ব কৰিব পৰা নাই মই সেই জ্ঞান আয়ত্ব কৰিছোঁ। মই আপোনাৰ বাবে ‘চাবা’ৰ পৰা সুনিশ্চিত সংবাদ লৈ আহিছোঁ।","footnotes":"","tafseer":"কিছু সময় পিছতেই হুদহুদ আহি উপস্থিত হ’ল। তথা ছুলাইমান আলাইহিচ্ছালামক উদ্দেশ্যি ক’লেঃ মই এনেকুৱা এটা বিষয় সম্পৰ্কে অৱগত হৈছোঁ, যিটো বিষয় আপুনি নাজানে। মই ছাবাবাসীৰ বিষয়ে এনেকুৱা এটা সত্য সংবাদ লৈ আহিছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027022.mp3"},{"index":"23","arabicText":"اِنِّیْ وَجَدْتُّ امْرَاَةً تَمْلِكُهُمْ وَاُوْتِیَتْ مِنْ كُلِّ شَیْءٍ وَّلَهَا عَرْشٌ عَظِیْمٌ ۟","assameseTranslation":"‘মই এগৰাকী নাৰীক সিহঁতৰ ওপৰত ৰাজত্ব কৰা দেখি আহিলোঁ। তাইক সকলো বস্তু প্ৰদান কৰা হৈছে লগতে তাইৰ এখন বিশাল সিংহাসনো আছে।","footnotes":"","tafseer":"নিশ্চয় মই সিহঁতৰ ওপৰত এজনী নাৰীক শাসন কৰা দেখিছোঁ। সেই নাৰীক সকলো প্ৰকাৰ শক্তি সামৰ্থ তথা ৰাজত্বৰ সাধন প্ৰদান কৰা হৈছে। লগতে তাইৰ আছে এখন বিশাল সিংহাসন। যিখনত বহি তাই ৰাজ্যৰ সকলো বিষয় পৰিচালনা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027023.mp3"},{"index":"24","arabicText":"وَجَدْتُّهَا وَقَوْمَهَا یَسْجُدُوْنَ لِلشَّمْسِ مِنْ دُوْنِ اللّٰهِ وَزَیَّنَ لَهُمُ الشَّیْطٰنُ اَعْمَالَهُمْ فَصَدَّهُمْ عَنِ السَّبِیْلِ فَهُمْ لَا یَهْتَدُوْنَ ۟ۙ","assameseTranslation":"মই তাইক আৰু তাইৰ সম্প্ৰদায়ক দেখিলোঁ সিহঁতে আল্লাহৰ পৰিবৰ্তে সূৰ্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ কাৰ্যৱলী সিহঁতৰ ওচৰত সুশোভিত কৰি দিছে আৰু সিহঁতক সৎপথৰ পৰা বাধাগ্ৰস্ত কৰিছে, ফলত সিহঁতে হিদায়ত পোৱা নাই;","footnotes":"","tafseer":"সেই নাৰী আৰু তাইৰ সম্প্ৰদায়ক মই দেখিছোঁ সিহঁতে আল্লাহক এৰি সূৰ্য্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ শ্বিৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰি দিছে। তথা সিহঁতক সত্যৰ পৰা আঁতৰাই ৰাখিছে। সেই কাৰণেই সিহঁতে হিদায়ত লাভ কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027024.mp3"},{"index":"25","arabicText":"اَلَّا یَسْجُدُوْا لِلّٰهِ الَّذِیْ یُخْرِجُ الْخَبْءَ فِی السَّمٰوٰتِ وَالْاَرْضِ وَیَعْلَمُ مَا تُخْفُوْنَ وَمَا تُعْلِنُوْنَ ۟","assameseTranslation":"(চয়তানে এই কাৰণে বাধা দিছে যে,) যাতে সিহঁতে আল্লাহক ছাজদাহ নকৰে, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ গুপ্ত বস্তুবোৰক প্ৰকাশ কৰে, আৰু তেৱেঁই জানে যি তোমালোকে গোপন কৰা আৰু যি তোমালোকে প্ৰকাশ কৰা।","footnotes":"","tafseer":"চয়তানে সিহঁতৰ শ্বিৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰি দিছে, যাতে সিহঁতে এক আল্লাহক ছাজদাহ কৰিব নোৱাৰে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু মাটিৰ পৰা উদ্ভিদ উলিয়ায়। তোমালোকৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো আমল সম্পৰ্কে তেওঁ অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027025.mp3"},{"index":"26","arabicText":"اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ رَبُّ الْعَرْشِ الْعَظِیْمِ ۟","assameseTranslation":"আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই মহা আৰছৰ প্ৰতিপালক।","footnotes":"","tafseer":"আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই মহাসিংহাসনৰ প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027026.mp3"},{"index":"27","arabicText":"قَالَ سَنَنْظُرُ اَصَدَقْتَ اَمْ كُنْتَ مِنَ الْكٰذِبِیْنَ ۟","assameseTranslation":"ছুলাইমানে ক’লে, ‘আমি পৰীক্ষা কৰি চাম, তুমি সঁচাই কৈছা নে তুমি মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"ছুলাইমান আলাইহিচ্ছালামে হুদহুদক ক'লেঃ নিশ্চয় আমি তোমাক পৰীক্ষা কৰি চাম, তুমি নিজৰ দাবীত সত্যবাদী নে মিছলীয়া?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027027.mp3"},{"index":"28","arabicText":"اِذْهَبْ بِّكِتٰبِیْ هٰذَا فَاَلْقِهْ اِلَیْهِمْ ثُمَّ تَوَلَّ عَنْهُمْ فَانْظُرْ مَاذَا یَرْجِعُوْنَ ۟","assameseTranslation":"‘তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইখন সিহঁতৰ ওচৰত পেলাই দিয়াগৈ, তাৰ পিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি’?","footnotes":"","tafseer":"ছুলাইমান আলাইহিচ্ছালামে এখন পত্ৰ লিখিলে আৰু সেইখন হুদহুদক অৰ্পন কৰি ক'লেঃ মোৰ এই পত্ৰখন লৈ যোৱা আৰু ছাবাবাসীৰ ওচৰলৈ পৌঁচাই দিয়া, তথা সিহঁতৰ পৰা অলপ আঁতৰত থাকি লক্ষ্য কৰিবা যে, সিহঁতে এই বিষয়ে কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027028.mp3"},{"index":"29","arabicText":"قَالَتْ یٰۤاَیُّهَا الْمَلَؤُا اِنِّیْۤ اُلْقِیَ اِلَیَّ كِتٰبٌ كَرِیْمٌ ۟","assameseTranslation":"সেই মহিলা (ৰাণী) গৰাকীয়ে ক’লে, ‘হে মোৰ পৰিষদবৰ্গ! নিশ্চয় মোলৈ এখন সন্মানিত পত্ৰ প্ৰেৰণ কৰা হৈছে;","footnotes":"","tafseer":"ৰাণীয়ে পত্ৰ পাই মন্ত্ৰী সভাক মাতি ক'লেঃ হে মন্ত্ৰীমণ্ডল! মোলৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027029.mp3"},{"index":"30","arabicText":"اِنَّهٗ مِنْ سُلَیْمٰنَ وَاِنَّهٗ بِسْمِ اللّٰهِ الرَّحْمٰنِ الرَّحِیْمِ ۟ۙ","assameseTranslation":"নিশ্চয় এইখন ছুলাইমানৰ তৰফৰ পৰা (প্ৰেৰিত), আৰু (য'ত লিখা আছে, আৰম্ভ কৰিছোঁ) পৰম কৰুণাময়, পৰম দয়ালু আল্লাহৰ নামত,","footnotes":"","tafseer":"ছুলাইমানৰ ফালৰ পৰা প্ৰেৰিত এই পত্ৰখন বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীমৰ দ্বাৰা আৰম্ভ কৰা হৈছে, (অৰ্থাৎ আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত), তথা তাত লিখা আছেঃ","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027030.mp3"},{"index":"31","arabicText":"اَلَّا تَعْلُوْا عَلَیَّ وَاْتُوْنِیْ مُسْلِمِیْنَ ۟۠","assameseTranslation":"‘যাতে তোমালোকে অহংকাৰ কৰি মোৰ বিৰোধিতা নকৰা, লগতে আত্মসমৰ্পণ কৰি (মুছলিম হৈ) মোৰ ওচৰলৈ উপস্থিত হোৱা’।","footnotes":"","tafseer":"তোমালোকে অহংকাৰ নকৰিবা, লগতে তোমালোকে যি শ্বিৰ্কত লিপ্ত হৈ আছা, সেইবোৰ ত্যাগ কৰি মই আহ্বান কৰা আল্লাহৰ তাওহীদ স্বীকাৰ কৰি আনুগত্যশীল হৈ বিনীতভাৱে মোৰ ওচৰলৈ গুচি আহা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027031.mp3"},{"index":"32","arabicText":"قَالَتْ یٰۤاَیُّهَا الْمَلَؤُا اَفْتُوْنِیْ فِیْۤ اَمْرِیْ ۚ مَا كُنْتُ قَاطِعَةً اَمْرًا حَتّٰی تَشْهَدُوْنِ ۟","assameseTranslation":"ৰাণীয়ে ক’লে, ‘হে পৰিষদবৰ্গ! তোমালোকে মোৰ এই বিষয়ত অভিমত দিয়া। তোমালোকৰ অনুপস্থিতিত মই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰোঁ’।","footnotes":"","tafseer":"ৰাণীয়ে ক’লেঃ হে মন্ত্ৰীমণ্ডল আৰু প্ৰতিনিধিসকল! এই বিষয়ে মোক আপোনালোকে সঠিক পৰামৰ্শ দিয়ক। মই আপোনালোকৰ উপস্থিতি তথা আপোনালোকৰ দৃষ্টিকোণ নজনাকৈ কেতিয়াও কোনো বিষয়ত সিদ্ধান্ত লোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027032.mp3"},{"index":"33","arabicText":"قَالُوْا نَحْنُ اُولُوْا قُوَّةٍ وَّاُولُوْا بَاْسٍ شَدِیْدٍ ۙ۬ وَّالْاَمْرُ اِلَیْكِ فَانْظُرِیْ مَاذَا تَاْمُرِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘আমি দেখোন শক্তিশালী আৰু কঠোৰ যুদ্ধা, কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে আছে; এতেকে চিন্তা কৰি চাওক, কি নিৰ্দেশ কৰিব’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ প্ৰমুখসকলে আৰু নেতাসকলে ক’লেঃ নিশ্চয় আমি বহুত শক্তিশালী, তথা কঠোৰ যুদ্ধা। কিন্তু চূড়ান্ত সিদ্ধান্ত আপুনিহে ল’ব লাগিব। আপুনি যি আদেশেই নিদিয়ক কিয়, আমি সেইটো মানিবলৈ সম্পূৰ্ণ সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027033.mp3"},{"index":"34","arabicText":"قَالَتْ اِنَّ الْمُلُوْكَ اِذَا دَخَلُوْا قَرْیَةً اَفْسَدُوْهَا وَجَعَلُوْۤا اَعِزَّةَ اَهْلِهَاۤ اَذِلَّةً ۚ وَكَذٰلِكَ یَفْعَلُوْنَ ۟","assameseTranslation":"ৰাণীয়ে ক’লে, ‘ৰজাসকলে যেতিয়া কোনো জনপদত (বিজয়ীৰূপে) প্ৰৱেশ কৰে তেতিয়া তাক বিপৰ্যস্ত কৰি দিয়ে আৰু তাত থকা মৰ্যাদাশীল ব্যক্তিসকলক অপদস্থ কৰে, আৰু এইটোৱে হৈছে সিহঁতৰ ৰীতি;","footnotes":"","tafseer":"ৰাণীয়ে ক’লেঃ ৰজাসকলে যেতিয়া কোনো জনবসতিপূৰ্ণ অঞ্চলক অধীনস্থ কৰিবলৈ প্ৰৱেশ কৰে, তেতিয়া তাত হত্যা লুণ্ঠন আদিৰে বিপৰ্যস্ত কৰি পেলায়, লগতে তাত বসবাস কৰা সন্মানীয় ব্যক্তিসকলক অপদস্থ কৰে। ৰজাসকলে যেতিয়াই কোনো জনবসতিক পৰাজিত কৰে, তেতিয়াই এনেকুৱা নীতি অৱলম্বন কৰে। যাতে তাত বসবাস কৰা লোকসকলৰ অন্তৰত ভয়-ভীতি সোমাই পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027034.mp3"},{"index":"35","arabicText":"وَاِنِّیْ مُرْسِلَةٌ اِلَیْهِمْ بِهَدِیَّةٍ فَنٰظِرَةٌ بِمَ یَرْجِعُ الْمُرْسَلُوْنَ ۟","assameseTranslation":"‘আৰু নিশ্চয় মই সিহঁতৰ ওচৰলৈ উপঢৌকন প্ৰেৰণ কৰিম, চাওঁ, কটকীয়ে কি সংবাদ লৈ উভতি আহে’।","footnotes":"","tafseer":"মই এই পত্ৰ প্ৰেৰণকাৰীলৈ তথা তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ এটা উপহাৰ প্ৰেৰণ কৰিব বিচাৰোঁ। এই উপহাৰ প্ৰেৰণ কৰাৰ পিছত, মই চাব বিচাৰোঁ কটকীয়ে কি সংবাদ লৈ আহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027035.mp3"},{"index":"36","arabicText":"فَلَمَّا جَآءَ سُلَیْمٰنَ قَالَ اَتُمِدُّوْنَنِ بِمَالٍ ؗ فَمَاۤ اٰتٰىنِ اللّٰهُ خَیْرٌ مِّمَّاۤ اٰتٰىكُمْ ۚ بَلْ اَنْتُمْ بِهَدِیَّتِكُمْ تَفْرَحُوْنَ ۟","assameseTranslation":"এতেকে যেতিয়া কটকী আহি ছুলাইমানৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ উত্তৰত ক’লে, ‘তোমালোকে মোক ধন-সম্পদ প্ৰদান কৰি সহায় কৰিব বিচাৰিছা নেকি? (শুনা) আল্লাহে মোক যি দান কৰিছে সেয়া তোমালোকক যি দিছে তাতকৈও উৎকৃষ্ট বৰং তোমালোকেই তোমালোকৰ উপঢৌকন লৈ আনন্দ কৰাগৈ।","footnotes":"","tafseer":"যেতিয়া ৰাণীৰ কটকী আৰু তাৰ সহায়কসকলে উপহাৰ লৈ ছুলাইমানৰ ওচৰত আহি উপস্থিত হ’ল, ছুলাইমানে সিহঁতৰ উপহাৰ প্ৰেৰণৰ বিষয়টোক অপছন্দ কৰি ক’লেঃ তোমালোকে ধনৰ জৰিয়তে মোক উৎকোচ দিব বিচাৰিছা নেকি, যাতে মই তোমালোকৰ বিপক্ষে কোনো ধৰণৰ পদক্ষেপ হাতত নলওঁ? শুনা! আল্লাহে মোক যি দান কৰিছে অৰ্থাৎ নুবুওৱত, ৰাজত্ব আৰু ধন-সম্পত্তি, এইবোৰ হৈছে তোমালোকক প্ৰদান কৰা সম্পদতকৈও উত্তম। বৰং এইবোৰ পাৰ্থিৱ উপহাৰ দেখি তোমালোকেহে আনন্দিত হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027036.mp3"},{"index":"37","arabicText":"اِرْجِعْ اِلَیْهِمْ فَلَنَاْتِیَنَّهُمْ بِجُنُوْدٍ لَّا قِبَلَ لَهُمْ بِهَا وَلَنُخْرِجَنَّهُمْ مِّنْهَاۤ اَذِلَّةً وَّهُمْ صٰغِرُوْنَ ۟","assameseTranslation":"‘সিহঁতৰ ওচৰলৈ উভতি যোৱা, (আৰু শুনা) নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা সৈন্যবাহিনী লৈ আহিম যাৰ মুকাবিলা কৰাৰ শক্তি সিহঁতৰ নাই, লগতে সিহঁতক আমি অৱশ্যে তাৰ পৰা লাঞ্ছিত কৰি বহিষ্কাৰ কৰিম আৰু সিহঁত হ’ব অপমানিত’।","footnotes":"","tafseer":"ছুলাইমান আলাইহিচ্ছালামে ৰাণীৰ কটকীক ক’লেঃ তোমালোকে যি উপহাৰ লৈ আহিছা, সেইবোৰলৈ তোমালোকে উভতি যোৱা। যদি তেওঁ মোৰ ওচৰত আহি আত্মসমৰ্পন নকৰে, তেনেহ’লে আমি ৰাণী আৰু তেওঁৰ দেশবাসীৰ ওপৰত এনেকুৱা সৈন্যবাহিনী লৈ আক্ৰমণ কৰিম, যাৰ মোকাবিলা সিহঁতে কেতিয়াও কৰিবলৈ সক্ষম নহয়। যদি সিহঁতে আনুগত্যশীল হৈ আত্মসমৰ্পন নকৰে তেন্তে নিশ্চয় আমি সিহঁতক অপদস্থ কৰি ছাবাৰ পৰা বহিষ্কাৰ কৰিম, সন্মানীয় জীৱন-যাপনৰ পিছত তেতিয়া কিন্তু সিহঁতে তুচ্ছ জীৱন-যাপন কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027037.mp3"},{"index":"38","arabicText":"قَالَ یٰۤاَیُّهَا الْمَلَؤُا اَیُّكُمْ یَاْتِیْنِیْ بِعَرْشِهَا قَبْلَ اَنْ یَّاْتُوْنِیْ مُسْلِمِیْنَ ۟","assameseTranslation":"(ছুলাইমানে তেওঁৰ পৰিষদবৰ্গক উদ্দেশ্য কৰি) ক’লে, ‘হে পৰিষদবৰ্গ! সিহঁত মোৰ ওচৰলৈ আত্মসমৰ্পণ কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে মোক তাইৰ সিংহাসন আনি দিব পাৰিবা’?","footnotes":"","tafseer":"ছুলাইমান আলাইহিচ্ছালামে তেওঁৰ ৰাজত্বৰ লোকসকলক সম্বোধন কৰি ক’লেঃ হে প্ৰমূখসকল! ৰাণীয়ে আত্মসমৰ্পন কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে তেওঁৰ সিংহাসনখন লৈ আহিব পাৰিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027038.mp3"},{"index":"39","arabicText":"قَالَ عِفْرِیْتٌ مِّنَ الْجِنِّ اَنَا اٰتِیْكَ بِهٖ قَبْلَ اَنْ تَقُوْمَ مِنْ مَّقَامِكَ ۚ وَاِنِّیْ عَلَیْهِ لَقَوِیٌّ اَمِیْنٌ ۟","assameseTranslation":"এজন শক্তিশালী জিনে ক’লে, ‘আপুনি আপোনাৰ স্থানৰ পৰা উঠাৰ পূৰ্বেই মই সেইখন লৈ উপস্থিত হম আৰু এই বিষয়ে নিশ্চয় মই শক্তিমান, বিশ্বস্ত’।","footnotes":"","tafseer":"এজন দুৰ্বৃত্ত তথা শক্তিশালী জ্বিনে ক’লেঃ আপুনি এই বৈঠকৰ পৰা উঠাৰ আগতেই মই সেই সিংহাসন আনিব পাৰিম। সেইখন বহন কৰিবলৈ নিশ্চয় মোৰ পূৰ্ণ সামৰ্থ আছে। তথা তাত যিবোৰ বস্তু আছে সেইবোৰৰ ক্ষেত্ৰতো মই এজন বিশ্বস্ত। তাত কোনো ধৰণৰ ক্ষয়-ক্ষতি নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027039.mp3"},{"index":"40","arabicText":"قَالَ الَّذِیْ عِنْدَهٗ عِلْمٌ مِّنَ الْكِتٰبِ اَنَا اٰتِیْكَ بِهٖ قَبْلَ اَنْ یَّرْتَدَّ اِلَیْكَ طَرْفُكَ ؕ فَلَمَّا رَاٰهُ مُسْتَقِرًّا عِنْدَهٗ قَالَ هٰذَا مِنْ فَضْلِ رَبِّیْ ۖ۫ لِیَبْلُوَنِیْۤ ءَاَشْكُرُ اَمْ اَكْفُرُ ؕ وَمَنْ شَكَرَ فَاِنَّمَا یَشْكُرُ لِنَفْسِهٖ ۚ وَمَنْ كَفَرَ فَاِنَّ رَبِّیْ غَنِیٌّ كَرِیْمٌ ۟","assameseTranslation":"যাৰ ওচৰত গ্ৰন্থৰ জ্ঞান আছিল তেওঁ ক’লে, ‘মই চকুৰ পলকতে সেইখন আপোনাৰ ওচৰলৈ আনি দিব পাৰিম’। এতেকে ছুলাইমানে যেতিয়া সেইখন নিজৰ সন্মুখত স্থিৰ অৱস্থাত দেখা পালে তেতিয়া তেওঁ ক’লে, ‘এয়া হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ, যাতে তেওঁ মোক পৰীক্ষা কৰে যে, মই তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ নে অকৃতজ্ঞতা প্ৰকাশ কৰোঁ। এতেকে যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু যিয়ে অকৃতজ্ঞ হয়, সি জানি থোৱা উচিত যে, নিশ্চয় মোৰ প্ৰতিপালক অভাৱ মুক্ত, মহানুভৱ’।","footnotes":"","tafseer":"ছুলাইমানৰ ওচৰত উপস্থিত এজন জ্ঞানী সদাচাৰী ব্যক্তি, যাৰ ওচৰত আছিল ঐশী গ্ৰন্থৰ জ্ঞান, লগতে আছিল আল্লাহৰ মহান নামসমূহৰ জ্ঞান অৰ্থাৎ ইছমে আজমৰ জ্ঞান, যিবোৰৰ দ্বাৰা দুআ কৰিলে দুআ কবূল হয়, তেওঁ ক’লেঃ মই নিমিষতে তেওঁৰ সিংহাসনখন আনিব পাৰিম। মই আল্লাহৰ ওচৰত দুআ কৰিম, তেৱেঁই সেইখন ইয়াত আনি দিয়াৰ ব্যৱস্থা কৰি দিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওচৰত দুআ কৰিলে, আৰু তৎক্ষণাত সেই সিংহাসনখন আল্লাহে উপস্থিত কৰি দিলে। ছুলাইমান আলাইহিচ্ছালামে যেতিয়া তেওঁৰ সিংহাসনখন সন্মুখত দেখা পালে তেতিয়া ক’লেঃ এয়া মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। তেওঁ মোক পৰীক্ষা কৰিব বিচাৰিছে, মই তেওঁৰ কৃতজ্ঞ হওঁ নে অকৃতজ্ঞ? যিয়ে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব, সেই কৃতজ্ঞতাৰ প্ৰতিফল তেওঁ নিজেই লাভ কৰিব। নিশ্চয় আল্লাহ অমুখাপেক্ষী, বান্দাৰ কৃতজ্ঞতাই তেওঁৰ কোনো মৰ্যাদা বৃদ্ধি নকৰে। আনহাতে যিয়ে আল্লাহৰ নিয়ামতৰ অনাদৰ কৰি অকৃতজ্ঞতা কৰিব, তেন্তে জানি থোৱা! নিশ্চিতভাৱে তেনেকুৱা ব্যক্তিৰ কৃতজ্ঞতাৰ পৰা মোৰ প্ৰতিপালক অমুখাপেক্ষী, তেওঁ অতি মহান। তথা এইটো তেওঁৰ মহান কৃপা যে, তেওঁ অকৃতজ্ঞ ব্যক্তিকো নিয়ামত প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027040.mp3"},{"index":"41","arabicText":"قَالَ نَكِّرُوْا لَهَا عَرْشَهَا نَنْظُرْ اَتَهْتَدِیْۤ اَمْ تَكُوْنُ مِنَ الَّذِیْنَ لَا یَهْتَدُوْنَ ۟","assameseTranslation":"ছুলাইমানে ক’লে, ‘তোমালোকে তাইৰ সিংহাসনৰ আকাৰ-আকৃতি পৰিবৰ্তন কৰি দিয়া, চাওঁ, তাই সঠিকভাৱে চিনিব পাৰে নে সিহঁতৰ অন্তৰ্ভুক্ত হয় যিহঁতে কোনো দিহ নাপায়’।","footnotes":"","tafseer":"ছুলাইমান আলাইহিচ্ছালামে ক’লেঃ তেওঁৰ ৰাজ-সিংহাসনখনৰ গঠনক অলপ পৰিবৰ্তন কৰি দিয়া। চাওঁ, তেওঁ নিজৰ সিংহাসনখনক চিনি পায় নে নাই? নে তেৱোঁ সেইসকল লোকৰ অন্তৰ্ভুক্ত হয়, যিসকলে নিজৰ বস্তুকে চিনি নাপায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027041.mp3"},{"index":"42","arabicText":"فَلَمَّا جَآءَتْ قِیْلَ اَهٰكَذَا عَرْشُكِ ؕ قَالَتْ كَاَنَّهٗ هُوَ ۚ وَاُوْتِیْنَا الْعِلْمَ مِنْ قَبْلِهَا وَكُنَّا مُسْلِمِیْنَ ۟","assameseTranslation":"এতেকে যেতিয়া তাই আহিল, তেতিয়া তাইক কোৱা হ’ল, ‘তোমাৰ সিংহাসনখন এনেকুৱাই নেকি’? তাই ক’লে, ‘সেইখনেই যেন লাগিছে, আৰু আমাক ইয়াৰ পূৰ্বেই প্ৰকৃত জ্ঞান দান কৰা হৈছে আৰু আমি আজ্ঞাবহ হৈছোঁ’।","footnotes":"","tafseer":"এতেকে যেতিয়া ছাবাৰ ৰাণী ছুলাইমানৰ ওচৰত আহি উপস্থিত হ'ল, তেতিয়া ছুলাইমান আলাইহিচ্ছালামে তাইক পৰীক্ষা কৰিবলৈ সুধিলেঃ এইখন আপোনাৰ সিংহাসনৰ দৰেই নে, তাই উত্তৰ দি ক'লেঃ এনেকুৱা লাগিছে যেনিবা সেইখনেই। ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ আল্লাহে আমাক ইতিপূৰ্বেই জ্ঞান দান কৰিছে যে, তেওঁ এনেকুৱা কৰ্ম সম্পাদন কৰিবলৈ পূৰ্ণ সামৰ্থৱান। সেইকাৰণেই আমি আল্লাহৰ ওচৰত আত্মসমৰ্পনকাৰী তথা তেওঁৰ আনুগত্যশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027042.mp3"},{"index":"43","arabicText":"وَصَدَّهَا مَا كَانَتْ تَّعْبُدُ مِنْ دُوْنِ اللّٰهِ ؕ اِنَّهَا كَانَتْ مِنْ قَوْمٍ كٰفِرِیْنَ ۟","assameseTranslation":"আল্লাহৰ পৰিবৰ্তে তাই যাৰ পূজা পাঠ কৰিছিল সেইটোৱেই তাইক ঈমানৰ পৰা নিবৃত্ত কৰিছিল। নিশ্চয় তাই আছিল কাফিৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"তাইক আল্লাহৰ তাওহীদৰ পৰা বিৰত ৰাখিছিল সেইসমূহ উপাস্যই, যিবোৰক তাই নিজৰ জাতিৰ অনুকৰণত আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। দৰাচলতে তাই আল্লাহক অস্বীকাৰ কৰা জাতিৰ অন্তৰ্ভুক্ত আছিল, সেইকাৰণে তায়ো নিজ জাতিৰ ৰীতি-নীতি অৱলম্বন কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027043.mp3"},{"index":"44","arabicText":"قِیْلَ لَهَا ادْخُلِی الصَّرْحَ ۚ فَلَمَّا رَاَتْهُ حَسِبَتْهُ لُجَّةً وَّكَشَفَتْ عَنْ سَاقَیْهَا ؕ قَالَ اِنَّهٗ صَرْحٌ مُّمَرَّدٌ مِّنْ قَوَارِیْرَ ؕ۬ قَالَتْ رَبِّ اِنِّیْ ظَلَمْتُ نَفْسِیْ وَاَسْلَمْتُ مَعَ سُلَیْمٰنَ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟۠","assameseTranslation":"তাইক কোৱা হ’ল, ‘প্ৰাসাদটোৰ ভিতৰত প্ৰৱেশ কৰা’। এতেকে যেতিয়া তাই সেইখন দেখিলে, তেতিয়া তাই সেইখনক জলাশয় বুলি ভাবিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত কৰিলে। তেওঁ (ছুলাইমানে) ক’লে, ‘এইখন কাচেৰে নিৰ্মিত স্বচ্ছ প্ৰাসাদহে’। মহিলা গৰাকীয়ে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলোঁ, আৰু এতিয়া মই ছুলাইমানৰ লগত বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ’।","footnotes":"","tafseer":"তাইক কোৱা হ’ল যে, ভৱনত প্ৰৱেশ কৰক; আৰু সেই ভৱনখন ছাদৰ দৰে সমতল আছিল। যেতিয়া তাই ভৱনৰ পিনে লক্ষ্য কৰিলে, ভাবিলে এইটো কোনোবা এটা জলাশয়, আৰু তাত নামিবলৈ ভৰিৰ কাপোৰ কলাফুলিলৈকে উন্মুক্ত কৰিলে। এই দেখি ছুলাইমান আলাইহিচ্ছালামে ক’লেঃ এইখন কাচেৰে নিৰ্মিত এখন স্বচ্চ ভৱন। তাৰ পিছত তেওঁ তাইক ইছলামলৈ নিমন্ত্ৰণ জনালে। ফলত তাই এই বুলি ইছলাম গ্ৰহণ কৰিলেঃ হে মোৰ প্ৰতিপালক! মই তোমাৰ ইবাদতত আনক অংশীদাৰ কৰি নিশ্চয় মোৰ ওপৰত অন্যায় কৰিছিলোঁ, আৰু এতিয়া ছুলাইমানৰ সৈতে হে বিশ্বজগতৰ ৰব্ব আল্লাহ তোমাৰ ওচৰত আত্মসমৰ্পন কৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027044.mp3"},{"index":"45","arabicText":"وَلَقَدْ اَرْسَلْنَاۤ اِلٰی ثَمُوْدَ اَخَاهُمْ صٰلِحًا اَنِ اعْبُدُوا اللّٰهَ فَاِذَا هُمْ فَرِیْقٰنِ یَخْتَصِمُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি ছামূদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলোঁ এই আদেশ প্ৰদান কৰি যে, ‘তোমালোকে আল্লাহৰ ইবাদত কৰা’। তাৰ পিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হৈছিল।","footnotes":"","tafseer":"নিশ্চয় আমি ছামূদ জাতিৰ প্ৰতি সিহঁতৰ বংশগত ভাই ছলেহ আলাইহিচ্ছালামক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, যাতে সিহঁতে একমাত্ৰ আল্লাহৰ ইবাদত কৰে। কিন্তু সিহঁতক (তাওহীদৰ পিনে) নিমন্ত্ৰণ জনোৱাৰ পিছতেই সিহঁতে দুটা দলত বিভক্ত হৈ গ’ল। এটা দল আছিল মুমিনসকলৰ আৰু আনটো আছিল কাফিৰসকলৰ। দুয়ো দল এই বিষয়ে মতানৈক্য কৰিছিল যে, সিহঁতৰ মাজৰ কোনটো দল সত্যবাদী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027045.mp3"},{"index":"46","arabicText":"قَالَ یٰقَوْمِ لِمَ تَسْتَعْجِلُوْنَ بِالسَّیِّئَةِ قَبْلَ الْحَسَنَةِ ۚ لَوْلَا تَسْتَغْفِرُوْنَ اللّٰهَ لَعَلَّكُمْ تُرْحَمُوْنَ ۟","assameseTranslation":"তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় কল্যাণৰ আগতে অকল্যাণ ত্বৰান্বিত কৰিব বিচৰা, তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা, যাতে তোমালোকে ৰহমত প্ৰাপ্ত হ’ব পাৰা’?","footnotes":"","tafseer":"ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে ৰহমতৰ পূৰ্বেই শাস্তিক কিয় ইমান ক্ষীপ্ৰতাৰে বিচাৰি আছা? তোমালোকে নিজৰ গুনাহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা, যাতে তেওঁ তোমালোকৰ প্ৰতি দয়া কৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027046.mp3"},{"index":"47","arabicText":"قَالُوا اطَّیَّرْنَا بِكَ وَبِمَنْ مَّعَكَ ؕ قَالَ طٰٓىِٕرُكُمْ عِنْدَ اللّٰهِ بَلْ اَنْتُمْ قَوْمٌ تُفْتَنُوْنَ ۟","assameseTranslation":"সিহঁতে কৈছিল, ‘আমি তোমাক আৰু তোমাৰ সঙ্গীসকলক অমঙ্গলৰ কাৰণ বুলি ভাবোঁ’। ছলেহে (উত্তৰত) কৈছিল, ‘তোমালোকৰ অমঙ্গল গ্ৰহণ কৰাটো হৈছে আল্লাহৰ ইখতিয়াৰত, প্ৰকৃততে তোমালোক এনেকুৱা এটা সম্প্ৰদায় যিসকলক পৰীক্ষা কৰা হৈছে’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে সত্যৰ প্ৰতি অহংকাৰ কৰি ক’লেঃ আমি তোমাক আৰু তোমাৰ লগত থকা মুমিনসকলক অমঙ্গলৰ প্ৰতীক বুলি ভাবোঁ। তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে চৰাই উৰাই যি ভাগ্য নিৰ্ণয় কৰা তথা অনিষ্টৰ পৰা ৰক্ষা পাব বিচৰা, সেইটোৰ বাস্তৱিকতা সম্পৰ্কে আল্লাহেই ভালদৰে জানে, তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। বৰং তোমালোকক যিদৰে অধিক মাত্ৰাত জীৱিকা প্ৰশস্ত কৰি দিয়া হৈছে, তথা যিদৰে তোমালোকে গুনাহত লিপ্ত হৈছা, এইবোৰ হৈছে দৰাচলতে তোমালোকৰ বাবে এটা পৰীক্ষা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027047.mp3"},{"index":"48","arabicText":"وَكَانَ فِی الْمَدِیْنَةِ تِسْعَةُ رَهْطٍ یُّفْسِدُوْنَ فِی الْاَرْضِ وَلَا یُصْلِحُوْنَ ۟","assameseTranslation":"আৰু সেই চহৰত আছিল এনেকুৱা নজন ব্যক্তি, যিসকলে দেশত বিপৰ্যয় সৃষ্টি কৰিছিল আৰু সংশোধন কৰা নাছিল।","footnotes":"","tafseer":"ইপিনে হিজৰ নামৰ নগৰখনত ন জনীয়া এটা দল আছিল। যিসকলে পৃথিৱীত কুফৰ আৰু পাপকৰ্মৰ জৰিয়তে উপদ্ৰৱ কৰিছিল। ঈমান তথা সৎকৰ্মৰ দ্বাৰা সিহঁতে সংশোধন হোৱাও নাছিল আৰু কৰাও নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027048.mp3"},{"index":"49","arabicText":"قَالُوْا تَقَاسَمُوْا بِاللّٰهِ لَنُبَیِّتَنَّهٗ وَاَهْلَهٗ ثُمَّ لَنَقُوْلَنَّ لِوَلِیِّهٖ مَا شَهِدْنَا مَهْلِكَ اَهْلِهٖ وَاِنَّا لَصٰدِقُوْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা, আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক; তাৰ পিছত তেওঁৰ অভিভাৱকক নিশ্চিতৰূপে কম যে, তেওঁৰ পৰিয়ালবৰ্গৰ হত্যা আমি প্ৰত্যক্ষ কৰা নাছিলোঁ, আৰু নিশ্চয় আমি সত্যবাদী’।","footnotes":"","tafseer":"সিহঁতে পৰস্পৰে ক’লেঃ আমাৰ মাজৰ প্ৰত্যেকে শপত খোৱা উচিত যে, আজি ৰাতি এওঁৰ ঘৰত প্ৰৱেশ কৰি এওঁক আৰু এওঁৰ পৰিয়ালক হত্যা কৰিম। তথা এওঁৰ উত্তৰাধিকাৰীসকলক কম যে, ছলেহ আৰু তেওঁৰ পৰিয়ালবৰ্গক হত্যাৰ সময়ত আমি ইয়াত উপস্থিত নাছিলোঁ, বিশ্বাস কৰক আমি আমাৰ কথাত সত্যবাদী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027049.mp3"},{"index":"50","arabicText":"وَمَكَرُوْا مَكْرًا وَّمَكَرْنَا مَكْرًا وَّهُمْ لَا یَشْعُرُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিছিলোঁ, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল।","footnotes":"","tafseer":"সিহঁতে ছলেহ আলাইহিচ্ছালামক আৰু তেওঁৰ অনুসাৰী মুমিনসকলক বিনাশ কৰিবলৈ গোপন ষড়যন্ত্ৰ ৰচিছিল। ইপিনে আমিও তেওঁক ৰক্ষা কৰিবলৈ আৰু তেওঁক সহায় কৰিবলৈ, লগতে কাফিৰসকলক ধ্বংস কৰিবলৈ কৌশল অৱলম্বন কৰিছিলোঁ। এই বিষয়ে সিহঁতৰ একো জ্ঞান নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027050.mp3"},{"index":"51","arabicText":"فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ مَكْرِهِمْ ۙ اَنَّا دَمَّرْنٰهُمْ وَقَوْمَهُمْ اَجْمَعِیْنَ ۟","assameseTranslation":"এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল, নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছোঁ।","footnotes":"","tafseer":"হে ৰাছুল! ভাবি চাওকচোন, সিহঁতৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল? নিশ্চিতভাৱে আমি আমাৰ শাস্তিৰ জৰিয়তে সিহঁত সকলোকে বিনাশ কৰিছিলোঁ তথা সিহঁতৰ গুৰি নিপাত কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027051.mp3"},{"index":"52","arabicText":"فَتِلْكَ بُیُوْتُهُمْ خَاوِیَةً بِمَا ظَلَمُوْا ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّعْلَمُوْنَ ۟","assameseTranslation":"চোৱা, এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, অন্যায় কৰাৰ কাৰণে এইবোৰ জনশূন্য হৈ আছে; নিশ্চয় ইয়াত নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে জ্ঞান ৰাখে।","footnotes":"","tafseer":"এইবোৰ হৈছে সিহঁতৰ ঘৰ দুৱাৰ, যিবোৰ বিধ্বস্ত অৱস্থাত পৰি আছে, নাই কোনো ইয়াৰ অধিবাসী, কাৰণ সিহঁত অন্যায়-অত্যাচাৰত লিপ্ত আছিল। সিহঁতে অন্যায়-অত্যাচাৰৰ ফলত যি শাস্তিত পতিত হৈছিল, তাৰ মাজত আছে মুমিনসকলৰ বাবে শিক্ষা। কিয়নো তেওঁলোকেই নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027052.mp3"},{"index":"53","arabicText":"وَاَنْجَیْنَا الَّذِیْنَ اٰمَنُوْا وَكَانُوْا یَتَّقُوْنَ ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোক আছিল তাক্বৱা অৱলম্বনকাৰী।","footnotes":"","tafseer":"ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছিল, তথা তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ তথা ৰক্ষা কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027053.mp3"},{"index":"54","arabicText":"وَلُوْطًا اِذْ قَالَ لِقَوْمِهٖۤ اَتَاْتُوْنَ الْفَاحِشَةَ وَاَنْتُمْ تُبْصِرُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা লূতৰ কথা, তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে জানি-বুজি কিয় অশ্লীল কাম কৰা?","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক নবী লূত আলাইহিচ্ছালামক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক ভৰ্ৎসনা কৰি আৰু সিহঁতৰ কৰ্মকাণ্ডক নসাৎ কৰি কৈছিলঃ তোমালোকে অনুষ্ঠান পাতি প্ৰকাশ্যভাৱে সমকামিতাৰ দৰে অশ্লীল কৰ্ম কৰাটো অতি জঘন্য তথা নিকৃষ্ট কৰ্ম নহয়নে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027054.mp3"},{"index":"55","arabicText":"اَىِٕنَّكُمْ لَتَاْتُوْنَ الرِّجَالَ شَهْوَةً مِّنْ دُوْنِ النِّسَآءِ ؕ بَلْ اَنْتُمْ قَوْمٌ تَجْهَلُوْنَ ۟","assameseTranslation":"‘তোমালোকে কামতৃপ্তিৰ বাবে নাৰীসকলক এৰি পুৰুষৰ ওচৰলৈ উপগত হোৱানে! প্ৰকৃততে তোমালোক হৈছা এটা অজ্ঞ সম্প্ৰদায়’।","footnotes":"","tafseer":"তোমালোকে নিজৰ কামভাৱ পূৰণৰ বাবে, নিজৰ স্ত্ৰীক এৰি পুৰুষৰ ওচৰলৈ কিয় যোৱা? দৰাচলতে তোমালোকৰ সন্মানৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নাই আৰু সন্তান-সন্ততিৰ প্ৰতিও নাই। বৰং তোমালোকৰ একমাত্ৰ উদ্দেশ্য হৈছে পশুৰ দৰে যৌনতাৰ চাহিদা পূৰণ কৰা। প্ৰকৃততে তোমালোক হৈছা ঈমান, পৱিত্ৰতা তথা পাপকৰ্মৰ পৰা বিৰত থকা বিষয়বোৰৰ পৰা অনভিজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027055.mp3"},{"index":"56","arabicText":"فَمَا كَانَ جَوَابَ قَوْمِهٖۤ اِلَّاۤ اَنْ قَالُوْۤا اَخْرِجُوْۤا اٰلَ لُوْطٍ مِّنْ قَرْیَتِكُمْ ۚ اِنَّهُمْ اُنَاسٌ یَّتَطَهَّرُوْنَ ۟","assameseTranslation":"উত্তৰত তেওঁৰ সম্প্ৰদায়ে ক’লে, ‘লূত পৰিয়ালক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰি দিয়া, নিশ্চয় এওঁলোকে পৱিত্ৰ থাকিব বিচাৰে’।","footnotes":"","tafseer":"উত্তৰত তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে কেৱল এইখিনিয়ে ক’লেঃ “লূত পৰিয়ালক এই জনবসতিৰ পৰা বহিষ্কাৰ কৰি দিয়া হওক। কিয়নো তেওঁলোকে নিজকে ময়লা-আৱৰ্জনা আৰু অশ্লীলতাৰ পৰা পৱিত্ৰ বুলি ভাবে”। দৰাচলতে সিহঁতে লূত পৰিয়ালক বিদ্ৰূপাত্মকভাৱে এনেকৈ কৈছিল। কাৰণ তেওঁলোকে সিহঁতৰ অশ্লীল কৰ্মত অংশ গ্ৰহণ কৰা নাছিল, তথা সিহঁতৰ এনেকুৱা কৰ্মক সদায় ভৰ্ৎসনা কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027056.mp3"},{"index":"57","arabicText":"فَاَنْجَیْنٰهُ وَاَهْلَهٗۤ اِلَّا امْرَاَتَهٗ ؗ قَدَّرْنٰهَا مِنَ الْغٰبِرِیْنَ ۟","assameseTranslation":"তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক উদ্ধাৰ কৰিলোঁ, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, আমি তাইক অৱশিষ্টবিলাকৰ অন্তৰ্ভুক্ত কৰিছিলোঁ।","footnotes":"","tafseer":"এতেকে আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক সুৰক্ষিত অৱস্থাত ৰক্ষা কৰিছিলোঁ; কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। তাইৰ বিষয়ে আমাৰ সিদ্ধান্ত এইটো আছিল যে, তাই অৱশিষ্ট লোকৰ অন্তৰ্ভুক্ত হৈ শাস্তিত পতিত হ’ব, যাতে বিনাশ হোৱা লোকৰ তালিকাভুক্ত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027057.mp3"},{"index":"58","arabicText":"وَاَمْطَرْنَا عَلَیْهِمْ مَّطَرًا ۚ فَسَآءَ مَطَرُ الْمُنْذَرِیْنَ ۟۠","assameseTranslation":"আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!","footnotes":"","tafseer":"আমি সিহঁতৰ ওপৰত আকাশৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এইটো আছিল সেইসকল লোকৰ বাবে অতি ভীষণ বিনাশকাৰী বৰষুণ, যিসকলক শাস্তিৰ বিষয়ে সতৰ্ক কৰা হৈছিল কিন্তু সিহঁতে মানা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027058.mp3"},{"index":"59","arabicText":"قُلِ الْحَمْدُ لِلّٰهِ وَسَلٰمٌ عَلٰی عِبَادِهِ الَّذِیْنَ اصْطَفٰی ؕ ءٰٓاللّٰهُ خَیْرٌ اَمَّا یُشْرِكُوْنَ ۟","assameseTranslation":"কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, আৰু শান্তি কেৱল তেওঁৰ মনোনীত বান্দাসকলৰ প্ৰতি! (তেন্তে কোৱাচোন!) কোন শ্ৰেষ্ঠ, আল্লাহ নে সেইবোৰ, যিবোৰক সিহঁতে যি অংশী কৰে’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে। কাৰণ তেৱেঁই বিভিন্ন নিয়ামত দান কৰিছে, লগতে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলক লূত আৰু ছলেহ আলাইহিমাচ্ছালামৰ উম্মতৰ দৰে শাস্তিৰ পৰা সুৰক্ষা তথা নিৰাপত্তা প্ৰদান কৰিছে। (এতেকে কোৱাচোন) প্ৰকৃত উপাস্য কোন, সেই আল্লাহ যিজনৰ হাতত আছে সকলো ধৰণৰ কল্যাণ, নে মুশ্বৰিকসকলে উপাসনা কৰা সেই অসত্য উপাস্যবোৰ, যিবোৰে উপকাৰ বা অপকাৰ একোৱে কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027059.mp3"},{"index":"60","arabicText":"اَمَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَاَنْزَلَ لَكُمْ مِّنَ السَّمَآءِ مَآءً ۚ فَاَنْۢبَتْنَا بِهٖ حَدَآىِٕقَ ذَاتَ بَهْجَةٍ ۚ مَا كَانَ لَكُمْ اَنْ تُنْۢبِتُوْا شَجَرَهَا ؕ ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ بَلْ هُمْ قَوْمٌ یَّعْدِلُوْنَ ۟ؕ","assameseTranslation":"বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে লগতে তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত তাৰ দ্বাৰা আমি মনোৰম উদ্যান সৃষ্টি কৰোঁ, সেই উদ্যানবোৰৰ গছ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ নাই। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে (আল্লাহৰ) সমকক্ষ নিৰ্ধাৰণ কৰে।","footnotes":"","tafseer":"বৰং (প্ৰকৃত সত্য উপাস্য হৈছে) যিজনে পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈয়ে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত সেই পানীৰ দ্বাৰা আমি তোমালোকৰ বাবে মনোৰম উদ্যান সৃষ্টি কৰোঁ। সেই উদ্যানবোৰৰ গছ-গছনিবোৰ তোমালোকৰ পক্ষে উৎপন্ন কৰা অসম্ভৱ, কাৰণ সেইবোৰ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ হাতত নাই। সেইবোৰক আল্লাহেই উৎপন্ন কৰে। কোৱাচোন! এইবোৰ কাম কৰাৰ সময়ত আল্লাহৰ লগত আন কোনো উপাস্যই সহযোগ কৰিছিল নেকি? নহয়, কদাপিও নহয়। বৰং এই মুশ্বৰিকসকলে সত্যৰ পৰা আঁতৰি গৈ সৃষ্টিকৰ্তাক অন্যায়ভাৱে সৃষ্টিৰ সমকক্ষ কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027060.mp3"},{"index":"61","arabicText":"اَمَّنْ جَعَلَ الْاَرْضَ قَرَارًا وَّجَعَلَ خِلٰلَهَاۤ اَنْهٰرًا وَّجَعَلَ لَهَا رَوَاسِیَ وَجَعَلَ بَیْنَ الْبَحْرَیْنِ حَاجِزًا ؕ ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟ؕ","assameseTranslation":"বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে পৃথিৱীক বাসোপযোগী কৰিছে আৰু ইয়াৰ মাজে মাজে নদ-নদী প্ৰবাহিত কৰিছে, আৰু ইয়াত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা, লগতে দুই সাগৰৰ মাজত সৃষ্টি কৰিছে অন্তৰায়, (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁতৰ অধিকাংশই নাজানে।","footnotes":"","tafseer":"বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে পৃথিৱীক স্থিৰ তথা বসবাস উপযোগী বনাইছে, যাতে পৃথিৱীয়ে ইয়াৰ ওপৰত থকা বস্তুবোৰকলৈ হালি-জালি নাথাকে। তথা ইয়াৰ মাজত প্ৰবাহিত কৰিছে নদ-নদী আৰু প্ৰতিষ্ঠা কৰিছে পৰ্বতমালা। লগতে তেৱেঁই দুই সাগৰক একেলগে প্ৰবাহিত কৰিছে আৰু দুয়োৰে মাজত ৰাখিছে এটা অন্তৰায়। যিটোৱে মিঠা পানীক লুণীয়া পানীৰ লগত মিশ্ৰিত হ’বলৈ নিদিয়ে, যাতে সোৱাদ বিনষ্ট নহয়; অন্যথা খোৱাৰ উপযোগী হৈ নাথাকিব। কোৱাচোন! কোনোবা উপাস্য আছে নেকি, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনোৱেই নাই। বৰং সিহঁতৰ মাজৰ অধিকাংশই এই সত্য সম্পৰ্কে অৱগত নহয়। যদি সিহঁতে এই সত্য সম্পৰ্কে অৱগত থাকিলহেঁতেন, তেন্তে সিহঁতে কেতিয়াও আল্লাহৰ লগত তেওঁৰ সৃষ্টিক অংশীদাৰ স্থাপন নকৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027061.mp3"},{"index":"62","arabicText":"اَمَّنْ یُّجِیْبُ الْمُضْطَرَّ اِذَا دَعَاهُ وَیَكْشِفُ السُّوْٓءَ وَیَجْعَلُكُمْ خُلَفَآءَ الْاَرْضِ ؕ ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟ؕ","assameseTranslation":"বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেৱেঁই বিপদ-আপদ দূৰীভূত কৰে, লগতে তেৱেঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।","footnotes":"","tafseer":"বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে বিপদগ্ৰস্ত তথা কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ নিৰুপায় অৱস্থাত দুআ কৰা ব্যক্তিৰ দুআত সঁহাৰি দিয়ে। লগতে মানুহে যেতিয়া বেমাৰ-আজাৰ আৰু অভাৱগ্ৰস্ত হয়, তেতিয়া সিহঁতক তেৱেঁই তাৰ পৰা ৰক্ষা কৰে। তেৱেঁই তোমালোকক পৃথিৱীৰ উত্তৰাধিকাৰী বনায়, যাতে তোমালোকে পীড়িৰ পিছত পীড়ি উত্তৰাধিকাৰী হৈ থাকিব পাৰা। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। বৰং তোমালোক খুবেই কম উপদেশ গ্ৰহণ কৰা তথা শিক্ষা গ্ৰহণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027062.mp3"},{"index":"63","arabicText":"اَمَّنْ یَّهْدِیْكُمْ فِیْ ظُلُمٰتِ الْبَرِّ وَالْبَحْرِ وَمَنْ یُّرْسِلُ الرِّیٰحَ بُشْرًاۢ بَیْنَ یَدَیْ رَحْمَتِهٖ ؕ ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ تَعٰلَی اللّٰهُ عَمَّا یُشْرِكُوْنَ ۟ؕ","assameseTranslation":"বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে তোমালোকক স্থলত আৰু সাগৰৰ অন্ধকাৰত পথ দেখুৱায় আৰু তেৱেঁই নিজ অনুগ্ৰহৰ পূৰ্বে সুসংবাদবাহী বতাহ প্ৰেৰণ কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? সিহঁতে যিবোৰক অংশীদাৰ স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।","footnotes":"","tafseer":"বৰং (তেৱেঁই প্ৰকৃত উপাস্য) যিজনে তোমালোকক জল আৰু স্থলৰ অন্ধকাৰত বিভিন্ন প্ৰতীক আৰু নক্ষত্ৰৰ দ্বাৰা পথ দেখুৱায়। যিজনে বতাহক বৰষুণৰ পূৰ্বে সুসংবাদবাহীৰূপে প্ৰেৰণ কৰে, যাৰ দ্বাৰা তেওঁ বান্দাসকলৰ প্ৰতি দয়া কৰে। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। আল্লাহ অতি পৱিত্ৰ। সৃষ্টিক তেওঁৰ লগত অংশীদাৰৰ পৰা তেওঁ মহাপৱিত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027063.mp3"},{"index":"64","arabicText":"اَمَّنْ یَّبْدَؤُا الْخَلْقَ ثُمَّ یُعِیْدُهٗ وَمَنْ یَّرْزُقُكُمْ مِّنَ السَّمَآءِ وَالْاَرْضِ ؕ ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ قُلْ هَاتُوْا بُرْهَانَكُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেৱেঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱনোপকৰণ দান কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা’।","footnotes":"","tafseer":"বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে মাতৃগৰ্ভত পৰ্যায়ক্ৰমে সৃষ্টিৰ আৰম্ভণি কৰে। তেৱেঁই মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব। কোৱাচোন! আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে তোমালোকক জীৱিকা দান কৰে, আৰু পৃথিৱীৰ বিভিন্ন উদ্ভিদ উৎপন্ন কৰি তোমালোকক জীৱিকা প্ৰদান কৰে? আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়কঃ তোমালোকে যি শ্বিৰ্কত লিপ্ত আছা, তাৰ সপক্ষে কোনো প্ৰমাণ লৈ আহাচোন। যদি তোমালোকে নিজৰ দাবীত সত্যবাদী হোৱা তথা তোমালোক সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকা তেন্তে প্ৰমাণ লৈ আহা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027064.mp3"},{"index":"65","arabicText":"قُلْ لَّا یَعْلَمُ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ الْغَیْبَ اِلَّا اللّٰهُ ؕ وَمَا یَشْعُرُوْنَ اَیَّانَ یُبْعَثُوْنَ ۟","assameseTranslation":"কোৱা, ‘আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কাৰো ওচৰতেই গায়েবৰ জ্ঞান নাই। আনকি সিহঁতে (এই কথাও) উপলব্ধি কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ’ব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, আকাশত থকা ফিৰিস্তাসকল আৰু পৃথিৱীত থকা মানৱজাতিৰ কোনোৱেই গায়েব সম্পৰ্কে অৱগত নহয়। গায়েব সম্পৰ্কে একমাত্ৰ আল্লাহেই জানে। আল্লাহৰ বাহিৰে আকাশমণ্ডল আৰু পৃথিৱীত থকা কোনেও নাজানে যে সিহঁতক কেতিয়া প্ৰতিদানৰ বাবে পুনৰুত্থিত কৰা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027065.mp3"},{"index":"66","arabicText":"بَلِ ادّٰرَكَ عِلْمُهُمْ فِی الْاٰخِرَةِ ۫ بَلْ هُمْ فِیْ شَكٍّ مِّنْهَا ۫ؗ بَلْ هُمْ مِّنْهَا عَمُوْنَ ۟۠","assameseTranslation":"বৰং আখিৰাত সম্পৰ্কে সিহঁতৰ জ্ঞান নিঃশেষ হৈছে; আৰু সেই বিষয়ে সিহঁতে সন্দেহত লিপ্ত হৈছে, তথা এই বিষয়ত সিহঁত হৈছে অন্ধ।","footnotes":"","tafseer":"আখিৰাত সম্পৰ্কে সিহঁতে ধাৰাবাহিকভাৱে খবৰ পাই আছে নেকি, যাৰ ফলত সিহঁতে আশ্বস্ত হৈ আছে? নহয়, কদাপিও নহয়। বৰং সিহঁতে আখিৰাত সম্পৰ্কে সন্দেহ তথা সংশয়ত পৰি আছে। বৰং সিহঁতে বোধশক্তি হেৰাই পেলাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027066.mp3"},{"index":"67","arabicText":"وَقَالَ الَّذِیْنَ كَفَرُوْۤا ءَاِذَا كُنَّا تُرٰبًا وَّاٰبَآؤُنَاۤ اَىِٕنَّا لَمُخْرَجُوْنَ ۟","assameseTranslation":"আৰু কাফিৰসকলে কয়, ‘আমি আৰু আমাৰ পিতৃ-পুৰুষসকল যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমাক আকৌ উলিয়াই আনা হ’ব নেকি?","footnotes":"","tafseer":"কাফিৰসকলে আশ্চৰ্য প্ৰকাশ কৰি কয়ঃ যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ’ম, তাৰ পিছতো আমাক জীয়াই তোলাটো সম্ভৱনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027067.mp3"},{"index":"68","arabicText":"لَقَدْ وُعِدْنَا هٰذَا نَحْنُ وَاٰبَآؤُنَا مِنْ قَبْلُ ۙ اِنْ هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟","assameseTranslation":"‘নিশ্চয় এই বিষয়ে আমাক আৰু ইয়াৰ পূৰ্বে আমাৰ পিতৃ-পুৰুষসকলোকো প্ৰতিশ্ৰুতি দিয়া হৈছিল। এইটো পূৰ্বৱৰ্তীবিলাকৰ উপকথাৰ বাহিৰে আন একো নহয়’।","footnotes":"","tafseer":"নিশ্চয় এই প্ৰতিশ্ৰুতি যিটো আমাক দিয়া হৈছে, এইটো আমাৰ পূৰ্বৱৰ্তী লোকসকলকো দিয়া হৈছিল যে, আমাক সকলোকে পুনৰ্জীৱিত কৰা হ’ব। কিন্তু এই প্ৰতিশ্ৰুতি এতিয়ালৈকে পুৰণ হোৱা নেদেখিলোঁ। দৰাচলতে আমাক দিয়া এই প্ৰতিশ্ৰুতি হৈছে পূৰ্বৱৰ্তী লোকসকলৰ মিছা বাণী, যিবোৰ সিহঁতে নিজৰ পুথিত লিপিবদ্ধ কৰি থৈ গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027068.mp3"},{"index":"69","arabicText":"قُلْ سِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُجْرِمِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, অপৰাধীবিলাকৰ পৰিণাম কেনেকুৱা আছিল’।","footnotes":"","tafseer":"হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলক কৈ দিয়ক, তোমালোকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘূৰি পকি চোৱা, লগতে খা-খবৰ লৈ চোৱা পুনৰুত্থানক অস্বীকাৰ কৰা লোকসকলৰ পৰিণাম কেনেকুৱা আছিল। সিহঁতৰ কুঃচৰিত্ৰৰ কাৰণে আমি সিহঁতক ধ্বংস কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027069.mp3"},{"index":"70","arabicText":"وَلَا تَحْزَنْ عَلَیْهِمْ وَلَا تَكُنْ فِیْ ضَیْقٍ مِّمَّا یَمْكُرُوْنَ ۟","assameseTranslation":"তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰতো মনঃক্ষুণ্ণও নহ’বা।","footnotes":"","tafseer":"মুশ্বৰিসকলে আপোনাৰ নিমন্ত্ৰণৰ পৰা বিমুখ হোৱাৰ কাৰণে আপুনি কেতিয়াও আক্ষেপ নকৰিব। লগতে সিহঁতৰ ষড়যন্ত্ৰৰ বাবে আপুনি কেতিয়াও সংকীৰ্ণতা অনুভৱ নকৰিব। নিশ্চয় আল্লাহে সিহঁতৰ বিৰুদ্ধে আপোনাক সহায় কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027070.mp3"},{"index":"71","arabicText":"وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া এই প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব’?","footnotes":"","tafseer":"পুনৰুত্থানক অস্বীকাৰ কৰা আপোনাৰ উম্মতৰ কাফিৰসকলে প্ৰশ্ন কৰে যে, আপুনি আৰু মুমিনসকলে আমাক যি শাস্তিৰ পৰা ভয় দেখুৱায় তথা সতৰ্ক কৰে, সেই শাস্তি কেতিয়া বাস্তৱায়িত হ’ব? যদি আপুনি আপোনাৰ দাবীত সত্যবাদী (তেন্তে আমাক ইয়াৰ নিৰ্দিষ্ট সময় সম্পৰ্কে অৱগত কৰক)।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027071.mp3"},{"index":"72","arabicText":"قُلْ عَسٰۤی اَنْ یَّكُوْنَ رَدِفَ لَكُمْ بَعْضُ الَّذِیْ تَسْتَعْجِلُوْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে যিটো বিষয়ক ত্বৰান্বিত কৰিব বিচাৰিছা, সম্ভৱতঃ তাৰে কিছু (অংশ) তোমালোকৰ পিছে পিছে আহিয়ে পাইছে!’","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে যি শাস্তিৰ বাবে খৰধৰ কৰি আছা, সম্ভৱতঃ সেই শাস্তিৰ কিয়দাংশ অতি নিকটৱৰ্তী হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027072.mp3"},{"index":"73","arabicText":"وَاِنَّ رَبَّكَ لَذُوْ فَضْلٍ عَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَشْكُرُوْنَ ۟","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু সিহঁতৰ অধিকাংশই হৈছে অকৃতজ্ঞ।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক হৈছে মানুহৰ প্ৰতি অত্যন্ত দয়ালু, কিয়নো তেওঁ মানুহৰ পাপকৰ্ম আৰু কুফৰীৰ কাৰণে সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰে। তথাপিও অধিকাংশ লোকে আল্লাহৰ নিয়ামতৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027073.mp3"},{"index":"74","arabicText":"وَاِنَّ رَبَّكَ لَیَعْلَمُ مَا تُكِنُّ صُدُوْرُهُمْ وَمَا یُعْلِنُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেওঁ অৱশ্যে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে।","footnotes":"","tafseer":"বান্দাৰ অন্তৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই বিষয়ে ভালদৰেই জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027074.mp3"},{"index":"75","arabicText":"وَمَا مِنْ غَآىِٕبَةٍ فِی السَّمَآءِ وَالْاَرْضِ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟","assameseTranslation":"আকাশ আৰু পৃথিৱীত এনে কোনো গোপন ৰহস্য নাই, যিটো সুস্পষ্ট কিতাবত (লিপিবদ্ধ) নাই।","footnotes":"","tafseer":"মানুহৰ দৃষ্টিৰ অন্তৰালত থকা আকাশৰ প্ৰত্যেক বস্তু তথা পৃথিৱীত থকা সকলো বস্তু সম্পৰ্কে এখন স্পষ্ট গ্ৰন্থত অৰ্থাৎ লওহে মাহফুজত লিপিবদ্ধ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027075.mp3"},{"index":"76","arabicText":"اِنَّ هٰذَا الْقُرْاٰنَ یَقُصُّ عَلٰی بَنِیْۤ اِسْرَآءِیْلَ اَكْثَرَ الَّذِیْ هُمْ فِیْهِ یَخْتَلِفُوْنَ ۟","assameseTranslation":"বনী ইছৰাঈলে যিবোৰ বিষয়কলৈ বিতৰ্ক কৰিছিল, নিশ্চয় এই কোৰআনে তাৰে অধিকাংশ বিষয় সিহঁতৰ ওচৰত বিৱৰণ দিয়ে।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআনত বনী ইছৰাঈলৰ অধিকাংশ মতানৈক্য সম্পৰ্কে আলোচনা কৰা হৈছে, তথা সিহঁতৰ পথভ্ৰষ্টতাৰ পৰ্দা উন্মুক্ত কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027076.mp3"},{"index":"77","arabicText":"وَاِنَّهٗ لَهُدًی وَّرَحْمَةٌ لِّلْمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু নিশ্চয় এইখন হৈছে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।","footnotes":"","tafseer":"প্ৰকৃততে এই গ্ৰন্থখন মুমিনসকলৰ বাবে তথা ইয়াৰ শিক্ষা মতে আমল কৰা লোকসকলৰ বাবে হৈছে হিদায়ত আৰু কৃপা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027077.mp3"},{"index":"78","arabicText":"اِنَّ رَبَّكَ یَقْضِیْ بَیْنَهُمْ بِحُكْمِهٖ ۚ وَهُوَ الْعَزِیْزُ الْعَلِیْمُ ۟ۙۚ","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালকে তেওঁৰ বিধান অনুযায়ী সিহঁতৰ মাজত ফয়চালা কৰি দিব; আৰু তেওঁ মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা মুমিন আৰু কাফিৰ, সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। এতেকে তেওঁ মুমিনসকলৰ প্ৰতি দয়া কৰিব আৰু কাফিৰসকলক শাস্তি প্ৰদান কৰিব। তেওঁ মহা পৰাক্ৰমশালী, তেওঁ নিজৰ শত্ৰুৰ পৰা প্ৰতিশোধ লয়। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৰ্বজ্ঞ, সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাটো তেওঁৰ বাবে একো জটিল কাম নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027078.mp3"},{"index":"79","arabicText":"فَتَوَكَّلْ عَلَی اللّٰهِ ؕ اِنَّكَ عَلَی الْحَقِّ الْمُبِیْنِ ۟","assameseTranslation":"এতেকে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় তুমি সুস্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছা।","footnotes":"","tafseer":"এতেকে আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক, লগতে আপোনাৰ যাৱতীয় কৰ্ম সম্পাদনৰ ক্ষেত্ৰত তেওঁৰ ওপৰতে নিৰ্ভৰ কৰক তথা বিশ্বাস কৰক। নিশ্চয় আপুনি স্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027079.mp3"},{"index":"80","arabicText":"اِنَّكَ لَا تُسْمِعُ الْمَوْتٰی وَلَا تُسْمِعُ الصُّمَّ الدُّعَآءَ اِذَا وَلَّوْا مُدْبِرِیْنَ ۟","assameseTranslation":"নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই উভতি যায়।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেইসকল মৃত ব্যক্তিক শুনাব নোৱাৰিব, যিসকলৰ অন্তৰ আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে মৃত্যুবৰণ কৰিছে। এইদৰে আপুনি সেইসকল লোককো সত্য শুনাব নোৱাৰিব,যিসকলে আপোনাৰ নিমন্ত্ৰণক অৱজ্ঞা কৰি গুচি যায়। কাৰণ সত্য শুনিব পৰা সিহঁতৰ শ্ৰৱণশক্তি আল্লাহে হৰণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027080.mp3"},{"index":"81","arabicText":"وَمَاۤ اَنْتَ بِهٰدِی الْعُمْیِ عَنْ ضَلٰلَتِهِمْ ؕ اِنْ تُسْمِعُ اِلَّا مَنْ یُّؤْمِنُ بِاٰیٰتِنَا فَهُمْ مُّسْلِمُوْنَ ۟","assameseTranslation":"তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা সঠিক পথলৈ আনিব নোৱাৰিবা। তুমি কেৱল তেওঁলোককহে শুনাব পাৰিবা যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, এতেকে তেওঁলোকেই হৈছে আত্মসমৰ্পণকাৰী।","footnotes":"","tafseer":"আপুনি সিহঁতক কেতিয়াও সত্যৰ পথ দেখুৱাব নোৱাৰিব, যিসকলে সত্যক চোৱাৰ যোগ্যতা হেৰুৱাইছে। এতেকে আপুনি সিহঁতকলৈ আক্ষেপ নকৰিব, তথা নিজকে ক্লান্ত নকৰিব। আপুনি কেৱল সেইসকল লোককেই বুজাব পাৰিব, যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে, তথা আল্লাহৰ আদেশ পালন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027081.mp3"},{"index":"82","arabicText":"وَاِذَا وَقَعَ الْقَوْلُ عَلَیْهِمْ اَخْرَجْنَا لَهُمْ دَآبَّةً مِّنَ الْاَرْضِ تُكَلِّمُهُمْ ۙ اَنَّ النَّاسَ كَانُوْا بِاٰیٰتِنَا لَا یُوْقِنُوْنَ ۟۠","assameseTranslation":"আৰু যেতিয়া সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব তেতিয়া আমি সিহঁতৰ বাবে পৃথিৱীৰ পৰা এটা জন্তু উলিয়াম (দা-ব্বাতুল আৰ্দ্ব), যিটো সিহঁতৰ লগত কথা ক'ব যে, মানুহে আমাৰ নিদৰ্শনসমূহৰ প্ৰতি নিশ্চিত বিশ্বাস কৰা নাছিল।","footnotes":"","tafseer":"পাপকৰ্ম আৰু কুফৰীত অটল থকাৰ কাৰণে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অত্যাৱশ্যক হৈ পৰিব, তথা কেৱল নিকৃষ্ট লোকসকল অৱশিষ্ট থাকিব, তেতিয়া আমি সিহঁতৰ বাবে কিয়ামতৰ আগমূহুৰ্তত কিয়ামতৰ এটা ডাঙৰ নিদৰ্শন প্ৰকাশ কৰিম। অৰ্থাৎ পৃথিৱীত এটা জন্তু ওলাব, যিয়ে মানুহৰ সৈতে কথা পাতিব, আৰু মানুহে তাৰ কথা বুজিও পাব। (সেই জন্তুটোৱে ক’ব) মানুহে আমাৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক বিশ্বাস কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027082.mp3"},{"index":"83","arabicText":"وَیَوْمَ نَحْشُرُ مِنْ كُلِّ اُمَّةٍ فَوْجًا مِّمَّنْ یُّكَذِّبُ بِاٰیٰتِنَا فَهُمْ یُوْزَعُوْنَ ۟","assameseTranslation":"আৰু (স্মৰণ কৰা সেই দিনটোৰ কথা,) যিদিনা আমি সমবেত কৰিম প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একো একোটা দল, যিসকলে আমাৰ নিদৰ্শনাৱলী প্ৰত্যাখ্যান কৰিছিল। তাৰ পিছত সিহঁতক শাৰীবদ্ধভাৱে একত্ৰিত কৰা হ'ব।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি প্ৰত্যেক উম্মতৰ প্ৰমূখসকলৰ এটা এটা দল একত্ৰিত কৰিম, যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। প্ৰথমৰ পৰা শেষলৈকে প্ৰত্যেককে প্ৰস্তুত কৰা হ’ব, তাৰ পিছত সিহঁতক হিচাপ-নিকাচৰ বাবে খেদি লৈ যোৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027083.mp3"},{"index":"84","arabicText":"حَتّٰۤی اِذَا جَآءُوْ قَالَ اَكَذَّبْتُمْ بِاٰیٰتِیْ وَلَمْ تُحِیْطُوْا بِهَا عِلْمًا اَمَّاذَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"অৱশেষত যেতিয়া সিহঁত আহি যাব, তেতিয়া আল্লাহে সিহঁতক ক’ব, ‘তোমালোকে মোৰ আয়াতসমূহক অস্বীকাৰ কৰিছিলা নেকি, অথচ সেই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাছিল, নে তোমালোকে আৰু কিবা কৰিছিলা?","footnotes":"","tafseer":"অৱশেষত সিহঁতে যেতিয়া হিচাপ-নিকাচৰ স্থানত গৈ উপস্থিত হ’ব, তেতিয়া আল্লাহে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ তোমালোকে মোৰ আয়াতসমূহক কিয় অস্বীকাৰ কৰিছিলা? যিবোৰে মোৰ তাওহীদ প্ৰমাণ কৰিছিল আৰু সেইবোৰ মোৰ চৰীয়তৰ অন্তৰ্ভুক্ত আছিল। আনকি তোমালোকে সেইবোৰৰ বিষয়ে কোনো পৰীক্ষা নিৰীক্ষাও কৰা নাছিলা যে, যাৰ ভিত্তিত তোমালোকে সেইবোৰক অস্বীকাৰ কৰাটো উচিত বুলি ক’ব পাৰিবা; কোৱাচোন, প্ৰকৃততে তোমালোকে সেইবোৰক অস্বীকাৰ কৰিবলৈ আৰু বিশ্বাস কৰিবলৈ কিহৰ ওপৰত ভিত্তি কৰিছিলা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027084.mp3"},{"index":"85","arabicText":"وَوَقَعَ الْقَوْلُ عَلَیْهِمْ بِمَا ظَلَمُوْا فَهُمْ لَا یَنْطِقُوْنَ ۟","assameseTranslation":"গতিকে অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব; ফলত সিহঁতে কথাও ক’ব নোৱাৰিব।","footnotes":"","tafseer":"আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰি অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত শাস্তি বাস্তৱায়ন কৰা হ’ব। সিহঁতে আত্মৰক্ষাৰ বাবেও কোনো কথা উত্থাপন কৰিব নোৱাৰিব। কিয়নো বিষয়টো হ’ব সিহঁতৰ সাধ্যাতীত, আনহাতে সিহঁতৰ যুক্তিও হ'ব অসত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027085.mp3"},{"index":"86","arabicText":"اَلَمْ یَرَوْا اَنَّا جَعَلْنَا الَّیْلَ لِیَسْكُنُوْا فِیْهِ وَالنَّهَارَ مُبْصِرًا ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟","assameseTranslation":"সিহঁতে দেখা নাইনে যে, আমিয়েই সিহঁতৰ বাবে ৰাতি সৃষ্টি কৰিছোঁ, যাতে সিহঁতে বিশ্ৰাম লব পাৰে আৰু দিনক কৰিছোঁ দৃশ্যমান? নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।","footnotes":"","tafseer":"পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলে লক্ষ্য নকৰে নেকি যে, আমি সিহঁতৰ বাবে ৰাতি বনাইছোঁ, যাতে সিহঁতে টোপনিৰ জৰিয়তে বিশ্ৰাম ল'ব পাৰে। আনহাতে দিনক বনাইছোঁ আলোকিত, যাতে দেখিব পাৰে আৰু জীৱিকা অনুসন্ধান কৰিব পাৰে। বাৰে বাৰে অহা এই মৃত্যু তথা ইয়াৰ পিছত জীৱিত হোৱাৰ মাজত, নিশ্চিতভাৱে সেইসকল লোকৰ বাবে আছে স্পষ্ট নিদৰ্শন, যিসকলে ঈমান পোষণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027086.mp3"},{"index":"87","arabicText":"وَیَوْمَ یُنْفَخُ فِی الصُّوْرِ فَفَزِعَ مَنْ فِی السَّمٰوٰتِ وَمَنْ فِی الْاَرْضِ اِلَّا مَنْ شَآءَ اللّٰهُ ؕ وَكُلٌّ اَتَوْهُ دٰخِرِیْنَ ۟","assameseTranslation":"আৰু যিদিনা শিঙাত ফুঁ দিয়া হ’ব, সেইদিনা আকাশসমূহ আৰু পৃথিৱীৰ সকলোৱে ভীত-বিহ্বল হৈ পৰিব, কিন্তু আল্লাহে যিসকলক (ইয়াৰ পৰা বিৰত ৰাখিবলৈ) ইচ্ছা কৰিব তেওঁলোকৰ বাহিৰে, আৰু সকলোৱে তেওঁৰ ওচৰত (লাঞ্ছিত তথা) হীন অৱস্থাত উপস্থিত হ’ব।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া শিঙাত ফুঁ দিয়াৰ বাবে নিযুক্ত ফিৰিস্তাই দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব; তেতিয়া আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোৱে ভীষণ ভীত-সন্ত্ৰস্ত হৈ পৰিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক আল্লাহে অনুগ্ৰহ কৰি এই ভয়-ভীতিৰ পৰা ৰক্ষা কৰিব। সেইদিনা আল্লাহৰ প্ৰত্যেক সৃষ্টিয়েই আনুগত্যশীল আৰু বিনীত হৈ তেওঁৰ সন্মুখত উপস্থিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027087.mp3"},{"index":"88","arabicText":"وَتَرَی الْجِبَالَ تَحْسَبُهَا جَامِدَةً وَّهِیَ تَمُرُّ مَرَّ السَّحَابِ ؕ صُنْعَ اللّٰهِ الَّذِیْۤ اَتْقَنَ كُلَّ شَیْءٍ ؕ اِنَّهٗ خَبِیْرٌ بِمَا تَفْعَلُوْنَ ۟","assameseTranslation":"আৰু তুমি যিবোৰ পাহাৰ-পৰ্বতক দেখি অচল ভাবি আছা, অথচ (সেইদিনা) এইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ’ব। এইটো আল্লাহৰেই সৃষ্টি-নৈপুণ্য, যিজনে সকলো বস্তুকেই কৰিছে সুষম। তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত।","footnotes":"","tafseer":"সেইদিনা আপুনি পৰ্বতসমূহক দেখি অনুভৱ কৰিব যে, সেইবোৰ স্থিৰ হৈ আছে বা নিজৰ ঠাইতে অৱস্থিত আছে, কিন্তু প্ৰকৃততে সেইবোৰ মেঘৰ দৰে উৰি ফুৰিব। এয়া হৈছে আল্লাহৰ সৃষ্টি, তেৱেঁই সেইবোৰক গতি প্ৰদান কৰিব। নিশ্চয় তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027088.mp3"},{"index":"89","arabicText":"مَنْ جَآءَ بِالْحَسَنَةِ فَلَهٗ خَیْرٌ مِّنْهَا ۚ وَهُمْ مِّنْ فَزَعٍ یَّوْمَىِٕذٍ اٰمِنُوْنَ ۟","assameseTranslation":"যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাতকৈও উৎকৃষ্ট প্ৰতিফল পাব আৰু সেইদিনা তেওঁলোক ভীতিকৰ অৱস্থাৰ পৰা নিৰাপদ থাকিব।","footnotes":"","tafseer":"যিসকলে কিয়ামতৰ দিনা ঈমান আৰু সৎকৰ্ম লৈ উপস্থিত হব, তেওঁলোকৰ বাবে আছে জান্নাত। লগতে তেওঁলোক থাকিব নিৰাপদ অৱস্থাত। কাৰণ আল্লাহে তেওঁলোকক কিয়ামতৰ ভয়-ভীতিৰ পৰা সুৰক্ষা প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027089.mp3"},{"index":"90","arabicText":"وَمَنْ جَآءَ بِالسَّیِّئَةِ فَكُبَّتْ وُجُوْهُهُمْ فِی النَّارِ ؕ هَلْ تُجْزَوْنَ اِلَّا مَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"আনহাতে যিয়ে অসৎকৰ্ম লৈ আহিব, তাক অধোমুখে জুইত নিক্ষেপ কৰা হ’ব। (লগতে সিহঁতক কোৱা হ’ব) তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।","footnotes":"","tafseer":"কিন্তু যিসকলে কুফৰ আৰু পাপকৰ্ম লৈ উপস্থিত হ’ব, সিহঁতক অধোমুখে চোঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ’ব। সিহঁতক ভৰ্ৎসনা কৰি আৰু অপমান কৰি কোৱা হ’ব যে, তোমালোকে পৃথিৱীত যি কুফৰী আৰু পাপ কৰ্ম কৰিছিলা, সেইটোৰে প্ৰতিফল আজি ভোগ কৰি আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027090.mp3"},{"index":"91","arabicText":"اِنَّمَاۤ اُمِرْتُ اَنْ اَعْبُدَ رَبَّ هٰذِهِ الْبَلْدَةِ الَّذِیْ حَرَّمَهَا وَلَهٗ كُلُّ شَیْءٍ ؗ وَّاُمِرْتُ اَنْ اَكُوْنَ مِنَ الْمُسْلِمِیْنَ ۟ۙ","assameseTranslation":"মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পনকাৰীসকলৰ অন্তৰ্ভুক্ত হওঁ।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, মোক আদেশ দিয়া হৈছে, মই যাতে মক্কাৰ প্ৰতিপালকৰ ইবাদত কৰোঁ, যিয়ে এই চহৰক সন্মানিত কৰিছে। গতিকে ইয়াত তেজ প্ৰবাহিত কৰা অনুচিত। কাৰো প্ৰতি অন্যায় কৰাও অবৈধ। ইয়াত চিকাৰ কৰাও নিষিদ্ধ। ইয়াত থকা গছ-গছনি আদি কাটি পেলোৱা নিষিদ্ধ। তেৱেঁই সকলো বস্তুৰ গৰাকী। লগতে মোক আদেশ দিয়া হৈছে, মই যাতে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰোঁ তথা তেওঁৰ আনুগত্য কৰি আজ্ঞাকাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027091.mp3"},{"index":"92","arabicText":"وَاَنْ اَتْلُوَا الْقُرْاٰنَ ۚ فَمَنِ اهْتَدٰی فَاِنَّمَا یَهْتَدِیْ لِنَفْسِهٖ ۚ وَمَنْ ضَلَّ فَقُلْ اِنَّمَاۤ اَنَا مِنَ الْمُنْذِرِیْنَ ۟","assameseTranslation":"মোক আৰু নিৰ্দেশ দিয়া হৈছে, কোৰআন তিলাৱত কৰিবলৈ। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে, তেন্তে তুমি কোৱা, ‘মই হৈছোঁ কেৱল এজন সতৰ্ককাৰী’।","footnotes":"","tafseer":"লগতে মোক আৰু আদেশ দিয়া হৈছে, মই যাতে মানুহৰ সন্মুখত কোৰআন তিলাৱত কৰোঁ। গতিকে ইয়াৰ জৰিয়তে যিয়ে হিদায়ত লাভ কৰিব তথা সেইমতে আমল কৰিব, সেই সুপথ লাভ কৰাৰ প্ৰতিফল তেওঁ নিজেই ভোগ কৰিব। আনহাতে যিয়ে পথভ্ৰষ্ট হ’ব আৰু ইয়াৰ শিক্ষাৰ পৰা বিমুখ হ’ব, লগতে সেইমতে আমল নকৰিব, তেনেকুৱা লোকক আপুনি কৈ দিয়ক যে, “মই হৈছোঁ কেৱল এজন সতৰ্ককাৰী ব্যক্তি, গতিকে মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। তোমালোকক হিদায়ত প্ৰদান কৰাটো মোৰ দায়িত্ব নহয়।”","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027092.mp3"},{"index":"93","arabicText":"وَقُلِ الْحَمْدُ لِلّٰهِ سَیُرِیْكُمْ اٰیٰتِهٖ فَتَعْرِفُوْنَهَا ؕ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟۠","assameseTranslation":"আৰু কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই, অচিৰেই তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, তেতিয়া তোমালোকে সেয়া চিনিব পাৰিবা’। তোমালোকে যি কৰা সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কাৰণ তেৱেঁই অসংখ্য অগণন নিয়ামত প্ৰদান কৰিছে। অচিৰেই আল্লাহে তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, যিবোৰ আছে তোমালোকৰ মাজত তথা আকাশমণ্ডল-পৃথিৱী আৰু জীৱিকাৰ মাজত। যিবোৰ নিদৰ্শন দেখিলে তোমালোকে অতি সহজেই চিনিব পাৰিবা আৰু সত্যক আঁকোৱালি ল’বলৈও সহজ হ’ব। তোমালোকে যিবোৰ কৰি আছা, এইবোৰৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকক কেতিয়াও অমনোযোগী বুলি নাভাবিবা। বৰং তেওঁ প্ৰতিটো বিষয় সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ শীঘ্ৰেই তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/027093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/027093.mp3"}]