[{"index":"1","arabicText":"طٰسٓمّٓ ۟","assameseTranslation":"ত্ব-ছীম-মীম।[1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(ত্ব-ছীন-মীম) ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিতে এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028001.mp3"},{"index":"2","arabicText":"تِلْكَ اٰیٰتُ الْكِتٰبِ الْمُبِیْنِ ۟","assameseTranslation":"এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।","footnotes":"","tafseer":"এইবোৰ হৈছে স্পষ্ট কোৰআনৰ আয়াত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028002.mp3"},{"index":"3","arabicText":"نَتْلُوْا عَلَیْكَ مِنْ نَّبَاِ مُوْسٰی وَفِرْعَوْنَ بِالْحَقِّ لِقَوْمٍ یُّؤْمِنُوْنَ ۟","assameseTranslation":"আমি তোমাৰ ওচৰত মুছা আৰু ফিৰআউনৰ কিছু বৃত্তান্ত যথাযথভাৱে বিবৃত কৰিছোঁ, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।","footnotes":"","tafseer":"আমি আপোনাক সত্য সহকাৰে মুছা আৰু ফিৰআউনৰ সংবাদ পাঠ কৰি শুনাই আছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই; সেইসকল লোকৰ উদ্দেশ্যে যিসকলে ঈমান আনিছে। কাৰণ তেওঁলোকেই এনেকুৱা ঘটনাৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028003.mp3"},{"index":"4","arabicText":"اِنَّ فِرْعَوْنَ عَلَا فِی الْاَرْضِ وَجَعَلَ اَهْلَهَا شِیَعًا یَّسْتَضْعِفُ طَآىِٕفَةً مِّنْهُمْ یُذَبِّحُ اَبْنَآءَهُمْ وَیَسْتَحْیٖ نِسَآءَهُمْ ؕ اِنَّهٗ كَانَ مِنَ الْمُفْسِدِیْنَ ۟","assameseTranslation":"নিশ্চয় ফিৰআউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল, আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল; সিহঁতৰ পুত্ৰসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।","footnotes":"","tafseer":"নিশ্চয় ফিৰআউনে মিচৰৰ ভূমিত উপদ্ৰৱ সৃষ্টি কৰিছিল, তথা তাত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। লগতে মিচৰৰ অধিবাসীসকলক বিভিন্ন গোটত বিভক্ত কৰিছিল। সেইবোৰৰ মাজৰ এটা গোটক অৰ্থাৎ বনী ইছৰাঈলক দুৰ্বল কৰি ৰাখিছিল। সিহঁতৰ মাজৰ পুৰুষসকলক হত্যা কৰিছিল আৰু নাৰীসকলক সিহঁতৰ সেৱা আগবঢ়োৱাৰ বাবে জীৱিত ৰাখিছিল, যাতে সেই গোত্ৰটোক অধিক অপমানিত কৰিব পৰা যায়। নিঃসন্দেহে ফিৰআউন আছিল এজন অত্যাচাৰী, বিদ্ৰূহী তথা অহংকাৰী ব্যক্তি, যিজনে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028004.mp3"},{"index":"5","arabicText":"وَنُرِیْدُ اَنْ نَّمُنَّ عَلَی الَّذِیْنَ اسْتُضْعِفُوْا فِی الْاَرْضِ وَنَجْعَلَهُمْ اَىِٕمَّةً وَّنَجْعَلَهُمُ الْوٰرِثِیْنَ ۟ۙ","assameseTranslation":"আৰু সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল আমি সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলোঁ লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলোঁ;","footnotes":"","tafseer":"আমাৰ উদ্দশ্য আছিল মিচৰৰ ভূমিত বনী ইছৰাঈলক প্ৰাধান্য দিয়া, যিসকলক ফিৰআউনে দুৰ্বল কৰি ৰাখিছিল। আমি ফিৰআউনক ধ্বংস কৰি আৰু বনী ইছৰাঈলৰ দুৰ্বলতা আঁতৰাই তেওঁলোকক সত্যৰ প্ৰতিনিধি বনাব বিচাৰিছিলোঁ, যাতে সত্যৰ ক্ষেত্ৰত মানুহে তেওঁলোকক অনুসৰণ কৰে। লগতে আমি ফিৰআউনক ধ্বংস কৰাৰ পিছত তেওঁলোকক বৰকতময় শ্বাম (ছিৰিয়া) দেশৰ উত্তৰাধিকাৰী বনাব বিচাৰিছিলোঁ। যেনেঃ মহান আল্লাহে কৈছেঃ ﴿وَأَوْرَثْنَا الْقَوْمَ الَّذِينَ كَانُوا يُسْتَضْعَفُونَ مَشَارِقَ الأَرْضِ وَمَغَارِبَهَا الَّتِي بَارَكْنَا فِيهَاۖ...﴿ অৰ্থাৎ যি সম্প্ৰদায়ক দুৰ্বল বুলি ভবা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত সাম্ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028005.mp3"},{"index":"6","arabicText":"وَنُمَكِّنَ لَهُمْ فِی الْاَرْضِ وَنُرِیَ فِرْعَوْنَ وَهَامٰنَ وَجُنُوْدَهُمَا مِنْهُمْ مَّا كَانُوْا یَحْذَرُوْنَ ۟","assameseTranslation":"আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলোঁ, লগতে ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলোঁ, যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।","footnotes":"","tafseer":"পৃথিৱীত আমি তেওঁলোকক ৰাজত্ব দান কৰি শাসনভাৰ প্ৰদান কৰিব বিচাৰিছিলোঁ। লগতে ফিৰআউনক আৰু তাৰ মন্ত্ৰী সভাত থকা আটাইতকৈ ডাঙৰ সহযোগী হামানক তথা সিহঁতৰ সৈন্যবাহিনীক যিসকলে সিহঁতক দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল, এই সকলোকে আমি বনী ইছৰাঈলৰ এজন পুত্ৰ সন্তানৰ দ্বাৰা সিহঁতৰ ৰাজপাঠ হেৰুৱাৰ দৃশ্য দেখুৱাব বিচাৰিছিলোঁ, বনী ইছৰাঈলৰ যি সন্তানটোৰ বিষয়ে সিহঁতে সদায় শংকিত হৈ থাকিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028006.mp3"},{"index":"7","arabicText":"وَاَوْحَیْنَاۤ اِلٰۤی اُمِّ مُوْسٰۤی اَنْ اَرْضِعِیْهِ ۚ فَاِذَا خِفْتِ عَلَیْهِ فَاَلْقِیْهِ فِی الْیَمِّ وَلَا تَخَافِیْ وَلَا تَحْزَنِیْ ۚ اِنَّا رَآدُّوْهُ اِلَیْكِ وَجَاعِلُوْهُ مِنَ الْمُرْسَلِیْنَ ۟","assameseTranslation":"আৰু আমি মুছাৰ মাতৃৰ প্ৰতি নিৰ্দেশ দিলোঁ যে, তাক পিয়াহ খুওৱা; যেতিয়া তুমি ইয়াৰ বিষয়ে কোনো আশংকা কৰিবা, তেতিয়া ইয়াক সাগৰত নিক্ষেপ কৰিবা আৰু ভয় নকৰিবা লগতে চিন্তিতও নহ’বা। নিশ্চয় আমি ইয়াক তোমাৰ ওচৰলৈ ঘূৰাই আনিম আৰু ইয়াক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিম।","footnotes":"","tafseer":"আমি মুছা আলাইহিচ্ছালামৰ মাতৃৰ অন্তৰত এই কথা ইলহাম কৰিছিলোঁ যে, আপুনি তাক পিয়াহ খুৱাই থাকক। কিন্তু যদি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা কোনো আশংকা হয় যে, সিহঁতে তেওঁক হত্যা কৰিব তেন্তে আপুনি তাক এটা বাকচত ভৰাই নীল নদীত উটুৱাই দিব। তেওঁ ডুবি যাব বুলি অথবা ফিৰআউনে তেওঁক কিবা অনিষ্ট কৰিব বুলি আপুনি কেতিয়াও চিন্তিত নহ’ব। লগতে তেওঁৰ বিচ্ছেদকলৈও দুখী নহ’ব। নিশ্চয় আমি তেওঁক জীৱিত অৱস্থাত আপোনাৰ ওচৰলৈ ওভোতাই আনিম। লগতে তেওঁক সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত কৰিম, যিসকলক মানুহৰ ওচৰলৈ প্ৰেৰণ কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028007.mp3"},{"index":"8","arabicText":"فَالْتَقَطَهٗۤ اٰلُ فِرْعَوْنَ لِیَكُوْنَ لَهُمْ عَدُوًّا وَّحَزَنًا ؕ اِنَّ فِرْعَوْنَ وَهَامٰنَ وَجُنُوْدَهُمَا كَانُوْا خٰطِـِٕیْنَ ۟","assameseTranslation":"তাৰ পিছত ফিৰআউনৰ পৰিয়ালে তাক (সাগৰৰ পৰা) তুলি ল'লে। পৰিণামত তেৱেঁই সিহঁতৰ শত্ৰু আৰু দুখৰ কাৰণ হ’ল। নিশ্চয় ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্য বাহিনী আছিল অপৰাধী।","footnotes":"","tafseer":"যেতিয়া তেওঁ আমাৰ আদেশ পালন কৰি মুছাক বাকচত ভৰাই নদীত উটুৱাই দিলে, তেতিয়া ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে বাকচটো দেখা পাই উঠাই ল’লে। যাতে আল্লাহৰ পৰিকল্পনা বাস্তৱত পৰিণত হয় যে, তেওঁ অচিৰেই মুছাক ফিৰআউনৰ শত্ৰুত পৰিণত কৰিব, আৰু তেওঁৰ জৰিয়তেই ফিৰআউনৰ ৰাজত্বৰ অৱসান ঘটিব। ফলত এইটো সিহঁতৰ চিন্তাৰ কাৰণ হৈ পৰিব। নিশ্চয় ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান, লগতে সিহঁত দুজনৰ সহায়কসকল আছিল অতি পাপিষ্ঠ, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু অবাধ্যতাত লিপ্ত আছিল। তথা অন্যায়-অত্যাচাৰৰ জৰিয়তে সিহঁতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028008.mp3"},{"index":"9","arabicText":"وَقَالَتِ امْرَاَتُ فِرْعَوْنَ قُرَّتُ عَیْنٍ لِّیْ وَلَكَ ؕ لَا تَقْتُلُوْهُ ۖۗ عَسٰۤی اَنْ یَّنْفَعَنَاۤ اَوْ نَتَّخِذَهٗ وَلَدًا وَّهُمْ لَا یَشْعُرُوْنَ ۟","assameseTranslation":"ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ‘এই শিশুটি মোৰ আৰু তোমাৰ নয়ন-প্ৰীতিকৰ। ইয়াক হত্যা নকৰিবা। ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰোঁ’। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাছিল।","footnotes":"","tafseer":"ফিৰআউনে যেতিয়া তেওঁক হত্যা কৰিব বিচাৰিলে তেতিয়া ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ইয়াক এৰি দিয়ক, এই ল’ৰাটো মোৰ আৰু আপোনাৰ বাবে আনন্দৰ উৎস হৈ থাকিব। লগতে আমাৰ সেৱা কৰি আমাক উপকৃত কৰিব। নাইবা ইয়াক আমি পুত্ৰ বনাই লম। কিন্তু সিহঁতে জনা নাছিল যে, এটা সময়ত এই ল’ৰাটোৰ দ্বাৰা সিহঁতৰ ৰাজত্বৰ পতন ঘটিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028009.mp3"},{"index":"10","arabicText":"وَاَصْبَحَ فُؤَادُ اُمِّ مُوْسٰی فٰرِغًا ؕ اِنْ كَادَتْ لَتُبْدِیْ بِهٖ لَوْلَاۤ اَنْ رَّبَطْنَا عَلٰی قَلْبِهَا لِتَكُوْنَ مِنَ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু ইপিনে মুছাৰ মাতৃৰ হৃদয় অস্থিৰ হৈ পৰিছিল। তেওঁ ইয়াৰ পৰিচয় প্ৰকাশ কৰিয়েই দিলেহেঁতেন, যদি আমি তেওঁৰ অন্তৰক সুদৃঢ় কৰি নিদিলোঁহেঁতেন, যাতে তেওঁ আস্থাশীলসকলৰ অন্তৰ্ভুক্ত হয়।","footnotes":"","tafseer":"ইপিনে মুছা আলাইহিচ্ছালামৰ মাতৃৰ অৱস্থা এনেকুৱা হৈছিল যে, তেওঁ পৃথিৱীৰ সকলো বিষয় ত্যাগ কৰি অকল মুছাকলৈয়ে চিন্তিত আছিল। তেওঁ ধৈৰ্য্য ধাৰণত ব্যাকুল হৈ পৰিছিল। ইমান অস্থিৰ হৈ পৰিছিল যে, জানোচা কেতিয়া প্ৰকাশ কৰি দিয়ে “এওঁ মোৰেই সন্তান”। কিন্তু আমি তেওঁৰ অন্তৰ সুদৃঢ় কৰি ৰাখিছিলোঁ আৰু ধৈৰ্য্য ধাৰণ কৰাৰ সামৰ্থ প্ৰদান কৰিছিলোঁ। যাতে তেওঁ সেইসকল মুমিনৰ তালিকাভুক্ত হ’ব পাৰে, যিসকলে নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে তথা যিসকলে তেওঁৰ ফয়চালাত সন্তুষ্টি ব্যক্তি কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028010.mp3"},{"index":"11","arabicText":"وَقَالَتْ لِاُخْتِهٖ قُصِّیْهِ ؗ فَبَصُرَتْ بِهٖ عَنْ جُنُبٍ وَّهُمْ لَا یَشْعُرُوْنَ ۟ۙ","assameseTranslation":"আৰু মুছাৰ বায়েকক ক'লে, ইয়াৰ পিছে পিছে যোৱা। তেওঁ দূৰৰ পৰাই ইয়াক দেখি আছিল কিন্তু সিহঁতে (শত্ৰুবিলাকে) সেয়া উপলব্ধি কৰিব পৰা নাছিল।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামৰ মাতৃয়ে তেওঁক সাগৰত নিক্ষেপ কৰাৰ পিছত, মুছাৰ ভনীয়েকক নিৰ্দেশ দিলে যে, তুমি এই বাকচৰ পিছে পিছে যোৱাঁ। ইয়াৰ লগত কি সংঘটিত হয় সেই বিষয়ে যাতে সবিশেষ তথ্য জানিব পাৰা। এতেকে তাই সেই বাকচটোক দূৰৰ পৰাই লক্ষ্য ৰাখিছিল, যাতে ৰহস্য ফাদিল হৈ নাযায়। ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ লোকসকলে গমেই নাপালে যে, এই ছোৱালীজনী মুছাৰ ভনী তথা তাই ইয়াৰ খবৰ সংগ্ৰহ কৰিবলৈ আহিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028011.mp3"},{"index":"12","arabicText":"وَحَرَّمْنَا عَلَیْهِ الْمَرَاضِعَ مِنْ قَبْلُ فَقَالَتْ هَلْ اَدُلُّكُمْ عَلٰۤی اَهْلِ بَیْتٍ یَّكْفُلُوْنَهٗ لَكُمْ وَهُمْ لَهٗ نٰصِحُوْنَ ۟","assameseTranslation":"আৰু আমি পূৰ্বৰে পৰা তেওঁৰ বাবে ধাত্ৰী-স্তন্য পান নিষিদ্ধ কৰি দিছিলোঁ। তাৰ পিছত মুছাৰ বায়েকে ক’লে, ‘মই তোমালোকক এনেকুৱা এটা পৰিয়ালৰ সন্ধান দিমনে, যিয়ে তোমালোকৰ হৈ ইয়াক লালন-পালন কৰিব আৰু ইয়াৰ মঙ্গলকামী হ’ব’?","footnotes":"","tafseer":"ইপিনে আল্লাহৰ পৰিকল্পনা মতে মুছা আলাইহিচ্ছামে কোনো নাৰীৰেই পিয়াহ খোৱা নাছিল, এই ঘটনা সংঘটিত হৈছিল মূছাক তেওঁৰ মাতৃৰ কোলাত ওভোতাই দিয়াৰ পূৰ্বে। যেতিয়া মুছা আলাইহিচ্ছালামৰ ভনীয়ে দেখিলে যে, সিহঁতে তেওঁক পিয়াহ খুৱাবলৈ ব্যাকুল হৈ আছে, তেতিয়া সিহঁতক ক’লেঃ আমি আপোনালোকক এনেকুৱা এটি পৰিয়ালৰ বিষয়ে সংবাদ দিব পাৰোঁনে, যি পৰিয়ালে ইয়াক পিয়াহ খুৱাব পাৰিব তথা ইয়াক ভালকৈ লালন-পালনো কৰিব পাৰিব, তথা তেওঁলোক ইয়াৰ শুভাকাংক্ষীও হ’ব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028012.mp3"},{"index":"13","arabicText":"فَرَدَدْنٰهُ اِلٰۤی اُمِّهٖ كَیْ تَقَرَّ عَیْنُهَا وَلَا تَحْزَنَ وَلِتَعْلَمَ اَنَّ وَعْدَ اللّٰهِ حَقٌّ وَّلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟۠","assameseTranslation":"তাৰ পিছত আমি তেওঁক ওভতাই দিলোঁ তেওঁৰ মাতৃৰ ওচৰলৈ, যাতে তেওঁৰ চকু জুৰ যায় আৰু চিন্তিত নহয়, আৰু যাতে এইটো জানি লয় যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।","footnotes":"","tafseer":"এইদৰেই আমি মুছাক তেওঁৰ মাতৃৰ ওচৰলৈ ওভোতাই দিছিলোঁ। যাতে তেওঁক ওচৰত পাই তেওঁৰ মাকৰ চকু শীতল হয়, লগতে তেওঁৰ বিচ্ছেদত যাতে শোকাগ্ৰস্ত নহয়। তথা এই কথাও যাতে গম পায় যে, মুছাক ওভোতাই দিয়াৰ আল্লাহৰ প্ৰতিশ্ৰুতিটো সত্য, য’ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। কিন্তু অধিকাংশ লোকেই এই প্ৰতিশ্ৰুতি সম্পৰ্কে নাজানে, লগতে এইজনীয়েই যে মুছাৰ মাতৃ আছিল, এই কথাটো কোনোৱেই জনা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028013.mp3"},{"index":"14","arabicText":"وَلَمَّا بَلَغَ اَشُدَّهٗ وَاسْتَوٰۤی اٰتَیْنٰهُ حُكْمًا وَّعِلْمًا ؕ وَكَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟","assameseTranslation":"আৰু মুছা যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ, আৰু এইদৰেই আমি মুহছিনসকলক পুৰস্কাৰ প্ৰদান কৰোঁ।","footnotes":"","tafseer":"যেতিয়া তেওঁ যৌৱনত উপনীত হ’ল আৰু শক্তিশালী হৈ গ’ল, তেতিয়া আমি তেওঁক নুবুওৱত প্ৰদানৰ পূৰ্বেই বনী ইছৰাঈলৰ ধৰ্ম সম্পৰ্কে জ্ঞান আৰু বুদ্ধিমত্তা দান কৰিছিলোঁ। যিদৰে আমি মুছা আলাইহিচ্ছালামক আনুগত্যৰ কাৰণে প্ৰতিফল দান কৰিছিলোঁ, ঠিক সেইদৰে আমি প্ৰত্যেক যুগ আৰু প্ৰত্যেক স্থানতে সদাচাৰী লোকসকলক প্ৰতিফল দান কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028014.mp3"},{"index":"15","arabicText":"وَدَخَلَ الْمَدِیْنَةَ عَلٰی حِیْنِ غَفْلَةٍ مِّنْ اَهْلِهَا فَوَجَدَ فِیْهَا رَجُلَیْنِ یَقْتَتِلٰنِ ؗۗ هٰذَا مِنْ شِیْعَتِهٖ وَهٰذَا مِنْ عَدُوِّهٖ ۚ فَاسْتَغَاثَهُ الَّذِیْ مِنْ شِیْعَتِهٖ عَلَی الَّذِیْ مِنْ عَدُوِّهٖ ۙ فَوَكَزَهٗ مُوْسٰی فَقَضٰی عَلَیْهِ ؗۗ قَالَ هٰذَا مِنْ عَمَلِ الشَّیْطٰنِ ؕ اِنَّهٗ عَدُوٌّ مُّضِلٌّ مُّبِیْنٌ ۟","assameseTranslation":"আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে এনেকুৱা এটা সময়ত, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজৰ ফৈদৰ আৰু আনজন হৈছে শত্ৰু পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজৰ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি (লগে লগে) মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এইটো চয়তানৰ কাম। নিশ্চয় সি (মানুহৰ) শত্ৰু তথা প্ৰকাশ্য বিভ্ৰান্তকাৰী’।","footnotes":"","tafseer":"এদিনাখন মুছা আলাইহিচ্ছালাম এনেকুৱা এটা সময়ত নগৰত প্ৰৱেশ কৰিলে, যেতিয়া মানুহে নিজ নিজ ঘৰত বিশ্ৰাম কৰি আছিল। তেওঁ দেখা পালে দুজন লোকে পৰস্পৰে কাজিয়া কৰি আছে তথা মাৰপিট কৰি আছে। সিহঁতৰ মাজৰ এজন আছিল মুছাৰ সম্প্ৰদায়ৰ অৰ্থাৎ বনী ইছৰাঈলৰ, আৰু আনজন আছিল কিবতী অৰ্থাৎ মুছা আলাইহিচ্ছালামৰ শত্ৰু ফিৰআউন সম্প্ৰদায়ৰ। এতেকে যিজন মুছাৰ সম্প্ৰদায়ৰ আছিল, সি মুছা আলাইহিচ্ছালামৰ পৰা নিজৰ শত্ৰু কিবতীৰ বিৰুদ্ধে সহায় কৰিবলৈ কাকুতি-মিনতি কৰিলে। ফলত মুছা আলাইহিচ্ছালামে কিবতীক এটা ঘোচা মাৰিলে, শক্তিশালী ঘোচাৰ ফলত মানুহজন নিহত হ’ল। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় এইটো চয়তানৰ শোভনীয় কৰ্ম তথা তাৰ প্ৰৱঞ্চনাৰ অন্তৰ্ভুক্ত। নিঃসন্দেহে চয়তানে তাৰ অনুসাৰীসকলক পথভ্ৰষ্ট কৰে আৰু সি হৈছে এজন প্ৰকাশ্য শত্ৰু। এতেকে মোৰ দ্বাৰা যি সংঘটিত হৈছে, সেইটো তাৰ শত্ৰুতাৰ কাৰণেই হৈছে। আনহাতে তাৰ কামেই হৈছে মানুহক পথভ্ৰষ্ট কৰা, গতিকে সি মোক পথভ্ৰষ্ট কৰিব বিচাৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028015.mp3"},{"index":"16","arabicText":"قَالَ رَبِّ اِنِّیْ ظَلَمْتُ نَفْسِیْ فَاغْفِرْ لِیْ فَغَفَرَ لَهٗ ؕ اِنَّهٗ هُوَ الْغَفُوْرُ الرَّحِیْمُ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছোঁ, সেয়ে তুমি মোক ক্ষমা কৰাঁ’। তাৰ পিছত আল্লাহে তেওঁক ক্ষমা কৰিলে। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে তেওঁৰ দ্বাৰা সংঘটিত অপৰাধ স্বীকাৰ কৰি নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! এই কিবতীক হত্যা কৰি নিশ্চিতভাৱে মই নিজৰ ওপৰত অন্যায় কৰিছোঁ। গতিকে তুমি মোৰ এই অপৰাধ ক্ষমা কৰি দিয়া। এতেকে আল্লাহে আমাক এই কথাটো স্পষ্ট কৰি দিছে যে, তেওঁ মুছা আলাইহিচ্ছালামক ক্ষমা কৰিছিল। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028016.mp3"},{"index":"17","arabicText":"قَالَ رَبِّ بِمَاۤ اَنْعَمْتَ عَلَیَّ فَلَنْ اَكُوْنَ ظَهِیْرًا لِّلْمُجْرِمِیْنَ ۟","assameseTranslation":"মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যিহেতু মোক অনুগ্ৰহ কৰিছা, সেয়ে মই কেতিয়াও অপাৰীধিবিলাকৰ সহায়কাৰী নহওঁ’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে তেওঁৰ প্ৰাৰ্থনাত আৰু কৈছিলঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক শক্তি, বুদ্ধিমত্তা আৰু জ্ঞান প্ৰদান কৰি উপকাৰ কৰিছা। গতিকে মই কেতিয়াও অপৰাধীৰ সহায়ক হ’ব নোৱাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028017.mp3"},{"index":"18","arabicText":"فَاَصْبَحَ فِی الْمَدِیْنَةِ خَآىِٕفًا یَّتَرَقَّبُ فَاِذَا الَّذِی اسْتَنْصَرَهٗ بِالْاَمْسِ یَسْتَصْرِخُهٗ ؕ قَالَ لَهٗ مُوْسٰۤی اِنَّكَ لَغَوِیٌّ مُّبِیْنٌ ۟","assameseTranslation":"এতেকে ভীত সতৰ্ক অৱস্থাত সেই চহৰতে তেওঁ ৰাতি অতিবাহিত কৰিলে। হঠাৎ তেওঁ শুনা পালে, যিজন ব্যক্তিয়ে যোৱা কালি তেওঁৰ ওচৰত সহায় বিচাৰিছিল, সি আকৌ সহায়ৰ বাবে চিঞৰি আছে। মুছাই তাক ক’লে, ‘নিশ্চয় তুমি এজন স্পষ্ট বিভ্ৰান্ত ব্যক্তি’।","footnotes":"","tafseer":"তেওঁৰ দ্বাৰা কিবতী এজন হত্যা হোৱাৰ পিছত তেওঁ ভয় ভয় কৰি খা-খবৰ লোৱাৰ উদ্দেশ্যে নগৰত প্ৰৱেশ কৰিলে, যাতে এই বিষয়ে বিতং খবৰ সংগ্ৰহ কৰিব পাৰে যে, বৰ্তমান পৰিস্থিতি কেনেকুৱা। হঠাৎ তেওঁ দেখা পালে যে, যোৱাকালি যি ব্যক্তিয়ে তাৰ কিবতী শত্ৰুৰ বিৰুদ্ধে সহায় বিচাৰিছিল, সেইজনেই আজিও আন এজন কিবতীৰ লগত কাজিয়া কৰি আছে আৰু তাৰ বিৰুদ্ধে সহায় বিচাৰি আছে। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় তুমি হৈছা এজন বিভ্ৰান্তি সৃষ্টিকাৰী তথা প্ৰকাশ্য পথভ্ৰষ্ট ব্যক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028018.mp3"},{"index":"19","arabicText":"فَلَمَّاۤ اَنْ اَرَادَ اَنْ یَّبْطِشَ بِالَّذِیْ هُوَ عَدُوٌّ لَّهُمَا ۙ قَالَ یٰمُوْسٰۤی اَتُرِیْدُ اَنْ تَقْتُلَنِیْ كَمَا قَتَلْتَ نَفْسًا بِالْاَمْسِ ۖۗ اِنْ تُرِیْدُ اِلَّاۤ اَنْ تَكُوْنَ جَبَّارًا فِی الْاَرْضِ وَمَا تُرِیْدُ اَنْ تَكُوْنَ مِنَ الْمُصْلِحِیْنَ ۟","assameseTranslation":"এতেকে মুছাই যেতিয়া উভয়ৰ শত্ৰুক ধৰিব খুজিলে, তেতিয়া সেই ব্যক্তিয়ে চিঞৰি ক’ব ধৰিলে, ‘হে মুছা! যোৱাকালি তুমি যেনেকৈ এজন ব্যক্তিক হত্যা কৰিছা, তেনেকৈ মোকো হত্যা কৰিব খুজিছা নেকি? নিশ্চয় তুমি পৃথিৱীৰ বুকুত স্বেচ্ছাচাৰী হ’ব বিচাৰিছা, আৰু তুমি শান্তি স্থাপনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব নিবিচৰা’।","footnotes":"","tafseer":"যেতিয়া মুছা আলাইহিচ্ছালামে কিবতীক কৰায়ত্ত কৰিব বিচাৰিলে, যিজন মুছাৰ শত্ৰু আছিল তথা ইছৰাঈলী ব্যক্তিৰো শত্ৰু আছিল; তেতিয়া ইছৰাঈলী ব্যক্তিজনে ভাবিলে যে, মুছা আলাইহিচ্ছালামে তাক কৰায়ত্ত কৰিবলৈ আহিছে, যিহেতু মুছা আলাইহিচ্ছালামে ইতিপূৰ্বে তাক কৈছিল, নিশ্চয় তুমি হৈছা এজন বিভ্ৰান্ত সৃষ্টিকাৰী তথা প্ৰকাশ্য পথভ্ৰষ্ট; সেয়ে সি ধাৰণা কৰিছিল যে, মুছা আলাইহিচ্ছালামে তাকেই কৰায়ত্ত কৰিবলৈ আহিছে, গতিকে সি মুছা আলাইহিচ্ছালামক ক’লেঃ তুমি আজি মোকো হত্যা কৰিব বিচাৰিছা নেকি, যিদৰে যোৱাকালি তুমি এজন ব্যক্তিক হত্যা কৰিছিলা? নিশ্চয় তুমি পৃথিৱীত স্বেচ্ছাচাৰী দুৰাচাৰী হৈ মানুহক হত্যা কৰিব বিচৰা আৰু সিহঁতৰ ওপৰত অন্যায়-অত্যাচাৰ কৰিব বিচৰা। তুমি কেতিয়াও দুজন কাজিয়া কৰা লোকৰ মাজত মীমাংসা নিবিচৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028019.mp3"},{"index":"20","arabicText":"وَجَآءَ رَجُلٌ مِّنْ اَقْصَا الْمَدِیْنَةِ یَسْعٰی ؗ قَالَ یٰمُوْسٰۤی اِنَّ الْمَلَاَ یَاْتَمِرُوْنَ بِكَ لِیَقْتُلُوْكَ فَاخْرُجْ اِنِّیْ لَكَ مِنَ النّٰصِحِیْنَ ۟","assameseTranslation":"আৰু চহৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মুছা! পৰিষদবৰ্গই তোমাক হত্যা কৰাৰ পৰামৰ্শ কৰি আছে। সেয়ে তুমি ওলাই যোৱা, নিশ্চয় মই তোমাৰ কল্যাণকামী’।","footnotes":"","tafseer":"যেতিয়া এই খবৰ চাৰিওফালে প্ৰচাৰ হৈ গ’ল, তেতিয়া নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি মুছাৰ শুভাকাংক্ষী হৈ তেওঁৰ ওচৰলৈ দৌৰি আহিল, যাতে মুছা আলাইহিচ্ছালাম কোনো অনিষ্টৰ সন্মুখীন নহয়। সেই ব্যক্তিজনে আহি ক’লেঃ হে মুছা! ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে আপোনাক প্ৰাণে মৰাৰ পৰামৰ্শ কৰি আছে। গতিকে আপুনি নগৰৰ পৰা আঁতৰি যাওক। নিশ্চয় মই আপোনাৰ শুভাকাংক্ষী। আপোনাক সিহঁতে কৰায়ত্ত কৰি যাতে হত্যা কৰিব নোৱাৰে সেইকাৰণেই মোৰ এই প্ৰয়াস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028020.mp3"},{"index":"21","arabicText":"فَخَرَجَ مِنْهَا خَآىِٕفًا یَّتَرَقَّبُ ؗ قَالَ رَبِّ نَجِّنِیْ مِنَ الْقَوْمِ الظّٰلِمِیْنَ ۟۠","assameseTranslation":"তেতিয়া তেওঁ ভীত সতৰ্ক অৱস্থাত সেই ঠাইৰ পৰা ওলাই পৰিল, আৰু (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।","footnotes":"","tafseer":"এতেকে মুছা আলাইহিচ্ছালামে সেই শুভাকাংক্ষীৰ কথা মানি ল’লে, আৰু নগৰৰ পৰা ভীত-সন্ত্ৰস্ত হৈ গোপনে ওলাই গ’ল। তেওঁ সদায় চিন্তিত হৈ আছিল, জানোচা কেতিয়া কি হয়। সেই সময়ত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক এই অত্যাচাৰীসকলৰ পৰা ৰক্ষা কৰা। যাতে সিহঁতে মোক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028021.mp3"},{"index":"22","arabicText":"وَلَمَّا تَوَجَّهَ تِلْقَآءَ مَدْیَنَ قَالَ عَسٰی رَبِّیْۤ اَنْ یَّهْدِیَنِیْ سَوَآءَ السَّبِیْلِ ۟","assameseTranslation":"আৰু যেতিয়া মুছাই মাদিয়ান অভিমুখে যাত্ৰা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আশা কৰোঁ মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব’।","footnotes":"","tafseer":"যেতিয়া তেওঁ মাদিয়ান অভিমুখে যাত্ৰা আৰম্ভ কৰিলে, তেতিয়া তেওঁ ক’লেঃ আশা কৰোঁ মোৰ প্ৰতিপালকে মোক উত্তম পথ দেখুৱাব, যাতে পথ হেৰুৱাই নাযাওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028022.mp3"},{"index":"23","arabicText":"وَلَمَّا وَرَدَ مَآءَ مَدْیَنَ وَجَدَ عَلَیْهِ اُمَّةً مِّنَ النَّاسِ یَسْقُوْنَ ؗ۬ وَوَجَدَ مِنْ دُوْنِهِمُ امْرَاَتَیْنِ تَذُوْدٰنِ ۚ قَالَ مَا خَطْبُكُمَا ؕ قَالَتَا لَا نَسْقِیْ حَتّٰی یُصْدِرَ الرِّعَآءُ ٚ وَاَبُوْنَا شَیْخٌ كَبِیْرٌ ۟","assameseTranslation":"যেতিয়া তেওঁ মাদিয়ানৰ পানীৰ ওচৰত গৈ পালে, তাত তেওঁ দেখিবলৈ পালে এদল মানুহে সিহঁতৰ জন্তুবোৰক পানী খুৱাই আছে আৰু সিহঁতৰ পৰা অলপ আঁতৰত দুজনী নাৰীয়ে সিহঁতৰ পশুবিলাকক আগচি ধৰি ৰাখিছে। মুছাই ক’লে, ‘কি হৈছে তোমালোকৰ’? সিহঁতে ক’লে, ‘পশুপালকসকলে সিহঁতৰ পশুবিলাক লৈ আঁতৰি নোযোৱালৈকে আমি আমাৰ পশুবিলাকক পানী পান কৰাব নোৱাৰোঁ, আৰু আমাৰ পিতৃ হৈছে এজন অতি বৃদ্ধ মানুহ’।","footnotes":"","tafseer":"যেতিয়া তেওঁ মাদিয়ানৰ পানীৰ ঠাইত গৈ উপস্থিত হ’ল, তেতিয়া তেওঁ দেখা পালে কিছুসংখ্যক লোকে নিজৰ পোহনীয়া জন্তুবোৰক পানী খুওৱাই আছে। সিহঁতৰ পৰা কিছু নিলগত দুজনী ছোৱালীক দেখা পালে, তেওঁলোকে নিজৰ ছাগলীবোৰক আটক কৰি ৰাখিছে, মানুহবোৰ আঁতৰি যোৱাৰ পাছতহে তেওঁলোকে নিজৰ ছাগলীবোৰক পানী খুৱাব। মুছা আলাইহিচ্ছালামে তেওঁলোক দুয়োকে সুধিলেঃ তোমালোকৰ অসুবিধা কি, তোমালোকে নিজৰ জন্তুবোৰক সিহঁতৰ লগত পানী খুওৱা নাই কিয়? তেওঁলোকে ক’লেঃ আমাৰ অভ্যাস হৈছে যেতিয়ালৈকে ৰাখোৱালসকল গুচি নাযায় তেতিয়ালৈকে আমি আমাৰ জন্তুবোৰক পানী নুখুওৱাওঁ। যাতে সিহঁতৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিব পাৰোঁ। আনহাতে আমাৰ পিতৃও অধিক বয়সস্থ। জন্তুবোৰক পানী খুৱাবলৈ তেওঁ নিজে আহিব নোৱাৰে। সেইকাৰণেই আমি আমাৰ ছাগলীবোৰক পানী খুৱাবলৈ অহাত বাধ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028023.mp3"},{"index":"24","arabicText":"فَسَقٰی لَهُمَا ثُمَّ تَوَلّٰۤی اِلَی الظِّلِّ فَقَالَ رَبِّ اِنِّیْ لِمَاۤ اَنْزَلْتَ اِلَیَّ مِنْ خَیْرٍ فَقِیْرٌ ۟","assameseTranslation":"তেতিয়া মুছাই সিহঁতৰ ফালৰ পৰা (পশুবোৰক) পানী খুৱালে। তাৰ পিছত তেওঁ এডোখৰ ছাঁলৈ আহি ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয়, মই সেইটোৰে মুখাপেক্ষী’।","footnotes":"","tafseer":"এই শুনি তেওঁলোকৰ প্ৰতি মুছা আলাইহিচ্ছালামৰ পুতৌ জন্মিল আৰু তেওঁলোকৰ ছাগলীবোৰক লৈ তেওঁ পানী খুৱাই আনিলে। ইয়াৰ পিছত তেওঁ গছৰ ছাঁত গৈ বিশ্ৰাম কৰিবলৈ ধৰিলে, লগতে নিজ প্ৰতিপালকৰ ওচৰত তেওঁৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ ওপৰত যি কল্যাণেই নকৰা কিয়, সেইটোৱে এতিয়া মোৰ প্ৰয়োজন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028024.mp3"},{"index":"25","arabicText":"فَجَآءَتْهُ اِحْدٰىهُمَا تَمْشِیْ عَلَی اسْتِحْیَآءٍ ؗ قَالَتْ اِنَّ اَبِیْ یَدْعُوْكَ لِیَجْزِیَكَ اَجْرَ مَا سَقَیْتَ لَنَا ؕ فَلَمَّا جَآءَهٗ وَقَصَّ عَلَیْهِ الْقَصَصَ ۙ قَالَ لَا تَخَفْ ۫ۥ نَجَوْتَ مِنَ الْقَوْمِ الظّٰلِمِیْنَ ۟","assameseTranslation":"ফলত (কিছু সময় পিছতেই) নাৰী দুজনীৰ এজনীয়ে লাজকুৰীয়াভাৱে তেওঁৰ ওচৰলৈ আহি ক’লে, ‘আপুনি আমাৰ পশুবিলাকক পানী পান কৰোৱাৰ কাৰণে আপোনাক পাৰিশ্ৰমিক প্ৰদান কৰিবলৈ মোৰ পিতৃয়ে আপোনাক আমন্ত্ৰণ কৰিছে’। ইয়াৰ পিছত মুছাই তেওঁৰ ওচৰলৈ আহি সকলো ঘটনা বিস্তাৰিত বৰ্ণনা কৰিলে, তেওঁ ক’লে, ‘তুমি ভয় নকৰিবা। তুমি যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা পাইছা’।","footnotes":"","tafseer":"দুয়োজনী ছোৱালীয়ে যেতিয়া নিজৰ ঘৰত উভতি গৈ পিতাৰ ওচৰত এই বিষয়টো বিতংভাৱে আলোচনা কৰিলে। তেতিয়া পিতায়ে এজনীক পঠিয়াই দিলে যে, তেওঁক মাতি আনাগৈ। ছোৱালীজনীয়ে মুছাৰ ওচৰত আহি লাজুকীয়াভাৱে ক’লেঃ আপোনাক মোৰ পিতাই মাতি পঠিয়াইছে। আপুনি আমাৰ জন্তুবোৰক পানী খুওৱাৰ বাবে পিতাই আপোনাক ইয়াৰ পাৰিশ্ৰমিক দিব বিচাৰিছে। যেতিয়া মুছা আলাইহিচ্ছালামে তেওঁলোকৰ পিতাৰ ওচৰত আহি উপস্থিত হ’ল, আৰু নিজৰ বিষয়ে বিস্তাৰিতভাৱে তেওঁক জনালে, তেতিয়া তেওঁ মুছা আলাইহিচ্ছালামক সান্তনা প্ৰদান কৰি ক’লেঃ চিন্তা নকৰিবা, নিশ্চয় তুমি ফিৰআউন আৰু তাৰ অত্যাচাৰী নেতাসকলৰ পৰা ৰক্ষা পাইছা। মাদিয়ানৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব নাই। সিহঁতে তোমাক ইয়াত কোনো ধৰণৰ অনিষ্ট কৰিবলৈ আহিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028025.mp3"},{"index":"26","arabicText":"قَالَتْ اِحْدٰىهُمَا یٰۤاَبَتِ اسْتَاْجِرْهُ ؗ اِنَّ خَیْرَ مَنِ اسْتَاْجَرْتَ الْقَوِیُّ الْاَمِیْنُ ۟","assameseTranslation":"নাৰী দুজনীৰ এজনীয়ে ক’লে, ‘হে মোৰ পিতৃ! আপুনি এওঁক শ্ৰমিক হিচাপে নিয়োগ কৰক। নিশ্চয় আপোনাৰ শ্ৰমিক হিচাপে এওঁ উত্তম হ’ব, এওঁ শক্তিশালী, বিশ্বস্ত’।","footnotes":"","tafseer":"তেওঁৰ এজনী ছোৱালীয়ে ক’লেঃ হে মোৰ পিতা! আপুনি এওঁক আমাৰ ছাগলীবোৰ চোৱাচিতা কৰিবলৈ সেৱক হিচাপে ৰাখক। নিশ্চয় এওঁ সেৱক হোৱাৰ উপযুক্ত। কাৰণ এওঁ শক্তিশালীও আছে তথা এজন বিশ্বস্ত ব্যক্তি। গতিকে শক্তিৰ দ্বাৰা এওঁ সুচাৰুৰূপে দায়িত্ব পালন কৰিব, আৰু বিশ্বস্ততাৰ জৰিয়তে এওঁ সা-সম্পদ সুৰক্ষিত ৰাখিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028026.mp3"},{"index":"27","arabicText":"قَالَ اِنِّیْۤ اُرِیْدُ اَنْ اُنْكِحَكَ اِحْدَی ابْنَتَیَّ هٰتَیْنِ عَلٰۤی اَنْ تَاْجُرَنِیْ ثَمٰنِیَ حِجَجٍ ۚ فَاِنْ اَتْمَمْتَ عَشْرًا فَمِنْ عِنْدِكَ ۚ وَمَاۤ اُرِیْدُ اَنْ اَشُقَّ عَلَیْكَ ؕ سَتَجِدُنِیْۤ اِنْ شَآءَ اللّٰهُ مِنَ الصّٰلِحِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘মই মোৰ এই দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিয়া দিব খোজোঁ এই চৰ্তত যে, তুমি আঠ বছৰ মোৰ ইয়াত কাম কৰিবা, আৰু যদি তুমি দহ বছৰ পূৰ্ণ কৰা, সেইটো তোমাৰ ইচ্ছা। মই তোমাক কষ্ট দিব নিবিচাৰোঁ। ইন শ্বা আল্লাহ নিশ্চয় তুমি মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত পাবা’।","footnotes":"","tafseer":"তেওঁলোকৰ পিতৃয়ে মুছা আলাইহিচ্ছালামক সম্বোধন কৰি ক’লেঃ মই মোৰ দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিবাহ দিব বিচাৰিছোঁ। কিন্তু চৰ্ত হৈছে এই বিবাহৰ মোহৰ আদায়ৰ বাবে তুমি আঠ বছৰলৈকে আমাৰ ছাগলীবোৰ পোহ-পাল দিব লাগিব। যদি দহ বছৰ সম্পূৰ্ণ কৰা তেন্তে এইটো তোমাৰ ফালৰ পৰা কৃপা বুলি গণ্য হ’ব, কিন্তু এইটো তোমাৰ বাবে অনিবাৰ্য্য নহয়। কাৰণ নিৰ্ধাৰিত থাকিব কেৱল আঠ বছৰ। ইয়াতকৈ অধিক হ’লে অতিৰিক্ত বুলি গণ্য হ’ব। মই তোমাৰ ওপৰত বোজা অৰ্পন কৰি তোমাক কষ্ট দিব বিচৰা নাই। ইন শ্বা আল্লাহ তুমি মোক সদাচাৰীসকলৰ অন্তৰ্ভুক্ত পাবা, যিসকলে প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028027.mp3"},{"index":"28","arabicText":"قَالَ ذٰلِكَ بَیْنِیْ وَبَیْنَكَ ؕ اَیَّمَا الْاَجَلَیْنِ قَضَیْتُ فَلَا عُدْوَانَ عَلَیَّ ؕ وَاللّٰهُ عَلٰی مَا نَقُوْلُ وَكِیْلٌ ۟۠","assameseTranslation":"মুছাই ক’লে, ‘(ঠিক আছে) তেন্তে এয়া মোৰ আৰু আপোনাৰ মাজত বন্দবস্ত হ’ল। এই দুটা ম্যাদৰ যিকোনো এটা পূৰণ কৰিলেই যেন মোৰ প্ৰতি কোনো অভিযোগ নাথাকে। আমি যি বিষয়ে কথা কৈ আছোঁ আল্লাহেই ইয়াৰ কৰ্মবিধায়ক’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে ক’লেঃ ঠিক আছে, এইটোৱে মোৰ আৰু আপোনাৰ মাজত চুক্তিৰ চূড়ান্ত সিদ্ধান্ত। দুটা ম্যাদৰ (অৰ্থাৎ আঠ বছৰেই হওক অথবা দহ বছৰ) যিকোনো এটা সময়সীমা পূৰণ কৰিলেই মই মোৰ দায়িত্ব পূৰণ কৰা বুলি গণ্য হ'ম। কিন্তু ইয়াতকৈ অধিক সময়সীমা আপুনি বৃদ্ধি কৰিব নোৱাৰিব। আমাৰ মাজত যিটো চুক্তি চূড়ান্ত হ’ল, ইয়াৰ সাক্ষী তথা নিৰীক্ষক হিচাপে আল্লাহেই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028028.mp3"},{"index":"29","arabicText":"فَلَمَّا قَضٰی مُوْسَی الْاَجَلَ وَسَارَ بِاَهْلِهٖۤ اٰنَسَ مِنْ جَانِبِ الطُّوْرِ نَارًا ۚ قَالَ لِاَهْلِهِ امْكُثُوْۤا اِنِّیْۤ اٰنَسْتُ نَارًا لَّعَلِّیْۤ اٰتِیْكُمْ مِّنْهَا بِخَبَرٍ اَوْ جَذْوَةٍ مِّنَ النَّارِ لَعَلَّكُمْ تَصْطَلُوْنَ ۟","assameseTranslation":"এতেকে মুছাই যেতিয়া তেওঁৰ ম্যাদ পূৰ্ণ কৰাৰ পিছত সপৰিয়ালে যাত্ৰা কৰিলে, তেতিয়া তেওঁ তূৰ পৰ্বতৰ ফালে জুই দেখা পালে। তেওঁ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, মই জুই দেখিছোঁ, সম্ভৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ আনিব পাৰিম, নাইবা এডোখৰ অন্ধৰাকে লৈ আহিম যাতে তোমালোকে জুই পুঁৱাব পাৰা’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে যেতিয়া অধিকতম ম্যাদ অৰ্থাৎ দহ বছৰ সম্পূৰ্ণ কৰি নিজ পৰিয়ালক লগত লৈ মাদিয়ানৰ পৰা মিচৰলৈ ৰাওনা হ’ল, তেতিয়া তেওঁ তুৰ পৰ্বতৰ প্ৰান্তত জুই দেখা পালে। সেয়ে তেওঁ নিজ পৰিয়ালক ক’লেঃ তোমালোকে ইয়াতে অৱস্থান কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। গতিকে সম্ভৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ লৈ আহিব পাৰিম নাইবা একুৰা জুই আনিম, যিটোৰ জৰিয়তে তোমালোকে জুই জ্বলাই শীতৰ পৰা ৰক্ষা পাব পাৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028029.mp3"},{"index":"30","arabicText":"فَلَمَّاۤ اَتٰىهَا نُوْدِیَ مِنْ شَاطِئِ الْوَادِ الْاَیْمَنِ فِی الْبُقْعَةِ الْمُبٰرَكَةِ مِنَ الشَّجَرَةِ اَنْ یّٰمُوْسٰۤی اِنِّیْۤ اَنَا اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟ۙ","assameseTranslation":"এতেকে যেতিয়া মুছাই জুইৰ ওচৰ পালেগৈ, তেতিয়া উপত্যকাৰ সোঁ ফালৰ বৰকতময় ভূমিৰ ওপৰত অৱস্থিত সুনিৰ্দিষ্ট গছৰ পৰা তেওঁক মাতি কোৱা হ’ল, ‘হে মুছা! ময়েই আল্লাহ বিশ্বজগতৰ প্ৰতিপালক;’","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে যেতিয়া তেওঁ দেখা পোৱা জুই কুৰাৰ ওচৰ পালেগৈ, তেতিয়া মহান তথা পৱিত্ৰ আল্লাহে উপত্যকাৰ সোঁফালৰ পৰা, অৰ্থাৎ সেই স্থানৰ পৰা যি স্থানক আল্লাহে মুছা আলাইহিচ্ছালামৰ লগত কথাপোকথনৰ বাবে বৰকতময় কৰি দিছিল, এজোপা গছৰ পৰা মাতি ক’লেঃ হে মুছা! ময়েই আল্লাহ, গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028030.mp3"},{"index":"31","arabicText":"وَاَنْ اَلْقِ عَصَاكَ ؕ فَلَمَّا رَاٰهَا تَهْتَزُّ كَاَنَّهَا جَآنٌّ وَّلّٰی مُدْبِرًا وَّلَمْ یُعَقِّبْ ؕ یٰمُوْسٰۤی اَقْبِلْ وَلَا تَخَفْ ۫ اِنَّكَ مِنَ الْاٰمِنِیْنَ ۟","assameseTranslation":"আৰু কোৱা হ’ল, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত তেওঁ যেতিয়া সেইডালক সাপৰ নিচিনা কেৰমেৰ কৰা দেখিলে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি নাচালে। (তেওঁক কোৱা হ’ল,) ‘হে মুছা! সন্মুখলৈ আহা, ভয় নকৰিবা, নিশ্চয় তুমি নিৰাপদ’।","footnotes":"","tafseer":"তথা তেওঁক আদেশ দিলে, তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা। মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি লাখুটিডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ সেইডালক সাপৰ দৰে দ্ৰুত লৰচৰ আৰু চোঁচৰি গতি কৰা দেখিলে তেতিয়া তেওঁ ভয়তে দৌৰি পলায়ন কৰিবলৈ ধৰিলে, আনকি পিছফালেও ঘূৰি চোৱা নাছিল। এই দেখি আল্লাহে তেওঁক ক’লেঃ হে মুছা! ভয় নকৰিব, আগুৱাই যাওক। কাৰণ নিশ্চিতভাৱে আপোনাক সুৰক্ষিত কৰা হৈছে সেই সকলো বস্তুৰ পৰা যিবোৰক দেখি আপুনি ভয় পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028031.mp3"},{"index":"32","arabicText":"اُسْلُكْ یَدَكَ فِیْ جَیْبِكَ تَخْرُجْ بَیْضَآءَ مِنْ غَیْرِ سُوْٓءٍ ؗ وَّاضْمُمْ اِلَیْكَ جَنَاحَكَ مِنَ الرَّهْبِ فَذٰنِكَ بُرْهَانٰنِ مِنْ رَّبِّكَ اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ ؕ اِنَّهُمْ كَانُوْا قَوْمًا فٰسِقِیْنَ ۟","assameseTranslation":"তোমাৰ হাতখন তোমাৰ কাষলতিত থোৱা, (দেখিবা) এইখন ত্ৰুটিমুক্ত অৱস্থাত শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। লগতে ভয় দূৰ কৰিবলৈ তোমাৰ বাহুৰে বুকুখন চেপি ধৰা। এতেকে এই দুটা হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া প্ৰমাণ, ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ বাবে। নিশ্চয় সিহঁত হৈছে ফাছিক্ব সম্প্ৰদায়।","footnotes":"","tafseer":"আপুনি আপোনাৰ হাতখন কাষলতিত সোমোৱাই দিয়ক, চাব হাতখন ওলাই আনিলে শুভ্ৰ উজ্জ্বল হৈ ওলাই আহিব, এইটো কোনো পখৰা ৰোগ নহয়। এতেকে মুছাই যেতিয়া নিজৰ হাতখন কাষলতিত সোমোৱাই দিলে, সঁচাই হাতখন ওলাই অনাত বৰফৰ দৰে বগা হৈ ওলাই আহিল। এতিয়া আপুনি আপোনাৰ হাতখন বুকুত ৰাখি দিয়ক যাতে আপোনাৰ ভয়-ভীতি দূৰ হয়। এতেকে মুছা আলাইহিচ্ছালামে তেনেকুৱাই কৰিলে, ফলত তেওঁৰ ভয়-ভীতি দূৰ হৈ গ’ল। উক্ত দুয়োটা নিদৰ্শন -অৰ্থাৎ লাখুটি আৰু উজ্জ্বল হাত- ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ প্ৰতি প্ৰেৰণ কৰা অন্যতম দলিল। নিশ্চয় সিহঁত আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত সম্প্ৰদায়ৰ লোক আছিল, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু গুনাহৰ কৰ্মত লিপ্ত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028032.mp3"},{"index":"33","arabicText":"قَالَ رَبِّ اِنِّیْ قَتَلْتُ مِنْهُمْ نَفْسًا فَاَخَافُ اَنْ یَّقْتُلُوْنِ ۟","assameseTranslation":"মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই সিহঁতৰ এজনক হত্যা কৰিছিলোঁ। ফলত মই আশংকা কৰিছোঁ সিহঁতে মোক হত্যা কৰিব চাগে’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ নিশ্চয় মই সিহঁতৰ মাজৰ এজনক হত্যা কৰিছিলোঁ। গতিকে মই যদি এই বাৰ্তা লৈ সিহঁতৰ ওচৰলৈ গৈ উপস্থিত হওঁ, তেন্তে সিহঁতে মোক হত্যা কৰিব বুলি মই ভয় কৰি আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028033.mp3"},{"index":"34","arabicText":"وَاَخِیْ هٰرُوْنُ هُوَ اَفْصَحُ مِنِّیْ لِسَانًا فَاَرْسِلْهُ مَعِیَ رِدْاً یُّصَدِّقُنِیْۤ ؗ اِنِّیْۤ اَخَافُ اَنْ یُّكَذِّبُوْنِ ۟","assameseTranslation":"‘আৰু মোৰ ভাতৃ হাৰূন মোতকৈ বাগ্মী, এতেকে তেওঁক মোৰ সহায়কাৰীৰূপে প্ৰেৰণ কৰা, তেওঁ মোক সমৰ্থন কৰিব। নিশ্চয় মই আশংকা কৰোঁ সিহঁতে মোক মিছলীয়া বুলি আৰোপ লগাব’।","footnotes":"","tafseer":"মোৰ ভাই হাৰূন মোতকৈ অধিক ভাষাজ্ঞানত পাকৈত। গতিকে তেওঁক মোৰ সহায়ক হিচাপে প্ৰেৰণ কৰা। ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে যদি মোক অস্বীকাৰ কৰে তেতিয়া তেওঁ যাতে মোক সমৰ্থন কৰে। মই আশংকা কৰিছোঁ সিহঁতেও মোক সেইদৰেই অস্বীকাৰ কৰিব, যিদৰে মোৰ পূৰ্বৱৰ্তী ৰাছুলসকলক অন্যান্য জাতিয়ে অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028034.mp3"},{"index":"35","arabicText":"قَالَ سَنَشُدُّ عَضُدَكَ بِاَخِیْكَ وَنَجْعَلُ لَكُمَا سُلْطٰنًا فَلَا یَصِلُوْنَ اِلَیْكُمَا ۛۚ بِاٰیٰتِنَاۤ ۛۚ اَنْتُمَا وَمَنِ اتَّبَعَكُمَا الْغٰلِبُوْنَ ۟","assameseTranslation":"আল্লাহে ক’লে, ‘(ঠিক আছে) অনতিপলমে আমি তোমাৰ ভাতৃৰ দ্বাৰা তোমাৰ বাহুক শক্তিশালী কৰিম আৰু তোমালোক উভয়কে আধিপত্য দান কৰিম। ফলত সিহঁতে তোমালোকৰ ওচৰ চাপিব নোৱাৰিব। আমাৰ নিদৰ্শনাৱলীৰ দ্বাৰাই তোমালোকে আৰু তোমালোকৰ অনুসাৰীসকলে সিহঁতৰ ওপৰত বিজয় লাভ কৰিবা’।","footnotes":"","tafseer":"আল্লাহে মুছা আলাইহিচ্ছালামৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ক'লেঃ হে মুছা! অচিৰেই আমি আপোনাৰ ভাতৃক আপোনাৰ সহায়ক ৰাছুল বনাই আপোনাক শক্তিশালী কৰিম। লগতে আমি আপোনালোকক দলিল-প্ৰমাণ আৰু সমৰ্থন প্ৰদান কৰিম। এতেকে আমি আপোনালোকক যি বাৰ্তা প্ৰদান কৰি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰি আছোঁ, এই বিষয়ক কেন্দ্ৰ কৰি সিহঁতে আপোনালোকৰ একো অনিষ্ট কৰিব নোৱাৰিব। নিশ্চিতভাৱে আপোনালোক দুয়ো আৰু আপোনালোকৰ অনুসাৰী মুমিনসকলেই বিজয়প্ৰাপ্ত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028035.mp3"},{"index":"36","arabicText":"فَلَمَّا جَآءَهُمْ مُّوْسٰی بِاٰیٰتِنَا بَیِّنٰتٍ قَالُوْا مَا هٰذَاۤ اِلَّا سِحْرٌ مُّفْتَرًی وَّمَا سَمِعْنَا بِهٰذَا فِیْۤ اٰبَآىِٕنَا الْاَوَّلِیْنَ ۟","assameseTranslation":"এতেকে মুছাই যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ সুস্পষ্ট নিদৰ্শনসমূহ লৈ উপস্থিত হ’ল, সিহঁতে ক’লে, ‘এয়া অলীক যাদুৰ বাহিৰে আন একো নহয়! আৰু আমি আমাৰ পুৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলোঁ’।","footnotes":"","tafseer":"যেতিয়া মুছা আলাইহিচ্ছালামে আমাৰ প্ৰকাশ্য আয়াতসমূহ লৈ সিহঁতৰ ওচৰত আহি উপস্থিত হ'ল, তেতিয়া সিহঁতে ক'লেঃ এইবোৰ মিছা তথা এইবোৰ মুছা নিজেই ৰচনা কৰিছে। আমি আমাৰ পূৰ্বৱৰ্তী লোকসকলৰ ওচৰত এনেকুৱা বিষয় সম্পৰ্কে শুনা নাছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028036.mp3"},{"index":"37","arabicText":"وَقَالَ مُوْسٰی رَبِّیْۤ اَعْلَمُ بِمَنْ جَآءَ بِالْهُدٰی مِنْ عِنْدِهٖ وَمَنْ تَكُوْنُ لَهٗ عَاقِبَةُ الدَّارِ ؕ اِنَّهٗ لَا یُفْلِحُ الظّٰلِمُوْنَ ۟","assameseTranslation":"আৰু মুছাই ক’লে, ‘মোৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোনে তেওঁৰ পৰা হিদায়ত লৈ আহিছে আৰু আখিৰাতত কাৰ পৰিণাম শুভ হ’ব। নিশ্চয় যালিমসকল সফল নহ’ব’।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে ফিৰআউনক সম্বোধন কৰি ক’লেঃ মোৰ প্ৰতিপালকে সেইজন সত্যবাদীক ভালকৈয়ে জানে, যিজনে তেওঁৰ ফালৰ পৰা হিদায়তলৈ আগমন কৰিছে। লগতে সেই ব্যক্তিকো ভালদৰে জানে, আখিৰাতত যাৰ পৰিণাম উত্তম হ’ব। নিশ্চিতভাৱে অন্যায়কাৰীসকলে কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ’ব নোৱাৰিব, লগতে সিহঁতে ভয় কৰা বস্তুৰ পৰাও ৰক্ষা পাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028037.mp3"},{"index":"38","arabicText":"وَقَالَ فِرْعَوْنُ یٰۤاَیُّهَا الْمَلَاُ مَا عَلِمْتُ لَكُمْ مِّنْ اِلٰهٍ غَیْرِیْ ۚ فَاَوْقِدْ لِیْ یٰهَامٰنُ عَلَی الطِّیْنِ فَاجْعَلْ لِّیْ صَرْحًا لَّعَلِّیْۤ اَطَّلِعُ اِلٰۤی اِلٰهِ مُوْسٰی ۙ وَاِنِّیْ لَاَظُنُّهٗ مِنَ الْكٰذِبِیْنَ ۟","assameseTranslation":"ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইট তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, সম্ভৱতঃ তাত উঠি মই মুছাৰ ইলাহক ভূমুকি মাৰি চাব পাৰিম। কিন্তু মোৰ মতে সি হৈছে এজন মিছলীয়া’।","footnotes":"","tafseer":"তেতিয়া ফিৰআউনে তাৰ সম্প্ৰদায়ৰ প্ৰমুখ ব্যক্তিসকলক সম্বোধন কৰি ক’লেঃ হে প্ৰমুখসকল! মই মোৰ বাহিৰে তোমালোকৰ বাবে আন কোনো উপাস্যৰ বিষয়ে নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে মাটি পুৰি ইট তৈয়াৰ কৰা, ইট প্ৰস্তুত হ’লে সেই ইটেৰে মোৰ বাবে এখন সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে সেই ভৱনৰ ওপৰত থিয় হৈ মই মুছাৰ প্ৰতিপালকক চাব পাৰোঁ আৰু তেওঁৰ বিষয়ে জানিব পাৰোঁ। মই নিশ্চিত যে মুছা এইক্ষেত্ৰত এজন মিছলীয়া, কাৰণ সি মিছা দাবী কৰিছে যে, সি আল্লাহৰ ফালৰ পৰা মোৰ ওচৰলৈ তথা মোৰ সম্প্ৰদায়ৰ ওচৰলৈ ৰাছুল হিচাপে আগমন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028038.mp3"},{"index":"39","arabicText":"وَاسْتَكْبَرَ هُوَ وَجُنُوْدُهٗ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَظَنُّوْۤا اَنَّهُمْ اِلَیْنَا لَا یُرْجَعُوْنَ ۟","assameseTranslation":"ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাবিছিল যে, সিহঁতক আমাৰ ওচৰলৈ ওভতাই অনা নহ’ব।","footnotes":"","tafseer":"ফিৰআউন আৰু তাৰ সেনাবাহিনীৰ অহংকাৰ বৃদ্ধি পাবলৈ ধৰিলে। ইপিনে সিহঁতে মিচৰৰ ভূমিত অন্যায়ভাৱে শাসন চলাইছিল। লগতে সিহঁতে মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থানকো অস্বীকাৰ কৰিছিল। লগতে সিহঁতে ধাৰণা পোষণ কৰিছিল যে, সিহঁতক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে তথা শাস্তিৰ বাবে আমাৰ ওচৰলৈ ওভোতাই অনা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028039.mp3"},{"index":"40","arabicText":"فَاَخَذْنٰهُ وَجُنُوْدَهٗ فَنَبَذْنٰهُمْ فِی الْیَمِّ ۚ فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الظّٰلِمِیْنَ ۟","assameseTranslation":"সেয়ে আমি তাক আৰু তাৰ সৈন্যবাহিনীক কৰায়ত্ত কৰি সাগৰত নিক্ষেপ কৰিলোঁ। এতেকে চোৱা, যালিমসকলৰ পৰিণাম কেনেকুৱা আছিল!","footnotes":"","tafseer":"ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক কৰায়ত্ত কৰিলোঁ, তথা সিহঁতক সাগৰত ডুবাই মাৰিবলৈ নিক্ষেপ কৰিলোঁ, অৱশেষত সিহঁত সকলোৱে ধ্বংস হ’ল। এতেকে হে ৰাছুল! আপুনি চিন্তা কৰি চাওক, অন্যায়কাৰীসকলৰ পৰিণতি আৰু শেষ পৰিণাম কেনেকুৱা! নিশ্চিতভাৱে সিহঁতৰ অন্ত তথা শেষ পৰিণাম হৈছে ধ্বংস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028040.mp3"},{"index":"41","arabicText":"وَجَعَلْنٰهُمْ اَىِٕمَّةً یَّدْعُوْنَ اِلَی النَّارِ ۚ وَیَوْمَ الْقِیٰمَةِ لَا یُنْصَرُوْنَ ۟","assameseTranslation":"আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলোঁ; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক অকণো সহায় কৰা নহ’ব।","footnotes":"","tafseer":"আমি সিহঁতক পাষণ্ড দুৰাচাৰী লোকৰ নেতা বনাইছিলোঁ, সিহঁতে কুফৰী আৰু ভ্ৰান্ত মতবাদৰ দ্বাৰা মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল। কিয়ামতৰ দিনা সিহঁতে শাস্তিৰ পৰা ৰক্ষা পাবলৈ কোনো ধৰণৰ সহায় বিচাৰি নাপাব। বৰং সিহঁতক দ্বিগুণ শাস্তি প্ৰদান কৰা হ’ব, কাৰণ সিহঁতে পাপকৰ্মৰ পৰম্পৰা সৃষ্টি কৰিছিল আৰু মানুহক বিভ্ৰান্ত মতবাদৰ পিনে আহ্বান কৰিছিল। সেইকাৰণে সিহঁতে নিজৰ আমলৰ শাস্তিও ভোগ কৰিব, লগতে সিহঁতৰ কথা মতে আমল কৰা লোকৰ পাপ কৰ্মৰ শাস্তিৰ অংশীদাৰো সিহঁতে হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028041.mp3"},{"index":"42","arabicText":"وَاَتْبَعْنٰهُمْ فِیْ هٰذِهِ الدُّنْیَا لَعْنَةً ۚ وَیَوْمَ الْقِیٰمَةِ هُمْ مِّنَ الْمَقْبُوْحِیْنَ ۟۠","assameseTranslation":"এই পৃথিৱীত আমি সিহঁতৰ পিছত লগাই দিছিলোঁ অভিসম্পাত, আৰু কিয়ামতৰ দিনা সিহঁত হ’ব ঘৃণিতসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"সিহঁতৰ শাস্তি বৃদ্ধি কৰিবলৈ এই পৃথিৱীত আমি তিৰস্কাৰ আৰু ধিক্কাৰ সিহঁতৰ সৈতে সম্পৃক্ত কৰি দিছোঁ, তথা কিয়ামতৰ দিনা সিহঁত হ’ব লাঞ্ছিত আৰু অপমানিত। সিহঁত আল্লাহৰ ৰহমতৰ পৰা বহু দূৰৈত অৱস্থান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028042.mp3"},{"index":"43","arabicText":"وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ مِنْ بَعْدِ مَاۤ اَهْلَكْنَا الْقُرُوْنَ الْاُوْلٰی بَصَآىِٕرَ لِلنَّاسِ وَهُدًی وَّرَحْمَةً لَّعَلَّهُمْ یَتَذَكَّرُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, (যিখন আছিল) মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"পূৰ্বৱৰ্তী উম্মতসমূহৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলোঁ তাওৰাত, তথাপিও সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। ফলত অস্বীকাৰ কৰাৰ কাৰণে আমি সিহঁতক ধ্বংস কৰিছিলোঁ। ইয়াৰ মাজত আছে মানুহৰ বাবে উপদেশ, অৰ্থাৎ কোনটো বিষয় সিহঁতৰ বাবে উপকাৰী যিটোৰ ওপৰত সিহঁতে আমল কৰা উচিত; আৰু কোনটো বিষয় সিহঁতৰ বাবে ক্ষতিকাৰক, যিটোক সিহঁতে পৰিত্যাগ কৰা উচিত। তথা ইয়াত আছে কল্যাণৰ পিনে লৈ যোৱা সঠিক দিশনিৰ্দেশনা। লগতে আছে দয়া আৰু কৃপা, যিটো পৃথিৱী আৰু আখিৰাতৰ বাবে অতি কল্যাণকৰ। যাতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে আৰু ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028043.mp3"},{"index":"44","arabicText":"وَمَا كُنْتَ بِجَانِبِ الْغَرْبِیِّ اِذْ قَضَیْنَاۤ اِلٰی مُوْسَی الْاَمْرَ وَمَا كُنْتَ مِنَ الشّٰهِدِیْنَ ۟ۙ","assameseTranslation":"(হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলোঁ তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শীসকলৰো অন্তৰ্ভুক্ত নাছিলা।","footnotes":"","tafseer":"যেতিয়া আমি মুছা আলাইহিচ্ছালামক এই সংবাদ দিছিলোঁ যে, আপোনাক ৰাছুল বনাই ফিৰআউন আৰু তাৰ প্ৰমুখ নেতাসকলৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব, তেতিয়া সেইসময়ত হে ৰাছুল! পৰ্বতৰ পশ্চিম প্ৰান্তত আপুনি উপস্থিত নাছিল। আনকি সেই সংবাদ সংগ্ৰহ কৰিবলৈও আপুনি তাত উপস্থিত নাছিল যে, সেইবোৰ আপুনি মানুহৰ ওচৰত বৰ্ণনা কৰিব। এতেকে আপুনি মানুহক যি সংবাদ দি আছে, সেইবোৰ হৈছে দৰাচলতে আল্লাহৰ ফালৰ পৰা আপোনাৰ প্ৰতি প্ৰেৰণ কৰা অহী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028044.mp3"},{"index":"45","arabicText":"وَلٰكِنَّاۤ اَنْشَاْنَا قُرُوْنًا فَتَطَاوَلَ عَلَیْهِمُ الْعُمُرُ ۚ وَمَا كُنْتَ ثَاوِیًا فِیْۤ اَهْلِ مَدْیَنَ تَتْلُوْا عَلَیْهِمْ اٰیٰتِنَا ۙ وَلٰكِنَّا كُنَّا مُرْسِلِیْنَ ۟","assameseTranslation":"প্ৰকৃততে (মুছাৰ পিছত) আমি বহু প্ৰজন্মৰ আৱিৰ্ভাব ঘটাইছিলোঁ; সিহঁতৰ ওপৰতো বহু যুগ অতিবাহিত হৈ গৈছে। তুমি মাদিয়ানবাসীবিলাকৰ মাজত বিদ্যমান নাছিলা যে, সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰিবা। মুঠতে আমিহে ৰাছুল প্ৰেৰণকাৰী।","footnotes":"","tafseer":"মুছাৰ পিছতো আমি বহুতো উম্মত সৃষ্টি কৰিছিলোঁ, যিসকলে দীৰ্ঘ সময় অতিবাহিত কৰিছিল। ফলত আল্লাহে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহক সিহঁতে পাহৰি গৈছিল। (হে ৰাছুল) আপুনি মাদিয়ানবাসীৰ মাজত অৱস্থান কৰা নাছিল যে, সিহঁতক আমাৰ আয়াতসমূহ পাঠ কৰি শুনোৱাব। কিন্তু আমিয়েই আপোনাক আমাৰ ফালৰ পৰা ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ। তথা আপোনাক মুছাৰ সংবাদ আৰু মাদিয়ানত তেওঁৰ অৱস্থান কৰা পৰিস্থিতি সম্পৰ্কে অহীৰ দ্বাৰা অৱগত কৰাইছোঁ। গতিকে আল্লাহে আপোনাৰ প্ৰতি যি অহী কৰিছে সেইটোহে আপুনি মানুহক অৱগত কৰাই আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028045.mp3"},{"index":"46","arabicText":"وَمَا كُنْتَ بِجَانِبِ الطُّوْرِ اِذْ نَادَیْنَا وَلٰكِنْ رَّحْمَةً مِّنْ رَّبِّكَ لِتُنْذِرَ قَوْمًا مَّاۤ اَتٰىهُمْ مِّنْ نَّذِیْرٍ مِّنْ قَبْلِكَ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟","assameseTranslation":"এইদৰে মুছাক যেতিয়া আমি মাতিছিলোঁ তেতিয়াও তুমি তূৰ পৰ্বতৰ ওচৰত উপস্থিত নাছিলা। প্ৰকৃততে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাছিল, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"আৰু মুছাক যেতিয়া আমি আহ্বান কৰিছিলোঁ তথা তেওঁক আমি যি অহী কৰিছিলোঁ, তেতিয়াও আপুনি তাত উপস্থিত নাছিল যে, সেই সম্পৰ্কে আপুনি মানুহক অৱগত কৰিব। কিন্তু আমিয়েই আপোনাক মানুহৰ ওচৰলৈ ৰহমত হিচাপে প্ৰেৰণ কৰিছোঁ। তথা আপোনাৰ প্ৰতি সেই সকলো তথ্য অহী কৰিছোঁ, যাতে আপুনি এনেকুৱা এটা জাতিক সতৰ্ক কৰিব পাৰে, যি জাতিৰ ওচৰলৈ আপোনাৰ পূৰ্বে সতৰ্ককাৰী কোনো ৰাছুল আগমন কৰা নাছিল। যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে, তথা আপুনি আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028046.mp3"},{"index":"47","arabicText":"وَلَوْلَاۤ اَنْ تُصِیْبَهُمْ مُّصِیْبَةٌ بِمَا قَدَّمَتْ اَیْدِیْهِمْ فَیَقُوْلُوْا رَبَّنَا لَوْلَاۤ اَرْسَلْتَ اِلَیْنَا رَسُوْلًا فَنَتَّبِعَ اٰیٰتِكَ وَنَكُوْنَ مِنَ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু ৰাছুল প্ৰেৰণ নকৰাকৈ সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ-আপদ আহিলে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ কৰা নাছিলা, ৰাছুল প্ৰেৰণ কৰিলেহে আমি তোমাৰ নিদৰ্শন মানি চলিব পাৰিলোঁহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন’।","footnotes":"","tafseer":"ৰাছুল প্ৰেৰণ নকৰাকৈ সিহঁতৰ কুফৰী আৰু গুনাহৰ কাৰণে যদি সিহঁতৰ ওপৰত কোনো শাস্তি আহি পৰিলহেঁতেন তেতিয়া সিহঁতে নিশ্চয় ক’লেহেঁতেনঃ (হে আমাৰ প্ৰতিপালক!) তুমি আমাৰ ওচৰলৈ ৰাছুল কিয় প্ৰেৰণ নকৰিলা, আমি তোমাৰ আয়াতসমূহৰ অনুসৰণ কৰিলোঁহেঁতেন আৰু সেইমতে আমল কৰিলোঁহেঁতেন। লগতে নিজ প্ৰতিপালকৰ আদেশ মতে আমল কৰা মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোঁহেঁতেন? যদি এই অভিযোগ উত্থাপনৰ অৱকাশ নাথাকিলহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতক শীঘ্ৰেই শাস্তি প্ৰদান কৰিলোঁহেতেন। কিন্তু সেই শাস্তিটোক আমি পিছুৱাই ৰাখিছোঁ, যাতে ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ এই অভিযোগ উত্থাপনৰ সুযোগটো নাইকিয়া কৰিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028047.mp3"},{"index":"48","arabicText":"فَلَمَّا جَآءَهُمُ الْحَقُّ مِنْ عِنْدِنَا قَالُوْا لَوْلَاۤ اُوْتِیَ مِثْلَ مَاۤ اُوْتِیَ مُوْسٰی ؕ اَوَلَمْ یَكْفُرُوْا بِمَاۤ اُوْتِیَ مُوْسٰی مِنْ قَبْلُ ۚ قَالُوْا سِحْرٰنِ تَظٰهَرَا ۥ۫ وَقَالُوْۤا اِنَّا بِكُلٍّ كٰفِرُوْنَ ۟","assameseTranslation":"এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ সত্য আহি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘মুছাক যি দিয়া হৈছিল, তেওঁকো তেনেকুৱা (নিদৰ্শন) দিয়া নহ’ল কিয়’? (তেন্তে কোৱাচোন) ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল তাক সিহঁতে অস্বীকাৰ কৰা নাছিলনে? সিহঁতে কৈছিল, ‘দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে’। লগতে সিহঁতে কৈছিল, ‘নিশ্চয় আমি এটাকো নামানো’।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ তৰফৰ পৰা ৰিছালত লৈ যেতিয়া কুৰাইশ্বৰ ওচৰলৈ আগমন কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে ইয়াহুদীসকলক সুধিলে, আৰু ইয়াহুদীসকলে সিহঁতক বুজাই পৰাই দিলে, সেই শুনি সিহঁতে ক’লেঃ মুহাম্মদে নিজ প্ৰতিপালকৰ তৰফৰ পৰা মুছাৰ দৰে নিদৰ্শন লৈ কিয় নাহে? যেনেঃ শুভ্ৰোজ্জ্বল হাত, লাখুটি আদি। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওক, ইতিপূৰ্বে মুছাক যিবোৰ নিদৰ্শন দিয়া হৈছিল ইয়াহুদীসকলে সেইবোৰক নাকচ কৰা নাছিলনে? সিহঁতে দেখোন তাওৰাত আৰু কোৰআন উভয়ৰ বিষয়ে কয়ঃ এই দুয়োটা হৈছে যাদু, তথা এটাই আনটোক সমৰ্থন কৰে। সিহঁতে এই কথাও কয় যে, আমি কোৰআন আৰু তাওৰাত দুয়োটাকেই অস্বীকাৰ কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028048.mp3"},{"index":"49","arabicText":"قُلْ فَاْتُوْا بِكِتٰبٍ مِّنْ عِنْدِ اللّٰهِ هُوَ اَهْدٰی مِنْهُمَاۤ اَتَّبِعْهُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আল্লাহৰ তৰফৰ পৰা এখন কিতাব লৈ আহা, যিখন পথনিৰ্দেশত এই দুখনতকৈ উৎকৃষ্ট হ’ব, মই নিজে সেই কিতাবৰ অনুসৰণ কৰিম’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়ক, তোমালোকৰ দাবী অনুসৰি তাওৰাত আৰু কোৰআন যদি সঁচাই যাদু হয়, এতেকে তোমালোকে যদি নিজৰ এই দাবীত সত্যবাদী হোৱা তেন্তে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ এনেকুৱা এখন গ্ৰন্থ লৈ অহা, যি গ্ৰন্থই কোৰআন আৰু তাওৰাততকৈ অধিক সত্যৰ পথ দেখুৱাব। যদি তোমালোকে এনেকুৱা গ্ৰন্থ লৈ আহিব পাৰা তেন্তে ময়ো সেই গ্ৰন্থৰ অনুসৰণ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028049.mp3"},{"index":"50","arabicText":"فَاِنْ لَّمْ یَسْتَجِیْبُوْا لَكَ فَاعْلَمْ اَنَّمَا یَتَّبِعُوْنَ اَهْوَآءَهُمْ ؕ وَمَنْ اَضَلُّ مِمَّنِ اتَّبَعَ هَوٰىهُ بِغَیْرِ هُدًی مِّنَ اللّٰهِ ؕ اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟۠","assameseTranslation":"এতেকে সিহঁতে যদি তোমাৰ আহ্বানত সঁহাৰি নিদিয়ে, তেন্তে জানি থোৱা, সিহঁতে কেৱল নিজৰ কামনা-বাসনাৰহে অনুসৰণ কৰে। যিয়ে আল্লাহৰ পথ-নিৰ্দেশ অগ্ৰাহ্য কৰি নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে সেইজনতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"এতেকে কুৰাইশ্বে যদি তাওৰাত আৰু কোৰআনতকৈ অধিক সঠিক গ্ৰন্থ লৈ অহাৰ এই আহ্বান স্বীকাৰ নকৰে তেন্তে আপুনি নিশ্চিতৰূপে জানি থওক যে, সিহঁতে এই দুখন গ্ৰন্থক নাকচ কৰাটো হৈছে ভিত্তিহীন। বৰং প্ৰবৃত্তিৰ অনুসৰণ কৰি সিহঁতে এনেকুৱা সংহতিহীন কথা কয়। সেই ব্যক্তিতকৈ অধিক পথভ্ৰষ্ট আন কোনেও হ’ব নোৱাৰে, যিয়ে আল্লাহৰ হিদায়ত অবিহনে নিজৰ মনৰ চাহিদাৰ অনুসৰণ কৰে। প্ৰকৃততে আল্লাহে সেইসকল লোকক কেতিয়াও সত্যৰ পথ নেদেখুৱায়, যিসকলে আল্লাহৰ লগত কুফৰী কৰি নিজৰেই অন্যায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028050.mp3"},{"index":"51","arabicText":"وَلَقَدْ وَصَّلْنَا لَهُمُ الْقَوْلَ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟ؕ","assameseTranslation":"আৰু নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এটাৰ পিছত এটাকৈ বাণী পৌঁচাই দিছোঁ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"নিশ্চয় আমি মুশ্বৰিকসকলৰ ওচৰত পূৰ্বৱৰ্তী উম্মতসমূহৰ অৰ্থাৎ বনী ইছৰাঈলৰ মাজৰ ইয়াহুদীসকলৰ মাজত সংঘটিত হোৱা সকলো ঘটনা সম্পৰ্কীয় বিৱৰণ পৌঁচাই দিছোঁ, লগতে সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰাৰ ফলত যি শাস্তিৰ সন্মুখীন হৈছিল সেই বিষয়েও জনাই দিছোঁ। যাতে সিহঁতে এইবোৰৰ পৰা উপদেশ গ্ৰহণ কৰি ঈমান পোষণ কৰে, আৰু সিহঁতৰ ওপৰতো যাতে তেনেকুৱা শাস্তি নামি নাহে, যেনেকুৱা শাস্তি পূৰ্বৱৰ্তী উম্মতৰ ওপৰত আহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028051.mp3"},{"index":"52","arabicText":"اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ مِنْ قَبْلِهٖ هُمْ بِهٖ یُؤْمِنُوْنَ ۟","assameseTranslation":"ইয়াৰ পূৰ্বে আমি যিসকলক কিতাব প্ৰদান কৰিছিলোঁ, তেওঁলোকেও ইয়াৰ প্ৰতি ঈমান পোষণ কৰে।","footnotes":"","tafseer":"কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বে যিসকলে তাওৰাতৰ ওপৰত দৃঢ়ভাৱে ঈমান পোষণ কৰিছিল, সেইসকল লোকেই কোৰআনৰ ওপৰত ঈমান আনিছে। কাৰণ তেওঁলোকে সেই গ্ৰন্থত কোৰআন সম্পৰ্কে সুসংবাদ তথা ইয়াৰ প্ৰশংসা পঢ়িবলৈ পাইছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028052.mp3"},{"index":"53","arabicText":"وَاِذَا یُتْلٰی عَلَیْهِمْ قَالُوْۤا اٰمَنَّا بِهٖۤ اِنَّهُ الْحَقُّ مِنْ رَّبِّنَاۤ اِنَّا كُنَّا مِنْ قَبْلِهٖ مُسْلِمِیْنَ ۟","assameseTranslation":"আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছোঁ, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলোঁ।’","footnotes":"","tafseer":"যেতিয়া তেওঁলোকৰ ওচৰত কোৰআন তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে কয়ঃ আমি ইয়াৰ প্ৰতি ঈমান আনিছোঁ; নিশ্চিতভাৱে এইখন হৈছে সত্য, ইয়াত কোনো সন্দেহ নাই। এইখন আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। এই কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বৰে পৰা আমি মুছলিম, কাৰণ ইয়াৰ পূৰ্বে ৰাছুলসকলে যি লৈ আহিছিল, আমি সেইবোৰৰ প্ৰতিও ঈমান আনিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028053.mp3"},{"index":"54","arabicText":"اُولٰٓىِٕكَ یُؤْتَوْنَ اَجْرَهُمْ مَّرَّتَیْنِ بِمَا صَبَرُوْا وَیَدْرَءُوْنَ بِالْحَسَنَةِ السَّیِّئَةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟","assameseTranslation":"তেওঁলোকক দুবাৰকৈ প্ৰতিদান দিয়া হ’ব। এই কাৰণে যে, তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল, লগতে তেওঁলোকে ভাল কামৰ দ্বাৰা বেয়া কামক প্ৰতিহত কৰে। এইদৰে আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে।","footnotes":"","tafseer":"উক্ত লোকসকলক আল্লাহে দ্বিগুণ ছোৱাব প্ৰদান কৰিব। কাৰণ তেওঁলোকে নিজৰ ধৰ্মগ্ৰন্থৰ ওপৰতো ধৈৰ্য্য সহকাৰে ঈমান পোষণ কৰিছিল, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম নবী হোৱাৰ পিছত তেওঁৰ প্ৰতিও ঈমান পোষণ কৰিছে। তেওঁলোকেই নেক আমলৰ ছোৱাবৰ জৰিয়তে গুনাহক প্ৰতিহত কৰে। লগতে আমি তেওঁলোকক যি ধন-সম্পদ প্ৰদান কৰিছোঁ, তেওঁলোকে সেইবোৰ নেকীৰ ৰাস্তাত ব্যয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028054.mp3"},{"index":"55","arabicText":"وَاِذَا سَمِعُوا اللَّغْوَ اَعْرَضُوْا عَنْهُ وَقَالُوْا لَنَاۤ اَعْمَالُنَا وَلَكُمْ اَعْمَالُكُمْ ؗ سَلٰمٌ عَلَیْكُمْ ؗ لَا نَبْتَغِی الْجٰهِلِیْنَ ۟","assameseTranslation":"আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা-বতৰা শুনা পায় তেতিয়া তেওঁলোকে তাৰ পৰা মুখ ঘূৰাই লয় আৰু কয়, ‘আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি ‘ছালাম’। আমি মুৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰোঁ’।","footnotes":"","tafseer":"মুমিন বান্দাসকলে যেতিয়া আহলে কিতাবৰ অযথা কথা শুনা পায়, তেতিয়া তেওঁলোকে সেইবোৰক আওকাণ কৰি বেলেগ ফালে মনোযোগ দিয়ে। লগতে সিহঁতক সম্বোধন কৰি কয়ঃ শুনা! আমি আমাৰ কৰ্মৰ প্ৰতিদান পাম আৰু তোমালোকে তোমালোকৰ কৰ্মৰ প্ৰতিদান পাবা। আমাৰ ফালৰ পৰা তোমালোক সকলো ধৰণৰ গোৱাল-গালি আৰু অনিষ্টৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত। আমি মুৰ্খসকলৰ সংস্পৰ্শ নিবিচাৰোঁ, কাৰণ ইয়াৰ মাজত পৃথিৱী আৰু আখিৰাতত ক্ষয়-ক্ষতি আৰু শাস্তি নিহিত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028055.mp3"},{"index":"56","arabicText":"اِنَّكَ لَا تَهْدِیْ مَنْ اَحْبَبْتَ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ۚ وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟","assameseTranslation":"নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি যাকে ইচ্ছা তাকেই ঈমান পোষণ কৰাৰ ক্ষমতা প্ৰদান কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আবু তালিব। কিন্তু একমাত্ৰ আল্লাহেই সেই সত্ত্বা, যিজনে যাক ইচ্ছা কৰে তাকেই হিদায়তৰ তাওফীক দিব পাৰে। কাৰণ তেৱেঁই ভালকৈ জানে, কোন ব্যক্তিয়ে হিদায়ত লাভ কৰি সঠিক পথৰ পথিক হ’ব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028056.mp3"},{"index":"57","arabicText":"وَقَالُوْۤا اِنْ نَّتَّبِعِ الْهُدٰی مَعَكَ نُتَخَطَّفْ مِنْ اَرْضِنَا ؕ اَوَلَمْ نُمَكِّنْ لَّهُمْ حَرَمًا اٰمِنًا یُّجْبٰۤی اِلَیْهِ ثَمَرٰتُ كُلِّ شَیْءٍ رِّزْقًا مِّنْ لَّدُنَّا وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘আমি যদি তোমাৰ লগত সৎপথ অনুসৰণ কৰোঁ তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ’ব’। আমি সিহঁতৰ বাবে এটা নিৰাপদ হাৰাম প্ৰতিষ্ঠা কৰা নাই নে, য’ত সকলো প্ৰকাৰৰ ফল-মূল আমদানী হয়, আমি প্ৰদান কৰা জীৱিকাস্বৰূপ? কিন্তু সিহঁতৰ সৰহভাগ মানুহেই এই বিষয়ে নাজানে।","footnotes":"","tafseer":"মক্কাৰ মুশ্বৰিকসকলে ইছলামৰ অনুসৰণ আৰু ইয়াৰ প্ৰতি ঈমান পোষণৰ পৰা বিৰত থকাৰ ইচ্ছাৰে অজুহাত দাঙি ধৰি কয়ঃ “যদি আমি আপুনি লৈ অহা ইছলাম গ্ৰহণ কৰোঁ, তেন্তে অতিশীঘ্ৰে আমাৰ শত্ৰুসকলে আমাক দেশৰ পৰা বহিষ্কাৰ কৰিব”। এই মুশ্বৰিকসকলৰ বাবে হৰমক আমি নিৰাপত্তাৰ ঠাই বনোৱা নাইনে? যি ঠাইত অন্যায়-অত্যাচাৰ আৰু তেজ প্ৰবাহিত কৰা নিষেধ। তাত সিহঁত শত্ৰুৰ আক্ৰমণৰ পৰাও সুৰক্ষিত। যি ঠাইত সকলো প্ৰকাৰৰ ফল-মূল জীৱিকা স্বৰূপে উপলব্ধ হয়। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই আল্লাহৰ নিয়ামতবোৰৰ বিষয়ে অৱগত নহয়। সেইকাৰণেই আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028057.mp3"},{"index":"58","arabicText":"وَكَمْ اَهْلَكْنَا مِنْ قَرْیَةٍ بَطِرَتْ مَعِیْشَتَهَا ۚ فَتِلْكَ مَسٰكِنُهُمْ لَمْ تُسْكَنْ مِّنْ بَعْدِهِمْ اِلَّا قَلِیْلًا ؕ وَكُنَّا نَحْنُ الْوٰرِثِیْنَ ۟","assameseTranslation":"আৰু আমি বহুতো এনেকুৱা জনপদক ধ্বংস কৰিছোঁ যাৰ বাসিন্দাসকলে নিজৰ ভোগ-সম্পদকলৈ অহংকাৰ কৰিছিল! এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, সিহঁতৰ পিছত এইবোৰ ঘৰ-দুৱাৰত খুব কম মানুহেই বসবাস কৰিছে। আমিয়েই চূড়ান্ত উত্তৰাধিকাৰী (প্ৰকৃত মালিক)!","footnotes":"","tafseer":"বহুতো জনবসতি এনেকুৱা আছিল, যিসকলে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিল, তথা পাপকৰ্ম আৰু অবাধ্যতাত লিপ্ত হৈছিল। অৱশেষত আমি সিহঁতৰ ওপৰত শাস্তি প্ৰেৰণ কৰি সিহঁতক ধ্বংস কৰিছিলোঁ। চোৱা এইবোৰ হৈছে সিহঁতৰ জনশূন্য বাসস্থান, যিবোৰৰ ওচৰেৰে মানুহে অহা যোৱা কৰে। তাত কিছুমান পৰ্যটকৰ বাহিৰে আন কোনেও অৱস্থান নকৰে। প্ৰকৃততে আমিয়েই ইয়াৰ উত্তৰাধিকাৰী; আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলোবোৰৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028058.mp3"},{"index":"59","arabicText":"وَمَا كَانَ رَبُّكَ مُهْلِكَ الْقُرٰی حَتّٰی یَبْعَثَ فِیْۤ اُمِّهَا رَسُوْلًا یَّتْلُوْا عَلَیْهِمْ اٰیٰتِنَا ۚ وَمَا كُنَّا مُهْلِكِی الْقُرٰۤی اِلَّا وَاَهْلُهَا ظٰلِمُوْنَ ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকে কোনো জনপদক সেই ঠাইৰ মূল ভূখণ্ডত কোনো ৰাছুল প্ৰেৰণ নকৰালৈকে (সিহঁতক) ধ্বংস নকৰে, যিজনে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে। কোনো জনপদৰ অধিবাসীবিলাক যালিম নহ’লে আমি সিহঁতক ধ্বংস নকৰোঁ।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো জনবসতিক এনেয়ে ধ্বংস নকৰে, যেতিয়ালৈকে সিহঁতৰ মাজৰ ডাঙৰ জনবসতিৰ মাজত কোনো ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ অভিযোগ উত্থাপনৰ পথ বন্ধ নকৰে। যিদৰে আপোনাক উম্মুল কুৰালৈ (অৰ্থাৎ মক্কালৈ) প্ৰেৰণ কৰিছে। আনহাতে সেইসমূহ জনবসতিকো আমি ধ্বংস নকৰোঁ যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে। বৰং আমি ধ্বংস কৰোঁ সেইসমূহ জনবসতিক, যিবোৰে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028059.mp3"},{"index":"60","arabicText":"وَمَاۤ اُوْتِیْتُمْ مِّنْ شَیْءٍ فَمَتَاعُ الْحَیٰوةِ الدُّنْیَا وَزِیْنَتُهَا ۚ وَمَا عِنْدَ اللّٰهِ خَیْرٌ وَّاَبْقٰی ؕ اَفَلَا تَعْقِلُوْنَ ۟۠","assameseTranslation":"আৰু তোমালোকক যি দিয়া হৈছে সেয়া হৈছে কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰী আৰু সৌন্দৰ্য মাত্ৰ। আনহাতে আল্লাহৰ ওচৰত যি আছে সেয়া হৈছে উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে?","footnotes":"","tafseer":"আল্লাহে তোমালোকক যিবোৰ সা-সামগ্ৰী দান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা তথা পাৰ্থিৱ জীৱনক সুসজ্জিত হিচাপে গঢ়ি তোলা, এটা সময়ত এইবোৰ নিঃশেষ হৈ যাব। পক্ষান্তৰে আখিৰাতত আল্লাহৰ ওচৰত যি মহান ছোৱাব আছে, সেয়া এই পাৰ্থিৱ জীৱনৰ সা-সামগ্ৰীতকৈ তথা শোভা বৃদ্ধি কৰা বস্তুতকৈ অধিক উত্তম আৰু চিৰস্থায়ী। তোমালোকে এইবোৰ বুজি নোপোৱা নেকি? যাতে ধ্বংসশীল বস্তুৰ ওপৰত চিৰস্থায়ী বস্তুক প্ৰধান্য দিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028060.mp3"},{"index":"61","arabicText":"اَفَمَنْ وَّعَدْنٰهُ وَعْدًا حَسَنًا فَهُوَ لَاقِیْهِ كَمَنْ مَّتَّعْنٰهُ مَتَاعَ الْحَیٰوةِ الدُّنْیَا ثُمَّ هُوَ یَوْمَ الْقِیٰمَةِ مِنَ الْمُحْضَرِیْنَ ۟","assameseTranslation":"যাক আমি উত্তম পুৰস্কাৰৰ প্ৰতিশ্ৰুতি দিছোঁ, তেওঁ সেইটো পাবই; তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাক আমি পাৰ্থিৱ জীৱনৰ ভোগ-সম্ভাৰ দিছোঁ, তাৰ পিছত কিয়ামতৰ দিনা সি হ’ব (অপৰাধী হিচাপে) উপস্থিত হোৱা লোকৰ অন্তৰ্ভুক্ত?","footnotes":"","tafseer":"যি ব্যক্তিক আমি আখিৰাতত জান্নাত আৰু তাৰ মাজত থকা চিৰস্থায়ী নিয়ামত প্ৰদানৰ প্ৰতিশ্ৰুতি দিছোঁ, সেইবোৰ তেওঁ নিশ্চয় লাভ কৰিব; এই ব্যক্তিক কেতিয়াও সেই ব্যক্তিৰ লগত তুলনা কৰিব নোৱাৰি, যাক পাৰ্থিৱ জীৱনৰ ধন-সম্পদ আৰু শোভনীয় বস্তু প্ৰদান কৰা হৈছে, কাৰণ কিয়ামতৰ দিনা এনেকুৱা ব্যক্তি জাহান্নামৰ অগ্নিত নিক্ষিপ্তসকলৰ অন্তৰ্ভুক্ত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028061.mp3"},{"index":"62","arabicText":"وَیَوْمَ یُنَادِیْهِمْ فَیَقُوْلُ اَیْنَ شُرَكَآءِیَ الَّذِیْنَ كُنْتُمْ تَزْعُمُوْنَ ۟","assameseTranslation":"আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?","footnotes":"","tafseer":"যিদিনা সিহঁতৰ পৱিত্ৰ আৰু সৰ্বোচ্চ প্ৰতিপালক আল্লাহে সিহঁতক মাতি ক’বঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, মোক এৰি যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, তথা সেইবোৰক মোৰ অংশীদাৰ বুলি ভাবিছিলা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028062.mp3"},{"index":"63","arabicText":"قَالَ الَّذِیْنَ حَقَّ عَلَیْهِمُ الْقَوْلُ رَبَّنَا هٰۤؤُلَآءِ الَّذِیْنَ اَغْوَیْنَا ۚ اَغْوَیْنٰهُمْ كَمَا غَوَیْنَا ۚ تَبَرَّاْنَاۤ اِلَیْكَ ؗ مَا كَانُوْۤا اِیَّانَا یَعْبُدُوْنَ ۟","assameseTranslation":"যিসকলৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই সেইসকল লোক যিসকলক আমি বিভ্ৰান্ত কৰিছিলোঁ; আমি ইহঁতক বিভ্ৰান্ত কৰিছিলোঁ যেনেকৈ আমি বিভ্ৰান্ত হৈছিলোঁ। তোমাৰ সমীপত আমি সিহঁতৰ বিষয়ে দায়মুক্ততা ঘোষণা কৰিছোঁ। ইহঁতে আমাৰ ইবাদত কৰা নাছিল’।","footnotes":"","tafseer":"কুফৰীৰ পিনে আহ্বানকাৰী যিসকল প্ৰচাৰকৰ ওপৰত আমাৰ শাস্তি অনিবাৰ্য্য হৈ পৰিছে সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! এই পথভ্ৰষ্ট লোকসকলক আমিয়েই পথভ্ৰষ্ট কৰিছিলোঁ, যিদৰে আমি নিজেই পথভ্ৰষ্ট হৈছিলোঁ, আৰু এতিয়া আমি তোমাৰ সন্মুখত সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিলোঁ। সিহঁতে আমাৰ ইবাদত কৰা নাছিল, বৰং প্ৰকৃততে সিহঁতে চয়তানৰহে অনুসৰণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028063.mp3"},{"index":"64","arabicText":"وَقِیْلَ ادْعُوْا شُرَكَآءَكُمْ فَدَعَوْهُمْ فَلَمْ یَسْتَجِیْبُوْا لَهُمْ وَرَاَوُا الْعَذَابَ ۚ لَوْ اَنَّهُمْ كَانُوْا یَهْتَدُوْنَ ۟","assameseTranslation":"আৰু সিহঁতক কোৱা হ’ব, ‘তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰক মাতা’। তেতিয়া সিহঁতে সেইবোৰক মাতিব। কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব, আৰু সিহঁতে শাস্তি দেখা পাব। হায়! সিহঁতে যদি সৎপথ অনুসৰণ কৰিলেহেঁতেন! (তেন্তে এই দুৰাৱস্থা নহ’লহেঁতেন)","footnotes":"","tafseer":"তেতিয়া সিহঁতক কোৱা হ’ব, তোমালোকে অংশী স্থাপন কৰা লোকসকলক আহ্বান কৰা, যাতে সিহঁতে তোমালোকক এই তিৰস্কাৰৰ পৰা ৰক্ষা কৰিব পাৰে, যি তিৰস্কাৰত তোমালোকে লিপ্ত হৈ আছা। তেতিয়া সিহঁতে সেই অংশীদাৰসকলক মাতিব, কিন্তু সিহঁতে এই আহ্বানত কোনো সঁহাৰি নিদিব। সিহঁতে সিহঁতৰ বাবে প্ৰস্তুত কৰা শাস্তিবোৰ যেতিয়া দেখিব, তেতিয়া কামনা কৰিব যে, যদি সিহঁতে পৃথিৱীত সত্যৰ পথ অৱলম্বন কৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028064.mp3"},{"index":"65","arabicText":"وَیَوْمَ یُنَادِیْهِمْ فَیَقُوْلُ مَاذَاۤ اَجَبْتُمُ الْمُرْسَلِیْنَ ۟","assameseTranslation":"আৰু সেইদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘তোমালোকে ৰাছুলসকলক কি উত্তৰ দিছিলা’?","footnotes":"","tafseer":"সেইদিনা আল্লাহে সিহঁতক মাতি ক’বঃ তোমালোকে মোৰ সেই ৰাছুলসকলক কেনেকুৱা সঁহাৰি প্ৰদান কৰিছিলা, যিসকলক আমি তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028065.mp3"},{"index":"66","arabicText":"فَعَمِیَتْ عَلَیْهِمُ الْاَنْۢبَآءُ یَوْمَىِٕذٍ فَهُمْ لَا یَتَسَآءَلُوْنَ ۟","assameseTranslation":"সেইদিনা সিহঁতৰ পৰা সকলো তথ্য বিলুপ্ত হ’ব তেতিয়া সিহঁতে ইজনে সিজনক সোধ-পোছও কৰিব নোৱাৰিব।","footnotes":"","tafseer":"তেতিয়া সিহঁতে কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিব, তথা মৌন হৈ থাকিব। লগতে যিহেতু সিহঁতে ভালকৈ গম পাব যে, এতিয়া শাস্তিত পতিত হ'বই লাগিব, গতিকে সেই ভয়তে সিহঁতে ইজনে সিজনকো সোধ-পোচ কৰিবলৈও সাহস নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028066.mp3"},{"index":"67","arabicText":"فَاَمَّا مَنْ تَابَ وَاٰمَنَ وَعَمِلَ صَالِحًا فَعَسٰۤی اَنْ یَّكُوْنَ مِنَ الْمُفْلِحِیْنَ ۟","assameseTranslation":"এতেকে যি ব্যক্তিয়ে তাওবা কৰিছে আৰু ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব।","footnotes":"","tafseer":"কিন্তু এই মুশ্বৰিকসকলৰ মাজৰ যিসকলে নিজৰ কুফৰীৰ পৰা তাওবা কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব, তথা সৎকৰ্ম কৰিব তেন্তে আশা কৰা যায় সি উদ্দেশ্যত সফল হৈ সাফল্যমণ্ডিত লোকৰ অন্তৰ্ভুক্ত হ’ব। লগতে ভয়-ভীতিৰ পৰা ৰক্ষা পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028067.mp3"},{"index":"68","arabicText":"وَرَبُّكَ یَخْلُقُ مَا یَشَآءُ وَیَخْتَارُ ؕ مَا كَانَ لَهُمُ الْخِیَرَةُ ؕ سُبْحٰنَ اللّٰهِ وَتَعٰلٰی عَمَّا یُشْرِكُوْنَ ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু যাক ইচ্ছা কৰে তাকেই মনোনীত কৰে, ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই। আল্লাহ পৱিত্ৰ, মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকে যিটো সৃষ্টি কৰিব বিচাৰে, সেইটোৱে সৃষ্টি কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে, তেওঁৰ আনুগত্য আৰু নুবুওৱতৰ বাবে নিৰ্বাচিত কৰি লয়। এই ক্ষেত্ৰত মুশ্বৰিকসকলৰ অভিযোগ উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। নিশ্চয় আল্লাহ তাআলা সেই সকলো অংশীদাৰৰ পৰা মহা পৱিত্ৰ, যিবোৰক সিহঁতে অংশী কৰি তেওঁৰ সৈতে ইবাদত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028068.mp3"},{"index":"69","arabicText":"وَرَبُّكَ یَعْلَمُ مَا تُكِنُّ صُدُوْرُهُمْ وَمَا یُعْلِنُوْنَ ۟","assameseTranslation":"আৰু তোমাৰ প্ৰতিপালকে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি ব্যক্ত কৰে।","footnotes":"","tafseer":"সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, সেই সকলোবোৰ আপোনাৰ প্ৰতিপালকে জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ সিহঁতক এইবোৰৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028069.mp3"},{"index":"70","arabicText":"وَهُوَ اللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ لَهُ الْحَمْدُ فِی الْاُوْلٰی وَالْاٰخِرَةِ ؗ وَلَهُ الْحُكْمُ وَاِلَیْهِ تُرْجَعُوْنَ ۟","assameseTranslation":"তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, পৃথিৱী আৰু আখিৰাতত সকলো প্ৰশংসা তেওঁৰেই; বিধান তেওঁৰেই; আৰু তোমালোকেও তেওঁৰ পিনেই প্ৰত্যাৱৰ্তিত হ’বা।","footnotes":"","tafseer":"তেৱেঁই পৱিত্ৰ আল্লাহ। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। পৃথিৱীত আছে কেৱল তেওঁৰেই প্ৰশংসা আৰু আখিৰাততো আছে কেৱল তেওঁৰেই প্ৰশংসা। সিদ্ধান্ত কেৱল তেওঁৰেই জাৰি হয়, যিটোক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। কিয়ামতৰ দিনা একমাত্ৰ তেওঁৰ ওচৰলৈকেই তোমালোকক হিচাপ-নিকাচৰ বাবে আৰু প্ৰতিদানৰ বাবে ওভোতাই নিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028070.mp3"},{"index":"71","arabicText":"قُلْ اَرَءَیْتُمْ اِنْ جَعَلَ اللّٰهُ عَلَیْكُمُ الَّیْلَ سَرْمَدًا اِلٰی یَوْمِ الْقِیٰمَةِ مَنْ اِلٰهٌ غَیْرُ اللّٰهِ یَاْتِیْكُمْ بِضِیَآءٍ ؕ اَفَلَا تَسْمَعُوْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে ভাবিছানে, ৰাতিৰ অন্ধকাৰক যদি আল্লাহে কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে (দিনৰ) পোহৰ আনি দিব পাৰিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধক, কোৱাচোন তোমালোকে যদি আল্লাহে কিয়ামত পৰ্যন্ত নিৰৱচ্ছিন্নভাৱে কেৱল ৰাতিয়ে ৰাতি কৰি দিয়ে তেন্তে তোমালোকৰ এনেকুৱা কোনো উপাস্য আছে নেকি, যিয়ে দিনৰ দৰে পোহৰ আনি দিব পাৰিব? তোমালোকে এইবোৰ দলিল-প্ৰমাণৰ বিষয়ে শুনা পোৱা নাইনে? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এই পোহৰ আনিবলৈ সক্ষম নহয়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028071.mp3"},{"index":"72","arabicText":"قُلْ اَرَءَیْتُمْ اِنْ جَعَلَ اللّٰهُ عَلَیْكُمُ النَّهَارَ سَرْمَدًا اِلٰی یَوْمِ الْقِیٰمَةِ مَنْ اِلٰهٌ غَیْرُ اللّٰهِ یَاْتِیْكُمْ بِلَیْلٍ تَسْكُنُوْنَ فِیْهِ ؕ اَفَلَا تُبْصِرُوْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব পাৰিব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাবি নাচাবানে’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কওক, কোৱাচোন আল্লাহে যদি কিয়ামত পৰ্যন্ত তোমালোকৰ বাবে দিনেই দিন কৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ এনেকুৱা কোনো উপাস্য আছে নেকি, যিয়ে তোমালোকক ৰাতি আনি দিব পাৰিব, গোটেই দিন পৰিশ্ৰম কৰাৰ পিছত যি ৰাতিত তোমালোকে বিশ্ৰাম লোৱা? তোমালোকে এই নিদৰ্শনবোৰ নেদেখা নেকি? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এইবোৰ আনিবলৈ সক্ষম নহয়?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028072.mp3"},{"index":"73","arabicText":"وَمِنْ رَّحْمَتِهٖ جَعَلَ لَكُمُ الَّیْلَ وَالنَّهَارَ لِتَسْكُنُوْا فِیْهِ وَلِتَبْتَغُوْا مِنْ فَضْلِهٖ وَلَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন সৃষ্টি কৰিছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।","footnotes":"","tafseer":"পৱিত্ৰ আল্লাহৰ অসীম কৃপা এই যে, তেওঁ তোমালোকৰ বাবে ৰাতিক অন্ধকাৰ বনাইছে, যাতে দিনৰ বিভিন্ন পৰিশ্ৰমৰ পিছত ৰাতিত বিশ্ৰাম কৰিব পাৰা। আনহাতে দিনক আলোকিত কৰিছে, যাতে জীৱিকা উপাৰ্জনৰ বাবে প্ৰয়াস কৰিব পাৰা। আশা কৰা যায় আল্লাহে তোমালোকক যি নিয়ামত প্ৰদান কৰিছে, সেইবোৰৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিবা, আৰু সেইবোৰ ভোগ কৰি অকৃতজ্ঞ নহ’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028073.mp3"},{"index":"74","arabicText":"وَیَوْمَ یُنَادِیْهِمْ فَیَقُوْلُ اَیْنَ شُرَكَآءِیَ الَّذِیْنَ كُنْتُمْ تَزْعُمُوْنَ ۟","assameseTranslation":"আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?","footnotes":"","tafseer":"যিদিনা সিহঁতক সিহঁতৰ সৰ্বোচ্চ পৱিত্ৰ প্ৰতিপালকে এই বুলি মাতিবঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, যিবোৰক তোমালোকে মোৰ বাহিৰে উপাসনা কৰিছিলা। তথা তোমালোকে ধাৰণা কৰিছিলা যে, সেইবোৰ হৈছে মোৰ অংশীদাৰ?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028074.mp3"},{"index":"75","arabicText":"وَنَزَعْنَا مِنْ كُلِّ اُمَّةٍ شَهِیْدًا فَقُلْنَا هَاتُوْا بُرْهَانَكُمْ فَعَلِمُوْۤا اَنَّ الْحَقَّ لِلّٰهِ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟۠","assameseTranslation":"আৰু আমি প্ৰত্যেক জাতিৰ পৰাই একোজনকৈ সাক্ষী উলিয়াই আনিম আৰু সুধিম, ‘তোমালোকৰ প্ৰমাণ উপস্থিত কৰা’। তেতিয়া সিহঁতে জানিব পাৰিব যে, ইলাহ হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই, আৰু সিহঁতে যিবোৰক (উপাস্য বুলি) মিছা ৰটনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব।","footnotes":"","tafseer":"আমি প্ৰত্যেক উম্মতৰ নবীসকলক উপস্থিত কৰিম, তেওঁলোকে সিহঁতৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিব, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু নবীসকলক অস্বীকাৰ কৰিছিল। আমি সেই উম্মতসমূহৰ অস্বীকাৰকাৰী লোকসকলক সুধিমঃ তোমালোকে যি কুফৰী আৰু অস্বীকাৰ কৰাৰ পথত অটল আছিলা, তাৰ সপক্ষে তোমালোকৰ দলিল-প্ৰমাণবোৰ উপস্থাপন কৰাচোন। তেতিয়া সিহঁতৰ ওচৰত উত্তৰ দিবলৈ একো নাথাকিব। তেতিয়া সিহঁতে পৰিপূৰ্ণৰূপে বিশ্বাস পোষণ কৰিব যে, সন্দেহৰ পৰা ঊৰ্দ্ধত থকা সত্য হৈছে কেৱল একমাত্ৰ আল্লাহৰ সত্য। সিহঁতে পৱিত্ৰ আল্লাহৰ সৈতে যিবোৰ উপাস্যক অংশী কৰি লৈছিল সেই সকলোবোৰ তেতিয়া ভিত্তিহীন প্ৰমাণিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028075.mp3"},{"index":"76","arabicText":"اِنَّ قَارُوْنَ كَانَ مِنْ قَوْمِ مُوْسٰی فَبَغٰی عَلَیْهِمْ ۪ وَاٰتَیْنٰهُ مِنَ الْكُنُوْزِ مَاۤ اِنَّ مَفَاتِحَهٗ لَتَنُوْٓاُ بِالْعُصْبَةِ اُولِی الْقُوَّةِ ۗ اِذْ قَالَ لَهٗ قَوْمُهٗ لَا تَفْرَحْ اِنَّ اللّٰهَ لَا یُحِبُّ الْفَرِحِیْنَ ۟","assameseTranslation":"নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আমি তাক দান কৰিছিলোঁ ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবি বহন কৰিবলৈও এদল শক্তিশালী মানুহৰ পক্ষে কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"নিশ্চয় কাৰূণ আছিল মুছা আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ এজন লোক, কিন্তু সি তেওঁলোকৰ প্ৰতি অহংকাৰ কৰিছিল। আমি তাক ইমান ধন ভাণ্ডাৰ প্ৰদান কৰিছিলোঁ যে, সেইবোৰ ধন ভাণ্ডাৰৰ চাবি উঠাবলৈয়ো এদল শক্তিশালী লোকৰ বাবেও কঠিন আছিল। এতেকে যেতিয়া তাক তাৰ সম্প্ৰদায়ৰ লোকসকলে ক'লেঃ তুমি উৎফুল্লিত হৈ অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে সীমা চেৰাই যোৱা আনন্দক ভাল নাপায়। বৰং তেনেকুৱা লোকৰ প্ৰতি অসন্তুষ্ট হয় আৰু সিহঁতক ইয়াৰ শাস্তি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028076.mp3"},{"index":"77","arabicText":"وَابْتَغِ فِیْمَاۤ اٰتٰىكَ اللّٰهُ الدَّارَ الْاٰخِرَةَ وَلَا تَنْسَ نَصِیْبَكَ مِنَ الدُّنْیَا وَاَحْسِنْ كَمَاۤ اَحْسَنَ اللّٰهُ اِلَیْكَ وَلَا تَبْغِ الْفَسَادَ فِی الْاَرْضِ ؕ اِنَّ اللّٰهَ لَا یُحِبُّ الْمُفْسِدِیْنَ ۟","assameseTranslation":"‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপাহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।","footnotes":"","tafseer":"তোমাক আল্লাহে যি ধন-সম্পদ দান কৰিছে, সেইবোৰক কল্যাণৰ পথত ব্যয় কৰি আখিৰাতৰ ছোৱাব অৰ্জন কৰা। আনহাতে তোমাৰ প্ৰাপ্যখিনিও পাহৰি নাযাবা, যেনেঃ পানাহাৰ, বস্ত্ৰ আদি নিয়ামত। কিন্তু এই ক্ষেত্ৰতো কোনো ধৰণৰ অপচয় আৰু কৃপণালী কৰা উচিত নহয়। লগতে তোমাৰ প্ৰতিপালকৰ আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদাচৰণ কৰিবা, যিদৰে আল্লাহে তোমাৰ সৈতে ভাল ব্যৱহাৰ কৰিছে। তথা পাপকৰ্ম কৰি আৰু ইবাদত পৰিত্যাগ কৰি পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰিবা। নিশ্চয় আল্লাহে পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰী লোকক পছন্দ নকৰে, বৰং সিহঁতক ঘৃণা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028077.mp3"},{"index":"78","arabicText":"قَالَ اِنَّمَاۤ اُوْتِیْتُهٗ عَلٰی عِلْمٍ عِنْدِیْ ؕ اَوَلَمْ یَعْلَمْ اَنَّ اللّٰهَ قَدْ اَهْلَكَ مِنْ قَبْلِهٖ مِنَ الْقُرُوْنِ مَنْ هُوَ اَشَدُّ مِنْهُ قُوَّةً وَّاَكْثَرُ جَمْعًا ؕ وَلَا یُسْـَٔلُ عَنْ ذُنُوْبِهِمُ الْمُجْرِمُوْنَ ۟","assameseTranslation":"সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছোঁ’। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহুতো প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈও অধিক শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।","footnotes":"","tafseer":"কাৰূনে ক’লেঃ “মোৰ এই ধন-সম্পত্তি মই নিজৰ জ্ঞান আৰু দক্ষতাৰ ফলত অৰ্জন কৰিছোঁ। তথা মই ইয়াৰ অধিকাৰী আছিলোঁ”। কাৰূনে নাজানে নেকি যে, আল্লাহে ইয়াৰ পূৰ্বে বহুতো জাতিক ধ্বংস কৰিছে, যিসকল তাতকৈও অধিক শক্তিশালী আছিল আৰু অধিক সম্পদ সঞ্চয়কাৰী আছিল? কিন্তু অৱশেষত সিহঁতৰ শক্তিয়েও একো উপকাৰ কৰিব পৰা নাছিল আৰু সিহঁতৰ সম্পদো কোনো কামত অহা নাছিল। কিয়ামতৰ দিনা আল্লাহে অপৰাধীসকলক সিহঁতৰ গুনাহ সম্পৰ্কে প্ৰশ্ন নকৰিব, কাৰণ আল্লাহ সেই বিষয়ে ভালকৈয়ে অৱগত। বৰং সিহঁতক ভৰ্ৎসনা আৰু লাঞ্ছনাৰ বাবে প্ৰশ্ন কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028078.mp3"},{"index":"79","arabicText":"فَخَرَجَ عَلٰی قَوْمِهٖ فِیْ زِیْنَتِهٖ ؕ قَالَ الَّذِیْنَ یُرِیْدُوْنَ الْحَیٰوةَ الدُّنْیَا یٰلَیْتَ لَنَا مِثْلَ مَاۤ اُوْتِیَ قَارُوْنُ ۙ اِنَّهٗ لَذُوْ حَظٍّ عَظِیْمٍ ۟","assameseTranslation":"এতেকে কাৰূন তাৰ সম্প্ৰদায়ৰ সন্মুখলৈ জাক-জমকতাৰে ওলাই আহিল। যিসকলে পাৰ্থিৱ জীৱন কামনা কৰিছিল সিহঁতে ক’লে, ‘হায়! কাৰূনক যিদৰে দান কৰা হৈছে, আমাকো যদি সেইদৰে দান কৰা হ’লহেঁতেন! নিশ্চয় সি মহা ভাগ্যৱান’।","footnotes":"","tafseer":"এতেকে এদিনাখন কাৰূন সুসজ্জিত হৈ নিজৰ জাকজমকতা দেখুৱাবলৈ বাহিৰ হ’ল। এই দেখি কাৰূনৰ সঙ্গীসকলৰ মাজৰ যিসকলে পাৰ্থিৱ সম্পদৰ লোভী আছিল সিহঁতে ইচ্ছা প্ৰকাশ কৰি ক’লে যে, হায়! কাৰূনৰ দৰে আমাকো যদি পাৰ্থিৱ জীৱনৰ শোভনীয় বস্তুবোৰ প্ৰদান কৰা হ’লহেঁতেন। নিশ্চয় কাৰূন হৈছে এজন মহা ভাগ্যশালী তথা সৌভাগ্যৱান ব্যক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028079.mp3"},{"index":"80","arabicText":"وَقَالَ الَّذِیْنَ اُوْتُوا الْعِلْمَ وَیْلَكُمْ ثَوَابُ اللّٰهِ خَیْرٌ لِّمَنْ اٰمَنَ وَعَمِلَ صَالِحًا ۚ وَلَا یُلَقّٰىهَاۤ اِلَّا الصّٰبِرُوْنَ ۟","assameseTranslation":"আৰু যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’লে, ‘ধিক তোমালোকৰ ওপৰত! যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আল্লাহৰ পুৰস্কাৰেই হৈছে শ্ৰেষ্ঠ, আৰু ধৈৰ্য্যশীলসকলৰ বাহিৰে আন কোনেও সেইটো (পুৰস্কাৰ) নাপায়’।","footnotes":"","tafseer":"পক্ষান্তৰে যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে যেতিয়া কাৰূনক জাকজমকতাৰ মাজত দেখিলে আৰু তাৰ সঙ্গীসকলৰ আশা সম্পৰ্কে শুনিলে তেতিয়া তেওঁলোকে ক’লেঃ দুৰ্ভোগ তোমালোকৰ বাবে! কাৰণ আখিৰাতত থকা আল্লাহৰ প্ৰতিদান, যিবোৰ তেওঁ সেইসকল লোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যিসকলে তেওঁৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কাৰূনক প্ৰদান কৰা পাৰ্থিৱ জীৱনৰ এই জাকজমকতাৰ তুলনাত সেইবোৰ অতি উত্তম। এইবোৰ কেৱল সেইসকল লোকেই লাভ কৰিব যিসকলে ঈমান আনিছে আৰু সেইমতে আমল কৰাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিছে। তেওঁলোকে সংযমৰ সৈতে আল্লাহৰ ওচৰত পাবলগীয়া প্ৰতিদানক পৃথিৱীৰ অস্থায়ী সা-সামগ্ৰীৰৰ ওপৰত প্ৰাধান্য দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028080.mp3"},{"index":"81","arabicText":"فَخَسَفْنَا بِهٖ وَبِدَارِهِ الْاَرْضَ ۫ فَمَا كَانَ لَهٗ مِنْ فِئَةٍ یَّنْصُرُوْنَهٗ مِنْ دُوْنِ اللّٰهِ ۗ وَمَا كَانَ مِنَ الْمُنْتَصِرِیْنَ ۟","assameseTranslation":"তাৰ পিছত আমি কাৰূনক তাৰ প্ৰাসাদসহ ভূ-গৰ্ভত পুতি পোলালোঁ। তাৰ সপক্ষে এনে কোনো দল নাছিল, যিয়ে আল্লাহৰ শাস্তিৰ পৰা তাক সহায় কৰিব পাৰিব, আনকি সি নিজেও নিজকে সহায় কৰিবলৈ সক্ষম নাছিল।","footnotes":"","tafseer":"ফলত আমি তাৰ স্বৈৰাচাৰীতাৰ প্ৰতিশোধ স্বৰূপে তাক আৰু তাৰ ঘৰসহ, লগতে তাত থকা সা-সামগ্ৰীসহ মাটিৰ তলত বিলীন কৰি দিছিলোঁ। আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ তাৰ ওচৰত কোনো জনবল নাছিল। আনকি সি নিজেও নিজৰ সহায় কৰিবলৈ সক্ষম নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028081.mp3"},{"index":"82","arabicText":"وَاَصْبَحَ الَّذِیْنَ تَمَنَّوْا مَكَانَهٗ بِالْاَمْسِ یَقُوْلُوْنَ وَیْكَاَنَّ اللّٰهَ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ مِنْ عِبَادِهٖ وَیَقْدِرُ ۚ لَوْلَاۤ اَنْ مَّنَّ اللّٰهُ عَلَیْنَا لَخَسَفَ بِنَا ؕ وَیْكَاَنَّهٗ لَا یُفْلِحُ الْكٰفِرُوْنَ ۟۠","assameseTranslation":"আৰু যোৱাকালি যিসকলে তাৰ দৰে হোৱাৰ কামনা কৰিছিল, সিহঁতে ক’বলৈ ধৰিলে, ‘চোৱা, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা কৰে তাৰ বাবে হ্ৰাস কৰি দিয়ে। যদি আল্লাহে আমাৰ প্ৰতি সদয় নহ’লহেঁতেন তেন্তে আমাকো তেওঁ ভূ-গৰ্ভত পুতি পেলালেহেঁতেন। চোৱা, কাফিৰসকল কেতিয়াও সফলকাম হ’ব নোৱাৰে’।","footnotes":"","tafseer":"ইপিনে কাৰূন ধ্বংস হোৱাৰ পূৰ্বে যিসকল লোকে তাৰ ধন-সম্পদ দেখি সেইবোৰ পোৱাৰ কামনা কৰিছিল, সেইসকল লোকে এই ধ্বংসলীলা দেখি অনুতপ্ত হৈ তথা শিক্ষা গ্ৰহণ কৰি ক'লেঃ নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে সংকীৰ্ণ কৰি দিয়ে। অন্যথা আমি যি অনুচিত কথা মুখেৰে প্ৰকাশ কৰিছিলোঁ, আমাৰ ওপৰত আল্লাহৰ অনুগ্ৰহ নাথাকিলে, আমিও কাৰূনৰ দৰে ধ্বংস হ’লোঁহেঁতেন। নিশ্চয় অকৃতজ্ঞ লোকে কেতিয়াও সফল হ’ব নোৱাৰে। পৃথিৱীতো নোৱাৰে আৰু আখিৰাততো নোৱাৰে। বৰং উভয় স্থানতেই সিহঁতৰ বাবে আছে লোকচান আৰু ক্ষতিগ্ৰস্ততা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028082.mp3"},{"index":"83","arabicText":"تِلْكَ الدَّارُ الْاٰخِرَةُ نَجْعَلُهَا لِلَّذِیْنَ لَا یُرِیْدُوْنَ عُلُوًّا فِی الْاَرْضِ وَلَا فَسَادًا ؕ وَالْعَاقِبَةُ لِلْمُتَّقِیْنَ ۟","assameseTranslation":"এইটো আখিৰাতৰ সেই আবাস, যিটো আমি নিৰ্ধাৰিত কৰোঁ তেওঁলোকৰ বাবে যিসকলে পৃথিৱীত উদ্ধত আৰু বিপৰ্যয় সৃষ্টি কৰিব নিবিচাৰে; আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই (নিৰ্ধাৰিত)।","footnotes":"","tafseer":"এইখন হৈছে আখিৰাতৰ ঘৰ, এইখনক আমি সেইসকল লোকৰ বাবে নিয়ামত আৰু সন্মানৰ ঘৰত পৰিণত কৰিম, যিসকলে পৃথিৱীত সত্যৰ প্ৰতি ঈমান আনিবলৈ আৰু তাৰ অনুসৰণ কৰিবলৈ অহংকাৰ নকৰে, লগতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰি নুফুৰে। জান্নাতৰ নিয়ামত আৰু আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ প্ৰশংসনীয় পৰিণাম কেৱল সেইসকল লোকেই লাভ কৰিব যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁক ভয় কৰে, আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028083.mp3"},{"index":"84","arabicText":"مَنْ جَآءَ بِالْحَسَنَةِ فَلَهٗ خَیْرٌ مِّنْهَا ۚ وَمَنْ جَآءَ بِالسَّیِّئَةِ فَلَا یُجْزَی الَّذِیْنَ عَمِلُوا السَّیِّاٰتِ اِلَّا مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"যিয়ে সৎকৰ্ম লৈ উপস্থিত হ’ব, তাৰ বাবে আছে তাতকৈও উত্তম প্ৰতিদান, আৰু যিয়ে অসৎকৰ্ম লৈ উপস্থিত হ’ব, তেন্তে সিহঁতক কেৱল সেই অসৎকৰ্ম অনুপাতেই শাস্তি দিয়া হ’ব যিখিনি সিহঁতে কৰিছে।","footnotes":"","tafseer":"কিয়ামতৰ দিনা যি ব্যক্তিয়ে চওম, চালাত আৰু যাকাত আদি সৎকৰ্মলৈ আগমন কৰিব, তেওঁক এই সৎকৰ্মৰ উত্তম প্ৰতিদান দিয়া হ’ব। কাৰণ প্ৰত্যেক সৎকৰ্মৰ প্ৰতিদান দহগুণ বৃদ্ধি কৰি দিয়া হ’ব। আনহাতে কিয়ামতৰ দিনা যি ব্যক্তিয়ে কুফৰী, সুত আদি ভক্ষণ কৰি আৰু ব্যভিচাৰ আদি গুনাহ কৰি উপস্থিত হ’ব, সেই ব্যক্তিক তাৰ গুনাহ অনুপাতেই প্ৰতিফল দিয়া হ’ব। একো বৃদ্ধি কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028084.mp3"},{"index":"85","arabicText":"اِنَّ الَّذِیْ فَرَضَ عَلَیْكَ الْقُرْاٰنَ لَرَآدُّكَ اِلٰی مَعَادٍ ؕ قُلْ رَّبِّیْۤ اَعْلَمُ مَنْ جَآءَ بِالْهُدٰی وَمَنْ هُوَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে, নিশ্চয় তেওঁ তোমাক ওভতাই আনিব প্ৰত্যাৱৰ্তনস্থললৈ। কোৱা, ‘মোৰ প্ৰতিপালকে ভালকৈয়ে জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে’।","footnotes":"","tafseer":"যি সত্ত্বাই আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, তথা ইয়াৰ প্ৰচাৰ-প্ৰসাৰ আৰু ইয়াৰ বিধান মতে আমল কৰাৰ দায়িত্ব আপোনাৰ কান্ধত অৰ্পন কৰিছে; সেই সত্ত্বাই নিশ্চিতভাৱে আপোনাক বিজয় প্ৰদান কৰি মক্কালৈ ওভোতাই আনিব। হে ৰাছুল! আপুনি মুশ্বৰিকসকলক কৈ দিয়কঃ মোৰ প্ৰতিপালকে ভালকৈয়ে জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে, আৰু কোনে সত্যৰ পৰা আঁতৰি স্পষ্ট বিভ্ৰান্তত পতিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028085.mp3"},{"index":"86","arabicText":"وَمَا كُنْتَ تَرْجُوْۤا اَنْ یُّلْقٰۤی اِلَیْكَ الْكِتٰبُ اِلَّا رَحْمَةً مِّنْ رَّبِّكَ فَلَا تَكُوْنَنَّ ظَهِیْرًا لِّلْكٰفِرِیْنَ ۟ؗ","assameseTranslation":"আৰু তুমি আশা কৰা নাছিলা যে, তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’ব। এয়া কেৱল তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহহে। গতিকে তুমি কেতিয়াও কাফিৰসকলৰ সহায়ক নহ’বা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি নুবুওৱতৰ পূৰ্বে কেতিয়াও আশা কৰা নাছিল যে, আপোনাৰ প্ৰতি অহীৰ জৰিয়তে কোৰআন অৱতীৰ্ণ কৰা হ’ব। কিন্তু আল্লাহৰ অসীম কৃপাৰ ফলত আপুনি এই সৌভাগ্য লাভ কৰিছে। গতিকে কাফিৰসকল যি বিভ্ৰান্তিত লিপ্ত হৈ আছে, সেই ক্ষেত্ৰত সিহঁতক আপুনি সহায় নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028086.mp3"},{"index":"87","arabicText":"وَلَا یَصُدُّنَّكَ عَنْ اٰیٰتِ اللّٰهِ بَعْدَ اِذْ اُنْزِلَتْ اِلَیْكَ وَادْعُ اِلٰی رَبِّكَ وَلَا تَكُوْنَنَّ مِنَ الْمُشْرِكِیْنَ ۟ۚ","assameseTranslation":"আৰু তোমাৰ প্ৰতি আল্লাহৰ আয়াতসমূহ অৱতীৰ্ণ হোৱাৰ পিছত সিহঁতে যেন তোমাক কোনোমতেই তাৰ পৰা বিৰত ৰাখিব নোৱাৰে। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰা আৰু কোনোমতেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।","footnotes":"","tafseer":"আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ হোৱাৰ পিছত, আল্লাহৰ আয়াতসমূহৰ পৰা এই মুশ্বৰিকসকলে যাতে আপোনাক কেতিয়াও ইয়াৰ তিলাৱত আৰু প্ৰচাৰ-প্ৰসাৰৰ পৰা আঁতৰাই আনিব নোৱাৰে। বৰং আপুনি মানুহক আল্লাহৰ প্ৰতি আৰু তেওঁৰ তাওহীদৰ প্ৰতি ঈমান আনিবলৈ, লগতে তেওঁৰ চৰীয়ত মতে আমল কৰিবলৈ আহ্বান কৰক। আপুনি কেতিয়াও সেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’ব, যিসকলে আল্লাহৰ সৈতে আনৰো উপাসনা কৰে। বৰং আপুনি সেইসকল তাওহীদপন্থী লোকৰ অন্তৰ্ভুক্ত হওক, যিসকলে একমাত্ৰ আল্লাহৰেই ইবাদত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028087.mp3"},{"index":"88","arabicText":"وَلَا تَدْعُ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ۘ لَاۤ اِلٰهَ اِلَّا هُوَ ۫ كُلُّ شَیْءٍ هَالِكٌ اِلَّا وَجْهَهٗ ؕ لَهُ الْحُكْمُ وَاِلَیْهِ تُرْجَعُوْنَ ۟۠","assameseTranslation":"তুমি আল্লাহৰ লগত আন কোনো ইলাহক নামাতিবা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আল্লাহৰ সত্ত্বাৰ বাহিৰে সকলো বস্তুৱেই ধ্বংসশীল। বিধান কেৱল তেওঁৰেই, আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।","footnotes":"","tafseer":"আপুনি কেতিয়াও আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা নকৰিব। কাৰণ তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। পৱিত্ৰ আল্লাহৰ মুখমণ্ডলৰ বাহিৰে প্ৰত্যেক বস্তুৱেই হৈছে ধ্বংসশীল। আদেশ একমাত্ৰ তেওঁৰেই চলে। তেওঁ যি ইচ্ছা কৰে সেইটোৱেই আদেশ দিয়ে। কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে তোমালোকে কেৱল তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/028088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/028088.mp3"}]