[{"index":"1","arabicText":"الٓمّٓ ۟ۚ","assameseTranslation":"আলিফ-লাম-মীম।[1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিতে আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029001.mp3"},{"index":"2","arabicText":"اَحَسِبَ النَّاسُ اَنْ یُّتْرَكُوْۤا اَنْ یَّقُوْلُوْۤا اٰمَنَّا وَهُمْ لَا یُفْتَنُوْنَ ۟","assameseTranslation":"মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছোঁ’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব?","footnotes":"","tafseer":"মানুহে ভাবিছে নেকি যে, “আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ” এই বুলি স্বীকাৰ কৰিলেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে, অৰ্থাৎ সিহঁতৰ এই স্বীকৃতিৰ বাস্তৱিকতা যাচাই নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব, সিহঁত প্ৰকৃততে ঈমান আনিছে নে নাই? দৰাচলতে বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাবিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029002.mp3"},{"index":"3","arabicText":"وَلَقَدْ فَتَنَّا الَّذِیْنَ مِنْ قَبْلِهِمْ فَلَیَعْلَمَنَّ اللّٰهُ الَّذِیْنَ صَدَقُوْا وَلَیَعْلَمَنَّ الْكٰذِبِیْنَ ۟","assameseTranslation":"নিশ্চয় আমি সিহঁতৰ পূৰ্বৱৰ্তীসকলকো পৰীক্ষা কৰিছিলোঁ, গতিকে আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোন সত্যবাদী আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া।","footnotes":"","tafseer":"নিশ্চয় আমি সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰো পৰীক্ষা লৈছিলোঁ, নিশ্চিতভাৱে আল্লাহে তেওঁৰ জ্ঞানৰ জৰিয়তে প্ৰকাশ কৰিব, তোমালোকৰ মাজৰ কোন ব্যক্তিয়ে প্ৰকৃত ঈমান পোষণ কৰিছে আৰু কোনে মিছাতে ঈমান প্ৰকাশ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029003.mp3"},{"index":"4","arabicText":"اَمْ حَسِبَ الَّذِیْنَ یَعْمَلُوْنَ السَّیِّاٰتِ اَنْ یَّسْبِقُوْنَا ؕ سَآءَ مَا یَحْكُمُوْنَ ۟","assameseTranslation":"অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰলৈ গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত!","footnotes":"","tafseer":"যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মত লিপ্ত হৈ আছে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাক অপাৰগ কৰিব পাৰিব? তথা আমাৰ শাস্তিৰ পৰা ৰেহাই পাব? কিমান নিকৃষ্ট ধাৰণা এইটো, যিটো সিহঁতে পোষণ কৰিছে। কাৰণ সিহঁতে কেতিয়াও আল্লাহক বিৱশ কৰিব নোৱাৰে। আনহাতে কুফৰী অৱস্থাত মৃত্যুবৰণ কৰিলে, তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পোৱাও অসম্ভৱ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029004.mp3"},{"index":"5","arabicText":"مَنْ كَانَ یَرْجُوْا لِقَآءَ اللّٰهِ فَاِنَّ اَجَلَ اللّٰهِ لَاٰتٍ ؕ وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"যিয়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে তেওঁ জানি থোৱা উচিত যে, আল্লাহৰ নিৰ্ধাৰিত সময় নিশ্চিতভাৱে আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"কিয়ামতৰ দিনা প্ৰতিদান পোৱাৰ নিমিত্তে যি ব্যক্তিয়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে, তেওঁ জানি থোৱা উচিত যে, আল্লাহে তেওঁলোকৰ বাবে যিটো সময় নিৰ্ধাৰণ কৰিছে, সেইটো অনতিপলমে আহিব। নিশ্চয় তেওঁ বান্দাসকলৰ কথা শ্ৰৱণকাৰী, আৰু তেওঁলোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা এইবোৰৰ একোৱেই গোপন নহয়। অতিশীঘ্ৰে তেওঁ ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029005.mp3"},{"index":"6","arabicText":"وَمَنْ جَاهَدَ فَاِنَّمَا یُجَاهِدُ لِنَفْسِهٖ ؕ اِنَّ اللّٰهَ لَغَنِیٌّ عَنِ الْعٰلَمِیْنَ ۟","assameseTranslation":"আৰু যিয়ে প্ৰচেষ্টা চলায়, সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী।","footnotes":"","tafseer":"যি ব্যক্তিয়ে আনুগত্য পালন কৰি আৰু পাপকৰ্মৰ পৰা আঁতৰি থাকি নিজৰ প্ৰবৃত্তিৰ সৈতে সংগ্ৰাম কৰিব, লগতে আল্লাহৰ পথতো জিহাদ কৰিব, তেওঁৰ এই সকলো প্ৰয়াস তেওঁৰ নিজৰ বাবেই পৰিগণিত হ'ব। কাৰণ ইয়াৰ উপকাৰ তেৱেঁই লাভ কৰিব। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। গতিকে সিহঁতৰ আনুগত্যই কেতিয়াও তেওঁৰ মান-সন্মান বৃদ্ধি নকৰে আৰু সিহঁতৰ অবাধ্যতাই তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029006.mp3"},{"index":"7","arabicText":"وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَنُكَفِّرَنَّ عَنْهُمْ سَیِّاٰتِهِمْ وَلَنَجْزِیَنَّهُمْ اَحْسَنَ الَّذِیْ كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহক মাৰ্জনা কৰিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, নিশ্চয় আমি তাৰ প্ৰতিদান দিম।","footnotes":"","tafseer":"যিসকল লোকে ঈমান আনিছে আৰু আমাৰ পৰীক্ষাত ধৈৰ্য্য ধাৰণ কৰিছে তথা সৎকৰ্ম কৰিছে, তেওঁলোকৰ সৎকৰ্মৰ বিনিময়ত আমি তেওঁলোকৰ যাৱতীয় গুনাহ মাৰ্জনা কৰি দিম। লগতে পৃথিৱীত কৰা তেওঁলোকৰ আমলৰ বিনিময়ত আখিৰাতত আমি তেওঁলোকক উৎকৃষ্ট প্ৰতিফল দান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029007.mp3"},{"index":"8","arabicText":"وَوَصَّیْنَا الْاِنْسَانَ بِوَالِدَیْهِ حُسْنًا ؕ وَاِنْ جَاهَدٰكَ لِتُشْرِكَ بِیْ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ فَلَا تُطِعْهُمَا ؕ اِلَیَّ مَرْجِعُكُمْ فَاُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছোঁ। কিন্তু সিহঁতে যদি মোৰ লগত শ্বিৰ্ক কৰিবলৈ তোমাৰ ওপৰত বল প্ৰয়োগ কৰে যি বিষয়ত তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। (জানি থোৱা) মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।","footnotes":"","tafseer":"আমি মানুহক নিৰ্দেশ দিছোঁ যে, সিহঁতে যেন নিজৰ পিতৃ-মাতৃৰ সৈতে সদাচৰণ কৰে তথা সদ্ব্যৱহাৰ কৰে। হে মানৱ! যদি তোমাৰ পিতৃ-মাতৃয়ে মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, যিটো বিষয়ত তোমাৰ কোনো জ্ঞান নাই, -যেনে চাআদ বিন আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ মাতৃয়ে তেওঁক হেঁচা প্ৰয়োগ কৰিছিল- এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ কথা নামানিবা। কাৰণ সৃষ্টিকৰ্তাৰ অবাধ্যতা কৰি, সৃষ্টিৰ আদেশ পালন কৰাটো কেতিয়াও বৈধ নহয়। কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ মোৰ ওচৰতেই উভতি আহিবা। গতিকে সেইদিনা মই তোমালোকক সেই সকলো কৰ্ম সম্পৰ্কে অৱগত কৰাম, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা। তথা তোমালোকক সেইবোৰৰ প্ৰতিদানো প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029008.mp3"},{"index":"9","arabicText":"وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَنُدْخِلَنَّهُمْ فِی الصّٰلِحِیْنَ ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিম।","footnotes":"","tafseer":"যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চিতভাৱে কিয়ামতৰ দিনা আমি তেওঁলোকক পুণ্যৱান লোকসকলৰ তালিকাভুক্ত কৰিম। তেওঁলোকৰ সৈতেই হাচৰৰ ময়দানত একত্ৰিত কৰিম আৰু তেওঁলোকৰ দৰেই তেওঁলোককো প্ৰতিদান দান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029009.mp3"},{"index":"10","arabicText":"وَمِنَ النَّاسِ مَنْ یَّقُوْلُ اٰمَنَّا بِاللّٰهِ فَاِذَاۤ اُوْذِیَ فِی اللّٰهِ جَعَلَ فِتْنَةَ النَّاسِ كَعَذَابِ اللّٰهِ ؕ وَلَىِٕنْ جَآءَ نَصْرٌ مِّنْ رَّبِّكَ لَیَقُوْلُنَّ اِنَّا كُنَّا مَعَكُمْ ؕ اَوَلَیْسَ اللّٰهُ بِاَعْلَمَ بِمَا فِیْ صُدُوْرِ الْعٰلَمِیْنَ ۟","assameseTranslation":"আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়, ‘আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ’, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিৰ্যাতন কৰা হয়, তেতিয়া সিহঁতে মানুহৰ নিৰ্যাতনক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে। কিন্তু তোমাৰ প্ৰতিপালকৰ পৰা কোনো সহায় আহিলে সিহঁতে কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছিলোঁ’, (তেন্তে কোৱাচোন) সৃষ্টিৰ অন্তঃকৰণত যি আছে, সেই বিষয়ে আল্লাহ সম্যক অৱগত নহয়নে?","footnotes":"","tafseer":"মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়ঃ “আমি ঈমান আনিছোঁ”। কিন্তু যেতিয়া কাফিৰসকলে সিহঁতৰ এই ঈমানৰ বাবে নিৰ্যাতন কৰা আৰম্ভ কৰে, তেতিয়া সিহঁতে কাফিৰসকলৰ শাস্তিক আল্লাহৰ শাস্তিৰ সমান বুলি গণ্য কৰে, ফলত কাফিৰসকলক সমৰ্থন কৰি ঈমানৰ পৰা আঁতৰি আহে। পক্ষান্তৰে হে ৰাছুল! যদি আপুনি আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা বিজয়প্ৰাপ্ত হয় তেন্তে এইসকল লোকে নিশ্চয় ক’বঃ “হে মুমিনসকল! নিশ্চয় আমি তোমালোকৰ সৈতে ঈমানৰ ওপৰত অটল আছিলোঁ”। আল্লাহে মানুহৰ অন্তৰৰ কথা তন্ন তন্নকৈ নাজানে নেকি? দৰাচলতে অন্তৰত থকা কুফৰ আৰু ঈমান, একোৱেই তেওঁৰ পৰা গোপন নহয়। তেনেস্থলত ইহঁতে আল্লাহক কিহৰ ভিত্তিত নিজৰ অন্তৰত থকা বিষয়বোৰ ব্যক্ত কৰি আছে, অথচ সিহঁতৰ অন্তৰৰ কথা সিহঁততকৈও অধিক আল্লাহে ভালকৈয়ে জানে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029010.mp3"},{"index":"11","arabicText":"وَلَیَعْلَمَنَّ اللّٰهُ الَّذِیْنَ اٰمَنُوْا وَلَیَعْلَمَنَّ الْمُنٰفِقِیْنَ ۟","assameseTranslation":"আৰু আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোনে ঈমান আনিছে আৰু অৱশ্যে প্ৰকাশ কৰি দিব কোন মুনাফিক।","footnotes":"","tafseer":"প্ৰকৃততে যিসকলে ঈমান আনিছে নিশ্চিতভাৱে আল্লাহে তেওঁলোকক বাচি উলিয়াব, আনহাতে সেইসকল লোকৰো স্বৰূপ প্ৰকাশ কৰিব, যিসকলে ঈমান অনা বুলি কেৱল মুখেৰে দাবী কৰি ফুৰে, অথচ অন্তৰত কুফৰ গোপন কৰি ৰাখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029011.mp3"},{"index":"12","arabicText":"وَقَالَ الَّذِیْنَ كَفَرُوْا لِلَّذِیْنَ اٰمَنُوا اتَّبِعُوْا سَبِیْلَنَا وَلْنَحْمِلْ خَطٰیٰكُمْ ؕ وَمَا هُمْ بِحٰمِلِیْنَ مِنْ خَطٰیٰهُمْ مِّنْ شَیْءٍ ؕ اِنَّهُمْ لَكٰذِبُوْنَ ۟","assameseTranslation":"আৰু কাফিৰসকলে মুমিনসকলক কয়, \"তোমালোকে আমাৰ পথ অনুসৰণ কৰা, আমি তোমালোকৰ পাপকৰ্মৰ বোজা বহন কৰিম\"। অথচ সিহঁতে সিহঁতৰ গুনাহৰ কোনো বোজাই বহন নকৰিব। নিশ্চয় সিহঁত হৈছে মিছলীয়া।","footnotes":"","tafseer":"যিসকল লোকে এককভাৱে আল্লাহৰ প্ৰতি ঈমান আনিছে, কাফিৰসকলে তেওঁলোকক কয়ঃ তোমালোকে আমাৰ ধৰ্ম আৰু আমাৰ পথৰ অনুসৰণ কৰা, আমি তোমালোকৰ গুনাহৰ বোজা বহন কৰিম, লগতে তোমালোকৰ শাস্তিও আমি সহ্য কৰিম। অথচ সিহঁতে কেতিয়াও সিহঁতৰ গুনাহৰ বোজা বহন নকৰিব আৰু সিহঁত নিজৰ এই দাবীতো মিছলীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029012.mp3"},{"index":"13","arabicText":"وَلَیَحْمِلُنَّ اَثْقَالَهُمْ وَاَثْقَالًا مَّعَ اَثْقَالِهِمْ ؗ وَلَیُسْـَٔلُنَّ یَوْمَ الْقِیٰمَةِ عَمَّا كَانُوْا یَفْتَرُوْنَ ۟۠","assameseTranslation":"বৰং সিহঁতে নিশ্চয় বহন কৰিব নিজৰ (পাপকৰ্মৰ) বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক নিশ্চয় কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।","footnotes":"","tafseer":"বাতিলৰ প্ৰতি আহ্বানকাৰী এই মুশ্বৰিকসকলে নিজৰ গুনাহৰ বোজা বহন কৰাৰ লগতে, সেইসকল লোকৰ গুনাহৰ বোজাও বহন কৰিব যিসকলে সিহঁতৰ আহ্বান স্বীকাৰ কৰিছিল। কিন্তু ইয়াৰ ফলত অনুসৰণকাৰীসকলৰ গুনাহত কোনো ধৰণৰ হেৰফেৰ নহ’ব। কিয়ামতৰ দিনা সিহঁতক নিশ্চয় সেইসমূহ বিষয় সম্পৰ্কে প্ৰশ্ন কৰা হ’ব, যিবোৰ বিষয় সিহঁতে নিজে ৰচনা কৰি প্ৰচাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029013.mp3"},{"index":"14","arabicText":"وَلَقَدْ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖ فَلَبِثَ فِیْهِمْ اَلْفَ سَنَةٍ اِلَّا خَمْسِیْنَ عَامًا ؕ فَاَخَذَهُمُ الطُّوْفَانُ وَهُمْ ظٰلِمُوْنَ ۟","assameseTranslation":"আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিছিল, কাৰণ সিহঁত আছিল যালিম।","footnotes":"","tafseer":"নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁ সিহঁতৰ মাজত নশ পঞ্চাছ (৯৫০) বছৰ অৱস্থান কৰি সিহঁতক তাওহীদৰ দাৱাত প্ৰদান কৰিছিল। তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, আৰু নিজৰ কুফৰীত অটল আছিল। এতেকে সিহঁতে আল্লাহৰ লগত কুফৰী কৰি আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰি ডাঙৰ অন্যায় কৰিছিল, ফলত সিহঁত মহাপ্লাৱনৰ সন্মুখীন হৈছিল, আৰু সেই প্লাৱনত ডুবি ধ্বংস হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029014.mp3"},{"index":"15","arabicText":"فَاَنْجَیْنٰهُ وَاَصْحٰبَ السَّفِیْنَةِ وَجَعَلْنٰهَاۤ اٰیَةً لِّلْعٰلَمِیْنَ ۟","assameseTranslation":"তাৰ পিছত আমি তেওঁক আৰু নাৱত আৰোহণকাৰীসকলক ৰক্ষা কৰিছিলোঁ আৰু সৃষ্টিজগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিছোঁ।","footnotes":"","tafseer":"এতেকে আমি নূহ আলাইহিচ্ছালামক আৰু তেওঁৰ সৈতে নাঁৱত আৰোহণ কৰা মুমিনসকলক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। তথা নাৱখনক মানুহৰ বাবে শিক্ষা-সামগ্ৰী বনাই দিছোঁ, যাতে মানুহে সেইটোৰ পৰা শিক্ষা লব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029015.mp3"},{"index":"16","arabicText":"وَاِبْرٰهِیْمَ اِذْ قَالَ لِقَوْمِهِ اعْبُدُوا اللّٰهَ وَاتَّقُوْهُ ؕ ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন!","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ তোমালোকে এক আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰি থাকি, কেৱল তেওঁৰেই ইবাদত কৰা, তথা তেওঁৰ শাস্তিক ভয় কৰা। তোমালোকৰ বাবে এই আদেশ অতি কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029016.mp3"},{"index":"17","arabicText":"اِنَّمَا تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ اَوْثَانًا وَّتَخْلُقُوْنَ اِفْكًا ؕ اِنَّ الَّذِیْنَ تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ لَا یَمْلِكُوْنَ لَكُمْ رِزْقًا فَابْتَغُوْا عِنْدَ اللّٰهِ الرِّزْقَ وَاعْبُدُوْهُ وَاشْكُرُوْا لَهٗ ؕ اِلَیْهِ تُرْجَعُوْنَ ۟","assameseTranslation":"তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁত কিন্তু তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰি আছা, সেইবোৰে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। যেতিয়া তোমালোকে সেইবোৰক উপাস্য বুলি দাবী কৰা, তেতিয়া তোমালোকে প্ৰমাণস্বৰূপে মনেসজা মিছা দলিল উপস্থাপন কৰা। আল্লাহৰ বাহিৰে তোমালোকে যিবোৰৰ উপাসনা কৰা, নিশ্চিতভাৱে সেইবোৰ তোমালোকৰ জীৱিকাৰ মালিক নহয় যে, তোমালোকক জীৱিকা প্ৰদান কৰিব। গতিকে আল্লাহৰ ওচৰত জীৱিকা প্ৰাৰ্থনা কৰা, তেৱেঁই জীৱিকাদাতা। একমাত্ৰ তেওঁৰেই ইবাদত কৰা, লগতে তেওঁ তোমালোকক জীৱিকা প্ৰদান কৰি যি উপকাৰ কৰিছে তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। কাৰণ কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। তোমালোকৰ মূৰ্ত্তিবোৰৰ ওচৰলৈ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029017.mp3"},{"index":"18","arabicText":"وَاِنْ تُكَذِّبُوْا فَقَدْ كَذَّبَ اُمَمٌ مِّنْ قَبْلِكُمْ ؕ وَمَا عَلَی الرَّسُوْلِ اِلَّا الْبَلٰغُ الْمُبِیْنُ ۟","assameseTranslation":"আৰু তোমালোকে যদি অস্বীকাৰ কৰা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱে হৈছে ৰাছুলৰ গুৰু দায়িত্ব।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰি আছা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে সিহঁতৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ, আদ আৰু ছামূদ সম্প্ৰদায়। ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টৰূপে বাৰ্তা পৌঁচাই দিয়া। গতিকে তেওঁৰ প্ৰতিপালকে তেওঁক যি পৌঁচাই দিবলৈ আদেশ দিছিল, তেওঁ সেইবোৰ তোমালোকক পৌঁচাই দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029018.mp3"},{"index":"19","arabicText":"اَوَلَمْ یَرَوْا كَیْفَ یُبْدِئُ اللّٰهُ الْخَلْقَ ثُمَّ یُعِیْدُهٗ ؕ اِنَّ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟","assameseTranslation":"সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰীসকলে দেখা পোৱা নাই নেকি যে, আল্লাহে সৃষ্টিক প্ৰথমবাৰ কেনেকৈ সৃষ্টি কৰিছে, লগতে এইবোৰক ধ্বংস কৰাৰ পিছত তেওঁ পুনৰ এইবোৰক সৃষ্টি কৰিব? নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ। তেওঁ সৰ্বশক্তিমান তথা মহাক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029019.mp3"},{"index":"20","arabicText":"قُلْ سِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ بَدَاَ الْخَلْقَ ثُمَّ اللّٰهُ یُنْشِئُ النَّشْاَةَ الْاٰخِرَةَ ؕ اِنَّ اللّٰهَ عَلٰى كُلِّ شَیْءٍ قَدِیْرٌ ۟ۚ","assameseTranslation":"কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা, তাৰ পিছত প্ৰত্যক্ষ কৰা, কেনেকৈ তেওঁ সৃষ্টি আৰম্ভ কৰিছে, তাৰ পিছত আল্লাহেই পুনৰবাৰ সৃষ্টি কৰিব’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰ কৰা এই লোকসকলক আপুনি কৈ দিয়ক যে, তোমালোকে পৃথিৱীত ঘূৰি পকি চোৱা, আল্লাহে কিদৰে সৃষ্টিৰ শুভাৰম্ভণি কৰিছে। ইয়াৰ পিছত আল্লাহেই মানুহক সিহঁতৰ মৃত্যুৰ পিছত হাচৰৰ ময়দানত একত্ৰিত কৰিব আৰু হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। মানুহক পুনৰুত্থিত কৰিবলৈ তেওঁ কেতিয়াও অপাৰগ নহয়, যিদৰে পোন প্ৰথমবাৰ সিহঁতক সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁ অপাৰগ নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029020.mp3"},{"index":"21","arabicText":"یُعَذِّبُ مَنْ یَّشَآءُ وَیَرْحَمُ مَنْ یَّشَآءُ ۚ وَاِلَیْهِ تُقْلَبُوْنَ ۟","assameseTranslation":"তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা কৰে অনুগ্ৰহ কৰে। তোমালোকক তেওঁৰ ওচৰতেই ওভতাই নিয়া হ’ব।","footnotes":"","tafseer":"তেওঁ ন্যায় অনুসাৰে তেওঁৰ সৃষ্টিসমূহৰ মাজৰ যাক ইচ্ছা কৰিব শাস্তি বিহিব। তথা নিজ অনুগ্ৰহেৰে যাক ইচ্ছা কৰিব তাৰ প্ৰতি দয়া কৰিব। কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। যেতিয়া তোমালোকক কবৰৰ পৰা জীৱিত কৰি পুনৰুত্থিত কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029021.mp3"},{"index":"22","arabicText":"وَمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ ؗ وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟۠","assameseTranslation":"তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত ক'তো ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, আৰু কোনো সাহায্যকাৰীও নাই।","footnotes":"","tafseer":"পৃথিৱীতেই হওক অথবা আকাশত তোমালোকে নিজ প্ৰতিপালকৰ পৰা কেতিয়াও ৰক্ষা পাব নোৱাৰা, আৰু তেওঁৰ শাস্তিৰ পৰাও পলায়ন কৰিব নোৱাৰিবা। আনকি আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ বিষয়বোৰ চোৱাচিতা কৰিব। আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সহায়কো নাই, যিয়ে তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029022.mp3"},{"index":"23","arabicText":"وَالَّذِیْنَ كَفَرُوْا بِاٰیٰتِ اللّٰهِ وَلِقَآىِٕهٖۤ اُولٰٓىِٕكَ یَىِٕسُوْا مِنْ رَّحْمَتِیْ وَاُولٰٓىِٕكَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হয়, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"যিসকল লোকে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তথা কিয়ামতৰ দিনা হ’বলগীয়া তেওঁৰ সাক্ষাতক নসাৎ কৰিছে, সেইসকল লোকেই মোৰ ৰহমতৰ পৰা নিৰাশ হৈছে। এতেকে সিহঁতৰ এই কুফৰীৰ কাৰণে সিহঁতে কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। লগতে সিহঁতৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অপেক্ষা কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029023.mp3"},{"index":"24","arabicText":"فَمَا كَانَ جَوَابَ قَوْمِهٖۤ اِلَّاۤ اَنْ قَالُوا اقْتُلُوْهُ اَوْ حَرِّقُوْهُ فَاَنْجٰىهُ اللّٰهُ مِنَ النَّارِ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟","assameseTranslation":"উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে যে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।","footnotes":"","tafseer":"যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক এক আল্লাহৰ ইবাদত কৰিবলৈ আৰু তেওঁৰ বাহিৰে মূৰ্ত্তি আদিৰ উপাসনা ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে, তেতিয়া সিহঁতে উত্তৰ প্ৰদান কৰি ক'লেঃ “তোমালোকে নিজৰ উপাস্যবোৰক সহায় কৰাৰ বাবে এওঁক হত্যা কৰা নাইবা জুইত নিক্ষেপ কৰা”। এতেকে আল্লাহে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰিলে। তেওঁক অগ্নিত নিক্ষেপ কৰাৰ পিছত, সুকলমে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰা বিষয়টোৰ মাজত, নিশ্চিতভাৱে মুমিনসকলৰ বাবে আছে উপদেশ। কাৰণ তেওঁলোকেই উপদেশৰ পৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029024.mp3"},{"index":"25","arabicText":"وَقَالَ اِنَّمَا اتَّخَذْتُمْ مِّنْ دُوْنِ اللّٰهِ اَوْثَانًا ۙ مَّوَدَّةَ بَیْنِكُمْ فِی الْحَیٰوةِ الدُّنْیَا ۚ ثُمَّ یَوْمَ الْقِیٰمَةِ یَكْفُرُ بَعْضُكُمْ بِبَعْضٍ وَّیَلْعَنُ بَعْضُكُمْ بَعْضًا ؗ وَّمَاْوٰىكُمُ النَّارُ وَمَا لَكُمْ مِّنْ نّٰصِرِیْنَ ۟ۗۙ","assameseTranslation":"ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখোন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক ক'লেঃ তোমালোকে আজি মূৰ্ত্তিবোৰক উপাস্য বনাই লৈ সেইবোৰক উপাসনা কৰি আছা, যাতে পাৰ্থিৱ জীৱনত পাৰস্পৰিক প্ৰেম আৰু পৰিচয় গঢ়ি তুলিব পাৰা। কিন্তু কিয়ামতৰ দিনা তোমালোকৰ মাজৰ এই গভীৰ সম্পৰ্ক বিচ্ছিন্ন হৈ যাব। লগতে শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ইজনে সিজনৰ লগত সম্পৰ্কচ্ছেদ কৰিব, তথা পৰস্পৰে পৰস্পৰক ধিক্কাৰ জনাব, আৰু তোমালোকৰ আশ্ৰয়স্থল হ’ব জাহান্নাম। আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ তোমালোকৰ কোনো সহায়ক নাথাকিব। এই উপাস্যবোৰৰ মাজৰ পৰাও নাথাকিব, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, লগতে ইয়াৰ বাহিৰেও কোনো নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029025.mp3"},{"index":"26","arabicText":"فَاٰمَنَ لَهٗ لُوْطٌ ۘ وَقَالَ اِنِّیْ مُهَاجِرٌ اِلٰی رَبِّیْ ؕ اِنَّهٗ هُوَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"(তাত কেৱল) লূত আলাইহিচ্ছালামে তেওঁৰ প্ৰতি ঈমান আনিছিল। ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ মই মোৰ প্ৰতিপালকৰ খাতিৰত শ্বাম দেশৰ বৰকতময় ভূমিলৈ হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। যি ব্যক্তিয়ে তেওঁৰ ফালে হিজৰত কৰিব, তেওঁ কেতিয়াও অপমানিত নহ'ব। তেওঁ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029026.mp3"},{"index":"27","arabicText":"وَوَهَبْنَا لَهٗۤ اِسْحٰقَ وَیَعْقُوْبَ وَجَعَلْنَا فِیْ ذُرِّیَّتِهِ النُّبُوَّةَ وَالْكِتٰبَ وَاٰتَیْنٰهُ اَجْرَهٗ فِی الدُّنْیَا ۚ وَاِنَّهٗ فِی الْاٰخِرَةِ لَمِنَ الصّٰلِحِیْنَ ۟","assameseTranslation":"আৰু আমি ইব্ৰাহীমক দান কৰিছিলোঁ ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবূওৱত আৰু কিতাব। আমি তেওঁক পৃথিৱীতেই পুৰস্কৃত কৰিছিলোঁ আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণসকলৰ অন্যতম হ’ব।","footnotes":"","tafseer":"আমি ইব্ৰাহীমক ইছহাক্ব আৰু তেওঁৰ পুত্ৰ ইয়াকূব দান কৰিছিলোঁ। আমি তেওঁৰ সন্তানসকলৰ মাজত নুবুওৱত দান কৰিছিলোঁ, আৰু ঐশীগ্ৰন্থ প্ৰদান কৰিছিলোঁ। সত্যৰ ওপৰত ধৈৰ্য্য সহকাৰে অটল থকাৰ বাবে তেওঁৰ সন্তানসকলক সদাচাৰী বনাই, লগতে সুপ্ৰশংসা প্ৰদান কৰি তেওঁক পাৰ্থিৱ জীৱনতেই প্ৰতিফল দান কৰিছিলোঁ। নিশ্চয় তেওঁ আখিৰাততো পুণ্যৱান লোকসকলৰ দৰেই প্ৰতিদান লাভ কৰিব। পৃথিৱীত লাভ কৰা প্ৰতিফলৰ কাৰণে আখিৰাতৰ সন্মানপূৰ্বক প্ৰতিদানত অকণো হ্ৰাস কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029027.mp3"},{"index":"28","arabicText":"وَلُوْطًا اِذْ قَالَ لِقَوْمِهٖۤ اِنَّكُمْ لَتَاْتُوْنَ الْفَاحِشَةَ ؗ مَا سَبَقَكُمْ بِهَا مِنْ اَحَدٍ مِّنَ الْعٰلَمِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা লূতৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰি আছা, যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাছিল’।","footnotes":"","tafseer":"হে ৰাছুল! লূত আলাইহিচ্ছালামক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ নিশ্চয় তোমালোকে এনেকুৱা জঘন্য কাম কৰিছা, যিটো তোমালোকৰ পূৰ্বে পৃথিৱীৰ আন কোনেও কৰা নাছিল। গতিকে তোমালোকেই হৈছা প্ৰথম লোক, যিসকলে এই অশ্লীল তথা জঘন্য কুকৰ্মৰ আৰম্ভণি কৰিছা। যিটো কৰ্মক প্ৰত্যেক পৰিস্কাৰ-পৰিচ্ছন্ন ব্যক্তিয়ে ঘৃণা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029028.mp3"},{"index":"29","arabicText":"اَىِٕنَّكُمْ لَتَاْتُوْنَ الرِّجَالَ وَتَقْطَعُوْنَ السَّبِیْلَ ۙ۬ وَتَاْتُوْنَ فِیْ نَادِیْكُمُ الْمُنْكَرَ ؕ فَمَا كَانَ جَوَابَ قَوْمِهٖۤ اِلَّاۤ اَنْ قَالُوا ائْتِنَا بِعَذَابِ اللّٰهِ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟","assameseTranslation":"‘তোমালোকেই পুৰুষৰ ওচৰলৈ সমকামিতাৰ উদ্দেশ্যে গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’।","footnotes":"","tafseer":"তোমালোকে যৌন চাহিদা পূৰণৰ বাবে পুৰুষৰ গুহ্যদ্বাৰ কিয় ব্যৱহাৰ কৰা? তথা ভ্ৰমণকাৰী সকলক কিয় লুণ্ঠন কৰা, ফলত সিহঁতে তোমালোকৰ অশ্লীল কুকৰ্মৰ কাৰণে তোমালোকৰ ওচৰেৰে পাৰ হওঁতে ভয় কৰে? তথা তোমালোকে জনসভাতো অশ্লীল কাম কৰা পৰিলক্ষিত হোৱাৰ কাৰণটো কি, যেনেঃ উলঙ্গ হোৱা, অহা যোৱা কৰা ব্যক্তিক কথা আৰু কৰ্মৰ দ্বাৰা কষ্ট দিয়া আদি? এই অশ্লীল কৰ্মৰ পৰা বাধা প্ৰদান কৰাৰ পিছত তেওঁৰ সম্প্ৰদায়ে তেওঁক এই কথাষাৰৰ দ্বাৰা উত্তৰ দিছিল যে, যদি তুমি সত্যবাদী তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যি শাস্তিৰ জৰিয়তে তুমি আমাক ভয় দেখুৱাই আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029029.mp3"},{"index":"30","arabicText":"قَالَ رَبِّ انْصُرْنِیْ عَلَی الْقَوْمِ الْمُفْسِدِیْنَ ۟۠","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’।","footnotes":"","tafseer":"লূত আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ পাষণ্ডতা লক্ষ্য কৰাৰ পিছত তথা আল্লাহৰ শাস্তিক সিহঁতে অতি সহজভাৱে লৈ সেইটোক আবেদন কৰা দেখি, তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক সেইসকল লোকৰ বিৰুদ্ধে সহায় কৰা, যিসকলে কুফৰী আৰু অশ্লীল পাপ কৰ্মৰ দ্বাৰা পৃথিৱীত উৎপাত কৰি ফুৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029030.mp3"},{"index":"31","arabicText":"وَلَمَّا جَآءَتْ رُسُلُنَاۤ اِبْرٰهِیْمَ بِالْبُشْرٰی ۙ قَالُوْۤا اِنَّا مُهْلِكُوْۤا اَهْلِ هٰذِهِ الْقَرْیَةِ ۚ اِنَّ اَهْلَهَا كَانُوْا ظٰلِمِیْنَ ۟ۚۖ","assameseTranslation":"আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰলৈ আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’।","footnotes":"","tafseer":"যেতিয়া সেই ফিৰিস্তাসকল আহিল, যিসকলক আমি ইব্ৰাহীমৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, ইছহাক্ব আৰু তাৰ পিছত জন্ম হ’বলগীয়া তেওঁৰ পুত্ৰ ইয়াকূবৰ সুসংবাদ দিবলৈ; তেতিয়া তেওঁলোকে আহি ক’লেঃ “লূত আলাইহিচ্ছালামৰ জনবসতি অৰ্থাৎ ছাদূমৰ অধিবাসীসকলক আমি নিশ্চয় ধ্বংস কৰিম। কাৰণ ইয়াৰ অধিবাসীসকল অশ্লীল কৰ্মত লিপ্ত হৈ মহা অন্যায়কাৰীত পৰিণত হৈছে”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029031.mp3"},{"index":"32","arabicText":"قَالَ اِنَّ فِیْهَا لُوْطًا ؕ قَالُوْا نَحْنُ اَعْلَمُ بِمَنْ فِیْهَا ؗۥ لَنُنَجِّیَنَّهٗ وَاَهْلَهٗۤ اِلَّا امْرَاَتَهٗ ؗۗ كَانَتْ مِنَ الْغٰبِرِیْنَ ۟","assameseTranslation":"ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদৰ মাজত দেখোন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেই কথা আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই হ’ব পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ “আপোনালোকে যিখন জনবসতিক ধ্বংস কৰিবলৈ ওলাইছে, তাত দেখোন স্বয়ং লূত আলাইহিচ্ছালামো আছে, তেওঁতো অন্যায়কাৰী নহয়”। ফিৰিস্তাসকলে ক’লেঃ “তাত থকা লোকসকলক আমি ভালদৰে জানো। সেই জনবসিতৰ ওপৰত অৱতীৰ্ণ হ’বলগীয়া শাস্তিৰ পৰা আমি নিশ্চিতভাৱে তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিম, কিন্তু তেওঁৰ স্ত্ৰীৰ বাহিৰে। কাৰণ তাই ধ্বংস হ’বলগীয়া লোকসকলৰ লগত অৱস্থান কৰিব, শীঘ্ৰেই আমি তাইক সিহঁতৰ সৈতে ধ্বংস কৰিম”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029032.mp3"},{"index":"33","arabicText":"وَلَمَّاۤ اَنْ جَآءَتْ رُسُلُنَا لُوْطًا سِیْٓءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًا وَّقَالُوْا لَا تَخَفْ وَلَا تَحْزَنْ ۫ اِنَّا مُنَجُّوْكَ وَاَهْلَكَ اِلَّا امْرَاَتَكَ كَانَتْ مِنَ الْغٰبِرِیْنَ ۟","assameseTranslation":"আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰলৈ আহিল, তেতিয়া তেওঁ তেওঁলোকৰ বিষয়ে চিন্তিত হৈ পৰিল আৰু তেওঁ নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, চিন্তাও নকৰিব, নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে; তাই হৈছে পিছত অৱস্থানকাৰীবিলাকৰ অন্তৰ্ভুক্ত;","footnotes":"","tafseer":"সেই ফিৰিস্তাসকলে যেতিয়া লূত আলাইহিচ্ছালামৰ ওচৰলৈ আহি উপস্থিত হ’ল, যিসকলক আমি লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাবে প্ৰেৰণ কৰিছিলোঁ। তেতিয়া লূত আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ অশ্লীল স্বভাৱৰ কথা ভাবিলে আৰু তেওঁলোকৰ আগমনে তেওঁক চিন্তিত তথা শংকিত কৰি তুলিলে। কাৰণ ফিৰিস্তাসকল আহিছিল পুৰুষৰ আকৃতিত। ইপিনে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে যৌন চাহিদা পুৰণ কৰিবলৈ নাৰীসকলক এৰি পুৰুষসকলৰ লগত যৌন মিলন কৰাৰ প্ৰতি অভ্যস্থ আছিল। ফিৰিস্তাসকলে তেওঁক ক’লেঃ শংকিত নহ’ব, আপোনাৰ সম্প্ৰদায়ৰ কোনেও আপোনাক অনিষ্ট কৰিবলৈ আহিব নোৱাৰিব। লগতে সিহঁতৰ ধ্বংসৰ খবৰ শুনি আপুনি চিন্তিতও নহ’ব। নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিম, কিন্তু আপোনাৰ স্ত্ৰীৰ বাহিৰে; কাৰণ তাই ধ্বংস হ’বলগীয়া লোকসকলৰ সৈতে অৱস্থান কৰিব। শীঘ্ৰেই আমি তাইক সিহঁতৰ সৈতে ধ্বংস কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029033.mp3"},{"index":"34","arabicText":"اِنَّا مُنْزِلُوْنَ عَلٰۤی اَهْلِ هٰذِهِ الْقَرْیَةِ رِجْزًا مِّنَ السَّمَآءِ بِمَا كَانُوْا یَفْسُقُوْنَ ۟","assameseTranslation":"‘নিশ্চয় আমি এই জনপদবাসীৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম, কাৰণ সিহঁত মহাপাপত লিপ্ত হৈছে’।","footnotes":"","tafseer":"অশ্লীল তথা জঘন্য পাপকৰ্মত লিপ্ত থকাৰ কাৰণে আমি এই জনবসতিৰ ওপৰত আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিম, সেয়া হৈছে জুয়ে পোৰা শিলৰ শাস্তি। এই শাস্তি অৱতীৰ্ণ হোৱাৰ কাৰণটো হৈছে, সিহঁতে ঘৃণনীয় অশ্লীল কৰ্মত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে। অৰ্থাৎ সিহঁতে নাৰীসকলক এৰি পুৰুষৰ লগত যৌন চাহিদা পূৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029034.mp3"},{"index":"35","arabicText":"وَلَقَدْ تَّرَكْنَا مِنْهَاۤ اٰیَةً بَیِّنَةً لِّقَوْمٍ یَّعْقِلُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে এটা স্পষ্ট নিদৰ্শন ৰাখিছোঁ।","footnotes":"","tafseer":"ধ্বংস হোৱা এই জনপদত আমি সেইসকল লোকৰ বাবে স্পষ্ট নিদৰ্শন এৰিছোঁ, যিসকলে এইবোৰ বুজি পায়। কাৰণ তেওঁলোকেই নিদৰ্শনৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029035.mp3"},{"index":"36","arabicText":"وَاِلٰی مَدْیَنَ اَخَاهُمْ شُعَیْبًا ۙ فَقَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ وَارْجُوا الْیَوْمَ الْاٰخِرَ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟","assameseTranslation":"আৰু আমি মাদিয়ানবাসীৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ সিহঁতৰ ভাতৃ শ্বুআইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।","footnotes":"","tafseer":"মাদিয়ানলৈ আমি সিহঁতৰ বংশগত ভাই শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে এক আল্লাহৰ ইবাদত কৰাঁ। লগতে তেওঁৰ ইবাদত কৰি শেষ দিৱসৰ দিনা উত্তম প্ৰতিদানৰ আশা পোষণ কৰাঁ, আনহাতে তোমালোকে গুনাহৰ কাম কৰি অথবা ইয়াক প্ৰচাৰ কৰি পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029036.mp3"},{"index":"37","arabicText":"فَكَذَّبُوْهُ فَاَخَذَتْهُمُ الرَّجْفَةُ فَاَصْبَحُوْا فِیْ دَارِهِمْ جٰثِمِیْنَ ۟ؗ","assameseTranslation":"তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিলে; ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰতে নতজানু অৱস্থাত শেষ হৈ গ’ল।","footnotes":"","tafseer":"কিন্তু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক অস্বীকাৰ কৰিলে। ফলত ভয়ংকৰ ভূমিকম্পই সিহঁতক গ্ৰাস কৰিলে। ফলত সিহঁতে নিজৰ ঘৰতে লুটি খোৱা অৱস্থাত পৰি থাকিল আৰু সিহঁতৰ মুখমণ্ডল মাটিত আঠা লগাদি লাগি আছিল। সিহঁতৰ কোনো ধৰণৰ লৰচৰ নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029037.mp3"},{"index":"38","arabicText":"وَعَادًا وَّثَمُوْدَاۡ وَقَدْ تَّبَیَّنَ لَكُمْ مِّنْ مَّسٰكِنِهِمْ ۫ وَزَیَّنَ لَهُمُ الشَّیْطٰنُ اَعْمَالَهُمْ فَصَدَّهُمْ عَنِ السَّبِیْلِ وَكَانُوْا مُسْتَبْصِرِیْنَ ۟ۙ","assameseTranslation":"আদ আৰু ছামূদক আমিয়ে ধ্বংস কৰিছিলোঁ, সিহঁতৰ ঘৰ-দুৱাৰৰ কিছুমান ধ্বংসাৱশেষ তোমালোকৰ বাবে উন্মোচিত হৈছে। চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল আৰু সিহঁতক সৎপথ অৱলম্বনত বাধা দিছিল, যদিও সিহঁত আছিল অতি বিচক্ষণ।","footnotes":"","tafseer":"এইদৰেই আমি হূদৰ সম্প্ৰদায় আদক, আৰু ছলেহৰ সম্প্ৰদায় ছামূদকো ধ্বংস কৰিছোঁ। হে মক্কাৰ অধিবাসীসকল! তোমালোকে হাজাৰামউতৰ শ্বিহৰ নামক স্থানত আৰু হিজৰ নামক স্থানত সিহঁতৰ বাসস্থানৰ ধ্বংসাৱশেষ পাইছা, যিবোৰে সিহঁতৰ ধ্বংসৰ কৰুণ কাহিনী বৰ্ণনা কৰে। গতিকে সিহঁতৰ ভগ্নাৱশেষ গৃহবোৰেই হৈছে সিহঁতৰ ধ্বংসৰ প্ৰমাণ। দৰাচলতে সিহঁতে লিপ্ত হৈ থকা কুফৰী আৰু গুনাহৰ কৰ্মবোৰক চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল, আৰু সিহঁতক সঠিক পথৰ পৰা আঁতৰাই ৰাখিছিল। যদিও ৰাছুলসকলৰ শিক্ষাৰ ফলত সিহঁতে সত্য-অসত্য তথা সুপথ আৰু কুপথৰ মাজত পাৰ্থক্য কৰিব পৰা জ্ঞান লাভ কৰিছিল, তথাপিও সিহঁতে প্ৰবৃত্তিৰ অনুসৰণক হিদায়তৰ অনুসৰণৰ ওপৰত প্ৰাধান্য দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029038.mp3"},{"index":"39","arabicText":"وَقَارُوْنَ وَفِرْعَوْنَ وَهَامٰنَ ۫ وَلَقَدْ جَآءَهُمْ مُّوْسٰی بِالْبَیِّنٰتِ فَاسْتَكْبَرُوْا فِی الْاَرْضِ وَمَا كَانُوْا سٰبِقِیْنَ ۟ۚۖ","assameseTranslation":"আৰু আমি ধ্বংস কৰিছিলোঁ ক্বাৰূন, ফিৰআউন আৰু হামানক। নিশ্চয় মুছাই সিহঁতৰ ওচৰলৈ সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাছিল।","footnotes":"","tafseer":"এইদৰে আমি কাৰূনকো ভূমিস্খলনৰ দ্বাৰা তাক আৰু তাৰ অট্টালিকাক ধ্বংস কৰিছিলোঁ, যেতিয়া সি মুছাৰ সম্প্ৰদায়ৰ মাজত উৎপাত আৰম্ভ কৰিছিল। এইদৰে ফিৰআউন আৰু তাৰ মন্ত্ৰী হামানকো আমি সাগৰত ডুবাই ধ্বংস কৰিছিলোঁ। নিশ্চয় মুছা আলাইহিচ্ছালামে তেওঁৰ সত্যতা প্ৰমাণ কৰিবলৈ সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিল। তথাপিও সিহঁতে মিচৰৰ ভূমিত তেওঁৰ প্ৰতি ঈমান আনিবলৈ অহংকাৰ কৰিছিল। সিহঁতে কেতিয়াও আমাৰ শাস্তিৰ পৰা পলায়ন কৰি ৰক্ষা পাব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029039.mp3"},{"index":"40","arabicText":"فَكُلًّا اَخَذْنَا بِذَنْۢبِهٖ ۚ فَمِنْهُمْ مَّنْ اَرْسَلْنَا عَلَیْهِ حَاصِبًا ۚ وَمِنْهُمْ مَّنْ اَخَذَتْهُ الصَّیْحَةُ ۚ وَمِنْهُمْ مَّنْ خَسَفْنَا بِهِ الْاَرْضَ ۚ وَمِنْهُمْ مَّنْ اَغْرَقْنَا ۚ وَمَا كَانَ اللّٰهُ لِیَظْلِمَهُمْ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟","assameseTranslation":"এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক কৰায়ত্ত কৰিছিলোঁ। সিহঁতৰ কিছুমানৰ ওপৰত আমি প্ৰেৰণ কৰিছিলোঁ শিলাবৃষ্টিসম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞৰে, আৰু কিছুমানক পুতি পেলাইছিলোঁ ভূ-গৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলোঁ। আল্লাহ এনেকুৱা নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।","footnotes":"","tafseer":"উক্ত প্ৰত্যেক সম্প্ৰদায়কে আমি আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। সিহঁতৰ মাজৰ লূত সম্প্ৰদায়ৰ ওপৰত আমি নিৰন্তৰ জুয়ে পোৰা শিল বৰ্ষণ কৰিছিলোঁ। আনহাতে ছলেহ সম্প্ৰদায় আৰু শ্বুআইব সম্প্ৰদায়ক বিকট শব্দই ধ্বংস কৰিছিল। তথা কাৰূনক তাৰ গৃহসহ মাটিত পুতি পেলাইছিলোঁ। নূহ সম্প্ৰদায়, ফিৰআউন আৰু হামানক আমি পানীত ডুবাই মাৰিছিলোঁ। এনেকুৱা নহয় যে, আল্লাহে ইহঁতক বিনা অপৰাধত ধ্বংস কৰিছে, বৰং সিহঁতে পাপকৰ্মত লিপ্ত হৈ নিজেই নিজৰ অন্যায় কৰিছিল। ফলত সিহঁতে শাস্তিৰ উপযুক্ত হৈ পৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029040.mp3"},{"index":"41","arabicText":"مَثَلُ الَّذِیْنَ اتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ اَوْلِیَآءَ كَمَثَلِ الْعَنْكَبُوْتِ ۚۖ اِتَّخَذَتْ بَیْتًا ؕ وَاِنَّ اَوْهَنَ الْبُیُوْتِ لَبَیْتُ الْعَنْكَبُوْتِ ۘ لَوْ كَانُوْا یَعْلَمُوْنَ ۟","assameseTranslation":"যিসকলে আল্লাহৰ বাহিৰে আনক অভিভাৱক হিচাপে গ্ৰহণ কৰে, সিহঁতৰ দৃষ্টান্ত মকৰাৰ নিচিনা, যিয়ে ঘৰ বনায়। নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ, হায়! যদি সিহঁতে জানিলেহেঁতেন।","footnotes":"","tafseer":"যিসকল মুশ্বৰিকে আল্লাহৰ বাহিৰে মূৰ্ত্তি সাজি লৈ সেইবোৰৰ উপাসনা কৰে, তথা সেইবোৰৰ পৰা উপকাৰ আশা কৰে, নাইবা সেইবোৰে সিহঁতৰ হৈ মধ্যস্ততা কৰিব বুলি বিশ্বাস কৰে, সেইসকল মুশ্বৰিকৰ উদাহৰণ হৈছে মকৰাৰ দৰে, যিয়ে নিজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে ঘৰ সাজে, অথচ ঘৰৰ ভিতৰত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ। কাৰণ সেই ঘৰে কেতিয়াও শত্ৰুৰ পৰা সুৰক্ষা প্ৰদান নকৰে। এইটোৱেই হৈছে সিহঁতৰ মূৰ্ত্তিবোৰৰো অৱস্থা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে, আনকি মধ্যস্ততা কৰিবলৈও সক্ষম নহয়। যদি মুশ্বৰিকসকলে এইটো জানিলেহেঁতেন তেন্তে কেতিয়াও নিজ হাতেৰে মূৰ্ত্তি সাজি আল্লাহৰ বাহিৰে সেইবোৰৰ উপাসনা নকৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029041.mp3"},{"index":"42","arabicText":"اِنَّ اللّٰهَ یَعْلَمُ مَا یَدْعُوْنَ مِنْ دُوْنِهٖ مِنْ شَیْءٍ ؕ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"নিশ্চয় আল্লাহে সেইবোৰক জানে, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে, তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে ভালকৈয়ে জানে সিহঁতে তেওঁৰ বাহিৰে আৰু কাৰ কাৰ উপাসনা কৰে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029042.mp3"},{"index":"43","arabicText":"وَتِلْكَ الْاَمْثَالُ نَضْرِبُهَا لِلنَّاسِ ۚ وَمَا یَعْقِلُهَاۤ اِلَّا الْعٰلِمُوْنَ ۟","assameseTranslation":"আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেহে সেয়া বুজি পায়।","footnotes":"","tafseer":"এই উদাহৰণবোৰ, আমি মানুহক সজাগ তথা সচেতন কৰিবলৈ, সত্য অৱগত কৰাবলৈ, লগতে সত্যৰ পথ দেখুৱাবলৈ উপস্থাপন কৰি আছোঁ। এইবোৰক সেইসকল লোকেই ভালদৰে বুজি পায়, যিসকলে আল্লাহৰ চৰীয়ত আৰু তেওঁৰ হিকমত সম্পৰ্কে ভালকৈ অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029043.mp3"},{"index":"44","arabicText":"خَلَقَ اللّٰهُ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّلْمُؤْمِنِیْنَ ۟۠","assameseTranslation":"আল্লাহেই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন।","footnotes":"","tafseer":"পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক সত্য সহকাৰে সৃষ্টি কৰিছে। এইবোৰক অসত্যৰ সৈতে তথা অনৰ্থক সৃষ্টি কৰা নাই। নিশ্চয় এইবোৰ সৃষ্টিৰ মাজত মুমিনসকলৰ বাবে আল্লাহৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ নিহিত হৈ আছে। কাৰণ কেৱল মুমিনসকলেই আল্লাহৰ সৃষ্টিজগতৰ মখলুকৰ দ্বাৰা পৱিত্ৰ সৃষ্টিকৰ্তাৰ অস্তিত্বৰ বিষয়ে জ্ঞান আহৰণ কৰে। আনহাতে কাফিৰসকলে মহাকাশ আৰু স্বয়ং সিহঁতৰ মাজত থকা নিদৰ্শনবোৰ চোৱাৰ পিছতো কোনো ভ্ৰূক্ষেপ নকৰে। সৃষ্টিকৰ্তাৰ মহানতা আৰু ক্ষমতাৰ পিনে সিহঁতৰ মনোযোগ কেতিয়াও আকৃষ্ট নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029044.mp3"},{"index":"45","arabicText":"اُتْلُ مَاۤ اُوْحِیَ اِلَیْكَ مِنَ الْكِتٰبِ وَاَقِمِ الصَّلٰوةَ ؕ اِنَّ الصَّلٰوةَ تَنْهٰی عَنِ الْفَحْشَآءِ وَالْمُنْكَرِ ؕ وَلَذِكْرُ اللّٰهِ اَكْبَرُ ؕ وَاللّٰهُ یَعْلَمُ مَا تَصْنَعُوْنَ ۟","assameseTranslation":"তোমাৰ প্ৰতি যি কিতাব অহী কৰা হৈছে, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মানুহক কোৰআন তিলাৱত কৰি শুনোৱাওক, যিখন আপোনাৰ প্ৰতি অহী কৰা হৈছে। লগতে পৰিপূৰ্ণৰূপে চালাত প্ৰতিষ্ঠা কৰক। নিশ্চয় পৰিপূৰ্ণৰূপে আদায় কৰা চালাতে, চালাত আদায়কাৰীক পাপকৰ্ম তথা দূৰাচাৰীৰ পৰা সুৰক্ষিত ৰাখে। কিয়নো ইয়াৰ ফলত অন্তৰে জ্যোতি লাভ কৰে, আৰু সেই জ্যোতিয়ে মানুহক পাপকৰ্মৰ পৰা বিৰত ৰাখে তথা সৎকৰ্মৰ পথ দেখুৱায়। প্ৰত্যেক কৰ্মতকৈ আল্লাহৰ স্মৰণেই হৈছে ডাঙৰ তথা মহান। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে ভালকৈয়ে জানে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। কৰ্ম ভাল হ’লে, প্ৰতিদান ভাল হ’ব। আনহাতে বেয়া হ’লে, প্ৰতিফলো বেয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029045.mp3"},{"index":"46","arabicText":"وَلَا تُجَادِلُوْۤا اَهْلَ الْكِتٰبِ اِلَّا بِالَّتِیْ هِیَ اَحْسَنُ ۖۗ اِلَّا الَّذِیْنَ ظَلَمُوْا مِنْهُمْ وَقُوْلُوْۤا اٰمَنَّا بِالَّذِیْۤ اُنْزِلَ اِلَیْنَا وَاُنْزِلَ اِلَیْكُمْ وَاِلٰهُنَا وَاِلٰهُكُمْ وَاحِدٌ وَّنَحْنُ لَهٗ مُسْلِمُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজৰ যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছোঁ। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত উত্তম পন্থাৰে বাদানুবাদ কৰিবা। অৰ্থাৎ দলিল-প্ৰমাণ আৰু উপদেশৰ সৈতে সিহঁতক ইছলামৰ পিনে নিমন্ত্ৰণ কৰিবা। আনহাতে সিহঁতৰ মাজৰ যিসকলে বিদ্বেষ পোষণ কৰি আৰু অহংকাৰ কৰি অন্যায় কৰিছে, তথা তোমালোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সেইসকল লোকৰ বিৰুদ্ধে তোমালোকেও যুদ্ধ কৰা। যেতিয়ালৈকে সিহঁতে ইছলাম গ্ৰহণ নকৰে অথবা অপমানিত হৈ কৰ আদায় নকৰে। ইয়াহুদী আৰু খৃষ্টানসকলক কৈ দিয়া, আমি সেই কোৰআনৰ প্ৰতি ঈমান আনিছোঁ, যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে; তথা তোমালোকৰ প্ৰতি অৱতীৰ্ণ হোৱা তাওৰাত আৰু ইঞ্জীলৰ প্ৰতিও আমি ঈমান আনিছোঁ। আমাৰ আৰু তোমালোকৰ উপাস্য এজনেই। তেওঁৰ দৰে উপাস্য, পালনহাৰ আৰু সকলো ফালৰ পৰা পৰিপূৰ্ণ সত্ত্বা আন কোনো নাই। আমি একমাত্ৰ তেওঁৰেই আনুগত্য কৰোঁ, আৰু তেওঁৰ সন্মুখতেই শিৰনত কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029046.mp3"},{"index":"47","arabicText":"وَكَذٰلِكَ اَنْزَلْنَاۤ اِلَیْكَ الْكِتٰبَ ؕ فَالَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یُؤْمِنُوْنَ بِهٖ ۚ وَمِنْ هٰۤؤُلَآءِ مَنْ یُّؤْمِنُ بِهٖ ؕ وَمَا یَجْحَدُ بِاٰیٰتِنَاۤ اِلَّا الْكٰفِرُوْنَ ۟","assameseTranslation":"এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলোঁ তেওঁলোকেও ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।","footnotes":"","tafseer":"যিদৰে আমি আপোনাৰ পূৰ্বে (নবীসকলৰ ওপৰত) কিতাব অৱতীৰ্ণ কৰিছিলোঁ, ঠিক সেইদৰে আপোনাৰ ওপৰতো কোৰআন অৱতীৰ্ণ কৰিছোঁ। এতেকে তাওৰাত অধ্যয়ন কৰা কিছুমান লোকে উদাহৰণস্বৰূপে আব্দুল্লাহ বিন ছালাম আদিয়ে ইয়াৰ প্ৰতি ঈমান আনিছে। কাৰণ তেওঁলোকে নিজ গ্ৰন্থত ইয়াৰ বৈশিষ্ট্যবোৰ অধ্যয়ন কৰিছে, আৰু মুশ্বৰিকসকলৰ মাজৰ পৰাও কিছুমানে ইয়াৰ প্ৰতি ঈমান আনিছে। আমাৰ আয়াতসমূহক কেৱল সেইসকল কাফিৰেই অস্বীকাৰ কৰে, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো কুফৰী আৰু অস্বীকাৰৰ পথত অটল থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029047.mp3"},{"index":"48","arabicText":"وَمَا كُنْتَ تَتْلُوْا مِنْ قَبْلِهٖ مِنْ كِتٰبٍ وَّلَا تَخُطُّهٗ بِیَمِیْنِكَ اِذًا لَّارْتَابَ الْمُبْطِلُوْنَ ۟","assameseTranslation":"আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কোৰআনৰ পূৰ্বে কোনো কিতাবেই পঢ়া নাছিল আৰু আপোনাৰ সোঁ হাতেৰেও একো লিখিব পৰা নাছিল। কাৰণ আপুনি আছিল নিৰক্ষৰ। লিখা পঢ়াৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাছিল। যদি আপুনি লিখা পঢ়া জানিলেহেঁতেন তেন্তে বহুতো মুৰ্খই আপোনাৰ নুবুওৱতকলৈ সন্দেহ পোষণ কৰিলেহেঁতেন, আৰু সিহঁতে দাবী কৰিলেহেঁতেন যে, আপুনি পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ পৰা এইবোৰ লিখি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029048.mp3"},{"index":"49","arabicText":"بَلْ هُوَ اٰیٰتٌۢ بَیِّنٰتٌ فِیْ صُدُوْرِ الَّذِیْنَ اُوْتُوا الْعِلْمَ ؕ وَمَا یَجْحَدُ بِاٰیٰتِنَاۤ اِلَّا الظّٰلِمُوْنَ ۟","assameseTranslation":"বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইখন হৈছে এটা স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰে।","footnotes":"","tafseer":"বৰং আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে স্পষ্ট আয়াতসমূহৰ সমষ্টি, যিবোৰ সেইসকল মুমিনৰ অন্তৰত সুৰক্ষিত, যিসকলক জ্ঞান দান কৰা হৈছে। আমাৰ আয়াতসমূহক সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকলে আল্লাহৰ লগত কুফৰী কৰি আৰু তেওঁৰ লগত শ্বিৰ্ক কৰি নিজৰ ওপৰতেই অন্যায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029049.mp3"},{"index":"50","arabicText":"وَقَالُوْا لَوْلَاۤ اُنْزِلَ عَلَیْهِ اٰیٰتٌ مِّنْ رَّبِّهٖ ؕ قُلْ اِنَّمَا الْاٰیٰتُ عِنْدَ اللّٰهِ ؕ وَاِنَّمَاۤ اَنَا نَذِیْرٌ مُّبِیْنٌ ۟","assameseTranslation":"সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’।","footnotes":"","tafseer":"মুশ্বৰিকসকলে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যিদৰে পূৰ্বৱৰ্তী ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল? হে ৰাছুল! আপোনাক প্ৰস্তাৱ দিয়া এই লোকসকলক কৈ দিয়ক, নিদৰ্শন অৱতীৰ্ণ কৰাৰ দায়িত্ব হৈছে পৱিত্ৰ আল্লাহৰ হাতত। তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে; সেইবোৰ অৱতীৰ্ণ কৰা মোৰ কাম নহয়। নিশ্চিতভাৱে মই হৈছোঁ তোমালোকক স্পষ্টৰূপে আল্লাহৰ শাস্তিৰ পৰা সতৰ্ককাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029050.mp3"},{"index":"51","arabicText":"اَوَلَمْ یَكْفِهِمْ اَنَّاۤ اَنْزَلْنَا عَلَیْكَ الْكِتٰبَ یُتْلٰی عَلَیْهِمْ ؕ اِنَّ فِیْ ذٰلِكَ لَرَحْمَةً وَّذِكْرٰی لِقَوْمٍ یُّؤْمِنُوْنَ ۟۠","assameseTranslation":"এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যিখন সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।","footnotes":"","tafseer":"হে ৰাছুল! এই প্ৰস্তাৱ দিয়া লোকসকলৰ বাবে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনখন যথেষ্ট নহয় নেকি, যিখন ইহঁতৰ সন্মুখত তিলাৱত কৰা হয়? নিশ্চয় আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনত সেইসকল লোকৰ বাবে আছে ৰহমত আৰু উপদেশ, যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই কোৰআনৰ শিক্ষাৰ দ্বাৰা উপকৃত হয়। এতেকে এওঁলোকৰ ওপৰত অৱতীৰ্ণ এই সকলোবোৰ প্ৰমাণ, সেইসমূহ নিদৰ্শনতকৈ যথেষ্ট পৰিমাণে উত্তম, যিবোৰ পূৰ্বৱৰ্তী নবীসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু যিবোৰ অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ স্বয়ং ইহঁতে আগবঢ়াইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029051.mp3"},{"index":"52","arabicText":"قُلْ كَفٰی بِاللّٰهِ بَیْنِیْ وَبَیْنَكُمْ شَهِیْدًا ۚ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ وَالَّذِیْنَ اٰمَنُوْا بِالْبَاطِلِ وَكَفَرُوْا بِاللّٰهِ ۙ اُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟","assameseTranslation":"কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়ক, মই যি লৈ আহিছোঁ, ইয়াৰ সত্যতা আৰু তোমালোকৰ অস্বীকাৰৰ ক্ষেত্ৰত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত থকা সকলো বিষয়ে অৱগত। এই দুয়োৰে মাজত থকা একোৱেই তেওঁৰ পৰা গোপন নহয়। এতেকে যিসকল লোকে বাতিলৰ ওপৰত বিশ্বাস পোষণ কৰিছে, অৰ্থাৎ যিবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰা হয় সেইবোৰক সত্য বুলি মানি লৈছে, আৰু সেই আল্লাহৰ লগত কুফৰী কৰিছে, যিজন এককভাৱে ইবাদতৰ যোগ্য, সেইসকল লোকেই হৈছে প্ৰকৃততে ক্ষতিগ্ৰস্ত। কাৰণ সিহঁতে ঈমানৰ পৰিবৰ্তে কুফৰীক পছন্দ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029052.mp3"},{"index":"53","arabicText":"وَیَسْتَعْجِلُوْنَكَ بِالْعَذَابِ ؕ وَلَوْلَاۤ اَجَلٌ مُّسَمًّی لَّجَآءَهُمُ الْعَذَابُ ؕ وَلَیَاْتِیَنَّهُمْ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহি পৰিলহেঁতেন। (জানি থোৱা) নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, আনকি সিহতে উপলব্ধিও কৰিব নোৱাৰিব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মুশ্বৰিকসকলক যি শাস্তিৰ পৰা সতৰ্ক কৰিছে, সিহঁতে সেই শাস্তিক দ্ৰুত বিচাৰি আছে। আল্লাহে সিহঁতৰ শাস্তিৰ বাবে যদি সময় নিৰ্ধাৰণ কৰি নাৰাখিলেহেঁতেন –যিটো সময় আগুৱাইয়ো আহিব নোৱাৰে আৰু পিছুৱাইয়ো যাব নোৱাৰে- তেন্তে সিহঁতে বিচৰা শাস্তিটো নিশ্চয় আহি পৰিলহেঁতেন। নিশ্চয় সেই শাস্তি আকস্মিক আহি পৰিব, সেই শাস্তি অহাৰ সিহঁতে উমানো নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029053.mp3"},{"index":"54","arabicText":"یَسْتَعْجِلُوْنَكَ بِالْعَذَابِ ؕ وَاِنَّ جَهَنَّمَ لَمُحِیْطَةٌ بِالْكٰفِرِیْنَ ۟ۙ","assameseTranslation":"সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। অথচ জাহান্নামে কাফিৰসকলক নিশ্চয় পৰিবেষ্টন কৰিব।","footnotes":"","tafseer":"আপুনি সিহঁতক ভয় দেখুৱা শাস্তিটো সিহঁতে দ্ৰুত বিচাৰি আছে। আল্লাহে কাফিৰসকলক প্ৰতিশ্ৰুতি দিয়া জাহান্নামে নিশ্চয় সিহঁতক পৰিবেষ্টন কৰিব। সিহঁতে জাহান্নামৰ শাস্তিৰ পৰা কেতিয়াও পলায়ন কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029054.mp3"},{"index":"55","arabicText":"یَوْمَ یَغْشٰىهُمُ الْعَذَابُ مِنْ فَوْقِهِمْ وَمِنْ تَحْتِ اَرْجُلِهِمْ وَیَقُوْلُ ذُوْقُوْا مَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ সোৱাদ গ্ৰহণ কৰা’।","footnotes":"","tafseer":"যিদিনা শাস্তিয়ে সিহঁতক ওপৰৰ পৰা ঢাকি ধৰিব, আৰু সিহঁতৰ ভৰিৰ তলত বিছনাৰ দৰে পাৰি দিয়া হ’ব, আৰু আল্লাহে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ পৃথিৱীত তোমালোকে যিবোৰ শ্বিৰ্ক আৰু গুনাহৰ কৰ্ম কৰিছিলা তাৰ বিনিময়ত শাস্তি ভোগ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029055.mp3"},{"index":"56","arabicText":"یٰعِبَادِیَ الَّذِیْنَ اٰمَنُوْۤا اِنَّ اَرْضِیْ وَاسِعَةٌ فَاِیَّایَ فَاعْبُدُوْنِ ۟","assameseTranslation":"হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱীখন বহুত প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।","footnotes":"","tafseer":"হে মোৰ বান্দাসকল! যিসকলে মোৰ প্ৰতি ঈমান পোষণ কৰিছা, তোমালোকে সেই ভূমিৰ পৰা হিজৰত কৰা, যি ভূমিত মোৰ ইবাদত কৰা কঠিন হৈ পৰিছে। নিশ্চয় মোৰ এই ধৰা অতি বিশাল। গতিকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা। লগতে মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029056.mp3"},{"index":"57","arabicText":"كُلُّ نَفْسٍ ذَآىِٕقَةُ الْمَوْتِ ۫ ثُمَّ اِلَیْنَا تُرْجَعُوْنَ ۟","assameseTranslation":"প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব, তাৰ পিছত তোমালোকে আমাৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’বা।","footnotes":"","tafseer":"মৃত্যুৰ ভয়ে যেন তোমালোকক হিজৰতৰ পৰা বিৰত নাৰাখে। প্ৰত্যেক প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব লাগিব। তাৰ পিছত কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029057.mp3"},{"index":"58","arabicText":"وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَنُبَوِّئَنَّهُمْ مِّنَ الْجَنَّةِ غُرَفًا تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ نِعْمَ اَجْرُ الْعٰمِلِیْنَ ۟ۗۖ","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰাসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰীসকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান!","footnotes":"","tafseer":"যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ নৈকট্য অৰ্জন কৰিব পৰা সৎকৰ্ম কৰিছে, আমি তেওঁলোকক জান্নাতৰ এনেকুৱা ওখ ওখ ভৱনত ঠাই প্ৰদান কৰিম, যাৰ তলত নৈ নিজৰা প্ৰবাহিত থাকিব। তেওঁলোকে তাত চিৰকাল বসবাস কৰিব। মৃত্যুৱে কেতিয়াও তেওঁলোকক স্পৰ্শ নকৰিব। আল্লাহৰ আদেশ মতে আমল কৰা লোকসকলৰ এই প্ৰতিদানবোৰ কিমান যে উত্তম প্ৰতিদান!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029058.mp3"},{"index":"59","arabicText":"الَّذِیْنَ صَبَرُوْا وَعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟","assameseTranslation":"যিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে।","footnotes":"","tafseer":"গুনাহৰ পৰা বিৰত থাকি আৰু আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰি তেওঁৰ আদেশ মতে আমল কৰা লোকসকলৰ প্ৰতিদান কিমান যে উত্তম প্ৰতিদান! তেওঁলোকে সকলো কৰ্মতেই একমাত্ৰ নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029059.mp3"},{"index":"60","arabicText":"وَكَاَیِّنْ مِّنْ دَآبَّةٍ لَّا تَحْمِلُ رِزْقَهَا ۗۖ اَللّٰهُ یَرْزُقُهَا وَاِیَّاكُمْ ۖؗ وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"এনেকুৱা বহুতো জীৱ-জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় কৰি নাৰাখে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো (দান কৰে), আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"পৃথিৱীত চলাফুৰা কৰা এনেকুৱা বহুতো প্ৰাণী আছে যিবোৰে নিজৰ জীৱিকা সঞ্চয় কৰি ৰাখিব নোৱাৰে আৰু বহন কৰিও লৈ ফুৰিব নোৱাৰে, আল্লাহেই সেইবোৰক জীৱিকা প্ৰদান কৰে আৰু তোমালোককো জীৱিকা দান কৰে। গতিকে জীৱিকাৰ ভয়ত হিজৰত ত্যাগ কৰা তোমালোকৰ এই অজুহাত গ্ৰহণযোগ্য নহয়। নিশ্চয় তেওঁ তোমালোকৰ কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ নিয়্যত তথা কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তোমালোকক ইয়াৰ প্ৰতিদান দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029060.mp3"},{"index":"61","arabicText":"وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ لَیَقُوْلُنَّ اللّٰهُ ۚ فَاَنّٰی یُؤْفَكُوْنَ ۟","assameseTranslation":"আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে নিশ্চয় ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে!","footnotes":"","tafseer":"হে ৰাছুল! আপুনি যদি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডল কোনে সৃষ্টি কৰিছে? পৃথিৱী কোনে সৃষ্টি কৰিছে? চন্দ্ৰ আৰু সূৰ্য্যক কোনে নিয়ন্ত্ৰণ কৰে, যাৰ ফলত এটাৰ পিছত এটা দৃশ্যমান হয়? তেতিয়া নিশ্চয় সিহঁতে ক’বঃ আল্লাহেই এইবোৰক সৃষ্টি কৰিছে। তথাপিও সিহঁতে এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা কিয় আঁতৰি থাকে? আৰু তেওঁৰ বাহিৰে এনেকুৱা উপাস্যৰ উপাসনা কৰে যিবোৰে একো উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029061.mp3"},{"index":"62","arabicText":"اَللّٰهُ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ مِنْ عِبَادِهٖ وَیَقْدِرُ لَهٗ ؕ اِنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟","assameseTranslation":"আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।","footnotes":"","tafseer":"আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে বিশেষ হিকমত অনুযায়ী তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, যিটো কেৱল তেৱেঁই জানে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। একোৱেই তেওঁৰ পৰা গোপন নহয়। গতিকে বান্দাৰ হকে থকা কোনো কল্যাণকৰ হিত তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029062.mp3"},{"index":"63","arabicText":"وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ نَّزَّلَ مِنَ السَّمَآءِ مَآءً فَاَحْیَا بِهِ الْاَرْضَ مِنْ بَعْدِ مَوْتِهَا لَیَقُوْلُنَّ اللّٰهُ ؕ قُلِ الْحَمْدُ لِلّٰهِ ؕ بَلْ اَكْثَرُهُمْ لَا یَعْقِلُوْنَ ۟۠","assameseTranslation":"আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি যদি মুশ্বৰিকসকলক সোধে যে, আকাশৰ পৰা পানী কোনে বৰষায়, যাৰ ফলত মৃত ভূমিত উদ্ভিদ উৎপন্ন হয়? তেতিয়া সিহঁতে নিশ্চয় ক’বঃ আল্লাহেই আকাশৰ পৰা পানী বৰষায় আৰু পৃথিৱীক সেউজীয়া কৰি তোলে। হে ৰাছুল! আপুনি কওক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে তোমালোকৰ ওপৰত প্ৰমাণ প্ৰকাশ কৰিছে। কিন্তু প্ৰকৃততে সিহঁতৰ মাজৰ অধিকাংশ লোকেই বুজি নাপায়। যদি সিহঁতে বুজিলেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ সৈতে এনেকুৱা মূৰ্ত্তিবোৰক অংশীদাৰ নকৰিলেহেঁতেন, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029063.mp3"},{"index":"64","arabicText":"وَمَا هٰذِهِ الْحَیٰوةُ الدُّنْیَاۤ اِلَّا لَهْوٌ وَّلَعِبٌ ؕ وَاِنَّ الدَّارَ الْاٰخِرَةَ لَهِیَ الْحَیَوَانُ ۘ لَوْ كَانُوْا یَعْلَمُوْنَ ۟","assameseTranslation":"এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন!","footnotes":"","tafseer":"এই পাৰ্থিৱ জীৱন, লগতে ইয়াত থকা সকলো সুখ-সুবিধা তথা বিভিন্ন উপভোগ সামগ্ৰীবোৰ হৈছে ইয়াৰ লগত সম্পৃক্ত ব্যক্তিসকলৰ বাবে এক প্ৰকাৰ খেল-ধেমালিস্বৰূপ। যিবোৰ অচিৰেই সমাপ্ত হ’ব। আনহাতে আখিৰাতৰ ঘৰেই হৈছে বাস্তৱিক জীৱন। কাৰণ সেইখনেই অৱশিষ্ট থাকিব। সিহঁতে যদি এই বিষয়টো ভালদৰে জানিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে চিৰস্থায়ী জীৱনৰ ওপৰত অস্থায়ী জীৱনক প্ৰাধান্য নিদিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029064.mp3"},{"index":"65","arabicText":"فَاِذَا رَكِبُوْا فِی الْفُلْكِ دَعَوُا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۚ۬ فَلَمَّا نَجّٰىهُمْ اِلَی الْبَرِّ اِذَا هُمْ یُشْرِكُوْنَ ۟ۙ","assameseTranslation":"কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে বিশুদ্ধচিত্তে একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া সিহঁতে শ্বিৰ্কত লিপ্ত হয়;","footnotes":"","tafseer":"এই মুশ্বৰিকসকল সাগৰত যেতিয়া নাঁৱত আৰোহণ কৰে, তেতিয়া সিহঁতে নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ ওচৰতেই দুআ কৰে, যাতে তেওঁ সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰে। এতেকে যেতিয়াই তেওঁ সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰে, সিহঁত পাৰলৈ উভতি আহি পুনৰ শ্বিৰ্ক কৰিবলৈ আৰম্ভ কৰে আৰু অন্যান্য উপাস্যবোৰকো সিহঁতৰ দুআত চামিল কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029065.mp3"},{"index":"66","arabicText":"لِیَكْفُرُوْا بِمَاۤ اٰتَیْنٰهُمْ ۙۚ وَلِیَتَمَتَّعُوْا ۥ فَسَوْفَ یَعْلَمُوْنَ ۟","assameseTranslation":"এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছোঁ, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে শীঘ্ৰেই সিহঁতে জানিবলৈ পাব (ইয়াৰ ভয়াৱহ পৰিণাম সম্পৰ্কে)।","footnotes":"","tafseer":"উভতি আহি মুশ্বৰিকসকলে নিজৰ চৰিত্ৰ পৰিবৰ্তন কৰে, আৰু সিহঁতক আমি প্ৰদান কৰা নিয়ামতবোৰৰ অকৃতজ্ঞ হৈ পৰে। যাতে পাৰ্থিৱ জীৱনৰ সুখ-সুবিধাবোৰ উপভোগ কৰিব পাৰে। নিশ্চয় শীঘ্ৰেই সিহঁতে মৃত্যুৰ পিছত বেয়া কৰ্মৰ পৰিণাম সম্পৰ্কে অৱগত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029066.mp3"},{"index":"67","arabicText":"اَوَلَمْ یَرَوْا اَنَّا جَعَلْنَا حَرَمًا اٰمِنًا وَّیُتَخَطَّفُ النَّاسُ مِنْ حَوْلِهِمْ ؕ اَفَبِالْبَاطِلِ یُؤْمِنُوْنَ وَبِنِعْمَةِ اللّٰهِ یَكْفُرُوْنَ ۟","assameseTranslation":"সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি (মক্কাৰ) হাৰামক নিৰাপদ কৰিছোঁ, অথচ ইয়াৰ চাৰিওফালে থকা মানুহবোৰ অপহৰণৰ চিকাৰ হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে?","footnotes":"","tafseer":"আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰা এই লোকসকলক যেতিয়া আল্লাহে ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলে, তাৰ পিছতো সিহঁতে ভাবি চোৱা নাইনে যে, আল্লাহে সিহঁতক আৰু এটা নিয়ামত দান কৰিছে? সেয়া হৈছে, আমি সিহঁতক নিৰাপত্তামূলক স্থান প্ৰদান কৰিছোঁ। য’ত সিহঁতৰ ধন-সম্পদ আৰু প্ৰাণৰ কোনো ভয় নাই, পক্ষান্তৰে অন্যান্য ঠাইত আক্ৰমণ হয়, সিহঁতক হত্যা কৰা হয় তথা বন্দী বনোৱা হয়, লগতে সিহঁতৰ নাৰী-পুৰুষ আৰু সন্তান সকলকো কয়েদী বনোৱা হয়, আৰু সিহঁতৰ সম্পদ কাঢ়ি লোৱা হয়। ইয়াৰ পিছতো সিহঁতে সিহঁতৰ তথাকথিত উপাস্যবোৰৰ প্ৰতি ঈমান পোষণ কৰিবনে? আনহাতে আল্লাহৰ কৃতজ্ঞতাৰ বিপৰীতে তেওঁৰ নিয়ামতসমূহৰ অকৃতজ্ঞ হ’ব নেকি?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029067.mp3"},{"index":"68","arabicText":"وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا اَوْ كَذَّبَ بِالْحَقِّ لَمَّا جَآءَهٗ ؕ اَلَیْسَ فِیْ جَهَنَّمَ مَثْوًی لِّلْكٰفِرِیْنَ ۟","assameseTranslation":"আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো তাক অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু?","footnotes":"","tafseer":"সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ’ব নোৱাৰে, যিয়ে আল্লাহৰ বিষয়ে মিছা কথা ৰচনা কৰি তথা তেওঁৰ অংশীদাৰ স্থাপন কৰি প্ৰচাৰ কৰে। অথবা ৰাছুলে যি লৈ আহিছে সেই সত্যক অস্বীকাৰ কৰে। ইয়াত কোনো সন্দেহ নাই যে, কাফিৰসকল আৰু ইয়াৰ সমপৰ্যায়ৰ লোকসকলৰ বাবে জাহান্নামত হ’ব সিহঁতৰ বাসস্থান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029068.mp3"},{"index":"69","arabicText":"وَالَّذِیْنَ جَاهَدُوْا فِیْنَا لَنَهْدِیَنَّهُمْ سُبُلَنَا ؕ وَاِنَّ اللّٰهَ لَمَعَ الْمُحْسِنِیْنَ ۟۠","assameseTranslation":"আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক নিশ্চয় আমাৰ পথসমূহত পৰিচালিত কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।","footnotes":"","tafseer":"যিসকলে আমাৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিজৰ নফচৰ লগত অধ্যৱসায় কৰে, আমি তেওঁলোকক সঠিক পথৰ তাওফীক প্ৰদান কৰিম। নিশ্চিতভাৱে আল্লাহে নেকপৰায়ণ লোকসকলক সহায়-সহযোগিতা আৰু হিদায়তৰ দ্বাৰা সমৰ্থন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/029069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/029069.mp3"}]