[{"index":"1","arabicText":"الٓمَّٓ ۟ۙ","assameseTranslation":"আলিফ-লাম-মীম। [1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"আলিফ-লাম-মীম, এইবোৰক হৰূফে মুকাত্তাআত বুলি কোৱা হয়। এনেকুৱা আখৰ ছুৰা বাক্বাৰাৰ আৰম্ভণিতো আহিছে। এইবোৰ আখৰৰ জৰিয়তে ইংগিত কৰা হৈছে যে, গোটেই আৰববাসীয়ে আপ্ৰাণ চেষ্টা কৰাৰ পিছতো এনেকুৱা কোৰআন প্ৰস্তুত কৰিবলৈ সক্ষম নহয়। যদিও সম্পূৰ্ণ কোৰআন এইবোৰ আখৰৰেই সমষ্টি, যিবোৰ এই ছুৰাৰ আৰম্ভণিত আহিছে আৰু যিবোৰ আখৰেৰে সিহঁতে শব্দ গঠণ কৰি কথা কয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003001.mp3"},{"index":"2","arabicText":"اللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَۙ الْحَیُّ الْقَیُّوْمُ ۟ؕ","assameseTranslation":"আল্লাহ, তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই, তেওঁ চিৰঞ্জীৱ, সৰ্বসত্ত্বাৰ ধাৰক।","footnotes":"","tafseer":"আল্লাহ সেইজন, যাৰ বাহিৰে আন কোনেও ইবাদতৰ যোগ্য নহয়। তেওঁ এনেকুৱা পূৰ্ণাংগ জীৱনৰ অধিকাৰী, য’ত কোনো ত্ৰুটি নাই আৰু মৃত্যুও নাই। তেওঁ সকলো সত্ত্বাৰ ধাৰক, তেওঁ স্বয়ং প্ৰতিষ্ঠিত। সেয়ে তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। আনহাতে সকলো সৃষ্টিয়ে তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত, সেয়ে সিহঁত কোনো অৱস্থাতেই তেওঁৰ অমুখাপেক্ষী নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003002.mp3"},{"index":"3","arabicText":"نَزَّلَ عَلَیْكَ الْكِتٰبَ بِالْحَقِّ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ وَاَنْزَلَ التَّوْرٰىةَ وَالْاِنْجِیْلَ ۟ۙ","assameseTranslation":"তেওঁ সত্য সহকাৰে তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে, ইয়াৰ আগত যি আহিছে তাৰ সত্যতা প্ৰতিপন্নকাৰী হিচাপে, আৰু তেৱেঁই অৱতীৰ্ণ কৰিছিল তাওৰাত আৰু ইঞ্জীল।","footnotes":"","tafseer":"হে নবী! তেওঁ আপোনাৰ ওপৰত সত্য সংবাদসহ আৰু ন্যায়পূৰ্ণ বিধানৰ সৈতে কোৰআন অৱতীৰ্ণ কৰিছে, ই পূৰ্বৱৰ্তী ঐশীগ্ৰন্থসমূহৰ সমৰ্থক। উক্ত গ্ৰন্থসমূহৰ মাজত কোনো মতবিৰোধ নাই। আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰাৰ পূৰ্বে মূছাৰ ওপৰত তাওৰাত আৰু ঈছাৰ ওপৰত ইঞ্জীল অৱতীৰ্ণ কৰিছিল। এই সকলো ঐশী গ্ৰন্থ মানুহৰ বাবে দ্বীন আৰু দুনিয়াৰ কল্যাণৰ ফালে পথপ্ৰদৰ্শক। তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে যাৰ জৰিয়তে সত্য আৰু অসত্য পাৰ্থক্য কৰিব পাৰি, লগতে হিদায়ত আৰু ভ্ৰষ্টতা চিহ্নিত কৰিব পাৰি। এতেকে যিয়ে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক অস্বীকাৰ কৰিব তাৰ বাবে আছে কঠোৰ শাস্তি। আল্লাহ পৰাক্ৰমশালী, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। তেওঁ সেই সকলো লোকৰ পৰা প্ৰতিশোধ ল’ব, যিসকলে ৰাছুলসকলক অস্বীকাৰ কৰে আৰু তেওঁৰ আদেশ অমান্যকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003003.mp3"},{"index":"4","arabicText":"مِنْ قَبْلُ هُدًی لِّلنَّاسِ وَاَنْزَلَ الْفُرْقَانَ ؕ۬ اِنَّ الَّذِیْنَ كَفَرُوْا بِاٰیٰتِ اللّٰهِ لَهُمْ عَذَابٌ شَدِیْدٌ ؕ وَاللّٰهُ عَزِیْزٌ ذُو انْتِقَامٍ ","assameseTranslation":"ইতিপূৰ্বে মানুহক হিদায়ত দিবলৈ (তেৱেঁই তাওৰাত আৰু ইঞ্জীল অৱতীৰ্ণ কৰিছিল); আৰু তেৱেঁই ফুৰকান (ন্যায়-অন্যায়ৰ মীমাংসাকাৰী, কোৰআন) অৱতীৰ্ণ কৰিছে। নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতৰ বাবে আছে কঠোৰ শাস্তি। প্ৰকৃততে আল্লাহ মহা-পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।","footnotes":"","tafseer":"হে নবী! তেওঁ আপোনাৰ ওপৰত সত্য সংবাদসহ আৰু ন্যায়পূৰ্ণ বিধানৰ সৈতে কোৰআন অৱতীৰ্ণ কৰিছে, ই পূৰ্বৱৰ্তী ঐশীগ্ৰন্থসমূহৰ সমৰ্থক। উক্ত গ্ৰন্থসমূহৰ মাজত কোনো মতবিৰোধ নাই। আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰাৰ পূৰ্বে মূছাৰ ওপৰত তাওৰাত আৰু ঈছাৰ ওপৰত ইঞ্জীল অৱতীৰ্ণ কৰিছিল। এই সকলো ঐশী গ্ৰন্থ মানুহৰ বাবে দ্বীন আৰু দুনিয়াৰ কল্যাণৰ ফালে পথপ্ৰদৰ্শক। তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে যাৰ জৰিয়তে সত্য আৰু অসত্য পাৰ্থক্য কৰিব পাৰি, লগতে হিদায়ত আৰু ভ্ৰষ্টতা চিহ্নিত কৰিব পাৰি। এতেকে যিয়ে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক অস্বীকাৰ কৰিব তাৰ বাবে আছে কঠোৰ শাস্তি। আল্লাহ পৰাক্ৰমশালী, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। তেওঁ সেই সকলো লোকৰ পৰা প্ৰতিশোধ ল’ব, যিসকলে ৰাছুলসকলক অস্বীকাৰ কৰে আৰু তেওঁৰ আদেশ অমান্যকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003004.mp3"},{"index":"5","arabicText":"اِنَّ اللّٰهَ لَا یَخْفٰی عَلَیْهِ شَیْءٌ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ ۟ؕ","assameseTranslation":"নিশ্চয় আল্লাহৰ ওচৰত আকাশ আৰু পৃথিৱীৰ একোৱেই গোপন নহয়।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তুৱে আল্লাহৰ পৰা গোপন নহয়। তেওঁৰ জ্ঞানে সকলো প্ৰকাশ্য-অপ্ৰকাশ্য বস্তুক আগুৰি আছে। ","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003005.mp3"},{"index":"6","arabicText":"هُوَ الَّذِیْ یُصَوِّرُكُمْ فِی الْاَرْحَامِ كَیْفَ یَشَآءُ ؕ لَاۤ اِلٰهَ اِلَّا هُوَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"তেৱেঁই মাতৃগৰ্ভত যেনেকৈ ইচ্ছা তোমালোকৰ আকৃতি গঠণ কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; (তেওঁ) প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"তেৱেঁই তোমালোকক মাকৰ পেটত বিভিন্ন ৰূপত, নাৰী অথবা পুৰুষ, ভাল অথবা বেয়া, ক’লা অথবা বগা, যিদৰে বিচাৰে সৃষ্টি কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ প্ৰভুত্বশালী, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণত আৰু বিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003006.mp3"},{"index":"7","arabicText":"هُوَ الَّذِیْۤ اَنْزَلَ عَلَیْكَ الْكِتٰبَ مِنْهُ اٰیٰتٌ مُّحْكَمٰتٌ هُنَّ اُمُّ الْكِتٰبِ وَاُخَرُ مُتَشٰبِهٰتٌ ؕ فَاَمَّا الَّذِیْنَ فِیْ قُلُوْبِهِمْ زَیْغٌ فَیَتَّبِعُوْنَ مَا تَشَابَهَ مِنْهُ ابْتِغَآءَ الْفِتْنَةِ وَابْتِغَآءَ تَاْوِیْلِهٖ ؔۚ وَمَا یَعْلَمُ تَاْوِیْلَهٗۤ اِلَّا اللّٰهُ ؔۘ وَالرّٰسِخُوْنَ فِی الْعِلْمِ یَقُوْلُوْنَ اٰمَنَّا بِهٖ ۙ كُلٌّ مِّنْ عِنْدِ رَبِّنَا ۚ وَمَا یَذَّكَّرُ اِلَّاۤ اُولُوا الْاَلْبَابِ ۟","assameseTranslation":"তেৱেঁই তোমাৰ প্ৰতি এইখন কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত হৈছে ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিহঁতৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে, আন কোনেও উপদেশ গ্ৰহণ নকৰে।","footnotes":"","tafseer":"হে নবী! তেৱেঁই আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে। ইয়াত কিছুমান আয়াত আছে যাৰ অৰ্থ স্পষ্ট, যাৰ মাজত কোনো ধৰণৰ অস্পষ্টতা নাই। এইবোৰেই হৈছে গ্ৰন্থৰ মূল, আৰু ইয়াৰ সংখ্যাও অধিক লগতে মতভেদৰ সময়ত এইবোৰ আয়াতেই হৈছে মীমাংসাৰ উত্স। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ একাধিক অৰ্থ থকাৰ সম্ভাৱনা আছে। লগতে অধিকাংশ মানুহৰ বাবে সেইবোৰৰ অৰ্থ নিৰ্ণয় কৰাটো জটিল। সেয়ে যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে মুহকাম (স্পষ্ট অৰ্থ থকা) আয়াতবোৰক আওকাণ কৰি মুতাশ্বাবিহ (একাধিক অৰ্থ থকা) আয়াতৰ পিছত লাগি থাকে। দৰাচলতে সিহঁতে ইয়াৰ দ্বাৰা সন্দেহ সৃষ্টি কৰিব বিচাৰে আৰু মানুহক বিভ্ৰান্ত কৰিব বিচাৰে, আৰু নিজৰ ফালৰ পৰা এনেকুৱা ব্যাখ্যা কৰিব বিচাৰে, যিটো সিহঁতৰ কু-মানসিকতাৰ পৰিচয় বহন কৰে। অথচ ইয়াৰ প্ৰকৃত অৰ্থ আৰু ইয়াৰ সঠিক ব্যাখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পক্ষান্তৰে গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, আমি সম্পূৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ কৰোঁ, কিয়নো ই সম্পূৰ্ণৰূপে আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁলোকে মুতাশ্বাবেহ আয়াতৰ ব্যাখ্যা মুহকাম আয়াত অনুসাৰে কৰে। এতেকে উপদেশ কেৱল সঠিক বিবেকৱান সকলেহে গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003007.mp3"},{"index":"8","arabicText":"رَبَّنَا لَا تُزِغْ قُلُوْبَنَا بَعْدَ اِذْ هَدَیْتَنَا وَهَبْ لَنَا مِنْ لَّدُنْكَ رَحْمَةً ۚ اِنَّكَ اَنْتَ الْوَهَّابُ ۟","assameseTranslation":"হে আমাৰ প্ৰতিপালক! সৰল পথ প্ৰদান কৰাৰ পিছত তুমি আমাৰ অন্তৰসমূহক বক্ৰ কৰি নিদিবা আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত দান কৰা, নিশ্চয় তুমি মহাদাতা।","footnotes":"","tafseer":"আৰু এই গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, হে আমাৰ প্ৰতিপালক! আমাক হিদায়ত দিয়াৰ পিছত আমাৰ অন্তৰসমূহক সত্যৰ পৰা আঁতৰাই নিদিবা। লগতে সত্যৰ পৰা বিভ্ৰান্ত হোৱা লোকৰ পৰিণামৰ পৰা আমাক সুৰক্ষিত ৰাখিবা। লগতে তুমি আমাক ব্যাপক কৃপা দান কৰা, যি কৃপায় আমাৰ অন্তৰসমূহক পথ দেখুৱাব আৰু আমাক ভ্ৰষ্টতাৰ পৰা সুৰক্ষিত কৰিব। হে আমাৰ প্ৰতিপালক! তুমি অত্যন্ত মহান দাতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003008.mp3"},{"index":"9","arabicText":"رَبَّنَاۤ اِنَّكَ جَامِعُ النَّاسِ لِیَوْمٍ لَّا رَیْبَ فِیْهِ ؕ اِنَّ اللّٰهَ لَا یُخْلِفُ الْمِیْعَادَ ۟۠","assameseTranslation":"হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি এদিনাখন মানুহক সমবেত কৰিবা তাত কোনো সন্দেহ নাই; নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভংগ নকৰে।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! তুমি নিশ্চয় এনেকুৱা এটা দিৱসত সকলো মানুহকে হিচাপ নিকাচৰ বাবে একত্ৰিত কৰিবা, যিটো দিৱস সম্পৰ্কে কোনো সন্দেহ নাই। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003009.mp3"},{"index":"10","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا لَنْ تُغْنِیَ عَنْهُمْ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ مِّنَ اللّٰهِ شَیْـًٔا ؕ وَاُولٰٓىِٕكَ هُمْ وَقُوْدُ النَّارِ ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলে কুফুৰী কৰিছে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব, আৰু ইহঁতেই হৈছে জুইৰ (জাহান্নামৰ) ইন্ধন।","footnotes":"","tafseer":"যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতৰ ধন-সম্পত্তিয়ে আৰু সিহঁতৰ সন্তান-সন্ততিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, পৃথিৱীতো নোৱাৰিব আৰু আখিৰাততো নোৱাৰিব। এইসকল লোকেই ক্বিয়ামতৰ দিনা জাহান্নামৰ ইন্ধন হ'ব, যাৰ দ্বাৰা জুই জ্বলোৱা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003010.mp3"},{"index":"11","arabicText":"كَدَاْبِ اٰلِ فِرْعَوْنَ ۙ وَالَّذِیْنَ مِنْ قَبْلِهِمْ ؕ كَذَّبُوْا بِاٰیٰتِنَا ۚ فَاَخَذَهُمُ اللّٰهُ بِذُنُوْبِهِمْ ؕ وَاللّٰهُ شَدِیْدُ الْعِقَابِ ۟","assameseTranslation":"সিহঁতৰ অভ্যাস ফিৰআউনী সম্প্ৰদায় আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰেই, সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতৰ পাপ কৰ্মৰ বাবে সিহঁতক কৰায়ত্ত কৰিছিল, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।","footnotes":"","tafseer":"এইসকল কাফিৰৰ অৱস্থাও ফিৰআউনৰ সঙ্গী-সাৰথিসকলৰ দৰে তথা সিহঁতৰ পূৰ্বৰ লোকসকলৰ দৰে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু তেওঁৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ গুনাহৰ কাৰণে আল্লাহে সিহঁতক শাস্তি বিহিছিল, সেই সময়ত সিহঁতৰ ধন-সম্পত্তি আৰু সিহঁতৰ সন্তান-সন্ততিয়ে কোনো উপকাৰ কৰিব পৰা নাছিল। নিশ্চয় আল্লাহে সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব যিসকলে তেওঁক অস্বীকাৰ কৰে আৰু তেওঁৰ নিদৰ্শনক অমান্য কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003011.mp3"},{"index":"12","arabicText":"قُلْ لِّلَّذِیْنَ كَفَرُوْا سَتُغْلَبُوْنَ وَتُحْشَرُوْنَ اِلٰی جَهَنَّمَ ؕ وَبِئْسَ الْمِهَادُ ۟","assameseTranslation":"যিসকলে কুফুৰী কৰে সিহঁতক কোৱা, ‘তোমালোকে অনতিপলমে পৰাজিত হ’বা আৰু তোমালোকক জাহান্নামত একত্ৰিত কৰা হ’ব আৰু সেইটো অতি নিকৃষ্ট আবাসস্থল!’","footnotes":"","tafseer":"হে নবী! বিভিন্ন ধৰ্মৰ কাফিৰসকলক কৈ দিয়ক, শীঘ্ৰেই মুমিনসকলে তোমালোকৰ ওপৰত বিজয় লাভ কৰিব। তোমালোক কুফুৰী অৱস্থাতে মৃত্যুবৰণ কৰিবা, আৰু আল্লাহে তোমালোকক একত্ৰিত কৰি জাহান্নামত নিক্ষেপ কৰিব। সেয়া কিমান যে নিকৃষ্ট বিছনা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003012.mp3"},{"index":"13","arabicText":"قَدْ كَانَ لَكُمْ اٰیَةٌ فِیْ فِئَتَیْنِ الْتَقَتَا ؕ فِئَةٌ تُقَاتِلُ فِیْ سَبِیْلِ اللّٰهِ وَاُخْرٰی كَافِرَةٌ یَّرَوْنَهُمْ مِّثْلَیْهِمْ رَاْیَ الْعَیْنِ ؕ وَاللّٰهُ یُؤَیِّدُ بِنَصْرِهٖ مَنْ یَّشَآءُ ؕ اِنَّ فِیْ ذٰلِكَ لَعِبْرَةً لِّاُولِی الْاَبْصَارِ ۟","assameseTranslation":"(বদৰৰ যুদ্ধত) দুটা দলৰ পৰস্পৰ সন্মুখীন হোৱাৰ মাজত নিশ্চয় তোমালোকৰ বাবে আছে নিদৰ্শন। এটা দলে আল্লাহৰ পথত যুদ্ধ কৰিছিল আৰু আনটো দল আছিল কাফিৰ। সিহঁতে বাহ্যিক দৃষ্টিত তেওঁলোকক সিহঁতৰ দ্বিগুণ দেখা পাইছিল। আল্লাহে যাক ইচ্ছা কৰে নিজ সাহায্যৰ দ্বাৰা শক্তিশালী কৰে। নিশ্চয় ইয়াত অন্তৰ্দৃষ্টিসম্পন্ন লোকসকলৰ বাবে শিক্ষা আছে।","footnotes":"","tafseer":"তোমালোকৰ বাবে এটা সংকেত আৰু এটা শিক্ষা আছে সেই দুই দলৰ মাজত, যি দুটা দলে বদৰৰ যুদ্ধৰ দিনা পৰস্পৰে মুখামুখি হৈছিল। তাৰে মাজৰ এটা দল আছিল ঈমান্দাৰসকলৰ, আৰু সেইটোৱে আছিল আল্লাহৰ ৰাছুল আৰু তেওঁৰ ছাহাবীসকলৰ। তেওঁলোকে আল্লাহৰ পথত এই কাৰণে যুদ্ধ কৰি আছিল, যাতে আল্লাহৰ কলিমা সৰ্বোচ্চ মৰ্যদা পায় আৰু কাফিৰসকলৰ কথা তলত পৰি থাকে। আনহাতে আনটো দল আছিল কাফিৰসকলৰ। এইসকল কাফিৰ আছিল মক্কাৰ অধিবাসী, সিহঁতে অহংকাৰ, গৌৰৱ আৰু বিদ্বেষৰ সৈতে ওলাই আহিছিল। ঈমান্দাৰসকলক সিহঁতৰ দৃষ্টিত বাস্তৱত দ্বিগুন দেখি আছিল। আল্লাহে তেওঁৰ বন্ধুসকলক সহায় কৰিলে, নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে সহায় কৰি সমৰ্থন কৰে। ইয়াত শিক্ষা আৰু উপদেশ আছে বিবেকৱানসকলৰ বাবে, যাতে সিহঁতে গম পায় যে, সহায়তা কেৱল ঈমান্দাৰসকলকহে কৰা হয়, যদিও তেওঁলোকৰ সংখ্যা যিমানেই কম নহওক কিয়। আনহাতে পৰাজয় কেৱল বাতিলপন্থীসকলৰ বাবেই নিশ্চিত, যদিও সিহঁত সংখ্যাগৰিষ্ঠ নহওক কিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003013.mp3"},{"index":"14","arabicText":"زُیِّنَ لِلنَّاسِ حُبُّ الشَّهَوٰتِ مِنَ النِّسَآءِ وَالْبَنِیْنَ وَالْقَنَاطِیْرِ الْمُقَنْطَرَةِ مِنَ الذَّهَبِ وَالْفِضَّةِ وَالْخَیْلِ الْمُسَوَّمَةِ وَالْاَنْعَامِ وَالْحَرْثِ ؕ ذٰلِكَ مَتَاعُ الْحَیٰوةِ الدُّنْیَا ۚ وَاللّٰهُ عِنْدَهٗ حُسْنُ الْمَاٰبِ ۟","assameseTranslation":"নাৰী, সন্তান-সন্ততি, সোণ-ৰূপৰ ভাণ্ডাৰ, (পছন্দনীয়) চিহ্নিত ঘোঁৰা, ঘৰচীয়া জন্তু আৰু খেতি-পথাৰ আদিক মানুহৰ বাবে সুশোভিত তথা লোভনীয় কৰি দিয়া হৈছে। এইবোৰ হৈছে পাৰ্থিৱ জীৱনৰ ভোগসামগ্ৰী; আনহাতে আল্লাহৰ ওচৰত আছে উত্তম আশ্ৰয়স্থল।","footnotes":"","tafseer":"আল্লাহে জনাই দিছে যে, তেওঁ মানুহক পৰীক্ষা কৰিবলৈ পৃথিৱীৰ মনোমোহা বস্তুবোৰৰ মুহাব্বতক সৌন্দৰ্যময় কৰি দিছে। যেনে- নাৰী, সন্তান-সন্ততি, সোণ-ৰূপৰ স্তুপ, উত্কৃষ্ট চিহ্নিত ঘোড়া তথা উট, গৰু আৰু ছাগলীৰ দৰে জন্তু লগতে শস্য-খেতি। এই সকলোবোৰ পাৰ্থিৱ জীৱনৰ বস্তু. যিবোৰৰ দ্বাৰা খন্তেক সময়ৰ বাবে উপকৃত হোৱা যায়, তাৰ পিছত নিঃশেষ হৈ যায়। সেয়ে মুমিনসকলৰ বাবে এইবোৰৰ সৈতে সীমাহীন আন্তৰিকতা অৱলম্বন কৰাটো সমীচিন নহয়। উত্তম আৱাস হৈছে একমাত্ৰ আল্লাহৰ ওচৰত, আৰু সেয়া হৈছে জান্নাত। যাৰ প্ৰশস্ততা আকাশমণ্ডল আৰু পৃথিৱীৰ সমান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003014.mp3"},{"index":"15","arabicText":"قُلْ اَؤُنَبِّئُكُمْ بِخَیْرٍ مِّنْ ذٰلِكُمْ ؕ لِلَّذِیْنَ اتَّقَوْا عِنْدَ رَبِّهِمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا وَاَزْوَاجٌ مُّطَهَّرَةٌ وَّرِضْوَانٌ مِّنَ اللّٰهِ ؕ وَاللّٰهُ بَصِیْرٌ بِالْعِبَادِ ۟ۚ","assameseTranslation":"কোৱা, ‘মই তোমালোকক এইবোৰ বস্তুতকৈ উৎকৃষ্ট কোনো বস্তুৰ সংবাদ দিমনে? (তেন্তে শুনা) যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত হয়, তাত তেওঁলোক স্থায়ী হ’ব; আৰু আছে পৱিত্ৰ স্ত্ৰীসকল লগতে আল্লাহৰ তৰফৰ পৰা সন্তুষ্টি; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"হে নবী! কৈ দিয়ক যে, মই তোমালোকক এনেকুৱা এটা সংবাদ নিদিমনে, যিটো এইবোৰ আকৰ্ষণীয় বস্তুতকৈও উত্তম? যিসকলে আল্লাহৰ আনুগত্য কৰি তথা তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, তেওঁলোকৰ বাবে আছে এনেকুৱা জান্নাত, যাৰ অট্টালিকা আৰু বৃক্ষৰ তলেদি নিজৰা প্ৰবাহিত থাকিব। তেওঁলোকে তাত চিৰকাল থাকিব। তাত তেওঁলোকৰ মৃত্যুও নহ’ব আৰু তেওঁলোক ধ্বংসও নহ'ব। তাত তেওঁলোকৰ বাবে ধৰণ-গঠন আৰু চৰিত্ৰ আদিত ত্ৰুটি নথকা স্ত্ৰী থাকিব। ইয়াৰ বাহিৰেও তেওঁলোকে আল্লাহৰ সন্তুষ্টি লাভ কৰিব আৰু তেওঁ কেতিয়াও তেওঁলোকৰ ওপৰত অসন্তুষ্ট নহ’ব। মহান আল্লাহ তেওঁৰ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়। অচিৰেই তেওঁ সিহঁতক প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003015.mp3"},{"index":"16","arabicText":"اَلَّذِیْنَ یَقُوْلُوْنَ رَبَّنَاۤ اِنَّنَاۤ اٰمَنَّا فَاغْفِرْ لَنَا ذُنُوْبَنَا وَقِنَا عَذَابَ النَّارِ ۟ۚ","assameseTranslation":"যিসকলে কয়, হে আমাৰ প্ৰতিপালক! নিশ্চয় আমি ঈমান আনিছোঁ; গতিকে তুমি আমাৰ গুণাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।","footnotes":"","tafseer":"জান্নাতৰ এই অধিবাসীসকলেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! আমি তোমাৰ প্ৰতি ঈমান আনিছোঁ আৰু সেইসমূহ গ্ৰন্থৰ প্ৰতিও ঈমান আনিছোঁ যিবোৰ তুমি ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছা। লগতে আমি তোমাৰ চৰীয়ত পালন কৰিছোঁ। তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003016.mp3"},{"index":"17","arabicText":"اَلصّٰبِرِیْنَ وَالصّٰدِقِیْنَ وَالْقٰنِتِیْنَ وَالْمُنْفِقِیْنَ وَالْمُسْتَغْفِرِیْنَ بِالْاَسْحَارِ ۟","assameseTranslation":"তেওঁলোক ধৈৰ্য্যশীল, সত্যবাদী, অনুগত, দানশীল আৰু ৰাতিৰ শেষ ভাগত ক্ষমা প্ৰাৰ্থনাকাৰী।","footnotes":"","tafseer":"তেওঁলোকে সত্কৰ্ম পালনৰ ক্ষেত্ৰত আৰু অসত্কৰ্ম ত্যাগ কৰাৰ ক্ষেত্ৰত, লগতে এই পথত যি কষ্ট সহ্য কৰিবলগীয়া হয় সেই সকলো ক্ষেত্ৰতে ধৈৰ্য্য ধাৰণ কৰে। তেওঁলোক নিজৰ কথা আৰু কৰ্মত সত্যবাদী, আল্লাহৰ পূৰ্ণ আনুগত্যকাৰী। তেওঁলোকেই আল্লাহৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰে আৰু তেওঁলোকে ৰাতিৰ শেষ ভাগত ক্ষমা প্ৰাৰ্থনা কৰে। কিয়নো এই সময়ছোৱাত দুআ অধিক কবুল হয়, লগতে অন্তৰ অন্যান্য ব্যস্ততাৰ পৰা মুক্ত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003017.mp3"},{"index":"18","arabicText":"شَهِدَ اللّٰهُ اَنَّهٗ لَاۤ اِلٰهَ اِلَّا هُوَ ۙ وَالْمَلٰٓىِٕكَةُ وَاُولُوا الْعِلْمِ قَآىِٕمًا بِالْقِسْطِ ؕ لَاۤ اِلٰهَ اِلَّا هُوَ الْعَزِیْزُ الْحَكِیْمُ ۟ؕ","assameseTranslation":"আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও (এই সাক্ষ্য দিয়ে); তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আল্লাহে সাক্ষ্য প্ৰদান কৰিছে যে, তেৱেঁই একমাত্ৰ সত্য উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এই ক্ষেত্ৰত তেওঁ ধৰ্মীয় আৰু বৈষয়িক বহুতো প্ৰমাণ দাঙি ধৰিছে, যিবোৰে তেওঁৰ একক উপাস্য হোৱাৰ প্ৰমাণ বহন কৰে। এই সাক্ষ্য ফিৰিস্তাসকলেও প্ৰদান কৰিছে আৰু জ্ঞানৱান লোকসকলেও তাওহীদ বৰ্ণনা কৰি মানুহক এইপিনে আহ্বান কৰি এই সাক্ষ্য প্ৰদান কৰিছে। দৰাচলতে এই সকলো লোকে আটাইতকৈ ডাঙৰ সাক্ষ্যযোগ্য এটা বিষয়ত সাক্ষ্য দিছে যে, আল্লাহ একক আৰু তেওঁ সৃষ্টিৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ পৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনা আৰু চৰীয়ত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003018.mp3"},{"index":"19","arabicText":"اِنَّ الدِّیْنَ عِنْدَ اللّٰهِ الْاِسْلَامُ ۫ وَمَا اخْتَلَفَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ اِلَّا مِنْ بَعْدِ مَا جَآءَهُمُ الْعِلْمُ بَغْیًا بَیْنَهُمْ ؕ وَمَنْ یَّكْفُرْ بِاٰیٰتِ اللّٰهِ فَاِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟","assameseTranslation":"নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (মনোনীত) দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। এতেকে যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব তেন্তে (সি জানি থোৱা উচিত) নিশ্চয় আল্লাহে হিচাপ গ্ৰহণ কৰাত পলম নকৰে।","footnotes":"","tafseer":"নিশ্চয় আল্লাহৰ ওচৰত ইছলামেই হৈছে একমাত্ৰ মনোনীত ধৰ্ম। ইছলামৰ অৰ্থ হৈছে, একনিষ্ঠভাৱে কেৱল আল্লাহৰ আনুগত্য কৰা আৰু নিজকে তেওঁৰ ইবাদতৰ বাবে নিয়োজিত কৰা। লগতে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, বিশেষকৈ সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি, যাৰ জৰিয়তে ৰাছুলসকলৰ ধাৰাবাহিকতা সমাপ্ত কৰা হৈছে। এতেকে তেওঁ অহাৰ পিছত তেওঁৰ চৰীয়তৰ বাহিৰে আন কোনো চৰীয়ত গ্ৰহণযোগ্য নহয়। ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ ধৰ্মৰ মাজত যি বিভেদ সৃষ্টি কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, ইয়াৰ একমাত্ৰ কাৰণ হৈছে, জ্ঞান আৰু প্ৰমাণ অহাৰ পিছতো পাৰ্থিৱ জীৱনৰ প্ৰতি সিহঁতৰ লোভ-লালসা আৰু ঈৰ্ষা। এতেকে যিয়ে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব, সি জনা উচিত যে, আল্লাহে কুফৰী কৰাসকলক আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক অনতিপলমে শাস্তি বিহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003019.mp3"},{"index":"20","arabicText":"فَاِنْ حَآجُّوْكَ فَقُلْ اَسْلَمْتُ وَجْهِیَ لِلّٰهِ وَمَنِ اتَّبَعَنِ ؕ وَقُلْ لِّلَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْاُمِّیّٖنَ ءَاَسْلَمْتُمْ ؕ فَاِنْ اَسْلَمُوْا فَقَدِ اهْتَدَوْا ۚ وَاِنْ تَوَلَّوْا فَاِنَّمَا عَلَیْكَ الْبَلٰغُ ؕ وَاللّٰهُ بَصِیْرٌ بِالْعِبَادِ ۟۠","assameseTranslation":"এতেকে সিহঁতে যদি তোমাৰ সৈতে বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আনহাতে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা; আৰু (জানি থোৱা) আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"হে ৰাছুল! সিহঁতে যদি আপোনাৰ লগত সেই সত্য সম্পৰ্কে বিতৰ্ক কৰে যিটো আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ মই আৰু মোৰ অনুসাৰী মুমিনসকলে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। হে ৰাছুল! ঐশী গ্ৰন্থ প্ৰাপ্তসকলক আৰু মুশ্বৰিকসকলক সোধক! তোমালোকে একনিষ্ঠতাৰে আল্লাহৰ আনুগত্য কৰিবানে, আৰু মই যি লৈ আহিছোঁ তাৰ অনুসৰণ কৰিবানে? যদি সিহঁতে আল্লাহৰ আনুগত্যকাৰী হৈ যায় আৰু আপোনাৰ চৰীয়ত মতে আমল কৰে তেন্তে সিহঁতে সঠিক পথতে আছে। আনহাতে যদি সিহঁতে ইছলামৰ পৰা মুখ ঘূৰাই লয় তেন্তে আপোনাৰ কৰ্তব্য হৈছে কেৱল আপোনাৰ কথা সিহঁতক জনাই দিয়া, আৰু সিহঁতৰ বিষয়টো আল্লাহৰ ওপৰতে সমৰ্পিত। নিশ্চয় তেওঁ নিজৰ বান্দাসকলৰ বিষয়ে সম্যক অৱগত, আৰু তেওঁ প্ৰত্যেককে নিজৰ নিজৰ আমলৰ ফলাফল দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003020.mp3"},{"index":"21","arabicText":"اِنَّ الَّذِیْنَ یَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَیَقْتُلُوْنَ النَّبِیّٖنَ بِغَیْرِ حَقٍّ ۙ وَّیَقْتُلُوْنَ الَّذِیْنَ یَاْمُرُوْنَ بِالْقِسْطِ مِنَ النَّاسِ ۙ فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟","assameseTranslation":"নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ লগত কুফুৰী কৰে, অন্যায়ভাৱে নবীসকলক হত্যা কৰে আৰু তেওঁলোককো হত্যা কৰে যিসকলে মানুহৰ মাজত ন্যায়পৰায়ণতাৰ নিৰ্দেশ দিয়ে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।","footnotes":"","tafseer":"যিসকলে আল্লাহে অৱতীৰ্ণ কৰা প্ৰমাণসমূহক অস্বীকাৰ কৰে, আৰু নবীসকলৰ প্ৰতি অত্যাচাৰ, শত্ৰুতা, বিদ্বেষ পোষণ কৰি অন্যায়ভাৱে হত্যা কৰে, আৰু সেইসকল লোককো হত্যা কৰে, যিসকলে ন্যায়ৰ আদেশ দিয়ে অৰ্থাৎ যিসকলে সত্কৰ্মৰ আদেশ দিয়ে আৰু অসত্কৰ্মৰ পৰা মানুহক নিষেধ কৰে। এনেকুৱা হত্যাকাৰী কাফিৰসকলক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003021.mp3"},{"index":"22","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ؗ وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟","assameseTranslation":"ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ গোটেই আমল পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে আৰু সিহঁতৰ কোনো সহায়কাৰীও নাই।","footnotes":"","tafseer":"এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকৰেই আমলসমূহ বিনষ্ট হৈছে। এতেকে সিহঁতে ইয়াৰ দ্বাৰা পৃথিৱীতো উপকৃত হ’ব নোৱাৰে আৰু আখিৰাততো নহয়। কিয়নো আল্লাহৰ প্ৰতি সিহঁতৰ ঈমান নাই। সেয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003022.mp3"},{"index":"23","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ اُوْتُوْا نَصِیْبًا مِّنَ الْكِتٰبِ یُدْعَوْنَ اِلٰی كِتٰبِ اللّٰهِ لِیَحْكُمَ بَیْنَهُمْ ثُمَّ یَتَوَلّٰی فَرِیْقٌ مِّنْهُمْ وَهُمْ مُّعْرِضُوْنَ ۟","assameseTranslation":"তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ অংশ বিশেষ প্ৰদান কৰা হৈছিল? সিহঁতক আল্লাহৰ কিতাবৰ ফালে আহ্বান কৰা হৈছিল যাতে ই সিহঁতৰ মাজত (থকা বিবাদসমূহ) মীমাংসা কৰি দিয়ে; তাৰ পিছতো সিহঁতৰ এদল লোকে বিমুখ হৈ উভতি গ’ল।","footnotes":"","tafseer":"হে নবী! আপুনি সেইসকল ইয়াহুদীৰ অৱস্থা দেখা নাইনে, যিসকলক আল্লাহে তাওৰাতৰ জ্ঞানৰ এটা অংশ দান কৰিছিল তথা তাত আপোনাৰ নুবুওৱতৰো প্ৰমাণ আছিল। যেতিয়া সিহঁতক আল্লাহৰ গ্ৰন্থ তাওৰাতৰ পিনে আহ্বান কৰা হৈছিল, যাতে ইয়াৰ দ্বাৰা সিহঁতৰ বিবাদসমূহৰ মীমাংসা কৰা যায়, তেতিয়া সিহঁতৰ ধৰ্মগুৰু আৰু প্ৰমূখ লোকসকলৰ এটা দলে ইয়াৰ পৰা মুখ ঘূৰাই লৈছিল, কিয়নো ইয়াৰ বিধান সিহঁতৰ আকংক্ষাৰ অনুকূল নাছিল। যিহেতু সিহঁতে তাওৰাতৰ মুতাবিক আমল কৰে বুলি দাবী কৰে, সেয়ে সিহঁতে ইয়াৰ মীমাংসাৰ প্ৰতি অধিক আগ্ৰহী হ'ব লাগিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003023.mp3"},{"index":"24","arabicText":"ذٰلِكَ بِاَنَّهُمْ قَالُوْا لَنْ تَمَسَّنَا النَّارُ اِلَّاۤ اَیَّامًا مَّعْدُوْدٰتٍ ۪ وَغَرَّهُمْ فِیْ دِیْنِهِمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟","assameseTranslation":"এইটো এইকাৰণে যে, সিহঁতে কয়, ‘মাত্ৰ কেইটামান দিনৰ বাহিৰে জুয়ে আমাক কেতিয়াও স্পৰ্শ নকৰিব’; দৰাচলতে সিহঁতৰ নিজৰ দ্বীন সম্পৰ্কে সিহঁতৰ মিছা উদ্ভাৱনে সিহঁতক প্ৰবঞ্চিত কৰিছে।","footnotes":"","tafseer":"সত্যৰ পৰা মুখ ঘূৰাই লোৱা আৰু পলায়ন কৰাৰ কাৰণ হৈছে, সিহঁতে দাবী কৰে যে, ক্বিয়ামতৰ দিনা জুয়ে সিহঁতক কেৱল কেইদিন মানহে স্পৰ্শ কৰিব। তাৰ পিছত সিহঁতে জান্নাতত প্ৰৱেশ কৰিব। সিহঁতৰ এই মিছা দাবী আৰু অসত্য ভ্ৰমে সিহঁতক প্ৰৱঞ্চনাত ৰাখিছে আৰু সিহঁতে আল্লাহ আৰু তেওঁৰ দ্বীনৰ ওপৰত দুঃসাহস দেখুৱাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003024.mp3"},{"index":"25","arabicText":"فَكَیْفَ اِذَا جَمَعْنٰهُمْ لِیَوْمٍ لَّا رَیْبَ فِیْهِ ۫ وَوُفِّیَتْ كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟","assameseTranslation":"এতেকে (সেইদিনা সিহঁতৰ) কি অৱস্থা হ’ব? যিদিনা আমি সিহঁতক একত্ৰিত কৰিম, যিটো দিৱস সম্পৰ্কে কোনো সন্দেহ নাই, সেইদিনা প্ৰত্যেককে সিহঁতৰ অৰ্জিত আমলৰ প্ৰতিদান পৰিপূৰ্ণভাৱে দিয়া হ’ব; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব।","footnotes":"","tafseer":"উফ! কেনেকুৱা হ'ব সিহঁতৰ অৱস্থা আৰু কিমান যে সিহঁত পৰিতাপ কৰিব! নিশ্চয় সিহঁতৰ অৱস্থা অত্যন্ত শোচনীয় হ’ব সেইদিনা, যিদিনা আমি সিহঁতক হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰিম, সেই দিৱসটো অৱধাৰিত, ইয়াত সন্দেহৰ কোনো অৱকাশ নাই, সেইটো হৈছে ক্বিয়ামত দিৱস। প্ৰত্যেক প্ৰাণীকেই তাৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিফল দিয়া হ’ব। সিহঁতৰ নেকী হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি, সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003025.mp3"},{"index":"26","arabicText":"قُلِ اللّٰهُمَّ مٰلِكَ الْمُلْكِ تُؤْتِی الْمُلْكَ مَنْ تَشَآءُ وَتَنْزِعُ الْمُلْكَ مِمَّنْ تَشَآءُ ؗ وَتُعِزُّ مَنْ تَشَآءُ وَتُذِلُّ مَنْ تَشَآءُ ؕ بِیَدِكَ الْخَیْرُ ؕ اِنَّكَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"কোৱা, ‘হে সাৰ্বভৌম শক্তিৰ মালিক আল্লাহ! তুমি যাক ইচ্ছা কৰা ক্ষমতা প্ৰদান কৰা, আৰু যাৰ পৰা ইচ্ছা কৰা ক্ষমতা কাঢ়ি লোৱা; যাক ইচ্ছা কৰা তুমি সন্মানিত কৰা, আৰু যাক ইচ্ছা কৰা তুমি অপমানিত কৰা। তোমাৰ হাততেই যাৱতীয় কল্যাণ। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু তেওঁৰ মহত্ব বৰ্ণনা কৰি কওকঃ হে আল্লাহ! তুমিয়েই পৃথিৱী আৰু আখিৰাতৰ গোটেই ৰাজত্বৰ অধিকাৰী। তোমাৰ সৃষ্টিৰ মাজৰ পৰা তুমি যাক ইচ্ছা কৰা ৰাজত্ব প্ৰদান কৰা, আৰু তুমি যাৰ পৰা ইচ্ছা কৰা ৰাজত্ব কাঢ়ি লোৱা। তুমি যাক ইচ্ছা কৰা সন্মানিত কৰা, আৰু যাক ইচ্ছা কৰা অপমানিত কৰা। এই সকলোবোৰ তোমাৰ হিকমত আৰু ন্যায়ৰ দ্বাৰাই হয়। সকলো ধৰণৰ কল্যাণ কেৱল তোমাৰেই হাতত, তুমি সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003026.mp3"},{"index":"27","arabicText":"تُوْلِجُ الَّیْلَ فِی النَّهَارِ وَتُوْلِجُ النَّهَارَ فِی الَّیْلِ ؗ وَتُخْرِجُ الْحَیَّ مِنَ الْمَیِّتِ وَتُخْرِجُ الْمَیِّتَ مِنَ الْحَیِّ ؗ وَتَرْزُقُ مَنْ تَشَآءُ بِغَیْرِ حِسَابٍ ۟","assameseTranslation":"তুমিয়েই ৰাতিক দিনৰ মাজত আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰোৱা; তুমিয়েই মৃতৰ পৰা জীৱন্তৰ আবিৰ্ভাৱ ঘটোৱা আকৌ জীৱন্তৰ পৰা মৃতৰ আবিৰ্ভাৱ ঘটোৱা; আৰু যাক তুমি ইচ্ছা কৰা অপৰিমিত জীৱিকা প্ৰদান কৰা।","footnotes":"","tafseer":"তোমাৰ ক্ষমতাৰ নিদৰ্শনসমূহৰ অন্যতম নিদৰ্শন হৈছে, তুমি ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰোৱা, ফলত দিনৰ সময়ছোৱা দীৰ্ঘ হৈ যায়, আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰোৱা ফলত ৰাতি দীৰ্ঘ হৈ যায়। তুমিয়েই নিৰ্জীৱৰ পৰা সজীৱ উলিয়াই আনা। যেনে- কাফিৰৰ পৰা মুমিন আৰু শস্য দানাৰ পৰা খেতি। আনহাতে তুমিয়েই সজীৱৰ পৰা নিৰ্জীৱ উলিয়াই আনা। যেনে- ঈমান্দাৰসকলৰ পৰা কাফিৰ আৰু মুৰ্গীৰ পৰা কণী। হে আল্লাহ! তুমি যাক ইচ্ছা কৰা প্ৰচুৰ পৰিমাণে জীৱিকা দান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003027.mp3"},{"index":"28","arabicText":"لَا یَتَّخِذِ الْمُؤْمِنُوْنَ الْكٰفِرِیْنَ اَوْلِیَآءَ مِنْ دُوْنِ الْمُؤْمِنِیْنَ ۚ وَمَنْ یَّفْعَلْ ذٰلِكَ فَلَیْسَ مِنَ اللّٰهِ فِیْ شَیْءٍ اِلَّاۤ اَنْ تَتَّقُوْا مِنْهُمْ تُقٰىةً ؕ وَیُحَذِّرُكُمُ اللّٰهُ نَفْسَهٗ ؕ وَاِلَی اللّٰهِ الْمَصِیْرُ ۟","assameseTranslation":"মুমিনসকলে যেন মুমিনসকলৰ বাহিৰে কাফিৰসকলক অভিভাৱক (বা অন্তৰংগ বন্ধুৰূপে) গ্ৰহণ নকৰে; আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাই। কিন্তু ব্যতিক্ৰম, যদি তোমালোকে সিহঁতৰ পৰা আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা (তেনেহ’লে বিষয়টো সুকীয়া); আৰু আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু (জানি থোৱা) আল্লাহৰ ফালেই (তোমালোকৰ) প্ৰত্যাৱৰ্তন।","footnotes":"","tafseer":"হে ঈমান্দাৰসকল! তোমালোকে কাফিৰসকলক নিজৰ অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ নকৰিবা, আৰু মুমিনসকলক এৰি সিহঁতৰ লগত আন্তৰিকতা নকৰিবা আৰু সিহঁতক সহায় নকৰিবা। যিয়ে এনেকুৱা কৰিব আল্লাহৰ লগত তাৰ কোনো সম্পৰ্ক নাই, আৰু আল্লাহৰো তাৰ লগত কোনো সম্পৰ্ক নাই। কিন্তু যদি তোমালোকে সিহঁতৰ অধীনত থাকা আৰু সিহঁতৰ ফালৰ পৰা যদি প্ৰাণৰ ক্ষতি সাধন হোৱাৰ আশংকা থাকে তেন্তে এনেকুৱা পৰিস্থিতিত সিহঁতৰ অন্যায়ৰ পৰা বাচিবলৈ অন্তৰত বিদ্বেষ ৰাখি কথাত আৰু কৰ্মত কোমলতা প্ৰকাশ কৰিলেও কোনো অসুবিধা নাই। আল্লাহে তোমালোকক তেওঁৰ ভয় পোষণ কৰিবলৈ কয়, এতেকে তেওঁক ভয় কৰা। গুনাহত লিপ্ত হৈ তেওঁৰ ক্ৰোধৰ চিকাৰ নহ'বা। বান্দাসকলে নিজৰ কৰ্মৰ ফলাফল গ্ৰহণ কৰিবলৈ কিয়ামতৰ দিনা একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003028.mp3"},{"index":"29","arabicText":"قُلْ اِنْ تُخْفُوْا مَا فِیْ صُدُوْرِكُمْ اَوْ تُبْدُوْهُ یَعْلَمْهُ اللّٰهُ ؕ وَیَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"কোৱা, ‘তোমালোকৰ অন্তৰত যি আছে সেয়া যদি তোমালোকে গোপন কৰা অথবা ব্যক্ত কৰা, (তথাপিও) আল্লাহে সেয়া জানে; আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেয়াও তেওঁ জানে। আনকি আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান’।","footnotes":"","tafseer":"হে নবী! কৈ দিয়ক যে, আল্লাহে তোমালোকক যিটোৰ পৰা নিষেধ কৰিছে, যেনে- কাফিৰসকলৰ লগত বন্ধুত্ব কৰা, ইয়াক তোমালোকে অন্তৰত গোপন ৰখা অথবা প্ৰকাশ কৰা আল্লাহে সকলো জানে, আৰু তেওঁৰ পৰা একোৱে গোপন নহয়। বৰং তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বিষয়ে অৱগত। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান, একোৱেই তেওঁৰ শক্তিৰ বাহিৰত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003029.mp3"},{"index":"30","arabicText":"یَوْمَ تَجِدُ كُلُّ نَفْسٍ مَّا عَمِلَتْ مِنْ خَیْرٍ مُّحْضَرًا ۛۖۚ وَّمَا عَمِلَتْ مِنْ سُوْٓءٍ ۛۚ تَوَدُّ لَوْ اَنَّ بَیْنَهَا وَبَیْنَهٗۤ اَمَدًاۢ بَعِیْدًا ؕ وَیُحَذِّرُكُمُ اللّٰهُ نَفْسَهٗ ؕ وَاللّٰهُ رَءُوْفٌۢ بِالْعِبَادِ ۟۠","assameseTranslation":"যিদিনা প্ৰত্যেকেই নিজৰ ভাল আমল আৰু বেয়া আমল উপস্থিত পাব, সেইদিনা সি কামনা কৰিব- যদি তাৰ আৰু ইয়াৰ মাজত বিশাল ব্যৱধান হ’লহেতেন! আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে; আৰু আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল।","footnotes":"","tafseer":"ক্বিয়ামতৰ দিনা প্ৰত্যেক জীৱই নিজৰ সত্কৰ্ম কোনো ধৰণৰ হ্ৰাস নোহোৱাকৈ নিজৰ সন্মুখত উপস্থিত পাব, তথা যিয়ে অসত্কৰ্ম কৰিছিল সি কামনা কৰিব যে, তাৰ আৰু সেই অসত্কৰ্মৰ মাজত দীৰ্ঘ সময়ৰ ব্যৱধান হওক। কিন্তু তাৰ এই আশা কেনেকৈ পূৰণ হ'ব! আল্লাহে তোমালোকক তেওঁৰ ভয় পোষণ কৰিবলৈ কয়। এতেকে গুনাহত লিপ্ত হৈ তেওঁৰ ক্ৰোধৰ অংশীদাৰ নহ’বা। নিশ্চয় আল্লাহ বান্দাসকলৰ প্ৰতি অতি দয়ালু। সেয়ে তেওঁ সিহঁতক ভয় দেখুৱায় আৰু সতৰ্ক কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003030.mp3"},{"index":"31","arabicText":"قُلْ اِنْ كُنْتُمْ تُحِبُّوْنَ اللّٰهَ فَاتَّبِعُوْنِیْ یُحْبِبْكُمُ اللّٰهُ وَیَغْفِرْ لَكُمْ ذُنُوْبَكُمْ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, যদি তোমালোকে সঁচাকৈয়ে আল্লাহক ভালপোৱা তেন্তে প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো ক্ষেত্ৰতে মই লৈ অহা ধৰ্মৰ অনুসৰণ কৰা। এনে কৰিলে তোমালোকে আল্লাহৰ মুহাব্বত অৰ্জন কৰিব পাৰিবা, আৰু তেওঁ তোমালোকৰ পাপসমূহ মাৰ্জনা কৰিব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অত্যন্ত দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003031.mp3"},{"index":"32","arabicText":"قُلْ اَطِیْعُوا اللّٰهَ وَالرَّسُوْلَ ۚ فَاِنْ تَوَلَّوْا فَاِنَّ اللّٰهَ لَا یُحِبُّ الْكٰفِرِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’। তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"হে ৰাছুল! কৈ দিয়ক যে, তোমালোকে আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। যদি সিহঁতে ইয়াৰ পৰা মুখ ঘূৰাই লয় তেন্তে জানি থওক! আল্লাহে তেওঁৰ আদেশ আৰু তেওঁৰ ৰাছুলৰ আদেশ অমান্যকাৰী কাফিৰসকলক পছন্দ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003032.mp3"},{"index":"33","arabicText":"اِنَّ اللّٰهَ اصْطَفٰۤی اٰدَمَ وَنُوْحًا وَّاٰلَ اِبْرٰهِیْمَ وَاٰلَ عِمْرٰنَ عَلَی الْعٰلَمِیْنَ ۟ۙ","assameseTranslation":"নিশ্চয় আল্লাহে আদম, নুহ আৰু ইব্ৰাহীমৰ বংশধৰ আৰু ইমৰাণৰ বংশধৰক সমগ্ৰ সৃষ্টিজগতৰ ওপৰত মনোনীত কৰিছে।","footnotes":"","tafseer":"নিসন্দেহে আল্লাহে আদমক নিৰ্বাচন কৰিছিল আৰু ফিৰিস্তাসকলৰ দ্বাৰাই তেওঁক ছাজদাহ কৰোৱাইছিল। এইদৰে নূহক নিৰ্বাচন কৰি পৃথিৱীবাসীৰ বাবে প্ৰথম ৰাছুল হিচাপে প্ৰেৰণ কৰিছিল। ইব্ৰাহীমৰ বংশধৰসকলৰ পৰা নিৰ্বাচন কৰি তেওঁৰ বংশত নুবুওৱত অৱশিষ্ট ৰাখিছিল। লগতে নিৰ্বাচন কৰিছিল ইমৰাণৰ পৰিয়ালক। এই সকলোকে তেওঁ নিৰ্বাচন কৰিছিল আৰু তেওঁলোকক সমকালীন লোকসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003033.mp3"},{"index":"34","arabicText":"ذُرِّیَّةً بَعْضُهَا مِنْ بَعْضٍ ؕ وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟ۚ","assameseTranslation":"তেওঁলোক হৈছে ইজনে সিজনৰ বংশধৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"ওপৰত যিসকল নবীৰ নাম আৰু তেওঁলোকৰ অনুসাৰী সন্তানসকলৰ বৰ্ণনা কৰা হৈছে, তেওঁলোক হৈছে ইজনে সিজনৰ বংশধৰ, আৰু তেওঁলোকে পৰস্পৰৰ পৰা একেশ্বৰবাদ (তাওহীদ) আৰু সত্কৰ্মৰ শিক্ষা গ্ৰহণ কৰিছিল। লগতে তেওঁলোকে পৰস্পৰৰ সদ্ব্যৱহাৰ আৰু উত্কৃষ্ট বৈশিষ্ট্যসমূহৰ উত্তৰাধিকাৰী হৈছিল। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণ কৰে আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। সেয়ে তেওঁ যাক ইচ্ছা কৰে নিৰ্বাচন কৰে আৰু যাক ইচ্ছা কৰে বাচনি কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003034.mp3"},{"index":"35","arabicText":"اِذْ قَالَتِ امْرَاَتُ عِمْرٰنَ رَبِّ اِنِّیْ نَذَرْتُ لَكَ مَا فِیْ بَطْنِیْ مُحَرَّرًا فَتَقَبَّلْ مِنِّیْ ۚ اِنَّكَ اَنْتَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া ইমৰাণৰ স্ত্ৰীয়ে কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোৰ গৰ্ভত যি আছে নিশ্চয় মই সেয়া একান্ত মনে তোমাৰ বাবে মান্নত কৰিলোঁ। সেয়ে তুমি মোৰ পৰা এইটো কবুল কৰা, নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া ইমাৰণৰ পত্নী মৰিয়মৰ মাকে কৈছিলঃ হে মোৰ প্ৰতিপালক! মই মোৰ ওপৰত অনিবাৰ্য কৰি লৈছোঁ যে, মোৰ গৰ্ভত যি সন্তান আছে, তাক মই কেৱল তোমাৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে উৎসৰ্গ কৰি দিম, যাতে সেই সন্তানে সকলো ব্যস্ততাৰ পৰা মুক্ত হৈ তোমাৰ আৰু তোমাৰ ঘৰৰ সেৱা আগবঢ়াব পাৰে। তুমি মোৰ এই দুআ কবুল কৰা। নিশ্চয় তুমি মোৰ দুআ শ্ৰৱণকাৰী আৰু মোৰ নিয়্যত সম্পৰ্কে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003035.mp3"},{"index":"36","arabicText":"فَلَمَّا وَضَعَتْهَا قَالَتْ رَبِّ اِنِّیْ وَضَعْتُهَاۤ اُ ؕ وَاللّٰهُ اَعْلَمُ بِمَا وَضَعَتْ ؕ وَلَیْسَ الذَّكَرُ كَالْاُ ۚ وَاِنِّیْ سَمَّیْتُهَا مَرْیَمَ وَاِنِّیْۤ اُعِیْذُهَا بِكَ وَذُرِّیَّتَهَا مِنَ الشَّیْطٰنِ الرَّجِیْمِ ۟","assameseTranslation":"তাৰ পিছত যেতিয়া তেওঁ (ইমৰাণৰ স্ত্ৰীয়ে) সেই সন্তান প্ৰসৱ কৰিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই কন্যা সন্তানহে প্ৰসৱ কৰিছোঁ। প্ৰকৃততে তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত; আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয়; (যিকিনহওক) মই ইয়াৰ নাম ৰাখিছোঁ মাৰয়াম লগতে অভিশপ্ত চয়তানৰ পৰা তেওঁক আৰু তেওঁৰ বংশধৰসকলক তোমাৰ আশ্ৰয়ত দিছোঁ।","footnotes":"","tafseer":"গৰ্ভৰ সময় সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া সন্তান প্ৰসৱ কৰিলে। তেতিয়া ইমৰাণৰ পত্নীয়ে- যিহেতু তেওঁ মনে মনে আশা পোষণ কৰিছিল যে, পুত্ৰ সন্তান জন্ম হ’ব, কিন্তু তেওঁৰ আশাৰ বিপৰীতে ছোৱালীহে জন্ম হ’ল, সেয়ে মিনতি কৰি ক’লেঃ “হে মোৰ প্ৰতিপালক! মই কন্যা সন্তানহে জন্ম দিছোঁ!” যদিও আল্লাহে ভালকৈ জানে যে, কি সন্তান জন্ম হৈছে, কিন্তু তেওঁ যি সন্তান জন্ম দিছে সেই সন্তান তেওঁ কামনা কৰা পুত্ৰ সন্তানতকৈ শাৰীৰিক দিশত অধিক শক্তিশালী। লগতে তেওঁ আৰু ক’লেঃ মই ইয়াৰ নাম ৰাখিছোঁ মাৰয়াম, লগতে ইয়াক আৰু ইয়াৰ সন্তানক বিতাড়িত চয়তানৰ অনিষ্টৰ পৰা সুৰক্ষিত ৰাখিবলৈ মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003036.mp3"},{"index":"37","arabicText":"فَتَقَبَّلَهَا رَبُّهَا بِقَبُوْلٍ حَسَنٍ وَّاَنْۢبَتَهَا نَبَاتًا حَسَنًا ۙ وَّكَفَّلَهَا زَكَرِیَّا ؕۚ كُلَّمَا دَخَلَ عَلَیْهَا زَكَرِیَّا الْمِحْرَابَ ۙ وَجَدَ عِنْدَهَا رِزْقًا ۚ قَالَ یٰمَرْیَمُ اَنّٰی لَكِ هٰذَا ؕ قَالَتْ هُوَ مِنْ عِنْدِ اللّٰهِ ؕ اِنَّ اللّٰهَ یَرْزُقُ مَنْ یَّشَآءُ بِغَیْرِ حِسَابٍ ۟","assameseTranslation":"এতেকে তেওঁৰ প্ৰতিপালকে তেওঁক আগ্ৰহেৰে কবুল কৰিলে আৰু তেওঁক উত্তমৰূপে লালন-পালন কৰিলে আৰু যাকাৰিয়্যাৰ তত্ত্বাৱধানত ৰাখিলে। যেতিয়াই যাকাৰিয়্যাহ তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল, তেতিয়াই তেওঁৰ ওচৰত খাদ্য সামগ্ৰী দেখিবলৈ পাইছিল। তেওঁ কৈছিল, ‘হে মাৰয়াম! এইবোৰ তুমি ক’ত পালা? তেওঁ (মাৰয়ামে) কৈছিল, ‘এইবোৰ আল্লাহৰ তৰফৰ পৰা (অহা)’। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা দান কৰে।","footnotes":"","tafseer":"আল্লাহে তেওঁৰ এই মান্নত উত্তমভাৱে স্বীকাৰ কৰিলে, আৰু মাৰয়ামক উত্তমভাৱে লালন-পালন কৰিলে, তেওঁৰ নেক বান্দাসকলৰ অন্তৰত মৰিয়মৰ বাবে দয়া ওপজাই দিলে, আৰু মাৰয়ামৰ সংৰক্ষণৰ দায়িত্ব জাকাৰিয়্যা আলাইহিচ্ছালামক অৰ্পন কৰিলে। জাকাৰিয়্যা আলাইহিচ্ছালামে যেতিয়াই উপাসনালয়ত প্ৰৱেশ কৰিছিল তেতিয়াই মাৰয়ামৰ ওচৰত বিভিন্ন ধৰণৰ উত্তম জীৱিকা দেখিবলৈ পাইছিল। এই দেখি জাকাৰিয়্যা আলাইহিচ্ছালামে আচৰিত হৈ সুধিছিলঃ হে মাৰয়াম! তোমাৰ ওচৰত এইবোৰ খাদ্য ক’ৰ পৰা আহে? তেওঁ উত্তৰ দি কৈছিলঃ এইবোৰ খাদ্য আল্লাহৰ তৰফৰ পৰা দিয়া হৈছে। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে প্ৰচুৰ পৰিমাণে জীৱিকা দান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003037.mp3"},{"index":"38","arabicText":"هُنَالِكَ دَعَا زَكَرِیَّا رَبَّهٗ ۚ قَالَ رَبِّ هَبْ لِیْ مِنْ لَّدُنْكَ ذُرِّیَّةً طَیِّبَةً ۚ اِنَّكَ سَمِیْعُ الدُّعَآءِ ۟","assameseTranslation":"সেই ঠাইতে যাকাৰিয়্যাই তেওঁৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক তোমাৰ ফালৰ পৰা উত্তম বংশধৰ দান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনা শ্ৰৱণকাৰী’।","footnotes":"","tafseer":"যেতিয়া জাকাৰিয়্যা আলাইহিচ্ছালামে ইমৰাণৰ কন্যা মাৰয়ামৰ ওচৰত সাধাৰণ নিয়মৰ বিপৰীতে আল্লাহে প্ৰদান কৰা খাদ্য বস্তু দেখা পালে, তেতিয়া তেওঁৰ অন্তৰত এই আশাৰ সঞ্চাৰ হ’ল যে, তেওঁ বৃদ্ধাৱস্থাত উপনীত হোৱাৰ পিছতো আৰু তেওঁৰ পত্নী বন্ধা হোৱাৰ পিছতো আল্লাহে তেওঁলোকক সন্তান প্ৰদান কৰিবলৈ সক্ষম। সেয়ে তেওঁ প্ৰাৰ্থনা কৰিলেঃ হে মোৰ প্ৰতিপালক! মোক এজন পৱিত্ৰ সন্তান দান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণ কৰা আৰু সেয়া কবুল কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003038.mp3"},{"index":"39","arabicText":"فَنَادَتْهُ الْمَلٰٓىِٕكَةُ وَهُوَ قَآىِٕمٌ یُّصَلِّیْ فِی الْمِحْرَابِ ۙ اَنَّ اللّٰهَ یُبَشِّرُكَ بِیَحْیٰی مُصَدِّقًا بِكَلِمَةٍ مِّنَ اللّٰهِ وَسَیِّدًا وَّحَصُوْرًا وَّنَبِیًّا مِّنَ الصّٰلِحِیْنَ ۟","assameseTranslation":"তাৰ পিছত যাকাৰিয়্যাই যেতিয়া ইবাদত কক্ষত ছালাতত থিয় হ’ল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক’লে, ‘নিশ্চয় আল্লাহে আপোনালৈ ইয়াহয়াৰ সুসংবাদ দিছে, তেওঁ হ’ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কলিমা (ঈছা)ৰ সত্যায়নকাৰী, লগতে তেওঁ হ’ব এজন নেতা, ভোগ-আসক্তিমুক্ত আৰু পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত এজন নবী’।","footnotes":"","tafseer":"ফিৰিস্তাসকলে তেওঁক মাতি ক'লে যেতিয়া তেওঁ ইবাদতৰ ঠাইত ছালাত আদায় কৰি আছিলঃ আল্লাহে আপোনাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছে। যাৰ নাম হ'ব ইয়াহয়া। তেওঁৰ বিশেষত্ব হ'ব এইটো যে, তেওঁ আল্লাহৰ কলিমা অৰ্থাৎ মাৰয়ামৰ পুত্ৰ ঈছাক সমৰ্থন কৰিব। ঈছাক আল্লাহৰ কলিমা এই বাবেই কোৱা হৈছে যে, তেওঁ আল্লাহৰ এটা বিশেষ শব্দৰ জৰিয়তে সৃষ্টি হৈছে। এতেকে জ্ঞান তথা ইবাদতৰ ক্ষেত্ৰত সেই সন্তানটোৱে নিজৰ সম্প্ৰদায়ৰ নেতৃত্ব দিব। নিজকে কুপ্ৰবৃত্তিৰ পৰা বিৰত ৰাখিব, ইয়াৰ মাজত নাৰীসকলৰ নিকটৱৰ্তী হোৱাৰ বিষয়টোও অন্তৰ্ভুক্ত। তেওঁ নিজকে আল্লাহৰ ইবাদতৰ বাবে সমৰ্পিত কৰিব, লগতে তেওঁ হ'ব এজন সত্যবাদী নবী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003039.mp3"},{"index":"40","arabicText":"قَالَ رَبِّ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَّقَدْ بَلَغَنِیَ الْكِبَرُ وَامْرَاَتِیْ عَاقِرٌ ؕ قَالَ كَذٰلِكَ اللّٰهُ یَفْعَلُ مَا یَشَآءُ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ সন্তান কেনেকৈ হ’ব? অথচ মোৰ বাৰ্ধক্য আহি পৰিছে আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা’। তেওঁ (আল্লাহে) ক’লে, ‘এইদৰেই’। আল্লাহে যিটো ইচ্ছা সেইটোৱে কৰে।","footnotes":"","tafseer":"যেতিয়া ফিৰিস্তাসকলে জাকাৰিয়্যা আলাইহিচ্ছালামক সুসংবাদ দিলে, তেতিয়া তেওঁ ক’লেঃ হে মোৰ প্ৰতিপালক! মোৰ ঘৰত পুত্ৰ কেনেকৈ জন্ম লাভ কৰিব, অথচ মই বৃদ্ধাৱস্থাত উপনীত হৈছোঁ আৰু মোৰ পত্নীও হৈছে বন্ধ্যা, তাইৰ সন্তান নহয়? তেতিয়া আল্লাহে উত্তৰত ক’লেঃ তোমাৰ বৃদ্ধাৱস্থা আৰু তোমাৰ পত্নী বন্ধ্যা হোৱাৰ পিছতো ইয়াহয়াৰ জন্ম হ’ব, কাৰণ আল্লাহে সাধাৰণ নিয়মৰ বিপৰীতেও যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে। কিয়নো আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। তেওঁ নিজৰ হিকমত আৰু জ্ঞানেৰে যিটো ইচ্ছা সেইটোৱেই সৃষ্টি কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003040.mp3"},{"index":"41","arabicText":"قَالَ رَبِّ اجْعَلْ لِّیْۤ اٰیَةً ؕ قَالَ اٰیَتُكَ اَلَّا تُكَلِّمَ النَّاسَ ثَلٰثَةَ اَیَّامٍ اِلَّا رَمْزًا ؕ وَاذْكُرْ رَّبَّكَ كَثِیْرًا وَّسَبِّحْ بِالْعَشِیِّ وَالْاِبْكَارِ ۟۠","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তিনি দিনলৈকে তুমি আকাৰ-ইঙ্গিতৰ বাহিৰে মানুহৰ লগত কথা ক’ব নোৱাৰিবা। এতেকে তুমি তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা-মহিমা ঘোষণা কৰা’।","footnotes":"","tafseer":"জাকাৰিয়্যাই ক’লেঃ হে মোৰ প্ৰতিপালক! মোৰ দ্বাৰা মোৰ পত্নী গৰ্ভৱতী হোৱাৰ বিষয়ে এটা সংকেত দিয়া মোক। আল্লাহে ক’লেঃ তুমি যিটো সংকেত বিচাৰি আছা, সেয়া হৈছে এই যে, তুমি তিনিদিন আৰু তিনি ৰাতিলৈকে মানুহৰ সৈতে কথা ক’ব নোৱাৰিবা, কেৱল ইঙ্গিতেৰে কথা ক’ব পাৰিবা। এই অৱস্থা কোনো বেমাৰৰ কাৰণে নহ’ব। এতেকে তুমি পুৱা-গধূলি বেছি বেছি আল্লাহৰ তাছবীহ পাঠ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003041.mp3"},{"index":"42","arabicText":"وَاِذْ قَالَتِ الْمَلٰٓىِٕكَةُ یٰمَرْیَمُ اِنَّ اللّٰهَ اصْطَفٰىكِ وَطَهَّرَكِ وَاصْطَفٰىكِ عَلٰی نِسَآءِ الْعٰلَمِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে কৈছিল, ‘হে মাৰয়াম! নিশ্চয় আল্লাহে তোমাক মনোনীত কৰিছে আৰু পৱিত্ৰ কৰিছে লগতে বিশ্বজগতৰ নাৰীসকলৰ ওপৰত তোমাক মনোনীত কৰিছে’।","footnotes":"","tafseer":"হে ৰাছুল! সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া ফিৰিস্তাসকলে মাৰয়াম আলাইহিচ্ছালামক কৈছিলঃ আল্লাহে তোমাক তোমাৰ উত্কৃষ্ট বৈশিষ্ট্যৰ ফলত নিৰ্বাচন কৰিছে। তোমাক বিভিন্ন ত্ৰুটিৰ পৰা পৱিত্ৰ কৰিছে আৰু তোমাৰ যুগৰ সকলো নাৰীৰ মাজৰ পৰা তোমাক নিৰ্বাচিত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003042.mp3"},{"index":"43","arabicText":"یٰمَرْیَمُ اقْنُتِیْ لِرَبِّكِ وَاسْجُدِیْ وَارْكَعِیْ مَعَ الرّٰكِعِیْنَ ۟","assameseTranslation":"হে মাৰয়াম! তুমি তোমাৰ প্ৰতিপালকৰ অনুগত হোৱা, লগতে (তেওঁক) ছাজদা কৰা আৰু ৰুকুকাৰীসকলৰ লগত ৰুকু কৰা’।","footnotes":"","tafseer":"হে মাৰয়াম! ছালাতৰ ক্বিয়াম (থিয় হৈ থকা অৱস্থা) দীৰ্ঘ কৰা, নিজ প্ৰতিপালকক ছাজদাহ কৰা আৰু তেওঁৰ ৰুকুকাৰী নেক বান্দাসকলৰ সৈতে ৰুকু কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003043.mp3"},{"index":"44","arabicText":"ذٰلِكَ مِنْ اَنْۢبَآءِ الْغَیْبِ نُوْحِیْهِ اِلَیْكَ ؕ وَمَا كُنْتَ لَدَیْهِمْ اِذْ یُلْقُوْنَ اَقْلَامَهُمْ اَیُّهُمْ یَكْفُلُ مَرْیَمَ ۪ وَمَا كُنْتَ لَدَیْهِمْ اِذْ یَخْتَصِمُوْنَ ۟","assameseTranslation":"এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভুক্ত, যিটো আমি তোমাক অহীৰ দ্বাৰা অৱহিত কৰিছোঁ; আৰু মাৰয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহণ কৰিব তাৰ বাবে যেতিয়া সিহঁতে সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া (এই বিষয়ে) বাদানুবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা।","footnotes":"","tafseer":"জাকাৰিয়্যা আৰু মাৰয়াম আলাইহিমাচ্ছালাম সম্পৰ্কে উপৰোক্ত বৰ্ণনাসমূহ গায়েবৰ অন্তৰ্ভুক্ত, যিটো আমি -হে ৰাছুল- আপোনাৰ প্ৰতি অহী কৰিছোঁ। আপুনি সেই ধৰ্মগুৰু আৰু নেক মানুহসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া তেওঁলোকে পৰস্পৰে এই কথাত বাদানুবাদ কৰি আছিল যে, মাৰয়ামৰ লালন-পালনৰ অধিক হকদাৰ কোন? বিবাদ ইমান ডাঙৰ হৈ গ’ল যে, তেওঁলোকে এই বিষয়ে লটাৰী কৰিবলৈ বাধ্য হ’ল, আৰু নিজৰ নিজৰ কলম নিক্ষেপ কৰিলে। ফলত জাকাৰিয়্যা আলাইহিচ্ছালামৰ কলমে সফলতা অৰ্জন কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003044.mp3"},{"index":"45","arabicText":"اِذْ قَالَتِ الْمَلٰٓىِٕكَةُ یٰمَرْیَمُ اِنَّ اللّٰهَ یُبَشِّرُكِ بِكَلِمَةٍ مِّنْهُ ۖۗ اسْمُهُ الْمَسِیْحُ عِیْسَی ابْنُ مَرْیَمَ وَجِیْهًا فِی الدُّنْیَا وَالْاٰخِرَةِ وَمِنَ الْمُقَرَّبِیْنَ ۟ۙ","assameseTranslation":"স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে কৈছিল, ‘হে মাৰয়াম! নিশ্চয় আল্লাহে তোমাক তেওঁৰ তৰফৰ পৰা এটা কালিমাৰ (দ্বাৰা সৃষ্টি হ’বলগীয়া সন্তানৰ) সুসংবাদ দিছে। যাৰ নাম হ’ব মছীহ, মাৰয়ামৰ পুত্ৰ ঈছা, তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ’ব।","footnotes":"","tafseer":"হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ফিৰিস্তাসকলে কৈছিলঃ হে মাৰয়াম! আল্লাহে তোমালৈ এজন সুসন্তানৰ সংবাদ প্ৰেৰণ কৰিছে, যাৰ জন্ম পিতৃ নোহোৱাকৈয়ে হ’ব। তেওঁৰ জন্ম আল্লাহৰ এটা শব্দৰ দ্বাৰা হ’ব, আল্লাহে ক'ব “কূন” (হ), ফলত আল্লাহৰ আদেশত পুত্ৰ সন্তান জন্ম লাভ কৰিব। তেওঁৰ নাম হ’ব মছীহ ঈছা ইবনে মৰিয়ম। তেওঁ পৃথিৱী আৰু আখিৰাতত উচ্চ মৰ্যাদা লাভ কৰিব, লগতে তেওঁ আল্লাহৰ নৈকট্যপ্ৰাপ্ত বান্দাসকলৰ অন্তৰ্ভুক্ত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003045.mp3"},{"index":"46","arabicText":"وَیُكَلِّمُ النَّاسَ فِی الْمَهْدِ وَكَهْلًا وَّمِنَ الصّٰلِحِیْنَ ۟","assameseTranslation":"তেওঁ কেঁচুৱা অৱস্থাত (দোলনাত) আৰু পূৰ্ণ বয়সতো মানুহৰ লগত কথা ক’ব আৰু তেওঁ পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত হ’ব।","footnotes":"","tafseer":"তেওঁ কথা কোৱাৰ বয়সত উপনীত হোৱাৰ পূৰ্বেই কোলাত থকা অৱস্থাতে মানুহৰ লগত কথা ক’ব, আৰু সেই সময়তো কথা ক'ব যেতিয়া তেওঁ ডাঙৰ হৈ শক্তিশালী হ’ব আৰু পুৰুষত পৰিণত হ’ব। তেওঁ মানুহক এনেকুৱা কথাৰ উপদেশ দিব যিটো সিহঁতৰ দ্বীন আৰু দুনিয়াৰ কল্যাণ হ’ব লগতে তেওঁ কথা আৰু কৰ্মত সত্যবাদী হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003046.mp3"},{"index":"47","arabicText":"قَالَتْ رَبِّ اَنّٰی یَكُوْنُ لِیْ وَلَدٌ وَّلَمْ یَمْسَسْنِیْ بَشَرٌ ؕ قَالَ كَذٰلِكِ اللّٰهُ یَخْلُقُ مَا یَشَآءُ ؕ اِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ۟","assameseTranslation":"তেওঁ (মাৰয়ামে) ক’লে, ‘হে মোৰ প্ৰতিপালক! কেনেকৈ মোৰ সন্তান হ’ব? অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই’। তেওঁ (আল্লাহে) ক’লে, ‘এনেকৈয়ে’, আল্লাহে যি ইচ্ছা কৰে সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল তেওঁ কয়, ‘হ’, ফলত সেইটো তৎক্ষণাত হৈ যায়।","footnotes":"","tafseer":"স্বামী নোহোৱাকৈ সন্তান লাভ কৰিব বুলি শুনি মাৰয়ামে আচৰিত হৈ ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, অথচ কোনো পুৰুষেই বৈধ অথবা অবৈধ কোনোভাৱেই মোৰ ওচৰলৈ অহা নাই, ফিৰিস্তাই ক'লেঃ যিদৰে আল্লাহে পিতৃ নোহোৱাকৈ তোমাৰ সন্তান সৃষ্টি কৰিব, ঠিক সেইদৰে তেওঁ যি ইচ্ছা কৰে সেইটোকে প্ৰাকৃতিক নিয়মৰ বিপৰীতে সৃষ্টি কৰে। যেতিয়া তেওঁ কোনো কাম কৰাৰ ইচ্ছা পোষণ কৰে, তেতিয়া কেৱল কয় “কূন” (হ) ফলত সেয়া হৈ যায়। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003047.mp3"},{"index":"48","arabicText":"وَیُعَلِّمُهُ الْكِتٰبَ وَالْحِكْمَةَ وَالتَّوْرٰىةَ وَالْاِنْجِیْلَ ۟ۚ","assameseTranslation":"আৰু তেওঁ তাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীলৰ শিক্ষা দিব’।","footnotes":"","tafseer":"আল্লাহে তেওঁক লিখন-কলা শিকাব, সঠিক কথা তথা সত্কৰ্ম কৰাৰ তাওফীক প্ৰদান কৰিব, মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ গ্ৰন্থ তাওৰাতৰ জ্ঞান দিব, লগতে ইঞ্জীলৰ শিক্ষা দিব, যিটো অচিৰেই তেওঁৰ ওপৰত অৱতীৰ্ণ হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003048.mp3"},{"index":"49","arabicText":"وَرَسُوْلًا اِلٰی بَنِیْۤ اِسْرَآءِیْلَ ۙ۬ اَنِّیْ قَدْ جِئْتُكُمْ بِاٰیَةٍ مِّنْ رَّبِّكُمْ ۙۚ اَنِّیْۤ اَخْلُقُ لَكُمْ مِّنَ الطِّیْنِ كَهَیْـَٔةِ الطَّیْرِ فَاَنْفُخُ فِیْهِ فَیَكُوْنُ طَیْرًا بِاِذْنِ اللّٰهِ ۚ وَاُبْرِئُ الْاَكْمَهَ وَالْاَبْرَصَ وَاُحْیِ الْمَوْتٰی بِاِذْنِ اللّٰهِ ۚ وَاُنَبِّئُكُمْ بِمَا تَاْكُلُوْنَ وَمَا تَدَّخِرُوْنَ ۙ فِیْ بُیُوْتِكُمْ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟ۚ","assameseTranslation":"আৰু তেওঁক বনী ইছৰাঈলৰ বাবে ৰাছুল হিচাপে (প্ৰেৰণ কৰিব,) (তেওঁ ক’ব) ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ নিদৰ্শন লৈ আহিছো যে, নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠণ কৰিম; তাৰ পিছত তাত মই ফুঁ দিম; ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব; লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰিম আৰু মৃত ব্যক্তিকো জীৱিত কৰি দেখুৱাম। তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম। নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা’।","footnotes":"","tafseer":"এইদৰে আল্লাহে তেওঁক বনী ইছৰাঈললৈ ৰাছুল হিচাপে প্ৰেৰণ কৰিব। তেওঁ সিহঁতক ক'বঃ মই তোমালোকৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। মই তোমালোকৰ ওচৰলৈ এনেকুৱা নিদৰ্শন লৈ আহিছোঁ, যিবোৰে মোৰ নুবুওৱতৰ সত্যতাৰ প্ৰমাণ বহন কৰে। সেইবোৰ হৈছেঃ মই মাটিৰে এটা চৰাইৰ দৰে বনাম তাৰ পিছত তাত ফুঁ দিম আৰু সেইটো আল্লাহৰ অনুমতিত জীৱিত চৰাই হৈ যাব। এইদৰে মই জন্মান্ধ ব্যক্তিক ঠিক কৰি দিম ফলত সি দেখিবলৈ পাব। লগতে কুষ্ঠ ৰোগীক এনেকৈ ঠিক কৰিম যে, সি সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব। লগতে মই মৃত ব্যক্তিকো জীৱিত কৰিম। এই সকলোবোৰ আল্লাহৰ আদেশত সংঘটিত হ’ব। লগতে মই তোমালোকক সেই বিষয়েও জনাই দিম, তোমালোকে যি খোৱা আৰু ঘৰত যি সঞ্চয় কৰা আৰু যিবোৰ তোমালোকে গোপন কৰি থোৱা। দৰাচলতে এই ডাঙৰ ডাঙৰ বিষয়সমূহ, যিবোৰৰ বিষয়ে মই তোমালোকক সংবাদ দিম সেয়া কোনো মানুহৰ পক্ষে জনোৱা সম্ভৱ নহয়, সেয়ে এইটো স্পষ্ট প্ৰমাণ যে, মই তোমালোকৰ প্ৰতি আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। যদিহে তোমালোকে ঈমান পোষণ কৰিব বিচৰা, আৰু প্ৰমাণসমূহক সত্য বুলি স্বীকাৰ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003049.mp3"},{"index":"50","arabicText":"وَمُصَدِّقًا لِّمَا بَیْنَ یَدَیَّ مِنَ التَّوْرٰىةِ وَلِاُحِلَّ لَكُمْ بَعْضَ الَّذِیْ حُرِّمَ عَلَیْكُمْ وَجِئْتُكُمْ بِاٰیَةٍ مِّنْ رَّبِّكُمْ ۫ فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟","assameseTranslation":"‘আৰু (মই আহিছোঁ) মোৰ সন্মুখত থকা তাওৰাতৰ (বাণীক) সত্যায়নকাৰীৰূপে আৰু তোমালোকৰ বাবে যিবোৰ হাৰাম আছিল তাৰে কিছুমান হালাল কৰিবলৈ আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছোঁ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা’।","footnotes":"","tafseer":"এইদৰে মই মোৰ পূৰ্বে অৱতীৰ্ণ হোৱা গ্ৰন্থ তাওৰাতৰ সমৰ্থন কৰিবলৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। লগতে মই তোমালোকৰ ওচৰলৈ এই উদ্দেশ্যে আহিছোঁ, যাতে তোমালোকৰ বাবে এনে কিছুমান বিষয় লাঘৱ কৰিব পাৰোঁ আৰু তোমালোকৰ বাবে বৈধ কৰিব পাৰোঁ, যিবোৰ পূৰ্বে তোমালোকৰ বাবে অবৈধ আছিল। লগতে মই মোৰ কথাৰ সত্যতাৰ বাবে স্পষ্ট প্ৰমাণ লৈ আহিছোঁ। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা, লগতে মই তোমালোকক যি বিষয়ৰ ফালে আহ্বান কৰি আছোঁ সেইটো তোমালোকে মানি লোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003050.mp3"},{"index":"51","arabicText":"اِنَّ اللّٰهَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟","assameseTranslation":"‘নিশ্চয় আল্লাহেই হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক, এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা। এইটোৱেই হৈছে সৰল পথ’।","footnotes":"","tafseer":"কাৰণ আল্লাহেই মোৰ আৰু তোমালোকৰ প্ৰতিপালক। কেৱল তেৱেঁই একমাত্ৰ যোগ্য, যাৰ তাক্বৱা অৱলম্বন কৰিব লাগে আৰু যাৰ আদেশ পালন কৰিব লাগে। এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। মই যে তোমালোকক আল্লাহৰ ইবাদত আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ আদেশ দিলোঁ, এইটোৱেই হৈছে আচ-চিৰাত আল-মুস্তাকীম (পোন পথ), যিটোত কোনো বক্ৰতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003051.mp3"},{"index":"52","arabicText":"فَلَمَّاۤ اَحَسَّ عِیْسٰی مِنْهُمُ الْكُفْرَ قَالَ مَنْ اَنْصَارِیْۤ اِلَی اللّٰهِ ؕ قَالَ الْحَوَارِیُّوْنَ نَحْنُ اَنْصَارُ اللّٰهِ ۚ اٰمَنَّا بِاللّٰهِ ۚ وَاشْهَدْ بِاَنَّا مُسْلِمُوْنَ ۟","assameseTranslation":"তাৰ পিছত যেতিয়া ঈছাই সিহঁতৰ অবাধ্যতাৰ কথা উপলব্ধি কৰিলে তেতিয়া তেওঁ ক’লে, ‘আল্লাহৰ পথত কোনে মোক সহায় কৰিবা? হাওৱাৰী (শিষ্য)সকলে ক’লে, ‘আমি সকলোৱে আল্লাহৰ (পথত) সহায় কৰিম। আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আপুনি সাক্ষী থাকক যে, নিশ্চয় আমি মুছলিম।","footnotes":"","tafseer":"যেতিয়া ঈছা আলাইহিচ্ছালামে অনুভৱ কৰিলে যে, সিহঁতে কুফৰৰ প্ৰতি ঘাইকৈ লিপ্ত হৈছে, তেতিয়া তেওঁ বনী ইছৰাঈলক সম্বোধন কৰি ক’লেঃ আল্লাহৰ প্ৰতি আহ্বান কৰাৰ ক্ষেত্ৰত কোনে মোক সহায় কৰিবা। তেওঁৰ কেইজনমান অনুসাৰীয়ে ক'লেঃ আমি আছোঁ আল্লাহৰ দ্বীনৰ সহায়ক। আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আপোনাক অনুসৰণ কৰিছোঁ। হে ঈছা! আপুনি সাক্ষী থাকক যে, আমি একমাত্ৰ আল্লাহৰ আদেশ পালনকাৰী আৰু তেওঁৰ আনুগত্যকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003052.mp3"},{"index":"53","arabicText":"رَبَّنَاۤ اٰمَنَّا بِمَاۤ اَنْزَلْتَ وَاتَّبَعْنَا الرَّسُوْلَ فَاكْتُبْنَا مَعَ الشّٰهِدِیْنَ ۟","assameseTranslation":"‘হে আমাৰ প্ৰতিপালক! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছোঁ আৰু আমি ৰাছুলৰ অনুসৰণ কৰিছোঁ। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভুক্ত কৰি লোৱা’।","footnotes":"","tafseer":"তেওঁৰ সত্যবাদী সঙ্গীসকলে এই কথাও ক'লেঃ হে আমাৰ প্ৰতিপালক! আমি সেই ইঞ্জীলৰ প্ৰতি ঈমান আনিছোঁ, যিখন তুমি অৱতীৰ্ণ কৰিছা আৰু আমি ঈছা আলাইহিচ্ছালামৰ অনুসৰণ কৰিছোঁ। এতেকে তুমি আমাক সত্যৰ সাক্ষী প্ৰদানকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা, যিসকলে তোমাৰ প্ৰতি আৰু তোমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003053.mp3"},{"index":"54","arabicText":"وَمَكَرُوْا وَمَكَرَ اللّٰهُ ؕ وَاللّٰهُ خَیْرُ الْمٰكِرِیْنَ ۟۠","assameseTranslation":"আৰু সিহঁতে ষড়যন্ত্ৰ ৰচিছিল আৰু আল্লাহেও কৌশল কৰিছিল; আৰু আল্লাহ উত্তম কৌশলকাৰী।","footnotes":"","tafseer":"বনী ইছৰাঈলৰ কাফিৰসকলে ষড়যন্ত্ৰ ৰচিলে আৰু ঈছা আলাইহিচ্ছালামক হত্যা কৰাৰ প্ৰয়াস কৰিলে। ফলত আল্লাহে কৌশল অৱলম্বন কৰিলে আৰু সিহঁতক সিহঁতৰ পথভ্ৰষ্টতাত এৰি দিলে, আৰু আন এজন ব্যক্তিক ঈছা আলাইহিচ্ছালামৰ সদৃশ কৰি দিলে। নিশ্চয় আল্লাহ উত্তম কৌশল অৱলম্বনকাৰী। কিয়নো শত্ৰুৰ বিৰুদ্ধে আল্লাহতকৈ সঠিক কৌশল আন কোনেও অৱলম্বন কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003054.mp3"},{"index":"55","arabicText":"اِذْ قَالَ اللّٰهُ یٰعِیْسٰۤی اِنِّیْ مُتَوَفِّیْكَ وَرَافِعُكَ اِلَیَّ وَمُطَهِّرُكَ مِنَ الَّذِیْنَ كَفَرُوْا وَجَاعِلُ الَّذِیْنَ اتَّبَعُوْكَ فَوْقَ الَّذِیْنَ كَفَرُوْۤا اِلٰی یَوْمِ الْقِیٰمَةِ ۚ ثُمَّ اِلَیَّ مَرْجِعُكُمْ فَاَحْكُمُ بَیْنَكُمْ فِیْمَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া আল্লাহে কৈছিল, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফুৰী কৰিছে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক ক্বিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত তোমালোকে মোৰ ওচৰতেই উভতি আহিবা’। তেতিয়া মই তোমালোকৰ মাজত মীমাংসা কৰি দিম যিবোৰ বিষয়কলৈ তোমালোকে মতানৈক্য কৰিছিলা।","footnotes":"","tafseer":"আল্লাহে সিহঁতৰ বিৰুদ্ধে তেতিয়াও সিদ্ধান্ত গ্ৰহণ কৰিছিল, যেতিয়া তেওঁ ঈছা আলাইহিচ্ছালামক সম্বোধন কৰি কৈছিলঃ হে ঈছা! মই তোমাক মৃত্যু নিদিয়াকৈয়ে পৰিগ্ৰহণ কৰিম, তোমাক শৰীৰ তথা আত্মাৰ সৈতে মোৰ ওচৰলৈকে উঠাই আনিম, তোমাক কাফিৰসকলৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ কৰিম আৰু সিহঁতৰ পৰা তোমাক আঁতৰাই আনিম, আৰু সত্য ধৰ্মত তোমাৰ অনুসাৰীসকলক- ইয়াৰ ভিতৰত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰাও অন্তৰ্ভুক্ত- কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত স্পষ্ট প্ৰমাণ আৰু প্ৰভুত্বৰ জৰীয়তে প্ৰাধান্য দান কৰিম। তাৰ পিছত কিয়ামতৰ দিনা তোমালোকে মোৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিবা। সেইদিনা মই ন্যায়ৰ সৈতে তোমালোকৰ মতভেদসমূহ মীমাংসা কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003055.mp3"},{"index":"56","arabicText":"فَاَمَّا الَّذِیْنَ كَفَرُوْا فَاُعَذِّبُهُمْ عَذَابًا شَدِیْدًا فِی الدُّنْیَا وَالْاٰخِرَةِ ؗ وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟","assameseTranslation":"এতেকে যিসকলে কুফৰী কৰিছে মই সিহঁতক পৃথিৱী আৰু আখিৰাতত কঠোৰ শাস্তি প্ৰদান কৰিম আৰু সিহঁতৰ কোনো সহায়কাৰীও নাথাকিব।","footnotes":"","tafseer":"আৰু যিসকলে তোমাক আৰু তুমি লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছে, মই সিহঁতক পৃথিৱীতে হত্যা, গ্ৰেপ্তাৰ তথা অপমান আদিৰ দ্বাৰা কঠিন শাস্তি প্ৰদান কৰিম, আৰু আখিৰাতত জাহান্নামৰ জুইৰ দ্বাৰা শাস্তি প্ৰদান কৰিম। এই শাস্তিৰ পৰা মুক্তি দিব পৰা সিহঁতৰ কোনো সহায়ক নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003056.mp3"},{"index":"57","arabicText":"وَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَیُوَفِّیْهِمْ اُجُوْرَهُمْ ؕ وَاللّٰهُ لَا یُحِبُّ الظّٰلِمِیْنَ ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে তেওঁ সিহঁতক সিহঁতৰ প্ৰতিফল পৰিপূৰ্ণভাৱে প্ৰদান কৰিব; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"আৰু যিসকলে তোমাৰ প্ৰতি আৰু তুমি লৈ আহা চৰীয়তৰ প্ৰতি ঈমান আনিছে, লগতে ছালাত, চওম, যাকাত আদি সুচাৰুৰূপে পালন কৰিছে আৰু আত্মীয়-স্বজনৰ সৈতে সদ্ব্যৱহাৰ ইত্যাদিৰ দৰে সত্কৰ্ম কৰিছে, আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান প্ৰদান কৰিব, আৰু তাত কোনো ধৰণৰ হ্ৰাস কৰা নহ’ব। দৰাচলতে ঈছা আলাইহিচ্ছালামৰ অনুসাৰীসকলৰ বিষয়ে এই কথাবোৰ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ বহুত আগৰ কথা, অথচ তেখেতৰ বিষয়ে সুসংবাদ স্বয়ং ঈছা আলাইহিচ্ছালামে দিছিল। নিশ্চয় আল্লাহে অন্যায়কাৰীসকলক পছন্দ নকৰে, আৰু আটাইতকৈ ডাঙৰ অন্যায় হৈছে আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা, আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003057.mp3"},{"index":"58","arabicText":"ذٰلِكَ نَتْلُوْهُ عَلَیْكَ مِنَ الْاٰیٰتِ وَالذِّكْرِ الْحَكِیْمِ ۟","assameseTranslation":"এইবোৰ আমি তোমাৰ ওপৰত আয়াত আৰু হিকমত ভৰা (প্ৰজ্ঞাপূৰ্ণ) উপদেশৰ পৰা তিলাৱত কৰি আছোঁ।","footnotes":"","tafseer":"আমি আপোনাক ঈছা আলাইহিচ্ছালাম সম্পৰ্কে যি সংবাদ পাঠ কৰি শুনাই আছোঁ, সেয়া এই কথাৰ স্পষ্ট প্ৰমাণ যে, আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেইটো প্ৰকৃত সত্য। ই মুত্তাক্বীসকলৰ বাবে হৈছে উপদেশ, লগতে এইখন ইমান পৰিপক্ক যে, বাতিলে ইয়াৰ কাষো চাপিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003058.mp3"},{"index":"59","arabicText":"اِنَّ مَثَلَ عِیْسٰی عِنْدَ اللّٰهِ كَمَثَلِ اٰدَمَ ؕ خَلَقَهٗ مِنْ تُرَابٍ ثُمَّ قَالَ لَهٗ كُنْ فَیَكُوْنُ ۟","assameseTranslation":"নিশ্চয় আল্লাহৰ ওচৰত ঈছাৰ উদাহৰণ হৈছে আদমৰ দৰে, তেখেতে তেওঁক মাটিৰ পৰা সৃষ্টি কৰিছিল। তাৰ পিছত তেওঁক কৈছিল, ‘হ’, ফলত তেওঁ হৈ গ’ল।","footnotes":"","tafseer":"দৰাচলতে আল্লাহৰ দৃষ্টিত ঈছা আলাইহিচ্ছালামৰ সৃষ্টিৰ উদাহৰণ হৈছে আদম আলাইহিচ্ছালামৰ দৰেই, যিদৰে আল্লাহে তেওঁক মাটিৰে সৃষ্টি কৰিছিল। আল্লাহে তেওঁক পিতৃ মাতৃ নোহোৱাকৈ সৃষ্টি কৰিছিল। আল্লাহে কেৱল কৈছিলঃ মানুহত পৰিণত হোৱা, ফলত আল্লাহে যিদৰে বিচাৰিছিল সেইদৰেই সেই মাটি মানুহত পৰিণত হৈছিল। তেন্তে ইহঁতে ঈছাক কেনেকৈ উপাস্য হিচাপে দাবী কৰে, এই কাৰণে নেকি যে, তেওঁ পিতৃ নোহোৱাকৈ সৃষ্টি হৈছে? অথচ সিহঁতে এই কথা স্বীকাৰ কৰে যে, আদম আলাইহিচ্ছালাম হৈছে এজন মানৱ। যদিও তেওঁক পিতৃ আৰু মাতৃ দুয়ো নোহোৱাকৈ সৃষ্টি কৰা হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003059.mp3"},{"index":"60","arabicText":"اَلْحَقُّ مِنْ رَّبِّكَ فَلَا تَكُنْ مِّنَ الْمُمْتَرِیْنَ ۟","assameseTranslation":"সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।","footnotes":"","tafseer":"ঈছা আলাইহিচ্ছালাম সম্পৰ্কে এইটোৱেই সত্য, যিটো আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, ইয়াত কোনো সন্দেহ নাই। এতেকে আপুনি দোদুল্যমান সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ'ব, বৰং আপুনি যি সত্যৰ ওপৰত আছে, তাৰ ওপৰতে অটল থাকক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003060.mp3"},{"index":"61","arabicText":"فَمَنْ حَآجَّكَ فِیْهِ مِنْ بَعْدِ مَا جَآءَكَ مِنَ الْعِلْمِ فَقُلْ تَعَالَوْا نَدْعُ اَبْنَآءَنَا وَاَبْنَآءَكُمْ وَنِسَآءَنَا وَنِسَآءَكُمْ وَاَنْفُسَنَا وَاَنْفُسَكُمْ ۫ ثُمَّ نَبْتَهِلْ فَنَجْعَلْ لَّعْنَتَ اللّٰهِ عَلَی الْكٰذِبِیْنَ ۟","assameseTranslation":"এতেকে তোমাৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো যিয়ে এই বিষয়ে (ঈছা সম্পৰ্কে) তোমাৰ লগত তৰ্ক কৰে তাক কোৱা, ‘আহা, আমি আমাৰ আৰু তোমালোকৰ পুত্ৰসকলক আহ্বান কৰোঁ, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো আহ্বান কৰোঁ, আমিও আহোঁ আৰু তোমালোকো আহা, তাৰ পিছত আমি মুবাহালা (বিনীত প্ৰাৰ্থনা) কৰোঁ যে, মিছলীয়াসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ ওচৰত ঈছা আলাইহিচ্ছালামৰ বিষয়ে সঠিক জ্ঞান অহাৰ পিছতো যদি নাজৰানৰ খৃষ্টানসকলে আপোনাৰ লগত ঈছা আলাইহিচ্ছালাম আল্লাহৰ বান্দা নহয় বুলি বাদানুবাদ কৰে, তেন্তে সিহঁতক কৈ দিয়কঃ আহা আমি উপস্থিত কৰোঁ, আমি আমাৰ পুত্ৰসকলক আৰু তোমালোকে তোমালোকৰ পুত্ৰসকলক, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো, লগতে আমিও থাকিম আৰু তোমালোকেও তাত থাকিবা। তাৰ পিছত আমি সকলোৱে কাকূতি-মিনতি কৰি আল্লাহৰ ওচৰত দুআ কৰিম যে, তেওঁ যেন আমাৰ মাজৰ মিছলীয়া পক্ষক অভিসম্পাত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003061.mp3"},{"index":"62","arabicText":"اِنَّ هٰذَا لَهُوَ الْقَصَصُ الْحَقُّ ۚ وَمَا مِنْ اِلٰهٍ اِلَّا اللّٰهُ ؕ وَاِنَّ اللّٰهَ لَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"নিশ্চয় এইটোৱে হৈছে সত্য বিৱৰণ আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; নিশ্চয় আল্লাহ, তেৱেঁই হৈছে পৰম পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"ঈছা আলাইহিচ্ছালাম সম্পৰ্কে আমি আপোনাক যি সংবাদ দিলোঁ সেয়া নিশ্চিতভাৱে সত্য। ইয়াত কোনো ধৰণৰ মিছা তথা সন্দেহৰ অৱকাশ নাই। একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। নিশ্চয় আল্লাহ তেওঁৰ ৰাজত্বত মহাপৰাক্ৰমশালী। তেওঁ পৰিচালনাৰ ক্ষেত্ৰত, বিধি-নিষেধ আৰু সৃষ্টি কৰাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003062.mp3"},{"index":"63","arabicText":"فَاِنْ تَوَلَّوْا فَاِنَّ اللّٰهَ عَلِیْمٌۢ بِالْمُفْسِدِیْنَ ۟۠","assameseTranslation":"তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় (অৰ্থাৎ ঈছা সম্পৰ্কীয় সত্য ইতিহাসক অস্বীকাৰ কৰে), তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ ফাছাদকাৰীসকলৰ বিষয়ে সম্যক অৱগত।","footnotes":"","tafseer":"ইয়াৰ পিছতো যদি আপুনি লৈ অহা চৰীয়তৰ পৰা সিহঁতে মুখ ঘূৰাই লয়, আৰু আপোনাৰ অনুসৰণ নকৰে, তেন্তে এইটোৱেই হৈছে সিহঁতৰ বিপৰ্যয়। নিশ্চয় পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰীসকলক আল্লাহে ভালকৈয়ে জানে, আৰু সিহঁতক ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003063.mp3"},{"index":"64","arabicText":"قُلْ یٰۤاَهْلَ الْكِتٰبِ تَعَالَوْا اِلٰی كَلِمَةٍ سَوَآءٍۭ بَیْنَنَا وَبَیْنَكُمْ اَلَّا نَعْبُدَ اِلَّا اللّٰهَ وَلَا نُشْرِكَ بِهٖ شَیْـًٔا وَّلَا یَتَّخِذَ بَعْضُنَا بَعْضًا اَرْبَابًا مِّنْ دُوْنِ اللّٰهِ ؕ فَاِنْ تَوَلَّوْا فَقُوْلُوا اشْهَدُوْا بِاَنَّا مُسْلِمُوْنَ ۟","assameseTranslation":"কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱেই যাতে ইজনে সিজনক ৰব্ব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।","footnotes":"","tafseer":"হে ৰাছুল! কৈ দিয়কঃ হে ইয়াহুদী আৰু খৃষ্টানসকল আহা আমি এনেকুৱা এটা ন্যায়ৰ বিষয়ত একমত হওঁ, যিটো বিষয়ত আমি সকলোৱে সমান। সেয়া হৈছে, আমি কেৱল আল্লাহৰ ইবাদত কৰিম, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, যদিও তাৰ পদ যিমানেই ডাঙৰ আৰু তাৰ স্থান যিমানেই উচ্চ নহওক কিয়। আমাৰ মাজৰ কোনেও যাতে ইজনে সিজনক ৰব্ব (প্ৰতিপালক) হিচাপে গ্ৰহণ নকৰে, যাক আল্লাহৰ বাহিৰে উপাসনা কৰা হয়, বা যাৰ আদেশ পালন কৰা হয়। এতেকে এই সত্যৰ পৰা যদি সিহঁতে মুখ ঘূৰাই লয় যিটোৰ প্ৰতি তোমালোকে আহ্বান কৰি আছা, তেন্তে হে মুমিনসকল! তোমালোকে কোৱাঃ তোমালোকে সাক্ষী থাকা যে, আমি মুছলিম আৰু আল্লাহৰ আনুগত্যকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003064.mp3"},{"index":"65","arabicText":"یٰۤاَهْلَ الْكِتٰبِ لِمَ تُحَآجُّوْنَ فِیْۤ اِبْرٰهِیْمَ وَمَاۤ اُنْزِلَتِ التَّوْرٰىةُ وَالْاِنْجِیْلُ اِلَّا مِنْ بَعْدِهٖ ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"হে আহলে কিতাবসকল! ইব্ৰাহীমৰ বিষয়ে কিয় তোমালোকে তৰ্ক কৰা? অথচ তাওৰাত আৰু ইঞ্জীল তেওঁৰ পিছতহে অৱতীৰ্ণ হৈছিল। এতেকে তোমালোকে নবুজা নেকি?","footnotes":"","tafseer":"হে আহলে কিতাব (ইয়াহূদী আৰু খৃষ্টানসকল)! তোমালোকে ইব্ৰাহীম আলাইহিচ্ছালামৰ দ্বীন সম্পৰ্কে বিবাদ কিয় কৰা? ইয়াহূদীসকলে দাবী কৰে যে, ইব্ৰাহীম ইয়াহূদী আছিল, আনহাতে খৃষ্টানসকলে দাবী কৰে যে, তেওঁ খৃষ্টান আছিল। অথচ তোমালোকে জানা যে, ইয়াহূদী আৰু খৃষ্টান ধৰ্ম তেওঁৰ মৃত্যুৰ বহু বছৰ পিছত প্ৰকাশ পাইছে। তোমালোকে বুজি নোপোৱা নেকি যে, তোমালোকৰ কথাত কিমান সত্যতা আছে আৰু তোমালোকৰ ধাৰণা কিমান ত্ৰুটিপূৰ্ণ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003065.mp3"},{"index":"66","arabicText":"هٰۤاَنْتُمْ هٰۤؤُلَآءِ حَاجَجْتُمْ فِیْمَا لَكُمْ بِهٖ عِلْمٌ فَلِمَ تُحَآجُّوْنَ فِیْمَا لَیْسَ لَكُمْ بِهٖ عِلْمٌ ؕ وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟","assameseTranslation":"সাৱধান! তোমালোকেই সেইসকল লোক, যিসকলে সামান্য জ্ঞানলৈ তৰ্ক-বিতৰ্ক কৰিছা, কিন্তু যি বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাই সেই বিষয়কলৈ কিয় তোমালোকে তৰ্ক-বিতৰ্ক কৰা? আল্লাহে জানে তোমালোকে একোৱেই নাজানা।","footnotes":"","tafseer":"হে আহলে কিতাব (ইয়াহূদী আৰু খৃষ্টানসকল)! তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত নিজৰ ধৰ্ম আৰু নিজৰ গ্ৰন্থ সম্পৰ্কে বাদ-বিবাদ কৰিছা ঠিকে আছে, এই বিষয়ে তোমালোকৰ জ্ঞান আছে, কিন্তু ইব্ৰাহীম আৰু তেওঁৰ দ্বীন সম্পৰ্কে কিয় বিবাদ কৰা, যিটো বিষয়ত তোমালোকৰ কোনো জ্ঞানেই নাই। কিয়নো তেওঁৰ বিষয়ে তোমালোকৰ গ্ৰন্থতো একো উল্লেখ নাই আৰু তোমালোকৰ নবীসকলেও একো কোৱা নাই। দৰাচলতে আল্লাহেই সকলো বিষয়ৰ বাস্তাৱতা আৰু অদৃশ্য বিষয় সম্পৰ্কে অৱগত। তোমালোকে এই বিষয়ে একো নাজানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003066.mp3"},{"index":"67","arabicText":"مَا كَانَ اِبْرٰهِیْمُ یَهُوْدِیًّا وَّلَا نَصْرَانِیًّا وَّلٰكِنْ كَانَ حَنِیْفًا مُّسْلِمًا ؕ وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟","assameseTranslation":"ইব্ৰাহীম ইয়াহুদীও নাছিল, নাছাৰাও নাছিল; বৰং তেওঁ আছিল একনিষ্ঠ মুছলিম আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।","footnotes":"","tafseer":"ইব্ৰাহীম আলাইহিচ্ছালাম ইয়াহূদী ধৰ্মৰো নাছিল আৰু খৃষ্টান ধৰ্মৰো নাছিল। বৰং তেওঁ আছিল অসত্য ধৰ্মৰ পৰা দূৰত, আল্লাহৰ প্ৰতি আত্মসমৰ্পনকাৰী এজন তাওহীদ পন্থী। তেওঁ কেতিয়াও সিহঁতৰ অন্তৰ্ভুক্ত নাছিল যিসকলে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে, যেনে আৰবৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, সিহঁতে তেওঁৰ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003067.mp3"},{"index":"68","arabicText":"اِنَّ اَوْلَی النَّاسِ بِاِبْرٰهِیْمَ لَلَّذِیْنَ اتَّبَعُوْهُ وَهٰذَا النَّبِیُّ وَالَّذِیْنَ اٰمَنُوْا ؕ وَاللّٰهُ وَلِیُّ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"নিশ্চয় মানুহৰ মাজত তেওঁলোকেই হৈছে ইব্ৰাহীমৰ ঘনিষ্ঠতম ব্যক্তি, যিসকলে তেওঁৰ অনুসৰণ কৰিছিল, লগতে এই নবী আৰু মুমিনসকলেও (তেওঁৰ অনুসৰণ কৰে); (জানি থোৱা) আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক।","footnotes":"","tafseer":"ইব্ৰাহীমৰ লগত সম্পৰ্ক স্থাপনৰ আটাইতকৈ বেছি অধিকাৰ আছে তেওঁলোকৰ, যিসকলে তেওঁৰ যুগত তেওঁক অনুসৰণ কৰিছিল। এইদৰে তেওঁৰ লগত সম্পৰ্ক স্থাপনৰ অধিক হকদাৰ হৈছে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ অনুসাৰীসকলৰ। নিশ্চয় আল্লাহ মুমিনসকলৰ সহায়ক আৰু অভিভাৱক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003068.mp3"},{"index":"69","arabicText":"وَدَّتْ طَّآىِٕفَةٌ مِّنْ اَهْلِ الْكِتٰبِ لَوْ یُضِلُّوْنَكُمْ ؕ وَمَا یُضِلُّوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ۟","assameseTranslation":"কিতাবীসকলৰ এটা দলে বিচাৰে, সিহঁত যদি তোমালোকক বিপথগামী কৰিব পাৰিলেহেঁতেন, অথচ সিহঁত নিজেই নিজকে বিপথগামী কৰি আছে; কিন্তু সিহঁতে উপলব্ধি কৰিব পৰা নাই।","footnotes":"","tafseer":"হে মুমিনসকল! ইয়াহূদী আৰু খৃষ্টানসকলৰ ধৰ্মগুৰুসকলে তোমালোকক এই সত্যৰ পৰা পথভ্ৰষ্ট কৰিব বিচাৰে, যিটোৰ হিদায়ত আল্লাহে তোমালোকক প্ৰদান কৰিছে। যদিও সিহঁতে নিজকেই পথভ্ৰষ্ট কৰি আছে। কাৰণ মুমিনসকলক পথভ্ৰষ্ট কৰাৰ প্ৰয়াসে সিহঁতৰ নিজৰ ভ্ৰষ্টতাহে বৃদ্ধি কৰে, অথচ সিহঁত নিজৰ কৰ্মৰ পৰিণাম সম্পৰ্কে নাজানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003069.mp3"},{"index":"70","arabicText":"یٰۤاَهْلَ الْكِتٰبِ لِمَ تَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَاَنْتُمْ تَشْهَدُوْنَ ۟","assameseTranslation":"হে আহলে কিতাব! কিয় তোমালোকে আল্লাহৰ আয়াতসমূহৰ লগত কুফুৰী কৰা, অথচ তোমালোকেই ইয়াৰ সাক্ষ্য বহন কৰিছা?","footnotes":"","tafseer":"হে গ্ৰন্থপ্ৰাপ্ত ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকৰ ওপৰত অৱতীৰ্ণ হোৱা সেইবোৰ আয়াতক কিয় অস্বীকাৰ কৰা, যিবোৰ আয়াতত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ সংকেত আছে, অথচ তোমালোক সাক্ষী যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত হৈছে সত্য, ইয়াৰ বৰ্ণনা তোমালোকৰ গ্ৰন্থতো উল্লেখ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003070.mp3"},{"index":"71","arabicText":"یٰۤاَهْلَ الْكِتٰبِ لِمَ تَلْبِسُوْنَ الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوْنَ الْحَقَّ وَاَنْتُمْ تَعْلَمُوْنَ ۟۠","assameseTranslation":"হে আহলে কিতাব! তোমালোকে কিয় সত্যক মিছাৰ সৈতে মিশ্ৰিত কৰা, লগতে জানি বুজি কিয় সত্যক গোপন কৰা?","footnotes":"","tafseer":"হে আহলে কিতাব! তোমালোকৰ গ্ৰন্থত যি সত্য অৱতীৰ্ণ কৰা হৈছে, তাৰ লগত তোমালোকৰ অসত্য কথাবোৰক কিয় মিশ্ৰিত কৰা। তোমালোকে নিজৰ গ্ৰন্থত থকা সত্যক কিয় গোপন কৰা, য’ত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সত্য নবী বুলি স্বীকৃতি দিয়া হৈছে। অথচ তোমালোকে ভালদৰেই জানা কোনটো সত্য আৰু কোনটো অসত্য, তথা কোনটো হিদায়ত আৰু কোনটো ভ্ৰষ্টতা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003071.mp3"},{"index":"72","arabicText":"وَقَالَتْ طَّآىِٕفَةٌ مِّنْ اَهْلِ الْكِتٰبِ اٰمِنُوْا بِالَّذِیْۤ اُنْزِلَ عَلَی الَّذِیْنَ اٰمَنُوْا وَجْهَ النَّهَارِ وَاكْفُرُوْۤا اٰخِرَهٗ لَعَلَّهُمْ یَرْجِعُوْنَ ۟ۚۖ","assameseTranslation":"আৰু কিতাবীসকলৰ এটা দলে কয়, ‘যিসকলে ঈমান আনিছে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তোমালোকে দিনৰ প্ৰথমাংশত তাৰ ওপৰত ঈমান আনিবা আৰু দিনৰ শেষ ভাগত সেইটোক অস্বীকাৰ কৰিবা; যাতে সিহঁতে (ইছলামৰ পৰা) উভতি আহে।","footnotes":"","tafseer":"ইয়াহূদী ধৰ্মগুৰুসকলৰ এটা দলে কয়ঃ মুছলিমসকলৰ ওপৰত যি কোৰআন অৱতীৰ্ণ হৈছে তাৰ প্ৰতি তোমালোকে পুৱাৰ ভাগত ঈমান পোষণ কৰিবা আৰু সন্ধিয়াপৰত অস্বীকাৰ কৰিবা। যাতে সিহঁতে তোমালোকৰ ঈমান পোষণ কৰাৰ পিছত আকৌ কুফৰীলৈ উভতি অহাৰ কাৰণে নিজৰ ধৰ্মত সন্দেহ পোষণ কৰে। অৱশেষত এই কথা কৈ যাতে সিহঁতে ইছলাম পৰিত্যাগ কৰে যে, ইহঁতে আমাতকৈ আল্লাহৰ গ্ৰন্থ সম্পৰ্কে অধিক জ্ঞানী, তথাপিও ইহঁতে এই দ্বীন পৰিত্যাগ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003072.mp3"},{"index":"73","arabicText":"وَلَا تُؤْمِنُوْۤا اِلَّا لِمَنْ تَبِعَ دِیْنَكُمْ ؕ قُلْ اِنَّ الْهُدٰی هُدَی اللّٰهِ ۙ اَنْ یُّؤْتٰۤی اَحَدٌ مِّثْلَ مَاۤ اُوْتِیْتُمْ اَوْ یُحَآجُّوْكُمْ عِنْدَ رَبِّكُمْ ؕ قُلْ اِنَّ الْفَضْلَ بِیَدِ اللّٰهِ ۚ یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟ۚۙ","assameseTranslation":"আৰু যিসকলে তোমালোকৰ দ্বীনৰ অনুসৰণ কৰে তেওঁলোকৰ বাহিৰে আন কাকো বিশ্বাস নকৰিবা’। কোৱা, ‘নিশ্চয় আল্লাহৰ নিৰ্দেশিত পথেই হৈছে একমাত্ৰ পথ। (সিহঁতে এই কথাও কয় যে, তোমালোকে এইটোও বিশ্বাস নকৰিবা যে) তোমালোকক যিটো দিয়া হৈছে সেয়া আনকো দিয়া হ’ব, অথবা তোমালোকৰ প্ৰতিপালকৰ সন্মুখত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুক্তি উত্থাপন কৰিব’। কোৱা, ‘নিশ্চয় অনুগ্ৰহ হৈছে আল্লাহৰ হাতত, তেওঁ যাক ইচ্ছা কৰে তাক সেইটো প্ৰদান কৰে; আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।","footnotes":"","tafseer":"সিহঁতে এই কথাও কয়ঃ তোমালোকে কেৱল তাৰেই কথা বিশ্বাস কৰিবা আৰু অনুসৰণ কৰিবা, যিজন তোমালোকৰ ধৰ্মৰ অনুসাৰী। হে ৰাছুল! কৈ দিয়ক, সত্যৰ পথ একমাত্ৰ আল্লাহৰ পথ। সত্যৰ পথ, মিছা আৰু অবাধ্যতাৰ পথ নহয়, যিটোৰ ওপৰত তোমালোকে আছা। তোমালোকৰ ভয় কেৱল এইটোৱে যে, আন কোনোবাই সেইদৰে অনুগ্ৰহপ্ৰাপ্ত নহওক, যিদৰে তোমালোকে লাভ কৰিছিলা। অথবা তোমালোকৰ ভয় এইটো যে, যদি তোমালোকে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ সত্যতা স্বীকাৰ কৰা, তেন্তে সিহঁতে তোমালোকৰ বিৰুদ্ধে আল্লাহৰ সন্মুখত প্ৰমাণ দাঙি ধৰিব। হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় অনুগ্ৰহ হৈছে কেৱল আল্লাহৰ হাতত, তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। তেওঁৰ দয়া কোনো সম্প্ৰদায় বিশেষ পৰ্যন্ত সীমিত নহয়। নিশ্চয় আল্লাহ অসীম অনুগ্ৰহকাৰী, তেওঁ ভালকৈয়ে জানে, কোনে তেওঁৰ অনুগ্ৰহ পোৱাৰ বেছি উপযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003073.mp3"},{"index":"74","arabicText":"یَّخْتَصُّ بِرَحْمَتِهٖ مَنْ یَّشَآءُ ؕ وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟","assameseTranslation":"তেওঁ যাক ইচ্ছা কৰে তেওঁৰ অনুগ্ৰহৰ বাবে একান্তভাৱে নিৰ্বাচিত কৰি লয়; আৰু আল্লাহ মহা অনুগ্ৰহশীল।","footnotes":"","tafseer":"তেওঁ নিজ সৃষ্টিৰ মাজৰ পৰা যাক ইচ্ছা কৰে ৰহমতৰ বাবে নিৰ্দিষ্ট কৰি লয়। লগতে তাক হিদায়ত, নুবুওৱত আৰু বহুতো প্ৰকাৰৰ উপহাৰৰ দ্বাৰা সন্মানিত কৰে। নিশ্চয় আল্লাহ মহা দানশীল আৰু তেওঁৰ দানশীলতাৰ কোনো সীমা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003074.mp3"},{"index":"75","arabicText":"وَمِنْ اَهْلِ الْكِتٰبِ مَنْ اِنْ تَاْمَنْهُ بِقِنْطَارٍ یُّؤَدِّهٖۤ اِلَیْكَ ۚ وَمِنْهُمْ مَّنْ اِنْ تَاْمَنْهُ بِدِیْنَارٍ لَّا یُؤَدِّهٖۤ اِلَیْكَ اِلَّا مَا دُمْتَ عَلَیْهِ قَآىِٕمًا ؕ ذٰلِكَ بِاَنَّهُمْ قَالُوْا لَیْسَ عَلَیْنَا فِی الْاُمِّیّٖنَ سَبِیْلٌ ۚ وَیَقُوْلُوْنَ عَلَی اللّٰهِ الْكَذِبَ وَهُمْ یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু কিতাবীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও (ঘূৰাই বিচৰাৰ লগে লগে) সি ঘূৰাই দিব; আকৌ সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যাৰ ওচৰত মাত্ৰ এটা দীনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদা নিদিয়ালৈকে সি সেইটো ঘূৰাই নিদিব। এইটো এইবাবে যে, সিহঁতে কয়, ‘এই অশিক্ষিতসকলৰ অধিকাৰ হৰণত আমাৰ কোনো পাপ নহয়; দৰাচলতে সিহঁতে জানি বুজি আল্লাহৰ নামত মিছা কথা কয়।","footnotes":"","tafseer":"আহলে কিতাবসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে, যদি তুমি তাৰ ওচৰত প্ৰচুৰ পৰিমাণে ধন-সম্পত্তিও আমানত হিচাপে ৰাখা, সি তোমাক সেই ধন ঘূৰাই দিব। লগতে সিহঁতৰ মাজত এনেকুৱা ব্যক্তিও আছে, যদি তাৰ ওচৰত অলপমান ধন আমানত হিচাপে ৰাখা, তথাপিও সি তোমাক ঘূৰাই নিদিব। কিন্তু যদি তুমি তাক বাধ্য কৰোৱা বা সদায় বিচাৰি থাকা, তেতিয়াহে সি আদায় কৰিব। এইটো সিহঁতৰ এই কথা আৰু এই কুঃধাৰণাৰ কাৰণে যে, সিহঁতে কয়ঃ আৰবীয়ানসকলৰ সম্পদ আত্মসাৎ কৰিলে আমাৰ কোনো গুনাহ নহ'ব, কিয়নো আল্লাহে আমাৰ বাবে এইটো বৈধ কৰিছে। সিহঁতে এইটো মিছা কথা কয়, অথচ সিহঁতে জানে যে, সিহঁতে আল্লাহৰ প্ৰতি এয়া মিছা আৰোপ কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003075.mp3"},{"index":"76","arabicText":"بَلٰی مَنْ اَوْفٰی بِعَهْدِهٖ وَاتَّقٰی فَاِنَّ اللّٰهَ یُحِبُّ الْمُتَّقِیْنَ ۟","assameseTranslation":"হয় নিশ্চয়, যদি কোনোবাই নিজ প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু তাক্বৱা অৱলম্বন কৰে তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহে মত্তাক্বীসকলক ভাল পায়।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে দাবী কৰে, বৰং সিহঁতৰ গুনাহ নিশ্চয় হ'ব। এতেকে যিয়ে আল্লাহৰ প্ৰতিশ্ৰুতি পালন কৰি আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰে, তথা মানুহৰ প্ৰতিশ্ৰুতি পূৰণ কৰি সিহঁতৰ আমানত আদায় কৰে, লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহে মুত্তাক্বীসকলক ভালপায়। শীঘ্ৰেই তেওঁ তেওঁলোকক ইয়াৰ সৰ্বোত্তম প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003076.mp3"},{"index":"77","arabicText":"اِنَّ الَّذِیْنَ یَشْتَرُوْنَ بِعَهْدِ اللّٰهِ وَاَیْمَانِهِمْ ثَمَنًا قَلِیْلًا اُولٰٓىِٕكَ لَا خَلَاقَ لَهُمْ فِی الْاٰخِرَةِ وَلَا یُكَلِّمُهُمُ اللّٰهُ وَلَا یَنْظُرُ اِلَیْهِمْ یَوْمَ الْقِیٰمَةِ وَلَا یُزَكِّیْهِمْ ۪ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপতক তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা গ্ৰন্থৰ বিধি-বিধানক আৰু ৰাছুলৰ বাণীক বিকৃত কৰে আৰু আল্লাহৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলগীয়া শপত ভঙ্গ কৰে, আৰু ইয়াৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ সামান্য মূল্য গ্ৰহণ কৰে, আখিৰাতত সিহঁতে ছোৱাবৰ কোনো অংশ নাপাব। আল্লাহে সিহঁতৰ লগত সুখদায়ক কোনো কথাই নক'ব, আৰু ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ প্ৰতি ৰহমতৰ দৃষ্টিৰেও নাচাব, সিহঁতক কুফৰ আৰু গুনাহৰ ময়লা-আৱৰ্জনাৰ পৰা পৱিত্ৰও নকৰিব, বৰং সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003077.mp3"},{"index":"78","arabicText":"وَاِنَّ مِنْهُمْ لَفَرِیْقًا یَّلْوٗنَ اَلْسِنَتَهُمْ بِالْكِتٰبِ لِتَحْسَبُوْهُ مِنَ الْكِتٰبِ وَمَا هُوَ مِنَ الْكِتٰبِ ۚ وَیَقُوْلُوْنَ هُوَ مِنْ عِنْدِ اللّٰهِ وَمَا هُوَ مِنْ عِنْدِ اللّٰهِ ۚ وَیَقُوْلُوْنَ عَلَی اللّٰهِ الْكَذِبَ وَهُمْ یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দলো আছে, যিসকলে কিতাপক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাবৰ অংশ বুলি ভৱা; অথচ সেইটো কিতাবৰ অংশ নহয়। কিন্তু সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা অহা’; অথচ সেইটো আল্লাহৰ তৰফৰ পৰা (অৱতীৰ্ণ) নহয়। বৰং সিহঁতে জানি-বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।","footnotes":"","tafseer":"ইয়াহূদীসকলৰ এটা দল এনেকুৱাও আছে, যিসকলে আল্লাহে অৱতীৰ্ণ কৰা তাওৰাতত নথকা কথাবোৰ বৰ্ণনা কৰাৰ সময়ত এনেকুৱা অঙ্গী-ভঙ্গীৰে পাঠ কৰে, যাতে তোমালোকে ভাবা যে সিহঁতে তাওৰাত পাঠ কৰি আছে। অথচ সেয়া তাওৰাতৰ অংশ নহয়, বৰং সেয়া হৈছে আল্লাহৰ প্ৰতি আৰোপ কৰা মিছা কথা। সিহঁতে কয়ঃ আমি যি পাঠ কৰি আছোঁ সেয়া আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ। অথচ সেইটো আল্লাহে অৱতীৰ্ণ কৰা নাই। দৰাচলতে সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি আছে। সিহঁতে এইটো ভালকৈ জানে যে, এয়া আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিথ্যাৰোপ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003078.mp3"},{"index":"79","arabicText":"مَا كَانَ لِبَشَرٍ اَنْ یُّؤْتِیَهُ اللّٰهُ الْكِتٰبَ وَالْحُكْمَ وَالنُّبُوَّةَ ثُمَّ یَقُوْلَ لِلنَّاسِ كُوْنُوْا عِبَادًا لِّیْ مِنْ دُوْنِ اللّٰهِ وَلٰكِنْ كُوْنُوْا رَبّٰنِیّٖنَ بِمَا كُنْتُمْ تُعَلِّمُوْنَ الْكِتٰبَ وَبِمَا كُنْتُمْ تَدْرُسُوْنَ ۟ۙ","assameseTranslation":"কোনো মানুহৰ বাবে সংগত নহয় যে, আল্লাহে তেওঁক কিতাব, হিকমত আৰু নুবুওৱত দান কৰাৰ পাছত তেওঁ মানুহক ক’ব, ‘আল্লাহৰ পৰিবৰ্তে তোমালোকে মোৰ দাস হৈ যোৱা’, বৰং তেওঁ (এই বুলিহে) ক’ব, যিহেতু তোমালোকে কিতাব শিক্ষা দিয়া আৰু যিহেতু তোমালোকে অধ্যয়ন কৰা, গতিকে ‘তোমালোকে ৰাব্বানী হৈ যোৱা,’।","footnotes":"","tafseer":"কোনো মানুহৰ বাবেই উচিত নহয় যে, আল্লাহে তেওঁক অৱতীৰ্ণ গ্ৰন্থ প্ৰদান কৰাৰ পিছত, আৰু জ্ঞান বুদ্ধি দান কৰাৰ পিছত, লগতে নবীৰ দৰে সন্মানীয় পদত অধিষ্ঠিত কৰাৰ পিছত, তেওঁ মানুহক ক'ব যে, তোমালোকে আল্লাহক এৰি মোৰ উপাসনা কৰা। বৰং তেওঁ এইটোহে ক’ব যে, তোমালোকে সত্কৰ্মকাৰী আলিম হোৱা, মানুহক সদাচৰণৰ শিক্ষা দিয়া আৰু সিহঁতৰ জীৱন সংশোধনকাৰী হৈ যোৱা। কাৰণ তোমালোকে আল্লাহৰ গ্ৰন্থৰ শিক্ষা দিয়া তথা সেইটো পাঠ কৰি মুখস্থ কৰা আৰু বুজি পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003079.mp3"},{"index":"80","arabicText":"وَلَا یَاْمُرَكُمْ اَنْ تَتَّخِذُوا الْمَلٰٓىِٕكَةَ وَالنَّبِیّٖنَ اَرْبَابًا ؕ اَیَاْمُرُكُمْ بِالْكُفْرِ بَعْدَ اِذْ اَنْتُمْ مُّسْلِمُوْنَ ۟۠","assameseTranslation":"এইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব্ব হিচাপে গ্ৰহণ কৰা। তোমালোক মুছলিম হোৱাৰ পিছত তেওঁ তোমালোকক কুফুৰীৰ নিৰ্দেশ দিবনে?","footnotes":"","tafseer":"এইদৰে তেওঁৰ বাবে এইটোও উচিত নহয় যে, তেওঁ তোমালোকক এই আদেশ দিব যে, তোমালোকে আল্লাহক এৰি ফিৰিস্তা আৰু নবীসকলক নিজৰ ৰব্ব বনাই লোৱা, আৰু তেওঁলোকৰ উপাসনা কৰা। এইটো তেওঁৰ বাবে বৈধ হ'বনে যে, তোমালোকে ইছলাম গ্ৰহণ কৰাৰ পিছত আৰু আনুগত্য স্বীকাৰ কৰাৰ পিছত, তেওঁ তোমালোকক কুফৰী কৰাৰ আদেশ দিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003080.mp3"},{"index":"81","arabicText":"وَاِذْ اَخَذَ اللّٰهُ مِیْثَاقَ النَّبِیّٖنَ لَمَاۤ اٰتَیْتُكُمْ مِّنْ كِتٰبٍ وَّحِكْمَةٍ ثُمَّ جَآءَكُمْ رَسُوْلٌ مُّصَدِّقٌ لِّمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهٖ وَلَتَنْصُرُنَّهٗ ؕ قَالَ ءَاَقْرَرْتُمْ وَاَخَذْتُمْ عَلٰی ذٰلِكُمْ اِصْرِیْ ؕ قَالُوْۤا اَقْرَرْنَا ؕ قَالَ فَاشْهَدُوْا وَاَنَا مَعَكُمْ مِّنَ الشّٰهِدِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ পৰা অঙ্গীকাৰ লৈছিল যে, ‘যিহেতু মই তোমালোকক কিতাব আৰু হিকমত(ৰ শিক্ষা) দিছোঁ; গতিকে তোমালোকৰ ওচৰত থকা তথ্যৰ সত্যায়নকাৰীৰূপে যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাছুল আহিব- তেতিয়াই তোমালোকে নিশ্চয় তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু এই বিষয়ে মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলোঁ’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলোঁ।","footnotes":"","tafseer":"হে ৰাছুল! সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আল্লাহে সকলো নবীৰ পৰা এই কথা কৈ দৃঢ় অঙ্গীকাৰ লৈছিল যে, মই তোমালোকক যি গ্ৰন্থই প্ৰদান নকৰোঁ কিয়, যিমান হিকমতেই দান নকৰোঁ কিয়, আৰু যিমানেই সন্মান, প্ৰতিষ্ঠা আৰু পদ প্ৰদান নকৰোঁ কিয়, যেতিয়া তোমালোকৰ ওচৰলৈ মোৰ ফালৰ পৰা এজন নবী আহিব (ইয়াত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক বুজোৱা হৈছে) যিজনে তোমালোকৰ ওচৰত থকা গ্ৰন্থ আৰু হিকমতৰ সমৰ্থন কৰে, তেন্তে তোমালোকে অৱশ্যে তেওঁৰ কথা মানি ল’বা আৰু তেওঁৰ অনুসৰণকাৰী হৈ তেওঁক সহায় কৰিবা। হে নবীসকল! তোমালোকে এইটো স্বীকাৰ কৰিলানে আৰু মোৰ এই দৃঢ় অঙ্গীকাৰ গ্ৰহণ কৰিলানে? তেওঁলোকে উত্তৰ প্ৰদান কৰি কৈছিলঃ আমি এইটো স্বীকাৰ কৰিলোঁ। আল্লাহে কৈছিলঃ তোমালোকে নিজৰ বাবে আৰু তোমালোকৰ উম্মতৰ বাবে সাক্ষী হৈ থাকা, লগতে ময়ো তোমালোকৰ আৰু সিহঁতৰ সাক্ষী হৈ ৰ’লোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003081.mp3"},{"index":"82","arabicText":"فَمَنْ تَوَلّٰی بَعْدَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ۟","assameseTranslation":"এতেকে ইয়াৰ পিছত যিসকলে মুখ ঘূৰাই লব, সিহঁতেই হৈছে ফাছিক (সত্যত্যাগী)।","footnotes":"","tafseer":"এতেকে যিসকলে এই অঙ্গীকাৰৰ পৰা মুখ ঘূৰাই লৈছে, যিটোক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সাক্ষীৰ জৰীয়তে মজবুত কৰা হৈছিল; সিহঁতেই আল্লাহৰ দ্বীন আৰু তেওঁৰ আনুগত্যৰ পৰা বহিষ্কৃত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003082.mp3"},{"index":"83","arabicText":"اَفَغَیْرَ دِیْنِ اللّٰهِ یَبْغُوْنَ وَلَهٗۤ اَسْلَمَ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ طَوْعًا وَّكَرْهًا وَّاِلَیْهِ یُرْجَعُوْنَ ۟","assameseTranslation":"সিহঁতে আল্লাহৰ দ্বীনৰ পৰিবৰ্তে আন কিবা বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে ইচ্ছাতে হওক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে; আৰু তেওঁৰ ওচৰলৈকেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।","footnotes":"","tafseer":"আল্লাহৰ আনুগত্য আৰু তেওঁৰ দ্বীনৰ পৰা বহিষ্কৃত এই লোকসকলে, আল্লাহৰ মনোনীত দ্বীন ইছলামৰ বাহিৰে বেলেগ কোনো ধৰ্ম বিচাৰি আছে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টিয়ে ইচ্ছাতে হওক অথবা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰিছে, স্ব-ইচ্ছাই যেনে- মুছলিমসকলে আৰু অনিচ্ছাই যেনে- কাফিৰসকলে আত্মসমৰ্পণ কৰিছে। অৱশেষত কিয়ামতৰ দিনা সকলো সৃষ্টিয়ে হিচাপ-নিকাচৰ বাবে আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003083.mp3"},{"index":"84","arabicText":"قُلْ اٰمَنَّا بِاللّٰهِ وَمَاۤ اُنْزِلَ عَلَیْنَا وَمَاۤ اُنْزِلَ عَلٰۤی اِبْرٰهِیْمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَمَاۤ اُوْتِیَ مُوْسٰی وَعِیْسٰی وَالنَّبِیُّوْنَ مِنْ رَّبِّهِمْ ۪ لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْهُمْ ؗ وَنَحْنُ لَهٗ مُسْلِمُوْنَ ۟","assameseTranslation":"তোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী।","footnotes":"","tafseer":"হে ৰাছুল! কৈ দিয়ক, আমি আল্লাহক উপাস্য হিচাপে মানিছোঁ, তেওঁ আমাক যি আদেশ কৰিছে সেয়া পালন কৰিছোঁ, আৰু ঈমান আনিছোঁ সেই অহীৰ প্ৰতি যিটো আমাৰ ওপৰত তেওঁ অৱতীৰ্ণ কৰিছে, লগতে যিটো ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব আৰু ইয়াকূবৰ ওপৰত অৱতীৰ্ণ হৈছিল, এইদৰে সেইবোৰ গ্ৰন্থৰ প্ৰতিও ঈমান আনিছোঁ যিবোৰ অৱতীৰ্ণ হৈছিল ইয়াকূবৰ সন্তানসকলৰ ওপৰত, আৰু যিবোৰ গ্ৰন্থ আৰু নিদৰ্শন মুছা, ঈছা আৰু সকলো নবীকে আল্লাহৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল। আমি নবীসকলৰ মাজত পাৰ্থক্য কৰি কিছুমানৰ প্ৰতি ঈমান আৰু আন কিছুমানক অস্বীকাৰ নকৰোঁ। আমি কেৱল আল্লাহৰ আনুগত্য কৰোঁ আৰু একমাত্ৰ তেওঁৰ ওচৰতেই শিৰ নত কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003084.mp3"},{"index":"85","arabicText":"وَمَنْ یَّبْتَغِ غَیْرَ الْاِسْلَامِ دِیْنًا فَلَنْ یُّقْبَلَ مِنْهُ ۚ وَهُوَ فِی الْاٰخِرَةِ مِنَ الْخٰسِرِیْنَ ۟","assameseTranslation":"আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা সেইটো কেতিয়াও গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।","footnotes":"","tafseer":"যিয়ে সেই ধৰ্মৰ বাহিৰে আন কোনো ধৰ্ম অনুসন্ধান কৰিব, যি ধৰ্মক আল্লাহে মনোনীত কৰিছে, আৰু সেয়া হৈছে- ইছলাম ধৰ্ম- এনে ব্যক্তিৰ পৰা আল্লাহে অন্য কোনো ধৰ্মক কেতিয়াও স্বীকাৰ নকৰিব, আৰু সি আখিৰাতত জাহান্নামত প্ৰৱেশ কৰি নিজৰে ক্ষতিসাধন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003085.mp3"},{"index":"86","arabicText":"كَیْفَ یَهْدِی اللّٰهُ قَوْمًا كَفَرُوْا بَعْدَ اِیْمَانِهِمْ وَشَهِدُوْۤا اَنَّ الرَّسُوْلَ حَقٌّ وَّجَآءَهُمُ الْبَیِّنٰتُ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟","assameseTranslation":"আল্লাহে কেনেকৈ সেই সম্প্ৰদায়ক হিদায়ত কৰিব, যিসকলে ঈমান পোষণ কৰাৰ পিছত আৰু ৰাছুলক সত্য বুলি সাক্ষ্য দিয়াৰ পিছত লগতে সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন অহাৰ পিছত কুফুৰী কৰিছে? আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।","footnotes":"","tafseer":"আল্লাহে তেওঁৰ নিজৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিবলৈ সেইসকল লোকক কেনেকৈ তাওফীক দিব, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ পিছত তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক সত্য বুলি স্বীকৃতি দিয়াৰ পিছত পুনৰ কাফিৰ হৈ গৈছে। অথচ সিহঁতৰ ওচৰত ইয়াৰ সত্যতাৰ সকলো স্পষ্ট নিদৰ্শন আহি পৰিছিল? আল্লাহে এনেকুৱা অত্যাচাৰী সম্প্ৰদায়ক ঈমানৰ তাওফীক নিদিয়ে, যিসকলে হিদায়তৰ পৰিবৰ্তে ভ্ৰষ্টতা অৱলম্বন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003086.mp3"},{"index":"87","arabicText":"اُولٰٓىِٕكَ جَزَآؤُهُمْ اَنَّ عَلَیْهِمْ لَعْنَةَ اللّٰهِ وَالْمَلٰٓىِٕكَةِ وَالنَّاسِ اَجْمَعِیْنَ ۟ۙ","assameseTranslation":"ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতিদান হৈছে এই যে, ইহঁতৰ ওপৰত আল্লাহৰ আৰু ফিৰিস্তাসকলৰ তথা সকলো মানুহৰে অভিসম্পাত।","footnotes":"","tafseer":"নিশ্চয় এনেকুৱা ভ্ৰষ্টতা অৱলম্বনকাৰী যালিমসকলৰ প্ৰতিদান এইটোৱেই যে, সিহঁতৰ ওপৰত আল্লাহৰ আৰু ফিৰিস্তাসকলৰ আৰু গোটেই মানৱ জাতিৰ অভিসম্পাত হওক। এতেকে সিহঁত আল্লাহৰ দয়াৰ পৰা আঁতৰ হ'ব আৰু বঞ্চিত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003087.mp3"},{"index":"88","arabicText":"خٰلِدِیْنَ فِیْهَا ۚ لَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْظَرُوْنَ ۟ۙ","assameseTranslation":"সিহঁতে তাত (জাহান্নামত) স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আনকি সিহঁতক অৱকাশো দিয়া নহ’ব।","footnotes":"","tafseer":"সিহঁত জাহান্নামত চিৰস্থায়ী হ’ব আৰু তাৰ পৰা ওলাব নোৱাৰিব। সিহঁতৰ শাস্তিও লাঘৱ কৰা নহ'ব আৰু সিহঁতক তাওবা তথা ক্ষমা প্ৰাৰ্থনাৰো সুযোগ দিয়া নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003088.mp3"},{"index":"89","arabicText":"اِلَّا الَّذِیْنَ تَابُوْا مِنْ بَعْدِ ذٰلِكَ وَاَصْلَحُوْا ۫ فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে ইয়াৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে। এই ক্ষেত্ৰত নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"কিন্তু যিসকলে কুফুৰী আৰু অন্যায় কৰাৰ পিছত আকৌ আল্লাহৰ পিনে উভতি আহিছে আৰু নিজৰ কৰ্মৰ সংশোধন কৰিছে, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, পৰম দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003089.mp3"},{"index":"90","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا بَعْدَ اِیْمَانِهِمْ ثُمَّ ازْدَادُوْا كُفْرًا لَّنْ تُقْبَلَ تَوْبَتُهُمْ ۚ وَاُولٰٓىِٕكَ هُمُ الضَّآلُّوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান পোষণ কৰাৰ পিছত কুফুৰী কৰিছে, তাৰ পিছত সিহঁতে কুফুৰী কাৰ্যত অধিক আগুৱাই গৈছে, সিহঁতৰ তাওবা কেতিয়াও কবুল কৰা নহ’ব; আৰু সিহঁতেই হৈছে পথভ্ৰষ্ট।","footnotes":"","tafseer":"যিসকলে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছে, আৰু সেই কুফুৰীতে মৃত্যুক সাৱটি লৈছে, এতেকে মৃত্যু উপস্থিত হোৱাৰ পিছত তাৰ তাওবা কেতিয়াও গ্ৰহণযোগ্য নহ'ব, কিয়নো তেতিয়া আৰু তাওবাৰ সময় নাথাকে। এইসকল লোকেই আল্লাহৰ পোন পথৰ পৰা পথভ্ৰষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003090.mp3"},{"index":"91","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا وَمَاتُوْا وَهُمْ كُفَّارٌ فَلَنْ یُّقْبَلَ مِنْ اَحَدِهِمْ مِّلْءُ الْاَرْضِ ذَهَبًا وَّلَوِ افْتَدٰی بِهٖ ؕ اُولٰٓىِٕكَ لَهُمْ عَذَابٌ اَلِیْمٌ وَّمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟۠","assameseTranslation":"নিশ্চয় যিসকলে কুফুৰী কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ কোনোবাই (নিজৰ মুক্তিৰ বাবে) বিনিময় হিচাপে পৃথিৱী ভৰা সোণ প্ৰদান কৰিলেও সেইটো কেতিয়াও গ্ৰহণ কৰা নহ’ব। ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।","footnotes":"","tafseer":"যিসকলে কুফুৰী কৰিছে আৰু সেই কুফুৰী অৱস্থাতেই মৃত্যুবৰণ কৰিছে, যদি সিহঁতে জাহান্নামৰ পৰা মুক্তিৰ বাবে পৃথিৱীৰ সমানো সোণ সংগ্ৰহ কৰি মুক্তিপণ দিব বিচাৰে তথাপিও সেয়া গ্ৰহণ নকৰা নহ'ব। সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি লগতে কিয়ামতৰ দিনা সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003091.mp3"},{"index":"92","arabicText":"لَنْ تَنَالُوا الْبِرَّ حَتّٰی تُنْفِقُوْا مِمَّا تُحِبُّوْنَ ؕ۬ وَمَا تُنْفِقُوْا مِنْ شَیْءٍ فَاِنَّ اللّٰهَ بِهٖ عَلِیْمٌ ۟","assameseTranslation":"তোমালোকে যি ভালপোৱা তাৰ পৰা ব্যয় (দান) নকৰালৈকে তোমালোকে কেতিয়াও ছোৱাব অৰ্জন কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ব্যয় (দান) কৰা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে তেতিয়ালৈকে পূণ্যৱান লোকসকলৰ ছোৱাব আৰু তেওঁলোকৰ স্থান লাভ কৰিব নোৱাৰিবা, যেতিয়ালৈকে তোমালোকে নিজৰ সেই ধন আল্লাহৰ পথত ব্যয় নকৰিবা যিটো তোমালোকৰ ওচৰত অধিক প্ৰিয়। তোমালোকে যি দান কৰা, সেয়া কম হওক অথবা বেছি, নিশ্চয় আল্লাহে তোমালোকৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত, আৰু তেওঁ প্ৰত্যেককে তাৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003092.mp3"},{"index":"93","arabicText":"كُلُّ الطَّعَامِ كَانَ حِلًّا لِّبَنِیْۤ اِسْرَآءِیْلَ اِلَّا مَا حَرَّمَ اِسْرَآءِیْلُ عَلٰی نَفْسِهٖ مِنْ قَبْلِ اَنْ تُنَزَّلَ التَّوْرٰىةُ ؕ قُلْ فَاْتُوْا بِالتَّوْرٰىةِ فَاتْلُوْهَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"তাওৰাত অৱতীৰ্ণ হোৱাৰ আগতে ইছৰাঈলে নিজৰ ওপৰত যি হাৰাম কৰিছিল তাৰ বাহিৰে বনী ইছৰাঈলৰ বাবে যাৱতীয় খাদ্য হালাল আছিল। কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেনেহ’লে তাওৰাত লৈ আহা আৰু সেয়া পাঠ কৰা’।","footnotes":"","tafseer":"সকলো ধৰণৰ পৱিত্ৰ খাদ্য বনী ইছৰাঈলৰ বাবে হালাল আছিল। ইয়াৰ মাজৰ একোৱে সিহঁতৰ বাবে হাৰাম নাছিল, কেৱল সেইটোৰ বাহিৰে যিটো ইয়াকূবে তাওৰাত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই নিজৰ ওপৰত হাৰাম কৰি লৈছিল। বিষয়টো তেনেকুৱা নহয়, যিদৰে ইয়াহূদীসকলে ধাৰণা কৰে যে, এইবোৰ বস্তু তাওৰাতত হাৰাম কৰা হৈছিল। হে নবী! আপুনি কৈ দিয়ক, তোমালোকে তাওৰাত আনাচোন আৰু পাঠ কৰি শুনোৱা, যদিহে তোমালোকে নিজৰ দাবীত সত্যবাদী। ফলত সিহঁত উত্তৰহীন হৈ পৰিল আৰু তাওৰাত নানিলে। এইটো হৈছে এটা উদাহৰণ, যিয়ে প্ৰমাণ কৰে যে, ইয়াহুদীসকলে তাওৰাতৰ প্ৰতিও মিছা আৰোপ কৰিছিল, লগতে ইয়াৰ বিষয় বস্তু বিকৃত কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003093.mp3"},{"index":"94","arabicText":"فَمَنِ افْتَرٰی عَلَی اللّٰهِ الْكَذِبَ مِنْ بَعْدِ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟ؔ","assameseTranslation":"এতেকে ইয়াৰ পিছতো যিসকলে আল্লাহৰ ওপৰত মিছা ৰটনা কৰে সিহঁতেই হৈছে যালিম।","footnotes":"","tafseer":"এতেকে এই কথা স্পষ্ট হোৱাৰ পিছত যে ইয়াকূব আলাইহিচ্ছালামে যি যি নিজৰ ওপৰত হাৰাম কৰি লৈছিল, সেয়া তেওঁ ব্যক্তিগতভাৱে নিজৰ ওপৰতহে হাৰাম কৰি লৈছিল, আল্লাহে হাৰাম কৰা নাছিল। যিসকলে স্পষ্ট প্ৰমাণ অহাৰ পিছতো সত্য পৰিত্যাগ কৰে, সেইসকল লোকেই হৈছে নিজৰ ওপৰত অন্যায়কাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003094.mp3"},{"index":"95","arabicText":"قُلْ صَدَقَ اللّٰهُ ۫ فَاتَّبِعُوْا مِلَّةَ اِبْرٰهِیْمَ حَنِیْفًا ؕ وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟","assameseTranslation":"কোৱা, ‘আল্লাহে সত্য কৈছে। সেয়ে তোমালোকে একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰা, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।","footnotes":"","tafseer":"হে নবী! আপুনি জনাই দিয়ক যে, আল্লাহে ইয়াকূব আলাইহিচ্ছালাম সম্পৰ্কে যি সংবাদ দিছে সেয়া সত্য, লগতে তেওঁ অৱতীৰ্ণ কৰা প্ৰত্যেক বিষয় আৰু বিধি-বিধানৰ ক্ষেত্ৰতো সত্যবাদী। এতেকে তোমালোকে ইব্ৰাহীম আলাইহিচ্ছালামৰ ধৰ্মৰ অনুসৰণ কৰা। তেওঁ সকলো ধৰ্মৰ পৰা বিমুখ হৈ কেৱল ইছলামক আঁকোৱালী লৈছিল। তেওঁ কেতিয়াও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003095.mp3"},{"index":"96","arabicText":"اِنَّ اَوَّلَ بَیْتٍ وُّضِعَ لِلنَّاسِ لَلَّذِیْ بِبَكَّةَ مُبٰرَكًا وَّهُدًی لِّلْعٰلَمِیْنَ ۟ۚ","assameseTranslation":"নিশ্চয় মানৱজাতিৰ বাবে সৰ্বপ্ৰথম যিখন ঘৰ প্ৰতিষ্ঠিত হৈছিল, সেয়া মক্কাত অৱস্থিত, সেইখন হৈছে বৰকতময় আৰু বিশ্ববাসীৰ বাবে হিদায়ত।","footnotes":"","tafseer":"পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম ইবাদত ঘৰ হৈছে সেইখন, যিখন সকলো মানুহৰ বাবে আল্লাহৰ ইবাদত কৰিবলৈ নিৰ্মাণ কৰা হৈছিল, সেইখন হৈছে আল্লাহৰ সেই পৱিত্ৰ ঘৰ, যিখন মক্কাত অৱস্থিত। সেই ঘৰখন হৈছে অত্যন্ত বৰকতময়। দ্বীনি আৰু দুনিয়াৱী উপকাৰৰ কেন্দ্ৰবিন্দু। তাত আছে গোটেই মানৱ জাতিৰ বাবে হিদায়ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003096.mp3"},{"index":"97","arabicText":"فِیْهِ اٰیٰتٌۢ بَیِّنٰتٌ مَّقَامُ اِبْرٰهِیْمَ ۚ۬ وَمَنْ دَخَلَهٗ كَانَ اٰمِنًا ؕ وَلِلّٰهِ عَلَی النَّاسِ حِجُّ الْبَیْتِ مَنِ اسْتَطَاعَ اِلَیْهِ سَبِیْلًا ؕ وَمَنْ كَفَرَ فَاِنَّ اللّٰهَ غَنِیٌّ عَنِ الْعٰلَمِیْنَ ۟","assameseTranslation":"তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহীম (শিলৰ ওপৰত ইব্ৰাহীমৰ পদচিহ্ন); যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপত্তা লাভ কৰিব; আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য (অনিবাৰ্য); আৰু যিয়ে কুফুৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।","footnotes":"","tafseer":"সেই ঘৰখনত আছে ইয়াৰ শ্ৰেষ্ঠত্ব আৰু উত্কৃষ্টতাৰ কিছুমান স্পষ্ট নিদৰ্শন। যেনে- হজ্জৰ কাৰ্যসমূহ আৰু ইয়াৰ নিৰ্ধাৰিত স্থান। এই নিদৰ্শনসমূহৰ মাজত আছে এনেকুৱা এডোখৰ শিল, যিটোৰ ওপৰত থিয় হৈ ইব্ৰাহীম আলাইহিচ্ছালামে কাবা ঘৰ নিৰ্মাণ কৰিছিল। এইদৰে আন এটা নিদৰ্শন হৈছে এই যে, যিয়ে ইয়াত প্ৰৱেশ কৰিব তাৰ ভয়-ভীতি আঁতৰ হ’ব আৰু কোনো কষ্টই তাক স্পৰ্শ নকৰিব। আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে হজ্জৰ আৰ্কানসমূহ আদায় কৰিবলৈ এই ঘৰলৈ যোৱাটো মানুহৰ বাবে ওৱাজিব। এই আদেশ সেইসকল লোকৰ বাবে, যিসকলৰ ওচৰত তালৈ যোৱাৰ সামৰ্থ আছে। এতেকে যিয়ে ফৰজ হজ্জক অস্বীকাৰ কৰিব, সি জানি থোৱা উচিত যে, আল্লাহ এনেকুৱা কাফিৰৰ পৰা আৰু বিশ্বজগতৰ সকলোৰে পৰা অমুখাপেক্ষী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003097.mp3"},{"index":"98","arabicText":"قُلْ یٰۤاَهْلَ الْكِتٰبِ لِمَ تَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ ۖۗ وَاللّٰهُ شَهِیْدٌ عَلٰی مَا تَعْمَلُوْنَ ۟","assameseTranslation":"কোৱা, ‘হে আহলে কিতাব! তোমালোকে আল্লাহৰ আয়াতসমূহক (নিদৰ্শনসমূহক) কিয় অস্বীকাৰ কৰা? আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহেই সাক্ষী’।","footnotes":"","tafseer":"কোৱা, ‘হে কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে সত্য নবী হোৱাৰ প্ৰমাণসমূহক কিয় অস্বীকাৰ কৰা, অথচ ইয়াৰে কিছুমান প্ৰমাণ তাওৰাত আৰু ইঞ্জীলতো আছে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত, আৰু তেওঁ শীঘ্ৰেই তোমালোকক ইয়াৰ প্ৰতিদানো দিব’।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003098.mp3"},{"index":"99","arabicText":"قُلْ یٰۤاَهْلَ الْكِتٰبِ لِمَ تَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ مَنْ اٰمَنَ تَبْغُوْنَهَا عِوَجًا وَّاَنْتُمْ شُهَدَآءُ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟","assameseTranslation":"কোৱা, ‘হে আহলে কিতাব! যিজন ব্যক্তিয়ে ঈমান আনিছে তোমালোকে বক্ৰতা অনুসন্ধান কৰি আল্লাহৰ পথত তেওঁক কিয় বাধা দিয়া? অথচ তোমালোকেই (এই বিষয়ে) সাক্ষী; (জানি থোৱা) তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়’।","footnotes":"","tafseer":"হে নবী আপুনি কৈ দিয়ক যে, ‘হে কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকে মুমিনসকলক আল্লাহৰ পথৰ পৰা কিয় বিৰত ৰাখা? তোমালোকে বিচৰা নেকি যে, তেওঁলোকে আল্লাহৰ সত্য ধৰ্মৰ পৰা অসত্যলৈ আৰু হিদায়তৰ পৰা ভ্ৰষ্টতালৈ উভতি যাওক। তোমালোকেও দেখোন জানা যে, এই ধৰ্মই হৈছে সত্য ধৰ্ম, আৰু এই ধৰ্মই তোমালোকৰ গ্ৰন্থত থকা সংবাদককো সমৰ্থন কৰে। জানি থোৱা! তোমালোকে যিবোৰ কুফৰী কৰ্ম কৰি আছা, আৰু মানুহক সত্যৰ পৰা বাধা প্ৰদান কৰি আছা, ইয়াৰ পৰা কিন্তু আল্লাহ অমনোযোগী নহয়। ইয়াৰ প্ৰতিফল তেওঁ তোমালোকক শীঘ্ৰেই প্ৰদান কৰিব’।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003099.mp3"},{"index":"100","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ تُطِیْعُوْا فَرِیْقًا مِّنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ یَرُدُّوْكُمْ بَعْدَ اِیْمَانِكُمْ كٰفِرِیْنَ ۟","assameseTranslation":"হে মুমিনসকল! যিসকলক কিতাব প্ৰদান কৰা হৈছে, তোমালোকে যদি সিহঁতৰ এটা দলৰ আনুগত্য কৰা, তেন্তে সিহঁতে তোমালোকক ঈমান আনাৰ পিছত আকৌ কাফিৰ অৱস্থাত ওভতাই লৈহে এৰিব।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যদি তোমালোকে কিতাপধাৰী ইয়াহূদী আৰু খৃষ্টানসকলৰ কোনো দলৰ কথা মানি লোৱা, আৰু সিহঁতৰ মন্তব্যক গ্ৰহণ কৰা তেন্তে সিহঁতৰ অন্তৰত থকা ঈৰ্ষা আৰু ভ্ৰষ্টতাৰ কাৰণে সিহঁতে তোমালোকক ঈমানৰ পিছত আকৌ কুফুৰীলৈ ওভোতাই নিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003100.mp3"},{"index":"101","arabicText":"وَكَیْفَ تَكْفُرُوْنَ وَاَنْتُمْ تُتْلٰی عَلَیْكُمْ اٰیٰتُ اللّٰهِ وَفِیْكُمْ رَسُوْلُهٗ ؕ وَمَنْ یَّعْتَصِمْ بِاللّٰهِ فَقَدْ هُدِیَ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟۠","assameseTranslation":"আৰু কেনেকৈ তোমালোকে কুফুৰী কৰা অথচ আল্লাহৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱত কৰা হয় আৰু তোমালোকৰ মাজত তেওঁৰ ৰাছুলো উপস্থিত আছে? আৰু যি ব্যক্তিয়ে আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰিব, সি নিশ্চয় সৰল পথৰ হিদায়ত লাভ কৰিব।","footnotes":"","tafseer":"তোমালোকে ঈমান পোষণ কৰাৰ পিছত আকৌ কেনেকৈ কুফুৰী কৰিবা, অথচ তোমালোকৰ ওচৰত আছে ঈমানৰ ওপৰত অটল থকাৰ আটাইতকৈ ডাঙৰ উপকৰণ। আল্লাহৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হৈছে, আৰু স্বয়ং আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক সেইবোৰ বিশ্লেষণ কৰিছে। এতেকে যিয়ে আল্লাহৰ গ্ৰন্থ আৰু তেওঁৰ ৰাছুলৰ ছুন্নতক দৃঢ়ভাৱে খামুচি ধৰিব, নিশ্চিতভাৱে আল্লাহে তাক সেই পোন পথৰ তাওফীক দান কৰিব, যি পথত কোনো বক্ৰতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003101.mp3"},{"index":"102","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ حَقَّ تُقٰتِهٖ وَلَا تَمُوْتُنَّ اِلَّا وَاَنْتُمْ مُّسْلِمُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী) নোহোৱালৈকে মৃত্যুবৰণ নকৰিবা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! নিজ প্ৰতিপালকক তেনেকৈয়ে ভয় কৰা, যিদৰে তেওঁক ভয় কৰা উচিত। ইয়াৰ বাবে তোমালোকে তেওঁৰ আদেশসমূহ পালন কৰিব লাগিব আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিব লাগিব, লগতে তেওঁৰ অনুগ্ৰহমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। এতেকে তোমালোকে দ্বীন ইছলামক মৃত্যু নহালৈকে মজবুতভাৱে খামুচি ধৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003102.mp3"},{"index":"103","arabicText":"وَاعْتَصِمُوْا بِحَبْلِ اللّٰهِ جَمِیْعًا وَّلَا تَفَرَّقُوْا ۪ وَاذْكُرُوْا نِعْمَتَ اللّٰهِ عَلَیْكُمْ اِذْ كُنْتُمْ اَعْدَآءً فَاَلَّفَ بَیْنَ قُلُوْبِكُمْ فَاَصْبَحْتُمْ بِنِعْمَتِهٖۤ اِخْوَانًا ۚ وَكُنْتُمْ عَلٰی شَفَا حُفْرَةٍ مِّنَ النَّارِ فَاَنْقَذَكُمْ مِّنْهَا ؕ كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَهْتَدُوْنَ ۟","assameseTranslation":"আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহ’বা; লগতে তোমালোকৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহ স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেৱেঁই তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিছে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গৈছা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা।","footnotes":"","tafseer":"হে মুমিনসকল! কিতাব আৰু ছুন্নতক দৃঢ়ভাৱে খামুচি ধৰা আৰু এনেকুৱা কোনো কাম নকৰিবা যাৰ দ্বাৰা মতভেদ সৃষ্টি হয়। তোমালোকৰ ওপৰত থকা আল্লাহৰ সেই পুৰষ্কাৰসমূহক স্মৰণ কৰা, ইছলাম পূৰ্বে যেতিয়া তোমালোক ইজনে সিজনৰ শত্ৰু আছিলা, সৰু সৰু কথাত পৰস্পৰে যুদ্ধ কৰিছিলা। পিছত তেওঁ ইছলামৰ জৰিয়তে তোমালোকৰ অন্তৰত প্ৰীতি স্থাপন কৰিলে। ফলত তোমালোকে তেওঁৰ কৃপাত পৰস্পৰৰ প্ৰতি দয়ালু আৰু শুভাকাংক্ষী হৈ ধাৰ্মিক ভাই ভাই হৈ গ’লা। অথচ ইতিপূৰ্বে তোমালোকে কুফুৰীৰ কাৰণে জাহান্নামৰ দুৱাৰডলিত থিয় হৈ আছিলা। এতেকে আল্লাহে তোমালোকক ইছলামৰ দ্বাৰা তাৰ পৰা ৰক্ষা কৰিলে আৰু ঈমানৰ পথ দেখুৱালে। যিদৰে আল্লাহে তোমালোকৰ বাবে এইটো বৰ্ণনা কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকৰ বাবে সেই সকলো কথা বৰ্ণনা কৰিছে, যিবোৰ পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কল্যাণকৰ, যাতে তোমালোক সত্পথৰ পথিক হোৱা আৰু ঈমানৰ পথত পৰিচালিত হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003103.mp3"},{"index":"104","arabicText":"وَلْتَكُنْ مِّنْكُمْ اُمَّةٌ یَّدْعُوْنَ اِلَی الْخَیْرِ وَیَاْمُرُوْنَ بِالْمَعْرُوْفِ وَیَنْهَوْنَ عَنِ الْمُنْكَرِ ؕ وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟","assameseTranslation":"আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত, যিসকলে কল্যাণৰ ফালে (মানুহক) আহ্বান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিব; আৰু তেওঁলোকেই হ’ব সাফল্যমণ্ডিত।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকৰ মাজৰ পৰা এনেকুৱা এটা দল হোৱা উচিত, যিসকলে প্ৰত্যেক সেই কল্যাণৰ পিনে মানুহক আহ্বান কৰিব, যিটো আল্লাহে পছন্দ কৰে, আৰু সেই সত্কৰ্মৰ আদেশ দিব যিটো চৰীয়তৰ দ্বাৰা প্ৰমাণিত আৰু যাক মানৱীয় বিবেকে সঠিক বুলি ভাবে। তথা সেই অসত্কৰ্মৰ পৰা মানুহক বিৰত ৰাখিব, যিটোৰ পৰা চৰীয়তে বিৰত ৰাখিছে, আৰু মানৱীয় বিবেকেও যিটোক বেয়া বুলি ভাবে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিয়েই হৈছে পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003104.mp3"},{"index":"105","arabicText":"وَلَا تَكُوْنُوْا كَالَّذِیْنَ تَفَرَّقُوْا وَاخْتَلَفُوْا مِنْ بَعْدِ مَا جَآءَهُمُ الْبَیِّنٰتُ ؕ وَاُولٰٓىِٕكَ لَهُمْ عَذَابٌ عَظِیْمٌ ۟ۙ","assameseTranslation":"তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে স্পষ্ট নিদৰ্শনসমূহ অহাৰ পিছতো (বিভিন্ন দলত) বিভক্ত হৈছে আৰু নিজৰ মাজতেই মতানৈক্য সৃষ্টি কৰিছে; আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে সেইসকল কিতাপধাৰীৰ দৰে হৈ নাযাবা, যিসকলে বিভিন্ন দলত বিভক্ত হৈছিল। সিহঁতে আল্লাহৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণাদি অহাৰ পিছতো মতভেদ সৃষ্টি কৰিছিল। এইসকল লোকৰ বাবেই আল্লাহৰ তৰফৰ পৰা আছে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003105.mp3"},{"index":"106","arabicText":"یَّوْمَ تَبْیَضُّ وُجُوْهٌ وَّتَسْوَدُّ وُجُوْهٌ ۚ فَاَمَّا الَّذِیْنَ اسْوَدَّتْ وُجُوْهُهُمْ ۫ اَكَفَرْتُمْ بَعْدَ اِیْمَانِكُمْ فَذُوْقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ۟","assameseTranslation":"সেইদিনা কিছুমান মুখ উজ্জল হ’ব আৰু কিছুমান মুখমণ্ডল ক'লা পৰিব; যিহঁতৰ মুখ ক'লা পৰিব (সিহঁতক কোৱা হ’ব), ‘তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফুৰী কৰিছিলা নেকি? এতেকে তোমালোকে শাস্তি ভোগ কৰা, যিহেতু তোমালোকে কুফুৰী কৰিছিলা’।","footnotes":"","tafseer":"সিহঁতক এই প্ৰচণ্ড শাস্তি ক্বিয়ামতৰ দিনা বিহা হ’ব, যেতিয়া মুমিনসকলৰ মুখমণ্ডল আনন্দ আৰু সন্তুষ্টিৰে উজ্জ্বলিত হ’ব। আনহাতে কাফিৰসকলৰ মুখমণ্ডল দুখ আৰু শোকত ক’লা হৈ পৰিব। সিহঁতক ধমক দি কোৱা হ’বঃ তোমালোকে আল্লাহৰ তাওহীদক কিয় অস্বীকাৰ কৰিছিলা, আৰু তেওঁৰ সেই অঙ্গীকাৰক কিয় অস্বীকাৰ কৰিছিলা, যিটোত কোৱা হৈছে, অঙ্গীকাৰ সত্য বুলি স্বীকাৰ কৰাৰ পিছত তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা?! এতেকে তোমালোকে এতিয়া সেই শাস্তি উপভোগ কৰা, যিটো আল্লাহে তোমালোকৰ কুফুৰীৰ কাৰণে প্ৰস্তুত কৰি ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003106.mp3"},{"index":"107","arabicText":"وَاَمَّا الَّذِیْنَ ابْیَضَّتْ وُجُوْهُهُمْ فَفِیْ رَحْمَةِ اللّٰهِ ؕ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"আৰু যিসকলৰ মুখ উজ্জল হ’ব তেওঁলোকে আল্লাহৰ অনুগ্ৰহত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ’ব।","footnotes":"","tafseer":"আৰু যিসকলৰ মুখমণ্ডল উজ্জ্বল হ’ব, তেওঁলোকৰ ঠিকনা হ’ব নিয়ামত ভৰা জান্নাত। তেওঁলোকে তাত চিৰকাল থাকিব। তেওঁলোকে এনেকুৱা নিয়ামতৰ মাজত থাকিব, যিবোৰ কেতিয়াও ধ্বংস নহ’ব আৰু কেতিয়াও পৰিবৰ্তন নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003107.mp3"},{"index":"108","arabicText":"تِلْكَ اٰیٰتُ اللّٰهِ نَتْلُوْهَا عَلَیْكَ بِالْحَقِّ ؕ وَمَا اللّٰهُ یُرِیْدُ ظُلْمًا لِّلْعٰلَمِیْنَ ۟","assameseTranslation":"এইবোৰ হৈছে আল্লাহৰ আয়াত (নিদৰ্শন), যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছোঁ; আৰু আল্লাহে সৃষ্টিজগতৰ প্ৰতি অন্যায়-অবিচাৰ কৰিব নিবিচাৰে।","footnotes":"","tafseer":"হে নবী! আমি আপোনাক আল্লাহৰ প্ৰতিশ্ৰুতি তথা সতৰ্কবাণীৰে ভৰা সত্য আৰু ন্যায়ৰ ওপৰত আধাৰিত আয়াতসমূহ পাঠ কৰি শুনাওঁ। জানি থওক! আল্লাহে বিশ্বজগতৰ কাৰো প্ৰতি অন্যায় কৰিব নিবিচাৰে, বৰং যাক শাস্তি বিহা হয়, তাক তাৰ অসত্কৰ্মৰ অনুপাতেই শাস্তি প্ৰদান কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003108.mp3"},{"index":"109","arabicText":"وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟۠","assameseTranslation":"আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহৰ ওচৰতেই সকলো প্ৰত্যাৱৰ্তিত হ’ব।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ, আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ সৃষ্টি আৰু পৰিচালনাৰ দায়িত্বও একমাত্ৰ তেওঁৰেই। প্ৰত্যেক সৃষ্টিৰ সকলো বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰে, অৱশেষত তেওঁ প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিফল দিব, যিটোৰ সিহঁত হকদাৰ (অধিকাৰী)।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003109.mp3"},{"index":"110","arabicText":"كُنْتُمْ خَیْرَ اُمَّةٍ اُخْرِجَتْ لِلنَّاسِ تَاْمُرُوْنَ بِالْمَعْرُوْفِ وَتَنْهَوْنَ عَنِ الْمُنْكَرِ وَتُؤْمِنُوْنَ بِاللّٰهِ ؕ وَلَوْ اٰمَنَ اَهْلُ الْكِتٰبِ لَكَانَ خَیْرًا لَّهُمْ ؕ مِنْهُمُ الْمُؤْمِنُوْنَ وَاَكْثَرُهُمُ الْفٰسِقُوْنَ ۟","assameseTranslation":"তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱজাতিৰ (হিদায়তৰ) বাবে (তোমালোকক) উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা লগতে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিনো আছে; কিন্তু সিহঁতৰ অধিকাংশই হৈছে ফাছিক্ব।","footnotes":"","tafseer":"হে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতীসকল! তোমালোক হৈছা ঈমান আৰু কৰ্মৰ ফালৰ পৰা আটাইতকৈ শ্ৰেষ্ঠ উম্মত, যিসকলক মানৱ জাতিৰ বাবে সৃষ্টি কৰা হৈছে। তোমালোক হৈছা মানৱ জাতিৰ বাবে শুভাকাংক্ষী। তোমালোকে সেই সত্কৰ্মৰ আদেশ দিয়া যিটো চৰীয়তৰ দ্বাৰা প্ৰমাণিত, তথা বিবেকেও যিটোক সঠিক বুলি মানি লয়। লগতে সেইবোৰ অসত্কৰ্মৰ পৰা তোমালোকে নিষেধ কৰা, যিটোৰ পৰা চৰীয়তে নিষেধ কৰিছে, আৰু এনেকুৱা কৰ্মক বিবেকেও অসত্কৰ্ম বুলি গণ্য কৰে। লগতে তোমালোকে আল্লাহৰ প্ৰতি দৃঢ় ঈমান পোষণ কৰা যিটো তোমালোকৰ কৰ্মৰ দ্বাৰা প্ৰমাণিত। কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকলে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰিলেহেঁতেন তেন্তে সিহঁতে পৃথিৱী আৰু আখিৰাতত কল্যাণ লাভ কৰিলেহেঁতেন। কিতাবধাৰীসকলৰ খুউব কম সংখ্যক লোকেই মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা গ্ৰন্থৰ প্ৰতি ঈমান পোষণ কৰে। আনহাতে সিহঁতৰ অধিকাংশ লোকেই আল্লাহৰ দ্বীন আৰু তেওঁৰ চৰীয়তৰ পৰা বহিষ্কৃত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003110.mp3"},{"index":"111","arabicText":"لَنْ یَّضُرُّوْكُمْ اِلَّاۤ اَذًی ؕ وَاِنْ یُّقَاتِلُوْكُمْ یُوَلُّوْكُمُ الْاَدْبَارَ ۫ ثُمَّ لَا یُنْصَرُوْنَ ۟","assameseTranslation":"সামান্য কষ্ট দিয়াৰ বাহিৰে সিহঁতে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰিব তাৰ পিছত সিহঁতক সহায় কৰা নহ’ব।","footnotes":"","tafseer":"হে মুমিনসকল! সিহঁতে যিমানেই শত্ৰুতা পোষণ নকৰক কিয়, তোমালোকক অথবা তোমালোকৰ দ্বীনক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব। সিহঁতে কেৱল মৌখিকভাৱে তোমালোকৰ ধৰ্মৰ ওপৰত দোষাৰোপ কৰি তথা তোমালোকক উপহাস কৰি তোমালোকক কষ্ট দিয়ে। যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৰাজিত হৈ দৌৰি পলাব, আৰু তোমালোকৰ বিৰুদ্ধে সিহঁতক কোনো সহায় কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003111.mp3"},{"index":"112","arabicText":"ضُرِبَتْ عَلَیْهِمُ الذِّلَّةُ اَیْنَ مَا ثُقِفُوْۤا اِلَّا بِحَبْلٍ مِّنَ اللّٰهِ وَحَبْلٍ مِّنَ النَّاسِ وَبَآءُوْ بِغَضَبٍ مِّنَ اللّٰهِ وَضُرِبَتْ عَلَیْهِمُ الْمَسْكَنَةُ ؕ ذٰلِكَ بِاَنَّهُمْ كَانُوْا یَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَیَقْتُلُوْنَ الْاَنْۢبِیَآءَ بِغَیْرِ حَقٍّ ؕ ذٰلِكَ بِمَا عَصَوْا وَّكَانُوْا یَعْتَدُوْنَ ۟ۗ","assameseTranslation":"আল্লাহ আৰু মানুহৰ আশ্ৰয়ৰ বাহিৰে সিহঁতে য’তেই অৱস্থান নকৰক কিয়, তাতেই সিহঁতৰ বাবে লাঞ্ছনা নিৰ্ধাৰণ কৰা হৈছে, সিহঁত আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে লগতে সিহঁতৰ ওপৰত দাৰিদ্ৰতা নিৰ্ধাৰণ কৰি দিয়া হৈছে; এইকাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছিল; লগতে এইকাৰণেও যে, সিহঁত অবাধ্য হৈছিল আৰু সীমালংঘন কৰিছিল।","footnotes":"","tafseer":"ইয়াহূদীসকল য’তেই নাথাকক কিয়, সিহঁতক চাৰিওফালৰ পৰা অপমান আৰু তিৰস্কাৰেৰে পৰিবেষ্টন কৰি ৰখা হৈছে। সিহঁত তেতিয়াই শান্তিত জীৱন নিৰ্বাহ কৰিব পাৰিব, যেতিয়া সিহঁতে অঙ্গীকাৰ পালন কৰিব অথবা আল্লাহৰ আশ্ৰয় পাব নাইবা মানুহৰ আশ্ৰয় পাব। সিহঁতে আল্লাহৰ প্ৰকোপত পৰিছে আৰু সিহঁতৰ ওপৰত আল্লাহে নিৰ্ধনতা আৰু দুৰ্ভীক্ষ জাপি দিছে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছে লগতে এই কাৰণেও যে, সিহঁতে অবাধ্যতা কৰিছিল আৰু আল্লাহে বান্ধি দিয়া সীমা অতিক্ৰম কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003112.mp3"},{"index":"113","arabicText":"لَیْسُوْا سَوَآءً ؕ مِنْ اَهْلِ الْكِتٰبِ اُمَّةٌ قَآىِٕمَةٌ یَّتْلُوْنَ اٰیٰتِ اللّٰهِ اٰنَآءَ الَّیْلِ وَهُمْ یَسْجُدُوْنَ ۟","assameseTranslation":"সিহঁতৰ সকলোৱে সমান নহয়। কিতাবীসকলৰ মাজত অবিচলিত এটা দলো আছে; সিহঁতে ৰাতি আল্লাহৰ আয়াতসমূহ তিলাৱত কৰে আৰু সিহঁতে ছাজদা কৰে।","footnotes":"","tafseer":"সকলো আহলে কিতাবৰ অৱস্থা একে নহয়। সিহঁতৰ মাজৰ এটা দল আল্লাহৰ দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত আছিল, সিহঁতে আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত আছিল। সিহঁতে ৰাতিত নামাজ পঢ়া অৱস্থাত আল্লাহৰ আয়াতসমূহ তিলাৱত কৰিছিল। এই দলটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বে। সিহঁতৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগ পাইছিল তেওঁলোকে ইছলাম গ্ৰহণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003113.mp3"},{"index":"114","arabicText":"یُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَیَاْمُرُوْنَ بِالْمَعْرُوْفِ وَیَنْهَوْنَ عَنِ الْمُنْكَرِ وَیُسَارِعُوْنَ فِی الْخَیْرٰتِ ؕ وَاُولٰٓىِٕكَ مِنَ الصّٰلِحِیْنَ ۟","assameseTranslation":"সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, সৎকৰ্মৰ নিৰ্দেশ দিয়ে অসৎকৰ্মৰ পৰা নিষেধ কৰে, লগতে সিহঁতে কল্যাণকৰ কামত প্ৰতিযোগিতা কৰে; আৰু এওঁলোকেই হৈছে পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"তেওঁলোকে আল্লাহ তথা শেষ দিৱসৰ প্ৰতি মজবুত ঈমান পোষণ কৰিছিল, তেওঁলোকে কল্যাণ তথা সত্কৰ্মৰ আদেশ দিছিল, লগতে বেয়া তথা অসত্কৰ্মৰ পৰা মানুহক বিৰত ৰাখিছিল। তেওঁলোক নেক কামত অগ্ৰগামী আছিল, লগতে তেওঁলোকে নেকী কৰাৰ বিভিন্ন মূহূৰ্তৰ পৰা উপকৃত হৈছিল। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই হৈছে আল্লাহৰ এনেকুৱা বান্দা, যিসকলৰ কৰ্ম আৰু নিয়্যত সঠিক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003114.mp3"},{"index":"115","arabicText":"وَمَا یَفْعَلُوْا مِنْ خَیْرٍ فَلَنْ یُّكْفَرُوْهُ ؕ وَاللّٰهُ عَلِیْمٌۢ بِالْمُتَّقِیْنَ ۟","assameseTranslation":"সিহঁতে যি ভাল কাম কৰিছে, তাৰ পৰা সিহঁতক কেতিয়াও বঞ্চিত কৰা নহ’ব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।","footnotes":"","tafseer":"তেওঁলোকে কম বেছি যি সত্কৰ্মই কৰিছে, তেওঁলোকৰ কোনো পূণ্য অথলে নাযাব আৰু হ্ৰাসো কৰা নহ’ব। আল্লাহে অতি ভালকৈ জানে সেইসকল মুত্তাক্বী ব্যক্তিক, যিসকলে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। তেওঁলোকৰ কোনো আমলেই তেওঁৰ পৰা গোপন নহয়। তেওঁ অনতিপলমে তেওঁলোকক এইবোৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003115.mp3"},{"index":"116","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا لَنْ تُغْنِیَ عَنْهُمْ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ مِّنَ اللّٰهِ شَیْـًٔا ؕ وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে কুফুৰী কৰিছে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, আৰু তাত সিহঁত চিৰকাল থাকিব।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে, সিহঁতৰ ধন-সম্পত্তি আৰু সিহঁতৰ সন্তান-সন্ততিয়ে কেতিয়াও আল্লাহৰ সিদ্ধান্তক প্ৰতিৰোধ কৰিব নোৱাৰে। সিহঁতে তেওঁৰ শাস্তিও দূৰ কৰিব নোৱাৰিব আৰু তেওঁৰ দয়াও আনিব নোৱাৰিব। বৰং সিহঁতৰ শাস্তি আৰু পৰিতাপহে বৃদ্ধি পাব। এইসকল লোকেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003116.mp3"},{"index":"117","arabicText":"مَثَلُ مَا یُنْفِقُوْنَ فِیْ هٰذِهِ الْحَیٰوةِ الدُّنْیَا كَمَثَلِ رِیْحٍ فِیْهَا صِرٌّ اَصَابَتْ حَرْثَ قَوْمٍ ظَلَمُوْۤا اَنْفُسَهُمْ فَاَهْلَكَتْهُ ؕ وَمَا ظَلَمَهُمُ اللّٰهُ وَلٰكِنْ اَنْفُسَهُمْ یَظْلِمُوْنَ ۟","assameseTranslation":"এই পাৰ্থিৱ জীৱনত সিহঁতে যি ব্যয় কৰে তাৰ উদাহৰণ হিম-শীতল বতাহৰ দৰে, যিটোৱে অন্যায়কাৰী সম্প্ৰদায়ৰ শস্য খেতিত আঘাত কৰে; আৰু তাক ধ্বংস কৰি দিয়ে। প্ৰকৃততে আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই, সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে।","footnotes":"","tafseer":"এই কাফিৰসকলে পূণ্যৰ পথত যি ব্যয় কৰে আৰু ইয়াৰ প্ৰতিফলৰ বাবে যি প্ৰতীক্ষা কৰি আছে, তাৰ উদাহৰণ হৈছে, এনেকুৱা শীতল বতাহৰ দৰে, যি বতাহে পাপিষ্ঠ সম্প্ৰদায়ৰ খেতি-বাতিক ধ্বংস কৰে, যদিও সিহঁতে এই খেতিৰ পৰা বহুত কল্যাণ কামনা কৰিছিল। এতেকে যিদৰে বতাহে সিহঁতৰ খেতি-বাতিক ধ্বংস কৰে আৰু তাৰ দ্বাৰা সিহঁতে উপকৃত হ’ব নোৱাৰে, সেইদৰে সিহঁতৰ কুফৰী কৰ্মও সিহঁতৰ সেই সকলো আমল ধ্বংস কৰিব, যিবোৰৰ পৰা সিহঁতে কল্যাণ কামনা কৰে। দৰাচলতে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই, বৰং সিহঁতে কুফুৰ তথা ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰ ওপৰত নিজেই অন্যায় কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003117.mp3"},{"index":"118","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوْا بِطَانَةً مِّنْ دُوْنِكُمْ لَا یَاْلُوْنَكُمْ خَبَالًا ؕ وَدُّوْا مَا عَنِتُّمْ ۚ قَدْ بَدَتِ الْبَغْضَآءُ مِنْ اَفْوَاهِهِمْ ۖۚ وَمَا تُخْفِیْ صُدُوْرُهُمْ اَكْبَرُ ؕ قَدْ بَیَّنَّا لَكُمُ الْاٰیٰتِ اِنْ كُنْتُمْ تَعْقِلُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে নিজৰ বাহিৰে আন (অবিশ্বাসী) কাৰোবাক অন্তৰঙ্গ বন্ধুৰূপে গ্ৰহণ নকৰিবা। সিহঁতে তোমালোকক অনিষ্ট কৰিবলৈ ত্ৰুটি নকৰিব; কাৰণ সিহঁতে তোমালোকৰ মাৰাত্মক ক্ষতিৰ কামনা কৰে। নিশ্চয় সিহঁতৰ মুখৰ পৰা শত্ৰুতা প্ৰকাশ পাইছে আৰু সিহঁতৰ অন্তৰে যিটো গোপন কৰে সেয়া আৰু অধিক ভয়াৱহ। নিশ্চয় তোমালোকৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছোঁ, যদি তোমালোকে অনুধাৱন কৰা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! তোমালোকে মুমিনসকলৰ বাহিৰে আন কাকো নিজৰ অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ নকৰিবা, যাক তোমালোকে নিজৰ ভিতৰোৱা কথা আৰু বিশেষ পৰিস্থিতি সম্পৰ্কে অৱগত কৰা। কিয়নো সিহঁতে তোমালোকৰ পৰিস্থিতি বিনষ্ট কৰাত আৰু ক্ষতি সাধন কৰাত অলপো পলম নকৰিব। সিহঁতৰ কামনা হৈছে তোমালোকে কষ্টত পতিত হোৱা। তোমালোকৰ ধৰ্মৰ ওপৰত দোষাৰোপ কৰি, তোমালোকৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰি আৰু তোমালোকৰ ভিতৰোৱা কথাসমূহ প্ৰকাশ কৰি, সিহঁতে নিজ মুখেৰে শত্ৰুতা আৰু বিদ্বেষ প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও সিহঁতে যি ঘৃণা নিজৰ অন্তৰত গোপন কৰি ৰাখিছে, সেয়া ইয়াতকৈও অধিক ডাঙৰ। হে মুমিনসকল! আমি তোমালোকৰ সন্মুখত স্পষ্ট প্ৰমাণসমূহ বৰ্ণনা কৰিছোঁ, যাৰ মাজত আছে তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ কল্যাণ। যদিহে তোমালোকে তোমালোকৰ প্ৰতি অৱতীৰ্ণ হোৱা তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ বুজি পোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003118.mp3"},{"index":"119","arabicText":"هٰۤاَنْتُمْ اُولَآءِ تُحِبُّوْنَهُمْ وَلَا یُحِبُّوْنَكُمْ وَتُؤْمِنُوْنَ بِالْكِتٰبِ كُلِّهٖ ۚ وَاِذَا لَقُوْكُمْ قَالُوْۤا اٰمَنَّا ۖۗۚ وَاِذَا خَلَوْا عَضُّوْا عَلَیْكُمُ الْاَنَامِلَ مِنَ الْغَیْظِ ؕ قُلْ مُوْتُوْا بِغَیْظِكُمْ ؕ اِنَّ اللّٰهَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟","assameseTranslation":"চোৱা, তোমালোকেই সিহঁতক ভালপোৱা, সিহঁতে কিন্তু তোমালোকক ভাল নাপায়, আনহাতে তোমালোকে সকলো ঐশীগ্ৰন্থক বিশ্বাস কৰা (কিন্তু সিহঁতে তোমালোকৰ গ্ৰন্থক বিশ্বাস নকৰে)। লগতে সিহঁতে যেতিয়া তোমালোকৰ সংস্পৰ্শত আহে তেতিয়া কয়, ‘আমি ঈমান আনিছোঁ’, কিন্তু যেতিয়া অকলশৰীয়াকৈ (পৰস্পৰে) মিলিত হয় তেতিয়া তোমালোকৰ প্ৰতি আক্ৰোশত সিহঁতে নিজৰ আঙুলিৰ অগ্ৰভাগ কামুৰিবলৈ ধৰে। কোৱা, ‘তোমালোকৰ ক্ৰোধত তোমালোকেই মৰা’। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে সিহঁতক মুহাব্বত কৰা আৰু সিহঁতৰ কল্যাণ কামনা কৰা, অথচ সিহঁতে তোমালোকক ভাল নাপায় আৰু তোমালোকৰ কল্যাণো নিবিচাৰে, বৰং বিপৰীতে তোমালোকৰ লগত শত্ৰুতা পোষণ কৰে। তোমালোকে সকলো গ্ৰন্থৰ প্ৰতি বিশ্বাস পোষণ কৰা, যাৰ মাজত সিহঁতৰ গ্ৰন্থও আছে, কিন্তু সিহঁতে সেই গ্ৰন্থৰ প্ৰতি ঈমান পোষণ নকৰে, যিখন আল্লাহে তোমালোকৰ নবীৰ ওপৰত অৱতীৰ্ণ কৰিছে। সিহঁতে যেতিয়া তোমালোকৰ লগত মিলিত হয়, তেতিয়া মৌখিকভাৱে স্বীকাৰ কৰে যে, আমি সত্য মানি লৈছোঁ, কিন্তু যেতিয়া অকলশৰীয়া অৱস্থাত থাকে, তেতিয়া তোমালোকৰ একতা, অখণ্ডতা আৰু ইছলামৰ শক্তি তথা নিজৰ অপমান দেখি ক্ৰোধ আৰু দুখত নিজৰে আঙুলি কামুৰে। হে নবী! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে এই অৱস্থাতেই থাকা, অৱশেষত ক্ৰোধ আৰু দুখৰ ফলতে মৃত্যুবৰণ কৰা। নিশ্চয় আল্লাহে তোমালোকৰ অন্তৰৰ ঈমান আৰু কুফুৰী তথা সৎ আৰু অসৎ সংকল্প সম্পৰ্কে অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003119.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003119.mp3"},{"index":"120","arabicText":"اِنْ تَمْسَسْكُمْ حَسَنَةٌ تَسُؤْهُمْ ؗ وَاِنْ تُصِبْكُمْ سَیِّئَةٌ یَّفْرَحُوْا بِهَا ؕ وَاِنْ تَصْبِرُوْا وَتَتَّقُوْا لَا یَضُرُّكُمْ كَیْدُهُمْ شَیْـًٔا ؕ اِنَّ اللّٰهَ بِمَا یَعْمَلُوْنَ مُحِیْطٌ ۟۠","assameseTranslation":"তোমালোকৰ মঙ্গল হ’লে সিহঁতে কষ্ট অনুভৱ কৰে আৰু তোমালোকৰ অমঙ্গল হ’লে সিহঁতে আনন্দিত হয়। তোমালোকে যদি ধৈৰ্য্যশীল হোৱা আৰু মুত্তাক্বী হোৱা তেন্তে সিহঁতৰ ষড়যন্ত্ৰই তোমালোকক একো ক্ষতি কৰিব নোৱাৰিব। সিহঁতে যি কৰে নিশ্চয় আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে যদি কোনো নিয়ামত প্ৰাপ্ত হোৱা, যেনে- শত্ৰুৰ ওপৰত জয় লাভ অথবা অধিক ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ অধিকাৰী হোৱা, তেন্তে সিহঁতে কষ্ট পায় আৰু চিন্তিত হয়। আনহাতে তোমালোকে কোনো বিপদগ্ৰস্ত হ’লে, যেনে- শত্ৰুসকল জিকিলে অথবা ধন-সম্পত্তি তথা সন্তান-সন্ততিত কোনো ক্ষতি সাধন হ’লে, তেতিয়া সিহঁত আনন্দিত হৈ পৰে। কিন্তু যদি তোমালোকে আল্লাহৰ আদেশ আৰু ভাগ্যৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা আৰু তেওঁৰ ক্ৰোধৰ পৰা বাচি থাকা, তেন্তে সিহঁতৰ ষড়যন্ত্ৰ আৰু কষ্টই তোমালোকক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। নিশ্চয় আল্লাহে সিহঁতৰ চক্ৰান্তক পৰিবেষ্টন কৰি ৰাখিছে আৰু নিশ্চয় তেওঁ সিহঁতক অসফল কৰি পঠাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003120.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003120.mp3"},{"index":"121","arabicText":"وَاِذْ غَدَوْتَ مِنْ اَهْلِكَ تُبَوِّئُ الْمُؤْمِنِیْنَ مَقَاعِدَ لِلْقِتَالِ ؕ وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟ۙ","assameseTranslation":"আৰু স্মৰণ কৰা, (উহুদৰ দিনা) যেতিয়া তুমি পুৱাৰ ভাগত নিজৰ পৰিয়ালৰ পৰা ওলাই গৈ যুদ্ধৰ বাবে মুমিনসকলক ৰণক্ষেত্ৰত বিন্যস্ত কৰিছিলা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে নবী! স্মৰণ কৰক, যেতিয়া আপুনি দিনৰ অগ্ৰভাগতে মদীনাৰ পৰা উহূদলৈ ৰাওনা হৈছিল মুশ্বৰিকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ, য’ত আপুনি মুমিনসকলক যুদ্ধৰ বাবে সাজু কৰি আছিল, প্ৰত্যেককে আপুনি নিজৰ নিজৰ স্থান দেখুৱাই দিছিল। নিশ্চয় আল্লাহে আপোনালোকৰ কথা শ্ৰৱণ কৰে আৰু আপোনালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003121.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003121.mp3"},{"index":"122","arabicText":"اِذْ هَمَّتْ طَّآىِٕفَتٰنِ مِنْكُمْ اَنْ تَفْشَلَا ۙ وَاللّٰهُ وَلِیُّهُمَا ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟","assameseTranslation":"যেতিয়া তোমালোকৰ মাজৰ দুটা দল হতাশ হৈ সাহস হেৰুৱাৰ উপক্ৰম হৈছিল, অথচ আল্লাহ আছিল উভয়ৰে সহায়ক, আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে তাৱাক্কুল (নিৰ্ভৰ) কৰা উচিত।","footnotes":"","tafseer":"হে নবী! স্মৰণ কৰক সেই ঘটনা, যিটো সংঘটিত হৈছিল মুমিনসকলৰ দুটা দল বনী ছালিমা আৰু বনী হাৰিছাৰ ক্ষেত্ৰত, যেতিয়া তেওঁলোকে মুনাফিকসকলক উভতি যোৱা দেখিলে, তেতিয়া তেওঁলোকে নিজৰ মাজত দুৰ্বলতা অনুভৱ কৰি উভতি অহাৰ সিদ্ধান্ত লৈছিল, অথচ আল্লাহেই হৈছে সহায়কাৰী। ইয়াৰ পিছত আল্লাহেই তেওঁলোকক যুদ্ধত দৃঢ়তা প্ৰদান কৰিছিল তথা তেওঁলোকক এই সিদ্ধান্তৰ পৰা আঁতৰাই আনি সহায় কৰিছিল। সেয়ে মুমিনসকলে নিজৰ সকলো পৰিস্থিতিতে আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003122.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003122.mp3"},{"index":"123","arabicText":"وَلَقَدْ نَصَرَكُمُ اللّٰهُ بِبَدْرٍ وَّاَنْتُمْ اَذِلَّةٌ ۚ فَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় বদৰৰ যুদ্ধত আল্লাহে তোমালোকক সহায় কৰিছল, সেই সময়ত তোমালোক অতি দুৰ্বল আছিলা। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে বদৰৰ যুদ্ধত মুশ্বৰিকসকলৰ বিৰুদ্ধে তোমালোকক সহায় কৰিছিল, যেতিয়া তোমালোক সংখ্যাত আৰু অস্ত্ৰবলৰ ক্ষেত্ৰত একেবাৰে দুৰ্বল আছিলা। এতেকে আল্লাহক ভয় কৰা, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003123.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003123.mp3"},{"index":"124","arabicText":"اِذْ تَقُوْلُ لِلْمُؤْمِنِیْنَ اَلَنْ یَّكْفِیَكُمْ اَنْ یُّمِدَّكُمْ رَبُّكُمْ بِثَلٰثَةِ اٰلٰفٍ مِّنَ الْمَلٰٓىِٕكَةِ مُنْزَلِیْنَ ۟ؕ","assameseTranslation":"স্মৰণ কৰা, যেতিয়া তুমি মুমিনসকলক কৈছিলা, ‘এইটো তোমালোকৰ বাবে যথেষ্ট নহয় নেকি যে, তোমালোকৰ প্ৰতিপালকে তিনি হেজাৰ ফিৰিস্তা অৱতীৰ্ণ কৰি তোমালোকক সহযোগিতা কৰিব’?","footnotes":"","tafseer":"হে নবী! স্মৰণ কৰক, যেতিয়া মুমিনসকলে বদৰৰ যুদ্ধত মুশ্বৰিকসকলৰ সহায়ৰ খবৰ পালে, তেতিয়া মই তেওঁলোকক সাহস প্ৰদান কৰি কৈছিলোঁঃ এইটো তোমালোকৰ বাবে যথেষ্ট নহয়নে যে, আল্লাহে তোমালোকক আকাশৰ পৰা অৱতীৰ্ণ তিনি হাজাৰ ফিৰিস্তাৰ জৰিয়তে সহায় কৰিব, যাতে তোমালোকে যুদ্ধত অটল থাকিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003124.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003124.mp3"},{"index":"125","arabicText":"بَلٰۤی ۙ اِنْ تَصْبِرُوْا وَتَتَّقُوْا وَیَاْتُوْكُمْ مِّنْ فَوْرِهِمْ هٰذَا یُمْدِدْكُمْ رَبُّكُمْ بِخَمْسَةِ اٰلٰفٍ مِّنَ الْمَلٰٓىِٕكَةِ مُسَوِّمِیْنَ ۟","assameseTranslation":"হয়, নিশ্চয়, যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, তেন্তে সিহঁতে দ্ৰুত গতিত তোমালোকৰ ওপৰত আক্ৰমণ কৰিলে তোমালোকৰ প্ৰতিপালকে পাঁচ হেজাৰ (বিশেষৰূপে) চিহ্নিত ফিৰিস্তা প্ৰদান কৰি তোমালোকক সহায় কৰিব।","footnotes":"","tafseer":"কিয় নহ’ব, নিশ্চয় এয়া তোমালোকৰ বাবে যথেষ্ট। ইয়াৰ বাহিৰেও তোমালোকৰ বাবে আৰু এটা শুভ সংবাদ আছে, যদি তোমালোকে যুদ্ধত ধৈৰ্য্য ধাৰণ কৰা আৰু আল্লাহক ভয় কৰা, পক্ষান্তৰে তোমালোকৰ শত্ৰুৱে যদি জৰুৰীকালীন সহায় প্ৰাপ্ত হয় আৰু সিহঁতে তোমালোকৰ ওপৰত আক্ৰমণ কৰে, যদি তোমালোক এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা তেন্তে তোমালোকৰ প্ৰতিপালকে তোমালোকক এনেকুৱা পাঁচ হাজাৰ ফিৰিস্তাৰ জৰিয়তে সহায় কৰিব, যিসকল প্ৰশিক্ষণপ্ৰাপ্ত আৰু তেওঁলোকৰ ঘোড়াৰ থাকিব স্পষ্ট চিহ্ন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003125.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003125.mp3"},{"index":"126","arabicText":"وَمَا جَعَلَهُ اللّٰهُ اِلَّا بُشْرٰی لَكُمْ وَلِتَطْمَىِٕنَّ قُلُوْبُكُمْ بِهٖ ؕ وَمَا النَّصْرُ اِلَّا مِنْ عِنْدِ اللّٰهِ الْعَزِیْزِ الْحَكِیْمِ ۟ۙ","assameseTranslation":"আৰু আল্লাহে (এই সহায়ক) তোমালোকৰ বাবে সুসংবাদ বনাইছে, যাতে ইয়াৰ দ্বাৰা তোমালোকৰ অন্তৰে প্ৰশান্তি লাভ কৰে; কিয়নো সহায় কেৱল পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰাহে আহে।","footnotes":"","tafseer":"আৰু ফিৰিস্তাসকলৰ দ্বাৰা এই সহায়ক আল্লাহে কেৱল তোমালোকৰ বাবে এটা শুভসংবাদহে বনাই দিছিল, যাতে তোমালোকৰ অন্তৰ সন্তুষ্ট হয়। অন্যথা প্ৰকৃত সহায় কেৱল প্ৰকাশ্য উপকৰণৰ মাজতে সীমাবদ্ধ নহয়, বৰং প্ৰকৃত সহায় সেই মহাপৰাক্ৰমশালী আল্লাহৰ পৰা আহে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে, যিজন পৰিচালনা আৰু বিধান প্ৰস্তুত কৰাত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003126.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003126.mp3"},{"index":"127","arabicText":"لِیَقْطَعَ طَرَفًا مِّنَ الَّذِیْنَ كَفَرُوْۤا اَوْ یَكْبِتَهُمْ فَیَنْقَلِبُوْا خَآىِٕبِیْنَ ۟","assameseTranslation":"যাতে তেওঁ কাফিৰসকলৰ এটা অংশক ধ্বংস কৰিব পাৰে অথবা লাঞ্ছিত কৰিব পাৰে; ফলত যাতে সিহঁতে নিৰাশ হৈ উভতি যায়।","footnotes":"","tafseer":"বদৰৰ যুদ্ধত তোমালোকে যি সহায় পাইছিলা, ইয়াৰ দ্বাৰা আল্লাহৰ উদ্দেশ্য আছিল কাফিৰসকলৰ এটা দলক হত্যা কৰি নিঃশেষ কৰা, আৰু আনটো দলক অপমানিত কৰা তথা সিহঁতৰ পৰাজয়ত সিহঁতক ক্ৰোধান্বিত কৰা, তাৰ পিছত যাতে সিহঁতে অপমানিত হৈ আৰু অসফল হৈ উভতি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003127.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003127.mp3"},{"index":"128","arabicText":"لَیْسَ لَكَ مِنَ الْاَمْرِ شَیْءٌ اَوْ یَتُوْبَ عَلَیْهِمْ اَوْ یُعَذِّبَهُمْ فَاِنَّهُمْ ظٰلِمُوْنَ ۟","assameseTranslation":"তেওঁ সিহঁতৰ তাওবা কবুল কৰে নে সিহঁতক শাস্তি দিয়ে- এই বিষয়ে তোমাৰ কোনো অধিকাৰ নাই; কাৰণ সিহঁত হৈছে যালিম।","footnotes":"","tafseer":"যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উহুদৰ ময়দানত মুশ্বৰিকসকলৰ অত্যাচাৰ সহ্য কৰাৰ পিছত, সিহঁতৰ ধ্বংস কামনা কৰি বদ্দুআ কৰিলে, তেতিয়া আল্লাহে ক’লেঃ সিহঁতৰ বিষয়টো আপোনাৰ হাতত নহয়, বৰং বিষয়টো আল্লাহৰ হাতত। এতেকে আপুনি ধৈৰ্য্য ধাৰণ কৰক, যেতিয়ালৈকে আল্লাহে আপোনালোকৰ মাজত কোনো সিদ্ধান্ত নলয়। অথবা সিহঁতক ইছলাম গ্ৰহণ কৰিবলৈ তাওবাৰ তাওফীক নিদিয়ে, নাইবা সিহঁতে কুফৰৰ শাস্তি ভোগ নকৰালৈকে। কাৰণ সিহঁত অন্যায়কাৰী, সেয়ে সিহঁত শাস্তি ভোগ কৰাৰ যোগ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003128.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003128.mp3"},{"index":"129","arabicText":"وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ یَغْفِرُ لِمَنْ یَّشَآءُ وَیُعَذِّبُ مَنْ یَّشَآءُ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟۠","assameseTranslation":"আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে শাস্তি বিহে; (জানি থোৱা) আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। তেৱেঁই সেই সকলোবোৰক সৃষ্টি কৰিছে আৰু তেৱেঁই পৰিচালনা কৰে। তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে, নিজৰ দয়া আৰু অনুগ্ৰহেৰে ক্ষমা কৰি দিয়ে। আনহাতে যাক ইচ্ছা কৰে ন্যায় অনুসাৰে শাস্তি প্ৰদান কৰে। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে, আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003129.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003129.mp3"},{"index":"130","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَاْكُلُوا الرِّبٰۤوا اَضْعَافًا مُّضٰعَفَةً ۪ وَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟ۚ","assameseTranslation":"হে মুমিনসকল! তোমালোকে চক্ৰ বৃদ্ধি হাৰত সুত নাখাবা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! নিজৰ মূল ধনৰ ওপৰত চক্ৰবৃদ্ধি হাৰত সুত লোৱাৰ পৰা বিৰত থাকা। যিদৰে অজ্ঞতা যুগৰ লোকসকলে লৈছিল। আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। যাতে পৃথিৱী আৰু আখিৰাতত যিটো কল্যাণ তোমালোকে বিচৰা, সেইটো অৰ্জন কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003130.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003130.mp3"},{"index":"131","arabicText":"وَاتَّقُوا النَّارَ الَّتِیْۤ اُعِدَّتْ لِلْكٰفِرِیْنَ ۟ۚ","assameseTranslation":"আৰু তোমালোকে সেই জুইক ভয় কৰা যিটো কাফিৰসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।","footnotes":"","tafseer":"আৰু তোমালোকে নিজকে সেই অগ্নিৰ পৰা ৰক্ষা কৰাৰ পথ অৱলম্বন কৰা, যিটো আল্লাহে কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। এইটো কেৱল নেক আমলৰ জৰিয়তে আৰু হাৰাম বস্তু পৰিত্যাগ কৰাৰ জৰিয়তেহে সম্ভৱ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003131.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003131.mp3"},{"index":"132","arabicText":"وَاَطِیْعُوا اللّٰهَ وَالرَّسُوْلَ لَعَلَّكُمْ تُرْحَمُوْنَ ۟ۚ","assameseTranslation":"লগতে তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা যাতে তোমালোকে কৃপা লাভ কৰিব পাৰা।","footnotes":"","tafseer":"তোমালোকে আদেশ পালন কৰি আৰু নিষেধকৃত বস্তুসমূহ পৰিত্যাগ কৰি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। যাতে তোমালোকে পৃথিৱী আৰু আখিৰাতত ৰহমতপ্ৰাপ্ত হ’ব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003132.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003132.mp3"},{"index":"133","arabicText":"وَسَارِعُوْۤا اِلٰی مَغْفِرَةٍ مِّنْ رَّبِّكُمْ وَجَنَّةٍ عَرْضُهَا السَّمٰوٰتُ وَالْاَرْضُ ۙ اُعِدَّتْ لِلْمُتَّقِیْنَ ۟ۙ","assameseTranslation":"আৰু তোমালোকে দ্ৰুত অগ্ৰসৰ হোৱা নিজ প্ৰতিপালকৰ ক্ষমাৰ পিনে আৰু সেই জান্নাতৰ পিনে যাৰ পৰিধি আকাশসমূহ আৰু পৃথিৱীৰ সমান, যিটো প্ৰস্তুত কৰা হৈছে মুত্তাক্বীসকলৰ বাবে।","footnotes":"","tafseer":"তোমালোকে সত্কৰ্মৰ জৰিয়তে আৰু বিভিন্ন প্ৰকাৰৰ পূণ্যৱান কামৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰিবলৈ ক্ষীপ্ৰতাৰে আগুৱাই যোৱা, যাতে তোমালোকে আল্লাহৰ মহা ক্ষমা প্ৰাপ্ত হোৱা আৰু এনেকুৱা জান্নাতত প্ৰৱেশ কৰিব পাৰা, যাৰ প্ৰশস্ততা আকাশমণ্ডল আৰু পৃথিৱীৰ সমান। সেইখনক আল্লাহে তেওঁৰ মুত্তাক্বী বান্দাসকলৰ বাবে তৈয়াৰ কৰি ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003133.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003133.mp3"},{"index":"134","arabicText":"الَّذِیْنَ یُنْفِقُوْنَ فِی السَّرَّآءِ وَالضَّرَّآءِ وَالْكٰظِمِیْنَ الْغَیْظَ وَالْعَافِیْنَ عَنِ النَّاسِ ؕ وَاللّٰهُ یُحِبُّ الْمُحْسِنِیْنَ ۟ۚ","assameseTranslation":"যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত দান কৰে, আৰু ক্ৰোধ সংবৰণ কৰে তথা মানুহক ক্ষমা কৰে; আল্লাহে (সেই) সৎকৰ্মশীল লোকসকলক ভাল পায়;","footnotes":"","tafseer":"মুত্তাক্বী হৈছে সেইসকল লোক, যিসকলে সুবিধা আৰু অসুবিধা সকলো পৰিস্থিতিতেই নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে, তথা প্ৰতিশোধ লোৱাৰ সামৰ্থ থকা সত্বেও তেওঁলোকে প্ৰতিশোধ নলয়, আৰু অন্যায়কাৰী সকলক ক্ষমা কৰি দিয়ে। আল্লাহে এনেকুৱা চৰিত্ৰৰ নেক লোকসকলক পছন্দ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003134.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003134.mp3"},{"index":"135","arabicText":"وَالَّذِیْنَ اِذَا فَعَلُوْا فَاحِشَةً اَوْ ظَلَمُوْۤا اَنْفُسَهُمْ ذَكَرُوا اللّٰهَ فَاسْتَغْفَرُوْا لِذُنُوْبِهِمْ ۪ وَمَنْ یَّغْفِرُ الذُّنُوْبَ اِلَّا اللّٰهُ ۪۫ وَلَمْ یُصِرُّوْا عَلٰی مَا فَعَلُوْا وَهُمْ یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। আল্লাহৰ বাহিৰে আন কোনেনো পাপ ক্ষমা কৰিব? আৰু তেওঁলোকে যিটো (গুনাহ) কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে।","footnotes":"","tafseer":"এইসকল লোকেই যেতিয়া কোনো ডাঙৰ গুনাহ কৰি পেলায় অথবা কোনো সৰু গুনাহ কৰি নিজৰ ছোৱাব হ্ৰাস কৰে, তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে তথা মুত্তাক্বীসকলৰ বাবে দিয়া আল্লাহৰ প্ৰতিশ্ৰুতি আৰু পাপিষ্ঠসকলৰ বাবে দিয়া আল্লাহৰ সতৰ্কবাণী স্মৰণ কৰে। লগতে তেওঁলোকে নিজ প্ৰতিপালকৰ সন্মুখত লজ্জিত হৈ গুনাহসমূহ গোপন কৰিবলৈ আৰু শাস্তি নিদিবলৈ প্ৰাৰ্থনা কৰে। কিয়নো আল্লাহৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা কৰিব নোৱাৰে। লগতে তেওঁলোকৰ আন এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁলোকে গুনাহ কৰাৰ পিছত গুনাহৰ ওপৰত অটল নাথাকে। নিশ্চয় আল্লাহে সকলো গুনাহ ক্ষমা কৰি দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003135.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003135.mp3"},{"index":"136","arabicText":"اُولٰٓىِٕكَ جَزَآؤُهُمْ مَّغْفِرَةٌ مِّنْ رَّبِّهِمْ وَجَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ وَنِعْمَ اَجْرُ الْعٰمِلِیْنَ ۟ؕ","assameseTranslation":"এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ পুৰস্কাৰ হৈছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা আৰু জান্নাত, যাৰ তলদেশত নদী প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব; আৰু সৎকৰ্মশীল লোকৰ পুৰস্কাৰ কিমান যে উত্তম!","footnotes":"","tafseer":"এইবোৰ ভাল বৈশিষ্ট্য আৰু উত্তম অভ্যাসৰ অধিকাৰী ব্যক্তিসকলৰ প্ৰতিদান হৈছে এই যে, আল্লাহে তেওঁলোকৰ গুনাহসমূহ গোপন কৰিব আৰু তেওঁলোকক ক্ষমা কৰি দিব। তেওঁলোকৰ বাবে আখিৰাতত থাকিব এনেকুৱা জান্নাত, যাৰ অট্টালিকাৰ তলেদি নিজৰা প্ৰবাহিত হ’ব। তেওঁলোকে তাত চিৰস্থায়ী হ’ব। আল্লাহৰ আনুগত্যকাৰী সকলৰ বাবে এইটো কিমান যে উত্তম প্ৰতিদান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003136.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003136.mp3"},{"index":"137","arabicText":"قَدْ خَلَتْ مِنْ قَبْلِكُمْ سُنَنٌ ۙ فَسِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِیْنَ ۟","assameseTranslation":"নিশ্চয় তোমালোকৰ পূৰ্বে বহু (জাতিৰ) ৰীতি-নীতি অতীত হৈ গৈছে, সেয়ে তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা মিছলীয়াসকলৰ কি পৰিণাম হৈছিল।","footnotes":"","tafseer":"উহুদৰ দিনা মুমিনসকলক বিপদত পেলাই পৰীক্ষা কৰা হৈছিল। সেয়ে আল্লাহে তেওঁলোকক সান্ত্বনা প্ৰদান কৰি কৈছেঃ তোমালোকৰ পূৰ্বেও কাফিৰসকলক বিনাশ কৰিবলৈ তথা মুমিনসকলক পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ পৰিণাম মঙ্গলময় কৰাৰ কেইবাটাও ঐশী উদাহৰণ পূৰ্বেই অতিবাহিত হৈছে। এতেকে তোমালোকে পৃথিৱীত বিচৰণ কৰা আৰু শিক্ষা লোৱাৰ উদ্দেশ্যে ভ্ৰমণ কৰি চোৱাচোন, আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা ব্যক্তিসকলৰ পৰিণাম কি হৈছিল। সিহঁতৰ ঘৰ দুৱাৰ জনশূন্য হৈ পৰিছিল আৰু সিহঁতৰ সাম্ৰাজ্য ধ্বংস হৈ সমাপ্ত হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003137.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003137.mp3"},{"index":"138","arabicText":"هٰذَا بَیَانٌ لِّلنَّاسِ وَهُدًی وَّمَوْعِظَةٌ لِّلْمُتَّقِیْنَ ۟","assameseTranslation":"এইবোৰ হৈছে মানুহৰ বাবে স্পষ্ট বৰ্ণনা আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।","footnotes":"","tafseer":"এই কোৰআনে সত্য বৰ্ণনা কৰে তথা গোটেই মানৱ জাতিক অসত্যৰ পৰা সতৰ্ক কৰে। লগতে এইখন হৈছে হিদায়তৰ পথপ্ৰদৰ্শক তথা মুত্তাক্বীসকলৰ বাবে সতৰ্কবাণী। কাৰণ এওঁলোকেই ইয়াৰ পথপ্ৰদৰ্শন আৰু হিদায়তৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003138.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003138.mp3"},{"index":"139","arabicText":"وَلَا تَهِنُوْا وَلَا تَحْزَنُوْا وَاَنْتُمُ الْاَعْلَوْنَ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟","assameseTranslation":"তোমালোকে দুৰ্বল নহ’বা আৰু চিন্তিতও নহ’বা; তোমালোকেই বিজয়ী হ’বা, যদি তোমালোকে মুমিন হোৱা।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে দুৰ্বল নহ’বা আৰু উহুদৰ ময়দানত পোৱা কষ্টৰ প্ৰতি দুখ নকৰিবা। এয়া তোমালোকৰ বাবে উচিতো নহয়। তোমালোকেই সৰ্বোচ্চ মৰ্যাদাৰ অধিকাৰী, কিয়নো তোমালোক মুমিন। আল্লাহৰ সহায় আৰু তেওঁৰ সহযোগিতা কামনা কৰাৰ কাৰণে তোমালোকেই সৰ্বোচ্চ। যদি তোমালোকে আল্লাহৰ সেই প্ৰতিশ্ৰুতিক বিশ্বাস কৰা, যিটো তেওঁ মুত্তাক্বী বান্দাসকলৰ সৈতে কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003139.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003139.mp3"},{"index":"140","arabicText":"اِنْ یَّمْسَسْكُمْ قَرْحٌ فَقَدْ مَسَّ الْقَوْمَ قَرْحٌ مِّثْلُهٗ ؕ وَتِلْكَ الْاَیَّامُ نُدَاوِلُهَا بَیْنَ النَّاسِ ۚ وَلِیَعْلَمَ اللّٰهُ الَّذِیْنَ اٰمَنُوْا وَیَتَّخِذَ مِنْكُمْ شُهَدَآءَ ؕ وَاللّٰهُ لَا یُحِبُّ الظّٰلِمِیْنَ ۟ۙ","assameseTranslation":"(উহুদ যুদ্ধত) যদি তোমালোকে আঘাত পাইছা তেন্তে সিহঁতেও (বদৰৰ যুদ্ধত) তেনেই আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দিনবোৰৰ আৱৰ্তন ঘটাই থাকোঁ, যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদৰূপে গ্ৰহণ কৰিব পাৰে; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"হে মুমিনসকল! যদি তোমালোকে আঘাত প্ৰাপ্ত হৈছা আৰু তোমালোকৰ মাজৰ কিছুমানে শ্বাহাদত বৰণ কৰিছে তেন্তে সেইদৰে কাফিৰসকলেও আঘাত প্ৰাপ্ত হৈছে আৰু সিহঁতৰো কিছুমান নিহত হৈছে। আল্লাহে দিনবোৰক মুমিন আৰু কাফিৰসকলৰ মাজত যিদৰে ইচ্ছা কৰে বিজয় আৰু পৰাজয়ত পৰিবৰ্তন কৰি থাকে। ইয়াৰ অন্তৰালত আছে কেইবাটাও হিকমত, তাৰে এটা হৈছে, মুমিনসকলে যাতে মুনাফিকসকলৰ বাস্তৱতা গম পায়। আন এটা হিকমত হৈছে এই যে, আল্লাহে যাক ইচ্ছা কৰে তেওঁৰ পথত শ্বাহাদত নচীব কৰে। আল্লাহৰ পথৰ জিহাদ পৰিত্যাগ কৰি নিজৰ ওপৰত অন্যায় কৰা ব্যক্তিক আল্লাহে কেতিয়াও পছন্দ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003140.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003140.mp3"},{"index":"141","arabicText":"وَلِیُمَحِّصَ اللّٰهُ الَّذِیْنَ اٰمَنُوْا وَیَمْحَقَ الْكٰفِرِیْنَ ۟","assameseTranslation":"লগতে যাতে আল্লাহে মুমিনসকলক পৰিশুদ্ধ কৰিব পাৰে আৰু কাফিৰসকলক নিশ্চিহ্ন কৰিব পাৰে।","footnotes":"","tafseer":"আন এটা হিকমত হৈছে এই যে, মুমিনসকলক গুনাহৰ পৰা পৱিত্ৰ কৰা আৰু মুমিনসকলৰ শাৰীক মুনাফিকৰ পৰা মুক্ত কৰা। যাতে আল্লাহে কাফিৰসকলক ধ্বংস কৰে আৰু সিহঁতক পৃথিৱীৰ পৰা মচি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003141.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003141.mp3"},{"index":"142","arabicText":"اَمْ حَسِبْتُمْ اَنْ تَدْخُلُوا الْجَنَّةَ وَلَمَّا یَعْلَمِ اللّٰهُ الَّذِیْنَ جٰهَدُوْا مِنْكُمْ وَیَعْلَمَ الصّٰبِرِیْنَ ۟","assameseTranslation":"তোমালোকে ভবা নেকি যে, তোমালোকে (এনেই) জান্নাতত প্ৰৱেশ কৰিবা অথচ আল্লাহে এতিয়াও তোমালোকৰ মাজৰ কোনে জিহাদ কৰিছে আৰু কোন ধৈৰ্য্যশীল সেয়া প্ৰকাশ কৰা নাই?","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে ভাবিছা নেকি যে, কোনো পৰীক্ষাৰ সন্মুখীন নোহোৱাকৈয়ে এনেই জান্নাতত প্ৰৱেশ কৰিবা, আল্লাহৰ পথত আন্তৰিকতাৰে জিহাদকাৰী সকলৰ দৰে ধৈৰ্য্য ধাৰণ নকৰাকৈ আৰু এই পথত অহা বিপদ-আপদত ধৈৰ্য্য ধাৰণকাৰী সকলৰ দৰে ধৈৰ্য্য ধাৰণ নকৰাকৈ?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003142.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003142.mp3"},{"index":"143","arabicText":"وَلَقَدْ كُنْتُمْ تَمَنَّوْنَ الْمَوْتَ مِنْ قَبْلِ اَنْ تَلْقَوْهُ ۪ فَقَدْ رَاَیْتُمُوْهُ وَاَنْتُمْ تَنْظُرُوْنَ ۟۠","assameseTranslation":"নিশ্চয় তোমালোকে মৃত্যুৰ সন্মুখীন হোৱাৰ আগত সেয়া (মৃত্যু) কামনা কৰিছিলা, এতেকে এতিয়াতো তোমালোকে নিজ চকুৰে তাক প্ৰত্যক্ষ কৰিলা।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে দেখোন মৃত্যু আৰু ইয়াৰ কঠিন মূহূৰ্তৰ সন্মুখীন হোৱাৰ পূৰ্বে কাফিৰসকলৰ বিপক্ষে মুখামখী হোৱাৰ কামনা কৰিছিলা, যাতে তোমালোকেও নিজৰ সেই ভাতৃসকলৰ দৰে আল্লাহৰ পথত শ্বহীদ হোৱাৰ সৌভাগ্য লাভ কৰিব পাৰা, যিসকলে বদৰৰ যুদ্ধত শ্বহীদ হৈছিল। চোৱা, এতিয়া তোমালোকে উহুদৰ ময়দানত সেই দৃশ্য নিজ চকুৰে দেখিলা, যিটো তোমালোকে কামনা কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003143.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003143.mp3"},{"index":"144","arabicText":"وَمَا مُحَمَّدٌ اِلَّا رَسُوْلٌ ۚ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ؕ اَفَاۡىِٕنْ مَّاتَ اَوْ قُتِلَ انْقَلَبْتُمْ عَلٰۤی اَعْقَابِكُمْ ؕ وَمَنْ یَّنْقَلِبْ عَلٰی عَقِبَیْهِ فَلَنْ یَّضُرَّ اللّٰهَ شَیْـًٔا ؕ وَسَیَجْزِی اللّٰهُ الشّٰكِرِیْنَ ۟","assameseTranslation":"আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? প্ৰকৃততে যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰস্কৃত কৰিব।","footnotes":"","tafseer":"আৰু মুহাম্মদো আল্লাহৰ অন্য ৰাছুলৰ দৰেই এজন ৰাছুল, যিসকলে ইতিপূৰ্বে মৃত্যু বৰণ কৰিছে অথবা হত্যা কৰা হৈছে। যদি এওঁ মৃত্যুবৰণ কৰে অথবা এওঁক হত্যা কৰা হয় তেন্তে তোমালোকে ইছলামৰ পৰা আঁতৰি যাবা নেকি, আৰু জিহাদ এৰি দিবা নেকি? শুনা! তোমালোকৰ মাজৰ যিয়ে দ্বীন ত্যাগ কৰিব, ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহয়। কিয়নো তেওঁ মহান পৰাক্ৰমশালী। ধৰ্ম পৰিত্যাগকাৰী ব্যক্তিয়ে নিজৰেই ক্ষতি সাধন কৰিব, ফলত সি পৃথিৱী আৰু আখিৰাত উভয়তে ক্ষতিগ্ৰস্ত হ’ব। আল্লাহে কৃতজ্ঞতা জ্ঞাপনকাৰী সকলক তেওঁৰ দ্বীনৰ ওপৰত অটল ৰাখি আৰু তেওঁৰ পথত জিহাদ কৰাৰ তাওফীক প্ৰদান কৰি আটাইতকৈ উত্তম প্ৰতিদান দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003144.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003144.mp3"},{"index":"145","arabicText":"وَمَا كَانَ لِنَفْسٍ اَنْ تَمُوْتَ اِلَّا بِاِذْنِ اللّٰهِ كِتٰبًا مُّؤَجَّلًا ؕ وَمَنْ یُّرِدْ ثَوَابَ الدُّنْیَا نُؤْتِهٖ مِنْهَا ۚ وَمَنْ یُّرِدْ ثَوَابَ الْاٰخِرَةِ نُؤْتِهٖ مِنْهَا ؕ وَسَنَجْزِی الشّٰكِرِیْنَ ۟","assameseTranslation":"আল্লাহৰ অনুমতি অবিহনে কাৰো মৃত্যু হ’ব নোৱাৰে, যিহেতু এয়া সুনিৰ্দিষ্টভাৱে লিখিত আছে। যিয়ে পাৰ্থিৱ পুৰস্কাৰ বিচাৰে আমি তাক ইয়াৰ পৰা প্ৰদান কৰোঁ আৰু যিয়ে আখিৰাতৰ পুৰস্কাৰ বিচাৰে আমি তাক তাৰ পৰাই প্ৰদান কৰোঁ, আৰু অনতিপলমে আমি কৃতজ্ঞসকলক পুৰস্কৃত কৰিম।","footnotes":"","tafseer":"আল্লাহৰ ফয়চালা অবিহনে কোনো প্ৰাণীয়েই মৃত্যু বৰণ কৰিব নোৱাৰে। প্ৰতিটো প্ৰাণী তেতিয়াই মৃত্যুবৰণ কৰে যেতিয়া তাৰ নিৰ্ধাৰিত সময় সমাপ্ত হয়। সেই সময়তকৈ আগুৱাইয়ো যাব নোৱাৰে আৰু পিছুৱাবও নোৱাৰে। যিয়ে নিজৰ আমলৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ ফলাফল বিচাৰে, আমি তাক তাৰ ভাগ্যত লিখা অনুসাৰে প্ৰদান কৰোঁ, কিন্তু আখিৰাতত সি কোনো অংশ নাপাব। আনহাতে যিয়ে নিজৰ আমলৰ বিনিময়ত আখিৰাতৰ প্ৰতিদান বিচাৰে, নিশ্চয় আমি তাক তাৰ প্ৰতিদান প্ৰদান কৰিম। শীঘ্ৰেই আমি তেওঁলোকক মহাপ্ৰতিদান প্ৰদান কৰিম, যিসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003145.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003145.mp3"},{"index":"146","arabicText":"وَكَاَیِّنْ مِّنْ نَّبِیٍّ قٰتَلَ ۙ مَعَهٗ رِبِّیُّوْنَ كَثِیْرٌ ۚ فَمَا وَهَنُوْا لِمَاۤ اَصَابَهُمْ فِیْ سَبِیْلِ اللّٰهِ وَمَا ضَعُفُوْا وَمَا اسْتَكَانُوْا ؕ وَاللّٰهُ یُحِبُّ الصّٰبِرِیْنَ ۟","assameseTranslation":"আৰু এনেকুৱা বহুতো নবী আছিল, যিসকলৰ লগত থাকি বহু সংখ্যক (ঈমান আৰু আমলে ছলেহৰ ওপৰত প্ৰশিক্ষণপ্ৰাপ্ত) লোকে যুদ্ধ কৰিছে। আল্লাহৰ পথত তেওঁলোকৰ যি বিপৰ্যয় ঘটিছিল তাত তেওঁলোকে মনোবল হেৰুৱা নাছিল, দুৰ্বলও হোৱা নাছিল আৰু নত হোৱাও নাছিল; প্ৰকৃততে আল্লাহ ধৈৰ্য্যশীলসকলক ভাল পায়।","footnotes":"","tafseer":"আল্লাহৰ নবীসকলৰ মাজৰ এনেকুৱা বহুতো নবী অতিবাহিত হৈছে, যিসকলৰ সৈতে মিলি তেওঁলোকৰ অনুসাৰীসকলৰ ডাঙৰ ডাঙৰ দলে যুদ্ধ কৰিছিল। তেওঁলোকে আল্লাহৰ পথত হোৱা হত্যা আৰু আঘাতক ভয় কৰি যুদ্ধত সাহস হেৰুৱা নাছিল আৰু শত্ৰুৰ সৈতে যুদ্ধ কৰাৰ ক্ষেত্ৰত দুৰ্বলো হোৱা নাছিল, লগতে সিহঁতৰ সন্মুখত নতজানুও হোৱা নাছিল। বৰং তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল আৰু অটল আছিল। নিশ্চয় আল্লাহে সেইসকল লোকক পছন্দ কৰে, যিসকলে তেওঁৰ পথত সন্মুখীন হোৱা কঠিন অৱস্থাত ধৈৰ্য্য ধাৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003146.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003146.mp3"},{"index":"147","arabicText":"وَمَا كَانَ قَوْلَهُمْ اِلَّاۤ اَنْ قَالُوْا رَبَّنَا اغْفِرْ لَنَا ذُنُوْبَنَا وَاِسْرَافَنَا فِیْۤ اَمْرِنَا وَثَبِّتْ اَقْدَامَنَا وَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟","assameseTranslation":"এই কথাৰ বাহিৰে তেওঁলোকৰ (মুখত) আন কোনো কথা নাছিল, ‘হে আমাৰ প্ৰতিপালক! আমাৰ পাপসমূহ আৰু কৰ্মজীৱনৰ সীমালংঘনসমূহ তুমি ক্ষমা কৰি দিয়া আৰু আমাৰ ভৰিক অবিচল ৰখা, লগতে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা’।","footnotes":"","tafseer":"যেতিয়া তেওঁলোকৰ ওপৰত বিপদ আহিছিল, তেতিয়া তেওঁলোকে কেৱল এই বাক্যই কৈছিলঃ হে আমাৰ প্ৰতিপালক! আমাৰ গুনাহসমূহক আৰু সীমালংঘনৰ অপৰাধসমূহক ক্ষমা কৰি দিয়া, লগতে শত্ৰুৰ মুখামুখী হোৱাৰ সময়ত আমাক অটল ৰাখিবা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি আমাক সহায় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003147.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003147.mp3"},{"index":"148","arabicText":"فَاٰتٰىهُمُ اللّٰهُ ثَوَابَ الدُّنْیَا وَحُسْنَ ثَوَابِ الْاٰخِرَةِ ؕ وَاللّٰهُ یُحِبُّ الْمُحْسِنِیْنَ ۟۠","assameseTranslation":"ফলত আল্লাহে তেওঁলোকক পৃথিৱীৰ পুৰস্কাৰ আৰু আখিৰাতৰ উত্তম পুৰস্কাৰ প্ৰদান কৰিছে; কাৰণ আল্লাহে সৎকৰ্মশীল লোকসকলক ভালপায়।","footnotes":"","tafseer":"ফলত আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনৰ বিনিময়স্বৰূপে সহায় কৰিছিল আৰু ৰাজত্ব প্ৰদান কৰিছিল। লগতে আখিৰাতৰ বিনিময়স্বৰূপে আল্লাহে তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈছিল, আৰু তেওঁলোকক চিৰস্থায়ী জান্নাতত চিৰস্থায়ী নিয়ামত প্ৰদান কৰিলে। নিশ্চয় আল্লাহে উত্তমভাৱে ইবাদতকাৰী ব্যক্তিসকলক আৰু উত্তম ব্যৱহাৰকাৰী ব্যক্তিসকলক ভালপায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003148.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003148.mp3"},{"index":"149","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ تُطِیْعُوا الَّذِیْنَ كَفَرُوْا یَرُدُّوْكُمْ عَلٰۤی اَعْقَابِكُمْ فَتَنْقَلِبُوْا خٰسِرِیْنَ ۟","assameseTranslation":"হে মুমিনসকল! যদি তোমালোকে কাফিৰসকলৰ আনুগত্য কৰা তেন্তে সিহঁতে তোমালোকক বিপৰীত ফালে (পূৰ্বাৱস্থালৈ) ওভতাই লৈ যাব, ফলত তোমালোক ক্ষতিগ্ৰস্ত হৈ পৰিবা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যদি তোমালোকে ইয়াহুদী খৃষ্টান আৰু মুশ্বৰিক আদি কাফিৰসকলৰ সেই সমূহ আদেশ মানি লোৱা, যিবোৰৰ দ্বাৰা সিহঁতে তোমালোকক সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিব বিচাৰে, তেন্তে সিহঁতে তোমালোকক ঈমানৰ পিছত পুনৰ কাফিৰ অৱস্থালৈ আঁতৰাই নিব। এনে কৰিলে তোমালোকে পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003149.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003149.mp3"},{"index":"150","arabicText":"بَلِ اللّٰهُ مَوْلٰىكُمْ ۚ وَهُوَ خَیْرُ النّٰصِرِیْنَ ۟","assameseTranslation":"বৰং আল্লাহেই হৈছে তোমালোকৰ অভিভাৱক আৰু তেৱেঁই উত্তম সহায়কাৰী।","footnotes":"","tafseer":"তোমালোকে এইসকল কাফিৰৰ কথা মানিলেও সিহঁতে কিন্তু তোমালোকক কেতিয়াও সহায় নকৰে, বৰং একমাত্ৰ আল্লাহেই তোমালোকৰ শত্ৰুৰ বিৰুদ্ধে তোমালোকক সহায় কৰিব। সেয়ে তোমালোকে কেৱল তেওঁৰেই আনুগত্য কৰা। তেৱেঁই উত্তম সহায়ক। তেওঁৰ সহায়ৰ পিছত তোমালোকক আন কাৰো আৱশ্যকতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003150.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003150.mp3"},{"index":"151","arabicText":"سَنُلْقِیْ فِیْ قُلُوْبِ الَّذِیْنَ كَفَرُوا الرُّعْبَ بِمَاۤ اَشْرَكُوْا بِاللّٰهِ مَا لَمْ یُنَزِّلْ بِهٖ سُلْطٰنًا ۚ وَمَاْوٰىهُمُ النَّارُ ؕ وَبِئْسَ مَثْوَی الظّٰلِمِیْنَ ۟","assameseTranslation":"অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই; সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু যালিমসকলৰ আবাস কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"আল্লাহক অস্বীকাৰকাৰী সকলৰ অন্তৰত আমি শীঘ্ৰেই ভয়-ভীতিৰ সঞ্চাৰ কৰিম। যাতে সিহঁতে যুদ্ধত তোমালোকৰ সন্মুখত টিকিব নোৱাৰে। কাৰণ সিহঁতে এনেকুৱা কিছুমানক আল্লাহৰ সমকক্ষ স্থিৰ কৰিছে, যিবোৰৰ পূজা পাঠ সিহঁতে নিজৰ প্ৰবৃত্তিৰ চাহিদাৰ ফলত কৰে, আল্লাহে ইয়াৰ সপক্ষে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। আখিৰাতত সিহঁতৰ প্ৰত্যাৱৰ্তনৰ ঠাই হ’ব জাহান্নাম। অত্যাচাৰীসকলৰ বাবে জাহান্নাম কিমান যে নিকৃষ্ট ঠাই!!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003151.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003151.mp3"},{"index":"152","arabicText":"وَلَقَدْ صَدَقَكُمُ اللّٰهُ وَعْدَهٗۤ اِذْ تَحُسُّوْنَهُمْ بِاِذْنِهٖ ۚ حَتّٰۤی اِذَا فَشِلْتُمْ وَتَنَازَعْتُمْ فِی الْاَمْرِ وَعَصَیْتُمْ مِّنْ بَعْدِ مَاۤ اَرٰىكُمْ مَّا تُحِبُّوْنَ ؕ مِنْكُمْ مَّنْ یُّرِیْدُ الدُّنْیَا وَمِنْكُمْ مَّنْ یُّرِیْدُ الْاٰخِرَةَ ۚ ثُمَّ صَرَفَكُمْ عَنْهُمْ لِیَبْتَلِیَكُمْ ۚ وَلَقَدْ عَفَا عَنْكُمْ ؕ وَاللّٰهُ ذُوْ فَضْلٍ عَلَی الْمُؤْمِنِیْنَ ۟","assameseTranslation":"নিশ্চয় আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল যেতিয়া তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱাইছিলা আৰু (ৰাছুলৰ) নিৰ্দেশ সম্পৰ্কে মতভেদ সৃষ্টি কৰিছিলা আৰু যি তোমালোকে ভালপোৱা (বিজয়) সেয়া দেখুৱাৰ পিছত তোমালোকে অবাধ্য হৈছিলা। কাৰণ, তোমালোকৰ কিছুমানে পাৰ্থিৱ সম্পদৰ অভিলাষী আছিল আৰু কিছুমান আছিল আখিৰাতৰ অভিলাষী। তেতিয়া তেওঁ তোমালোকক পৰীক্ষা কৰাৰ বাবে সিহঁতৰ (তোমালোকৰ শত্ৰুসকলৰ) পৰা পশ্চাদবৰ্তী কৰালে। তথাপিও (কিন্তু) তেওঁ তোমালোকক ক্ষমা কৰি দিছে। কাৰণ আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে উহুদৰ দিনা শত্ৰুসকলৰ বিৰুদ্ধে তোমালোকক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি আছিল সেয়া পূৰণ কৰি দেখুৱাইছে, যেতিয়া তোমালোকে তেওঁৰ অনুমতিত সিহঁতক শিৰচ্ছেদ কৰি আছিলা। অৱশেষত যেতিয়া তোমালোকে কাপুৰষত্ব দেখুৱালা আৰু ৰাছুলৰ আদেশৰ ওপৰত অটল থকাৰ পৰিবৰ্তে দুৰ্বল হৈ গ'লা আৰু এই কথাত মতানৈক্য কৰিবলৈ ধৰিলা যে, নিজ নিজ স্থানত দৃঢ় হৈ থাকিবা নে স্থান ত্যাগ কৰি যুদ্ধলব্ধ সম্পদ গোটাবা, ফলত তোমালোকে ৰাছুলৰ সেই আদেশ অমান্য কৰিলা, য’ত তেখেতে কৈছিল যে, তোমালোকে কোনো অৱস্থাতেই স্থান ত্যাগ নকৰিবা। এই ঘটনা সংঘটিত হৈছিল আমি তোমালোকক শত্ৰুৰ ওপৰত বিজয় দৃশ্য দেখুৱাৰ পিছত, যিটো তোমালোকে কামনা কৰিছিলা। তোমালোকৰ মাজৰ কিছুমানৰ পাৰ্থিৱ জীৱনৰ সম্পদৰ প্ৰতি লোভ আছিল। সেইসকলেই নিজৰ স্থান ত্যাগ কৰিছিল, আৰু আন কিছুমানে আখিৰাতৰ প্ৰতিদান কামনা কৰিছিল, আৰু তেওঁলোকে ৰাছুলৰ কথা অনুসাৰে নিজৰ স্থানত অটল আছিল। তাৰ পিছত আল্লাহে তোমালোকক সিহঁতৰ পৰা ঘূৰাই দিলে, আৰু সিহঁতক তোমালোকৰ ওপৰত আচ্ছাদিত কৰি দিলে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, বিপদৰ সময়ত কোনে ধৈৰ্য্য ধাৰণ কৰে আৰু কাৰ ভৰি পিচলে আৰু কাৰ অন্তৰ দুৰ্বল হয়। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ উলংঘা কৰি তোমালোকে যি পাপ কৰিছিলা আল্লাহে সেয়া ক্ষমা কৰি দিছে। আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল, সেয়ে তেওঁ তেওঁলোকক ঈমানৰ পথ দেখুৱাইছে, তেওঁলোকৰ পাপসমূহ মাৰ্জনা কৰিছে আৰু তেওঁলোকক বিপদৰ বিনিময়ত ছোৱাব দান দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003152.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003152.mp3"},{"index":"153","arabicText":"اِذْ تُصْعِدُوْنَ وَلَا تَلْوٗنَ عَلٰۤی اَحَدٍ وَّالرَّسُوْلُ یَدْعُوْكُمْ فِیْۤ اُخْرٰىكُمْ فَاَثَابَكُمْ غَمًّا بِغَمٍّ لِّكَیْلَا تَحْزَنُوْا عَلٰی مَا فَاتَكُمْ وَلَا مَاۤ اَصَابَكُمْ ؕ وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া তোমালোকে পাহাৰ বগাই আছিলা আৰু কাৰো ফালেই ঘূৰি চোৱা নাছিলা, আৰু ৰাছুলে তোমালোকক পিছফালৰ পৰা মাতি আছিল। ফলত তেওঁ (আল্লাহে) তোমালোকক বিপদৰ ওপৰত বিপদ দিছিল, যাতে তোমালোকে যি হেৰুৱাইছা আৰু যি বিপদ তোমালোকৰ ওপৰত আহিছে তাৰ বাবে তোমালোকে দুঃখিত নোহোৱা; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"হে মুমিনসকল! স্মৰণ কৰা সেই সময়ক, উহূদৰ দিনা যুদ্ধত যেতিয়া ৰাছুলৰ আদেশ উলংঘা কৰাৰ ফলত তোমালোকে বিফল হৈছিলা, আৰু তোমালোকে দ্ৰুত গতিত দৌৰি পলায়ন কৰিছিলা, তোমালোকৰ মাজৰ কোনেও কাকো ঘূৰি চোৱা নাছিল, অথচ ৰাছুলে তোমালোকৰ আৰু মুশ্বৰিকসকলৰ মাজত থিয় হৈ এই কথাৰে আহ্বান কৰি আছিলঃ হে আল্লাহৰ বান্দাসকল! মোৰ ফালে আহা, হে আল্লাহৰ বান্দাসকল! মোৰ ফালে আহা। ইয়াৰ ফলত আল্লাহে তোমালোকক যুদ্ধলব্ধ সম্পদ আৰু সহায়ৰ পৰা বঞ্চিত হোৱাৰ দুখ প্ৰদান কৰিছিল, ইয়াৰ পিছতো আৰু এটা দুখ আৰু চিন্তা আছিল, সেয়া হৈছে নবী নিহত হোৱা বুলি অপপ্ৰচাৰ। আল্লাহে তোমালোকক এই মুচিবতত এই কাৰণেই আক্ৰান্ত কৰিছিল, যাতে নবী নিহত হোৱা নাই বুলি জনাৰ পিছত তোমালোকৰ সেই দুখ নাথাকে, যিটো তোমালোকে যুদ্ধলব্ধ সম্পদ তথা সহায়ৰ পৰা বঞ্চিত হোৱাৰ ফলত লগতে আঘাত আৰু হত্যাৰ ৰূপত দেখা পাইছিলা। কিয়নো ইয়াৰ পিছত তোমালোকৰ সকলো দুখ চিন্তা সহ্য কৰা সহজ হৈ গৈছিল। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ অন্তৰৰ কোনো অৱস্থা ই তেওঁৰ পৰা গোপন নহয় আৰু শৰীৰৰ অংগ-প্ৰত্যংগৰ দ্বাৰা কৰা কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003153.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003153.mp3"},{"index":"154","arabicText":"ثُمَّ اَنْزَلَ عَلَیْكُمْ مِّنْ بَعْدِ الْغَمِّ اَمَنَةً نُّعَاسًا یَّغْشٰی طَآىِٕفَةً مِّنْكُمْ ۙ وَطَآىِٕفَةٌ قَدْ اَهَمَّتْهُمْ اَنْفُسُهُمْ یَظُنُّوْنَ بِاللّٰهِ غَیْرَ الْحَقِّ ظَنَّ الْجَاهِلِیَّةِ ؕ یَقُوْلُوْنَ هَلْ لَّنَا مِنَ الْاَمْرِ مِنْ شَیْءٍ ؕ قُلْ اِنَّ الْاَمْرَ كُلَّهٗ لِلّٰهِ ؕ یُخْفُوْنَ فِیْۤ اَنْفُسِهِمْ مَّا لَا یُبْدُوْنَ لَكَ ؕ یَقُوْلُوْنَ لَوْ كَانَ لَنَا مِنَ الْاَمْرِ شَیْءٌ مَّا قُتِلْنَا هٰهُنَا ؕ قُلْ لَّوْ كُنْتُمْ فِیْ بُیُوْتِكُمْ لَبَرَزَ الَّذِیْنَ كُتِبَ عَلَیْهِمُ الْقَتْلُ اِلٰی مَضَاجِعِهِمْ ۚ وَلِیَبْتَلِیَ اللّٰهُ مَا فِیْ صُدُوْرِكُمْ وَلِیُمَحِّصَ مَا فِیْ قُلُوْبِكُمْ ؕ وَاللّٰهُ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟","assameseTranslation":"দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে, যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল আৰু এটা দলে অজ্ঞতা যুগৰ অজ্ঞতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল এই কথা কৈ যে, ‘আমাৰো কিবা অধিকাৰ আছেনে? কোৱা, ‘সকলো বিষয় আল্লাহৰেই ইখতিয়াৰত’। সিহঁতে নিজৰ অন্তৰত এনেকুৱা কিছুমান বিষয় গোপন ৰাখে যিবোৰ তোমাৰ ওচৰত প্ৰকাশ নকৰে। সিহঁতে কয়, ‘এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহ’লোহেঁতেন’। কোৱা, ‘যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন তথাপিও যিসকলৰ বাবে নিহত হোৱাটো অৱধাৰিত আছিল, সিহঁতে নিশ্চয় নিজৰ মৃত্যুস্থানলৈ ওলাই আহিলহেঁতেন’। এইটো এইকাৰণে যে, তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰিশোধন কৰে; আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"তাৰ পিছত তেওঁ দুখ আৰু সংকীৰ্ণতাৰ পিছত তোমালোকৰ ওপৰত সন্তুষ্টি আৰু বিশ্বাস অৱতীৰ্ণ কৰিলে। তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ কথাত ভৰসা পোষণ কৰিছিল, এনেকুৱা এটা দলক তেওঁলোকৰ অন্তৰত থকা শান্তি আৰু স্থিৰতাৰ কাৰণে তেওঁলোকক কলাঘূমটিয়ে ধৰিছিল। পক্ষান্তৰে আন এটা দল আছিল এনেকুৱা যিসকলে এই শান্তি আৰু কলাঘূমটিৰ পৰা বঞ্চিত আছিল। এইটো আছিল মুনাফিকসকলৰ দল, যিসকলে কেৱল নিজৰ সুৰক্ষাৰ কথা ভাবিছিল। সিহঁত অস্থিৰ আৰু ভীত অৱস্থাত আছিল। সিহঁতে আল্লাহ সম্পৰ্কে এনেকুৱা বেয়া বেয়া ধাৰণা পোষণ কৰিছিল যে, আল্লাহে তেওঁৰ ৰাছুলক সহায় নকৰে আৰু তেওঁৰ বান্দাসকলকো সমৰ্থন নকৰে। সিহঁতৰ ধাৰণা অজ্ঞতা যুগৰ সেইসকল লোকৰ ধাৰণাৰ দৰে, যিসকলে আল্লাহক তেওঁৰ মৰ্যদা অনুপাতে সন্মান কৰা নাছিল। এইসকল মুনাফিকে আল্লাহৰ পৰা অমনোযোগী হোৱাৰ কাৰণে কয়, যুদ্ধত ওলোৱা বিষয়ত আমাৰ সিদ্ধান্তক কোনো গুৰুত্ব দিয়া নহয়। যদি আমাৰ সিদ্ধান্তক গুৰুত্ব দিয়া হ’লহেঁতেন তেন্তে আমি যুদ্ধৰ বাবে ওলাই নাহিলোঁহেঁতেন। হে নবী! আপুনি ইয়াৰ উত্তৰ দি কওক যে, \"নিশ্চয় আদেশ কেৱল আল্লাহৰহে চলে। তেওঁ যি ইচ্ছা কৰে সিদ্ধান্ত লয় আৰু যি ইচ্ছা কৰে নিৰ্ধাৰণ কৰে। তেৱেঁই তোমালোকৰ ভাগ্যত লিখিছে যে, তোমালোকে ওলাই আহিবা\"। এইসকল মুনাফিকে নিজৰ অন্তৰত এনেকুৱা সংশয় আৰু বেয়া ধাৰণা পোষণ কৰে, যিটো আপোনাৰ সন্মুখত প্ৰকাশ নকৰে। সেয়ে সিহঁতে কয়ঃ ওলাই অহাৰ ক্ষেত্ৰত আমাৰ কথা মানি লোৱাহেঁতেন তেন্তে আমি ইয়াত নিহত নহ’লোঁহেঁতেন। হে নবী! আপুনি সিহঁতক কৈ দিয়ক, যদি তোমালোকে মৃত্যু আৰু হত্যাৰ ঠাইৰ পৰা দুৰৈত নিজৰ ঘৰতো বহি থাকিলাহেঁতেন, তেতিয়াও তোমালোকৰ মাজৰ পৰা যাৰ ভাগ্যত আল্লাহে মৃত্যু লিখিছে, সি অৱশ্যে নিজৰ মৃত্যুৰ ঠাইলৈকে ওলাই আহিলহেঁতেন। আল্লাহে যুদ্ধ এই কাৰণেই অনিবাৰ্য কৰিছে, যাতে তেওঁ তোমালোকৰ অন্তৰৰ নিয়্যত আৰু উদ্দেশ্যৰ পৰীক্ষা ল’ব পাৰে। লগতে যাতে ঈমানক নিফাকৰ পৰা পৃথক কৰি দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ অন্তৰৰ অৱস্থা সম্পৰ্কে অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003154.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003154.mp3"},{"index":"155","arabicText":"اِنَّ الَّذِیْنَ تَوَلَّوْا مِنْكُمْ یَوْمَ الْتَقَی الْجَمْعٰنِ ۙ اِنَّمَا اسْتَزَلَّهُمُ الشَّیْطٰنُ بِبَعْضِ مَا كَسَبُوْا ۚ وَلَقَدْ عَفَا اللّٰهُ عَنْهُمْ ؕ اِنَّ اللّٰهَ غَفُوْرٌ حَلِیْمٌ ۟۠","assameseTranslation":"যিদিনা দুয়ো দল পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল, সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলতে চয়তানে সিহঁতৰ পদস্খলন ঘটাইছিল। নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিছে। নিঃসন্দেহে আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল।","footnotes":"","tafseer":"হে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকল! উহূদৰ ময়দানত যিদিনা মুশ্বৰিকসকল আৰু মুছলিমসকল পৰস্পৰে মুখামুখী হোৱাৰ পিছত যিসকলে পৰাজিত হৈছিল, তেওঁলোকক চয়তানেই কিছুমান পাপ কৰ্মৰ কাৰণে ভুল কৰিবলৈ উত্সাহিত কৰিছিল। আল্লাহে তেওঁৰ দয়া আৰু কৃপাত তেওঁলোকক ক্ষমা কৰি দিছে। নিশ্চয় আল্লাহ তাওবাকাৰী সকলৰ বাবে ক্ষমাশীল আৰু সহনশীল, তেওঁ শাস্তি প্ৰদানত খৰখেদা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003155.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003155.mp3"},{"index":"156","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَكُوْنُوْا كَالَّذِیْنَ كَفَرُوْا وَقَالُوْا لِاِخْوَانِهِمْ اِذَا ضَرَبُوْا فِی الْاَرْضِ اَوْ كَانُوْا غُزًّی لَّوْ كَانُوْا عِنْدَنَا مَا مَاتُوْا وَمَا قُتِلُوْا ۚ لِیَجْعَلَ اللّٰهُ ذٰلِكَ حَسْرَةً فِیْ قُلُوْبِهِمْ ؕ وَاللّٰهُ یُحْیٖ وَیُمِیْتُ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে কুফুৰী কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ-বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয়, ‘সিহঁত যদি আমাৰ লগত থাকিলহেঁতেন তেন্তে সিহঁত নমৰিলহেঁতেন আৰু নিহত নহ’লহেঁতেন’। ফলত আল্লাহে এই বিষয়টোক সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে; দৰাচলতে আল্লাহেই জীৱন দান কৰে আৰু মৃত্যু ঘটায়, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! তোমালোকে মুনাফিকসকলৰ মাজৰ কাফিৰসকলৰ দৰে নহ’বা। যিসকলে নিজৰ সেইসকল আত্মীয়ক কয়, যিসকলে জীৱিকা উপাৰ্জনৰ বাবে ভ্ৰমণ কৰে আৰু তাত মৃত্যুবৰণ কৰে অথবা যুদ্ধত ওলাই যায় আৰু নিহত হয়, কয় যে, “সিহঁতে ভ্ৰমণত কিংবা যুদ্ধত নগৈ যদি আমাৰ লগত থাকিলহেঁতেন, তেন্তে সিহঁতে মৃত্যুবৰণো নকৰিলেহেঁতেন আৰু নিহতও নহ’লহেঁতেন”। আল্লাহে সিহঁতৰ অন্তৰত এই ধাৰণা এই কাৰণেই সৃষ্টি কৰিছিল, যাতে সিহঁতে অধিক অনুতাপ কৰে আৰু অধিক চিন্তিত হয়। নিশ্চয় কেৱল আল্লাহেই তেওঁৰ ইচ্ছাত জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে। বহি থাকিলেও সেই নিৰ্ধাৰিত সময় ৰৈ নাথাকে আৰু ওলাই গ’লেও সেই নিৰ্ধাৰিত সময় আগতীয়াকৈ নাহে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম দেখি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয় আৰু অচিৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003156.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003156.mp3"},{"index":"157","arabicText":"وَلَىِٕنْ قُتِلْتُمْ فِیْ سَبِیْلِ اللّٰهِ اَوْ مُتُّمْ لَمَغْفِرَةٌ مِّنَ اللّٰهِ وَرَحْمَةٌ خَیْرٌ مِّمَّا یَجْمَعُوْنَ ۟","assameseTranslation":"যদি তোমালোকে আল্লাহৰ পথত নিহত হোৱা অথবা তোমালোকে মৃত্যুবৰণ কৰা, (তেন্তে জানি থোৱা) আল্লাহৰ ক্ষমা আৰু দয়া সিহঁতে সঞ্চয় কৰা সম্পদতকৈও উত্তম।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে যদি আল্লাহৰ পথত মৃত্যুবৰণ কৰা অথবা নিহত হোৱা, তেন্তে নিশ্চয় আল্লাহে তোমালোকক মহা ক্ষমা প্ৰদান কৰিব আৰু তেওঁৰ ফালৰ পৰা তোমালোকক এনেকুৱা দয়া কৰিব, যিটো তোমালোকৰ বাবে এই পৃথিৱী তথা এই পৃথিৱীৰ সকলো ক্ষণস্থায়ী নিয়ামততকৈও উত্তম, যিবোৰ পৃথিৱীবাসীয়ে একত্ৰিত কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003157.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003157.mp3"},{"index":"158","arabicText":"وَلَىِٕنْ مُّتُّمْ اَوْ قُتِلْتُمْ لَاۡاِلَی اللّٰهِ تُحْشَرُوْنَ ۟","assameseTranslation":"আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতেই সমবেত কৰা হ’ব।","footnotes":"","tafseer":"যদি তোমালোকে মৃত্যুবৰণ কৰা, আৰু মৃত্যু যি অৱস্থাতেই নহওক কিয়, অথবা তোমালোকক হত্যা কৰা হ’লে, একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। যাতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003158.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003158.mp3"},{"index":"159","arabicText":"فَبِمَا رَحْمَةٍ مِّنَ اللّٰهِ لِنْتَ لَهُمْ ۚ وَلَوْ كُنْتَ فَظًّا غَلِیْظَ الْقَلْبِ لَانْفَضُّوْا مِنْ حَوْلِكَ ۪ فَاعْفُ عَنْهُمْ وَاسْتَغْفِرْ لَهُمْ وَشَاوِرْهُمْ فِی الْاَمْرِ ۚ فَاِذَا عَزَمْتَ فَتَوَكَّلْ عَلَی اللّٰهِ ؕ اِنَّ اللّٰهَ یُحِبُّ الْمُتَوَكِّلِیْنَ ۟","assameseTranslation":"এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহে (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।","footnotes":"","tafseer":"হে নবী আপোনাৰ প্ৰতি আল্লাহৰ ডাঙৰ এটা কৃপা এই যে, আপুনি আপোনাৰ সঙ্গীসকলৰ লগত বিনম্ৰ ব্যৱহাৰ কৰে। যদি আপুনি নিজৰ কথা আৰু কৰ্মত কঠোৰ তথা নিষ্ঠুৰ হ’লহেঁতেন তেন্তে সিহঁত আপোনাৰ পৰা আঁতৰি গ’লহেঁতেন। এতেকে আপুনি তেওঁলোকৰ ভুলবোৰ ক্ষমা কৰি দিয়ক আৰু তেওঁলোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক। লগতে যিবোৰ বিষয়ত পৰামৰ্শৰ প্ৰয়োজন হয়, সেইবোৰ বিষয়ত তেওঁলোকৰ পৰা পৰামৰ্শ লওক, আৰু পৰামৰ্শ লোৱাৰ পিছত যেতিয়া কোনো কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তেতিয়া সেইটো কৰি পেলাওক। লগতে আল্লাহৰ প্ৰতি ভৰসা কৰক। নিশ্চয় আল্লাহে সেইসকল লোকক ভালপায় যিসকলে তেওঁৰ ওপৰত ভৰসা কৰে। লগতে তেওঁলোকক তাওফীক দিয়ে আৰু তেওঁলোকক সমৰ্থন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003159.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003159.mp3"},{"index":"160","arabicText":"اِنْ یَّنْصُرْكُمُ اللّٰهُ فَلَا غَالِبَ لَكُمْ ۚ وَاِنْ یَّخْذُلْكُمْ فَمَنْ ذَا الَّذِیْ یَنْصُرُكُمْ مِّنْ بَعْدِهٖ ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟","assameseTranslation":"আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত কোনেও জয়ী হ’ব নোৱাৰিব; আনহাতে তেওঁ যদি তোমালোকক পৰিত্যাগ কৰে, তেন্তে তেতিয়া তেওঁৰ বাহিৰে কোন আছে, যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।","footnotes":"","tafseer":"যদি আল্লাহে তেওঁৰ সহায়ৰ দ্বাৰা তোমালোকক সমৰ্থন কৰে, তেন্তে কোনেও তোমালোকক পৰাজিত কৰিব নোৱাৰে, যদিও গোটেই পৃথিৱীবাসী তোমালোকৰ বিৰুদ্ধে একত্ৰিত নহওক কিয়। আনহাতে যদি তেওঁ তোমালোকক সহায় কৰা এৰি দিয়ে আৰু তোমালোকক তোমালোকৰ ওপৰত এৰি দিয়ে তেন্তে ইয়াৰ পিছত কোনেও তোমালোকক সহায় কৰিব নোৱাৰিব। সহায় কেৱল একমাত্ৰ তেওঁৰেই হাতত। সেয়ে মুমিনসকলে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত, আন কাৰো ওপৰত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003160.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003160.mp3"},{"index":"161","arabicText":"وَمَا كَانَ لِنَبِیٍّ اَنْ یَّغُلَّ ؕ وَمَنْ یَّغْلُلْ یَاْتِ بِمَا غَلَّ یَوْمَ الْقِیٰمَةِ ۚ ثُمَّ تُوَفّٰی كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟","assameseTranslation":"আৰু কোনো নবীৰ বাবে উচিত নহয় যে, তেওঁ ‘গলুল’ (অন্যায়ভাৱে কোনো বস্তু গোপন বা আত্মসাৎ) কৰিব, এইটো অসম্ভৱ। যিয়ে অন্যায়ভাৱে কিবা গোপন কৰিব, কিয়ামতৰ দিনা সি সেই অন্যায়ভাৱে গোপন কৰা বস্তু লগত লৈ উপস্থিত হ’ব। তাৰ পিছত প্ৰত্যেককে তাৰ কৰ্ম অনুসৰি পূৰ্ণ মাত্ৰাত তাৰ প্ৰতিফল প্ৰদান কৰা হ’ব। সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"আল্লাহে নবীৰ বাবে নিৰ্ধাৰণ নকৰা অতিৰিক্ত গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰাটো কোনো নবীৰ বাবেই সম্ভৱ নহয়। তোমালোকৰ মাজৰ যিয়ে গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰে, কিয়ামতৰ দিনা তাক লাঞ্ছিত কৰি শাস্তি বিহা হ’ব। ফলত সি সকলোৰে সন্মুখত সেই সম্পদ বহন কৰি আনিব। তাৰ পিছত প্ৰত্যেককে নিজ নিজ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হ’ব। সেইদিনা কাৰো গুনাহ বৃদ্ধি কৰি অথবা নেকী হ্ৰাস কৰি কাৰো প্ৰতি অন্যায় কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003161.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003161.mp3"},{"index":"162","arabicText":"اَفَمَنِ اتَّبَعَ رِضْوَانَ اللّٰهِ كَمَنْ بَآءَ بِسَخَطٍ مِّنَ اللّٰهِ وَمَاْوٰىهُ جَهَنَّمُ ؕ وَبِئْسَ الْمَصِیْرُ ۟","assameseTranslation":"যিয়ে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছে, তেওঁ সেই ব্যক্তিৰ দৰে হ’ব পাৰে নেকি যিয়ে আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে আৰু জাহান্নামেই যাৰ আবাস? সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!","footnotes":"","tafseer":"যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কৰ্ম কৰে, যেনে- ঈমান আৰু সত্কৰ্মৰ পথ অৱলম্বন কৰে, আনহাতে যিয়ে আল্লাহক অস্বীকাৰ কৰে আৰু অসত্কৰ্ম কৰে লগতে আল্লাহৰ কঠিন ক্ৰোধত পতিত হয়, এই উভয় ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে, বৰং শেষোক্ত ব্যক্তিৰ ঠিকনা হৈছে জাহান্নাম। এইটো অতি নিকৃষ্ট আৱাসস্থল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003162.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003162.mp3"},{"index":"163","arabicText":"هُمْ دَرَجٰتٌ عِنْدَ اللّٰهِ ؕ وَاللّٰهُ بَصِیْرٌ بِمَا یَعْمَلُوْنَ ۟","assameseTranslation":"আল্লাহৰ ওচৰত তেওঁলোক বিভিন্ন স্তৰৰ; তেওঁলোকে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"সিহঁতৰ স্থান পৃথিৱীতো ভিন্ন আৰু আল্লাহৰ ওচৰত আখিৰাততো ভিন্ন। নিশ্চয় আল্লাহে সিহঁতৰ কৰ্ম দেখি আছে। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003163.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003163.mp3"},{"index":"164","arabicText":"لَقَدْ مَنَّ اللّٰهُ عَلَی الْمُؤْمِنِیْنَ اِذْ بَعَثَ فِیْهِمْ رَسُوْلًا مِّنْ اَنْفُسِهِمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِهٖ وَیُزَكِّیْهِمْ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ ۚ وَاِنْ كَانُوْا مِنْ قَبْلُ لَفِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"নিশ্চয় আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল।","footnotes":"","tafseer":"আল্লাহে মুমিনসকলৰ উপকাৰ কৰিছে আৰু তেওঁলোকক ডাঙৰ নিয়ামত প্ৰদান কৰিছে যে, তেওঁ তেওঁলোকৰ মাজৰ পৰাই তেওঁলোকৰ প্ৰতি এজন ৰাছুল প্ৰেৰণ কৰিছে। যিয়ে তেওঁলোকৰ সন্মুখত কোৰআন তিলাৱত কৰে আৰু তেওঁলোকক শ্বিৰ্ক আৰু বেয়া চৰিত্ৰৰ পৰা পৱিত্ৰ কৰে। তেওঁলোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা প্ৰদান কৰে। অথচ তেওঁলোকে এই ৰাছুল প্ৰেৰিত হোৱাৰ পূৰ্বে হিদায়তৰ পৰা বহু আঁতৰত আৰু স্পষ্ট ভ্ৰষ্টতাৰ মাজত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003164.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003164.mp3"},{"index":"165","arabicText":"اَوَلَمَّاۤ اَصَابَتْكُمْ مُّصِیْبَةٌ قَدْ اَصَبْتُمْ مِّثْلَیْهَا ۙ قُلْتُمْ اَنّٰی هٰذَا ؕ قُلْ هُوَ مِنْ عِنْدِ اَنْفُسِكُمْ ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"কি হ’ল তোমালোকৰ! যেতিয়া তোমালোকৰ ওপৰত বিপদ আহিছিল (উহুদৰ যুদ্ধত) তেতিয়া তোমালোকে কৈছিলা, ‘এইটো ক’ৰ পৰা আহিল’? অথচ তোমালোকে (বদৰৰ যুদ্ধত) সিহঁতৰ ওপৰত দ্বিগুণ বিপদ আনিছিলা। কোৱা, ‘এইটো তোমালোকৰ নিজৰ (দোষৰ) কাৰণেই আহিছে’; নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।","footnotes":"","tafseer":"(হে মুমিনসকল!) যেতিয়া তোমালোকে উহুদৰ ময়দানত পৰাজয়ৰূপে এটা মুচিবতৰ সন্মুখীন হৈছিলা, আৰু তোমালোকৰ মাজৰ কিছুমান শ্বহীদ হৈছিল, অথচ ইয়াৰ পূৰ্বে বদৰৰ যুদ্ধত তোমালোকে নিজৰ শত্ৰুসকলক দ্বিগুণ হত্যা আৰু গ্ৰেপ্তাৰ কৰিছিলা, তথাপিও তোমালোকে কৈছা নেকি যে, এই মুচিবত ক’ৰ পৰা আহিল অথচ আমি ঈমান্দাৰ আৰু আমাৰ মাজত আল্লাহৰ নবীও উপস্থিত আছে? হে নবী কৈ দিয়কঃ তোমালোকৰ ওপৰত এই মুচিবত অহাৰ কাৰণ হৈছে, তোমালোকে বিভেদ কৰিছিলা আৰু ৰাছুলক অৱজ্ঞা কৰিছিলা। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু ওপৰতে ক্ষমতাৱান। তেওঁ যাক ইচ্ছা কৰে সহায় কৰে, আৰু যাক ইচ্ছা কৰে লাঞ্ছিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003165.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003165.mp3"},{"index":"166","arabicText":"وَمَاۤ اَصَابَكُمْ یَوْمَ الْتَقَی الْجَمْعٰنِ فَبِاِذْنِ اللّٰهِ وَلِیَعْلَمَ الْمُؤْمِنِیْنَ ۟ۙ","assameseTranslation":"আৰু যিদিনা দুয়ো দল পৰস্পৰ সন্মুখীন হৈছিল, সেইদিনা তোমালোকৰ ওপৰত যি বিপৰ্যয় ঘটিছিল সেয়া আল্লাহৰ অনুমতিক্ৰমেই হৈছিল; যাতে তেওঁ প্ৰকাশ কৰে, কোন তোমালোকৰ মাজত প্ৰকৃত মুমিন।","footnotes":"","tafseer":"আৰু উহুদৰ দিনা, যেতিয়া তোমালোকৰ দল আৰু মুশ্বৰিকসকলৰ দল মুখামুখী হৈছিল। সেইদিনা তোমালোকে যি পৰাজয় বৰণ কৰিছিলা আৰু যি আঘাত প্ৰাপ্ত হৈছিলা আৰু শ্বাহাদত বৰণ কৰিছিলা, সেই সকলো আল্লাহৰ অনুমতি আৰু তেওঁৰ ফয়চালা অনুসাৰে আছিল। ইয়াৰ মাজত এটা ডাঙৰ হিকমত হৈছে এই যে, যাতে সত্যবাদী মুমিনসকল স্পষ্টৰূপে চিহ্নিত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003166.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003166.mp3"},{"index":"167","arabicText":"وَلِیَعْلَمَ الَّذِیْنَ نَافَقُوْا ۖۚ وَقِیْلَ لَهُمْ تَعَالَوْا قَاتِلُوْا فِیْ سَبِیْلِ اللّٰهِ اَوِ ادْفَعُوْا ؕ قَالُوْا لَوْ نَعْلَمُ قِتَالًا لَّاتَّبَعْنٰكُمْ ؕ هُمْ لِلْكُفْرِ یَوْمَىِٕذٍ اَقْرَبُ مِنْهُمْ لِلْاِیْمَانِ ۚ یَقُوْلُوْنَ بِاَفْوَاهِهِمْ مَّا لَیْسَ فِیْ قُلُوْبِهِمْ ؕ وَاللّٰهُ اَعْلَمُ بِمَا یَكْتُمُوْنَ ۟ۚ","assameseTranslation":"আৰু মুনাফিকসকলক প্ৰকাশ কৰাৰ বাবে; কাৰণ সিহঁতক কোৱা হৈছিল, ‘আহা, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা প্ৰতিৰক্ষা কৰিবা’। তেতিয়া সিহঁতে কৈছিল, ‘যদি যুদ্ধ হ’ব বুলি আমি জানিলোহেঁতেন তেন্তে আমি নিশ্চয় তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন’। সেইদিনা সিহঁত ঈমানতকৈ কুফৰীৰ বেছি ওচৰত আছিল। সিহঁতে মুখেৰে যিবোৰ কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই আৰু সিহঁতে যিবোৰ গোপন কৰি ৰাখে, সেই বিষয়ে আল্লাহ অধিক অৱগত।","footnotes":"","tafseer":"এইদৰে যাতে মুনাফিকসকলো চিহ্নিত হয়, যেতিয়া সিহঁতক কোৱা হৈছিল, আল্লাহৰ পথত যুদ্ধ কৰা অথবা মুছলিমসকলৰ সংখ্যাবল বৃদ্ধি কৰি আত্মৰক্ষা কৰা। তেতিয়া সিহঁতে উত্তৰ দিছিলঃ “যদি আমি জানিলোহেঁতেন যে, যুদ্ধ হ'ব তেন্তে আমি নিশ্চয় তোমালোকৰ লগত থাকিলোঁহেঁতেন, কিন্তু আমি দেখিলোঁ যে, তোমালোকৰ আৰু সিহঁতৰ মাজত যুদ্ধ হোৱাৰ কোনো সম্ভৱনা নাই”। সিহঁত সেই সময়ত ঈমানৰ তুলনাত কুফৰৰ বেছি নিকটৱৰ্তী আছিল। সিহঁতে নিজ মুখেৰে এনেকুৱা কথা কৈছিল, যিটো সিহঁতৰ অন্তৰত নাছিল। নিশ্চয় আল্লাহে সিহঁতৰ অন্তৰৰ সকলো গোপন কথাই জানে, আৰু অনতিপলমে তেওঁ সিহঁতক ইয়াৰ শাস্তিও প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003167.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003167.mp3"},{"index":"168","arabicText":"اَلَّذِیْنَ قَالُوْا لِاِخْوَانِهِمْ وَقَعَدُوْا لَوْ اَطَاعُوْنَا مَا قُتِلُوْا ؕ قُلْ فَادْرَءُوْا عَنْ اَنْفُسِكُمُ الْمَوْتَ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"যিসকলে ঘৰতে বহি নিজ ভাতৃসকলৰ বিষয়ে কৈছিল যে, ‘যদি সিহঁত আমাৰ অনুসৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁত নিহত নহ’লহেঁতেন’। সিহঁতক কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰাচোন’।","footnotes":"","tafseer":"ইহঁত হৈছে সেইসকল লোক, যিসকলে যুদ্ধৰ পৰা নিজেই পিছুৱাই আছিল কিন্তু নিজৰ সেইসকল আত্মীয় সম্পৰ্কে যিসকলে উহুদত শ্বহীদ হৈছে মন্তব্য কৰি কয়ঃ “যদি ইহঁতে আমাৰ কথা মানিলেহেঁতেন আৰু যুদ্ধত অংশ গ্ৰহণ নকৰিলেহেঁতেন তেন্তে মৃত্যবৰণ নকৰিলেহেঁতেন”। হে নবী আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওক! যদি তোমালোকে নিজৰ এই দাবীত সত্যবাদী যে, ইহঁত যদি তোমালোকৰ লগত থাকিলহেঁতেন তেন্তে মৃত্যুবৰণ নকৰিলেহেঁতেন, তেন্তে তোমালোকে নিজৰ মৃত্যু প্ৰতিৰোধ কৰি দেখুৱাচোন, আৰু প্ৰমাণ কৰি দেখুৱা যে, আল্লাহৰ পথত যুদ্ধ নকৰি ঘৰত বহি থকাটোৱে মৃত্যুৰ পৰা ৰক্ষা পোৱাৰ উপায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003168.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003168.mp3"},{"index":"169","arabicText":"وَلَا تَحْسَبَنَّ الَّذِیْنَ قُتِلُوْا فِیْ سَبِیْلِ اللّٰهِ اَمْوَاتًا ؕ بَلْ اَحْیَآءٌ عِنْدَ رَبِّهِمْ یُرْزَقُوْنَ ۟ۙ","assameseTranslation":"যিসকলে আল্লাহৰ পথত নিহত হৈছে তেওঁলোকক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত জীৱিত আছে আৰু তেওঁলোকক জীৱিকাও দিয়া হয়।","footnotes":"","tafseer":"হে নবী! আপুনি এইটো নাভাবিব যে, আল্লাহৰ পথত যিসকলে শ্বহীদ হৈছে তেওঁলোকে মৃত্যুবৰণ কৰিছে, বৰং তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত সন্মানীয় ঠাইত বিশেষ জীৱন লাভ কৰিব জীৱিত হৈ আছে। তেওঁলোকে বিভিন্ন প্ৰকাৰৰ এনেকুৱা জীৱিকা পায়, যি বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003169.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003169.mp3"},{"index":"170","arabicText":"فَرِحِیْنَ بِمَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ۙ وَیَسْتَبْشِرُوْنَ بِالَّذِیْنَ لَمْ یَلْحَقُوْا بِهِمْ مِّنْ خَلْفِهِمْ ۙ اَلَّا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ۘ","assameseTranslation":"আল্লাহে তেওঁলোকক যি অনুগ্ৰহ প্ৰদান কৰিছে তাকলৈ তেওঁলোক আনন্দিত, আৰু তেওঁলোকে তেওঁলোকৰ পিছফালে এৰি থৈ যোৱা সেইসকল লোকৰ বিষয়েও আনন্দিত হয় যিসকলে এতিয়াও তেওঁলোকৰ সৈতে মিলিত হোৱা নাই, এইকাৰণে যে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"তেওঁলোকৰ ওপৰত সুখৰ ছাঁ আছে আৰু তেওঁলোক আনন্দৰে পৰিবেষ্টিত হৈ আছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ পাই অত্যন্ত ধন্য আৰু আনন্দিত। আনকি তেওঁলোকে এই আশা আৰু প্ৰতীক্ষা কৰি আছে যে, তেওঁলোকৰ আন আন ভাতৃসকলে, যিসকল পৃথিৱীত আছে তেওঁলোকৰ সৈতে শীঘ্ৰেই আহি মিলিত হয়। এইসকল লোকেও যদি তেওঁলোকৰ দৰে আল্লাহৰ পথত শ্বহীদ হয় তেন্তে এওঁলোকেও তেওঁলোকৰ দৰেই আল্লাহৰ অনুগ্ৰহপ্ৰাপ্ত হ’ব। আখিৰাতৰ বিষয় সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা সা-সামগ্ৰীৰ প্ৰতিও কোনো চিন্তা নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003170.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003170.mp3"},{"index":"171","arabicText":"یَسْتَبْشِرُوْنَ بِنِعْمَةٍ مِّنَ اللّٰهِ وَفَضْلٍ ۙ وَّاَنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"তেওঁলোকে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহ পাই আনন্দ প্ৰকাশ কৰে। নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে।","footnotes":"","tafseer":"ইয়াৰ উপৰিও আল্লাহৰ তৰফৰ পৰা পাবলগীয়া মহাপ্ৰতিদান তথা ইয়াৰ বাহিৰে আৰু বহুত ডাঙৰ ডাঙৰ প্ৰতিদান লাভ কৰি তেওঁলোক সন্তুষ্ট। তেওঁলোকৰ আনন্দৰ এটা কাৰণ এইটোও যে, আল্লাহে ঈমান্দাৰসকলৰ প্ৰতিফল বিনষ্ট নকৰে। বৰং তেওঁলোকক পৰিপূৰ্ণ প্ৰতিদান আনকি তাতকৈও অধিক প্ৰতিদান প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003171.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003171.mp3"},{"index":"172","arabicText":"اَلَّذِیْنَ اسْتَجَابُوْا لِلّٰهِ وَالرَّسُوْلِ مِنْ بَعْدِ مَاۤ اَصَابَهُمُ الْقَرْحُ ۛؕ لِلَّذِیْنَ اَحْسَنُوْا مِنْهُمْ وَاتَّقَوْا اَجْرٌ عَظِیْمٌ ۟ۚ","assameseTranslation":"যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল। তেওঁলোকৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে আৰু তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।","footnotes":"","tafseer":"উহুদৰ যুদ্ধত মুছলিমসকলে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত, যেতিয়া তেওঁলোকক হামৰাউল আছাদৰ যুদ্ধত মুশ্বৰিকসকলৰ লগত মুকাবালা কৰিবলৈ আৰু আল্লাহৰ পথত যুদ্ধ কৰিবলৈ আহ্বান কৰা হ’ল, সেই সময়ত যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল আৰু তেওঁলোকৰ আঘাতে তেওঁলোকক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ মানিবলৈ বাধা দিয়া নাছিল, তেওঁলোকৰ মাজৰ যিসকলে সত্কৰ্ম কৰিছে তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003172.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003172.mp3"},{"index":"173","arabicText":"اَلَّذِیْنَ قَالَ لَهُمُ النَّاسُ اِنَّ النَّاسَ قَدْ جَمَعُوْا لَكُمْ فَاخْشَوْهُمْ فَزَادَهُمْ اِیْمَانًا ۖۗ وَّقَالُوْا حَسْبُنَا اللّٰهُ وَنِعْمَ الْوَكِیْلُ ۟","assameseTranslation":"তেওঁলোকক মানুহে কৈছিল, ‘তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা উচিত’, কিন্তু এই কথাই তেওঁলোকৰ ঈমান আৰু অধিক বৃদ্ধিহে কৰিলে লগতে তেওঁলোকে ক’লে, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ কিমান যে উত্তম কৰ্মবিধায়ক’!","footnotes":"","tafseer":"এওঁলোককেই কিছুমান মুশ্বৰিকে কৈছিলঃ কুৰাইছসকলে আবু ছুফিয়ানৰ নেতৃত্বত তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আৰু তোমালোকক নিঃশেষ কৰিবলৈ এটা বৃহত সৈন্যবাহিনী প্ৰস্তুত কৰিছে। গতিকে সিহঁতক ভয় কৰা আৰু সিহঁতৰ মুখামুখী হ’বলৈ বিৰত থাকা। কিন্তু সিহঁতৰ এই কথা আৰু ভয় প্ৰদৰ্শনে আল্লাহৰ প্ৰতি তেওঁলোকৰ ভৰসা আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বাস, অধিক বৃদ্ধি কৰি দিলে। তেওঁলোকে এই কথা কৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰিবলৈ ওলাই পৰিল যে, আমাৰ বাবে আল্লাহেই যথেষ্ট। তেওঁ অতি উত্কৃষ্ট, যাৰ ওচৰত আমি আমাৰ সকলো বিষয় অৰ্পন কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003173.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003173.mp3"},{"index":"174","arabicText":"فَانْقَلَبُوْا بِنِعْمَةٍ مِّنَ اللّٰهِ وَفَضْلٍ لَّمْ یَمْسَسْهُمْ سُوْٓءٌ ۙ وَّاتَّبَعُوْا رِضْوَانَ اللّٰهِ ؕ وَاللّٰهُ ذُوْ فَضْلٍ عَظِیْمٍ ۟","assameseTranslation":"তাৰ পিছত তেওঁলোক আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহসহ উভতি আহিছিল, কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল; (জানি থোৱা) আল্লাহ মহা অনুগ্ৰহশীল।","footnotes":"","tafseer":"হামৰাউল আছাদলৈ তেওঁলোকে ওলাই অহাৰ পিছত, তেওঁলোকে আল্লাহৰ তৰফৰ পৰা বহুত ডাঙৰ প্ৰতিফল লৈ উভতিছিল। তেওঁলোকৰ মৰ্যদা বৃদ্ধি পাইছিল লগতে শত্ৰুসকলৰ পৰা সুৰক্ষিতও হৈছিল, ফলত তেওঁলোকে শ্বহীদো হোৱা নাছিল আৰু আঘাত প্ৰাপ্তও হোৱা নাছিল। তেওঁলোকে এনেকুৱা কথাৰ অনুসৰণ কৰিছিল, যিটো আল্লাহে পছন্দ কৰে। যেনে- তেওঁৰ আনুগত্যত অটল থকা লগতে তেওঁৰ অৱজ্ঞাৰ পৰা আঁতৰত থকা। নিশ্চয় আল্লাহ তেওঁৰ মুমিন বান্দাসকলৰ প্ৰতি অত্যন্ত দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003174.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003174.mp3"},{"index":"175","arabicText":"اِنَّمَا ذٰلِكُمُ الشَّیْطٰنُ یُخَوِّفُ اَوْلِیَآءَهٗ ۪ فَلَا تَخَافُوْهُمْ وَخَافُوْنِ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟","assameseTranslation":"দৰাচলতে সেই (ভয় দেখুৱা ব্যক্তি)জন আছিল চয়তান। যিয়ে তোমালোকক তাৰ (কাফিৰ) বন্ধুসকলৰ ভয় দেখুৱায়; এতেকে যদি তোমালোকে মুমিন হোৱা, তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।","footnotes":"","tafseer":"তোমালোকক ভয় দেখুৱাজন হৈছে চয়তান। সি নিজৰ সহযোগী আৰু এজেন্টসকলৰ দ্বাৰা তোমালোকক ভীত-সন্ত্ৰস্ত কৰিবলৈ প্ৰয়াস কৰে। এতেকে তোমালোকে সিহঁতৰ সন্মুখত দুৰ্বলতা নেদেখুৱাবা। কিয়নো সিহঁতৰ ওচৰত কোনো শক্তি নাই। এতেকে আল্লাহৰ আনুগত্য কৰি কেৱল তেওঁকেই ভয় কৰা। যদিহে তোমালোক প্ৰকৃত মুমিন হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003175.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003175.mp3"},{"index":"176","arabicText":"وَلَا یَحْزُنْكَ الَّذِیْنَ یُسَارِعُوْنَ فِی الْكُفْرِ ۚ اِنَّهُمْ لَنْ یَّضُرُّوا اللّٰهَ شَیْـًٔا ؕ یُرِیْدُ اللّٰهُ اَلَّا یَجْعَلَ لَهُمْ حَظًّا فِی الْاٰخِرَةِ ۚ وَلَهُمْ عَذَابٌ عَظِیْمٌ ۟","assameseTranslation":"যিসকলে কুফুৰীৰ ফালে দ্ৰুতগামী, সিহঁতৰ আচৰণে যেন তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে। সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অংশ দিব নিবিচাৰে; আৰু সিহঁতৰ বাবে আছে মহা শাস্তি।","footnotes":"","tafseer":"হে ৰাছুল! মুনাফিকসকলৰ মাজৰ যিসকলে পিছমোৱা হৈ কুফৰৰ পিনে অতি দ্ৰুত গতিত পলায়ন কৰি আছে, সিহঁতৰ বিষয়ে আপুনি দুখ নকৰিব। কিয়নো সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ আনুগত্যৰ পৰা দুৰ হৈ সিহঁতে নিজৰেই ক্ষতি সাধন কৰি আছে। আল্লাহে সিহঁতক এই কাৰণে এৰি দিছে আৰু তাওফীক দিয়া নাই, যাতে আখিৰাতৰ নিয়ামতৰ পৰা সিহঁত বঞ্চিত হয়, আৰু সিহঁতৰ বাবে জাহান্নামত আছে অতি কঠিন শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003176.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003176.mp3"},{"index":"177","arabicText":"اِنَّ الَّذِیْنَ اشْتَرَوُا الْكُفْرَ بِالْاِیْمَانِ لَنْ یَّضُرُّوا اللّٰهَ شَیْـًٔا ۚ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমানৰ বিনিময়ত কুফুৰী কিনি লৈছে সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"নিশ্চয় যিসকলে ঈমানৰ পৰিবৰ্তে কুফৰী ক্ৰয় কৰিছে, সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং সিহঁত নিজেই নিজৰ ক্ষতি সাধন কৰি আছে, আৰু আখিৰাতত আছে সিহঁতৰ বাবে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003177.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003177.mp3"},{"index":"178","arabicText":"وَلَا یَحْسَبَنَّ الَّذِیْنَ كَفَرُوْۤا اَنَّمَا نُمْلِیْ لَهُمْ خَیْرٌ لِّاَنْفُسِهِمْ ؕ اِنَّمَا نُمْلِیْ لَهُمْ لِیَزْدَادُوْۤا اِثْمًا ۚ وَلَهُمْ عَذَابٌ مُّهِیْنٌ ۟","assameseTranslation":"কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে, আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ বাবে মঙ্গলজনক; বৰং আমি সিহঁতক এইকাৰণে অৱকাশ দিওঁ, যাতে সিহঁতৰ পাপৰাশি বৃদ্ধি হয়। কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।","footnotes":"","tafseer":"নিজ প্ৰতিপালকক অস্বীকাৰকাৰীসকলে আৰু তেওঁৰ চৰীয়তৰ লগত শত্ৰুতা পোষণকাৰীসকলে কেতিয়াও এই কথা ভাবিব নালাগে যে, সিহঁতক অৱকাশ দিয়াটো আৰু সিহঁতৰ কুফৰী কৰাৰ পিছতো সিহঁতক দীৰ্ঘায়ু কৰাটো সিহঁতৰ বাবে কল্যাণকৰ। বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে ভাবে। প্ৰকৃততে আমি সিহঁতক এই কাৰণে অৱকাশ দিওঁ, যাতে সিহঁতে বেছি বেছি পাপ কৰ্ম কৰি গুনাহ বৃ্দ্ধি কৰিব পাৰে। অৱশেষত সিহঁতৰ বাবে আছে অতি লাঞ্ছনাদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003178.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003178.mp3"},{"index":"179","arabicText":"مَا كَانَ اللّٰهُ لِیَذَرَ الْمُؤْمِنِیْنَ عَلٰی مَاۤ اَنْتُمْ عَلَیْهِ حَتّٰی یَمِیْزَ الْخَبِیْثَ مِنَ الطَّیِّبِ ؕ وَمَا كَانَ اللّٰهُ لِیُطْلِعَكُمْ عَلَی الْغَیْبِ وَلٰكِنَّ اللّٰهَ یَجْتَبِیْ مِنْ رُّسُلِهٖ مَنْ یَّشَآءُ ۪ فَاٰمِنُوْا بِاللّٰهِ وَرُسُلِهٖ ۚ وَاِنْ تُؤْمِنُوْا وَتَتَّقُوْا فَلَكُمْ اَجْرٌ عَظِیْمٌ ۟","assameseTranslation":"পৱিত্ৰক (মুমিনক) অপৱিত্ৰৰ (মুনাফিকৰ) পৰা পৃথক নকৰালৈকে তোমালোকে যি অৱস্থাত আছা সেই অৱস্থাত আল্লাহে মুমিনসকলক এৰি দিব নোৱাৰে। এইদৰে গায়েব (অদৃশ্য) সম্পৰ্কে তোমালোকক অৱহিত কৰাটোও আল্লাহৰ নিয়ম নহয়; কিন্তু (এইক্ষেত্ৰত) আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰা। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে তোমালোকৰ বাবে আছে মহা পুৰস্কাৰ।","footnotes":"","tafseer":"হে মুমিনসকল! এইটো আল্লাহৰ হিকমত নহয় যে, তেওঁ তোমালোকক মুনাফিকসকলৰ পৰা পৃথক নকৰাকৈ এইদৰেই মিশ্ৰিত হৈ থাকিবলৈ দিব, য’ত প্ৰকৃত মুমিনসকলক চিহ্নিত কৰিব পৰা নাযায়, বৰং তেওঁ তোমালোকক বিভিন্ন ধৰণৰ বিধান আৰু পৰীক্ষাৰ দ্বাৰা পৃথক কৰিব, যাতে এজন পৱিত্ৰ মুমিন, নিকৃষ্ট মুনাফিকৰ পৰা পৃথক হৈ যায়। আনহাতে আল্লাহৰ হিকমত এইটোও নহয় যে, তেওঁ তোমালোকক অদৃশ্যৰ সংবাদ দিব আৰু তোমালোকে নিজেই মুমিন আৰু মুনাফিকসকলৰ মাজত পাৰ্থক্য কৰিবা। বৰং আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজত যাক ইচ্ছা কৰে মনোনীত কৰি লয় আৰু তেওঁক কিছুমান অদৃশ্যৰ সংবাদ দিয়ে। যিদৰে তেওঁ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক মুনাফিকসকলৰ অৱস্থা সম্পৰ্কে সংবাদ দিছিল। এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি নিজৰ ঈমান মজবুত কৰা, যদি তোমালোকে প্ৰকৃত মুমিন হ’ব বিচৰা। লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি যদি তেওঁক ভয় কৰা, তেন্তে আল্লাহৰ ওচৰত তোমালোকৰ বাবে আছে মহা প্ৰতিফল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003179.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003179.mp3"},{"index":"180","arabicText":"وَلَا یَحْسَبَنَّ الَّذِیْنَ یَبْخَلُوْنَ بِمَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ هُوَ خَیْرًا لَّهُمْ ؕ بَلْ هُوَ شَرٌّ لَّهُمْ ؕ سَیُطَوَّقُوْنَ مَا بَخِلُوْا بِهٖ یَوْمَ الْقِیٰمَةِ ؕ وَلِلّٰهِ مِیْرَاثُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟۠","assameseTranslation":"আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে তাকলৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এই ধাৰণা নকৰে যে, সিহঁতৰ বাবে এইটো কল্যাণকৰ। বৰং এই (কৃপণতা) সিহঁতৰ বাবে অমঙ্গল। সিহঁতে যি সম্পত্তিকলৈ কৃপণতা কৰি আছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাৱদ্ধ কৰি দিয়া হ’ব। আকাশমণ্ডল আৰু পৃথিৱীৰ স্বত্বাধিকাৰী হৈছে একমাত্ৰ আল্লাহ। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"আল্লাহে প্ৰদান কৰা নিয়ামতক ব্যয় কৰিবলৈ যিসকলে কৃপণালী কৰে, আৰু তাৰ পৰা আল্লাহৰ অধিকাৰ আদায় নকৰে, সিহঁতে যেন ইয়াক নিজৰ বাবে কল্যাণ বুলি নাভাবে, বৰং এইটো হৈছে সিহঁতৰ বাবে অত্যন্ত অকল্যাণকৰ। কিয়নো সিহঁতে যি সম্পদৰ ক্ষেত্ৰত কৃপণালী কৰি আছে, সেইটো শীঘ্ৰেই কিয়ামতৰ দিনা শাস্তি স্বৰূপে সিহঁতৰ ডিঙিত হাৰ হৈ ওলমি থাকিব। আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিব। সকলো সৃষ্টি ধ্বংস হোৱাৰ পিছত কেৱল তেৱেঁই জীৱিত থাকিব। নিশ্চয় আল্লাহ তোমালোকৰ সূক্ষ্মতকৈ সূক্ষ্ম কৰ্ম সম্পৰ্কেও অৱগত। অচিৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003180.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003180.mp3"},{"index":"181","arabicText":"لَقَدْ سَمِعَ اللّٰهُ قَوْلَ الَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ فَقِیْرٌ وَّنَحْنُ اَغْنِیَآءُ ۘ سَنَكْتُبُ مَا قَالُوْا وَقَتْلَهُمُ الْاَنْۢبِیَآءَ بِغَیْرِ حَقٍّ ۙ وَّنَقُوْلُ ذُوْقُوْا عَذَابَ الْحَرِیْقِ ۟","assameseTranslation":"নিশ্চয় আল্লাহে সিহঁতৰ কথা শুনিছে যিসকলে কয়, ‘নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমিহে অভাৱমুক্ত’। নিশ্চয় আমি লিখি ৰাখিম সিহঁতৰ এই কথা আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টোও; আৰু আমি ক’ম, ‘তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা’।","footnotes":"","tafseer":"আল্লাহে ইয়াহুদীসকলৰ এই ককৰ্থন শুনিছে, যেতিয়া সিহঁতে কৈছে যে, নিশ্চয় আল্লাহ হৈছে অভাৱগ্ৰস্ত, কিয়নো তেওঁ আমাৰ পৰা ঋণ বিচাৰে। আনহাতে আমি হৈছোঁ ঐশৰ্যশীল, কিয়নো আমাৰ ওচৰত ধন আছে। নিশ্চয় আমি লিখি ৰাখিম নিজ প্ৰতিপালকৰ প্ৰতি আৰোপ কৰা সিহঁতৰ এই অপবাদ, লগতে অন্যায়ভাৱে ৰাছুলসকলক হত্যা কৰাৰ অপৰাধো লিপিবদ্ধ কৰিছোঁ। শীঘ্ৰেই আমি সিহঁতক কম যে, অগ্নিদগ্ধ হৈ জাহান্নামৰ শাস্তি ভোগ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003181.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003181.mp3"},{"index":"182","arabicText":"ذٰلِكَ بِمَا قَدَّمَتْ اَیْدِیْكُمْ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟ۚ","assameseTranslation":"এয়াই হৈছে তোমালোকৰ কৃতকৰ্মৰ ফল আৰু নিশ্চয় আল্লাহ বান্দাহসকলৰ প্ৰতি অন্যায়কাৰী নহয়।","footnotes":"","tafseer":"হে ইয়াহুদীসকল! এই শাস্তি তোমালোকৰ নিজৰ গুনাহ আৰু কুকৰ্মৰ কাৰণেহে। জানি থোৱা! আল্লাহে তেওঁৰ কোনো বান্দাৰ প্ৰতিয়েই অন্যায়-অত্যাচাৰ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003182.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003182.mp3"},{"index":"183","arabicText":"اَلَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ عَهِدَ اِلَیْنَاۤ اَلَّا نُؤْمِنَ لِرَسُوْلٍ حَتّٰی یَاْتِیَنَا بِقُرْبَانٍ تَاْكُلُهُ النَّارُ ؕ قُلْ قَدْ جَآءَكُمْ رُسُلٌ مِّنْ قَبْلِیْ بِالْبَیِّنٰتِ وَبِالَّذِیْ قُلْتُمْ فَلِمَ قَتَلْتُمُوْهُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"যিসকলে কয়, ‘নিশ্চয় আল্লাহে আমাক অঙ্গীকাৰ দিছিল যে, আমি যাতে কোনো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কুৰবানী নকৰিব যিটোক অগ্নি শিখাই খাই পেলাব’। সিহঁতক কোৱা, ‘মোৰ আগত বহুতো ৰাছুল স্পষ্ট নিদৰ্শনলৈ আহিছিল আৰু তোমালোকে যি কৈ আছা সেইটোসহ তোমালোকৰ ওচৰলৈ আহিছিল, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কিয় তোমালোকে তেওঁলোকক হত্যা কৰিছিলা’।","footnotes":"","tafseer":"ইহঁতেই মিছা আৰোপ লগাই কৈছিলঃ “আল্লাহে আমাক তেওঁৰ গ্ৰন্থ আৰু নবীৰ জৰিয়তে উপদেশ দিছে যে, আমি যেন কোনো ৰাছুলৰ প্ৰতি তেতিয়ালৈকে ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তেওঁ নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ কোনো অলৌকিকতা লৈ নাহিব। লগতে ইয়াৰ পদ্ধতি হ’ব লাগিব এই ধৰণৰ যে, তেওঁ আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ দান কৰিব, আৰু সেই দানকৃত বস্তুটোক আকাশৰ পৰা জুই আহি জ্বলাই দিব লাগিব”। দৰাচলতে সিহঁতে আল্লাহৰ এই অচিয়তৰ ক্ষেত্ৰত আৰু ৰাছুলসকলৰ সত্যতা প্ৰমাণৰ সীমাবদ্ধতাৰ ক্ষেত্ৰত মিছা পন্থা অৱলম্বন কৰিছে। সেই কাৰণে মহান আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আদেশ দিছে যে, আপুনি সিহঁতক কৈ দিয়ক যে, মোৰ পূৰ্বে অহা ৰাছুলসকলে তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ লৈ আহিছিল, লগতে তোমালোকে বিৱৰণ দিয়া সেই কুৰবানীও লৈ আহিছিল যিটোক আকাশৰ পৰা অহা জুয়ে জ্বলাইছে। এতেকে যদি তোমালোকে নিজৰ কথাত সত্যবাদী হোৱাহেঁতেন তেন্তে তোমালোকে তেওঁলোকক কিয় অস্বীকাৰ কৰিছিলা আৰু তেওঁলোকক কিয় হত্যা কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003183.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003183.mp3"},{"index":"184","arabicText":"فَاِنْ كَذَّبُوْكَ فَقَدْ كُذِّبَ رُسُلٌ مِّنْ قَبْلِكَ جَآءُوْ بِالْبَیِّنٰتِ وَالزُّبُرِ وَالْكِتٰبِ الْمُنِیْرِ ۟","assameseTranslation":"এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিসকল ৰাছুল স্পষ্ট নিদৰ্শনলৈ, আচমানী ছহীফা আৰু দিপ্তিমান কিতাবলৈ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।","footnotes":"","tafseer":"হে নবী! যদি সিহঁতে আপোনাক অস্বীকাৰ কৰিছে তেন্তে আপুনি চিন্তিত নহ’ব। কাফিৰসকলৰ এইটোৱে চৰিত্ৰ। আপোনাৰ পূৰ্বেও বহুতো ৰাছুলক অস্বীকাৰ কৰা হৈছে। তেওঁলোকে স্পষ্ট প্ৰমাণ, উপদেশমূলক গ্ৰন্থ, য’ত আছিল বিধি-বিধান আৰু চৰীয়তৰ পিনে পথপ্ৰদৰ্শনকাৰী নিৰ্দেশনা আদিও লৈ আহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003184.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003184.mp3"},{"index":"185","arabicText":"كُلُّ نَفْسٍ ذَآىِٕقَةُ الْمَوْتِ ؕ وَاِنَّمَا تُوَفَّوْنَ اُجُوْرَكُمْ یَوْمَ الْقِیٰمَةِ ؕ فَمَنْ زُحْزِحَ عَنِ النَّارِ وَاُدْخِلَ الْجَنَّةَ فَقَدْ فَازَ ؕ وَمَا الْحَیٰوةُ الدُّنْیَاۤ اِلَّا مَتَاعُ الْغُرُوْرِ ۟","assameseTranslation":"প্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব। এতেকে যাক জুইৰ পৰা আঁতৰত ৰখা হ’ব, আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ’ব, তেৱেঁই হৈছে সফল। পাৰ্থিৱ জীৱনটো ছলনাময় ভোগৰ বাহিৰে আন একো নহয়।","footnotes":"","tafseer":"প্ৰত্যেক প্ৰাণীয়েই, সি যিয়েই নহওক কিয়, মৃত্যুৰ সোৱাদ ল’বই লাগিব। এতেকে কোনো সৃষ্টিয়েই এই পৃথিৱীৰ মোহত পৰিব নালাগে। কিয়ামতৰ দিনা তোমালোকক নিজৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হ’ব, কোনো ধৰণৰ হ্ৰাস নকৰাকৈ। এতেকে আল্লাহে যাক জাহান্নামৰ পৰা দূৰৈত ৰাখিব আৰু জান্নাতত প্ৰৱেশ কৰাব, তেন্তে জানি থোৱা, তেৱেঁই সেই কল্যাণ লাভ কৰিব, যিটো তেওঁ আশা কৰিছিল, লগতে সেই অকল্যাণৰ পৰা ৰক্ষা পাব, যিটোক তেওঁ ভয় কৰিছিল। পাৰ্থিৱ জীৱন হৈছে ধ্বংসশীল এটা সামগ্ৰী। ইয়াৰ প্ৰতি কেৱল ব্যৰ্থ ব্যক্তিয়েহে মনোনিবেশ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003185.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003185.mp3"},{"index":"186","arabicText":"لَتُبْلَوُنَّ فِیْۤ اَمْوَالِكُمْ وَاَنْفُسِكُمْ ۫ وَلَتَسْمَعُنَّ مِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلِكُمْ وَمِنَ الَّذِیْنَ اَشْرَكُوْۤا اَذًی كَثِیْرًا ؕ وَاِنْ تَصْبِرُوْا وَتَتَّقُوْا فَاِنَّ ذٰلِكَ مِنْ عَزْمِ الْاُمُوْرِ ۟","assameseTranslation":"নিশ্চয় তোমালোকক তোমালোকৰ ধন-সম্পদ আৰু নিজৰ জীৱন সম্পৰ্কে পৰীক্ষা কৰা হ’ব। তোমালোকৰ পূৰ্বে যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ পৰা আৰু মুশ্বৰিকসকলৰ পৰা তোমালোকে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় সেয়া হ’ব দৃঢ় সংকল্পৰ কাম।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকক তোমালোকৰ ধন-সম্পত্তিৰ ক্ষেত্ৰত নিশ্চয় পৰীক্ষা কৰা হ’ব যে, তোমালোকে এই ক্ষেত্ৰত আৱশ্যকীয় অধিকাৰসমূহ আদায় কৰিছা নে নাই। আনকি এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিপদ-আপদৰ দ্বাৰাও তোমালোকক পৰীক্ষা কৰা হ’ব। লগতে তোমালোকক আৰু পৰীক্ষা কৰা হ’ব চৰীয়তৰ আদেশ পালন তথা বিভিন্ন প্ৰকাৰৰ মুচিবতৰ দ্বাৰা। লগতে তোমালোকে ইয়াহুদী, খ্ৰীষ্টান আৰু মুশ্বৰিকসকলৰ ফালৰ পৰা তোমালোকৰ বিষয়ে তথা তোমালোকৰ দ্বীনৰ বিষয়ে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। এইবোৰ বিপদ-আপদ আৰু কষ্টত যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰত থাকি তেওঁক ভয় কৰা, তেন্তে এইটো হৈছে এটা এনেকুৱা কাম, যাৰ বাবে প্ৰয়োজন হয় মজবুত সংকল্পৰ। এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003186.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003186.mp3"},{"index":"187","arabicText":"وَاِذْ اَخَذَ اللّٰهُ مِیْثَاقَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ لَتُبَیِّنُنَّهٗ لِلنَّاسِ وَلَا تَكْتُمُوْنَهٗ ؗ فَنَبَذُوْهُ وَرَآءَ ظُهُوْرِهِمْ وَاشْتَرَوْا بِهٖ ثَمَنًا قَلِیْلًا ؕ فَبِئْسَ مَا یَشْتَرُوْنَ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া আল্লাহে কিতাবীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে, ‘নিশ্চয় তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা’। ইয়াৰ পিছতো সিহঁতে ইয়াক (অগ্ৰাহ্য কৰি) সিহঁতৰ পিছফালে পেলাই দিছিল আৰু তুচ্ছ মুল্যত বিক্ৰী কৰিছিল, গতিকে সিহঁতে যিটো ক্ৰয় কৰে সেয়া কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"হে নবী! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আল্লাহে ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ধৰ্মগুৰসকলৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল যে, তোমালোকে আল্লাহৰ গ্ৰন্থ মানুহৰ সন্মুখত পাঠ কৰিবা, আৰু তাৰ ভিতৰত যি হিদায়ত আছে সেয়া গোপন নকৰিবা। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে বৰ্ণিত হোৱা ভৱিষ্যত বাণীকো গোপন নকৰিবা। কিন্তু সিহঁতে এই অঙ্গীকাৰক পিছফালে পেলাই দিলে আৰু সেই পিনে ঘূৰিও নাচালে। এতেকে সিহঁতে সত্য গোপন কৰি অসত্য প্ৰকাশ কৰিছে, আৰু সিহঁতে আল্লাহৰ অঙ্গীকাৰৰ বিনিময়ত একেবাৰে তুচ্ছ মূল্য গ্ৰহণ কৰিছে। যেনে- পদ আৰু ধন-সম্পত্তি আদি। এয়া কিমান যে নিকৃষ্ট মূল্য যিটো সিহঁতে আল্লাহৰ অঙ্গীকাৰৰ বিনিমত গ্ৰহণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003187.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003187.mp3"},{"index":"188","arabicText":"لَا تَحْسَبَنَّ الَّذِیْنَ یَفْرَحُوْنَ بِمَاۤ اَتَوْا وَّیُحِبُّوْنَ اَنْ یُّحْمَدُوْا بِمَا لَمْ یَفْعَلُوْا فَلَا تَحْسَبَنَّهُمْ بِمَفَازَةٍ مِّنَ الْعَذَابِ ۚ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"যিসকলে নিজৰ কৃতকৰ্মকলৈ আনন্দ প্ৰকাশ কৰে আৰু যিটো কাম নিজে কৰা নাই তেনেকুৱা কামৰ বাবেও প্ৰশংসিত হ’বলৈ ভালপায়, তুমি কেতিয়াও ধাৰণা নকৰিবা যে, সিহঁতে শাস্তিৰ পৰা মুক্তি পাব; সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"হে নবী! যিসকলে বেয়া কাম কৰি ভাল পায়, লগতে সিহঁতে এইটো বিচাৰে যে, মানুহে সিহঁতক এনেকুৱা সত্কৰ্ম সৈতে সম্পৃক্ত কৰি প্ৰশংসা কৰক যিটো সিহঁতে কৰা নাই, আপুনি সিহঁতক কেতিয়াও শাস্তিৰ পৰা সুৰক্ষিত থকা বুলি আৰু দুৰৈত থকা বুলি নাভাবিব। বৰং সিহঁতৰ ঠিকনা হৈছে জাহান্নাম, আৰু তাত সিহঁতক অতি কষ্টদায়ক শাস্তি বিহা হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003188.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003188.mp3"},{"index":"189","arabicText":"وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম ৰাজত্ব একমাত্ৰ আল্লাহৰেই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত যি যি আছে, সেই সকলোবোৰৰ সৃষ্টি আৰু পৰিচালনাৰ দায়িত্ব একমাত্ৰ আল্লাহৰেই হাতত। নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমতাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003189.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003189.mp3"},{"index":"190","arabicText":"اِنَّ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ وَاخْتِلَافِ الَّیْلِ وَالنَّهَارِ لَاٰیٰتٍ لِّاُولِی الْاَلْبَابِ ۟ۚۙ","assameseTranslation":"নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিত, লগতে ৰাতি আৰু দিনৰ পৰিৱৰ্তনৰ মাজত বিবেকসম্পন্ন লোকসকলৰ বাবে বহুতো নিদৰ্শনাৱলী আছে।","footnotes":"","tafseer":"নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো পূৰ্বৱৰ্তী উদাহৰণবিহীন সৃষ্টিত তথা দিন-ৰাতিৰ আৱৰ্তনত আৰু দিন-ৰাতিৰ দীঘল চুটি হোৱাত, সেইসকল লোকৰ বাবে স্পষ্ট নিদৰ্শন আছে, যিসকল সুস্থ বিবেকৰ অধিকাৰী। এইবোৰ নিদৰ্শনে পৃথিৱীৰ সেই সৃষ্টিকৰ্তাৰ প্ৰমাণ বহন কৰে, যিজন এককভাৱে ইবাদতৰ অধিকাৰী সত্ত্বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003190.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003190.mp3"},{"index":"191","arabicText":"الَّذِیْنَ یَذْكُرُوْنَ اللّٰهَ قِیٰمًا وَّقُعُوْدًا وَّعَلٰی جُنُوْبِهِمْ وَیَتَفَكَّرُوْنَ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ ۚ رَبَّنَا مَا خَلَقْتَ هٰذَا بَاطِلًا ۚ سُبْحٰنَكَ فَقِنَا عَذَابَ النَّارِ ۟","assameseTranslation":"যিসকলে থিয় হৈ, বহি আৰু শুই শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, লগতে কয়, ‘হে আমাৰ প্ৰতিপালক! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।","footnotes":"","tafseer":"এইসকল লোকেই থিয় হৈ, বহি আৰু শুই থাকিও আল্লাহক স্মৰণ কৰে, তথা আকাশ আৰু পৃথিৱীৰ সৃষ্টিত চিন্তা-গৱেষণা কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি ইমান ডাঙৰ সৃষ্টি এনেই সৃষ্টি কৰা নাই। নিশ্চয় তুমি উদ্দেশ্যহীন কৰ্মৰ পৰা পৱিত্ৰ। তুমি আমাক সত্কৰ্মৰ তাওফীক প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা আঁতৰাই ৰাখি, জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003191.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003191.mp3"},{"index":"192","arabicText":"رَبَّنَاۤ اِنَّكَ مَنْ تُدْخِلِ النَّارَ فَقَدْ اَخْزَیْتَهٗ ؕ وَمَا لِلظّٰلِمِیْنَ مِنْ اَنْصَارٍ ۟","assameseTranslation":"হে আমাৰ প্ৰতিপালক! ‘তুমি যাক জুইত নিক্ষেপ কৰিবা, নিশ্চয় তুমি তাক অপমান কৰিবা; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! তুমি যাক জাহান্নামত নিক্ষেপ কৰা, নিশ্চয় তুমি তাক লাঞ্ছিত কৰা। কিয়ামতৰ দিনা অন্যায়কাৰী সকলৰ বাবে কোনো সহায়ক নাথাকিব, যিয়ে সিহঁতক আল্লাহৰ আজাব আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003192.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003192.mp3"},{"index":"193","arabicText":"رَبَّنَاۤ اِنَّنَا سَمِعْنَا مُنَادِیًا یُّنَادِیْ لِلْاِیْمَانِ اَنْ اٰمِنُوْا بِرَبِّكُمْ فَاٰمَنَّا ۖۗ رَبَّنَا فَاغْفِرْ لَنَا ذُنُوْبَنَا وَكَفِّرْ عَنَّا سَیِّاٰتِنَا وَتَوَفَّنَا مَعَ الْاَبْرَارِ ۟ۚ","assameseTranslation":"হে আমাৰ প্ৰতিপালক! ‘আমি এজন আহ্বায়কক ঈমানৰ পিনে আহ্বান কৰা শুনিছোঁ যে, ‘তোমালোকে তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰা’। সেয়ে আমি ঈমান আনিছোঁ। হে আমাৰ প্ৰতিপালক! ‘তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ ত্ৰুটি-বিচ্যুতিসমূহ দূৰ কৰি দিয়া, লগতে আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা’।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! আমি এজন আহ্বায়কক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক) এই বুলি আহ্বান কৰা শুনিছোঁ, তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেৱেঁই তোমালোকৰ একমাত্ৰ ৰব্ব। এতেকে আমি তেওঁৰ কথা মানিছোঁ আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমল কৰিছোঁ। তুমি আমাৰ পাপসমূহ গোপনে ৰাখিবা আৰু আমাক অপমানিত নকৰিবা, লগতে আমাৰ ভুল-ত্ৰুটিবোৰ ক্ষমা কৰা আৰু সেই বিষয়ে আমাক জবাবদিহি নকৰিবা। লগতে আমাক ভাল কাম কৰিবলৈ আৰু বেয়া কৰ্মৰ পৰা বিৰত থকাৰ তাওফীক প্ৰদান কৰি আমাক সৎলোকৰ সৈতে মৃত্যু প্ৰদান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003193.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003193.mp3"},{"index":"194","arabicText":"رَبَّنَا وَاٰتِنَا مَا وَعَدْتَّنَا عَلٰی رُسُلِكَ وَلَا تُخْزِنَا یَوْمَ الْقِیٰمَةِ ؕ اِنَّكَ لَا تُخْلِفُ الْمِیْعَادَ ۟","assameseTranslation":"হে আমাৰ প্ৰতিপালক! ‘তোমাৰ ৰাছুলসকলৰ মাধ্যমত আমাক যিটো দিবলৈ প্ৰতিশ্ৰুতি দিছা সেয়া আমাক দান কৰা আৰু কিয়ামতৰ দিনা আমাক অপমান নকৰিবা। নিশ্চয় তুমি প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰা’।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! তুমি তোমাৰ ৰাছুলসকলৰ জৰিয়তে যিবোৰ বস্তুৰ প্ৰতিশ্ৰুতি দিছিলা, সেইবোৰ আমাক প্ৰদান কৰা। অৰ্থাৎ পৃথিৱীত হিদায়ত আৰু সহায় প্ৰদান কৰা, আৰু কিয়ামতৰ দিনা জাহান্নামত নিক্ষেপ কৰি আমাক অপমানিত নকৰিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি অতি দয়ালু, তুমি কেতিয়াও তোমাৰ প্ৰতিশ্ৰুতি ভঙ্গ নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003194.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003194.mp3"},{"index":"195","arabicText":"فَاسْتَجَابَ لَهُمْ رَبُّهُمْ اَنِّیْ لَاۤ اُضِیْعُ عَمَلَ عَامِلٍ مِّنْكُمْ مِّنْ ذَكَرٍ اَوْ اُ ۚ بَعْضُكُمْ مِّنْ بَعْضٍ ۚ فَالَّذِیْنَ هَاجَرُوْا وَاُخْرِجُوْا مِنْ دِیَارِهِمْ وَاُوْذُوْا فِیْ سَبِیْلِیْ وَقٰتَلُوْا وَقُتِلُوْا لَاُكَفِّرَنَّ عَنْهُمْ سَیِّاٰتِهِمْ وَلَاُدْخِلَنَّهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۚ ثَوَابًا مِّنْ عِنْدِ اللّٰهِ ؕ وَاللّٰهُ عِنْدَهٗ حُسْنُ الثَّوَابِ ۟","assameseTranslation":"তাৰ পিছত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ আহ্বানত সঁহাৰি দি ক’লে, ‘নিশ্চয় মই তোমালোকৰ মাজৰ আমলকাৰী কোনো নৰ বা নাৰীৰ আমল বিনষ্ট নকৰোঁ তোমালোকে ইজনে সিজনৰ অংশ। এতেকে যিসকলে হিজৰত কৰিছে, নিজ ঘৰৰ পৰা উৎখাত হৈছে, আৰু মোৰ পথত নিৰ্যাতিত হৈছে তথা যুদ্ধ কৰিছে লগতে নিহতও হৈছে, নিশ্চয় মই সিহঁতৰ পাপসমূহ মোচন কৰি দিম আৰু সিহঁতক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। এইটোৱে হৈছে আল্লাহৰ তৰফৰ পৰা পুৰস্কাৰ; আৰু উত্তম পুৰস্কাৰ আল্লাহৰ ওচৰতেই আছে’।","footnotes":"","tafseer":"তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকৰ প্ৰাৰ্থনা কবুল কৰিলে আৰু ক’লেঃ মই তোমালোকৰ কোনো কৰ্মৰে প্ৰতিদান বিনষ্ট নকৰোঁ, সেয়া কম হওক বা বেছি, আৰু আমলকাৰী নাৰী হওক অথবা পুৰুষ। এই উম্মতত তোমালোক সকলোৰে বিধান একেই। পুৰুষ হোৱাৰ কাৰণে কাকো ছোৱাব বৃদ্ধি কৰি দিয়া নহ’ব আৰু নাৰী হোৱাৰ কাৰণে কাৰো ছোৱাব হ্ৰাস কৰা নহ’ব। এতেকে যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে আৰু কাফিৰসকলে যিসকলক নিজৰ ঘৰৰ পৰা উলিয়াই দিছে, আল্লাহৰ আনুগত্য কৰাৰ ক্ষেত্ৰত যিসকলে কষ্টৰ সন্মুখীন হৈছে, আৰু আল্লাহৰ পতাকা উত্তোলন কৰাৰ নিমিত্তে যিসকলে আল্লাহৰ পথত যুদ্ধ কৰিছে আৰু শ্বহীদ হৈছে, আমি কিয়ামতৰ দিনা নিশ্চয় তেওঁলোকৰ গুনাহ ক্ষমা কৰি দিম, আৰু তেওঁলোকৰ পাপসমূহ মাৰ্জনা কৰিম, লগতে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ অট্টালিকাৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত থাকিব। এইটো হৈছে আল্লাহৰ তৰফৰ পৰা প্ৰতিদান। নিশ্চয় আল্লাহৰ ওচৰতেই আছে উত্তম প্ৰতিদান, যাৰ কোনো তুলনা নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003195.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003195.mp3"},{"index":"196","arabicText":"لَا یَغُرَّنَّكَ تَقَلُّبُ الَّذِیْنَ كَفَرُوْا فِی الْبِلَادِ ۟ؕ","assameseTranslation":"যিসকলে কুফুৰী কৰিছে, দেশ-বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।","footnotes":"","tafseer":"হে নবী! কাফিৰসকলৰ দেশ-বিদেশলৈ কৰা অবাধ বিচৰণে আৰু তাত থকা সিহঁতৰ ক্ষমতা লগতে সিহঁতৰ ব্যৱসায়িক প্ৰসাৰতা আৰু ধন-সম্পত্তিৰ বিস্তাৰে যাতে আপোনাক বিচলিত নকৰে। সিহঁতৰ এই অৱস্থাৰ ফলত আপোনাৰ যাতে চিন্তা আৰু দুখ অনুভৱ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003196.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003196.mp3"},{"index":"197","arabicText":"مَتَاعٌ قَلِیْلٌ ۫ ثُمَّ مَاْوٰىهُمْ جَهَنَّمُ ؕ وَبِئْسَ الْمِهَادُ ۟","assameseTranslation":"এইবোৰ হৈছে সামান্য ভোগ-বিলাস মাত্ৰ। ইয়াৰ পিছত জাহান্নামেই হৈছে সিহঁতৰ আবাস; আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!","footnotes":"","tafseer":"এই পৃথিৱী হৈছে কেৱল খন্তেকীয়া উপভোগৰ সামগ্ৰীহে মাত্ৰ, ইয়াৰ কোনো স্থায়ীত্ব নাই। ইয়াৰ পিছত ক্বিয়ামতৰ দিনা সিহঁতৰ প্ৰত্যাৱৰ্তনৰ ঠিকনা হৈছে জাহান্নাম। নিশ্চয় অগ্নি হ’ব সিহঁতৰ বাবে অতি নিকৃষ্ট বিছনা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003197.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003197.mp3"},{"index":"198","arabicText":"لٰكِنِ الَّذِیْنَ اتَّقَوْا رَبَّهُمْ لَهُمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا نُزُلًا مِّنْ عِنْدِ اللّٰهِ ؕ وَمَا عِنْدَ اللّٰهِ خَیْرٌ لِّلْاَبْرَارِ ۟","assameseTranslation":"কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য; আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম।","footnotes":"","tafseer":"কিন্তু যিসকলে আল্লাহৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, তেওঁলোকৰ বাবে আছে এনেকুৱা জান্নাত, যাৰ অট্টালিকাৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত থাকিব, য’ত তেওঁলোকে চিৰস্থায়ী হ’ব। এয়া হৈছে আল্লাহে প্ৰস্তুত কৰা প্ৰতিদান। আল্লাহে তেওঁৰ পূণ্যৱান বান্দাসকলৰ বাবে যি প্ৰস্তুত কৰি ৰাখিছে, সেয়া পৃথিৱীৰ সেই ভোগ-বিলাসতকৈ অধিকগুণ উত্তম, যি ভোগ-বিলাস কাফিৰসকলে উপভোগ কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003198.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003198.mp3"},{"index":"199","arabicText":"وَاِنَّ مِنْ اَهْلِ الْكِتٰبِ لَمَنْ یُّؤْمِنُ بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْكُمْ وَمَاۤ اُنْزِلَ اِلَیْهِمْ خٰشِعِیْنَ لِلّٰهِ ۙ لَا یَشْتَرُوْنَ بِاٰیٰتِ اللّٰهِ ثَمَنًا قَلِیْلًا ؕ اُولٰٓىِٕكَ لَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ؕ اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟","assameseTranslation":"আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা লোকো আছে যিসকলে আল্লাহৰ প্ৰতি বিনয়াৱনত হৈ তেওঁৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁ যি তোমালোকৰ আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ঈমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। তেওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰস্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।","footnotes":"","tafseer":"সকলো আহলে কিতাব একে নহয়। তেওঁলোকৰ মাজত এনেকুৱা এটা দলো আছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তোমালোকৰ ওপৰত অৱতীৰ্ণ হোৱা হিদায়ত আৰু সত্যৰ প্ৰতি ঈমান পোষণ কৰে তথা সেই সত্যৰ প্ৰতিও ঈমান পোষণ কৰে যিটো তেওঁলোকৰ গ্ৰন্থত অৱতীৰ্ণ কৰা হৈছিল। তেওঁলোকে আল্লাহৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰে। তেওঁলোকে আল্লাহৰ সন্মুখত তেওঁৰ প্ৰতিদানৰ আশাত শিৰ নত কৰিছে আৰু আত্মসমৰ্পণ কৰিছে। তেওঁলোকে আল্লাহৰ আয়াতৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্য গ্ৰহণ নকৰে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে বৰ ডাঙৰ প্ৰতিদান। নিশ্চয় আল্লাহে কৰ্মৰ অতি দ্ৰুত হিচাপ গ্ৰহণ কৰিব আৰু অতি সোনকালে ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003199.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003199.mp3"},{"index":"200","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اصْبِرُوْا وَصَابِرُوْا وَرَابِطُوْا ۫ وَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟۠","assameseTranslation":"হে মুমিনসকল! তোমালোকে ধৈৰ্য্য ধাৰণ কৰা আৰু ধৈৰ্য্য ধাৰণত প্ৰতিযোগিতা কৰা, লগতে সদায় যুদ্ধৰ বাবে প্ৰস্তুত থাকিবা। আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে সফল হ’ব পাৰা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰাছুলৰ অনুসাৰীসকল! তোমালোকে চৰীয়তৰ আদেশসমূহ নিয়মিতভাৱে পালন কৰা তথা পাৰ্থিৱ বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰা, আৰু ধৈৰ্য্য ধাৰণৰ ক্ষেত্ৰত কাফিৰসকলৰ মুকাবিলা কৰা, যাতে ধৈৰ্য্য ধাৰণত সিহঁত তোমালোকক চেৰ পেলাব নোৱাৰে। লগতে আল্লাহৰ পথত যুদ্ধৰ সময়ত অটল থাকিবা আৰু তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। যাতে তোমালোকৰ উদ্দেশ্য সফল হয় অৰ্থাৎ জাহান্নামৰ পৰা মুক্তি পোৱা আৰু জান্নাতত প্ৰৱেশ কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/003200.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/003200.mp3"}]