[{"index":"1","arabicText":"الٓمّٓ ۟ۚ","assameseTranslation":"আলিফ-লাম-মীম।[1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030001.mp3"},{"index":"2","arabicText":"غُلِبَتِ الرُّوْمُ ۟ۙ","assameseTranslation":"ৰোমানসকল পৰাজিত হৈছে,","footnotes":"","tafseer":"পাৰস্যসকলে ৰোমানসকলক পৰাজিত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030002.mp3"},{"index":"3","arabicText":"فِیْۤ اَدْنَی الْاَرْضِ وَهُمْ مِّنْ بَعْدِ غَلَبِهِمْ سَیَغْلِبُوْنَ ۟ۙ","assameseTranslation":"নিকটৱৰ্তী অঞ্চলত, কিন্তু সিহঁতে সিহঁতৰ এই পৰাজয়ৰ পিছত শীঘ্ৰেই বিজয়ী হ’ব,","footnotes":"","tafseer":"শ্বাম দেশৰ সেইবোৰ ক্ষেত্ৰত যিবোৰ পাৰস্যদেশৰ নিকটৱৰ্তী। আনহাতে ৰোমানসকলে পাৰস্যসকলৰ ওচৰত পৰাজিত হোৱাৰ পিছত শীঘ্ৰেই বিজয় লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030003.mp3"},{"index":"4","arabicText":"فِیْ بِضْعِ سِنِیْنَ ؕ۬ لِلّٰهِ الْاَمْرُ مِنْ قَبْلُ وَمِنْ بَعْدُ ؕ وَیَوْمَىِٕذٍ یَّفْرَحُ الْمُؤْمِنُوْنَ ۟ۙ","assameseTranslation":"কিছু বছৰৰ ভিতৰতেই। আগৰ আৰু পিছৰ সকলো ফয়চালা আল্লাহৰেই; আৰু সেইদিনা মুমিনসকল আনন্দিত হ’ব,","footnotes":"","tafseer":"অতি কম সময়ৰ ভিতৰত অৰ্থাৎ তিনি বছৰৰ পৰা দহ বছৰ সময়ছোৱাৰ ভিতৰত। দৰাচলতে সকলো বিষয়ৰ নিয়ন্ত্ৰণ হৈছে আল্লাহৰ হাতত। ৰোমানসকলৰ বিজয়ৰ আগতো আৰু পিছতো। এতেকে যিদিনা ৰোমানসকলে পাৰস্যবাসীক পৰাজিত কৰিব, সেইদিনা মুমিনসকলে উৎফুল্লিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030004.mp3"},{"index":"5","arabicText":"بِنَصْرِ اللّٰهِ ؕ یَنْصُرُ مَنْ یَّشَآءُ ؕ وَهُوَ الْعَزِیْزُ الرَّحِیْمُ ۟ۙ","assameseTranslation":"আল্লাহৰ সহায়ত। তেওঁ যাক ইচ্ছা কৰে সহায় কৰে আৰু তেৱেঁই প্ৰবলপৰাক্ৰমী, পৰম দয়ালু।","footnotes":"","tafseer":"ৰোমানসকলে আল্লাহৰ সহায় লাভ কৰাৰ বাবে মুমিনসকলে আনন্দিত হ'ব। কাৰণ সিহঁত হৈছে আহলে কিতাব। আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ বিৰুদ্ধে ইচ্ছা কৰে সহায় কৰে। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030005.mp3"},{"index":"6","arabicText":"وَعْدَ اللّٰهِ ؕ لَا یُخْلِفُ اللّٰهُ وَعْدَهٗ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"এইটো আল্লাহৰেই প্ৰতিশ্ৰুতি, আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে, কিন্তু অধিকাংশ মানুহেই নাজানে।","footnotes":"","tafseer":"এই সহায়টো দৰাচলতে আল্লাহৰ প্ৰতিশ্ৰুতি আছিল। আল্লাহে নিজৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। এইটো পূৰণ হোৱাৰ পিছত, সহায়ৰ বাবে আল্লাহে দিয়া আন আন প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত মুমিনসকলৰ বিশ্বাস আৰু অধিক মজবুত হৈছে। কিন্তু অধিকাংশ লোকে কুফৰীত লিপ্ত থকাৰ কাৰণে এই বিষয়টো বুজি নাপায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030006.mp3"},{"index":"7","arabicText":"یَعْلَمُوْنَ ظَاهِرًا مِّنَ الْحَیٰوةِ الدُّنْیَا ۖۚ وَهُمْ عَنِ الْاٰخِرَةِ هُمْ غٰفِلُوْنَ ۟","assameseTranslation":"সিহঁতে পাৰ্থিৱ জীৱনৰ বাহ্যিক দিশ সম্পৰ্কে অৱগত, আৰু আখিৰাত সম্পৰ্কে সিহঁত উদাসীন।","footnotes":"","tafseer":"সিহঁতে ঈমান সম্পৰ্কেও নাজানে আৰু চৰীয়ত সম্পৰ্কেও অৱগত নহয়। সিহঁতে কেৱল পাৰ্থিৱ জীৱনৰ বাহ্যিক দিশটোহে জানে। অৰ্থাৎ সিহঁতৰ সম্পৰ্ক কেৱল জীৱিকা উপাৰ্জন আৰু ভৌতিক সভ্যতাৰ লগত। প্ৰকৃত জীৱনৰ ঘৰৰ পৰা অৰ্থাৎ আখিৰাতৰ পৰা সিহঁত বিমুখ হৈ আছে। ইয়াৰ প্ৰতি সিহঁতে অকণো মনোনিৱেশ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030007.mp3"},{"index":"8","arabicText":"اَوَلَمْ یَتَفَكَّرُوْا فِیْۤ اَنْفُسِهِمْ ۫ مَا خَلَقَ اللّٰهُ السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَاۤ اِلَّا بِالْحَقِّ وَاَجَلٍ مُّسَمًّی ؕ وَاِنَّ كَثِیْرًا مِّنَ النَّاسِ بِلِقَآئِ رَبِّهِمْ لَكٰفِرُوْنَ ۟","assameseTranslation":"সিহঁতে নিজৰ অন্তৰত ভাবি নাচায় নেকি? আল্লাহে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু সৃষ্টি কৰিছে যথাযথভাৱে আৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে। নিশ্চয় মানুহৰ মাজৰ বহুতেই নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে অবিশ্বাসী।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰী মুশ্বৰিকসকলে নিজৰ অস্তিত্বক লৈ চিন্তা-চৰ্চা নকৰে নেকি, কিদৰে আল্লাহে সিহঁতক সৃষ্টি কৰিছে আৰু কেনেকৈ সঠিক আকৃতি প্ৰদান কৰিছে? আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক তথা এই দুয়োৰে মাজত থকা সকলো বস্তুক সত্য সহকাৰে সৃষ্টি কৰিছে। এইবোৰক তেওঁ অনৰ্থক সৃষ্টি কৰা নাই। এইবোৰৰ কাৰণে তেওঁ এটা ম্যাদো নিৰ্ধাৰণ কৰিছে। নিশ্চয় বহুতো মানুহে কিয়ামতৰ দিনা হ’বলগীয়া নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে। সেইকাৰণেই সিহঁতে নিজ প্ৰতিপালকৰ সন্তুষ্টিমূলক নেক কৰ্মবোৰ কৰি পুনৰুত্থানৰ বাবে প্ৰস্তুতি গ্ৰহণ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030008.mp3"},{"index":"9","arabicText":"اَوَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَیَنْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ مِنْ قَبْلِهِمْ ؕ كَانُوْۤا اَشَدَّ مِنْهُمْ قُوَّةً وَّاَثَارُوا الْاَرْضَ وَعَمَرُوْهَاۤ اَكْثَرَ مِمَّا عَمَرُوْهَا وَجَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ ؕ فَمَا كَانَ اللّٰهُ لِیَظْلِمَهُمْ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟ؕ","assameseTranslation":"সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈও প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু ইহঁতে যিমান নিৰ্মাণ কৰিছে তাতকৈও অধিক নিৰ্মাণ সিহঁতে কৰিছিল। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণসহ আহিছিল। দৰাচলতে আল্লাহ এনেকুৱা নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।","footnotes":"","tafseer":"ইহঁতে পৃথিৱীত চলাফুৰা নকৰে নেকি, তেতিয়াহে চিন্তা-চৰ্চা কৰিব পাৰিলেহেঁতেন যে, ইহঁতৰ পূৰ্বে যিসকলে অস্বীকাৰ কৰিছিল সিহঁতৰ কি দশা হৈছিল? সেই উম্মতসমূহ ইহঁততকৈও শক্তিশালী আছিল। সিহঁতে প্ৰচুৰ পৰিমাণে খেতি-বাতি কৰিছিল আৰু নিৰ্মাণ কাৰ্য্য কৰিছিল। ইহঁততকৈ সিহঁতেই অধিক উন্নতি কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে যেতিয়া আল্লাহৰ তাওহীদৰ স্পষ্ট দলিল-প্ৰমাণসমূহ লৈ আগমন কৰিছিল, তেতিয়া সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আল্লাহে সিহঁতক ধ্বংস কৰি অন্যায় কৰা নাই। বৰং সিহঁতে কুফৰী কৰি আৰু নিজকে ধ্বংসৰ গৰাহত নিক্ষেপ কৰি নিজৰেই ক্ষতি কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030009.mp3"},{"index":"10","arabicText":"ثُمَّ كَانَ عَاقِبَةَ الَّذِیْنَ اَسَآءُوا السُّوْٓاٰۤی اَنْ كَذَّبُوْا بِاٰیٰتِ اللّٰهِ وَكَانُوْا بِهَا یَسْتَهْزِءُوْنَ ۟۠","assameseTranslation":"এতেকে যিসকলে বেয়া কৰিছিল সিহঁতৰ পৰিণামো হৈছিল বেয়া, কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু তাকলৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল।","footnotes":"","tafseer":"যিসকলে নিজৰ কৰ্মক কলুষিত কৰি আল্লাহৰ লগত শ্বিৰ্ক কৰিছিল, আৰু পাপকৰ্মত লিপ্ত আছিল, সিহঁতৰ পৰিণাম খুবেই বেয়া হৈছিল। কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, আৰু সেইবোৰক উপহাস কৰিছিল তথা তিৰস্কাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030010.mp3"},{"index":"11","arabicText":"اَللّٰهُ یَبْدَؤُا الْخَلْقَ ثُمَّ یُعِیْدُهٗ ثُمَّ اِلَیْهِ تُرْجَعُوْنَ ۟","assameseTranslation":"আল্লাহেই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব, তাৰ পিছত তোমালোকক তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।","footnotes":"","tafseer":"পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ আল্লাহেই সৃষ্টিৰ শুভাৰম্ভণি কৰিছে। তেৱেঁই এইবোৰক ধ্বংস কৰিব আৰু তেৱেঁই পুনৰুত্থিত কৰিব। তাৰ পিছত তোমালোকে কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030011.mp3"},{"index":"12","arabicText":"وَیَوْمَ تَقُوْمُ السَّاعَةُ یُبْلِسُ الْمُجْرِمُوْنَ ۟","assameseTranslation":"আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা অপৰাধীসকল হতাশ হৈ পৰিব।","footnotes":"","tafseer":"যিদিনা কিয়ামত সংঘটিত হ’ব, সেইদিনা অপৰাধীবিলাক আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰিব। তথা সিহঁতৰ আশাৰ বান্ধোন বিচ্ছিন্ন হৈ যাব। কাৰণ সিহঁতে আল্লাহৰ সন্মুখত কুফৰক সত্য বুলি প্ৰমাণ কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030012.mp3"},{"index":"13","arabicText":"وَلَمْ یَكُنْ لَّهُمْ مِّنْ شُرَكَآىِٕهِمْ شُفَعٰٓؤُا وَكَانُوْا بِشُرَكَآىِٕهِمْ كٰفِرِیْنَ ۟","assameseTranslation":"আৰু (আল্লাহৰ লগত কৰা) সিহঁতৰ শ্বৰিকসকল (সেইদিনা) সিহঁতৰ বাবে চুপাৰিছকাৰী নহ'ব আৰু সিহঁতে সিহঁতৰ শ্বৰিককৃত উপাস্যবোৰক অস্বীকাৰ কৰিব।","footnotes":"","tafseer":"পৃথিৱীত সিহঁতে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰৰ কোনেও সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ মধ্যস্ততা কৰাৰ বাবে আগবাঢ়ি নাহিব। সিহঁতে নিজৰ অংশীদাৰ স্থাপনৰ বিষয়টোক অস্বীকাৰ কৰি বহিব। কাৰণ সিহঁতে প্ৰকৃত প্ৰয়োজনৰ সময়ত সিহঁতক প্ৰৱঞ্চনা কৰিছে। আনহাতে ধ্বংসৰ ক্ষেত্ৰত সিহঁত সকলোৱেই সমান পৰ্যায়ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030013.mp3"},{"index":"14","arabicText":"وَیَوْمَ تَقُوْمُ السَّاعَةُ یَوْمَىِٕذٍ یَّتَفَرَّقُوْنَ ۟","assameseTranslation":"আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা সিহঁত বিভক্ত হৈ পৰিব।","footnotes":"","tafseer":"যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা মানুহে পৃথিৱীত কৰা সিহঁতৰ কৰ্মানুসাৰে প্ৰতিদান পোৱাৰ ক্ষেত্ৰত বেলেগ বেলেগ হ’ব। কিছুমান থাকিব জান্নাতৰ সুউচ্চ স্থানত। আকৌ আন কিছুমানক আটাইতকৈ নিকৃষ্ট স্থানত নিক্ষেপ কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030014.mp3"},{"index":"15","arabicText":"فَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَهُمْ فِیْ رَوْضَةٍ یُّحْبَرُوْنَ ۟","assameseTranslation":"এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সুখ-শান্তিত থাকিব;","footnotes":"","tafseer":"এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু এনেকুৱা সৎকৰ্ম কৰিছে যিবোৰ আল্লাহৰ দৃষ্টিত পছন্দনীয়; তেওঁলোকে জান্নাতৰ এনেকুৱা নিয়ামতৰ মাজত অৱস্থান কৰিব, যিবোৰ নিয়ামত কেতিয়াও সমাপ্ত নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030015.mp3"},{"index":"16","arabicText":"وَاَمَّا الَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَا وَلِقَآئِ الْاٰخِرَةِ فَاُولٰٓىِٕكَ فِی الْعَذَابِ مُحْضَرُوْنَ ۟","assameseTranslation":"যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে লগতে আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে, সেইসকল লোককেই শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।","footnotes":"","tafseer":"আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে আৰু আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ আয়াতসমূহক অস্বীকাৰ কৰিছে, লগতে আখিৰাতৰ জীৱন আৰু হিচাপ-নিকাচক অস্বীকাৰ কৰিছে, সেইসকল লোককেই শাস্তিৰ বাবে উপস্থিত কৰা হ’ব আৰু সিহঁত সদায় শাস্তিয়ে উপভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030016.mp3"},{"index":"17","arabicText":"فَسُبْحٰنَ اللّٰهِ حِیْنَ تُمْسُوْنَ وَحِیْنَ تُصْبِحُوْنَ ۟","assameseTranslation":"এতেকে তোমালোকে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, যেতিয়া তোমালোকে সন্ধাত উপনীত হোৱা আৰু পুৱাৰ ভাগত উপনীত হোৱা,","footnotes":"","tafseer":"এতেকে তোমালোকে সন্ধিয়াপৰত নিয়মীয়াকৈ আল্লাহৰ পৱিত্ৰতা ঘোষণা কৰা। অৰ্থাৎ মাগৰিব আৰু ঈশ্বাৰ চালাতৰ সময়ত। লগতে পৱিত্ৰতাৰ গুণগান কৰা প্ৰভাতৰ সময়ত, অৰ্থাৎ ফজৰৰ চালাতৰ সময়ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030017.mp3"},{"index":"18","arabicText":"وَلَهُ الْحَمْدُ فِی السَّمٰوٰتِ وَالْاَرْضِ وَعَشِیًّا وَّحِیْنَ تُظْهِرُوْنَ ۟","assameseTranslation":"লগতে আবেলিৰ সময়ত আৰু যেতিয়া তোমালোকে দুপুৰীয়াত উপনীত হোৱা। তেওঁৰ বাবেই সকলো প্ৰশংসা আকাশসমূহত আৰু পৃথিৱীত।","footnotes":"","tafseer":"সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ পৱিত্ৰ আল্লাহৰ বাবে। আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰে ফিৰিস্তাসকলে, আৰু পৃথিৱীত তেওঁৰ প্ৰশংসা কৰে বিভিন্ন সৃষ্টিসমূহে। গতিকে তোমালোকে তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰা দিনৰ তৃতীয়াংশত, অৰ্থাৎ আচৰৰ চালাতৰ সময়ত। লগতে পৱিত্ৰতা বৰ্ণনা কৰা জোহৰৰ সময়ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030018.mp3"},{"index":"19","arabicText":"یُخْرِجُ الْحَیَّ مِنَ الْمَیِّتِ وَیُخْرِجُ الْمَیِّتَ مِنَ الْحَیِّ وَیُحْیِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ وَكَذٰلِكَ تُخْرَجُوْنَ ۟۠","assameseTranslation":"তেৱেঁই নিৰ্জীৱৰ পৰা সজীৱ উলিয়াই আনে আৰু তেৱেঁই জীৱিতৰ পৰা মৃতক উলিয়াই আনে। তেৱেঁই ভূমিক তাৰ মৃত্যুৰ পিছত আকৌ পুনৰ্জীৱিত কৰে। এইদৰেই তোমালোককো উলিয়াই আনা হ’ব।","footnotes":"","tafseer":"তেৱেঁই জীৱক নিৰ্জীৱৰ পৰা উলিয়ায়, উদাহৰণস্বৰূপে পানীৰ টোপালৰ পৰা মানৱ আৰু কণীৰ পৰা কুকুৰাৰ শাৱক। এইদৰে তেৱেঁই মৃতক জীৱিতৰ পৰা উলিয়ায়, যেনেঃ মানুহৰ পৰা বীৰ্যৰ টোপাল, কুকুৰাৰ পৰা কণী। তথা তেৱেঁই পানী বৰ্ষণ কৰি শুকান মৃত ভূমিক সেউজীয়া কৰি তোলে। এতেকে যিদৰে ভূমিৰ পৰা উদ্ভিদ উৎপন্ন হৈ সেউজীয়া হৈ পৰে, ঠিক সেইদৰেই তোমালোকক হিচাপ-নিকাচৰ বাবে কবৰৰ পৰা উলিওৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030019.mp3"},{"index":"20","arabicText":"وَمِنْ اٰیٰتِهٖۤ اَنْ خَلَقَكُمْ مِّنْ تُرَابٍ ثُمَّ اِذَاۤ اَنْتُمْ بَشَرٌ تَنْتَشِرُوْنَ ۟","assameseTranslation":"আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত এইটোও এটা যে, তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকে এতিয়া মানুহ হৈ সৰ্বত্ৰ সিঁচৰতি হৈ পৰিছা।","footnotes":"","tafseer":"হে মানৱ! আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ এটা অন্যতম প্ৰতীক হৈছে এই যে, তেওঁ তোমালোকক মাটিৰে সৃষ্টি কৰিছে, অৰ্থাৎ তোমালোকৰ আদি পিতা আদমক তেওঁ মাটিৰে সৃষ্টি কৰিছিল। তাৰ পিছতহে তোমালোকে বংশানুক্ৰমৰ মাধ্যমত বংশবৃদ্ধি কৰিছা আৰু পৃথিৱীত বিস্তৃত হৈছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030020.mp3"},{"index":"21","arabicText":"وَمِنْ اٰیٰتِهٖۤ اَنْ خَلَقَ لَكُمْ مِّنْ اَنْفُسِكُمْ اَزْوَاجًا لِّتَسْكُنُوْۤا اِلَیْهَا وَجَعَلَ بَیْنَكُمْ مَّوَدَّةً وَّرَحْمَةً ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟","assameseTranslation":"আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত এইটোও এটা নিদৰ্শন যে, তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ ওচৰত প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।","footnotes":"","tafseer":"এইদৰেই তেওঁৰ ক্ষমতা আৰু তাওহীদৰ আৰু এটা অন্যতম প্ৰতীক হৈছে এই যে, হে পুৰুষসকল! তেওঁ তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰাই সহধৰ্মিণী সৃষ্টি কৰিছে। যাতে সজাতি হোৱাৰ কাৰণে তোমালোকৰ অন্তৰে প্ৰশান্তি লাভ কৰিব পাৰে। সিহঁতৰ আৰু তোমালোকৰ মাজত সৃষ্টি কৰি দিছে মুহাব্বত আৰু দয়া। নিশ্চয় এইবোৰৰ মাজত সেইসকল লোকৰ বাবে বহুতো স্পষ্ট প্ৰমাণ আৰু নিৰ্দেশনা আছে, যিসকলে চিন্তা-চৰ্চা কৰে। কাৰণ তেওঁলোকেই নিজৰ বিবেকৰ সদ্ব্যৱহাৰ কৰি উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030021.mp3"},{"index":"22","arabicText":"وَمِنْ اٰیٰتِهٖ خَلْقُ السَّمٰوٰتِ وَالْاَرْضِ وَاخْتِلَافُ اَلْسِنَتِكُمْ وَاَلْوَانِكُمْ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّلْعٰلِمِیْنَ ۟","assameseTranslation":"আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে বহুতো নিদৰ্শন আছে।","footnotes":"","tafseer":"তেওঁৰ ক্ষমতা আৰু তাওহীদৰ অন্যতম এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। তোমালোকৰ বিবিধ ভাষা আৰু নানা তৰহৰ ৰং আদিও হৈছে ইয়াৰ অন্যতম এটা প্ৰতীক। উক্ত বিষয়বোৰৰ মাজত সেইসকল লোকৰ বাবে দলিল আৰু প্ৰমাণ আছে, যিসকল প্ৰকৃততে জ্ঞানী তথা বিবেকৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030022.mp3"},{"index":"23","arabicText":"وَمِنْ اٰیٰتِهٖ مَنَامُكُمْ بِالَّیْلِ وَالنَّهَارِ وَابْتِغَآؤُكُمْ مِّنْ فَضْلِهٖ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّسْمَعُوْنَ ۟","assameseTranslation":"আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত ৰাতি আৰু দিনত গ্ৰহণ কৰা তোমালোকৰ নিদ্ৰাও হৈছে এটা নিদৰ্শন, লগতে তেওঁৰ অনুগ্ৰহৰ ফলতেই তোমালোকে (জীৱিকা) অন্বেষণ কৰা। নিশ্চয় ইয়াৰ মাজত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে শুনা পায়।","footnotes":"","tafseer":"বিভিন্ন পৰিশ্ৰমত ক্লান্তিৰ পিছত ৰাতিৰ টোপনি আৰু দিনৰ বিশ্ৰাম আদিও তেওঁৰ ক্ষমতা আৰু তাওহীদৰ এটা অন্যতম ডাঙৰ প্ৰতীক। তেওঁৰ আন এটা প্ৰতীক হৈছে এই যে, তেওঁ তোমালোকৰ বাবে দিন সৃষ্টি কৰিছে, যাতে তাত তোমালোকে নিজ প্ৰতিপালকে দিয়া জীৱিকাসমূহ অনুসন্ধান কৰিব পাৰা। নিশ্চিতভাৱে উক্ত বিষয়বোৰৰ মাজত সেইসকল লোকৰ বাবে আছে দলিল আৰু প্ৰমাণ, যিসকলে চিন্তা-চৰ্চা কৰে তথা গ্ৰহণ কৰাৰ উদ্দেশ্যে মনোযোগ সহকাৰে শুনে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030023.mp3"},{"index":"24","arabicText":"وَمِنْ اٰیٰتِهٖ یُرِیْكُمُ الْبَرْقَ خَوْفًا وَّطَمَعًا وَّیُنَزِّلُ مِنَ السَّمَآءِ مَآءً فَیُحْیٖ بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟","assameseTranslation":"আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত এইটোও এটা যে, তেৱেঁই তোমালোকক ভয় আৰু আশাৰ সঞ্চাৰকৰূপে বিদ্যুত দেখুৱায়, আৰু আকাশৰ পৰা পানী বৰষায় আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে অনুধাৱন কৰে।","footnotes":"","tafseer":"তেওঁৰ ক্ষমতা আৰু তাওহীদৰ অন্যতম আন এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেৱেঁই তোমালোকক আকাশত বিজুলীৰ চমকণি দেখুৱায়। তোমালোকৰ বাবে তাত বৰষুণৰ আশা আৰু বজ্ৰপাতৰ ভয় একত্ৰিত কৰি দিয়ে। তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী অৱতীৰ্ণ কৰে আৰু সেই পানীৰে শুকান ভূমিত উদ্ভিদ উৎপন্ন কৰি সেউজীয়া কৰি তোলে। নিশ্চিতভাৱে উক্ত বিষয়বোৰৰ মাজত স্পষ্ট দলিল-প্ৰমাণ আছে সেইসকল লোকৰ বাবে যিসকলে নিজৰ বিবেক-বুদ্ধিৰ সদ্ব্যৱহাৰ কৰে। গতিকে তেওঁলোকেই ইয়াৰ দ্বাৰা মৃত্যুৰ পিছত হ’বলগীয়া আখিৰাতৰ হিচাপ-নিকাচ আৰু প্ৰতিদানৰ প্ৰমাণ গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030024.mp3"},{"index":"25","arabicText":"وَمِنْ اٰیٰتِهٖۤ اَنْ تَقُوْمَ السَّمَآءُ وَالْاَرْضُ بِاَمْرِهٖ ؕ ثُمَّ اِذَا دَعَاكُمْ دَعْوَةً ۖۗ مِّنَ الْاَرْضِ ۖۗ اِذَاۤ اَنْتُمْ تَخْرُجُوْنَ ۟","assameseTranslation":"তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱীয়ে ভাৰসাম্য ৰক্ষা কৰি আছে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠিবলৈ এবাৰ আহ্বান কৰিব, তেতিয়া তোমালোকে ওলাই আহিবা।","footnotes":"","tafseer":"আল্লাহৰ ক্ষমতা আৰু তাওহীদৰ এটোও এটা ডাঙৰ প্ৰতীক যে, আকাশমণ্ডল প্ৰতিষ্ঠিত হৈ আছে, ভাঙি পৰা নাই। পৃথিৱী স্থিৰ হৈ আছে, বিদীৰ্ণ হোৱা নাই। এইবোৰ সকলো সেই পৱিত্ৰ আল্লাহৰ আদেশত হৈ আছে। অৱশেষত তেওঁ যেতিয়া ফিৰিস্তাৰ জৰিয়তে শিঙাত ফুঁ দিয়াব, তেতিয়া তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে কবৰৰ পৰা ওলাই পৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030025.mp3"},{"index":"26","arabicText":"وَلَهٗ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ كُلٌّ لَّهٗ قٰنِتُوْنَ ۟","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। সকলো তেওঁৰেই অনুগত।","footnotes":"","tafseer":"আকাশমণ্ডলত যি যি আছে সেইসকলো একমাত্ৰ তেওঁৰেই, আৰু পৃথিৱীত যি যি আছে সেইসকলো তেওঁৰেই। তেৱেঁই মালিক, তেৱেঁই সৃষ্টিকৰ্তা আৰু তেৱেঁই সঞ্চালনকাৰী। আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টিয়েই তেওঁৰ আদেশ মানিবলৈ বাধ্য আৰু তেওঁৰ ওচৰতেই সকলোৱে আত্মসমৰ্পন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030026.mp3"},{"index":"27","arabicText":"وَهُوَ الَّذِیْ یَبْدَؤُا الْخَلْقَ ثُمَّ یُعِیْدُهٗ وَهُوَ اَهْوَنُ عَلَیْهِ ؕ وَلَهُ الْمَثَلُ الْاَعْلٰى فِی السَّمٰوٰتِ وَالْاَرْضِ ۚ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟۠","assameseTranslation":"তেৱেঁই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈয়ে সৃষ্টিৰ শুভাৰম্ভণি কৰিছে। ধ্বংসৰ পিছত তেৱেঁই এইবোৰক পুনৰ সৃষ্টি কৰিব। প্ৰথমবাৰৰ সৃষ্টিৰ তুলনাত পুনৰ সৃষ্টি কৰাটো অতি সহজ। যদিও দুয়োটাই তেওঁৰ বাবে সহজ। কাৰণ তেওঁ যেতিয়া কোনো বস্তুক সৃষ্টি কৰিব বিচাৰে, তেতিয়া কেৱল কয় ‘হ’ তৎক্ষণাত সেইটো হৈ যায়। আল্লাহক যিবোৰ গুণেৰে বিশেষিত কৰা হয় যেনেঃ প্ৰতাপশীল আৰু পৰিপূৰ্ণ ও পূৰ্ণাংগ গুণ, সেইসকলো গুণৰ ক্ষেত্ৰত তেওঁ সৰ্বোচ্চ। তেওঁ প্ৰবলপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত তেওঁ মহা প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030027.mp3"},{"index":"28","arabicText":"ضَرَبَ لَكُمْ مَّثَلًا مِّنْ اَنْفُسِكُمْ ؕ هَلْ لَّكُمْ مِّنْ مَّا مَلَكَتْ اَیْمَانُكُمْ مِّنْ شُرَكَآءَ فِیْ مَا رَزَقْنٰكُمْ فَاَنْتُمْ فِیْهِ سَوَآءٌ تَخَافُوْنَهُمْ كَخِیْفَتِكُمْ اَنْفُسَكُمْ ؕ كَذٰلِكَ نُفَصِّلُ الْاٰیٰتِ لِقَوْمٍ یَّعْقِلُوْنَ ۟","assameseTranslation":"আল্লাহে তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰাই এটা উপমা দাঙি ধৰিছে, (কোৱাচোন) আমি তোমালোকক যি জীৱিকা দান কৰিছোঁ, তাত তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ কোনোবাই অংশীদাৰনে? এতেকে তোমালোকে এইক্ষেত্ৰত সমান নে? তোমালোকে সিহঁতক সেইদৰে ভয় কৰা নেকি যিদৰে তোমালোকে পৰস্পৰে পৰস্পৰক ভয় কৰা? এইদৰেই আমি নিদৰ্শনাৱলীসমূহ বিস্তাৰিতভাৱে বৰ্ণনা কৰোঁ সেই সম্প্ৰদায়ৰ বাবে, যিসকলে অনুধাৱন কৰে।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! আল্লাহে তোমালোকৰ বাবে এটা উদাহৰণ দাঙি ধৰিছে, যিটো তোমালোকৰ পৰাই লোৱা হৈছে। কোৱাচোন, তোমালোকৰ দাস-দাসীৰ মাজৰ কোনোবাই তথা তোমালোকৰ অধীনস্থ ব্যক্তিসকলৰ মাজৰ কোনোবাই তোমালোকৰ অংশীদাৰ আছে নেকি, যিজন তোমালোকৰ ধন-সম্পত্তিত সমানভাৱে অংশীদাৰ? নিশ্চয় তোমালোকে সিহঁতৰ ক্ষেত্ৰতো তেনেকৈয়ে ভয় কৰা, যিদৰে তোমালোকে ধন-সম্পত্তিৰ ভাগত স্বাধীন ব্যক্তিৰ অংশীদাৰিত্বক ভয় কৰা। তোমালোকে নিজৰ বাবে দাস-দাসীৰ এই অংশীদাৰিত্বক পছন্দ কৰিবানে? নিঃসন্দেহে তোমালোকে এইটোক অপছন্দ কৰিবা। তেনে ক্ষেত্ৰত আল্লাহৰ দাস আৰু তেওঁৰ সৃষ্টিক তেওঁৰ ৰাজত্বত অংশীদাৰ কৰাটো তুলনামূলকভাৱে আৰু অধিক সমীচীন নহয়। এনেকুৱা উদাহৰণ উপস্থাপন কৰি আমি বিভিন্ন প্ৰকাৰৰ দলিল-প্ৰমাণ দাঙি ধৰোঁ, সেইসকল লোকৰ বাবে যিসকলে বিবেক-বুদ্ধিৰ সদ্ব্যৱহাৰ কৰে। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030028.mp3"},{"index":"29","arabicText":"بَلِ اتَّبَعَ الَّذِیْنَ ظَلَمُوْۤا اَهْوَآءَهُمْ بِغَیْرِ عِلْمٍ ۚ فَمَنْ یَّهْدِیْ مَنْ اَضَلَّ اللّٰهُ ؕ وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟","assameseTranslation":"বৰং যালিমসকলে অজ্ঞতাবশতঃ সিহঁতৰ নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে, এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰিছে, তাক কোনে হিদায়ত দিব পাৰিব? আৰু সিহঁতৰ কোনো সহায়কাৰীও নাই।","footnotes":"","tafseer":"দৰাচলতে দলিল-প্ৰমাণৰ স্বল্পতা আৰু ব্যাখ্যা অবিহনে সিহঁতে পথভ্ৰষ্ট হোৱা নাই, বৰং সিহঁতৰ পথভ্ৰষ্টতাৰ প্ৰকৃত কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ আৰু পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণ। সিহঁতৰ ওপৰত থকা আল্লাহৰ হক সম্পৰ্কে সিহঁতে অজ্ঞ আছিল। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাকনো কোনে হিদায়তৰ তাওফীক দিব পাৰে? নিঃসন্দেহে কোনেও তাওফীক দিব নোৱাৰে। সিহঁতৰ বাবে এনেকুৱা কোনো সহায়কো নাথাকিব, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030029.mp3"},{"index":"30","arabicText":"فَاَقِمْ وَجْهَكَ لِلدِّیْنِ حَنِیْفًا ؕ فِطْرَتَ اللّٰهِ الَّتِیْ فَطَرَ النَّاسَ عَلَیْهَا ؕ لَا تَبْدِیْلَ لِخَلْقِ اللّٰهِ ؕ ذٰلِكَ الدِّیْنُ الْقَیِّمُ ۙۗ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟ۗۙ","assameseTranslation":"এতেকে তুমি একনিষ্ঠ হৈ নিজৰ মুখমণ্ডলক দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰখা, (সেইটো হৈছে )আল্লাহৰ ফিতৰত (স্বাভাৱিক ৰীতি বা দ্বীন ইছলাম), যাৰ ওপৰত (চলাৰ উপযুক্ত কৰি) তেওঁ মানুহক সৃষ্টি কৰিছে; আল্লাহৰ সৃষ্টিৰ কোনো পৰিবৰ্তন নাই। এইটোৱেই হৈছে সুপ্ৰতিষ্ঠিত দ্বীন; কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আৰু আপোনাৰ সঙ্গীসকলে সেইফালে মনোনিৱেশ কৰক, যিফালে মনোনিৱেশ কৰাৰ আল্লাহে নিৰ্দেশ দিছে। সকলো ধৰ্মৰ পৰা ধ্যান আঁতৰাই একমাত্ৰ তেওঁৰ ওচৰলৈকে ধাৱমান হওক। এইটোৱেই হৈছে ইছলাম ধৰ্ম, স্বভাৱগতভাৱে যিটো ধৰ্ম প্ৰদান কৰি আল্লাহে মানুহক সৃষ্টি কৰিছে। আল্লাহৰ সৃষ্টিত কোনো ধৰণৰ পৰিবৰ্তন নাই। এইটোৱেই হৈছে সঠিক ধৰ্ম, যিটো সকলো প্ৰকাৰ বক্ৰতাৰ পৰা পৱিত্ৰ। কিন্তু অধিকাংশ লোকেই নাজানে যে, সঠিক ধৰ্মটোৱে হৈছে ইছলাম ধৰ্ম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030030.mp3"},{"index":"31","arabicText":"مُنِیْبِیْنَ اِلَیْهِ وَاتَّقُوْهُ وَاَقِیْمُوا الصَّلٰوةَ وَلَا تَكُوْنُوْا مِنَ الْمُشْرِكِیْنَ ۟ۙ","assameseTranslation":"তোমালোকে বিশুদ্ধচিত্তে তেওঁৰেই অভিমুখী হোৱা, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা আৰু ছালাত কায়েম কৰা; লগতে মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।","footnotes":"","tafseer":"তোমালোকে নিজৰ গুনাহৰ পৰা তাওবা কৰি পৱিত্ৰ আল্লাহৰ ফালে উভতি আহা। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। পৰিপূৰ্ণৰূপে চালাত প্ৰতিষ্ঠা কৰা। তথা সেইসকল মুশ্বৰিকৰ অন্তৰ্ভুক্ত নহ’বা, যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰি স্বভাৱগত ধৰ্মৰ বিৰোধিতা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030031.mp3"},{"index":"32","arabicText":"مِنَ الَّذِیْنَ فَرَّقُوْا دِیْنَهُمْ وَكَانُوْا شِیَعًا ؕ كُلُّ حِزْبٍ بِمَا لَدَیْهِمْ فَرِحُوْنَ ۟","assameseTranslation":"যিসকলে নিজৰ দ্বীনক বিভক্ত কৰিছে আৰু বিভিন্ন দলত পৰিণত হৈছে (সিহঁতৰো অন্তৰ্ভুক্ত নহ'বা)। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটোক লৈয়ে উৎফুল্লিত।","footnotes":"","tafseer":"তথা সেইসকল মুশ্বৰিকৰ অন্তৰ্ভুক্ত নহ’বা, যিসকলে নিজৰ ধৰ্মক বিকৃত কৰিছে। তাৰে কিছুমান বিধানক সিহঁতে মানি লৈছে আৰু কিছুমানক নাকচ কৰিছে, এইদৰে সিহঁতে বিভিন্ন গোটত বিভক্ত হৈছে। প্ৰত্যেক গোটৰ ব্যক্তিবৰ্গই সিহঁতৰ ওচৰত থকা অসত্যক লৈ আনন্দিত। সিহঁতে ধাৰণা কৰে যে, সত্যৰ ওপৰত কেৱল সিহঁতেই আছে, আৰু সিহঁতৰ বাহিৰে সকলোৱে অসত্যৰ পথত পৰিচালিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030032.mp3"},{"index":"33","arabicText":"وَاِذَا مَسَّ النَّاسَ ضُرٌّ دَعَوْا رَبَّهُمْ مُّنِیْبِیْنَ اِلَیْهِ ثُمَّ اِذَاۤ اَذَاقَهُمْ مِّنْهُ رَحْمَةً اِذَا فَرِیْقٌ مِّنْهُمْ بِرَبِّهِمْ یُشْرِكُوْنَ ۟ۙ","assameseTranslation":"আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সিহঁতে নিজ প্ৰতিপালকৰ পিনে বিনীতভাৱে উভতি আহি কেৱল তেওঁকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ সোৱাদ লবলৈ দিয়ে, তেতিয়া সিহঁতৰ এটা দলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে;","footnotes":"","tafseer":"মুশ্বৰিকসকলে যেতিয়া বেমাৰ-আজাৰ অথবা দৰিদ্ৰতা নাইবা অভাৱ অনাটনৰ সন্মুখীন হয়, তেতিয়া সিহঁতে একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰে আৰু বিনীত হৈ এই দুআ কৰে যে, তেওঁ যেন সিহঁতৰ বিপদ-আপদ দূৰ কৰি দিয়ে। এতেকে তেওঁ যেতিয়া সিহঁতৰ দুখ-দৈন্যতা আৰু বিপদ-আপদ দূৰ কৰি দিয়ে তেতিয়া সিহঁতৰ মাজৰ এটা দল শ্বিৰ্কৰ পথলৈ আকৌ উভতি যায়, আৰু দুআত আনকো অংশীদাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030033.mp3"},{"index":"34","arabicText":"لِیَكْفُرُوْا بِمَاۤ اٰتَیْنٰهُمْ ؕ فَتَمَتَّعُوْا ۥ فَسَوْفَ تَعْلَمُوْنَ ۟","assameseTranslation":"এইদৰে আমি সিহঁতক যি প্ৰদান কৰিছোঁ, তাৰ প্ৰতি সিহঁতে অকৃতজ্ঞ হয়। এতেকে তোমালোকে ভোগ কৰি লোৱা, শীঘ্ৰেই তোমালোকে জানিব পাৰিবা (ইয়াৰ পৰিণাম কি হ’ব)!","footnotes":"","tafseer":"আল্লাহৰ নিয়ামতবোৰক যিহেতু সিহঁতে অস্বীকাৰ কৰিছে, বিপদ-আপদ দূৰ কৰাও এটা নিয়ামত, লগতে পাৰ্থিৱ জীৱনত যি যি সামগ্ৰী লাভ কৰিছে সেইবোৰৰ বাবে কৃতজ্ঞতা নকৰাকৈয়ে উপভোগ কৰি আছে, সেয়ে কিয়ামতৰ দিনা সিহঁতে শীঘ্ৰেই অনুভৱ কৰিব যে, সিহঁতে নিশ্চিতভাৱে স্পষ্ট বিভ্ৰান্তিত লিপ্ত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030034.mp3"},{"index":"35","arabicText":"اَمْ اَنْزَلْنَا عَلَیْهِمْ سُلْطٰنًا فَهُوَ یَتَكَلَّمُ بِمَا كَانُوْا بِهٖ یُشْرِكُوْنَ ۟","assameseTranslation":"আমি সিহঁতৰ ওচৰলৈ এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছোঁ নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ কয়?","footnotes":"","tafseer":"আল্লাহৰ লগত শ্বিৰ্ক কৰিবলৈ সিহঁতক কিহে আহ্বান কৰিছিল, অথচ সিহঁতৰ ওচৰত কোনো প্ৰমাণ নাছিল? আমি সিহঁতৰ ওপৰত কিতাব আকাৰেও কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাছিলোঁ, যাৰ দ্বাৰা শ্বিৰ্ক প্ৰমাণিত হ’ব। আনহাতে সিহঁতৰ ওচৰত কোনো কিতাবো নাই, যাৰ মাজত শ্বিৰ্ক কৰাৰ দলিল বিচাৰি পাব। অথবা সিহঁতে অৱস্থান কৰা কুফৰীক সঠিক বুলি প্ৰমাণ কৰিবলৈও একো বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030035.mp3"},{"index":"36","arabicText":"وَاِذَاۤ اَذَقْنَا النَّاسَ رَحْمَةً فَرِحُوْا بِهَا ؕ وَاِنْ تُصِبْهُمْ سَیِّئَةٌ بِمَا قَدَّمَتْ اَیْدِیْهِمْ اِذَا هُمْ یَقْنَطُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া আমি মানুহক ৰহমতৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সিহঁতে সেইটোক লৈ উৎফুল্লিত হয় আৰু যদি সিহঁতৰ কৃতকৰ্মৰ ফলত কোনো অনিষ্ট সাধন হয়, তেন্তে সিহঁত নিৰাশ হৈ পৰে।","footnotes":"","tafseer":"যেতিয়া আমি মানুহক কোনো নিয়ামতৰ সোৱাদ ল’বলৈ দিওঁ, উদাহৰণস্বৰূপে সুস্বাস্থ্য আৰু ধন-সম্পদ আদি, তেতিয়া সিহঁতে গৌৰৱ আৰু অহংকাৰ কৰিবলৈ ধৰে। পক্ষান্তৰে সিহঁতৰ গুনাহৰ ফলস্বৰূপে যদি আমি সিহঁতক কোনো বেমাৰ-আজাৰ অথবা অভাৱ অনাটনত আক্ৰান্ত কৰোঁ তেন্তে সিহঁতে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰে, আনকি সিহঁত ইমান হতাশাগ্ৰস্ত হয় যে, যেনিবা এই বিপদ সিহঁতৰ পৰা কেতিয়াও আঁতৰি নাযাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030036.mp3"},{"index":"37","arabicText":"اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟","assameseTranslation":"সিহঁতে লক্ষ্য কৰা নাইনে যে, আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে অথবা সংকুচিত কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।","footnotes":"","tafseer":"সিহঁতে লক্ষ্য নকৰে নেকি যে, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে; ইয়াৰ একমাত্ৰ কাৰণ হৈছে তাক পৰীক্ষা কৰা, সি আল্লাহৰ কৃতজ্ঞ হয় নে অকৃতজ্ঞ? আনহাতে তেওঁ যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এইটো পৰীক্ষা কৰিবলৈ যে, সি ধৈৰ্য্য ধাৰণ কৰে নে অধৈৰ্য্য হৈ ক্ৰোধান্বিত হয়? কিছুমানৰ জীৱিকা প্ৰশস্ত কৰা আৰু কিছুমানক সংকীৰ্ণ কৰি দিয়া বিষয়টোত, নিশ্চিতভাৱে মুমিনসকলৰ বাবে আল্লাহৰ কৃপা আৰু অনুগ্ৰহৰ প্ৰমাণ নিহিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030037.mp3"},{"index":"38","arabicText":"فَاٰتِ ذَا الْقُرْبٰى حَقَّهٗ وَالْمِسْكِیْنَ وَابْنَ السَّبِیْلِ ؕ ذٰلِكَ خَیْرٌ لِّلَّذِیْنَ یُرِیْدُوْنَ وَجْهَ اللّٰهِ ؗ وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟","assameseTranslation":"এতেকে আত্মীয়-স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে মিছকীন আৰু মুছাফিৰসকলোকো। যিসকলে আল্লাহৰ সন্তুষ্টি কামনা কৰে তেওঁলোকৰ বাবে এইটো অতি উত্তম আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।","footnotes":"","tafseer":"হে মুছলিমসকল! তোমালোকে নিকটাত্মীয়সকলৰ লগত এনেকুৱা সদাচৰণ কৰিবা যিটো তেওঁলোকৰ প্ৰাপ্য। অভাৱীক দান কৰা, যাতে সি নিজৰ অভাৱ দূৰ কৰিব পাৰে। তথা সেই ভ্ৰমণকাৰীকো দান কৰা, যিয়ে অভাৱত ঘৰলৈ উভতি যাব পৰা নাই। এই নেকীৰ শিতানবোৰত দান কৰাটো সেইসকল লোকৰ বাবে অতি কল্যাণকৰ, যিসকলে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব বিচাৰে। এইবোৰ সহায়-সহযোগিতা আৰু অধিকাৰক যিসকল লোকে প্ৰাধান্য দিয়ে, সেইসকল লোকেই নিজৰ উদ্দেশ্যত অৰ্থাৎ জান্নাত লাভ কৰাত সফল হ’ব, লগতে তেওঁলোকে ভয় কৰা শাস্তিৰ পৰা সুৰক্ষিত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030038.mp3"},{"index":"39","arabicText":"وَمَاۤ اٰتَیْتُمْ مِّنْ رِّبًا لِّیَرْبُوَاۡ فِیْۤ اَمْوَالِ النَّاسِ فَلَا یَرْبُوْا عِنْدَ اللّٰهِ ۚ وَمَاۤ اٰتَیْتُمْ مِّنْ زَكٰوةٍ تُرِیْدُوْنَ وَجْهَ اللّٰهِ فَاُولٰٓىِٕكَ هُمُ الْمُضْعِفُوْنَ ۟","assameseTranslation":"আৰু মানুহৰ সম্পদ বৃদ্ধি পাব বুলি তোমালোকে যি সুত প্ৰদান কৰা, আল্লাহৰ দৃষ্টিত কিন্তু সেয়া ধন-সম্পদ বৃদ্ধি নকৰে। আনহাতে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে তোমালোকে যি যাকাত প্ৰদান কৰা (সেইটোৱেহে সম্পদ বৃদ্ধি কৰে) এতেকে তেওঁলোকেহে প্ৰকৃত সমৃদ্ধশালী।","footnotes":"","tafseer":"তোমালোকে অধিক বৃদ্ধিকৈ পোৱাৰ আশাত যদি কাৰোবাক ধন-সম্পদ প্ৰদান কৰা, তেন্তে জানি থোৱা আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব বৃদ্ধি নহয়। আনহাতে যদি কাৰোবাৰ অভাৱ দূৰ কৰিবলৈ তথা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ ধন দান কৰা, যাৰ বিনিময়ত তোমালোকে মৰ্যাদা কামনা নকৰা আৰু মানুহৰ প্ৰশংসা বিচৰাটোও তোমালোকৰ উদ্দেশ্য নহয়, তেন্তে জানি থোৱা, তেনেকুৱা লোককেই তেওঁলোকৰ ছোৱাব আল্লাহৰ ওচৰত অধিক বৃদ্ধিকৈ প্ৰদান কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030039.mp3"},{"index":"40","arabicText":"اَللّٰهُ الَّذِیْ خَلَقَكُمْ ثُمَّ رَزَقَكُمْ ثُمَّ یُمِیْتُكُمْ ثُمَّ یُحْیِیْكُمْ ؕ هَلْ مِنْ شُرَكَآىِٕكُمْ مَّنْ یَّفْعَلُ مِنْ ذٰلِكُمْ مِّنْ شَیْءٍ ؕ سُبْحٰنَهٗ وَتَعٰلٰى عَمَّا یُشْرِكُوْنَ ۟۠","assameseTranslation":"আল্লাহেই সেই সত্ত্বা যিজনে তোমালোকক সৃষ্টি কৰিছে তাৰ পিছত তোমালোকক জীৱিকা দান কৰিছে। তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব তাৰ পিছত তেৱেঁই আকৌ তোমালোকক জীৱিত কৰিব। তোমালোকে অংশী কৰা বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিজনে এইবোৰৰ কিবা এটা কৰিব পাৰে? সিহঁতে যিবোৰ অংশী কৰে তেওঁ সেইবোৰৰ পৰা পৱিত্ৰ মহিমাময় আৰু অতি উৰ্দ্ধত।","footnotes":"","tafseer":"একমাত্ৰ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক জীৱিকা দান কৰিছে, তথা তেৱেঁই তোমালোকক মৃত্যু দান কৰিব আৰু তাৰ পিছত তোমালোকক একত্ৰিত কৰিবলৈ পুনৰ্জীৱিত কৰিব। আল্লাহক এৰি তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, সেইবোৰৰ মাজৰ কোনোবাই এইবোৰ কাম কৰিব পাৰিবনে? নিশ্চিতভাৱে আল্লাহ মহা পৱিত্ৰ সেই সকলো বিষয়ৰ পৰা, যিবোৰ মুশ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030040.mp3"},{"index":"41","arabicText":"ظَهَرَ الْفَسَادُ فِی الْبَرِّ وَالْبَحْرِ بِمَا كَسَبَتْ اَیْدِی النَّاسِ لِیُذِیْقَهُمْ بَعْضَ الَّذِیْ عَمِلُوْا لَعَلَّهُمْ یَرْجِعُوْنَ ۟","assameseTranslation":"মানুহৰ কৃতকৰ্মৰ ফলতেই স্থলত আৰু সাগৰত বিপৰ্যয়ে দেখা দিছে; ফলত তেওঁ সিহঁতক সিহঁতৰে কিছুমান কামৰ শাস্তি আস্বাদন কৰায়, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।","footnotes":"","tafseer":"জল আৰু স্থলত বিপৰ্যয় সৃষ্টি হৈছে, যিবোৰ দুৰ্ভিক্ষ, কেতিয়াবা বৰষুণৰ নাটনি আকৌ কেতিয়াবা অধিক বৃষ্টি, শৰীৰত অচিন ৰোগ আৰু মহামাৰী আদিৰ ৰূপত প্ৰকাশ পাইছে। এইবোৰ সংঘটিত হোৱাৰ অন্যতম কাৰণ হৈছে সিহঁতৰ পাপকৰ্ম। আল্লাহে সিহঁতক সিহঁতৰ কিছুমান বেয়া কৰ্মৰ পৰিণাম এই পৃথিৱীতেই ভোগ কৰায়, যাতে সিহঁতে তাওবা কৰি আল্লাহৰ ফালে উভতি আহিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030041.mp3"},{"index":"42","arabicText":"قُلْ سِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ مِنْ قَبْلُ ؕ كَانَ اَكْثَرُهُمْ مُّشْرِكِیْنَ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল!’ সিহঁতৰ অধিকাংশই আছিল মুশ্বৰিক।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, তোমালোকে পৃথিৱীত ঘূৰি পকি চোৱা, তোমালোকৰ পূৰ্বে যিসকলে অস্বীকাৰ কৰিছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল? নিশ্চয় সিহঁতৰ পৰিণাম অতি বেয়া আছিল। সিহঁতৰ মাজৰ অধিকাংশ লোকেই আল্লাহৰ লগত শ্বিৰ্ক কৰিছিল। তেওঁৰ সৈতে অন্যান্য উপাস্যৰো উপাসনা কৰিছিল। গতিকে আল্লাহৰ লগত এই শ্বিৰ্ক কৰাৰ কাৰণেই সিহঁতক ধ্বংস কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030042.mp3"},{"index":"43","arabicText":"فَاَقِمْ وَجْهَكَ لِلدِّیْنِ الْقَیِّمِ مِنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا مَرَدَّ لَهٗ مِنَ اللّٰهِ یَوْمَىِٕذٍ یَّصَّدَّعُوْنَ ۟","assameseTranslation":"এতেকে তুমি আল্লাহৰ তৰফৰ পৰা সেই দিন অহাৰ পূৰ্বেই, সৰল-সঠিক দ্বীনৰ ওপৰত নিজকে প্ৰতিষ্ঠিত ৰখা, যিটো দিন অনিবাৰ্য। সেই দিনা মানুহ বিভক্ত হৈ পৰিব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কিয়ামত অহাৰ পূৰ্বেই পৰিপূৰ্ণৰূপে ইছলামৰ পিনে মনোনিৱেশ কৰক, কাৰণ কিয়ামতক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰিব। এইটোৱে হৈছে সঠিক ধৰ্ম, যি ধৰ্মত কোনো ধৰণৰ বক্ৰতা নাই। সেইদিনা মানুহবোৰ বিভিন্ন গোটত বিভক্ত থাকিব। এটা দল জান্নাতত প্ৰৱেশ কৰিব, যিসকলে নিয়ামতৰ মাজত অৱস্থান কৰিব। আৰু আনটো দল যাব জাহান্নামত, যিসকলে শাস্তিৰ মাজত অৱস্থান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030043.mp3"},{"index":"44","arabicText":"مَنْ كَفَرَ فَعَلَیْهِ كُفْرُهٗ ۚ وَمَنْ عَمِلَ صَالِحًا فَلِاَنْفُسِهِمْ یَمْهَدُوْنَ ۟ۙ","assameseTranslation":"যিয়ে কুফৰী কৰে, কুফৰীৰ শাস্তি তাৰেই প্ৰাপ্য; আৰু যিসকলে সৎকৰ্ম কৰে তেওঁলোকে নিজৰ বাবেই ৰচনা কৰে সুখ-শয্যা।","footnotes":"","tafseer":"যিয়ে আল্লাহক অস্বীকাৰ কৰিব, সেই অস্বীকাৰৰ শাস্তি সি নিজেই ভোগ কৰিব। অৰ্থাৎ সি চিৰকাল জাহান্নামত অৱস্থান কৰিব। আনহাতে যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ বাবে সৎকৰ্ম কৰিব, তেওঁ নিজকে জান্নাতত প্ৰৱেশ কৰাৰ যোগ্য কৰি তুলিব আৰু তাত থকা নিয়ামতবোৰ উপভোগ কৰাৰ পথ প্ৰশস্ত কৰিব। তাত তেওঁ চিৰকাল অৱস্থান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030044.mp3"},{"index":"45","arabicText":"لِیَجْزِیَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصَّلِحٰتِ مِنْ فَضْلِهٖ ؕ اِنَّهٗ لَا یُحِبُّ الْكٰفِرِیْنَ ۟","assameseTranslation":"কাৰণ যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পুৰস্কৃত কৰিব। নিশ্চয় তেওঁ কাফিৰসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"যাতে আল্লাহে সেইসকল লোকক উত্তম প্ৰতিফল দিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ অনুগ্ৰহত তেওঁক সন্তুষ্ট কৰিব পৰা সৎকৰ্ম কৰিছে। নিশ্চয় আল্লাহে সেইসকল লোকক পছন্দ নকৰে, যিসকলে তেওঁক আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰে। বৰং তেওঁ সিহঁতৰ প্ৰতি ভীষণ অসন্তুষ্ট হয়। অচিৰেই সিহঁতক কিয়ামতৰ দিনা শাস্তি বিহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030045.mp3"},{"index":"46","arabicText":"وَمِنْ اٰیٰتِهٖۤ اَنْ یُّرْسِلَ الرِّیَاحَ مُبَشِّرٰتٍ وَّلِیُذِیْقَكُمْ مِّنْ رَّحْمَتِهٖ وَلِتَجْرِیَ الْفُلْكُ بِاَمْرِهٖ وَلِتَبْتَغُوْا مِنْ فَضْلِهٖ وَلَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"আৰু তেওঁৰ নিদৰ্শনসমূহৰ মাজত এইটোও এটা যে, তেৱেঁই (বৰষুণৰ পূৰ্বে) সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে, যাতে তোমালোকক তেওঁৰ কিছুমান ৰহমত আস্বাদন কৰোৱাব পাৰে, লগতে যাতে তেওঁৰ নিৰ্দেশত নৌযানসমূহক চলাচল কৰোৱাব পাৰে আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ সন্ধান কৰিব পাৰা, লগতে যাতে তোমালোকে কৃতজ্ঞ হোৱা।","footnotes":"","tafseer":"আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেওঁ বৰষুণৰ পূৰ্বে বতাহৰ জৰিয়তে বান্দাসকলক সুসংবাদ প্ৰেৰণ কৰে। হে মানৱ! ইয়াৰ কাৰণ হৈছে যাতে তেওঁ তোমালোকক বৰষুণৰ ফলত হ’বলগীয়া সেউজীয়া পৰিৱেশ আৰু সুখ-সমৃদ্ধি আদি উপভোগ কৰাব পাৰে, লগতে তেওঁৰ আদেশত যাতে সাগৰত নৌ-যান চলাচল কৰিব পাৰে, আৰু মানুহে যাতে সাগৰীয় ব্যৱসায়-বাণিজ্যৰ দ্বাৰা তেওঁৰ অনুগ্ৰহ অনুসন্ধান কৰিব পাৰে। তথা আল্লাহে তোমালোকক যি নিয়ামত দান কৰিছে সেইবোৰৰ বাবে যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। ফলত তেওঁ তোমালোকক আৰু অধিক প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030046.mp3"},{"index":"47","arabicText":"وَلَقَدْ اَرْسَلْنَا مِنْ قَبْلِكَ رُسُلًا اِلٰى قَوْمِهِمْ فَجَآءُوْهُمْ بِالْبَیِّنٰتِ فَانْتَقَمْنَا مِنَ الَّذِیْنَ اَجْرَمُوْا ؕ وَكَانَ حَقًّا عَلَیْنَا نَصْرُ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"নিশ্চয় আমি তোমাৰ পূৰ্বে ৰাছুলসকলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁলোকে সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ফলত আমি অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ লৈছিলোঁ। আমাৰ দায়িত্ব কেৱল মুমিনসকলক সহায় কৰা।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও বহুতো ৰাছুলক তেওঁলোকৰ জাতিৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁলোকে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ যথেষ্ট দলিল-প্ৰমাণ লৈ আহিছিল। তথাপিও ৰাছুলসকলে লৈ অহা বাৰ্তাক সিহঁতে অস্বীকাৰ কৰিছিল। সেয়ে আমি পাপকৰ্মকাৰী লোকসকলৰ পৰা প্ৰতিশোধ লৈছিলোঁ, আৰু সিহঁতক আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। আনহাতে ৰাছুলসকলক আৰু মুমিনসকলক সেই ধ্বংসৰ পৰা ৰক্ষা কৰিছিলোঁ। কাৰণ মুমিনসকলক ৰক্ষা কৰা আৰু তেওঁলোকক সহায় কৰা আমাৰ ওপৰত অনিবাৰ্য্য আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030047.mp3"},{"index":"48","arabicText":"اَللّٰهُ الَّذِیْ یُرْسِلُ الرِّیٰحَ فَتُثِیْرُ سَحَابًا فَیَبْسُطُهٗ فِی السَّمَآءِ كَیْفَ یَشَآءُ وَیَجْعَلُهٗ كِسَفًا فَتَرَی الْوَدْقَ یَخْرُجُ مِنْ خِلٰلِهٖ ۚ فَاِذَاۤ اَصَابَ بِهٖ مَنْ یَّشَآءُ مِنْ عِبَادِهٖۤ اِذَا هُمْ یَسْتَبْشِرُوْنَ ۟ۚ","assameseTranslation":"আল্লাহেই সেই সত্ত্বা যিজনে বতাহ প্ৰেৰণ কৰে, ফলত ই মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ ইয়াক যেনেকৈ ইচ্ছা কৰে আকাশত প্ৰসাৰিত কৰি দিয়ে, আৰু ইয়াক খণ্ড-বিখণ্ড কৰি দিয়ে, ফলত তুমি দেখিবলৈ পোৱা তাৰ মাজৰ পৰা ওলাই আহে বৰষুণৰ টোপাল, তাৰ পিছত তেওঁ যেতিয়া ইয়াক তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যিসকলৰ প্ৰতি ইচ্ছা কৰে পৌঁচাই দিয়ে, তেতিয়া তেওঁলোক আনন্দিত হয়,","footnotes":"","tafseer":"পৱিত্ৰ আল্লাহেই বতাহক সঞ্চালন কৰে, আৰু ইফালে সিফালে প্ৰেৰণ কৰে। সেই বতাহৰ দ্বাৰাই তেওঁ মেঘক আকাশত নিজ ইচ্ছা মতে প্ৰসাৰিত কৰে আৰু সেইবোৰক বিভিন্ন টুকুৰাত বিভক্ত কৰে, কম হওক অথবা বেছি। এতেকে হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তুমি সেই মেঘৰ ভিতৰৰ পৰা বৰষুণ অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা। এতেকে আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যিসকলক ইচ্ছা কৰে বৰষুণ প্ৰদান কৰে। বৰষুণৰ ৰূপত তেওঁলোকে আল্লাহৰ ৰহমত লাভ কৰি আনন্দিত হয়। কাৰণ বৰষুণৰ পিছত স্বয়ং সিহঁতৰ বাবে আৰু জীৱ-জন্তুৰ বাবে ভূমিৰ পৰা অত্যাৱশ্যকীয় খাদ্যদ্ৰৱ্য উৎপাদন হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030048.mp3"},{"index":"49","arabicText":"وَاِنْ كَانُوْا مِنْ قَبْلِ اَنْ یُّنَزَّلَ عَلَیْهِمْ مِّنْ قَبْلِهٖ لَمُبْلِسِیْنَ ۟","assameseTranslation":"যদিও তেওঁলোকে তেওঁলোকৰ প্ৰতি বৰষুণ নহাৰ পূৰ্বে একান্ত নিৰাশ হৈ পৰিছিল।","footnotes":"","tafseer":"এই কথা নিশ্চিত যে, আল্লাহে সিহঁতৰ ওপৰত বৰষুণ অৱতীৰ্ণ কৰাৰ পূৰ্বে, সিহঁতে বৰষুণৰ পৰা নিৰাশ হৈ পৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030049.mp3"},{"index":"50","arabicText":"فَانْظُرْ اِلٰۤی اٰثٰرِ رَحْمَتِ اللّٰهِ كَیْفَ یُحْیِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ اِنَّ ذٰلِكَ لَمُحْیِ الْمَوْتٰى ۚ وَهُوَ عَلٰى كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"এতেকে তুমি আল্লাহৰ অনুগ্ৰহৰ ফল সম্পৰ্কে চিন্তা কৰা, কিদৰে তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় এইদৰেই আল্লাহে মৃতক জীৱিত কৰিব, আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি বৰষুণৰ প্ৰভাৱৰ প্ৰতি মন কৰকচোন, যি বৰষুণক আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে ৰহমতস্বৰূপ প্ৰেৰণ কৰে। কিদৰে তেওঁ মৃত ভূমিক জীৱিত কৰি তাত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰে! জানি থওক, যি সত্তাই এই মৃত ভূমিক জীৱিত কৰে, নিশ্চিতভাৱে তেৱেঁই মৃত লোকসকলক জীৱিত কৰি পুনৰুত্থিত কৰিব। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁৰ ক্ষমতাৰ বাহিৰত একোৱেই নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030050.mp3"},{"index":"51","arabicText":"وَلَىِٕنْ اَرْسَلْنَا رِیْحًا فَرَاَوْهُ مُصْفَرًّا لَّظَلُّوْا مِنْ بَعْدِهٖ یَكْفُرُوْنَ ۟","assameseTranslation":"আৰু যদি আমি এনেকুৱা বতাহ প্ৰেৰণ কৰোঁ যাৰ ফলত সিহঁতে দেখিবলৈ পায় যে, শস্য হালধীয়া ৰং ধাৰণ কৰিছে, তেতিয়া সিহঁত অকৃতজ্ঞ হৈ পৰে।","footnotes":"","tafseer":"যদি আমি সিহঁতৰ খেতি-পথাৰত বিনাশকাৰী বতাহ প্ৰেৰণ কৰোঁ, যি বতাহে সিহঁতৰ খেতি-বাতি তচনচ কৰি পেলাব, আৰু সিহঁতে যদি সেউজীয়া পথাৰক হালধীয়া দেখিবলৈ পায়, তেন্তে পূৰ্বৱৰ্তী আল্লাহৰ অসংখ্য নিয়ামতসমূহক পাহৰি অকৃতজ্ঞ হৈ পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030051.mp3"},{"index":"52","arabicText":"فَاِنَّكَ لَا تُسْمِعُ الْمَوْتٰى وَلَا تُسْمِعُ الصُّمَّ الدُّعَآءَ اِذَا وَلَّوْا مُدْبِرِیْنَ ۟","assameseTranslation":"এতেকে নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, বধিৰোকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁত পৃষ্ঠপ্ৰদৰ্শন কৰি গুচি যায়।","footnotes":"","tafseer":"যিদৰে আপুনি মৃত ব্যক্তিক শুনাব নোৱাৰে, সেইদৰে আপুনি বধিৰ (কলা) ব্যক্তিকো শুনাব নোৱাৰে, সিহঁতে নুশুনাৰ কাৰণেই আপোনাৰ পৰা আঁতৰি যায়। ঠিক সেইদৰেই আপুনি সেইসকল লোককো সঠিক পথলৈ ঘূৰাই আনিব নোৱাৰিব, যিসকলে ইহঁতৰ দৰেই উপকৃত হোৱাৰ পৰা বঞ্চিত হৈ বিমুখ হৈ উভতি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030052.mp3"},{"index":"53","arabicText":"وَمَاۤ اَنْتَ بِهٰدِ الْعُمْیِ عَنْ ضَلٰلَتِهِمْ ؕ اِنْ تُسْمِعُ اِلَّا مَنْ یُّؤْمِنُ بِاٰیٰتِنَا فَهُمْ مُّسْلِمُوْنَ ۟۠","assameseTranslation":"আৰু তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা হিদায়তলৈ আনিব নোৱাৰিবা। যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে কেৱল তেওঁলোককেই তুমি শুনাব পাৰিবা; কাৰণ তেওঁলোকেই আত্মসমৰ্পণকাৰী।","footnotes":"","tafseer":"আপুনি সেই ব্যক্তিক কেতিয়াও সঠিক পথৰ তাওফীক দিব নোৱাৰে, যিয়ে উৎকৃষ্ট পথৰ পৰা বিভ্ৰান্ত হৈছে। আপুনি কেৱল সেইসকল লোককেই উপকৃত কৰাৰ উদ্দেশ্যে শুনাব পাৰিব, যিসকলে আমাৰ আয়াতসমূহক বিশ্বাস কৰে। কাৰণ তেওঁলোকেই আপোনাৰ কথাৰ দ্বাৰা উপকৃত হয়। তেওঁলোকেই আমাৰ আদেশ পালন কৰে আৰু সেইমতে নত স্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030053.mp3"},{"index":"54","arabicText":"اَللّٰهُ الَّذِیْ خَلَقَكُمْ مِّنْ ضُؔعْفٍ ثُمَّ جَعَلَ مِنْ بَعْدِ ضُؔعْفٍ قُوَّةً ثُمَّ جَعَلَ مِنْ بَعْدِ قُوَّةٍ ضُؔعْفًا وَّشَیْبَةً ؕ یَخْلُقُ مَا یَشَآءُ ۚ وَهُوَ الْعَلِیْمُ الْقَدِیْرُ ۟","assameseTranslation":"আল্লাহেই সেই সত্ত্বা যিজনে তোমালোকক সৃষ্টি কৰে দুৰ্বলৰূপে, আৰু তেৱেঁই দুৰ্বলতাৰ পিছত শক্তি দান কৰে; শক্তিৰ পিছত আকৌ দুৰ্বলতা আৰু বাৰ্ধক্য দিয়ে। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু তেৱেঁই সৰ্বজ্ঞ, সৰ্বশক্তিমান।","footnotes":"","tafseer":"হে মানৱজাতি! আল্লাহেই তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক শৈশৱৰ নিৰ্বলতাৰ পিছত যৌৱনৰ শক্তি প্ৰদান কৰিছে। আকৌ যৌৱনৰ শক্তিৰ পিছত পুনৰ বৃদ্ধ বয়সৰ দুৰ্বলতা আৰু বলহীনতা প্ৰদান কৰিব। শক্তি সামৰ্থই হওক অথবা দুৰ্বলতা, আল্লাহে নিজ ইচ্ছামতে সৃষ্টি কৰে। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ মহাশক্তিশালী, তেওঁৰ শক্তিৰ বাহিৰত একোৱেই নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030054.mp3"},{"index":"55","arabicText":"وَیَوْمَ تَقُوْمُ السَّاعَةُ یُقْسِمُ الْمُجْرِمُوْنَ ۙ۬ مَا لَبِثُوْا غَیْرَ سَاعَةٍ ؕ كَذٰلِكَ كَانُوْا یُؤْفَكُوْنَ ۟","assameseTranslation":"আৰু যিদিনা কিয়ামত সংঘটিত হ'ব সেইদিনা অপৰাধীবিলাকে শপত খাই ক'ব যে, সিহঁতে (পৃথিৱীত) এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইদৰেই সিহঁতে পথভ্ৰষ্ট হৈছিল।","footnotes":"","tafseer":"যিদিনা কিয়ামত সংঘটিত হ’ব, সেইদিনা অপৰাধীবিলাকে শপত খাই ক’ব যে, আমি কবৰত কেৱল কিছু সময়হে অৱস্থান কৰিছিলোঁ। যিদৰে সিহঁতক কবৰত অৱস্থান কৰা সময় সম্পৰ্কীয় তথ্যৰ পৰা আঁতৰাই ৰখা হৈছে, ঠিক সেইদৰে পৃথিৱীতো সিহঁতে সত্যৰ পৰা আঁতৰি ফুৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030055.mp3"},{"index":"56","arabicText":"وَقَالَ الَّذِیْنَ اُوْتُوا الْعِلْمَ وَالْاِیْمَانَ لَقَدْ لَبِثْتُمْ فِیْ كِتٰبِ اللّٰهِ اِلٰى یَوْمِ الْبَعْثِ ؗ فَهٰذَا یَوْمُ الْبَعْثِ وَلٰكِنَّكُمْ كُنْتُمْ لَا تَعْلَمُوْنَ ۟","assameseTranslation":"আনহাতে যিসকলক জ্ঞান আৰু ঈমান দিয়া হৈছে তেওঁলোকে ক’ব, ‘নিশ্চয় তোমালোকে আল্লাহৰ লিখিত (ম্যাদ) অনুযায়ী পুনৰুত্থানৰ দিৱসলৈকে অৱস্থান কৰিছা। এতেকে এইটোৱেই হৈছে পুনৰুত্থানৰ দিৱস; কিন্তু তোমালোকে জনা নাছিলা’।","footnotes":"","tafseer":"যিসকলক আল্লাহে জ্ঞান দান কৰিছিল অৰ্থাৎ নবী আৰু ফিৰিস্তাসকলে ক'বঃ তোমালোকে সেই পুনৰুত্থান দিৱসলৈকে অৱস্থান কৰিছা, যিটোক আল্লাহে তেওঁৰ জ্ঞান অনুসাৰে তোমালোকৰ সৃষ্টিৰ সময়তেই নিৰ্ধাৰণ কৰি লিখি ৰাখিছিল, অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা। এতেকে এইটোৱেই হৈছে সেই দিন, যিদিনা মানুহক সিহঁতৰ কবৰৰ পৰা পুনৰুত্থিত কৰা হ'ব। দৰাচলতে তোমালোকে জনাই নাছিলা যে, আখিৰাতৰ বাবে পুনৰ্জীৱন লাভ কৰাটো এটা চিৰসত্য বিষয়। সেইকাৰণেই তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030056.mp3"},{"index":"57","arabicText":"فَیَوْمَىِٕذٍ لَّا یَنْفَعُ الَّذِیْنَ ظَلَمُوْا مَعْذِرَتُهُمْ وَلَا هُمْ یُسْتَعْتَبُوْنَ ۟","assameseTranslation":"এতেকে যিসকলে অন্যায় কৰিছে সেইদিনা সিহঁতৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব আৰু সিহঁতক তিৰষ্কৃত হোৱাৰ (মাধ্যমত আল্লাহৰ সন্তুষ্টি লাভৰ) সুযোগো দিয়া নহ’ব।","footnotes":"","tafseer":"যিদিনা আল্লাহে সৃষ্টিবোৰক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে পুনৰ্জীৱিত কৰিব, সেইদিনা যালিমসকলৰ কোনো অজুহাত কামত নাহিব। আনকি তাওবা কৰি আল্লাহৰ ওচৰত সিহঁতক উভতি অহাৰো সুযোগ দিয়া নহ’ব। কাৰণ এই সুযোগ সিহঁতে পূৰ্বেই হেৰুৱাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030057.mp3"},{"index":"58","arabicText":"وَلَقَدْ ضَرَبْنَا لِلنَّاسِ فِیْ هٰذَا الْقُرْاٰنِ مِنْ كُلِّ مَثَلٍ ؕ وَلَىِٕنْ جِئْتَهُمْ بِاٰیَةٍ لَّیَقُوْلَنَّ الَّذِیْنَ كَفَرُوْۤا اِنْ اَنْتُمْ اِلَّا مُبْطِلُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে সকলো ধৰণৰ দৃষ্টান্ত দাঙি ধৰিছোঁ। তুমি যদি সিহঁতৰ ওচৰত কোনো নিদৰ্শন উপস্থিত কৰা, তেন্তে যিসকলে কুফৰী কৰিছে সিহঁতে অৱশ্যে ক’ব, ‘তোমালোক হৈছা বাতিলপন্থী’।","footnotes":"","tafseer":"আমি মানুহৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰি সিহঁতৰ বাবে এই কোৰআনত সকলো প্ৰকাৰৰ উদাহৰণ দাঙি ধৰিছোঁ। যাতে সিহঁতৰ সন্মুখত অসত্যৰ পৰা সত্য স্পষ্ট হৈ পৰে। হে ৰাছুল! আপুনি যদি সিহঁতৰ ওচৰত আপোনাৰ সত্যতাৰ কোনো প্ৰমাণ লৈ আহে, তথাপিও আল্লাহক অস্বীকাৰ কৰা লোকসকলে নিশ্চয় ক’বঃ তোমালোক হৈছা বাতিলপন্থী, আৰু এই তথ্যবোৰো তোমালোকৰ মনেসজা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030058.mp3"},{"index":"59","arabicText":"كَذٰلِكَ یَطْبَعُ اللّٰهُ عَلٰى قُلُوْبِ الَّذِیْنَ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"এইদৰেই আল্লাহে মোহৰ মাৰি দিয়ে সেইসকল লোকৰ অন্তৰত, যিসকলে জ্ঞান নাৰাখে।","footnotes":"","tafseer":"যিদৰে এইসকল লোকৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে, যিসকলে আপুনি লৈ অহা আয়াতক বিশ্বাস নকৰে, ঠিক সেইদৰে আল্লাহে সেইসকল লোকৰ অন্তৰতো মোহৰ মাৰি দিয়ে, যিসকলে এই কথা নাজানে যে, আপুনি সিহঁতৰ ওচৰত যি লৈ আহিছে সেইবোৰ হৈছে সত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030059.mp3"},{"index":"60","arabicText":"فَاصْبِرْ اِنَّ وَعْدَ اللّٰهِ حَقٌّ وَّلَا یَسْتَخِفَّنَّكَ الَّذِیْنَ لَا یُوْقِنُوْنَ ۟۠","assameseTranslation":"এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে যিসকলে দৃঢ় বিশ্বাসী নহয়, সিহঁতে যেন তোমাক বিচলিত কৰিব নোৱাৰে।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে, গতিকে আপুনি ধৈৰ্য্য ধাৰণ কৰক। আল্লাহে আপোনাক সহায় কৰাৰ আৰু প্ৰতিষ্ঠিত কৰাৰ যি প্ৰতিশ্ৰুতি দান কৰিছে, নিশ্চিতভাৱে সেই প্ৰতিশ্ৰুতি সত্য। ইয়াত সন্দেহৰ কোনো অৱকাশ নাই। আখিৰাতৰ পুনৰ্জীৱনক বিশ্বাস নকৰা লোকসকলে যাতে আপোনাক অধৈৰ্য্য হ’বলৈ তথা খৰধৰ কৰিবলৈ উচটনি দিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/030060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/030060.mp3"}]