[{"index":"1","arabicText":"اَلْحَمْدُ لِلّٰهِ الَّذِیْ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَلَهُ الْحَمْدُ فِی الْاٰخِرَةِ ؕ وَهُوَ الْحَكِیْمُ الْخَبِیْرُ ۟","assameseTranslation":"সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেৱেঁই সেই সকলোবোৰৰ মালিক আৰু আখিৰাততো সকলো প্ৰশংসা তেওঁৰেই। তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।","footnotes":"","tafseer":"সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যাৰ অধীনত আছে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু। তেৱেঁই সিহঁতক সৃষ্টি কৰিছে, তেৱেঁই সেইবোৰৰ মালিক, আৰু তেৱেঁই সেইবোৰক নিয়ন্ত্ৰণ কৰে। সেই পৱিত্ৰ আল্লাহৰ বাবেই আছে আখিৰাতত প্ৰশংসা। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। বান্দাৰ অৱস্থা সম্পৰ্কে তেওঁ সম্যক অৱহিত। তেওঁৰ পৰা একোৱেই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034001.mp3"},{"index":"2","arabicText":"یَعْلَمُ مَا یَلِجُ فِی الْاَرْضِ وَمَا یَخْرُجُ مِنْهَا وَمَا یَنْزِلُ مِنَ السَّمَآءِ وَمَا یَعْرُجُ فِیْهَا ؕ وَهُوَ الرَّحِیْمُ الْغَفُوْرُ ۟","assameseTranslation":"তেওঁ জানে মাটিত যি প্ৰৱেশ কৰে আৰু তাৰ পৰা যি ওলায়, লগতে আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি তালৈ আৰোহণ কৰে। তেওঁ পৰম দয়ালু, অতি ক্ষমাশীল।","footnotes":"","tafseer":"তেওঁ সেই সকলো বস্তু সম্পৰ্কে অৱগত যিবোৰ মাটিৰ ভিতৰত সোমায়, উদাহৰণস্বৰূপে পানী আৰু গছৰ শিপা আদি। তেওঁ সেই বিষয়েও জানে যিবোৰ মাটিৰ পৰা ওলায়, যেনে- উদ্ভিদ আদি। আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণ, ফিৰিস্তা আৰু জীৱিকা সম্পৰ্কেও তেওঁ অৱগত। আনহাতে আকাশলৈ আৰোহণ কৰা ফিৰিস্তা, বান্দাৰ আমল আৰু সিহঁতৰ প্ৰাণ সম্পৰ্কেও অৱগত। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু। তাওবাকাৰীসকলৰ প্ৰতি ক্ষমাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034002.mp3"},{"index":"3","arabicText":"وَقَالَ الَّذِیْنَ كَفَرُوْا لَا تَاْتِیْنَا السَّاعَةُ ؕ قُلْ بَلٰی وَرَبِّیْ لَتَاْتِیَنَّكُمْ ۙ عٰلِمِ الْغَیْبِ ۚ لَا یَعْزُبُ عَنْهُ مِثْقَالُ ذَرَّةٍ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ وَلَاۤ اَصْغَرُ مِنْ ذٰلِكَ وَلَاۤ اَكْبَرُ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟ۗۙ","assameseTranslation":"আৰু কাফিৰসকলে কয়, ‘আমাৰ ওচৰলৈ কিয়ামত নাহিব’। কোৱা, ‘নিশ্চয় আহিব, শপত মোৰ প্ৰতিপালকৰ! নিশ্চয় তোমালোকৰ ওচৰলৈ আহিব’। তেওঁ গায়েব সম্পৰ্কে সম্যক পৰিজ্ঞাত; আকাশসমূহ আৰু পৃথিৱীত অণু পৰিমাণ কোনো বস্তু অথবা তাতকৈও সৰু বা ডাঙৰ একোৱেই তেওঁৰ অগোচৰ নহয়; প্ৰতিটো বস্তুৱেই সুস্পষ্ট কিতাবত লিপিবদ্ধ আছে।","footnotes":"","tafseer":"আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ কিয়ামত কেতিয়াও সংঘটিত নহ’ব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, কিয় নহ’ব; আল্লাহৰ শপত! নিশ্চয় কিয়ামত সংঘটিত হ’ব যিটোক তোমালোকে অস্বীকাৰ কৰি আছা। কিন্তু ইয়াৰ সঠিক তথা নিৰ্ধাৰিত সময় সম্পৰ্কে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পৱিত্ৰ আল্লাহেই অদৃশ্য বিষয়াদি সম্পৰ্কে সৰ্বজ্ঞ, যেনে কিয়ামত সম্পৰ্কে অৱগত। আকাশমণ্ডল আৰু পৃথিৱীত সৰুতকৈও সৰু এটা পৰুৱাৰ সমানো কোনো বস্তু নাই, যিটো তেওঁৰ জ্ঞানৰ বাহিৰত আছে। আনকি ইয়াতকৈ সৰুৱে হওক অথবা ডাঙৰ, একোৱেই তেওঁৰ পৰা গোপন নহয়। সেই সকলোবোৰ এখন স্পষ্ট গ্ৰন্থত অৰ্থাৎ লওহে মাহফুজত লিপিবদ্ধ হৈ আছে। সেই গ্ৰন্থত কিয়ামত পৰ্যন্ত হ’বলগীয়া সকলো বস্তু লিপিবদ্ধ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034003.mp3"},{"index":"4","arabicText":"لِّیَجْزِیَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ؕ اُولٰٓىِٕكَ لَهُمْ مَّغْفِرَةٌ وَّرِزْقٌ كَرِیْمٌ ۟","assameseTranslation":"যাতে তেওঁ সেইসকল লোকক প্ৰতিদান দিব পাৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।","footnotes":"","tafseer":"আল্লাহে লওহে মাহফুজত যি যি লিপিবদ্ধ কৰি ৰাখিছে, তাৰ অন্যতম কাৰণ হৈছে যাতে সেই অনুপাতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলক আৰু সৎকৰ্ম কৰা লোকসকলক তেওঁ প্ৰতিদান দিব পাৰে। এনেকুৱা লোকৰ বাবেই আল্লাহৰ ওচৰত আছে গুনাহৰ মাগফিৰাত। তেওঁলোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ'ব। তথা তেওঁলোকৰ বাবে আছে উত্তম জীৱিকা, অৰ্থাৎ কিয়ামতৰ দিনা জান্নাতত সেইবোৰ তেওঁলোকে লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034004.mp3"},{"index":"5","arabicText":"وَالَّذِیْنَ سَعَوْ فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ لَهُمْ عَذَابٌ مِّنْ رِّجْزٍ اَلِیْمٌ ۟","assameseTranslation":"আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহক যিসকলে বাতিল হিচাপে প্ৰতীয়মান কৰাবলৈ প্ৰয়াস কৰে, সিহঁতে আমাৰ আয়াতসমূহক যাদু বুলি কয়। তথা আমাৰ ৰাছুলক যাদুকৰ আৰু কবি বুলি আখ্যায়িত কৰে। এনেকুৱা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে অতি নিকৃষ্ট তথা অতি কঠিন শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034005.mp3"},{"index":"6","arabicText":"وَیَرَی الَّذِیْنَ اُوْتُوا الْعِلْمَ الَّذِیْۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ هُوَ الْحَقَّ ۙ وَیَهْدِیْۤ اِلٰی صِرَاطِ الْعَزِیْزِ الْحَمِیْدِ ۟","assameseTranslation":"আৰু যিসকলক জ্ঞান দিয়া হৈছে, তেওঁলোকে জানে যে, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য; আৰু এইখনে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ দেখুৱায়।","footnotes":"","tafseer":"চাহাবাসকলৰ মাজৰ বিদ্যানসকলে আৰু আহলে কিতাবসকলৰ মাজৰ পৰা যিসকল বিদ্যান লোকে ঈমান আনিছে, তেওঁলোকে এই সাক্ষ্য প্ৰদান কৰে যে, আল্লাহে আপোনাৰ প্ৰতি অহীৰ দ্বাৰা যি অৱতীৰ্ণ কৰিছে সেয়া হৈছে পৰম সত্য, য’ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। এই সত্যই সেই মহাপৰাক্ৰমশালী সত্তাৰ পথ দেখুৱায়, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ পৃথিৱী আৰু আখিৰাত উভয়তে প্ৰশংসিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034006.mp3"},{"index":"7","arabicText":"وَقَالَ الَّذِیْنَ كَفَرُوْا هَلْ نَدُلُّكُمْ عَلٰی رَجُلٍ یُّنَبِّئُكُمْ اِذَا مُزِّقْتُمْ كُلَّ مُمَزَّقٍ ۙ اِنَّكُمْ لَفِیْ خَلْقٍ جَدِیْدٍ ۟ۚ","assameseTranslation":"আৰু কাফিৰসকলে কয়, ‘আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিমনে? যিয়ে তোমালোকক সংবাদ দিব যে, তোমালোকৰ শৰীৰ যেতিয়া সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ যাব, তেতিয়া তোমালোক নিশ্চয় আকৌ নতুনকৈ সৃষ্টি কৰা হ’ব’!","footnotes":"","tafseer":"কাফিৰসকলে পৰস্পৰে পৰস্পৰক ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাৰ প্ৰতি আশ্চৰ্য প্ৰকাশ কৰি তথা সেইবোৰক উপলুঙা কৰি কয়ঃ আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে জনাম নেকি, যিয়ে তোমালোকক কয় যে, যেতিয়া তোমালোকে মৃত্যুবৰণ কৰিবা আৰু তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হৈ যাব, তাৰ পিছত আকৌ তোমালোকক নতুনকৈ পুনৰ্জীৱিত কৰা হ’ব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034007.mp3"},{"index":"8","arabicText":"اَفْتَرٰی عَلَی اللّٰهِ كَذِبًا اَمْ بِهٖ جِنَّةٌ ؕ بَلِ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ فِی الْعَذَابِ وَالضَّلٰلِ الْبَعِیْدِ ۟","assameseTranslation":"সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে নেকি, নে তাৰ মাজত উন্মাদনা আছে? বৰং যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতে শাস্তি আৰু ঘোৰ বিভ্ৰান্তিৰ মাজত আছে।","footnotes":"","tafseer":"সিহঁতে কয়ঃ এই মানুহজনে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা নাই জানো, সেইকাৰণেই তেওঁ আমাৰ মৃত্যুৰ পিছত পুনৰ্জীৱনৰ দাবী কৰি আছে? অথবা তেওঁ উন্মাদ হৈছে, সেইকাৰণেই মুখেৰে যি আহে সেইটোৱে কয়, যিবোৰৰ কোনো বাস্তৱিকতা নাই? বিষয়টো তেনেকুৱা নহয়, যিদৰে ইহঁতে ভাবি আছে। বৰং প্ৰকৃততে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, কিয়ামতৰ দিনা সিহঁত কঠিন শাস্তিৰ সন্মুখীন হ’ব, আনহাতে পৃথিৱীত সিহঁতে সত্যৰ পৰা বিভ্ৰান্ত হৈ বহু দূৰৈত আঁতৰি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034008.mp3"},{"index":"9","arabicText":"اَفَلَمْ یَرَوْا اِلٰی مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ مِّنَ السَّمَآءِ وَالْاَرْضِ ؕ اِنْ نَّشَاْ نَخْسِفْ بِهِمُ الْاَرْضَ اَوْ نُسْقِطْ عَلَیْهِمْ كِسَفًا مِّنَ السَّمَآءِ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّكُلِّ عَبْدٍ مُّنِیْبٍ ۟۠","assameseTranslation":"সিহঁতক আগফালৰ পৰা আৰু পিছফালৰ পৰা আগুৰি ৰখা আকাশৰ প্ৰতি আৰু পৃথিৱীৰ প্ৰতি সিহঁতে লক্ষ্য কৰা নাইনে? আমি ইচ্ছা কৰিলে সিহঁতক মাটিসহ পুতি দিব পাৰোঁ অথবা সিহঁতৰ ওপৰত আকাশৰ পৰা এটা টুকুৰা পেলাব পাৰোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক আল্লাহ অভিমুখী বান্দাৰ বাবে।","footnotes":"","tafseer":"আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে পৃথিৱী আৰু আকাশখনক দেখা নাপায় নেকি? আমি ইচ্ছা কৰিলে সিহঁতৰ ভৰিৰ তলত ভূমিস্খলন সৃষ্টি কৰিব পাৰোঁ আৰু সিহঁতক ভূগৰ্ভত বিলীন কৰিব পাৰোঁ। লগতে আমি সিহঁতৰ ওপৰত আকাশৰ কোনো এটা টুকুৰা ভাঙি পেলাবলৈ ইচ্ছা কৰিলে, সেইটোও কৰিব পাৰোঁ। নিশ্চয় ইয়াত প্ৰত্যেক সেই বান্দাৰ বাবে এটা নিৰ্ণায়ক সংকেত আছে, যিয়ে নিজ প্ৰতিপালকৰ ওচৰলৈ অধিক প্ৰত্যাৱৰ্তন কামনা কৰে। তথা ইয়াক আল্লাহৰ ক্ষমতাৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰে। কিয়নো যি সত্তাই এইবোৰ কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমালোকক মৃত্যুৰ পিছত তথা তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হোৱাৰ পিছতো তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034009.mp3"},{"index":"10","arabicText":"وَلَقَدْ اٰتَیْنَا دَاوٗدَ مِنَّا فَضْلًا ؕ یٰجِبَالُ اَوِّبِیْ مَعَهٗ وَالطَّیْرَ ۚ وَاَلَنَّا لَهُ الْحَدِیْدَ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় আমি আমাৰ ফালৰ পৰা দাউদক মৰ্যাদা প্ৰদান কৰিছিলোঁ, আৰু আদেশ কৰিছিলোঁ, হে পৰ্বতমালা! তোমালোকে দাউদৰ সৈতে বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ কৰিছিলোঁ)। লগতে তেওঁৰ বাবে আমি লোহাক কোমল কৰি দিছিলোঁ,","footnotes":"","tafseer":"নিশ্চয় আমি আমাৰ ফালৰ পৰা দাঊদ আলাইহিচ্ছালামক নুবুওৱত প্ৰদান কৰিছিলোঁ আৰু ৰাজত্ব প্ৰদান কৰিছিলোঁ। আৰু পৰ্বতসমূহক কৈছিলোঁ, হে পৰ্বতসমূহ! তোমালোকে দাঊদৰ সৈতে তাছবীহ পাঠ কৰা। এই নিৰ্দেশ আমি চৰাই-চিৰিকটিবিলাককো দিছিলোঁ। আমি তেওঁৰ বাবে লোহাক লেতু-সেতু কৰি দিছিলোঁ, যাতে তেওঁ নিজৰ ইচ্ছামতে প্ৰয়োজনীয় সা-সামগ্ৰী আদি বনাব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034010.mp3"},{"index":"11","arabicText":"اَنِ اعْمَلْ سٰبِغٰتٍ وَّقَدِّرْ فِی السَّرْدِ وَاعْمَلُوْا صَالِحًا ؕ اِنِّیْ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"(এই নিৰ্দেশ প্ৰদান কৰি যে) তুমি পৰিপূৰ্ণৰূপে বৰ্ম তৈয়াৰ কৰা আৰু যথাৰ্থ পৰিমাণত প্ৰস্তুত কৰা; আৰু তোমালোকে সৎকৰ্ম কৰা। তোমালোকে যি কৰা নিশ্চয় মই তাৰ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"হে দাঊদ! তুমি প্ৰশস্ত কৱচ প্ৰস্তুত কৰা। যিটোৱে তোমাৰ সৈন্যবাহিনীক শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰিব। (কৱচ প্ৰস্তুত কৰাৰ সময়ত) পেঁচ-গজালবোৰ ইমান পাতলকৈ নবনাবা যিবোৰ ফুটাত খাপ নাখায়, আৰু ইমান মোটাকৈও নবনাবা যিবোৰ ফুটাত নোসোমায়। লগতে সৎকৰ্ম কৰি যোৱা, নিশ্চয় মই তোমালোকৰ কৰ্মবোৰ পৰ্যবেক্ষণ কৰি আছোঁ। তোমালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয়। শীঘ্ৰেই মই তোমালোকক ইয়াৰ প্ৰতিদান দিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034011.mp3"},{"index":"12","arabicText":"وَلِسُلَیْمٰنَ الرِّیْحَ غُدُوُّهَا شَهْرٌ وَّرَوَاحُهَا شَهْرٌ ۚ وَاَسَلْنَا لَهٗ عَیْنَ الْقِطْرِ ؕ وَمِنَ الْجِنِّ مَنْ یَّعْمَلُ بَیْنَ یَدَیْهِ بِاِذْنِ رَبِّهٖ ؕ وَمَنْ یَّزِغْ مِنْهُمْ عَنْ اَمْرِنَا نُذِقْهُ مِنْ عَذَابِ السَّعِیْرِ ۟","assameseTranslation":"আৰু বতাহক ছুলাইমানৰ অধীন কৰি দিছিলোঁ, যিটো ৰাতিপুৱা এমাহৰ পথ অতিক্ৰম কৰিছিল আৰু গধূলিও এমাহৰ পথ অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ এটা প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলোঁ আৰু এনেকুৱা কিছুমান জিনক তেওঁৰ অনুগত কৰি দিছিলোঁ যিবিলাকে তেওঁৰ প্ৰতিপালকৰ অনুমতিক্ৰমে তেওঁৰ সন্মুখত কাম কৰিছিল। সিহঁতৰ মাজৰ যিয়ে আমাৰ নিৰ্দেশ অমান্য কৰিব, আমি তাক জ্বলন্ত জুইৰ শাস্তি আস্বাদন কৰাম।","footnotes":"","tafseer":"বতাহক আমি দাঊদৰ পুত্ৰ ছুলাইমানৰ অধীনস্থ কৰি দিছিলোঁ। পুৱাৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল আৰু সন্ধিয়াৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলোঁ, যাতে তেওঁ নিজৰ ইচ্ছামতে তামৰ সা-সামগ্ৰী প্ৰস্তুত কৰিব পাৰে, তথা এনেকুৱা কিছুমান জিনক আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, যিসকলে নিজ প্ৰতিপালকৰ আদেশত তেওঁৰ সন্মুখত কাম কৰিছিল। জিনসকলৰ মাজৰ যিয়েই আমাৰ আদেশৰ পৰা বিমুখ হ’ব, আমি তাক জ্বলন্ত অগ্নিৰ শাস্তি উপভোগ কৰাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034012.mp3"},{"index":"13","arabicText":"یَعْمَلُوْنَ لَهٗ مَا یَشَآءُ مِنْ مَّحَارِیْبَ وَتَمَاثِیْلَ وَجِفَانٍ كَالْجَوَابِ وَقُدُوْرٍ رّٰسِیٰتٍ ؕ اِعْمَلُوْۤا اٰلَ دَاوٗدَ شُكْرًا ؕ وَقَلِیْلٌ مِّنْ عِبَادِیَ الشَّكُوْرُ ۟","assameseTranslation":"সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ‘হে দাউদ-পৰিয়াল! কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ মাজৰ মাত্ৰ কিছু সংখ্যকহে কৃতজ্ঞ!’","footnotes":"","tafseer":"এই জিনসকলে ছুলাইমানে বিচৰা সকলো বস্তু নিৰ্মাণ কৰিছিল। যেনে- চালাতৰ বাবে মছজিদ নিৰ্মাণ, অট্টালিকা, তথা তেওঁ বিচৰা দৃশ্যৰ ছবি, জলাশয় সদৃশ বৃহদাকাৰৰ পানী থোৱাৰ পাত্ৰ, লগতে সুদৃঢ়ভাৱে স্থাপিত সহজে লৰাব নোৱাৰা ৰন্ধন-পাত্ৰ নিৰ্মাণ কৰিছিল। আমি তেওঁলোকক কৈছিলোঁ, হে দাঊদ-পৰিয়াল! আল্লাহে তোমালোকৰ ওপৰত যিবোৰ উপকাৰ কৰিছে, তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। কাৰণ মোৰ উপকাৰৰ বহুত কম সংখ্যক লোকেই কৃতজ্ঞতা প্ৰকাশ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034013.mp3"},{"index":"14","arabicText":"فَلَمَّا قَضَیْنَا عَلَیْهِ الْمَوْتَ مَا دَلَّهُمْ عَلٰی مَوْتِهٖۤ اِلَّا دَآبَّةُ الْاَرْضِ تَاْكُلُ مِنْسَاَتَهٗ ۚ فَلَمَّا خَرَّ تَبَیَّنَتِ الْجِنُّ اَنْ لَّوْ كَانُوْا یَعْلَمُوْنَ الْغَیْبَ مَا لَبِثُوْا فِی الْعَذَابِ الْمُهِیْنِ ۟ؕ","assameseTranslation":"এতেকে যেতিয়া আমি ছুলাইমানৰ মৃত্যু ঘটালোঁ, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰোৱাইছিল মাটিৰ পৰুৱায়, যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিল, তেতিয়া জিনবিলাকে বুজিব পাৰিলে যে, যদি সিহঁতে গায়েব জানিলেহেঁতেন, তেন্তে সিহঁতে লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ নাথাকিলহেঁতেন।","footnotes":"","tafseer":"কিন্তু যেতিয়া আমি ছুলাইমানৰ মৃত্যু চূড়ান্ত কৰিছিলোঁ, তেতিয়াও জিনসকলে একো গ'ম পোৱা নাছিল, সিহঁতে গ'ম পাইছিল সেইবোৰ কীটৰ মাধ্যমত, যিবোৰে ছুলাইমানে ভৰ কৰি থকা লাখুটিডালক খাই আছিল। এতেকে যেতিয়া তেওঁ মাটিত বাগৰি পৰিল, তেতিয়াহে জিনসকলে বুজি পালে যে, সিহঁতে গায়েব সম্পৰ্কে একো নাজানে। যদি সিহঁতে গায়েব সম্পৰ্কে জানিলেহেঁতেন তেন্তে নিশ্চয় এই লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ হৈ নাথাকিলহেঁতেন। অৰ্থাৎ সেই কঠিন কামবোৰ ধাৰাবাহিকভাৱে নকৰিলেহেঁতেন, যিবোৰ সিহঁতে ছুলাইমান আলাইহিচ্ছালামক জীৱিত বুলি ভাবি কৰি আছিল। সিহঁতে ভাবিছিল যে, ছুলাইমান আলাইহিচ্ছালামে সিহঁতক দেখি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034014.mp3"},{"index":"15","arabicText":"لَقَدْ كَانَ لِسَبَاٍ فِیْ مَسْكَنِهِمْ اٰیَةٌ ۚ جَنَّتٰنِ عَنْ یَّمِیْنٍ وَّشِمَالٍ ؕ۬ كُلُوْا مِنْ رِّزْقِ رَبِّكُمْ وَاشْكُرُوْا لَهٗ ؕ بَلْدَةٌ طَیِّبَةٌ وَّرَبٌّ غَفُوْرٌ ۟","assameseTranslation":"নিশ্চয় ছাবাৰ অধিবাসীসকলৰ বাবে সিহঁতৰ বাস ভূমিত আছিল এটা নিদৰ্শন, দুখন উদ্যান, এখন সোঁফালে আৰু এখন বাওঁফালে। কোৱা হৈছিল, তোমালোকে তোমালোকৰ প্ৰতিপালকে দিয়া জীৱিকা ভোগ কৰা আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। উত্তম নগৰ আৰু ক্ষমাশীল প্ৰতিপালক,","footnotes":"","tafseer":"ছাবাৰ অধিবাসীসকলে বসবাস কৰা স্থানত, আল্লাহৰ ক্ষমতা আৰু তেওঁৰ নিয়ামতৰ প্ৰকাশ্য প্ৰতীক বিদ্যমান আছিল। যেনে- তাত দুখন বাগান আছিল। এখন আছিল সোঁফালে আৰু আনখন আছিল বাওঁফালে। আমি সিহঁতক নিৰ্দেশ দিছিলোঁ, তোমালোকে নিজ প্ৰতিপালকৰ ফালৰ পৰা পোৱা জীৱিকা ভক্ষণ কৰা, আৰু ইয়াৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰা। এইখন এখন পৱিত্ৰ নগৰ, আৰু শুনা! আল্লাহ হৈছে তোমালোকৰ প্ৰতিপালক। তেওঁ অতি ক্ষমাশীল: যিয়েই তাওবা কৰি তেওঁৰ প্ৰতি উভতি আহে, তেওঁ তাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034015.mp3"},{"index":"16","arabicText":"فَاَعْرَضُوْا فَاَرْسَلْنَا عَلَیْهِمْ سَیْلَ الْعَرِمِ وَبَدَّلْنٰهُمْ بِجَنَّتَیْهِمْ جَنَّتَیْنِ ذَوَاتَیْ اُكُلٍ خَمْطٍ وَّاَثْلٍ وَّشَیْءٍ مِّنْ سِدْرٍ قَلِیْلٍ ۟","assameseTranslation":"তথাপিও সিহঁত অবাধ্য হ’ল। ফলত আমি সিহঁতৰ ওপৰত প্ৰবাহিত কৰিলোঁ বান্ধ-ভঙ্গা ঢলপানী আৰু সিহঁতৰ উদ্যান দুখনক পৰিবৰ্তন কৰি দিলোঁ এনেকুৱা দুখন উদ্যানলৈ, য’ত উৎপন্ন হয় তিতা-কেহা ফল-মূল, ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।","footnotes":"","tafseer":"তথাপিও সিহঁতে আল্লাহৰ কৃতজ্ঞ হোৱাৰ পৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হৈছিল। ফলত আমি সিহঁতৰ সেই নিয়ামতসমূহক শাস্তিলৈ ৰূপান্তৰিত কৰিছিলোঁ। তথা সিহঁতৰ ওপৰত সংহাৰী জলপ্ৰলয় প্ৰেৰণ কৰিছিলোঁ। যি বানে সিহঁতৰ মথাউৰি ধ্বংস কৰিছিল আৰু সিহঁতৰ খেতি-পথাৰ বুৰাই পেলাইছিল। লগতে সিহঁতৰ সেই বাগান দুখনক এনেকুৱা বাগানত পৰিণত কৰিছিলোঁ, যিয়ে তিক্ত আৰু কেহেটা ফল প্ৰদান কৰিছিল। লগতে তাত আছিল কিছুমান ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034016.mp3"},{"index":"17","arabicText":"ذٰلِكَ جَزَیْنٰهُمْ بِمَا كَفَرُوْا ؕ وَهَلْ نُجٰزِیْۤ اِلَّا الْكَفُوْرَ ۟","assameseTranslation":"সেই শাস্তি আমি সিহঁতক দিছিলোঁ সিহঁতৰ কুফৰীৰ কাৰণে। অকৃতজ্ঞসকলৰ বাহিৰে আন কাকো আমি এনেকুৱা শাস্তি নিদিওঁ।","footnotes":"","tafseer":"এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে, সিহঁতে কুফৰী কৰিছিল আৰু নিয়ামতসমূহৰ পৰা বিমুখ হৈ অকৃতজ্ঞ হৈছিল। এই কঠিন শাস্তি আমি কেৱল সেইসকল লোকক প্ৰদান কৰোঁ, যিসকলে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰে আৰু তেওঁৰ সৈতে কুফৰী কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034017.mp3"},{"index":"18","arabicText":"وَجَعَلْنَا بَیْنَهُمْ وَبَیْنَ الْقُرَی الَّتِیْ بٰرَكْنَا فِیْهَا قُرًی ظَاهِرَةً وَّقَدَّرْنَا فِیْهَا السَّیْرَ ؕ سِیْرُوْا فِیْهَا لَیَالِیَ وَاَیَّامًا اٰمِنِیْنَ ۟","assameseTranslation":"সিহঁতক লগতে আৰু যিবোৰ জনপদৰ মাজত আমি বৰকত দিছিলোঁ, সেইবোৰৰ মধ্যৱৰ্তী স্থানত আমি দৃশ্যমান বহুতো জনপদ স্থাপন কৰিছিলোঁ, আৰু সেইবোৰ জনপদলৈ ভ্ৰমণৰ বাবে যথাযথ ব্যৱস্থাও কৰি দিছিলোঁ। কৈছিলোঁ, ‘তোমালোকে এইবোৰ জনপদত দিনে-ৰাতি (যেতিয়া ইচ্ছা তেতিয়াই) নিৰাপদে ভ্ৰমণ কৰা’।","footnotes":"","tafseer":"য়ামানত আমি ছাবা-বাসীসকলৰ মাজত আৰু ছিৰিয়াত যিবোৰ জনবসতিৰ ওপৰত আমি বৰকত প্ৰদান কৰিছিলোঁ, সেইবোৰৰ ওচৰে-পাঁজৰে অন্য আৰু কিছুমান গাওঁ আমি গঢ়ি তুলিছিলোঁ। সিহঁতে এটাৰ পিছত এটা জনবসতি অতিক্ৰম কৰি সহজেই ছিৰিয়াতগৈ উপনীত হ’ব পাৰিছিল। আমি সিহঁতক কৈছিলোঁ, তোমালোকে নিজ ইচ্ছা অনুসৰি ৰাতিতেই হওক অথবা দিনত, যেতিয়াই ইচ্ছা তেতিয়াই নিৰাপদভাৱে সহজে ভ্ৰমণ কৰিব পাৰা। শত্ৰু, ভোক-পিয়াহ আদিৰ কোনো ভয় নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034018.mp3"},{"index":"19","arabicText":"فَقَالُوْا رَبَّنَا بٰعِدْ بَیْنَ اَسْفَارِنَا وَظَلَمُوْۤا اَنْفُسَهُمْ فَجَعَلْنٰهُمْ اَحَادِیْثَ وَمَزَّقْنٰهُمْ كُلَّ مُمَزَّقٍ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّكُلِّ صَبَّارٍ شَكُوْرٍ ۟","assameseTranslation":"তাৰ পিছত সিহঁতে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ভ্ৰমণৰ দুৰত্ব দীৰ্ঘ কৰি দিয়া’। সিহঁতে নিজৰে প্ৰতি অন্যায় কৰিছিল। ফলত আমি সিহঁতক কাহিনীৰ বিষয় বস্তুত পৰিণত কৰিলোঁ আৰু সিহঁতক সম্পূৰ্ণৰূপে ছিন্ন-বিচ্ছিন্ন কৰি দিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক ধৈৰ্যশীল, কৃতজ্ঞ ব্যক্তিৰ বাবে।","footnotes":"","tafseer":"আল্লাহে সিহঁতৰ দূৰত্ব কম কৰি সিহঁতৰ প্ৰতি যি অনুগ্ৰহ কৰিছিল, সেই অনুগ্ৰহ পাই সিহঁতে অহংকাৰ কৰিবলৈ ধৰিলে। তথা সিহঁতে ক’লেঃ হে আমাৰ প্ৰতিপালক! এই জনবসতিবোৰ আঁতৰাই আমাৰ ভ্ৰমণৰ দূৰত্ব বৃদ্ধি কৰি দিয়া। যাতে আমি ভ্ৰমণত ভাগৰ উপলব্ধি কৰিব পাৰোঁ তথা ইয়াৰ ফলত যাতে আমাৰ বাহনবোৰৰ বিশেষত্য প্ৰকাশ পায়। দৰাচলতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ পাই অহংকাৰ কৰি আৰু তেওঁৰ কৃতজ্ঞতাৰ পৰা বিমুখ হৈ নিজৰ ওপৰতেই অন্যায় কৰিছিল, লগতে সিহঁতে সিহঁতৰ মাজৰ দুখীয়া দৰিদ্ৰসকলক দেখি ঈৰ্ষা কৰিছিল। ফলত আমি সিহঁতক কিচ্ছা-কাহিনীত পৰিণত কৰিলোঁ, যাতে পৰৱৰ্তী লোকসকলে সিহঁতৰ বিষয়ে চৰ্চা কৰে। তথা আমি সিহঁতক বিভিন্ন দেশত বিভক্ত কৰিছিলোঁ, যাতে সিহঁতে সহজেই ইজনে সিজনক লগ কৰিব নোৱাৰে। নিশ্চয় ইয়াৰ মাজত- অৰ্থাৎ ছাবাৰ অধিবাসীসকলক প্ৰদান কৰা আল্লাহৰ নিয়ামতসমূহৰ মাজত আৰু এই নিয়ামতবোৰক অহংকাৰ কৰি অস্বীকাৰ কৰাৰ ফলত আৰু কুফৰী কৰাৰ ফলত সিহঁতৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ মাজত - প্ৰত্যেক সেইসকল লোকৰ বাবে আছে উপদেশ, যিসকলে আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰে, আৰু তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু আল্লাহৰ নিয়ামত লাভ কৰি তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034019.mp3"},{"index":"20","arabicText":"وَلَقَدْ صَدَّقَ عَلَیْهِمْ اِبْلِیْسُ ظَنَّهٗ فَاتَّبَعُوْهُ اِلَّا فَرِیْقًا مِّنَ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু নিশ্চয় সিহঁতৰ বিষয়ে ইবলীছে তাৰ ধাৰণা সত্য প্ৰমাণ কৰিলে, ফলত সিহঁতৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে তাৰ অনুসৰণ কৰিছিল;","footnotes":"","tafseer":"ইবলিছৰ যিটো ধাৰণা আছিল যে, সি সিহঁতক পথভ্ৰষ্ট কৰিব আৰু সিহঁতক সত্যৰ পৰা আঁতৰাই নিব পাৰিব, সেই ধাৰণাটো সি বাস্তৱত পৰিণত কৰিলে। ফলত সিহঁতে কুফৰী আৰু পথভ্ৰষ্টতাত ইবলিছৰ অনুসৰণ কৰিবলৈ ধৰিলে। কিন্তু মুমিনসকলৰ এটা দলে তাৰ এই আকাংক্ষাক বিফল কৰিছিল। কাৰণ তেওঁলোকে ইবলিছৰ অনুসৰণ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034020.mp3"},{"index":"21","arabicText":"وَمَا كَانَ لَهٗ عَلَیْهِمْ مِّنْ سُلْطٰنٍ اِلَّا لِنَعْلَمَ مَنْ یُّؤْمِنُ بِالْاٰخِرَةِ مِمَّنْ هُوَ مِنْهَا فِیْ شَكٍّ ؕ وَرَبُّكَ عَلٰی كُلِّ شَیْءٍ حَفِیْظٌ ۟۠","assameseTranslation":"আৰু সিহঁতৰ ওপৰত চয়তানৰ কোনো আধিপত্য নাছিল। কিন্তু কোনে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু কোনে এই বিষয়ে সন্দেহ পোষণ কৰে, সেয়া প্ৰকাশ কৰাটোৱেই আছিল আমাৰ উদ্দেশ্য। তোমাৰ প্ৰতিপালক সকলো বস্তুৰ সম্যক সংৰক্ষণকাৰী।","footnotes":"","tafseer":"ইবলিছৰ ইমান শক্তি নাই যে, সি সিহঁতক পথভ্ৰষ্ট কৰিবলৈ বাধ্য কৰাব পাৰিব। বৰং সিহঁতৰ সন্মুখত সি গুনাহৰ কৰ্মবোৰ শোভনীয় কৰি উপস্থাপন কৰিছিল আৰু সিহঁতক সত্যৰ পৰা আঁতৰোৱাবলৈ প্ৰয়াস কৰিছিল। এই অনুমতি আমি তাক এইকাৰণে প্ৰদান কৰিছিলোঁ, যাতে ইয়াৰ দ্বাৰা প্ৰকাশ হয় যে, কোনে আখিৰাত আৰু তাৰ প্ৰতিদানক বিশ্বাস কৰে আৰু কোনে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰে। হে ৰাছুল! আপোনাৰ প্ৰতিপালক হৈছে সকলো বস্তুৰ সংৰক্ষক। তেৱেঁই বান্দাৰ সকলো কৰ্ম সংৰক্ষণ কৰে। তেৱেঁই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034021.mp3"},{"index":"22","arabicText":"قُلِ ادْعُوا الَّذِیْنَ زَعَمْتُمْ مِّنْ دُوْنِ اللّٰهِ ۚ لَا یَمْلِكُوْنَ مِثْقَالَ ذَرَّةٍ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ وَمَا لَهُمْ فِیْهِمَا مِنْ شِرْكٍ وَّمَا لَهٗ مِنْهُمْ مِّنْ ظَهِیْرٍ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা। সিহঁতে আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুৰো মালিক নহয়। এই দুয়োৰে মাজত সিহঁতৰ কোনো অংশও নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তেওঁৰ সহায়কো নহয়’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, আল্লাহৰ বাহিৰে তোমালোকে যিবোৰক নিজৰ উপাস্য বুলি ভাবিছিলা, সেইবোৰক আজি মাতাচোন। যাতে সেইবোৰে আজি তোমালোকৰ কিবা উপকাৰ কৰিব পাৰে আৰু তোমালোকৰ বিপদ দূৰ কৰিব পাৰে। জানি থোৱা! আকাশমণ্ডল আৰু পৃথিৱীত সিহঁতৰ অণু পৰিমাণো কৰ্তৃত্ব নাই, লগতে আল্লাহৰ সৈতে সিহঁতৰ কোনো অংশীদাৰিত্বও নাই। সিহঁত আল্লাহৰ কোনো সহায়কো নহয় যে, কোনো কামত আল্লাহক সহায় কৰিব। নিশ্চয় আল্লাহ অংশীদাৰিত্বৰ পৰা আৰু সহায়ক আদিৰ পৰা সম্পূৰ্ণৰূপে অমুখাপেক্ষী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034022.mp3"},{"index":"23","arabicText":"وَلَا تَنْفَعُ الشَّفَاعَةُ عِنْدَهٗۤ اِلَّا لِمَنْ اَذِنَ لَهٗ ؕ حَتّٰۤی اِذَا فُزِّعَ عَنْ قُلُوْبِهِمْ قَالُوْا مَاذَا ۙ قَالَ رَبُّكُمْ ؕ قَالُوا الْحَقَّ ۚ وَهُوَ الْعَلِیُّ الْكَبِیْرُ ۟","assameseTranslation":"আল্লাহে যাক অনুমতি প্ৰদান কৰিব, তেওঁৰ বাহিৰে আল্লাহৰ ওচৰত কাৰো চুপাৰিছ ফলপ্ৰসূ নহ’ব। অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয় বিদূৰিত হ’ব, তেতিয়া সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰিব, ‘তোমালোকৰ প্ৰতিপালকে কি ক’লে’? ইয়াৰ উত্তৰত তেওঁলোকে ক’ব, ‘যিটো সত্য সেইটোৱে কৈছে’। তেওঁ অতি উচ্চ, অতি মহান।","footnotes":"","tafseer":"পৱিত্ৰ আল্লাহে যাক মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কাৰোৰেই মধ্যস্থতা ফলপ্ৰসূ নহ’ব। আনহাতে আল্লাহে তাকেই মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব, যাৰ প্ৰতি তেওঁ সন্তুষ্ট। এইটো দৰাচলতে তেওঁৰ মহানতাৰ এটা দৃশ্যহে। তেওঁৰ মহানতাৰ আন এটা দৃশ্য হৈছে এই যে, তেওঁ আকাশমণ্ডলত যেতিয়া কথা কয়, তেতিয়া ফিৰিস্তাসকলে তেওঁৰ আনুগত্যত নিজৰ পাখি পাৰি দিয়ে আৰু অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয়-ভীতি দূৰ হয় তেতিয়া সিহঁতে জিব্ৰীল আলাইহিচ্ছালামক সোধে, আপোনাৰ প্ৰতিপালকে কি ক’লে? জিব্ৰীলে কয়ঃ যি কৈছে সত্য কৈছে। তেওঁ সত্তাগতভাৱে আৰু ক্ষমতাৰ ফালেৰে অতি মহান, সকলো বস্তু তেওঁতকৈ সৰু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034023.mp3"},{"index":"24","arabicText":"قُلْ مَنْ یَّرْزُقُكُمْ مِّنَ السَّمٰوٰتِ وَالْاَرْضِ ؕ قُلِ اللّٰهُ ۙ وَاِنَّاۤ اَوْ اِیَّاكُمْ لَعَلٰی هُدًی اَوْ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ পৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে’? কোৱা, ‘আল্লাহ। (এইটো নিশ্চিত যে,) আমি অথবা তোমালোক (দুয়ো পক্ষৰ যিকোনো এক পক্ষ) নিশ্চয় সৎপথত প্ৰতিষ্ঠিত আছোঁ নাইবা স্পষ্ট বিভ্ৰান্তিত আছোঁ’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধকঃ কোৱাচোন তোমালোকে, আকাশৰ পৰা পানী বৰ্ষণ কৰি আৰু পৃথিৱীৰ পৰা খাদ্যদ্ৰৱ্য তথা ফল-মূল আদি উৎপন্ন কৰি কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? আপুনি কৈ দিয়ক, আল্লাহেই তোমালোকক এইবোৰৰ দ্বাৰা জীৱিকা প্ৰদান কৰে। হে মুশ্বৰিকসকল! আমাৰ আৰু তোমালোকৰ এই দল দুটাৰ মাজৰ যিকোনো এটা দল নিশ্চয় হিদায়তৰ ওপৰত আছে আৰু আনটো স্পষ্ট বিভ্ৰান্তিত আছে। ইয়াত কোনো সন্দেহ নাই যে, মুমিনসকলেই হৈছে হিদায়তপ্ৰাপ্ত আৰু মুশ্বৰিকসকল হৈছে পথভ্ৰষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034024.mp3"},{"index":"25","arabicText":"قُلْ لَّا تُسْـَٔلُوْنَ عَمَّاۤ اَجْرَمْنَا وَلَا نُسْـَٔلُ عَمَّا تَعْمَلُوْنَ ۟","assameseTranslation":"কোৱা, ‘আমাৰ অপৰাধৰ বাবে তোমালোকক প্ৰশ্ন কৰা নহ’ব আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আমাকো প্ৰশ্ন কৰা নহ’ব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, আমি যিবোৰ পাপ কৰ্ম কৰিছোঁ সেই বিষয়ে কিয়ামতৰ দিনা তোমালোকক সোধ-পোচ কৰা নহ’ব। আনহাতে তোমালোকে যিবোৰ কৰ্ম কৰিছা সেই বিষয়েও আমাক জবাবদিহি কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034025.mp3"},{"index":"26","arabicText":"قُلْ یَجْمَعُ بَیْنَنَا رَبُّنَا ثُمَّ یَفْتَحُ بَیْنَنَا بِالْحَقِّ ؕ وَهُوَ الْفَتَّاحُ الْعَلِیْمُ ۟","assameseTranslation":"কোৱা, ‘আমাৰ প্ৰতিপালকে আমাক সকলোকে একত্ৰিত কৰিব, তাৰ পিছত তেৱেঁই আমাৰ মাজত সঠিকভাৱে ফয়চালা কৰি দিব; আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী, সৰ্বজ্ঞ’।","footnotes":"","tafseer":"আপুনি সিহঁতক কৈ দিয়ক, আল্লাহে কিয়ামতৰ দিনা আমাক আৰু তোমালোক আটাইকে একত্ৰিত কৰিব। তাৰ পিছত আমাৰ আৰু তোমালোকৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সত্যক অসত্যৰ পৰা স্পষ্টকৈ পৃথক কৰিব। তেৱেঁই বিচাৰক, যিয়ে ন্যায় সহকাৰে বিচাৰ কৰে। তেওঁ উচিত মীমাংসা সম্পৰ্কে সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034026.mp3"},{"index":"27","arabicText":"قُلْ اَرُوْنِیَ الَّذِیْنَ اَلْحَقْتُمْ بِهٖ شُرَكَآءَ كَلَّا ؕ بَلْ هُوَ اللّٰهُ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে মোক দেখুৱাচোন, যিবোৰক তোমালোকে তেওঁৰ অংশীদাৰ হিচাপে নিযুক্ত কৰিছা। নহয়, কেতিয়াও নহয়। বৰং তেওঁ (একমাত্ৰ) আল্লাহ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক কওক যে, মোকো দেখুৱাচোন সেই উপাস্যবোৰ, যিবোৰক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছা, তথা ইবাদতত তেওঁৰ অংশী কৰি লৈছা। নহয়, কদাপিও নহয়। বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ধাৰণা কৰিছা যে, আল্লাহৰো অংশী আছে। বৰং আল্লাহ সেইজন, যিজন মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034027.mp3"},{"index":"28","arabicText":"وَمَاۤ اَرْسَلْنٰكَ اِلَّا كَآفَّةً لِّلنَّاسِ بَشِیْرًا وَّنَذِیْرًا وَّلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই নাজানে।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছোঁ। যাতে আপুনি মুত্তাক্বীসকলক জান্নাতৰ সুসংবাদ দিয়ে। আনহাতে কাফিৰ আৰু পাপিষ্ঠসকলক জাহান্নামৰ পৰা সতৰ্ক কৰে। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। কিয়নো যদি জানিলেহেঁতেন তেন্তে কেতিয়াও আপোনাক অস্বীকাৰ নকৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034028.mp3"},{"index":"29","arabicText":"وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব’?","footnotes":"","tafseer":"মুশ্বৰিকসকলক যিটো শাস্তিৰ বিষয়ে ভয় দেখুৱা হৈছে, সেই শাস্তি সম্পৰ্কে সিহঁতে খৰখেদা কৰি কয়ঃ যদি তোমালোকে নিজৰ দাবীত সত্যবাদী হোৱা তেন্তে কোৱাচোন সেই শাস্তিৰ প্ৰতিশ্ৰুতিটো কেতিয়া বাস্তৱায়ন হ’ব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034029.mp3"},{"index":"30","arabicText":"قُلْ لَّكُمْ مِّیْعَادُ یَوْمٍ لَّا تَسْتَاْخِرُوْنَ عَنْهُ سَاعَةً وَّلَا تَسْتَقْدِمُوْنَ ۟۠","assameseTranslation":"কোৱা, ‘তোমালোকৰ বাবে আছে এটা নিৰ্ধাৰিত দিনৰ প্ৰতিশ্ৰুতি, তাৰ পৰা তোমালোকে এক মুহূৰ্ত্তও বিলম্ব কৰিব নোৱাৰিবা, আৰু ত্বৰান্বিতও কৰিব নোৱাৰিবা’।","footnotes":"","tafseer":"হে ৰাছুল! শাস্তিৰ বিষয়ে খৰধৰ কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ তোমালোকৰ বাবে এটা দিন নিৰ্ধাৰিত আছে। গতিকে সেইটো ক্ষন্তেক সময় আগুৱায়ো নাহিব আৰু পিছুৱায়ো নাযাব। সেইদিনটো হৈছে কিয়ামতৰ দিন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034030.mp3"},{"index":"31","arabicText":"وَقَالَ الَّذِیْنَ كَفَرُوْا لَنْ نُّؤْمِنَ بِهٰذَا الْقُرْاٰنِ وَلَا بِالَّذِیْ بَیْنَ یَدَیْهِ ؕ وَلَوْ تَرٰۤی اِذِ الظّٰلِمُوْنَ مَوْقُوْفُوْنَ عِنْدَ رَبِّهِمْ ۖۚ یَرْجِعُ بَعْضُهُمْ اِلٰی بَعْضِ لْقَوْلَ ۚ یَقُوْلُ الَّذِیْنَ اسْتُضْعِفُوْا لِلَّذِیْنَ اسْتَكْبَرُوْا لَوْلَاۤ اَنْتُمْ لَكُنَّا مُؤْمِنِیْنَ ۟","assameseTranslation":"যিসকলে কুফৰী কৰিছে সিহঁতে কয়, \"আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ, আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰোঁ\"। হায়! তুমি যদি দেখিলাহেঁতেন, যেতিয়া যালিমসকলক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভবা হৈছিল, সিহঁতে অহংকাৰীবিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি নিশ্চয় মুমিন হ’লোঁহেঁতেন!’","footnotes":"","tafseer":"আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ আমি এই কোৰআনৰ প্ৰতি কদাপিও ঈমান পোষণ নকৰোঁ, যিখনৰ বিষয়ে মুহাম্মদে ধাৰণা কৰে যে, এইখন তেওঁৰ ওপৰত অৱতীৰ্ণ হৈছে। এইদৰে পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ প্ৰতিও আমি ঈমান পোষণ নকৰোঁ। হে ৰাছুল! আপুনি যদি সেই অৱস্থাটো দেখা পালেহেঁতেন, যেতিয়া অন্যায়কাৰী সকলক কিয়ামতৰ দিনা সিহঁতৰ প্ৰতিপালকৰ সন্মুখত হিচাপ-নিকাচৰ বাবে থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদানুবাদ কৰিব আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই ইজনে সিজনৰ ওপৰত দোষ জাপি দিব আৰু ইজনে সিজনক ভৰ্ৎসনা কৰিব। এতেকে পৃথিৱীত নেতাসকলৰ তলতীয়া হৈ জীৱন-যাপন কৰা অনুসাৰীসকলে ক’বঃ যদি তোমালোকে আমাক পথভ্ৰষ্ট নকৰিলাহেঁতেন তেন্তে নিশ্চয় আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034031.mp3"},{"index":"32","arabicText":"قَالَ الَّذِیْنَ اسْتَكْبَرُوْا لِلَّذِیْنَ اسْتُضْعِفُوْۤا اَنَحْنُ صَدَدْنٰكُمْ عَنِ الْهُدٰی بَعْدَ اِذْ جَآءَكُمْ بَلْ كُنْتُمْ مُّجْرِمِیْنَ ۟","assameseTranslation":"যিসকলে অহংকাৰী আছিল, সিহঁতে দুৰ্বল কৰি ৰখা বিলাকক ক’ব, ‘তোমালোকৰ ওচৰলৈ হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলোঁ নেকি? বৰং তোমালোকহে অপৰাধী আছিলা’।","footnotes":"","tafseer":"অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি থকা লোকসকলে সেই অনুসাৰীসকলক উদ্দেশ্যি ক’ব, যিসকলক সিহঁতে দুৰ্বল বুলি ভাবিছিলঃ মুহাম্মদে লৈ অহা হিদায়তৰ পৰা আমি তোমালোকক বাধা প্ৰদান কৰিছিলোঁ নেকি? নহয়, কেতিয়াও নহয়। বৰং তোমালোক নিজেই অন্যায়কাৰী আছিলা আৰু উপদ্ৰৱ সৃষ্টিকাৰী আছিলা তথা দূৰাচাৰী আছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034032.mp3"},{"index":"33","arabicText":"وَقَالَ الَّذِیْنَ اسْتُضْعِفُوْا لِلَّذِیْنَ اسْتَكْبَرُوْا بَلْ مَكْرُ الَّیْلِ وَالنَّهَارِ اِذْ تَاْمُرُوْنَنَاۤ اَنْ نَّكْفُرَ بِاللّٰهِ وَنَجْعَلَ لَهٗۤ اَنْدَادًا ؕ وَاَسَرُّوا النَّدَامَةَ لَمَّا رَاَوُا الْعَذَابَ ؕ وَجَعَلْنَا الْاَغْلٰلَ فِیْۤ اَعْنَاقِ الَّذِیْنَ كَفَرُوْا ؕ هَلْ یُجْزَوْنَ اِلَّا مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে অহংকাৰকাৰী বিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা; যাতে আমি আল্লাহৰ লগত কুফৰী কৰোঁ আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰোঁ’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপন ৰাখিবলৈ যত্ন কৰিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।","footnotes":"","tafseer":"অনুসাৰীসকলে সিহঁতৰ সেই নেতাসকলক উদ্দেশ্যি ক’ব, যিসকলে অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি আছিল, তোমালোকৰ দিনে ৰাতি কৰা চক্ৰান্তই আমাক হিদায়তৰ পৰা বিৰত ৰাখিছিল। যেতিয়া তোমালোকে আমাক আল্লাহৰ লগত কুফৰী কৰিবলৈ আৰু তেওঁৰ বাহিৰে সৃষ্টিৰ উপাসনা কৰিবলৈ আদেশ দিছিলা। এতেকে যেতিয়া সিহঁতে স্বচক্ষে শাস্তি দেখিবলৈ পাব আৰু এই কথা নিশ্চিত হ’ব যে শাস্তি এতিয়া ভোগ কৰিব লাগিব, তেতিয়া সিহঁতে পৃথিৱীত কৰা কুফৰীকলৈ মনে মনে আফচোচ কৰিব। আমি কাফিৰসকলৰ ডিঙিত শিকলি ওলোমাই দিম। সিহঁতক এই শাস্তি পৃথিৱীত কৰা কৰ্মৰ বিনিময়ত প্ৰদান কৰা হ’ব। উদাহৰণস্বৰূপে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰাৰ কাৰণে আৰু পাপকৰ্মত লিপ্ত থকাৰ কাৰণে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034033.mp3"},{"index":"34","arabicText":"وَمَاۤ اَرْسَلْنَا فِیْ قَرْیَةٍ مِّنْ نَّذِیْرٍ اِلَّا قَالَ مُتْرَفُوْهَاۤ ۙ اِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟","assameseTranslation":"আমি যি জনপদতেই সতৰ্ককাৰী প্ৰেৰণ কৰিছোঁ তাৰ বিত্তশালী অধিবাসীসকলে কৈছে, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা নিশ্চয় আমি সেয়া অস্বীকাৰ কৰোঁ’।","footnotes":"","tafseer":"যেতিয়াই আমি কোনো এটা জনবসতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যিজনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তেতিয়াই সেই জনবসতিৰ ধনাট্য প্ৰভাৱশালী ব্যক্তিসকলে কৈছিলঃ হে ৰাছুল! তুমি যি লৈ আহিছা সেইটোক আমি নামানো।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034034.mp3"},{"index":"35","arabicText":"وَقَالُوْا نَحْنُ اَكْثَرُ اَمْوَالًا وَّاَوْلَادًا ۙ وَّمَا نَحْنُ بِمُعَذَّبِیْنَ ۟","assameseTranslation":"সিহঁতে আৰু কৈছে, ‘আমি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ ফালৰ পৰা অধিক সমৃদ্ধশালী; আৰু আমাক কেতিয়াও শাস্তি দিয়া নহ’ব’।","footnotes":"","tafseer":"প্ৰভাৱশালী লোকসকলে অহংকাৰ কৰি তথা ফিতাহি মাৰি কৈছিলঃ আমি প্ৰচুৰ ধন-সম্পদৰ মালিক তথা সন্তান-সন্ততিৰ ক্ষেত্ৰতো অধিক মৰ্যাদাৱান। আনহাতে আমাক শাস্তি বিহা হ’ব বুলি তুমি যি দাবী কৰি আছা সেইটোও এটা গোকাট মিছা কথা। আমাক পৃথিৱীতো কোনো শাস্তি দিয়া নহ’ব আৰু আখিৰাততো নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034035.mp3"},{"index":"36","arabicText":"قُلْ اِنَّ رَبِّیْ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟۠","assameseTranslation":"কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে অথবা সীমিত কৰি দিয়ে; কিন্তু অধিকাংশ লোকেই সেয়া নাজানে’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই লোকসকলক কৈ দিয়ক, যিসকলে নিয়ামত লাভ কৰি গৌৰৱ কৰি আছেঃ মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাকেই জীৱিকাৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰে, যাতে সেই ব্যক্তিক পৰীক্ষা কৰিব পৰা যায় যে, সি কৃতজ্ঞ হয় নে অকৃতজ্ঞ। আনহাতে যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এইটো চাবলৈ যে, সি ধৈৰ্য্য ধাৰণ কৰে নে অধৈৰ্য্য হয়। কিন্তু অধিকাংশ লোকেই নাজানে যে, আল্লাহ হৈছে মহাপ্ৰজ্ঞাৱান। তেওঁৰ প্ৰত্যেকটো সিদ্ধান্ত হিকমত অনুযায়ী হয়। কিছুমানে সেইটো বুজি পায় আৰু কিছুমানে বুজি নাপায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034036.mp3"},{"index":"37","arabicText":"وَمَاۤ اَمْوَالُكُمْ وَلَاۤ اَوْلَادُكُمْ بِالَّتِیْ تُقَرِّبُكُمْ عِنْدَنَا زُلْفٰۤی اِلَّا مَنْ اٰمَنَ وَعَمِلَ صَالِحًا ؗ فَاُولٰٓىِٕكَ لَهُمْ جَزَآءُ الضِّعْفِ بِمَا عَمِلُوْا وَهُمْ فِی الْغُرُفٰتِ اٰمِنُوْنَ ۟","assameseTranslation":"তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এনে কোনো বিষয় নহয় যিয়ে তোমালোকক মৰ্যাদাৰ ক্ষেত্ৰত আমাৰ নিকটৱৰ্তী কৰি দিব; কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকেই নিজ কৰ্মৰ বাবে বহুগুণ প্ৰতিদান লাভ কৰিব; আৰু তেওঁলোকে সুউচ্চ অট্টালিকাত নিৰাপদে থাকিব।","footnotes":"","tafseer":"তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি যিবোৰকলৈ তোমালোকে অহংকাৰ কৰা, সেইবোৰে কেতিয়াও তোমালোকক আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ পথ দেখুৱাব নোৱাৰে। কিন্তু যদি কোনোবাই ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে তেন্তে তেওঁ দ্বিগুণ ছোৱাব অৰ্জন কৰিব। কাৰণ তেওঁৰ সেই সম্পদ আল্লাহৰ পথত ব্যয় কৰিলে আৰু সন্তানে আল্লাহৰ ওচৰত দুআ কৰিলে তেওঁ নিশ্চয় আল্লাহৰ নৈকট্য লাভ কৰিব। এইসকল মুমিনৰ বাবেই আছে তেওঁলোকৰ সৎকৰ্মৰ দ্বিগুণ ছোৱাব। তেওঁলোকে জান্নাতৰ ওখ ওখ অট্টালিকাসমূহত শান্তিৰে বসবাস কৰিব। তেওঁলোকে শাস্তিৰ পৰা, মৃত্যুৰ পৰা আৰু নিয়ামত বিচ্ছিন্ন হোৱাৰ পৰা নিৰাপদে থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034037.mp3"},{"index":"38","arabicText":"وَالَّذِیْنَ یَسْعَوْنَ فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ فِی الْعَذَابِ مُحْضَرُوْنَ ۟","assameseTranslation":"আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।","footnotes":"","tafseer":"যিসকল কাফিৰে আমাৰ আয়াতৰ পৰা মানুহক আঁতৰাই ৰাখিবলৈ চৰম পৰ্যায়ৰ প্ৰয়াস কৰে তথা সদায় নিজৰ উদ্দেশ্যক সফল কৰিবলৈ চেষ্টা কৰে; সিহঁত নিশ্চিতভাৱে পৃথিৱীত বিফল হ’ব আৰু আখিৰাতত শাস্তি ভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034038.mp3"},{"index":"39","arabicText":"قُلْ اِنَّ رَبِّیْ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ مِنْ عِبَادِهٖ وَیَقْدِرُ لَهٗ ؕ وَمَاۤ اَنْفَقْتُمْ مِّنْ شَیْءٍ فَهُوَ یُخْلِفُهٗ ۚ وَهُوَ خَیْرُ الرّٰزِقِیْنَ ۟","assameseTranslation":"কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক কৰে ইচ্ছা সীমিত কৰি দিয়ে। তোমালোকে (আল্লাহৰ পথত) যি ব্যয় কৰা, তাৰ বিনিময় তেৱেঁই প্ৰদান কৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে সংকীৰ্ণ কৰি দিয়ে। তোমালোকে আল্লাহৰ পথত যি ব্যয় কৰিবা, আল্লাহে তোমালোকক তাৰ বিনিময়ত পৃথিৱীতো প্ৰতিদান দিব আৰু আখিৰাততো উত্তম তথা পৰিপূৰ্ণ প্ৰতিদান দিব। নিশ্চয় আল্লাহেই উত্তম জীৱিকাদাতা। এতেকে যাৰ জীৱিকাৰ প্ৰয়োজন, সি আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034039.mp3"},{"index":"40","arabicText":"وَیَوْمَ یَحْشُرُهُمْ جَمِیْعًا ثُمَّ یَقُوْلُ لِلْمَلٰٓىِٕكَةِ اَهٰۤؤُلَآءِ اِیَّاكُمْ كَانُوْا یَعْبُدُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব, তাৰ পিছত ফিৰিস্তাসকলক সুধিব, ‘ইহঁতে তোমালোকৰ ইবাদত কৰিছিল নেকি’?","footnotes":"","tafseer":"হে ৰাছুল! সেই দিৱসটোলৈ মন কৰক, যেতিয়া সিহঁত আটাইকে একত্ৰিত কৰা হ’ব। তেতিয়া আল্লাহে মুশ্বৰিকসকলক ভৰ্ৎসনা আৰু নিন্দা কৰাৰ উদ্দেশ্যে ফিৰিস্তাসকলক ক’বঃ এইসকলেই পৃথিৱীত আল্লাহক এৰি তোমালোকৰ উপাসনা কৰিছিল নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034040.mp3"},{"index":"41","arabicText":"قَالُوْا سُبْحٰنَكَ اَنْتَ وَلِیُّنَا مِنْ دُوْنِهِمْ ۚ بَلْ كَانُوْا یَعْبُدُوْنَ الْجِنَّ ۚ اَكْثَرُهُمْ بِهِمْ مُّؤْمِنُوْنَ ۟","assameseTranslation":"তেওঁলোকে ক’ব, ‘তুমি পৱিত্ৰ, মহান! তুমিহে আমাৰ অভিভাৱক, সিহঁত নহয়; বৰং সিহঁতে জিনবিলাকৰহে উপাসনা কৰিছিল। সিহঁতৰ সৰহভাগেই জিনবিলাকৰ প্ৰতি ঈমান পোষণ কৰিছিল।","footnotes":"","tafseer":"ফিৰিস্তাসকলে ক’বঃ (হে আল্লাহ!) তুমি নিৰঞ্জন তথা পৱিত্ৰ। তুমিয়ে আমাৰ অভিভাৱক তথা সংৰক্ষক, আন কোনো নহয়। আমাৰ আৰু ইহঁতৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। বৰং এই মুশ্বৰিকসকলে চয়তানকহে পূজা পাঠ কৰিছিল। চয়তানে ইহঁতৰ সন্মুখত ফিৰিস্তাৰ ৰূপ ধাৰণ কৰি আহিছিল, ফলত ইহঁতে আল্লাহক এৰি চয়তানৰ উপাসনা কৰিছিল। প্ৰকৃততে ইহঁতৰ অধিকাংশই তাৰ প্ৰতি বিশ্বাস পোষণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034041.mp3"},{"index":"42","arabicText":"فَالْیَوْمَ لَا یَمْلِكُ بَعْضُكُمْ لِبَعْضٍ نَّفْعًا وَّلَا ضَرًّا ؕ وَنَقُوْلُ لِلَّذِیْنَ ظَلَمُوْا ذُوْقُوْا عَذَابَ النَّارِ الَّتِیْ كُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟","assameseTranslation":"‘ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই’। যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম যে, ‘তোমালোকে যি অগ্নি-শাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা’।","footnotes":"","tafseer":"হিচাপ-নিকাচ তথা হাচৰৰ দিনা উপাস্যবোৰে সেইসকল লোকক কোনো ধৰণৰ উপকাৰো কৰিব নোৱাৰিব আৰু অপকাৰো কৰিব নোৱাৰিব, যিসকলে সিহঁতক পৃথিৱীত উপাসনা কৰিছিল। কুফৰ আৰু পাপকৰ্মত লিপ্ত হৈ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছিল আমি সিহঁতক সম্বোধন কৰি কম যে, পৃথিৱীত তোমালোকে যি শাস্তিক অস্বীকাৰ কৰিছিলা, সেই শাস্তিৰ আজি সোৱাদ লোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034042.mp3"},{"index":"43","arabicText":"وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ قَالُوْا مَا هٰذَاۤ اِلَّا رَجُلٌ یُّرِیْدُ اَنْ یَّصُدَّكُمْ عَمَّا كَانَ یَعْبُدُ اٰبَآؤُكُمْ ۚ وَقَالُوْا مَا هٰذَاۤ اِلَّاۤ اِفْكٌ مُّفْتَرًی ؕ وَقَالَ الَّذِیْنَ كَفَرُوْا لِلْحَقِّ لَمَّا جَآءَهُمْ ۙ اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟","assameseTranslation":"আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্ব পুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’।","footnotes":"","tafseer":"যেতিয়া এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ সন্মুখত আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, যিবোৰৰ মাজত কোনো ধৰণৰ সন্দেহ নাই, তেতিয়া সিহঁতে কয়ঃ এই মানুহজনে যি লৈ আহিছে, এওঁ দৰাচলতে তোমালোকক তোমালোকৰ আজোককাসকলৰ ধৰ্মৰ পৰা আঁতৰাব বিচাৰে। সিহঁতে এই কথাও কয় যে, এই কোৰআনখন হৈছে মিছা, ইয়াক সি নিজেই ৰচনা কৰি আল্লাহৰ গ্ৰন্থ বুলি প্ৰচাৰ কৰি আছে। আনহাতে নাস্তিকসকলৰ ওচৰত যেতিয়া এই কোৰআনৰ বাৰ্তা গৈ পায়, তেতিয়া সিহঁতে কয়ঃ এইখন হৈছে স্পষ্ট যাদু, যিয়ে স্বামী-স্ত্ৰীৰ মাজত আৰু পিতা-পুত্ৰৰ মাজত বিচ্ছেদ ঘটায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034043.mp3"},{"index":"44","arabicText":"وَمَاۤ اٰتَیْنٰهُمْ مِّنْ كُتُبٍ یَّدْرُسُوْنَهَا وَمَاۤ اَرْسَلْنَاۤ اِلَیْهِمْ قَبْلَكَ مِنْ نَّذِیْرٍ ۟ؕ","assameseTranslation":"আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাব দিয়া নাছিলোঁ, যিখন সিহঁতে অধ্যয়ন কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলোঁ।","footnotes":"","tafseer":"আমি সিহঁতক এনেকুৱা কোনো গ্ৰন্থ দিয়া নাই যি গ্ৰন্থত লিখা আছে যে, মুহাম্মদে এইখন নিজে লিখি মিছা প্ৰচাৰ কৰি আছে। হে ৰাছুল! আমি আপোনাৰ পূৰ্বে সিহঁতৰ ওচৰলৈ কোনো ৰাছুলো প্ৰেৰণ কৰা নাছিলোঁ, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034044.mp3"},{"index":"45","arabicText":"وَكَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ ۙ وَمَا بَلَغُوْا مِعْشَارَ مَاۤ اٰتَیْنٰهُمْ فَكَذَّبُوْا رُسُلِیْ ۫ فَكَیْفَ كَانَ نَكِیْرِ ۟۠","assameseTranslation":"সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলোঁ, তাৰ দহ ভাগৰ এভাগো ইহঁতে (মক্কাৰ অধিবাসীসকলে) পোৱা নাই, ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত আমাৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!","footnotes":"","tafseer":"পূৰ্বৱৰ্তী উম্মতবোৰেও অস্বীকাৰ কৰিছিল, উদাহৰণস্বৰূপে আদ, ছামূদ আৰু লূত সম্প্ৰদায়। আপোনাৰ সম্প্ৰদায়ৰ মুশ্বৰিকসকলে শক্তি-সামৰ্থ, ধন-সম্পদ আৰু জনবলৰ তুলনাত পূৰ্বৱৰ্তী উম্মতৰ দহ ভাগৰ এভাগতো উপনীত হ'ব পৰা নাই। সিহঁতেও নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছিল। কিন্তু সিহঁতৰ ধন-সম্পদ, শক্তি-সামৰ্থ আৰু জনবলে একো উপকাৰ কৰিব পৰা নাছিল। অৱশেষত মোৰ শাস্তিয়ে সিহঁতক ধ্বংস কৰিছিল। এতেকে হে ৰাছুল! ভাবি চাওক আপুনি, মোৰ শাস্তি আৰু মোৰ প্ৰতিক্ৰিয়া সিহঁতৰ ওপৰত কেনেকুৱা আছিল!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034045.mp3"},{"index":"46","arabicText":"قُلْ اِنَّمَاۤ اَعِظُكُمْ بِوَاحِدَةٍ ۚ اَنْ تَقُوْمُوْا لِلّٰهِ مَثْنٰی وَفُرَادٰی ثُمَّ تَتَفَكَّرُوْا ۫ مَا بِصَاحِبِكُمْ مِّنْ جِنَّةٍ ؕ اِنْ هُوَ اِلَّا نَذِیْرٌ لَّكُمْ بَیْنَ یَدَیْ عَذَابٍ شَدِیْدٍ ۟","assameseTranslation":"কোৱা, ‘মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছোঁ, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ থিয় দিয়া, তাৰ পিছত তোমালোকে চিন্তা-চৰ্চা কৰি চোৱা, তোমালোকৰ সঙ্গীজনৰ মাজত কোনো উন্মাদনা নাই। তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাথোন এজন সতৰ্ককাৰীহে’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, মই তোমালোকক এটা উপদেশ দিওঁ, তোমালোকে নিজৰ ইচ্ছা আকাংক্ষাৰ অনুসৰণৰ পৰা আঁতৰি আল্লাহৰ ওৱাস্তে এজন এজন বা দুজন দুজনকৈ থিয় হোৱা আৰু তোমালোকৰ নবীৰ চৰিত্ৰ সম্পৰ্কে তেওঁৰ বিবেক, সত্যতা আৰু আমনতদাৰিতাক লৈ চিন্তা-চৰ্চা কৰাচোন, তেতিয়া এই কথা স্পষ্ট হৈ পৰিব যে, তেওঁ কোনো উন্মাদ নহয়। তেওঁ তোমালোকক কঠিন শাস্তিৰ পৰা সতৰ্কহে কৰে, যদি তোমালোকে শ্বিৰ্কৰ পৰা তাওবা কৰি আল্লাহৰ পিনে উভতি নাহা তেন্তে নিশ্চয় সেই শাস্তিত পতিত হ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034046.mp3"},{"index":"47","arabicText":"قُلْ مَا سَاَلْتُكُمْ مِّنْ اَجْرٍ فَهُوَ لَكُمْ ؕ اِنْ اَجْرِیَ اِلَّا عَلَی اللّٰهِ ۚ وَهُوَ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟","assameseTranslation":"কোৱা, ‘যদি মই তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচাৰোঁ তেন্তে সেয়া কেৱল তোমালোকৰ বাবেই; মোৰ পুৰস্কাৰ আছে কেৱল আল্লাহৰ ওচৰত আৰু তেওঁ সকলো বস্তুৰে প্ৰত্যক্ষকাৰী’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই অস্বীকাৰ কৰা মুশ্বৰিকসকলক কৈ দিয়ক, মই তোমালোকৰ ওচৰলৈ যি হিদায়ত তথা কল্যাণ লৈ আহিছোঁ, তাৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক অথবা কোনো প্ৰতিদান বিচৰা নাই। যদি মই কিবা বিচাৰিছোঁ সেয়া তোমালোকৰ বাবেই। মোক প্ৰতিদান দিয়াৰ দায়িত্ব হৈছে একমাত্ৰ আল্লাহৰ হাতত। তেওঁ সকলো বস্তুৰ সাক্ষী। তেওঁ সাক্ষ্য প্ৰদান কৰিব যে, মই নিশ্চয় তোমালোকক সঠিকৰূপে বাৰ্তা পৌঁচাই দিছোঁ। আনকি তোমালোকৰ কৰ্মৰো তেৱেঁই সাক্ষী। তেৱেঁই তোমালোকক প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034047.mp3"},{"index":"48","arabicText":"قُلْ اِنَّ رَبِّیْ یَقْذِفُ بِالْحَقِّ ۚ عَلَّامُ الْغُیُوْبِ ۟","assameseTranslation":"কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে সত্যৰ দ্বাৰা আঘাত কৰে, তেৱেঁই যাৱতীয় গায়েবৰ সম্যক জ্ঞানী’।","footnotes":"","tafseer":"নিশ্চয় মোৰ প্ৰতিপালকে অসত্যৰ ওপৰত সত্যক বিজয় প্ৰদান কৰি অসত্যক মিছা প্ৰমাণিত কৰে। অদৃশ্য তথা গায়েব সম্পৰ্কে তেৱেঁই সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। বান্দাসকলৰ কোনো কৰ্মও তেওঁৰ পৰা গুপ্ত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034048.mp3"},{"index":"49","arabicText":"قُلْ جَآءَ الْحَقُّ وَمَا یُبْدِئُ الْبَاطِلُ وَمَا یُعِیْدُ ۟","assameseTranslation":"কোৱা, ‘সত্য আহিছে, গতিকে (জানি থোৱা) অসত্যই নতুন একো সৃষ্টি কৰিব নোৱাৰে আৰু পুনৰাবৃত্তিও কৰিব নোৱাৰে’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, সত্য অৰ্থাৎ ইছলাম আহি পৰিছে, সেয়ে বাতিলৰ সমাপ্তি অনিবাৰ্য্য; যাৰ কোনো প্ৰভাৱ তথা শক্তি নাই। আনকি প্ৰভাৱশালী হৈ কেতিয়াও উভতিবও নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034049.mp3"},{"index":"50","arabicText":"قُلْ اِنْ ضَلَلْتُ فَاِنَّمَاۤ اَضِلُّ عَلٰی نَفْسِیْ ۚ وَاِنِ اهْتَدَیْتُ فَبِمَا یُوْحِیْۤ اِلَیَّ رَبِّیْ ؕ اِنَّهٗ سَمِیْعٌ قَرِیْبٌ ۟","assameseTranslation":"কোৱা, ‘মই বিভ্ৰান্ত হ’লে বিভ্ৰান্তিৰ পৰিণাম ময়ে পাম, আৰু যদি মই হিদায়তপ্ৰাপ্ত হওঁ তেন্তে কেৱল এইকাৰণে যে, মোৰ প্ৰতিপালকে মোৰ প্ৰতি অহী প্ৰেৰণ কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, অতি নিকটৱৰ্তী’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই অস্বীকাৰ কৰা মুশ্বৰিকসকলক কৈ দিয়ক, যদি মই তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত বিভ্ৰান্ত হৈছোঁ, তেন্তে মোৰ এই পথভ্ৰষ্টতাই মোকহে ক্ষতি কৰিব, ইয়াৰ ফলত তোমালোকৰ একো ক্ষতি নহ’ব। আনহাতে যদি মই হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত আছোঁ, তেন্তে ইয়াৰ কাৰণ হৈছে সেই অহী, যিটো মোৰ ওচৰলৈ মোৰ প্ৰতিপালকে প্ৰেৰণ কৰিছে। নিশ্চয় তেওঁ বান্দাসকলৰ কথাবোৰ মনোযোগ সহকাৰে শ্ৰৱণ কৰে। আনকি ইমান ওচৰৰ পৰা শ্ৰৱণ কৰে যে, মোৰ কথা শুনাও তেওঁৰ বাবে কোনো কঠিন বিষয় নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034050.mp3"},{"index":"51","arabicText":"وَلَوْ تَرٰۤی اِذْ فَزِعُوْا فَلَا فَوْتَ وَاُخِذُوْا مِنْ مَّكَانٍ قَرِیْبٍ ۟ۙ","assameseTranslation":"যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতে ভীত-বিহ্বল হৈ পৰিব, তেতিয়া সিহঁতে অব্যাহতি নাপাব আৰু সিহঁতক অতি ওচৰৰ পৰা কৰায়ত্ত কৰা হ’ব,","footnotes":"","tafseer":"হে ৰাছুল! যদি আপুনি দেখা পালেহেঁতেন, কিয়ামতৰ দিনা এই অস্বীকাৰকাৰীসকলে যেতিয়া নিজ চকুৰে শাস্তি দেখা পাই হতভম্ব হৈ পৰিব, তেতিয়া সিহঁতে পলায়ন কৰাৰ তথা আশ্ৰয় লোৱাৰো কোনো স্থান বিচাৰি নাপাব। সিহঁতক প্ৰাথমিক সময়ছোৱাতে ওচৰৰ পৰা অতি সহজে কৰায়ত্ত কৰা হ’ব। যদি আপুনি সেই পৰিস্থিতিটোক দেখিলেহেঁতেন, তেন্তে নিশ্চয় এটা আশ্চৰ্যজনক পৰিৱেশ দেখা পালেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034051.mp3"},{"index":"52","arabicText":"وَّقَالُوْۤا اٰمَنَّا بِهٖ ۚ وَاَنّٰی لَهُمُ التَّنَاوُشُ مِنْ مَّكَانٍ بَعِیْدٍ ۟ۚۖ","assameseTranslation":"আৰু সিহঁতে ক’ব, ‘আমি ইয়াৰ প্ৰতি ঈমান আনিলোঁ’। কিন্তু ইমান দূৰৱৰ্তী স্থানৰ পৰা সিহঁতে (ঈমানক) লগ পাব কেনেকৈ?","footnotes":"","tafseer":"সিহঁতে নিজৰ পৰিণাম দেখি ক’ব, আমি ঈমান আনিছোঁ কিয়ামত দিৱসৰ প্ৰতি। এতিয়া ঈমান পোষণ কৰাটো কেনেকৈ সম্ভৱ হ’ব পাৰে, অথচ ঈমান পোষণ কৰাৰ প্ৰকৃত স্থানক সিহঁতে পিছফালে এৰি থৈ আহিছে। পৃথিৱী হৈছে আমলৰ ঠাই, তাত হিচাপ-নিকাচ নাই। আনহাতে সিহঁতে আখিৰাতত প্ৰৱেশ কৰিছে, এইখন হৈছে প্ৰতিদান পোৱাৰ ঠাই, এইখন আমলৰ স্থান নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034052.mp3"},{"index":"53","arabicText":"وَّقَدْ كَفَرُوْا بِهٖ مِنْ قَبْلُ ۚ وَیَقْذِفُوْنَ بِالْغَیْبِ مِنْ مَّكَانٍ بَعِیْدٍ ۟","assameseTranslation":"অথচ ইতিপূৰ্বে সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল; আৰু সিহঁতে দূৰৱৰ্তী স্থানৰ পৰা গায়েবৰ বিষয়ে বেয়া মন্তব্য পোষণ কৰিছিল।","footnotes":"","tafseer":"কি ভিত্তিত সিহঁতৰ ঈমান এতিয়া গ্ৰহণযোগ্য হ’ব তথা ফলপ্ৰসূ হ’ব; অথচ পাৰ্থিৱ জীৱনত সিহঁতে কুফৰী কৰিছে? লগতে সত্যৰ পৰা আঁতৰি অনুমানত তীৰ নিক্ষেপ কৰিছে। আনহাতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতে যাদুকৰ, জ্যোতিষি আৰু কবি বুলি আখ্যায়িত কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034053.mp3"},{"index":"54","arabicText":"وَحِیْلَ بَیْنَهُمْ وَبَیْنَ مَا یَشْتَهُوْنَ كَمَا فُعِلَ بِاَشْیَاعِهِمْ مِّنْ قَبْلُ ؕ اِنَّهُمْ كَانُوْا فِیْ شَكٍّ مُّرِیْبٍ ۟۠","assameseTranslation":"সিহঁত আৰু সিহঁতৰ আশা-আকাংক্ষাৰ মাজত অন্তৰায় সৃষ্টি কৰি দিয়া হৈছে, যেনেকৈ ইতিপূৰ্বে সিহঁতৰ সমপন্থীসকলৰ ক্ষেত্ৰত কৰা হৈছিল। নিশ্চয় সিহঁত আছিল বিভ্ৰান্তিকৰ সন্দেহৰ মাজত।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰী সকলক সিহঁতৰ চাহিদাৰ পৰা অৰ্থাৎ সুখী জীৱনৰ পৰা, কুফৰীৰ পৰা তাওবা, জাহান্নামৰ পৰা মুক্তি, লগতে পাৰ্থিৱ জীৱনলৈ উভতি যোৱা আদিৰ পৰা বঞ্চিত কৰা হ'ব। যিদৰে ইহঁতৰ পূৰ্বে ইহঁতৰ দৰে লোকসকলক কৰা হৈছিল। সিহঁতেও ৰাছুলসকলে লৈ অহা বাৰ্তাৰ প্ৰতি, আল্লাহৰ তাওহীদৰ প্ৰতি আৰু আখিৰাতৰ জীৱনৰ প্ৰতি সন্দেহ পোষণ কৰিছিল। এনেকুৱা সন্দেহ যিটো কুফৰীত পতিত হোৱাৰ কাৰণ আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/034054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/034054.mp3"}]