[{"index":"1","arabicText":"صٓ وَالْقُرْاٰنِ ذِی الذِّكْرِ ۟ؕ","assameseTranslation":"চ’দ,[1] শপত উপদেশপূৰ্ণ কোৰআনৰ (নিশ্চয় তুমি সত্যবাদী)!","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"চোৱাদ। এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনৰ শপত খাই এই কথা উল্লেখ কৰিছে যে, কোৰআনত আছে মানুহৰ বাবে এনেকুৱা উপদেশ, যিবোৰ দুনিয়া আৰু আখিৰাতত মানুহৰ বাবে উপকাৰী। মুশ্বৰিকসকলে আল্লাহৰ অংশীদাৰ থকা বুলি যি ধাৰণা পোষণ কৰে, সেইটো সম্পুৰ্ণৰূপে মিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038001.mp3"},{"index":"2","arabicText":"بَلِ الَّذِیْنَ كَفَرُوْا فِیْ عِزَّةٍ وَّشِقَاقٍ ۟","assameseTranslation":"কিন্তু কাফিৰসকল ঔদ্ধত্য আৰু বিৰোধিতাতহে নিপতিত হৈ আছে।","footnotes":"","tafseer":"কিন্তু কাফিৰসকলে আল্লাহৰ তাওহীদৰ পৰা আঁতৰি অহংকাৰত লিপ্ত হৈছে, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰোধিতা কৰি তেওঁৰ লগত শত্ৰুতা পোষণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038002.mp3"},{"index":"3","arabicText":"كَمْ اَهْلَكْنَا مِنْ قَبْلِهِمْ مِّنْ قَرْنٍ فَنَادَوْا وَّلَاتَ حِیْنَ مَنَاصٍ ۟","assameseTranslation":"ইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছোঁ, তেতিয়া সিহঁতে (সহায় বিচাৰি) চিঞৰিছিল। কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল।","footnotes":"","tafseer":"আমি ইহঁতৰ পূৰ্বে বহুতো সম্প্ৰদায়ক বিনাশ কৰিছোঁ, যিসকলে নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। কিন্তু যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল তেতিয়া সিহঁতে কাকুতি-মিনতি কৰি সহায় প্ৰাৰ্থনা কৰিছিল। অথচ সেইটো ৰক্ষা পোৱাৰ সময় নাছিল যে, কাকুতি-মিনতি কৰিলে কিবা লাভ হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038003.mp3"},{"index":"4","arabicText":"وَعَجِبُوْۤا اَنْ جَآءَهُمْ مُّنْذِرٌ مِّنْهُمْ ؗ وَقَالَ الْكٰفِرُوْنَ هٰذَا سٰحِرٌ كَذَّابٌ ۟ۖۚ","assameseTranslation":"আৰু সিহঁতে বিস্ময় বোধ কৰিছে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে আৰু কাফিৰসকলে কয়, ‘এওঁ এজন যাদুকৰ, মিছলীয়া’।","footnotes":"","tafseer":"আৰু সিহঁতে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল যেতিয়া সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰিত হৈছিল, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ ভয় দেখুৱাইছিল যে, যদি সিহঁতে এইদৰে কুফৰীৰ ওপৰত অবিচল থাকে তেন্তে সিহঁতে আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সপক্ষে দলিল-প্ৰমাণবোৰ প্ৰত্যক্ষ কৰাৰ পিছত কাফিৰসকলে ক’লেঃ এওঁ হৈছে যাদুকৰ ব্যক্তি, যিয়ে মানুহক যাদু কৰে। তথা এওঁ এজন মিছলীয়া ব্যক্তি, যিয়ে নিজকে আল্লাহৰ ৰাছুল বুলি দাবী কৰে আৰু আল্লাহে তেওঁৰ প্ৰতি অহী কৰে বুলি দাবী কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038004.mp3"},{"index":"5","arabicText":"اَجَعَلَ الْاٰلِهَةَ اِلٰهًا وَّاحِدًا ۖۚ اِنَّ هٰذَا لَشَیْءٌ عُجَابٌ ۟","assameseTranslation":"‘এওঁ সকলো ইলাহক এৰি কেৱল এজন ইলাহ বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অতি আশ্চৰ্যকৰ বিষয়!’","footnotes":"","tafseer":"এওঁ বিভিন্ন ইলাহক এজন ইলাহ বনাই লৈছে নেকি, যাৰ বাহিৰে আন কোনো ইলাহ নাই? নিশ্চয় তেওঁৰ এই কৰ্ম অত্যন্ত আশ্চৰ্যজনক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038005.mp3"},{"index":"6","arabicText":"وَانْطَلَقَ الْمَلَاُ مِنْهُمْ اَنِ امْشُوْا وَاصْبِرُوْا عَلٰۤی اٰلِهَتِكُمْ ۖۚ اِنَّ هٰذَا لَشَیْءٌ یُّرَادُ ۟ۖۚ","assameseTranslation":"আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি গ’ল যে, ‘তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এইটো হৈছে এটা উদ্দেশ্যমূলক বিষয়’।","footnotes":"","tafseer":"সিহঁতৰ নেতৃস্থানীয় আৰু প্ৰমুখ লোকসকলে নিজৰ অনুসাৰীসকলক এই বুলি কৈ আঁতৰি গ’ল যে, তোমালোকে সেইটোৰ ওপৰতে অবিচল থাকা, যিটোৰ ওপৰত আগতে আছিলা। মুহাম্মদৰ ধৰ্মত প্ৰৱেশ নকৰিবা। তোমালোকে নিজ নিজ উপাস্যৰ উপাসনাত দৃঢ়ভাৱে অটল থাকা। দৰাচলতে মুহাম্মদে তোমালোকক এটা বিশেষ আঁচনিৰ অধীনত এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰি আছে। প্ৰকৃততে তেওঁ আমাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বিচাৰে আৰু যাতে আমি তেওঁৰ অনুসাৰী হৈ যাওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038006.mp3"},{"index":"7","arabicText":"مَا سَمِعْنَا بِهٰذَا فِی الْمِلَّةِ الْاٰخِرَةِ ۖۚ اِنْ هٰذَاۤ اِلَّا اخْتِلَاقٌ ۟ۖۚ","assameseTranslation":"আমি শেহতীয়া ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই, নিশ্চয় এইটো মনেসজা উক্তিৰ বাহিৰে আন একো নহয়।","footnotes":"","tafseer":"মুহাম্মদে যি তাওহীদৰ পিনে আমাক আহ্বান কৰি আছে, সেই বিষয়ে আমি আমাৰ আজোককাসকলৰ মুখত একো শুনা নাছিলোঁ। আনকি ঈছা আলাইহিচ্ছালামৰ ধৰ্মতো ইয়াৰ কোনো উল্লেখ নাই। তেওঁৰ এই কথা যিটো আমি শুনি আছোঁ, দৰাচলতে একপ্ৰকাৰ মিছা আৰু মনেসজা কথাৰ বাহিৰে আন একো নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038007.mp3"},{"index":"8","arabicText":"ءَاُنْزِلَ عَلَیْهِ الذِّكْرُ مِنْ بَیْنِنَا ؕ بَلْ هُمْ فِیْ شَكٍّ مِّنْ ذِكْرِیْ ۚ بَلْ لَّمَّا یَذُوْقُوْا عَذَابِ ۟ؕ","assameseTranslation":"‘(আমি ইমান লোক থাকোঁতে) আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে যিকৰ (কোৰআন) অৱতীৰ্ণ কৰা হ’ল নেকি’? প্ৰকৃততে সিহঁতে আমাৰ কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে। বৰং সিহঁতে এতিয়াও মোৰ শাস্তি ভোগ কৰা নাই।","footnotes":"","tafseer":"“এইটো কিদৰে সম্ভৱ যে, আমাৰ মাজত ডাঙৰ ডাঙৰ আৰু প্ৰমুখ লোকসকল থকা সত্তেও তেওঁক বিশেষ মৰ্যাদা প্ৰদান কৰা হ’ল আৰু তেওঁৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰা হ’ল, আমাৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল”? বৰং এই মুশ্বৰিকসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহী সম্পৰ্কে সন্দেহত পতিত হৈছে। যিহেতু সিহঁতে এতিয়াও আল্লাহৰ শাস্তিৰ সোৱাদ পোৱা নাই, সেইকাৰণেই সিহঁতে এই অৱকাশক অৱহেলা কৰি আছে। যদি সিহঁতে সেই শাস্তিৰ সোৱাদ পালেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ লগত কুফৰী আৰু শ্বিৰ্ক নকৰিলেহেঁতেন আৰু আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহীৰ প্ৰতিও সন্দেহ নকৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038008.mp3"},{"index":"9","arabicText":"اَمْ عِنْدَهُمْ خَزَآىِٕنُ رَحْمَةِ رَبِّكَ الْعَزِیْزِ الْوَهَّابِ ۟ۚ","assameseTranslation":"অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি? যিজন মহাপৰাক্ৰমশালী, অসীম দাতা।","footnotes":"","tafseer":"অথবা এই মিছলীয়া মুশ্বৰিকসকলৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ ভাণ্ডাৰ আছে নেকি? আপোনাৰ প্ৰতিপালক হৈছে মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ যাক যি ইচ্ছা কৰে সেইটোৱে দান কৰে। নুবুওৱত হৈছে তেওঁৰ অনুগ্ৰহ ভাণ্ডাৰৰ এটা অংশ। এতেকে তেওঁ যাক ইচ্ছা কৰে তাকহে তেওঁ নুবুওৱত দান কৰে। এইক্ষেত্ৰত সিহঁতৰ কোনো অধিকাৰ নাই যে, সিহঁতে যাক ইচ্ছা কৰিব দান কৰিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038009.mp3"},{"index":"10","arabicText":"اَمْ لَهُمْ مُّلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ۫ فَلْیَرْتَقُوْا فِی الْاَسْبَابِ ۟","assameseTranslation":"অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা বস্তুবোৰৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ’লে সিহঁতে কোনো উপায় অৱলম্বন কৰি (আকাশলৈ) আৰোহণ কৰা উচিত!","footnotes":"","tafseer":"অথবা সিহঁতৰ ওচৰত আকাশমণ্ডল, পৃথিৱী আৰু দুয়োৰে মাজত থকা সকলো বস্তুৰ কৰ্তৃত্ব আছে নেকি? নাইবা কাৰোবাক দান কৰা আৰু কাৰোবাক বঞ্চিত কৰাৰ অধিকাৰ সিহঁতৰ আছে নেকি? যদি সিহঁতে এনেকুৱাই ভাবে তেন্তে সিহঁতে আকাশত উঠাৰ মাধ্যম অৱলম্বন কিয় নকৰে। যাতে দান কৰা আৰু বঞ্চিত কৰাৰ সেই আদেশ কাৰ্যকৰী কৰিব পাৰে। সিহঁতৰ পক্ষে এইটো কেতিয়াও সম্ভৱ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038010.mp3"},{"index":"11","arabicText":"جُنْدٌ مَّا هُنَالِكَ مَهْزُوْمٌ مِّنَ الْاَحْزَابِ ۟","assameseTranslation":"এইটো হৈছে এটা (সৰু) সেনাদল, নিশ্চয় ইহঁত পৰাজিত হ’ব, পূৰ্বৱৰ্তী (ডাঙৰ) দলসমূহৰ দৰে।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা লোকসকল হৈছে পৰাজিত সেনা। পূৰ্বৱৰ্তী সেই লোকসকলৰ দৰে, যিসকলে নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038011.mp3"},{"index":"12","arabicText":"كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّعَادٌ وَّفِرْعَوْنُ ذُو الْاَوْتَادِ ۟ۙ","assameseTranslation":"ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনেও,","footnotes":"","tafseer":"এই অস্বীকাৰকাৰী সকলেই প্ৰথম অস্বীকাৰকাৰী নহয়। ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে ফিৰআউনেও অস্বীকাৰ কৰিছিল, আৰু তাৰ ওচৰত আছিল মানুহক শাস্তি বিহিবলৈ লৌহ নিৰ্মিত শলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038012.mp3"},{"index":"13","arabicText":"وَثَمُوْدُ وَقَوْمُ لُوْطٍ وَّاَصْحٰبُ لْـَٔیْكَةِ ؕ اُولٰٓىِٕكَ الْاَحْزَابُ ۟","assameseTranslation":"আৰু ছামূদ, লগতে লূত সম্প্ৰদায় আৰু আইকাৰ অধিবাসীবিলাকেও (অস্বীকাৰ কৰিছিল)। সিহঁত আছিল একো একোটা বিশাল বাহিনী।","footnotes":"","tafseer":"ছামূদ জাতিয়ে অস্বীকাৰ কৰিছিল আৰু লূত সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে অস্বীকাৰ কৰিছিল শ্বুয়াইব আলাইহিচ্ছালামৰ সম্প্ৰদায়েও। এইসকল লোকেই নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিবলৈ আৰু তেওঁলোকে লৈ অহা চৰীয়তক নাকচ কৰিবলৈ দলবদ্ধ হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038013.mp3"},{"index":"14","arabicText":"اِنْ كُلٌّ اِلَّا كَذَّبَ الرُّسُلَ فَحَقَّ عِقَابِ ۟۠","assameseTranslation":"সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি বাস্তৱায়িত হৈছিল।","footnotes":"","tafseer":"এই দলসমূহৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সেইকাৰণেই সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অনিবাৰ্য্য হৈছে। তথা পলমকৈ হ’লেও সিহঁতৰ ওপৰত শাস্তিৰ বিধান কাৰ্যকৰী হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038014.mp3"},{"index":"15","arabicText":"وَمَا یَنْظُرُ هٰۤؤُلَآءِ اِلَّا صَیْحَةً وَّاحِدَةً مَّا لَهَا مِنْ فَوَاقٍ ۟","assameseTranslation":"আৰু ইহঁতে কেৱল এটা বিকট শব্দৰ অপেক্ষা কৰি আছে, যাৰ পিছত কোনো বিৰাম নাথাকিব।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই লোকসকলে কেৱল শিঙাত দ্বিতীয় ফুঁ কেতিয়া দিয়া হ’ব তাৰ অপেক্ষাত আছে, যাৰ পিছত প্ৰত্যাৱৰ্তনৰ কোনো সুযোগ নাথাকিব। গতিকে যদি সিহঁতে ৰাছুলক অস্বীকাৰ কৰা অৱস্থাতেই মৃত্যুবৰণ কৰে তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি কাৰ্যকৰী হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038015.mp3"},{"index":"16","arabicText":"وَقَالُوْا رَبَّنَا عَجِّلْ لَّنَا قِطَّنَا قَبْلَ یَوْمِ الْحِسَابِ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘হে আমাৰ প্ৰতিপালক! হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰেই প্ৰদান কৰা!’","footnotes":"","tafseer":"সিহঁতে উপহাস কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! আমাৰ অংশৰ শাস্তি আমাক কিয়ামতৰ পূৰ্বে পৃথিৱীতেই প্ৰদান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038016.mp3"},{"index":"17","arabicText":"اِصْبِرْ عَلٰی مَا یَقُوْلُوْنَ وَاذْكُرْ عَبْدَنَا دَاوٗدَ ذَا الْاَیْدِ ۚ اِنَّهٗۤ اَوَّابٌ ۟","assameseTranslation":"সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।","footnotes":"","tafseer":"হে ৰাছুল! এই অস্বীকাৰকাৰী লোকসকলে আপোনাক অসন্তুষ্টিমূলক যিবোৰ কথা কৈ আছে, সেইক্ষেত্ৰত আপুনি ধৈৰ্য্য ধাৰণ কৰক আৰু আমাৰ বান্দা দাঊদ আলাইহিচ্ছালামৰ কথা স্মৰণ কৰক। তেওঁ শত্ৰুক পৰাজিত কৰিব পৰা ক্ষমতাধাৰী আছিল, লগতে তেওঁ আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰিছিল। নিশ্চয় তেওঁ আছিল অধিক তাওবাকাৰী আৰু আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী ব্যক্তি। লগতে তেওঁ আছিল আল্লাহক সন্তুষ্ট কৰিব পৰা অধিক আমলকাৰী ব্যক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038017.mp3"},{"index":"18","arabicText":"اِنَّا سَخَّرْنَا الْجِبَالَ مَعَهٗ یُسَبِّحْنَ بِالْعَشِیِّ وَالْاِشْرَاقِ ۟ۙ","assameseTranslation":"নিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলোঁ, যাতে এইবোৰে তেওঁৰ লগত পুৱা-গধূলি মোৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,","footnotes":"","tafseer":"আমি দাঊদৰ সৈতে পৰ্বতবোৰকো নিয়োজিত কৰিছিলোঁ। যেতিয়া তেওঁ পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিছিল তথা তাছবীহ পাঠ কৰিছিল, তেতিয়া পৰ্বতবোৰেও তেওঁৰ সৈতে তাছবীহ পাঠ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038018.mp3"},{"index":"19","arabicText":"وَالطَّیْرَ مَحْشُوْرَةً ؕ كُلٌّ لَّهٗۤ اَوَّابٌ ۟","assameseTranslation":"আৰু সমবেত চৰাইবোৰকো (অনুগত কৰি দিছিলোঁ); প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।","footnotes":"","tafseer":"আকাশমাৰ্গত সমবেত চৰাইবোৰকো আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ। সেইবোৰ আটায়ে আছিল অনুগত। তেওঁৰ সৈতে তাছবীহ পাঠ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038019.mp3"},{"index":"20","arabicText":"وَشَدَدْنَا مُلْكَهٗ وَاٰتَیْنٰهُ الْحِكْمَةَ وَفَصْلَ الْخِطَابِ ۟","assameseTranslation":"আৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলোঁ আৰু তেওঁক প্ৰদান কৰিছিলোঁ হিকমত তথা মীমাংসাকাৰী বাগ্মিতা।","footnotes":"","tafseer":"আমি তেওঁক সম্ভ্ৰম, শক্তি সামৰ্থ আৰু শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি তেওঁৰ ৰাজত্বক শক্তিশালী কৰিছিলোঁ। লগতে আমি তেওঁক নুবুওৱত প্ৰদান কৰিছিলোঁ আৰু বিভিন্ন বিষয়ত সঠিক সিদ্ধান্ত ল’ব পৰা দুৰদৰ্শিতা প্ৰদান কৰিছিলোঁ। তথা সকলো বিষয়ৰ সন্তোষজনক বৰ্ণনা কৰাৰ ক্ষমতা, লগতে বাগ্মিতা আৰু আদেশ-নিষেধৰ ক্ষমতা প্ৰদান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038020.mp3"},{"index":"21","arabicText":"وَهَلْ اَتٰىكَ نَبَؤُا الْخَصْمِ ۘ اِذْ تَسَوَّرُوا الْمِحْرَابَ ۟ۙ","assameseTranslation":"আৰু তোমাৰ ওচৰলৈ বিবদমান লোকসকলৰ সংবাদ আহি পাইছেনে? যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ ওচৰলৈ সেই দুজন বিবাদকাৰী ব্যক্তিৰ সংবাদ আহি পৰিছেনে? যেতিয়া সিহঁতে প্ৰাচীৰ বগাই দাঊদ আলাইহিচ্ছালামৰ ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038021.mp3"},{"index":"22","arabicText":"اِذْ دَخَلُوْا عَلٰی دَاوٗدَ فَفَزِعَ مِنْهُمْ قَالُوْا لَا تَخَفْ ۚ خَصْمٰنِ بَغٰی بَعْضُنَا عَلٰی بَعْضٍ فَاحْكُمْ بَیْنَنَا بِالْحَقِّ وَلَا تُشْطِطْ وَاهْدِنَاۤ اِلٰی سَوَآءِ الصِّرَاطِ ۟","assameseTranslation":"যেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁলোকক দেখি তেওঁ ভয় খাইছিল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি দুটা বিবদমান পক্ষ। আমাৰ ইজনে সিজনৰ ওপৰত সীমালংঘন কৰিছে, এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক, অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক।","footnotes":"","tafseer":"যেতিয়া সিহঁতে দাঊদ আলাইহিচ্ছালামৰ ওচৰত হঠাৎ প্ৰৱেশ কৰিলে, তেওঁ সিহঁতৰ এই আচৰণ দেখি অৰ্থাৎ ব্যতিক্ৰমী প্ৰৱেশত আতংকিত হৈ পৰিল। সিহঁতে দাঊদ আলাইহিচ্ছালামৰ আতংকিত অৱস্থা দেখি ক'লেঃ ভয় নকৰিব। আমি দুটা বিবদমান পক্ষ। এক পক্ষই দ্বিতীয় পক্ষৰ ওপৰত অন্যায় কৰিছে। গতিকে আপুনি আমাৰ মাজত ন্যায় সংগতভাৱে মীমাংসা কৰি দিয়ক। লগতে মীমাংসাৰ ক্ষেত্ৰত আমাৰ প্ৰতি অন্যায় নকৰিব। তথা আমাক সঠিক পথ দেখুৱাওক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038022.mp3"},{"index":"23","arabicText":"اِنَّ هٰذَاۤ اَخِیْ ۫ لَهٗ تِسْعٌ وَّتِسْعُوْنَ نَعْجَةً وَّلِیَ نَعْجَةٌ وَّاحِدَةٌ ۫ فَقَالَ اَكْفِلْنِیْهَا وَعَزَّنِیْ فِی الْخِطَابِ ۟","assameseTranslation":"‘নিশ্চয় এওঁ হৈছে মোৰ ভাতৃ। এওঁৰ নিৰানব্বৈজনী দুম্বা আছে; আৰু মোৰ আছে কেৱল এজনী দুম্বা। তথাপিও তেওঁ কয়, ‘সেইজনী মোক দি দিয়া’, আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে’।","footnotes":"","tafseer":"সিহঁতৰ মাজৰ এজনে দাঊদ আলাইহিচ্ছালামক ক’লেঃ শুনক! এওঁ হৈছে মোৰ ভাই, এওঁৰ ওচৰত আছে নিৰানব্বৈজনী দুম্বা। আনহাতে মোৰ আছে মাত্ৰ এজনী দুম্বা। তথাপিও সি মোৰ সেই এজনী দুম্বাকে বিচাৰি আছে। লগতে যুক্তি তৰ্কতো সি মোক পৰাজিত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038023.mp3"},{"index":"24","arabicText":"قَالَ لَقَدْ ظَلَمَكَ بِسُؤَالِ نَعْجَتِكَ اِلٰی نِعَاجِهٖ ؕ وَاِنَّ كَثِیْرًا مِّنَ الْخُلَطَآءِ لَیَبْغِیْ بَعْضُهُمْ عَلٰی بَعْضٍ اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَقَلِیْلٌ مَّا هُمْ ؕ وَظَنَّ دَاوٗدُ اَنَّمَا فَتَنّٰهُ فَاسْتَغْفَرَ رَبَّهٗ وَخَرَّ رَاكِعًا وَّاَنَابَ ۟","assameseTranslation":"দাউদে ক’লে, ‘তোমাৰ দুম্বাজনীক তেওঁৰ দুম্বাবোৰৰ লগত যুক্ত কৰাৰ দাবী উত্থাপন কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোকে সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলোঁ। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল। (ছাজদাহ)","footnotes":"","tafseer":"তেতিয়া দাঊদ আলাইহিচ্ছালামে দুয়ো পক্ষৰ মাজত মীমাংসা কৰি দিলে আৰু গোচৰ ৰুজু কৰা ব্যক্তিক সম্বোধন কৰি ক’লেঃ তোমাৰ ভাতৃয়ে তোমাৰ দুম্বাজনীক কাঢ়িলৈ নিজৰ দুম্বাবোৰৰ লগত একত্ৰিত কৰিব বিচাৰি তোমাৰ প্ৰতি অন্যায় কৰিছে। প্ৰকৃততে বহুতো অংশীদাৰে ইজনে সিজনৰ অধিকাৰ খৰ্ব কৰি তথা ন্যায়ৰ পৰা বিমুখ হৈ অন্যায়-অত্যাচাৰত লিপ্ত হয়। আনহাতে সৎকৰ্ম কৰা মুমিনসকলৰ বিষয়টো সুকীয়া। তেওঁলোকে নিজৰ অংশীদাৰসকলৰ লগত ন্যায় কৰে, সিহঁতৰ প্ৰতি অন্যায় নকৰে। যদিও এনেকুৱা লোকৰ সংখ্যা অতি তাকৰ। ইপিনে দাঊদ আলাইহিচ্ছালামে বুজি পালে যে, এই বিবাদৰ দ্বাৰা আমি তেওঁক ফিতনাত পতিত কৰিছোঁ। সেয়ে তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ ছাজদাৱনত হ’ল আৰু তেওঁৰ ওচৰত তাওবা কৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038024.mp3"},{"index":"25","arabicText":"فَغَفَرْنَا لَهٗ ذٰلِكَ ؕ وَاِنَّ لَهٗ عِنْدَنَا لَزُلْفٰی وَحُسْنَ مَاٰبٍ ۟","assameseTranslation":"এতেকে আমি তেওঁক ক্ষমা কৰি দিলোঁ। নিশ্চয় আমাৰ ওচৰত তেওঁৰ বাবে আছে উচ্চ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।","footnotes":"","tafseer":"আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলোঁ আৰু তেওঁক ক্ষমা কৰিলোঁ। নিশ্চয় তেওঁ আছিল আমাৰ নিকটৱৰ্তী লোকসকলৰ অন্তৰ্ভুক্ত। আখিৰাতত তেওঁৰ বাবে আছে উত্তম বাসস্থান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038025.mp3"},{"index":"26","arabicText":"یٰدَاوٗدُ اِنَّا جَعَلْنٰكَ خَلِیْفَةً فِی الْاَرْضِ فَاحْكُمْ بَیْنَ النَّاسِ بِالْحَقِّ وَلَا تَتَّبِعِ الْهَوٰی فَیُضِلَّكَ عَنْ سَبِیْلِ اللّٰهِ ؕ اِنَّ الَّذِیْنَ یَضِلُّوْنَ عَنْ سَبِیْلِ اللّٰهِ لَهُمْ عَذَابٌ شَدِیْدٌۢ بِمَا نَسُوْا یَوْمَ الْحِسَابِ ۟۠","assameseTranslation":"‘হে দাউদ! নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছোঁ, এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব’। নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি, কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে।","footnotes":"","tafseer":"হে দাঊদ! নিশ্চয় আমি আপোনাক পৃথিৱীৰ বুকুত খলিফা বনাইছোঁ। যাতে আপুনি দ্বিনী আৰু দুনিয়াৱী উভয় প্ৰকাৰৰ সিদ্ধান্ত জাৰি কৰিব পাৰে। গতিকে আপুনি মানুহৰ মাজত ন্যায় মুতাবিক ফয়চালা কৰক। মানুহৰ মাজত মীমাংসা কৰাৰ সময়ত প্ৰবৃত্তিৰ অনুসৰণ নকৰিব। তথা আত্মীয়তা অথবা বন্ধুত্বৰ খাতিৰত এক পক্ষীয় মীমাংসা নকৰিব। নাইবা কাৰোবাৰ প্ৰতি শত্ৰুতা থকাৰ কাৰণে তাৰ প্ৰতি অন্যায় নকৰিব। এনেকুৱা প্ৰবৃত্তিৰ অনুসৰণে আপোনাক আল্লাহৰ সঠিক পথৰ পৰা আঁতৰাই দিব। যিসকলে মানুহক আল্লাহৰ সঠিক পথৰ পৰা বিভ্ৰান্ত কৰে, নিশ্চিতভাৱে সিহঁতৰ বাবে আছে কঠিন শাস্তি। কিয়নো সিহতে হিচাপ-নিকাচৰ দিৱসক পাহৰি আছিল। কাৰণ যদি সিহঁতে সেই দিৱসক স্মৰণ কৰিলেহেঁতেন তথা ভয় কৰিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে প্ৰবৃত্তিৰ অনুসৰণ নকৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038026.mp3"},{"index":"27","arabicText":"وَمَا خَلَقْنَا السَّمَآءَ وَالْاَرْضَ وَمَا بَیْنَهُمَا بَاطِلًا ؕ ذٰلِكَ ظَنُّ الَّذِیْنَ كَفَرُوْا ۚ فَوَیْلٌ لِّلَّذِیْنَ كَفَرُوْا مِنَ النَّارِ ۟ؕ","assameseTranslation":"আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই। এইবোৰক (অনৰ্থক বুলি) কেৱল সেইসকল লোকে ধাৰণা কৰে যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীক আমি অনৰ্থক সৃষ্টি কৰা নাই। এইটো একমাত্ৰ কাফিৰসকলৰহে ধাৰণা। এনেকুৱা ধাৰণা পোষণ কৰা কাফিৰসকলৰ বাবে কিয়ামতৰ দিনা আছে অগ্নিৰ শাস্তি, যদি সিহঁতে কুফৰীৰ ওপৰত অটল থাকি অথবা আল্লাহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰি মৃত্যুবৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038027.mp3"},{"index":"28","arabicText":"اَمْ نَجْعَلُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ كَالْمُفْسِدِیْنَ فِی الْاَرْضِ ؗ اَمْ نَجْعَلُ الْمُتَّقِیْنَ كَالْفُجَّارِ ۟","assameseTranslation":"যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত অশান্তি সৃষ্টিকাৰীসকলৰ দৰে গণ্য কৰিম নেকি? নে আমি মুত্তাক্বীসকলক পাপীষ্টবিলাকৰ দৰে গণ্য কৰিম?","footnotes":"","tafseer":"যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰিছে, লগতে সৎকৰ্ম কৰিছে তেওঁলোকক আমি কেতিয়াও সেইসকল লোকৰ দৰে গণ্য নকৰোঁ, যিসকলে বিভিন্ন প্ৰকাৰৰ গুনাহ আৰু কুফৰীৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে। এইদৰে মুত্তাক্বীসকলক, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে, তেওঁলোককো আমি কাফিৰ মুনাফিক তথা গুনাহত নিমজ্জিত ব্যক্তিসকলৰ সৈতে কেতিয়াও তুলনা নকৰোঁ। উভয়কে সমান মৰ্যাদা প্ৰদান কৰাটো এটা অন্যায়, আল্লাহৰ পক্ষে এইটো কেতিয়াও সমীচীন নহয়। বৰং আল্লাহে মুত্তাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাৰ সুবিধা প্ৰদান কৰিব। আনহাতে দুৰ্ভগীয়া কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰাই শাস্তি বিহিব। কিয়নো আল্লাহৰ দৃষ্টিত দুয়ো সমান নহয়, সেয়ে তেওঁৰ ওচৰত সিহঁতৰ প্ৰতিদানো সমান নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038028.mp3"},{"index":"29","arabicText":"كِتٰبٌ اَنْزَلْنٰهُ اِلَیْكَ مُبٰرَكٌ لِّیَدَّبَّرُوْۤا اٰیٰتِهٖ وَلِیَتَذَكَّرَ اُولُوا الْاَلْبَابِ ۟","assameseTranslation":"এইখন হৈছে বৰকতময় গ্ৰন্থ, যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে মানুহে ইয়াৰ আয়াতসমূহৰ প্ৰতি গভীৰভাৱে চিন্তা-চৰ্চা কৰে আৰু যাতে বোধশক্তিসম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"নিশ্চয় এই কোৰআন, যিখন আমি আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ অত্যন্ত উপকাৰী তথা অতি লাভদায়ক। এইখন অৱতীৰ্ণ কৰাৰ উদ্দেশ্য হৈছে যাতে মানুহে ইয়াৰ আয়াতসমূহকলৈ গৱেষণা কৰে তথা ইয়াৰ অৰ্থ সম্পৰ্কে চিন্তা-চৰ্চা কৰে। লগতে বিবেকৱান আৰু পৰিপক্ক লোকসকলে যাতে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038029.mp3"},{"index":"30","arabicText":"وَوَهَبْنَا لِدَاوٗدَ سُلَیْمٰنَ ؕ نِعْمَ الْعَبْدُ ؕ اِنَّهٗۤ اَوَّابٌ ۟ؕ","assameseTranslation":"আৰু আমি দাউদক (সন্তান হিচাপে) দান কৰিছিলোঁ ছুলাইমান। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী।","footnotes":"","tafseer":"আমি আমাৰ অনুগ্ৰহ আৰু কৃপাৰ দ্বাৰা দাঊদক ছুলাইমানৰ দৰে এজন সুযোগ্য পুত্ৰ দান কৰিছিলোঁ, যাতে তেওঁৰ চকু জুৰ যায়। নিশ্চয় ছুলাইমান আছিল অতি উত্তম বান্দা। তেওঁ আল্লাহৰ ওচৰত অধিক তাওবাকাৰী আৰু তেওঁৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038030.mp3"},{"index":"31","arabicText":"اِذْ عُرِضَ عَلَیْهِ بِالْعَشِیِّ الصّٰفِنٰتُ الْجِیَادُ ۟ۙ","assameseTranslation":"স্মৰণ কৰা, আবেলি যেতিয়া তেওঁৰ সন্মুখত (প্ৰশিক্ষণপ্ৰাপ্ত) দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল,","footnotes":"","tafseer":"সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া তেওঁৰ সন্মুখত আচৰৰ সময়ত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল, যিবোৰে তিনি ঠেঙত ভৰ দি থিয় হৈ আছিল আৰু চতুৰ্থ ঠেং ওপৰত উঠাই আছিল। এনেকুৱা বৈশিষ্ট্যৰ ঘোঁৰাবোৰ ধাৰাবাহিকভাৱে তেওঁৰ ওচৰত উপস্থাপন কৰা হৈছিল সূৰ্যাস্ত পৰ্যন্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038031.mp3"},{"index":"32","arabicText":"فَقَالَ اِنِّیْۤ اَحْبَبْتُ حُبَّ الْخَیْرِ عَنْ ذِكْرِ رَبِّیْ ۚ حَتّٰی تَوَارَتْ بِالْحِجَابِ ۟ۥ","assameseTranslation":"তেতিয়া তেওঁ কৈছিল, ‘মই দেখোন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ, ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে,","footnotes":"","tafseer":"তেতিয়া ছুলাইমানে ক’লেঃ নিশ্চিতভাৱে মই এইবোৰ ঘোঁৰাৰ মোহত পৰি ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ। ইপিনে সূৰ্য্য অস্ত গৈছে, অথচ মই এতিয়াও আচৰৰ চালাত আদায় কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038032.mp3"},{"index":"33","arabicText":"رُدُّوْهَا عَلَیَّ ؕ فَطَفِقَ مَسْحًا بِالسُّوْقِ وَالْاَعْنَاقِ ۟","assameseTranslation":"‘এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা’। তাৰ পিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।","footnotes":"","tafseer":"ইয়াৰ পিছত তেওঁ নিৰ্দেশ দি ক’লে, সেই ঘোঁৰাবোৰ মোৰ ওচৰত আকৌ উপস্থিত কৰা। আদেশ অনুসাৰে সেইবোৰক তেওঁৰ ওচৰত উপস্থিত কৰা হ’ল। ইপিনে তেওঁ সেইবোৰক ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038033.mp3"},{"index":"34","arabicText":"وَلَقَدْ فَتَنَّا سُلَیْمٰنَ وَاَلْقَیْنَا عَلٰی كُرْسِیِّهٖ جَسَدًا ثُمَّ اَنَابَ ۟","assameseTranslation":"নিশ্চয় আমি ছুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলোঁ এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।","footnotes":"","tafseer":"নিশ্চয় আমি ছুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ ৰাজত্বৰ সিংহাসনৰ ওপৰত চয়তানক প্ৰক্ষেপ কৰিছিলোঁ। যিয়ে মানৱ আকৃতি ধাৰণ কৰিছিল আৰু কিছু সময় পৰ্যন্ত ৰাজ্যভাৰ চলাইছিল। তাৰ পিছত আল্লাহে ছুলাইমানক পুনৰ ৰাজত্ব ঘূৰাই দিছিল আৰু তেওঁক চয়তানৰ ওপৰত শাসনাধিষ্ঠিত কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038034.mp3"},{"index":"35","arabicText":"قَالَ رَبِّ اغْفِرْ لِیْ وَهَبْ لِیْ مُلْكًا لَّا یَنْۢبَغِیْ لِاَحَدٍ مِّنْ بَعْدِیْ ۚ اِنَّكَ اَنْتَ الْوَهَّابُ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন সাম্ৰাজ্য দান কৰা, মোৰ পিছত কোনেও যাতে তেনেকুৱা সাম্ৰাজ্যৰ অধিকাৰী নহয়। নিশ্চয় তুমি পৰম দাতা’।","footnotes":"","tafseer":"ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। তথা মোক এনেকুৱা ৰাজত্ব প্ৰদান কৰা যিটো কেৱল মোৰ বাবেই নিৰ্দিষ্ট। তেনেকুৱা ৰাজত্ব মোৰ পিছত কোনেও যাতে নাপায়। হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি অত্যন্ত দানশীল তথা মহা দাতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038035.mp3"},{"index":"36","arabicText":"فَسَخَّرْنَا لَهُ الرِّیْحَ تَجْرِیْ بِاَمْرِهٖ رُخَآءً حَیْثُ اَصَابَ ۟ۙ","assameseTranslation":"তেতিয়া আমি বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ, যিটো তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুভাৱে প্ৰবাহিত হৈছিল,","footnotes":"","tafseer":"ফলত আমি তেওঁৰ দুআ কবূল কৰিলোঁ আৰু বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ। তেওঁৰ আদেশত বতাহ লাহে লাহে বলিছিল। প্ৰচণ্ড শক্তিশালী হোৱাৰ পিছতো বতাহৰ মাজত নাছিল কোনো সঞ্চাৰণ। তেওঁ বতাহক যি ফালে ইচ্ছা সেইফালেই গতি কৰাইছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038036.mp3"},{"index":"37","arabicText":"وَالشَّیٰطِیْنَ كُلَّ بَنَّآءٍ وَّغَوَّاصٍ ۟ۙ","assameseTranslation":"আৰু (তেওঁৰ অধীন কৰি দিছিলোঁ) প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু চয়তানবোৰকো,","footnotes":"","tafseer":"চয়তানবোৰকো তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, সিহঁতে তেওঁৰ আদেশ মতে কাম কৰিছিল। এতেকে সিহঁতৰ মাজৰ কিছুমান আছিল নিৰ্মাণ কামত পাৰ্গত আৰু কিছুমান আছিল ডুবাৰু। যিবোৰে সাগৰৰ তলিৰ পৰা মুকুতা সংগ্ৰহ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038037.mp3"},{"index":"38","arabicText":"وَّاٰخَرِیْنَ مُقَرَّنِیْنَ فِی الْاَصْفَادِ ۟","assameseTranslation":"লগতে শিকলিৰে আৱদ্ধ আৰু বহুতকে।","footnotes":"","tafseer":"চয়তানৰবোৰৰ মাজত কিছুমান আছে স্বৈৰাচাৰী, সিহঁতকো তেওঁৰ অধীনস্থ কৰি দিয়া হৈছিল। গতিকে সিহঁতক শিকলিৰে আৱদ্ধ কৰি ৰখা হৈছিল। ফলত সিহঁতে লৰচৰ কৰিব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038038.mp3"},{"index":"39","arabicText":"هٰذَا عَطَآؤُنَا فَامْنُنْ اَوْ اَمْسِكْ بِغَیْرِ حِسَابٍ ۟","assameseTranslation":"এইবোৰ হৈছে আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা। ইয়াৰ বাবে কোনো হিচাব দিব নালাগে।","footnotes":"","tafseer":"হে ছুলাইমান! এইবোৰ হৈছে আমাৰ দান, আপোনাৰ প্ৰাৰ্থনা কবূল কৰি যিবোৰ আমি আপোনাক দান কৰিছোঁ। এতেকে এতিয়া আপোনাৰ ইচ্ছা, আপুনি যাক ইচ্ছা কৰে দিব পাৰে, আৰু যাক ইচ্ছা কৰে বঞ্চিত কৰিব পাৰে। এই বিষয়ে আপোনাক কোনো জবাবদিহি কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038039.mp3"},{"index":"40","arabicText":"وَاِنَّ لَهٗ عِنْدَنَا لَزُلْفٰی وَحُسْنَ مَاٰبٍ ۟۠","assameseTranslation":"আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।","footnotes":"","tafseer":"নিশ্চয় ছুলাইমান আছিল আমাৰ নৈকট্যপ্ৰাপ্ত লোকসকলৰ অন্তৰ্ভুক্ত। তেওঁৰ বাবে আছে উত্তম প্ৰত্যাৱৰ্তনস্থল অৰ্থাৎ জান্নাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038040.mp3"},{"index":"41","arabicText":"وَاذْكُرْ عَبْدَنَاۤ اَیُّوْبَ ۘ اِذْ نَادٰی رَبَّهٗۤ اَنِّیْ مَسَّنِیَ الشَّیْطٰنُ بِنُصْبٍ وَّعَذَابٍ ۟ؕ","assameseTranslation":"আৰু স্মৰণ কৰা, আমাৰ বান্দা আইয়্যুবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় চয়তানে মোক যন্ত্ৰণা আৰু কষ্টত পেলাইছে’,","footnotes":"","tafseer":"হে ৰাছুল! আমাৰ বান্দা আয়্যুবক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ চয়তানে মোক দুখ-কষ্টৰ জৰিয়তে যন্ত্ৰণাত পেলাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038041.mp3"},{"index":"42","arabicText":"اُرْكُضْ بِرِجْلِكَ ۚ هٰذَا مُغْتَسَلٌۢ بَارِدٌ وَّشَرَابٌ ۟","assameseTranslation":"(মই তেওঁক কৈছিলোঁ,) ‘তুমি নিজৰ ভৰিৰে ভূমিত আঘাত কৰা, এয়া হৈছে গা ধুৱাৰ বাবে সুশীতল পানী, লগতে খোৱা পানী’।","footnotes":"","tafseer":"তেতিয়া আমি তেওঁক কৈছিলোঁ, আপুনি ভৰিৰে মাটিত আঘাত কৰক। এতেকে তেওঁ ভৰিৰে মাটিত আঘাত কৰিলে, ফলত তাৰ পৰা এটা পানীৰ জৰণি (পানী-চকু) প্ৰস্ফুটিত হৈছিল। যাতে সেই পানী তেওঁ খাব পাৰে আৰু গা-গোছল কৰিব পাৰে। লগতে যাতে ইয়াৰ ফলত তেওঁৰ দুখ-কষ্ট অৰ্থাৎ বেমাৰ-আজাৰ দূৰ হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038042.mp3"},{"index":"43","arabicText":"وَوَهَبْنَا لَهٗۤ اَهْلَهٗ وَمِثْلَهُمْ مَّعَهُمْ رَحْمَةً مِّنَّا وَذِكْرٰی لِاُولِی الْاَلْبَابِ ۟","assameseTranslation":"আৰু আমি তেওঁক দান কৰিছিলোঁ তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দৰে আৰু বহুতো, আমাৰ ফালৰ পৰা অনুগ্ৰহ হিচাপে আৰু বোধশক্তিসম্পন্ন লোকসকলৰ বাবে উপদেশ হিচাপে।","footnotes":"","tafseer":"এতেকে আমি তেওঁৰ দুআ কবূল কৰিলোঁ, আৰু তেওঁৰ বিপদ আঁতৰাই দিলোঁ। লগতে তেওঁক পৰিয়াল প্ৰদান কৰিলোঁ, আৰু আমি আমাৰ নিজ অনুগ্ৰহত তথা তেওঁৰ ধৈৰ্য্যৰ বিনিময়ত সেই অনুপাতে পুত্ৰ আৰু নাতি-নাতিনী দান কৰিলোঁ। যাতে সঠিক বিবেক সম্পন্ন লোকসকলে বুজি পায় যে, ধৈৰ্য্যৰ পৰিণাম হৈছে প্ৰশস্ততা আৰু ছোৱাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038043.mp3"},{"index":"44","arabicText":"وَخُذْ بِیَدِكَ ضِغْثًا فَاضْرِبْ بِّهٖ وَلَا تَحْنَثْ ؕ اِنَّا وَجَدْنٰهُ صَابِرًا ؕ نِعْمَ الْعَبْدُ ؕ اِنَّهٗۤ اَوَّابٌ ۟","assameseTranslation":"লগতে (আমি তেওঁক আদেশ কৰিছিলোঁ) ‘তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা তথাপিও শপত ভংগ নকৰিবা’। নিশ্চয় আমি তেওঁক ধৈৰ্য্যশীল পাইছিলোঁ। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী।","footnotes":"","tafseer":"আয়্যুব আলাইহিচ্ছালামে যেতিয়া নিজৰ পত্নীৰ ওপৰত অসন্তুষ্ট হৈছিল, আৰু তাইক এশ বেত্ৰাঘাত কৰাৰ শপত খাইছিল, তেতিয়া আমি তেওঁক কৈছিলোঁঃ হে আয়্যুব! আপুনি আপোনাৰ শপত পূৰণ কৰিবলৈ এমুঠি কোমল আৰু পাতল ডাল-পাত লওক, আৰু সেইটোৰে তাইক বেত্ৰাঘাত কৰক। কিন্তু তথাপিও আপুনি আপোনাৰ শপত ভংগ নকৰিব। এতেকে তেওঁ কোমল আৰু পাতল এমুঠি ঠাল-ঠেঙুলি লৈ তাইক বেত্ৰাঘাত কৰিলে। আমি তেওঁক যি যি পৰীক্ষাত পতিত কৰিছোঁ, সেই পৰীক্ষাতেই তেওঁক ধৈৰ্যশীল পাইছোঁ। তেওঁ আছিল অতি উত্তম বান্দা। নিশ্চয় তেওঁ আল্লাহৰ প্ৰতি অধিক প্ৰত্যাৱৰ্তনকাৰী আৰু তাওবাকাৰী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038044.mp3"},{"index":"45","arabicText":"وَاذْكُرْ عِبٰدَنَاۤ اِبْرٰهِیْمَ وَاِسْحٰقَ وَیَعْقُوْبَ اُولِی الْاَیْدِیْ وَالْاَبْصَارِ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।","footnotes":"","tafseer":"হে ৰাছুল! আমাৰ নিৰ্বাচিত বান্দা তথা প্ৰেৰিত ৰাছুল ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবক স্মৰণ কৰক। তেওঁলোকে আল্লাহৰ আনুগত্য আৰু তেওঁৰ সন্তুষ্টি অৰ্জনৰ ক্ষেত্ৰত আছিল অতি শাক্তিশালী। লগতে সত্য অনুসন্ধানৰ ক্ষেত্ৰত তেওঁলোক আছিল প্ৰকৃত বিবেকৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038045.mp3"},{"index":"46","arabicText":"اِنَّاۤ اَخْلَصْنٰهُمْ بِخَالِصَةٍ ذِكْرَی الدَّارِ ۟ۚ","assameseTranslation":"নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলোঁ, সেয়া আছিল আখিৰাতৰ স্মৰণ।","footnotes":"","tafseer":"নিশ্চয় আমি আমাৰ অনুগ্ৰহেৰে তেওঁলোকক এটা বিশেষত্ব দান কৰিছিলোঁ। সেয়া হৈছেঃ আখিৰাতৰ স্মৰণৰ দ্বাৰা তেওঁলোকৰ অন্তৰ সতেজ ৰখা, তথা সৎকৰ্মৰ জৰিয়তে প্ৰস্তুতি লোৱা আৰু সেই আমলৰ প্ৰতি মানুহক আহ্বান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038046.mp3"},{"index":"47","arabicText":"وَاِنَّهُمْ عِنْدَنَا لَمِنَ الْمُصْطَفَیْنَ الْاَخْیَارِ ۟ؕ","assameseTranslation":"নিশ্চয় তেওঁলোক আছিল আমাৰ মনোনীত উত্তম বান্দাসকলৰ অন্যতম।","footnotes":"","tafseer":"নিশ্চয় তেওঁলোক আছিল আমাৰ সেই বান্দাসকলৰ অন্তৰ্ভুক্ত, যিসকলক আমি আমাৰ আনুগত্য আৰু ইবাদতৰ বাবে নিৰ্বাচিত কৰিছিলোঁ। লগতে আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আমাৰ ৰিছালতৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আৰু সেইটো প্ৰচাৰ কৰিবলৈ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038047.mp3"},{"index":"48","arabicText":"وَاذْكُرْ اِسْمٰعِیْلَ وَالْیَسَعَ وَذَا الْكِفْلِ ؕ وَكُلٌّ مِّنَ الْاَخْیَارِ ۟ؕ","assameseTranslation":"আৰু স্মৰণ কৰা, ইছমাঈল, আল-য়াচাআ আৰু জুল-কিফলৰ কথা, এওঁলোক আটায়ে আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"হে নবী! মনত পেলাওক ইছমাঈল বিন ইব্ৰাহীম, য়াছা আৰু জুল-কিফলৰ বিষয়ে। লগতে তেওঁলোকৰ প্ৰশংসা কৰক। কাৰণ তেওঁলোক হৈছে ইয়াৰ যোগ্য। এওঁলোকৰ প্ৰত্যেকেই হৈছে আল্লাহৰ ওচৰত নিৰ্বাচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038048.mp3"},{"index":"49","arabicText":"هٰذَا ذِكْرٌ ؕ وَاِنَّ لِلْمُتَّقِیْنَ لَحُسْنَ مَاٰبٍ ۟ۙ","assameseTranslation":"এইটো এটা স্মৰণ। নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে উত্তম আবাস,","footnotes":"","tafseer":"কোৰআনত উত্তম প্ৰশংসাৰ সৈতে তেওঁলোকক স্মৰণ কৰা হৈছে। নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলৰ বাবে আখিৰাতত আছে উৎকৃষ্ট প্ৰত্যাৱৰ্তনস্থল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038049.mp3"},{"index":"50","arabicText":"جَنّٰتِ عَدْنٍ مُّفَتَّحَةً لَّهُمُ الْاَبْوَابُ ۟ۚ","assameseTranslation":"চিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত থাকিব।","footnotes":"","tafseer":"সেই উৎকৃষ্ট প্ৰত্যাৱৰ্তনস্থল হৈছে চিৰস্থায়ী জান্নাত, য’ত কিয়ামতৰ দিনা তেওঁলোকে প্ৰৱেশ কৰিব। তেওঁলোকক আঁদৰিবলৈ জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038050.mp3"},{"index":"51","arabicText":"مُتَّكِـِٕیْنَ فِیْهَا یَدْعُوْنَ فِیْهَا بِفَاكِهَةٍ كَثِیْرَةٍ وَّشَرَابٍ ۟","assameseTranslation":"তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফলমূল আৰু পানীয় আনিবলৈ ক’ব।","footnotes":"","tafseer":"সুসজ্জিত আসনত আউজি বহিব। তেওঁলোকে সেৱকসকলক নিজৰ চাহিদা অনুযায়ী ফল-মূল আনিবলৈ নিৰ্দেশ দিব আৰু পছন্দ অনুযায়ী মদিৰা আনিবলৈ হুকুম দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038051.mp3"},{"index":"52","arabicText":"وَعِنْدَهُمْ قٰصِرٰتُ الطَّرْفِ اَتْرَابٌ ۟","assameseTranslation":"আৰু তেওঁলোকৰ ওচৰত থাকিব আনতনয়না সমবয়সীয়া (গাভুৰু ছোৱালীসকল)।","footnotes":"","tafseer":"তেওঁলোকৰ স্ত্ৰীসকল এনেকুৱা হ’ব, যিসকলৰ দৃষ্টি কেৱলমাত্ৰ স্বামী পৰ্যন্ত সীমিত থাকিব। তেওঁলোকৰ বাহিৰে আন কাৰো প্ৰতি দৃষ্টি নিক্ষেপ নকৰিব। লগতে সেই স্ত্ৰীসকল আটায়ে হ’ব সমবয়সীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038052.mp3"},{"index":"53","arabicText":"هٰذَا مَا تُوْعَدُوْنَ لِیَوْمِ الْحِسَابِ ۟","assameseTranslation":"এইটোৱে হৈছে হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি।","footnotes":"","tafseer":"হে মুত্ত্বাক্বীসকল! এইটোৱে হৈছে কিয়ামত দিৱসৰ পৱিত্ৰ প্ৰতিদান যিটোৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। এই প্ৰতিদান তোমালোকক সেই সৎকৰ্মৰ বিনিময়ত দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038053.mp3"},{"index":"54","arabicText":"اِنَّ هٰذَا لَرِزْقُنَا مَا لَهٗ مِنْ نَّفَادٍ ۟ۚۖ","assameseTranslation":"নিশ্চয় এইটোৱে হৈছে আমি প্ৰদান কৰা ৰিজিক্ব (জীৱিকা), যিটো কেতিয়াও নিঃশেষ নহ’ব।","footnotes":"","tafseer":"এই যিটো বৰ্ণনা আমি কৰিলোঁ, এইটোৱেই হৈছে কিয়ামত দিৱসত মুত্ত্বাক্বীসকলে পাবলগীয়া আমাৰ জীৱিকা, যিটো আমি তেওঁলোকক প্ৰদান কৰিম। এইটো হৈছে চিৰস্থায়ী জীৱিকা। কেতিয়াও বিচ্ছিন্ন নহ’ব আৰু কেতিয়াও সমাপ্ত নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038054.mp3"},{"index":"55","arabicText":"هٰذَا ؕ وَاِنَّ لِلطّٰغِیْنَ لَشَرَّ مَاٰبٍ ۟ۙ","assameseTranslation":"এইটোৱেই (হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদান)। আনহাতে নিশ্চয় সীমালংঘনকাৰীবিলাকৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তনস্থল,","footnotes":"","tafseer":"আমি যিটো বৰ্ণনা কৰিলোঁ সেইটো হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদান। আনহাতে কুফৰী আৰু গুনাহৰ মাধ্যমত আল্লাহৰ সীমালংঘন কৰা ব্যক্তিসকলৰ প্ৰতিদান হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদানতকৈ পৃথক। সিহঁতৰ বাবে আছে অত্যন্ত নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা প্ৰত্যাৱৰ্তন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038055.mp3"},{"index":"56","arabicText":"جَهَنَّمَ ۚ یَصْلَوْنَهَا ۚ فَبِئْسَ الْمِهَادُ ۟","assameseTranslation":"জাহান্নাম, তাত সিহঁতে অগ্নিদগ্ধ হ’ব, (এয়া) কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!","footnotes":"","tafseer":"দৰাচলতে সেই প্ৰতিদানটো হৈছে জাহান্নাম, যিটোৱে সিহঁতক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰিব। সিহঁতে জাহান্নামৰ উত্তাপ আৰু অগ্নিশিখাৰ সন্মুখীন হ’ব। সিহঁতৰ বিছনাও হ’ব জুইৰ। সিহঁতৰ বিছনা কিমান যে নিকৃষ্ট বিছনা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038056.mp3"},{"index":"57","arabicText":"هٰذَا ۙ فَلْیَذُوْقُوْهُ حَمِیْمٌ وَّغَسَّاقٌ ۟ۙ","assameseTranslation":"এইটোৱেই (হৈছে অবিশ্বাসীসকলৰ প্ৰতিদান)। এতেকে সিহঁতে উতলা পানী আৰু গেলা-পূঁজৰ সোৱাদ লওক।","footnotes":"","tafseer":"এই শাস্তি বিহা হ’ব উতলা গৰম পানীৰ দ্বাৰা আৰু জাহান্নামীসকলৰ শৰীৰৰ পৰা নিৰ্গত হোৱা পুঁজ আদিৰ দ্বাৰা। সিহঁতক এইবোৰ খাবলৈ দিয়া হ’ব। এইবোৰেই হ’ব সিহঁতৰ বাবে উপলব্ধ পানীয়। যিবোৰে কেতিয়াও সিহঁতৰ তৃষ্ণা নিবাৰণ কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038057.mp3"},{"index":"58","arabicText":"وَّاٰخَرُ مِنْ شَكْلِهٖۤ اَزْوَاجٌ ۟ؕ","assameseTranslation":"আৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি।","footnotes":"","tafseer":"সিহঁতৰ বাবে এনেকুৱা ধৰণৰ আৰু বহুতো শাস্তি আছে। গতিকে আখিৰাতত সিহঁতক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038058.mp3"},{"index":"59","arabicText":"هٰذَا فَوْجٌ مُّقْتَحِمٌ مَّعَكُمْ ۚ لَا مَرْحَبًا بِهِمْ ؕ اِنَّهُمْ صَالُوا النَّارِ ۟","assameseTranslation":"(জাহান্নামী নেতাসকলক কোৱা হ’ব) এয়া হৈছে এটা বাহিনী, যিসকল তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে। (সিহঁতে ক’ব) সিহঁতৰ বাবে কোনো অভিনন্দন নাই। নিশ্চয় সিহঁত জুইত জ্বলিব।","footnotes":"","tafseer":"জাহান্নামীসকলে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া সিহঁতৰ মাজত বিবাদকাৰীসকলৰ দৰে আচৰণ দেখিবলৈ পোৱা যাব, সিহঁতে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব। সিহঁতৰ মাজৰ কিছুমানে ক’বঃ চোৱা! এইটো হৈছে প্ৰকৃত জাহান্নামীসকলৰ দল, যিসকলে তোমালোকৰ সৈতে জাহান্নামত প্ৰৱেশ কৰিছে। তেতিয়া দ্বিতীয় পক্ষই উত্তৰ দি ক’বঃ তোমালোককো অভিনন্দন, নিশ্চয় তোমালোকেও জাহান্নামৰ সেই শাস্তিয়ে ভোগ কৰিবা, যিটো আমি ভোগ কৰি আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038059.mp3"},{"index":"60","arabicText":"قَالُوْا بَلْ اَنْتُمْ ۫ لَا مَرْحَبًا بِكُمْ ؕ اَنْتُمْ قَدَّمْتُمُوْهُ لَنَا ۚ فَبِئْسَ الْقَرَارُ ۟","assameseTranslation":"অনুসাৰীসকলে ক’ব, ‘বৰং তোমালোকেও (জুইত জ্বলিবা), তোমালোকৰ বাবেও কোনো অভিনন্দন নাই। তোমালোকেই আমাৰ বাবে এই বিপদ মাতি আনিছা। এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল!’","footnotes":"","tafseer":"অনুসাৰীসকলে সিহঁতৰ নেতাসকলক উদ্দেশ্যি ক’বঃ হে নেতা তথা প্ৰমুখসকল! তোমালোকৰ বাবে কিন্তু কোনো অভিনন্দন নাই, কিয়নো আমাৰ এই শাস্তিৰ মূল কাৰণটোৱে হৈছা তোমালোক। কাৰণ তোমালোকেই আমাক পথভ্ৰষ্ট কৰিছিলা আৰু বিভ্ৰান্ত কৰিছিলা। গতিকে এই ঠিকনা আমাৰ সকলোৰে বাবে নিকৃষ্ট ঠিকনা, অৰ্থাৎ জাহান্নাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038060.mp3"},{"index":"61","arabicText":"قَالُوْا رَبَّنَا مَنْ قَدَّمَ لَنَا هٰذَا فَزِدْهُ عَذَابًا ضِعْفًا فِی النَّارِ ۟","assameseTranslation":"সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া’।","footnotes":"","tafseer":"অনুসাৰীসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! সত্য আমাৰ ওচৰলৈ আহি যোৱাৰ পিছত যিসকল লোকে আমাক হিদায়তৰ পৰা পথভ্ৰষ্ট কৰিছিল, সিহঁতক তুমি জাহান্নামত দ্বিগুণ শাস্তি প্ৰদান কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038061.mp3"},{"index":"62","arabicText":"وَقَالُوْا مَا لَنَا لَا نَرٰی رِجَالًا كُنَّا نَعُدُّهُمْ مِّنَ الْاَشْرَارِ ۟ؕ","assameseTranslation":"সিহঁতে আৰু ক’ব যে, ‘কি হ’ল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলোঁ সিহঁতক দেখোন (ইয়াত) দেখা পোৱা নাই’।","footnotes":"","tafseer":"অনাচাৰী অহংকাৰী লোকসকলে ক’বঃ কি হ’ল আমাৰ, জাহান্নামত আমাৰ লগত সেইসকল লোকক দেখা নাপাওঁ যে, যিসকলক পৃথিৱীত আমি অভাগা আৰু শাস্তিৰ উপযুক্ত বুলি ভাবিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038062.mp3"},{"index":"63","arabicText":"اَتَّخَذْنٰهُمْ سِخْرِیًّا اَمْ زَاغَتْ عَنْهُمُ الْاَبْصَارُ ۟","assameseTranslation":"‘আমি সিহঁতক এনেই উপলুঙা কৰিছিলোঁ নেকি, নে সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে’?","footnotes":"","tafseer":"আমি তেওঁলোকৰ বিষয়ে উপহাস আৰু বিদ্ৰুপ কৰাটো ভুল আছিল নেকি, যাৰ ফলত সিহঁতে শাস্তিৰ সন্মুখীন হোৱা নাই। নাইবা এনেকুৱাও হ’ব পাৰে যে, আমি সঠিক আছিলোঁ, তথা সিহঁতেও জাহান্নামত প্ৰৱেশ কৰিছে, কিন্তু আমি তেওঁলোকক দেখা পোৱা নাই?।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038063.mp3"},{"index":"64","arabicText":"اِنَّ ذٰلِكَ لَحَقٌّ تَخَاصُمُ اَهْلِ النَّارِ ۟۠","assameseTranslation":"জাহান্নামীসকলৰ এই পাৰস্পৰিক বাদ-প্ৰতিবাদ, নিশ্চয় এইটো বাস্তৱ সত্য।","footnotes":"","tafseer":"কিয়ামতৰ দিনা হ'বলগীয়া কাফিৰসকলৰ মাজত বাদানুবাদ সম্পৰ্কে এই যিটো বৰ্ণনা আমি দাঙি ধৰিলোঁ, নিশ্চিতভাৱে এইটো হৈছে সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ তথা সংশয়ৰ অৱকাশ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038064.mp3"},{"index":"65","arabicText":"قُلْ اِنَّمَاۤ اَنَا مُنْذِرٌ ۖۗ وَّمَا مِنْ اِلٰهٍ اِلَّا اللّٰهُ الْوَاحِدُ الْقَهَّارُ ۟ۚ","assameseTranslation":"কোৱা, ‘মই কেৱল এজন সতৰ্ককাৰীহে মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।","footnotes":"","tafseer":"হে মুহাম্মদ! আপুনি আপোনাৰ উম্মতৰ কাফিৰসকলক কৈ দিয়কঃ মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈহে প্ৰেৰিত হৈছোঁ, যাতে তোমালোকে কুফৰী কৰাৰ কাৰণে আৰু আল্লাহৰ ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে তেওঁৰ শাস্তিত পতিত নোহোৱা। আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। মহানতা, গুণ-বৈশিষ্ট্য আৰু সুন্দৰ নামৰ ক্ষেত্ৰত তেওঁ হৈছে একক তথা অদ্বিতীয়। তেওঁ অত্যন্ত প্ৰভাৱশালী। প্ৰত্যেক বস্তু তেওঁৰ অধীনস্থ, আৰু প্ৰত্যেকেই তেওঁৰ প্ৰতি বিনয়াৱনত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038065.mp3"},{"index":"66","arabicText":"رَبُّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا الْعَزِیْزُ الْغَفَّارُ ۟","assameseTranslation":"‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল’।","footnotes":"","tafseer":"তেৱেঁই হৈছে আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক। ৰাজত্বত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038066.mp3"},{"index":"67","arabicText":"قُلْ هُوَ نَبَؤٌا عَظِیْمٌ ۟ۙ","assameseTranslation":"কোৱা, ‘এইটো এটা মহাসংবাদ,","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী লোকসকলক কৈ দিয়ক, নিশ্চয় কোৰআন হৈছে মহা মৰ্যাদাৱান সংবাদ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038067.mp3"},{"index":"68","arabicText":"اَنْتُمْ عَنْهُ مُعْرِضُوْنَ ۟","assameseTranslation":"‘যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।","footnotes":"","tafseer":"কিন্তু তোমালোকে এই মহা মৰ্যাদাৱান সংবাদৰ পৰা বিমুখ হৈ আছা। ইয়াৰ প্ৰতি মনোযোগ প্ৰদান কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038068.mp3"},{"index":"69","arabicText":"مَا كَانَ لِیَ مِنْ عِلْمٍ بِالْمَلَاِ الْاَعْلٰۤی اِذْ یَخْتَصِمُوْنَ ۟","assameseTranslation":"‘উৰ্দ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া তেওঁলোকে (ফিৰিস্তাসকলে) বাদানুবাদ কৰিছিল।","footnotes":"","tafseer":"আদম আলাইহিচ্ছালামৰ সৃষ্টি সম্পৰ্কে ফিৰিস্তাসকলৰ মাজত কি কি আলোচনা হৈ আছিল, সেই সম্পৰ্কে মোৰ একো জ্ঞান নাছিল। নিশ্চয় এই সম্পৰ্কে আল্লাহেই মোৰ প্ৰতি অহী কৰিছে তথা তেৱেঁই মোক অৱগত কৰাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038069.mp3"},{"index":"70","arabicText":"اِنْ یُّوْحٰۤی اِلَیَّ اِلَّاۤ اَنَّمَاۤ اَنَا نَذِیْرٌ مُّبِیْنٌ ۟","assameseTranslation":"‘মোলৈ এই অহী আহিছে যে, মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাথোন’।","footnotes":"","tafseer":"আল্লাহে মোৰ প্ৰতি এইকাৰণে অহী প্ৰেৰণ কৰে, যাতে মই তোমালোকক স্পষ্টৰূপে সতৰ্ক কৰিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038070.mp3"},{"index":"71","arabicText":"اِذْ قَالَ رَبُّكَ لِلْمَلٰٓىِٕكَةِ اِنِّیْ خَالِقٌۢ بَشَرًا مِّنْ طِیْنٍ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম,","footnotes":"","tafseer":"সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিলঃ নিশ্চয় মই মাটিৰ দ্বাৰা এজন মানৱ অৰ্থাৎ আদম আলাইহিচ্ছালামক সৃষ্টি কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038071.mp3"},{"index":"72","arabicText":"فَاِذَا سَوَّیْتُهٗ وَنَفَخْتُ فِیْهِ مِنْ رُّوْحِیْ فَقَعُوْا لَهٗ سٰجِدِیْنَ ۟","assameseTranslation":"এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,","footnotes":"","tafseer":"এতেকে যেতিয়া মই তেওঁৰ সৃষ্টিৰ কাম সম্পূৰ্ণ কৰিম আৰু তেওঁৰ আকাৰ-আকৃতিৰ কাম পৰিপূৰ্ণ হ’ব, লগতে তেওঁৰ দেহত যেতিয়া মই মোৰ ৰূহ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তেওঁক ছাজদাহ কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038072.mp3"},{"index":"73","arabicText":"فَسَجَدَ الْمَلٰٓىِٕكَةُ كُلُّهُمْ اَجْمَعُوْنَ ۟ۙ","assameseTranslation":"তেতিয়া ফিৰিস্তাসকলে আটায়ে একেলগে ছাজদাহ কৰিলে,","footnotes":"","tafseer":"এতেকে সকলো ফিৰিস্তাই তেওঁলোকৰ প্ৰতিপালকৰ আদেশ পালন কৰিলে, তথা সকলোৱে সন্মানপূৰ্বক ছাজদাহ কৰিলে। তেওঁলোকৰ মাজৰ কোনেও অৱশিষ্ট নাছিল, যিয়ে আদমক ছাজদাহ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038073.mp3"},{"index":"74","arabicText":"اِلَّاۤ اِبْلِیْسَ ؕ اِسْتَكْبَرَ وَكَانَ مِنَ الْكٰفِرِیْنَ ۟","assameseTranslation":"কেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।","footnotes":"","tafseer":"কিন্তু ইবলীছৰ বাহিৰে। সি অহংকাৰ কৰি ছাজদাহ কৰা নাছিল। অহংকাৰ কৰি নিজ প্ৰতিপালকৰ আদেশ পালন নকৰাৰ বাবে সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হৈ গ’ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038074.mp3"},{"index":"75","arabicText":"قَالَ یٰۤاِبْلِیْسُ مَا مَنَعَكَ اَنْ تَسْجُدَ لِمَا خَلَقْتُ بِیَدَیَّ ؕ اَسْتَكْبَرْتَ اَمْ كُنْتَ مِنَ الْعَالِیْنَ ۟","assameseTranslation":"আল্লাহে ক’লে, ‘হে ইবলীছ! মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ, তেওঁৰ প্ৰতি ছাজদাৱনত হ’বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি? নে তুমি অধিক উচ্চ মৰ্যাদাসম্পন্ন’?","footnotes":"","tafseer":"আল্লাহে ক’লেঃ হে ইবলীছ! আদমক ছাজদাহ কৰিবলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে, যাক মই মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ?! অহংকাৰে তোমাক ছাজদাহ কৰিবলৈ বাধা দিছে নেকি? নে তুমি পূৰ্বৰে পৰা তোমালোকৰ প্ৰতিপালকৰ প্ৰতি অহংকাৰ কৰি আহিছা তথা তুমি নিজকে অধিক উচ্চ মৰ্যাদাসম্পন্ন বুলি ভবা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038075.mp3"},{"index":"76","arabicText":"قَالَ اَنَا خَیْرٌ مِّنْهُ ؕ خَلَقْتَنِیْ مِنْ نَّارٍ وَّخَلَقْتَهٗ مِنْ طِیْنٍ ۟","assameseTranslation":"সি ক’লে, ‘মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে’।","footnotes":"","tafseer":"ইবলীছে ক’লেঃ “মই আদমতকৈ উৎকৃষ্ট। আপুনি মোক অগ্নিৰে সৃষ্টি কৰিছে আৰু তেওঁক সৃষ্টি কৰিছে মাটিৰে”। ইবলীছৰ মতে অগ্নি হৈছে মাটিতকৈ উত্তম উপাদান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038076.mp3"},{"index":"77","arabicText":"قَالَ فَاخْرُجْ مِنْهَا فَاِنَّكَ رَجِیْمٌ ۟ۚۖ","assameseTranslation":"তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা ওলাই যোৱা, কাৰণ নিশ্চয় তুমি অভিশপ্ত;","footnotes":"","tafseer":"আল্লাহে ইবলীছক ক’লেঃ জান্নাতৰ পৰা ওলাই যোৱা। নিশ্চয় তুমি হৈছা অভিশপ্ত তথা শাপগ্ৰস্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038077.mp3"},{"index":"78","arabicText":"وَّاِنَّ عَلَیْكَ لَعْنَتِیْۤ اِلٰی یَوْمِ الدِّیْنِ ۟","assameseTranslation":"‘আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব, কৰ্মফল দিৱসলৈকে’।","footnotes":"","tafseer":"প্ৰতিদান দিৱস পৰ্যন্ত তোমাক জান্নাতৰ পৰা বিতাৰিত কৰা হ’ল, অৰ্থাৎ কিয়ামত পৰ্যন্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038078.mp3"},{"index":"79","arabicText":"قَالَ رَبِّ فَاَنْظِرْنِیْۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟","assameseTranslation":"সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।","footnotes":"","tafseer":"ইবলীছে ক’লেঃ মোক অৱকাশ দিয়ক, লগতে যিদিনা আপুনি আপোনাৰ বান্দাসকলক পুনৰ্জীৱিত কৰিব সেইদিৱস পৰ্যন্ত মোক মৃত্যু প্ৰদান নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038079.mp3"},{"index":"80","arabicText":"قَالَ فَاِنَّكَ مِنَ الْمُنْظَرِیْنَ ۟ۙ","assameseTranslation":"তেওঁ ক’লে, ‘যোৱা, নিশ্চয় তোমাক অৱকাশ দিয়া হ’ল,","footnotes":"","tafseer":"আল্লাহে ক’লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ’ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038080.mp3"},{"index":"81","arabicText":"اِلٰی یَوْمِ الْوَقْتِ الْمَعْلُوْمِ ۟","assameseTranslation":"‘সুনিৰ্দিষ্ট সময় অহাৰ দিৱস পৰ্যন্ত’।","footnotes":"","tafseer":"সেইদিৱস পৰ্যন্ত অৱকাশ দিয়া হ’ল, যিদিনা তোমাক ধ্বংস কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038081.mp3"},{"index":"82","arabicText":"قَالَ فَبِعِزَّتِكَ لَاُغْوِیَنَّهُمْ اَجْمَعِیْنَ ۟ۙ","assameseTranslation":"সি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! নিশ্চয় মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম,","footnotes":"","tafseer":"ইবলীছে ক’লেঃ আপোনাৰ ক্ষমতা আৰু প্ৰভুত্বৰ শপত! নিশ্চিতভাৱে মই গোটেই আদম সন্তানক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038082.mp3"},{"index":"83","arabicText":"اِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِیْنَ ۟","assameseTranslation":"‘কিন্তু সিহঁতৰ মাজত থকা তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।","footnotes":"","tafseer":"কেৱল সেই ব্যক্তিৰ বাহিৰে যাক আপুনি মোৰ পথভ্ৰষ্টতাৰ পৰা ৰক্ষা কৰিব, তথা যাক আপুনি আপোনাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038083.mp3"},{"index":"84","arabicText":"قَالَ فَالْحَقُّ ؗ وَالْحَقَّ اَقُوْلُ ۟ۚ","assameseTranslation":"আল্লাহে ক’লে, ‘তেন্তে এইটোৱেই সত্য, আৰু মই সত্যহে কওঁ,","footnotes":"","tafseer":"আল্লাহে ক'লেঃ সত্য হৈছে মোৰ ফালৰ পৰা। মই কেৱল সত্যই কওঁ। ইয়াৰ বাহিৰে আন একো নকওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038084.mp3"},{"index":"85","arabicText":"لَاَمْلَـَٔنَّ جَهَنَّمَ مِنْكَ وَمِمَّنْ تَبِعَكَ مِنْهُمْ اَجْمَعِیْنَ ۟","assameseTranslation":"‘নিশ্চয় তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰ্ণ কৰিম’।","footnotes":"","tafseer":"কিয়ামতৰ দিনা জাহান্নামক মই তোমাৰ দ্বাৰা আৰু আদমৰ সেইসকল সন্তানৰ দ্বাৰা ভৰ্তি কৰিম, যিসকলে কুফৰী কৰাৰ ক্ষেত্ৰত তোমাৰ অনুসৰণ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038085.mp3"},{"index":"86","arabicText":"قُلْ مَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مِنْ اَجْرٍ وَّمَاۤ اَنَا مِنَ الْمُتَكَلِّفِیْنَ ۟","assameseTranslation":"(হে নবী!) কোৱা, ‘মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু মই কোনো প্ৰবঞ্চক-ছলনাকাৰীও নহয়’।","footnotes":"","tafseer":"হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয়কঃ মই তোমালোকক যি বাৰ্তা পৌঁচাই দিওঁ, তাৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। আনহাতে মই বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ হেৰফেৰো নকৰোঁ, মোক যেনেকৈ আদেশ দিয়া হয় ঠিক তেনেকৈয়ে পৌঁচাই দিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038086.mp3"},{"index":"87","arabicText":"اِنْ هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟","assameseTranslation":"এই (কোৰআন)খন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ বাণী,","footnotes":"","tafseer":"কোৰআন কেৱল সেইসকল মানৱ আৰু জিনৰ বাবে উপদেশ, যিসকলে চৰিয়ত পালন কৰিবলৈ দায়িত্বপ্ৰাপ্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038087.mp3"},{"index":"88","arabicText":"وَلَتَعْلَمُنَّ نَبَاَهٗ بَعْدَ حِیْنٍ ۟۠","assameseTranslation":"আৰু ইয়াত থকা সংবাদৰ সত্যতা তোমালোকে নিশ্চয় জানিব পাৰিবা, কিছুদিন পিছত।","footnotes":"","tafseer":"তোমালোকে অচিৰেই অৰ্থাৎ মৃত্যুৰ পিছত নিশ্চয় জানিব পাৰিবা যে, এই কোৰআনৰ যাৱতীয় সংবাদ সত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/038088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/038088.mp3"}]