[{"index":"1","arabicText":"یٰۤاَیُّهَا النَّاسُ اتَّقُوْا رَبَّكُمُ الَّذِیْ خَلَقَكُمْ مِّنْ نَّفْسٍ وَّاحِدَةٍ وَّخَلَقَ مِنْهَا زَوْجَهَا وَبَثَّ مِنْهُمَا رِجَالًا كَثِیْرًا وَّنِسَآءً ۚ وَاتَّقُوا اللّٰهَ الَّذِیْ تَسَآءَلُوْنَ بِهٖ وَالْاَرْحَامَ ؕ اِنَّ اللّٰهَ كَانَ عَلَیْكُمْ رَقِیْبًا ۟","assameseTranslation":"হে মানৱজাতি! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰাই তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে, আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, লগতে তেজ-সম্পৰ্কীয় আত্মীয়তা ছিন্ন কৰাৰ ক্ষেত্ৰতো ভয় কৰা। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকে তোমালোকৰ প্ৰতিপালকক ভয় কৰা। তেৱেঁই তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে অৰ্থাৎ তোমালোকৰ আদি পিতা আদম আলাইহিচ্ছালামৰ পৰা। এইদৰে আদমৰ পৰাই তেওঁৰ পত্নী আৰু তোমালোকৰ মাতৃ হাওৱা আলাইহাচ্ছালামক সৃষ্টি কৰিছে। তাৰ পিছত তেওঁলোক দুজনৰ পৰা পৃথিৱীৰ বুকুত নৰ-নাৰী হিচাপে মানৱজাতিৰ বিস্তাৰ কৰিছে। এতেকে তোমালোকে আল্লাহক ভয় কৰা, যাৰ দুহাই দি তোমালোকে ইজনে সিজনৰ পৰা কিবা বিচাৰি এইদৰে কোৱাঃ মই আল্লাহৰ নামত (আল্লাহৰ ওৱাস্তে) তোমাৰ ওচৰত নিবেদন কৰিছোঁ, তুমি এনেকৈ কৰা। লগতে শুনা! তোমালোকে সম্পৰ্ক বিচ্ছেদ নকৰিবা, যি বন্ধনে তোমালোকক পৰস্পৰে সংযুক্ত কৰি আছে। নিশ্চয় আল্লাহেই হৈছে তোমালোকৰ পৰ্যবেক্ষক। এতেকে তেওঁৰ দৃষ্টিৰ পৰা তোমালোকৰ কোনো আমল গোপন নহয়। বৰং তেওঁ সেয়া হিচাপ কৰি ৰাখে আৰু তোমালোকক ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004001.mp3"},{"index":"2","arabicText":"وَاٰتُوا الْیَتٰمٰۤی اَمْوَالَهُمْ وَلَا تَتَبَدَّلُوا الْخَبِیْثَ بِالطَّیِّبِ ۪ وَلَا تَاْكُلُوْۤا اَمْوَالَهُمْ اِلٰۤی اَمْوَالِكُمْ ؕ اِنَّهٗ كَانَ حُوْبًا كَبِیْرًا ۟","assameseTranslation":"আৰু এতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু (শুনা!) তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজৰ সম্পদৰ সৈতে সিহঁতৰ সম্পদ মিশ্ৰিত কৰি গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।","footnotes":"","tafseer":"হে সংৰক্ষকসকল! তোমালোকে অনাথসকলক (যিসকলৰ পিতৃয়ে সিহঁতক শিশু অৱস্থাত এৰি থৈ মৃত্যুবৰণ কৰিছে) সিহঁতৰ ধন সেই সময়ত পৰিপূৰ্ণ ৰূপে আদায় কৰি দিয়া, যেতিয়া সিহঁত প্ৰাপ্তবয়স্কত উপনীত হয় তথা যৌৱন অৱস্থাত ভৰি দিয়ে। লগতে তোমালোকে হালালৰ বিপৰীতে হাৰাম গ্ৰহণ নকৰিবা, অৰ্থাৎ তোমালোকে অনাথৰ উত্কৃষ্ট সম্পদ গ্ৰহণ কৰি ইয়াৰ বিপৰীতে সিহঁতক তোমালোকৰ নিকৃষ্ট সম্পদ প্ৰদান নকৰিবা। এইদৰে অনাথৰ সম্পদৰ সৈতে তোমালোকে নিজৰ সম্পদক মিশ্ৰিত কৰি আত্মসাৎ নকৰিবা। নিশ্চয় এইটো হৈছে আল্লাহৰ দৃষ্টিত এটা মহাপাপ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004002.mp3"},{"index":"3","arabicText":"وَاِنْ خِفْتُمْ اَلَّا تُقْسِطُوْا فِی الْیَتٰمٰی فَانْكِحُوْا مَا طَابَ لَكُمْ مِّنَ النِّسَآءِ مَثْنٰی وَثُلٰثَ وَرُبٰعَ ۚ فَاِنْ خِفْتُمْ اَلَّا تَعْدِلُوْا فَوَاحِدَةً اَوْ مَا مَلَكَتْ اَیْمَانُكُمْ ؕ ذٰلِكَ اَدْنٰۤی اَلَّا تَعُوْلُوْا ۟ؕ","assameseTranslation":"আৰু যদি তোমালোকে অশংকা কৰা যে, এতীম ছোৱালীসকলৰ প্ৰতি তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে (স্বাধীন) নাৰীসকলৰ মাজৰ পৰা যাক তোমালোকৰ ভাল লাগে দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰিব পাৰা; আৰু যদি আশংকা কৰা যে, (সিহঁতৰ মাজত) সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ’লে এজনীকেই (বিবাহ কৰোৱা) অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকেই গ্ৰহণ কৰা। অবিচাৰ কৰাৰ পৰা ৰক্ষা পোৱাৰ এইটোৱেই হৈছে সম্ভৱপৰ উপায়।","footnotes":"","tafseer":"যদি তোমালোকৰ আশংকা হয় যে, তোমালোকৰ অধীনত থকা অনাথ ছোৱালীক বিবাহ কৰালে তোমালোকে ন্যায় কৰিব নোৱাৰিবা, অথবা সিহঁতৰ নিৰ্দিষ্ট মোহৰ কম হোৱাৰ আশংকা হ’লে নাইবা যদি সিহঁতৰ লগত দুৰ্ব্যৱহাৰ হোৱাৰ আশংকা থাকে, তেন্তে এনেকুৱা পৰিস্থিতিত তোমালোকে সিহঁতক এৰি বেলেগ পৱিত্ৰ নাৰীক বিবাহ কৰোৱা। যদি তোমালোকে ইচ্ছা কৰা দুই অথবা তিনি নাইবা চাৰিজনীলৈকে বিবাহ কৰাব পাৰা। কিন্তু যদি আশংকা হয় যে, তোমালোকে সিহঁতৰ মাজত ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰিবা তেন্তে এজনীতেই সীমিত থাকা, লগতে যিসকল দাসী তোমালোকৰ অধীনত আছে সেইসকলৰ দ্বাৰা উপকৃত হোৱা। কিয়নো পত্নীৰ বাবে যিবিলাক অধিকাৰ অনিবাৰ্য্য, সেইবোৰ অধিকাৰ সিহঁতৰ নাই। এতেকে অনাথৰ বিষয়ে তথা এজনী স্ত্ৰী ৰখা সম্পৰ্কে লগতে দাসীৰ দ্বাৰা উপকৃত হোৱাৰ যিটো বিষয় এই আয়াতত উল্লেখ কৰা হৈছে, এয়া এই কাৰণে যে, যাতে তোমালোকে অন্যায়-অত্যাচাৰ নকৰা আৰু সঠিক পথৰ পৰা দূৰ নোহোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004003.mp3"},{"index":"4","arabicText":"وَاٰتُوا النِّسَآءَ صَدُقٰتِهِنَّ نِحْلَةً ؕ فَاِنْ طِبْنَ لَكُمْ عَنْ شَیْءٍ مِّنْهُ نَفْسًا فَكُلُوْهُ هَنِیْٓـًٔا مَّرِیْٓـًٔا ۟","assameseTranslation":"আৰু তোমালোকে নাৰীসকলক সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা; ইয়াৰ পিছত সিহঁতে যদি সন্তুষ্টচিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে তেন্তে তোমালোকে সেয়া আনন্দৰ সৈতে তৃপ্তিসহকাৰে ভোগ কৰা।","footnotes":"","tafseer":"আৰু স্ত্ৰীসকলক সিহঁতৰ মোহৰ এটা আৱশ্যক উপহাৰ হিচাপে আদায় কৰা। যদি সিহঁতে কোনো ধৰণৰ বাধ্যবাধকতা নোহোৱাকৈ স্ব-ইচ্ছাই তোমালোকৰ বাবে মোহৰৰ কিছু অংশ ক্ষমা কৰি দিয়ে, তেন্তে সেয়া আনন্দচিত্তে ভক্ষণ কৰা, ইয়াত কোনো অসুবিধা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004004.mp3"},{"index":"5","arabicText":"وَلَا تُؤْتُوا السُّفَهَآءَ اَمْوَالَكُمُ الَّتِیْ جَعَلَ اللّٰهُ لَكُمْ قِیٰمًا وَّارْزُقُوْهُمْ فِیْهَا وَاكْسُوْهُمْ وَقُوْلُوْا لَهُمْ قَوْلًا مَّعْرُوْفًا ۟","assameseTranslation":"আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন-সম্পদ অৰ্পণ নকৰিবা; যিবোৰক আল্লাহে তোমালোকৰ জীৱিকাৰ মাধ্যম বনাইছে। অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা-বোৱা পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালাপ কৰিবা।","footnotes":"","tafseer":"আৰু হে সংৰক্ষকসকল! এনেকুৱা লোকৰ হাতত সিহঁতৰ ধন অৰ্পণ নকৰিবা, যিয়ে তাৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰে। কিয়নো মহান আল্লাহে এই ধন-সম্পদবোৰক জীৱন ধাৰণ আৰু বান্দাসকলৰ বহুমুখী সুবিধা আদিৰ মাধ্যম বনাইছে। সেয়ে এনেকুৱা লোকৰ দ্বাৰা ধনৰ সঠিক ব্যৱহাৰ আৰু ইয়াৰ হিফাজত সম্ভৱ নহয়। এতেকে এই সম্পদ সিহঁতৰ ওপৰত প্ৰয়োজন অনুসৰি ব্যয় কৰা আৰু সিহঁতৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰা, লগতে সিহঁতৰ সৈতে উত্তমভাৱে কথা কোৱা। সিহঁতক উত্তম প্ৰতিশ্ৰুতি দিয়া যে, যেতিয়া সিহঁত পৰিপক্ক হৈ প্ৰাপ্তবয়স্কত উপনীত হ’ব আৰু সম্পদৰ সঠিক ব্যৱহাৰ শিকিব, তেতিয়া সিহঁতৰ সম্পদ সিহঁতকে ঘূৰাই দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004005.mp3"},{"index":"6","arabicText":"وَابْتَلُوا الْیَتٰمٰی حَتّٰۤی اِذَا بَلَغُوا النِّكَاحَ ۚ فَاِنْ اٰنَسْتُمْ مِّنْهُمْ رُشْدًا فَادْفَعُوْۤا اِلَیْهِمْ اَمْوَالَهُمْ ۚ وَلَا تَاْكُلُوْهَاۤ اِسْرَافًا وَّبِدَارًا اَنْ یَّكْبَرُوْا ؕ وَمَنْ كَانَ غَنِیًّا فَلْیَسْتَعْفِفْ ۚ وَمَنْ كَانَ فَقِیْرًا فَلْیَاْكُلْ بِالْمَعْرُوْفِ ؕ فَاِذَا دَفَعْتُمْ اِلَیْهِمْ اَمْوَالَهُمْ فَاَشْهِدُوْا عَلَیْهِمْ ؕ وَكَفٰی بِاللّٰهِ حَسِیْبًا ۟","assameseTranslation":"আৰু তোমালোকে এতীমসকলক সিহঁতৰ বিবাহৰ বয়সত উপনীত নোহোৱালৈকে পৰীক্ষা কৰিবা; তাৰ পিছত সিহঁতৰ মাজত ভাল বেয়া বিচাৰৰ জ্ঞান দেখিবলৈ পালে সিহঁতৰ সম্পদ সিহঁতক ওভতাই দিবা, আৰু সিহঁত ডাঙৰ হৈ যাব বুলি তোমালোকে (সিহঁতৰ সম্পদ) লৰা-লৰিকৈ অপচয় কৰি খাই শেষ নকৰিবা। যিজন অভাৱমুক্ত তেওঁ যেন নিবৃত্ত থাকে আৰু যিজন বিত্তহীন তেওঁ যেন সংযত পৰিমাণে ভোগ কৰে। তাৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ ওভতাই দিবা তেতিয়া সাক্ষী ৰাখিবা; আৰু হিচাপ গ্ৰহণত আল্লাহেই যথেষ্ট।","footnotes":"","tafseer":"হে অভিভাৱকসকল! অনাথ শিশুসকল যেতিয়া যৌৱনত ভৰি দিয়ে, তেতিয়া তোমালোকে সিহঁতক পৰীক্ষা কৰিবা। সিহঁতক সিহঁতৰ কিছু সম্পদ ব্যয় কৰাৰ সুযোগ দিবা। যদি সিহঁতে ইয়াৰ সদ্ব্যৱহাৰ কৰিব পাৰে আৰু সিহঁতৰ পৰিপক্কতা তোমালোকৰ দৃষ্টি গোচৰ হয় তেন্তে সিহঁতৰ সম্পূৰ্ণ সম্পদ সিহঁতক অৰ্পণ কৰা, আৰু সিহঁতৰ সম্পদ অন্যায়ভাৱে ভক্ষণ নকৰিবা বৰং প্ৰয়োজন হ’লে, কেৱল সেইখিনি ভক্ষণ কৰিবা যিখিনি খাবলৈ আল্লাহে অনুমতি দিছে, লগতে এই ভয়তো দ্ৰুত ভক্ষণ নকৰিবা যে, সিহঁত ডাঙৰ হ’লে সিহঁতৰ সম্পদ সিহঁতে ঘূৰাই ল’ব। আনহাতে যাৰ ওচৰত ইমানখিনি সম্পদ আছে যে, সি সেইটোৰে চলিব পাৰিব, তেনেকুৱা ব্যক্তিয়ে এতীমৰ সম্পদ খোৱাৰ পৰা বিৰত থকা উচিত। কিন্তু দুখীয়া নিচলা ব্যক্তিয়ে প্ৰয়োজন অনুপাতে এতীমৰ সম্পদ খাব পাৰে। এতেকে সিহঁত পৰিপক্ক আৰু যৌৱনত ভৰি দিয়াৰ পিছত, যেতিয়া তোমালোকে সিহঁতৰ সম্পদ চমজাই দিবা তেতিয়া অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ বাবে আৰু মতভেদৰ দুৱাৰ বন্ধ কৰিবলৈ সাক্ষী ৰাখিবা। যদিও ইয়াৰ উত্তম সাক্ষী আৰু বান্দাসকলৰ হিচাপ গ্ৰহণৰ বাবে আল্লাহেই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004006.mp3"},{"index":"7","arabicText":"لِلرِّجَالِ نَصِیْبٌ مِّمَّا تَرَكَ الْوَالِدٰنِ وَالْاَقْرَبُوْنَ ۪ وَلِلنِّسَآءِ نَصِیْبٌ مِّمَّا تَرَكَ الْوَالِدٰنِ وَالْاَقْرَبُوْنَ مِمَّا قَلَّ مِنْهُ اَوْ كَثُرَ ؕ نَصِیْبًا مَّفْرُوْضًا ۟","assameseTranslation":"পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতৃ-মাতৃ লগতে আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া কম হওক বা বেছি, এইটো নিৰ্ধাৰিত অংশ।","footnotes":"","tafseer":"পিতৃ-মাতৃ তথা নিকটাত্মীয় যেনে- ভাই আৰু খুৰাসকলে মৃত্যুৰ পিছত এৰি থৈ যোৱা সম্পত্তিত পুৰষসকলৰ বাবে অংশ আছে, সেই সম্পত্তি কম হওক অথবা বেছি। এইদৰে এওঁলোকে এৰি থৈ যোৱা সম্পত্তিত নাৰীসকলৰো অংশ আছে। এই বিধান অজ্ঞতা যুগৰ সেই পৰাম্পৰাৰ পৰিপন্থী, য’ত নাৰী আৰু শিশুসকলক উত্তৰাধিকাৰীৰ পৰা বঞ্চিত ৰখা হৈছিল। প্ৰকৃতে এই অধিকাৰ হৈছে আল্লাহৰ তৰফৰ পৰা বাধ্যতামূলক আৰু সুস্পষ্ট পৰিমিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004007.mp3"},{"index":"8","arabicText":"وَاِذَا حَضَرَ الْقِسْمَةَ اُولُوا الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنُ فَارْزُقُوْهُمْ مِّنْهُ وَقُوْلُوْا لَهُمْ قَوْلًا مَّعْرُوْفًا ۟","assameseTranslation":"আৰু সম্পত্তি বণ্টন কৰাৰ সময়ত আত্মীয়-স্বজন, এতীম আৰু অভাৱগ্ৰস্ত লোক উপস্থিত থাকিলে সিহঁতক তাৰ পৰা অলপ হ'লেও প্ৰদান কৰিবা, আৰু সিহঁতৰ লগত সদালাপ কৰিবা।","footnotes":"","tafseer":"নিকটাত্মীয়, অনাথ আৰু দৰিদ্ৰসকলৰ মাজৰ যিসকল মীৰাছৰ অংশীদাৰ নহয়, মীৰাছ বণ্টনৰ সময়ত সিহঁত উপস্থিত থাকিলে, সম্পত্তি বণ্টনৰ পূৰ্বে স্ব-ইচ্ছাই সিহঁতক কিবা দিয়াটো মুস্তাহাব। কাৰণ সিহঁতেও এই বণ্টন দেখি আছে। এই ধন তোমালোকে কোনো কষ্ট নকৰাকৈয়ে লাভ কৰিছা। লগতে সিহঁতৰ সৈতে উত্তম কথা ক’বা, বেয়া ব্যৱহাৰ নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004008.mp3"},{"index":"9","arabicText":"وَلْیَخْشَ الَّذِیْنَ لَوْ تَرَكُوْا مِنْ خَلْفِهِمْ ذُرِّیَّةً ضِعٰفًا خَافُوْا عَلَیْهِمْ ۪ فَلْیَتَّقُوا اللّٰهَ وَلْیَقُوْلُوْا قَوْلًا سَدِیْدًا ۟","assameseTranslation":"আৰু সিহঁতৰ ভয় কৰা উচিত যে, যদি সিহঁতে নিজৰ পিছত নিঃসহায় সন্তান এৰি থৈ যায় তেন্তে সিহঁতেও সিহঁতৰ বিষয়ে উদ্বিগ্ন হ’লহেঁতেন। এতেকে সিহঁতে যেন আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আৰু সঙ্গত কথা কয়।","footnotes":"","tafseer":"সিহঁতে এই কথা মনত পেলাই ভয় কৰা উচিত যে, সিহঁতে যদি সৰু সৰু দুৰ্বল ল’ৰা ছোৱালী এৰি থৈ মৃত্যুবৰণ কৰিলেহেঁতেন তেন্তে সিহঁতে সেই শিশুসকলৰ দুৰাৱস্থা সম্পৰ্কে কেনেকুৱা আশংকা কৰিলেহেঁতেন, এতেকে এতিয়া সিহঁতে আল্লাহক ভয় কৰি এইসকল অনাথৰ প্ৰতি অন্যায় কৰিব নালাগে, যিসকল এতীম শিশু সিহঁতৰ অধীনত আছে, যাতে আল্লাহে সিহঁতৰ মৃত্যুৰ পিছত এনেকুৱা লোকৰ ব্যৱস্থা কৰি দিয়ে, যিয়ে সিহঁতৰ সন্তানৰ সৈতে ভাল ব্যৱহাৰ কৰিব, যিদৰে সিহঁতে এইসকল অনাথৰ সৈতে কৰি আছে। এইদৰে যিসকল লোক তেওঁৰ অছিয়তৰ সময়ত উপস্থিত আছিল, তেওঁলোকেও সেই ব্যক্তিৰ সন্তানসকলৰ বিষয়ে উত্তম পন্থা অৱলম্বন কৰা উচিত। অৰ্থাৎ সিহঁতৰ হৈ সঠিক আৰু উত্তম কথা কোৱা উচিত, যাতে অছিয়তকাৰীয়ে অছিয়ত কৰাৰ সময়ত উত্তৰাধিকাৰীসকলৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে, লগতে অছিয়ত ত্যাগ কৰি তেওঁ নিজকেও যাতে অছিয়তৰ কল্যাণৰ পৰা বঞ্চিত নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004009.mp3"},{"index":"10","arabicText":"اِنَّ الَّذِیْنَ یَاْكُلُوْنَ اَمْوَالَ الْیَتٰمٰی ظُلْمًا اِنَّمَا یَاْكُلُوْنَ فِیْ بُطُوْنِهِمْ نَارًا ؕ وَسَیَصْلَوْنَ سَعِیْرًا ۟۠","assameseTranslation":"নিশ্চয় যিসকলে এতীমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব।","footnotes":"","tafseer":"প্ৰকৃততে যিসকলে অনাথৰ সম্পদ আত্মসাৎ কৰি খায়, লগতে সীমালংঘন কৰি অন্যায়ভাৱে খৰচ কৰে, সিহঁতে দৰাচলতে নিজৰ উদৰত প্ৰজ্জ্বলিত জুই ভৰ্তি কৰে। অনতিপলমে এই জুয়ে কিয়ামতৰ দিনা সিহঁতক অবিৰতভাৱে পুৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004010.mp3"},{"index":"11","arabicText":"یُوْصِیْكُمُ اللّٰهُ فِیْۤ اَوْلَادِكُمْ ۗ لِلذَّكَرِ مِثْلُ حَظِّ الْاُنْثَیَیْنِ ۚ فَاِنْ كُنَّ نِسَآءً فَوْقَ اثْنَتَیْنِ فَلَهُنَّ ثُلُثَا مَا تَرَكَ ۚ وَاِنْ كَانَتْ وَاحِدَةً فَلَهَا النِّصْفُ ؕ وَلِاَبَوَیْهِ لِكُلِّ وَاحِدٍ مِّنْهُمَا السُّدُسُ مِمَّا تَرَكَ اِنْ كَانَ لَهٗ وَلَدٌ ۚ فَاِنْ لَّمْ یَكُنْ لَّهٗ وَلَدٌ وَّوَرِثَهٗۤ اَبَوٰهُ فَلِاُمِّهِ الثُّلُثُ ۚ فَاِنْ كَانَ لَهٗۤ اِخْوَةٌ فَلِاُمِّهِ السُّدُسُ مِنْ بَعْدِ وَصِیَّةٍ یُّوْصِیْ بِهَاۤ اَوْ دَیْنٍ ؕ اٰبَآؤُكُمْ وَاَبْنَآؤُكُمْ لَا تَدْرُوْنَ اَیُّهُمْ اَقْرَبُ لَكُمْ نَفْعًا ؕ فَرِیْضَةً مِّنَ اللّٰهِ ؕ اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟","assameseTranslation":"আল্লাহে তোমালোকক তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে, এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান; কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকৰ বাবে পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ, আৰু কেৱল এজনী কন্যা থাকিলে তেন্তে তাইৰ বাবে অৰ্ধাংশ। সন্তান থাকিলে (মৃত ব্যক্তিৰ) পিতৃ-মাতৃ উভয়ে পৰিত্যক্ত সম্পত্তিৰ ছয় ভাগৰ এভাগ পাব; আনহাতে (মৃত ব্যক্তি) নিঃসন্তান হ’লে, লগতে পিতৃ-মাতৃ উত্তৰাধিকাৰী হ’লে তাৰ মাকৰ বাবে তিনি ভাগৰ এভাগ; আৰু যদি তাৰ ভাই-ভনী থাকে তেনেহ’লে মাকৰ বাবে ছয় ভাগৰ এভাগ; এইবোৰ বণ্টন হ’ব তাৰ অছিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা। এই বিধান আল্লাহৰ; নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আল্লাহে তোমালোকক তোমালোকৰ সন্তানৰ মীৰাছ সম্পৰ্কে আদেশ দিছে, সিহঁতৰ মাজত মীৰাছ বণ্টন এইদৰে কৰা হ’ব যে, পুত্ৰ সন্তানে দুজনী কন্যা সন্তানৰ সমান অংশ লাভ কৰিব। মৃত ব্যক্তিৰ কেৱল যদি কন্যা সন্তানেই থাকে আৰু পুত্ৰ সন্তান নাথাকে, তেন্তে দুজনী তথা অধিক কন্যা সন্তানে মীৰাছৰ দুই তৃতীয়াংশ সম্পদ লাভ কৰিব। আনহাতে যদি মৃত ব্যক্তিৰ কেৱল এজনীয়ে ছোৱালী থাকে তেন্তে তাই মীৰাছৰ আধা অংশ লাভ কৰিব। এইদৰে মৃত ব্যক্তিৰ পিতৃ-মাতৃৰ প্ৰত্যেকে মীৰাছৰ ষষ্ঠাংশ লাভ কৰিব, যদি মৃত ব্যক্তিৰ কোনো সন্তান থাকে, সন্তান নাৰী হওক অথবা পুৰুষ। পক্ষান্তৰে যদি মৃত ব্যক্তিৰ কোনো সন্তান নাথাকে, লগতে পিতৃ-মাতৃৰ বাহিৰে আন কোনো ওৱাৰিছো নাথাকে, তেন্তে এনে পৰিস্থিতিত তাৰ মাকে এক তৃতীয়াংশ লাভ কৰিব আৰু অৱশিষ্ট সম্পদ পিতৃয়ে লাভ কৰিব। আনহাতে মৃতকৰ যদি দুজন বা তাতোকৈ অধিক ভাই ভনী থাকে, সহোদৰ হওক বা নহওক, তেন্তে মাকে ষষ্ঠাংশ লাভ কৰিব আৰু অৱশিষ্ট সম্পদ পিতৃয়ে লাভ কৰিব, ভাই ভনীসকলে একো নাপাব। মীৰাছৰ এই বণ্টন মৃত ব্যক্তিৰ অছিয়ত পূৰণ কৰাৰ পিছতহে হ’ব। উল্লেখযোগ্য যে, অছিয়তৰ পৰিমাণ এক তৃতীয়াংশতকৈ বেছি হ’ব নালাগে, লগতে প্ৰথমে মৃত ব্যক্তিৰ ঋণ পৰিশোধ কৰিব লাগিব। আল্লাহে মীৰাছ বণ্টনৰ এইটোৱে পদ্ধতি নিৰ্ধাৰণ কৰিছে। কিয়নো তোমালোকে এইটো নাজানা যে, তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কোন বেছি উপকাৰী হ’ব। কেতিয়াবা মৃত ব্যক্তিয়ে কোনো এজন ওৱাৰিছৰ প্ৰতি সন্তুষ্ট হৈ তাক সম্পূৰ্ণ সম্পদ প্ৰদান কৰে অথবা কাৰো প্ৰতি অসন্তুষ্ট হৈ তাক মীৰাছৰ পৰা বঞ্চিত কৰে, অথচ বিষয়টো তেওঁ ভবাৰ দৰে নহ’বও পাৰে। এইবোৰ বিষয়ৰ সম্যক জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে, যাৰ পৰা কোনো বস্তুৱে গোপন নহয়। সেয়ে তেওঁ মীৰাছৰ বৰ্ণনা এইদৰে কৰিছে। লগতে ইয়াক তেওঁৰ বান্দাসকলৰ বাবে জৰুৰী ঘোষণা কৰিছে। নিঃসন্দেহে আল্লাহেই সৰ্বজ্ঞ আৰু বান্দাৰ কোনো কল্যাণ তেওঁৰ পৰা গোপন নহয়। তেওঁ চৰীয়ত প্ৰস্তুত কৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004011.mp3"},{"index":"12","arabicText":"وَلَكُمْ نِصْفُ مَا تَرَكَ اَزْوَاجُكُمْ اِنْ لَّمْ یَكُنْ لَّهُنَّ وَلَدٌ ۚ فَاِنْ كَانَ لَهُنَّ وَلَدٌ فَلَكُمُ الرُّبُعُ مِمَّا تَرَكْنَ مِنْ بَعْدِ وَصِیَّةٍ یُّوْصِیْنَ بِهَاۤ اَوْ دَیْنٍ ؕ وَلَهُنَّ الرُّبُعُ مِمَّا تَرَكْتُمْ اِنْ لَّمْ یَكُنْ لَّكُمْ وَلَدٌ ۚ فَاِنْ كَانَ لَكُمْ وَلَدٌ فَلَهُنَّ الثُّمُنُ مِمَّا تَرَكْتُمْ مِّنْ بَعْدِ وَصِیَّةٍ تُوْصُوْنَ بِهَاۤ اَوْ دَیْنٍ ؕ وَاِنْ كَانَ رَجُلٌ یُّوْرَثُ كَلٰلَةً اَوِ امْرَاَةٌ وَّلَهٗۤ اَخٌ اَوْ اُخْتٌ فَلِكُلِّ وَاحِدٍ مِّنْهُمَا السُّدُسُ ۚ فَاِنْ كَانُوْۤا اَكْثَرَ مِنْ ذٰلِكَ فَهُمْ شُرَكَآءُ فِی الثُّلُثِ مِنْ بَعْدِ وَصِیَّةٍ یُّوْصٰی بِهَاۤ اَوْ دَیْنٍ ۙ غَیْرَ مُضَآرٍّ ۚ وَصِیَّةً مِّنَ اللّٰهِ ؕ وَاللّٰهُ عَلِیْمٌ حَلِیْمٌ ۟ؕ","assameseTranslation":"তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকে পাবা, যদি সিহঁতৰ কোনো সন্তান নাথাকে, কিন্তু সিহঁতৰ সন্তান থাকিলে তোমালোকৰ বাবে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ; অছিয়ত পালন আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ সন্তান নাথাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ, আৰু তোমালোকৰ সন্তান থাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ; তোমালোকে যি অছিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। যদি কোনো পুৰুষ অথবা নাৰীৰ ‘কালালাহ’ উত্তৰাধিকাৰী হয় (অৰ্থাৎ পিতৃ-মাতৃ আৰু সন্তান-সন্ততি নথকা অৱস্থাত কাৰোবাৰ মৃত্যু হয়), আৰু কেৱল তাৰ এজন ককায়েক-ভায়েক অথবা এজনী বায়েক-ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰে (অংশ হ’ব) ছয় ভাগৰ এভাগ। আনহাতে সিহঁত ইয়াৰ অধিক হ’লে সকলোৱে তিনি ভাগৰ এভাগত সমান অংশীদাৰ হ’ব; কাৰো ক্ষতি নকৰাকৈ এইবোৰ বণ্টন কৰা হ'ব অছিয়ত পূৰণ কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। এইটো হৈছে আল্লাহৰ নিৰ্দেশ; আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।","footnotes":"","tafseer":"হে পতিসকল! তোমালোকে তোমালোকৰ পত্নীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্দ্ধাংশ পাবা, যদি সিহঁতৰ কোনো সন্তান নাথাকে (ল’ৰা হওক বা ছোৱালী) তোমালোকৰ পৰা হওক অথবা আন কাৰোবাৰ পৰা। যদি সিহঁতৰ কোনো সন্তান থাকে (ল’ৰাই হওক বা ছোৱালী), তেন্তে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ তোমালোকে লাভ কৰিবা। ইয়াৰ বিতৰণ তাইৰ অছিয়ত পূৰণ কৰাৰ পিছত আৰু তাইৰ ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হ’ব। আনহাতে হে পতিসকল! তোমালোকৰ স্ত্ৰীসকলে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ লাভ কৰিব, যদিহে তোমালোকৰ কোনো সন্তান নাথাকে (ল’ৰাই হওক অথবা ছোৱালী) তাইৰ পৰা হওক নাইবা আন কোনো স্ত্ৰীৰ পৰা। আনহাতে যদি তোমালোকৰ কোনো সন্তান থাকে (ল’ৰাই হওক বা ছোৱালী) তেন্তে এনে অৱস্থা সিহঁতে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ পাব। এই বিতৰণ অছিয়ত পূৰণ কৰাৰ পিছত তথা ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হ’ব। যদি কোনো এনেকুৱা ব্যক্তিৰ মৃত্যু হয়, যাৰ পিতৃও জীৱিত নাই আৰু সন্তানো নাই, অথবা এনেকুৱা কোনো নাৰীৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু কোনো সন্তানো নাই, কিন্তু মৃতকৰ মাকৰ ফালৰ কোনো ভাই আছে অথবা ভনী আছে, তেন্তে সেই ভাই অথবা ভনীয়ে ছয় ভাগৰ এভাগ অংশ লাভ কৰিব। আনহাতে যদি মাকৰ ফালৰ পৰা ভাই অথবা ভনী একাধিক থাকে তেন্তে সেই সকলোৱে মিলি এক তৃতীয়াংশ লাভ কৰিব, য’ত সকলোৱে অংশীদাৰ হ’ব। এই ক্ষেত্ৰত নাৰী আৰু পুৰুষ সকলো সমান। সিহঁতে নিজৰ অংশ মৃতকৰ অছিয়ত তথা ঋণ পুৰণৰ পিছতহে লাভ কৰিব। কিন্তু চৰ্ত হৈছে মৃত ব্যক্তিৰ অছিয়তে যেন ওৱাৰিছসকলৰ কোনো ক্ষতি সাধন নকৰে। উদাহৰণস্বৰূপে অছিয়ত যাতে এক তৃতীয়ংশতকৈ বেছি নহয়। এই আয়াতত যি আদেশ দিয়া হৈছে, সেয়া আল্লাহৰ ফালৰ পৰা তোমালোকৰ বাবে এটা প্ৰতিশ্ৰুতি, যিটো পালন কৰা তোমালোকৰ বাবে অপৰিহাৰ্য্য। নিশ্চয় আল্লাহে ভালকৈ জানে দুনিয়া আৰু আখিৰাতত বান্দাৰ বাবে কোনটো উপকাৰী। তেওঁ বৰ সহনশীল, পাপিষ্ট ব্যক্তিক শাস্তি দিয়াৰ ক্ষেত্ৰত তেওঁ খৰখেদা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004012.mp3"},{"index":"13","arabicText":"تِلْكَ حُدُوْدُ اللّٰهِ ؕ وَمَنْ یُّطِعِ اللّٰهَ وَرَسُوْلَهٗ یُدْخِلْهُ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ وَذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟","assameseTranslation":"এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আৰু এইটোৱেই হৈছে মহা সফলতা।","footnotes":"","tafseer":"উপৰোক্ত বিধানসমূহ যিবোৰ এতীম আৰু অন্যান্যসকলৰ বিষয়ে আহিছে, সেইবোৰ হৈছে আল্লাহৰ চৰীয়তৰ আদেশ, যিটো আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে প্ৰস্তুত কৰিছে, যাতে সিহঁতে এই মুতাবিক আমল কৰে। যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰি আৰু উভয়ৰে নিষেধকৃত বস্তুৰ পৰা দুৰৈত থাকি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, আল্লাহে তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত থাকিব। তেওঁলোকে তাত অৱস্থান কৰিব, য’ত তেওঁলোকৰ বাবে কোনো মৃত্যু নাই। আল্লাহৰ এই প্ৰতিদানেই হৈছে সেই মহান সফলতা, যাৰ তুলনা আন কোনো সফলতাৰ সৈতে কৰিব নোৱাৰি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004013.mp3"},{"index":"14","arabicText":"وَمَنْ یَّعْصِ اللّٰهَ وَرَسُوْلَهٗ وَیَتَعَدَّ حُدُوْدَهٗ یُدْخِلْهُ نَارًا خَالِدًا فِیْهَا ۪ وَلَهٗ عَذَابٌ مُّهِیْنٌ ۟۠","assameseTranslation":"আনহাতে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ’ব; লগতে তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।","footnotes":"","tafseer":"যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিধান অস্বীকাৰ কৰি তথা তাৰ ওপৰত আমল কৰা পৰিত্যাগ কৰি অথবা সন্দেহ পোষণ কৰি নাইবা আল্লাহৰ নিৰ্ধাৰিত সীমা উলংঘা কৰি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব, আল্লাহে তাক জাহান্নামত প্ৰৱেশ কৰাব, তাত সি চিৰস্থায়ী হ’ব, আৰু তাত তাৰ বাবে থাকিব অপমানজনক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004014.mp3"},{"index":"15","arabicText":"وَالّٰتِیْ یَاْتِیْنَ الْفَاحِشَةَ مِنْ نِّسَآىِٕكُمْ فَاسْتَشْهِدُوْا عَلَیْهِنَّ اَرْبَعَةً مِّنْكُمْ ۚ فَاِنْ شَهِدُوْا فَاَمْسِكُوْهُنَّ فِی الْبُیُوْتِ حَتّٰی یَتَوَفّٰهُنَّ الْمَوْتُ اَوْ یَجْعَلَ اللّٰهُ لَهُنَّ سَبِیْلًا ۟","assameseTranslation":"আৰু তোমালোকৰ নাৰীসকলৰ মাজৰ পৰা যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন (পুৰুষ) সাক্ষী তলব কৰা। এতেকে যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰাখা যেতিয়ালৈকে সিহঁতৰ মৃত্যু নহয় অথবা আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।","footnotes":"","tafseer":"তোমালোকৰ নাৰীসকলৰ মাজৰ পৰা যিসকলে ব্যভিচাৰ কৰিব, তাই বিবাহিত হওক অথবা অবিবাহিত, সিহঁতৰ বিপক্ষে চাৰিজন পুৰুষ সাক্ষী উপস্থিত কৰা, যিসকল মুছলিম তথা সত্যবাদী হ’ব লাগিব। যদি তেওঁলোকে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, তেন্তে সিহঁতক শাস্তি হিচাপে ঘৰত বন্দী কৰি থোৱা, যাতে তাতেই মৃত্যুৱে সিহঁতৰ জীৱন ধ্বংশ কৰি দিয়ে নাইবা আল্লাহে সিহঁতৰ বাবে শাস্তিৰ আন কোনো উপায় নিৰ্ধাৰণ কৰি দিয়ে। জানি থোৱা উচিত যে, আল্লাহে ইয়াৰ বিকল্প উপায় নিৰ্ধাৰণ কৰি দিছে। এতেকে এতিয়া যদি অবিবাহিত নাৰীয়ে ব্যভিচাৰ কৰে তেন্তে তাইৰ শাস্তি হৈছে এশ টা বেত্ৰাঘাত আৰু এবছৰৰ বাবে দেশান্তৰ। আনহাতে বিবাহিত হ’লে শিল দলিয়াই মৃত্যু প্ৰদানৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004015.mp3"},{"index":"16","arabicText":"وَالَّذٰنِ یَاْتِیٰنِهَا مِنْكُمْ فَاٰذُوْهُمَا ۚ فَاِنْ تَابَا وَاَصْلَحَا فَاَعْرِضُوْا عَنْهُمَا ؕ اِنَّ اللّٰهَ كَانَ تَوَّابًا رَّحِیْمًا ۟","assameseTranslation":"আৰু তোমালোকৰ মাজৰ যি দুজন (নৰ-নাৰী) এনে অপকৰ্মত লিপ্ত হ’ব সিহঁতক শাস্তি দিয়া। যদি সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহ পৰম তাওবা কবুলকাৰী, পৰম দয়ালু।","footnotes":"","tafseer":"ব্যভিচাৰ কৰা দুয়ো ব্যক্তি (বিবাহিত হওক অথবা অবিবাহিত) সিহঁতক মুখেৰে আৰু হাতেৰে এনেকুৱা শাস্তি দিয়া, য’ত অপমান আৰু দণ্ড আছে। তাৰ পিছত যদি সিহঁত উভয়ে তাওবা কৰি লয় আৰু নিজৰ ব্যৱহাৰ ঠিক কৰি লয় তেন্তে সিহঁতক কষ্ট নিদিবা। কিয়নো গুনাহৰ পৰা তাওবাকাৰীয়ে গুনাহ মুক্ত হৈ যায়। আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। জানি থোৱা উচিত যে, এই ধৰণৰ শাস্তি প্ৰথম অৱস্থাত আছিল, কিন্তু পিছত এই আদেশ ৰহিত কৰি অবিবাহিতৰ বাবে এশ টা বেত্ৰাঘাত আৰু এবছৰৰ বাবে দেশান্তৰৰ শাস্তি, আনহাতে বিবাহিতক শিল দলিয়াই মৃত্যু প্ৰদানৰ আদেশ দিয়া হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004016.mp3"},{"index":"17","arabicText":"اِنَّمَا التَّوْبَةُ عَلَی اللّٰهِ لِلَّذِیْنَ یَعْمَلُوْنَ السُّوْٓءَ بِجَهَالَةٍ ثُمَّ یَتُوْبُوْنَ مِنْ قَرِیْبٍ فَاُولٰٓىِٕكَ یَتُوْبُ اللّٰهُ عَلَیْهِمْ ؕ وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟","assameseTranslation":"নিশ্চয় আল্লাহে সেইসকল লোকৰ তাওবা কবুল কৰে যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰি পেলায় আৰু লগে লগে তাওবা কৰে, এওঁলোকেই হৈছে সেইসকল লোক যিসকলৰ তাওবা আল্লাহে কবুল কৰে। (জানি থোৱা) আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আল্লাহে কেৱল সেইসকল লোকৰ তাওবা কবূল কৰে, যিসকলে পাপকৰ্ম আৰু অবাধ্যতাৰ পৰিণাম সম্পৰ্কে নজনাকৈ অজ্ঞতাবশতঃ তাত লিপ্ত হয়, (দৰাচলতে প্ৰত্যেক গুনাহকাৰী ব্যক্তিৰ বাবেই এই অৱস্থা, সি জানি বুজি কৰক নাইবা অজানিতে) তাৰ পিছত সি নিজ চকুৰে মৃত্যু দেখাৰ পূৰ্বেই নিজ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰে (তাওবা কৰে), আল্লাহে এনেকুৱা লোকৰেই তাওবা কবূল কৰে, আৰু তেওঁলোকৰ গুনাহসমূহক আওকাণ কৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত, তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004017.mp3"},{"index":"18","arabicText":"وَلَیْسَتِ التَّوْبَةُ لِلَّذِیْنَ یَعْمَلُوْنَ السَّیِّاٰتِ ۚ حَتّٰۤی اِذَا حَضَرَ اَحَدَهُمُ الْمَوْتُ قَالَ اِنِّیْ تُبْتُ الْـٰٔنَ وَلَا الَّذِیْنَ یَمُوْتُوْنَ وَهُمْ كُفَّارٌ ؕ اُولٰٓىِٕكَ اَعْتَدْنَا لَهُمْ عَذَابًا اَلِیْمًا ۟","assameseTranslation":"পক্ষান্তৰে তাওবা সিহঁতৰ বাবে নহয় যিসকলে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছোঁ’, এইদৰে সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।","footnotes":"","tafseer":"আল্লাহে সেইসকল লোকৰ তাওবা কবূল নকৰে, যিসকলে ধৃষ্টতাৰে গুনাহ কৰি যায়, আৰু তাওবা কৰিবলৈও প্ৰস্তুত নহয়, অৱশেষত যেতিয়া মৃত্যুৰ সন্মুখীন হয়, তেতিয়া কয়ঃ “মই কৰা গুনাহৰ পৰা এতিয়া মই তাওবা কৰোঁ”। এইদৰে তেওঁ সেইসকল লোকৰো তাওবা কবূল নকৰে, যিসকলে কুফৰীত লিপ্ত হৈ মৃত্যুবৰণ কৰে। গুনাহৰ ওপৰত অটল থকা লোকসকলৰ বাবে আৰু কুফৰী অৱস্থাত মৃত্যুবৰণকাৰীসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004018.mp3"},{"index":"19","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا یَحِلُّ لَكُمْ اَنْ تَرِثُوا النِّسَآءَ كَرْهًا ؕ وَلَا تَعْضُلُوْهُنَّ لِتَذْهَبُوْا بِبَعْضِ مَاۤ اٰتَیْتُمُوْهُنَّ اِلَّاۤ اَنْ یَّاْتِیْنَ بِفَاحِشَةٍ مُّبَیِّنَةٍ ۚ وَعَاشِرُوْهُنَّ بِالْمَعْرُوْفِ ۚ فَاِنْ كَرِهْتُمُوْهُنَّ فَعَسٰۤی اَنْ تَكْرَهُوْا شَیْـًٔا وَّیَجْعَلَ اللّٰهُ فِیْهِ خَیْرًا كَثِیْرًا ۟","assameseTranslation":"হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নিজকে নাৰীসকলৰ উত্তৰাধিকাৰী বুলি গণ্য কৰাটো তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা, কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে (যেনে- ব্যভিচাৰ বা গিৰিয়েকৰ অবাধ্যাচৰণ তেন্তে সেয়া সুকীয়া কথা)। আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন-যাপন কৰিবা; তোমালোকে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ’ব পাৰে যে, যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপছন্দ কৰি আছা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! পিতৃৰ সম্পত্তিৰ দৰে তেওঁৰ স্ত্ৰীসকলক আৰু কোনো নিকটাত্মীয়ৰ স্ত্ৰীসকলক মিৰাছ হিচাপে গ্ৰহণ কৰাটো তোমালোকৰ বাবে বৈধ নহয়, আৰু নিজৰ ইচ্ছামতে তেওঁলোকক বিবাহ কৰোৱা বা নিজৰ ইচ্ছামতে বেলেগ কাৰোবাৰ ওচৰত বিবাহ দিয়া অথবা তেওঁলোকক বিবাহৰ পৰা বঞ্চিত কৰাটোও তোমালোকৰ বাবে বৈধ নহয়। লগতে তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকে অপছন্দ কৰা, সিহঁতক কষ্ট দিয়াৰ উদ্দেশ্যে নিজৰ অধীনত ৰাখিবলৈ বাধ্য কৰোৱাটোও তোমালোকৰ বাবে বৈধ নহয়, যাতে সিহঁতে বাধ্য হৈ তোমালোকে দিয়া মোহৰ আদি ওভোতাই দিয়ে। কিন্তু যদি সিহঁতে কোনো স্পষ্ট গুৰুতৰ অপৰাধ কৰি বহে যেনে- ব্যভিচাৰ, তেন্তে সেইটো সুকীয়া কথা। এনেকুৱা কোনো অপাৰাধ কৰিলে তেন্তে তোমালোকৰ বাবে বৈধ যে, সিহঁতক নিজৰ অধীনত থকা অৱস্থাতে বাধ্য কৰাবা, যাতে সিহঁতে তোমালোকে দিয়া বস্তুখিনি ঘূৰাই দি বিবাহ বিচ্ছেদ লয়। এতেকে তোমালোকে নিজৰ স্ত্ৰীসকলৰ সৈতে উত্তম ব্যৱহাৰ কৰা, সিহঁতক কষ্ট নিদিবা, সিহঁতক সুখ-সুবিধা প্ৰদান কৰিবা। যদি সিহঁতৰ দুনিয়াবী কোনো কৰ্ম তোমালোকৰ পছন্দ নহয়, তেন্তে ধৈৰ্য্য ধাৰণ কৰিবা। এনেকুৱাও হ'ব পাৰে যে, সিহঁতৰ যিটো কৰ্ম তোমালোকে অপছন্দ কৰা সেইটোত পৃথিৱী আৰু আখিৰাতৰ অসংখ্য কল্যাণ নিহিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004019.mp3"},{"index":"20","arabicText":"وَاِنْ اَرَدْتُّمُ اسْتِبْدَالَ زَوْجٍ مَّكَانَ زَوْجٍ ۙ وَّاٰتَیْتُمْ اِحْدٰىهُنَّ قِنْطَارًا فَلَا تَاْخُذُوْا مِنْهُ شَیْـًٔا ؕ اَتَاْخُذُوْنَهٗ بُهْتَانًا وَّاِثْمًا مُّبِیْنًا ۟","assameseTranslation":"আৰু তোমালোকে যদি এজনী স্ত্ৰীৰ ঠাইত আন এজনী স্ত্ৰী গ্ৰহণ কৰিবলৈ থিৰ কৰা আৰু সিহঁতৰ এজনীক বহু পৰিমাণে অৰ্থও দিছা, তথাপিও তাইৰ পৰা একোৱেই ওভতাই নল’বা। তোমালোকে মিছা অপবাদ আৰু প্ৰকাশ্য পাপাচৰণৰ দ্বাৰা সেয়া গ্ৰহণ কৰিবানে?","footnotes":"","tafseer":"হে স্বামীসকল! যদি তোমালোকে কোনো পত্নীক তালাক দিব বিচৰা আৰু তাইৰ ঠাইত আন কোনো স্ত্ৰীক আনিব খোজা, তেন্তে ইয়াত একো অসুবিধা নাই। তোমালোকে যিজনী পত্নীক তালাক দিব বিচৰা, তাইক যদি মোহৰ হিচাপে বহু পৰিমাণে টকা পইচাও দিছিলা, তেন্তে তাৰ পৰা একো ওভোতাই ল’ব নোৱাৰিবা। কিয়নো তাইক দিয়া ধনৰ কিবা ওভোতাই লোৱাটো স্পষ্ট অপবাদ তথা স্পষ্ট পাপ বুলি গণ্য হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004020.mp3"},{"index":"21","arabicText":"وَكَیْفَ تَاْخُذُوْنَهٗ وَقَدْ اَفْضٰی بَعْضُكُمْ اِلٰی بَعْضٍ وَّاَخَذْنَ مِنْكُمْ مِّیْثَاقًا غَلِیْظًا ۟","assameseTranslation":"আৰু কেনেকৈ তোমালোকে সেয়া গ্ৰহণ কৰিবা? অথচ তোমালোকে ইজনে সিজনৰ লগত সংগত হৈছিলা (সম্ভোগ কৰিছা) আৰু সিহঁতেও তোমালোকৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল।","footnotes":"","tafseer":"সিহঁতক দিয়া মোহৰ তোমালোকে কেনেকৈ ওভোতাই ল’বা, অথচ তোমালোকৰ মাজত এটা সম্পৰ্ক স্থাপন হৈছিল, প্ৰেম গঢ়ি উঠিছিল, তোমালোকে ইজনে সিজনৰ দ্বাৰা উপকৃত হৈছিলা, লগতে পৰস্পৰৰ গোপনীয়তা সম্পৰ্কে অৱগত হৈছা। এইবোৰৰ বিনিময়ত সিহঁতে যি সম্পদ পাইছে, তাৰ প্ৰতি লোভ কৰাটো হৈছে বৰ গৰ্হিত কাম তথা নিকৃষ্ট ৰুচি। অথচ সিহঁতে তোমালোকৰ পৰা বৰ মজবুত অঙ্গীকাৰ লৈছিল। সেয়া হৈছে, আল্লাহৰ শব্দ আৰু তেওঁৰ চৰীয়তৰ আধাৰত সিহঁতক তোমালোকৰ বাবে হালাল কৰা হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004021.mp3"},{"index":"22","arabicText":"وَلَا تَنْكِحُوْا مَا نَكَحَ اٰبَآؤُكُمْ مِّنَ النِّسَآءِ اِلَّا مَا قَدْ سَلَفَ ؕ اِنَّهٗ كَانَ فَاحِشَةً وَّمَقْتًا ؕ وَسَآءَ سَبِیْلًا ۟۠","assameseTranslation":"নাৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃ পুৰুষে বিবাহ কৰিছে, তোমালোকে সিহঁতক বিবাহ নকৰিবা, কিন্তু পূৰ্বে যি সংঘটিত হৈছে (সেয়া ক্ষমা কৰা হ’ল)। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ।","footnotes":"","tafseer":"আৰু সেইসকল নাৰীকো বিবাহ নকৰাবা, যাক তোমাৰ পিতৃয়ে বিবাহ পাতিছে, কিয়নো এইটো হাৰাম। আনহাতে যদি ইছলামপূৰ্বে কোনোবাই এনেকুৱা কৰ্মত লিপ্ত হৈছিল তেন্তে এই বিষয়ে তাৰ কোনো হিচাপ নহ’ব। হাৰাম হোৱাৰ কাৰণটো হৈছে, পিতৃৰ পত্নীক পুত্ৰই বিবাহ কৰাটো এটা নিকৃষ্ট কৰ্ম। এনেকুৱা ব্যক্তিৰ ওপৰত আল্লাহৰ ক্ৰোধ (গজব) অৱতীৰ্ণ হয়, এনেকুৱা পথত পৰিচালিত ব্যক্তি বৰ বেয়া পথৰ পথিক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004022.mp3"},{"index":"23","arabicText":"حُرِّمَتْ عَلَیْكُمْ اُمَّهٰتُكُمْ وَبَنٰتُكُمْ وَاَخَوٰتُكُمْ وَعَمّٰتُكُمْ وَخٰلٰتُكُمْ وَبَنٰتُ الْاَخِ وَبَنٰتُ الْاُخْتِ وَاُمَّهٰتُكُمُ الّٰتِیْۤ اَرْضَعْنَكُمْ وَاَخَوٰتُكُمْ مِّنَ الرَّضَاعَةِ وَاُمَّهٰتُ نِسَآىِٕكُمْ وَرَبَآىِٕبُكُمُ الّٰتِیْ فِیْ حُجُوْرِكُمْ مِّنْ نِّسَآىِٕكُمُ الّٰتِیْ دَخَلْتُمْ بِهِنَّ ؗ فَاِنْ لَّمْ تَكُوْنُوْا دَخَلْتُمْ بِهِنَّ فَلَا جُنَاحَ عَلَیْكُمْ ؗ وَحَلَآىِٕلُ اَبْنَآىِٕكُمُ الَّذِیْنَ مِنْ اَصْلَابِكُمْ ۙ وَاَنْ تَجْمَعُوْا بَیْنَ الْاُخْتَیْنِ اِلَّا مَا قَدْ سَلَفَ ؕ اِنَّ اللّٰهَ كَانَ غَفُوْرًا رَّحِیْمًا ۟ۙ","assameseTranslation":"তোমালোকৰ ওপৰত হাৰাম কৰা হৈছে, তোমালোকৰ মাতৃসকলক, জীয়েকসকলক, বাই-ভনীসকলক, জেঠাই-পেহীসকলক, জেঠাই-মাহীসকলক, ভতিজীসকলক, ভাগিনীসকলক, ধাই মাতৃসকলক, পিয়াহ সম্বন্ধীয় বাই-ভনীসকলক, শাহুয়েক আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যাৰ লগত সম্ভোগ কৰিছা তাইৰ আগৰ স্বামীৰ দ্বাৰা গৰ্ভজাত ছোৱালীক, যাক তোমালোকে লালন-পালন কৰিছা; কিন্তু যদি সেই স্ত্ৰীৰ সৈতে সম্ভোগ কৰা নাই তেন্তে তোমালোকৰ বাবে কোনো অপৰাধ নাই। তোমালোকৰ বাবে আৰু নিষিদ্ধ কৰা হৈছে তোমালোকৰ ঔৰষজাত পুত্ৰৰ স্ত্ৰীসকলক আৰু দুজনী ভনীয়েক-বায়েকক (বিবাহ বন্ধনত) একত্ৰিত কৰা, অতীতত যি হ’ল, সেয়া হ’ল। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"আল্লাহে তোমালোকৰ বাবে তোমালোকৰ মাতৃসকলক বিবাহ কৰা হাৰাম কৰিছে, যদিও ওপৰৰ হওক, অৰ্থাৎ পিতৃ মাক, মাতৃ মাক আৰু এই দুয়োৰ মাতৃকো। এইদৰে হাৰাম কৰিছে তোমালোকৰ নিজৰ ছোৱালীক বিবাহ কৰা, যদিও সেয়া তলৰ প্ৰজন্ম নহওক কিয়, যেনে- নাতিনী, নাতিনীৰ ছোৱালী ইত্যাদি। এইদৰে পুত্ৰৰ ঘৰৰ ছোৱালী আৰু সেই ছোৱালীৰ ছোৱালী। আৰু তোমালোকৰ পিতৃৰ ফালৰ পৰা অথবা মাকৰ ফালৰ পৰা ভনীকো বিবাহ কৰা হাৰাম কৰিছে, লগতে হাৰাম কৰিছে তোমালোকৰ পেহীক, এইদৰে তোমালোকৰ পিতৃৰ আৰু মাতৃৰ পেহীকো হাৰাম কৰিছে, ওপৰলৈ যিমান দূৰ পায়গৈ। এইদৰে হাৰাম কৰিছে তোমালোকৰ মাহীক, লগতে তোমালোকৰ পিতৃ আৰু মাতৃ মাহীকো, এই সম্পৰ্ক ওপৰলৈ যিমানদুৰ যায়। এইদৰে ভাগিনী আৰু ভতিজীৰ লগতো বিবাহ হাৰাম কৰিছে আৰু সিহঁতৰ ছোৱালীকো হাৰাম কৰিছে। তোমালোকৰ সেই মাতৃসকলকো বিবাহ কৰা হাৰাম কৰিছে, যিসকলে তোমালোকক গাখীৰ খোৱাইছে, এই সম্পৰ্কীয় ভনীসকলকো হাৰাম কৰিছে। লগতে হাৰাম কৰিছে তোমালোকৰ স্ত্ৰীসকলৰ মাতৃকো, যদিও মিলন হওক বা নহওক। লগতে তোমালোকৰ পত্নীৰ সেইসকল ছোৱালীকো হাৰাম কৰিছে, যিসকল তোমালোকৰ ফালৰ পৰা নহয়, কিন্তু তোমালোকৰ ঘৰতেই বেছি ভাগ ডাঙৰ দীঘল হৈছে আৰু তোমালোকে সিহঁতৰ মাতৃৰ সৈতে সহবাস কৰিছা। আনহাতে যদি সিহঁতে তোমালোকৰ ঘৰত ডাঙৰ দীঘল হোৱা নাই, আৰু তোমালোকে সিহঁতৰ মাতৃক বিবাহ কৰাৰ পিছত সহবাসো কৰা নাই, তেন্তে এই অৱস্থাত সিহঁতৰ ছোৱালীক বিবাহ কৰাত কোনো অসুবিধা নাই। এইদৰে তোমালোকৰ বাবে তোমালোকৰ পুত্ৰ বোৱাৰীকো বিবাহ কৰা হাৰাম কৰা হৈছে, যদিও সহবাস কৰা নাই। স্তন্যপান (ৰিজাআত) সম্পৰ্কীয় পুত্ৰ বোৱাৰীও এই বিধানৰ অন্তৰ্ভুক্ত। এইদৰে দুজনী সহোদৰা ভনী তথা ৰিজাআত সম্পৰ্কীয় ভনীক একেলগে বিবাহ কৰাও হাৰাম। অজ্ঞতা যুগত যি হৈছে, হৈছে। আল্লাহে সেয়া ক্ষমা কৰি দিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অত্যন্ত দয়ালু। এইদৰে হাদীছৰ দ্বাৰা প্ৰমাণিত যে, পেহী আৰু ভতিজীক লগতে মাহী আৰু ভাগিনীকো একেলগে বিবাহ কৰা হাৰাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004023.mp3"},{"index":"24","arabicText":"وَّالْمُحْصَنٰتُ مِنَ النِّسَآءِ اِلَّا مَا مَلَكَتْ اَیْمَانُكُمْ ۚ كِتٰبَ اللّٰهِ عَلَیْكُمْ ۚ وَاُحِلَّ لَكُمْ مَّا وَرَآءَ ذٰلِكُمْ اَنْ تَبْتَغُوْا بِاَمْوَالِكُمْ مُّحْصِنِیْنَ غَیْرَ مُسٰفِحِیْنَ ؕ فَمَا اسْتَمْتَعْتُمْ بِهٖ مِنْهُنَّ فَاٰتُوْهُنَّ اُجُوْرَهُنَّ فَرِیْضَةً ؕ وَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا تَرٰضَیْتُمْ بِهٖ مِنْ بَعْدِ الْفَرِیْضَةِ ؕ اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟","assameseTranslation":"আৰু নাৰীসকলৰ মাজৰ তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে, তোমালোকৰ বাবে এইবোৰ হৈছে আল্লাহৰ বিধান। উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য সকলো নাৰীক বিবাহ কৰাটো তোমালোকৰ বাবে বৈধ কৰা হৈছে, এই চৰ্তত যে তোমালোকে সিহঁতক নিজৰ সম্পদৰ বিনিময়ত (মোহৰ প্ৰদান কৰি) বিবাহৰ মাধ্যমত গ্ৰহণ কৰিবা, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। সিহঁতৰ মাজৰ যিসকলৰ সৈতে তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো (কম-বেছি কৰাৰ) বিষয়ত পৰস্পৰ সহমত হ’লে তাত তোমালোকৰ কোনো দোষ নাই। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"এইদৰে বিবাহ বন্ধনত থকা নাৰীসকলকো তোমালোকৰ বাবে হাৰাম কৰা হৈছে। কিন্তু আল্লাহৰ পথত যুদ্ধ কৰা অৱস্থাত বন্দী হৈ অহা নাৰীসকলে এটা হায়েজ পাৰ কৰাৰ পিছত যদি স্পষ্ট হয় যে, তাই গৰ্ভৱতী নহয় তেন্তে তাইৰ সৈতে সহবাস কৰাটো তোমালোকৰ বাবে হালাল। এইটো বিধান আল্লাহে তোমালোকৰ ওপৰত ফৰজ কৰিছে। ইয়াৰ উপৰিও আল্লাহে তোমালোকৰ বাবে অন্যান্য নাৰীসকলক বৈধ কৰিছে, যদি তোমালোকে নিজৰ সম্পদ ব্যয় কৰি, হালাল পদ্ধতিৰে, ব্যভিচাৰৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে নিজৰ সন্মান ৰক্ষা কৰিব বিচৰা। জানি থোৱা! যিসকল নাৰীক তোমালোকে বিবাহ কৰি উপকৃত হ’ব বিচৰা, সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়াটো তোমালোকৰ বাবে বাধ্যতামূলক। এইটো আল্লাহে তোমালোকৰ ওপৰত অপৰিহাৰ্য্য কৰিছে। কিন্তু যদি ওৱাজীব মোহৰ নিৰ্ধাৰণ কৰাৰ পিছত, পৰস্পৰৰ সন্মতিত কিছু কম বেছি কৰা হয় তেন্তে তাত কোনো গুনাহ নাই। নিশ্চয় আল্লাহ সৃষ্টি সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা সিহঁতৰ কোনো বিষয়েই গোপন নহয়। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004024.mp3"},{"index":"25","arabicText":"وَمَنْ لَّمْ یَسْتَطِعْ مِنْكُمْ طَوْلًا اَنْ یَّنْكِحَ الْمُحْصَنٰتِ الْمُؤْمِنٰتِ فَمِنْ مَّا مَلَكَتْ اَیْمَانُكُمْ مِّنْ فَتَیٰتِكُمُ الْمُؤْمِنٰتِ ؕ وَاللّٰهُ اَعْلَمُ بِاِیْمَانِكُمْ ؕ بَعْضُكُمْ مِّنْ بَعْضٍ ۚ فَانْكِحُوْهُنَّ بِاِذْنِ اَهْلِهِنَّ وَاٰتُوْهُنَّ اُجُوْرَهُنَّ بِالْمَعْرُوْفِ مُحْصَنٰتٍ غَیْرَ مُسٰفِحٰتٍ وَّلَا مُتَّخِذٰتِ اَخْدَانٍ ۚ فَاِذَاۤ اُحْصِنَّ فَاِنْ اَتَیْنَ بِفَاحِشَةٍ فَعَلَیْهِنَّ نِصْفُ مَا عَلَی الْمُحْصَنٰتِ مِنَ الْعَذَابِ ؕ ذٰلِكَ لِمَنْ خَشِیَ الْعَنَتَ مِنْكُمْ ؕ وَاَنْ تَصْبِرُوْا خَیْرٌ لَّكُمْ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟۠","assameseTranslation":"আৰু তোমালোকৰ মাজৰ যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁতে ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; (দাসী বিবাহৰ) এই বিধান তোমালোকৰ মাজৰ সেইসকল লোকৰ বাবে, যিসকলে ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা কৰে; আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে তোমালোকৰ বাবে মঙ্গল আছে। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।","footnotes":"","tafseer":"হে পুৰুষ সমাজ! তোমালোকৰ মাজৰ যিয়ে আৰ্থিক দুৰ্বলতাৰ কাৰণে স্বাধীন নাৰীক বিবাহ কৰিবলৈ সক্ষম নহয়, তেন্তে এনেকুৱা ব্যক্তিয়ে আনৰ অধীনত থকা দাসীক বিবাহ কৰিব পাৰে, যদি সেই দাসী প্ৰকাশ্যভাৱে মুমিনা হয়। আনহাতে প্ৰকৃত ঈমান সম্পৰ্কে আৰু আভ্যন্তৰীণ অৱস্থা সম্পৰ্কে আল্লাহেই ভালকৈ জানে। জানি থোৱা, ধৰ্মীয় আৰু মানৱতাৰ ক্ষেত্ৰত তোমালোক আৰু সিহঁত একে পৰ্যায়ৰ, সেয়ে সিহঁতক বিবাহ কৰিবলৈ লাজ নকৰিবা। সিহঁতৰ মালিকৰ অনুমতি লৈ সিহঁতক বিবাহ কৰিবা, লগতে সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া, তাত একো হ্ৰাস নকৰিবা আৰু আদায় দিয়াত অৱহেলা নকৰিবা, যদি সিহঁত প্ৰকাশ্য ব্যভিচাৰিণী আৰু অবৈধ সম্পৰ্কৰ বাবে গোপন প্ৰেম-প্ৰীতিত জড়িত নাথাকে। আনহাতে যদি সিহঁতে বিবাহৰ পিছত ব্যভিচাৰত লিপ্ত হয়, তেন্তে সিহঁতক স্বাধীন নাৰীৰ অৰ্দ্ধেক দণ্ড প্ৰদান কৰা হ’ব। অৰ্থাৎ পঞ্চাচটা বেত্ৰাঘাত কৰা হ’ব। স্বাধীন নাৰীসকলৰ দৰে সিহঁতক ৰজম (শিল দলিয়াই মৃত্যু প্ৰদান) কৰা নহ’ব। সজচৰিত্ৰ মুছলিম দাসীক বিবাহ কৰাৰ এই অনুমতি সেই ব্যক্তিৰ বাবে, যাৰ ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা আছে আৰু স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নাই। অথচ দাসীক বিবাহ কৰাতকৈ ধৈৰ্য্য ধাৰণ কৰাটো বেছি উত্তম, যাতে সন্তানসকল দাসত্বৰ পৰা সুৰক্ষিত থাকে। নিশ্চয় আল্লাহ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। এইটো তেওঁৰ দয়াৰেই বহিঃপ্ৰকাশ যে, স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নথকা অৱস্থাত, যদি ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয়, তেন্তে দাসীক বিবাহ কৰাৰ অনুমতি প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004025.mp3"},{"index":"26","arabicText":"یُرِیْدُ اللّٰهُ لِیُبَیِّنَ لَكُمْ وَیَهْدِیَكُمْ سُنَنَ الَّذِیْنَ مِنْ قَبْلِكُمْ وَیَتُوْبَ عَلَیْكُمْ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟","assameseTranslation":"আল্লাহে তোমালোকৰ ওচৰত (তেওঁৰ বিধান) বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"এইবোৰ চৰীয়তি আদেশৰ মাধ্যমত আল্লাহে তোমালোকৰ বাবে তেওঁৰ চৰীয়ত তথা ধৰ্মৰ নিদৰ্শনসমূহ আৰু পৃথিৱী তথা আখিৰাতৰ কল্যাণবোৰ তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিব বিচাৰে। আল্লাহে এইটোও বিচাৰে যে, যাতে তেওঁ তোমালোকক হালাল-হাৰামৰ নিয়ম-নীতিসমূহ, সন্মানজনক বৈশিষ্ট্যাৱলী আৰু প্ৰশংসনীয় চৰিত্ৰৰ ক্ষেত্ৰত তোমালোকৰ পূৰ্বৱৰ্তী নবীসকলৰ পথ দেখুৱাব পাৰে, আৰু তোমালোকে সেই পথত পৰিচালিত হোৱা। আল্লাহে এইটোও বিচাৰে যে, তেওঁ তোমালোকক যাতে গুনাহৰ পৰা আনুগত্যৰ পিনে ঘূৰাই আনিব পাৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে সম্যক অৱগত। সেয়ে তেওঁ সেই অনুসাৰেই আদেশ দিয়ে। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু মানুহৰ কৰ্ম পৰিচালনাত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004026.mp3"},{"index":"27","arabicText":"وَاللّٰهُ یُرِیْدُ اَنْ یَّتُوْبَ عَلَیْكُمْ ۫ وَیُرِیْدُ الَّذِیْنَ یَتَّبِعُوْنَ الشَّهَوٰتِ اَنْ تَمِیْلُوْا مَیْلًا عَظِیْمًا ۟","assameseTranslation":"আৰু আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব বিচাৰে; আনহাতে যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে, তোমালোকে প্ৰবলভাৱে (সত্য পথৰ পৰা) বিচ্যুত হোৱা।","footnotes":"","tafseer":"আল্লাহে তোমালোকৰ তাওবা কবূল কৰিব বিচাৰে আৰু তোমালোকক ক্ষমা কৰিব বিচাৰে, আনহাতে প্ৰবৃত্তিৰ অনুসাৰীসকলে বিচাৰে যে, তোমালোকে হিদায়তৰ পথৰ পৰা বহু দূৰলৈ আঁতৰি যোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004027.mp3"},{"index":"28","arabicText":"یُرِیْدُ اللّٰهُ اَنْ یُّخَفِّفَ عَنْكُمْ ۚ وَخُلِقَ الْاِنْسَانُ ضَعِیْفًا ۟","assameseTranslation":"আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল হিচাপে।","footnotes":"","tafseer":"আল্লাহে তেওঁৰ চৰীয়তক তোমালোকৰ বাবে সহজ কৰিব বিচাৰে। সেয়ে তেওঁ তোমালোকক এনেকুৱা কোনো আদেশ নিদিয়ে, যিটো তোমালোকৰ সাধ্যাতীত। কিয়নো তেওঁ জানে যে, মানুহ সৃষ্টি আৰু চৰিত্ৰৰ ফালৰ পৰা অতি দুৰ্বল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004028.mp3"},{"index":"29","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَاْكُلُوْۤا اَمْوَالَكُمْ بَیْنَكُمْ بِالْبَاطِلِ اِلَّاۤ اَنْ تَكُوْنَ تِجَارَةً عَنْ تَرَاضٍ مِّنْكُمْ ۫ وَلَا تَقْتُلُوْۤا اَنْفُسَكُمْ ؕ اِنَّ اللّٰهَ كَانَ بِكُمْ رَحِیْمًا ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিক্ৰমে ব্যৱসায়-বাণিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজক হত্যা নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! তোমালোকে ইজনে সিজনৰ সম্পদ অবৈধভাৱে নল’বা। যেনে- জবৰদস্তি কাঢ়ি লোৱা, চুৰি কৰা অথবা উৎকোচ আদিৰ মাধ্যমত। আনহাতে উভয় পক্ষৰ সন্তুষ্টিৰ ভিত্তিত হোৱা ব্যৱসায়-বাণিজ্যৰ দ্বাৰা উপাৰ্জিত সম্পদ তোমালোকৰ বাবে ভক্ষণ কৰা আৰু ব্যয় কৰাত কোনো অসুবিধা নাই। এইদৰে তোমালোকে ইজনে সিজনক হত্যা নকৰিবা আৰু আত্মহত্যাও নকৰিবা, লগতে নিজকে ধ্বংসৰ পথত ঠেলি নিদিবা। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি অতি দয়ালু। এইটো তেওঁৰেই কৃপা যে, তেওঁ তোমালোকৰ প্ৰাণ, ধন-সম্পদ আৰু মান-সন্মানৰ প্ৰতি অন্যায়-অত্যাচাৰ আনৰ ওপৰত হাৰাম কৰি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004029.mp3"},{"index":"30","arabicText":"وَمَنْ یَّفْعَلْ ذٰلِكَ عُدْوَانًا وَّظُلْمًا فَسَوْفَ نُصْلِیْهِ نَارًا ؕ وَكَانَ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرًا ۟","assameseTranslation":"আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ।","footnotes":"","tafseer":"যিয়ে এই নিষেধকৃত কৰ্মসমূহ কৰিব, অৰ্থাৎ যিয়ে আনৰ ধন অবৈধভাৱে ভক্ষণ কৰিব অথবা জানি বুজি কাকো হত্যা কৰিব, অজানিতে বা ভুলবশতঃ নহয়, তেন্তে কিয়ামতৰ দিনা আল্লাহে তাক মহা অগ্নিত নিক্ষেপ কৰিব। সেই অগ্নিৰ উষ্ণতাত সি ককবকাই থাকিব আৰু তাৰ শাস্তি ভোগ কৰিব। এইটো আল্লাহৰ বাবে তেনেই উজু। কিয়নো তেওঁ সকলো বিষয়তে ক্ষমতাৱান, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004030.mp3"},{"index":"31","arabicText":"اِنْ تَجْتَنِبُوْا كَبَآىِٕرَ مَا تُنْهَوْنَ عَنْهُ نُكَفِّرْ عَنْكُمْ سَیِّاٰتِكُمْ وَنُدْخِلْكُمْ مُّدْخَلًا كَرِیْمًا ۟","assameseTranslation":"তোমালোকক যি নিষেধ কৰা হৈছে, তাৰ মাজৰ পৰা যিবোৰ কবীৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা, তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম, আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।","footnotes":"","tafseer":"হে মুমিনসকল! যদি তোমালোকে ডাঙৰ ডাঙৰ গুনাহৰ পৰা বিৰত থাকা, যেনে- আল্লাহৰ লগত শ্বিৰ্ক কৰা, পিতৃ-মাতৃৰ অবাধ্যতা কৰা, কাৰোবাক হত্যা কৰা, সুতৰ লেনদেন কৰা ইত্যাদি, তেন্তে আমি তোমালোকৰ সৰু সৰু গুনাহসমূহ ক্ষমা কৰি দিম, আৰু তোমালোকক সন্মানজনক ঠাইত (জান্নাতত) প্ৰৱেশ কৰাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004031.mp3"},{"index":"32","arabicText":"وَلَا تَتَمَنَّوْا مَا فَضَّلَ اللّٰهُ بِهٖ بَعْضَكُمْ عَلٰی بَعْضٍ ؕ لِلرِّجَالِ نَصِیْبٌ مِّمَّا اكْتَسَبُوْا ؕ وَلِلنِّسَآءِ نَصِیْبٌ مِّمَّا اكْتَسَبْنَ ؕ وَسْـَٔلُوا اللّٰهَ مِنْ فَضْلِهٖ ؕ اِنَّ اللّٰهَ كَانَ بِكُلِّ شَیْءٍ عَلِیْمًا ۟","assameseTranslation":"আৰু তোমালোকে সেইবোৰ বস্তুৰ আকাংক্ষা নকৰিবা, যাৰ দ্বাৰা আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষসকলে যি অৰ্জন কৰে সেয়া সিহঁতৰ প্ৰাপ্য অংশ আৰু নাৰীসকলে যি অৰ্জন কৰে সেয়া তাইহঁতৰ প্ৰাপ্য অংশ; (গতিকে তোমালোকে) আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে মুমিনসকল! আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ তুলনাত যি অধিক প্ৰদান কৰিছে, সেইবোৰ কামনা নকৰিবা, কাৰণ ইয়াৰ ফলত অসন্তুষ্টি আৰু ঈৰ্ষা ভাৱ সৃষ্টি হয়। এইদৰে আল্লাহে পুৰুষসকলক যি বিশেষত্ব প্ৰদান কৰিছে, নাৰীসকলে সেইবোৰৰ আশা কৰা উচিত নহয়। কাৰণ প্ৰত্যেক বৰ্গৰ বাবে সিহঁতৰ যোগ্যতা অনুসাৰে বেলেগ বেলেগ প্ৰতিফল প্ৰদান কৰা হৈছে, আৰু প্ৰত্যেকেই নিজ নিজ কৰ্মৰ অংশ লাভ কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়তে সৰ্বজ্ঞ, সেয়ে তেওঁ সকলো বৰ্গকে সিহঁতৰ সক্ষমতা অনুযায়ী কৰ্ম প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004032.mp3"},{"index":"33","arabicText":"وَلِكُلٍّ جَعَلْنَا مَوَالِیَ مِمَّا تَرَكَ الْوَالِدٰنِ وَالْاَقْرَبُوْنَ ؕ وَالَّذِیْنَ عَقَدَتْ اَیْمَانُكُمْ فَاٰتُوْهُمْ نَصِیْبَهُمْ ؕ اِنَّ اللّٰهَ كَانَ عَلٰی كُلِّ شَیْءٍ شَهِیْدًا ۟۠","assameseTranslation":"পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত (নাৰী-পুৰুষ) প্ৰত্যেককে আমি উত্তৰাধিকাৰী কৰিছোঁ আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতৰ (প্ৰাপ্য) অংশ সিহঁতক দি দিয়া। নিশ্চয় আল্লাহ সকলো বিষয়ৰ প্ৰত্যক্ষদৰ্শী।","footnotes":"","tafseer":"আমি তোমালোকৰ প্ৰত্যেককে ওৱাৰিছ বনাইছোঁ। সিহঁতেই পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ ওৱাৰিছ হ’ব। এইদৰে যিসকলৰ লগত তোমালোকে শপত খাই সহায়-সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছিলা, সিহঁতকো মীৰাছত সিহঁতৰ অংশ প্ৰদান কৰিবা। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে অৱগত, সেয়ে তেওঁ তোমালোকৰ এই শপত আৰু প্ৰতিশ্ৰুতি সম্পৰ্কেও অৱগত। জানি থোৱা উচিত যে, শপত বাক্যৰ দ্বাৰা মীৰাছৰ অধিকাৰী হোৱাৰ এই বিধানটো ইছলামৰ প্ৰাৰম্ভিক অৱস্থাত আছিল, যিটো পিছত মনছুখ (ৰহিত) হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004033.mp3"},{"index":"34","arabicText":"اَلرِّجَالُ قَوّٰمُوْنَ عَلَی النِّسَآءِ بِمَا فَضَّلَ اللّٰهُ بَعْضَهُمْ عَلٰی بَعْضٍ وَّبِمَاۤ اَنْفَقُوْا مِنْ اَمْوَالِهِمْ ؕ فَالصّٰلِحٰتُ قٰنِتٰتٌ حٰفِظٰتٌ لِّلْغَیْبِ بِمَا حَفِظَ اللّٰهُ ؕ وَالّٰتِیْ تَخَافُوْنَ نُشُوْزَهُنَّ فَعِظُوْهُنَّ وَاهْجُرُوْهُنَّ فِی الْمَضَاجِعِ وَاضْرِبُوْهُنَّ ۚ فَاِنْ اَطَعْنَكُمْ فَلَا تَبْغُوْا عَلَیْهِنَّ سَبِیْلًا ؕ اِنَّ اللّٰهَ كَانَ عَلِیًّا كَبِیْرًا ۟","assameseTranslation":"পুৰুষসকল হৈছে নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে আৰু এইবাবেও যে, পুৰুষসকলে (নাৰীসকলৰ ওপৰত) নিজৰ ধন-সম্পদ ব্যয় কৰে। সেয়ে পূণ্যৱতী স্ত্ৰীসকল অনুগত হৈ থাকে, লগতে তেওঁলোকে মানুহৰ দৃষ্টিৰ অন্তৰালতো (স্বামীৰ সম্পদ আৰু নিজৰ মান-সন্মান) সংৰক্ষণ কৰে, যিবোৰ আল্লাহে সংৰক্ষণ কৰিছে; আৰু তোমালোকে স্ত্ৰীসকলৰ মাজৰ যিসকলকলৈ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা, লগতে সিহঁতক (শাসনমূলক) প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।","footnotes":"","tafseer":"পুৰুষে স্ত্ৰীসকলক সুৰক্ষা প্ৰদান কৰে আৰু সিহঁতক ৰক্ষণাবেক্ষন দিয়ে। কিয়নো আল্লাহে পুৰুষসকলক নাৰীসকলৰ ওপৰত বিশেষ প্ৰাধান্য প্ৰদান কৰিছে লগতে সিহঁতৰ প্ৰয়োজন পুৰণ কৰা তথা সিহঁতৰ ওপৰত ব্যয় কৰাটো পুৰুষসকলৰ ওপৰত ওৱাজীব। পূণ্যৱতী স্ত্ৰীসকলে নিজ প্ৰতিপালকৰ আনুগত্য কৰে, স্বামীৰ কথা পালন কৰে লগতে আল্লাহৰ তাওফীকত স্বামীৰ অনুপস্থিতিত তেওঁৰ অধিকাৰসমূহ হিফাজত কৰে। হে স্বামীসকল! যিসকল স্ত্ৰীৰ কথা বা কৰ্মৰ দ্বাৰা স্বামীৰ আনুগত্যত অৱজ্ঞা হোৱাৰ আশংকা হয়, সিহঁতক প্ৰথমে ভালদৰে বুজোৱা আৰু আল্লাহৰ ভয় দেখুৱাই সঠিক পথত আনিবলৈ চেষ্টা কৰা। যদি সিহঁতে নামানে তেন্তে বিছনা পৃথক কৰি দিয়া, যেনে- শুৱাৰ সময়ত তাইৰ পিনে পিঠি দিবা আৰু তাইৰ লগত সহবাস নকৰিবা। এনেকুৱা কৰাৰ পিছতো যদি সঠিক পথত উভতি নাহে তেন্তে আঘাত নোহোৱাকৈ লঘু প্ৰহাৰ কৰিবা। ইয়াৰ পিছত যদি সংশোধন হয় তেন্তে সিহঁতৰ ওপৰত অত্যাচাৰ নকৰিবা আৰু সিহঁতক শাস্তিও নিদিবা। আল্লাহ সবাতোকৈ উচ্চ লগতে তেওঁ সত্ত্বাগত আৰু বৈশিষ্ট্যৰ ক্ষেত্ৰত অতি মহান, সেয়ে তেওঁক ভয় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004034.mp3"},{"index":"35","arabicText":"وَاِنْ خِفْتُمْ شِقَاقَ بَیْنِهِمَا فَابْعَثُوْا حَكَمًا مِّنْ اَهْلِهٖ وَحَكَمًا مِّنْ اَهْلِهَا ۚ اِنْ یُّرِیْدَاۤ اِصْلَاحًا یُّوَفِّقِ اللّٰهُ بَیْنَهُمَا ؕ اِنَّ اللّٰهَ كَانَ عَلِیْمًا خَبِیْرًا ۟","assameseTranslation":"আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।","footnotes":"","tafseer":"হে স্বামী স্ত্ৰীৰ অভিভাৱকসকল! যদি তোমালোকৰ আশংকা হয় যে, সিহঁত দুজনৰ মতানৈক্য তথা মতবিৰোধে শত্ৰুতাৰ পৰ্যায় পাবগৈ আৰু পৃথকতাৰ সীমা পাবগৈ, তেন্তে স্বামীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি আৰু স্ত্ৰীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি প্ৰেৰণ কৰিবা, যাতে স্বামী স্ত্ৰীৰ মঙ্গল কামনাৰ্থে সিহঁতৰ মাজত বিবাহ বিচ্ছেদ ঘটায়, নাইবা বিষয়টো মিলাপ্ৰীতিৰ মাজেৰে মীমাংসা কৰি দিয়ে। মনত ৰখা উচিত যে, স্বামী স্ত্ৰীৰ যুগ্ম জীৱন বাহাল ৰাখি মিলাপ্ৰীতিৰে সমাধান কৰাটোৱে হৈছে উত্তম। যদি উভয় পক্ষৰ মধ্যস্থতাকাৰীয়ে যুগ্ম জীৱন বাহাল ৰাখিবলৈ প্ৰয়াস কৰে, তেন্তে আল্লাহে স্বামী স্ত্ৰীক, ইজনক সিজনৰ নিকটৱৰ্তী কৰি দিব আৰু সিহঁতৰ মতভেদ দূৰ হ’ব। নিশ্চয় বান্দাৰ কোনো বস্তুৱে আল্লাহৰ পৰা গোপন নহয়, লগতে তেওঁ সিহঁতৰ অন্তৰৰ বিষয় সম্পৰ্কেও সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004035.mp3"},{"index":"36","arabicText":"وَاعْبُدُوا اللّٰهَ وَلَا تُشْرِكُوْا بِهٖ شَیْـًٔا وَّبِالْوَالِدَیْنِ اِحْسَانًا وَّبِذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَالْجَارِ ذِی الْقُرْبٰی وَالْجَارِ الْجُنُبِ وَالصَّاحِبِ بِالْجَنْۢبِ وَابْنِ السَّبِیْلِ ۙ وَمَا مَلَكَتْ اَیْمَانُكُمْ ؕ اِنَّ اللّٰهَ لَا یُحِبُّ مَنْ كَانَ مُخْتَالًا فَخُوْرَا ۟ۙ","assameseTranslation":"তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, এতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।","footnotes":"","tafseer":"আল্লাহৰ আদেশ পালন কৰি তেওঁৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাৰো উপাসনা নকৰিবা। পিতৃ-মাতৃক সন্মান কৰিবা আৰু তেওঁলোকৰ সৈতে ভাল ব্যৱহাৰ কৰিবা। আত্মীয়ৰ সৈতে, এতীমৰ সৈতে আৰু অভাৱী লোকৰ সৈতে ভাল ব্যৱহাৰ কৰিবা। আত্মীয় তথা অনাত্মীয় প্ৰতিৱেশীৰ সৈতেও ভাল ব্যৱহাৰ কৰিবা। লগত থকা সঙ্গীৰ সৈতেও ভাল ব্যৱহাৰ কৰিবা। ঘৰ পৰিয়ালৰ পৰা দূৰত থকা অপৰিচিত যাত্ৰীৰ সৈতেও ভাল ব্যৱহাৰ কৰিবা। তোমালোকৰ অধীনত থকা দাস-দাসীৰ প্ৰতিও ভাল ব্যৱহাৰ কৰিবা। নিশ্চয় আল্লাহে সেই ব্যক্তিক ভাল নাপায়, যিজন আত্ম গৌৰৱী, মানুহৰ প্ৰতি অহংকাৰী, লগতে যিজনে মানুহৰ সন্মুখত অহংকাৰ কৰি নিজৰ প্ৰশংসা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004036.mp3"},{"index":"37","arabicText":"لَّذِیْنَ یَبْخَلُوْنَ وَیَاْمُرُوْنَ النَّاسَ بِالْبُخْلِ وَیَكْتُمُوْنَ مَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ؕ وَاَعْتَدْنَا لِلْكٰفِرِیْنَ عَذَابًا مُّهِیْنًا ۟ۚ","assameseTranslation":"(আল্লাহে সিহঁতকো ভাল নাপায়) যিসকলে নিজে কৃপণতা কৰে আৰু মানুহকো কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।","footnotes":"","tafseer":"আল্লাহে সেইসকল লোককো পছন্দ নকৰে, যিসকলে আল্লাহে দিয়া ধন-সম্পদ সেইবোৰ ঠাইত ব্যয় নকৰে, য’ত ব্যয় কৰাটো সিহঁতৰ ওপৰত অনিবাৰ্য্য, লগতে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা আনকো ইয়াৰ উপদেশ নিদিয়ে। ইয়াৰ উপৰিও আল্লাহে সিহঁতক যি নিয়ামত প্ৰদান কৰিছে, সেইবোৰো মানুহৰ সন্মুখত প্ৰকাশ নকৰে, যেনে- জীৱিকা আৰু ইল্ম। মানুহৰ সন্মুখত সত্য প্ৰকাশ কৰাৰ বিপৰীতে সেয়া গোপন কৰি অসত্যটো প্ৰকাশ কৰে। দৰাচলতে এইবোৰ হৈছে কুফুৰী স্বভাৱ। নিশ্চয় আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004037.mp3"},{"index":"38","arabicText":"وَالَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ رِئَآءَ النَّاسِ وَلَا یُؤْمِنُوْنَ بِاللّٰهِ وَلَا بِالْیَوْمِ الْاٰخِرِ ؕ وَمَنْ یَّكُنِ الشَّیْطٰنُ لَهٗ قَرِیْنًا فَسَآءَ قَرِیْنًا ۟","assameseTranslation":"আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে, লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে (আল্লাহে সিহঁতকো ভাল নাপায়) আৰু চয়তান যাৰ সংগী হয়, তাৰ সংগী কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"এইদৰে আমি সিহঁতৰ বাবে শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ, যিসকলে নিজৰ সম্পদ কেৱল এই কাৰণে ব্যয় কৰে যে, যাতে মানুহে দেখি তাক প্ৰশংসা কৰে। সিহঁতে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। আমি সিহঁতৰ বাবেও সেই অপমানকাৰী শাস্তি তৈয়াৰ কৰি থৈছোঁ। সিহঁতক চয়তানৰ অনুসৰণেই বিভ্ৰান্ত কৰিছে। এতেকে চয়তান যাৰ সঙ্গী হৈছে, সি জানি থোৱা উচিত, চয়তান হৈছে বৰ বেয়া সঙ্গী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004038.mp3"},{"index":"39","arabicText":"وَمَاذَا عَلَیْهِمْ لَوْ اٰمَنُوْا بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَاَنْفَقُوْا مِمَّا رَزَقَهُمُ اللّٰهُ ؕ وَكَانَ اللّٰهُ بِهِمْ عَلِیْمًا ۟","assameseTranslation":"সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে, আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে, সিহঁতৰ কি ক্ষতি হ’লহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।","footnotes":"","tafseer":"সিহঁতৰ কি ক্ষতি হ'লহেঁতেন, যদি সিহঁতে প্ৰকৃততে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিলেহেঁতেন, আৰু আল্লাহে সিহঁতক যি সম্পদ দান কৰিছে সেইবোৰ যদি আল্লাহৰ পছন্দনীয় শিতানত তথা তেওঁৰ সন্তুষ্টি অৰ্জনাৰ্থে ব্যয় কৰিলেহেঁতেন? বৰং ইয়াত আছিল কল্যাণেই কল্যাণ। আল্লাহে সিহঁতক ভালদৰে জানে। সিহঁতৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয় আৰু তেওঁ সিহঁতৰ প্ৰত্যেককে সিহঁতৰ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004039.mp3"},{"index":"40","arabicText":"اِنَّ اللّٰهَ لَا یَظْلِمُ مِثْقَالَ ذَرَّةٍ ۚ وَاِنْ تَكُ حَسَنَةً یُّضٰعِفْهَا وَیُؤْتِ مِنْ لَّدُنْهُ اَجْرًا عَظِیْمًا ۟","assameseTranslation":"নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেন্তে তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে, আনকি নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।","footnotes":"","tafseer":"নিশ্চয় আল্লাহ ন্যায়পৰায়ণ, তেওঁ বান্দাসকলৰ প্ৰতি অকণো অন্যায় নকৰে, সিহঁতৰ নেকীৰ পৰা সৰু পৰুৱাৰ সমান নেকীও হ্ৰাস নকৰে আৰু গুনাহো বৃদ্ধি নকৰে। আনহাতে যদি অণু পৰিমাণো নেকী থাকে, তেন্তে তাৰ ছোৱাব তেওঁ নিজৰ কৃপাত বহুগুণ বৃদ্ধি কৰি, আনকি নিজৰ ফালৰ পৰা অধিক বৃদ্ধি কৰি মহা প্ৰতিদান প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004040.mp3"},{"index":"41","arabicText":"فَكَیْفَ اِذَا جِئْنَا مِنْ كُلِّ اُمَّةٍ بِشَهِیْدٍ وَّجِئْنَا بِكَ عَلٰی هٰۤؤُلَآءِ شَهِیْدًا ۟ؕؔ","assameseTranslation":"এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী (নবী) উপস্থিত কৰিম আৰু তোমাকো সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব?","footnotes":"","tafseer":"এতেকে সেই সময়ত কি অৱস্থা হ’ব, যেতিয়া আমি ক্বিয়মাতৰ দিনা প্ৰত্যেক সম্প্ৰদায়ৰ নবীক সিহঁতৰ কৰ্মৰ সাক্ষী হিচাপে উপস্থিত কৰিম, আৰু হে নবী! আমি আপোনাক উপস্থিত কৰিম আপোনাৰ উম্মতৰ সাক্ষী হিচাপে ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004041.mp3"},{"index":"42","arabicText":"یَوْمَىِٕذٍ یَّوَدُّ الَّذِیْنَ كَفَرُوْا وَعَصَوُا الرَّسُوْلَ لَوْ تُسَوّٰی بِهِمُ الْاَرْضُ ؕ وَلَا یَكْتُمُوْنَ اللّٰهَ حَدِیْثًا ۟۠","assameseTranslation":"যিসকলে কুফৰী কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব, সিহঁত যদি মাটিৰ লগত মিহলি সমান হৈ গ’লহেঁতেন! আৰু সিহঁতে (সেইদিনা) আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।","footnotes":"","tafseer":"সেই মহান দিৱসটোত আল্লাহক অস্বীকাৰকাৰীসকলে আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰীসকলে কামনা কৰিব যে, হায়! সিহঁত যদি মাটিত মিশ্ৰিত হৈ সমতল হৈ গ’লহেঁতেন। সেইদিনা কোনেও আল্লাহৰ পৰা নিজৰ কৰ্ম গোপন কৰিব নোৱাৰিব। কিয়নো আল্লাহে সিহঁতৰ জিভাত মোহৰ মাৰি দিব, ফলত সিহঁতে কথা ক’ব নোৱাৰিব, আৰু সিহঁতৰ অংঙ্গ প্ৰতঙ্গই আল্লাহৰ আদেশত সিহঁতৰ বিপক্ষে সিহঁতৰ কৰ্মৰ সাক্ষ্য প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004042.mp3"},{"index":"43","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقْرَبُوا الصَّلٰوةَ وَاَنْتُمْ سُكٰرٰی حَتّٰی تَعْلَمُوْا مَا تَقُوْلُوْنَ وَلَا جُنُبًا اِلَّا عَابِرِیْ سَبِیْلٍ حَتّٰی تَغْتَسِلُوْا ؕ وَاِنْ كُنْتُمْ مَّرْضٰۤی اَوْ عَلٰی سَفَرٍ اَوْ جَآءَ اَحَدٌ مِّنْكُمْ مِّنَ الْغَآىِٕطِ اَوْ لٰمَسْتُمُ النِّسَآءَ فَلَمْ تَجِدُوْا مَآءً فَتَیَمَّمُوْا صَعِیْدًا طَیِّبًا فَامْسَحُوْا بِوُجُوْهِكُمْ وَاَیْدِیْكُمْ ؕ اِنَّ اللّٰهَ كَانَ عَفُوًّا غَفُوْرًا ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে ছালাতৰ নিকটৱৰ্তী নহ’বা, আৰু জুনুবী (অপৱিত্ৰ) অৱস্থাতো নহয়, যেতিয়ালৈকে তোমালোকে গোছল নকৰা, কিন্তু মুছাফিৰ হ’লে সেয়া সুকীয়া কথা; আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা নাইবা তোমালোকৰ কোনোবাই শৌচস্থানৰ পৰা আহি অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা, এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মছেহ কৰা; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত ছালাত আদায় নকৰিবা, যেতিয়ালৈকে মাদকতা আঁতৰি নাযায়, যাতে তোমালোকে ধৰিব পাৰা যে, তোমালোকে কি কৈ আছা। দৰাচলতে এই বিধান মাদক দ্ৰৱ্য সম্পূৰ্ণৰূপে হাৰাম হোৱাৰ পূৰ্বে আছিল। এইদৰে জুনুবী অৱস্থাতো ছালাত আদায় নকৰিবা আৰু মছজিদত প্ৰৱেশ নকৰিবা যেতিয়ালৈকে গোছল নকৰা, আনহাতে অৱস্থান নকৰাকৈ মছজিদৰ ভিতৰেদি খোজকাঢ়ি যোৱাত কোনো অসুবিধা নাই। যদি তোমালোকৰ কোনোবাই এনেকুৱা বেমাৰত আক্ৰান্ত হয়, যি বেমাৰত পানী ব্যৱহাৰ কৰা সম্ভৱ নহয়, অথবা তোমালোক ভ্ৰমণ অৱস্থাত থাকা নাইবা তোমালোকৰ অজু ভঙ্গ হ’লে অথবা স্ত্ৰীৰ লগত সহবাস কৰাৰ পিছত পানী নাপালে, পৱিত্ৰ মাটিৰে তায়াম্মুম কৰা অৰ্থাৎ নিজৰ দুয়ো হাতেৰে মুখমণ্ডল আৰু হাত দুখন মছেহ কৰা। নিশ্চয় আল্লাহে তোমালোকৰ ভুল-ত্ৰুটি মাৰ্জনা কৰিব আৰু তোমালোকৰ প্ৰতি তেওঁ অতি ক্ষমাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004043.mp3"},{"index":"44","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ اُوْتُوْا نَصِیْبًا مِّنَ الْكِتٰبِ یَشْتَرُوْنَ الضَّلٰلَةَ وَیُرِیْدُوْنَ اَنْ تَضِلُّوا السَّبِیْلَ ۟ؕ","assameseTranslation":"তুমি সিহঁতক দেখা নাইনে যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে পথভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে, তোমালোকেও পথভ্ৰষ্ট হোৱা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ইয়াহুদীসকলৰ অৱস্থা সম্পৰ্কে অৱগত নহয় নেকি, যিসকলক আল্লাহে তাওৰাতৰ জ্ঞানৰ কিছু অংশ প্ৰদান কৰিছিল, সিহঁতে হিদায়তৰ পৰিবৰ্তে ভ্ৰষ্টতা ক্ৰয় কৰি আছে? হে মুমিনসকল! সিহঁতে তোমালোকক ৰাছুলে দেখুৱাই দিয়া পোন পথৰ পৰা বিভ্ৰান্ত কৰিব বিচাৰে, যাতে তোমালোকেও সিহঁতৰ বক্ৰ পথত পৰিচালিত হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004044.mp3"},{"index":"45","arabicText":"وَاللّٰهُ اَعْلَمُ بِاَعْدَآىِٕكُمْ ؕ وَكَفٰی بِاللّٰهِ وَلِیًّا ؗۗ وَّكَفٰی بِاللّٰهِ نَصِیْرًا ۟","assameseTranslation":"আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰেই চিনি পায়; আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট, লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকৰ শত্ৰুসকলৰ বিষয়ে মহান আল্লাহ তোমালোকতকৈও অধিক অৱগত। সেয়ে তোমালোকক সিহঁতৰ বিষয়ে জনাইছে আৰু সিহঁতৰ শত্ৰুতা সম্পৰ্কে অৱগত কৰাইছে। দৰাচলতে সিহঁতৰ শক্তিৰ বিপক্ষে তোমালোকৰ সুৰক্ষাৰ বাবে আল্লাহেই যথেষ্ট। লগতে সহায়ক হিচাপে আল্লাহেই তোমালোকৰ বাবে যথেষ্ট, তেওঁ তোমালোকক সিহঁতৰ চক্ৰান্ত আৰু নিৰ্যাতনৰ পৰা সুৰক্ষা প্ৰদান কৰিব আৰু সিহঁতৰ বিপক্ষে তোমালোকক সহায় কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004045.mp3"},{"index":"46","arabicText":"مِنَ الَّذِیْنَ هَادُوْا یُحَرِّفُوْنَ الْكَلِمَ عَنْ مَّوَاضِعِهٖ وَیَقُوْلُوْنَ سَمِعْنَا وَعَصَیْنَا وَاسْمَعْ غَیْرَ مُسْمَعٍ وَّرَاعِنَا لَیًّا بِاَلْسِنَتِهِمْ وَطَعْنًا فِی الدِّیْنِ ؕ وَلَوْ اَنَّهُمْ قَالُوْا سَمِعْنَا وَاَطَعْنَا وَاسْمَعْ وَانْظُرْنَا لَكَانَ خَیْرًا لَّهُمْ وَاَقْوَمَ ۙ وَلٰكِنْ لَّعَنَهُمُ اللّٰهُ بِكُفْرِهِمْ فَلَا یُؤْمِنُوْنَ اِلَّا قَلِیْلًا ۟","assameseTranslation":"ইয়াহুদীসকলৰ মাজত এনেকুৱা কিছুমান লোকো আছে যিসকলে (তাওৰাতৰ) কালামসমূহক তাৰ স্থানৰ পৰা পৰিবৰ্তন কৰি বিকৃত কৰে আৰু (মুহাম্মদক) কয়, ‘আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ, আৰু (সিহঁতে কয়) শুনিবা নুশুনাৰ দৰে’; আৰু নিজৰ জিভা ঘূৰাই লগতে দ্বীনৰ প্ৰতি তাচ্ছিল্য কৰি কয়, ‘ৰা-ঈনা’। কিন্তু সিহঁতে যদি ক’লেহেঁতেন, ‘আমি শুনিলোঁ আৰু মানিলোঁ, আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা’, তেন্তে এয়া সিহঁতৰ বাবে ভাল আৰু সঙ্গত হ’লহেঁতেন। কিন্তু সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে। ফলত সিহঁতৰ মাজৰ অতি কম সংখ্যক লোকে ঈমান পোষণ কৰে।","footnotes":"","tafseer":"ইয়াহুদীসকলৰ মাজত কিছুমান নিকৃষ্ট লোক আছে, যিসকলে আল্লাহৰ বাণীক বিকৃত কৰে। সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা বাণীৰ বিকৃত অৰ্থ প্ৰকাশ কৰে। যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক কোনো আদেশ দিয়ে, তেতিয়া সিহঁতে কয়ঃ আমি আপোনাৰ কথা শুনিছোঁ কিন্তু আপোনাৰ কথা অস্বীকাৰ কৰিলোঁ। লগতে ব্যঙ্গাতমকভাৱে কয়ঃ আপুনি আমাৰ কথা শুনক, আপুনি যেন শুনা নাপায়! তথা সিহঁতে “ৰা-ঈনা” বুলি কৈ ইয়াৰ মূল অৰ্থ (আপুনি আমাৰ প্ৰতি মন কৰক) বুজাব খোজে কিন্তু সিহঁতৰ উদ্দেশ্য বেলেগ, সিহঁতে ইয়াৰ দ্বাৰা “নিৰ্বোধ” বুজাব খোজে। সিহঁতে ইয়াক উচ্চাৰণ কৰাৰ সময়ত জিভাৰ দ্বাৰা বিকৃত কৰিছিল। সিহঁতৰ উদ্দেশ্য আছিল আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক বদ দুআ কৰা তথা ইছলামক নিন্দা কৰা আৰু ভুল-ত্ৰুটি সন্ধান কৰা। যদি সিহঁতে “আমি আপোনাৰ কথা শুনিছোঁ কিন্তু আপোনাৰ কথা অস্বীকাৰ কৰিলোঁ” এই কথাৰ ঠাইত এই কথা ক’লেহেঁতেন যে, “আমি আপোনাৰ কথা শুনিছোঁ আৰু আপোনাৰ কথা মানি ল’লোঁ”। লগতে “আপুনি যেন শুনা নাপায়!” এই কথাৰ পৰিবৰ্তে যদি ক’লেহেঁতেন, “আপুনি আমাৰ কথা শুনক!” আনহাতে “ৰা-ঈনা”ৰ পৰিবৰ্তে যদি ক’লেহেঁতেন “অলপ প্ৰতীক্ষা কৰক যাতে আমি আপোনাৰ কথা বুজি লওঁ”, তেন্তে সিহঁতৰ বাবে এয়া উত্তম আৰু ন্যায়সংগত হ’লহেঁতেন। কিয়নো ইয়াত আছে আদব তথা সন্মান, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাৰ উপযুক্ত। কিন্তু আল্লাহে সিহঁতৰ ওপৰত অভিসম্পাত কৰিছে, আৰু সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিছে। সেয়ে সিহঁতে এনেকুৱা ঈমান পোষণ নকৰিব যিটো সিহঁতৰ বাবে লাভদায়ক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004046.mp3"},{"index":"47","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اُوْتُوا الْكِتٰبَ اٰمِنُوْا بِمَا نَزَّلْنَا مُصَدِّقًا لِّمَا مَعَكُمْ مِّنْ قَبْلِ اَنْ نَّطْمِسَ وُجُوْهًا فَنَرُدَّهَا عَلٰۤی اَدْبَارِهَاۤ اَوْ نَلْعَنَهُمْ كَمَا لَعَنَّاۤ اَصْحٰبَ السَّبْتِ ؕ وَكَانَ اَمْرُ اللّٰهِ مَفْعُوْلًا ۟","assameseTranslation":"হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক(শনিবাৰ অমান্যকাৰীসকলক) যিদৰে অভিসম্পাত কৰিছিলোঁ সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থকৰূপে আমি যি অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা; (জানি থোৱা) আল্লাহৰ আদেশ কাৰ্যকৰী হ’বই হ’ব।","footnotes":"","tafseer":"হে গ্ৰন্থপ্ৰাপ্ত ইয়াহুদী আৰু খৃষ্টানসকল! আমি তোমালোকৰ মুখমণ্ডলত থকা জ্ঞান ইন্দ্ৰীয়সমূহ নিঃশেষ কৰাৰ আগতে তথা তোমালোকৰ মুখমণ্ডল পিছফালে ঘূৰাই দিয়াৰ পূৰ্বেই সেইখন গ্ৰন্থৰ প্ৰতি ঈমান পোষণ কৰা যিখন আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছোঁ, যিখন তোমালোকৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলৰ সত্যায়ন কৰিবলৈ আহিছে। অথবা আল্লাহৰ ৰহমতৰ পৰা দূৰ কৰাৰ পূৰ্বেই ঈমান পোষণ কৰা, যিদৰে আমি শনিবাৰীয়া লোককসকলক দূৰ কৰিছিলোঁ, যিসকলে নিষিদ্ধ হোৱাৰ পিছতো শনিবাৰে চিকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতক বান্দৰ বনাই দিছিল। আল্লাহৰ আদেশ আৰু তেওঁৰ ফয়চালা নিশ্চিতভাৱে অৱশ্যম্ভাৱী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004047.mp3"},{"index":"48","arabicText":"اِنَّ اللّٰهَ لَا یَغْفِرُ اَنْ یُّشْرَكَ بِهٖ وَیَغْفِرُ مَا دُوْنَ ذٰلِكَ لِمَنْ یَّشَآءُ ۚ وَمَنْ یُّشْرِكْ بِاللّٰهِ فَقَدِ افْتَرٰۤی اِثْمًا عَظِیْمًا ۟","assameseTranslation":"নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন (শ্বিৰ্ক) কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে তেওঁৰ সৃষ্টিৰ মাজৰ পৰা কাৰোবাক তেওঁৰ অংশীদাৰ গণ্য কৰা গুনাহক কেতিয়াও ক্ষমা নকৰিব। কিন্তু শ্বিৰ্ক আৰু কুফৰৰ বাহিৰে আন আন গুনাহসমূহ যিটো ইচ্ছা কৰিব, নিজ অনুগ্ৰহত ক্ষমা কৰিব, অথবা যাক ইচ্ছা কৰিব ন্যায় অনুসাৰে শাস্তি প্ৰদান কৰিব। যিয়ে আল্লাহৰ লগত অংশীদাৰ (শ্বিৰ্ক) স্থাপন কৰে, সি দৰাচলতে ইমান ডাঙৰ পাপ কৰ্ম কৰে যে, তাওবা অবিহনে মৃত্যুবৰণ কৰিলে কেতিয়াও সেইটো ক্ষমাৰ যোগ্য নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004048.mp3"},{"index":"49","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ یُزَكُّوْنَ اَنْفُسَهُمْ ؕ بَلِ اللّٰهُ یُزَكِّیْ مَنْ یَّشَآءُ وَلَا یُظْلَمُوْنَ فَتِیْلًا ۟","assameseTranslation":"তুমি সিহঁতক দেখা নাইনে, যিসকলে নিজকে পৱিত্ৰ বুলি ধাৰণা কৰে? অথচ আল্লাহে যাক ইচ্ছা কৰে পৱিত্ৰ কৰে, আৰু সিহঁতৰ ওপৰত সূতা পৰিমাণো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেইসকল লোকৰ বিষয়ে নাজানে নেকি, যিসকলে নিজৰ আৰু নিজ কৰ্মৰ পৱিত্ৰতাৰ গুণগান কৰি ফুৰে? অথচ এই অধিকাৰ কেৱল আল্লাহৰহে আছে যে, তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে প্ৰশংসা কৰে, আৰু পৱিত্ৰ কৰে, কাৰণ তেৱেঁই অন্তৰৰ গোপন তথ্য সম্পৰ্কে অৱগত। তথা সিহঁতৰ ছোৱাব অকণো হ্ৰাস কৰা নহ’ব, আনকি খেজুৰৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণ ছোৱাবো হ্ৰাস কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004049.mp3"},{"index":"50","arabicText":"اُنْظُرْ كَیْفَ یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ ؕ وَكَفٰی بِهٖۤ اِثْمًا مُّبِیْنًا ۟۠","assameseTranslation":"চোৱা, সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে, আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱেই যথেষ্ট।","footnotes":"","tafseer":"হে ৰাছুল! চাওক এইসকল লোকে কেনেকৈ নিজৰ প্ৰশংসা কৰি আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰি আছে? ইহঁতৰ ভ্ৰষ্টতা স্পষ্ট কৰিবলৈ এই গুনাহেই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004050.mp3"},{"index":"51","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ اُوْتُوْا نَصِیْبًا مِّنَ الْكِتٰبِ یُؤْمِنُوْنَ بِالْجِبْتِ وَالطَّاغُوْتِ وَیَقُوْلُوْنَ لِلَّذِیْنَ كَفَرُوْا هٰۤؤُلَآءِ اَهْدٰی مِنَ الَّذِیْنَ اٰمَنُوْا سَبِیْلًا ۟","assameseTranslation":"তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব’ত (চয়তান, শ্বিৰ্ক আৰু যাদু আদি) আৰু তাগুতক (বাতিল উপাস্যক) বিশ্বাস কৰে, লগতে সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ইয়াহুদীসকলৰ অৱস্থা সম্পৰ্কে অৱগত নহয় নেকি, যিসকলক জ্ঞানৰ কিছু অংশ প্ৰদান কৰা হৈছিল। লগতে আপুনি এই কথাত আচৰিত নহয় নেকি যে, সিহঁতে আল্লাহৰ বাহিৰে নিজে বনোৱা উপাস্যৰ প্ৰতি ঈমান পোষণ কৰে আৰু সিহঁতে মুশ্বৰিকসকলৰ কথাত হয় ভৰ দি কয়, মুশ্বৰিকসকল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলতকৈ অধিক হিদায়তৰ ওপৰত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004051.mp3"},{"index":"52","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ لَعَنَهُمُ اللّٰهُ ؕ وَمَنْ یَّلْعَنِ اللّٰهُ فَلَنْ تَجِدَ لَهٗ نَصِیْرًا ۟ؕ","assameseTranslation":"ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।","footnotes":"","tafseer":"এই সকলেই বিকৃত আক্বীদাৰ অধিকাৰী, যিসকলক আল্লাহে তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিছে। এতেকে যাক আল্লাহে নিজ ৰহমতৰ পৰা দূৰ কৰি দিয়ে, আপুনি কেতিয়াও তাৰ সহায়ক বিচাৰি নাপাব, যিয়ে তাৰ সহায় কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004052.mp3"},{"index":"53","arabicText":"اَمْ لَهُمْ نَصِیْبٌ مِّنَ الْمُلْكِ فَاِذًا لَّا یُؤْتُوْنَ النَّاسَ نَقِیْرًا ۟ۙ","assameseTranslation":"(আল্লাহৰ) ৰাজত্বত সিহঁতৰ কোনো অংশ আছে নেকি? (সঁচাই যদি থাকিলহেঁতেন) তেতিয়াহ’লে সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা মিহি আৱৰণ পৰিমাণো কোনো বস্তু মানুহক নিদিলেহেঁতেন।","footnotes":"","tafseer":"সিহঁতৰ ওচৰত কোনো ক্ষমতাই নাই। যদি থাকিলহেঁতেন, তেন্তে মানুহক তাৰ পৰা একো নিদিলেহেঁতেন। যদিও খেজুৰ গুটিৰ ওপৰৰ আৱৰণৰ সমানেই নহওক কিয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004053.mp3"},{"index":"54","arabicText":"اَمْ یَحْسُدُوْنَ النَّاسَ عَلٰی مَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ۚ فَقَدْ اٰتَیْنَاۤ اٰلَ اِبْرٰهِیْمَ الْكِتٰبَ وَالْحِكْمَةَ وَاٰتَیْنٰهُمْ مُّلْكًا عَظِیْمًا ۟","assameseTranslation":"অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেইকাৰণে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলোঁ।","footnotes":"","tafseer":"বৰং সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ ছাহাবাসকলৰ লগত এই কাৰণে বিদ্বেষ পোষণ কৰে যে, আল্লাহে তেওঁলোকক নুবুওৱত, ঈমান আৰু পৃথিৱীত ৰাজত্ব প্ৰদান কৰিছে। সিহঁতে কিয় তেওঁলোকৰ লগত বিদ্বেষ পোষণ কৰে অথচ আমি ইয়াৰ পূৰ্বে ইব্ৰাহীমৰ বংশধৰসকলক ঐশী গ্ৰন্থ দান কৰিছিলোঁ, লগতে গ্ৰন্থৰ বাহিৰেও বিভিন্ন আদেশ প্ৰদান কৰা হৈছিল আৰু মানুহৰ ওপৰত বিশাল ৰাজত্ব প্ৰদান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004054.mp3"},{"index":"55","arabicText":"فَمِنْهُمْ مَّنْ اٰمَنَ بِهٖ وَمِنْهُمْ مَّنْ صَدَّ عَنْهُ ؕ وَكَفٰی بِجَهَنَّمَ سَعِیْرًا ۟","assameseTranslation":"তাৰ পিছত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল; প্ৰকৃততে দগ্ধ কৰিবলৈ জাহান্নামেই যথেষ্ট।","footnotes":"","tafseer":"আহলে কিতাবসকলৰ কিছুমানে ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰ নবীসকলৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু কিছুমানে ঈমানৰ পৰা আঁতৰি গৈছে, আৰু আজিও সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ লগতো সেই আচৰণেই কৰি আছে। সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে জাহান্নামৰ শাস্তিয়েই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004055.mp3"},{"index":"56","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا بِاٰیٰتِنَا سَوْفَ نُصْلِیْهِمْ نَارًا ؕ كُلَّمَا نَضِجَتْ جُلُوْدُهُمْ بَدَّلْنٰهُمْ جُلُوْدًا غَیْرَهَا لِیَذُوْقُوا الْعَذَابَ ؕ اِنَّ اللّٰهَ كَانَ عَزِیْزًا حَكِیْمًا ۟","assameseTranslation":"নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, অচিৰেই আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব (দগ্ধ হ’ব), তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আমি সিহঁতক ক্বিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰাম, যিটো সিহঁতক চাৰিও ফালৰ পৰা পৰিবেষ্টন কৰি ৰাখিব। যেতিয়াই সিহঁতৰ ছাল গেলি পচি যাব তেতিয়াই আমি সিহঁতক নতুন ছালেৰে আৱৰণ দিম, যাতে শাস্তি অব্যাহত থাকে। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰাৰ ক্ষমতা নাৰাখে, তেওঁ সিদ্ধান্ত আৰু ফয়চালাত মহা প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004056.mp3"},{"index":"57","arabicText":"وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ سَنُدْخِلُهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ لَهُمْ فِیْهَاۤ اَزْوَاجٌ مُّطَهَّرَةٌ ؗ وَّنُدْخِلُهُمْ ظِلًّا ظَلِیْلًا ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতিশীঘ্ৰে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত তেওঁলোক চিৰস্থায়ী হ’ব, লগতে তাত থাকিব তেওঁলোকৰ বাবে পৱিত্ৰ স্ত্ৰী, আৰু তেওঁলোকক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু ৰাছুলৰ আনুসৰণ কৰিছে আৰু সত্কৰ্ম কৰিছে, আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। তাত তেওঁলোক চিৰস্থায়ী হ’ব। তেওঁলোকৰ বাবে এই জান্নাতত থাকিব সকলো ধৰণৰ আৱৰ্জনামুক্ত পৱিত্ৰ স্ত্ৰীসকল। আমি তেওঁলোকক ঘন ছাঁৰ তলত ৰাখিম, যিটো হ’ব দীৰ্ঘ প্ৰসাৰিত, য’ত গৰম ঠাণ্ডা একোৱে অনুভৱ নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004057.mp3"},{"index":"58","arabicText":"اِنَّ اللّٰهَ یَاْمُرُكُمْ اَنْ تُؤَدُّوا الْاَمٰنٰتِ اِلٰۤی اَهْلِهَا ۙ وَاِذَا حَكَمْتُمْ بَیْنَ النَّاسِ اَنْ تَحْكُمُوْا بِالْعَدْلِ ؕ اِنَّ اللّٰهَ نِعِمَّا یَعِظُكُمْ بِهٖ ؕ اِنَّ اللّٰهَ كَانَ سَمِیْعًا بَصِیْرًا ۟","assameseTranslation":"নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।","footnotes":"","tafseer":"আল্লাহে তোমালোকক আদেশ দিয়ে যে, তোমালোকৰ ওচৰত থকা আমানতৰ প্ৰতিটো বস্তু আমানতৰ গৰাকীক ওভোতাই দিয়া। লগতে তোমালোকক এই আদেশ দিয়ে যে, যেতিয়া তোমালোকে মানুহৰ মাজত বিচাৰ মীমাংসা কৰিবা, তেতিয়া ন্যায়সংগতভাৱে কৰিবা। ফয়চালা কৰাৰ সময়ত পক্ষপাত অথবা অন্যায় নকৰিবা। আল্লাহে প্ৰত্যেক পৰিস্থিতিৰ বাবে উত্তম শিক্ষা আৰু নিৰ্দেশ দিয়ে। নিশ্চয় আল্লাহে তোমালোকৰ কথা শ্ৰৱণ কৰে আৰু তোমালোকৰ কৰ্ম দেখি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004058.mp3"},{"index":"59","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ وَاُولِی الْاَمْرِ مِنْكُمْ ۚ فَاِنْ تَنَازَعْتُمْ فِیْ شَیْءٍ فَرُدُّوْهُ اِلَی اللّٰهِ وَالرَّسُوْلِ اِنْ كُنْتُمْ تُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ ذٰلِكَ خَیْرٌ وَّاَحْسَنُ تَاْوِیْلًا ۟۠","assameseTranslation":"হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰি, আৰু তেওঁলোকে নিষেধ কৰা বস্তুৰ পৰা বিৰত থাকি তেওঁলোকৰ আনুগত্য কৰা। তথা শাসকৰ কথা মানি চলা যেতিয়ালৈকে সিহঁতে গুনাহৰ নিৰ্দেশ নিদিয়ে। ইয়াৰ পিছত যদি কোনো বিষয়ত তোমালোকৰ মতবিৰোধ হয় তেন্তে সেই বিষয়ে আল্লাহৰ কিতাব আৰু ৰাছুলৰ ছুন্নতৰ পিনে শৰণাপন্ন হোৱা, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস কৰা। কোৰআন ছুন্নতৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰাটো হৈছে বিবাদত লিপ্ত থকাতকৈ তথা কোনো ব্যক্তিগত উক্তিৰ অনুসৰণ কৰাতকৈ উত্তম। লগতে পৰিণামৰ ক্ষেত্ৰতো এয়া উত্তম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004059.mp3"},{"index":"60","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ یَزْعُمُوْنَ اَنَّهُمْ اٰمَنُوْا بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ یُرِیْدُوْنَ اَنْ یَّتَحَاكَمُوْۤا اِلَی الطَّاغُوْتِ وَقَدْ اُمِرُوْۤا اَنْ یَّكْفُرُوْا بِهٖ ؕ وَیُرِیْدُ الشَّیْطٰنُ اَنْ یُّضِلَّهُمْ ضَلٰلًا بَعِیْدًا ۟","assameseTranslation":"তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ইয়াহুদী মুনাফিকসকলৰ দ্বিতীয় চৰিত্ৰ দেখা নাইনে, যিসকলে মিছা দাবী কৰে যে, সিহঁতে আপোনাৰ প্ৰতি তথা আপোনাৰ পূৰ্বে ৰাছুলসকলৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান পোষণ কৰে। কিন্তু মতবিৰোধৰ সময়ত ফয়চালাৰ বাবে, আল্লাহৰ চৰীয়ত এৰি মানৱ ৰচিত বিধানৰ দ্বাৰা ফয়চালা কৰাটোক পছন্দ কৰে। অথচ সিহঁতক এইবোৰ অস্বীকাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দৰাচলতে চয়তানে বিচাৰে যে, সিহঁত সত্যৰ পৰা ইমান দূৰলৈ আঁতৰি যাওক যে, যাতে উভতি অহাটো অসম্ভৱ হৈ পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004060.mp3"},{"index":"61","arabicText":"وَاِذَا قِیْلَ لَهُمْ تَعَالَوْا اِلٰی مَاۤ اَنْزَلَ اللّٰهُ وَاِلَی الرَّسُوْلِ رَاَیْتَ الْمُنٰفِقِیْنَ یَصُدُّوْنَ عَنْكَ صُدُوْدًا ۟ۚ","assameseTranslation":"সিহঁতক যেতিয়া কোৱা হয়, আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু ৰাছুলৰ পিনে আহা, তেতিয়া তুমি মুনাফিকসকলক দেখিবা যে, সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে।","footnotes":"","tafseer":"যেতিয়া এইসকল মুনাফিকক কোৱা হয় যে, আল্লাহে নিজৰ গ্ৰন্থত যি বিধান অৱতীৰ্ণ কৰিছে সেই পিনে আহা আৰু ৰাছুলৰ ওচৰলৈ আহা, যাতে তোমালোকৰ পৰস্পৰ বিবাদৰ মীমাংসা কৰিব পৰা যায়। হে ৰাছুল! তেতিয়া আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁতে আপোনাৰ পৰা সম্পূৰ্ণৰূপে বিমূখ হৈ আনৰ ওচৰলৈ মীমাংসাৰ বাবে গুচি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004061.mp3"},{"index":"62","arabicText":"فَكَیْفَ اِذَاۤ اَصَابَتْهُمْ مُّصِیْبَةٌ بِمَا قَدَّمَتْ اَیْدِیْهِمْ ثُمَّ جَآءُوْكَ یَحْلِفُوْنَ ۖۗ بِاللّٰهِ اِنْ اَرَدْنَاۤ اِلَّاۤ اِحْسَانًا وَّتَوْفِیْقًا ۟","assameseTranslation":"এতেকে তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব, যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কোনো মুছিবতত পতিত হ’ব? তাৰ পিছত সিহঁতে আল্লাহৰ শপতলৈ তোমাৰ ওচৰত আহি ক’ব, ‘আমি কল্যাণ আৰু সম্প্ৰীতিৰ বাহিৰে আন একো বিচৰা নাছিলোঁ’।","footnotes":"","tafseer":"সেই সময়ত মুনাফিকসকলৰ কি অৱস্থা হ’ব, যেতিয়া সিহঁতৰ গুনাহৰ কাৰণে সিহঁতৰ ওপৰত কোনো বিপদ আহি পৰিব। হে ৰাছুল! তেতিয়া সিহঁতে আপোনাৰ ওচৰলৈ ক্ষমা বিচাৰি আহি আল্লাহৰ শপত খাই ক’ব যে, আপোনাক এৰি আনৰ ওচৰলৈ ফয়চালাৰ বাবে যোৱাত আমাৰ কেৱল এইটোৱে উদ্দেশ্য আছিল যে, যাতে মতানৈক্যকাৰীসকলৰ মাজৰ বিবাদ দূৰ হয় আৰু মিলাপ্ৰীতিৰ সৃষ্টি হয়। অথচ এইটো হৈছে সিহঁতৰ মিছা দাবী। কিয়নো মানুহৰ বাবে একমাত্ৰ আল্লাহৰ চৰীয়ত মুতাবিক হোৱা মীমাংসাৰ মাজতেই নিহিত আছে কল্যাণ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004062.mp3"},{"index":"63","arabicText":"اُولٰٓىِٕكَ الَّذِیْنَ یَعْلَمُ اللّٰهُ مَا فِیْ قُلُوْبِهِمْ ۗ فَاَعْرِضْ عَنْهُمْ وَعِظْهُمْ وَقُلْ لَّهُمْ فِیْۤ اَنْفُسِهِمْ قَوْلًا بَلِیْغًا ۟","assameseTranslation":"এওঁলোকৰ অন্তৰত যি আছে সেয়া আল্লাহে ভালদৰেই জানে। সেয়ে তুমি সিহঁতক বৰ্জন কৰা, সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ সৈতে সিহঁতৰ নিজৰ বিষয়ে মৰ্মস্পৰ্শকাৰী কথা কোৱা।","footnotes":"","tafseer":"এইসকল লোকৰ অন্তৰত গোপন থকা নিফাক আৰু বেয়া মনোভাৱ সম্পৰ্কেও আল্লাহ সম্যক অৱগত। এতেকে হে ৰাছুল! আপুনি সিহঁতক সিহঁতৰ অৱস্থাতে এৰি দিয়ক, লগতে সিহঁতৰ প্ৰতি মনোযোগ নিদিব। সিহঁতক উৎসাহিত কৰিবলৈ আৰু সতৰ্ক কৰিবলৈ আল্লাহৰ আদেশসমূহ বৰ্ণনা কৰক, লগতে এনেকুৱা কথা কওক, যি কথাই সিহঁতৰ অন্তৰ চুই যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004063.mp3"},{"index":"64","arabicText":"وَمَاۤ اَرْسَلْنَا مِنْ رَّسُوْلٍ اِلَّا لِیُطَاعَ بِاِذْنِ اللّٰهِ ؕ وَلَوْ اَنَّهُمْ اِذْ ظَّلَمُوْۤا اَنْفُسَهُمْ جَآءُوْكَ فَاسْتَغْفَرُوا اللّٰهَ وَاسْتَغْفَرَ لَهُمُ الرَّسُوْلُ لَوَجَدُوا اللّٰهَ تَوَّابًا رَّحِیْمًا ۟","assameseTranslation":"আৰু আমি প্ৰতিজন ৰাছুলকে এইকাৰণে প্ৰেৰণ কৰিছোঁ, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়। এতেকে যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰিছিল তেতিয়া যদি সিহঁত তোমাৰ ওচৰলৈ আহিলহেঁতেন, আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, লগতে ৰাছুলেও যদি সিহঁতৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, তেন্তে নিশ্চয় সিহঁতে আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পালেহেঁতেন।","footnotes":"","tafseer":"আমি ৰাছুল এই কাৰণে প্ৰেৰণ কৰোঁ যাতে মানুহে আল্লাহৰ ইচ্ছাত তেওঁলোকৰ অনুসৰণ কৰে। এতেকে হে ৰাছুল! যদি সিহঁতে কোনো পাপ কৰ্ম কৰাৰ পিছত আপুনি জীৱিত থকা অৱস্থাত আপোনাৰ ওচৰলৈ আহিলহেঁতে আৰু নিজৰ গুনাহ স্বীকাৰ কৰিলেহেঁতেন, লগতে অনুতপ্ত হৈ তাওবা কৰিলেহেঁতেন আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, লগতে আপুনিও যদি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, তেন্তে নিশ্চয় সিহঁতে আল্লাহক তাওবা কবূলকাৰী আৰু দয়ালু হিচাপে পালেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004064.mp3"},{"index":"65","arabicText":"فَلَا وَرَبِّكَ لَا یُؤْمِنُوْنَ حَتّٰی یُحَكِّمُوْكَ فِیْمَا شَجَرَ بَیْنَهُمْ ثُمَّ لَا یَجِدُوْا فِیْۤ اَنْفُسِهِمْ حَرَجًا مِّمَّا قَضَیْتَ وَیُسَلِّمُوْا تَسْلِیْمًا ۟","assameseTranslation":"কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত (কেতিয়াও প্ৰকৃত) মুমিন হ’ব নোৱাৰে যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যৰ বাবে তোমাক মীমাংসাকাৰী হিচাপে মানি নল’ব; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে, লগতে যেতিয়ালৈকে সৰ্বান্তকৰণে সেই সিদ্ধান্তক মানি নল’ব।","footnotes":"","tafseer":"দৰাচলতে বিষয়টো তেনেকুৱা নহয়, যিদৰে মুনাফিকসকলে ধাৰণা কৰে। বৰং আল্লাহে নিজৰ শপত খাই কৈছে যে, সিহঁত প্ৰকৃত মুমিন হ’বই নোৱাৰে, যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সৃষ্টি হোৱা সকলো মতানৈক্যৰ ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ জীৱন কালত, আৰু তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ চৰীয়তক মীমাংসাকাৰী হিচাপে মানি নল’ব। ইয়াৰ পিছত আপোনাৰ ফয়চালা সম্পৰ্কে সিহঁতৰ অন্তৰত কোনো সংকোচবোধ তথা সংশয় থাকিব নালাগে, লগতে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে পৰিপূৰ্ণৰূপে আপোনাৰ আদেশ মানি ল’ব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004065.mp3"},{"index":"66","arabicText":"وَلَوْ اَنَّا كَتَبْنَا عَلَیْهِمْ اَنِ اقْتُلُوْۤا اَنْفُسَكُمْ اَوِ اخْرُجُوْا مِنْ دِیَارِكُمْ مَّا فَعَلُوْهُ اِلَّا قَلِیْلٌ مِّنْهُمْ ؕ وَلَوْ اَنَّهُمْ فَعَلُوْا مَا یُوْعَظُوْنَ بِهٖ لَكَانَ خَیْرًا لَّهُمْ وَاَشَدَّ تَثْبِیْتًا ۟ۙ","assameseTranslation":"আৰু যদি আমি সিহঁতক আদেশ কৰিলোহেঁতেন যে, তোমালোকে নিজেই নিজকে হত্যা কৰা অথবা নিজ ঘৰৰ পৰা ওলাই যোৱা তেন্তে সিহঁতৰ কিছু সংখ্যকেই এই আদেশ পালন কৰিলেহেঁতেন। যিটো সিহঁতক আদেশ কৰা হৈছিল সেয়া সিহঁতে পালন কৰিলে, নিশ্চয় সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন আৰু চিত্তস্থিৰতাত সিহঁত দৃঢ়তৰ হ’লহেঁতেন।","footnotes":"","tafseer":"যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হ’লহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হ’লহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোঁহেঁতেন, লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004066.mp3"},{"index":"67","arabicText":"وَّاِذًا لَّاٰتَیْنٰهُمْ مِّنْ لَّدُنَّاۤ اَجْرًا عَظِیْمًا ۟ۙ","assameseTranslation":"আৰু তেতিয়া আমি নিশ্চয় সিহঁতক আমাৰ তৰফৰ পৰা মহাপুৰস্কাৰ প্ৰদান কৰিলোহেঁতেন।","footnotes":"","tafseer":"যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হ’লহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হ’লহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোঁহেঁতেন, লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004067.mp3"},{"index":"68","arabicText":"وَّلَهَدَیْنٰهُمْ صِرَاطًا مُّسْتَقِیْمًا ۟","assameseTranslation":"আৰু নিশ্চয় সিহঁতক সৰল পথত পৰিচালিত কৰিলোহেঁতেন।","footnotes":"","tafseer":"যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হ’লহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হ’লহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোঁহেঁতেন, লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004068.mp3"},{"index":"69","arabicText":"وَمَنْ یُّطِعِ اللّٰهَ وَالرَّسُوْلَ فَاُولٰٓىِٕكَ مَعَ الَّذِیْنَ اَنْعَمَ اللّٰهُ عَلَیْهِمْ مِّنَ النَّبِیّٖنَ وَالصِّدِّیْقِیْنَ وَالشُّهَدَآءِ وَالصّٰلِحِیْنَ ۚ وَحَسُنَ اُولٰٓىِٕكَ رَفِیْقًا ۟ؕ","assameseTranslation":"আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব, তেওঁ সেইসকল লোকৰ সঙ্গী হ’ব যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে, তেওঁলোক হৈছে নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- আৰু তেওঁলোক কিমান যে উত্তম সঙ্গী!","footnotes":"","tafseer":"যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ সেইসকল লোকৰ লগত থাকিব, যিসকলক আল্লাহে জান্নাতত প্ৰৱেশৰ নিয়ামতেৰে পুৰষ্কৃত কৰিছে। যেনে- নবীসকল, সত্যবাদী লোকসকল, যিসকলে ৰাছুলে লৈ অহা চৰীয়তক পৰিপূৰ্ণৰূপে বিশ্বাস কৰিছিল আৰু তাৰ ওপৰত আমল কৰিছিল; আৰু শ্বহীদসকল, যিসকলে আল্লাহৰ পথত মৃত্যুবৰণ কৰিছে; লগতে পূণ্যৱান লোকসকল, যিসকলৰ বাহ্যিক আৰু আভ্যন্তৰীণ উভয় দিশ পৰিশুদ্ধ আছিল, ফলত তেওঁলোকৰ আমলো বিশুদ্ধ আছিল। এওঁলোক জান্নাতৰ কিমান যে উত্তম সঙ্গী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004069.mp3"},{"index":"70","arabicText":"ذٰلِكَ الْفَضْلُ مِنَ اللّٰهِ ؕ وَكَفٰی بِاللّٰهِ عَلِیْمًا ۟۠","assameseTranslation":"এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অনুগ্ৰহ। সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট।","footnotes":"","tafseer":"উক্ত ছোৱাবটো আল্লাহৰ তৰফৰ পৰা তেওঁৰ বান্দাসকলৰ প্ৰতি এক প্ৰকাৰ বিশেষ অনুগ্ৰহ আৰু কৃপা। মহান আল্লাহ তেওঁলোকৰ অৱস্থা সম্পৰ্কে যথেষ্ট অৱগত। তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ প্ৰতিদান প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004070.mp3"},{"index":"71","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا خُذُوْا حِذْرَكُمْ فَانْفِرُوْا ثُبَاتٍ اَوِ انْفِرُوْا جَمِیْعًا ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধানুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! নিজৰ শত্ৰুসকলৰ পৰা সাৱধানতা অৱলম্বন কৰি, সিহঁতৰ সৈতে যুদ্ধ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত ৰাখিবা। লগতে দলে দলে ওলাই আহা অথবা সকলো একেলগে ওলাই আহা। এই সকলোবোৰ নিজৰ সুবিধানুযায়ী আৰু শত্ৰুক পৰাজিত কৰাৰ উদ্দেশ্যে হ’ব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004071.mp3"},{"index":"72","arabicText":"وَاِنَّ مِنْكُمْ لَمَنْ لَّیُبَطِّئَنَّ ۚ فَاِنْ اَصَابَتْكُمْ مُّصِیْبَةٌ قَالَ قَدْ اَنْعَمَ اللّٰهُ عَلَیَّ اِذْ لَمْ اَكُنْ مَّعَهُمْ شَهِیْدًا ۟","assameseTranslation":"আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা লোকো আছে যিয়ে নিশ্চয় পিছহোঁহকা মাৰিব। তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপতিত হ’লে সি ক’ব, ‘আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে, মই সিহঁতৰ লগত উপস্থিত নাছিলোঁ’।","footnotes":"","tafseer":"হে মুছলিমসকল! তোমালোকৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কাপুৰুষতাৰ কাৰণে শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ ওলাই নাযাব, আৰু আন আন লোক সকলকো বাধা প্ৰদান কৰিব। দৰাচলতে ইহঁত মুনাফিক আৰু দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তি। যদি তোমালোকে নিহত হোৱা অথবা তোমালোকে পৰাজয় বৰণ কৰা তেন্তে সিহঁতে উত্ফুল্লিত হৈ ক’ব, এয়া আল্লাহৰ অনুগ্ৰহ যে, মই যুদ্ধত অংশগ্ৰহণ কৰা নাছিলোঁ, অন্যথা আজি মোৰো সেই অৱস্থা হ’লহেঁতেন, যিটো এওঁলোকৰ হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004072.mp3"},{"index":"73","arabicText":"وَلَىِٕنْ اَصَابَكُمْ فَضْلٌ مِّنَ اللّٰهِ لَیَقُوْلَنَّ كَاَنْ لَّمْ تَكُنْ بَیْنَكُمْ وَبَیْنَهٗ مَوَدَّةٌ یّٰلَیْتَنِیْ كُنْتُ مَعَهُمْ فَاَفُوْزَ فَوْزًا عَظِیْمًا ۟","assameseTranslation":"আৰু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি কোনো অনুগ্ৰহ আহিলে নিশ্চয় সি এনেকৈ ক’ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, ‘হায়, যদি সিহঁতৰ লগত থাকিলোঁহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোঁহেঁতেন’।","footnotes":"","tafseer":"হে মুছলিমসকল! যদি তোমালোকে বিজয় অথবা যুদ্ধলব্ধ সম্পদ হিচাপে আল্লাহৰ অনুগ্ৰহ লাভ কৰা, তেন্তে যুদ্ধৰ পৰা আঁতৰি থকা এই ব্যক্তিয়েই ক’ব, ময়ো যদি এওঁলোকৰ লগত যুদ্ধত অংশগ্ৰহণ কৰিলোঁহেঁতেন তেন্তে ময়ো এওঁলোকৰ দৰে বৰ ডাঙৰ সফলতা অৰ্জন কৰিলোঁহেঁতেন। তাৰ এই ব্যৱহাৰে এইটো প্ৰকাশ কৰে যে, যেনিবা সি তোমালোকৰ অন্তৰ্ভুক্তই নাছিল তথা তাৰ আৰু তোমালোকৰ মাজত কোনো সম্পৰ্কই নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004073.mp3"},{"index":"74","arabicText":"فَلْیُقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ الَّذِیْنَ یَشْرُوْنَ الْحَیٰوةَ الدُّنْیَا بِالْاٰخِرَةِ ؕ وَمَنْ یُّقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ فَیُقْتَلْ اَوْ یَغْلِبْ فَسَوْفَ نُؤْتِیْهِ اَجْرًا عَظِیْمًا ۟","assameseTranslation":"এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। কাৰণ যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব তেওঁ শ্বহীদ হওক অথবা জয়লাভ কৰক, আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম।","footnotes":"","tafseer":"এতেকে প্ৰকৃত মুমিনসকলে নিজৰ পাৰ্থিৱ জীৱনৰ মোহ এৰি ইয়াৰ বিনিময়ত আখিৰাতক ক্ৰয় কৰিছে, তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত, যাতে আল্লাহৰ দ্বীন সদায় উচ্চ হৈ থাকে। যিয়ে আল্লাহৰ দ্বীন সুউচ্চ কৰিবলৈ আল্লাহৰ পথত যুদ্ধ কৰি শ্বহীদ হ’ব, অথবা শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব, আল্লাহে তাক ডাঙৰ ছোৱাব প্ৰদান কৰিব অৰ্থাৎ তেওঁ জান্নাত আৰু আল্লাহৰ সন্তুষ্টি লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004074.mp3"},{"index":"75","arabicText":"وَمَا لَكُمْ لَا تُقَاتِلُوْنَ فِیْ سَبِیْلِ اللّٰهِ وَالْمُسْتَضْعَفِیْنَ مِنَ الرِّجَالِ وَالنِّسَآءِ وَالْوِلْدَانِ الَّذِیْنَ یَقُوْلُوْنَ رَبَّنَاۤ اَخْرِجْنَا مِنْ هٰذِهِ الْقَرْیَةِ الظَّالِمِ اَهْلُهَا ۚ وَاجْعَلْ لَّنَا مِنْ لَّدُنْكَ وَلِیًّا ۙۚ وَّاجْعَلْ لَّنَا مِنْ لَّدُنْكَ نَصِیْرًا ۟ؕ","assameseTranslation":"তোমালোকৰ কি হ’ল যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা, অথচ নিঃসহায় নৰ-নাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে, ‘হে আমাৰ প্ৰতিপালক! আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা, ইয়াৰ অধিবাসীসকল হৈছে অত্যাচাৰী; তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰা।","footnotes":"","tafseer":"হে মুমিনসকল! আল্লাহৰ দ্বীন সুউচ্চ কৰাৰ উদ্দেশ্যে আৰু অসহায় পুৰুষ মহিলা আৰু শিশুসকলক নিৰ্যাতনমুক্ত কৰাৰ বাবে আল্লাহৰ পথত জিহাদ কৰিবলৈ কিহে তোমালোকক বাধা দিয়ে, যিসকলে সদায় আল্লাহৰ ওচৰত এই বুলি প্ৰাৰ্থনা কৰে যে, হে আমাৰ প্ৰতিপালক! আমাক মক্কাৰ পৰা ওলাই লৈ যোৱা, ইয়াৰ অধিবাসীসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ বান্দাসকলৰ ওপৰত অত্যাচাৰ কৰে। এতেকে তুমি আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰি দিয়া, যিয়ে আমাক সুৰক্ষা প্ৰদান কৰিব, আৰু এনেকুৱা সহায়ক নিৰ্ধাৰণ কৰি দিয়া, যিয়ে আমাক সকলো প্ৰকাৰৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004075.mp3"},{"index":"76","arabicText":"اَلَّذِیْنَ اٰمَنُوْا یُقَاتِلُوْنَ فِیْ سَبِیْلِ اللّٰهِ ۚ وَالَّذِیْنَ كَفَرُوْا یُقَاتِلُوْنَ فِیْ سَبِیْلِ الطَّاغُوْتِ فَقَاتِلُوْۤا اَوْلِیَآءَ الشَّیْطٰنِ ۚ اِنَّ كَیْدَ الشَّیْطٰنِ كَانَ ضَعِیْفًا ۟۠","assameseTranslation":"যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, আৰু কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা; চয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।","footnotes":"","tafseer":"প্ৰকৃত মুমিনে আল্লাহৰ পথত তেওঁৰ দ্বীনৰ প্ৰসাৰতাৰ বাবে যুদ্ধ কৰে, আনহাতে কাফিৰসকলে নিজৰ অসত্য উপাস্যসকলৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ সহায়কসকলৰ লগত যুদ্ধ কৰা, কিয়নো যদি তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা তেন্তে তোমালোকে বিজয়প্ৰাপ্ত হ’বা। কিয়নো চয়তানৰ চক্ৰান্ত হৈছে অতি দুৰ্বল। সি আল্লাহৰ প্ৰতি ভৰসাকাৰীসকলৰ একো ক্ষতি কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004076.mp3"},{"index":"77","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ قِیْلَ لَهُمْ كُفُّوْۤا اَیْدِیَكُمْ وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ ۚ فَلَمَّا كُتِبَ عَلَیْهِمُ الْقِتَالُ اِذَا فَرِیْقٌ مِّنْهُمْ یَخْشَوْنَ النَّاسَ كَخَشْیَةِ اللّٰهِ اَوْ اَشَدَّ خَشْیَةً ۚ وَقَالُوْا رَبَّنَا لِمَ كَتَبْتَ عَلَیْنَا الْقِتَالَ ۚ لَوْلَاۤ اَخَّرْتَنَاۤ اِلٰۤی اَجَلٍ قَرِیْبٍ ؕ قُلْ مَتَاعُ الدُّنْیَا قَلِیْلٌ ۚ وَالْاٰخِرَةُ خَیْرٌ لِّمَنِ اتَّقٰی ۫ وَلَا تُظْلَمُوْنَ فَتِیْلًا ۟","assameseTranslation":"তুমি সিহঁতক দেখা নাইনে? যিসকলক কোৱা হৈছিল, ‘তোমালোকে নিজৰ হাত সংবৰণ কৰা, ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা’; তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা হয় অথবা তাতোকৈ বেছি ভয় কৰিছিল আৰু কৈছিল, ‘হে আমাৰ প্ৰতিপালক! আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা? আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা? কোৱা, ‘পাৰ্থিৱ ভোগ-বিলাস অতি সামান্য আৰু যিয়ে তাক্বৱা অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণো অন্যায় কৰা নহ’ব’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আপোনাৰ সেইসকল সঙ্গী সম্পৰ্কে অৱগত নহয়নে, যিসকলে জিহাদ ফৰজ হোৱাৰ আবেদন জনাইছিল। তেতিয়া তেওঁলোকক কোৱা হৈছিল, এতিয়া যুদ্ধৰ পৰা বিৰত থাকা, ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত আদায় দিয়া। দৰাচলতে এয়া জিহাদ ফৰজ হোৱাৰ আগৰ কথা। কিন্তু যেতিয়া তেওঁলোকে মদীনালৈ হিজৰত কৰিলে, আৰু ইছলাম মজবুত হ’ল আৰু তেওঁলোকৰ ওপৰত জিহাদ ফৰজ কৰা হ’ল, তেতিয়া তেওঁলোকৰ মাজৰ কিছুমান লোকৰ ওপৰত এই আদেশ বৰ কঠিন অনুভৱ হ’ল আৰু তেওঁলোকে মানুহক এনেকুৱা ভয় কৰিবলৈ ধৰিলে যিদৰে আল্লাহক ভয় কৰা উচিত অথবা তাতোকৈ অধিক। ক’বলৈ ধৰিলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত জিহাদ কিয় অনিবাৰ্য্য কৰিলা, ইয়াক অলপ দিন কিয় পিছুৱাই নিদিলা, যাতে আমি পৃথিৱীৰ পৰা অলপ উপকৃত হ’লোহেঁতেন। হে ৰাছুল! কৈ দিয়ক যে, পাৰ্থিৱ সম্পত্তি যিমানেই লাভ নকৰা কিয়, সেয়া কম আৰু ধ্বংসশীল। আনহাতে আল্লাহক ভয়কাৰীসকলৰ বাবে আখিৰাত হৈছে সবাতোকৈ উত্তম, কিয়নো তেওঁৰ নিয়ামত হৈছে চিৰস্থায়ী। জানি থোৱা! তোমালোকক প্ৰতিদান দিয়াৰ সময়ত খেজুৰ গুটিৰ ওপৰত থকা সূতাৰ সমানো তোমালোকৰ আমল হ্ৰাস কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004077.mp3"},{"index":"78","arabicText":"اَيْنَمَا تَكُوْنُوْا یُدْرِكْكُّمُ الْمَوْتُ وَلَوْ كُنْتُمْ فِیْ بُرُوْجٍ مُّشَیَّدَةٍ ؕ وَاِنْ تُصِبْهُمْ حَسَنَةٌ یَّقُوْلُوْا هٰذِهٖ مِنْ عِنْدِ اللّٰهِ ۚ وَاِنْ تُصِبْهُمْ سَیِّئَةٌ یَّقُوْلُوْا هٰذِهٖ مِنْ عِنْدِكَ ؕ قُلْ كُلٌّ مِّنْ عِنْدِ اللّٰهِ ؕ فَمَالِ هٰۤؤُلَآءِ الْقَوْمِ لَا یَكَادُوْنَ یَفْقَهُوْنَ حَدِیْثًا ۟","assameseTranslation":"তোমালোকে য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণেই হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে!","footnotes":"","tafseer":"তোমালোক য’তেই নাথাকা কিয়, যেতিয়া নিৰ্দিষ্ট সময় আহি পৰিব, তেতিয়া তোমালোকৰ মৃত্যু হ’বই, যদিও তোমালোক যুদ্ধৰ ময়দানৰ পৰা দূৰৈত মজবুত দুৰ্গত আত্ম গোপন নকৰা কিয়। এই মুনাফিকসকলৰ স্বভাৱ এনেকুৱা যে, যদি সিহঁতে সন্তান আৰু সম্পদ আদিৰ দৰে কোনো বস্তু পায় তেন্তে কয়ঃ এয়া আল্লাহৰ ফালৰ পৰা অনুগ্ৰহ। আনহাতে সন্তান আৰু সম্পত্তিত কোনো অনিষ্ট সাধন হ’লে, সেয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অমঙ্গল বুলি দাবী কৰি কয়ঃ এই ক্ষতি আপোনাৰ কাৰণে হৈছে। হে ৰাছুল! আপুনি ইয়াৰ খণ্ডন কৰি কওক যে, ভাল আৰু বেয়া তথা সুখ-দুখ সকলো আল্লাহৰ ফয়চালা আৰু তেওঁৰ নিৰ্ধাৰণ অনুযায়ীয়ে হয়। এই ধৰণে কথা কোৱা ব্যক্তিসকলৰ আচলতে হৈছে কি, সিহঁতে আপোনাৰ কথা বুজি নাপায় নেকি?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004078.mp3"},{"index":"79","arabicText":"مَاۤ اَصَابَكَ مِنْ حَسَنَةٍ فَمِنَ اللّٰهِ ؗ وَمَاۤ اَصَابَكَ مِنْ سَیِّئَةٍ فَمِنْ نَّفْسِكَ ؕ وَاَرْسَلْنٰكَ لِلنَّاسِ رَسُوْلًا ؕ وَكَفٰی بِاللّٰهِ شَهِیْدًا ۟","assameseTranslation":"তোমাৰ ওচৰত যি কল্যাণ আহে সেয়া আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সেয়া তোমাৰ নিজৰ কাৰণে হয় আৰু আমি তোমাক মানুহৰ বাবে ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ; সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।","footnotes":"","tafseer":"হে আদম সন্তান! তোমালোকে জীৱিকা আৰু সন্তান আদিৰ দৰে যি আনন্দদায়ক বস্তু লাভ কৰা, সেই সকলো আল্লাহৰ ফালৰ পৰাই লাভ হয়, তথা এইবোৰ তেৱেঁই তোমালোকক প্ৰদান কৰে। আনহাতে জীৱিকা তথা সন্তানৰ ক্ষেত্ৰত তোমালোকে যি আপদ বিপদৰ সন্মুখীন হোৱা, সেই সকলো তোমালোকৰ নিজৰ ফালৰ পৰা তথা তোমালোকৰ গুনাহৰ কাৰণে অৰ্জন হয়। হে নবী! আমি আপোনাক গোটেই মানৱ জাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ, যাতে আপুনি নিজ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়ে। আপুনি আল্লাহৰ ফালৰ পৰা মানুহৰ ওচৰত যি উপস্থাপন কৰে, তাৰ সত্যতাৰ বাবে আল্লাহৰ সাক্ষ্য তথা তেওঁ প্ৰদান কৰা প্ৰমাণ আদিয়েই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004079.mp3"},{"index":"80","arabicText":"مَنْ یُّطِعِ الرَّسُوْلَ فَقَدْ اَطَاعَ اللّٰهَ ۚ وَمَنْ تَوَلّٰی فَمَاۤ اَرْسَلْنٰكَ عَلَیْهِمْ حَفِیْظًا ۟ؕ","assameseTranslation":"যিয়ে ৰাছুলৰ আনুগত্য কৰে, তেওঁ দৰাচলতে আল্লাহৰেই আনুগত্য কৰে। আনহাতে যিয়ে বিমুখ হয়, তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।","footnotes":"","tafseer":"যিয়ে ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি তেওঁৰ আনুগত্য কৰিব, সি দৰাচলতে আল্লাহৰ আদেশ পালন কৰিলে। আনহাতে হে ৰাছুল! যিয়ে আপোনাৰ আনুগত্যৰ পৰা মুখ ঘূৰাই লয়, তাৰ প্ৰতি আপুনি চিন্তিত নহ’ব। কিয়নো আমি আপোনাক প্ৰহৰী বনাই প্ৰেৰণ কৰা নাই যে, আপুনি সিহঁতৰ আমল সংৰক্ষণ কৰিব। সিহঁতৰ আমলৰ গণনা আৰু হিচাপ লোৱাৰ দায়িত্ব হৈছে কেৱল আমাৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004080.mp3"},{"index":"81","arabicText":"وَیَقُوْلُوْنَ طَاعَةٌ ؗ فَاِذَا بَرَزُوْا مِنْ عِنْدِكَ بَیَّتَ طَآىِٕفَةٌ مِّنْهُمْ غَیْرَ الَّذِیْ تَقُوْلُ ؕ وَاللّٰهُ یَكْتُبُ مَا یُبَیِّتُوْنَ ۚ فَاَعْرِضْ عَنْهُمْ وَتَوَكَّلْ عَلَی اللّٰهِ ؕ وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘(আমি) আনুগত্য কৰোঁ’; তাৰ পিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায়, তেতিয়া সিহঁতৰ এটা দলে যি কয় ৰাতিত তাৰ বিপৰীত পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। সেয়ে তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা; আৰু কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।","footnotes":"","tafseer":"মুনাফিকসকলে কেৱল মুখেৰে কয় যে, আমি আপোনাৰ আদেশ পালন কৰিম আৰু তাত কোনো অৱহেলা নকৰোঁ। কিন্তু যেতিয়া সিহঁতে আপোনাৰ পৰা গুচি যায়, তেতিয়া সিহঁতৰ এটা দলে গোপনে আপোনাৰ সন্মুখত ব্যক্ত কৰা বক্তব্যৰ বিপৰীতে চক্ৰান্ত ৰচনা কৰে। অথচ সিহঁতৰ চক্ৰান্ত সম্পৰ্কে আল্লাহ সম্যক অৱগত, আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল প্ৰদান কৰিব। এতেকে আপুনি সিহঁতৰ প্ৰতি মনোযোগ নিদিব, সিহঁতে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে। আপোনাৰ সকলো বিষয় আল্লাহৰ ওপৰত এৰি দিয়ক আৰু তেওঁৰ ওপৰতে ভৰসা কৰক, সংৰক্ষক হিচাপে আল্লাহেই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004081.mp3"},{"index":"82","arabicText":"اَفَلَا یَتَدَبَّرُوْنَ الْقُرْاٰنَ ؕ وَلَوْ كَانَ مِنْ عِنْدِ غَیْرِ اللّٰهِ لَوَجَدُوْا فِیْهِ اخْتِلَافًا كَثِیْرًا ۟","assameseTranslation":"সিহঁতে কোৰআনকলৈ গভীৰভাৱে চিন্তা-চৰ্চা নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।","footnotes":"","tafseer":"ইহঁতে কোৰআনৰ ওপৰত গৱেষণা কিয় নকৰে আৰু ইয়াক মনোযোগ সহকাৰে কিয় পাঠ নকৰে। যাতে এই কথা প্ৰমাণ হৈ যায় যে, কোৰআনৰ ভিতৰত কোনো মতানৈক্য অথবা পাৰস্পাৰিক অমিল নাই, লগতে আপুনি লৈ অহা দ্বীনৰ সত্যতাৰ প্ৰতিও যাতে সিহঁতে পতিয়ন যাব পাৰে। যদি কোৰআনখন আল্লাহৰ বাহিৰে আন কাৰোবাৰ ফালৰ পৰা হ’লহেঁতেন তেন্তে ইয়াৰ বিধানত পাৰস্পাৰিক অমিল থাকিলহেঁতেন আৰু ইয়াৰ অৰ্থত বহুত বেমেজালি পোৱা গ’লহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004082.mp3"},{"index":"83","arabicText":"وَاِذَا جَآءَهُمْ اَمْرٌ مِّنَ الْاَمْنِ اَوِ الْخَوْفِ اَذَاعُوْا بِهٖ ؕ وَلَوْ رَدُّوْهُ اِلَی الرَّسُوْلِ وَاِلٰۤی اُولِی الْاَمْرِ مِنْهُمْ لَعَلِمَهُ الَّذِیْنَ یَسْتَنْۢبِطُوْنَهٗ مِنْهُمْ ؕ وَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكُمْ وَرَحْمَتُهٗ لَاتَّبَعْتُمُ الشَّیْطٰنَ اِلَّا قَلِیْلًا ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতৰ ওচৰলৈ শান্তি অথবা শংকাৰ কোনো সংবাদ আহে তেতিয়া সিহঁতে সেইটো প্ৰচাৰ কৰি ফুৰে। যদি সিহঁতে সেই সংবাদটো ৰাছুল অথবা সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে তেওঁলোকে সেইটোৰ যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলহেঁতেন তেন্তে তোমালোকৰ মাজৰ কিছুমানৰ বাহিৰে আটায়ে চয়তানৰ অনুসৰণ কৰিলেহেঁতেন।","footnotes":"","tafseer":"যেতিয়া এই মুনাফিকসকলৰ ওচৰত মুছলিমসকলৰ শান্তি তথা আনন্দ অথবা ভয়-আশংকা আৰু দুখ কষ্টৰ কোনো বাৰ্তা আহে তেতিয়া সিহঁতে সেইটোক প্ৰচাৰ কৰি ফুৰে। যদি সিহঁতে অলপ প্ৰতীক্ষা কৰাহেঁতেন আৰু বিষয়টো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম তথা বিবেকৱান, জ্ঞানী আৰু শুভচিন্তিত লোকৰ ওচৰলৈ লৈ গ'লহেঁতেন, তেন্তে তেওঁলোকে বিষয়টো চালি জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰিলেহেঁতেন যে, এইটো প্ৰচাৰ কৰা ঠিক হ'বনে, গোপনে ৰখা ঠিক হ'ব। হে মুমিনসকল! যদি আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ ৰহমত তোমালোকৰ ওপৰত নাথাকিলহেঁতেন আৰু এইসকল মুনাফিকে যি ৰোগত আক্ৰান্ত হৈছে তাৰ পৰা ৰক্ষা নকৰিলেহেঁতেন, তেন্তে তোমালোকৰ কিছু সংখ্যকৰ বাহিৰে বাকী সকলোৱে চয়তানৰ কুমন্ত্ৰণাত পতিত হ'লহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004083.mp3"},{"index":"84","arabicText":"فَقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ ۚ لَا تُكَلَّفُ اِلَّا نَفْسَكَ وَحَرِّضِ الْمُؤْمِنِیْنَ ۚ عَسَی اللّٰهُ اَنْ یَّكُفَّ بَاْسَ الَّذِیْنَ كَفَرُوْا ؕ وَاللّٰهُ اَشَدُّ بَاْسًا وَّاَشَدُّ تَنْكِیْلًا ۟","assameseTranslation":"এতেকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নোহোৱা আৰু মুমিনসকলক (যুদ্ধৰ বাবে) উদ্বুদ্ধ কৰা; সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব; আৰু আল্লাহৰ শক্তি সৰ্বপেক্ষা প্ৰবল আৰু শাস্তি দানত অতি কঠোৰ।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আল্লাহৰ পথত তেওঁৰ দ্বীন সুউচ্চ কৰাৰ বাবে যুদ্ধ কৰক। আপোনাক আনৰ বিষয়ে সোধ-পোচ কৰা নহ’ব আৰু বাধ্যও কৰা নহ’ব। কিয়নো আপুনি কেৱল নিজকেই যুদ্ধৰ বাবে বাধ্য কৰিব পাৰে। লগতে মুমিনসকলক যুদ্ধৰ বাবে উৎসাহিত কৰক আৰু তেওঁলোকক প্ৰস্তুত কৰক। আশা কৰা যায় যে, আল্লাহে আপোনালোকৰ যুদ্ধৰ মাধ্যমত কাফিৰসকলৰ শক্তিক দমন কৰিব। নিশ্চয় আল্লাহ অধিক শক্তিশালী আৰু কঠোৰ শাস্তি প্ৰদানকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004084.mp3"},{"index":"85","arabicText":"مَنْ یَّشْفَعْ شَفَاعَةً حَسَنَةً یَّكُنْ لَّهٗ نَصِیْبٌ مِّنْهَا ۚ وَمَنْ یَّشْفَعْ شَفَاعَةً سَیِّئَةً یَّكُنْ لَّهٗ كِفْلٌ مِّنْهَا ؕ وَكَانَ اللّٰهُ عَلٰی كُلِّ شَیْءٍ مُّقِیْتًا ۟","assameseTranslation":"যিয়ে ভাল কামৰ বাবে চুপাৰিছ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব আৰু যিয়ে বেয়া কামৰ বাবে চুপাৰিছ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। (জানি থোৱা) আল্লাহ প্ৰতিটো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"যিয়ে আনৰ কল্যাণ কৰিবলৈ চেষ্টা কৰিব, তেওঁ ছোৱাবৰ অংশীদাৰ হ’ব, আনহাতে যিয়ে আনৰ ক্ষতি সাধন কৰাৰ প্ৰয়াস কৰিব, সি গুনাহৰ অংশীদাৰ হ’ব। আল্লাহে মানুহৰ সকলো কৰ্ম চাই আছে, আৰু তেৱেঁই মানুহক ইয়াৰ প্ৰতিদান দিব। এতেকে তোমালোকৰ মাজৰ যিয়ে কল্যাণ লাভৰ মাধ্যম অৱলম্বন কৰিব, সি তাৰ অংশ নিশ্চয় পাব, আনহাতে যিয়ে অকল্যাণ লাভৰ মাধ্যম অৱলম্বন কৰিব, সিও নিজৰ ভাগ নিশ্চয় পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004085.mp3"},{"index":"86","arabicText":"وَاِذَا حُیِّیْتُمْ بِتَحِیَّةٍ فَحَیُّوْا بِاَحْسَنَ مِنْهَاۤ اَوْ رُدُّوْهَا ؕ اِنَّ اللّٰهَ كَانَ عَلٰی كُلِّ شَیْءٍ حَسِیْبًا ۟","assameseTranslation":"আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয় তেতিয়া তোমালোকে তাতোকৈ উত্তমৰূপে ছালামৰ উত্তৰ দিবা নাইবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।","footnotes":"","tafseer":"যেতিয়া কোনোবাই তোমালোকক ছালাম দিয়ে তেতিয়া তোমালোকে তাক ছালামৰ তাতোকৈ উত্তম উত্তৰ দিবা, অথবা অনুৰূপ উত্তৰ দিবা। যদিও উত্তম উত্তৰ দিয়াটোৱে হৈছে ভাল। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কৰ্মৰ সংৰক্ষণকাৰী, তেওঁ তোমালোকৰ প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004086.mp3"},{"index":"87","arabicText":"اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ لَیَجْمَعَنَّكُمْ اِلٰی یَوْمِ الْقِیٰمَةِ لَا رَیْبَ فِیْهِ ؕ وَمَنْ اَصْدَقُ مِنَ اللّٰهِ حَدِیْثًا ۟۠","assameseTranslation":"আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ’ব পাৰে?","footnotes":"","tafseer":"আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ তোমালোকৰ আগৰ আৰু তোমালোকৰ পিছৰ সকলো মানুহকে একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যাতে তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব পাৰে। আল্লাহতকৈ অধিক সত্যবাদী আন কোনো নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004087.mp3"},{"index":"88","arabicText":"فَمَا لَكُمْ فِی الْمُنٰفِقِیْنَ فِئَتَیْنِ وَاللّٰهُ اَرْكَسَهُمْ بِمَا كَسَبُوْا ؕ اَتُرِیْدُوْنَ اَنْ تَهْدُوْا مَنْ اَضَلَّ اللّٰهُ ؕ وَمَنْ یُّضْلِلِ اللّٰهُ فَلَنْ تَجِدَ لَهٗ سَبِیْلًا ۟","assameseTranslation":"তোমালোকৰ কি হৈছে যে, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ ওভতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকৰ কি হৈছে, মুনাফিকসকলৰ লগত ব্যৱহাৰৰ ক্ষেত্ৰত তোমালোক দুটা ভাগত বিভক্ত হ’লা কিয়? এটা দলে কয়ঃ সিহঁতে কুফৰ কৰিছে, গতিকে সিহঁতৰ লগত যুদ্ধ কৰা উচিত। আনহাতে দ্বিতীয় দলে কয়ঃ যিহেতু সিহঁত মুমিন, সেয়ে সিহঁতৰ লগত যুদ্ধ কৰা উচিত নহয়। তোমালোকে কিয় সিহঁতৰ বিষয়ে মতানৈক্য কৰিবলৈ ধৰিলা, অথচ আল্লাহে সিহঁতৰ বেয়া কৰ্মৰ কাৰণে সিহঁতক কুফৰ আৰু ভ্ৰষ্টতাৰ পিনে ওভোতাই দিছে? তোমালোকে সিহঁতক সঠিক পথত আনিব বিচৰা নেকি, যাক আল্লাহে সত্য স্বীকাৰ কৰাৰ তাওফীক দিয়া নাই? আল্লাহে যাক পথভ্ৰষ্ট কৰে তাক হিদায়ত দিবলৈ তুমি কোনো পথ সন্ধান কৰি নাপাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004088.mp3"},{"index":"89","arabicText":"وَدُّوْا لَوْ تَكْفُرُوْنَ كَمَا كَفَرُوْا فَتَكُوْنُوْنَ سَوَآءً فَلَا تَتَّخِذُوْا مِنْهُمْ اَوْلِیَآءَ حَتّٰی یُهَاجِرُوْا فِیْ سَبِیْلِ اللّٰهِ ؕ فَاِنْ تَوَلَّوْا فَخُذُوْهُمْ وَاقْتُلُوْهُمْ حَیْثُ وَجَدْتُّمُوْهُمْ ۪ وَلَا تَتَّخِذُوْا مِنْهُمْ وَلِیًّا وَّلَا نَصِیْرًا ۟ۙ","assameseTranslation":"সিহঁতে এইটোৱেই কামনা কৰে যে, সিহঁতে যেনেকৈ কুফৰী কৰিছে তোমালোকেও তেনেকৈ কুফৰী কৰা, যাতে তোমালোকে সিহঁতৰ সমান হ’ব পাৰা। সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা। যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কৰূপে গ্ৰহণ নকৰিবা।","footnotes":"","tafseer":"মুনাফিকসকলে কামনা কৰে যে, তোমালোকেও সিহঁতৰ দৰে সেইখনক অস্বীকাৰ কৰা, যিখন তোমালোকৰ প্ৰতি অৱতীৰ্ণ হৈছে। যাতে কুফৰৰ ক্ষেত্ৰত তোমালোক সমান হৈ যোৱা। সিহঁতৰ এই শত্ৰুতাৰ কাৰণে সিহঁতক বন্ধু হিচাপে গ্ৰহণ নকৰিবা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে শ্বিৰ্কৰ নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত নকৰিব, যাতে সিহঁতৰ ঈমানৰ প্ৰমাণ পোৱা যায়। যদি সিহঁতে এইটো নকৰে আৰু নিজৰ স্থিতিত অটল থাকে তেন্তে সিহঁতক গ্ৰেপ্তাৰ কৰা আৰু য’তে পাবা ত’তেই হত্যা কৰিবা। লগতে সিহঁতৰ মাজৰ কাকো তোমালোকৰ কাম কাজ চোৱা চিতাৰ বাবে সংৰক্ষক নবনাবা, লগতে শত্ৰুৰ বিৰুদ্ধে সহায়কাৰী হিচাপেও গ্ৰহণ নকৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004089.mp3"},{"index":"90","arabicText":"اِلَّا الَّذِیْنَ یَصِلُوْنَ اِلٰی قَوْمٍ بَیْنَكُمْ وَبَیْنَهُمْ مِّیْثَاقٌ اَوْ جَآءُوْكُمْ حَصِرَتْ صُدُوْرُهُمْ اَنْ یُّقَاتِلُوْكُمْ اَوْ یُقَاتِلُوْا قَوْمَهُمْ ؕ وَلَوْ شَآءَ اللّٰهُ لَسَلَّطَهُمْ عَلَیْكُمْ فَلَقٰتَلُوْكُمْ ۚ فَاِنِ اعْتَزَلُوْكُمْ فَلَمْ یُقَاتِلُوْكُمْ وَاَلْقَوْا اِلَیْكُمُ السَّلَمَ ۙ فَمَا جَعَلَ اللّٰهُ لَكُمْ عَلَیْهِمْ سَبِیْلًا ۟","assameseTranslation":"কিন্তু (সিহঁতৰ মাজৰ সেইসকল লোকক হত্যা নকৰিবা) যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধিচুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয়। আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায়, তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই।","footnotes":"","tafseer":"কিন্তু সিহঁতৰ মাজৰ যিসকলে এনেকুৱা সম্প্ৰদায়ৰ ওচৰলৈ গৈ উপস্থিত হয়, যি সম্প্ৰদায়ৰ লগত তোমালোকৰ যুদ্ধবিৰামৰ সন্ধি আছে, অথবা সিহঁত নিজেই যদি তোমালোকৰ ওচৰলৈ এই অৱস্থাত আহে যে, সিহঁতৰ অন্তৰ সংকীৰ্ণ হৈ পৰিছে, সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিব নিবিচাৰে আৰু নিজৰ সম্প্ৰদায়ৰ লগতো নহয়, আনহাতে আল্লাহে ইচ্ছা কৰিলে সিহঁতক তোমালোকতকৈ অধিক শক্তিশালী কৰিলেহেঁতেন, ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে তোমালোকে আল্লাহে প্ৰদান কৰা শান্তিময় পৰিৱেশ স্বীকাৰ কৰা আৰু সিহঁতক হত্যা তথা গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকা। যদি সিহঁতে তোমালোকৰ পৰা পৃথক হৈ থাকে, আৰু তোমালোকৰ লগত যুদ্ধ নকৰি সন্ধি কৰিব বিচাৰে তেন্তে এনেক্ষেত্ৰত সিহঁতক হত্যা কৰা অথবা বন্দী কৰাৰ কোনো বিধান আল্লাহে তোমালোকক প্ৰদান কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004090.mp3"},{"index":"91","arabicText":"سَتَجِدُوْنَ اٰخَرِیْنَ یُرِیْدُوْنَ اَنْ یَّاْمَنُوْكُمْ وَیَاْمَنُوْا قَوْمَهُمْ ؕ كُلَّ مَا رُدُّوْۤا اِلَی الْفِتْنَةِ اُرْكِسُوْا فِیْهَا ۚ فَاِنْ لَّمْ یَعْتَزِلُوْكُمْ وَیُلْقُوْۤا اِلَیْكُمُ السَّلَمَ وَیَكُفُّوْۤا اَیْدِیَهُمْ فَخُذُوْهُمْ وَاقْتُلُوْهُمْ حَیْثُ ثَقِفْتُمُوْهُمْ ؕ وَاُولٰٓىِٕكُمْ جَعَلْنَا لَكُمْ عَلَیْهِمْ سُلْطٰنًا مُّبِیْنًا ۟۠","assameseTranslation":"তোমালোকে অনতিপলমে কিছুমান লোকক দেখিবলৈ পাবা, যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব। যেতিয়াই সিহঁতক ফিতনাৰ ফালে মনোনিবেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায়। যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে, তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা, আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছোঁ।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে মুনাফিকসকলৰ আন এটা দল এনেকুৱা পাবা, যিসকলে তোমালোকৰ ওচৰত প্ৰকাশ কৰে যে, সিহঁত হৈছে মুমিন; যাতে সিহঁতে নিৰাপদে থাকিব পাৰে। কিন্তু যেতিয়া সিহঁতে নিজৰ কাফিৰ সম্প্ৰদায়ৰ ওচৰলৈ যায়, তেতিয়া সিহঁতে কয় যে, আমি হৈছোঁ অমুছলিম, যাতে সিহঁতৰ পৰাও নিৰাপদে থাকিব পাৰে। সিহঁতক যেতিয়াই আল্লাহৰ লগত কুফুৰী কৰাৰ বাবে আৰু শ্বিৰ্ক কৰাৰ বাবে আহ্বান কৰা হয়, তেতিয়াই সিহঁতে আন্তৰিকতাৰে সেইটো কৰে। এনেকুৱা স্বভাৱৰ ব্যক্তিসকলে যদি তোমালোকৰ লগত যুদ্ধ কৰা বন্ধ নকৰে আৰু সন্ধিৰ বাবে আগুৱাই নাহে আৰু হাত সামৰি নাথাকে তেন্তে সিহঁতক য’তেই পাবা ত’তেই হত্যা কৰিবা। এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰু হত্যা কৰিবলৈ আমি তোমালোকক স্পষ্ট প্ৰমাণ দিছোঁ। কাৰণ সিহঁতে প্ৰতাৰণা কৰিছে আৰু যড়যন্ত্ৰ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004091.mp3"},{"index":"92","arabicText":"وَمَا كَانَ لِمُؤْمِنٍ اَنْ یَّقْتُلَ مُؤْمِنًا اِلَّا خَطَـًٔاۚ وَمَنْ قَتَلَ مُؤْمِنًا خَطَـًٔا فَتَحْرِیْرُ رَقَبَةٍ مُّؤْمِنَةٍ وَّدِیَةٌ مُّسَلَّمَةٌ اِلٰۤی اَهْلِهٖۤ اِلَّاۤ اَنْ یَّصَّدَّقُوْا ؕ فَاِنْ كَانَ مِنْ قَوْمٍ عَدُوٍّ لَّكُمْ وَهُوَ مُؤْمِنٌ فَتَحْرِیْرُ رَقَبَةٍ مُّؤْمِنَةٍ ؕ وَاِنْ كَانَ مِنْ قَوْمٍۭ بَیْنَكُمْ وَبَیْنَهُمْ مِّیْثَاقٌ فَدِیَةٌ مُّسَلَّمَةٌ اِلٰۤی اَهْلِهٖ وَتَحْرِیْرُ رَقَبَةٍ مُّؤْمِنَةٍ ۚ فَمَنْ لَّمْ یَجِدْ فَصِیَامُ شَهْرَیْنِ مُتَتَابِعَیْنِ ؗ تَوْبَةً مِّنَ اللّٰهِ ؕ وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟","assameseTranslation":"কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয়, কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা; আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিছে তেন্তে তাৰ কৰ্তব্য হৈছে এজন মুমিন দাস মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা কৰ্তব্য, যদি সিহঁতে ক্ষমা নকৰে; আৰু যদি সেইজন তোমালোকৰ শত্ৰু পক্ষৰ লোক হয় তেন্তে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য; আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় যিসকলৰ লগত তোমালোক অঙ্গীকাৰাৱদ্ধ তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰা তেওঁৰ কৰ্তব্য। আনহাতে যদি (মুক্ত কৰিবলৈ কোনো দাস) নাপায় (বা মুক্ত কৰাৰ সামৰ্থ নাথাকে) তেন্তে তেওঁ একাদিক্ৰমে দুমাহ ছিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"কোনো মুমিনে আন কোনো মুমিনক হত্যা কৰা উচিত নহয়, ভুলবশতঃ হ’লে সেয়া সুকীয়া কথা। কিন্তু যিয়ে ভুলবশতঃ কোনো মুমিনক হত্যা কৰিব, সি কাফফাৰা হিচাপে এজন মুমিন দাস মুক্ত কৰিব লাগিব, আৰু হত্যাকাৰীৰ আত্মীয়সকলে নিহত ব্যক্তিৰ আত্মীয়সকলক ৰক্তপণ আদায় দিব লাগিব। যদি নিহত ব্যক্তিৰ আত্মীয়সকলে ৰক্তপণ ক্ষমা কৰি দিয়ে তেন্তে আদায় দিয়াৰ প্ৰয়োজন নাই। আনহাতে যদি নিহত ব্যক্তিজন শত্ৰু পক্ষৰ হয়, আৰু নিহত ব্যক্তি গৰাকী মুমিন হয়, তেনেক্ষেত্ৰত হত্যাকাৰীয়ে এজন মুমিন দাস আজাদ কৰিব লাগিব, ৰক্তপণ দিয়াৰ আৱশ্যকতা নাই। আনহাতে নিহত ব্যক্তি গৰাকী যদি অমুছলিম হয় আৰু সিহঁতৰ লগত যদি তোমালোকৰ কোনো অঙ্গীকাৰ থাকে, যেনে- জিম্মীসকলৰ ক্ষেত্ৰত থাকে, তেন্তে হত্যাকাৰীৰ আত্মীয়সকলে নিহত ব্যক্তিৰ আত্মীয়সকলক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰিব লাগিব। যদি দাস নাপায় অথবা দাসমুক্ত কৰাৰ সামৰ্থ নাথাকে তেন্তে একেলেঠাৰীয়ে দুমাহ পৰ্যন্ত চওম (ৰোজা) পালন কৰিব লাগিব। এই ধৰণৰ আদেশ এই কাৰণে দিয়া হৈছে, যাতে আল্লাহে তাক ক্ষমা কৰি দিয়ে। নিশ্চয় আল্লাহে তেওঁৰ বান্দাৰ কৰ্ম সম্পৰ্কে আৰু তাৰ নিয়ত সম্পৰ্কে অৱগত। চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004092.mp3"},{"index":"93","arabicText":"وَمَنْ یَّقْتُلْ مُؤْمِنًا مُّتَعَمِّدًا فَجَزَآؤُهٗ جَهَنَّمُ خٰلِدًا فِیْهَا وَغَضِبَ اللّٰهُ عَلَیْهِ وَلَعَنَهٗ وَاَعَدَّ لَهٗ عَذَابًا عَظِیْمًا ۟","assameseTranslation":"পক্ষান্তৰে যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰিব তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ’ব; আৰু আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হয়, লগতে তাৰ ওপৰত অভিসম্পাত কৰে আৰু তাৰ বাবে প্ৰস্তুত ৰাখিছে মহাশাস্তি।","footnotes":"","tafseer":"যিয়ে জানি বুজি কোনো মুমিন ব্যক্তিক অন্যায়ভাৱে হত্যা কৰিব, তাৰ পৰিণাম হৈছে জাহান্নাম, আৰু তাত সি চিৰকাল থাকিব। আৰু তাৰ ওপৰত থাকিব আল্লাহৰ ক্ৰোধ আৰু সি তেওঁৰ ৰহমতৰ পৰা আঁতৰ হ'ব। এই ডাঙৰ গুনাহৰ কাৰণেই আল্লাহে তাৰ বাবে মহা শাস্তি প্ৰস্তুত কৰি ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004093.mp3"},{"index":"94","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا ضَرَبْتُمْ فِیْ سَبِیْلِ اللّٰهِ فَتَبَیَّنُوْا وَلَا تَقُوْلُوْا لِمَنْ اَلْقٰۤی اِلَیْكُمُ السَّلٰمَ لَسْتَ مُؤْمِنًا ۚ تَبْتَغُوْنَ عَرَضَ الْحَیٰوةِ الدُّنْیَا ؗ فَعِنْدَ اللّٰهِ مَغَانِمُ كَثِیْرَةٌ ؕ كَذٰلِكَ كُنْتُمْ مِّنْ قَبْلُ فَمَنَّ اللّٰهُ عَلَیْكُمْ فَتَبَیَّنُوْا ؕ اِنَّ اللّٰهَ كَانَ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! যেতিয়া তোমালোকে আল্লাহৰ পথত জিহাদ কৰিবলৈ যোৱা তেতিয়া অনুসন্ধান কৰি ল’বা যে, কাৰ লগত তোমালোকে যুদ্ধ কৰি আছা, আৰু যিয়ে কোনো কৰ্মৰ দ্বাৰা নিজৰ ইছলাম প্ৰকাশ কৰে তাক এই বুলি নক’বা যে, তুমি মুমিন নহয় আৰু তুমি ভয়তে নিজৰ জান মাল ৰক্ষা কৰিবলৈ ইছলাম প্ৰকাশ কৰি আছা। এতেকে যুদ্ধলব্ধ সম্পদ তথা পাৰ্থিৱ জীৱনৰ তুচ্ছ সামগ্ৰীৰ লোভত পৰি তাক হত্যা নকৰিবা। শুনা! আল্লাহৰ ওচৰত অসংখ্য সম্পদ আছে, সেইবোৰ ইয়াতকৈ উত্তম আৰু ডাঙৰ। ইতিপূৰ্বে তোমালোকেও সেই ব্যক্তিৰ দৰেই আছিলা, যিয়ে নিজ সম্প্ৰদায়ৰ পৰা নিজৰ ঈমান গোপন কৰি ৰাখিছে। আল্লাহে তোমালোকক ইছলাম প্ৰদান কৰি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ তেজ সুৰক্ষিত কৰিছে। সেয়ে অনুসন্ধান কৰি ল’বা। নিশ্চয় তোমালোকৰ সৰুতকৈ সৰু আমলো আল্লাহৰ পৰা গোপন নহয় আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004094.mp3"},{"index":"95","arabicText":"لَا یَسْتَوِی الْقٰعِدُوْنَ مِنَ الْمُؤْمِنِیْنَ غَیْرُ اُولِی الضَّرَرِ وَالْمُجٰهِدُوْنَ فِیْ سَبِیْلِ اللّٰهِ بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ ؕ فَضَّلَ اللّٰهُ الْمُجٰهِدِیْنَ بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ عَلَی الْقٰعِدِیْنَ دَرَجَةً ؕ وَكُلًّا وَّعَدَ اللّٰهُ الْحُسْنٰی ؕ وَفَضَّلَ اللّٰهُ الْمُجٰهِدِیْنَ عَلَی الْقٰعِدِیْنَ اَجْرًا عَظِیْمًا ۟ۙ","assameseTranslation":"মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় তথাপিও ঘৰত বহি থাকে, আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে তেওঁলোক সমান নহয়। যিসকলে নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে আল্লাহে তেওঁলোকক সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে যিসকলে ঘৰত বহি থাকে, আল্লাহে প্ৰত্যেককে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে। আল্লাহে মুজাহিদসকলক মহাপুৰস্কাৰৰ জৰিয়তে ঘৰত বহি থকা লোকসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে।","footnotes":"","tafseer":"বেমাৰ অথবা দৃষ্টি শক্তি নথকা আদি গ্ৰহণযোগ্য সমস্যাগ্ৰস্ত ব্যক্তিৰ বাহিৰে আল্লাহৰ পথত জিহাদ কৰাৰ পৰা পিছুৱাই থকা মুমিন ব্যক্তি, কেতিয়াও সেই ব্যক্তিৰ সমান হ’ব নোৱাৰে যিয়ে আল্লাহৰ পথত নিজৰ প্ৰাণ আৰু ধন-সম্পদলৈ জিহাদ কৰিছে। আল্লাহে ঘৰত বহি থকা লোকসকলৰ ওপৰত সেইসকল লোকৰ মৰ্যাদা বৃদ্ধি কৰিছে, যিসকলে ধন-প্ৰাণৰ সৈতে আল্লাহৰ পথত জিহাদ কৰে। আনহাতে কাৰণবশতঃ ঘৰত বহি থকা লোকসকলৰ বাবে আৰু মুজাহিদসকলৰ বাবে উচিত ছোৱাবৰ ব্যৱস্থা আছে। লগতে বহি থকা লোকসকলতকৈ মুজাহিদসকলক আল্লাহে নিজৰ ফালৰ পৰা ডাঙৰ ছোৱাব প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004095.mp3"},{"index":"96","arabicText":"دَرَجٰتٍ مِّنْهُ وَمَغْفِرَةً وَّرَحْمَةً ؕ وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠","assameseTranslation":"এইবোৰ হৈছে তেওঁৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত; (জানি থোৱা) আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"এই ছোৱাবৰ কেইবাটাও শ্ৰেণী আছে। লগতে তেওঁলোকৰ বাবে আছে গুনাহৰ পৰা মাৰ্জনা আৰু আল্লাহৰ দয়া। নিশ্চয় আল্লাহ বান্দাৰ প্ৰতি ক্ষমাশীল আৰু অতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004096.mp3"},{"index":"97","arabicText":"اِنَّ الَّذِیْنَ تَوَفّٰىهُمُ الْمَلٰٓىِٕكَةُ ظَالِمِیْۤ اَنْفُسِهِمْ قَالُوْا فِیْمَ كُنْتُمْ ؕ قَالُوْا كُنَّا مُسْتَضْعَفِیْنَ فِی الْاَرْضِ ؕ قَالُوْۤا اَلَمْ تَكُنْ اَرْضُ اللّٰهِ وَاسِعَةً فَتُهَاجِرُوْا فِیْهَا ؕ فَاُولٰٓىِٕكَ مَاْوٰىهُمْ جَهَنَّمُ ؕ وَسَآءَتْ مَصِیْرًا ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে কয়, ‘পৃথিৱীত আমি নিঃসহায় আছিলোঁ’, সিহঁতে কয়, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাস!","footnotes":"","tafseer":"কুফৰী নগৰৰ পৰা হিজৰত নকৰি যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে, ফিৰিস্তাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰাৰ সময়ত সিহঁতক ধমক দি কয়ঃ তোমালোকে কি অৱস্থাত আছিলা, আৰু মুশ্বৰিক আৰু তোমালোকৰ মাজত কি পাৰ্থক্য আছিল? তেতিয়া সিহঁতে কাৰণ দৰ্শাই কয়ঃ আমি দুৰ্বল আছিলোঁ, শক্তিহীন আছিলোঁ আৰু নিজকে ৰক্ষা কৰিব পৰা আমাৰ কোনো উপায় নাছিল। তেতিয়া ফিৰিস্তাসকলে ধমক দি কয়ঃ আল্লাহৰ পৃথিৱী প্ৰশস্ত নাছিল নে যে, তোমালোকে তাৰ পৰা আঁতৰি গৈ নিজৰ দ্বীন আৰু প্ৰাণ, অপমান আৰু অত্যাচাৰৰ পৰা ৰক্ষা কৰিলাহেঁতেন। দৰাচলতে হিজৰতৰ পৰা আঁতৰি থকা এইসকল লোকেই জাহান্নামত বাস কৰিব আৰু এইটো হৈছে সিহঁতৰ বাবে অত্যন্ত বেয়া আৰু নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004097.mp3"},{"index":"98","arabicText":"اِلَّا الْمُسْتَضْعَفِیْنَ مِنَ الرِّجَالِ وَالنِّسَآءِ وَالْوِلْدَانِ لَا یَسْتَطِیْعُوْنَ حِیْلَةً وَّلَا یَهْتَدُوْنَ سَبِیْلًا ۟ۙ","assameseTranslation":"কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশুৱে কোনো উপায় অৱলম্বন কৰিব নোৱাৰে আৰু কোনো পথ বিচাৰিও নাপায় (সিহঁতৰ বিষয়টো সুকীয়া)।","footnotes":"","tafseer":"কিন্তু শাস্তিৰ এই ধমকৰ ভিতৰত সেইসকল দুৰ্বল আৰু নিঃসহায় পুৰুষ, মহিলা আৰু শিশু অন্তৰ্ভুক্ত নহয়, যিসকলৰ ওচৰত অন্যায় অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাছিল আৰু ইয়াৰ পৰা মুক্তি পোৱাৰো কোনো পথ নাছিল। এনেকুৱা লোকক আল্লাহে নিজ অনুগ্ৰহেৰে ক্ষমা কৰিব। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক মাৰ্জনা কৰে আৰু তাওবাকাৰী সকলক ক্ষমা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004098.mp3"},{"index":"99","arabicText":"فَاُولٰٓىِٕكَ عَسَی اللّٰهُ اَنْ یَّعْفُوَ عَنْهُمْ ؕ وَكَانَ اللّٰهُ عَفُوًّا غَفُوْرًا ۟","assameseTranslation":"আল্লাহে হয়তো শীঘ্ৰেই সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।","footnotes":"","tafseer":"কিন্তু শাস্তিৰ এই ধমকৰ ভিতৰত সেইসকল দুৰ্বল আৰু নিঃসহায় পুৰুষ, মহিলা আৰু শিশু অন্তৰ্ভুক্ত নহয়, যিসকলৰ ওচৰত অন্যায় অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাছিল আৰু ইয়াৰ পৰা মুক্তি পোৱাৰো কোনো পথ নাছিল। এনেকুৱা লোকক আল্লাহে নিজ অনুগ্ৰহেৰে ক্ষমা কৰিব। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক মাৰ্জনা কৰে আৰু তাওবাকাৰী সকলক ক্ষমা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004099.mp3"},{"index":"100","arabicText":"وَمَنْ یُّهَاجِرْ فِیْ سَبِیْلِ اللّٰهِ یَجِدْ فِی الْاَرْضِ مُرٰغَمًا كَثِیْرًا وَّسَعَةً ؕ وَمَنْ یَّخْرُجْ مِنْ بَیْتِهٖ مُهَاجِرًا اِلَی اللّٰهِ وَرَسُوْلِهٖ ثُمَّ یُدْرِكْهُ الْمَوْتُ فَقَدْ وَقَعَ اَجْرُهٗ عَلَی اللّٰهِ ؕ وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠","assameseTranslation":"আৰু যিয়ে আল্লাহৰ পথত হিজৰত কৰিব তেওঁ পৃথিৱীত বহুতো আশ্ৰয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব; লগতে আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মুহাজিৰ হৈ ওলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিব তাৰ পুৰস্কাৰৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"যিয়ে কুফৰী নগৰৰ পৰা ইছলামী নগৰৰ ফালে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে হিজৰত কৰিব, সি অৱস্থান কৰাৰ বাবে নতুন স্থান পাব, য’ত সি সন্মান আৰু প্ৰচুৰ পৰিমাণে জীৱিকা লাভ কৰিব। দৰাচলতে যিয়ে নিজৰ ঘৰৰ পৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে হিজৰত কৰাৰ উদ্দেশ্যে ওলাই যায়, কিন্তু লক্ষ্যস্থান পোৱাৰ আগতে তাৰ মৃত্যু হয়, এনে ক্ষেত্ৰত আল্লাহৰ ওচৰত তাৰ ছোৱাব নিশ্চিত হৈ পৰে। যদিও সি লক্ষ্যস্থান পোৱা নাই তথাপিও কোনো অসুবিধা নাই। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004100.mp3"},{"index":"101","arabicText":"وَاِذَا ضَرَبْتُمْ فِی الْاَرْضِ فَلَیْسَ عَلَیْكُمْ جُنَاحٌ اَنْ تَقْصُرُوْا مِنَ الصَّلٰوةِ ۖۗ اِنْ خِفْتُمْ اَنْ یَّفْتِنَكُمُ الَّذِیْنَ كَفَرُوْا ؕ اِنَّ الْكٰفِرِیْنَ كَانُوْا لَكُمْ عَدُوًّا مُّبِیْنًا ۟","assameseTranslation":"আৰু তোমালোকে যেতিয়া দেশ-বিদেশলৈ ছফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে, কাফিৰসকলে তোমালোকৰ বাবে ফিতনা সৃষ্টি কৰিব তেন্তে ছালাত কছৰ (সংক্ষিপ্ত) কৰিলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়। নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু।","footnotes":"","tafseer":"যেতিয়া তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা তেতিয়া যদি কাফিৰসকলৰ ফালৰ পৰা কোনো কষ্ট পোৱাৰ ভয় থাকে তেন্তে চাৰি ৰাকাআতবিশিষ্ট ছালাতসমূহ দুই ৰাকাতকৈ আদায় কৰাত তোমালোকৰ কোনো গুনাহ নহয়। নিশ্চয় তোমালোকৰ লগত কাফিৰসকলৰ শত্ৰুতা স্পষ্ট প্ৰকাশ্য। আনহাতে শান্তি বিৰাজ কৰা অৱস্থাতো ভ্ৰমণ কালত ছালাত কচৰ কৰাৰ বিষয়টো ছহীহ ছুন্নাহৰ দ্বাৰা প্ৰমাণিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004101.mp3"},{"index":"102","arabicText":"وَاِذَا كُنْتَ فِیْهِمْ فَاَقَمْتَ لَهُمُ الصَّلٰوةَ فَلْتَقُمْ طَآىِٕفَةٌ مِّنْهُمْ مَّعَكَ وَلْیَاْخُذُوْۤا اَسْلِحَتَهُمْ ۫ فَاِذَا سَجَدُوْا فَلْیَكُوْنُوْا مِنْ وَّرَآىِٕكُمْ ۪ وَلْتَاْتِ طَآىِٕفَةٌ اُخْرٰی لَمْ یُصَلُّوْا فَلْیُصَلُّوْا مَعَكَ وَلْیَاْخُذُوْا حِذْرَهُمْ وَاَسْلِحَتَهُمْ ۚ وَدَّ الَّذِیْنَ كَفَرُوْا لَوْ تَغْفُلُوْنَ عَنْ اَسْلِحَتِكُمْ وَاَمْتِعَتِكُمْ فَیَمِیْلُوْنَ عَلَیْكُمْ مَّیْلَةً وَّاحِدَةً ؕ وَلَا جُنَاحَ عَلَیْكُمْ اِنْ كَانَ بِكُمْ اَذًی مِّنْ مَّطَرٍ اَوْ كُنْتُمْ مَّرْضٰۤی اَنْ تَضَعُوْۤا اَسْلِحَتَكُمْ ۚ وَخُذُوْا حِذْرَكُمْ ؕ اِنَّ اللّٰهَ اَعَدَّ لِلْكٰفِرِیْنَ عَذَابًا مُّهِیْنًا ۟","assameseTranslation":"আৰু যেতিয়া তুমি সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত ছালাত কায়েম কৰিবা, তেতিয়া সিহঁতৰ এটা দল যাতে তোমাৰ সৈতে থিয় হয় আৰু সিহঁত যেন সশস্ত্ৰ থাকে। এতেকে সিহঁতৰ ছাজদাহ (নামাজ পঢ়া) কৰা হ’লে সিহঁত যেন তোমালোকৰ পিছফালে গৈ অৱস্থান কৰে, আৰু আন এটা দল যিসকলে ছালাতত অংশ লোৱা নাছিল সিহঁতে যেন আহি তোমাৰ লগত ছালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু আচবাব-পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতেই আক্ৰমণ কৰিব পাৰে। যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়; কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি থৈছে।","footnotes":"","tafseer":"হে ৰাছুল! শত্ৰুৰ লগত যুদ্ধৰ সময়ত যেতিয়া আপুনি সৈন্যবাহিনীৰ লগত থাকে তেতিয়া তেওঁলোকক ছালাত পঢ়াবলৈ হ’লে, তেওঁলোকক দুটা ভাগত বিভক্ত কৰিব। তেওঁলোকৰ এটা দলে আপোনাৰ লগত ছালাত আদায় কৰিব আৰু ছালাত অৱস্থাতো যাতে তেওঁলোকে অস্ত্ৰ লগত ৰাখে। আনহাতে আনটো দলে যাতে পহৰা দিয়ে। যেতিয়া প্ৰথম দলে ইমামৰ লগত এক ৰাকাআত পঢ়ি ল’ব, তাৰ পিছত বাকী থকা ৰাকাআত নিজে নিজেই সম্পন্ন কৰিব। তেওঁলোকৰ ছালাত আদায় সম্পন্ন হ’লে, তেওঁলোকে শত্ৰুৰ পিনে আহি পহৰাত থিয় দিব। আনহাতে পহৰাত থকা আগৰ দলটোৱে আহি এতিয়া ইমামৰ লগত এক ৰাকাআত পঢ়ি ল’ব। ইমামে ছালাম ফিৰোৱাৰ পিছত তেওঁলোকে বাকী থকা ৰাকাআত সম্পন্ন কৰিব আৰু শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰি নিজৰ লগত অস্ত্ৰ ৰাখিব। কাফিৰসকলে বিচাৰে যে, তোমালোকে ছালাতৰ সময়ত নিজৰ অস্ত্ৰ আৰু বয়-বস্তুৰ পৰা অমনোযোগী হোৱাৰ লগে লগে সিহঁতে তোমালোকৰ ওপৰত হঠাৎ আক্ৰমণ কৰিব আৰু এই অমনোযোগী অৱস্থাতেই তোমালোকক গ্ৰেপ্তাৰ কৰিব। কিন্তু যদি বৰষুণৰ বাবে তোমালোকৰ কষ্ট হয় অথবা অসুস্থ অৱস্থাত থাকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থোৱাত কোনো গুনাহ নহয়। কিন্তু সক্ষম অনুযায়ী শত্ৰুৰ পৰা সতৰ্ক থাকিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে যন্ত্ৰণাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004102.mp3"},{"index":"103","arabicText":"فَاِذَا قَضَیْتُمُ الصَّلٰوةَ فَاذْكُرُوا اللّٰهَ قِیٰمًا وَّقُعُوْدًا وَّعَلٰی جُنُوْبِكُمْ ۚ فَاِذَا اطْمَاْنَنْتُمْ فَاَقِیْمُوا الصَّلٰوةَ ۚ اِنَّ الصَّلٰوةَ كَانَتْ عَلَی الْمُؤْمِنِیْنَ كِتٰبًا مَّوْقُوْتًا ۟","assameseTranslation":"এতেকে যেতিয়া তোমালোকে ছালাত সমাপ্ত কৰিবা তেতিয়া তোমালোকে থিয় হৈ, বহি আৰু শুই থকা অৱস্থাতো আল্লাহক স্মৰণ কৰিবা, তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া যথাযথভাৱে ছালাত কায়েম কৰিবা; নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত কায়েম কৰাটো মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য।","footnotes":"","tafseer":"হে মুমিনসকল! ছালাত শেষ হোৱাৰ পিছত তোমালোকে থিয় হৈ, বহি আৰু শুই থকা অৱস্থাত বৰং প্ৰত্যেক অৱস্থাতেই তছবীহ, তাহমীদ আৰু তাহলীলৰ মাধ্যমত আল্লাহক স্মৰণ কৰিবা। এতেকে যেতিয়া ভয়-ভীতি আঁতৰ হ’ব আৰু শান্তি প্ৰতিষ্ঠা হ’ব তেতিয়া আৰকান, ওৱাজীবসমূহ আৰু মুস্তাহাবসমূহৰ সৈতে ছালাত সেই দৰেই আদায় কৰা যিদৰে তোমালোকক আদায় কৰাৰ আদেশ দিয়া হৈছে। নিশ্চয় মুমিনসকলৰ ওপৰত নিৰ্ধাৰিত সময়ত ছালাত আদায় কৰাটো ফৰজ কৰা হৈছে। কোনো কাৰণ অবিহনে সময়তকৈ পলম কৰা বৈধ নহয়। এই বিধান কেৱল মুক্বীম অৱস্থাৰ বাবে অন্যথা ভ্ৰমণ অৱস্থাত দুই ছালাত একত্ৰিত কৰাৰ তথা চাৰি ৰাকাআতবিশিষ্ট ছালাতক দুই দুই ৰাকাআতকৈ পঢ়াৰ বিধান আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004103.mp3"},{"index":"104","arabicText":"وَلَا تَهِنُوْا فِی ابْتِغَآءِ الْقَوْمِ ؕ اِنْ تَكُوْنُوْا تَاْلَمُوْنَ فَاِنَّهُمْ یَاْلَمُوْنَ كَمَا تَاْلَمُوْنَ ۚ وَتَرْجُوْنَ مِنَ اللّٰهِ مَا لَا یَرْجُوْنَ ؕ وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟۠","assameseTranslation":"আৰু শত্ৰু সম্প্ৰদায়ৰ অনুসন্ধানত তোমালোকে দুৰ্বল নহ’বা। যদি তোমালোকে যন্ত্ৰণা পাই আছা তেন্তে সিহঁতেও তোমালোকৰ দৰেই যন্ত্ৰণা পাই আছে কিন্তু আল্লাহৰ ওচৰত তোমালোকে যিটো আশা কৰা সিহঁতে সেইটো আশা নকৰে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"হে মুমিনসকল! কাফিৰ শত্ৰুৰ চোঁচা লওঁতে দুৰ্বলতা আৰু অৱহেলা নকৰিবা। যদি তোমালোকে হত্যা আৰু আঘাতৰ ফলত কষ্ট পাই আছা, তেন্তে সিহঁতেও তোমালোকৰ দৰেই কষ্ট পাইছে। গতিকে এনে পৰিস্থিতিত তোমালোকৰ ধৈৰ্য্যতকৈ সিহঁতৰ ধৈৰ্য্য বেছি হোৱা উচিত নহয়। কিয়নো তোমালোকে আল্লাহৰ ওচৰত যি ছোৱাব, সহায় আৰু সমৰ্থন আশা কৰা, সেইটো সিহঁতে আশা নকৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাৰ অৱস্থা সম্পৰ্কে পৰিপূৰ্ণৰূপে অৱগত। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004104.mp3"},{"index":"105","arabicText":"اِنَّاۤ اَنْزَلْنَاۤ اِلَیْكَ الْكِتٰبَ بِالْحَقِّ لِتَحْكُمَ بَیْنَ النَّاسِ بِمَاۤ اَرٰىكَ اللّٰهُ ؕ وَلَا تَكُنْ لِّلْخَآىِٕنِیْنَ خَصِیْمًا ۟ۙ","assameseTranslation":"নিশ্চয় আমি তোমাৰ প্ৰতি সত্য সহকাৰে কিতাব অৱতীৰ্ণ কৰিছোঁ, যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; লগতে (জানি থোৱা) তুমি বিশ্বাস ভংগকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ প্ৰতি সত্যৰ আধাৰত কোৰআন অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি মানুহৰ সকলো বিষয় আল্লাহ প্ৰদত্ব জ্ঞানৰ দ্বাৰা ফয়চালা কৰিব পাৰে, নিজৰ আকাংখা তথা প্ৰবৃত্তিৰ চাহিদা অনুযায়ী নহয়। লগতে যিসকলে নিজৰ প্ৰতি আৰু আমানতৰ প্ৰতি বিশ্বাসঘাতকতা কৰে, আপুনি সেইসকল লোকৰ পক্ষ লৈ সিহঁতৰ পৰা অধিকাৰ প্ৰাপ্তসকলক আঁতৰ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004105.mp3"},{"index":"106","arabicText":"وَّاسْتَغْفِرِ اللّٰهَ ؕ اِنَّ اللّٰهَ كَانَ غَفُوْرًا رَّحِیْمًا ۟ۚ","assameseTranslation":"আৰু তুমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"আল্লাহৰ ওচৰত ক্ষমা আৰু মাৰ্জনা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004106.mp3"},{"index":"107","arabicText":"وَلَا تُجَادِلْ عَنِ الَّذِیْنَ یَخْتَانُوْنَ اَنْفُسَهُمْ ؕ اِنَّ اللّٰهَ لَا یُحِبُّ مَنْ كَانَ خَوَّانًا اَثِیْمًا ۟ۚۙ","assameseTranslation":"আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা; নিশ্চয় আল্লাহে বিশ্বাস ভংগকাৰী পাপীক পছন্দ নকৰে।","footnotes":"","tafseer":"(হে নবী!) আপুনি এনেকুৱা কোনো ব্যক্তিৰ পক্ষ নল’ব, যিয়ে বিশ্বাসঘাতকতা কৰে আৰু নিজৰ বিশ্বাসঘাতকতা গোপন কৰাৰ বাবে সৰ্বতো প্ৰকাৰে প্ৰয়াস কৰে। আল্লাহে এনেকুৱা অত্যধিক বিশ্বাসঘাতকতা কৰা তথা পাপ কামকৰ্ম কৰা ব্যক্তিক পছন্দ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004107.mp3"},{"index":"108","arabicText":"یَّسْتَخْفُوْنَ مِنَ النَّاسِ وَلَا یَسْتَخْفُوْنَ مِنَ اللّٰهِ وَهُوَ مَعَهُمْ اِذْ یُبَیِّتُوْنَ مَا لَا یَرْضٰی مِنَ الْقَوْلِ ؕ وَكَانَ اللّٰهُ بِمَا یَعْمَلُوْنَ مُحِیْطًا ۟","assameseTranslation":"সিহঁতে মানুহৰ পৰা গোপন কৰিব বিচাৰে অথচ আল্লাহৰ পৰা গোপন নকৰে, অথচ তেওঁ সিহঁতৰ লগতেই আছে, যেতিয়া সিহঁতে ৰাতিত এনেকুৱা কথাৰ পৰিকল্পনা কৰে যিটো তেওঁ পছন্দ নকৰে, আৰু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে।","footnotes":"","tafseer":"সিহঁতে ভয় আৰু লাজৰ কাৰণে মানুহৰ পৰা লুকাই গুনাহ কৰে, কিন্তু সিহঁতে আল্লাহৰ পৰা কেতিয়াও লুকাব নোৱাৰে। কিয়নো আল্লাহে নিজ জ্ঞানেৰে সিহঁতক পৰিবেষ্টন কৰি আছে। সিহঁতৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়, সিহঁতে যেতিয়া ৰাতিৰ অন্ধকাৰত আল্লাহৰ অপছন্দনীয় কথা, যেনে- পাপিষ্ঠ ব্যক্তিৰ পক্ষ লোৱা আৰু নিৰ্দোষী ব্যক্তিক দোষাৰোপ কৰা আদি গোপনে চক্ৰান্ত কৰে, সেইটোও আল্লাহে ভালদৰেই জানে। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো বিষয়েই অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয় আৰু তেওঁ মানুহক সিহঁতৰ আমলৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004108.mp3"},{"index":"109","arabicText":"هٰۤاَنْتُمْ هٰۤؤُلَآءِ جٰدَلْتُمْ عَنْهُمْ فِی الْحَیٰوةِ الدُّنْیَا ۫ فَمَنْ یُّجَادِلُ اللّٰهَ عَنْهُمْ یَوْمَ الْقِیٰمَةِ اَمْ مَّنْ یَّكُوْنُ عَلَیْهِمْ وَكِیْلًا ۟","assameseTranslation":"চোৱা, তোমালোকেই সেইসকল লোক যিসকলে পাৰ্থিৱ জীৱনত সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিছা; কিন্তু ক্বিয়ামতৰ দিনা আল্লাহৰ সন্মুখত কোনে সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিব অথবা কোন হ’ব সিহঁতৰ তত্ত্বাৱধায়ক?","footnotes":"","tafseer":"হে অপৰাধীসকলৰ শুভাকাংক্ষীসকল! এই পাৰ্থিৱ জীৱনত তোমালোকে ইহঁতক নিৰপৰাধ প্ৰমাণ কৰিবলৈ আৰু শাস্তিৰ পৰা বচাবলৈ যিমান পাৰা চেষ্টা কৰিলা, কিন্তু কিয়ামতৰ দিনা ইহঁতৰ ফালৰ পৰা আল্লাহৰ সৈতে কোনে বাদানুবাদ কৰিব, যেতিয়া ইহঁতৰ প্ৰকৃত চৰিত্ৰ ওলাই পৰিব? সেইদিনা ইহঁতৰ প্ৰতিনিধি কোন হ’ব? ইয়াত কোনো সন্দেহ নাই যে, এইটো কোনেও কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004109.mp3"},{"index":"110","arabicText":"وَمَنْ یَّعْمَلْ سُوْٓءًا اَوْ یَظْلِمْ نَفْسَهٗ ثُمَّ یَسْتَغْفِرِ اللّٰهَ یَجِدِ اللّٰهَ غَفُوْرًا رَّحِیْمًا ۟","assameseTranslation":"আনহাতে (যদি) কোনোবাই পাপ কাম কৰে অথবা নিজৰ ওপৰত অন্যায় কৰে, তাৰ পিছত (যদি) আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে তেন্তে তেওঁ (নিশ্চয়) আল্লাহক ক্ষমাশীল, পৰম দয়ালুৰূপে পাব।","footnotes":"","tafseer":"যিয়ে অসৎ কৰ্ম কৰে অথবা গুনাহত লিপ্ত হৈ নিজৰ ওপৰত অন্যায় কৰে। তাৰ পিছত সি যদি নিজৰ গুনাহ স্বীকাৰ কৰি অনুতপ্ত হৈ গুনাহৰ পৰা দূৰৈত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে সি নিশ্চয় আল্লাহক তাৰ গুনাহ ক্ষমাকাৰী হিচাপে আৰু তাৰ প্ৰতি দয়াৱান হিচাপে নিশ্চয় পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004110.mp3"},{"index":"111","arabicText":"وَمَنْ یَّكْسِبْ اِثْمًا فَاِنَّمَا یَكْسِبُهٗ عَلٰی نَفْسِهٖ ؕ وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟","assameseTranslation":"এতেকে যিয়ে পাপ কাম কৰে, প্ৰকৃততে সি নিজৰেই ক্ষতি কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"যিয়ে কোনো গুনাহ কৰিব, সৰু হওক বা ডাঙৰ, তাৰ শাস্তি সি নিজেই ভোগ কৰিব, আন কোনেও নহয়। নিশ্চয় আল্লাহ বান্দাসকলৰ আমল সম্পৰ্কে সৰ্বজ্ঞ। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004111.mp3"},{"index":"112","arabicText":"وَمَنْ یَّكْسِبْ خَطِیْٓئَةً اَوْ اِثْمًا ثُمَّ یَرْمِ بِهٖ بَرِیْٓـًٔا فَقَدِ احْتَمَلَ بُهْتَانًا وَّاِثْمًا مُّبِیْنًا ۟۠","assameseTranslation":"লগতে যি ব্যক্তিয়ে কোনো অপৰাধ কৰে বা পাপ কাম কৰে, তাৰ পিছত সেইটো কোনো নিৰ্দোষ ব্যক্তিলৈ আৰোপ কৰে, তেন্তে সি দৰাচলতে মিছা অপবাদ আৰু স্পষ্ট গুণাহৰ বোজাহে বহন কৰে।","footnotes":"","tafseer":"যিয়ে অজানিতে কোনো গুনাহ কৰে অথবা জানি বুজি কোনো গুনাহ কৰে, আৰু ইয়াৰ পিছত কোনো নিৰ্দোষী ব্যক্তিৰ ওপৰত তাৰ দোষ চপাই দিয়ে, সি এই নিকৃষ্ট কৰ্মৰ জৰিয়তে স্পষ্ট মিছা আৰু প্ৰকাশ্য গুনাহৰ বোজা নিজৰ ওপৰতে বহন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004112.mp3"},{"index":"113","arabicText":"وَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكَ وَرَحْمَتُهٗ لَهَمَّتْ طَّآىِٕفَةٌ مِّنْهُمْ اَنْ یُّضِلُّوْكَ ؕ وَمَا یُضِلُّوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَضُرُّوْنَكَ مِنْ شَیْءٍ ؕ وَاَنْزَلَ اللّٰهُ عَلَیْكَ الْكِتٰبَ وَالْحِكْمَةَ وَعَلَّمَكَ مَا لَمْ تَكُنْ تَعْلَمُ ؕ وَكَانَ فَضْلُ اللّٰهِ عَلَیْكَ عَظِیْمًا ۟","assameseTranslation":"আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়ে পেলাইছিল। কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে, তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে।","footnotes":"","tafseer":"হে ৰাছুল! যদি আল্লাহে আপোনাক নিজ অনুগ্ৰহৰ দ্বাৰা ৰক্ষা নকৰিলেহেঁতেন তেন্তে নিজৰ প্ৰতি বিশ্বাসঘাতকতা কৰা এটা দলে আপোনাক সত্যৰ পৰা দূৰ কৰাৰ নিৰ্ণয় কৰিয়ে পেলাইছিল, যাতে আপুনি ফয়চালা কৰাৰ সময়ত ন্যায় ফয়চালা কৰিব নোৱাৰে। প্ৰকৃততে সিহঁতে নিজকে পথভ্ৰষ্ট কৰি আছে। কিয়নো সিহঁতৰ এই পথভ্ৰষ্ট কৰাৰ প্ৰয়াসৰ পৰিণাম সিহঁত নিজেই ভোগ কৰিব। যিহেতু আল্লাহে আপোনাক সুৰক্ষা প্ৰদান কৰিছে, গতিকে সিহঁতে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আল্লাহে আপোনাৰ ওপৰত কোৰআন আৰু ছুন্নত অৱতীৰ্ণ কৰিছে লগতে হিদায়ত আৰু নুৰৰ এনেকুৱা জ্ঞান প্ৰদান কৰিছে যিটো পূৰ্বে আপোনাৰ ওচৰত নাছিল। দৰাচলতে আল্লাহে নুবুওৱত আৰু সংৰক্ষণৰ জৰিয়তে আপোনাৰ প্ৰতি বৰ ডাঙৰ অনুগ্ৰহ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004113.mp3"},{"index":"114","arabicText":"لَا خَیْرَ فِیْ كَثِیْرٍ مِّنْ نَّجْوٰىهُمْ اِلَّا مَنْ اَمَرَ بِصَدَقَةٍ اَوْ مَعْرُوْفٍ اَوْ اِصْلَاحٍ بَیْنَ النَّاسِ ؕ وَمَنْ یَّفْعَلْ ذٰلِكَ ابْتِغَآءَ مَرْضَاتِ اللّٰهِ فَسَوْفَ نُؤْتِیْهِ اَجْرًا عَظِیْمًا ۟","assameseTranslation":"সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰে কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে (তাৰ পৰামৰ্শত) যিয়ে ছাদাকাহ, সৎকৰ্ম আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে, আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব নিশ্চয় আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম।","footnotes":"","tafseer":"এনেকুৱা বহুতো অযথা কথাত কোনো কল্যাণ নাই, যিবোৰক মানুহে গোপনে কৰে। আনহাতে যদি সিহঁতৰ সেই কথাত কোনো দানৰ আদেশ থাকে, অথবা কোনো ভাল কামৰ প্ৰতি প্ৰেৰণা থাকে, যিটো চৰীয়ত তথা বিবেকৰ দৃষ্টিত ভাল বুলি বিবেচিত হয় নাইবা দুজন ব্যক্তিৰ মাজত শান্তি স্থাপনৰ যদি কোনো আহ্বান থাকে তেন্তে সেয়া সুকীয়া কথা। যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে এনেকুৱা কৰিব, আমি অনতিপলমে তাক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004114.mp3"},{"index":"115","arabicText":"وَمَنْ یُّشَاقِقِ الرَّسُوْلَ مِنْ بَعْدِ مَا تَبَیَّنَ لَهُ الْهُدٰی وَیَتَّبِعْ غَیْرَ سَبِیْلِ الْمُؤْمِنِیْنَ نُوَلِّهٖ مَا تَوَلّٰی وَنُصْلِهٖ جَهَنَّمَ ؕ وَسَآءَتْ مَصِیْرًا ۟۠","assameseTranslation":"আৰু যাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছতো ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালেই ওভতাই দিম যিফালে সি উভতি যায়, আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আবাসস্থল!","footnotes":"","tafseer":"সত্য স্পষ্ট হোৱাৰ পিছতো যিয়ে ৰাছুলৰ লগত শত্ৰুতা পোষণ কৰিব, তেওঁ লৈ অহা চৰীয়তৰ বিৰোধিতা কৰিব লগতে মুমিনসকলৰ পথৰ বাহিৰে আন কোনো পথ অৱলম্বন কৰিব, আমি তাক সেই পথৰে পথিক বনাই দিম যিটো সি নিজৰ বাবে পছন্দ কৰিছে। এতেকে জানি বুজি সত্যৰ পৰা বিমুখ হোৱাৰ কাৰণে, আমি তাক সত্যৰ পথত আহিবলৈ তাওফীক প্ৰদান নকৰোঁ। আমি তাক জাহান্নামত প্ৰৱেশ কৰাম, য’ত সি প্ৰচণ্ড গৰম অনুভৱ কৰিব আৰু এইটো ইয়াৰ অধিবাসীসকলৰ বাবে বৰ নিকৃষ্ট ঠাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004115.mp3"},{"index":"116","arabicText":"اِنَّ اللّٰهَ لَا یَغْفِرُ اَنْ یُّشْرَكَ بِهٖ وَیَغْفِرُ مَا دُوْنَ ذٰلِكَ لِمَنْ یَّشَآءُ ؕ وَمَنْ یُّشْرِكْ بِاللّٰهِ فَقَدْ ضَلَّ ضَلٰلًا بَعِیْدًا ۟","assameseTranslation":"নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন (শ্বিৰ্ক) কৰাক ক্ষমা নকৰিব। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা কৰিব ক্ষমা কৰি দিব আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি ভীষণভাৱে পথভ্ৰষ্ট হয়।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে তেওঁৰ লগত কৰা শ্বিৰ্কক কেতিয়াও ক্ষমা নকৰে, বৰং মুশ্বৰিক ব্যক্তিক চিৰকাল জাহান্নামত ৰাখিব। শ্বিৰ্কৰ বাহিৰে আন যিকোনো গুনাহ তেওঁ ইচ্ছা কৰিলে নিজ কৃপা আৰু অনুগ্ৰহত ক্ষমা কৰি দিব। যিয়ে আল্লাহৰ সৈতে আনক অংশী স্থাপন কৰে, সি সত্য পথৰ পৰা বহু দূৰলৈ আঁতৰি যায়। কিয়নো সি সৃষ্টিক স্ৰষ্টাৰ সমকক্ষ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004116.mp3"},{"index":"117","arabicText":"اِنْ یَّدْعُوْنَ مِنْ دُوْنِهٖۤ اِلَّاۤ اِنٰثًا ۚ وَاِنْ یَّدْعُوْنَ اِلَّا شَیْطٰنًا مَّرِیْدًا ۟ۙ","assameseTranslation":"তেওঁৰ পৰিবৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা-পাঠ কৰে লগতে বিদ্ৰোহী চয়তানৰ পূজা কৰে।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে যিসকলৰ উপাসনা কৰে আৰু আল্লাহৰ সৈতে যিবোৰক আহ্বান কৰে, সিহঁত দৰাচলতে কিছুমান স্ত্ৰী লিংগ নামেৰে পৰিচিত, যেনে লাত উজ্জা। যিসকলে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। সিহঁতে দৰাচলতে চয়তানৰ উপাসনা কৰে, যাক আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ কৰা হৈছে, তাৰ মাজত কোনো কল্যাণ নাই। কিয়নো সিয়েই মানুহক মুৰ্তি পূজাৰ আদেশ দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004117.mp3"},{"index":"118","arabicText":"لَّعَنَهُ اللّٰهُ ۘ وَقَالَ لَاَتَّخِذَنَّ مِنْ عِبَادِكَ نَصِیْبًا مَّفْرُوْضًا ۟ۙ","assameseTranslation":"আল্লাহে তাক (চয়তানক) অভিসম্পাত কৰিছে আৰু সি (চয়তানে) কয়, ‘নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম।","footnotes":"","tafseer":"এই কাৰণেই আল্লাহে তাক তেওঁৰ ৰহমতৰ পৰা বহিষ্কাৰ কৰিছে, আৰু এই চয়তানেই শপত খাই আল্লাহক কৈছিলঃ নিশ্চয় মই তোমাৰ বান্দাসকলৰ এটা ভাগক নিজৰ কৰি লৈ, সিহঁতক সত্যৰ পৰা আঁতৰাই আনিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004118.mp3"},{"index":"119","arabicText":"وَّلَاُضِلَّنَّهُمْ وَلَاُمَنِّیَنَّهُمْ وَلَاٰمُرَنَّهُمْ فَلَیُبَتِّكُنَّ اٰذَانَ الْاَنْعَامِ وَلَاٰمُرَنَّهُمْ فَلَیُغَیِّرُنَّ خَلْقَ اللّٰهِ ؕ وَمَنْ یَّتَّخِذِ الشَّیْطٰنَ وَلِیًّا مِّنْ دُوْنِ اللّٰهِ فَقَدْ خَسِرَ خُسْرَانًا مُّبِیْنًا ۟ؕ","assameseTranslation":"‘আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম, লগতে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম, আৰু নিশ্চয় মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে আল্লাহৰ সৃষ্টিকো বিকৃত কৰিব’। এতেকে যিয়ে আল্লাহৰ পৰিবৰ্তে চয়তানক অভিভাৱকৰূপে গ্ৰহণ কৰিব সি নিশ্চয় স্পষ্ট ক্ষতিগ্ৰস্ত হ’ব।","footnotes":"","tafseer":"মই নিশ্চয় সিহঁতক তোমাৰ পোন পথৰ পৰা বিৰত ৰাখিম, মিছা প্ৰতিশ্ৰুতি দি সিহঁতক আশা প্ৰদান কৰিম, যাৰ ফলত ভ্ৰষ্টতাও সুন্দৰ লাগিব। সিহঁতক এই আদেশো দিম যে, তোমালোকে জীৱ-জন্তুৰ কাণ ফালি দিয়া, যাতে আল্লাহে হালাল কৰা জন্তু হাৰাম হৈ যায়। মই আল্লাহৰ সৃষ্টিক পৰিবৰ্তন তথা বিকৃত কৰাৰো আদেশ প্ৰদান কৰিম। এতেকে যিয়ে চয়তানক অভিভাৱক হিচাপে গ্ৰহণ কৰিব আৰু তাৰ লগত বন্ধুত্ব কৰিব আৰু তাৰ কথা মানিব, সি বহিষ্কৃত চয়তানৰ লগত বন্ধুত্ব কৰাৰ কাৰণে স্পষ্ট ক্ষতিগ্ৰস্ততাত পতিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004119.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004119.mp3"},{"index":"120","arabicText":"یَعِدُهُمْ وَیُمَنِّیْهِمْ ؕ وَمَا یَعِدُهُمُ الشَّیْطٰنُ اِلَّا غُرُوْرًا ۟","assameseTranslation":"সি (চয়তানে) সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে, (জানি থোৱা) চয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিহে দিয়ে।","footnotes":"","tafseer":"চয়তানে সিহঁতক মিছা প্ৰতিশ্ৰুতি দিয়ে আৰু অসত্যৰ আশা দিয়ে। অথচ তাৰ প্ৰতিশ্ৰুতি বাতিল আৰু বাস্তৱিকতাৰ পৰা বহু দূৰৈত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004120.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004120.mp3"},{"index":"121","arabicText":"اُولٰٓىِٕكَ مَاْوٰىهُمْ جَهَنَّمُ ؗ وَلَا یَجِدُوْنَ عَنْهَا مَحِیْصًا ۟","assameseTranslation":"এইসকল লোকৰেই আশ্ৰয়স্থল হৈছে জাহান্নাম, তাৰ পৰা সিহঁতে নিষ্কৃতিৰ উপায় বিচাৰি নাপাব।","footnotes":"","tafseer":"চয়তানৰ পথত পৰিচালিত ব্যক্তি আৰু তাৰ কুমন্ত্ৰণাৰ অনুসৰণ কৰা ব্যক্তিৰ ঠিকনা হৈছে জাহান্নাম, তাৰ পৰা সিহঁতে পলায়ন কৰি আশ্ৰয় লোৱাৰ কোনো ঠাই বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004121.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004121.mp3"},{"index":"122","arabicText":"وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ سَنُدْخِلُهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ وَعْدَ اللّٰهِ حَقًّا ؕ وَمَنْ اَصْدَقُ مِنَ اللّٰهِ قِیْلًا ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অনতিপলমে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত তেওঁলোক চিৰস্থায়ী হ’ব, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ’ব পাৰে?","footnotes":"","tafseer":"যিসকলে ঈমান আনিছে আৰু আল্লাহৰ নৈকট্যকাৰী নেক আমল কৰিছে, আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। তেওঁলোকে তাত চিৰস্থায়ী হ’ব। এইটো হৈছে আল্লাহৰ প্ৰতিশ্ৰুতি আৰু তেওঁৰ প্ৰতিশ্ৰুতি চিৰসত্য। তেওঁ কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে আৰু তেওঁতকৈ অধিক সত্যবাদী আন কোনো নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004122.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004122.mp3"},{"index":"123","arabicText":"لَیْسَ بِاَمَانِیِّكُمْ وَلَاۤ اَمَانِیِّ اَهْلِ الْكِتٰبِ ؕ مَنْ یَّعْمَلْ سُوْٓءًا یُّجْزَ بِهٖ ۙ وَلَا یَجِدْ لَهٗ مِنْ دُوْنِ اللّٰهِ وَلِیًّا وَّلَا نَصِیْرًا ۟","assameseTranslation":"(শেষ পৰিণতি) তোমালোকৰ আশাৰ ওপৰত অথবা কিতাবীসকলৰ কামনাৰ ওপৰত নিৰ্ভৰ নকৰে; বৰং যিয়ে বেয়া আমল কৰিব সি তাৰ প্ৰতিফল ভোগ কৰিব, আৰু সি এইক্ষেত্ৰত আল্লাহৰ বাহিৰে আন কোনো অভিভাৱক আৰু সহায়ক বিচাৰি নাপাব।","footnotes":"","tafseer":"হে মুছলিমসকল! মুক্তি আৰু সফলতাৰ বিষয়টো তোমালোকৰ আশাৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু আহলে কিতাবসকলৰ আশাৰ ওপৰতো নহয়। বৰং বিষয়টো কৰ্মৰ ওপৰত নিৰ্ভৰশীল। এতেকে তোমালোকৰ মাজত যিয়ে বেয়া কৰ্ম কৰিব, সি কিয়ামতৰ দিনা তাৰ প্ৰতিদান পাব। সি আল্লাহৰ বাহিৰে এনে কোনো অভিভাৱক নাপাব যিয়ে তাক উপকাৰ কৰিব, আৰু কোনো সহায়কো নাপাব যিয়ে তাক ক্ষতিৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004123.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004123.mp3"},{"index":"124","arabicText":"وَمَنْ یَّعْمَلْ مِنَ الصّٰلِحٰتِ مِنْ ذَكَرٍ اَوْ اُ وَهُوَ مُؤْمِنٌ فَاُولٰٓىِٕكَ یَدْخُلُوْنَ الْجَنَّةَ وَلَا یُظْلَمُوْنَ نَقِیْرًا ۟","assameseTranslation":"আনহাতে পুৰুষেই হওক বা নাৰী যিয়েই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিব, তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অণু পৰিমাণো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"নাৰী হওক বা পুৰুষ, আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি যিয়ে নেক কৰ্ম কৰিব, তেওঁলোকে জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ আমলৰ ছোৱাবত একো হ্ৰাস কৰা নহ’ব। আনকি খেজুৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণো হ্ৰাস কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004124.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004124.mp3"},{"index":"125","arabicText":"وَمَنْ اَحْسَنُ دِیْنًا مِّمَّنْ اَسْلَمَ وَجْهَهٗ لِلّٰهِ وَهُوَ مُحْسِنٌ وَّاتَّبَعَ مِلَّةَ اِبْرٰهِیْمَ حَنِیْفًا ؕ وَاتَّخَذَ اللّٰهُ اِبْرٰهِیْمَ خَلِیْلًا ۟","assameseTranslation":"সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব পাৰে? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, (জানি থোৱা) আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।","footnotes":"","tafseer":"সেই ব্যক্তিতকৈ অধিক দ্বীনদাৰ আন কোনো হ’ব নোৱাৰে, যিয়ে অন্তৰৰ লগতে প্ৰকাশ্যভাৱেও আত্মসমৰ্পণকাৰী, আৰু এই কৰ্মত তেওঁ নিৰ্ভেজাল নিয়্যতৰ অধিকাৰী। লগতে চৰীয়ত মুতাবিক উত্তম আমলকাৰী। শ্বিৰ্ক আৰু কুফৰৰ পৰা বিৰত থাকি তাওহীদ আৰু ঈমানৰ পিনে পথ দেখুৱা দ্বীনে ইব্ৰাহীমৰ অনুসাৰী, আৰু এইটোৱে হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনৰ মূল ভিত্তি। আল্লাহে তেওঁৰ নবী ইব্ৰাহীম আলাইহিচ্ছালামক সকলো সৃষ্টিৰ মাজৰ পৰা নিৰ্বাচিত কৰি তেওঁৰ পৰিপূৰ্ণ মুহাব্বতৰ অধিকাৰী বনাইছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004125.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004125.mp3"},{"index":"126","arabicText":"وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَكَانَ اللّٰهُ بِكُلِّ شَیْءٍ مُّحِیْطًا ۟۠","assameseTranslation":"আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহে সকলোকে (নিজৰ জ্ঞানৰ দ্বাৰা) পৰিবেষ্টন কৰি আছে।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰ একমাত্ৰ মালিক হৈছে মহা আল্লাহ। আল্লাহে তেওঁৰ জ্ঞান, ক্ষমতা আৰু কৌশলৰ জৰীয়তে সকলো সৃষ্টিক পৰিবেষ্টন কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004126.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004126.mp3"},{"index":"127","arabicText":"وَیَسْتَفْتُوْنَكَ فِی النِّسَآءِ ؕ قُلِ اللّٰهُ یُفْتِیْكُمْ فِیْهِنَّ ۙ وَمَا یُتْلٰی عَلَیْكُمْ فِی الْكِتٰبِ فِیْ یَتٰمَی النِّسَآءِ الّٰتِیْ لَا تُؤْتُوْنَهُنَّ مَا كُتِبَ لَهُنَّ وَتَرْغَبُوْنَ اَنْ تَنْكِحُوْهُنَّ وَالْمُسْتَضْعَفِیْنَ مِنَ الْوِلْدَانِ ۙ وَاَنْ تَقُوْمُوْا لِلْیَتٰمٰی بِالْقِسْطِ ؕ وَمَا تَفْعَلُوْا مِنْ خَیْرٍ فَاِنَّ اللّٰهَ كَانَ بِهٖ عَلِیْمًا ۟","assameseTranslation":"আৰু মানুহে তোমাৰ ওচৰত নাৰীসকলৰ বিষয়ে সমাধান বিচাৰে। কোৱা, ‘আল্লাহে তোমালোকক সিহঁতৰ বিষয়ে সমাধান দিছে আৰু কিতাবৰ পৰা তোমালোকক যি পাঠ কৰি শুনোৱা হয়, সেইটো হৈছে সেইসকল পিতৃহীন নাৰীৰ বিধান যিসকলৰ নিৰ্ধাৰিত প্ৰাপ্য তোমালোকে প্ৰদান নকৰা, অথচ তোমালোকে সিহঁতক বিবাহ কৰিবলৈ আগ্ৰহী (নহয়)। লগতে অসহায় শিশুসকলৰ বিষয়ে বিধান এই যে, ন্যায়পৰায়ণতাৰ সৈতে তোমালোকে এতীমসকলক চোৱাচিতা কৰা। এতেকে (জানি থোৱা) তোমালোকে যি সৎকৰ্মই নকৰা কিয় নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।","footnotes":"","tafseer":"হে ৰাছুল! মানুহে আপোনাক স্ত্ৰীসকলৰ বিষয়ে প্ৰশ্ন কৰে যে, সিহঁতৰ অধিকাৰ আৰু কৰ্তব্য কি কি? তেওঁলোকক কৈ দিয়ক! আল্লাহে তোমালোকৰ প্ৰশ্নৰ উত্তৰ স্পষ্টভাৱে প্ৰদান কৰিব, লগতে তোমালোকক পাঠ কৰি শুনোৱা কোৰআনৰ আয়াতেও এই কথা স্পষ্ট কৰে যে, সেইসকল অনাথ নাৰী, যিসকলৰ অভিভাৱক স্বয়ং তোমালোক নিজেই, যিসকলক তোমালোকে মোহৰ তথা মীৰাছৰ দৰে অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছা, সিহঁতক তোমালোকে নিজেও বিবাহ কৰাৰ ইচ্ছা নকৰা আৰু সম্পদৰ লোভত পৰি আনৰ ওচৰতো বিবাহৰ অনুমতি নিদিয়া। কোৰআনৰ আয়াতসমূহে তোমালোকক দুৰ্বল শিশুসকলৰ অধিকাৰ সম্পৰ্কেও বৰ্ণনা কৰিছে যে, সিহঁতক মীৰাছৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবা আৰু সিহঁতৰ সম্পদৰ ওপৰত ক্ষমতা দেখুৱাই আত্মসাৎ নকৰিবা। তথা তোমালোকক আৰু কয় যে, অনাথৰ লগত এনেকুৱা ব্যৱহাৰ কৰা, যিটো সিহঁতৰ বাবে পৃথিৱী আৰু আখিৰাতত কল্যাণকৰ। তোমালোকে অনাথৰ লগত আৰু আন আন লোকসকলৰ লগত যি সদ্ব্যৱহাৰ কৰিবা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সৰ্বজ্ঞ আৰু তেওঁ ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004127.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004127.mp3"},{"index":"128","arabicText":"وَاِنِ امْرَاَةٌ خَافَتْ مِنْ بَعْلِهَا نُشُوْزًا اَوْ اِعْرَاضًا فَلَا جُنَاحَ عَلَیْهِمَاۤ اَنْ یُّصْلِحَا بَیْنَهُمَا صُلْحًا ؕ وَالصُّلْحُ خَیْرٌ ؕ وَاُحْضِرَتِ الْاَنْفُسُ الشُّحَّ ؕ وَاِنْ تُحْسِنُوْا وَتَتَّقُوْا فَاِنَّ اللّٰهَ كَانَ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟","assameseTranslation":"যদি কোনো স্ত্ৰীয়ে তাইৰ স্বামীৰ ফালৰ পৰা দুৰ্ব্যৱহাৰ অথবা উপেক্ষাৰ আশংকা কৰে তেন্তে সিহঁত উভয়ে আপোচ-নিষ্পত্তি কৰিব বিচাৰিলে সিহঁতৰ কোনো গুণাহ নাই; আৰু আপোচ-নিষ্পত্তি কৰাটোৱেই শ্ৰেয়। মানুহৰ অন্তৰত লোভণীয় কৃপণতা আছে। যদি তোমালোকে সৎকৰ্মপৰায়ণ হোৱা আৰু মুত্তাক্বী হোৱা, তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহেতো জানেই।","footnotes":"","tafseer":"যদি কোনো স্ত্ৰীয়ে এই আশংকা কৰে যে, তাইৰ প্ৰতি তাইৰ স্বামীৰ চাহিদা নাইকীয়া হৈছে, এতেকে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তাই যদি নিজৰ কিছুমান অধিকাৰ, যেনে- ভৰণ পোষণ আৰু একেলগে ৰাতি যাপন কৰা আদি লাঘৱ কৰি লয় আৰু উভয়ে যদি বুজা পৰাৰ মাধ্যমত সন্মত হয় তেন্তে কোনো গুনাহ নহয়। এনে ক্ষেত্ৰত পৰস্পৰৰ সন্মতিয়ে হৈছে তালাকতকৈ উত্তম। যদিও লোভ আৰু কৃপণতা হৈছে মানুহৰ স্বভাৱগত বস্তু। সেয়ে স্ত্ৰীয়ে সহজে নিজৰ অধিকাৰ হ্ৰাস কৰিবলৈ টান পায়। গতিকে স্বামী স্ত্ৰী উভয়ে ক্ষমা আৰু উপকাৰ কৰাৰ স্বভাৱ অৱলম্বন কৰি এই প্ৰাকৃতিক স্বভাৱৰ চিকিৎসা কৰা উচিত। যদি তোমালোকে নিজৰ সকলো বিষয়তো উপকাৰৰ পন্থা অৱলম্বন কৰা লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004128.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004128.mp3"},{"index":"129","arabicText":"وَلَنْ تَسْتَطِیْعُوْۤا اَنْ تَعْدِلُوْا بَیْنَ النِّسَآءِ وَلَوْ حَرَصْتُمْ فَلَا تَمِیْلُوْا كُلَّ الْمَیْلِ فَتَذَرُوْهَا كَالْمُعَلَّقَةِ ؕ وَاِنْ تُصْلِحُوْا وَتَتَّقُوْا فَاِنَّ اللّٰهَ كَانَ غَفُوْرًا رَّحِیْمًا ۟","assameseTranslation":"আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা, কিন্তু তোমালোকে কোনো এজনীৰ প্ৰতি সম্পূৰ্ণৰূপে ধাৱিত নহ’বা আৰু আনজনীক ওলোমা অৱস্থাত এৰি নিদিবা; যদি তোমালোকে নিজকে সংশোধন কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে পতিসকল! তোমালোকে ইচ্ছা থকা সত্তেও আন্তৰিকতাৰ ক্ষেত্ৰত স্ত্ৰীসকলৰ মাজত পূৰ্ণ ন্যায় কৰিব নোৱাৰিবা। ইয়াৰ কিছুমান কাৰণ তোমালোকৰ ইচ্ছাৰ বাহিৰত। এতেকে যি গৰাকী স্ত্ৰী তোমাৰ পছন্দ নহয়, তাইক ওলোমাই থোৱাৰ দৰে ব্যৱহাৰ নকৰিবা, অৰ্থাৎ এনেকুৱা অৱস্থাত এৰি নিদিবা যাৰ ফলত বিবাহিত মহিলাৰ অধিকাৰো নাপায় আৰু অবিবাহিত নাৰীৰ দৰে বিবাহৰ ইচ্ছাও কৰিব নোৱাৰে। যদি তোমালোকে নিজৰ মাজৰ ব্যৱহাৰ ঠিক ৰাখা আৰু অনিচ্ছা সত্ত্বেও স্ত্ৰীৰ অধিকাৰসমূহ পূৰণ কৰা, লগতে স্ত্ৰী বিষয়ত আল্লাহক ভয় কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, তেওঁ তোমালোকৰ প্ৰতি কৃপা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004129.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004129.mp3"},{"index":"130","arabicText":"وَاِنْ یَّتَفَرَّقَا یُغْنِ اللّٰهُ كُلًّا مِّنْ سَعَتِهٖ ؕ وَكَانَ اللّٰهُ وَاسِعًا حَكِیْمًا ۟","assameseTranslation":"আৰু যদি সিহঁতে পৰস্পৰে পৃথক হৈ যায় তেন্তে আল্লাহে তেওঁৰ প্ৰাচুৰ্যৰ দ্বাৰা প্ৰত্যেককে অভাৱমুক্ত কৰিব; আল্লাহ প্ৰাচুৰ্যময়, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"যদি তালাক তথা খুলাৰ (স্ত্ৰীৰ ফালৰ পৰা বিবাহ বিচ্ছেদৰ) জৰীয়তে পতি-পত্নীয়ে ইজনে সিজনৰ পৰা পৃথক হৈ যায়, তেন্তে আল্লাহে উভয়কে তেওঁৰ অসীম অনুগ্ৰহৰ দ্বাৰা ইজনক সিজনৰ পৰা অমুখাপেক্ষী কৰি দিব। আল্লাহ অসীম অনুগ্ৰহ আৰু কৃপাৰ অধিকাৰী, তেওঁ পৰিচালনা আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004130.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004130.mp3"},{"index":"131","arabicText":"وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَلَقَدْ وَصَّیْنَا الَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلِكُمْ وَاِیَّاكُمْ اَنِ اتَّقُوا اللّٰهَ ؕ وَاِنْ تَكْفُرُوْا فَاِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَكَانَ اللّٰهُ غَنِیًّا حَمِیْدًا ۟","assameseTranslation":"আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতক আৰু তোমালোককো নিৰ্দেশ দিছোঁ যে, তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। আৰু যদি তোমালোকে কুফৰী কৰা তথাপিও আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক হৈছে কেৱল মহান আল্লাহ। নিশ্চয় আহলে কিতাব অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ পৰা আৰু স্বয়ং তোমালোকৰ পৰাও আমি অঙ্গীকাৰ লৈছিলোঁ যে, আল্লাহৰ আদেশ পালন কৰিবা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিবা। যদি তোমালোকে এই অঙ্গীকাৰ অস্বীকাৰ কৰা, তেন্তে তোমালোকৰ নিজৰ বাহিৰে আন কাৰো ক্ষতি নহ’ব। কিয়নো মহান আল্লাহ তোমালোকৰ ইবাদতৰ মুখাপেক্ষী নহয়। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰে মালিক, তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী আৰু তেওঁ নিজৰ সকলো গুণাৱলী আৰু কৰ্মৰ কাৰণে মহাপ্ৰশংসিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004131.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004131.mp3"},{"index":"132","arabicText":"وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟","assameseTranslation":"আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। (এতেকে জানি থোৱা) কৰ্ম-বিধায়ক হিচাপে আল্লাহেই যথেষ্ট।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক হৈছে কেৱল মহান আল্লাহ। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। মখলুকৰ সকলো বিষয়ৰ পৰিচালনা তেৱেঁই কৰে, অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004132.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004132.mp3"},{"index":"133","arabicText":"اِنْ یَّشَاْ یُذْهِبْكُمْ اَیُّهَا النَّاسُ وَیَاْتِ بِاٰخَرِیْنَ ؕ وَكَانَ اللّٰهُ عَلٰی ذٰلِكَ قَدِیْرًا ۟","assameseTranslation":"হে মানৱজাতি! তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি অন্য লোকক আনিব পাৰে; আৰু আল্লাহ এই কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।","footnotes":"","tafseer":"হে মানৱজাতি! তেওঁ ইচ্ছা কৰিলে তোমালোকক ধ্বংস কৰি বেলেগ কোনো সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰে, আৰু তেওঁলোকে কেৱল আল্লাহৰ আনুগত্য কৰিব আৰু তেওঁৰ বিৰুদ্ধাচাৰণ নকৰিব। এইটো কৰিবলৈ আল্লাহ নিশ্চয় ক্ষমতাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004133.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004133.mp3"},{"index":"134","arabicText":"مَنْ كَانَ یُرِیْدُ ثَوَابَ الدُّنْیَا فَعِنْدَ اللّٰهِ ثَوَابُ الدُّنْیَا وَالْاٰخِرَةِ ؕ وَكَانَ اللّٰهُ سَمِیْعًا بَصِیْرًا ۟۠","assameseTranslation":"যিয়ে পৃথিৱীৰ প্ৰতিদান বিচাৰে তেন্তে (সি জানি লোৱা উচিত যে) পৃথিৱী আৰু আখিৰাতৰ পুৰস্কাৰ কেৱল আল্লাহৰ ওচৰতেই আছে; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ মাজৰ যিয়ে নেক কৰ্মৰ বিনিময়ত কেৱল পাৰ্থিৱ সফলতা বিচাৰে, সি জানি থোৱা উচিত যে, আল্লাহৰ ওচৰত পাৰ্থিৱ তথা আখিৰাত উভয় প্ৰকাৰৰ প্ৰতিদান আছে। এতেকে তেওঁৰ পৰা উভয় প্ৰকাৰৰ প্ৰতিদান কামনা কৰা উচিত। আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ কৰ্মৰ সম্যক দ্ৰষ্টা, আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004134.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004134.mp3"},{"index":"135","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُوْنُوْا قَوّٰمِیْنَ بِالْقِسْطِ شُهَدَآءَ لِلّٰهِ وَلَوْ عَلٰۤی اَنْفُسِكُمْ اَوِ الْوَالِدَیْنِ وَالْاَقْرَبِیْنَ ۚ اِنْ یَّكُنْ غَنِیًّا اَوْ فَقِیْرًا فَاللّٰهُ اَوْلٰی بِهِمَا ۫ فَلَا تَتَّبِعُوا الْهَوٰۤی اَنْ تَعْدِلُوْا ۚ وَاِنْ تَلْوٗۤا اَوْ تُعْرِضُوْا فَاِنَّ اللّٰهَ كَانَ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা, আল্লাহৰ উদ্দেশ্যে সাক্ষী দিবা, যদিও সেয়া তোমালোকৰ নিজৰ বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধেই নহওক কিয়, সি বিত্তবানে হওক অথবা বিত্তহীন, আল্লাহ উভয়ৰেই ঘনিষ্টতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমোনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! তোমালোকে সকলো অৱস্থাতে ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত থাকিবা, সকলোৰে ক্ষেত্ৰত সঠিক সাক্ষ্য দান কৰিবা। যদিও তোমাৰ নিজৰ বিৰুদ্ধে অথবা তোমাৰ পিতৃ-মাতৃৰ বিৰুদ্ধে নাইবা নিকটাত্মীয়ৰ বিৰুদ্ধেই নহওক কিয়। তোমালোকে কাৰোবাৰ দৰিদ্ৰতা অথবা সম্পত্তি দেখি সাক্ষ্য দিয়া নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিবা। কিয়নো সেই দৰিদ্ৰ তথা ধনী ব্যক্তিতকৈ আল্লাহৰ অধিকাৰ বেছি ওপৰত, আৰু আল্লাহে সিহঁত উভয়ৰ কল্যাণ সম্পৰ্কে সৰ্বজ্ঞ। সেয়ে সাক্ষ্য প্ৰদানৰ ক্ষেত্ৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, অন্যথা সত্যৰ পৰা আঁতৰি যাবা। যদি তোমালোকে মিছা সাক্ষ্য দিয়া আৰু সত্য সাক্ষ্য দিয়াৰ পৰা বিৰত থাকা, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004135.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004135.mp3"},{"index":"136","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اٰمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ وَالْكِتٰبِ الَّذِیْ نَزَّلَ عَلٰی رَسُوْلِهٖ وَالْكِتٰبِ الَّذِیْۤ اَنْزَلَ مِنْ قَبْلُ ؕ وَمَنْ یَّكْفُرْ بِاللّٰهِ وَمَلٰٓىِٕكَتِهٖ وَكُتُبِهٖ وَرُسُلِهٖ وَالْیَوْمِ الْاٰخِرِ فَقَدْ ضَلَّ ضَلٰلًا بَعِیْدًا ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই গ্ৰন্থৰ প্ৰতি যিখন তেওঁ তেওঁৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান পোষণ কৰা যিখন তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছিল। আনহাতে যিয়ে আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক, তেওঁৰ কিতাপসমূহক, তেওঁৰ ৰাছুলসকলক আৰু শেষ দিৱসক অস্বীকাৰ কৰিব, সি দৰাচলতে ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গৈছে।","footnotes":"","tafseer":"হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মজবুত ঈমান পোষণ কৰা আৰু তাৰ ওপৰত অটল থাকা। লগতে আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআন আৰু তেওঁৰ পূৰ্বে আন আন ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰ প্ৰতি পূৰ্ণ বিশ্বাস পোষণ কৰা। যিয়ে আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক, তেওঁৰ গ্ৰন্থসমূহক, তেওঁৰ ৰাছুলসকলক আৰু কিয়ামত দিৱসক অস্বীকাৰ কৰিব, তেন্তে সি পোন পথৰ পৰা বহু দূৰ আঁতৰি যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004136.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004136.mp3"},{"index":"137","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا ثُمَّ كَفَرُوْا ثُمَّ اٰمَنُوْا ثُمَّ كَفَرُوْا ثُمَّ ازْدَادُوْا كُفْرًا لَّمْ یَكُنِ اللّٰهُ لِیَغْفِرَ لَهُمْ وَلَا لِیَهْدِیَهُمْ سَبِیْلًا ۟ؕ","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে তাৰ পিছত কুফৰী কৰিছে, আকৌ ঈমান আনিছে আকৌ কুফৰী কৰিছে, তাৰ পিছত সিহঁতৰ কুফৰী প্ৰবৃত্তি বৃদ্ধি পাইছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখুৱাব।","footnotes":"","tafseer":"যিসকলে ঈমান পোষণ কৰাৰ পিছত বাৰে বাৰে কুফৰীলৈ উভতি গৈছে, অৰ্থাৎ ঈমান আনিছে আকৌ কুফৰী কৰিছে, আকৌ ঈমান আনিছে তাৰ পিছত আকৌ কুফৰী কৰিছে আৰু কুফৰৰ ওপৰত অটল থাকি সেই অৱস্থাতেই মৃত্যুবৰণ কৰিছে। আল্লাহে সিহঁতৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব, আৰু সিহঁতক আল্লাহৰ পিনে লৈ যোৱা পোন পথৰ তাওফীকো প্ৰদান নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004137.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004137.mp3"},{"index":"138","arabicText":"بَشِّرِ الْمُنٰفِقِیْنَ بِاَنَّ لَهُمْ عَذَابًا اَلِیْمَا ۟ۙ","assameseTranslation":"মুনাফিকসকলক সুসংবাদ দিয়া যে, নিশ্চয় সিহঁতৰ বাবে কষ্টদায়ক শাস্তি আছে।","footnotes":"","tafseer":"হে ৰাছুল! মুনাফিকসকলক জনাই দিয়ক, যিসকলে প্ৰকাশ্যভাৱে মুমিন হোৱাৰ ভাও ধৰে কিন্তু অন্তৰত কুফৰ গোপন ৰাখে, সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত আছে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004138.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004138.mp3"},{"index":"139","arabicText":"لَّذِیْنَ یَتَّخِذُوْنَ الْكٰفِرِیْنَ اَوْلِیَآءَ مِنْ دُوْنِ الْمُؤْمِنِیْنَ ؕ اَیَبْتَغُوْنَ عِنْدَهُمُ الْعِزَّةَ فَاِنَّ الْعِزَّةَ لِلّٰهِ جَمِیْعًا ۟ؕ","assameseTranslation":"মুমিনসকলৰ পৰিবৰ্তে যিসকলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰে সেইসকল লোকে সিহঁতৰ ওচৰত সন্মান বিচাৰে নেকি? অথচ যাৱতীয় সন্মান আল্লাহৰেই।","footnotes":"","tafseer":"সিহঁত এই শাস্তিৰ অধিকাৰী এই কাৰণেই যে, সিহঁতে মুমিনসকলক এৰি কাফিৰসকলক নিজৰ সহায়ক আৰু সঙ্গী বনাই লৈছে। সিহঁতৰ এই বন্ধুত্ব আছিল বৰ আশ্চৰ্যজনক। সিহঁতে কাফিৰসকলৰ পৰা শক্তি আৰু প্ৰতিৰক্ষা বিচাৰি নিজৰ মৰ্যাদা বৃদ্ধি কৰিব বিচাৰে নেকি? যদি এইটোৱে সিহঁতৰ মনোভাৱ হয়, তেন্তে সিহঁতে মনত ৰখা উচিত যে, সকলো ধৰণৰ শক্তি আৰু বলৰ একমাত্ৰ অধিকাৰী হৈছে মহান আল্লাহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004139.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004139.mp3"},{"index":"140","arabicText":"وَقَدْ نَزَّلَ عَلَیْكُمْ فِی الْكِتٰبِ اَنْ اِذَا سَمِعْتُمْ اٰیٰتِ اللّٰهِ یُكْفَرُ بِهَا وَیُسْتَهْزَاُ بِهَا فَلَا تَقْعُدُوْا مَعَهُمْ حَتّٰی یَخُوْضُوْا فِیْ حَدِیْثٍ غَیْرِهٖۤ ۖؗ اِنَّكُمْ اِذًا مِّثْلُهُمْ ؕ اِنَّ اللّٰهَ جَامِعُ الْمُنٰفِقِیْنَ وَالْكٰفِرِیْنَ فِیْ جَهَنَّمَ جَمِیْعَا ۟ۙ","assameseTranslation":"কিতাবত তেওঁ তোমালোকৰ বাবে (এই বিধান) অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে শুনিবা যে, আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰা হৈ আছে আৰু বিদ্ৰূপ কৰা হৈ আছে তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা, যেতিয়ালৈকে সিহঁতে বেলেগ কোনো প্ৰসঙ্গলৈ ঘূৰি নাহে; অন্যথা তোমালোকেও সিহঁতৰ দৰেই গণ্য হ’বা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব।","footnotes":"","tafseer":"হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে কোৰআনত এই আদেশ অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে কোনো বৈঠকত বহি থকা আৰু তাত কোনো ব্যক্তিয়ে যদি আল্লাহৰ কোনো আয়াত অস্বীকাৰ কৰে তথা আয়াতকলৈ উপহাস কৰে তেন্তে তাৰ পৰা উঠি যোৱা। যেতিয়ালৈকে সিহঁতে আল্লাহৰ আয়াতৰ উপহাস তথা অস্বীকাৰ এৰি আন কোনো বিষয়ত লিপ্ত নহয়। এতেকে যদি তোমালোকে এনেকুৱা নকৰা আৰু সকলো শুনাৰ পিছতো তাত বহি থকা তেন্তে তোমালোকেও সেই অস্বীকাৰকাৰীসকলৰ দৰে বিৰুদ্ধাচাৰণ কৰা বুলি গণ্য হ’বা। কিয়নো তোমালোকে তাত বহি আল্লাহৰ আদেশ অমান্য কৰিছা, ঠিক সেইদৰে যিদৰে সিহঁতে কুফৰী কৰি আল্লাহক অমান্য কৰিছে। নিশ্চয় আল্লাহে মুছলিম দাবীদাৰ মুনাফিকসকলক কাফিৰসকলৰ সৈতে জাহান্নামত একত্ৰিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004140.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004140.mp3"},{"index":"141","arabicText":"لَّذِیْنَ یَتَرَبَّصُوْنَ بِكُمْ ۚ فَاِنْ كَانَ لَكُمْ فَتْحٌ مِّنَ اللّٰهِ قَالُوْۤا اَلَمْ نَكُنْ مَّعَكُمْ ۖؗ وَاِنْ كَانَ لِلْكٰفِرِیْنَ نَصِیْبٌ ۙ قَالُوْۤا اَلَمْ نَسْتَحْوِذْ عَلَیْكُمْ وَنَمْنَعْكُمْ مِّنَ الْمُؤْمِنِیْنَ ؕ فَاللّٰهُ یَحْكُمُ بَیْنَكُمْ یَوْمَ الْقِیٰمَةِ ؕ وَلَنْ یَّجْعَلَ اللّٰهُ لِلْكٰفِرِیْنَ عَلَی الْمُؤْمِنِیْنَ سَبِیْلًا ۟۠","assameseTranslation":"যিসকলে তোমালোকৰ অমঙ্গলৰ অপেক্ষাত থাকে, তাৰ পিছত আল্লাহৰ তৰফৰ পৰা যদি তোমালোকে বিজয় লাভ কৰা তেন্তে সিহঁতে কয়, ‘আমি তোমালোকৰ লগত নাছিলোনে’? আনহাতে যদি কাফিৰসকলে আংশিক জয়লাভ কৰে তেন্তে কয়, ‘আমি তোমালোকৰ বিৰুদ্ধে প্ৰবল নাছিলোনে আৰু আমি তোমালোকক মুমিনসকলৰ পৰা ৰক্ষা কৰা নাইনে’? এতেকে আল্লাহে ক্বিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব আৰু আল্লাহে কাফিৰসকলৰ বাবে কেতিয়াও মুমিনসকলৰ বিৰুদ্ধে কোনো পথ (উন্মুক্ত) নাৰাখে।","footnotes":"","tafseer":"যিসকলে তোমালোকৰ কল্যাণ অথবা অকল্যাণৰ অপেক্ষাত থাকে, এতেকে যদি তোমালোকে আল্লাহৰ সহায় প্ৰাপ্ত হোৱা আৰু যুদ্ধলব্ধ সম্পদ লাভ কৰা তেন্তে অংশ পাবলৈ সিহঁতে কয়ঃ আমি তোমালোকৰ লগত নাছিলোঁনে? আৰু যুদ্ধত অংশ লোৱা নাছিলোঁনে? আনহাতে যদি কাফিৰসকলে কোনো অংশ পায় তেতিয়া সিহঁতক কয়ঃ আমি তোমালোকৰ কামত সহায় কৰা নাছিলোঁনে? মুমিনসকলৰ পৰা বচাবলৈ আমি তোমালোকক চাৰিওফালৰ পৰা চোৱাচিতা কৰা নাছিলোঁনে? এতেকে কিয়ামতৰ দিনা আল্লাহে তোমালোকৰ মাজত ফয়চালা কৰিব। মুমিনসকলক প্ৰতিদানস্বৰূপে জান্নাতত প্ৰৱেশ কৰাব আৰু মুনাফিকসকলক জাহান্নামৰ তলদেশত নিক্ষেপ কৰিব। আল্লাহে তেওঁৰ অনুগ্ৰহেৰে মুমিনসকলৰ ওপৰত কাফিৰসকলৰ আধিপত্য প্ৰতিষ্ঠা হ'বলৈ নিদিব। বৰং শেষৰ উত্তম ফলাফল কেৱল মুমিনসকলৰ বাবেই নিৰ্দিষ্ট, যেতিয়ালৈকে তেওঁলোকে সত্য ঈমানৰ সৈতে চৰীয়তৰ ওপৰত আমল কৰি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004141.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004141.mp3"},{"index":"142","arabicText":"اِنَّ الْمُنٰفِقِیْنَ یُخٰدِعُوْنَ اللّٰهَ وَهُوَ خَادِعُهُمْ ۚ وَاِذَا قَامُوْۤا اِلَی الصَّلٰوةِ قَامُوْا كُسَالٰی ۙ یُرَآءُوْنَ النَّاسَ وَلَا یَذْكُرُوْنَ اللّٰهَ اِلَّا قَلِیْلًا ۟ؗۙ","assameseTranslation":"নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰিব বিচাৰে, প্ৰকৃততে তেৱেঁই সিহঁতক প্ৰতাৰিত কৰে, আৰু যেতিয়া সিহঁতে ছালাতত থিয় হয় তেতিয়া অলসতা কৰি কেৱল মানুহক দেখুৱাবলৈ ছালাতত থিয় হয়। আল্লাহক সিহঁতে খুবেই কম স্মৰণ কৰে।","footnotes":"","tafseer":"মুনাফিকসকলে অন্তৰত কুফৰী থকাৰ পিছতো মুছলিম বুলি দাবী কৰি আল্লাহক প্ৰতাৰণা কৰিব বিচাৰে, অথচ আল্লাহেই সিহঁতক প্ৰতাৰণাত লিপ্ত কৰিছে। কিয়নো সিহঁতৰ কুফৰ সম্পৰ্কে জনাৰ পিছতো সিহঁতৰ সম্পত্তি আৰু প্ৰাণ সুৰক্ষিত কৰি ৰাখিছে আৰু আখিৰাতত সিহঁতৰ বাবে কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে। যেতিয়া সিহঁতে ছালাতৰ বাবে থিয় হয়, তেতিয়া অলসতাৰ ভাৱ লৈ অনিচ্ছাকৃতভাৱে থিয় হয়, সিহঁতে কেৱল মানুহক দেখুৱাবলৈ তথা সিহঁতৰ সন্মানাৰ্থে চালাত আদায় কৰে, আল্লাহৰ প্ৰতি সিহঁতৰ কোনো নিষ্ঠা নাই। সিহঁতে আল্লাহক কেৱল সেই সময়তেই স্মৰণ কৰে যেতিয়া মুমিনসকলক দেখা পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004142.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004142.mp3"},{"index":"143","arabicText":"مُّذَبْذَبِیْنَ بَیْنَ ذٰلِكَ ۖۗ لَاۤ اِلٰی هٰۤؤُلَآءِ وَلَاۤ اِلٰی هٰۤؤُلَآءِ ؕ وَمَنْ یُّضْلِلِ اللّٰهُ فَلَنْ تَجِدَ لَهٗ سَبِیْلًا ۟","assameseTranslation":"সিহঁত দোদুল্যমান অৱস্থাত থাকে, ইফালেও নহয় সিফালেও নহয়। আল্লাহে যাক পথভ্ৰষ্ট কৰে, তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।","footnotes":"","tafseer":"এইসকল মুনাফিক দোদুল্যমান অৱস্থাত পৰি আছে। বাহ্যিক আৰু আভ্যন্তৰীণভাৱে এই মুনাফিকসকল মুছলিমৰ লগতো নহয় আৰু কাফিৰসকলৰ লগতো নহয়। বৰং প্ৰকাশ্যভাৱে দেখুৱায় যে, সিহঁত মুছলিমসকলৰ লগত আছে, কিন্তু আভ্যন্তৰীণভাৱে সিহঁত হৈছে কাফিৰসকলৰ লগত। দৰাচলতে আল্লাহে যাক পথভ্ৰষ্ট কৰে –হে ৰাছুল- আপুনি তাক ভ্ৰষ্টতাৰ পৰা উলিয়াই আনিবলৈ কোনো পথ বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004143.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004143.mp3"},{"index":"144","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوا الْكٰفِرِیْنَ اَوْلِیَآءَ مِنْ دُوْنِ الْمُؤْمِنِیْنَ ؕ اَتُرِیْدُوْنَ اَنْ تَجْعَلُوْا لِلّٰهِ عَلَیْكُمْ سُلْطٰنًا مُّبِیْنًا ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা। তোমালোকে নিজৰ ওপৰত আল্লাহৰ প্ৰকাশ্য অভিযোগ কায়েম কৰিব বিচৰা নেকি?","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! মুমিনসকলক এৰি কাফিৰসকলক নিজৰ অন্তৰঙ্গ বন্ধু বনাই নল’বা। তোমালোকে এই কৰ্মৰ দ্বাৰা আল্লাহৰ ওচৰত শাস্তি পাবলৈ নিজৰ বিপক্ষে উপযুক্ত সুস্পষ্ট প্ৰমাণ সাব্যস্ত কৰিব বিচৰা নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004144.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004144.mp3"},{"index":"145","arabicText":"اِنَّ الْمُنٰفِقِیْنَ فِی الدَّرْكِ الْاَسْفَلِ مِنَ النَّارِ ۚ وَلَنْ تَجِدَ لَهُمْ نَصِیْرًا ۟ۙ","assameseTranslation":"নিশ্চয় মুনাফিকসকলে জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক নাপাবা।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে ক্বিয়ামতৰ দিনা মুনাফিকসকলক জাহান্নামৰ সৰ্বনিম্ন স্থানত ঠাই দিব আৰু তুমি সিহঁতৰ বাবে কোনো সহায়ক নাপাবা, যিয়ে সিহঁতৰ শাস্তি দূৰ কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004145.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004145.mp3"},{"index":"146","arabicText":"اِلَّا الَّذِیْنَ تَابُوْا وَاَصْلَحُوْا وَاعْتَصَمُوْا بِاللّٰهِ وَاَخْلَصُوْا دِیْنَهُمْ لِلّٰهِ فَاُولٰٓىِٕكَ مَعَ الْمُؤْمِنِیْنَ ؕ وَسَوْفَ یُؤْتِ اللّٰهُ الْمُؤْمِنِیْنَ اَجْرًا عَظِیْمًا ۟","assameseTranslation":"কিন্তু যিসকলে তাওবা কৰে, নিজকে সংশোধন কৰে, আৰু আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰে, লগতে আল্লাহৰ উদ্দেশ্যে নিৰ্ভেজালভাৱে নিজৰ দ্বীন পালন কৰে, তেন্তে তেওঁলোক মুমিনসকলৰ লগত থাকিব। (জানি থোৱা) শীঘ্ৰেই আল্লাহে মুমিনসকলক মহাপুৰস্কাৰ প্ৰদান কৰিব।","footnotes":"","tafseer":"কিন্তু যিসকলে নিফাকৰ পৰা তাওবা কৰি আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিছে, আৰু নিজৰ অন্তৰক সংশোধন কৰিছে, আৰু আল্লাহৰ প্ৰতিশ্ৰুতিক মজবুতভাৱে ধাৰণ কৰিছে, লগতে লোকক দেখুৱাবলৈ নহয় একমাত্ৰ আল্লাহৰ উদ্দেশ্যে বিশুদ্ধচিত্তে নিৰ্ভেজালভাৱে আমল কৰিছে, এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পৃথিৱী আৰু আখিৰাতত মুমিনসকলৰ লগত থাকিব। আল্লাহে অনতিপলমে মুমিনসকলক বৰ ডাঙৰ প্ৰতিদান দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004146.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004146.mp3"},{"index":"147","arabicText":"مَا یَفْعَلُ اللّٰهُ بِعَذَابِكُمْ اِنْ شَكَرْتُمْ وَاٰمَنْتُمْ ؕ وَكَانَ اللّٰهُ شَاكِرًا عَلِیْمًا ۟","assameseTranslation":"যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ঈমান পোষণ কৰা, তেনেহ’লে তোমালোকক শাস্তি প্ৰদান কৰি আল্লাহৰ কি হ’ব? (জানি থোৱা) প্ৰকৃততে আল্লাহ হৈছে গুণগ্ৰাহী, সৰ্বজ্ঞ।","footnotes":"","tafseer":"যদি তোমালোকে আল্লাহৰ প্ৰতি কৃতজ্ঞ হোৱা, আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তোমালোকক শাস্তি দিয়াৰ কোনো প্ৰশ্নই নুঠে। নিশ্চয় মহান আল্লাহ অত্যন্ত দয়ালু, পৰম কৰুণাময়। তেওঁ তোমালোকক কেৱল গুনাহৰ কাৰণেহে শাস্তি প্ৰদান কৰিব। যদি তোমালোকে আমল সংশোধন কৰা আৰু তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা আদায় কৰা লগতে প্ৰকাশ্য অপ্ৰকাশ্য উভয়ভাৱে ঈমান পোষণ কৰা, তেন্তে তেওঁ কেতিয়াও তোমালোকক শাস্তি নিদিব। নিশ্চয় আল্লাহেও সেইসকল লোকৰ প্ৰতি কৃতজ্ঞ, যিসকলে তেওঁৰ অনুগ্ৰহ স্বীকাৰ কৰে, আৰু তেওঁলোকক ইয়াৰ প্ৰতিদানো দিব। তেওঁ নিজ বান্দাসকলৰ ঈমান সম্পৰ্কে অৱগত, আৰু শীঘ্ৰেই তেওঁ প্ৰত্যেককে সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004147.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004147.mp3"},{"index":"148","arabicText":"لَا یُحِبُّ اللّٰهُ الْجَهْرَ بِالسُّوْٓءِ مِنَ الْقَوْلِ اِلَّا مَنْ ظُلِمَ ؕ وَكَانَ اللّٰهُ سَمِیْعًا عَلِیْمًا ۟","assameseTranslation":"বেয়া কথা প্ৰকাশ কৰাক আল্লাহে পছন্দ নকৰে, কিন্তু যাৰ ওপৰত অত্যাচাৰ কৰা হৈছে তাৰ বিষয়টো সুকীয়া; আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।","footnotes":"","tafseer":"প্ৰকাশ্যভাৱে বেয়া কথা কোৱাটো আল্লাহে পছন্দ নকৰে, বৰং তেওঁ ইয়াৰ ফলত ক্ৰোধান্বিত হয় আৰু শাস্তিৰ সকিয়ণি দিয়ে। কিন্তু কোনোবাই অত্যাচাৰিত হ’লে, তাৰ বাবে বৈধ কৰিছে অন্যায়ৰ বিৰুদ্ধে মাত মতা, বদ দুআ কৰা লগতে সেই অনুৰূপ বাক্য ব্যৱহাৰ কৰা। কিন্তু ধৈৰ্য্য ধাৰণ কৰাটো হৈছে উত্তম। নিশ্চয় আল্লাহে তোমালোকৰ কথা শ্ৰৱণ কৰে আৰু তেওঁ তোমালোকৰ নিয়্যত সম্পৰ্কে অৱগত। এতেকে তোমালোকে বেয়া কথা কোৱাৰ পৰা আৰু বেয়া সংকল্পৰ পৰা বিৰত থাকা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004148.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004148.mp3"},{"index":"149","arabicText":"اِنْ تُبْدُوْا خَیْرًا اَوْ تُخْفُوْهُ اَوْ تَعْفُوْا عَنْ سُوْٓءٍ فَاِنَّ اللّٰهَ كَانَ عَفُوًّا قَدِیْرًا ۟","assameseTranslation":"যদি তোমালোকে সৎকৰ্ম প্ৰকাশ কৰা অথবা গোপন কৰা নাইবা দোষ ক্ষমা কৰা তেন্তে আল্লাহেও দোষ মোচনকাৰী, ক্ষমতাৱান।","footnotes":"","tafseer":"যিকোনো ভাল কথা অথবা ভাল কৰ্ম যদি তোমালোকে প্ৰকাশ কৰা নাইবা গোপন কৰা লগতে বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়া তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ অতি ক্ষমাশীল আৰু সৰ্বশক্তিমান। এতেকে ক্ষমা কৰাটোৱে তোমালোকৰ চৰিত্ৰ হোৱা উচিত, যাতে আল্লাহেও তোমালোকক ক্ষমা কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004149.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004149.mp3"},{"index":"150","arabicText":"اِنَّ الَّذِیْنَ یَكْفُرُوْنَ بِاللّٰهِ وَرُسُلِهٖ وَیُرِیْدُوْنَ اَنْ یُّفَرِّقُوْا بَیْنَ اللّٰهِ وَرُسُلِهٖ وَیَقُوْلُوْنَ نُؤْمِنُ بِبَعْضٍ وَّنَكْفُرُ بِبَعْضٍ ۙ وَّیُرِیْدُوْنَ اَنْ یَّتَّخِذُوْا بَیْنَ ذٰلِكَ سَبِیْلًا ۙ۟","assameseTranslation":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান পোষণ কৰোঁ আৰু কিছুমানৰ লগত কুফৰী কৰোঁ’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ লগত কুফৰী কৰে, লগতে তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰে, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে, এনেকৈ যে, আল্লাহৰ প্ৰতি সিহঁতে ঈমান পোষণ কৰে কিন্তু ৰাছুলসকলক অস্বীকাৰ কৰে আৰু কয়ঃ আমি কিছুমান ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰোঁ আৰু আন কিছুমানক অস্বীকাৰ কৰোঁ। এইদৰে সিহঁতে কুফৰ আৰু ঈমানৰ মাজত এটা পথ উলিয়াব বিচাৰে আৰু সিহঁতে ভাবে যে, এইটোৱে সিহঁতক মুক্তি প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004150.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004150.mp3"},{"index":"151","arabicText":"اُولٰٓىِٕكَ هُمُ الْكٰفِرُوْنَ حَقًّا ۚ وَاَعْتَدْنَا لِلْكٰفِرِیْنَ عَذَابًا مُّهِیْنًا ۟","assameseTranslation":"ইহঁতেই হৈছে প্ৰকৃত কাফিৰ; (জানি থোৱা) আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।","footnotes":"","tafseer":"যিসকলে এই পথ অৱলম্বন কৰে, সিহঁতেই হৈছে প্ৰকৃত কাফিৰ। কিয়নো যিয়ে সকলো ৰাছুল অথবা কিছুমান ৰাছুলক অস্বীকাৰ কৰিছে, সি দৰাচলতে আল্লাহক আৰু তেওঁৰ সকলো ৰাছুলকেই অস্বীকাৰ কৰিছে। এতেকে আমি অস্বীকাৰকাৰীসকলৰ বাবে কিয়ামতৰ দিনা লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ। এইটো হৈছে সিহঁতৰ সেই অহংকাৰৰ শাস্তি, যাৰ ফলত সিহঁতে আল্লাহ তথা তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004151.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004151.mp3"},{"index":"152","arabicText":"وَالَّذِیْنَ اٰمَنُوْا بِاللّٰهِ وَرُسُلِهٖ وَلَمْ یُفَرِّقُوْا بَیْنَ اَحَدٍ مِّنْهُمْ اُولٰٓىِٕكَ سَوْفَ یُؤْتِیْهِمْ اُجُوْرَهُمْ ؕ وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠","assameseTranslation":"আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত কোনো পাৰ্থক্য কৰা নাই, অতিসোনকালে তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দিয়া হ’ব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"আনহাতে যিসকলে ঈমান আনিছে আৰু আল্লাহক একক বুলি স্বীকাৰ কৰিছে, আৰু তেওঁৰ লগত আন কাকো অংশী স্থাপন কৰা নাই, লগতে তেওঁৰ সকলো ৰাছুলৰ প্ৰতিও ঈমান পোষণ কৰিছে, আৰু কাফিৰসকলৰ দৰে তেওঁলোকৰ মাজত পাৰ্থক্য কৰা নাই, আল্লাহে এইসকল লোকক তেওঁলোকৰ ঈমান আৰু নেক কৰ্মৰ বিনিময়ত মহা প্ৰতিদান প্ৰদান কৰিব। আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অত্যন্ত কৃপাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004152.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004152.mp3"},{"index":"153","arabicText":"یَسْـَٔلُكَ اَهْلُ الْكِتٰبِ اَنْ تُنَزِّلَ عَلَیْهِمْ كِتٰبًا مِّنَ السَّمَآءِ فَقَدْ سَاَلُوْا مُوْسٰۤی اَكْبَرَ مِنْ ذٰلِكَ فَقَالُوْۤا اَرِنَا اللّٰهَ جَهْرَةً فَاَخَذَتْهُمُ الصّٰعِقَةُ بِظُلْمِهِمْ ۚ ثُمَّ اتَّخَذُوا الْعِجْلَ مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ فَعَفَوْنَا عَنْ ذٰلِكَ ۚ وَاٰتَیْنَا مُوْسٰی سُلْطٰنًا مُّبِیْنًا ۟","assameseTranslation":"কিতাবীসকলে বিচাৰে যে, তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা, সিহঁতে মুছাৰ ওচৰত ইয়াতকৈও ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল, ‘আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুওৱা’। ফলত সিহঁতৰ সীমালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল, তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে দামুৰী এটাক উপাস্যৰূপে গ্ৰহণ কৰিছিল, তথাপিও আমি সেয়া ক্ষমা কৰিছিলোঁ আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ।","footnotes":"","tafseer":"হে ৰাছুল! ইয়াহুদীসকলে আপোনাৰ পৰা মুছা আলাইহিচ্ছালামৰ দৰে আকাশৰ পৰা এবাৰতেই এখন গ্ৰন্থ অনাৰ দাবী কৰে, যিটো আপোনাৰ প্ৰকৃত নবী হোৱাৰ প্ৰমাণ হ’ব। এনে দাবীৰ ফলত আপুনি বিচলিত নহ’ব, কিয়নো সিহঁতৰ পূৰ্বপুৰুষসকলে মুছাৰ পৰা ইয়াতকৈও ডাঙৰ দাবী কৰিছিল, সিহঁতে কৈছিলঃ আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা। ফলত সিহঁতক শাস্তিস্বৰূপে বেহুঁচ কৰি দিয়া হৈছিল, ফলত সিহঁত মূৰ্ছা গৈছিল। পিছত আল্লাহে সিহঁতক আকৌ জীৱন দান কৰিছিল, তথাপিও সিহঁতে আল্লাহক এৰি গৰু পোৱালীৰ উপাসনাত লিপ্ত হৈছিল। অথচ সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন আহিছিল যে, আল্লাহেই একমাত্ৰ প্ৰতিপালক আৰু কেৱল তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য। তাৰ পিছতো আমি সিহঁতক ক্ষমা কৰিছিলোঁ আৰু মুছা আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004153.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004153.mp3"},{"index":"154","arabicText":"وَرَفَعْنَا فَوْقَهُمُ الطُّوْرَ بِمِیْثَاقِهِمْ وَقُلْنَا لَهُمُ ادْخُلُوا الْبَابَ سُجَّدًا وَّقُلْنَا لَهُمْ لَا تَعْدُوْا فِی السَّبْتِ وَاَخَذْنَا مِنْهُمْ مِّیْثَاقًا غَلِیْظًا ۟","assameseTranslation":"আৰু সিহঁতৰ অঙ্গীকাৰ গ্ৰহণ কৰিবলৈ তূৰ পৰ্বতক আমি সিহঁতৰ ওপৰত উত্তোলন কৰিছিলোঁ আৰু সিহঁতক কৈছিলোঁ, ‘শিৰ নত কৰি দুৱাৰেৰে প্ৰৱেশ কৰা’। আমি সিহঁতক আৰু কৈছিলোঁ যে, ‘শনিবাৰে (বিশ্ৰামৰ দিনা মাছ ধৰি) সীমালংঘন নকৰিবা’, লগতে আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলোঁ।","footnotes":"","tafseer":"দৃঢ় প্ৰতিশ্ৰুতি লোৱাৰ উদ্দেশ্যে আমি সিহঁতৰ ওপৰত পৰ্বত উত্তোলন কৰিছিলোঁ, যাতে সিহঁতে ভয় কৰে আৰু প্ৰতিশ্ৰুতি অনুসাৰে কৰ্ম কৰে। তাৰ পিছত আমি সিহঁতক কৈছিলোঁঃ ছাজদা কৰি শিৰ নত কৰা অৱস্থাত বাইতুল মাক্বদিছৰ দুৱাৰেৰে প্ৰৱেশ কৰা। কিন্তু সিহঁতে নিজৰ নিতম্ব চোঁচৰাই প্ৰৱেশ কৰিলে। আমি সিহঁতক আৰু কৈছিলোঁঃ শনিবাৰে মাছ মাৰি আমাৰ আদেশ উলংঘা নকৰিবা। কিন্তু সিহঁতে মান্য কৰা নাছিল, আৰু সিহঁতে মাছ মাৰিছিল। অথচ আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলোঁ কিন্তু সিহঁতে অঙ্গীকাৰৰ মান ৰক্ষা কৰা নাছিল, আৰু অঙ্গীকাৰ ভঙ্গ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004154.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004154.mp3"},{"index":"155","arabicText":"فَبِمَا نَقْضِهِمْ مِّیْثَاقَهُمْ وَكُفْرِهِمْ بِاٰیٰتِ اللّٰهِ وَقَتْلِهِمُ الْاَنْۢبِیَآءَ بِغَیْرِ حَقٍّ وَّقَوْلِهِمْ قُلُوْبُنَا غُلْفٌ ؕ بَلْ طَبَعَ اللّٰهُ عَلَیْهَا بِكُفْرِهِمْ فَلَا یُؤْمِنُوْنَ اِلَّا قَلِیْلًا ۪۟","assameseTranslation":"তাৰ পিছত (সিহঁতক শাস্তি দিয়া হৈছিল) কাৰণ সিহঁতে অঙ্গীকাৰ ভংগ কৰিছিল, আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু এই বুলি কৈছিল যে, ‘আমাৰ হৃদয়সমূহ আচ্ছাদিত’। বৰং সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছিল। গতিকে সিহঁতৰ কেৱল কিছুসংখ্যক লোকেই ঈমান আনিব।","footnotes":"","tafseer":"ফলত আমি সিহঁতক আমাৰ ৰহমতৰ পৰা আঁতৰ কৰি দিছিলোঁ, কাৰণ সিহঁতে সেই দৃঢ় অঙ্গীকাৰ ভঙ্গ কৰিছিল, যিটো সিহঁতৰ পৰা লোৱা হৈছিল। লগতে আল্লাহৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছিল, আনকি নবীসকলকো হত্যা কৰাৰ সাহস কৰিছিল, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতে কোৱা এই কথাষাৰৰ কাৰণেও যে, আমাৰ অন্তৰত আছে আৱৰণ, সেয়ে আপোনাৰ কথা আমি বুজি নাপাওঁ। দৰাচলতে বিষয়টো সিহঁতে ভবাৰ দৰে নহয়। বৰং আল্লাহে সিহঁতৰ কুফৰীৰ ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত কল্যাণকৰ কথা সিহঁতৰ অন্তৰত ঢুকি নাপায়। সেয়ে সিহঁতে বহুত কম ঈমান পোষণ কৰে যিটো সিহঁতৰ কোনো কামত নাহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004155.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004155.mp3"},{"index":"156","arabicText":"وَّبِكُفْرِهِمْ وَقَوْلِهِمْ عَلٰی مَرْیَمَ بُهْتَانًا عَظِیْمًا ۟ۙ","assameseTranslation":"লগতে সিহঁতে কুফৰী কৰাৰ কাৰণে আৰু মাৰয়ামৰ বিৰুদ্ধে গুৰুতৰ অপবাদ আৰোপ কৰাৰ কাৰণে (অভিশপ্ত হৈছিল)।","footnotes":"","tafseer":"আৰু আমি সিহঁতক আমাৰ কৃপাৰ পৰা দূৰ কৰিছিলোঁ, কিয়নো সিহঁতে কুফুৰী কৰিছিল আৰু মৰিয়ম আলাইহাচ্ছালামৰ প্ৰতি ব্যভিচাৰৰ মিছা আৰোপ লগাইছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004156.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004156.mp3"},{"index":"157","arabicText":"وَّقَوْلِهِمْ اِنَّا قَتَلْنَا الْمَسِیْحَ عِیْسَی ابْنَ مَرْیَمَ رَسُوْلَ اللّٰهِ ۚ وَمَا قَتَلُوْهُ وَمَا صَلَبُوْهُ وَلٰكِنْ شُبِّهَ لَهُمْ ؕ وَاِنَّ الَّذِیْنَ اخْتَلَفُوْا فِیْهِ لَفِیْ شَكٍّ مِّنْهُ ؕ مَا لَهُمْ بِهٖ مِنْ عِلْمٍ اِلَّا اتِّبَاعَ الظَّنِّ ۚ وَمَا قَتَلُوْهُ یَقِیْنًا ۟ۙ","assameseTranslation":"লগতে সিহঁতৰ এই উক্তিৰ কাৰণে (অভিশপ্ত হৈছিল) যে, আমিয়েই আল্লাহৰ ৰাছুল মাৰয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছিলোঁ। অথচ সিহঁতে তেওঁক হত্যাও কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাছিল; বৰং সিহঁতৰ বাবে (বেলেগ এজন লোকক) তেওঁৰ সদৃশ কৰি দিয়া হৈছিল। নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল, সিহঁত এই বিষয়ে সন্দেহত আছিল; এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাছিল।","footnotes":"","tafseer":"আমি সিহঁতৰ ওপৰত অভিসম্পাত কৰিছোঁ, কিয়নো সিহঁতে অহংকাৰ কৰি কয় যে, আমি আল্লাহৰ ৰাছুল মৰিয়ম পুত্ৰ ঈছা মছীহক হত্যা কৰিছোঁ। সিহঁতে দাবী কৰাৰ দৰে সিহঁতে হত্যাও কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাই। বৰং সিহঁতে এনেকুৱা এজন ব্যক্তিক হত্যা কৰিছিল আৰু ক্ৰুছবিদ্ধ কৰিছিল যাক আল্লাহে ঈছা আলাইহিচ্ছালামৰ আকৃতি প্ৰদান কৰিছিল। ফলত সিহঁতে ধাৰণা কৰিছে যে, সিহঁতে ঈছা আলাইহিচ্ছালামকেই হত্যা কৰিছে। যিসকল ইয়াহুদীয়ে ঈছা আলাইহিচ্ছালামক হত্যা কৰা বুলি দাবী কৰিছে আৰু যিসকল খৃষ্টানে তেওঁক ইয়াহুদীসকলৰ হাতত অৰ্পণ কৰিছিল, উভয় পক্ষই এই সন্দৰ্ভত সন্দেহ তথা সংশয়ত পতিত হৈছে। সিহঁতৰ ওচৰত এই বিষয়ে কোনো জ্ঞান নাই। সিহঁতে কেৱল অনুমানতহে কথা কয়, আৰু অনুমানৰ দ্বাৰা সত্য উদ্ঘাটন কৰা সম্ভৱ নহয়। প্ৰকৃত সত্য এইটোৱেই যে, সিহঁতে ঈছা আলাইহিচ্ছালামক হত্যাও কৰিব পৰা নাই আৰু ক্ৰুছবিদ্ধও কৰিব পৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004157.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004157.mp3"},{"index":"158","arabicText":"بَلْ رَّفَعَهُ اللّٰهُ اِلَیْهِ ؕ وَكَانَ اللّٰهُ عَزِیْزًا حَكِیْمًا ۟","assameseTranslation":"বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ উঠাই লৈছে আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"বৰং আল্লাহে ঈছা আলাইহিচ্ছালামক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। লগতে তেওঁক সশৰীৰে আত্মাৰ সৈতে নিজৰ পিনে উঠাই লৈছে। আল্লাহ ক্ষমতাত মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ পৰিচালনাত, ফয়চালা কৰাৰ ক্ষেত্ৰত আৰু বিধান প্ৰস্তুতকৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004158.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004158.mp3"},{"index":"159","arabicText":"وَاِنْ مِّنْ اَهْلِ الْكِتٰبِ اِلَّا لَیُؤْمِنَنَّ بِهٖ قَبْلَ مَوْتِهٖ ۚ وَیَوْمَ الْقِیٰمَةِ یَكُوْنُ عَلَیْهِمْ شَهِیْدًا ۟ۚ","assameseTranslation":"কিতাবীসকলৰ মাজৰ পৰা প্ৰত্যেকেই তেওঁৰ মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত ঈমান আনিব আৰু ক্বিয়ামতৰ দিনা তেওঁ সিহঁতৰ বিৰুদ্ধে সাক্ষী হ’ব।","footnotes":"","tafseer":"অন্তিম যুগত, ঈছা আলাইহিচ্ছালামক অৱতৰণ কৰাৰ পিছত তথা তেওঁৰ মৃত্যুৰ পূৰ্বে, সকলো ইয়াহুদী আৰু প্ৰত্যেক খৃষ্টানেই তেওঁৰ প্ৰতি ঈমান পোষণ কৰিব, আৰু কিয়ামতৰ দিনা ঈছা আলাইহিচ্ছালামে সিহঁতৰ কৰ্ম সম্পৰ্কে সাক্ষ্য প্ৰদান কৰিব যে, কোনটো কৰ্ম চৰীয়তৰ (বিধানৰ) অনুকূল আৰু কোনটো পৰিপন্থী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004159.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004159.mp3"},{"index":"160","arabicText":"فَبِظُلْمٍ مِّنَ الَّذِیْنَ هَادُوْا حَرَّمْنَا عَلَیْهِمْ طَیِّبٰتٍ اُحِلَّتْ لَهُمْ وَبِصَدِّهِمْ عَنْ سَبِیْلِ اللّٰهِ كَثِیْرًا ۟ۙ","assameseTranslation":"বহুতো পৱিত্ৰ বস্তু আমি ইয়াহুদীসকলৰ দুৰাচাৰীতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰিছিলোঁ যিবোৰ সিহঁতৰ বাবে হালাল আছিল।","footnotes":"","tafseer":"এতেকে ইয়াহুদীসকলৰ অত্যাচাৰৰ কাৰণেই আমি সিহঁতৰ ওপৰত এনেকুৱা কিছুমান বস্তু হাৰাম কৰিছিলোঁ, যিবোৰ সিহঁতৰ ওপৰত হালাল আছিল। যেনে- আমি সিহঁতৰ ওপৰত প্ৰত্যেক নখ থকা প্ৰাণী হাৰাম কৰিছিলোঁ, লগতে গৰু ছাগলীৰ পিঠিৰ চৰ্বী বাহিৰে সকলো চৰ্বী হাৰাম কৰিছিলোঁ। ইয়াৰ আৰু এটা কাৰণ আছিল এই যে, সিহঁতে নিজকেও আৰু আনকো আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছিল। আনকি কল্যাণৰ পৰা বাধা দিয়াটো সিহঁতৰ স্বভাৱত পৰিণত হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004160.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004160.mp3"},{"index":"161","arabicText":"وَّاَخْذِهِمُ الرِّبٰوا وَقَدْ نُهُوْا عَنْهُ وَاَكْلِهِمْ اَمْوَالَ النَّاسِ بِالْبَاطِلِ ؕ وَاَعْتَدْنَا لِلْكٰفِرِیْنَ مِنْهُمْ عَذَابًا اَلِیْمًا ۟","assameseTranslation":"লগতে সিহঁতৰ সুত গ্ৰহণৰ কাৰণে, অথচ ইয়াৰ পৰা সিহঁতক নিষেধ কৰা হৈছিল; আৰু অন্যায়ভাৱে মানুহৰ ধন-সম্পদ গ্ৰাস কৰাৰ কাৰণেও। আৰু আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।","footnotes":"","tafseer":"আৰু এই কাৰণেও যে, সিহঁতে সুতৰ লেনদেন কৰিছিল, অথচ আল্লাহে সিহঁতক সুত খোৱাৰ পৰা নিষেধ কৰিছিল, আৰু এটা কাৰণ এই যে, সিহঁতে মানুহৰ সম্পদ অন্যায়ভাৱে আত্মসাত কৰিছিল। আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004161.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004161.mp3"},{"index":"162","arabicText":"لٰكِنِ الرّٰسِخُوْنَ فِی الْعِلْمِ مِنْهُمْ وَالْمُؤْمِنُوْنَ یُؤْمِنُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ وَالْمُقِیْمِیْنَ الصَّلٰوةَ وَالْمُؤْتُوْنَ الزَّكٰوةَ وَالْمُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ اُولٰٓىِٕكَ سَنُؤْتِیْهِمْ اَجْرًا عَظِیْمًا ۟۠","assameseTranslation":"কিন্তু সিহঁতৰ মাজৰ গভীৰ জ্ঞানী লোকসকলে আৰু মুমিনসকলে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতি ঈমান পোষণ কৰে। ছালাত প্ৰতিষ্ঠা কৰে, যাকাত প্ৰদান কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, অতিসোনকালে আমি এইসকল লোকক মহা পুৰস্কাৰ দান কৰিম।","footnotes":"","tafseer":"কিন্তু হে ৰাছুল! ইয়াহুদীসকলৰ মাজৰ যিসকলে পৰিপক্ক জ্ঞানৰ অধিকাৰী তথা মুমিন আছিল, তেওঁলোকে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনক সত্য বুলি মানে, লগতে সেইসমূহ গ্ৰন্থকো সত্য বুলি মানে যিবোৰ আপোনাৰ পূৰ্বে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল, যেনে- তাওৰাত আৰু ইঞ্জীল। তেওঁলোকে ছালাত আদায় কৰে, যাকাত প্ৰদান কৰে, লগতে এই কথাও স্বীকাৰ কৰে যে, আল্লাহ এক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁলোকে কিয়ামতকো বিশ্বাস কৰে। এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিকেই আমি মহা প্ৰতিদান দান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004162.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004162.mp3"},{"index":"163","arabicText":"اِنَّاۤ اَوْحَیْنَاۤ اِلَیْكَ كَمَاۤ اَوْحَیْنَاۤ اِلٰی نُوْحٍ وَّالنَّبِیّٖنَ مِنْ بَعْدِهٖ ۚ وَاَوْحَیْنَاۤ اِلٰۤی اِبْرٰهِیْمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَعِیْسٰی وَاَیُّوْبَ وَیُوْنُسَ وَهٰرُوْنَ وَسُلَیْمٰنَ ۚ وَاٰتَیْنَا دَاوٗدَ زَبُوْرًا ۟ۚ","assameseTranslation":"নিশ্চয় আমি তোমাৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ; আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বূব আৰু তেওঁৰ বংশধৰ, ঈছা, আইউব, ইউনুছ, হাৰুন আৰু ছুলাইমানৰ ওচৰতো অহী প্ৰেৰণ কৰিছিলোঁ, লগতে দাঊদক প্ৰদান কৰিছিলোঁ যাবূৰ।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ প্ৰতি সেইদৰেই অহী প্ৰেৰণ কৰিছোঁ যিদৰে আমি আপোনাৰ পূৰ্বে অহা নবীসকলৰ প্ৰতি প্ৰেৰণ কৰিছিলোঁ। আপুনি কোনো নতুন ৰাছুল নহয়। আমি নূহ তথা তেওঁৰ পিছত অহা নবীসকলৰ প্ৰতিও এইদৰেই অহী প্ৰেৰণ কৰিছিলোঁ। এইদৰে অহী প্ৰেৰণ কৰিছিলোঁ ইব্ৰাহীমৰ প্ৰতি, লগতে তেওঁৰ পুত্ৰদ্বয় ইছমাঈল আৰু ইছহাক্বৰ প্ৰতি, লগতে ইয়াকূব ইবনে ইছহাক্ব আৰু তেওঁৰ আছবাতৰ প্ৰতি, আছবাত হৈছে সেইসকল নবী, যিসকলক ইয়াকূব আলাহিচ্ছালামৰ বংশধৰৰ পৰা বনী ইছৰাঈলৰ ১২ টা গোত্ৰলৈ প্ৰেৰণ কৰা হৈছিল। লগতে আমি অহী প্ৰেৰণ কৰিছিলোঁ ঈছা, আইয়্যুব, ইউনুছ, হাৰূন আৰু ছুলাইমানৰ প্ৰতি; আৰু দাউদ আলাইহিচ্ছালামক প্ৰদান কৰিছিলোঁ গ্ৰন্থ, সেইখন হৈছে যাবূৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004163.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004163.mp3"},{"index":"164","arabicText":"وَرُسُلًا قَدْ قَصَصْنٰهُمْ عَلَیْكَ مِنْ قَبْلُ وَرُسُلًا لَّمْ نَقْصُصْهُمْ عَلَیْكَ ؕ وَكَلَّمَ اللّٰهُ مُوْسٰی تَكْلِیْمًا ۟ۚ","assameseTranslation":"আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছোঁ আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই, (জানি থোৱা) আল্লাহে মুছাৰ সৈতে সুস্পষ্টৰূপে কথা কৈছে।","footnotes":"","tafseer":"আৰু আমি কিছুমান এনেকুৱা ৰাছুল প্ৰেৰণ কৰিছোঁ যিসকলৰ বৰ্ণনা আমি এই কোৰআনত উল্লেখ কৰিছোঁ, আনহাতে কিছুমান ৰাছুল এনেকুৱা প্ৰেৰণ কৰিছোঁ যিসকলৰ বৰ্ণনা আমি আপোনাৰ ওচৰত কৰা নাই, বিশেষ হিকমত থকাৰ বাবেই কোৰআনত উল্লেখ কৰা নাই, আৰু মূছা আলাইহিচ্ছালামক নুবুওৱত প্ৰদান কৰি আল্লাহে কোনো মাধ্যম নোহোৱাকৈ প্ৰত্যক্ষভাৱে কথা কৈছিল, যিদৰে তেওঁ কথা ক’ব লাগে সেইদৰে কথা কৈছিল। দৰাচলতে এইটো আছিল মূছা আলাইহিচ্ছালামে পোৱা এবিধ সন্মান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004164.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004164.mp3"},{"index":"165","arabicText":"رُسُلًا مُّبَشِّرِیْنَ وَمُنْذِرِیْنَ لِئَلَّا یَكُوْنَ لِلنَّاسِ عَلَی اللّٰهِ حُجَّةٌ بَعْدَ الرُّسُلِ ؕ وَكَانَ اللّٰهُ عَزِیْزًا حَكِیْمًا ۟","assameseTranslation":"সুসংবাদবাহী আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"মুমিনসকলক সন্মানজনক প্ৰতিদানৰ সুসংবাদ দিবলৈ আৰু কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ ভয় দেখুৱাবলৈ আমি তেওঁলোকক প্ৰেৰণ কৰিছিলোঁ। যাতে ৰাছুলসকলক প্ৰেৰণৰ পিছত মানুহৰ ওচৰত ওজৰ আপত্তি কৰাৰ কোনো অৱকাশ নাথাকে, যিটো সিহঁতে আল্লাহৰ ওচৰত দাঙি ধৰিব। নিশ্চয় আল্লাহ ক্ষমতাত মহাপৰাক্ৰমশালী, সিদ্ধান্ত গ্ৰহণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004165.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004165.mp3"},{"index":"166","arabicText":"لٰكِنِ اللّٰهُ یَشْهَدُ بِمَاۤ اَنْزَلَ اِلَیْكَ اَنْزَلَهٗ بِعِلْمِهٖ ۚ وَالْمَلٰٓىِٕكَةُ یَشْهَدُوْنَ ؕ وَكَفٰی بِاللّٰهِ شَهِیْدًا ۟ؕ","assameseTranslation":"কিন্তু আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তেওঁ নিজেই তাৰ সাক্ষী। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে, যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।","footnotes":"","tafseer":"হে ৰাছুল! যদিও ইয়াহুদীসকলে আপোনাক অস্বীকাৰ কৰে, কিন্তু আপোনাৰ প্ৰতি যি গ্ৰন্থ অৱতীৰ্ণ হৈছে সেইখনক স্বয়ং আল্লাহে সমৰ্থন কৰে। আল্লাহে তাত নিজৰ এনেকুৱা জ্ঞান অৱতীৰ্ণ কৰিছে, যি জ্ঞান সম্পৰ্কে আল্লাহে বান্দাসকলক অৱগত কৰিব বিচাৰে, যেনে- তেওঁ কি কি ভালপায় আৰু পছন্দ কৰে, আৰু কি কি বস্তু তেওঁৰ অপছন্দ আৰু অপ্ৰিয়। আল্লাহৰ লগতে ফিৰিস্তাসকলেও আপোনাৰ চৰীয়তক সমৰ্থন কৰে। এতেকে সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। ইয়াৰ পিছত আন কোনো সাক্ষ্যৰ প্ৰয়োজন নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004166.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004166.mp3"},{"index":"167","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ قَدْ ضَلُّوْا ضَلٰلًا بَعِیْدًا ۟","assameseTranslation":"নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰিছে, সিহঁত নিশ্চিতৰূপে ভীষণভাৱে পথভ্ৰষ্ট হৈছে।","footnotes":"","tafseer":"যিসকলে আপোনাৰ নুবুওৱতক অস্বীকাৰ কৰিছে আৰু মানুহক ইছলামৰ পৰা বিৰত ৰাখিছে, সিহঁত সত্যৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004167.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004167.mp3"},{"index":"168","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا وَظَلَمُوْا لَمْ یَكُنِ اللّٰهُ لِیَغْفِرَ لَهُمْ وَلَا لِیَهْدِیَهُمْ طَرِیْقًا ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু অন্যায়-অত্যাচাৰ কৰিছে, আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখাব।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, আৰু এই কুফৰৰ ওপৰত অটল থাকি নিজৰ ওপৰত অন্যায় কৰিছে, এতেকে সিহঁতে অটল থকা এই কুফৰক আল্লাহে কেতিয়াও ক্ষমা নকৰিব, লগতে সিহঁতক এনেকুৱা কোনো পথো নেদেখুৱাব যি পথে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004168.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004168.mp3"},{"index":"169","arabicText":"اِلَّا طَرِیْقَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ وَكَانَ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرًا ۟","assameseTranslation":"কেৱল জাহান্নামৰ পথৰ বাহিৰে। তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ।","footnotes":"","tafseer":"বৰং আল্লাহে সিহঁতক এনেকুৱা পথ দেখুৱাব, যি পথে সিহঁতক জাহান্নামত লৈ যাব, আৰু তাত সিহঁতে চিৰস্থায়ী হ’ব। এই কাম আল্লাহৰ বাবে অতি সহজ, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004169.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004169.mp3"},{"index":"170","arabicText":"یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَكُمُ الرَّسُوْلُ بِالْحَقِّ مِنْ رَّبِّكُمْ فَاٰمِنُوْا خَیْرًا لَّكُمْ ؕ وَاِنْ تَكْفُرُوْا فَاِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟","assameseTranslation":"হে মানৱজাতি! নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য লৈ আহিছে, এতেকে তোমালোকে ঈমান পোষণ কৰা, এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ’ব। আনহাতে যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"হে মানৱজাতি! ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকৰ ওচৰলৈ আল্লাহৰ তৰফৰ পৰা হিদায়ত তথা সত্য দ্বীন লৈ আহিছে। এতেকে তেওঁ যি লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰা, ইয়াৰ ফলত তোমালোকে পৃথিৱী আৰু আখিৰাতত কল্যাণ পাবা। আনহাতে যদি তোমালোকে আল্লাহৰ লগত কুফৰী কৰা, তেন্তে জানি থোৱা আল্লাহৰ তোমালোকৰ ঈমানৰ কোনো প্ৰয়োজন নাই, আৰু তোমালোকৰ কুফৰীয়েও তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰে। আকাশমণ্ডল, পৃথিৱী আৰু উভয়ৰ মাজত যি আছে, সেই সকলোৰে মালিক হৈছে কেৱল তেৱেঁই। এতেকে আল্লাহে ভালদৰেই জানে কোনে হিদায়তৰ বেছি হকদাৰ। সেয়ে তেওঁ তাক হিদায়তৰ বাট সুগম কৰি দিয়ে। আনহাতে যিয়ে ইয়াৰ হকদাৰ নহয়, তাক তেওঁ তাৰ পৰা আঁতৰ কৰি দিয়ে। তেওঁ কথা আৰু কৰ্মৰ ক্ষেত্ৰত, বিধান প্ৰস্তুতকৰণত আৰু সিদ্ধান্ত গ্ৰহণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004170.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004170.mp3"},{"index":"171","arabicText":"یٰۤاَهْلَ الْكِتٰبِ لَا تَغْلُوْا فِیْ دِیْنِكُمْ وَلَا تَقُوْلُوْا عَلَی اللّٰهِ اِلَّا الْحَقَّ ؕ اِنَّمَا الْمَسِیْحُ عِیْسَی ابْنُ مَرْیَمَ رَسُوْلُ اللّٰهِ وَكَلِمَتُهٗ ۚ اَلْقٰىهَاۤ اِلٰی مَرْیَمَ وَرُوْحٌ مِّنْهُ ؗ فَاٰمِنُوْا بِاللّٰهِ وَرُسُلِهٖ ۫ۚ وَلَا تَقُوْلُوْا ثَلٰثَةٌ ؕ اِنْتَهُوْا خَیْرًا لَّكُمْ ؕ اِنَّمَا اللّٰهُ اِلٰهٌ وَّاحِدٌ ؕ سُبْحٰنَهٗۤ اَنْ یَّكُوْنَ لَهٗ وَلَدٌ ۘ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟۠","assameseTranslation":"হে আহলে কিতাব! তোমালোকে নিজৰ ধৰ্মত গুলু (সীমালংঘন) নকৰিবা আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নক’বা। মাৰয়ামৰ পুত্ৰ ঈছা মছীহ কেৱল এজন আল্লাহৰ ৰাছুল আৰু তেওঁৰ বাণীহে, যিটো তেওঁ মাৰয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰা আৰু (আল্লাহক) তিনি বুলি নক’বা, (এনে উক্তি) পৰিত্যাগ কৰা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহেই হৈছে একমাত্ৰ ইলাহ, তেওঁৰ সন্তান হ’ব—তেওঁ এনে কথাৰ পৰা পৱিত্ৰ-মহান। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু কৰ্ম-বিধায়কৰূপে আল্লাহেই যথেষ্ট।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ইঞ্জীল ধাৰী খৃষ্টানসকলক কৈ দিয়ক, নিজৰ ধৰ্ম সংক্ৰান্তত সীমা অতিক্ৰম নকৰিবা, আৰু আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা, লগতে ঈছা আলাইহিচ্ছালাম সম্পৰ্কে সত্যৰ বাহিৰে আন একো নক’বা। মৰিয়ম পুত্ৰ ঈছা আলাইহিচ্ছালাম হৈছে আল্লাহৰ ৰাছুল, তেওঁক আল্লাহে সত্য সহকাৰে প্ৰেৰণ কৰিছিল। আল্লাহে তেওঁক এটা শব্দৰ দ্বাৰা সৃষ্টি কৰিছে, যিটো আল্লাহে জিব্ৰীলৰ জৰিয়তে মৰিয়মৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। সেই শব্দটো আছিল “কুন” অৰ্থাৎ হৈ যা, ফলত হৈ গ’ল। দৰাচলতে এয়া আল্লাহৰ ফালৰ পৰা এটা ফুঁ আছিল, যিটো জিব্ৰীলে আল্লাহৰ আদেশত ফুৱাইছিল। এতেকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি কোনো ধৰণৰ বাধা-বিঘিনি নকৰাকৈ ঈমান পোষণ কৰা। উপাস্য তিনিজন বুলি নক’বা। এনেকুৱা মিছা আৰু নিকৃষ্ট কথাৰ পৰা বিৰত থাকা, তেতিয়াহে পৃথিৱী আৰু আখিৰাতত কল্যাণ পাবা। কেৱল আল্লাহেই একমাত্ৰ উপাস্য, তেওঁ সম্পূৰ্ণৰূপে পুত্ৰ তথা অংশীদাৰৰ পৰা পৱিত্ৰ। তেওঁৰ কোনো বস্তুৰ প্ৰয়োজন নাই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই অধীনস্থ। তথা আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিষ্ঠা আৰু পৰিচালনাৰ বাবে একমাত্ৰ আল্লাহেই যথেষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004171.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004171.mp3"},{"index":"172","arabicText":"لَنْ یَّسْتَنْكِفَ الْمَسِیْحُ اَنْ یَّكُوْنَ عَبْدًا لِّلّٰهِ وَلَا الْمَلٰٓىِٕكَةُ الْمُقَرَّبُوْنَ ؕ وَمَنْ یَّسْتَنْكِفْ عَنْ عِبَادَتِهٖ وَیَسْتَكْبِرْ فَسَیَحْشُرُهُمْ اِلَیْهِ جَمِیْعًا ۟","assameseTranslation":"মছীহে আল্লাহৰ বান্দা হ’বলৈ কেতিয়াও তাচ্ছিল্য বোধ নকৰে, আৰু ঘনিষ্ট ফিৰিস্তাসকলেও নকৰে। দৰাচলতে যিয়ে তেওঁৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰে আৰু অহংকাৰ কৰে, তেওঁ সিহঁত আটাইকে শীঘ্ৰেই তেওঁৰ ওচৰত একত্ৰিত কৰিব।","footnotes":"","tafseer":"ঈছা ইবনে মৰিয়মে আল্লাহৰ বান্দা হোৱাত কোনো আপত্তি বা তাচ্ছিল্যবোধ নকৰে, লগতে আল্লাহৰ নিকটৱৰ্তী তথা সন্মানিত ফিৰিস্তাসকলেও আল্লাহৰ বান্দা হোৱাত কোনো আপত্তি নকৰে। তেন্তে তোমালোকে কেনেকৈ ঈছা আলাইহিচ্ছালামক উপাস্যৰূপে গ্ৰহণ কৰা? আৰু কেনেকৈ মুশ্বৰিকসকলে ফিৰিস্তাসকলক উপাস্যৰূপে গ্ৰহণ কৰে? যদি কোনোবাই আল্লাহৰ ইবাদতৰ পৰা বিমুখ হয় তেন্তে সি জানি থোৱা উচিত যে, আল্লাহে কিয়ামতৰ দিনা সকলোকে তেওঁৰ ওচৰত একত্ৰিত কৰিব আৰু প্ৰত্যেককে এনেকুৱা বিনিময় দিব যিটো সিহঁতৰ বাবে উপযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004172.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004172.mp3"},{"index":"173","arabicText":"فَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَیُوَفِّیْهِمْ اُجُوْرَهُمْ وَیَزِیْدُهُمْ مِّنْ فَضْلِهٖ ۚ وَاَمَّا الَّذِیْنَ اسْتَنْكَفُوْا وَاسْتَكْبَرُوْا فَیُعَذِّبُهُمْ عَذَابًا اَلِیْمًا ۙ۬ وَّلَا یَجِدُوْنَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ وَلِیًّا وَّلَا نَصِیْرًا ۟","assameseTranslation":"আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক তেওঁলোকৰ পুৰস্কাৰ পৰিপূৰ্ণভাৱে দান কৰিব, লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব। আনহাতে যিসকলে (আল্লাহৰ ইবাদত কৰাক) তাচ্ছিল্য জ্ঞান কৰিছে আৰু অহংকাৰ কৰিছে, সিহঁতক তেওঁ কষ্টদায়ক শাস্তি দিব। আল্লাহৰ বাহিৰে সিহঁতে কোনো অভিভাৱক আৰু সহায়ক নাপাব।","footnotes":"","tafseer":"এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলক স্বীকাৰ কৰিছে তথা নিৰ্ভেজালভাৱে আল্লাহৰ বাবে তেওঁৰ চৰীয়ত অনুযায়ী সত্কৰ্ম কৰিছে, আল্লাহে তেওঁলোকক পৰিপূৰ্ণ প্ৰতিদান দান কৰিব, আনকি তেওঁৰ দয়া আৰু অসীম কৃপাত তাতোকৈ অধিক দান কৰিব। কিন্তু যিসকলে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্য নকৰে তথা অহংকাৰ কৰে, সিহঁতক কষ্টদায়ক শাস্তি প্ৰদান কৰিব। সিহঁতে আল্লাহৰ বাহিৰে এনেকুৱা আন কাকো নাপাব, যিয়ে সিহঁতৰ ৰক্ষক হৈ উপকাৰ কৰিব আৰু সহায়ক হৈ ক্ষতিৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004173.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004173.mp3"},{"index":"174","arabicText":"یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَكُمْ بُرْهَانٌ مِّنْ رَّبِّكُمْ وَاَنْزَلْنَاۤ اِلَیْكُمْ نُوْرًا مُّبِیْنًا ۟","assameseTranslation":"হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ।","footnotes":"","tafseer":"হে মানৱজাতি! তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ আহি পৰিছে, ইয়াৰ পিছত কোনো আপত্তিও থাকিব নোৱাৰে আৰু কোনো সংশয় থকাৰো অৱকাশ নাই। সেয়া হৈছে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ, সেয়া হৈছে আল-কোৰআন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004174.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004174.mp3"},{"index":"175","arabicText":"فَاَمَّا الَّذِیْنَ اٰمَنُوْا بِاللّٰهِ وَاعْتَصَمُوْا بِهٖ فَسَیُدْخِلُهُمْ فِیْ رَحْمَةٍ مِّنْهُ وَفَضْلٍ ۙ وَّیَهْدِیْهِمْ اِلَیْهِ صِرَاطًا مُّسْتَقِیْمًا ۟ؕ","assameseTranslation":"এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব আৰু তেওঁলোকক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব।","footnotes":"","tafseer":"এতেকে যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনক মজবুতভাৱে ধাৰণ কৰিছে, তেওঁলোকৰ প্ৰতি আল্লাহে কৃপা কৰিব আৰু তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। লগতে তেওঁলোকৰ ছোৱাব বৃদ্ধি কৰিব আৰু তেওঁলোকৰ মৰ্যাদা সুউচ্চ কৰিব, তথা তেওঁলোকক পোন পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিব, য’ত কোনো বক্ৰতা নাই, আৰু এইটোৱেই হৈছে চিৰস্থায়ী জান্নাতলৈ যোৱাৰ পথ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004175.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004175.mp3"},{"index":"176","arabicText":"یَسْتَفْتُوْنَكَ ؕ قُلِ اللّٰهُ یُفْتِیْكُمْ فِی الْكَلٰلَةِ ؕ اِنِ امْرُؤٌا هَلَكَ لَیْسَ لَهٗ وَلَدٌ وَّلَهٗۤ اُخْتٌ فَلَهَا نِصْفُ مَا تَرَكَ ۚ وَهُوَ یَرِثُهَاۤ اِنْ لَّمْ یَكُنْ لَّهَا وَلَدٌ ؕ فَاِنْ كَانَتَا اثْنَتَیْنِ فَلَهُمَا الثُّلُثٰنِ مِمَّا تَرَكَ ؕ وَاِنْ كَانُوْۤا اِخْوَةً رِّجَالًا وَّنِسَآءً فَلِلذَّكَرِ مِثْلُ حَظِّ الْاُنْثَیَیْنِ ؕ یُبَیِّنُ اللّٰهُ لَكُمْ اَنْ تَضِلُّوْا ؕ وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟۠","assameseTranslation":"মানুহে তোমাৰ ওচৰত সমাধান বিচাৰে। কোৱা, পিতৃ-মাতৃহীন নিঃসন্তান ব্যক্তি সম্পৰ্কে আল্লাহে তোমালোকক সমাধান দিছে, কোনো পুৰুষ মৃত্যুবৰণ কৰিলে সি যদি সন্তানহীন হয় আৰু তাৰ এজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাব। আৰু যদি তাই (মৃত নাৰী) সন্তানহীনা হয় তেনেহ’লে তাইৰ ভায়েক বা ককায়েক তাইৰ উত্তৰাধিকাৰী হ’ব। এইদৰে যদি দুজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাইহঁতে তাৰ পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ পাব। আৰু যদি কেইবাজনো ভাই-ককাই বা বাই-ভনী থাকে তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান। তোমালোকে পথভ্ৰষ্ট হ’বা- এই আশংকাত আল্লাহে তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছে; (জানি থোৱা) আল্লাহ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।","footnotes":"","tafseer":"হে ৰাছুল! মানুহে আপোনাৰ পৰা কালালাহৰ মীৰাছ সম্পৰ্কে জানিব বিচাৰে। জানি থোৱা উচিত যে, কালালাহ সেই ব্যক্তিক কোৱা হয়, যাৰ মৃত্যুৰ পিছত (অংশীদাৰিত্ব পাবলৈ) তাৰ কোনো সন্তান তথা পিতৃ জীৱিত নাথাকে। আপুনি কৈ দিয়ক যে, আল্লাহে ইয়াৰ বিধান বৰ্ণনা কৰিছে যে, যদি কোনো এনেকুৱা ব্যক্তিৰ মৃত্যু হয়, যাৰ পিতৃও জীৱিত নাই আৰু কোনো সন্তানো নাই, কিন্তু তাৰ যদি কোনো সহোদৰ ভনীয়েক অথবা পিতৃৰ ফালৰ পৰা কোনো ভনী থাকে, তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ (নিৰ্দিষ্ট ভাগৰ) অৰ্ধাংশ পাব, আৰু মৃত ব্যক্তিৰ সহোদৰ ভাই অথবা পিতৃ ফালৰ পৰা ভাতৃয়ে আচাবা (যাৰ ভাগ সুনিচ্চিত নহয়) হিচাপে পৰিত্যক্ত সম্পত্তিৰ অংশীদাৰ হ’ব, যদিহে তাৰ লগত কোনো নিৰ্দিষ্ট অংশীদাৰ নাথাকে। আনহাতে যদি তাৰ লগত কোনো নিৰ্দিষ্টি অংশ পোৱা ব্যক্তি থাকে তেন্তে সেই অংশ দিয়াৰ পিছতহে তেওঁ বাকী থকা সম্পত্তিৰ ওৱাৰিছ হ’ব, আৰু সহোদৰা ভনী অথবা পিতৃৰ ফালৰ পৰা ভনী যদি একাধিক থাকে তেন্তে তেওঁলোকে নিৰ্দিষ্ট অংশ হিচাপে এক তৃতীয়াংশ পাব। তথা যদি সহোদৰ আৰু পিতৃ ফালৰ পৰা ভাই ভনী উভয় থাকে, তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান হ’ব। আল্লাহে তোমালোকৰ কল্যাণ কামনাৰে কালালাহ তথা মীৰাছৰ বিধান প্ৰস্তুত কৰিছে, যাতে তোমালোকে পথভ্ৰষ্ট নোহোৱা। তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/004176.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/004176.mp3"}]