[{"index":"1","arabicText":"حٰمٓ ۟ۚ","assameseTranslation":"হা-মীম।[1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041001.mp3"},{"index":"2","arabicText":"تَنْزِیْلٌ مِّنَ الرَّحْمٰنِ الرَّحِیْمِ ۟ۚ","assameseTranslation":"(এই গ্ৰন্থখন) পৰম কৰুণাময় পৰম দয়ালু সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ।","footnotes":"","tafseer":"এই কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, তেওঁ অত্যন্ত দয়ালু, পৰম কৃপাশীল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041002.mp3"},{"index":"3","arabicText":"كِتٰبٌ فُصِّلَتْ اٰیٰتُهٗ قُرْاٰنًا عَرَبِیًّا لِّقَوْمٍ یَّعْلَمُوْنَ ۟ۙ","assameseTranslation":"এনেকুৱা এখন কিতাব, যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে, কোৰআনৰূপে আৰবী ভাষাত,","footnotes":"","tafseer":"এইখন এনেকুৱা এখন গ্ৰন্থ, যাৰ আয়াতসমূহ পৰিপূৰ্ণৰূপে বিতংভাৱে আলোচনা কৰা হৈছে। এইখনক জ্ঞানী লোকসকলৰ বাবে আৰবী ভাষাত কোৰআনৰূপে প্ৰস্তুত কৰা হৈছে। কিয়নো তেওঁলোকেই ইয়াৰ ভাৱাৰ্থৰ দ্বাৰা আৰু সত্যৰ পিনে দেখুৱাই দিয়া হিদায়তৰ পৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041003.mp3"},{"index":"4","arabicText":"بَشِیْرًا وَّنَذِیْرًا ۚ فَاَعْرَضَ اَكْثَرُهُمْ فَهُمْ لَا یَسْمَعُوْنَ ۟","assameseTranslation":"সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে। তথাপিও সিহঁতৰ সৰহভাগেই মুখ ঘূৰাই লৈছে। গতিকে সিহঁতে নুশুনিব।","footnotes":"","tafseer":"এইখনে মুমিনসকলক সেই প্ৰতিদানৰ সুসংবাদ দিয়ে, যি প্ৰতিদান আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। আনহাতে কাফিৰসকলক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱায়। তথাপিও সিহঁতৰ মাজৰ অধিকাংশ লোকে ইয়াৰ পৰা বিমুখ হৈ আছে। ইয়াৰ মাজত থকা হিদায়তমূলক উপদেশবোৰ গ্ৰহণ কৰাৰ উদ্দেশ্যে সিহঁতে শুনিব নিবিচাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041004.mp3"},{"index":"5","arabicText":"وَقَالُوْا قُلُوْبُنَا فِیْۤ اَكِنَّةٍ مِّمَّا تَدْعُوْنَاۤ اِلَیْهِ وَفِیْۤ اٰذَانِنَا وَقْرٌ وَّمِنْ بَیْنِنَا وَبَیْنِكَ حِجَابٌ فَاعْمَلْ اِنَّنَا عٰمِلُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, ‘তুমি আমাক যাৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে, আৰু আমাৰ কাণত আছে বধিৰতা, লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা; সেয়ে তুমি তোমাৰ কাম কৰা, নিশ্চয় আমি আমাৰ কাম কৰিম’।","footnotes":"","tafseer":"তথা সিহঁতে কয়ঃ আমাৰ অন্তৰসমূহৰ ওপৰত আৱৰণ পৰি আছে, সেয়ে আপুনি যি বিষয়ৰ পিনে আমাক আহ্বান কৰি আছে, আমাৰ অন্তৰসমূহে সেইটো বুজি পোৱা নাই। লগতে আমাৰ কাণত আছে বধিৰতা, সেইকাৰণেই আমাৰ কাণে আপোনাৰ কথা শুনা নাপায়। আনকি আপোনাৰ আৰু আমাৰ মাজত আছে এটা অন্তৰায়, যাৰ ফলত আপোনাৰ কোনো কথাই আমালৈ ঢুকি নাপায়। গতিকে আপুনি আপোনাৰ মতে কাম কৰক, আমি আমাৰ মতে কাম কৰি যাম। আমি কেতিয়াও আপোনাৰ অনুসৰণ নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041005.mp3"},{"index":"6","arabicText":"قُلْ اِنَّمَاۤ اَنَا بَشَرٌ مِّثْلُكُمْ یُوْحٰۤی اِلَیَّ اَنَّمَاۤ اِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ فَاسْتَقِیْمُوْۤا اِلَیْهِ وَاسْتَغْفِرُوْهُ ؕ وَوَیْلٌ لِّلْمُشْرِكِیْنَ ۟ۙ","assameseTranslation":"কোৱা, ‘মই কেৱল তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ হৈছে কেৱল এজন ইলাহ। এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা’। লগতে দুৰ্ভোগ হৈছে মুশ্বৰিকসকলৰ বাবে,","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই বিৰুদ্ধাচৰণকাৰীসকলক কৈ দিয়ক যে, মই তোমালোকৰ দৰেই এজন মানৱ। আল্লাহে মোৰ প্ৰতি অহী কৰে যে, তোমালোকৰ সত্য উপাস্য কেৱল এজনেই, তেৱেঁই হৈছে আল্লাহ। গতিকে তোমালোকে সেই পথৰ অনুসৰণ কৰা, যিটো পথ আল্লাহৰ ফালে যায়। লগতে তোমালোকৰ গুনাহৰ বাবে তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় ধ্বংস আৰু শাস্তি সেইসকল মুশ্বৰিকৰ বাবে যিসকলে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰে তথা তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041006.mp3"},{"index":"7","arabicText":"الَّذِیْنَ لَا یُؤْتُوْنَ الزَّكٰوةَ وَهُمْ بِالْاٰخِرَةِ هُمْ كٰفِرُوْنَ ۟","assameseTranslation":"যিসকলে যাকাত প্ৰদান নকৰে, আৰু সিহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী।","footnotes":"","tafseer":"যিসকলে নিজৰ সম্পদৰ যাকাত নিদিয়ে, লগতে আখিৰাত আৰু তাত থকা চিৰস্থায়ী নিয়ামত আৰু কষ্টদায়ক শাস্তিক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041007.mp3"},{"index":"8","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ اَجْرٌ غَیْرُ مَمْنُوْنٍ ۟۠","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, লগতে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন চিৰস্থায়ী প্ৰতিদান, অৰ্থাৎ জান্নাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041008.mp3"},{"index":"9","arabicText":"قُلْ اَىِٕنَّكُمْ لَتَكْفُرُوْنَ بِالَّذِیْ خَلَقَ الْاَرْضَ فِیْ یَوْمَیْنِ وَتَجْعَلُوْنَ لَهٗۤ اَنْدَادًا ؕ ذٰلِكَ رَبُّ الْعٰلَمِیْنَ ۟ۚ","assameseTranslation":"কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰা নেকি, যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে বিশ্বজগতৰ প্ৰতিপালক!","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মুশ্বৰিকসকলক ককৰ্থনা কৰি কওক, তোমালোকে আল্লাহক কিয় অস্বীকাৰ কৰা, যিয়ে পৃথিৱীক দুদিনত (ৰবিবাৰ আৰু সোমবাৰে) সৃষ্টি কৰিছে, আৰু তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰক কিয় উপাসনা কৰা? তেৱেঁই হৈছে গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041009.mp3"},{"index":"10","arabicText":"وَجَعَلَ فِیْهَا رَوَاسِیَ مِنْ فَوْقِهَا وَبٰرَكَ فِیْهَا وَقَدَّرَ فِیْهَاۤ اَقْوَاتَهَا فِیْۤ اَرْبَعَةِ اَیَّامٍ ؕ سَوَآءً لِّلسَّآىِٕلِیْنَ ۟","assameseTranslation":"আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ মাজত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে সমানভাৱে সকলো অনুসন্ধানকাৰীৰ বাবে।","footnotes":"","tafseer":"তেৱেঁই ভূ-পৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে যাতে ই কম্পিত নহয়, আৰু ইয়াৰ মাজত ৰাখিছে বৰকত, আৰু ইয়াক পৃথিৱীৰ অধিবাসীসকলৰ বাবে কল্যাণকৰ বনাইছে। তথা চাৰিদিনৰ ভিতৰত তাত মানুহৰ বাবে আৰু জীৱ-জন্তুৰ বাবে খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে। এই চাৰিদিন দৰাচলতে পূৰ্বৱৰ্তী দুদিনক মিলাই চাৰিদিন হৈছে। পিছৰ দুদিন হৈছে মঙ্গলবাৰ আৰু বুধবাৰ। পৰিপূৰ্ণৰূপে সেইসকল লোকৰ বাবে সৃষ্টি কৰিছে যিসকলে ইয়াৰ প্ৰয়োজন অনুভৱ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041010.mp3"},{"index":"11","arabicText":"ثُمَّ اسْتَوٰۤی اِلَی السَّمَآءِ وَهِیَ دُخَانٌ فَقَالَ لَهَا وَلِلْاَرْضِ ائْتِیَا طَوْعًا اَوْ كَرْهًا ؕ قَالَتَاۤ اَتَیْنَا طَآىِٕعِیْنَ ۟","assameseTranslation":"তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিৱেশ কৰিলে, যিটো (আগতে) আছিল ধূম্ৰপুঞ্জবিশেষ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোক উভয়ে আহা ইচ্ছাতেই হওক বা অনিচ্ছাতেই হওক’। সিহঁত উভয়ে ক’লে, ‘আমি অনুগত হৈ আহিলোঁ’।","footnotes":"","tafseer":"ইয়াৰ পিছত আল্লাহে আকাশক সুবিন্যস্ত কৰিবলৈ মনোনিৱেশ কৰিলে। তেতিয়া আকাশখন আছিল ধোঁৱা। এতেকে আল্লাহে আকাশ আৰু পৃথিৱীক উদ্দেশ্যি ক'লেঃ তোমালোক উভয়ে ইচ্ছাতেই হওক অথবা অনিচ্ছাতে মোৰ আদেশ পালন কৰা। ইয়াৰ বাহিৰে তোমালোকৰ আন কোনো বিকল্প নাই। তেতিয়া উভয়ে সন্মতি পোষণ কৰি ক'লেঃ আমি উভয়ে আনুগত্য স্বীকাৰ কৰিলোঁ। হে আমাৰ প্ৰতিপালক! আপোনাৰ ইচ্ছাৰ বিপৰীতে আমাৰ কোনো ইচ্ছা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041011.mp3"},{"index":"12","arabicText":"فَقَضٰىهُنَّ سَبْعَ سَمٰوَاتٍ فِیْ یَوْمَیْنِ وَاَوْحٰی فِیْ كُلِّ سَمَآءٍ اَمْرَهَا ؕ وَزَیَّنَّا السَّمَآءَ الدُّنْیَا بِمَصَابِیْحَ ۖۗ وَحِفْظًا ؕ ذٰلِكَ تَقْدِیْرُ الْعَزِیْزِ الْعَلِیْمِ ۟","assameseTranslation":"এইদৰে তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহী যোগে প্ৰেৰণ কৰিলে; আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলোঁ। এইবোৰ হৈছে মহাপৰাক্ৰমশালী, সৰ্বজ্ঞৰ ব্যৱস্থাপনা।","footnotes":"","tafseer":"আল্লাহে আকাশমণ্ডলক দুদিনত সুবিন্যস্ত কৰিছে, অৰ্থাৎ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে। এইদৰে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি ছয়দিনত সম্পন্ন হৈছে। তথা প্ৰত্যেক আকাশত সেই আকাশ সম্পৰ্কীয় ফয়চালা আৰু আদেশ অহী যোগে প্ৰেৰণ কৰিলে। লগতে পৃথিৱীৰ নিকটৱৰ্তী আকাশক আমি তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ, তথা ইয়াৰ দ্বাৰা আকাশক সুৰক্ষা প্ৰদান কৰিছোঁ, যাতে চয়তানে গোপনে একো শুনিব নোৱাৰে। এইবোৰ হৈছে সেই মহাপ্ৰভাৱশালী আল্লাহৰ নিৰ্ধাৰণ, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টিজগত সম্পৰ্কে সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041012.mp3"},{"index":"13","arabicText":"فَاِنْ اَعْرَضُوْا فَقُلْ اَنْذَرْتُكُمْ صٰعِقَةً مِّثْلَ صٰعِقَةِ عَادٍ وَّثَمُوْدَ ۟ؕ","assameseTranslation":"তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে (সিহঁতক) কোৱা, ‘মই তোমালোকক কেৱল এটা ধ্বংসাত্মক শাস্তি সম্পৰ্কে সতৰ্ক কৰিছোঁ, যেনেকুৱা শাস্তিৰ সন্মুখীন হৈছিল আদ আৰু ছামূদ সম্প্ৰদায়’।","footnotes":"","tafseer":"ইয়াৰ পিছতো যদি সিহঁতে আপুনি লৈ অহা চৰীয়তৰ পৰা বিমুখ হৈ যায় তেন্তে হে ৰাছুল আপুনি সিহঁতক কৈ দিয়কঃ নিশ্চয় মই তোমালোকক এনেকুৱা শাস্তিৰ পৰা সতৰ্ক কৰিছোঁ, যেনেকুৱা শাস্তি অৱতীৰ্ণ হৈছিল হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদৰ ওপৰত আৰু ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদৰ ওপৰত, যেতিয়া সিহঁতে নিজ নিজ নবীক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041013.mp3"},{"index":"14","arabicText":"اِذْ جَآءَتْهُمُ الرُّسُلُ مِنْ بَیْنِ اَیْدِیْهِمْ وَمِنْ خَلْفِهِمْ اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ قَالُوْا لَوْ شَآءَ رَبُّنَا لَاَنْزَلَ مَلٰٓىِٕكَةً فَاِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟","assameseTranslation":"যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। (তেতিয়া) সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ’।","footnotes":"","tafseer":"যেতিয়া সিহঁতৰ ওচৰলৈ এজনৰ পিছত আন এজন ৰাছুল একেটা আহ্বানকে লৈ আগমন কৰিছিল, তথা তেওঁলোকে সিহঁতক এই আদেশ প্ৰদান কৰিছিল যে, এক আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। তেতিয়া সিহঁতৰ মাজৰ কাফিৰসকলে কৈছিলঃ আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে কোনোবা এজন ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিব পাৰিলেহেঁতেন। গতিকে তোমালোকে যি বাৰ্তা লৈ প্ৰেৰিত হৈছা, আমি সেই বাৰ্তাক মিছা বুলি ভাবোঁ। কাৰণ তোমালোক হৈছা আমাৰ দৰেই মানৱ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041014.mp3"},{"index":"15","arabicText":"فَاَمَّا عَادٌ فَاسْتَكْبَرُوْا فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَقَالُوْا مَنْ اَشَدُّ مِنَّا قُوَّةً ؕ اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ الَّذِیْ خَلَقَهُمْ هُوَ اَشَدُّ مِنْهُمْ قُوَّةً ؕ وَكَانُوْا بِاٰیٰتِنَا یَجْحَدُوْنَ ۟","assameseTranslation":"আনহাতে আদ সম্প্ৰদায়ৰ বিষয়টো হৈছে এনেকুৱা যে, সিহঁতে পৃথিৱীত অযথা অহংকাৰ কৰিছিল আৰু কৈছিল, ‘আমাতকৈ অধিক শক্তিশালী আৰু কোন আছে’? এতেকে সিহঁতে লক্ষ্য কৰা নাই নেকি যে, নিশ্চয় আল্লাহ, যিজনে সিহঁতক সৃষ্টি কৰিছে, তেওঁ সিহঁততকৈও শক্তিশালী? আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল।","footnotes":"","tafseer":"আনহাতে হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদ জাতিয়ে আল্লাহৰ লগত কুফৰী কৰাৰ লগতে পৃথিৱীত অন্যায়ভাৱে অহংকাৰ কৰি ফুৰিছিল। তথা ওচৰে-পাঁজৰে থকা লোকৰ সৈতে অত্যাচাৰ কৰিছিল। সিহঁতৰ ক্ষমতাই সিহঁতৰ মূৰত ধৰিছিল, সেয়ে সিহঁতে কৈছিলঃ আমাতকৈ শক্তিশালী আৰুনো কোন আছে? দৰাচলতে সিহঁতৰ মতে সিহঁততকৈ অধিক শক্তিশালী আৰু কোনো নাই। তেতিয়া আল্লাহে সিহঁতৰ এই ধাৰণাক খণ্ডন কৰি ক’লেঃ সিহঁতে নাজানে নেকি তথা দেখা নাপায় নেকি যে, যিজন আল্লাহে সিহঁতক সৃষ্টি কৰিছে তথা সিহঁতক এনেকুৱা শক্তি প্ৰদান কৰিছে, যি শক্তি পাই সিহঁতে নিজৰ অস্তিত্বক পাহৰি গৈছে, তেৱেঁই সৰ্বশক্তিমান? দৰাচলতে সিহঁতে আল্লাহৰ সেই নিদৰ্শনবোৰক গ্ৰহণে কৰা নাছিল, যিবোৰ সিহঁতৰ ওচৰলৈ হূদ আলাইহিচ্ছালামে লৈ আহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041015.mp3"},{"index":"16","arabicText":"فَاَرْسَلْنَا عَلَیْهِمْ رِیْحًا صَرْصَرًا فِیْۤ اَیَّامٍ نَّحِسَاتٍ لِّنُذِیْقَهُمْ عَذَابَ الْخِزْیِ فِی الْحَیٰوةِ الدُّنْیَا ؕ وَلَعَذَابُ الْاٰخِرَةِ اَخْزٰی وَهُمْ لَا یُنْصَرُوْنَ ۟","assameseTranslation":"তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলোঁ; যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ ভোগ কৰাব পাৰোঁ; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব।","footnotes":"","tafseer":"অৱশেষত আমি সিহঁতৰ ওপৰত ভয়ংকৰ বিকট শব্দসহ ধুমুহা প্ৰেৰণ কৰিলোঁ, শাস্তি অৱতীৰ্ণ হোৱাৰ বাবে সেই দিনটো আছিল সিহঁতৰ পক্ষে অশুভ দিন। যাতে সিহঁতক পাৰ্থিৱ জীৱনতেই অপমানসূচক শাস্তিৰ সোৱাদ উপভোগ কৰাব পাৰোঁ। আনহাতে আখিৰাতৰ যি শাস্তি সিহঁতৰ বাবে অপেক্ষাৰত হৈ আছে, সেই শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক। সেই শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা সিহঁতে কোনো সহায়ক বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041016.mp3"},{"index":"17","arabicText":"وَاَمَّا ثَمُوْدُ فَهَدَیْنٰهُمْ فَاسْتَحَبُّوا الْعَمٰی عَلَی الْهُدٰی فَاَخَذَتْهُمْ صٰعِقَةُ الْعَذَابِ الْهُوْنِ بِمَا كَانُوْا یَكْسِبُوْنَ ۟ۚ","assameseTranslation":"আৰু ছামূদ সম্প্ৰদায়ৰ বিষয়টো আছিল এনেকুৱা যে, আমি সিহঁতক পথনিৰ্দেশ দিছিলোঁ, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত সিহঁতৰ কৃতকৰ্মৰ পৰিণাম হিচাপে লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিছিল।","footnotes":"","tafseer":"ইপিনে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদৰ সন্মুখতো সত্য স্পষ্ট কৰি সিহঁতক হিদায়তৰ পথ দেখুৱাইছিলোঁ। কিন্তু সিহঁতে সত্যৰ হিদায়ত গ্ৰহণ কৰাৰ বিপৰীতে পথভ্ৰষ্টতাকেই প্ৰাধান্য দিছিল। ফলত সিহঁতৰ কুফৰী আৰু গুনাহৰ কাৰণে, লাঞ্ছনাদায়ক আকস্মিক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041017.mp3"},{"index":"18","arabicText":"وَنَجَّیْنَا الَّذِیْنَ اٰمَنُوْا وَكَانُوْا یَتَّقُوْنَ ۟۠","assameseTranslation":"আৰু যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক ৰক্ষা কৰিছিলোঁ।","footnotes":"","tafseer":"কিন্তু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছিল, আমি তেওঁলোকক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। কাৰণ তেওঁলোকে আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল। সেয়ে আমি তেওঁলোকক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ, যি শাস্তিত তেওঁলোকৰ সম্প্ৰদায়ৰ আন আন লোকসকলে ক্ষতিগ্ৰস্ত হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041018.mp3"},{"index":"19","arabicText":"وَیَوْمَ یُحْشَرُ اَعْدَآءُ اللّٰهِ اِلَی النَّارِ فَهُمْ یُوْزَعُوْنَ ۟","assameseTranslation":"আৰু (স্মৰণ কৰা) যিদিনা আল্লাহৰ শত্ৰুবিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেইদিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত।","footnotes":"","tafseer":"যিদিনা আল্লাহে তেওঁৰ শত্ৰুসকলক জাহান্নামৰ দুৱাৰডলিত একত্ৰিত কৰিব, সেইদিনা জাহান্নামৰ প্ৰহৰীসকলে সিহঁতৰ প্ৰথমৰ পৰা শেষৰ ব্যক্তিলৈকে সুবিন্যস্ত কৰিব। সিহঁতে জাহান্নামৰ পৰা পলায়ন কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041019.mp3"},{"index":"20","arabicText":"حَتّٰۤی اِذَا مَا جَآءُوْهَا شَهِدَ عَلَیْهِمْ سَمْعُهُمْ وَاَبْصَارُهُمْ وَجُلُوْدُهُمْ بِمَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"অৱশেষত সিহঁতে যেতিয়া জাহান্নামৰ একেবাৰে সন্নিকটত গৈ উপস্থিত হ’ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব।","footnotes":"","tafseer":"অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত আহি উপস্থিত হ’ব, য’ত সিহঁতক খেদি লৈ অহা হ’ব, তেতিয়া সিহঁতে পৃথিৱীত কৰা কৰ্ম সম্পৰ্কে অস্বীকাৰ কৰিব। কিন্তু সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু সিহঁতৰ শৰীৰৰ ছাল আদিয়ে পৃথিৱীত কৰা সিহঁতৰ কুফৰী আৰু গুনাহৰ কৰ্ম সম্পৰ্কে সাক্ষ্য প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041020.mp3"},{"index":"21","arabicText":"وَقَالُوْا لِجُلُوْدِهِمْ لِمَ شَهِدْتُّمْ عَلَیْنَا ؕ قَالُوْۤا اَنْطَقَنَا اللّٰهُ الَّذِیْۤ اَنْطَقَ كُلَّ شَیْءٍ وَّهُوَ خَلَقَكُمْ اَوَّلَ مَرَّةٍ وَّاِلَیْهِ تُرْجَعُوْنَ ۟","assameseTranslation":"আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্ত্বাই সকলোকে বাকশক্তি দিছে’। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।","footnotes":"","tafseer":"কাফিৰসকলে নিজৰ শৰীৰৰ ছালকেই সুধিবঃ তোমালোকে আমাৰ বিৰুদ্ধে আমাৰ পাৰ্থিৱ জীৱনৰ কৰ্ম সম্পৰ্কে কিয় সাক্ষ্য প্ৰদান কৰিলা? তেতিয়া শৰীৰৰ ছালে উত্তৰ দি ক’বঃ আমাক সেই আল্লাহেই বাক-শক্তি প্ৰদান কৰিছে, যিয়ে প্ৰত্যেককে বাকশক্তি প্ৰদান কৰিছে। পোনপ্ৰথমে তেৱেঁই তোমালোকক সৃষ্টি কৰিছে, যেতিয়া তোমালোকে পৃথিৱীত আছিলা। হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041021.mp3"},{"index":"22","arabicText":"وَمَا كُنْتُمْ تَسْتَتِرُوْنَ اَنْ یَّشْهَدَ عَلَیْكُمْ سَمْعُكُمْ وَلَاۤ اَبْصَارُكُمْ وَلَا جُلُوْدُكُمْ وَلٰكِنْ ظَنَنْتُمْ اَنَّ اللّٰهَ لَا یَعْلَمُ كَثِیْرًا مِّمَّا تَعْمَلُوْنَ ۟","assameseTranslation":"তোমালোকৰ কাণ, চকু আৰু ছাল আদিয়ে তোমালোকৰ বিৰুদ্ধে সাক্ষ্য নিদিব বুলি তোমালোকে এইবোৰৰ পৰা একোৱেই গোপন কৰা নাছিলা, আনকি তোমালোকে ভাবিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে।","footnotes":"","tafseer":"পাপকৰ্ম কৰাৰ সময়ত তোমালোকে ভবাও নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও এসময়ত তোমালোকৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, কাৰণ তোমালোকে মৃত্যুৰ পিছত হিচাপ-নিকাচ, ছোৱাব আৰু শাস্তিৰ বিষয়ে বিশ্বাসে কৰা নাছিলা। আনকি তোমালোকে ভাবিছিলা যে, আল্লাহে তোমালোকৰ অধিকাংশ কৰ্ম সম্পৰ্কে অৱগতই নহয়, বৰং সেইবোৰ তেওঁৰ পৰা গোপন হৈ আছে। তোমালোকৰ এই ধাৰণাই তোমালোকক প্ৰৱঞ্চনা কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041022.mp3"},{"index":"23","arabicText":"وَذٰلِكُمْ ظَنُّكُمُ الَّذِیْ ظَنَنْتُمْ بِرَبِّكُمْ اَرْدٰىكُمْ فَاَصْبَحْتُمْ مِّنَ الْخٰسِرِیْنَ ۟","assameseTranslation":"তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্তবিলাকৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"নিজ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই কুধাৰণাই তোমালোকক ধ্বংস কৰিছে। ইয়াৰ কাৰণেই তোমালোকে সেই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈছা, যিসকলে পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041023.mp3"},{"index":"24","arabicText":"فَاِنْ یَّصْبِرُوْا فَالنَّارُ مَثْوًی لَّهُمْ ۚ وَاِنْ یَّسْتَعْتِبُوْا فَمَا هُمْ مِّنَ الْمُعْتَبِیْنَ ۟","assameseTranslation":"এতিয়া যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস; আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।","footnotes":"","tafseer":"যিসকলৰ বিৰুদ্ধে সিহঁতৰ চকু, কাণ আৰু ছালে সাক্ষ্য প্ৰদান কৰিছে, সিহঁতে যদি ধৈৰ্য্য ধাৰণো কৰে তথাপিও সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম, য’ত সিহঁতে অৱস্থান কৰিব। আনহাতে যদি সিহঁতে শাস্তি উঠাই ল’বলৈ প্ৰাৰ্থনা কৰে আৰু আল্লাহক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰে, তথাপিও সিহঁতে তেওঁক সন্তুষ্ট কৰিব নোৱাৰিব আৰু কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041024.mp3"},{"index":"25","arabicText":"وَقَیَّضْنَا لَهُمْ قُرَنَآءَ فَزَیَّنُوْا لَهُمْ مَّا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ وَحَقَّ عَلَیْهِمُ الْقَوْلُ فِیْۤ اُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِّنَ الْجِنِّ وَالْاِنْسِ ۚ اِنَّهُمْ كَانُوْا خٰسِرِیْنَ ۟۠","assameseTranslation":"আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলোঁ, যিসকলে সিহঁতৰ ভৱিষ্যৎ আৰু অতীতক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"আমি সেই কাফিৰসকলৰ বাবে চয়তানৰ মাজৰ পৰা কিছুমানক সিহঁতৰ সঙ্গী নিৰ্ধাৰণ কৰি দিছিলোঁ, যিবোৰে সদায় সিহঁতৰ লগত থাকিছিল। সেইবোৰেই সিহঁতৰ পাৰ্থিৱ জীৱনৰ বেয়া কৰ্মবোৰক সিহঁতৰ বাবে শোভনীয় কৰি উপস্থাপন কৰিছিল। আনহাতে সিহঁতৰ পিছফালে থকা আখিৰাতৰ বিষয়টোক পাহৰাই দিছিল আৰু ইয়াৰ প্ৰস্তুতিৰ পৰা সিহঁতক অমনোযোগী কৰি তুলিছিল। এতেকে সিহঁতৰ পূৰ্বে পাৰ হৈ যোৱা মানৱ আৰু জিন জাতিৰ মাজৰ সেই লোকসকলৰ ওপৰত শাস্তি অনিবাৰ্য্য হৈ পৰিছে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত লোক, যিসকলে নিজৰ আৰু নিজ পৰিয়ালৰ লোকচান কৰি কিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041025.mp3"},{"index":"26","arabicText":"وَقَالَ الَّذِیْنَ كَفَرُوْا لَا تَسْمَعُوْا لِهٰذَا الْقُرْاٰنِ وَالْغَوْا فِیْهِ لَعَلَّكُمْ تَغْلِبُوْنَ ۟","assameseTranslation":"আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু এইখন তিলাৱত কৰাৰ সময়ত তোমালোকে হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’।","footnotes":"","tafseer":"কাফিৰসকলে দলিল-প্ৰমাণৰ মুকাবিলা কৰিব নোৱাৰি ইজনে সিজনক উপদেশ দি কয়ঃ তোমালোকে এই কোৰআনখন নুশুনিবা, যিখন মুহাম্মদে তোমালোকক পঢ়ি শুনায়। তথা তাত থকা উপদেশবোৰো নামানিবা। এতেকে যেতিয়া তেওঁ এইখন পাঠ কৰিব তেতিয়া তোমালোকে হুলস্থূল কৰিবা। সম্ভৱতঃ এইদৰে তোমালোকে তেওঁৰ ওপৰত জয়লাভ কৰিব পাৰিবা। হয়তো এই দেখি তেওঁ তিলাৱত কৰা আৰু ধৰ্ম প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিব। ফলত আমি তেওঁৰ পৰা নিস্তাৰ পাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041026.mp3"},{"index":"27","arabicText":"فَلَنُذِیْقَنَّ الَّذِیْنَ كَفَرُوْا عَذَابًا شَدِیْدًا ۙ وَّلَنَجْزِیَنَّهُمْ اَسْوَاَ الَّذِیْ كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"গতিকে নিশ্চয় আমি কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল দিম।","footnotes":"","tafseer":"আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক নিশ্চয় আমি কিয়ামতৰ দিনা কঠোৰ শাস্তিৰ সোৱাদ উপভোগ কৰাম। নিশ্চয় আমি সিহঁতক সিহঁতৰ শ্বিৰ্ক আৰু পাপকৰ্মৰ নিকৃষ্ট শাস্তি প্ৰতিফলস্বৰূপে প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041027.mp3"},{"index":"28","arabicText":"ذٰلِكَ جَزَآءُ اَعْدَآءِ اللّٰهِ النَّارُ ۚ لَهُمْ فِیْهَا دَارُ الْخُلْدِ ؕ جَزَآءً بِمَا كَانُوْا بِاٰیٰتِنَا یَجْحَدُوْنَ ۟","assameseTranslation":"এই হৈছে আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান, জাহান্নাম। আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফল হিচাপে সিহঁতৰ বাবে তাত আছে স্থায়ী আবাস।","footnotes":"","tafseer":"জাহান্নামৰ এই প্ৰতিফল হৈছে আল্লাহৰ সেইসকল শত্ৰুৰ প্ৰতিদান, যিসকলে তেওঁৰ সৈতে কুফৰী কৰিছে আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে। সিহঁতে তাত চিৰকাল থাকিব, সেই শাস্তি কেতিয়াও সমাপ্ত নহ’ব। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। স্পষ্ট তথা সুদৃঢ় প্ৰমাণৰ পিছতো সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041028.mp3"},{"index":"29","arabicText":"وَقَالَ الَّذِیْنَ كَفَرُوْا رَبَّنَاۤ اَرِنَا الَّذَیْنِ اَضَلّٰنَا مِنَ الْجِنِّ وَالْاِنْسِ نَجْعَلْهُمَا تَحْتَ اَقْدَامِنَا لِیَكُوْنَا مِنَ الْاَسْفَلِیْنَ ۟","assameseTranslation":"আৰু কাফিৰসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়’।","footnotes":"","tafseer":"আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! জিন আৰু মানৱৰ মাজৰ পৰা যিসকলে আমাক পথভ্ৰষ্ট কৰিছিল, আমাক সেইসকল লোকৰ দৰ্শন কৰাই দিয়া। ইবলীছক দেখুৱাই দিয়া, যিয়ে কুফৰীৰ বাট মুকলি কৰিছিল আৰু ইয়াৰ পিনে আহ্বান কৰিছিল। তথা আদমৰ সেই সন্তানক দেখুৱাই দিয়া, যিয়ে তেজ প্ৰবাহিত কৰাৰ ধাৰা আৰম্ভ কৰিছিল। জাহান্নামত আমি সিহঁতক আমাৰ ভৰিৰে মোহাৰিম। যাতে সিহঁতে জাহান্নামত নিম্নস্তৰৰ অধিবাসী হয়, যিসকলে আটাইতকৈ কঠিন শাস্তি ভোগ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041029.mp3"},{"index":"30","arabicText":"اِنَّ الَّذِیْنَ قَالُوْا رَبُّنَا اللّٰهُ ثُمَّ اسْتَقَامُوْا تَتَنَزَّلُ عَلَیْهِمُ الْمَلٰٓىِٕكَةُ اَلَّا تَخَافُوْا وَلَا تَحْزَنُوْا وَاَبْشِرُوْا بِالْجَنَّةِ الَّتِیْ كُنْتُمْ تُوْعَدُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰলৈ ফিৰিস্তা অৱতীৰ্ণ হৈ এই কথা কয় যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।","footnotes":"","tafseer":"নিশ্চয় যিসকলে কৈছে, আল্লাহেই হৈছে আমাৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, লগতে তেওঁলোকে আল্লাহৰ আদেশ পালন কৰাৰ ক্ষেত্ৰত আৰু তেওঁৰ নিষেধকৃত বিষয়বোৰৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত অবিচল থাকে, তেনেকুৱা লোকৰ মৃত্যুৰ সময়ত ফিৰিস্তাসকলে উপস্থিত হৈ তেওঁলোকক কয়ঃ আপোনালোকে মৃত্যুক ভয় নকৰিব, তথা ইয়াৰ পিছত হ’বলগীয়া ঘটনাবোৰকলৈও চিন্তিত নহ’ব। পৃথিৱীত এৰি থৈ যোৱা সা-সামগ্ৰীকলৈও আফচোচ নকৰিব। তথা সেই জান্নাতৰ সুসংবাদ গ্ৰহণ কৰক, যিখন জান্নাত আপোনালোকক ঈমান আৰু সৎকৰ্মৰ বিনিময়ত দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041030.mp3"},{"index":"31","arabicText":"نَحْنُ اَوْلِیٰٓؤُكُمْ فِی الْحَیٰوةِ الدُّنْیَا وَفِی الْاٰخِرَةِ ۚ وَلَكُمْ فِیْهَا مَا تَشْتَهِیْۤ اَنْفُسُكُمْ وَلَكُمْ فِیْهَا مَا تَدَّعُوْنَ ۟ؕ","assameseTranslation":"‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব, লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’।","footnotes":"","tafseer":"পাৰ্থিৱ জীৱনত আমি আপোনালোকৰ বন্ধু আছিলোঁ। সেইকাৰণেই আমি আপোনালোকক সঠিক পথ দেখুৱাইছিলোঁ আৰু আপোনালোকৰ সুৰক্ষাত নিয়োজিত আছিলোঁ। আনহাতে আখিৰাততো আমি হৈছোঁ আপোনালোকৰ সহায়ক। সেয়ে আপোনালোকে সদায় আমাৰ সহায়-সহযোগিতা লাভ কৰিব। জান্নাতত আপোনালোকে নিজৰ পছন্দৰ সকলো সা-সুবিধা লাভ কৰিব, আনকি আপোনালোকে বিচৰা সকলো পছন্দনীয় বস্তু উপলব্ধ থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041031.mp3"},{"index":"32","arabicText":"نُزُلًا مِّنْ غَفُوْرٍ رَّحِیْمٍ ۟۠","assameseTranslation":"অত্যন্ত ক্ষমাশীল, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা এইটো হ’ব আতিথ্য।","footnotes":"","tafseer":"আপোনালোকক আপ্যায়ন কৰিবলৈ এই জীৱিকাৰ আয়োজন কৰা হৈছে, সেই ক্ষমাশীল প্ৰতিপালকৰ তৰফৰ পৰা, যিয়ে তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি ভালপায়। তেওঁলোকৰ প্ৰতি অতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041032.mp3"},{"index":"33","arabicText":"وَمَنْ اَحْسَنُ قَوْلًا مِّمَّنْ دَعَاۤ اِلَی اللّٰهِ وَعَمِلَ صَالِحًا وَّقَالَ اِنَّنِیْ مِنَ الْمُسْلِمِیْنَ ۟","assameseTranslation":"সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান কৰে, লগতে সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।","footnotes":"","tafseer":"আল্লাহৰ তাওহীদৰ প্ৰতি আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলৰ প্ৰতি আহ্বানকাৰী ব্যক্তিৰ কথাতকৈ উত্তম কথা, আন কাৰো হ’ব নোৱাৰে, তথা যিয়ে নিজ প্ৰতিপালকক সন্তুষ্ট কৰিবলৈ সৎকৰ্ম কৰে আৰু কয়ঃ “নিশ্চয় মই আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰিছোঁ আৰু তেওঁৰ ওচৰত শিৰ নত কৰিছোঁ”। এতেকে যিয়েই এনেকুৱা কৰ্ম কৰিব, তেৱেঁই মানুহৰ ভিতৰত উত্তম কথা কোৱা ব্যক্তি বুলি স্বীকৃতি পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041033.mp3"},{"index":"34","arabicText":"وَلَا تَسْتَوِی الْحَسَنَةُ وَلَا السَّیِّئَةُ ؕ اِدْفَعْ بِالَّتِیْ هِیَ اَحْسَنُ فَاِذَا الَّذِیْ بَیْنَكَ وَبَیْنَهٗ عَدَاوَةٌ كَاَنَّهٗ وَلِیٌّ حَمِیْمٌ ۟","assameseTranslation":"ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।","footnotes":"","tafseer":"আল্লাহে সন্তুষ্টি লাভ কৰা সৎকৰ্ম আৰু আনুগত্য তথা তেওঁ অসন্তুষ্ট হোৱা পাপকৰ্ম আৰু গুনাহ, এই দুয়োটা কেতিয়াও সমান হ'ব নোৱাৰে। যিয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰে, তাৰ এই বেয়া ব্যৱহাৰ দূৰ কৰিবলৈ আপুনি তাৰ সৈতে উত্তম ব্যৱহাৰ কৰক। যদি আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰে তেন্তে আপুনি দেখিবলৈ পাব যে, সি পূৰ্বৰ ঘোৰ শত্ৰুতা পাহৰি আপোনাৰ অন্তৰঙ্গ বন্ধু হৈ পৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041034.mp3"},{"index":"35","arabicText":"وَمَا یُلَقّٰىهَاۤ اِلَّا الَّذِیْنَ صَبَرُوْا ۚ وَمَا یُلَقّٰىهَاۤ اِلَّا ذُوْ حَظٍّ عَظِیْمٍ ۟","assameseTranslation":"এই চৰিত্ৰৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল ধৈৰ্য্যশীল। লগতে ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল মহাভাগ্যৱান।","footnotes":"","tafseer":"এনেকুৱা উৎকৃষ্ট ব্যৱহাৰ কেৱল সেইসকল লোকেই লাভ কৰে, যিসকলে অন্যায়-অত্যাচাৰ আৰু মানুহৰ বেয়া ব্যৱহাৰত ধৈৰ্য্য ধাৰণ কৰে। এনেকুৱা বৈশিষ্ট্য কেৱল সৌভাগ্যশালী ব্যক্তিসকলেই লাভ কৰে। কিয়নো ইয়াৰ মাজত অগণন কল্যাণ তথা অসীম উপকাৰ নিহিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041035.mp3"},{"index":"36","arabicText":"وَاِمَّا یَنْزَغَنَّكَ مِنَ الشَّیْطٰنِ نَزْغٌ فَاسْتَعِذْ بِاللّٰهِ ؕ اِنَّهٗ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"আৰু যদি চয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"যদি কোনো সময়ত চয়তানে আপোনাক কুমন্ত্ৰণা দিয়াৰ চেষ্টা কৰে তেন্তে তেতিয়া আপুনি আল্লাহক মজবুতভাৱে ধাৰণ কৰক আৰু তেওঁৰ শৰণাপন্ন হওক। নিশ্চয় তেওঁ আপোনাৰ কথা শ্ৰৱণকাৰী আৰু তেওঁ আপোনাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041036.mp3"},{"index":"37","arabicText":"وَمِنْ اٰیٰتِهِ الَّیْلُ وَالنَّهَارُ وَالشَّمْسُ وَالْقَمَرُ ؕ لَا تَسْجُدُوْا لِلشَّمْسِ وَلَا لِلْقَمَرِ وَاسْجُدُوْا لِلّٰهِ الَّذِیْ خَلَقَهُنَّ اِنْ كُنْتُمْ اِیَّاهُ تَعْبُدُوْنَ ۟","assameseTranslation":"আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।","footnotes":"","tafseer":"আল্লাহৰ মহানতা আৰু তেওঁৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহৰ অন্যতম হৈছে দিন-ৰাতিৰ আৱৰ্তন আৰু চন্দ্ৰ-সূৰ্য্য। হে মানৱজাতি! তোমালোকে সূৰ্য্যকো ছাজদাহ নকৰিবা আৰু চন্দ্ৰকো ছাজদাহ নকৰিবা। বৰং কেৱল সেই আল্লাহক ছাজদাহ কৰা, যিয়ে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে সঁচাই তেওঁৰ ইবাদত কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041037.mp3"},{"index":"38","arabicText":"فَاِنِ اسْتَكْبَرُوْا فَالَّذِیْنَ عِنْدَ رَبِّكَ یُسَبِّحُوْنَ لَهٗ بِالَّیْلِ وَالنَّهَارِ وَهُمْ لَا یَسْـَٔمُوْنَ ۟","assameseTranslation":"তথাপিও যদি সিহঁতে অহংকাৰ কৰে, তেন্তে (জানি থোৱা) যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে দিনে ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তিবোধো নকৰে। (ছাজদাহ)","footnotes":"","tafseer":"তথাপিও যদি সিহঁতে অহংকাৰ কৰে আৰু বিমুখ হয়, তথা একমাত্ৰ সৃষ্টিকৰ্তা আল্লাহক ছাজদাহ নকৰে তেন্তে জানি থোৱা, আল্লাহৰ ওচৰত যিসকল ফিৰিস্তা আছে, তেওঁলোকে দিনে ৰাতিয়ে আল্লাহৰ তাছবীহ পাঠ কৰে আৰু তেওঁৰ প্ৰশংসা কৰে। তেওঁলোকে আল্লাহৰ ইবাদত কৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041038.mp3"},{"index":"39","arabicText":"وَمِنْ اٰیٰتِهٖۤ اَنَّكَ تَرَی الْاَرْضَ خَاشِعَةً فَاِذَاۤ اَنْزَلْنَا عَلَیْهَا الْمَآءَ اهْتَزَّتْ وَرَبَتْ ؕ اِنَّ الَّذِیْۤ اَحْیَاهَا لَمُحْیِ الْمَوْتٰی ؕ اِنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"তেওঁৰ আন এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰোঁ তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে তেৱেঁই মৃতসকলক জীৱিত কৰিব। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"আল্লাহৰ মহানতা, তেওঁৰ তাওহীদ আৰু কিয়ামতৰ দিনা পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, তুমি ভূমিক শুকান উদ্ভিদহীন দেখিবলৈ পোৱা। কিন্তু যেতিয়াই আমি বৰষুণ অৱতীৰ্ণ কৰোঁ, লগে লগে ভূমিৰ গহ্বৰত থকা বীজ আদি উদ্ভিদৰূপে গজালি মেলে আৰু সেউজীয়া হৈ পৰে। নিশ্চয় যি সত্ত্বাই মৃত ভূমিক জীৱিত কৰে, তেওঁ অৱশ্যে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। মৃত ভূমিক জীৱিত কৰা যিদৰে তেওঁৰ পক্ষে কোনো কঠিন কাম নহয়, ঠিক সেইদৰে মৃত লোকসকলকো কবৰৰ পৰা জীৱিত কৰাটোও তেওঁৰ পক্ষে কোনো কঠিন বিষয় নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041039.mp3"},{"index":"40","arabicText":"اِنَّ الَّذِیْنَ یُلْحِدُوْنَ فِیْۤ اٰیٰتِنَا لَا یَخْفَوْنَ عَلَیْنَا ؕ اَفَمَنْ یُّلْقٰی فِی النَّارِ خَیْرٌ اَمْ مَّنْ یَّاْتِیْۤ اٰمِنًا یَّوْمَ الْقِیٰمَةِ ؕ اِعْمَلُوْا مَا شِئْتُمْ ۙ اِنَّهٗ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে, সিহঁত আমাৰ পৰা উহ্য নহয়। (কোৱাচোন) ‘যিজন অগ্নিত নিক্ষিপ্ত হ’ব সি শ্ৰেষ্ঠ, নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হ’ব তেওঁ শ্ৰেষ্ঠ’? তোমালোকে যি ইচ্ছা আমল কৰা। তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে বেয়া নীতি অৱলম্বন কৰে, সেইবোৰক অস্বীকাৰ কৰে আৰু সেইবোৰৰ অৰ্থ বিকৃত কৰে, সেইসকল লোকৰ অৱস্থা আমাৰ পৰা গোপন নহয়। আমি সিহঁতৰ বিষয়ে ভালকৈয়ে অৱগত। যাক জাহান্নামত নিক্ষেপ কৰা হ'ব, সেই ব্যক্তি উত্তম নে যিয়ে কিয়ামতৰ দিনা শাস্তিৰ পৰা নিৰাপদ থাকিব সেই ব্যক্তি উত্তম? হে মানৱজাতি! ভাল বেয়া যিটো ইচ্ছা সেইটোৱে তোমালোকে আমল কৰা। কাৰণ আমি তোমালোকৰ সন্মুখত ভাল বেয়া সকলো বিতংভাৱে স্পষ্ট কৰি দিছোঁ। তোমালোকে ভাল অথবা বেয়া যি কৰ্মই নকৰা কিয়, নিশ্চয় আল্লাহে চাই আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041040.mp3"},{"index":"41","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا بِالذِّكْرِ لَمَّا جَآءَهُمْ ۚ وَاِنَّهٗ لَكِتٰبٌ عَزِیْزٌ ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে (সিহঁতক অৱশ্যে কঠিন শাস্তি দিয়া হ’ব)। নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ,","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ ফালৰ পৰা কোৰআন অহাৰ পিছতো তাক অস্বীকাৰ কৰে, কিয়ামতৰ দিনা সিহঁতক শাস্তি বিহা হ’ব। নিঃসন্দেহে এইখন সন্মানিত তথা সুৰক্ষিত গ্ৰন্থ। কোনো বিকৃতকাৰীয়েই ইয়াক বিকৃত কৰিব নোৱাৰিব, আৰু কোনেও ইয়াক পৰিবৰ্তনো কৰিব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041041.mp3"},{"index":"42","arabicText":"لَّا یَاْتِیْهِ الْبَاطِلُ مِنْ بَیْنِ یَدَیْهِ وَلَا مِنْ خَلْفِهٖ ؕ تَنْزِیْلٌ مِّنْ حَكِیْمٍ حَمِیْدٍ ۟","assameseTranslation":"বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে, সন্মুখৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। এইটো প্ৰজ্ঞাময়, চিৰপ্ৰশংসিত সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ।","footnotes":"","tafseer":"বাতিলে কেতিয়াও ইয়াৰ মাজত অনুপ্ৰৱেশ কৰিব নোৱাৰিব, সন্মুখৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। হ্ৰাসৰূপে হওক অথবা বৃদ্ধিৰূপে, পৰিৱৰ্তন হওক অথবা বিকৃত, কোনো ধৰণেই প্ৰৱেশ কৰিব নোৱাৰিব। এইখন মহা প্ৰজ্ঞাৱান আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যিজন সৃষ্টি কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান। সকলো অৱস্থাতেই তেওঁ প্ৰসংশিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041042.mp3"},{"index":"43","arabicText":"مَا یُقَالُ لَكَ اِلَّا مَا قَدْ قِیْلَ لِلرُّسُلِ مِنْ قَبْلِكَ ؕ اِنَّ رَبَّكَ لَذُوْ مَغْفِرَةٍ وَّذُوْ عِقَابٍ اَلِیْمٍ ۟","assameseTranslation":"তোমাক কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক। নিশ্চয় তোমাৰ প্ৰতিপালক একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ বিষয়েও সেই একেই অস্বীকাৰ কৰাৰ কথা কোৱা হৈছে, যিদৰে আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক কোৱা হৈছিল। গতিকে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কিয়নো নিশ্চয় আপোনাৰ প্ৰতিপালক হৈছে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। আনহাতে তাওবা নকৰা ব্যক্তিসকলক অৰ্থাৎ গুনাহৰ ওপৰত অটল থকা লোকসকলক তেওঁ কষ্টদায়ক শাস্তি প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041043.mp3"},{"index":"44","arabicText":"وَلَوْ جَعَلْنٰهُ قُرْاٰنًا اَعْجَمِیًّا لَّقَالُوْا لَوْلَا فُصِّلَتْ اٰیٰتُهٗ ؕ ءَؔاَعْجَمِیٌّ وَّعَرَبِیٌّ ؕ قُلْ هُوَ لِلَّذِیْنَ اٰمَنُوْا هُدًی وَّشِفَآءٌ ؕ وَالَّذِیْنَ لَا یُؤْمِنُوْنَ فِیْۤ اٰذَانِهِمْ وَقْرٌ وَّهُوَ عَلَیْهِمْ عَمًی ؕ اُولٰٓىِٕكَ یُنَادَوْنَ مِنْ مَّكَانٍ بَعِیْدٍ ۟۠","assameseTranslation":"আৰু আমি যদি অনাৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে সিহঁতে নিশ্চয় ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইখন মুমিনসকলৰ বাবে হিদায়ত আৰু প্ৰতিকাৰ’। আনহাতে যিসকলে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা।","footnotes":"","tafseer":"যদি আমি এই কোৰআনখনক আৰবীৰ বাহিৰে বেলেগ কোনো ভাষাত অৱতীৰ্ণ কৰিলোঁহেঁতেন, তেন্তে কাফিৰসকলে ক’লেহেঁতেনঃ “ইয়াৰ আয়াতসমূহক বিতংভাৱে স্পষ্ট কিয় কৰা হোৱা নাই, তেতিয়াহে আমি বুজি পালোঁহেঁতেন”। কোৰআন কোনো অনাৰবীয়ান ভাষাত অৱতীৰ্ণ হৈছে নেকি, যাক আৰবীভাষী ব্যক্তিয়ে আনিছে? হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়কঃ এইখন কোৰআনে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা ব্যক্তিসকলক তথা তেওঁৰ ৰাছুলসকলক বিশ্বাস কৰা লোকসকলক মুক্তিৰ পথ দেখুৱায়, লগতে অন্তৰসমূহক অজ্ঞানতা আৰু ইয়াৰ ফলত জন্ম হোৱা ব্যাধিসমূহৰ পৰা আৰোগ্য প্ৰদান কৰে। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতৰ কাণত আছে বধিৰতা। লগতে সিহঁত অন্ধ হৈ পৰিছে, ফলত একোৱেই বুজি নাপায়। এনেকুৱা লোকসকলক যদি দূৰৱৰ্তী কোনো ঠাইৰ পৰা আহ্বান কৰা হয়, তেন্তে কেনেকৈ সিহঁতে আহ্বানকাৰীৰ আহ্বান শুনা পাব?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041044.mp3"},{"index":"45","arabicText":"وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ فَاخْتُلِفَ فِیْهِ ؕ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَقُضِیَ بَیْنَهُمْ ؕ وَاِنَّهُمْ لَفِیْ شَكٍّ مِّنْهُ مُرِیْبٍ ۟","assameseTranslation":"নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা বাণী (সিদ্ধান্ত) পূৰ্বেই কৰি থোৱা নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ’লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছিল।","footnotes":"","tafseer":"নিশ্চয় আমি মুছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ সৃষ্টি কৰা হৈছিল। কিছুমানে তাৰ প্ৰতি ঈমান আনিছিল আৰু আন কিছুমানে অস্বীকাৰ কৰিছিল। আল্লাহে যদি বান্দাসকলক এই প্ৰতিশ্ৰুতি নিদিলেহেঁতেন যে, কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰা হ’ব তেন্তে নিশ্চয় তাওৰাত সম্পৰ্কে বিভেদ কৰা লোকসকলৰ মাজত ফয়চালা কৰি দিলেহেঁতেন যে, কোন সত্য আৰু কোন মিছা। সত্যবাদীসকলক সন্মান প্ৰদান কৰিলেহেঁতেন আৰু বাতিলপন্থীক অপমানিত কৰিলেহেঁতেন। প্ৰকৃততে কাফিৰসকলে কোৰআন সম্পৰ্কে সন্দেহ তথা সংশয়ত পৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041045.mp3"},{"index":"46","arabicText":"مَنْ عَمِلَ صَالِحًا فَلِنَفْسِهٖ ۚ وَمَنْ اَسَآءَ فَعَلَیْهَا ؕ وَمَا رَبُّكَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟","assameseTranslation":"যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।","footnotes":"","tafseer":"যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰ উপকাৰ সি নিজেই লাভ কৰিব। কাৰোবাৰ সৎকৰ্মই আল্লাহক কোনো উপকাৰ নকৰে। আনহাতে যিয়ে অসৎকৰ্ম কৰিব, সেই অসৎকৰ্মৰ ফল সি নিজেই ভোগ কৰিব। কোনো বান্দাৰ অসৎকৰ্মই আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে প্ৰত্যেককে উচিত প্ৰতিদান দিব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কোনো বান্দাৰ প্ৰতি অন্যায় নকৰিব। কাৰোবাৰ নেকীও হ্ৰাস নকৰিব আৰু কাৰোবাৰ গুনাহো বৃদ্ধি নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041046.mp3"},{"index":"47","arabicText":"اِلَیْهِ یُرَدُّ عِلْمُ السَّاعَةِ ؕ وَمَا تَخْرُجُ مِنْ ثَمَرٰتٍ مِّنْ اَكْمَامِهَا وَمَا تَحْمِلُ مِنْ اُ وَلَا تَضَعُ اِلَّا بِعِلْمِهٖ ؕ وَیَوْمَ یُنَادِیْهِمْ اَیْنَ شُرَكَآءِیْ ۙ قَالُوْۤا اٰذَنّٰكَ ۙ مَا مِنَّا مِنْ شَهِیْدٍ ۟ۚ","assameseTranslation":"কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভ ধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰোঁ যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।","footnotes":"","tafseer":"কিয়ামতৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটিত হ’ব, তেওঁৰ বাহিৰে কোনেও নাজানে। তেওঁ নজনাকৈ কোনো ফল-মূলেই আৱৰণৰ পৰা ওলাই নাহে, আৰু কোনো নাৰীয়েও গৰ্ভ ধাৰণ নকৰে তথা সন্তান প্ৰসৱ নকৰে। একোৱেই তেওঁৰ অগোচৰ নহয়। যিদিনা আল্লাহে মুশ্বৰিকসকলক যিসকলে মূৰ্ত্তিপূজা কৰিছিল মাতি আনি সিহঁতৰ পূজা-পাঠকলৈ ককৰ্থনা কৰিব তথা ধিক্কাৰ দি ক’বঃ “সেই অংশীদাৰবিলাক আজি ক’ত, যিসকলক তোমালোকে মোৰ অংশীদাৰ বুলি ধাৰণা কৰিছিলা”? মুশ্বৰিকসকলে ক’বঃ “আমি আপোনাৰ সন্মুখত স্বীকাৰ কৰিলোঁ যে, এতিয়াৰ পৰা আমাৰ মাজৰ কোনেও এই কথাৰ সাক্ষ্য নিদিব যে, আপোনাৰ অংশীদাৰ আছে”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041047.mp3"},{"index":"48","arabicText":"وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَدْعُوْنَ مِنْ قَبْلُ وَظَنُّوْا مَا لَهُمْ مِّنْ مَّحِیْصٍ ۟","assameseTranslation":"আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্য)ক আহ্বান কৰিছিল সেইবোৰ সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, তেতিয়া সিহঁতে (মুশ্বৰিকসকলে) বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই।","footnotes":"","tafseer":"সিহঁতে পূজাপাঠ কৰা সেই মূৰ্ত্তিবোৰ তেতিয়া সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব। তথা সিহঁতে পূৰ্ণ বিশ্বাস কৰিব যে, আল্লাহৰ শাস্তিৰ পৰা পলায়ন কৰাৰ তথা আশ্ৰয় লোৱাৰ কোনো উপায় নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041048.mp3"},{"index":"49","arabicText":"لَا یَسْـَٔمُ الْاِنْسَانُ مِنْ دُعَآءِ الْخَیْرِ ؗ وَاِنْ مَّسَّهُ الشَّرُّ فَیَـُٔوْسٌ قَنُوْطٌ ۟","assameseTranslation":"মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তিবোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি সম্পূৰ্ণৰূপে হতাশ তথা নিৰাশ হৈ পৰে;","footnotes":"","tafseer":"মানুহে সুস্বাস্থ্য, ধন-সম্পদ আৰু সন্তান-সন্ততি আদি নিয়ামত বিচৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে। কিন্তু যদি সি দৰিদ্ৰতা অথবা বেমাৰ-আজাৰৰ সন্মুখীন হয়, তেতিয়া আল্লাহৰ কৃপাৰ পৰা অতি বেয়াকৈ নিৰাশ হৈ পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041049.mp3"},{"index":"50","arabicText":"وَلَىِٕنْ اَذَقْنٰهُ رَحْمَةً مِّنَّا مِنْ بَعْدِ ضَرَّآءَ مَسَّتْهُ لَیَقُوْلَنَّ هٰذَا لِیْ ۙ وَمَاۤ اَظُنُّ السَّاعَةَ قَآىِٕمَةً ۙ وَّلَىِٕنْ رُّجِعْتُ اِلٰی رَبِّیْۤ اِنَّ لِیْ عِنْدَهٗ لَلْحُسْنٰی ۚ فَلَنُنَبِّئَنَّ الَّذِیْنَ كَفَرُوْا بِمَا عَمِلُوْا ؗ وَلَنُذِیْقَنَّهُمْ مِّنْ عَذَابٍ غَلِیْظٍ ۟","assameseTranslation":"আকৌ দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ তৰফৰ পৰা অনুগ্ৰহৰ সোৱাদ ল’বলৈ দিওঁ, তেতিয়া সি কয়, ‘এয়া হৈছে মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ’ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈ ওভতাই নিয়াও হয়, তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব’। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি আস্বাদন কৰাম।","footnotes":"","tafseer":"আনহাতে পৰীক্ষা তথা বেমাৰ-আজাৰৰ পিছত যদি আমি তাক সুস্বাস্থ্য আৰু ধন-সম্পদ দান কৰোঁ, তেতিয়া সি নিশ্চয় ক’বঃ “এইবোৰ মই এইকাৰণে লাভ কৰিছোঁ, কাৰণ মই ইয়াৰ যোগ্য আছিলোঁ, তথা এইটো আছিল মোৰ প্ৰাপ্য। লগতে কিয়ামত সংঘটিত হ’ব বুলিও মোৰ বিশ্বাস নহয়। যদি মানিও লওঁ যে, কিয়ামত সংঘটিত হ’ব তথাপিও আল্লাহৰ ওচৰত থাকিব মোৰ বাবে অজস্ৰ ধন-সম্পদ। কিয়নো যিদৰে তেওঁ মোৰ যোগ্যতা অনুসাৰে পৃথিৱীত মোক ধন-সম্পত্তি দান কৰিছে, ঠিক সেইদৰে আখিৰাততো তেওঁ মোক মোৰ প্ৰাপ্যখিনি প্ৰদান কৰি উপকাৰ কৰিব”। নিশ্চয় আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলক সিহঁতৰ কুফৰী আৰু গুনাহৰ বিষয়ে অচিৰেই আমি সিহঁতক অৱগত কৰিম। তথা অতি কঠিন শাস্তিৰ সোৱাদ উপভোগ কৰিবলৈ দিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041050.mp3"},{"index":"51","arabicText":"وَاِذَاۤ اَنْعَمْنَا عَلَی الْاِنْسَانِ اَعْرَضَ وَنَاٰ بِجَانِبِهٖ ۚ وَاِذَا مَسَّهُ الشَّرُّ فَذُوْ دُعَآءٍ عَرِیْضٍ ۟","assameseTranslation":"আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায়। কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়।","footnotes":"","tafseer":"মানুহক যেতিয়া আমি সুস্বাস্থ্য, আৰোগ্য আদিৰ মাধ্যমত নিয়ামত প্ৰদান কৰোঁ, তেতিয়া সি আল্লাহৰ স্মৰণ আৰু আনুগত্যৰ পৰা অমনোযোগী হৈ পৰে, তথা অহংকাৰ কৰি বিমুখ হৈ পৰে। কিন্তু যেতিয়াই বেমাৰ-আজাৰ আৰু দৰিদ্ৰতা আদিয়ে স্পৰ্শ কৰে, তেতিয়াই আল্লাহৰ ওচৰত বেছি বেছি দুআ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ ওচৰত বিপদ-আপদ সম্পৰ্কে অভিযোগ কৰে, যাতে তেওঁ সেই বিপদ-আপদ দূৰ কৰি দিয়ে। পক্ষান্তৰে সি নিয়ামত আদি লাভৰ সময়ত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন নকৰে, আৰু তেওঁ যেতিয়া তাক বিপদ-আপদৰ দ্বাৰা পৰীক্ষা কৰে, সেই সময়তো সি ধৈৰ্য্য ধাৰণ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041051.mp3"},{"index":"52","arabicText":"قُلْ اَرَءَیْتُمْ اِنْ كَانَ مِنْ عِنْدِ اللّٰهِ ثُمَّ كَفَرْتُمْ بِهٖ مَنْ اَضَلُّ مِمَّنْ هُوَ فِیْ شِقَاقٍ بَعِیْدٍ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে কেতিয়াবা ভাবিছানে, যদি এই কোৰআনখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে, তথাপিও তোমালোকে ইয়াক প্ৰত্যাখ্যান কৰিছা, তেনে অৱস্থাত যিজন ব্যক্তি ঘোৰ বিৰুদ্ধাচৰণত লিপ্ত হৈ আছে, তাতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে’?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক কৈ দিয়কঃ কোৱাচোন! যদি এই কোৰআন সঁচাই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, তাৰ পিছতো তোমালোকে ইয়াক নাকচ কৰি আছা তথা অস্বীকাৰ কৰি আছা, তেন্তে তেনে পৰিস্থিতিত তোমালোকৰ কি অৱস্থা হ’ব? এতেকে সেই ব্যক্তিতকৈ মহা পথভ্ৰষ্ট আৰুনো কোন হ’ব পাৰে, যিয়ে সত্যৰ লগত শত্ৰুতা পোষণ কৰে, অথচ সত্য স্পষ্ট হৈছে আৰু ইয়াৰ প্ৰকাশ্য দলিল-প্ৰমাণ প্ৰবলৰূপত প্ৰকট হৈছে!?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041052.mp3"},{"index":"53","arabicText":"سَنُرِیْهِمْ اٰیٰتِنَا فِی الْاٰفَاقِ وَفِیْۤ اَنْفُسِهِمْ حَتّٰی یَتَبَیَّنَ لَهُمْ اَنَّهُ الْحَقُّ ؕ اَوَلَمْ یَكْفِ بِرَبِّكَ اَنَّهٗ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟","assameseTranslation":"অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, নিশ্চয় এইখন (কোৰআন) সত্য। এইখন তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?","footnotes":"","tafseer":"শীঘ্ৰেই আমি মুছলমানসকলক পৃথিৱীৰ চোকে-কোণে বিজয় প্ৰদান কৰি কুৰাইশ্ব বংশৰ কাফিৰসকলক আমাৰ নিদৰ্শনসমূহ দেখুৱাম। এইদৰে মক্কা বিজয়ৰ মাধ্যমত আমি সিহঁতৰ নিজৰ মাজত থকা আমাৰ নিদৰ্শনসমূহ দেখুৱাম। যাতে এই কোৰআন সম্পৰ্কে সিহঁতৰ সকলো প্ৰকাৰ সংশয় দূৰ হয়, আৰু কোনো ধৰণৰ সন্দেহ যাতে বাকী নাথাকে। এই মুশ্বৰিকসকলৰ বাবে কোৰআনৰ সত্যতা সম্পৰ্কে আল্লাহৰ এই সাক্ষ্য যথেষ্ট নহয়নে যে, এইখন হৈছে তেওঁৰ ফালৰ পৰা অৱতীৰ্ণ? আল্লাহতকৈও ডাঙৰ সাক্ষ্য আন কাৰ হ’ব পাৰে? দৰাচলতে সঁচাই যদি সিহঁতে সত্য অৱলম্বন কৰিব বিচাৰিলেহেঁতেন, তেন্তে নিশ্চয় সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষ্যক যথেষ্ট বুলি স্বীকাৰ কৰিলেহেঁতেন আৰু সন্তুষ্ট হ’লহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041053.mp3"},{"index":"54","arabicText":"اَلَاۤ اِنَّهُمْ فِیْ مِرْیَةٍ مِّنْ لِّقَآءِ رَبِّهِمْ ؕ اَلَاۤ اِنَّهٗ بِكُلِّ شَیْءٍ مُّحِیْطٌ ۟۠","assameseTranslation":"জানি থোৱা! নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পৰি আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে।","footnotes":"","tafseer":"জানি থোৱা! এই মুশ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰাৰ কাৰণে কিয়ামতৰ দিনা হ’বলগীয়া নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পতিত হৈ আছে। সেইকাৰণেই সিহঁতে আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে আৰু সিহঁতে সৎকৰ্ম আদিৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তুতিও নলয়। জানি থোৱা! নিশ্চয় আল্লাহে তেওঁৰ জ্ঞান আৰু ক্ষমতাৰ জৰিয়তে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/041054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/041054.mp3"}]