[
  {
    "index": "1",
    "arabicText": "حٰمٓ ۟ۚۛ",
    "assameseTranslation": "হা-মীম।[1]",
    "footnotes": "[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।",
    "tafseer": "(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043001.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043001.mp3"
  },
  {
    "index": "2",
    "arabicText": "وَالْكِتٰبِ الْمُبِیْنِ ۟ۙۛ",
    "assameseTranslation": "শপত সুস্পষ্ট কিতাবৰ!",
    "footnotes": "",
    "tafseer": "আল্লাহে কোৰআনৰ শপত খাইছে, যিখন গ্ৰন্থই হিদায়তৰ পথ স্পষ্ট কৰি সত্যৰ পথ দেখুৱায়।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043002.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043002.mp3"
  },
  {
    "index": "3",
    "arabicText": "اِنَّا جَعَلْنٰهُ قُرْءٰنًا عَرَبِیًّا لَّعَلَّكُمْ تَعْقِلُوْنَ ۟ۚ",
    "assameseTranslation": "নিশ্চয় আমি ইয়াক কোৰআন হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।",
    "footnotes": "",
    "tafseer": "নিশ্চয় আমি এই কোৰআনখনক আৰবী ভাষাত প্ৰস্তুত কৰিছোঁ। যাতে তোমালোকে সহজেই বুজি পোৱা (হে সেই লোকসকল! যিসকলৰ ভাষাত এই কোৰআন অৱতীৰ্ণ হৈছে)। যাতে তোমালোকে ইয়াৰ অৰ্থ বুজি পোৱা আৰু ইয়াক অন্যান্য জাতিলৈ পৌঁচাই দিব পাৰা।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043003.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043003.mp3"
  },
  {
    "index": "4",
    "arabicText": "وَاِنَّهٗ فِیْۤ اُمِّ الْكِتٰبِ لَدَیْنَا لَعَلِیٌّ حَكِیْمٌ ۟ؕ",
    "assameseTranslation": "নিশ্চয় এইখন আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।",
    "footnotes": "",
    "tafseer": "নিশ্চয় এই কোৰআন লওহে মাহফুজত লিপিবদ্ধ আছে। এইখন সুউচ্চ মৰ্যাদাৱান, তথা হিকমত ভৰা গ্ৰন্থ। ইয়াৰ মাজত থকা আদেশ-নিষেধৰ বিধি-বিধানসমূহ হৈছে সুদৃঢ়।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043004.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043004.mp3"
  },
  {
    "index": "5",
    "arabicText": "اَفَنَضْرِبُ عَنْكُمُ الذِّكْرَ صَفْحًا اَنْ كُنْتُمْ قَوْمًا مُّسْرِفِیْنَ ۟",
    "assameseTranslation": "তোমালোক সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিম নেকি?",
    "footnotes": "",
    "tafseer": "তোমালোকে অধিক শ্বিৰ্ক আৰু গুনাহ কৰা বুলিয়ে আমি তোমালোকৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা এৰি দিম নেকি? আমি এনেকুৱা কেতিয়াও নকৰোঁ। বৰং আমাৰ দয়াৰ দাবী হৈছে ইয়াৰ পৰিপন্থী।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043005.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043005.mp3"
  },
  {
    "index": "6",
    "arabicText": "وَكَمْ اَرْسَلْنَا مِنْ نَّبِیٍّ فِی الْاَوَّلِیْنَ ۟",
    "assameseTranslation": "আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰলৈ আমি বহুতো নবী প্ৰেৰণ কৰিছিলোঁ।",
    "footnotes": "",
    "tafseer": "পূৰ্বৱৰ্তী উম্মতবোৰৰ মাজতো আমি বহুতো নবী প্ৰেৰণ কৰিছিলোঁ।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043006.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043006.mp3"
  },
  {
    "index": "7",
    "arabicText": "وَمَا یَاْتِیْهِمْ مِّنْ نَّبِیٍّ اِلَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟",
    "assameseTranslation": "আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছে।",
    "footnotes": "",
    "tafseer": "বিগত সেই উম্মতবোৰৰ মাজত আল্লাহৰ ফালৰ পৰা যেতিয়াই কোনো নবী আহিছিল, তেতিয়াই সিহঁতে সেই নবীক উপহাস কৰিছিল।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043007.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043007.mp3"
  },
  {
    "index": "8",
    "arabicText": "فَاَهْلَكْنَاۤ اَشَدَّ مِنْهُمْ بَطْشًا وَّمَضٰی مَثَلُ الْاَوَّلِیْنَ ۟",
    "assameseTranslation": "ফলত যিসকল ইহঁততকৈও শক্তিত প্ৰবল আছিল, সিহঁতকো আমি ধ্বংস কৰিছিলোঁ, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।",
    "footnotes": "",
    "tafseer": "অৱশেষত আমি সেই শক্তিশালী উম্মতবোৰকো ধ্বংস কৰিছোঁ, গতিকে এই দুৰ্বল লোকসকলক ধ্বংস কৰাটো আমাৰ পক্ষে কোনো কঠিন বিষয় নহয় তথা আমি অপাৰগো নহয়। নিশ্চয় এই কোৰআনত পূৰ্বৱৰ্তী উম্মতবোৰৰ ধ্বংসৰ বৰ্ণনা কৰা হৈছে, যেনে- আদ, ছামূদ, লূত সম্প্ৰদায় আৰু মাদিয়ানৰ অধিবাসীসকলৰ বিষয়ে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043008.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043008.mp3"
  },
  {
    "index": "9",
    "arabicText": "وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ لَیَقُوْلُنَّ خَلَقَهُنَّ الْعَزِیْزُ الْعَلِیْمُ ۟ۙ",
    "assameseTranslation": "আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে নিশ্চয় ক’ব, ‘এইবোৰক সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ(আল্লাহে)’,",
    "footnotes": "",
    "tafseer": "হে ৰাছুল! যদি আপুনি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডলক কোনে সৃষ্টি কৰিছে? আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁতে আপোনাৰ প্ৰশ্নৰ উত্তৰ দি ক’বঃ নিশ্চয় এইবোৰক সৰ্বশক্তিমান (আল্লাহ)এ সৃষ্টি কৰিছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সকলো বিষয়তে সৰ্বজ্ঞ।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043009.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043009.mp3"
  },
  {
    "index": "10",
    "arabicText": "الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ مَهْدًا وَّجَعَلَ لَكُمْ فِیْهَا سُبُلًا لَّعَلَّكُمْ تَهْتَدُوْنَ ۟ۚ",
    "assameseTranslation": "তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে, যাতে তোমালোকে সঠিক পথ পাব পাৰা;",
    "footnotes": "",
    "tafseer": "আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাস যোগ্য বনাইছে। তথা ইয়াত চলাফুৰা কৰাৰ সুবিধা প্ৰদান কৰিছে। তেৱেঁই পাহাৰ-পৰ্বত, ভৈয়াম আদিত তোমালোকৰ বাবে পথ উলিয়াই দিছে। যাতে চলাফুৰাৰ সময়ত তোমালোকে সঠিক গন্তব্যস্থলত উপনীত হ’ব পাৰা।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043010.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043010.mp3"
  },
  {
    "index": "11",
    "arabicText": "وَالَّذِیْ نَزَّلَ مِنَ السَّمَآءِ مَآءً بِقَدَرٍ ۚ فَاَنْشَرْنَا بِهٖ بَلْدَةً مَّیْتًا ۚ كَذٰلِكَ تُخْرَجُوْنَ ۟",
    "assameseTranslation": "আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰোঁ নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই অনা হ’ব।",
    "footnotes": "",
    "tafseer": "তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে, যি পানী তোমালোকৰ বাবে আৰু তোমালোকৰ জীৱ-জন্তু তথা খেতি-বাতিৰ বাবে যথেষ্ট। সেই পানীৰ দ্বাৰাই আমি মৃত ভূমিক সেউজীয়া কৰি তোলোঁ। এতেকে চোৱা! যিদৰে আল্লাহে মৃত ভূমিক জীৱিত কৰি সেউজীয়া কৰি তোলে, ঠিক সেইদৰে তেওঁ মৃত লোকসকলকো জীৱিত কৰি পুনৰুত্থিত কৰিব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043011.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043011.mp3"
  },
  {
    "index": "12",
    "arabicText": "وَالَّذِیْ خَلَقَ الْاَزْوَاجَ كُلَّهَا وَجَعَلَ لَكُمْ مِّنَ الْفُلْكِ وَالْاَنْعَامِ مَا تَرْكَبُوْنَ ۟ۙ",
    "assameseTranslation": "আৰু তেৱেঁই সকলোকে যোৰা যোৰাকৈ সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰা;",
    "footnotes": "",
    "tafseer": "তেৱেঁই তোমালোকৰ বাবে সকলো প্ৰকাৰৰ বস্তু সৃষ্টি কৰিছে, যেনে- দিন আৰু ৰাতি, নৰ আৰু নাৰী আদি। লগতে তেওঁ তোমালোকৰ বাবে নৌযান আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে, যিবোৰক তোমালোকে ভ্ৰমণত পৰিবহন হিচাপে ব্যৱহাৰ কৰা। গতিকে সাগৰত তোমালোকে নৌযান আৰু স্থলত তোমালোকে জন্তুক পৰিবহন হিচাপে ব্যৱহাৰ কৰা।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043012.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043012.mp3"
  },
  {
    "index": "13",
    "arabicText": "لِتَسْتَوٗا عَلٰی ظُهُوْرِهٖ ثُمَّ تَذْكُرُوْا نِعْمَةَ رَبِّكُمْ اِذَا اسْتَوَیْتُمْ عَلَیْهِ وَتَقُوْلُوْا سُبْحٰنَ الَّذِیْ سَخَّرَ لَنَا هٰذَا وَمَا كُنَّا لَهٗ مُقْرِنِیْنَ ۟ۙ",
    "assameseTranslation": "যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, (আৰু শুনা!) তাৰ পিছত যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা তেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা আৰু ক'বা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সামৰ্থ নাছিলোঁ।",
    "footnotes": "",
    "tafseer": "এই সকলোবোৰ তেওঁ তোমালোকৰ বাবেই সৃষ্টি কৰিছে। যাতে ভ্ৰমণৰ সময়ত তোমালোকে এইবোৰ পৰিবহণত আৰোহণ কৰি আল্লাহৰ নিয়ামত স্মৰণ কৰিব পাৰা যে, তেৱেঁই এইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে। গতিকে তোমালোকে কোৱাঃ পৱিত্ৰ আৰু মহান সেই সত্ত্বা, যিয়ে এই পৰিবহনক আমাৰ অধীনস্থ কৰি দিছে, ফলত আমি আমাৰ ইচ্ছা মতে ইয়াক সঞ্চালন কৰিব পাৰোঁ। কাৰণ আল্লাহে এইবোৰক আমাৰ অধীনস্থ কৰি নিদিলে, নিশ্চয় আমি এইবোৰক আমাৰ অধীনস্থ কৰিব নোৱাৰিলোঁহেঁতেন।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043013.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043013.mp3"
  },
  {
    "index": "14",
    "arabicText": "وَاِنَّاۤ اِلٰی رَبِّنَا لَمُنْقَلِبُوْنَ ۟",
    "assameseTranslation": "‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।",
    "footnotes": "",
    "tafseer": "মৃত্যুৰ পিছত হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ পিনেই উভতি যাব লাগিব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043014.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043014.mp3"
  },
  {
    "index": "15",
    "arabicText": "وَجَعَلُوْا لَهٗ مِنْ عِبَادِهٖ جُزْءًا ؕ اِنَّ الْاِنْسَانَ لَكَفُوْرٌ مُّبِیْنٌ ۟ؕ۠",
    "assameseTranslation": "আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰাই তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।",
    "footnotes": "",
    "tafseer": "মুশ্বৰিকসকলে ধাৰণা কৰে যে, কিছুমান সৃষ্টিয়ে সৃষ্টিকৰ্তাৰ পৰা জন্ম লাভ কৰিছে। সেয়ে সিহঁতে কয়ঃ “ফিৰিস্তাসকল হৈছে আল্লাহৰ কন্যা”। নিশ্চয় এনেকুৱা ধাৰণা পোষণ কৰা ব্যক্তি হৈছে স্পষ্ট কাফিৰ তথা পথভ্ৰষ্ট।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043015.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043015.mp3"
  },
  {
    "index": "16",
    "arabicText": "اَمِ اتَّخَذَ مِمَّا یَخْلُقُ بَنٰتٍ وَّاَصْفٰىكُمْ بِالْبَنِیْنَ ۟",
    "assameseTranslation": "তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি?",
    "footnotes": "",
    "tafseer": "হে মুশ্বৰিকসকল! আল্লাহে তেওঁৰ সৃষ্টিৰ পৰাই নিজৰ বাবে কন্যা সন্তান গ্ৰহণ কৰিছে বুলি তোমালোকে কোৱা নেকি, আৰু তোমালোকৰ বাবে তেওঁ পুত্ৰ সন্তান select কৰিছে নেকি? এইটো কেনেকুৱা ভাগ-বতৰা, যিটো তোমালোকে নিজৰ ধাৰণা অনুযায়ী কৰিছা?",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043016.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043016.mp3"
  },
  {
    "index": "17",
    "arabicText": "وَاِذَا بُشِّرَ اَحَدُهُمْ بِمَا ضَرَبَ لِلرَّحْمٰنِ مَثَلًا ظَلَّ وَجْهُهٗ مُسْوَدًّا وَّهُوَ كَظِیْمٌ ۟",
    "assameseTranslation": "অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।",
    "footnotes": "",
    "tafseer": "(কিন্তু এই মুশ্বৰিকসকলৰ দুমুখীয়া নীতি চাওক) যেতিয়া সিহঁতক কন্যা সন্তানৰ সুসংবাদ দিয়া হয়, তেতিয়া গভীৰ শোকত সিহঁতৰ মুখ ক’লা পৰি যায়, অথচ সিহঁতেই আল্লাহৰ লগত কন্যা সন্তান সম্পৃক্ত কৰে। তেতিয়া সিহঁত খঙতে অগ্নিশৰ্মা হয় তথা দুখত ভাগি পৰি নিজকে আত্মগোপন কৰে। তেনেহ’লে কি ভিত্তিত সিহঁতে এই বিষয়টো আল্লাহৰ লগত সম্পৃক্ত কৰে, যিটোৰ সুসংবাদ পালে সিহঁত নিজেই দুশ্চিন্তাগ্ৰস্ত হৈ পৰে?",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043017.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043017.mp3"
  },
  {
    "index": "18",
    "arabicText": "اَوَمَنْ یُّنَشَّؤُا فِی الْحِلْیَةِ وَهُوَ فِی الْخِصَامِ غَیْرُ مُبِیْنٍ ۟",
    "assameseTranslation": "(সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম?",
    "footnotes": "",
    "tafseer": "সিহঁতে নিজ প্ৰতিপালকৰ সৈতে সেইসকলক সম্পৃক্ত কৰিব বিচাৰে নেকি, যিসকলে অলংকাৰৰ মাজত লালিত-পালিত হয়, তথা বিবাদৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদান কৰাতো যিসকল সক্ষম নহয়?",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043018.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043018.mp3"
  },
  {
    "index": "19",
    "arabicText": "وَجَعَلُوا الْمَلٰٓىِٕكَةَ الَّذِیْنَ هُمْ عِبٰدُ الرَّحْمٰنِ اِنَاثًا ؕ اَشَهِدُوْا خَلْقَهُمْ ؕ سَتُكْتَبُ شَهَادَتُهُمْ وَیُسْـَٔلُوْنَ ۟",
    "assameseTranslation": "লগতে সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে; তেওঁলোকক সৃষ্টি কৰাৰ সময়ত সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য নিশ্চয় লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।",
    "footnotes": "",
    "tafseer": "সিহঁতে দয়াময় আল্লাহৰ বান্দা সন্মানীয় ফিৰিস্তাসকলক কন্যা সন্তান বুলি আখ্যায়িত কৰিছে। আল্লাহে যেতিয়া তেওঁলোকক সৃষ্টি কৰিছিল, সিহঁতে তেতিয়া তাত উপস্থিত আছিল নেকি, যাৰ ফলত সিহঁতে তেওঁলোকক নাৰী বুলি গম পাইছে? ফিৰিস্তাসকলে নিশ্চয় সিহঁতৰ এই সাক্ষ্য লিপিবদ্ধ কৰি ৰাখিব, তথা কিয়ামতৰ দিনা সিহঁতক এই বিষয়ে সোধ-পোচ কৰা হ’ব, লগতে এই মিছা প্ৰচাৰৰ বাবে সিহঁতক শাস্তি বিহা হ’ব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043019.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043019.mp3"
  },
  {
    "index": "20",
    "arabicText": "وَقَالُوْا لَوْ شَآءَ الرَّحْمٰنُ مَا عَبَدْنٰهُمْ ؕ مَا لَهُمْ بِذٰلِكَ مِنْ عِلْمٍ ۗ اِنْ هُمْ اِلَّا یَخْرُصُوْنَ ۟ؕ",
    "assameseTranslation": "সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনে সজা কথাহে কয়।",
    "footnotes": "",
    "tafseer": "সিহঁতে ভাগ্যক প্ৰমাণ হিচাপে লৈ কয়ঃ আল্লাহে ইচ্ছা কৰিলে আমি কেতিয়াও ফিৰিস্তাসকলৰ ইবাদত নকৰিলোঁহেঁতেন। গতিকে তেওঁ বিচাৰিছে কাৰণেই আমি এইবোৰ কৰি আছোঁ, সেয়ে প্ৰমাণিত হয় যে তেওঁ আমাৰ ওপৰত সন্তুষ্ট। যদিও এই বিষয়ে সিহঁতৰ ওচৰত কোনো সঠিক জ্ঞান নাই। সিহঁতে কেৱল মিছা মাতি আছে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043020.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043020.mp3"
  },
  {
    "index": "21",
    "arabicText": "اَمْ اٰتَیْنٰهُمْ كِتٰبًا مِّنْ قَبْلِهٖ فَهُمْ بِهٖ مُسْتَمْسِكُوْنَ ۟",
    "assameseTranslation": "আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছোঁ নেকি, যিখনক সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?",
    "footnotes": "",
    "tafseer": "অথবা এই মুশ্বৰিকসকলক কোৰআনৰ পূৰ্বে আমি কোনো গ্ৰন্থ প্ৰদান কৰিছিলোঁ নেকি, য’ত আল্লাহৰ বাহিৰে আনৰ উপাসনা বৈধ কৰা হৈছে? যিখন গ্ৰন্থক সিহঁতে মজবুতভাৱে ধাৰণ কৰি আছে তথা যিখনৰ দ্বাৰা সিহঁতে প্ৰমাণ উপস্থাপন কৰে?",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043021.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043021.mp3"
  },
  {
    "index": "22",
    "arabicText": "بَلْ قَالُوْۤا اِنَّا وَجَدْنَاۤ اٰبَآءَنَا عَلٰۤی اُمَّةٍ وَّاِنَّا عَلٰۤی اٰثٰرِهِمْ مُّهْتَدُوْنَ ۟",
    "assameseTranslation": "বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছোঁ আৰু আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰিয়ে নিশ্চিতভাৱে হিদায়তপ্ৰাপ্ত হম’।",
    "footnotes": "",
    "tafseer": "নহয়, এনেকুৱা কেতিয়াও হোৱা নাই। বৰং সিহঁতে পৰম্পৰাক দলিল হিচাপে লৈ কয়ঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এটা ধৰ্মৰ অনুসাৰী হিচাপেই পাইছিলোঁ। সিহঁতেও মূৰ্ত্তি পূজা কৰিছিল। গতিকে আমি তেওঁলোকৰ পদচিহ্নৰ অনুসৰণ কৰিয়ে সেইবোৰৰ উপাসনা কৰি আছোঁ।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043022.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043022.mp3"
  },
  {
    "index": "23",
    "arabicText": "وَكَذٰلِكَ مَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ فِیْ قَرْیَةٍ مِّنْ نَّذِیْرٍ اِلَّا قَالَ مُتْرَفُوْهَاۤ ۙ اِنَّا وَجَدْنَاۤ اٰبَآءَنَا عَلٰۤی اُمَّةٍ وَّاِنَّا عَلٰۤی اٰثٰرِهِمْ مُّقْتَدُوْنَ ۟",
    "assameseTranslation": "আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদলৈ কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছোঁ তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় লোকসকলে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছোঁ আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।",
    "footnotes": "",
    "tafseer": "যিদৰে এই লোকসকলে অস্বীকাৰ কৰিছে, তথা সিহঁতৰ পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণক প্ৰমাণ হিচাপে লৈছে, ঠিক সেইদৰে হে ৰাছুল! আমি আপোনাৰ পূৰ্বে যি ঠাইতেই ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ নিজ সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰে কিন্তু সেই ঠাইতেই তাত থকা ঐশৰ্যশীল নেতা তথা প্ৰমুখসকলে কৈছিলঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এই ধৰ্মৰ ওপৰতেই পাইছিলোঁ। গতিকে আমি তেওঁলোকৰেই পদচিহ্ন অনুসৰণ কৰি আছোঁ। তথা এই ক্ষেত্ৰত আপোনাৰ সম্প্ৰদায়ে কোনো নতুনত্বৰ দেখা পোৱা নাই।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043023.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043023.mp3"
  },
  {
    "index": "24",
    "arabicText": "قٰلَ اَوَلَوْ جِئْتُكُمْ بِاَهْدٰی مِمَّا وَجَدْتُّمْ عَلَیْهِ اٰبَآءَكُمْ ؕ قَالُوْۤا اِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟",
    "assameseTranslation": "তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতকৈও উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ’।",
    "footnotes": "",
    "tafseer": "সিহঁতৰ ৰাছুলসকলে সিহঁতক কৈছিলঃ তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি সেই মতাদৰ্শতকৈও উত্তম কোনো ধৰ্ম লৈ আহোঁ, তথাপিও তোমালোকে তোমালোকৰ পিতৃপুৰুষসকলৰ অনুসৰণ কৰিবানে? সিহঁতে ক’লেঃ আমি সেই ধৰ্মক অস্বীকাৰ কৰোঁ যিটো তুমি লৈ আহিছা আৰু তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলে লৈ আহিছে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043024.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043024.mp3"
  },
  {
    "index": "25",
    "arabicText": "فَانْتَقَمْنَا مِنْهُمْ فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِیْنَ ۟۠",
    "assameseTranslation": "ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লোঁ। এতেকে চোৱা, অস্বীকাৰকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!",
    "footnotes": "",
    "tafseer": "এতেকে আমি সেইসকল লোকৰ পৰা প্ৰতিশোধ লৈছিলোঁ, যিসকলে আপোনাৰ পূৰ্বে অহা ৰাছুলসকলক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰিছিলোঁ। এতেকে আপুনি ভাবি চাওকচোন, ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলৰ শেষ পৰিণাম কেনেকুৱা আছিল? নিশ্চয় সিহঁতৰ শেষ পৰিণতি আছিল অতি কৰুণ।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043025.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043025.mp3"
  },
  {
    "index": "26",
    "arabicText": "وَاِذْ قَالَ اِبْرٰهِیْمُ لِاَبِیْهِ وَقَوْمِهٖۤ اِنَّنِیْ بَرَآءٌ مِّمَّا تَعْبُدُوْنَ ۟ۙ",
    "assameseTranslation": "আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত।",
    "footnotes": "",
    "tafseer": "হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পিতা আৰু নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃ “তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, মই সেইবোৰৰ পৰা সম্পূৰ্ণৰূপে সম্পৰ্কচ্ছেদ ঘোষণা কৰিলোঁ”।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043026.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043026.mp3"
  },
  {
    "index": "27",
    "arabicText": "اِلَّا الَّذِیْ فَطَرَنِیْ فَاِنَّهٗ سَیَهْدِیْنِ ۟",
    "assameseTranslation": "‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ শীঘ্ৰেই মোক সৎপথত পৰিচালিত কৰিব’।",
    "footnotes": "",
    "tafseer": "একমাত্ৰ সেই আল্লাহৰ বাহিৰে, যি সত্ত্বাই মোক সৃষ্টি কৰিছে। তেৱেঁই মোক সঠিক ধৰ্মৰ পথ দেখুৱাব, যিটো মোৰ বাবে উপকাৰী।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043027.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043027.mp3"
  },
  {
    "index": "28",
    "arabicText": "وَجَعَلَهَا كَلِمَةً بَاقِیَةً فِیْ عَقِبِهٖ لَعَلَّهُمْ یَرْجِعُوْنَ ۟",
    "assameseTranslation": "আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।",
    "footnotes": "",
    "tafseer": "ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ বংশধৰসকলৰ মাজত কলিমা লা ইলা-হা ইল্লাল্লাহক চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছিল। সেইকাৰণেই তেওঁলোকৰ মাজত সদায় এনেকুৱা লোকৰ উপস্থিতি আছিল, যিয়ে আল্লাহক একক বুলি স্বীকাৰ কৰিছিল আৰু তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰা নাছিল। যাতে তেওঁলোকে শ্বিৰ্ক তথা পাপকৰ্মৰ পৰা তাওবা কৰি আল্লাহৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043028.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043028.mp3"
  },
  {
    "index": "29",
    "arabicText": "بَلْ مَتَّعْتُ هٰۤؤُلَآءِ وَاٰبَآءَهُمْ حَتّٰی جَآءَهُمُ الْحَقُّ وَرَسُوْلٌ مُّبِیْنٌ ۟",
    "assameseTranslation": "বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলোঁ, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।",
    "footnotes": "",
    "tafseer": "মই এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত খৰধৰ কৰা নাছিলোঁ। বৰং পৃথিৱীক উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিছিলোঁ, আৰু সিহঁতৰ পূৰ্বে সিহঁতৰ পিতৃপুৰুষসকলকো উপভোগ কৰাৰ সুযোগ দিছিলোঁ। অৱশেষত সিহঁতৰ ওচৰলৈ কোৰআন আহিল আৰু স্পষ্টভাৱে সতৰ্ককাৰী ৰাছুলে আগমন কৰিলে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043029.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043029.mp3"
  },
  {
    "index": "30",
    "arabicText": "وَلَمَّا جَآءَهُمُ الْحَقُّ قَالُوْا هٰذَا سِحْرٌ وَّاِنَّا بِهٖ كٰفِرُوْنَ ۟",
    "assameseTranslation": "আৰু সত্য যেতিয়া সিহঁতৰ ওচৰলৈ আহি পালে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখোন যাদু আৰু নিশ্চিতভাৱে আমি ইয়াক প্ৰত্যাখ্যান কৰোঁ’।",
    "footnotes": "",
    "tafseer": "যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন আহিল, যিখন হৈছে চিৰসত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। তেতিয়া সিহঁতে ক’লেঃ এয়া হৈছে যাদু। ইয়াৰ দ্বাৰা মুহাম্মদে আমাৰ ওপৰত যাদু কৰে। আমি ইয়াক অস্বীকাৰ কৰোঁ, তথা কদাপিও ইয়াক বিশ্বাস নকৰোঁ।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043030.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043030.mp3"
  },
  {
    "index": "31",
    "arabicText": "وَقَالُوْا لَوْلَا نُزِّلَ هٰذَا الْقُرْاٰنُ عَلٰی رَجُلٍ مِّنَ الْقَرْیَتَیْنِ عَظِیْمٍ ۟",
    "assameseTranslation": "সিহঁতে আৰু ক’লে, ‘এই কোৰআনখন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’?",
    "footnotes": "",
    "tafseer": "অস্বীকাৰকাৰী মুশ্বৰিকসকলে কয়ঃ আল্লাহে এই কোৰআনখন, মুহাম্মদৰ দৰে দৰিদ্ৰ তথা অনাথৰ ওপৰত অৱতীৰ্ণ কৰাৰ পৰিবৰ্তে মক্কা অথবা তায়েফৰ দুজন মহান ব্যক্তিৰ মাজৰ কোনো এজনৰ ওপৰত কিয় অৱতীৰ্ণ নকৰিলে?",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043031.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043031.mp3"
  },
  {
    "index": "32",
    "arabicText": "اَهُمْ یَقْسِمُوْنَ رَحْمَتَ رَبِّكَ ؕ نَحْنُ قَسَمْنَا بَیْنَهُمْ مَّعِیْشَتَهُمْ فِی الْحَیٰوةِ الدُّنْیَا وَرَفَعْنَا بَعْضَهُمْ فَوْقَ بَعْضٍ دَرَجٰتٍ لِّیَتَّخِذَ بَعْضُهُمْ بَعْضًا سُخْرِیًّا ؕ وَرَحْمَتُ رَبِّكَ خَیْرٌ مِّمَّا یَجْمَعُوْنَ ۟",
    "assameseTranslation": "সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বণ্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ, যাতে ইজনে সিজনক অধীনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতকৈও উৎকৃষ্ট।",
    "footnotes": "",
    "tafseer": "হে ৰাছুল! ইহঁতে আপোনাৰ প্ৰতিপালকৰ দয়া ভাগ-বতৰা কৰে নেকি যে, সিহঁতে যাক ইচ্ছা কৰিব প্ৰদান কৰিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব, নে আল্লাহে এইবোৰ ভাগ-বতৰা কৰে? নিশ্চয় সিহঁতৰ মাজত আমিয়েই পাৰ্থিৱ জীৱিকা বণ্টন কৰিছোঁ। সিহঁতৰ মাজৰ কিছুমানক ঐশৰ্যশীল বনাইছোঁ আৰু আন কিছুমানক বনাইছোঁ দৰিদ্ৰ। যাতে সিহঁতৰ মাজৰ কিছুমানে আন কিছুমানৰ অধীনত কাম কৰিব পাৰে। ইহঁতে ক্ষণস্থায়ী জীৱনৰ যিবোৰ সা-সামগ্ৰী সঞ্চয় কৰি আছে, এইবোৰতকৈ আখিৰাতত বান্দাসকলৰ প্ৰতি কৰা আপোনাৰ প্ৰতিপালকৰ দয়া বহু গুণে উত্তম।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043032.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043032.mp3"
  },
  {
    "index": "33",
    "arabicText": "وَلَوْلَاۤ اَنْ یَّكُوْنَ النَّاسُ اُمَّةً وَّاحِدَةً لَّجَعَلْنَا لِمَنْ یَّكْفُرُ بِالرَّحْمٰنِ لِبُیُوْتِهِمْ سُقُفًا مِّنْ فِضَّةٍ وَّمَعَارِجَ عَلَیْهَا یَظْهَرُوْنَ ۟ۙ",
    "assameseTranslation": "যদি সকলো মানুহ একেটা মতালম্বী হোৱাৰ আশংকা নাথাকিলহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফৰী কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰৌপ্য-নিৰ্মিত চাদ আৰু খটখটী দিলোঁহেঁতেন যাতে সিহঁতে আৰোহণ কৰে,",
    "footnotes": "",
    "tafseer": "যদি কুফৰীৰ প্ৰতি ঢাপলি মেলাৰ সম্ভাৱনা নাথাকিলহেঁতেন তেন্তে আমি আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলৰ ঘৰৰ চাদবোৰ ৰূপেৰে নিৰ্মিত কৰি দিলোঁহেঁতেন। তথা সিহঁতৰ বাবে চিৰিৰ ব্যৱস্থা কৰিলোঁহেঁতেন, যাৰ সহায়ত সিহঁতে আৰোহণ কৰিলেহেঁতেন।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043033.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043033.mp3"
  },
  {
    "index": "34",
    "arabicText": "وَلِبُیُوْتِهِمْ اَبْوَابًا وَّسُرُرًا عَلَیْهَا یَتَّكِـُٔوْنَ ۟ۙ",
    "assameseTranslation": "আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে,",
    "footnotes": "",
    "tafseer": "লগতে সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ নিৰ্মাণ কৰি দিলোঁহেঁতেন, আৰু আউজি বহিবলৈ আসন বনাই দিলোঁহেঁতেন। সিহঁতক অৱকাশ দিয়াৰ উদ্দেশ্যে তথা সিহঁতক পৰীক্ষা কৰিবলৈ এইবোৰ দিলোঁহেঁতেন।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043034.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043034.mp3"
  },
  {
    "index": "35",
    "arabicText": "وَزُخْرُفًا ؕ وَاِنْ كُلُّ ذٰلِكَ لَمَّا مَتَاعُ الْحَیٰوةِ الدُّنْیَا ؕ وَالْاٰخِرَةُ عِنْدَ رَبِّكَ لِلْمُتَّقِیْنَ ۟۠",
    "assameseTranslation": "আৰু (অনুৰূপ দিলোঁহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত হৈছে কেৱল মুত্তাক্বীসকলৰ বাবেহে।",
    "footnotes": "",
    "tafseer": "লগতে সোণেৰেও নিৰ্মিত কৰি দিলোঁহেঁতেন। দৰাচলতে এইবোৰ পাৰ্থিৱ সা-সুবিধাৰ বাহিৰে আন একো নহয়। এইবোৰৰ উপকাৰ একেবাৰে নগন্য, কিয়নো এইবোৰ হৈছে ক্ষণস্থায়ী। হে ৰাছুল! আখিৰাতৰ নিয়ামতবোৰ সেইসকল লোকৰ বাবে উৎকৃষ্ট, যিসকলে আল্লাহৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043035.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043035.mp3"
  },
  {
    "index": "36",
    "arabicText": "وَمَنْ یَّعْشُ عَنْ ذِكْرِ الرَّحْمٰنِ نُقَیِّضْ لَهٗ شَیْطٰنًا فَهُوَ لَهٗ قَرِیْنٌ ۟",
    "assameseTranslation": "আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয়, আমি তাৰ বাবে নিয়োজিত কৰোঁ এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।",
    "footnotes": "",
    "tafseer": "যিয়ে কোৰআনখন মনোযোগ সহকাৰে নপঢ়াকৈ ইয়াৰ পৰা বিমুখ হয়, শাস্তিস্বৰূপে সেই ব্যক্তিৰ ওপৰত এজন চয়তান নিযুক্ত কৰা হয়। সেই চয়তান সদায় তাৰ লগত থাকে আৰু তাৰ পথভ্ৰষ্টতা বৃদ্ধি কৰে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043036.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043036.mp3"
  },
  {
    "index": "37",
    "arabicText": "وَاِنَّهُمْ لَیَصُدُّوْنَهُمْ عَنِ السَّبِیْلِ وَیَحْسَبُوْنَ اَنَّهُمْ مُّهْتَدُوْنَ ۟",
    "assameseTranslation": "নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাবে।",
    "footnotes": "",
    "tafseer": "কোৰআনৰ পৰা বিমুখ হোৱা লোকসকলৰ ওপৰত নিযুক্ত কৰা চয়তানে সিহঁতক আল্লাহৰ দ্বীন পালন কৰিবলৈ বাধা দিয়ে। সেইকাৰণেই সিহঁতে আল্লাহৰ আদেশ পালন নকৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত নাথাকে। লগতে সিহঁতে ভাবে যে, সিহঁত হৈছে সত্যৰ ওপৰত পৰিচালিত। সেইকাৰণেই সিহঁতে নিজৰ পথভ্ৰষ্টতাৰ পৰা তাওবা নকৰে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043037.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043037.mp3"
  },
  {
    "index": "38",
    "arabicText": "حَتّٰۤی اِذَا جَآءَنَا قَالَ یٰلَیْتَ بَیْنِیْ وَبَیْنَكَ بُعْدَ الْمَشْرِقَیْنِ فَبِئْسَ الْقَرِیْنُ ۟",
    "assameseTranslation": "অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহি উপস্থিত হ’ব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলহেঁতেন!’ এতেকে কিমান নিকৃষ্ট সহচৰ সি!",
    "footnotes": "",
    "tafseer": "আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা এনেকুৱা ব্যক্তি যেতিয়া কিয়ামতৰ দিনা আমাৰ ওচৰলৈ আহি উপস্থিত হ’ব, তেতিয়া পৰিতাপ কৰি ক’বঃ হায়! হে সঙ্গী! তোমাৰ আৰু মোৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে দূৰত্ব হ’লহেঁতেন। তুমি মোৰ কিমান বেয়া সঙ্গী আছিলা!",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043038.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043038.mp3"
  },
  {
    "index": "39",
    "arabicText": "وَلَنْ یَّنْفَعَكُمُ الْیَوْمَ اِذْ ظَّلَمْتُمْ اَنَّكُمْ فِی الْعَذَابِ مُشْتَرِكُوْنَ ۟",
    "assameseTranslation": "আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে সীমালংঘন কৰিছিলা; নিশ্চয় তোমালোক আটায়ে হৈছা শাস্তিৰ অংশীদাৰ।",
    "footnotes": "",
    "tafseer": "কিয়ামতৰ দিনা আল্লাহে কাফিৰসকলক ক’বঃ আজি তোমালোকৰ এই অনুতাপে কোনো উপকাৰ নকৰিব, যিহেতু তোমালোকে শ্বিৰ্ক আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰিছা। তোমালোক উভয়ে হৈছা শাস্তিৰ যোগ্য। তোমালোকৰ অংশীদাৰসকলে তোমালোকৰ শাস্তিৰ এটা অংশও বহন নকৰিব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043039.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043039.mp3"
  },
  {
    "index": "40",
    "arabicText": "اَفَاَنْتَ تُسْمِعُ الصُّمَّ اَوْ تَهْدِی الْعُمْیَ وَمَنْ كَانَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟",
    "assameseTranslation": "তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে, আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক তুমি সৎপথত পৰিচালিত কৰিব পাৰিবানে?",
    "footnotes": "",
    "tafseer": "নিশ্চয় ইহঁত হৈছে বধিৰ, সত্য শুনা নাপায়, তথা সত্যক দেখাও নাপায়। এতেকে হে ৰাছুল! আপুনি বধিৰক শুনাব পাৰিবনে? অথবা অন্ধক পথ দেখাব পাৰিবনে? নাইবা স্পষ্ট পথভ্ৰষ্ট ব্যক্তিক সঠিক পথৰ হিদায়ত দিব পাৰিবনে?!",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043040.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043040.mp3"
  },
  {
    "index": "41",
    "arabicText": "فَاِمَّا نَذْهَبَنَّ بِكَ فَاِنَّا مِنْهُمْ مُّنْتَقِمُوْنَ ۟ۙ",
    "assameseTranslation": "এতেকে যদি আমি তোমাক ইয়াৰ পৰা আঁতৰাই লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লমেই;",
    "footnotes": "",
    "tafseer": "(হে ৰাছুল!) আপোনাক যদি আমি উঠায়ো লওঁ -অৰ্থাৎ সিহঁতক শাস্তি বিহাৰ পূৰ্বেই যদি আপোনাক মৃত্যু দিওঁ- তথাপিও আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম। পৃথিৱীতো আমি সিহঁতক শাস্তি বিহিম আৰু আখিৰাততো শাস্তি প্ৰদান কৰিম।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043041.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043041.mp3"
  },
  {
    "index": "42",
    "arabicText": "اَوْ نُرِیَنَّكَ الَّذِیْ وَعَدْنٰهُمْ فَاِنَّا عَلَیْهِمْ مُّقْتَدِرُوْنَ ۟",
    "assameseTranslation": "অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় সিহঁতৰ ওপৰত আমি পূৰ্ণ ক্ষমতাৱান।",
    "footnotes": "",
    "tafseer": "নাইবা সিহঁতক আমি যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, তাৰে এটা অংশ আপোনাক দেখাবও পাৰোঁ। নিশ্চয় আমি এই ক্ষেত্ৰত পূৰ্ণ সামৰ্থৱান। কোনো ক্ষেত্ৰতেই সিহঁতে আমাৰ মোকাবিলা কৰিব নোৱাৰে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043042.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043042.mp3"
  },
  {
    "index": "43",
    "arabicText": "فَاسْتَمْسِكْ بِالَّذِیْۤ اُوْحِیَ اِلَیْكَ ۚ اِنَّكَ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟",
    "assameseTranslation": "এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে, সেয়া তুমি দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।",
    "footnotes": "",
    "tafseer": "হে ৰাছুল! আপোনাৰ প্ৰতিপালকে আপোনালৈ যি অহী কৰিছে, সেইটোক আপুনি মজবুতভাৱে ধাৰণ কৰক তথা সেইমতে আমল কৰক। নিশ্চয় আপুনি সত্যৰ ওপৰত আছে, ইয়াত সন্দেহৰ কোনো অৱকাশ নাই।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043043.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043043.mp3"
  },
  {
    "index": "44",
    "arabicText": "وَاِنَّهٗ لَذِكْرٌ لَّكَ وَلِقَوْمِكَ ۚ وَسَوْفَ تُسْـَٔلُوْنَ ۟",
    "assameseTranslation": "নিশ্চয় এই কোৰআনখন হৈছে তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।",
    "footnotes": "",
    "tafseer": "নিশ্চয় এই কোৰআন আপোনাৰ বাবে আৰু আপোনাৰ উম্মতৰ বাবে হৈছে সন্মান। নিশ্চয় কিয়ামতৰ দিনা ইয়াৰ প্ৰতি ঈমান সম্পৰ্কে, ইয়াৰ দিশ-নিৰ্দেশনাৰ অনুসৰণ সম্পৰ্কে আৰু ইয়াৰ প্ৰতি আহ্বান সম্পৰ্কে আপোনালোকক সোধ-পোচ কৰা হ’ব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043044.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043044.mp3"
  },
  {
    "index": "45",
    "arabicText": "وَسْـَٔلْ مَنْ اَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رُّسُلِنَاۤ اَجَعَلْنَا مِنْ دُوْنِ الرَّحْمٰنِ اٰلِهَةً یُّعْبَدُوْنَ ۟۠",
    "assameseTranslation": "তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ মাজৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকক সুধি চোৱা, আমি পৰম কৰুণাময় (ৰহমান)ৰ বাহিৰে ইবাদত কৰিব পৰা আন কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলোঁ নেকি?",
    "footnotes": "",
    "tafseer": "হে ৰাছুল! আপুনি আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলকো সুধি চাব পাৰে, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা কোনো উপাস্য নিৰ্ধাৰণ কৰিছিলোঁ নেকি?!",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043045.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043045.mp3"
  },
  {
    "index": "46",
    "arabicText": "وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَاۤ اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَقَالَ اِنِّیْ رَسُوْلُ رَبِّ الْعٰلَمِیْنَ ۟",
    "assameseTranslation": "নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) এজন ৰাছুল’।",
    "footnotes": "",
    "tafseer": "নিশ্চয় আমি মুছাক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ প্ৰমুখসকলৰ ওচৰলৈ নিদৰ্শন সহকাৰে প্ৰেৰণ কৰিছিলোঁ, তেওঁ সিহঁতক কৈছিলঃ নিশ্চয় মই হৈছোঁ সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043046.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043046.mp3"
  },
  {
    "index": "47",
    "arabicText": "فَلَمَّا جَآءَهُمْ بِاٰیٰتِنَاۤ اِذَا هُمْ مِّنْهَا یَضْحَكُوْنَ ۟",
    "assameseTranslation": "এতেকে তেওঁ যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেইবোৰক লৈ উপহাস কৰিবলৈ ধৰিলে।",
    "footnotes": "",
    "tafseer": "কিন্তু তেওঁ যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ নিদৰ্শনসমূহ লৈ উপস্থিত হ'ল, তেতিয়া সিহঁতে তেওঁক ঠাট্টা-মস্কৰা তথা উপহাস কৰিবলৈ ধৰিলে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043047.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043047.mp3"
  },
  {
    "index": "48",
    "arabicText": "وَمَا نُرِیْهِمْ مِّنْ اٰیَةٍ اِلَّا هِیَ اَكْبَرُ مِنْ اُخْتِهَا ؗ وَاَخَذْنٰهُمْ بِالْعَذَابِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟",
    "assameseTranslation": "আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছোঁ সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ ডাঙৰ। আমি সিহঁতক শাস্তিৰ মাধ্যমত সতৰ্ক কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।",
    "footnotes": "",
    "tafseer": "আমি মুছা আলাইহিচ্ছালামৰ চৰীয়তৰ সত্যতা প্ৰমাণ কৰিবলৈ ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ প্ৰমুখসকলক যিবোৰ নিদৰ্শন দেখুৱাইছিলোঁ, সেইবোৰৰ প্ৰত্যেকটো নিদৰ্শন পূৰ্বৱৰ্তী নিদৰ্শনতকৈ ডাঙৰ আছিল। আমি সিহঁতক পৃথিৱীতেই শাস্তি বিহিছিলোঁ, যাতে সিহঁতে কুফৰীৰ পৰা বিৰত থাকে। কিন্তু ইয়াৰ কোনো সুফল নাছিল।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043048.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043048.mp3"
  },
  {
    "index": "49",
    "arabicText": "وَقَالُوْا یٰۤاَیُّهَ السّٰحِرُ ادْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِنْدَكَ ۚ اِنَّنَا لَمُهْتَدُوْنَ ۟",
    "assameseTranslation": "সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তোমাৰ প্ৰতিপালকে তোমাৰ লগত যিটো অংগীকাৰ কৰিছে, (সেইটো যদি পূৰণ হয় তেন্তে) নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।",
    "footnotes": "",
    "tafseer": "এতেকে সিহঁতে যেতিয়া কিছুমান শাস্তিৰ সন্মুখীন হ’ল, তেতিয়া সিহঁতে মুছা আলাইহিচ্ছালামক উদ্দেশ্যি ক’লেঃ হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা, যিহেতু তেওঁ প্ৰতিশ্ৰুতি দিছে যে, আমি ঈমান আনিলে তেওঁ আমাৰ পৰা এই শাস্তি উঠাই ল’ব। গতিকে তেওঁ যদি এই শাস্তি উঠাই লয় তেন্তে আমি তেওঁৰ প্ৰতি ঈমান আনিম।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043049.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043049.mp3"
  },
  {
    "index": "50",
    "arabicText": "فَلَمَّا كَشَفْنَا عَنْهُمُ الْعَذَابَ اِذَا هُمْ یَنْكُثُوْنَ ۟",
    "assameseTranslation": "তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা সেই শাস্তি আঁতৰাই নিলোঁ, তেতিয়াই সিহঁতে অংগীকাৰ ভংগ কৰিলে।",
    "footnotes": "",
    "tafseer": "কিন্তু যেতিয়া আমি সিহঁতৰ পৰা শাস্তি উঠাই ল’লোঁ, তেতিয়া সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰিলে আৰু কথা দি কথা নাৰাখিলে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043050.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043050.mp3"
  },
  {
    "index": "51",
    "arabicText": "وَنَادٰی فِرْعَوْنُ فِیْ قَوْمِهٖ قَالَ یٰقَوْمِ اَلَیْسَ لِیْ مُلْكُ مِصْرَ وَهٰذِهِ الْاَنْهٰرُ تَجْرِیْ مِنْ تَحْتِیْ ۚ اَفَلَا تُبْصِرُوْنَ ۟ؕ",
    "assameseTranslation": "আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয়নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে নেদেখা নেকি?",
    "footnotes": "",
    "tafseer": "ফিৰআউনে শাসনৰ নিচাত মতলীয়া হৈ প্ৰজাসকলক সম্বোধন কৰি ক’লেঃ হে মোৰ জাতিৰ লোকসকল! মিচৰৰ শাসনভাৰ মোৰ হাতত নহয় জানো? তথা নীল নদীৰ পৰা মোৰ অট্টালিকাৰ তলদেশেৰে বৈ অহা এই নৈবোৰ মোৰ সাম্ৰাজ্যৰ অন্তৰ্গত নহয় জানো? তোমালোকে মোৰ সাম্ৰাজ্য দেখা নোপোৱা নেকি? তথা মোৰ মহানতা তোমালোকে চিনি নোপোৱা নেকি?",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043051.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043051.mp3"
  },
  {
    "index": "52",
    "arabicText": "اَمْ اَنَا خَیْرٌ مِّنْ هٰذَا الَّذِیْ هُوَ مَهِیْنٌ ۙ۬ وَّلَا یَكَادُ یُبِیْنُ ۟",
    "assameseTranslation": "‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয়নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈও প্ৰায় অক্ষম!",
    "footnotes": "",
    "tafseer": "নিশ্চয় মই মুছাতকৈ উত্তম। সি হৈছে বিতাৰিত, দুৰ্বল, যিয়ে ভালকৈ কথাও ক’ব নোৱাৰে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043052.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043052.mp3"
  },
  {
    "index": "53",
    "arabicText": "فَلَوْلَاۤ اُلْقِیَ عَلَیْهِ اَسْوِرَةٌ مِّنْ ذَهَبٍ اَوْ جَآءَ مَعَهُ الْمَلٰٓىِٕكَةُ مُقْتَرِنِیْنَ ۟",
    "assameseTranslation": "‘(তেওঁ যদি সঁচাই নবী) তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহ'ল কিয়, অথবা তেওঁৰ সৈতে ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’?",
    "footnotes": "",
    "tafseer": "যদি এওঁ সঁচাই প্ৰেৰিত ৰাছুল হ’লহেঁতেন, তেন্তে এওঁক প্ৰেৰণ কৰা আল্লাহে এওঁৰ ওপৰত সোণৰ খাৰু অৱতীৰ্ণ নকৰিলে কিয়? যাৰ ফলত এই কথা স্পষ্ট হৈ গ’লহেঁতেন যে, তেওঁ আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। অথবা তেওঁৰ ওচৰলৈ ধাৰাবাহিকভাৱে ফিৰিস্তা কিয় নাহে?",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043053.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043053.mp3"
  },
  {
    "index": "54",
    "arabicText": "فَاسْتَخَفَّ قَوْمَهٗ فَاَطَاعُوْهُ ؕ اِنَّهُمْ كَانُوْا قَوْمًا فٰسِقِیْنَ ۟",
    "assameseTranslation": "এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথাকে মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।",
    "footnotes": "",
    "tafseer": "এইদৰে ফিৰআউনে তাৰ সম্প্ৰদায়ক প্ৰতাৰণা কৰিলে, আৰু মানুহেও তাৰ এই বিভ্ৰান্তিমূলক কথাত বিশ্বাস কৰিলে। নিশ্চয় সিহঁত আছিল আল্লাহৰ অবাধ্যতাকাৰী লোক।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043054.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043054.mp3"
  },
  {
    "index": "55",
    "arabicText": "فَلَمَّاۤ اٰسَفُوْنَا انْتَقَمْنَا مِنْهُمْ فَاَغْرَقْنٰهُمْ اَجْمَعِیْنَ ۟ۙ",
    "assameseTranslation": "তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলোঁ আৰু সিহঁত আটাইকে ডুবাই মাৰিলোঁ।",
    "footnotes": "",
    "tafseer": "এতেকে কুফৰীৰ ওপৰত অবিচল থাকি সিহঁতে যেতিয়া আমাক ক্ৰোধান্বিত কৰিলে, তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লোঁ, আৰু সিহঁত আটাইকে ডুবাই মাৰিলোঁ।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043055.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043055.mp3"
  },
  {
    "index": "56",
    "arabicText": "فَجَعَلْنٰهُمْ سَلَفًا وَّمَثَلًا لِّلْاٰخِرِیْنَ ۟۠",
    "assameseTranslation": "ফলত আমি সিহঁতক পৰৱৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলোঁ।",
    "footnotes": "",
    "tafseer": "ফলত আমি ফিৰআউন আৰু তাৰ জাতিৰ প্ৰমুখসকলক অতীত ইতিহাসত পৰিণত কৰিলোঁ, আপোনাৰ উম্মতৰ কাফিৰসকলে সিহঁতৰেই পদচিহ্ন অনুসৰণ কৰি আছে। আমি সিহঁতক শিক্ষা গ্ৰহণ কৰা লোকসকলৰ বাবে দৃষ্টান্ত বনাইছোঁ। যাতে সিহঁতৰ দৰে কৰ্মৰ পৰা বিৰত থাকিব পাৰে, অন্যথা সিহঁতৰ দৰেই শাস্তি ভোগ কৰিব লাগিব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043056.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043056.mp3"
  },
  {
    "index": "57",
    "arabicText": "وَلَمَّا ضُرِبَ ابْنُ مَرْیَمَ مَثَلًا اِذَا قَوْمُكَ مِنْهُ یَصِدُّوْنَ ۟",
    "assameseTranslation": "আৰু যেতিয়াই মাৰয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকসকলে চিঞৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।",
    "footnotes": "",
    "tafseer": "যেতিয়া মুশ্বৰিকসকলে এই ধাৰণা পোষণ কৰিলে যে, খৃষ্টানসকলে উপাসনা কৰা ঈছা আলাইহিচ্ছালামো এই আয়াতৰ অন্তৰ্ভুক্ত, য’ত আল্লাহ তাআলাই কৈছেঃ “নিশ্চয় তোমালোক আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ উপাসনা কৰা, সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন, তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা”। (ছুৰা আম্বিয়া) কিয়নো আল্লাহে তেওঁৰ ইবাদত কৰিবলৈও নিষেধ কৰিছে, যিদৰে মূৰ্ত্তিবোৰৰ উপাসনা নিষেধ কৰিছে। হে ৰাছুল! এই আয়াত শুনাৰ লগে লগে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে আনন্দিত হৈ হুলস্থূল কৰিবলৈ ধৰিলে আৰু ক’লেঃ আমি বিচাৰোঁ ঈছা আলাইহিচ্ছালামৰ স্থানত আপুনি আমাৰ উপাস্য হওক। সিহঁতৰ এই আচৰণ দেখি আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ “নিশ্চয় আমাৰ ফালৰ পৰা যিসকলৰ বাবে পূৰ্বৰে পৰা কল্যাণ নিৰ্ধাৰিত আছে, তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব”। (ছুৰা আম্বিয়া)",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043057.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043057.mp3"
  },
  {
    "index": "58",
    "arabicText": "وَقَالُوْۤا ءَاٰلِهَتُنَا خَیْرٌ اَمْ هُوَ ؕ مَا ضَرَبُوْهُ لَكَ اِلَّا جَدَلًا ؕ بَلْ هُمْ قَوْمٌ خَصِمُوْنَ ۟",
    "assameseTranslation": "আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত হৈছে এটা কলহপ্ৰিয় সম্প্ৰদায়।",
    "footnotes": "",
    "tafseer": "সিহঁতে কয়ঃ আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা আলাইহিচ্ছালাম শ্ৰেষ্ঠ? দৰাচলতে জিবআৰীৰ পুত্ৰ আৰু তাৰ দৰে লোকসকলে এইবোৰ উদাহৰণ সত্য উদ্ঘাটন কৰিবলৈ দিয়া নাই, বৰং বাক-বিতণ্ডা কৰাৰ উদ্দেশ্যেহে উত্থাপন কৰিছে। প্ৰকৃততে সিহঁত হৈছে স্বভাৱগতভাৱে বিতণ্ডাপ্ৰিয়।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043058.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043058.mp3"
  },
  {
    "index": "59",
    "arabicText": "اِنْ هُوَ اِلَّا عَبْدٌ اَنْعَمْنَا عَلَیْهِ وَجَعَلْنٰهُ مَثَلًا لِّبَنِیْۤ اِسْرَآءِیْلَ ۟ؕ",
    "assameseTranslation": "তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলোঁ আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে নিদৰ্শন বনাইছিলোঁ।",
    "footnotes": "",
    "tafseer": "মৰিয়মৰ পুত্ৰ ঈছা আলাইহিচ্ছালাম হৈছে আল্লাহৰ এজন বান্দা। আমি তেওঁক নুবুওৱত আৰু ৰিছালত প্ৰদান কৰিছোঁ। আদমক যিদৰে আমি পিতা মাতা নোহোৱাকৈ সৃষ্টি কৰিছিলোঁ, ঠিক সেইদৰে আমি ঈছাকো পিতা নোহোৱাকৈ সৃষ্টি কৰি বনী ইছৰাঈলৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ, যাতে সিহঁতে ইয়াৰ দ্বাৰা মোৰ ক্ষমতাৰ অনুমান ল’ব পাৰে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043059.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043059.mp3"
  },
  {
    "index": "60",
    "arabicText": "وَلَوْ نَشَآءُ لَجَعَلْنَا مِنْكُمْ مَّلٰٓىِٕكَةً فِی الْاَرْضِ یَخْلُفُوْنَ ۟",
    "assameseTranslation": "আৰু আমি যদি ইচ্ছা কৰিলোঁহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোঁহেঁতেন, যিসকলে পৃথিৱীৰ উত্তৰাধিকাৰী হ’লহেঁতেন।",
    "footnotes": "",
    "tafseer": "হে আদম সন্তান! আমি তোমালোকক ধ্বংস কৰিব বিচাৰিলে নিশ্চয় ধ্বংস কৰিব পাৰিম, আৰু তোমালোকৰ পৰিবৰ্তে ফিৰিস্তাসকলক আনি পৃথিৱীত তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰোঁ। তেওঁলোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰিব, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043060.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043060.mp3"
  },
  {
    "index": "61",
    "arabicText": "وَاِنَّهٗ لَعِلْمٌ لِّلسَّاعَةِ فَلَا تَمْتَرُنَّ بِهَا وَاتَّبِعُوْنِ ؕ هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟",
    "assameseTranslation": "আৰু নিশ্চয় ঈছা হৈছে কিয়ামতৰ এটা নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই হৈছে সৰল পথ।",
    "footnotes": "",
    "tafseer": "নিশ্চয় ঈছা আলাইহিচ্ছালাম হৈছে কিয়ামতৰ অন্যতম এটা ডাঙৰ প্ৰতীক, যেতিয়া তেওঁ সৰ্বশেষ যামানাত অৱতৰণ কৰিব। গতিকে কিয়ামত যে অৱশ্যম্ভাৱী এই কথাত তোমালোকে কেতিয়াও সন্দেহ পোষণ নকৰিবা। বৰং তোমালোকে মোৰ সেই দিশ নিৰ্দেশনাৰ অনুসৰণ কৰা, যিটো মই আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ আনিছোঁ। মই লৈ অহা এই চৰীয়তটোৱে হৈছে সঠিক, যিটোৰ মাজত কোনো ধৰণৰ বক্ৰতা নাই।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043061.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043061.mp3"
  },
  {
    "index": "62",
    "arabicText": "وَلَا یَصُدَّنَّكُمُ الشَّیْطٰنُ ۚ اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟",
    "assameseTranslation": "চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।",
    "footnotes": "",
    "tafseer": "চয়তানে যাতে তোমালোকক প্ৰতাৰণা কৰি বিভ্ৰান্ত কৰিব নোৱাৰে। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043062.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043062.mp3"
  },
  {
    "index": "63",
    "arabicText": "وَلَمَّا جَآءَ عِیْسٰی بِالْبَیِّنٰتِ قَالَ قَدْ جِئْتُكُمْ بِالْحِكْمَةِ وَلِاُبَیِّنَ لَكُمْ بَعْضَ الَّذِیْ تَخْتَلِفُوْنَ فِیْهِ ۚ فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟",
    "assameseTranslation": "আৰু ঈছাই যেতিয়া স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ ওচৰলৈ হিকমত লৈ আহিছোঁ আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছিলা সেইবোৰ বিষয়ক স্পষ্ট কৰিবলৈ আহিছোঁ। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।",
    "footnotes": "",
    "tafseer": "ঈছা আলাইহিচ্ছালাম যেতিয়া তেওঁৰ জাতিৰ ওচৰলৈ ৰাছুল হোৱাৰ স্পষ্ট প্ৰমাণ লৈ আহিল, আৰু সিহঁতক ক’লেঃ নিশ্চয় মই তোমালোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিকমত লৈ আহিছোঁ। লগতে তোমালোকে দ্বীন সম্পৰ্কীয় যিবোৰ বিষয়ত মতভেদ কৰিছা, সেইবোৰ স্পষ্ট কৰিবলৈ আহিছোঁ। গতিকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। লগতে মই তোমালোকক যি আদেশ দিওঁ আৰু যিবোৰ বিষয়ৰ পৰা তোমালোকক নিষেধ কৰোঁ সেই ক্ষেত্ৰত তোমালোকে মোৰ অনুসৰণ কৰা।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043063.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043063.mp3"
  },
  {
    "index": "64",
    "arabicText": "اِنَّ اللّٰهَ هُوَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟",
    "assameseTranslation": "‘নিশ্চয় আল্লাহ, তেৱেঁই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই হৈছে সৰল পথ’।",
    "footnotes": "",
    "tafseer": "নিশ্চয় আল্লাহেই হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই। গতিকে নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই ইবাদত কৰা। এই তাওহীদেই হৈছে সঠিক পথ, ইয়াত কোনো ধৰণৰ বক্ৰতা নাই।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043064.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043064.mp3"
  },
  {
    "index": "65",
    "arabicText": "فَاخْتَلَفَ الْاَحْزَابُ مِنْ بَیْنِهِمْ ۚ فَوَیْلٌ لِّلَّذِیْنَ ظَلَمُوْا مِنْ عَذَابِ یَوْمٍ اَلِیْمٍ ۟",
    "assameseTranslation": "তথাপিও সিহঁতৰ মাজৰ বিভিন্ন দলে মতানৈক্য সৃষ্টি কৰিছিল, সেয়ে যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ দুৰ্ভোগ!",
    "footnotes": "",
    "tafseer": "খৃষ্টানসকলৰ বিভিন্ন গোটে ঈছা আলাইহিচ্ছালামৰ বিষয়ে মতভেদ সৃষ্টি কৰিছিল। সিহঁতৰ মাজৰ কিছুমানে কয়ঃ তেওঁ হৈছে উপাস্য, আৰু কিছুমানে কয়ঃ তেওঁ হৈছে আল্লাহৰ পুত্ৰ। আন কিছুমানে কয়ঃ তেওঁ আৰু তেওঁৰ মাতৃ হৈছে উপাসনাৰ যোগ্য। গতিকে সেইসকল লোকৰ বাবে বিনাশ অনিবাৰ্য্য, যিসকলে ঈছা আলাইহিচ্ছালামক উপাস্য অথবা পুত্ৰ নাইবা তিনি উপাস্যৰ এজন বুলি কৈ নিজৰ ওপৰত অন্যায় কৰিছে। এতেকে কিয়ামতৰ দিনা সিহঁতৰ অপেক্ষাত আছে কষ্টদায়ক শাস্তি।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043065.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043065.mp3"
  },
  {
    "index": "66",
    "arabicText": "هَلْ یَنْظُرُوْنَ اِلَّا السَّاعَةَ اَنْ تَاْتِیَهُمْ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟",
    "assameseTranslation": "সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।",
    "footnotes": "",
    "tafseer": "ঈছা আলাইহিচ্ছালামৰ বিষয়ে বিভেদ সৃষ্টি কৰা এই লোকসকলে কিয়ামতৰ আকস্মিক আগমনৰ অপেক্ষাত আছে নেকি? এনেকুৱা হ’লে (সেইটো যেতিয়া আহিব তেতিয়া) সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব। লগতে জানি থোৱা! যদি সিহঁত কুফৰীত থকা অৱস্থাতে কিয়ামত আহি পায় তেন্তে সিহঁতৰ পৰিণাম হ’ব কষ্টদায়ক শাস্তি।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043066.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043066.mp3"
  },
  {
    "index": "67",
    "arabicText": "اَلْاَخِلَّآءُ یَوْمَىِٕذٍ بَعْضُهُمْ لِبَعْضٍ عَدُوٌّ اِلَّا الْمُتَّقِیْنَ ۟ؕ۠",
    "assameseTranslation": "সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।",
    "footnotes": "",
    "tafseer": "কুফৰ তথা পথভ্ৰষ্টতাৰ ভিত্তিত মিত্ৰতা কৰা লোকসকলে কিয়ামতৰ দিনা ইজনে সিজনৰ শত্ৰুত পৰিণত হ’ব। পক্ষান্তৰে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা লোকসকলৰ মিত্ৰতা সদায় অৱশিষ্ট থাকিব, কেতিয়াও সমাপ্ত নহ’ব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043067.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043067.mp3"
  },
  {
    "index": "68",
    "arabicText": "یٰعِبَادِ لَا خَوْفٌ عَلَیْكُمُ الْیَوْمَ وَلَاۤ اَنْتُمْ تَحْزَنُوْنَ ۟ۚ",
    "assameseTranslation": "হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।",
    "footnotes": "",
    "tafseer": "আল্লাহে তেওঁলোকক ক’বঃ হে মোৰ বান্দাসকল! আজিৰ পৰা তোমালোকৰ ভৱিষ্যতে সন্মুখীন হ’বলগীয়া বিষয়বোৰকলৈ কোনো চিন্তা নাই। আনহাতে পৃথিৱীত এৰি থৈ অহা সা-সামগ্ৰী সম্পৰ্কেও কোনো দুখ নাথাকিব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043068.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043068.mp3"
  },
  {
    "index": "69",
    "arabicText": "اَلَّذِیْنَ اٰمَنُوْا بِاٰیٰتِنَا وَكَانُوْا مُسْلِمِیْنَ ۟ۚ",
    "assameseTranslation": "যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম,",
    "footnotes": "",
    "tafseer": "যিসকলে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰতি ঈমান পোষণ কৰে তথা কোৰআন মুতাবিক আমল কৰে, তেওঁলোকেই আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043069.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043069.mp3"
  },
  {
    "index": "70",
    "arabicText": "اُدْخُلُوا الْجَنَّةَ اَنْتُمْ وَاَزْوَاجُكُمْ تُحْبَرُوْنَ ۟",
    "assameseTranslation": "(তেওঁলোকক কোৱা হ'ব) তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকলে আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।",
    "footnotes": "",
    "tafseer": "আপুনি আৰু আপোনাৰ দৰে মুমিনসকলে জান্নাতত প্ৰৱেশ কৰক। নিশ্চয় আপোনালোকে জান্নাতৰ চিৰস্থায়ী নিয়ামতৰ দ্বাৰা আনন্দিত হ’ব, যিবোৰ নিয়ামত কেতিয়াও শেষ নহ’ব আৰু বিচ্ছিন্নও নহ’ব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043070.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043070.mp3"
  },
  {
    "index": "71",
    "arabicText": "یُطَافُ عَلَیْهِمْ بِصِحَافٍ مِّنْ ذَهَبٍ وَّاَكْوَابٍ ۚ وَفِیْهَا مَا تَشْتَهِیْهِ الْاَنْفُسُ وَتَلَذُّ الْاَعْیُنُ ۚ وَاَنْتُمْ فِیْهَا خٰلِدُوْنَ ۟ۚ",
    "assameseTranslation": "সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত সেই সকলো বস্তু উপলব্ধ থাকিব যিবোৰ মনে বিচাৰে আৰু যিবোৰ দেখিলে চকু তৃপ্ত হয়, আৰু তাত তোমালোকে স্থায়ী হ’বা।",
    "footnotes": "",
    "tafseer": "তেওঁলোকৰ সেৱকসকলে সোণৰ পাত্ৰ আৰু পিয়লা লৈ তেওঁলোকৰ মাজত ঘূৰি থাকিব। জান্নাতত সেই সকলো বস্তু উপলব্ধ থাকিব, যিবোৰ তেওঁলোকৰ মনে বিচাৰিব তথা যিবোৰ দেখি তেওঁলোকে আনন্দিত হ’ব। (শুনা!) তাত তোমালোকে চিৰকাল বসবাস কৰিবা। তাৰ পৰা ওলোৱাৰ কেতিয়াও প্ৰয়োজন নহ’ব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043071.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043071.mp3"
  },
  {
    "index": "72",
    "arabicText": "وَتِلْكَ الْجَنَّةُ الَّتِیْۤ اُوْرِثْتُمُوْهَا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟",
    "assameseTranslation": "এইটোৱেই হৈছে জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, কাৰণ তোমালোকে আমল কৰিছিলা।",
    "footnotes": "",
    "tafseer": "তোমালোকৰ সন্মুখত বৰ্ণনা কৰা সেইখনেই হৈছে জান্নাত, আল্লাহে নিজ অনুগ্ৰহত আৰু তোমালোকৰ কৰ্মৰ ভিত্তিত তোমালোকক সেইখনৰ উত্তৰাধিকাৰী বনাব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043072.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043072.mp3"
  },
  {
    "index": "73",
    "arabicText": "لَكُمْ فِیْهَا فَاكِهَةٌ كَثِیْرَةٌ مِّنْهَا تَاْكُلُوْنَ ۟",
    "assameseTranslation": "তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে আহাৰ কৰিবা।",
    "footnotes": "",
    "tafseer": "তোমালোকৰ বাবে তাত থাকিব অসংখ্য ফল-মূল। যিবোৰ কেতিয়াও সমাপ্ত নহ’ব। তোমালোকে সেইবোৰ ভক্ষণ কৰিবা।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043073.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043073.mp3"
  },
  {
    "index": "74",
    "arabicText": "اِنَّ الْمُجْرِمِیْنَ فِیْ عَذَابِ جَهَنَّمَ خٰلِدُوْنَ ۟ۚۖ",
    "assameseTranslation": "নিশ্চয় অপৰাধীবিলাকে স্থায়ীভাৱে জাহান্নামৰ শাস্তি ভোগ কৰিব;",
    "footnotes": "",
    "tafseer": "নিশ্চয় কুফৰী আৰু পাপকৰ্ম কৰা অপৰাধীসকলে কিয়ামতৰ দিনা জাহান্নামত শাস্তি ভোগ কৰিব। আৰু সিহঁতে তাত চিৰকাল থাকিব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043074.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043074.mp3"
  },
  {
    "index": "75",
    "arabicText": "لَا یُفَتَّرُ عَنْهُمْ وَهُمْ فِیْهِ مُبْلِسُوْنَ ۟ۚ",
    "assameseTranslation": "সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।",
    "footnotes": "",
    "tafseer": "সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহ’ব, আৰু সিহঁতে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰিব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043075.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043075.mp3"
  },
  {
    "index": "76",
    "arabicText": "وَمَا ظَلَمْنٰهُمْ وَلٰكِنْ كَانُوْا هُمُ الظّٰلِمِیْنَ ۟",
    "assameseTranslation": "আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলোঁ, বৰং সিহঁত নিজেই আছিল যালিম।",
    "footnotes": "",
    "tafseer": "সিহঁতক জাহান্নামত নিক্ষেপ কৰি আমি সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিলোঁ। বৰং কুফৰী কৰি সিহঁতে নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043076.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043076.mp3"
  },
  {
    "index": "77",
    "arabicText": "وَنَادَوْا یٰمٰلِكُ لِیَقْضِ عَلَیْنَا رَبُّكَ ؕ قَالَ اِنَّكُمْ مّٰكِثُوْنَ ۟",
    "assameseTranslation": "সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে মালিক (জাহান্নামৰ প্ৰহৰী ফিৰিস্তা)! (আপুনি আমাৰ ফালৰ পৰা আবেদন কৰকচোন) আপোনাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে (চিৰকাল) থাকিব লাগিব’।",
    "footnotes": "",
    "tafseer": "সিহঁতে জাহান্নামৰ প্ৰহৰী মালিকক আহ্বান কৰি ক’বঃ হে মালিক! তোমাৰ প্ৰতিপালকে আমাক নিঃশেষ কৰি দিয়া উচিত, যাতে আমি শাস্তিৰ পৰা ৰক্ষা পাওঁ। তেতিয়া মালিকে সিহঁতক প্ৰত্যুত্তৰ দি ক’বঃ তোমালোকে চিৰকাল এই শাস্তিতেই থাকিব লাগিব, ইয়াত তোমালোকৰ কেতিয়াও মৃত্যু নহ’ব। তথা তোমালোকৰ পৰা শাস্তিও উঠাই লোৱা নহ’ব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043077.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043077.mp3"
  },
  {
    "index": "78",
    "arabicText": "لَقَدْ جِئْنٰكُمْ بِالْحَقِّ وَلٰكِنَّ اَكْثَرَكُمْ لِلْحَقِّ كٰرِهُوْنَ ۟",
    "assameseTranslation": "(আল্লাহে ক’ব,) ‘নিশ্চয় আমি তোমালোকক সত্য অৱগত কৰোৱাইছিলোঁ, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।",
    "footnotes": "",
    "tafseer": "পৃথিৱীত আমি তোমালোকৰ ওচৰলৈ সত্য আনিছিলোঁ, যি সত্যৰ মাজত কোনো ধৰণৰ সন্দেহ নাছিল। কিন্তু তোমালোকৰ মাজৰ অধিকাংশ লোকেই সত্যক অপছন্দ কৰিছিল।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043078.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043078.mp3"
  },
  {
    "index": "79",
    "arabicText": "اَمْ اَبْرَمُوْۤا اَمْرًا فَاِنَّا مُبْرِمُوْنَ ۟ۚ",
    "assameseTranslation": "সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।",
    "footnotes": "",
    "tafseer": "সিহঁতে যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰুদ্ধে কোনো চক্ৰান্ত কৰে, তথা কোনো ষড়যন্ত্ৰ ৰচে তেন্তে আমি সিহঁতৰ ষড়যন্ত্ৰতকৈও ডাঙৰ কৌশল অৱলম্বন কৰিম।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043079.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043079.mp3"
  },
  {
    "index": "80",
    "arabicText": "اَمْ یَحْسَبُوْنَ اَنَّا لَا نَسْمَعُ سِرَّهُمْ وَنَجْوٰىهُمْ ؕ بَلٰی وَرُسُلُنَا لَدَیْهِمْ یَكْتُبُوْنَ ۟",
    "assameseTranslation": "অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু গোপন পৰামৰ্শ শুনিবলৈ নাপাওঁ? নিশ্চয় শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকলে দেখোন সিহঁতৰ ওচৰতে থাকি লিখে।",
    "footnotes": "",
    "tafseer": "সিহঁতে ধাৰণা কৰে নেকি যে, আমি সিহঁতৰ অন্তৰত থকা গোপন বিষয়বোৰ নাজানো তথা সিহঁতে ইজনে সিজনৰ লগত কৰা গোপন পৰামৰ্শবোৰ আমি শুনা নাপাওঁ? নিশ্চয় আমি সিহঁতৰ সকলো বিষয়ে অৱগত তথা সেইবোৰ শুনা পাওঁ। আনকি সিহঁতৰ ওচৰত নিযুক্ত ফিৰিস্তাসকলেও সিহঁতৰ প্ৰতিটো আমল লিপিবদ্ধ কৰি ৰাখে।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043080.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043080.mp3"
  },
  {
    "index": "81",
    "arabicText": "قُلْ اِنْ كَانَ لِلرَّحْمٰنِ وَلَدٌ ۖۗ فَاَنَا اَوَّلُ الْعٰبِدِیْنَ ۟",
    "assameseTranslation": "কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতকাৰী হ’লোঁহেঁতেন;",
    "footnotes": "",
    "tafseer": "হে ৰাছুল! যিসকলে আল্লাহৰ কন্যা সন্তান আছে বুলি ধাৰণা কৰে, আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহ সিহঁতৰ এনেকুৱা ধাৰণাৰ পৰা অতি ঊৰ্দ্ধত। আল্লাহৰ কোনো সন্তানেই নাই। আল্লাহ এনেকুৱা বিষয়ৰ পৰা পৰিস্কাৰ তথা পৱিত্ৰ। আল্লাহক ইবাদত কৰা লোকসকলৰ মাজৰ আগশাৰীৰ ইবাদতকাৰী হৈছোঁ মই, তথা তেওঁৰ পৱিত্ৰতা ঘোষণা কৰাৰ ক্ষেত্ৰতো মই হৈছোঁ প্ৰথমশাৰীৰ।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043081.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043081.mp3"
  },
  {
    "index": "82",
    "arabicText": "سُبْحٰنَ رَبِّ السَّمٰوٰتِ وَالْاَرْضِ رَبِّ الْعَرْشِ عَمَّا یَصِفُوْنَ ۟",
    "assameseTranslation": "সিহঁতে যিবোৰ বিষয় আৰোপ কৰে সেইবোৰৰ পৰা আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক তথা মহা আৰছৰ অধিপতি (মহান আল্লাহ) অতি পৱিত্ৰ-মহান।",
    "footnotes": "",
    "tafseer": "আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক তথা মহাসিংহাসনৰ প্ৰতিপালক আল্লাহ তাআলা হৈছে মুশ্বৰিকসকলে সম্পৃক্ত কৰা অংশীদাৰৰ পৰা, স্ত্ৰী আৰু সন্তান আদিৰ পৰা অতি পৱিত্ৰ।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043082.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043082.mp3"
  },
  {
    "index": "83",
    "arabicText": "فَذَرْهُمْ یَخُوْضُوْا وَیَلْعَبُوْا حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ یُوْعَدُوْنَ ۟",
    "assameseTranslation": "এতেকে সিহঁতক যিটো দিৱসৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া।",
    "footnotes": "",
    "tafseer": "হে ৰাছুল! আপুনি সিহঁতক বাতিলৰ মাজতে পৰি থাকিবলৈ দিয়ক, সিহঁত খেল-ধেমালিতে মতলীয়া হৈ থাকক। অৱশেষত নিশ্চয় সিহঁতে সেই প্ৰতিশ্ৰুতি দিয়া দিৱসৰ সন্মুখীন হ’ব অৰ্থাৎ কিয়ামত দিৱসৰ।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043083.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043083.mp3"
  },
  {
    "index": "84",
    "arabicText": "وَهُوَ الَّذِیْ فِی السَّمَآءِ اِلٰهٌ وَّفِی الْاَرْضِ اِلٰهٌ ؕ وَهُوَ الْحَكِیْمُ الْعَلِیْمُ ۟",
    "assameseTranslation": "তেৱেঁই সত্য ইলাহ আকাশত, আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।",
    "footnotes": "",
    "tafseer": "তেৱেঁই সত্য উপাস্য আকাশত, আৰু তেৱেঁই সত্য উপাস্য পৃথিৱীত। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, যোগান ধৰাৰ ক্ষেত্ৰত তথা পৰিচালনাত মহাপ্ৰজ্ঞাৱান। বান্দাসকলৰ পৰিস্থিতি সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043084.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043084.mp3"
  },
  {
    "index": "85",
    "arabicText": "وَتَبٰرَكَ الَّذِیْ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ۚ وَعِنْدَهٗ عِلْمُ السَّاعَةِ ۚ وَاِلَیْهِ تُرْجَعُوْنَ ۟",
    "assameseTranslation": "আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু। কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই আছে, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।",
    "footnotes": "",
    "tafseer": "আল্লাহ মহা বৰকতময়, একমাত্ৰ তেওঁৰ হাততেই আছে আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ ৰাজত্ব। কিয়ামত কেতিয়া সংঘটিত হ’ব, ইয়াৰ সঠিক জ্ঞানো একমাত্ৰ তেওঁৰ ওচৰতেই আছে। তেওঁৰ বাহিৰে কোনেও নাজানে। আখিৰাতত হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043085.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043085.mp3"
  },
  {
    "index": "86",
    "arabicText": "وَلَا یَمْلِكُ الَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِهِ الشَّفَاعَةَ اِلَّا مَنْ شَهِدَ بِالْحَقِّ وَهُمْ یَعْلَمُوْنَ ۟",
    "assameseTranslation": "আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও চুপাৰিছৰ অধিকাৰী হ’ব নোৱাৰে, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।",
    "footnotes": "",
    "tafseer": "মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সেইবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰাৰ কোনো ক্ষমতা নাৰাখে। কিন্তু যিয়ে জানি বুজি এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁৰ বিষয়টো সুকীয়া। যেনেঃ ঈছা, উঝাইৰ আৰু ফিৰিস্তাসকল।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043086.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043086.mp3"
  },
  {
    "index": "87",
    "arabicText": "وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَهُمْ لَیَقُوْلُنَّ اللّٰهُ فَاَنّٰی یُؤْفَكُوْنَ ۟ۙ",
    "assameseTranslation": "আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’?তেন্তে সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?",
    "footnotes": "",
    "tafseer": "যদি আপুনি সিহঁতক সোধে যে, সিহঁতক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁতে ক’বঃ আল্লাহেই আমাক সৃষ্টি কৰিছে। এই স্বীকাৰোক্তিৰ পিছতো সিহঁতে আল্লাহৰ ইবাদতৰ পৰা কেনেকৈ বিমুখ হয়?",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043087.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043087.mp3"
  },
  {
    "index": "88",
    "arabicText": "وَقِیْلِهٖ یٰرَبِّ اِنَّ هٰۤؤُلَآءِ قَوْمٌ لَّا یُؤْمِنُوْنَ ۟ۘ",
    "assameseTranslation": "আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে ঈমান পোষণ নকৰিব’।",
    "footnotes": "",
    "tafseer": "পৱিত্ৰ আল্লাহৰ ওচৰত ৰাছুলৰ অভিযোগ সম্পৰ্কে পূৰ্ণ জ্ঞান আছে যে, তেওঁৰ সম্প্ৰদায়ে কিদৰে তেওঁক অস্বীকাৰ কৰিছে। এইদৰে তেওঁৰ এই দুআ সম্পৰ্কেও অৱগত যে, হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁতে সেই বাৰ্তাৰ প্ৰতি ঈমান পোষণ নকৰিব, যি বাৰ্তা প্ৰদান কৰি তুমি মোক প্ৰেৰণ কৰিছা।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043088.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043088.mp3"
  },
  {
    "index": "89",
    "arabicText": "فَاصْفَحْ عَنْهُمْ وَقُلْ سَلٰمٌ ؕ فَسَوْفَ یَعْلَمُوْنَ ۟۠",
    "assameseTranslation": "এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।",
    "footnotes": "",
    "tafseer": "গতিকে আপুনি সিহঁতক উপেক্ষা কৰক। সিহঁতৰ লগত এনেকুৱা কথা কওক, যাৰ দ্বাৰা সিহঁতৰ অনিষ্টৰ পৰা ৰক্ষা পোৱা সম্ভৱ। (এই আদেশ মক্কাত থকা অৱস্থাত দিয়া হৈছিল।) শীঘ্ৰেই সিহঁতে সন্মুখীন হ’বলগীয়া শাস্তি সম্পৰ্কে অৱগত হ’ব।",
    "recitationAudioUrl": "https://everyayah.com/data/Ghamadi_40kbps/043089.mp3",
    "translationAudioUrl": "https://d.quranenc.com/data/audio/assamese_rafeeq/043089.mp3"
  }
]