[{"index":"1","arabicText":"حٰمٓ ۟ۚۛ","assameseTranslation":"হা-মীম।[1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044001.mp3"},{"index":"2","arabicText":"وَالْكِتٰبِ الْمُبِیْنِ ۟ۙۛ","assameseTranslation":"শপত সুস্পষ্ট কিতাবৰ!","footnotes":"","tafseer":"আল্লাহে কোৰআনৰ শপত খাইছে, যিখন গ্ৰন্থই হিদায়তৰ পথ স্পষ্ট কৰি সত্যৰ পথ দেখুৱায়। ","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044002.mp3"},{"index":"3","arabicText":"اِنَّاۤ اَنْزَلْنٰهُ فِیْ لَیْلَةٍ مُّبٰرَكَةٍ اِنَّا كُنَّا مُنْذِرِیْنَ ۟","assameseTranslation":"নিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।","footnotes":"","tafseer":"নিশ্চয় আমি এই কোৰআন সন্মানিত ৰাতিত অৱতীৰ্ণ কৰিছোঁ। যি ৰাতিত আছে অসংখ্য কল্যাণ। নিশ্চয় আমি এই কোৰআনৰ মাধ্যমত সতৰ্ক কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044003.mp3"},{"index":"4","arabicText":"فِیْهَا یُفْرَقُ كُلُّ اَمْرٍ حَكِیْمٍ ۟ۙ","assameseTranslation":"সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,","footnotes":"","tafseer":"এই ৰাতিতেই জীৱিকা আৰু আয়ু সম্বন্ধীয় সেই বছৰৰ সকলো গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044004.mp3"},{"index":"5","arabicText":"اَمْرًا مِّنْ عِنْدِنَا ؕ اِنَّا كُنَّا مُرْسِلِیْنَ ۟ۚ","assameseTranslation":"আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণ কৰোঁ।","footnotes":"","tafseer":"আমি আমাৰ ফালৰ পৰাই প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰোঁ। নিশ্চয় আমিয়েই ৰাছুলসকলক প্ৰেৰণ কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044005.mp3"},{"index":"6","arabicText":"رَحْمَةً مِّنْ رَّبِّكَ ؕ اِنَّهٗ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟ۙ","assameseTranslation":"তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ,","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমত হিচাপে ৰাছুলসকলক সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। নিশ্চয় পৱিত্ৰ আল্লাহে তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণ কৰে, তথা তেওঁ সিহঁতৰ কৰ্ম আৰু নিয়্যত সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044006.mp3"},{"index":"7","arabicText":"رَبِّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ۘ اِنْ كُنْتُمْ مُّوْقِنِیْنَ ۟","assameseTranslation":"তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।","footnotes":"","tafseer":"তেৱেঁই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰে প্ৰতিপালক। যদি তোমালোকে এইটো বিশ্বাস কৰা তেন্তে মোৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044007.mp3"},{"index":"8","arabicText":"لَاۤ اِلٰهَ اِلَّا هُوَ یُحْیٖ وَیُمِیْتُ ؕ رَبُّكُمْ وَرَبُّ اٰبَآىِٕكُمُ الْاَوَّلِیْنَ ۟","assameseTranslation":"তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক।","footnotes":"","tafseer":"তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে। তেওঁৰ বাহিৰে কোনো জীৱন প্ৰদানকাৰী তথা মৃত্যু প্ৰদানকাৰী নাই। তেৱেঁই তোমালোকৰ আৰু তোমালোকৰ পিতৃপুৰুষসকলৰ প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044008.mp3"},{"index":"9","arabicText":"بَلْ هُمْ فِیْ شَكٍّ یَّلْعَبُوْنَ ۟","assameseTranslation":"বৰং সিহঁতে সন্দেহৰ বশৱৰ্তী হৈ খেল-ধেমালি কৰি আছে।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে কেতিয়াও ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিব, বৰং ইহঁতে এই বিষয়ত সন্দেহত পতিত হৈ আছে। বাতিলৰ কাৰণে সিহঁতে অমনোযোগী হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044009.mp3"},{"index":"10","arabicText":"فَارْتَقِبْ یَوْمَ تَاْتِی السَّمَآءُ بِدُخَانٍ مُّبِیْنٍ ۟ۙ","assameseTranslation":"এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ,","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আপোনাৰ উম্মতৰ প্ৰতি শীঘ্ৰেই আহিবলগীয়া শাস্তিৰ অপেক্ষা কৰক, যিদিনা আকাশৰ পৰা পোনপটীয়াকৈ ধোঁৱা নামি আহিব। ভোকৰ তাড়নাত সিহঁতে নিজ চকুৰে সেয়া দেখিবলৈ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044010.mp3"},{"index":"11","arabicText":"یَّغْشَی النَّاسَ ؕ هٰذَا عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"সেই ধোঁৱাই মানুহকো আবৃত কৰি পেলাব।এইটো হ’ব যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"এই শাস্তিয়ে আপোনাৰ গোটেই উম্মতক আবৃত কৰিব। আৰু সিহঁতক কোৱা হ’বঃ তোমালোকক স্পৰ্শ কৰা এই শাস্তি হৈছে কষ্টদায়ক শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044011.mp3"},{"index":"12","arabicText":"رَبَّنَا اكْشِفْ عَنَّا الْعَذَابَ اِنَّا مُؤْمِنُوْنَ ۟","assameseTranslation":"(তেতিয়া সিহঁতে ক’ব) ‘হে আমাৰ প্ৰতিপালক! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’।","footnotes":"","tafseer":"তেতিয়া সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত বিনীতভাৱে প্ৰাৰ্থনা কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত অৱতীৰ্ণ কৰা এই শাস্তি আমাৰ পৰা আঁতৰাই দিয়া। যদি তুমি এই শাস্তি আমাৰ পৰা আঁতৰাই দিয়া তেন্তে নিশ্চয় আমি তোমাৰ প্ৰতি আৰু তোমাৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044012.mp3"},{"index":"13","arabicText":"اَنّٰی لَهُمُ الذِّكْرٰی وَقَدْ جَآءَهُمْ رَسُوْلٌ مُّبِیْنٌ ۟ۙ","assameseTranslation":"ক’ত সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰলৈ এজন স্পষ্ট ৰাছুল আহিছিল;","footnotes":"","tafseer":"কেনেকৈ সিহঁতে উপদেশ গ্ৰহণ কৰিব তথা নিজ প্ৰতিপালকৰ নৈকট্য অৱলম্বন কৰিব, অথচ সিহঁতৰ ওচৰলৈ স্পষ্ট বাৰ্তা লৈ এজন ৰাছুল প্ৰেৰিত হৈছিল, যাৰ সত্যতা আৰু বিশ্বস্ততা সম্পৰ্কে তেওঁলোকে অৱগত আছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044013.mp3"},{"index":"14","arabicText":"ثُمَّ تَوَلَّوْا عَنْهُ وَقَالُوْا مُعَلَّمٌ مَّجْنُوْنٌ ۟ۘ","assameseTranslation":"তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন প্ৰশিক্ষণপ্ৰাপ্ত উন্মাদ’।","footnotes":"","tafseer":"তাৰ পিছত সিহঁতে তেওঁক মানিবলৈ অস্বীকাৰ কৰিছিল, আৰু তেওঁৰ বিষয়ে কৈছিলঃ এওঁ ৰাছুল নহয়, বৰং এওঁ হৈছে প্ৰশিক্ষণপ্ৰাপ্ত এজন ব্যক্তি, যাক কোনোবাই এইবোৰ শিকাইছে। তেওঁৰ বিষয়ে সিহঁতে এই কথাও কৈছিল যে, তেওঁ হৈছে এজন উন্মাদ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044014.mp3"},{"index":"15","arabicText":"اِنَّا كَاشِفُوا الْعَذَابِ قَلِیْلًا اِنَّكُمْ عَآىِٕدُوْنَ ۟ۘ","assameseTranslation":"আমি অলপ সময়ৰ কাৰণে যদি শাস্তি ৰহিত কৰি দিওঁ তেন্তে নিশ্চয় তোমালোকে তোমালোকৰ পূৰ্বাৱস্থালৈ উভতি যাবা।","footnotes":"","tafseer":"কিছু সময়ৰ বাবে যেতিয়া আমি তোমালোকৰ পৰা শাস্তি উঠাই লম, নিশ্চয় তোমালোকে আকৌ সেই কুফৰী আৰু অস্বীকাৰ কৰা স্বভাৱলৈ ঘূৰি যাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044015.mp3"},{"index":"16","arabicText":"یَوْمَ نَبْطِشُ الْبَطْشَةَ الْكُبْرٰی ۚ اِنَّا مُنْتَقِمُوْنَ ۟","assameseTranslation":"যিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা আমি নিশ্চয় প্ৰতিশোধ লম।","footnotes":"","tafseer":"হে ৰাছুল! সিহঁতৰ বিষয়ে আপুনি সেই দিৱসৰ অপেক্ষা কৰক, যিদিনা আপোনাৰ সম্প্ৰদায়ৰ কাফিৰসকলক কঠিন বিপদৰ মুখামুখি কৰিম (অৰ্থাৎ বদৰৰ দিনা)। নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছে আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044016.mp3"},{"index":"17","arabicText":"وَلَقَدْ فَتَنَّا قَبْلَهُمْ قَوْمَ فِرْعَوْنَ وَجَآءَهُمْ رَسُوْلٌ كَرِیْمٌ ۟ۙ","assameseTranslation":"আৰু ইহঁতৰ আগতেও আমি ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলোঁ আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল,","footnotes":"","tafseer":"সিহঁতৰ পূৰ্বে আমি ফিৰআউন সম্প্ৰদায়কো পৰীক্ষা কৰিছিলোঁ। সিহঁতৰ ওচৰলৈও সন্মানিত ৰাছুল প্ৰেৰিত হৈছিল, তেৱোঁ সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰিছিল। তেওঁ আছিল মুছা আলাইহিচ্ছালাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044017.mp3"},{"index":"18","arabicText":"اَنْ اَدُّوْۤا اِلَیَّ عِبَادَ اللّٰهِ ؕ اِنِّیْ لَكُمْ رَسُوْلٌ اَمِیْنٌ ۟ۙ","assameseTranslation":"(তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক (বনী ইছৰাঈলক) মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।","footnotes":"","tafseer":"মুছা আলাইহিচ্ছালামে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক কৈছিলঃ বনী ইছৰাঈলক মোৰ সৈতে যাবলৈ দিয়া। কাৰণ তেওঁলোক হৈছে আল্লাহৰ বান্দা। তেওঁলোকক দাসত পৰিণত কৰি ৰাখিবলৈ তোমাৰ কোনো অধিকাৰ নাই। নিশ্চয় মই তোমালোকৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। মোক যি বাৰ্তা পৌঁচাবলৈ আদেশ দিয়া হৈছে, সেই ক্ষেত্ৰত নিশ্চয় মই হৈছোঁ এজন বিশ্বস্ত ব্যক্তি। সেই বাৰ্তাত অলপো কম বেছি নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044018.mp3"},{"index":"19","arabicText":"وَّاَنْ لَّا تَعْلُوْا عَلَی اللّٰهِ ؕ اِنِّیْۤ اٰتِیْكُمْ بِسُلْطٰنٍ مُّبِیْنٍ ۟ۚ","assameseTranslation":"‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ লৈ আহিম।","footnotes":"","tafseer":"তোমালোকে আল্লাহৰ ইবাদত ত্যাগ কৰি আৰু তেওঁৰ বান্দাসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি অহংকাৰ নকৰিবা। নিশ্চয় মই তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ লৈ আহিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044019.mp3"},{"index":"20","arabicText":"وَاِنِّیْ عُذْتُ بِرَبِّیْ وَرَبِّكُمْ اَنْ تَرْجُمُوْنِ ۟ؗ","assameseTranslation":"‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ।","footnotes":"","tafseer":"নিশ্চয় মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ প্ৰস্তৰঘাতৰ পৰা আশ্ৰয় বিচাৰিছোঁ। তেওঁ তোমালোকৰো প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044020.mp3"},{"index":"21","arabicText":"وَاِنْ لَّمْ تُؤْمِنُوْا لِیْ فَاعْتَزِلُوْنِ ۟","assameseTranslation":"‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।","footnotes":"","tafseer":"যদি তোমালোকে মই লৈ অহা বাৰ্তাক বিশ্বাস নকৰা, তেন্তে মোক এৰি দিয়া, মোক অনিষ্ট কৰাৰ উদ্দেশ্যে মোৰ ওচৰলৈ নাহিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044021.mp3"},{"index":"22","arabicText":"فَدَعَا رَبَّهٗۤ اَنَّ هٰۤؤُلَآءِ قَوْمٌ مُّجْرِمُوْنَ ۟","assameseTranslation":"তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লে, ‘নিশ্চয় ইহঁত হৈছে এটা অপৰাধী সম্প্ৰদায়’।","footnotes":"","tafseer":"এতেকে মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ এই লোকসকল অৰ্থাৎ ফিৰআউন আৰু তাৰ মন্ত্ৰীসকল হৈছে অপৰাধী। দৰাচলতে সিহঁত হৈছে শীঘ্ৰেই শাস্তি পোৱাৰ যোগ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044022.mp3"},{"index":"23","arabicText":"فَاَسْرِ بِعِبَادِیْ لَیْلًا اِنَّكُمْ مُّتَّبَعُوْنَ ۟ۙ","assameseTranslation":"(আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’।","footnotes":"","tafseer":"ফলত আল্লাহে মুছা আলাইহিচ্ছালামক নিৰ্দেশ দিলে যে, আপুনি ৰাতিৰ ভিতৰতে আপোনাৰ সম্প্ৰদায়ক লগতলৈ ইয়াৰ পৰা গুচি যাওক। তেওঁক এই কথাও জনাই দিছিল যে, ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে তেওঁলোকক খেদি যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044023.mp3"},{"index":"24","arabicText":"وَاتْرُكِ الْبَحْرَ رَهْوًا ؕ اِنَّهُمْ جُنْدٌ مُّغْرَقُوْنَ ۟","assameseTranslation":"‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত এনেকুৱা এটা বাহিনী যিসকলে ডুবি মৰিব’।","footnotes":"","tafseer":"লগতে তেওঁক এই আদেশও প্ৰদান কৰিলে যে, যেতিয়া তেওঁ আৰু বনী ইছৰাঈলে সাগৰ পাৰ কৰিব, তেতিয়া সাগৰখনক যেন সেই অৱস্থাতে এৰি দিয়ে। নিশ্চয় ফিৰআউন আৰু তাৰ সেনাবাহিনীয়ে সাগৰত ডুবি মৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044024.mp3"},{"index":"25","arabicText":"كَمْ تَرَكُوْا مِنْ جَنّٰتٍ وَّعُیُوْنٍ ۟ۙ","assameseTranslation":"সিহঁতে পিছফালে এৰি থৈ গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন,","footnotes":"","tafseer":"ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে নিজৰ পিছফালে কিমান যে ধুনীয়া ধুনীয়া বাগান আৰু প্ৰবাহিত নিজৰা এৰি থৈ আহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044025.mp3"},{"index":"26","arabicText":"وَّزُرُوْعٍ وَّمَقَامٍ كَرِیْمٍ ۟ۙ","assameseTranslation":"শস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান,","footnotes":"","tafseer":"কিমান যে খেতি-বাতি আৰু সুৰম্য বৈঠকস্থল এৰি থৈ আহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044026.mp3"},{"index":"27","arabicText":"وَّنَعْمَةٍ كَانُوْا فِیْهَا فٰكِهِیْنَ ۟ۙ","assameseTranslation":"আৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল।","footnotes":"","tafseer":"সিহঁতে নিজৰ পিছফালে কিমান যে সুখ-সামগ্ৰী এৰি থৈ আহিছিল, যিবোৰ সিহঁতে ভোগ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044027.mp3"},{"index":"28","arabicText":"كَذٰلِكَ ۫ وَاَوْرَثْنٰهَا قَوْمًا اٰخَرِیْنَ ۟","assameseTranslation":"এনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলোঁ এটা বেলেগ সম্প্ৰদায়ক।","footnotes":"","tafseer":"এইদৰেই সেই ঘটনা সংঘটিত হৈছিল যিটো তোমালোকৰ সন্মুখত ইতিমধ্যে বৰ্ণনা কৰা হৈছে। সিহঁতৰ এই বাগান, প্ৰস্ৰৱন, খেতি-পথাৰ আৰু অট্টালিকাবোৰৰ উত্তৰাধিকাৰী আমি অন্য এটা সম্প্ৰদায়ক অৰ্থাৎ বনী ইছৰাঈলক কৰি দিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044028.mp3"},{"index":"29","arabicText":"فَمَا بَكَتْ عَلَیْهِمُ السَّمَآءُ وَالْاَرْضُ وَمَا كَانُوْا مُنْظَرِیْنَ ۟۠","assameseTranslation":"এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশপ্ৰাপ্তও নাছিল।","footnotes":"","tafseer":"ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক যেতিয়া সাগৰত ডুবাই ধ্বংস কৰা হৈছিল তেতিয়া আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে আফচোচ কৰা নাছিল। আনকি সিহঁতক তাওবা কৰাৰো অৱকাশ দিয়া হোৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044029.mp3"},{"index":"30","arabicText":"وَلَقَدْ نَجَّیْنَا بَنِیْۤ اِسْرَآءِیْلَ مِنَ الْعَذَابِ الْمُهِیْنِ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলোঁ,","footnotes":"","tafseer":"নিশ্চয় আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। কিয়নো ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে তেওঁলোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু কন্যা সন্তানক জীৱিত এৰি দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044030.mp3"},{"index":"31","arabicText":"مِنْ فِرْعَوْنَ ؕ اِنَّهٗ كَانَ عَالِیًا مِّنَ الْمُسْرِفِیْنَ ۟","assameseTranslation":"(উদ্ধাৰ কৰিছিলোঁ) ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ মাজত শীৰ্ষস্থানীয়।","footnotes":"","tafseer":"আমি সিহঁতক ফিৰআউনৰ শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। নিশ্চয় ফিৰআউন আছিল এজন অহংকাৰী তথা আল্লাহৰ দ্বীন উলংঘাকাৰী ব্যক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044031.mp3"},{"index":"32","arabicText":"وَلَقَدِ اخْتَرْنٰهُمْ عَلٰی عِلْمٍ عَلَی الْعٰلَمِیْنَ ۟ۚ","assameseTranslation":"আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলোঁ।","footnotes":"","tafseer":"নিশ্চয় আমি বনী ইছৰাঈলক জানি বুজি সেই সময়ৰ লোকসকলৰ ওপৰত প্ৰাধান্য দিছিলোঁ। কাৰণ তেওঁলোকৰ মাজত বহুতো নবী প্ৰেৰণ কৰা হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044032.mp3"},{"index":"33","arabicText":"وَاٰتَیْنٰهُمْ مِّنَ الْاٰیٰتِ مَا فِیْهِ بَلٰٓؤٌا مُّبِیْنٌ ۟","assameseTranslation":"আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলোঁ, য’ত আছিল সুস্পষ্ট পৰীক্ষা;","footnotes":"","tafseer":"আমি তেওঁলোকক মুছা আলাইহিচ্ছালামৰ সমৰ্থনত এনেকুৱা দলিল-প্ৰমাণ দিছিলোঁ, যিবোৰ মান্না আৰু ছালৱাৰ দৰে স্পষ্ট নিয়ামত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044033.mp3"},{"index":"34","arabicText":"اِنَّ هٰۤؤُلَآءِ لَیَقُوْلُوْنَ ۟ۙ","assameseTranslation":"নিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে,","footnotes":"","tafseer":"নিশ্চয় এই অস্বীকাৰকাৰী মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰি ক’বঃ","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044034.mp3"},{"index":"35","arabicText":"اِنْ هِیَ اِلَّا مَوْتَتُنَا الْاُوْلٰی وَمَا نَحْنُ بِمُنْشَرِیْنَ ۟","assameseTranslation":"‘আমাৰ প্ৰথম মৃত্যুই হৈছে একমাত্ৰ মৃত্যু, আমি আৰু কেতিয়াও পুনৰুত্থিত নহওঁ।","footnotes":"","tafseer":"আমাক কেৱল এবাৰেই মৃত্যু প্ৰদান কৰা হ’ব, ইয়াৰ পিছত আৰু কোনো জীৱন নাই। এই মৃত্যুৰ পিছত আমাক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044035.mp3"},{"index":"36","arabicText":"فَاْتُوْا بِاٰبَآىِٕنَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক উপস্থিত কৰাচোন’।","footnotes":"","tafseer":"হে মুহাম্মদ! তুমি আৰু তোমাৰ অনুসাৰীসকলে যদি নিজৰ এই দাবীত সত্যবাদী যে, আল্লাহে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব তেন্তে আমাৰ পিতৃ-পুৰুষসকলক জীৱিত কৰি আনাচোন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044036.mp3"},{"index":"37","arabicText":"اَهُمْ خَیْرٌ اَمْ قَوْمُ تُبَّعٍ ۙ وَّالَّذِیْنَ مِنْ قَبْلِهِمْ ؕ اَهْلَكْنٰهُمْ ؗ اِنَّهُمْ كَانُوْا مُجْرِمِیْنَ ۟","assameseTranslation":"(কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাক অস্বীকাৰ কৰা এই মুশ্বৰিকসকল, শক্তি আৰু নিয়ামতৰ ক্ষেত্ৰত অধিক উত্তম নে তুব্বা সম্প্ৰদায় অধিক উত্তম? তথা সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা লোকসকল যেনেঃ আদ আৰু ছামূদ সম্প্ৰদায়। সেই সকলোকে আমি ধ্বংস কৰিছোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044037.mp3"},{"index":"38","arabicText":"وَمَا خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَا لٰعِبِیْنَ ۟","assameseTranslation":"আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই;","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলো বস্তু আমি খেল-ধেমালিৰ বাবে সৃষ্টি কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044038.mp3"},{"index":"39","arabicText":"مَا خَلَقْنٰهُمَاۤ اِلَّا بِالْحَقِّ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছোঁ, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।","footnotes":"","tafseer":"প্ৰকৃততে আমি আকাশমণ্ডল আৰু পৃথিৱীক এটা হিকমত সহকাৰে সৃষ্টি কৰিছোঁ। কিন্তু অধিকাংশ মুশ্বৰিকে বিষয়টো নাজানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044039.mp3"},{"index":"40","arabicText":"اِنَّ یَوْمَ الْفَصْلِ مِیْقَاتُهُمْ اَجْمَعِیْنَ ۟ۙ","assameseTranslation":"নিশ্চয় মীমাংসাৰ দিন সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে কিয়ামতৰ দিনা বান্দাসকলৰ মাজত বিচাৰ কৰিব, সেইদিনা আল্লাহে সকলো সৃষ্টিকে একত্ৰিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044040.mp3"},{"index":"41","arabicText":"یَوْمَ لَا یُغْنِیْ مَوْلًی عَنْ مَّوْلًی شَیْـًٔا وَّلَا هُمْ یُنْصَرُوْنَ ۟ۙ","assameseTranslation":"সেইদিনা এজন বন্ধুৱে আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ও নাপাব।","footnotes":"","tafseer":"সেইদিনা কোনো আত্মীয়ই কোনো আত্মীয়ক আৰু কোনো বন্ধুৱে কোনো বন্ধুক উপকাৰ কৰিব নোৱাৰিব। সিহঁতে আল্লাহৰ শাস্তিক প্ৰতিৰোধো কৰিব নোৱাৰিব। কিয়নো সেইদিনা ক্ষমতা থাকিব একমাত্ৰ আল্লাহৰ হাতত। কোনেও তেওঁক প্ৰত্যাহ্বান জনাব নোৱাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044041.mp3"},{"index":"42","arabicText":"اِلَّا مَنْ رَّحِمَ اللّٰهُ ؕ اِنَّهٗ هُوَ الْعَزِیْزُ الرَّحِیْمُ ۟۠","assameseTranslation":"কিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁৰ বাহিৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু।","footnotes":"","tafseer":"কিন্তু সেই ব্যক্তিৰ বিষয়টো সুকীয়া, যাৰ প্ৰতি আল্লাহে ৰহমত কৰিব। কিয়নো তেওঁ নিজৰ সৎকৰ্মৰ দ্বাৰা উপকৃত হ’ব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অত্যন্ত দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044042.mp3"},{"index":"43","arabicText":"اِنَّ شَجَرَتَ الزَّقُّوْمِ ۟ۙ","assameseTranslation":"নিশ্চয় যাক্কূম গছ হ’ব,","footnotes":"","tafseer":"নিশ্চয় আল্লাহে জাহান্নামৰ গভীৰত ঝাক্কুম গছ উৎপন্ন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044043.mp3"},{"index":"44","arabicText":"طَعَامُ الْاَثِیْمِ ۟","assameseTranslation":"পাপীৰ খাদ্য,","footnotes":"","tafseer":"সেইবোৰ হ’ব মহা পাপীসকলৰ খাদ্য। অৰ্থাৎ কাফিৰসকলক এই নিকৃষ্ট ফল খাবলৈ দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044044.mp3"},{"index":"45","arabicText":"كَالْمُهْلِ ۛۚ یَغْلِیْ فِی الْبُطُوْنِ ۟ۙ","assameseTranslation":"গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব,","footnotes":"","tafseer":"এই ফল দেখাত ক’লা ৰঙৰ তেলৰ দৰে হ’ব। যিটো সিহঁতৰ পেটত প্ৰচণ্ড গৰমত উতলিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044045.mp3"},{"index":"46","arabicText":"كَغَلْیِ الْحَمِیْمِ ۟","assameseTranslation":"উতলি থকা গৰম পানীৰ দৰে।","footnotes":"","tafseer":"যিদৰে গৰম পানী উতলি উঠে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044046.mp3"},{"index":"47","arabicText":"خُذُوْهُ فَاعْتِلُوْهُ اِلٰی سَوَآءِ الْجَحِیْمِ ۟ۗۖ","assameseTranslation":"(কোৱা হ’ব) ‘তাক ধৰা আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত,","footnotes":"","tafseer":"জাহান্নামৰ প্ৰহৰীক কোৱা হ’বঃ ইয়াক কৰায়ত্ত কৰা আৰু কঠোৰভাৱে ধৰি জাহান্নামৰ ভিতৰত নিক্ষেপ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044047.mp3"},{"index":"48","arabicText":"ثُمَّ صُبُّوْا فَوْقَ رَاْسِهٖ مِنْ عَذَابِ الْحَمِیْمِ ۟ؕ","assameseTranslation":"‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানী ঢালি শাস্তি দিয়া’,","footnotes":"","tafseer":"তথা এই শাস্তিপ্ৰাপ্ত ব্যক্তিৰ মূৰত উতলা পানী ঢালি দিয়া। সি কেতিয়াও শাস্তিৰ পৰা ৰক্ষা নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044048.mp3"},{"index":"49","arabicText":"ذُقْ ۙۚ اِنَّكَ اَنْتَ الْعَزِیْزُ الْكَرِیْمُ ۟","assameseTranslation":"(কোৱা হ’ব, এতিয়া) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত আছিলা!","footnotes":"","tafseer":"তাক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এই কষ্টদায়ক শাস্তি ভোগ কৰা। নিশ্চয় তুমি প্ৰভাৱশালী আছিলা, তোমাৰ জাতিৰ ভিতৰত তোমাৰ মান-সন্মানৰ অভাৱ নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044049.mp3"},{"index":"50","arabicText":"اِنَّ هٰذَا مَا كُنْتُمْ بِهٖ تَمْتَرُوْنَ ۟","assameseTranslation":"‘নিশ্চয় এইটোৱেই হৈছে সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।","footnotes":"","tafseer":"নিশ্চয় কিয়ামতৰ দিনা হ’বলগীয়া এই শাস্তিৰ বিষয়ে তোমালোকে সন্দেহ পোষণ কৰিছিলা। গতিকে ইয়াক নিজ চকুৰে চোৱাৰ পিছত নিশ্চয় এতিয়া তোমালোকৰ সন্দেহ দূৰ হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044050.mp3"},{"index":"51","arabicText":"اِنَّ الْمُتَّقِیْنَ فِیْ مَقَامٍ اَمِیْنٍ ۟ۙ","assameseTranslation":"নিশ্চয় মুত্তাক্বীসকল থাকিব নিৰাপদ স্থানত,","footnotes":"","tafseer":"নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলে প্ৰত্যেক অপ্ৰিয় বস্তুৰ পৰা সুৰক্ষিত আৰু নিশ্চিন্তভাৱে অৱস্থান কৰিব,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044051.mp3"},{"index":"52","arabicText":"فِیْ جَنّٰتٍ وَّعُیُوْنٍ ۟ۚۙ","assameseTranslation":"‘উদ্যান আৰু ঝৰ্ণাসমূহত,","footnotes":"","tafseer":"উদ্যানসমূহত আৰু জলপ্ৰপাতসমূহৰ মাজত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044052.mp3"},{"index":"53","arabicText":"یَّلْبَسُوْنَ مِنْ سُنْدُسٍ وَّاِسْتَبْرَقٍ مُّتَقٰبِلِیْنَ ۟ۚۙ","assameseTranslation":"তেওঁলোকে পৰিধান কৰিব মিহি আৰু মোটা ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব।","footnotes":"","tafseer":"তেওঁলোকে জান্নাতত পাতল আৰু মোটা ৰেচম কাপোৰ ব্যৱহাৰ কৰিব। ইজনে সিজনৰ মুখামুখি আসনত বহিব। কোনেও কাৰো পিছফালে নবহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044053.mp3"},{"index":"54","arabicText":"كَذٰلِكَ ۫ وَزَوَّجْنٰهُمْ بِحُوْرٍ عِیْنٍ ۟ؕ","assameseTranslation":"এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকক বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত,","footnotes":"","tafseer":"যিদৰে জান্নাতত আমি তেওঁলোকক এইবোৰ নিয়ামত প্ৰদান কৰিম, ঠিক সেইদৰে আমি তেওঁলোকক এনেকুৱা নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰাম, যিসকল হ’ব ডাঙৰ চকুবিশিষ্টা। তেওঁলোকৰ চকুৰ বগা অংশখিনিও প্ৰশস্ত থাকিব আৰু ক’লা অংশখিনিও প্ৰশস্ত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044054.mp3"},{"index":"55","arabicText":"یَدْعُوْنَ فِیْهَا بِكُلِّ فَاكِهَةٍ اٰمِنِیْنَ ۟ۙ","assameseTranslation":"তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ ক'ব।","footnotes":"","tafseer":"তেওঁলোকে তাত সেৱকসকলৰ দ্বাৰা যি ইচ্ছা কৰিব সেই ফল তলব কৰিব পাৰিব। ফল সমাপ্ত হোৱাৰো তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু কোনো ক্ষতি হোৱাৰো আশংকা নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044055.mp3"},{"index":"56","arabicText":"لَا یَذُوْقُوْنَ فِیْهَا الْمَوْتَ اِلَّا الْمَوْتَةَ الْاُوْلٰی ۚ وَوَقٰىهُمْ عَذَابَ الْجَحِیْمِ ۟ۙ","assameseTranslation":"প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেৱেঁই তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব,","footnotes":"","tafseer":"তেওঁলোকে তাত চিৰকাল থাকিব। পাৰ্থিৱ জীৱনৰ মৃত্যুৰ বাহিৰে তেওঁলোকে তাত কোনো মৃত্যুৰ সোৱাদ নাপাব। আল্লাহে তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044056.mp3"},{"index":"57","arabicText":"فَضْلًا مِّنْ رَّبِّكَ ؕ ذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟","assameseTranslation":"(এইটো হৈছে) তোমাৰ প্ৰতিপালকৰ এটা অনুগ্ৰহ, এইটোৱেই হৈছে মহা সফলতা।","footnotes":"","tafseer":"এইটো হৈছে তেওঁলোকৰ ওপৰত তেওঁলোকৰ প্ৰতিপালকৰ অনুগ্ৰহ তথা উপকাৰ। জান্নাতত প্ৰৱেশ আৰু জাহান্নামৰ পৰা মুক্তিয়ে হৈছে মহা সফলতা। এই সফলতাৰ কোনো তুলনা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044057.mp3"},{"index":"58","arabicText":"فَاِنَّمَا یَسَّرْنٰهُ بِلِسَانِكَ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟","assameseTranslation":"এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতি এই কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰি সহজ-সৰল কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044058.mp3"},{"index":"59","arabicText":"فَارْتَقِبْ اِنَّهُمْ مُّرْتَقِبُوْنَ ۟۠","assameseTranslation":"এতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।","footnotes":"","tafseer":"গতিকে আপুনি আপোনাৰ বিজয় আৰু সিহঁতৰ ধ্বংসৰ অপেক্ষা কৰক। নিশ্চয় সিহঁতেও আপোনাৰ বিনাশৰ অপেক্ষাত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/044059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/044059.mp3"}]