[{"index":"1","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُقَدِّمُوْا بَیْنَ یَدَیِ اللّٰهِ وَرَسُوْلِهٖ وَاتَّقُوا اللّٰهَ ؕ اِنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟","assameseTranslation":"হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ'বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! কোনো কথা অথবা কৰ্মত আল্লাহ আৰু তেওঁৰ ৰাছুলতকৈ আগুৱাই নাযাবা। আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহে তোমালোকৰ কথাবোৰ শুনে আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে তেওঁ সৰ্বজ্ঞ। একোৱেই তেওঁৰ আয়ত্তৰ বাহিৰত নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049001.mp3"},{"index":"2","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَرْفَعُوْۤا اَصْوَاتَكُمْ فَوْقَ صَوْتِ النَّبِیِّ وَلَا تَجْهَرُوْا لَهٗ بِالْقَوْلِ كَجَهْرِ بَعْضِكُمْ لِبَعْضٍ اَنْ تَحْبَطَ اَعْمَالُكُمْ وَاَنْتُمْ لَا تَشْعُرُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গ'ম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! ৰাছুলৰ লগত উত্তম শিষ্টাচাৰৰ সৈতে ব্যৱহাৰ কৰা। তথা নবীৰ সৈতে কথা কোৱাৰ সময়ত নবীৰ কণ্ঠস্বৰতকৈ তোমালোকৰ কণ্ঠস্বৰ যাতে উচ্চ নহয়, তাৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰিবা। লগতে তেওঁক নাম ধৰি নামাতিবা, যিদৰে তোমালোকে ইজনে সিজনক মাতা। বৰং বিনম্ৰতাৰ সৈতে তেওঁক হে নবী আৰু হে ৰাছুল বুলি মাতিবা। কাৰণ তোমালোকৰ অজানিতে তোমালোকৰ আমলৰ ছোৱাব যাতে অথলে নাযায় সেইটোলৈ ভয় কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049002.mp3"},{"index":"3","arabicText":"اِنَّ الَّذِیْنَ یَغُضُّوْنَ اَصْوَاتَهُمْ عِنْدَ رَسُوْلِ اللّٰهِ اُولٰٓىِٕكَ الَّذِیْنَ امْتَحَنَ اللّٰهُ قُلُوْبَهُمْ لِلتَّقْوٰی ؕ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ عَظِیْمٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ।","footnotes":"","tafseer":"নিশ্চয় যিসকলে ৰাছুলৰ সন্মুখত নিজৰ কন্ঠস্বৰ অৱনমিত ৰাখে, তেওঁলোকৰ অন্তৰকেই আল্লাহে তেওঁৰ তাক্বৱাৰ বাবে পৰখ কৰিছে আৰু নিৰ্বাচিত কৰি লৈছে। তেওঁলোকৰ গুনাহৰ বাবে আছে মাগফিৰাত, তেওঁলোকৰ সেই গুনাহবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি কৰা নহ’ব। লগতে কিয়ামতৰ দিনা তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। অৰ্থাৎ আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049003.mp3"},{"index":"4","arabicText":"اِنَّ الَّذِیْنَ یُنَادُوْنَكَ مِنْ وَّرَآءِ الْحُجُرٰتِ اَكْثَرُهُمْ لَا یَعْقِلُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, (দৰাচলতে) সিহঁতৰ অধিকাংশই নবুজে।","footnotes":"","tafseer":"হে ৰাছুল! যিসকল বেদুইনে আপোনাক আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতে, দৰাচলতে সিহঁতৰ মাজৰ অধিকাংশৰে কাণ্ডজ্ঞান নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049004.mp3"},{"index":"5","arabicText":"وَلَوْ اَنَّهُمْ صَبَرُوْا حَتّٰی تَخْرُجَ اِلَیْهِمْ لَكَانَ خَیْرًا لَّهُمْ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"তুমি সিহঁতৰ ওচৰলৈ ওলাই নহালৈকে যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ’লহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতা এই লোকসকলে যদি ধৈৰ্য্য ধৰিলেহেঁতেন, তথা এইদৰে নামাতি তেওঁলোকে যদি তেওঁ ওলাই নহালৈকে অপেক্ষা কৰিলেহেঁতেন, লগতে নিম্নস্বৰে তেওঁৰ সৈতে কথা পাতিলেহেঁতেন তেন্তে ঘৰৰ পিছফালৰ পৰা চিঞৰি চিঞৰি মাতাতকৈ এইটো তেওঁলোকৰ পক্ষে ভাল আছিল, কিয়নো ইয়াৰ মাজত আছে সন্মান তথা মৰ্যাদা। তেওঁলোকৰ মাজৰ পৰা আৰু তেওঁলোকৰ বাহিৰে অন্যান্য লোকসকলৰ মাজৰ পৰা তাওবাকাৰী বান্দাসকলৰ প্ৰতি আল্লাহ অত্যন্ত ক্ষমাশীল। তেওঁলোকৰ প্ৰতিও ক্ষমাশীল, কাৰণ তেওঁলোকে অজানিতে এইটো কৰিছে, লগতে তেওঁলোকৰ প্ৰতি আল্লাহ অতি কৃপাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049005.mp3"},{"index":"6","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ جَآءَكُمْ فَاسِقٌ بِنَبَاٍ فَتَبَیَّنُوْۤا اَنْ تُصِیْبُوْا قَوْمًا بِجَهَالَةٍ فَتُصْبِحُوْا عَلٰی مَا فَعَلْتُمْ نٰدِمِیْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰলৈ কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশতঃ তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, যাৰ ফলত তোমালোকে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত হ’ব লাগিব।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! যদি কোনো দূৰাচাৰী ব্যক্তিয়ে তোমালোকৰ ওচৰলৈ কোনো সম্প্ৰদায়ৰ বিষয়ে সংবাদ লৈ আহে, তেন্তে তৎক্ষণাত সেইটো মানি লোৱাৰ বিপৰীতে তোমালোকে সেই বিষয়ে সঁচা মিছা পৰখ কৰিবা, কিয়নো যদি তোমালোকে সত্যতা পৰখ নকৰাকৈ অজানিতে কোনো সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ কৰা তথা পিছত যদি প্ৰকৃত স্বৰূপ প্ৰকাশ পায়, তেনে অৱস্থাত তোমালোকে নিজেই অনুতপ্ত হ’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049006.mp3"},{"index":"7","arabicText":"وَاعْلَمُوْۤا اَنَّ فِیْكُمْ رَسُوْلَ اللّٰهِ ؕ لَوْ یُطِیْعُكُمْ فِیْ كَثِیْرٍ مِّنَ الْاَمْرِ لَعَنِتُّمْ وَلٰكِنَّ اللّٰهَ حَبَّبَ اِلَیْكُمُ الْاِیْمَانَ وَزَیَّنَهٗ فِیْ قُلُوْبِكُمْ وَكَرَّهَ اِلَیْكُمُ الْكُفْرَ وَالْفُسُوْقَ وَالْعِصْیَانَ ؕ اُولٰٓىِٕكَ هُمُ الرّٰشِدُوْنَ ۟ۙ","assameseTranslation":"জানি থোৱা যে, তোমালোকৰ মাজত আল্লাহৰ ৰাছুল আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল’লেহেঁতেন, তেন্তে তোমালোকে নিশ্চয় কষ্টত পতিত হ’লাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ বাবে ঈমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে। লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ বাবে অপ্ৰিয় কৰি দিছে। তেওঁলোকেই সঠিক পথপ্ৰাপ্ত।","footnotes":"","tafseer":"হে মুমিনসকল! জানি থোৱা, নিশ্চয় তোমালোকৰ মাজত আল্লাহৰ ৰাছুল উপস্থিত আছে আৰু তেওঁৰ ওপৰত অহী অৱতীৰ্ণ হয়। গতিকে মিছা কথা নক’বা, অন্যথা অহীৰ মাধ্যমত তোমালোকৰ সেই মিছা কথাৰ বিষয়ে তেওঁক অৱগত কৰা হ’ব। নিশ্চয় আল্লাহে তোমালোকৰ হিত সম্পৰ্কে ভালকৈ অৱগত। যদি তেওঁ তোমালোকৰ অধিকাংশ প্ৰস্তাৱবোৰ গ্ৰহণ কৰে তেন্তে তোমালোকেই বিপদত পৰিবা, আৰু ইয়াৰ ফলত উদ্ভৱ হ’বলগীয়া সেই কঠিন পৰিস্থিতিবোৰ তেওঁ তোমালোকৰ বাবে পছন্দ নকৰে। কিন্তু এইটো আল্লাহৰ অনুগ্ৰহ যে, তেওঁ তোমালোকৰ বাবে ঈমানক পছন্দনীয় কৰিছে আৰু তোমালোকৰ অন্তৰত ইয়াক শোভনীয় কৰি দিছে, সেইকাৰণেই তোমালোকে ঈমান আনিছা। পক্ষান্তৰে কুফৰী, অৱজ্ঞা, আৰু গুনাহক তোমালোকৰ বাবে অপ্ৰিয় কৰি দিছে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হৈছে হিদায়ত তথা সঠিক পথৰ পথচাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049007.mp3"},{"index":"8","arabicText":"فَضْلًا مِّنَ اللّٰهِ وَنِعْمَةً ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟","assameseTranslation":"(এইবোৰ হৈছে) আল্লাহৰ দান আৰু অনুগ্ৰহ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"তোমালোকে যি যি লাভ কৰিছা, উদাহৰণস্বৰূপে- তোমালোকৰ বাবে কল্যাণ হৈছে প্ৰিয় আৰু অকল্যাণ হৈছে অপ্ৰিয় ইত্যাদি, এইবোৰ হৈছে দৰাচলতে তোমালোকৰ ওপৰত কৰা আল্লাহৰ এক প্ৰকাৰ অনুগ্ৰহ, লগতে তোমালোকক ইয়াৰ বাহিৰেও বহুতো নিয়ামত দান কৰিছে। আল্লাহে তেওঁৰ সেইসকল বান্দাৰ বিষয়ে ভালকৈয়ে জানে, যিসকলে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰে, সেইকাৰণেই তেওঁ তেওঁলোকক ইয়াৰ তাওফীক প্ৰদান কৰে। লগতে তেওঁ হৈছে মহাপ্ৰজ্ঞাৱান, সেইকাৰণেই তেওঁ প্ৰত্যেক বস্তুকে উপযুক্ত ঠাইত স্থান দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049008.mp3"},{"index":"9","arabicText":"وَاِنْ طَآىِٕفَتٰنِ مِنَ الْمُؤْمِنِیْنَ اقْتَتَلُوْا فَاَصْلِحُوْا بَیْنَهُمَا ۚ فَاِنْ بَغَتْ اِحْدٰىهُمَا عَلَی الْاُخْرٰی فَقَاتِلُوا الَّتِیْ تَبْغِیْ حَتّٰی تَفِیْٓءَ اِلٰۤی اَمْرِ اللّٰهِ ۚ فَاِنْ فَآءَتْ فَاَصْلِحُوْا بَیْنَهُمَا بِالْعَدْلِ وَاَقْسِطُوْا ؕ اِنَّ اللّٰهَ یُحِبُّ الْمُقْسِطِیْنَ ۟","assameseTranslation":"আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়।","footnotes":"","tafseer":"যদি মুমিনসকলৰ দুটা ফৈদে পৰস্পৰে কাজিয়াত লিপ্ত হয়, তেন্তে হে মুমিনসকল! তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিবা। আল্লাহৰ চৰীয়তক নিৰ্ণায়ক ভূমিকাত ৰাখি দুয়ো দলকে ইয়াৰ প্ৰতি আহ্বান কৰা। দুয়ো দলৰ কোনো এটা দলে যদি মীমাংসাত বহিবলৈ অস্বীকাৰ কৰে তথা সীমালঙ্ঘন কৰে তেন্তে সেই দলৰ বিৰুদ্ধে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ বিধানৰ পিনে উভতি নাহে। যদি সিহঁতে আল্লাহৰ বিধানৰ প্ৰতি উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিয়া। লগতে সিহঁতৰ মাজত মীমাংসা কৰাৰ সময়ত নৈতিকভাৱে মীমাংসা কৰিবা। নিশ্চয় আল্লাহে ন্যায় সহকাৰে মীমাংসা কৰা ব্যক্তিসকলক ভাল পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049009.mp3"},{"index":"10","arabicText":"اِنَّمَا الْمُؤْمِنُوْنَ اِخْوَةٌ فَاَصْلِحُوْا بَیْنَ اَخَوَیْكُمْ وَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُرْحَمُوْنَ ۟۠","assameseTranslation":"মুমিনসকল পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা।","footnotes":"","tafseer":"মুমিনসকল হৈছে পৰস্পৰে ভাই ভাই। হে মুমিনসকল! ইছলামী ভাতৃত্বৰ দাবী হৈছে যে, তোমালোকে ভাতৃসকলৰ মাজৰ দুটা বিবদমানপক্ষৰ মাজত মীমাংসা কৰি দিয়া। লগতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। যাতে তোমালোকৰ প্ৰতি কৃপা কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049010.mp3"},{"index":"11","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا یَسْخَرْ قَوْمٌ مِّنْ قَوْمٍ عَسٰۤی اَنْ یَّكُوْنُوْا خَیْرًا مِّنْهُمْ وَلَا نِسَآءٌ مِّنْ نِّسَآءٍ عَسٰۤی اَنْ یَّكُنَّ خَیْرًا مِّنْهُنَّ ۚ وَلَا تَلْمِزُوْۤا اَنْفُسَكُمْ وَلَا تَنَابَزُوْا بِالْاَلْقَابِ ؕ بِئْسَ الِاسْمُ الْفُسُوْقُ بَعْدَ الْاِیْمَانِ ۚ وَمَنْ لَّمْ یَتُبْ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ক উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীসকলতকৈ উত্তম হ’ব পাৰে; আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীণী বিলাকতকৈও উত্তম হ’ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে (জানি থোৱা) যিসকলে তাওবা নকৰে সিহঁতেই হৈছে যালিম।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকৰ মাজৰ কোনো পুৰুষেই অন্য পুৰুষৰ উপহাস কৰা উচিত নহয়, সম্ভৱতঃ যাক উপহাস কৰা হৈছে তেওঁ আল্লাহৰ ওচৰত উপহাসকাৰীসকলতকৈ উত্তম। তথা ফয়চালাও সেই জ্ঞান অনুসাৰেই হ’ব যিটো আল্লাহৰ ওচৰত আছে। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীক উপহাস কৰা উচিত নহয়, কিয়নো যাক উপহাস কৰা হয়, সম্ভৱতঃ তেওঁ আল্লাহৰ দৃষ্টিত উপহাসকাৰিণী বিলাকতকৈও উত্তম। এইদৰে তোমালোকে নিজৰ ভাতৃসকলকো তিৰস্কাৰ নকৰিবা, কাৰণ তেওঁলোক তোমালোকৰেই শ্ৰেণীভুক্ত। লগতে তোমালোকে ইজনে সিজনক বেয়া উপাধিৰে নামাতিবা, যিদৰে আনচাৰসকলৰ কিছুমানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণৰ পূৰ্বে মাতিছিল। তোমালোকৰ মাজৰ যিয়ে এনেকুৱা কৰিব, সি ফাছিক্ব বুলি বিবেচিত হ’ব। ঈমান পোষণ কৰাৰ পিছত ফাছিক্বৰ বৈশিষ্ট্য গাত লৈ ফুৰাটো হৈছে অতি ঘৃণনীয় বৈশিষ্ট্য। যিসকলে এনেকুৱা গুনাহৰ পৰা তাওবা নকৰে, প্ৰকৃততে সেইসকলে নিজেই নিজৰ ক্ষতি কৰে, কাৰণ সিহঁতে গুনাহৰ কামত লিপ্ত হৈ নিজকে ধ্বংসৰ গৰালত ঠেলি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049011.mp3"},{"index":"12","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اجْتَنِبُوْا كَثِیْرًا مِّنَ الظَّنِّ ؗ اِنَّ بَعْضَ الظَّنِّ اِثْمٌ وَّلَا تَجَسَّسُوْا وَلَا یَغْتَبْ بَّعْضُكُمْ بَعْضًا ؕ اَیُحِبُّ اَحَدُكُمْ اَنْ یَّاْكُلَ لَحْمَ اَخِیْهِ مَیْتًا فَكَرِهْتُمُوْهُ ؕ وَاتَّقُوا اللّٰهَ ؕ اِنَّ اللّٰهَ تَوَّابٌ رَّحِیْمٌ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছুমান সন্দেহ হৈছে পাপ; লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে তাক অপছন্দ কৰা। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে ভিত্তিহীন অভিযোগসমূহৰ পৰা বিৰত থাকা। নিশ্চিতভাৱে কিছুমান সন্দেহ হৈছে গুনাহৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে এনেকুৱা কোনো ব্যক্তিৰ বিষয়ে অনৰ্থক সন্দেহ পোষণ কৰা, যিজন ব্যক্তি প্ৰকাশ্যভাৱে ভাল মানুহ বুলি পৰিচিত। লগতে গোপনে মুমিনসকলৰ দোষ-ত্ৰুটি খুচৰি নুফুৰিবা। এইদৰে তোমালোকে মুছলিম ভাতৃৰ বিষয়ে এনেকুৱা কথা নক’বা, যিটো তেওঁ অপছন্দ কৰে। কাৰণ এনেকুৱা অপছন্দনীয় সমালোচনায়, মৃত ভাতৃৰ মাংস ভক্ষণ কৰা বুজায়। তোমালোকৰ মাজৰ কোনোবাই নিজৰ মৃত ভাতৃৰ মাংস ভক্ষণ কৰাটোক পছন্দ কৰিবনে? যিহেতু তোমালোকে এইটো পছন্দ নকৰা, গতিকে ঠিক সেইদৰে তেওঁৰ সমালোচনাৰ পৰাও বিৰত থাকা। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবূল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049012.mp3"},{"index":"13","arabicText":"یٰۤاَیُّهَا النَّاسُ اِنَّا خَلَقْنٰكُمْ مِّنْ ذَكَرٍ وَّاُ وَجَعَلْنٰكُمْ شُعُوْبًا وَّقَبَآىِٕلَ لِتَعَارَفُوْا ؕ اِنَّ اَكْرَمَكُمْ عِنْدَ اللّٰهِ اَتْقٰىكُمْ ؕ اِنَّ اللّٰهَ عَلِیْمٌ خَبِیْرٌ ۟","assameseTranslation":"হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি-জনগোষ্ঠী আৰু বিভিন্ন গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।","footnotes":"","tafseer":"হে মানৱজাতি! নিশ্চয় আমি তোমালোকক এজন পুৰুষ অৰ্থাৎ তোমালোকৰ আদি পিতা আদম আলাইহিচ্ছালাম আৰু এজনী নাৰী অৰ্থাৎ তোমালোকৰ মাতৃ হাৱা আলাইহাচ্ছালামৰ পৰা সৃষ্টি কৰিছোঁ। এই হিচাপত তোমালোকৰ বংশ হৈছে এটাই। গতিকে বংশক কেন্দ্ৰ কৰি তোমালোকে ইজনে সিজনৰ প্ৰতি অহংকাৰ নকৰিবা। ইয়াৰ পিছত আমি তোমালোকক বহুতো জাতি আৰু সিঁচৰতি গোত্ৰসমূহত পৰিণত কৰিছোঁ, যাতে তোমালোকে ইজনে সিজনক চিনি পোৱাত সহজ হয়। এইবোৰকলৈ অহংকাৰ কৰাৰ কোনো অৱকাশ নাই। কাৰণ উচ্চ স্থান কেৱল তাক্বৱাৰ জৰিয়তেহে লাভ হয়। সেইকাৰণেই আল্লাহে কৈছেঃ নিশ্চয় আল্লাহৰ দৃষ্টিত তোমালোকৰ মাজৰ সেইজন ব্যক্তি আটাইতকৈ বেছি মৰ্যাদাশীল, যিয়ে তেওঁক অধিক ভয় কৰে। নিঃসন্দেহে আল্লাহ তোমালোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। তোমালোকৰ সম্পূৰ্ণতা আৰু অপূৰ্ণতা সম্পৰ্কেও অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049013.mp3"},{"index":"14","arabicText":"قَالَتِ الْاَعْرَابُ اٰمَنَّا ؕ قُلْ لَّمْ تُؤْمِنُوْا وَلٰكِنْ قُوْلُوْۤا اَسْلَمْنَا وَلَمَّا یَدْخُلِ الْاِیْمَانُ فِیْ قُلُوْبِكُمْ ؕ وَاِنْ تُطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ لَا یَلِتْكُمْ مِّنْ اَعْمَالِكُمْ شَیْـًٔا ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"বেদুইনবিলাকে কয়, ‘আমি ঈমান আনিছোঁ’। কোৱা, ‘তোমালোকে ঈমান পোষণ কৰা নাই, বৰং তোমালোকে কোৱা, ‘আমি আত্মসমৰ্পণ কৰিছোঁ’, কাৰণ ঈমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ ছোৱাব অকণো লাঘৱ নকৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"কিছুমান বেদুইনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি ক’লেঃ “আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছোঁ”। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ “তোমালোকে ঈমান পোষণ কৰা নাই। বৰং তোমালোকে এনেকৈ কোৱা যে, আমি আত্মসমৰ্পন কৰিছোঁ আৰু আনুগত্যকাৰী হৈছোঁ। দৰাচলতে এতিয়ালৈকে তোমালোকৰ অন্তৰত ঈমান প্ৰৱেশ কৰা নাই। যদিও আশা কৰা যায় যে, ঈমান প্ৰৱেশ কৰিব। হে মৰুবাসীসকল! যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি তেওঁলোকৰ আনুগত্য কৰা আৰু সৎকৰ্ম কৰা, লগতে নিষিদ্ধ বস্তুবোৰৰ পৰা বিৰত থাকা, তেন্তে আল্লাহে কেতিয়াও তোমালোকৰ আমলৰ ছোৱাব হ্ৰাস নকৰিব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাৱান”।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049014.mp3"},{"index":"15","arabicText":"اِنَّمَا الْمُؤْمِنُوْنَ الَّذِیْنَ اٰمَنُوْا بِاللّٰهِ وَرَسُوْلِهٖ ثُمَّ لَمْ یَرْتَابُوْا وَجٰهَدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ فِیْ سَبِیْلِ اللّٰهِ ؕ اُولٰٓىِٕكَ هُمُ الصّٰدِقُوْنَ ۟","assameseTranslation":"প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তাৰ পিছত তেওঁলোকে সন্দেহ পোষণ কৰা নাই, লগতে তেওঁলোকে জান-মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে। তেওঁলোকেই হৈছে সত্যনিষ্ঠ।","footnotes":"","tafseer":"প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সেই ঈমানৰ লগত কেতিয়াও সন্দেহ মিশ্ৰিত কৰা নাই, লগতে নিজৰ প্ৰাণ আৰু ধন-সম্পদৰ জৰিয়তে আল্লাহৰ পথত যুদ্ধ কৰিছে, এইক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কৃপণালি কৰা নাই। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হৈছে প্ৰকৃত মুমিন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049015.mp3"},{"index":"16","arabicText":"قُلْ اَتُعَلِّمُوْنَ اللّٰهَ بِدِیْنِكُمْ ؕ وَاللّٰهُ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟","assameseTranslation":"কোৱা, ‘তোমালোকে তোমালোকৰ দ্বীন সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে। আল্লাহ সকলো বিষয়েই সম্যক অৱগত’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই বেদুইনসকলক কৈ দিয়কঃ তোমালোকে আল্লাহক নিজৰ দ্বীন সম্পৰ্কে অৱগত কৰোৱাই আছা নেকি তথা তেওঁক এই বিষয়ে উপলব্ধি কৰোৱাই আছা নেকি? অথচ আল্লাহে আকাশমণ্ডলত যি আছে সেই বিষয়েও জানে আৰু পৃথিৱীত যি আছে সেইবোৰৰ বিষয়েও জানে। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। গতিকে তেওঁক তোমালোকৰ ধৰ্ম সম্পৰ্কে অৱগত কৰোৱাৰ কোনো আৱশ্যকতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049016.mp3"},{"index":"17","arabicText":"یَمُنُّوْنَ عَلَیْكَ اَنْ اَسْلَمُوْا ؕ قُلْ لَّا تَمُنُّوْا عَلَیَّ اِسْلَامَكُمْ ۚ بَلِ اللّٰهُ یَمُنُّ عَلَیْكُمْ اَنْ هَدٰىكُمْ لِلْاِیْمَانِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"সিহঁতে ভাবে যে, সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক ধন্য কৰিছে। কোৱা, ‘তোমালোকে ইছলাম গ্ৰহণ কৰি মোক ধন্য কৰিছা বুলি নাভাবিবা; বৰং আল্লাহেই তোমালোকক ঈমানৰ দিশত পৰিচালিত কৰি তোমালোককহে ধন্য কৰিছে, যদি তোমালোকে সত্যবাদী হোৱা’।","footnotes":"","tafseer":"হে ৰাছুল! বেদুইনসকলে ইছলাম গ্ৰহণ কৰি আপোনাক উপকাৰ কৰা বুলি নিজকে প্ৰকাশ কৰি আছে। আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰি মোক ধন্য কৰিছা বুলি নাভাবিবা। কাৰণ ইয়াৰ দ্বাৰা উপকৃত হ’লে, সেই প্ৰতিফল তোমালোকেই লাভ কৰিবা। বৰং আল্লাহেই তোমালোকক ঈমানৰ তাওফীক প্ৰদান কৰি তোমালোকক ধন্য কৰিছে। যদিহে তোমালোকে সঁচাই ইছলামত প্ৰৱেশ কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049017.mp3"},{"index":"18","arabicText":"اِنَّ اللّٰهَ یَعْلَمُ غَیْبَ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَاللّٰهُ بَصِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠","assameseTranslation":"নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। লগতে তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীৰ গোপন ৰহস্য সম্পৰ্কে অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। আল্লাহে তোমালোকৰ সকলো কৰ্ম চাই আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ভাল বেয়া প্ৰতিফল দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/049018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/049018.mp3"}]