[{"index":"1","arabicText":"قٓ ۚ۫ وَالْقُرْاٰنِ الْمَجِیْدِ ۟ۚ","assameseTranslation":"ক্বা-ফ,[1] শপত সন্মানিত কোৰআনৰ!","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"ক্বাফ, এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনুল কাৰীমৰ শপত খাইছে, যিখন তথ্য সম্বলিত, কল্যাণ আৰু বৰকতেৰে পৰিপূৰ্ণ, সেইখন কোৰআনৰ শপত খাই আল্লাহে কৈছেঃ নিশ্চয় কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে পুনৰুত্থিত কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050001.mp3"},{"index":"2","arabicText":"بَلْ عَجِبُوْۤا اَنْ جَآءَهُمْ مُّنْذِرٌ مِّنْهُمْ فَقَالَ الْكٰفِرُوْنَ هٰذَا شَیْءٌ عَجِیْبٌ ۟ۚ","assameseTranslation":"বৰং সিহঁতে বিস্মিত হৈছে এইকাৰণে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰলৈ আহিছে; আৰু কাফিৰসকলে কয়, ‘এইটো দেখোন এটা বিস্ময়কৰ বিষয়!’","footnotes":"","tafseer":"সিহঁতে এই আশংকাত অস্বীকাৰ কৰা নাই যে, আপুনি মিছা কথা কৈ আছে, কাৰণ সিহঁতে আপোনাৰ সত্যতা সম্পৰ্কে জানে, বৰং সিহঁতে বিস্মিত হৈছে এইকাৰণে যে, ফিৰিস্তাসকলৰ মাজৰ পৰা ৰাছুল আগমন নকৰি সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী ৰাছুল আগমন কৰিছে। সিহঁতে আশ্চৰ্য প্ৰকাশ কৰি কয়ঃ এজন মানুহ আমাৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হোৱাটো আশ্চৰ্যজনক বিষয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050002.mp3"},{"index":"3","arabicText":"ءَاِذَا مِتْنَا وَكُنَّا تُرَابًا ۚ ذٰلِكَ رَجْعٌ بَعِیْدٌ ۟","assameseTranslation":"‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হ'ম তথাপিও (আমি পুনৰুত্থিত হ'মনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’","footnotes":"","tafseer":"যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ’ম, তাৰ পিছতো আমাক জীৱিত কৰা হ’ব নেকি? আমাৰ শৰীৰ মাটিত গেলি পচি যোৱাৰ পিছত পুনৰ তাত জীৱন প্ৰদান কৰা তথা পুনৰুত্থিত হোৱা বিষয়টো হৈছে এটা অসম্ভৱ কথা। এইটো কেতিয়াও সম্ভৱ নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050003.mp3"},{"index":"4","arabicText":"قَدْ عَلِمْنَا مَا تَنْقُصُ الْاَرْضُ مِنْهُمْ ۚ وَعِنْدَنَا كِتٰبٌ حَفِیْظٌ ۟","assameseTranslation":"নিশ্চয় আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে, আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব।","footnotes":"","tafseer":"সিহঁতৰ মৃত্যুৰ পিছত তথা ধ্বংসৰ পিছত মাটিয়ে কিমান পৰিমাণ সিহঁতৰ শৰীৰ ভক্ষণ কৰে সেই সম্পৰ্কেও আমি অৱগত। এইবোৰৰ কোনো খবৰেই আমাৰ পৰা গোপন নহয়। আমাৰ ওচৰত আছে এখন গ্ৰন্থ, যি গ্ৰন্থত আল্লাহে গ্ৰহণ কৰা সেই সকলো সিদ্ধান্ত সুৰক্ষিত আছে যিবোৰ সিহঁতৰ জীৱনত লোৱা হৈছে আৰু যিবোৰ সিহঁতৰ মৃত্যুৰ পিছত লোৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050004.mp3"},{"index":"5","arabicText":"بَلْ كَذَّبُوْا بِالْحَقِّ لَمَّا جَآءَهُمْ فَهُمْ فِیْۤ اَمْرٍ مَّرِیْجٍ ۟","assameseTranslation":"প্ৰকৃততে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে তাক অস্বীকাৰ কৰিছে। ফলত সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত।","footnotes":"","tafseer":"বৰং এই মুশ্বৰিকসকলে ৰাছুলে লৈ অহা কোৰআনক অস্বীকাৰ কৰিছে। গতিকে সিহঁত দ্বিধাগ্ৰস্ত হৈ আছে, এইক্ষেত্ৰত সিহঁতে কোনো এটা বিষয়ত স্থিৰ থাকিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050005.mp3"},{"index":"6","arabicText":"اَفَلَمْ یَنْظُرُوْۤا اِلَی السَّمَآءِ فَوْقَهُمْ كَیْفَ بَنَیْنٰهَا وَزَیَّنّٰهَا وَمَا لَهَا مِنْ فُرُوْجٍ ۟","assameseTranslation":"সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছোঁ আৰু ইয়াক সুশোভিত কৰিছোঁ আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই?","footnotes":"","tafseer":"আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে নিজৰ ওপৰত থকা আকাশখনৰ বিষয়ে চিন্তা-চৰ্চা নকৰে নেকি যে, আমি সেইখনক কেনেকৈ সৃষ্টি কৰিছোঁ আৰু তাত তৰাবোৰ ৰাখি কেনেকৈ সৌন্দৰ্যময় বনাইছোঁ, লগতে তাত কোনো ত্ৰুটিও নাই যে, এই বিষয়ে কিবা দোষ ধৰিব পাৰিবা?! গতিকে যি সত্ত্বাই এই আকাশখনক সৃষ্টি কৰিছে, তেওঁ কেতিয়াও মৃত লোকসকলক জীৱিত কৰিবলৈ অক্ষম নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050006.mp3"},{"index":"7","arabicText":"وَالْاَرْضَ مَدَدْنٰهَا وَاَلْقَیْنَا فِیْهَا رَوَاسِیَ وَاَنْۢبَتْنَا فِیْهَا مِنْ كُلِّ زَوْجٍ بَهِیْجٍ ۟ۙ","assameseTranslation":"আৰু আমি পৃথিৱীক বিস্তৃত কৰিছোঁ আৰু তাত স্থাপন কৰিছোঁ পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছোঁ নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ,","footnotes":"","tafseer":"আমি পৃথিৱীক বসবাস যোগ্য বনাই বিস্তৃত কৰিছোঁ। লগতে ইয়াত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছোঁ, যাতে পৃথিৱী কঁপি নাথাকে। তথা ইয়াত উৎপন্ন কৰিছোঁ নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰ গছ-গছনি তথা উদ্ভিদ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050007.mp3"},{"index":"8","arabicText":"تَبْصِرَةً وَّذِكْرٰی لِكُلِّ عَبْدٍ مُّنِیْبٍ ۟","assameseTranslation":"আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ।","footnotes":"","tafseer":"আমি এইবোৰ সৃষ্টি কৰিছোঁ প্ৰত্যেক সেই ব্যক্তিৰ অন্তৰাত্মা জগাবলৈ তথা উপদেশ দিবলৈ, যিয়ে আল্লাহৰ ইবাদতৰ মাধ্যমত তেওঁৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050008.mp3"},{"index":"9","arabicText":"وَنَزَّلْنَا مِنَ السَّمَآءِ مَآءً مُّبٰرَكًا فَاَنْۢبَتْنَا بِهٖ جَنّٰتٍ وَّحَبَّ الْحَصِیْدِ ۟ۙ","assameseTranslation":"আৰু আকাশৰ পৰা বৰ্ষণ কৰোঁ আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰোঁ বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।","footnotes":"","tafseer":"আমি আকাশৰ পৰা অতি লাভদায়ক তথা কল্যাণকৰ পানী বৰ্ষণ কৰোঁ। সেই পানীৰে আমি বাগান উৎপন্ন কৰোঁ, লগতে কৰ্তনযোগ্য শস্য খেতিও উৎপন্ন কৰোঁ, যিবোৰ তোমালোকে চপাই আনা, যেনেঃ ঘেঁহু, ধান আদি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050009.mp3"},{"index":"10","arabicText":"وَالنَّخْلَ بٰسِقٰتٍ لَّهَا طَلْعٌ نَّضِیْدٌ ۟ۙ","assameseTranslation":"আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা,","footnotes":"","tafseer":"লগতে আমি সেইবোৰৰ দ্বাৰা ওখ ওখ খেজুৰ গছ উৎপন্ন কৰোঁ, যিবোৰত ওপৰা-ওপৰিকৈ খেজুৰৰ জোকা লাগি থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050010.mp3"},{"index":"11","arabicText":"رِّزْقًا لِّلْعِبَادِ ۙ وَاَحْیَیْنَا بِهٖ بَلْدَةً مَّیْتًا ؕ كَذٰلِكَ الْخُرُوْجُ ۟","assameseTranslation":"বান্দাসকলৰ জীৱিকাৰ বাবে। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰোঁ মৃত চহৰক; এইদৰেই পুনৰুত্থান ঘটিব।","footnotes":"","tafseer":"আমি এইবোৰ বান্দাসকলৰ জীৱিকাৰ বাবে উৎপন্ন কৰিছোঁ, যাতে তেওঁলোকে এইবোৰৰ দ্বাৰা আহাৰ কৰিব পাৰে। সেই পানীৰ দ্বাৰাই আমি মৃত ভূমিক জীৱিত কৰোঁ, য’ত কোনো ধৰণৰ উদ্ভিদ নাথাকে। যিদৰে আমি মৃত ভূমিক জীৱিত কৰোঁ, ঠিক সেইদৰে আমি মৃত লোকসকলকো জীৱিত কৰিম। ফলত সিহঁতে জীৱিত হৈ থিয় দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050011.mp3"},{"index":"12","arabicText":"كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّاَصْحٰبُ الرَّسِّ وَثَمُوْدُ ۟ۙ","assameseTranslation":"সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও,","footnotes":"","tafseer":"হে ৰাছুল! এই অস্বীকাৰকাৰীসকলৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে নিজ নিজ নবীসকলক অস্বীকাৰ কৰিছিল। এতেকে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়, কুঁৱাৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050012.mp3"},{"index":"13","arabicText":"وَعَادٌ وَّفِرْعَوْنُ وَاِخْوَانُ لُوْطٍ ۟ۙ","assameseTranslation":"আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও।","footnotes":"","tafseer":"আদ সম্প্ৰদায়, ফিৰআউন আৰু লূত নবীৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050013.mp3"},{"index":"14","arabicText":"وَّاَصْحٰبُ الْاَیْكَةِ وَقَوْمُ تُبَّعٍ ؕ كُلٌّ كَذَّبَ الرُّسُلَ فَحَقَّ وَعِیْدِ ۟","assameseTranslation":"লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়েও, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল।","footnotes":"","tafseer":"শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়, আইকাহবাসী আৰু য়ামানৰ ৰজা তুব্বাৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল। এই সকলোবোৰ সম্প্ৰদায়ে আল্লাহে প্ৰেৰণ কৰা ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তিৰ প্ৰতিশ্ৰুতি সাব্যস্ত হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050014.mp3"},{"index":"15","arabicText":"اَفَعَیِیْنَا بِالْخَلْقِ الْاَوَّلِ ؕ بَلْ هُمْ فِیْ لَبْسٍ مِّنْ خَلْقٍ جَدِیْدٍ ۟۠","assameseTranslation":"আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছোঁ নেকি! বৰং সিহঁতেই সন্দেহত পতিত হৈছে নতুন সৃষ্টিৰ বিষয়ে।","footnotes":"","tafseer":"তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰাৰ সময়ত আমি অপাৰগ আছিলোঁ নেকি যে, দ্বিতীয়বাৰ সৃষ্টি কৰাত অসুবিধা হ’ব? বৰং সিহঁতে প্ৰথম সৃষ্টিৰ পিছত নতুন সৃষ্টিকলৈ দুদোল্যমান অৱস্থাত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050015.mp3"},{"index":"16","arabicText":"وَلَقَدْ خَلَقْنَا الْاِنْسَانَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهٖ نَفْسُهٗ ۖۚ وَنَحْنُ اَقْرَبُ اِلَیْهِ مِنْ حَبْلِ الْوَرِیْدِ ۟","assameseTranslation":"নিশ্চয় আমিয়েই মানুহক সৃষ্টি কৰিছোঁ আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈও অধিক নিকটৱৰ্তী।","footnotes":"","tafseer":"নিশ্চয় আমিয়ে মানুহক সৃষ্টি কৰিছোঁ, গতিকে মানুহৰ অন্তৰত উদ্ভৱ হোৱা সকলো চিন্তা-চৰ্চা তথা ধাৰণা সম্পৰ্কে আমি অৱগত। আমি তাৰ হৃদপিণ্ডত সংযুক্ত মহাধমনীতকৈও ওচৰত আছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050016.mp3"},{"index":"17","arabicText":"اِذْ یَتَلَقَّی الْمُتَلَقِّیٰنِ عَنِ الْیَمِیْنِ وَعَنِ الشِّمَالِ قَعِیْدٌ ۟","assameseTranslation":"যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই (তাৰ কৰ্মসমূহ) লিপিবদ্ধ কৰে।","footnotes":"","tafseer":"দুজন ফিৰিস্তাই তাৰ আমলসমূহ লিপিবদ্ধ কৰে। এজন তাৰ সোঁফালে বহি থাকে আৰু আনজন বাওঁফালে বহি থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050017.mp3"},{"index":"18","arabicText":"مَا یَلْفِظُ مِنْ قَوْلٍ اِلَّا لَدَیْهِ رَقِیْبٌ عَتِیْدٌ ۟","assameseTranslation":"সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত থাকে সংৰক্ষণকাৰী (লেখক ফিৰিস্তা)।","footnotes":"","tafseer":"সি যেতিয়াই কোনো কথা কয়, সেই কথা লিপিবদ্ধ কৰিবলৈ তাত উপস্থিত থাকে এজন সংৰক্ষণকাৰী ফিৰিস্তা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050018.mp3"},{"index":"19","arabicText":"وَجَآءَتْ سَكْرَةُ الْمَوْتِ بِالْحَقِّ ؕ ذٰلِكَ مَا كُنْتَ مِنْهُ تَحِیْدُ ۟","assameseTranslation":"আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা যথাযথভাৱে আহিব। এইটোৱেই সেইটো, যিটোৰ পৰা তুমি পলায়ন কৰিব বিচাৰিছিলা।","footnotes":"","tafseer":"ইপিনে মৃত্যু যন্ত্ৰণা সত্য সহকাৰে আহি পায়, যিটোৰ পৰা কোনেও পলায়ন কৰিব নোৱাৰে। হে গাফিল ব্যক্তি! নিশ্চয় তুমি ইয়াৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিলা তথা পলায়ন কৰিবলৈ প্ৰয়াস কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050019.mp3"},{"index":"20","arabicText":"وَنُفِخَ فِی الصُّوْرِ ؕ ذٰلِكَ یَوْمُ الْوَعِیْدِ ۟","assameseTranslation":"আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন।","footnotes":"","tafseer":"শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যেতিয়া দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব, সেইটোৱে হ’ব কিয়ামতৰ দিন। কাফিৰসকলৰ বাবে আৰু অবাধ্যতাকাৰীসকলৰ বাবে সেইটো হৈছে শাস্তিৰ প্ৰতিশ্ৰুত দিন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050020.mp3"},{"index":"21","arabicText":"وَجَآءَتْ كُلُّ نَفْسٍ مَّعَهَا سَآىِٕقٌ وَّشَهِیْدٌ ۟","assameseTranslation":"আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।","footnotes":"","tafseer":"সেইদিনা প্ৰত্যেক ব্যক্তিৰ লগত থাকিব এজন ফিৰিস্তা, যিয়ে তাক খেদি লৈ আহিব; তথা আন এজন ফিৰিস্তাই তাৰ কৰ্মৰ সাক্ষী প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050021.mp3"},{"index":"22","arabicText":"لَقَدْ كُنْتَ فِیْ غَفْلَةٍ مِّنْ هٰذَا فَكَشَفْنَا عَنْكَ غِطَآءَكَ فَبَصَرُكَ الْیَوْمَ حَدِیْدٌ ۟","assameseTranslation":"নিশ্চয় এই দিৱস সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছোঁ। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।","footnotes":"","tafseer":"খেদি লৈ অহা সেই মানুহজনক কোৱা হ’বঃ তুমি পৃথিৱীৰ লোভনীয় সা-সামগ্ৰীৰ মোহত পৰি এই দিৱস সম্পৰ্কে অমনোযোগী হৈ আছিলা। কিন্তু এতিয়া শাস্তি আৰু কষ্টদায়ক পৰিস্থিতি দেখি তোমাৰ অমনোযোগিতাৰ পৰ্দা খুল খাইছে। আজি তোমাৰ দৃষ্টি শক্তি চোকা হৈছে, গতিকে অমনোযোগিতাৰ অৱস্থাত তুমি যি দেখা পোৱা নাছিলা, সেইবোৰ আজি দেখি আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050022.mp3"},{"index":"23","arabicText":"وَقَالَ قَرِیْنُهٗ هٰذَا مَا لَدَیَّ عَتِیْدٌ ۟ؕ","assameseTranslation":"আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত আছে।","footnotes":"","tafseer":"তাৰ সঙ্গী অৰ্থাৎ তাৰ সৈতে নিয়োজিত ফিৰিস্তাই ক’বঃ এয়া চাওক, এওঁৰ সকলো কৰ্মৰ বিৱৰণ মোৰ ওচৰত আছে, ইয়াত কোনো ধৰণৰ কম-বেছি কৰা হোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050023.mp3"},{"index":"24","arabicText":"اَلْقِیَا فِیْ جَهَنَّمَ كُلَّ كَفَّارٍ عَنِیْدٍ ۟ۙ","assameseTranslation":"আদেশ কৰা হ’ব, তোমালোক উভয়ে জাহান্নামত নিক্ষেপ কৰা প্ৰত্যেক উদ্ধত কাফিৰক,","footnotes":"","tafseer":"যিয়ে খেদি লৈ আহিছিল আৰু যিয়ে সাক্ষী প্ৰদান কৰিছে, আল্লাহে সেই দুয়োজন ফিৰিস্তাক ক’বঃ সত্যক অস্বীকাৰ কৰা আৰু ইয়াৰ প্ৰতি বিদ্বেষ পোষণ কৰা প্ৰত্যেক ব্যক্তিকেই জাহান্নামত নিক্ষেপ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050024.mp3"},{"index":"25","arabicText":"مَّنَّاعٍ لِّلْخَیْرِ مُعْتَدٍ مُّرِیْبِ ۟ۙ","assameseTranslation":"কল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰীক।","footnotes":"","tafseer":"প্ৰত্যেক সেই ব্যক্তিক নিক্ষেপ কৰা, যিয়ে আল্লাহে অনিবাৰ্য্য কৰা অধিকাৰসমূহ পূৰণ কৰাত বাধা দিছিল, আল্লাহে নিৰ্ধাৰিত কৰা সীমা অতিক্ৰম কৰিছিল, তেওঁ প্ৰদান কৰা সংবাদ যেনে- প্ৰতিশ্ৰুতি অথবা সতৰ্কবাণীত সন্দেহ পোষণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050025.mp3"},{"index":"26","arabicText":"لَّذِیْ جَعَلَ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَاَلْقِیٰهُ فِی الْعَذَابِ الشَّدِیْدِ ۟","assameseTranslation":"যিয়ে আল্লাহৰ লগত আনক ইলাহৰূপে গ্ৰহণ কৰিছিল, তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।","footnotes":"","tafseer":"যিয়ে আল্লাহৰ সৈতে আনক উপাস্যৰূপে গ্ৰহণ কৰি ইবাদতত অংশীদাৰ স্থাপন কৰিছে। গতিকে তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050026.mp3"},{"index":"27","arabicText":"قَالَ قَرِیْنُهٗ رَبَّنَا مَاۤ اَطْغَیْتُهٗ وَلٰكِنْ كَانَ فِیْ ضَلٰلٍۢ بَعِیْدٍ ۟","assameseTranslation":"তাৰ সঙ্গী (চয়তানে) ক’ব, ‘হে আমাৰ প্ৰতিপালক! মই তাক বিদ্ৰোহী কৰি তোলা নাছিলোঁ। বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত’।","footnotes":"","tafseer":"তেতিয়া তাৰ চয়তান সঙ্গীয়ে তাৰ লগত সম্পৰ্কচ্ছেদ কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমি ইয়াক পথভ্ৰষ্ট কৰা নাছিলোঁ। সি নিজেই সত্যৰ পৰা আঁতৰি পথভ্ৰষ্ট হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050027.mp3"},{"index":"28","arabicText":"قَالَ لَا تَخْتَصِمُوْا لَدَیَّ وَقَدْ قَدَّمْتُ اِلَیْكُمْ بِالْوَعِیْدِ ۟","assameseTranslation":"আল্লাহে ক’ব, ‘তোমালোকে মোৰ সন্মুখত বাক-বিতণ্ডা নকৰিবা, মই তোমালোকক আগতেই সতৰ্ক কৰিছিলোঁ।","footnotes":"","tafseer":"তেতিয়া আল্লাহে ক’বঃ তোমালোকে মোৰ ওচৰত কাজিয়া নকৰিবা। ইয়াৰ দ্বাৰা কোনো উপকাৰ নহ’ব। নিশ্চয় মই পৃথিৱীতেই মোৰ ৰাছুলসকলৰ মাধ্যমত তোমালোকৰ ওচৰলৈ সেই ব্যক্তিৰ বাবে মোৰ কঠিন সতৰ্কবাণী প্ৰেৰণ কৰিছিলোঁ, যিয়ে মোক অস্বীকাৰ কৰিব তথা মোৰ অবাধ্যতা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050028.mp3"},{"index":"29","arabicText":"مَا یُبَدَّلُ الْقَوْلُ لَدَیَّ وَمَاۤ اَنَا بِظَلَّامٍ لِّلْعَبِیْدِ ۟۠","assameseTranslation":"মোৰ ওচৰত কথা পৰিবৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়।","footnotes":"","tafseer":"মোৰ ইয়াত কথা পৰিবৰ্তন কৰা নহয় আৰু প্ৰতিশ্ৰুতিও ভঙ্গ কৰা নহয়, আনহাতে মই মোৰ বান্দাসকলৰ ওপৰত তেওঁলোকৰ ছোৱাব হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি কেতিয়াও অন্যায় নকৰোঁ। বৰং মই কেৱল তেওঁলোকৰ আমলৰ প্ৰতিদান দিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050029.mp3"},{"index":"30","arabicText":"یَوْمَ نَقُوْلُ لِجَهَنَّمَ هَلِ امْتَلَاْتِ وَتَقُوْلُ هَلْ مِنْ مَّزِیْدٍ ۟","assameseTranslation":"সেইদিনা আমি জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’?","footnotes":"","tafseer":"সেইদিনা আমি জাহান্নামক সুধিম, কাফিৰ আৰু পাপিষ্ঠসকলক নিক্ষেপ কৰাৰ ফলত তোমাৰ পেট ভৰিছেনে? তেতিয়া জাহান্নামে নিজ প্ৰতিপালকৰ প্ৰশ্নৰ উত্তৰত অধিক পোৱাৰ কামনাৰে ক্ৰোধান্বিত হৈ ক’বঃ আৰু কিবা আছেনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050030.mp3"},{"index":"31","arabicText":"وَاُزْلِفَتِ الْجَنَّةُ لِلْمُتَّقِیْنَ غَیْرَ بَعِیْدٍ ۟","assameseTranslation":"আৰু জান্নাতক মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব, কোনো দূৰত্ব নাথাকিব।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, জান্নাতক তেওঁলোকৰ নিকটৱৰ্তী কৰি দিয়া হ'ব। এতেকে তেওঁলোকে অতি ওচৰৰ পৰা জান্নাতৰ নিয়ামতসমূহ প্ৰত্যক্ষ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050031.mp3"},{"index":"32","arabicText":"هٰذَا مَا تُوْعَدُوْنَ لِكُلِّ اَوَّابٍ حَفِیْظٍ ۟ۚ","assameseTranslation":"ইয়াৰেই প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। প্ৰত্যেকজন আল্লাহ অভিমুখী, (তেওঁৰ আদেশ) সংৰক্ষণকাৰীৰ বাবে,","footnotes":"","tafseer":"তেওঁলোকক কোৱা হ’বঃ এইখনেই হৈছে সেই জান্নাত, যিখনৰ প্ৰতিশ্ৰুতি তোমালোকৰ মাজৰ প্ৰত্যেক সেই ব্যক্তিক দিয়া হৈছিল, যিয়ে তাওবা কৰি নিজ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰে, তথা নিজ প্ৰতিপালকে অনিবাৰ্য্য কৰা বিষয়বোৰ দায়িত্ব সহকাৰে পালন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050032.mp3"},{"index":"33","arabicText":"مَنْ خَشِیَ الرَّحْمٰنَ بِالْغَیْبِ وَجَآءَ بِقَلْبٍ مُّنِیْبِ ۟ۙ","assameseTranslation":"যিসকলে নেদেখাকৈয়ে ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে।","footnotes":"","tafseer":"তথা যিয়ে নিৰ্জনতাতো আল্লাহক ভয় কৰে, যি সময়ত আল্লাহৰ বাহিৰে আন কোনেও তাক দেখা নাপায়। লগতে বিনীতচিত্তে নিৰ্ভেজাল অন্তৰ লৈ আল্লাহৰ সাক্ষাৎ কামনা কৰে তথা বেছি বেছি আল্লাহৰ ওচৰত তাওবা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050033.mp3"},{"index":"34","arabicText":"دْخُلُوْهَا بِسَلٰمٍ ؕ ذٰلِكَ یَوْمُ الْخُلُوْدِ ۟","assameseTranslation":"(তেওঁলোকক কোৱা হ’ব,) ‘শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা; এইটোৱে হৈছে অনন্ত জীৱনৰ দিন’।","footnotes":"","tafseer":"তেওঁলোকক কোৱা হ’বঃ তোমালোকে বিভিন্ন প্ৰকাৰৰ অনিষ্টৰ পৰা নিশ্চিত হৈ শান্তিৰে জান্নাতত প্ৰৱেশ কৰা। এইটোৱে হৈছে শ্বাশ্বত দিৱস, ইয়াৰ পিছত মৃত্যুৰ কল্পনাও কৰিব নোৱাৰি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050034.mp3"},{"index":"35","arabicText":"لَهُمْ مَّا یَشَآءُوْنَ فِیْهَا وَلَدَیْنَا مَزِیْدٌ ۟","assameseTranslation":"তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক (প্ৰতিদান, অৰ্থাৎ আল্লাহ দৰ্শন)।","footnotes":"","tafseer":"তাত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ নিয়ামত উপলব্ধ থাকিব, যিবোৰ কেতিয়াও সমাপ্ত নহ'ব। ইয়াৰ বাহিৰেও আমাৰ ওচৰত এনেকুৱা নিয়ামত আছে, যিবোৰ কোনো চকুৱে দেখা নাই, কোনো কাণেও শুনা নাই, আনকি মানুহৰ অন্তৰেও সেয়া কল্পনা কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আল্লাহৰ দীদাৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050035.mp3"},{"index":"36","arabicText":"وَكَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنْ قَرْنٍ هُمْ اَشَدُّ مِنْهُمْ بَطْشًا فَنَقَّبُوْا فِی الْبِلَادِ ؕ هَلْ مِنْ مَّحِیْصٍ ۟","assameseTranslation":"আৰু আমি সিহঁতৰ পূৰ্বে বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈও অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু?","footnotes":"","tafseer":"মক্কাৰ এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ পূৰ্বেও আমি বহুতো উম্মতক ধ্বংস কৰিছোঁ, যিসকল ইহঁততকৈও অধিক শক্তিশালী আছিল। ফলত সিহঁতে নগৰৰ বিভিন্ন প্ৰান্তত শাস্তিৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ক’তো ঠাই বিচাৰি পোৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050036.mp3"},{"index":"37","arabicText":"اِنَّ فِیْ ذٰلِكَ لَذِكْرٰی لِمَنْ كَانَ لَهٗ قَلْبٌ اَوْ اَلْقَی السَّمْعَ وَهُوَ شَهِیْدٌ ۟","assameseTranslation":"নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।","footnotes":"","tafseer":"নিশ্চয় পূৰ্বৱৰ্তী ধ্বংস হোৱা উম্মতবোৰৰ যিবোৰ ঘটনা বৰ্ণনা কৰা হৈছে, সেইবোৰৰ মাজত এনেকুৱা ব্যক্তিৰ বাবে শিক্ষা তথা পাঠ আছে, যাৰ ওচৰত বুজিবলৈ অন্তৰ আছে অথবা যিয়ে মনোযোগ সহকাৰে কাণ পাতি শুনে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050037.mp3"},{"index":"38","arabicText":"وَلَقَدْ خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَا فِیْ سِتَّةِ اَیَّامٍ ۖۗ وَّمَا مَسَّنَا مِنْ لُّغُوْبٍ ۟","assameseTranslation":"আৰু নিশ্চয় আমি আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰক সৃষ্টি কৰিছোঁ কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাছিল।","footnotes":"","tafseer":"নিশ্চয় আমিয়েই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছোঁ, লগতে আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলো বস্তুক আমি ছয় দিনত সৃষ্টি কৰিছোঁ। যদিও আমি এইবোৰক পলকতে সৃষ্টি কৰিব পাৰিলোঁহেঁতেন। আমাক কোনো ধৰণৰ ক্লান্তই স্পৰ্শ কৰা নাছিল। ইয়াহুদীসকলে যিবোৰ ধাৰণা কৰে সেইবোৰ ধাৰণাৰ কোনো ভিত্তি নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050038.mp3"},{"index":"39","arabicText":"فَاصْبِرْ عَلٰی مَا یَقُوْلُوْنَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوْعِ الشَّمْسِ وَقَبْلَ الْغُرُوْبِ ۟ۚ","assameseTranslation":"এতেকে সিহঁতে যিবোৰ (কষ্টদায়ক) কথা কয় সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত,","footnotes":"","tafseer":"হে ৰাছুল! ইয়াহুদী আৰু অন্যান্য লোকসকলৰ কথাত আপুনি ধৈৰ্য্য ধাৰণ কৰক, লগতে আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা কৰি সূৰ্যোদয়ৰ পূৰ্বে ফজৰৰ চালাত আদায় কৰক আৰু সূৰ্যাস্তৰৰ পূৰ্বে আচৰৰ চালাত আদায় কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050039.mp3"},{"index":"40","arabicText":"وَمِنَ الَّیْلِ فَسَبِّحْهُ وَاَدْبَارَ السُّجُوْدِ ۟","assameseTranslation":"লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত।","footnotes":"","tafseer":"ৰাতিৰ এটা অংশত তেওঁৰ বাবে চালাত আদায় কৰক, আৰু চালাতৰ পিছত তেওঁৰ তাছবীহ পাঠ কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050040.mp3"},{"index":"41","arabicText":"وَاسْتَمِعْ یَوْمَ یُنَادِ الْمُنَادِ مِنْ مَّكَانٍ قَرِیْبٍ ۟ۙ","assameseTranslation":"মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব,","footnotes":"","tafseer":"হে ৰাছুল! মনোযোগ সহকাৰে শুনক, যিদিনা শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050041.mp3"},{"index":"42","arabicText":"یَّوْمَ یَسْمَعُوْنَ الصَّیْحَةَ بِالْحَقِّ ؕ ذٰلِكَ یَوْمُ الْخُرُوْجِ ۟","assameseTranslation":"সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞৰ, সেইটোৱেই হৈছে পুনৰুত্থানৰ দিন।","footnotes":"","tafseer":"সেইদিনা গোটেই সৃষ্টিয়ে সত্য সহকাৰে পুনৰজীৱনৰ বিকট চিঞৰ শুনিবলৈ পাব। ইয়াৰ মাজত কোনো সন্দেহ নাই। যিদিনা সিহঁতে এই বিকট চিঞৰ শুনিবলৈ পাব, সেই দিৱসটোৱে হৈছে কবৰৰ পৰা মৃত ব্যক্তিসকলে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ওলাই অহাৰ দিৱস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050042.mp3"},{"index":"43","arabicText":"اِنَّا نَحْنُ نُحْیٖ وَنُمِیْتُ وَاِلَیْنَا الْمَصِیْرُ ۟ۙ","assameseTranslation":"নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই (সকলোৰে) প্ৰত্যাৱৰ্তন।","footnotes":"","tafseer":"নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু আমিয়েই মৃত্যু প্ৰদান কৰোঁ। আমাৰ বাহিৰে কোনেও জীৱন দিবও নোৱাৰে আৰু মৃত্যুও প্ৰদান কৰিব নোৱাৰে। কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে বান্দাসকলে একমাত্ৰ আমাৰ ওচৰতেই উভতি আহিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050043.mp3"},{"index":"44","arabicText":"یَوْمَ تَشَقَّقُ الْاَرْضُ عَنْهُمْ سِرَاعًا ؕ ذٰلِكَ حَشْرٌ عَلَیْنَا یَسِیْرٌ ۟","assameseTranslation":"যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এনেকৈ একত্ৰিত কৰাটো আমাৰ বাবে অতি সহজ।","footnotes":"","tafseer":"যিদিনা পৃথিৱী ফাট মেলিব আৰু সিহঁতে খৰধৰকৈ লৰ মাৰিব। এইটো হ'ব এনেকুৱা এটা সমাৱেশ, য’ত একত্ৰিত কৰা আমাৰ বাবে অতি সহজ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050044.mp3"},{"index":"45","arabicText":"نَحْنُ اَعْلَمُ بِمَا یَقُوْلُوْنَ وَمَاۤ اَنْتَ عَلَیْهِمْ بِجَبَّارٍ ۫ فَذَكِّرْ بِالْقُرْاٰنِ مَنْ یَّخَافُ وَعِیْدِ ۟۠","assameseTranslation":"সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱাটো তোমাৰ কাম নহয়; এতেকে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰীসকলে যি কথা কৈ আছে সেই বিষয়ে আমি ভালদৰেই জানো। হে ৰাছুল! আপুনি সিহঁতৰ ওপৰত বিষয়া হিচাপে নিযুক্তি লাভ কৰা নাই যে, আপুনি সিহঁতক ঈমান আনিবলৈ বাধ্য কৰিব। বৰং আপুনি হৈছে এজন বাৰ্তাবাহকহে মাত্ৰ, আপুনি কেৱল সেই বাৰ্তা পৌঁচাই দিয়ক যিটো পৌঁচাই দিবলৈ আল্লাহে আপোনাক নিৰ্দেশ কৰিছে। আপুনি কোৰআনৰ জৰিয়তে সেইসকল লোকক সতৰ্ক কৰক, যিসকলে সেই শাস্তিক ভয় কৰে যিটো কাফিৰ আৰু পাপিষ্ঠসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। কিয়নো ভয় পোষণ কৰা ব্যক্তিয়েই উপদেশ গ্ৰহণ কৰে, যেতিয়া তাক উপদেশ দিয়া হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/050045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/050045.mp3"}]