[{"index":"1","arabicText":"وَالنَّجْمِ اِذَا هَوٰی ۟ۙ","assameseTranslation":"শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,","footnotes":"","tafseer":"আল্লাহে তৰাৰ শপত খাইছে, যেতিয়া ই সৰি পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053001.mp3"},{"index":"2","arabicText":"مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوٰی ۟ۚ","assameseTranslation":"তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও হোৱা নাই,","footnotes":"","tafseer":"আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হিদায়তৰ পথৰ পৰা আঁতৰি যোৱা নাই, তথা বিভ্ৰান্তও হোৱা নাই, বৰং তেওঁ সঠিক পথত প্ৰতিষ্ঠিত হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053002.mp3"},{"index":"3","arabicText":"وَمَا یَنْطِقُ عَنِ الْهَوٰی ۟ؕ","assameseTranslation":"আৰু তেওঁ মনে সজা কথা নকয়।","footnotes":"","tafseer":"আৰু তেওঁ এই কোৰআন প্ৰবৃত্তিৰ অনুসৰণ কৰি নকয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053003.mp3"},{"index":"4","arabicText":"اِنْ هُوَ اِلَّا وَحْیٌ یُّوْحٰی ۟ۙ","assameseTranslation":"এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,","footnotes":"","tafseer":"এই কোৰআন হৈছে অহী। আল্লাহে জিব্ৰীল আলাইহিইচ্ছালামৰ মাধ্যমত তেওঁৰ ওচৰলৈ এই অহী প্ৰেৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053004.mp3"},{"index":"5","arabicText":"عَلَّمَهٗ شَدِیْدُ الْقُوٰی ۟ۙ","assameseTranslation":"তেওঁক শিক্ষা দান কৰে, প্ৰবল শক্তিধৰ (ফিৰিস্তা জিব্ৰীলে),","footnotes":"","tafseer":"শক্তিশালী ফিৰিস্তাই অৰ্থাৎ জিব্ৰীল আলাইহিচ্ছালামে তেওঁক শিকায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053005.mp3"},{"index":"6","arabicText":"ذُوْ مِرَّةٍ ؕ فَاسْتَوٰی ۟ۙ","assameseTranslation":"সৌন্দৰ্যপূৰ্ণ সত্ত্বা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল,","footnotes":"","tafseer":"জিব্ৰীল আলাইহিচ্ছালাম হৈছে উৎকৃষ্ট আকৃতিৰ অধিকাৰী। আল্লাহে তেওঁক যি আকৃতিত সৃষ্টি কৰিছে সেই আকৃতিতেই তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত প্ৰকট হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053006.mp3"},{"index":"7","arabicText":"وَهُوَ بِالْاُفُقِ الْاَعْلٰی ۟ؕ","assameseTranslation":"আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,","footnotes":"","tafseer":"তেতিয়া জিব্ৰীল আলাইহিচ্ছালাম আছিল আকাশৰ ঊৰ্দ্ধদিগন্তত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053007.mp3"},{"index":"8","arabicText":"ثُمَّ دَنَا فَتَدَلّٰی ۟ۙ","assameseTranslation":"তাৰ পিছত তেওঁ (ৰাছুলৰ) নিকটৱৰ্তী হ’ল, অতি নিকটৱৰ্তী,","footnotes":"","tafseer":"ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটৱৰ্তী হৈছিল, তথা আৰু ওচৰ চাপি আহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053008.mp3"},{"index":"9","arabicText":"فَكَانَ قَابَ قَوْسَیْنِ اَوْ اَدْنٰی ۟ۚ","assameseTranslation":"ফলত উভয়ৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।","footnotes":"","tafseer":"তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দুখন ধেনুৰ দূৰত্বত অৱস্থান কৰিছিল অথবা তাতোকৈ কম দূৰত্বত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053009.mp3"},{"index":"10","arabicText":"فَاَوْحٰۤی اِلٰی عَبْدِهٖ مَاۤ اَوْحٰی ۟ؕ","assameseTranslation":"তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া আছিল সেয়া অহী কৰিলে।","footnotes":"","tafseer":"তেতিয়া জিব্ৰীল আলাইহিচ্ছালামে আল্লাহৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক যি অহী দিবলগীয়া আছিল সেয়া দিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053010.mp3"},{"index":"11","arabicText":"مَا كَذَبَ الْفُؤَادُ مَا رَاٰی ۟","assameseTranslation":"তেওঁ যি দেখিছে, তেওঁৰ অন্তৰে সেইবোৰক অস্বীকাৰ কৰা নাই;","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি যি দেখিছে, তেওঁৰ অন্তৰে সেয়া অস্বীকাৰ কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053011.mp3"},{"index":"12","arabicText":"اَفَتُمٰرُوْنَهٗ عَلٰی مَا یَرٰی ۟","assameseTranslation":"তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সেইবোৰ বিষয়লৈ বিতৰ্ক কৰা নেকি, যিবোৰ আল্লাহে তেওঁক ‘ইছৰা’ৰ ৰাতিত দেখুৱাইছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053012.mp3"},{"index":"13","arabicText":"وَلَقَدْ رَاٰهُ نَزْلَةً اُخْرٰی ۟ۙ","assameseTranslation":"আৰু নিশ্চয় তেওঁক তেওঁ আৰু এবাৰ দেখিছিল।","footnotes":"","tafseer":"মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিচ্ছালামক আৰু এবাৰ প্ৰকৃত আকৃতিত দেখা পাইছিল ইছৰাৰ ৰাতিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053013.mp3"},{"index":"14","arabicText":"عِنْدَ سِدْرَةِ الْمُنْتَهٰی ۟","assameseTranslation":"ছিদৰাতুল মুনতাহাৰ ওচৰত,","footnotes":"","tafseer":"ছিদৰাতুল মুনতাহাৰ ওচৰত। সেয়া হৈছে সপ্তম আকাশত থকা এজোপা প্ৰকাণ্ড বৃক্ষ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053014.mp3"},{"index":"15","arabicText":"عِنْدَهَا جَنَّةُ الْمَاْوٰی ۟ؕ","assameseTranslation":"যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।","footnotes":"","tafseer":"এই গছজোপাৰ ওচৰতেই আছে জান্নাতুল মা’ওৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053015.mp3"},{"index":"16","arabicText":"اِذْ یَغْشَی السِّدْرَةَ مَا یَغْشٰی ۟ۙ","assameseTranslation":"যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল,","footnotes":"","tafseer":"আল্লাহৰ আদেশত বিশাল বস্তু এটাই যেতিয়া ছিদৰাক আচ্ছাদিত কৰিছিল, যিটোৰ বাস্তৱিকতা সম্পৰ্কে একমাত্ৰ আল্লাহেই অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053016.mp3"},{"index":"17","arabicText":"مَا زَاغَ الْبَصَرُ وَمَا طَغٰی ۟","assameseTranslation":"তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।","footnotes":"","tafseer":"তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৃষ্টি সোঁৱে-বাঁওৱেও যোৱা নাছিল, আৰু যি দেখিবলৈ আদেশ দিয়া হৈছিল সেই সীমা অতিক্ৰমো কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053017.mp3"},{"index":"18","arabicText":"لَقَدْ رَاٰی مِنْ اٰیٰتِ رَبِّهِ الْكُبْرٰی ۟","assameseTranslation":"নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ কিছুমান মহান নিদৰ্শনাৱলী দেখিছিল;","footnotes":"","tafseer":"নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে মিৰাজৰ ৰাতিত তেওঁৰ প্ৰতিপালকৰ মহা নিদৰ্শনসমূহ প্ৰত্যক্ষ কৰিছে, যিবোৰে মহান আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। এতেকে তেওঁ জান্নাত, জাহান্নাম আৰু অন্যান্য কেইবাটাও বস্তু দেখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053018.mp3"},{"index":"19","arabicText":"اَفَرَءَیْتُمُ اللّٰتَ وَالْعُزّٰی ۟ۙ","assameseTranslation":"এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা?","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! আল্লাহৰ বাহিৰে তোমালোকে উপাসনা কৰা লাত আৰু উঝঝা সম্পৰ্কে তোমালোকৰ ধাৰণা কি?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053019.mp3"},{"index":"20","arabicText":"وَمَنٰوةَ الثَّالِثَةَ الْاُخْرٰی ۟","assameseTranslation":"আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?","footnotes":"","tafseer":"আৰু তোমালোকৰ তৃতীয় মূৰ্তি মানাত সম্পৰ্কে ধাৰণা কি? কোৱাচোন তোমালোকে, এইবোৰে তোমালোকক কোনো উপকাৰ বা অপকাৰ কৰিব পাৰিবনে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053020.mp3"},{"index":"21","arabicText":"اَلَكُمُ الذَّكَرُ وَلَهُ الْاُ ۟","assameseTranslation":"এইটো কেনে ধৰণৰ কথা, তোমালোকৰ বাবে পুত্ৰ সন্তান আৰু আল্লাহৰ বাবে কন্যা সন্তান?","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকে নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, অথচ পৱিত্ৰ আল্লাহৰ বাবে তোমালোকে কন্যা সন্তান নিৰ্ধাৰণ কৰা, যিটোক তোমালোকে অপছন্দ কৰা?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053021.mp3"},{"index":"22","arabicText":"تِلْكَ اِذًا قِسْمَةٌ ضِیْزٰی ۟","assameseTranslation":"তেনেহ’লে এয়া দেখোন এটা অসঙ্গত বণ্টন।","footnotes":"","tafseer":"এই বণ্টন যিটো তোমালোকে নিজৰ প্ৰবৃত্তিৰ চাহিদা অনুসাৰে কৰিছা, সেইটো হৈছে নিশ্চিতভাৱে অসঙ্গত বণ্টন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053022.mp3"},{"index":"23","arabicText":"اِنْ هِیَ اِلَّاۤ اَسْمَآءٌ سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّاۤ اَنْزَلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَمَا تَهْوَی الْاَنْفُسُ ۚ وَلَقَدْ جَآءَهُمْ مِّنْ رَّبِّهِمُ الْهُدٰی ۟ؕ","assameseTranslation":"দৰাচলতে এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নিজেই ৰাখিছা, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰহে অনুসৰণ কৰে, অথচ নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহি পৰিছে।","footnotes":"","tafseer":"এই মূৰ্ত্তিবোৰ দৰাচলতে অৰ্থহীন নামৰ বাহিৰে আন একো নহয়। এইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। এইবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে নিজৰ ফালৰ পৰা নামকৰণ কৰিছা, ইয়াৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। মুশ্বৰিকসকলে আক্বীদাৰ ক্ষেত্ৰত কেৱল অনুমান আৰু নিজৰ মনৰ চাহিদাৰহে অনুসৰণ কৰে, যিটোক চয়তানে সিহঁতৰ অন্তৰত শোভনীয় কৰি দিয়ে। অথচ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মাধ্যমত সিহঁতৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিদায়ত আহি পৰিছে। তথাপিও সিহঁতে ইয়াক আঁকোৱালি লোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053023.mp3"},{"index":"24","arabicText":"اَمْ لِلْاِنْسَانِ مَا تَمَنّٰی ۟ؗۖ","assameseTranslation":"মানুহে যি বিচাৰে সেইটোৱে সি পায়নে?","footnotes":"","tafseer":"মানুহৰ এই আশা পূৰণ হ’বনে যে, এই মূৰ্তিবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰিব?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053024.mp3"},{"index":"25","arabicText":"فَلِلّٰهِ الْاٰخِرَةُ وَالْاُوْلٰی ۟۠","assameseTranslation":"প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।","footnotes":"","tafseer":"নহয়, সিহঁতৰ এই আশা কেতিয়াও পূৰণ নহয়। কিয়নো পৃথিৱী আৰু আখিৰাত হৈছে একমাত্ৰ আল্লাহৰ ক্ষমতাৰ অধীনত। তেওঁ এই দুয়ো ঠাইৰ পৰা যিমান ইচ্ছা কৰে প্ৰদান কৰে আৰু যিমান ইচ্ছা কৰে বঞ্চিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053025.mp3"},{"index":"26","arabicText":"وَكَمْ مِّنْ مَّلَكٍ فِی السَّمٰوٰتِ لَا تُغْنِیْ شَفَاعَتُهُمْ شَیْـًٔا اِلَّا مِنْ بَعْدِ اَنْ یَّاْذَنَ اللّٰهُ لِمَنْ یَّشَآءُ وَیَرْضٰی ۟","assameseTranslation":"আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, যিসকলৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাক অনুমতি দিলে (তাৰ বিষয়টো সুকীয়া)।","footnotes":"","tafseer":"আকাশমণ্ডলত অসংখ্য ফিৰিস্তা আছে, যদি তেওঁলোকে কাৰোবাৰ বিষয়ে মধ্যস্ততা কৰিব বিচাৰে তেন্তে তেওঁলোকৰ মধ্যস্ততা কোনো কামত নাহিব। কিন্তু তেওঁলোকৰ মাজৰ পৰা যাক আল্লাহে মধ্যস্ততা কৰাৰ অনুমতি দিব তাৰ বিষয়টো সুকীয়া, আৰু যাৰ সপক্ষে মধ্যস্ততা কৰিব তাৰ ওপৰতো আল্লাহ সন্তুষ্ট হ’ব লাগিব। কিয়নো আল্লাহে কোনো মুশ্বৰিক ব্যক্তিৰ সপক্ষে কেতিয়াও মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান নকৰিব। তথা তেওঁ এনেকুৱা কোনো ব্যক্তিৰ প্ৰতিও সন্তুষ্ট নহ’ব, যিয়ে তেওঁৰ বাহিৰে আনৰ উপাসনা কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053026.mp3"},{"index":"27","arabicText":"اِنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ لَیُسَمُّوْنَ الْمَلٰٓىِٕكَةَ تَسْمِیَةَ الْاُ ۟","assameseTranslation":"নিশ্চয় যিসকলে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে;","footnotes":"","tafseer":"যিসকলে আখিৰাতৰ জীৱনক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীসকলৰ নামেৰে নামকৰণ কৰে, তথা এই আক্বীদাহ পোষণ কৰে যে, তেওঁলোক হৈছে আল্লাহৰ জীয়াৰী। আল্লাহ সিহঁতৰ এনেকুৱা আৰোপৰ পৰা বহুগুণে ঊৰ্দ্ধত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053027.mp3"},{"index":"28","arabicText":"وَمَا لَهُمْ بِهٖ مِنْ عِلْمٍ ؕ اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ ۚ وَاِنَّ الظَّنَّ لَا یُغْنِیْ مِنَ الْحَقِّ شَیْـًٔا ۟ۚ","assameseTranslation":"অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰহে অনুসৰণ কৰে; আৰু নিশ্চয় সত্যৰ মুকাবিলাত অনুমানৰ কোনো মূল্য নাই।","footnotes":"","tafseer":"অথচ এই নাৰীবাচক নামকৰণৰ সপক্ষে সিহঁতৰ ওচৰত কোনো ধৰণৰ নিৰ্ভৰযোগ্য জ্ঞান নাই। এইক্ষেত্ৰত সিহঁতে কেৱল ভ্ৰম আৰু অনুমানৰহে অনুকৰণ কৰে। অনুমানে সত্যৰ স্থান লোৱাতো দূৰৰ কথা, সত্যৰ কাষ চাপিবও নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053028.mp3"},{"index":"29","arabicText":"فَاَعْرِضْ عَنْ مَّنْ تَوَلّٰی ۙ۬ عَنْ ذِكْرِنَا وَلَمْ یُرِدْ اِلَّا الْحَیٰوةَ الدُّنْیَا ۟ؕ","assameseTranslation":"এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সেই ব্যক্তিক আওকাণ কৰক, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হৈছে আৰু যিয়ে ইয়াৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে, পাৰ্থিৱ জীৱনৰ বাহিৰে যিয়ে একো নিবিচাৰে, তথা আখিৰাতৰ বাবে কোনো কাম নকৰে, কাৰণ সি ইয়াৰ প্ৰতি বিশ্বাসেই নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053029.mp3"},{"index":"30","arabicText":"ذٰلِكَ مَبْلَغُهُمْ مِّنَ الْعِلْمِ ؕ اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ ۙ وَهُوَ اَعْلَمُ بِمَنِ اهْتَدٰی ۟","assameseTranslation":"এইটোৱে হৈছে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভালদৰে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভালদৰে জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।","footnotes":"","tafseer":"এই মুশ্বৰিকসকলে ফিৰিস্তাসকলক যিদৰে নাৰীবাচক নাম দি আছে, দৰাচলতে সিহঁতৰ জ্ঞানৰ সীমা সিমানেই, কাৰণ সিহঁত হৈছে মুৰ্খ। সিহঁত ইয়াক্বীনত উপনীত হ’ব পৰা নাই। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই ব্যক্তিক ভালকৈয়ে জানে, যিয়ে সত্যৰ পথৰ পৰা আঁতৰি গৈছে, আনহাতে সেই ব্যক্তিকো ভালকৈ জানে, যিয়ে হিদায়তৰ পথত পৰিচালিত হৈছে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053030.mp3"},{"index":"31","arabicText":"وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۙ لِیَجْزِیَ الَّذِیْنَ اَسَآءُوْا بِمَا عَمِلُوْا وَیَجْزِیَ الَّذِیْنَ اَحْسَنُوْا بِالْحُسْنٰی ۟ۚ","assameseTranslation":"আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। যাতে তেওঁ সেইসকল লোকক বেয়া প্ৰতিফল দিব পাৰে যিসকলে বেয়া কৰ্ম কৰে, আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,","footnotes":"","tafseer":"আকাশমণ্ডলৰ সকলো বস্তু আল্লাহৰেই, আৰু পৃথিৱীৰো সকলো বস্তু আল্লাহৰেই। তেৱেঁই এইবোৰৰ মালিক, তেৱেঁই সৃষ্টিকৰ্তা আৰু তেৱেঁই পৰিচালক। যাতে আল্লাহে সেইসকল লোকক উচিত শাস্তি প্ৰদান কৰিব পাৰে, যিসকলে পৃথিৱীত বেয়া কৰ্ম কৰে। আনহাতে সৎকৰ্ম কৰা মুমিনসকলক যাতে জান্নাত প্ৰদান কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053031.mp3"},{"index":"32","arabicText":"اَلَّذِیْنَ یَجْتَنِبُوْنَ كَبٰٓىِٕرَ الْاِثْمِ وَالْفَوَاحِشَ اِلَّا اللَّمَمَ ؕ اِنَّ رَبَّكَ وَاسِعُ الْمَغْفِرَةِ ؕ هُوَ اَعْلَمُ بِكُمْ اِذْ اَنْشَاَكُمْ مِّنَ الْاَرْضِ وَاِذْ اَنْتُمْ اَجِنَّةٌ فِیْ بُطُوْنِ اُمَّهٰتِكُمْ ۚ فَلَا تُزَكُّوْۤا اَنْفُسَكُمْ ؕ هُوَ اَعْلَمُ بِمَنِ اتَّقٰی ۟۠","assameseTranslation":"যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপকৰ্ম আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।","footnotes":"","tafseer":"যিসকলে অশ্লীল কৰ্ম তথা মহাপাপসমূহৰ পৰা বিৰত থাকে, যদিও সৰু-সুৰা গুনাহ কেতিয়াবা হৈ যায়, কিন্তু আল্লাহে এইবোৰ ক্ষমা কৰি দিব, যিহেতু তেওঁলোকে মহাপাপসমূহৰ পৰা বিৰত আছিল আৰু বেছি বেছি সৎকৰ্ম কৰিছিল। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক ক্ষমা কৰাৰ ক্ষেত্ৰত অতি উদাৰ। বান্দাসকলে তাওবা কৰাৰ লগে লগে তেওঁ সিহঁতক ক্ষমা কৰি দিয়ে। তেওঁ তোমালোকৰ বিষয়ে সেইসময়ৰ পৰাই অৱগত, যেতিয়া তেওঁ তোমালোকৰ আদি পিতা আদমক মাটিৰ পৰা সৃষ্টি কৰিছিল, আৰু যেতিয়া তোমালোকে মাকৰ পেটত ভ্ৰুণৰূপে বিভিন্ন ধাপ অতিক্ৰম কৰি ভূমিষ্ঠ হৈছিলা। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। এতেকে তোমালোকে নিজেই নিজৰ ধৰ্মভীৰুতাৰ প্ৰশংসা নকৰিবা। কাৰণ পৱিত্ৰ আল্লাহে ভালদৰেই জানে, তোমালোকৰ মাজৰ কোনে তেওঁৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053032.mp3"},{"index":"33","arabicText":"اَفَرَءَیْتَ الَّذِیْ تَوَلّٰی ۟ۙ","assameseTranslation":"তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে?","footnotes":"","tafseer":"আপুনি সেই ব্যক্তিৰ দুৰ্দশা দেখা পাইছেনে, যিয়ে ইছলামৰ ওচৰ চাপিও ইছলামৰ পৰা বিমুখ হৈছে?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053033.mp3"},{"index":"34","arabicText":"وَاَعْطٰی قَلِیْلًا وَّاَكْدٰی ۟","assameseTranslation":"আৰু কিঞ্চিতহে দান কৰে, তাৰ পিছত বন্ধ কৰি দিয়ে?","footnotes":"","tafseer":"কিঞ্চিত দান কৰিছে আৰু তাৰ পিছত বন্ধ কৰি দিছে। কিয়নো কৃপণালি তাৰ সিৰাই সিৰাই সোমাইছে। ইয়াৰ পিছতো সি নিজৰ গুণ গাই ফুৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053034.mp3"},{"index":"35","arabicText":"اَعِنْدَهٗ عِلْمُ الْغَیْبِ فَهُوَ یَرٰی ۟","assameseTranslation":"তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে?","footnotes":"","tafseer":"তাৰ ওচৰত গায়েবৰ জ্ঞান আছে নেকি, যাৰ ফলত সি সকলো দেখা পাই আছে আৰু সি গায়েবৰ বিষয়ে আলোচনা কৰি আছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053035.mp3"},{"index":"36","arabicText":"اَمْ لَمْ یُنَبَّاْ بِمَا فِیْ صُحُفِ مُوْسٰی ۟ۙ","assameseTranslation":"অথবা মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহিত কৰা হোৱা নাইনে?","footnotes":"","tafseer":"নে সি আল্লাহৰ ওপৰত মিছা আৰোপ কৰি আছে? আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা এই ব্যক্তিক মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থত যি লিখা আছে সেই সম্পৰ্কে অৱগত কৰা হোৱা নাই নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053036.mp3"},{"index":"37","arabicText":"وَاِبْرٰهِیْمَ الَّذِیْ وَ ۟ۙ","assameseTranslation":"আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)?","footnotes":"","tafseer":"আৰু ইব্ৰাহীম আলাইহিচ্ছালামৰ ছহীফাত লিখা বাণী সম্পৰ্কে, যিজনে তেওঁৰ প্ৰতিপালকে অৰ্পন কৰা সকলো দায়িত্ব পালন কৰিছিল তথা পূৰণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053037.mp3"},{"index":"38","arabicText":"اَلَّا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰی ۟ۙ","assameseTranslation":"এতেকে কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব,","footnotes":"","tafseer":"কোনো মানুহেই আনৰ গুনাহৰ বোজা বহন নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053038.mp3"},{"index":"39","arabicText":"وَاَنْ لَّیْسَ لِلْاِنْسَانِ اِلَّا مَا سَعٰی ۟ۙ","assameseTranslation":"জানি থোৱা, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,","footnotes":"","tafseer":"মানুহে কেৱল নিজে কৰা কৰ্মৰহে প্ৰতিদান লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053039.mp3"},{"index":"40","arabicText":"وَاَنَّ سَعْیَهٗ سَوْفَ یُرٰی ۪۟","assameseTranslation":"আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---","footnotes":"","tafseer":"শীঘ্ৰেই কিয়ামতৰ দিনা তাৰ আমলনামা দেখুৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053040.mp3"},{"index":"41","arabicText":"ثُمَّ یُجْزٰىهُ الْجَزَآءَ الْاَوْفٰی ۟ۙ","assameseTranslation":"তাৰ পিছত তাক দিয়া হ’ব পূৰ্ণ প্ৰতিদান,","footnotes":"","tafseer":"ইয়াৰ পিছত তাক তাৰ আমলৰ প্ৰতিদান কোনো প্ৰকাৰ হ্ৰাস নকৰাকৈয়ে পৰিপূৰ্ণভাৱে দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053041.mp3"},{"index":"42","arabicText":"وَاَنَّ اِلٰی رَبِّكَ الْمُنْتَهٰی ۟ۙ","assameseTranslation":"আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,","footnotes":"","tafseer":"হে ৰাছুল! বান্দাসকলে মৃত্যুবৰণ কৰাৰ পিছত আপোনাৰ প্ৰতিপালকৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053042.mp3"},{"index":"43","arabicText":"وَاَنَّهٗ هُوَ اَضْحَكَ وَاَبْكٰی ۟ۙ","assameseTranslation":"আৰু নিশ্চয় তেৱেঁই হঁহুৱায় আৰু তেৱেঁই কন্দুৱায়,","footnotes":"","tafseer":"নিশ্চয় তেওঁ যাক আনন্দিত কৰিব বিচাৰে, তাক হঁহুৱায়। আৰু যাক দুশ্চিন্তাগ্ৰস্ত কৰিব বিচাৰে, তাক কন্দুৱায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053043.mp3"},{"index":"44","arabicText":"وَاَنَّهٗ هُوَ اَمَاتَ وَاَحْیَا ۟ۙ","assameseTranslation":"আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে,","footnotes":"","tafseer":"তেৱেঁই পৃথিৱীত জীৱিতসকলক মৃত্যু প্ৰদান কৰে, আৰু মৃতসকলক আখিৰাতত জীৱন দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053044.mp3"},{"index":"45","arabicText":"وَاَنَّهٗ خَلَقَ الزَّوْجَیْنِ الذَّكَرَ وَالْاُ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,","footnotes":"","tafseer":"তেৱেঁই দুয়োবিধক অৰ্থাৎ নৰ আৰু নাৰীক সৃষ্টি কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053045.mp3"},{"index":"46","arabicText":"مِنْ نُّطْفَةٍ اِذَا تُمْنٰی ۪۟","assameseTranslation":"শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,","footnotes":"","tafseer":"বীৰ্যৰ দ্বাৰা, যেতিয়া ইয়াক গৰ্ভাশয়ত ৰখা হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053046.mp3"},{"index":"47","arabicText":"وَاَنَّ عَلَیْهِ النَّشْاَةَ الْاُخْرٰی ۟ۙ","assameseTranslation":"আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,","footnotes":"","tafseer":"সিহঁতৰ মৃত্যুৰ পিছত সিহঁতক তেৱেঁই জীৱন দান কৰি পুনৰুত্থিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053047.mp3"},{"index":"48","arabicText":"وَاَنَّهٗ هُوَ اَغْنٰی وَاَقْنٰی ۟ۙ","assameseTranslation":"আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,","footnotes":"","tafseer":"তেৱেঁই বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে সম্পদ প্ৰদান কৰি ধনী বনায়। এনেকুৱা সম্পদ প্ৰদান কৰে, যিবোৰ মানুহে সঞ্চয় কৰি ৰাখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053048.mp3"},{"index":"49","arabicText":"وَاَنَّهٗ هُوَ رَبُّ الشِّعْرٰی ۟ۙ","assameseTranslation":"আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা (লুব্ধক) নক্ষত্ৰৰ প্ৰতিপালক।","footnotes":"","tafseer":"নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নামক তৰাৰ প্ৰতিপালক, যাক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ কৰি পূজা-পাঠ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053049.mp3"},{"index":"50","arabicText":"وَاَنَّهٗۤ اَهْلَكَ عَادَا لْاُوْلٰی ۟ۙ","assameseTranslation":"আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,","footnotes":"","tafseer":"ইতিপূৰ্বে তেৱেঁই হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় ‘আদ’ক ধ্বংস কৰিছে, যেতিয়া সিহঁতে কুফৰীত অটল আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053050.mp3"},{"index":"51","arabicText":"وَثَمُوْدَاۡ فَمَاۤ اَبْقٰی ۟ۙ","assameseTranslation":"আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।","footnotes":"","tafseer":"আৰু তেৱেঁই ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদক ধ্বংস কৰিছে। এতেকে সিহঁতৰ মাজৰ কাকো এৰি দিয়া নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053051.mp3"},{"index":"52","arabicText":"وَقَوْمَ نُوْحٍ مِّنْ قَبْلُ ؕ اِنَّهُمْ كَانُوْا هُمْ اَظْلَمَ وَاَطْغٰی ۟ؕ","assameseTranslation":"আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।","footnotes":"","tafseer":"আদ আৰু ছামূদৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়কো ধ্বংস কৰিছিল। নিশ্চয় নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়, আদ আৰু ছামূদ সম্প্ৰদায়তকৈও অধিক অন্যায়কাৰী আৰু অবাধ্য আছিল। কিয়নো নূহ আলাইহিচ্ছালামে সিহঁতৰ মাজত পঞ্চাচ বছৰ কম এহেজাৰ বছৰ অৱস্থান কৰিছিল আৰু সিহঁতক তাওহীদৰ পিনে আহ্বান কৰিছিল কিন্তু তথাপিও সিহঁতে স্বীকাৰ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053052.mp3"},{"index":"53","arabicText":"وَالْمُؤْتَفِكَةَ اَهْوٰی ۟ۙ","assameseTranslation":"আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল,","footnotes":"","tafseer":"আৰু লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ক ওপৰলৈ উঠাই ওলোটাই দিছিল আৰু তাৰ পিছত পৃথিৱীত নিক্ষেপ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053053.mp3"},{"index":"54","arabicText":"فَغَشّٰىهَا مَا غَشّٰی ۟ۚ","assameseTranslation":"তাৰ পিছত সেইটোক আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।","footnotes":"","tafseer":"সিহঁতক ওপৰলৈ উঠাই মাটিত পেলাই দিয়াৰ পিছত সিহঁতৰ ওপৰত শিল বৰ্ষণ কৰি ঢাকি দিয়া হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053054.mp3"},{"index":"55","arabicText":"فَبِاَیِّ اٰلَآءِ رَبِّكَ تَتَمَارٰی ۟","assameseTranslation":"এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক সন্দেহ কৰিবা?","footnotes":"","tafseer":"হে মানৱ! তোমাৰ প্ৰতিপালকৰ ক্ষমতাৰ প্ৰমাণ বহন কৰা কোন কোনটো নিদৰ্শনক তুমি সন্দেহ কৰিবা, তথা শিক্ষা লোৱাৰ পৰা বিৰত থাকিবা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053055.mp3"},{"index":"56","arabicText":"هٰذَا نَذِیْرٌ مِّنَ النُّذُرِ الْاُوْلٰی ۟","assameseTranslation":"অতীতৰ সতৰ্ককাৰীসকলৰ দৰেই, এই নবীও এজন সতৰ্ককাৰী।","footnotes":"","tafseer":"তোমালোকৰ প্ৰতি প্ৰেৰিত হোৱা এইজন ৰাছুলো পূৰ্বৱৰ্তী ৰাছুলসকলৰেই এটা অংশ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053056.mp3"},{"index":"57","arabicText":"اَزِفَتِ الْاٰزِفَةُ ۟ۚ","assameseTranslation":"কিয়ামত নিকটৱৰ্তী।","footnotes":"","tafseer":"কিয়ামত ওচৰ চাপিছে, অতি নিকটৱৰ্তী হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053057.mp3"},{"index":"58","arabicText":"لَیْسَ لَهَا مِنْ دُوْنِ اللّٰهِ كَاشِفَةٌ ۟ؕ","assameseTranslation":"আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।","footnotes":"","tafseer":"আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে, তথা তেওঁৰ বাহিৰে ইয়াৰ সঠিক তথ্য সম্পৰ্কেও অৱগত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053058.mp3"},{"index":"59","arabicText":"اَفَمِنْ هٰذَا الْحَدِیْثِ تَعْجَبُوْنَ ۟ۙ","assameseTranslation":"তোমালোকে এই কথাত বিস্ময়বোধ কৰিছা নেকি?","footnotes":"","tafseer":"এই কোৰআন, যিখন তোমালোকৰ সন্মুখত তিলাৱত কৰা হয়, এইখন আল্লাহৰ ফালৰ পৰা বুলি তোমালোকে ইয়াকলৈ আশ্চৰ্য প্ৰকাশ কৰা নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053059.mp3"},{"index":"60","arabicText":"وَتَضْحَكُوْنَ وَلَا تَبْكُوْنَ ۟ۙ","assameseTranslation":"আৰু হাঁহি-ঠাট্টা কৰি আছা! কন্দা নাই?","footnotes":"","tafseer":"তথা ইয়াক ঠাট্টা কৰি হাঁহি থকা? আৰু ইয়াৰ উপদেশ শুনি অশ্ৰুশিক্ত নোহোৱা কিয়?!","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053060.mp3"},{"index":"61","arabicText":"وَاَنْتُمْ سٰمِدُوْنَ ۟","assameseTranslation":"তোমালোক হৈছা উদাসীন,","footnotes":"","tafseer":"এই ক্ষেত্ৰত তোমালোকে অমনোযোগী হৈ আছা, অকণো ভ্ৰূক্ষেপ নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053061.mp3"},{"index":"62","arabicText":"فَاسْجُدُوْا لِلّٰهِ وَاعْبُدُوْا ۟","assameseTranslation":"এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰেই ইবাদত কৰা।","footnotes":"","tafseer":"এতেকে একমাত্ৰ আল্লাহকেই ছাজদাহ কৰা আৰু নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/053062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/053062.mp3"}]