[{"index":"1","arabicText":"سَبَّحَ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۚ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সকলোৱে আল্লাহৰ মহত্ব বৰ্ণনা কৰে, আৰু সিহঁতে সেই সকলো বস্তুৰ পৰা তেওঁৰ পৱিত্ৰতাৰ গুণ গান গায়, যিটো তেওঁৰ মৰ্যদাৰ অনুৰূপ নহয়। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয়ত প্ৰণয়নত আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059001.mp3"},{"index":"2","arabicText":"هُوَ الَّذِیْۤ اَخْرَجَ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ مِنْ دِیَارِهِمْ لِاَوَّلِ الْحَشْرِ ؔؕ مَا ظَنَنْتُمْ اَنْ یَّخْرُجُوْا وَظَنُّوْۤا اَنَّهُمْ مَّانِعَتُهُمْ حُصُوْنُهُمْ مِّنَ اللّٰهِ فَاَتٰىهُمُ اللّٰهُ مِنْ حَیْثُ لَمْ یَحْتَسِبُوْاۗ وَقَذَفَ فِیْ قُلُوْبِهِمُ الرُّعْبَ یُخْرِبُوْنَ بُیُوْتَهُمْ بِاَیْدِیْهِمْ وَاَیْدِی الْمُؤْمِنِیْنَ ۗ فَاعْتَبِرُوْا یٰۤاُولِی الْاَبْصَارِ ۟","assameseTranslation":"আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল তেৱেঁই সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁত নিৰ্বাসিত হ’ব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ (শাস্তিৰ) পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰলৈ আল্লাহৰ আযাব এনেকুৱা ঠাইৰ পৰা আহিল যিটো সিহঁতে কল্পনাও কৰিব পৰা নাছিল; আৰু সিহঁতৰ অন্তৰত আতংক সঞ্চাৰ কৰিলে। ফলত সিহঁতে নিজ হাতেৰে আৰু মুমিনসকলৰ হতোৱাই নিজৰ ঘৰ-দুৱাৰ ধ্বংস কৰিলে; এতেকে হে দৃষ্টিসম্পন্ন ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।","footnotes":"","tafseer":"তেৱেঁই বনু নজীৰৰ ইয়াহুদীসকলক যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰিছিল, মদীনাত স্থিতিত সিহঁতৰ ঘৰৰ পৰা প্ৰথম আক্ৰমণতে সিহঁতক শ্বাম দেশলৈ বহিষ্কাৰ কৰিছিল। ইহঁত আছিল তাওৰাত ধাৰণকাৰী ইয়াহুদী। এই ঘটনা সংঘটিত হৈছিল যেতিয়া সিহঁতে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছিল আৰু মুশ্বৰিকসকলৰ সৈতে থিয় দিছিল। আল্লাহে সিহঁতক শ্বাম দেশলৈ খেদি পঠিয়াইছিল। আনহাতে সিহঁত ইমান শক্তিশালী আৰু ক্ষমতাশীল আছিল যে, (হে মুমিনসকল) তোমালোকে ভবাও নাছিলা যে, সিহঁতে কেতিয়াবা নিজৰ ঘৰৰ পৰা বহিষ্কৃত হ’ব। আনকি সিহঁতে নিজেও ভাবি আছিল যে, সিহঁতে বনোৱা মজবুত দুৰ্গই সিহঁতক আল্লাহৰ গ্ৰেপ্তাৰী আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব। কিন্তু আল্লাহৰ শাস্তি সিহঁতৰ ওচৰত ক’ৰ পৰা আহিল, সিহঁতে গমিও চাব পৰা নাছিল, যেতিয়া আল্লাহে তেওঁৰ ৰাছুলক সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আৰু সিহঁতক সিহঁতৰ ঘৰৰ পৰা উলিয়াই দিবলৈ আদেশ দিছিল। লগতে আল্লাহে সিহঁতৰ অন্তৰত ভয়-ভীতি সোমাই দিছিল, ফলত সিহঁতে নিজ হাতেৰে নিজৰ ঘৰৰ ভিতৰৰ বয়-বস্তু ধ্বংস কৰিছিল। যাতে মুছলিমসকলে এইবোৰৰ দ্বাৰা উপকৃত হ’ব নোৱাৰে। গতিকে হে জ্ঞানীসকল! কুফৰী কৰাৰ কাৰণে সিহঁতৰ যি পৰিণাম হ'ল, তাৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সিহঁতৰ দৰে নহ'বা। অন্যথা সিহঁতৰ দৰেই পৰিণাম আৰু শাস্তি ভোগ কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059002.mp3"},{"index":"3","arabicText":"وَلَوْلَاۤ اَنْ كَتَبَ اللّٰهُ عَلَیْهِمُ الْجَلَآءَ لَعَذَّبَهُمْ فِی الدُّنْیَا ؕ وَلَهُمْ فِی الْاٰخِرَةِ عَذَابُ النَّارِ ۟","assameseTranslation":"আৰু যদি আল্লাহে সিহঁতৰ বাবে নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক পৃথিৱীতেই (বেলেগ কোনো) শাস্তি বিহিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।","footnotes":"","tafseer":"যদি আল্লাহে সিহঁতৰ ভাগ্যত নিৰ্বাসনদণ্ড নিৰ্ধাৰণ নকৰিলেহেঁতেন তেন্তে আল্লাহে সিহঁতক পৃথিৱীত হত্যা আৰু বন্দীৰ শাস্তি বিহিলেহেঁতেন। এইদৰে পৰকালতো সিহঁতৰ বাবে আছে অগ্নিৰ শাস্তি, যিটো সিহঁতৰ অপেক্ষাত আছে। সিহঁতে তাত চিৰকাল থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059003.mp3"},{"index":"4","arabicText":"ذٰلِكَ بِاَنَّهُمْ شَآقُّوا اللّٰهَ وَرَسُوْلَهٗ ۚ وَمَنْ یُّشَآقِّ اللّٰهَ فَاِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟","assameseTranslation":"এইটো এইকাৰণে যে, নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰিছিল; আৰু যিয়ে আল্লাহৰ বিৰুদ্ধাচাৰণ কৰিব, তেন্তে (সি জানি থোৱা উচিত) নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।","footnotes":"","tafseer":"এই শাস্তি এই কাৰণে বিহা হৈছিল যে, সিহঁতে কুফৰ আৰু প্ৰতিশ্ৰুতি ভংগ কৰি আল্লাহৰ বিৰোধিতা কৰিছিল আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছিল। এতেকে যিয়ে আল্লাহৰ বিৰোধিতা কৰিব তেন্তে সি জানি থোৱা উচিত, আল্লাহ হৈছে অতি কঠোৰ শাস্তি প্ৰদানকাৰী। ইয়াৰ বাহিৰেও সিহঁতে শীঘ্ৰেই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059004.mp3"},{"index":"5","arabicText":"مَا قَطَعْتُمْ مِّنْ لِّیْنَةٍ اَوْ تَرَكْتُمُوْهَا قَآىِٕمَةً عَلٰۤی اُصُوْلِهَا فَبِاِذْنِ اللّٰهِ وَلِیُخْزِیَ الْفٰسِقِیْنَ ۟","assameseTranslation":"তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমেই; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে বনু নাজীৰৰ লগত যুদ্ধৰ সময়ত আল্লাহৰ শত্ৰুসকলক উত্তেজিত কৰিবলৈ যিবোৰ খেজুৰ গছ কাটিছিলা অথবা তাৰ পৰা উপকৃত হ'বলৈ যিবোৰ গছ এৰি দিছিলা সেয়া হৈছিল আল্লাহৰ নিৰ্দেশত। সেয়া পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ বাবে নাছিল। এইবোৰ এই কাৰণে সংঘটিত হৈছিল যে, যাতে আল্লাহে অৱজ্ঞাকাৰী ইয়াহুদীসকলক প্ৰতিশ্ৰুতি ভংগ কৰাৰ কাৰণে আৰু প্ৰৱঞ্চনাৰ পথ অৱলম্বন কৰাৰ কাৰণে অপমানিত কৰে আৰু লাঞ্ছিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059005.mp3"},{"index":"6","arabicText":"وَمَاۤ اَفَآءَ اللّٰهُ عَلٰی رَسُوْلِهٖ مِنْهُمْ فَمَاۤ اَوْجَفْتُمْ عَلَیْهِ مِنْ خَیْلٍ وَّلَا رِكَابٍ وَّلٰكِنَّ اللّٰهَ یُسَلِّطُ رُسُلَهٗ عَلٰی مَنْ یَّشَآءُ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"আৰু আল্লাহে সিহঁতৰ (ইয়াহুদীসকলৰ) পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (যুদ্ধ নকৰাকৈ লাভ কৰা ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰে কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"আৰু বনু নাজীৰৰ যি ধন আল্লাহে তেওঁৰ ৰাছুলক দান কৰিছে, সেয়া পাবলৈ তোমালোকে ঘোঁৰা অথবা উটৰ পিঠিত উঠি কোনো অভিযান কৰা নাছিলা আৰু তোমালোকে ইয়াৰ বাবে কোনো কষ্টও কৰা নাছিলা। কিন্তু আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ প্ৰতি ইচ্ছা কৰে প্ৰভুত্ব প্ৰদান কৰে। এতেকে তেওঁ বনু নাজীৰৰ প্ৰতি তেওঁৰ ৰাছুলক প্ৰভুত্ব প্ৰদান কৰি কোনো যুদ্ধ নোহোৱাকৈ সিহঁতৰ নগৰ জয় লাভ কৰাৰ সুযোগ দান কৰিছিল। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ প্ৰতি ক্ষমতাৱান। তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059006.mp3"},{"index":"7","arabicText":"مَاۤ اَفَآءَ اللّٰهُ عَلٰی رَسُوْلِهٖ مِنْ اَهْلِ الْقُرٰی فَلِلّٰهِ وَلِلرَّسُوْلِ وَلِذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَابْنِ السَّبِیْلِ ۙ كَیْ لَا یَكُوْنَ دُوْلَةً بَیْنَ الْاَغْنِیَآءِ مِنْكُمْ ؕ وَمَاۤ اٰتٰىكُمُ الرَّسُوْلُ فَخُذُوْهُ ۗ وَمَا نَهٰىكُمْ عَنْهُ فَانْتَهُوْا ۚ وَاتَّقُوا اللّٰهَ ؕ اِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟ۘ","assameseTranslation":"আল্লাহে এই জনপদৰ অধিবাসীসকলৰ পৰা তেওঁৰ ৰাছুলক ‘ফায়’ হিচাপে যি সম্পদ প্ৰদান কৰিছে, সেয়া হৈছে আল্লাহৰ বাবে আৰু ৰাছুলৰ বাবে আৰু আত্মীয়-স্বজনৰ বাবে, ইয়াতীমসকল আৰু মিছকীনসকলৰ বাবে লগতে মুছাফিৰসকলৰ বাবে, যাতে ধন-সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশীল লোকৰ মাজতেই আৱৰ্তন কৰি নাথাকে। ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থাকা, লগতে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।","footnotes":"","tafseer":"আল্লাহে গাওঁবাসীসকলৰ পৰা যি ধন যুদ্ধ নকৰাকৈ তেওঁৰ ৰাছুলক দান কৰিছে সেয়া হৈছে আল্লাহৰ। তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। ইয়াৰ ওপৰত কৰ্তৃত্ব হৈছে কেৱল তেওঁৰ ৰাছুলৰ, আৰু তেখেতৰ নিকটৱৰ্তীসকলৰ অৰ্থাৎ বনু হাশ্বিম আৰু বনুল মুত্তালিবৰ। কিয়নো তেওঁলোকক যাকাতৰ ধনৰ পৰা বিৰত ৰখা হৈছে। এইদৰে অনাথ তথা দুখীয়াসকলৰ বাবে আৰু মুছাফিৰ ব্যক্তিৰ বাবে, যাৰ ওচৰত খৰচ কৰিবলৈ একোৱেই নাই। এই আদেশ এই কাৰণে দিয়া হৈছে যে, ধন যাতে কেৱল ধনী ব্যক্তিসকলৰ মাজতেই সীমাবদ্ধ নাথাকে, আৰু দুখীয়াসকলে যাতে তাৰ পৰা বঞ্চিত নাথাকে। হে মুমিনসকল! যুদ্ধ নকৰাকৈ অৰ্জন কৰা ধনৰ পৰা ৰাছুলে তোমালোকক যি দিয়ে, সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যাৰ পৰা তেওঁ নিষেধ কৰে তাৰ পৰা বিৰত থাকা। লগতে আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। নিশ্চয় আল্লাহ কঠোৰ শাস্তি প্ৰদানকাৰী। গতিকে তেওঁৰ শাস্তিৰ পৰা সতৰ্ক থাকিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059007.mp3"},{"index":"8","arabicText":"لِلْفُقَرَآءِ الْمُهٰجِرِیْنَ الَّذِیْنَ اُخْرِجُوْا مِنْ دِیَارِهِمْ وَاَمْوَالِهِمْ یَبْتَغُوْنَ فَضْلًا مِّنَ اللّٰهِ وَرِضْوَانًا وَّیَنْصُرُوْنَ اللّٰهَ وَرَسُوْلَهٗ ؕ اُولٰٓىِٕكَ هُمُ الصّٰدِقُوْنَ ۟ۚ","assameseTranslation":"এই সম্পদ সেইসকল দৰিদ্ৰ মুহাজীৰৰ বাবে যিসকলক নিজৰ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি অন্বেষণ কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এওঁলোকেই হৈছে সত্যবাদী।","footnotes":"","tafseer":"আৰু এই ধনৰ কিছু অংশ সেইসকল নিৰ্ধন মুহাজিৰসকলৰ বাবে খৰচ কৰা হ'ব যিসকলক নিজৰ ঘৰ-বাৰী আৰু সন্তান-সন্ততি তথা ধন-সম্পদ এৰিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁলোকে এই আশাত আছে যে, আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পৃথিৱীত জীৱিকা আৰু পৰকালত তেওঁৰ সন্তুষ্টি প্ৰদান কৰিব। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰি আল্লাহক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এইবোৰ বৈশিষ্ট্যৰ গৰাকীসকলেই হৈছে প্ৰকৃততে পৰিপক্ক আৰু সত্য মুমিন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059008.mp3"},{"index":"9","arabicText":"وَالَّذِیْنَ تَبَوَّؤُ الدَّارَ وَالْاِیْمَانَ مِنْ قَبْلِهِمْ یُحِبُّوْنَ مَنْ هَاجَرَ اِلَیْهِمْ وَلَا یَجِدُوْنَ فِیْ صُدُوْرِهِمْ حَاجَةً مِّمَّاۤ اُوْتُوْا وَیُؤْثِرُوْنَ عَلٰۤی اَنْفُسِهِمْ وَلَوْ كَانَ بِهِمْ خَصَاصَةٌ ۫ؕ وَمَنْ یُّوْقَ شُحَّ نَفْسِهٖ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟ۚ","assameseTranslation":"আৰু তেওঁলোকৰ বাবেও, যিসকলে মুহাজিৰসকলৰ আগমনৰ আগৰ পৰাই এই নগৰীত বসবাস কৰি আছে আৰু ঈমান আনিছে, তেওঁলোকে তেওঁলোকৰ ওচৰলৈ হিজৰত কৰি অহা মানুহবিলাকক ভালপায় আৰু মুহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে, আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে। প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে, তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।","footnotes":"","tafseer":"আৰু আনছাৰসকলে মুহাজিৰসকলতকৈ আগত মদিনাত বসবাস কৰিছিল তথা তেওঁলোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছিল, তেওঁলোকে সেইসকল লোকক চেনেহ কৰিছিল যিসকলে মক্কাৰ পৰা হিজৰত কৰি তেওঁলোকৰ ওচৰত আহিছিল। তেওঁলোকৰ অন্তৰত আল্লাহৰ পথত হিজৰতকাৰী সকলৰ বিষয়ে কোনো ঈৰ্ষা তথা কোনো ক্ৰোধ নাছিল, যেতিয়া মুহাজিৰসলক যুদ্ধ নোহোৱাকৈ প্ৰাপ্ত হোৱা ধনৰ পৰা দান কৰা হৈছিল আৰু তেওঁলোকক একো দিয়া হোৱা নাছিল। তেওঁলোকে পাৰ্থিৱ সম্পদ লাভৰ ক্ষেত্ৰত মুহাজিৰসকলক অগ্ৰাধিকাৰ দিছিল, যদিও তেওঁলোকে নিজেই দুখীয়া তথা অভাৱী আছিল। আল্লাহে যাৰ অন্তৰক ধনৰ লোভ-লালসাৰ পৰা ৰক্ষা কৰে, তেনেকুৱা লোকেই তেওঁৰ পথত ধন খৰচ কৰে। গতিকে এনেকুৱা লোকৰ আশাবোৰ পূৰণ হ’ব আৰু ভয়ৰ পৰা মুক্তি লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059009.mp3"},{"index":"10","arabicText":"وَالَّذِیْنَ جَآءُوْ مِنْ بَعْدِهِمْ یَقُوْلُوْنَ رَبَّنَا اغْفِرْ لَنَا وَلِاِخْوَانِنَا الَّذِیْنَ سَبَقُوْنَا بِالْاِیْمَانِ وَلَا تَجْعَلْ فِیْ قُلُوْبِنَا غِلًّا لِّلَّذِیْنَ اٰمَنُوْا رَبَّنَاۤ اِنَّكَ رَءُوْفٌ رَّحِیْمٌ ۟۠","assameseTranslation":"আৰু যিসকল তেওঁলোকৰ পিছত আহিছে তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক আৰু আমাৰ পূৰ্বে ঈমান পোষণ কৰা আমাৰ ভাতৃসকলক ক্ষমা কৰি দিয়া; আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি স্নেহশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"আৰু এওঁলোকৰ পিছত যিসকলে আগমন কৰিছে আৰু যিসকলে ক্বিয়ামত পৰ্যন্ত কল্যাণৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিব। তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাক ক্ষমা কৰি দিয়া, আৰু আমাৰ সেইসকল দ্বীনি ভাতৃকো ক্ষমা কৰি দিয়া, যিসকলে আমাৰ পূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছিল। আমাৰ অন্তৰত কোনো মুমিনৰ প্ৰতি শত্ৰুতা তথা বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি তোমাৰ বান্দাসকলৰ প্ৰতি অতি কৰুণাময়, দয়াৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059010.mp3"},{"index":"11","arabicText":"اَلَمْ تَرَ اِلَی الَّذِیْنَ نَافَقُوْا یَقُوْلُوْنَ لِاِخْوَانِهِمُ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ لَىِٕنْ اُخْرِجْتُمْ لَنَخْرُجَنَّ مَعَكُمْ وَلَا نُطِیْعُ فِیْكُمْ اَحَدًا اَبَدًا ۙ وَّاِنْ قُوْتِلْتُمْ لَنَنْصُرَنَّكُمْ ؕ وَاللّٰهُ یَشْهَدُ اِنَّهُمْ لَكٰذِبُوْنَ ۟","assameseTranslation":"তুমি মুনাফিকসকলৰ প্ৰতি লক্ষ্য কৰা নাইনে? সিহঁতে আহলে কিতাবসকলৰ মাজৰ পৰা যিসকলে কুফুৰী কৰিছে সিহঁতৰ সেইসকল ভাতৃক কয়, ‘তোমালোকে যদি বহিষ্কৃত হোৱা, তেন্তে আমিও তোমালোকৰ লগত নিশ্চয় দেশ ত্যাগ কৰিম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰোঁ আৰু তোমালোকৰ লগত যুদ্ধ হ’লে নিশ্চয় আমি তোমালোকক সহায় কৰিম’। কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁত হৈছে ঘোৰ মিছলীয়া।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতক দেখা নাইনে, যিহঁতে নিজৰ অন্তৰত কুফৰ গোপন কৰি ৰাখে আৰু ঈমান প্ৰকাশ কৰি ফুৰে। সিহঁতে বিকৃত তৌৰাতৰ অনুসাৰী ইয়াহুদী কাফিৰসকলক কয়ঃ নিজৰ ঘৰত অটল থাকিবা, আমি তোমালোকক লাঞ্ছিত হ'বলৈ নিদিওঁ আৰু আমি তোমোলোকক অকলশৰীয়াও নকৰোঁ। বৰং যদি মুছলিমসকলে তোমালোকক বহিষ্কাৰ কৰে তেন্তে আমিও তোমালোকৰ সৈতে ওলাই যাম। আমি তোমালোকৰ সৈতে ওলাই যোৱাৰ ক্ষেত্ৰত কাৰো কথা নুশুনোঁ, আৰু যদি মুছলিমসকলে তোমালোকৰ সৈতে যুদ্ধ কৰে তেন্তে আমি সিহঁতৰ বিৰুদ্ধে তোমালোকক সহায় কৰিম। অথচ আল্লাহে সাক্ষ্য প্ৰদান কৰে যে, মুনাফিকসকল হৈছে নিজৰ এই দাবীত মিছলীয়া যে, যদি ইয়াহুদীসকলক বহিষ্কাৰ কৰা হয় তেন্তে সিহঁতেও সিহঁতৰ লগত ওলাই যাব, আৰু যদি সিহঁতৰ লগত যুদ্ধ কৰা হয় তেন্তে সিহঁতে সিহঁতক সহায় কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059011.mp3"},{"index":"12","arabicText":"لَىِٕنْ اُخْرِجُوْا لَا یَخْرُجُوْنَ مَعَهُمْ ۚ وَلَىِٕنْ قُوْتِلُوْا لَا یَنْصُرُوْنَهُمْ ۚ وَلَىِٕنْ نَّصَرُوْهُمْ لَیُوَلُّنَّ الْاَدْبَارَ ۫ ثُمَّ لَا یُنْصَرُوْنَ ۟","assameseTranslation":"প্ৰকৃততে যদি সিহঁত (ইয়াহুদীসকল) বহিষ্কৃত হয় তেন্তে ইহঁতে (মুনাফিকসকলে) কেতিয়াও সিহঁতৰ সৈতে দেশ ত্যাগ নকৰিব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হ’লে, ইহঁতে কেতিয়াও সিহঁতক সহায় নকৰিব আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈ আহেও তেন্তে নিশ্চয় পৃষ্ঠপ্ৰদৰ্শন (কৰি পলায়ন) কৰিব; তাৰ পিছত সিহঁতে কোনো সহায়েই নাপাব।","footnotes":"","tafseer":"যদি মুছলিমসকলে ইয়াহুদীসকলক বহিষ্কাৰ কৰে তেন্তে সিহঁতে সিহঁতৰ লগত কেতিয়াও ওলাই নাযাব, আৰু যদি মুছলিমসকলে সিহঁতৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে সিহঁতক কেতিয়াও সহায় নকৰিব। আনহাতে সিহঁতে যদি সহায় কৰেও তেন্তে সিহঁতে যুদ্ধৰ সময়ত পলায়ন কৰিব। ইয়াৰ পিছত মুনাফিকসকলক আৰু সহায় কৰা নহ'ব। বৰং আল্লাহে সিহঁতক অপমানিত কৰিব আৰু লাঞ্ছিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059012.mp3"},{"index":"13","arabicText":"لَاَنْتُمْ اَشَدُّ رَهْبَةً فِیْ صُدُوْرِهِمْ مِّنَ اللّٰهِ ؕ ذٰلِكَ بِاَنَّهُمْ قَوْمٌ لَّا یَفْقَهُوْنَ ۟","assameseTranslation":"প্ৰকৃতপক্ষে সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি। কাৰণ সিহঁত হৈছে এটা জ্ঞানবোধ নথকা সম্প্ৰদায়।","footnotes":"","tafseer":"হে মুমিনসকল! নিশ্চয় মুনাফিক আৰু ইয়াহুদীসকলৰ অন্তৰত আল্লাহৰ ভয়তকৈ তোমালোকৰ ভয়হে অধিক পোৱা যায়। সিহঁতে তোমালোকক অত্যাধিক ভয় কৰাৰ আৰু আল্লাহক ভয় নকৰাৰ কাৰণটো হৈছে এই যে, সিহঁত হৈছে জ্ঞানবোধ নথকা এটা সম্প্ৰদায়। কিয়নো যদি সিহঁতৰ বোধ শক্তি থাকিলহেঁতেন তেন্তে ভালদৰে জানিলেহেঁতেন যে, আল্লাহক ভয় কৰাটো অধিক বাঞ্চনীয়। কিয়নো তেৱেঁই তোমালোকক সিহঁতৰ ওপৰত প্ৰভুত্ব প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059013.mp3"},{"index":"14","arabicText":"لَا یُقَاتِلُوْنَكُمْ جَمِیْعًا اِلَّا فِیْ قُرًی مُّحَصَّنَةٍ اَوْ مِنْ وَّرَآءِ جُدُرٍ ؕ بَاْسُهُمْ بَیْنَهُمْ شَدِیْدٌ ؕ تَحْسَبُهُمْ جَمِیْعًا وَّقُلُوْبُهُمْ شَتّٰی ؕ ذٰلِكَ بِاَنَّهُمْ قَوْمٌ لَّا یَعْقِلُوْنَ ۟ۚ","assameseTranslation":"সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব, যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা দুৰ্গ-প্ৰাচীৰৰ আঁৰ লৈহে কৰিব; সিহঁত পাৰস্পাৰিক বিৰোধিতাত প্ৰচণ্ডভাৱে লিপ্ত। তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা; কিন্তু সিহঁতৰ অন্তৰসমূহত কোনো মিল নাই; কাৰণ, সিহঁত হৈছে এটা নিৰ্বোধ সম্প্ৰদায়।","footnotes":"","tafseer":"হে মুমিনসকল! ইয়াহুদীসকলে তোমালোকৰ সৈতে একত্ৰিত হৈ যুদ্ধ নকৰিব। দুৰ্গাৱদ্ধ অথবা গাওঁৰ চাৰিবেৰৰ ভিতৰৰ পৰা হ'লে সেয়া সুকীয়া কথা। সিহঁতৰ কাপুৰুষত্বৰ ফলত সিহঁতে কেতিয়াও তোমালোকৰ সন্মুখত আহি যুদ্ধ কৰিব নোৱাৰিব। সিহঁতৰ অন্তৰত থকা বিদ্বেষতকৈ সিহঁতৰ পৰস্পৰ দ্বন্দ অধিক প্ৰকট। আপুনি হয়তো ভাবিছে সিহঁতৰ মাজত একতা আছে, বৰং সত্য কথা হৈছে এই যে, সিহঁতৰ অন্তৰ হৈছে বিভক্ত, বিচ্ছেদিত তথা অমিল। এই বিদ্বেষ আৰু বিভেদৰ কাৰণ হৈছে সিহঁতৰ বোধ শক্তিৰ অভাৱ। কিয়নো যদি জ্ঞান-বুদ্ধি থাকিলহেঁতেন তেন্তে সত্যক জানিব পাৰিলেহেঁতেন আৰু সেই মতে আমলো কৰিলেহেঁতেন তথা এই বিষয়ে বিভেদ নকৰিলেহঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059014.mp3"},{"index":"15","arabicText":"كَمَثَلِ الَّذِیْنَ مِنْ قَبْلِهِمْ قَرِیْبًا ذَاقُوْا وَبَالَ اَمْرِهِمْ ۚ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟ۚ","assameseTranslation":"ইহঁত সেইসকল লোকৰ দৰেই, যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"কুফৰ আৰু শাস্তি গ্ৰস্ত হোৱাৰ ক্ষেত্ৰত ইয়াহুদীসকলৰ উদাহৰণ হৈছে মক্কাৰ সেই মুশ্বৰিকসকলৰ দৰে, যিসকলে ইহঁতৰ কিছু পূৰ্বে শাস্তি গ্ৰস্ত হৈছে। সিহঁতে নিজৰ কুফুৰী কাৰ্যৰ কু-পৰিণাম উপভোগ কৰিছে আৰু বদৰৰ (যুদ্ধৰ) দিনা সিহঁতৰ কিছুমানে নিহত হৈছিল আৰু বহুতেই গ্ৰেপ্তাৰ হৈছিল। তথা সিহঁতৰ বাবে পৰকালত আছে কষ্টদায়ক শাস্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059015.mp3"},{"index":"16","arabicText":"كَمَثَلِ الشَّیْطٰنِ اِذْ قَالَ لِلْاِنْسَانِ اكْفُرْ ۚ فَلَمَّا كَفَرَ قَالَ اِنِّیْ بَرِیْٓءٌ مِّنْكَ اِنِّیْۤ اَخَافُ اللّٰهَ رَبَّ الْعٰلَمِیْنَ ۟","assameseTranslation":"ইহঁত হৈছে চয়তানৰ দৰে, যিয়ে মানুহক কয়, ‘কুফুৰী কৰা’; তাৰ পিছত যেতিয়া সি কুফুৰী কৰে তেতিয়া সি কয়, ‘তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰোঁ’।","footnotes":"","tafseer":"মুনাফিকসকলৰ পৰা ইয়াহুদীসকলে কথা শুনাৰ ক্ষেত্ৰত মুনাফিকসকলৰ ভূমিকা হৈছে চয়তানৰ দৰে, যেতিয়া চয়তানে মানুহৰ বাবে কুফুৰী কাৰ্য সৌন্দৰ্যময় কৰি উপস্থাপন কৰাৰ পিছত কয়, কুফুৰী কৰা। সুসজ্জিত দেখি যেতিয়া সিহঁতে কুফৰী কৰে, তেতিয়া চয়তানে কয়, তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তুমি কুফুৰী কৰিছা। নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালকক ভয় কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059016.mp3"},{"index":"17","arabicText":"فَكَانَ عَاقِبَتَهُمَاۤ اَنَّهُمَا فِی النَّارِ خَالِدَیْنِ فِیْهَا ؕ وَذٰلِكَ جَزٰٓؤُا الظّٰلِمِیْنَ ۟۠","assameseTranslation":"ফলত সিহঁত উভয়ৰে পৰিণাম হ’ব জাহান্নাম; তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে হৈছে যালিমসকলৰ প্ৰতিদান।","footnotes":"","tafseer":"এতেকে চয়তান আৰু তাৰ অনুসাৰীসকলৰ পৰিণাম হৈছে এই যে, সিহঁতে ক্বিয়ামতৰ দিনা চিৰস্থায়ীভাৱে জাহান্নামত প্ৰৱেশ কৰিব। এই শাস্তি যিটো সিহঁতৰ অপেক্ষাত আছে, এয়া সেইসকল লোকৰ শাস্তি যিসকলে আল্লাহৰ সীমালঙ্ঘন কৰি নিজৰ ওপৰতে অন্যায় কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059017.mp3"},{"index":"18","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَلْتَنْظُرْ نَفْسٌ مَّا قَدَّمَتْ لِغَدٍ ۚ وَاتَّقُوا اللّٰهَ ؕ اِنَّ اللّٰهَ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, অহাকালিৰ বাবে সি কি প্ৰেৰণ কৰিছে; লগতে তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ প্ৰস্তুতকৃত চৰীয়ত অনুযায়ী আমলকাৰীসকল! আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। প্ৰত্যেক ব্যক্তিয়ে চিন্তা কৰা উচিত যে, তেওঁ ক্বিয়ামত দিৱসৰ বাবে কি নেক আমল কৰিছে, আৰু তোমালোকে আল্লাহক ভয় কৰা। নিশ্চয় তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক শীঘ্ৰেই ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059018.mp3"},{"index":"19","arabicText":"وَلَا تَكُوْنُوْا كَالَّذِیْنَ نَسُوا اللّٰهَ فَاَنْسٰىهُمْ اَنْفُسَهُمْ ؕ اُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ۟","assameseTranslation":"তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।","footnotes":"","tafseer":"আৰু সিহঁতৰ দৰে নহ'বা যিসকলে আল্লাহক পাহৰি তেওঁৰ আদেশ পালন কৰা এৰিছে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰাও বিৰত থকা বাদ দিছে। ফলত আল্লাহেও সিহঁতক আওকাণ কৰিছে, কাৰণ সিহঁতে আল্লাহৰ ক্ৰোধ আৰু শাস্তিৰ পৰা ৰক্ষা পাবলৈ কোনো কৰ্ম কৰা নাই। ইহঁতেই হৈছে সেইসকল লোক, যিসকলে আল্লাহক পাহৰি গৈছে আৰু তেওঁৰ আদেশসমূহ পালন কৰা এৰি দিছে, লগতে তেওঁৰ নিষেধকৃত বস্তুৰ পৰাও বিৰত নাথাকে। প্ৰকৃততে ইহঁতেই হৈছে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059019.mp3"},{"index":"20","arabicText":"لَا یَسْتَوِیْۤ اَصْحٰبُ النَّارِ وَاَصْحٰبُ الْجَنَّةِ ؕ اَصْحٰبُ الْجَنَّةِ هُمُ الْفَآىِٕزُوْنَ ۟","assameseTranslation":"জাহান্নামৰ অধিবাসীসকল আৰু জান্নাতৰ অধিবাসীসকল কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।","footnotes":"","tafseer":"জাহান্নামী আৰু জান্নাতীসকল কেতিয়াও সমান হ'ব নোৱাৰে। বৰং যিদৰে পৃথিৱীত সিহঁতৰ কৰ্মৰাজিৰ মাজত পাৰ্থক্য আছিল, ঠিক তেনেদৰে পৰকালতো সিহঁতৰ প্ৰতিফলৰ মাজত পাৰ্থক্য হ’ব। জান্নাতীসকলেই সফল হ'ব। তেওঁলোকে নিজৰ চাহিদা মতে সকলো সা-সামগ্ৰী পাব, আৰু সকলো ধৰণৰ ভয়ৰ পৰা মুক্তি লাভ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059020.mp3"},{"index":"21","arabicText":"لَوْ اَنْزَلْنَا هٰذَا الْقُرْاٰنَ عَلٰی جَبَلٍ لَّرَاَیْتَهٗ خَاشِعًا مُّتَصَدِّعًا مِّنْ خَشْیَةِ اللّٰهِ ؕ وَتِلْكَ الْاَمْثَالُ نَضْرِبُهَا لِلنَّاسِ لَعَلَّهُمْ یَتَفَكَّرُوْنَ ۟","assameseTranslation":"যদি আমি এই কোৰআনখনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোঁহেঁতেন তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন, আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰোঁ মানুহৰ বাবে যাতে সিহঁতে চিন্তা-গৱেষণা কৰে।","footnotes":"","tafseer":"হে ৰাছুল! যদি আমি এই কোৰআনখনক কোনো পাহাৰৰ ওপৰত অৱতীৰ্ণ কৰিলোঁহেঁতেন তেন্তে আপুনি দেখিবলৈ পালেহেঁতেন যে, পৰ্বত প্ৰকাণ্ড আৰু মজবুত হোৱাৰ পিছতো অন্তৰ কঁপোৱা নছিহত আৰু কঠোৰ ধমকৰ ফলত আল্লাহৰ ভয়ত চূৰ্ণ-বিচূৰ্ণ হৈ গ’লহেঁতেন। এইবোৰ উদাহৰণ আমি মানুহৰ বাবে বৰ্ণনা কৰোঁ, যাতে সিহঁতে বিবেকেৰে কাম কৰি কোৰআনৰ নছিহত আৰু শিক্ষাবোৰৰ পৰা পাঠ লয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059021.mp3"},{"index":"22","arabicText":"هُوَ اللّٰهُ الَّذِیْ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ عٰلِمُ الْغَیْبِ وَالشَّهَادَةِ ۚ هُوَ الرَّحْمٰنُ الرَّحِیْمُ ۟","assameseTranslation":"তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয় সম্পৰ্কে পৰিজ্ঞাত; তেওঁ পৰম কৰুণাময় পৰম দয়ালু।","footnotes":"","tafseer":"তেৱেঁই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে জানে। তেওঁৰ পৰা কোনো কথাই গোপন নহয়। তেওঁ ইহকাল আৰু পৰকালত দয়াৱান আৰু কৃপাশীল। তেওঁৰ দয়া সকলো জগতকে পৰিবেষ্টন কৰি আছে। তেওঁ বাদশ্বাহসকলৰ বাদশ্বাহ। সকলো প্ৰকাৰৰ দোষ-ত্ৰুটিৰ পৰা তেওঁ পৱিত্ৰ। স্পষ্ট প্ৰমাণৰ জৰিয়তে তেওঁ নিজৰ ৰাছুলসকলক সমৰ্থন কৰে। বান্দাসকলৰ কৰ্মবোৰ তেৱেঁই পৰ্যবেক্ষণ কৰে। তেওঁ প্ৰভুত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ অত্যন্ত ক্ষমতাৱান। প্ৰত্যেক বস্তুকে তেওঁ নিজৰ ক্ষমতাৰ আওতাত ৰাখিছে। তেওঁ মহা মৰ্যাদাৱান, তেওঁ সেই সকলো অংশীদাৰৰ পৰা পৱিত্ৰ, যিবোৰক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ বনাই থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059022.mp3"},{"index":"23","arabicText":"هُوَ اللّٰهُ الَّذِیْ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ اَلْمَلِكُ الْقُدُّوْسُ السَّلٰمُ الْمُؤْمِنُ الْمُهَیْمِنُ الْعَزِیْزُ الْجَبَّارُ الْمُتَكَبِّرُ ؕ سُبْحٰنَ اللّٰهِ عَمَّا یُشْرِكُوْنَ ۟","assameseTranslation":"তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।","footnotes":"","tafseer":"তেৱেঁই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে জানে। তেওঁৰ পৰা কোনো কথাই গোপন নহয়। তেওঁ ইহকাল আৰু পৰকালত দয়াৱান আৰু কৃপাশীল। তেওঁৰ দয়া সকলো জগতকে পৰিবেষ্টন কৰি আছে। তেওঁ বাদশ্বাহসকলৰ বাদশ্বাহ। সকলো প্ৰকাৰৰ দোষ-ত্ৰুটিৰ পৰা তেওঁ পৱিত্ৰ। স্পষ্ট প্ৰমাণৰ জৰিয়তে তেওঁ নিজৰ ৰাছুলসকলক সমৰ্থন কৰে। বান্দাসকলৰ কৰ্মবোৰ তেৱেঁই পৰ্যবেক্ষণ কৰে। তেওঁ প্ৰভুত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ অত্যন্ত ক্ষমতাৱান। প্ৰত্যেক বস্তুকে তেওঁ নিজৰ ক্ষমতাৰ আওতাত ৰাখিছে। তেওঁ মহা মৰ্যাদাৱান, তেওঁ সেই সকলো অংশীদাৰৰ পৰা পৱিত্ৰ, যিবোৰক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ বনাই থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059023.mp3"},{"index":"24","arabicText":"هُوَ اللّٰهُ الْخَالِقُ الْبَارِئُ الْمُصَوِّرُ لَهُ الْاَسْمَآءُ الْحُسْنٰی ؕ یُسَبِّحُ لَهٗ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ۚ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟۠","assameseTranslation":"আল্লাহেই হৈছে সৃষ্টিকৰ্তা, উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"তেৱেঁই আল্লাহ, যিয়ে সকলো বস্তুকে সৃষ্টি কৰিছে, তেৱেঁই সকলো বস্তুৰ সৃষ্টিকৰ্তা। তেৱেঁই আকৃতিদাতা, নিজৰ সৃষ্টিক যিদৰে ইচ্ছা কৰে আকৃতি দিয়ে। আল্লাহৰ বাবে আছে উচ্চ গুণ সম্বলিত অতি পৱিত্ৰ আৰু সুন্দৰ সুন্দৰ নাম। আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱে আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা মুক্ত তথা পৱিত্ৰ ঘোষণা কৰে। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহা প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/059024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/059024.mp3"}]