[{"index":"1","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوْا عَدُوِّیْ وَعَدُوَّكُمْ اَوْلِیَآءَ تُلْقُوْنَ اِلَیْهِمْ بِالْمَوَدَّةِ وَقَدْ كَفَرُوْا بِمَا جَآءَكُمْ مِّنَ الْحَقِّ ۚ یُخْرِجُوْنَ الرَّسُوْلَ وَاِیَّاكُمْ اَنْ تُؤْمِنُوْا بِاللّٰهِ رَبِّكُمْ ؕ اِنْ كُنْتُمْ خَرَجْتُمْ جِهَادًا فِیْ سَبِیْلِیْ وَابْتِغَآءَ مَرْضَاتِیْ تُسِرُّوْنَ اِلَیْهِمْ بِالْمَوَدَّةِ ۖۗ وَاَنَا اَعْلَمُ بِمَاۤ اَخْفَیْتُمْ وَمَاۤ اَعْلَنْتُمْ ؕ وَمَنْ یَّفْعَلْهُ مِنْكُمْ فَقَدْ ضَلَّ سَوَآءَ السَّبِیْلِ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে মোৰ শত্ৰু আৰু তোমালোকৰ শত্ৰুক বন্ধুৰূপে গ্ৰহণ নকৰিবা, তোমালোকে সিহঁতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰিছা, অথচ সিহঁতে তোমালোকৰ ওচৰলৈ অহা সত্যক প্ৰত্যাখ্যান কৰিছে, ৰাছুলক আৰু তোমালোকক বহিষ্কাৰ কৰিছে এই কাৰণে যে, তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। যদি তোমালোকে মোৰ পথত জিহাদ কৰিবলৈ আৰু মোৰ সন্তুষ্টি লাভৰ বাবে ওলাইছা, তেন্তে কিয় তোমালোকে সিহঁতৰ লগত গোপনে বন্ধুত্ব কৰিছা? আৰু তোমালোকে যি গোপন কৰা আৰু তোমালোকে যি প্ৰকাশ কৰা সেই বিষয়ে মই সম্যক অৱগত। তোমালোকৰ মাজত যিয়ে এনেকুৱা কৰিব সি সৰল পথৰ পৰা বিচ্যুত হ’ব।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! মোৰ শত্ৰু আৰু তোমালোকৰ নিজৰ শত্ৰুসকলৰ সৈতে বন্ধুত্ব কৰি মুহাব্বত তথা ঘনিষ্টতাৰ সৃষ্টি নকৰিবা। যিহেতু সিহঁতে সেই চৰীয়তক অস্বীকাৰ কৰিছে, যিটো তোমালোকৰ ওচৰত নবীৰ জৰিয়তে তোমালোকলৈ আহিছে। সিহঁতে ৰাছুলক তেখেতৰ ঘৰৰ পৰা আৰু তোমালোকক মক্কাত অৱস্থিত তোমালোকৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছে। তোমালোকৰ প্ৰতি সিহঁতে দয়াৰ দৃষ্টিৰে তথা আত্মীয়তাৰ খাতিৰতো কোনো সহানুভূতি নেদেখুৱায়। ইয়াৰ মূল কাৰণটো হৈছে, তোমালোকে নিজ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। এতেকে যদি তোমালোকে জিহাদৰ বাবে আৰু মোৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে মোৰ পথত ওলাইছা তেন্তে সিহঁতৰ সৈতে বন্ধুত্ব নকৰিবা। সিহঁতৰ প্ৰতি বন্ধুত্বৰ হাত আগবঢ়াই মুছলমানৰ গোপন খবৰবোৰ সিহঁতক প্ৰদান কৰিব বিচৰা নেকি, অথচ মই তোমালোকৰ সকলো কথাই জানো, যিবোৰ তোমালোকে গোপনে কৰা তথা যিবোৰ তোমালোকে প্ৰকাশ্যভাৱে কৰা। মোৰ পৰা এনেকুৱা তথ্য তথা ইয়াৰ বাহিৰেও অন্যান্য কোনো কথাই গোপন নহয়। এতেকে যিয়ে কাফিৰসকলৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব তেন্তে জানি থোৱা! সি সঠিক পথৰ পৰা আঁতৰি গৈছে, আৰু সত্যৰ পৰা দূৰৈত গৈছে, সত্যতাৰ পৰা বিচ্ছিন্ন হৈ গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060001.mp3"},{"index":"2","arabicText":"اِنْ یَّثْقَفُوْكُمْ یَكُوْنُوْا لَكُمْ اَعْدَآءً وَّیَبْسُطُوْۤا اِلَیْكُمْ اَیْدِیَهُمْ وَاَلْسِنَتَهُمْ بِالسُّوْٓءِ وَوَدُّوْا لَوْ تَكْفُرُوْنَ ۟ؕ","assameseTranslation":"সিহঁতে যদি তোমালোকৰ ওপৰত প্ৰধান্য লাভ কৰে তেন্তে সিহঁত তোমালোকৰ শত্ৰু হৈ পৰিব, লগতে হাত আৰু জিভাৰ দ্বাৰা তোমালোকক অনিষ্ট সাধন কৰিব, আৰু সিহঁতে কামনা কৰিব যে, তোমালোকেও কুফুৰী কৰা!","footnotes":"","tafseer":"যদি সিহঁতে তোমালোকক পাবলৈ সফল হৈ যায় তেন্তে সিহঁতে সেই শত্ৰুতাৰ বহিঃপ্ৰকাশ কৰিব যিটো সিহঁতৰ অন্তৰত লুকাই আছে। সিহঁতে তোমালোকক কষ্ট দিবলৈ তথা মাৰপিট কৰিবলৈ সিহঁতৰ হাত আগবঢ়াব, লগতে গালি-শপনি পাৰিবলৈ নিজৰ মুখ লাগামহীনভাৱে এৰি দিব, লগতে সিহঁতে এই কথাৰ কামনা কৰে যে, যদি তোমালোকেও আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰি সিহঁতৰ দৰে হৈ গ’লাহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060002.mp3"},{"index":"3","arabicText":"لَنْ تَنْفَعَكُمْ اَرْحَامُكُمْ وَلَاۤ اَوْلَادُكُمْ ۛۚ یَوْمَ الْقِیٰمَةِ ۛۚ یَفْصِلُ بَیْنَكُمْ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"তোমালোকৰ আত্মীয়-স্বজন আৰু সন্তান-সন্ততিয়ে ক্বিয়ামতৰ দিনা কোনো উপকাৰ কৰিব নোৱাৰিব। আল্লাহে তোমালোকৰ মাজত ফয়চালা কৰি দিব; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সৰ্বদ্ৰষ্টা।","footnotes":"","tafseer":"তোমালোকৰ আত্মীয়-স্বজন তথা সন্তান-সন্ততিসকলে তোমালোকৰ একো উপকাৰ সাধিব নোৱাৰিব যদি তোমালোকে সিহঁতৰ কাৰণে কাফিৰসকলৰ সৈতে বন্ধুত্ব কৰা। ক্বিয়ামতৰ দিনা আল্লাহে তোমালোকৰ মাজত দূৰত্ব সৃষ্টি কৰি দিব। এতেকে জান্নাতীসকলে জান্নাতত যাব আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, আৰু তোমালোকৰ মাজৰ পৰস্পৰে পৰস্পৰক কোনো উপকাৰ কৰিব নোৱাৰিব। আল্লাহে তোমালোকৰ সকলো কৰ্ম চাই আছে। তোমালোকৰ কোনো কামেই তেওঁৰ পৰা গোপন নহয়, আৰু তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060003.mp3"},{"index":"4","arabicText":"قَدْ كَانَتْ لَكُمْ اُسْوَةٌ حَسَنَةٌ فِیْۤ اِبْرٰهِیْمَ وَالَّذِیْنَ مَعَهٗ ۚ اِذْ قَالُوْا لِقَوْمِهِمْ اِنَّا بُرَءٰٓؤُا مِنْكُمْ وَمِمَّا تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ ؗ كَفَرْنَا بِكُمْ وَبَدَا بَیْنَنَا وَبَیْنَكُمُ الْعَدَاوَةُ وَالْبَغْضَآءُ اَبَدًا حَتّٰی تُؤْمِنُوْا بِاللّٰهِ وَحْدَهٗۤ اِلَّا قَوْلَ اِبْرٰهِیْمَ لِاَبِیْهِ لَاَسْتَغْفِرَنَّ لَكَ وَمَاۤ اَمْلِكُ لَكَ مِنَ اللّٰهِ مِنْ شَیْءٍ ؕ رَبَّنَا عَلَیْكَ تَوَكَّلْنَا وَاِلَیْكَ اَنَبْنَا وَاِلَیْكَ الْمَصِیْرُ ۟","assameseTranslation":"নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত আছে উত্তম আদৰ্শ। যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি তোমালোকক নামানো। (আজিৰ পৰা) আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ’ল; যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰিবা’। কিন্তু ইব্ৰাহীমৰ নিজ পিতাৰ প্ৰতি কৰা এই উক্তিটো আছিল ব্যতিক্ৰম যে, ‘মই নিশ্চয় আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, কিন্তু মই আপোনাৰ হকে আল্লাহৰ পৰা কিবা উপকাৰ কৰিবলৈ মোৰ সাধ্য নাই’। (ইব্ৰাহীম আৰু তেওঁৰ অনুসাৰীসকলে কৈছিল) হে আমাৰ প্ৰতিপালক! ‘আমি তোমাৰ ওপৰতেই ভৰসা কৰিছোঁ, আৰু তোমাৰেই অভিমুখী হৈছোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ প্ৰত্যাৱৰ্তন’।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকৰ বাবে ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেখেতৰ লগত থকা মুমিনসকলৰ মাজত উত্তম আদৰ্শ আছে। যেতিয়া তেখেতে তেখেতৰ কাফিৰ সম্প্ৰদায়ক কৈছিলঃ আমি তোমালোকৰ পৰা আৰু তোমালোকৰ সেই মূৰ্তিবোৰৰ পৰা বিচ্ছেদ ঘোষণা কৰোঁ, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে পূজা-পাঠ কৰা। তোমালোক যি ধৰ্ম পালন কৰি আছা আমি সেই ধৰ্মক নস্যাৎ কৰিছোঁ। আমাৰ আৰু তোমালোকৰ মাজত বিদ্বেষ আৰু হিংসা প্ৰকট হৈছে, (আৰু এই বিদ্বেষ তেতিয়ালৈকে থাকিব) যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি বিশ্বাস পোষণ নকৰিবা আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰা এৰি নিদিবা। গতিকে তোমালোকেও তেওঁলোকৰ দৰে নিজৰ কাফিৰ জাতিৰ পৰা বিচ্ছেদ ঘোষণা কৰা উচিত। কিন্তু ইব্ৰাহিম আলাইহিচ্ছালামে তেখেতৰ পিতৃক উদ্দেশ্যি কৰা এই মন্তব্যটো সুকীয়া, “মই আল্লাহৰ ওচৰত আপোনাৰ বাবে নিশ্চয় ক্ষমা বিচাৰিম”। সেয়ে তোমালোকে তেখেতৰ এই কথাক আদৰ্শ হিচাপে নল’বা। কিয়নো এই কথা তেখেতে তেখেতৰ পিতৃৰ প্ৰতি নিৰাশ হোৱাৰ আগতেই কৈছিল। জানি থোৱা উচিত যে, কোনো মুশ্বৰিকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা কোনো মুমিনৰ বাবে উচিত নহয়। আপুনিও আল্লাহৰ কোনো শাস্তিক আপোনাৰ পৰা অকণো দূৰ কৰিব নোৱাৰে। হে আমাৰ প্ৰতিপালক! আমি সকলো ক্ষেত্ৰতে তোমাৰ ওপৰত ভৰসা কৰোঁ, আৰু আমি তোমাৰ ফালেই তাওবা কৰি ওভোতিছোঁ। তোমাৰ ওচৰতেই ক্বিয়ামতৰ দিনা আমাৰ সকলোৰে প্ৰত্যাৱৰ্তন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060004.mp3"},{"index":"5","arabicText":"رَبَّنَا لَا تَجْعَلْنَا فِتْنَةً لِّلَّذِیْنَ كَفَرُوْا وَاغْفِرْ لَنَا رَبَّنَا ۚ اِنَّكَ اَنْتَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"‘হে আমাৰ প্ৰতিপালক! তুমি আমাক কাফিৰসকলৰ ফিতনাৰ পাত্ৰ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক ক্ষমা কৰি দিয়া; নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।","footnotes":"","tafseer":"হে আমাৰ প্ৰতিপালক! কাফিৰসকলক আমাৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰি তুমি আমাক পৰীক্ষাৰ সন্মুখীন নকৰিবা। ফলত সিহঁতে যাতে এইটো ক’ব নোৱাৰে যে, যদি সিহঁত সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ’লহেঁতেন তেন্তে আমাক সিহঁতৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰা নহ’লহেঁতেন। হে আমাৰ প্ৰতিপালক! আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া। নিশ্চয় তুমিয়েই প্ৰভুত্বশালী, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তুমি তোমাৰ সৃষ্টিৰ ক্ষেত্ৰত, চৰীয়ত প্ৰণয়নত আৰু নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060005.mp3"},{"index":"6","arabicText":"لَقَدْ كَانَ لَكُمْ فِیْهِمْ اُسْوَةٌ حَسَنَةٌ لِّمَنْ كَانَ یَرْجُوا اللّٰهَ وَالْیَوْمَ الْاٰخِرَ ؕ وَمَنْ یَّتَوَلَّ فَاِنَّ اللّٰهَ هُوَ الْغَنِیُّ الْحَمِیْدُ ۟۠","assameseTranslation":"নিশ্চয় তোমালোকৰ বাবে উত্তম আদৰ্শ আছে তেওঁলোকৰ মাজত, যিহেতু তোমালোকে আল্লাহ আৰু শেষ দিৱসৰ প্ৰত্যাশা কৰা; আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত যে) নিশ্চয় আল্লাহেই হৈছে অভাৱমুক্ত, স্বয়ং প্ৰশংসিত।","footnotes":"","tafseer":"এই উত্তম আদৰ্শ তেৱেঁই পালন কৰিব, যিয়ে পৃথিৱী আৰু পৰকালত আল্লাহৰ পৰা কল্যাণ আশা কৰে। আনহাতে যিয়ে এই উত্তম আদৰ্শৰ পৰা মুখ ঘূৰাই ল’ব তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ পৰা অমুখাপেক্ষী। সিহঁতৰ আজ্ঞা পালনৰ প্ৰতি তেওঁ মুখাপেক্ষী নহয়। তেওঁ সকলো সময়তে প্ৰশংসনীয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060006.mp3"},{"index":"7","arabicText":"عَسَی اللّٰهُ اَنْ یَّجْعَلَ بَیْنَكُمْ وَبَیْنَ الَّذِیْنَ عَادَیْتُمْ مِّنْهُمْ مَّوَدَّةً ؕ وَاللّٰهُ قَدِیْرٌ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে সম্ভৱতঃ আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্ব সৃষ্টি কৰি দিব; আল্লাহ ক্ষমতাৱান: আৰু আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।","footnotes":"","tafseer":"হে মুমিনসকল! এয়া কোনো ডাঙৰ কথা নহয় যে, আল্লাহে তোমালোকৰ আৰু সেইসকল কাফিৰৰ মাজত মুহাব্বত সৃষ্টি কৰি দিব যিসকলৰ সৈতে তোমালোকে শত্ৰুতা পোষণ কৰা। এই উপায়ে যে, তেওঁ সিহঁতক ইছলামৰ পথ দেখুৱাই দিব, ফলত সিহঁতে তোমালোকৰ ইছলামী ভাই হৈ যাব, আৰু আল্লাহ মহাক্ষমতাৱান। নিশ্চয় তেওঁ সিহঁতৰ অন্তৰ ঈমানৰ ফালে ঘূৰাই দিবলৈ সক্ষম। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী (ক্ষমা প্ৰাৰ্থনাকাৰী) বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060007.mp3"},{"index":"8","arabicText":"لَا یَنْهٰىكُمُ اللّٰهُ عَنِ الَّذِیْنَ لَمْ یُقَاتِلُوْكُمْ فِی الدِّیْنِ وَلَمْ یُخْرِجُوْكُمْ مِّنْ دِیَارِكُمْ اَنْ تَبَرُّوْهُمْ وَتُقْسِطُوْۤا اِلَیْهِمْ ؕ اِنَّ اللّٰهَ یُحِبُّ الْمُقْسِطِیْنَ ۟","assameseTranslation":"দ্বীনী ক্ষেত্ৰত যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহ ন্যায়পৰায়ণসকলক ভালপায়।","footnotes":"","tafseer":"আল্লাহে তোমালোকক সিহঁতৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ তথা সিহঁতৰ মাজত ন্যায় কৰিবলৈ অৰ্থাৎ সিহঁতক সিহঁতৰ অধিকাৰ দিবলৈ নিষেধ নকৰে, যিসকলে তোমালোকৰ বিৰুদ্ধে ইছলামৰ কাৰণে যুদ্ধ কৰা নাই আৰু তোমালোকক তোমালোকৰ ঘৰৰ পৰা বহিষ্কাৰো কৰা নাই। নিশ্চয় আল্লাহে সেইসকল ন্যায়কাৰীক ভাল পায়, যিসকলে স্বয়ং নিজৰ আৰু নিজ পৰিয়ালৰ তথা আত্মীয়ৰ লগত ন্যায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060008.mp3"},{"index":"9","arabicText":"اِنَّمَا یَنْهٰىكُمُ اللّٰهُ عَنِ الَّذِیْنَ قٰتَلُوْكُمْ فِی الدِّیْنِ وَاَخْرَجُوْكُمْ مِّنْ دِیَارِكُمْ وَظٰهَرُوْا عَلٰۤی اِخْرَاجِكُمْ اَنْ تَوَلَّوْهُمْ ۚ وَمَنْ یَّتَوَلَّهُمْ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟","assameseTranslation":"আল্লাহে কেৱল সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, যিসকলে দ্বীন সম্পৰ্কে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিছে, তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু তোমালোকক বহিষ্কাৰ কৰিবলৈ সহায় কৰিছে। এনেকুৱা লোকৰ সৈতে যিসকলে বন্ধুত্ব কৰে, সিহঁতেই হৈছে যালিম।","footnotes":"","tafseer":"বৰং আল্লাহে তোমালোকক সেইসকল লোকৰ সৈতে বন্ধুত্ব কৰিবলৈ নিষেধ কৰে, যিসকলে তোমালোকৰ বিৰুদ্ধে তোমালোকৰ ঈমানৰ কাৰণে যুদ্ধ কৰে, আৰু তোমালোকক তোমালোকৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছে, তথা তোমালোকক বহিষ্কাৰ কৰাত সহায় কৰিছে, এনেকুৱা লোকৰ সৈতে তোমালোকক বন্ধুত্ব কৰিবলৈ নিষেধ কৰা হৈছে। এতেকে তোমালোকৰ মাজৰ যিসকলে এনেকুৱা লোকৰ লগত বন্ধুত্ব কৰিব তেন্তে (জানি থোৱা) সিহঁতেই নিজৰ ওপৰত অত্যাচাৰকাৰী। কিয়নো সিহঁতে আল্লাহৰ আদেশৰ বিৰোধিতা কৰি নিজকে ধংসৰ স্থানত নিক্ষেপ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060009.mp3"},{"index":"10","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا جَآءَكُمُ الْمُؤْمِنٰتُ مُهٰجِرٰتٍ فَامْتَحِنُوْهُنَّ ؕ اَللّٰهُ اَعْلَمُ بِاِیْمَانِهِنَّ ۚ فَاِنْ عَلِمْتُمُوْهُنَّ مُؤْمِنٰتٍ فَلَا تَرْجِعُوْهُنَّ اِلَی الْكُفَّارِ ؕ لَا هُنَّ حِلٌّ لَّهُمْ وَلَا هُمْ یَحِلُّوْنَ لَهُنَّ ؕ وَاٰتُوْهُمْ مَّاۤ اَنْفَقُوْا ؕ وَلَا جُنَاحَ عَلَیْكُمْ اَنْ تَنْكِحُوْهُنَّ اِذَاۤ اٰتَیْتُمُوْهُنَّ اُجُوْرَهُنَّ ؕ وَلَا تُمْسِكُوْا بِعِصَمِ الْكَوَافِرِ وَسْـَٔلُوْا مَاۤ اَنْفَقْتُمْ وَلْیَسْـَٔلُوْا مَاۤ اَنْفَقُوْا ؕ ذٰلِكُمْ حُكْمُ اللّٰهِ ؕ یَحْكُمُ بَیْنَكُمْ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰলৈ মুমিনা নাৰীসকল হিজৰত কৰি আহিলে তোমালোকে সিহঁতক পৰীক্ষা কৰি লবা; আল্লাহেই সিহঁতৰ ঈমান সম্পৰ্কে সম্যক অৱগত। তাৰ পিছত যদি তোমালোকে জানিব পাৰা যে, সিহঁত মুমিনা নাৰী, তেন্তে সিহঁতক কাফিৰসকলৰ ওচৰলৈ ওভতাই নপঠিয়াবা। মুমিনা নাৰীসকল কাফিৰসকলৰ বাবে বৈধ নহয় আৰু কাফিৰসকলো মুমিনা নাৰীসকলৰ বাবে বৈধ নহয়। কাফিৰসকলে যি খৰচ কৰিছে সেয়া তোমালোকে সিহঁতক ওভতাই দিয়া। তাৰ পিছত তোমালোকে সিহঁতক বিবাহ কৰিলে তোমালোকৰ কোনো অপৰাধ নহ’ব, যদি তোমালোকে সিহঁতক মোহৰ আদায় দিয়া; আৰু তোমালোকে কাফিৰা নাৰীসকলৰ লগত দাম্পত্য সম্পৰ্ক বজায় নাৰাখিবা। তোমালোকে যি ব্যয় কৰিছা সেয়া তোমালোকে ওভতাই লবা আৰু কাফিৰসকলে যি ব্যয় কৰিছে সেয়া সিহঁতে ঘূৰাই বিচৰা উচিত। এইটোৱে হৈছে আল্লাহৰ বিধান; তেওঁ তোমালোকৰ মাজত ফয়চালা কৰি দিয়ে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! যেতিয়া তোমালোকৰ ওচৰত মুমিনা মহিলাসকলে কুফুৰৰ ভূমিৰ পৰা ঈমানৰ ভূমিলৈ হিজৰত কৰি আহে, তেতিয়া তোমালোকে সিহঁতৰ ঈমানৰ সত্যতা পৰীক্ষা কৰিবা। আল্লাহে সিহঁতৰ ঈমান সম্পৰ্কে অধিক জ্ঞাত। সিহঁতৰ অন্তৰৰ কোনো খবৰেই তেওঁৰ পৰা গোপন নহয়। যদি পৰীক্ষাৰ পিছত সিহঁতৰ ঈমানৰ সত্যতা প্ৰকাশ পায় আৰু তোমালোকে গম পোৱা যে, সিহঁত প্ৰকৃত মুমিন তেন্তে সিহঁতক সিহঁতৰ কাফিৰ স্বামীৰ ওচৰলৈ ওভোতাই নপঠাবা। মুমিনা মহিলাৰ নিকাহ কাফিৰৰ লগত বৈধ নহয়। এইদৰে কাফিৰসকলৰ বাবেও মুমিনা নাৰীক বিবাহ পাশত আৱদ্ধ কৰোৱা বৈধ নহয়। এতেকে সিহঁতৰ স্বামীসকলক মোহৰৰ বাবত খৰচ হোৱা ধন ঘূৰাই দিয়া। হে মুমিনসকল! তোমালোকৰ বাবে কোনো পাপ নহ'ব, যদি তোমালোকে সিহঁতৰ ইদ্দত পাৰ হোৱাৰ পিছত সিহঁতক বিবাহ কৰোৱা, আৰু সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া। আনহাতে যাৰ স্ত্ৰী কাফিৰা বা ইছলাম ত্যাগ কৰিছে, তেনেকুৱা স্ত্ৰীক বিবাহ পাশত নাৰাখিবা। কিয়নো তাইৰ ঈমান শেষ হৈ যোৱাৰ লগে লগে বিবাহ বিচ্ছেদ হৈ গৈছে। সেয়ে কাফিৰসকলৰ পৰা ইছলাম ত্যাগ কৰা নিজৰ স্ত্ৰীৰ মোহৰ বিচাৰিবা, যিবোৰ তুমি তাইৰ বাবে খৰচ কৰিছিলা। এইদৰে সিহঁতেও সিহঁতৰ ইছলাম গ্ৰহণকাৰীণী স্ত্ৰীসকলৰ মোহৰ বিচৰা উচিত। এইটো (তোমালোকৰ আৰু সিহঁতৰ তৰফৰ পৰা মোহৰ ঘূৰাই পোৱাৰ আবেদন কৰা বিধানটো হৈছে) আল্লাহৰ আদেশ। তেওঁ তোমালোকৰ মাজত যি ইচ্ছা কৰে সেইটোৱে নিৰ্ধাৰণ কৰে। আল্লাহ তেওঁৰ বান্দাসকলৰ পৰিস্থিতি আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। বান্দাসকলৰ বাবে চৰীয়ত প্ৰণয়ন কৰাত তেওঁ মহাপ্ৰজ্ঞাময়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060010.mp3"},{"index":"11","arabicText":"وَاِنْ فَاتَكُمْ شَیْءٌ مِّنْ اَزْوَاجِكُمْ اِلَی الْكُفَّارِ فَعَاقَبْتُمْ فَاٰتُوا الَّذِیْنَ ذَهَبَتْ اَزْوَاجُهُمْ مِّثْلَ مَاۤ اَنْفَقُوْا ؕ وَاتَّقُوا اللّٰهَ الَّذِیْۤ اَنْتُمْ بِهٖ مُؤْمِنُوْنَ ۟","assameseTranslation":"আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ কোনোবাই যদি হাত এৰাদি কাফিৰসকলৰ ওচৰলৈ গুচি যায়, তাৰ পিছত যদি তোমালোকে যুদ্ধত বিজয়ী হৈ গনীমত লাভ কৰা, তেনেহ’লে যিসকলৰ স্ত্ৰী গুচি গৈছে সিহঁতক, সিহঁতে যি ব্যয় কৰিছে, তাৰ সমপৰিমাণ প্ৰদান কৰিবা; আৰু তোমালোকে আল্লাহক ভয় কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।","footnotes":"","tafseer":"আৰু যদি এনেকুৱা হয় যে, তোমালোকৰ কিছুমান স্ত্ৰী ইছলাম বৰ্জন কৰি কাফিৰ বিলাকৰ ওচৰলৈ গুচি যায় আৰু তোমালোকে কাফিৰসকলৰ পৰা সিহঁতৰ মোহৰ ঘূৰাই বিচৰা কিন্তু সিহঁতে ঘূৰাই দিবলৈ মান্তি নহয়, তেন্তে তোমালোকে কাফিৰসকলৰ পৰা গনিমত স্বৰূপে পোৱা সম্পদৰ পৰা ইছলাম বৰ্জন কৰি ঘূৰি যোৱা স্ত্ৰীসকলৰ পতিসকলক সিহঁতৰ মোহৰৰ পৰিমাণ ধন আদায় দিবা। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা, যাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060011.mp3"},{"index":"12","arabicText":"یٰۤاَیُّهَا النَّبِیُّ اِذَا جَآءَكَ الْمُؤْمِنٰتُ یُبَایِعْنَكَ عَلٰۤی اَنْ لَّا یُشْرِكْنَ بِاللّٰهِ شَیْـًٔا وَّلَا یَسْرِقْنَ وَلَا یَزْنِیْنَ وَلَا یَقْتُلْنَ اَوْلَادَهُنَّ وَلَا یَاْتِیْنَ بِبُهْتَانٍ یَّفْتَرِیْنَهٗ بَیْنَ اَیْدِیْهِنَّ وَاَرْجُلِهِنَّ وَلَا یَعْصِیْنَكَ فِیْ مَعْرُوْفٍ فَبَایِعْهُنَّ وَاسْتَغْفِرْ لَهُنَّ اللّٰهَ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"হে নবী! যেতিয়া মুমিনা নাৰীসকলে তোমাৰ ওচৰলৈ আহি এই সম্পৰ্কে বাইআত কৰে যে, সিহঁতে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি নকৰিব, ব্যভিচাৰ নকৰিব, নিজৰ সন্তানসকলক হত্যা নকৰিব, ইচ্ছাকৃতভাৱে নিজে অপবাদ ৰচনা কৰি ৰটনা কৰি নুফুৰিব আৰু সৎকৰ্মত তোমাৰ অবাধ্যতা নকৰিব, তেতিয়া তুমি সিহঁতৰ বাইআত গ্ৰহণ কৰিবা, আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে নবী! যেতিয়া আপোনাৰ ওচৰত মুমিনা নাৰীসকলে এই কথাৰ বাইআত কৰিবলৈ আহে যে (যিদৰে মক্কা বিজয়ৰ সময়ত আহিছিল), তেওঁলোকে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, বৰং কেৱল তেওঁৰেই ইবাদত কৰিব, আৰু চুৰি নকৰিব, ব্যভিচাৰ নকৰিব, অজ্ঞতা যুগৰ দৰে নিজৰ সন্তানক হত্যা নকৰিব আৰু ব্যভিচাৰৰ ফলত সৃষ্টি হোৱা সন্তানৰ সম্বন্ধ নিজৰ স্বামীৰ লগত সংযোগ নকৰিব তথা কোনো ভাল কামত আপোনাৰ অবাধ্য নহ’ব- যেনে- চিঞঁৰি চিঞঁৰি কান্দিবলৈ নিষেধ কৰা হৈছে, কান্দোনৰ সময়ত গালত চৰিওৱা, কাপোৰ ফালি পেলোৱা ইত্যাদি নিষেধ কৰা হৈছে- তেন্তে তেওঁলোকৰ পৰা আপুনি বাইআত লৈ লওক। বাইআত গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ বাবে আপুনি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি দয়াৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060012.mp3"},{"index":"13","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَوَلَّوْا قَوْمًا غَضِبَ اللّٰهُ عَلَیْهِمْ قَدْ یَىِٕسُوْا مِنَ الْاٰخِرَةِ كَمَا یَىِٕسَ الْكُفَّارُ مِنْ اَصْحٰبِ الْقُبُوْرِ ۟۠","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে সেই সম্প্ৰদায়ৰ লগত বন্ধুত্ব নকৰিবা, যিসকলৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত হৈছে। সিহঁতে আখিৰাত সম্পৰ্কে নিৰাশ হৈ পৰিছে, যেনেকৈ কাফিৰসকলে কবৰবাসীৰ বিষয়ে নিৰাশ হৈ পৰিছে।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! এনেকুৱা সম্প্ৰদায়ৰ লগত বন্ধুত্ব নকৰিবা যাৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত হৈছে। যিসকলে ক্বিয়ামত দিৱসৰ প্ৰতি বিশ্বাস পোষণ নকৰে। বৰং সিহঁতে ক্বিয়ামত সম্পৰ্কে এনেকৈ নিৰাশ হৈ আছে, যিদৰে পুনৰুত্থানক অস্বীকাৰ কৰাৰ কাৰণে, সিহঁতৰ মৃত লোকসকল উভতি নহাক লৈ নিৰাশ হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/060013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/060013.mp3"}]