[{"index":"1","arabicText":"سَبَّحَ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۚ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত যি যি আছে, সেই সকলোৱে আল্লাহক প্ৰত্যেক এনেকুৱা বস্তুৰ পৰা পাক তথা পৱিত্ৰতা ঘোষণা কৰে, যিবোৰ তেওঁৰ উপযুক্ত নহয়। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহা প্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061001.mp3"},{"index":"2","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لِمَ تَقُوْلُوْنَ مَا لَا تَفْعَلُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা?","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰীসকল! তোমালোকে কিয় এনেকৈ কোৱা যে, আমি ইটো আৰু সিটো কৰিছোঁ, অথচ প্ৰকৃততে তোমালোকে সেইটো কৰাই নাই? উদাহৰণস্বৰূপে তোমালোকৰ কোনোবাই যদি কয় যে, মই নিজৰ তৰোৱালেৰে যুদ্ধ কৰিছোঁ আৰু শত্ৰুৰ ওপৰত আঘাত হানিছোঁ, অথচ সি তৰোৱালেৰে যুদ্ধ কৰা নাই আৰু শত্ৰুক আঘাতো কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061002.mp3"},{"index":"3","arabicText":"كَبُرَ مَقْتًا عِنْدَ اللّٰهِ اَنْ تَقُوْلُوْا مَا لَا تَفْعَلُوْنَ ۟","assameseTranslation":"তোমালোকে যিটো নকৰা সেইটো তোমালোকে কোৱাটো আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক।","footnotes":"","tafseer":"এনেকুৱা ধৰণৰ মনেসজা কথা আল্লাহৰ ওচৰত খুবেই অপ্ৰিয়। অৰ্থাৎ যিটো কাম তোমালোকে কৰা নাই, সেই কামৰ শ্ৰেয় লোৱাটো হৈছে নিকৃষ্ট মানসিকতা। মুমিনসকলে আল্লাহৰ ওচৰত সত্যবাদী হোৱা উচিত, যাতে তেওঁৰ কৰ্মই তেওঁৰ কথাক সমৰ্থন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061003.mp3"},{"index":"4","arabicText":"اِنَّ اللّٰهَ یُحِبُّ الَّذِیْنَ یُقَاتِلُوْنَ فِیْ سَبِیْلِهٖ صَفًّا كَاَنَّهُمْ بُنْیَانٌ مَّرْصُوْصٌ ۟","assameseTranslation":"নিশ্চয় আল্লাহে তেওঁলোকক ভালপায়, যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে; যেনিবা সিহঁত গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ।","footnotes":"","tafseer":"নিশ্চয় আল্লাহে সেইজন মুমিন বান্দাক ভাল পায়, যিয়ে তেওঁৰ পথত তেওঁৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে এনেকৈ শাৰীবদ্ধ হৈ যুদ্ধ কৰে, যেনিবা পকী বেৰ, ইটোৰ লগত সিটো লগ লাগি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061004.mp3"},{"index":"5","arabicText":"وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ لِمَ تُؤْذُوْنَنِیْ وَقَدْ تَّعْلَمُوْنَ اَنِّیْ رَسُوْلُ اللّٰهِ اِلَیْكُمْ ؕ فَلَمَّا زَاغُوْۤا اَزَاغَ اللّٰهُ قُلُوْبَهُمْ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, মূছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় মোক কষ্ট দি আছা? অথচ তোমালোকে জানা যে, নিশ্চয় মই তোমালোকৰ প্ৰতি (প্ৰেৰিত) আল্লাহৰ ৰাছুল’। তাৰ পিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"আৰু হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া মূছা আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে মোৰ আদেশ উলংঘা কৰি মোক কষ্ট দিয়া কিয়, অথচ তোমালোকে জানা যে, মই হৈছোঁ তোমালোকৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল? এতেকে যেতিয়া সিহঁতে সেই সত্যৰ পৰা আঁতৰি গ’ল, যিটো মুছা আলাইহিচ্ছালামে সিহঁতৰ ওচৰলৈ আনিছিল, তেতিয়া আল্লাহে সিহঁতৰ অন্তৰক সত্য আৰু ইছলামৰ প্ৰতি অটুট থাকিবলৈ তাওফীক লাভৰ পৰা দূৰ কৰি দিলে। (এতেকে জানি থোৱা) আল্লাহে সেইসকল লোকক সত্যৰ তাওফীক নিদিয়ে, যিসকলে তেওঁৰ আনুগত্যৰ পৰা আঁতৰি যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061005.mp3"},{"index":"6","arabicText":"وَاِذْ قَالَ عِیْسَی ابْنُ مَرْیَمَ یٰبَنِیْۤ اِسْرَآءِیْلَ اِنِّیْ رَسُوْلُ اللّٰهِ اِلَیْكُمْ مُّصَدِّقًا لِّمَا بَیْنَ یَدَیَّ مِنَ التَّوْرٰىةِ وَمُبَشِّرًا بِرَسُوْلٍ یَّاْتِیْ مِنْ بَعْدِی اسْمُهٗۤ اَحْمَدُ ؕ فَلَمَّا جَآءَهُمْ بِالْبَیِّنٰتِ قَالُوْا هٰذَا سِحْرٌ مُّبِیْنٌ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া মাৰয়ামৰ পুত্ৰ ঈছাই কৈছিল, হে বনী ইছৰাঈল! ‘নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী, লগতে এজন ৰাছুলৰ সুসংবাদদাতা, যিজন মোৰ পিছত আহিব, যাৰ নাম হ’ব আহমদ’। তাৰ পিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহ লৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখোন স্পষ্ট যাদু’।","footnotes":"","tafseer":"হে ৰাছুল! সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া ঈছা ইবনে মাৰয়াম আলাইহিচ্ছালামে কৈছিল, হে বনী ইছৰাঈল! নিশ্চয় মই হৈছোঁ আল্লাহৰ ৰাছুল, মোৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক সমৰ্থন কৰিবলৈ মোক তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। এতেকে মই কোনো নতুন ৰাছুল নহয়, লগতে মোক এজন ৰাছুলৰ সুসংবাদ দিবলৈ প্ৰেৰণ কৰা হৈছে, যিজন মোৰ পিছত আহিব, তেওঁৰ নাম হ'ব আহমদ। যেতিয়া ঈছা আলাইহিচ্ছালামে সিহঁতৰ ওচৰত নিজৰ সমৰ্থনত দলিল প্ৰমাণ দাঙি ধৰিলে, তেতিয়া সিহঁতে ক'লেঃ এয়া দেখোন স্পষ্ট যাদু। গতিকে ইয়াক আমি কেতিয়াও মানি নলওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061006.mp3"},{"index":"7","arabicText":"وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ الْكَذِبَ وَهُوَ یُدْعٰۤی اِلَی الْاِسْلَامِ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۚ","assameseTranslation":"সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে? অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয়; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"আৰু সেই ব্যক্তিতকৈ ডাঙৰ অত্যাচাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা ৰচনা কৰে, তথা তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি তেওঁৰ বাহিৰে সেইবোৰৰ পূজা অৰ্চনা কৰে। অথচ তাক ইছলামৰ ফালে আহ্বান কৰা হৈছে, যিটো নিৰ্ভেজাল সঠিক তাওহীদৰ ধৰ্ম। আল্লাহে সেইসকল লোকক হিদায়ত আৰু সত্যৰ পথ নেদেখুৱায়, যিসকলে শ্বিৰ্ক আৰু পাপ কৰ্মৰ মাধ্যমত নিজৰ ওপৰত অত্যাচাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061007.mp3"},{"index":"8","arabicText":"یُرِیْدُوْنَ لِیُطْفِـُٔوْا نُوْرَ اللّٰهِ بِاَفْوَاهِهِمْ ؕ وَاللّٰهُ مُتِمُّ نُوْرِهٖ وَلَوْ كَرِهَ الْكٰفِرُوْنَ ۟","assameseTranslation":"সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুঁ মাৰি নিৰ্বাপিত কৰিব বিচাৰে, আৰু আল্লাহে তেওঁৰ জ্যোতিক (নিশ্চিতভাৱে) পূৰ্ণতা দান কৰিব। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰীসকলে নিজৰ মিছা কথাৰ দ্বাৰা আৰু সত্যক বিকৃত কৰি আল্লাহৰ জ্যোতিক নুমাই দিব বিচাৰে। পক্ষান্তৰে আল্লাহে তেওঁৰ ধৰ্মক পৃথিৱীৰ চৌদিশে প্ৰসাৰিত কৰি তেওঁৰ কলিমাক পূৰ্ণতা প্ৰদান কৰিব, যদিওঁ সিহঁতে অপছন্দ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061008.mp3"},{"index":"9","arabicText":"هُوَ الَّذِیْۤ اَرْسَلَ رَسُوْلَهٗ بِالْهُدٰی وَدِیْنِ الْحَقِّ لِیُظْهِرَهٗ عَلَی الدِّیْنِ كُلِّهٖ وَلَوْ كَرِهَ الْمُشْرِكُوْنَ ۟۠","assameseTranslation":"তেৱেঁই নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীন সহকাৰে সকলো দ্বীনৰ ওপৰত তাক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।","footnotes":"","tafseer":"আল্লাহ তেৱেঁই, যিয়ে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ইছলাম ধৰ্মৰ সৈতে প্ৰেৰণ কৰিছে। যি ধৰ্মই সত্য আৰু কল্যাণৰ পথ দেখুৱায় তথা এইটো হৈছে উপকাৰী জ্ঞান আৰু সত্কৰ্মৰ ধৰ্ম, যাতে এই ধৰ্মক সকলো ধৰ্মতকৈ উচ্চ কৰি দিয়ে, যদিও মুশ্বৰিকসকলে এইটো অপছন্দ কৰে, তথা সিহঁতে নিবিচাৰে যে, এই ধৰ্ম পৃথিৱীত প্ৰতিষ্ঠিত হওক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061009.mp3"},{"index":"10","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا هَلْ اَدُلُّكُمْ عَلٰی تِجَارَةٍ تُنْجِیْكُمْ مِّنْ عَذَابٍ اَلِیْمٍ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! মই তোমালোকক এনেকুৱা এটা ব্যৱসায়ৰ সন্ধান দিমনে, যিটো তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব?","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! মই তোমালোকক এটা লাভদায়ক ব্যৱসায়ৰ পথ দেখুৱাই দিমনে, যিটোৱে তোমালোকক কষ্টদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061010.mp3"},{"index":"11","arabicText":"تُؤْمِنُوْنَ بِاللّٰهِ وَرَسُوْلِهٖ وَتُجَاهِدُوْنَ فِیْ سَبِیْلِ اللّٰهِ بِاَمْوَالِكُمْ وَاَنْفُسِكُمْ ؕ ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟ۙ","assameseTranslation":"সেয়া হৈছে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিবা। এইটোৱেই হৈছে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানা।","footnotes":"","tafseer":"এই লাভদায়ক ব্যৱসায়টো হৈছে এই যে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, আৰু তেওঁৰ পথত নিজৰ ধন খৰচ কৰি আৰু নিজৰ প্ৰাণ আহুতি দি তেওঁৰ সন্তুষ্টি লাভৰ বাবে যুদ্ধ কৰা। এই আমল তোমালোকৰ বাবে উত্তম। যদি তোমালোকে এই বিষয়ে অৱগত, তেন্তে ইয়াৰ ফালে সোনকালে অগ্ৰসৰ হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061011.mp3"},{"index":"12","arabicText":"یَغْفِرْ لَكُمْ ذُنُوْبَكُمْ وَیُدْخِلْكُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ وَمَسٰكِنَ طَیِّبَةً فِیْ جَنّٰتِ عَدْنٍ ؕ ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟ۙ","assameseTranslation":"তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব; আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ তলেদি নদীসমূহ প্ৰবাহিত, আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো (প্ৰৱেশ কৰাব)। এইটোৱে হৈছে মহা সফলতা।","footnotes":"","tafseer":"আৰু এই ব্যৱসায়ৰ লাভাংশ হৈছে এই যে, আল্লাহে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু বৃক্ষবোৰৰ তলেদি নিজৰা প্ৰৱাহিত হ'ব, আৰু তোমালোকক চিৰস্থায়ী জান্নাতৰ উৎকৃষ্ট ঘৰবোৰত প্ৰৱেশ কৰাব। এই প্ৰতিদানেই সেই ডাঙৰ সফলতা, যাৰ সমান আন কোনো সফলতাই হ'ব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061012.mp3"},{"index":"13","arabicText":"وَاُخْرٰی تُحِبُّوْنَهَا ؕ نَصْرٌ مِّنَ اللّٰهِ وَفَتْحٌ قَرِیْبٌ ؕ وَبَشِّرِ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"লগতে (তেওঁ প্ৰদান কৰিব) আৰু এটা অনুগ্ৰহ, যিটো তোমালোকে পছন্দ কৰা। (অৰ্থাৎ) আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটৱৰ্তী বিজয়; আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া।","footnotes":"","tafseer":"এই ব্যৱসায়ৰ আৰু এটা লাভ আছে, যিটোক তোমালোকে ভাল পোৱা আৰু সেইটো পৃথিৱীতেই অৰ্জন হয়, সেয়া হৈছে আল্লাহে তোমালোকক তোমালোকৰ শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব আৰু তোমালোকে শীঘ্ৰেই এটা বিজয় লাভ কৰিবা অৰ্থাৎ মক্কা জয় কৰিবা। এতেকে হে ৰাছুল! আপুনি মুমিনসকলক সুসংবাদ দিয়ক, যিটোৱে তেওঁলোকক আনন্দিত কৰিব অৰ্থাৎ পৃথিৱীত সহায়প্ৰাপ্ত হোৱাৰ আৰু পৰকালত জান্নাত লাভ কৰাৰ সুসংবাদ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061013.mp3"},{"index":"14","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُوْنُوْۤا اَنْصَارَ اللّٰهِ كَمَا قَالَ عِیْسَی ابْنُ مَرْیَمَ لِلْحَوَارِیّٖنَ مَنْ اَنْصَارِیْۤ اِلَی اللّٰهِ ؕ قَالَ الْحَوَارِیُّوْنَ نَحْنُ اَنْصَارُ اللّٰهِ فَاٰمَنَتْ طَّآىِٕفَةٌ مِّنْ بَنِیْۤ اِسْرَآءِیْلَ وَكَفَرَتْ طَّآىِٕفَةٌ ۚ فَاَیَّدْنَا الَّذِیْنَ اٰمَنُوْا عَلٰی عَدُوِّهِمْ فَاَصْبَحُوْا ظٰهِرِیْنَ ۟۠","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ সহায়কাৰী হোৱা, যেনেকৈ মাৰয়ামৰ পুত্ৰ ঈছাই হাৱাৰীসকলক কৈছিল, ‘আল্লাহৰ পথত কোনে মোৰ সহায়ক হ’বা’? হাৱাৰীসকলে কৈছিল, ‘আমিয়েই আল্লাহৰ পথত সহায়কাৰী’। তাৰ পিছত বনী ইছৰাঈলৰ এটা দলে ঈমান আনিছিল আৰু আন এটা দলে কুফুৰী কৰিছিল। গতিকে যিসকলে ঈমান আনিছিল তেওঁলোকক আমি তেওঁলোকৰ শত্ৰুবাহিনীৰ ওপৰত শক্তিশালী কৰিছিলোঁ। ফলত তেওঁলোক বিজয়ী হৈছিল।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! ৰাছুলে তোমালোকৰ ওচৰলৈ লৈ অহা দ্বীন ইছলামক সহায় কৰি আল্লাহৰ সহায়ক হৈ যোৱা। ঠিক সেইদৰে যিদৰে হাৱাৰীসকলে সহায় কৰিছিল, যেতিয়া ঈছা আলাইহিচ্ছালামে তেওঁলোকক কৈছিলঃ আল্লাহৰ দ্বীন প্ৰচাৰৰ ক্ষেত্ৰত মোক কোনে কোনে সহায় কৰিবা? তেতিয়া তেওঁলোকে ক্ষীপ্ৰতাৰে উত্তৰ দিছিল যে, আমি হম আল্লাহৰ সহায়ক। ফলত বনী ইছৰাঈলৰ এটা দলে ঈছা আলাইহিচ্ছালামৰ প্ৰতি ঈমান আনিছিল আৰু আনটো দলে তেখেতক মানিবলৈ অস্বীকাৰ কৰিছিল। এতেকে আমি সেইসকল লোকক কাফিৰসকলৰ বিৰুদ্ধে সমৰ্থন কৰিছিলোঁ, যিসকলে ঈছা আলাইহিচ্ছালামৰ প্ৰতি ঈমান পোষণ কৰিছিল। অৱশেষত তেওঁলোকে সিহঁতৰ ওপৰত বিজয় লাভ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/061014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/061014.mp3"}]