[{"index":"1","arabicText":"یُسَبِّحُ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ الْمَلِكِ الْقُدُّوْسِ الْعَزِیْزِ الْحَكِیْمِ ۟","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, যিজন অধিপতি, মহাপৱিত্ৰ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিয়ে আল্লাহক সেই সকলো ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ অনুৰূপ নহয়। তেৱেঁই একক সম্ৰাট, ৰাজত্ব কেৱল তেওঁৰেই। তেওঁ সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062001.mp3"},{"index":"2","arabicText":"هُوَ الَّذِیْ بَعَثَ فِی الْاُمِّیّٖنَ رَسُوْلًا مِّنْهُمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِهٖ وَیُزَكِّیْهِمْ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ ۗ وَاِنْ كَانُوْا مِنْ قَبْلُ لَفِیْ ضَلٰلٍ مُّبِیْنٍ ۟ۙ","assameseTranslation":"তেৱেঁই উম্মীসকলৰ মাজত সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছে, যিজনে সিহঁতৰ ওচৰত তেওঁৰ আয়াতসমূহ তিলাৱাত কৰে, সিহঁতক পৱিত্ৰ কৰে আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে; যদিও ইতিপূৰ্বে সিহঁত আছিল ঘোৰ বিভ্ৰান্তিত;","footnotes":"","tafseer":"তেৱেঁই আৰবীয়ানসকলৰ মাজত, যিসকলে লিখা-পঢ়া একোৱে জনা নাছিল, সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিলে। যিজনে সিহঁতক তেওঁ অৱতীৰ্ণ কৰা আয়াতসমূহ পাঠ কৰি শুনায়। লগতে সিহঁতক কুফৰ তথা কু-ব্যৱহাৰৰ পৰা পৱিত্ৰ কৰে, আৰু কোৰআন শিকায় লগতে ছুন্নাহৰ শিক্ষা প্ৰদান কৰে। তেওঁৰ নুবুওৱতৰ পূৰ্বে সিহঁত স্পষ্টৰূপে সত্যৰ পৰা পথভ্ৰষ্ট হৈ আছিল। ফলত সিহঁতে মূৰ্তি পূজা কৰিছিল, ৰক্ত প্ৰবাহিত কৰিছিল আৰু আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্ন কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062002.mp3"},{"index":"3","arabicText":"وَّاٰخَرِیْنَ مِنْهُمْ لَمَّا یَلْحَقُوْا بِهِمْ ؕ وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟","assameseTranslation":"আৰু সিহঁতৰ মাজৰ পৰা অন্যান্যসকলৰ প্ৰতিও, (এই ৰাছুলকেই প্ৰেৰণ কৰা হৈছে) যিসকলে এতিয়াও সিহঁতৰ লগত মিলিত হোৱা নাই আৰু আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"এই ৰাছুলক আন আন আৰবীয়ান তথা অনাৰবীয়ান সকলৰ ওচৰলৈও প্ৰেৰণ কৰিছে, যিসকলে এতিয়াও আগমন কৰা নাই, কিন্তু শীঘ্ৰেই আহিব। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062003.mp3"},{"index":"4","arabicText":"ذٰلِكَ فَضْلُ اللّٰهِ یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟","assameseTranslation":"এইটো আল্লাহৰেই অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাক সেয়া দান কৰে; আৰু আল্লাহ মহানুগ্ৰহৰ অধিকাৰী।","footnotes":"","tafseer":"উক্ত বিষয়টো (অৰ্থাৎ আৰব তথা অনাৰবসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰাটো) হৈছে আল্লাহৰ এটা অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। আল্লাহ অত্যন্ত অনুগ্ৰহকাৰী। তেওঁৰ অন্যতম এটা ডাঙৰ অনুগ্ৰহ হৈছে এই যে, তেওঁ এই উম্মতৰ ৰাছুলক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062004.mp3"},{"index":"5","arabicText":"مَثَلُ الَّذِیْنَ حُمِّلُوا التَّوْرٰىةَ ثُمَّ لَمْ یَحْمِلُوْهَا كَمَثَلِ الْحِمَارِ یَحْمِلُ اَسْفَارًا ؕ بِئْسَ مَثَلُ الْقَوْمِ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِ اللّٰهِ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟","assameseTranslation":"যিসকলক তাওৰাতৰ দায়িত্বভাৰ দিয়া হৈছিল, কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে- গাধৰ দৰে! যিয়ে বহু কিতাবৰ বোজা বহন কৰে। কিমান যে নিকৃষ্ট সেই সম্প্ৰদায়ৰ দৃষ্টান্ত, যিসকলে আল্লাহৰ আয়াতসমূহক মিছা বুলি অমান্য কৰে; (জানি থোৱা) আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।","footnotes":"","tafseer":"যিসকল ইয়াহুদীক তৌৰাতৰ বিধান অনুসৰি আমল কৰিবলৈ আদেশ দিয়া হৈছিল, কিন্তু সিহঁতে সেই মতে আমল কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে গাধৰ দৰে, যিয়ে ডাঙৰ ডাঙৰ কিতাপ পিঠিত বহন কৰে কিন্তু সি গম নাপায় তাৰ পিঠিয়ে কি কঢ়িয়াই নিছে। সেইবোৰ কিতাপ নে অইন কিবা? বৰ বেয়া উদাহৰণ সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু আল্লাহে অত্যাচাৰীসকলক সত্যত উপনীত হ'বলৈ সামৰ্থ নিদিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062005.mp3"},{"index":"6","arabicText":"قُلْ یٰۤاَیُّهَا الَّذِیْنَ هَادُوْۤا اِنْ زَعَمْتُمْ اَنَّكُمْ اَوْلِیَآءُ لِلّٰهِ مِنْ دُوْنِ النَّاسِ فَتَمَنَّوُا الْمَوْتَ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"কোৱা, হে ইয়াহুদীসকল! যদি তোমালোকে ভাবা যে, আন আন মানুহৰ বাহিৰে অকল তোমালোকেই আল্লাহৰ বন্ধু, তেন্তে তোমালোকে মৃত্যু কামনা কৰা যদি তোমালোকে সত্যবাদী।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি কৈ দিয়কঃ ইয়াহুদী ধৰ্ম বিকৃত হোৱাৰ পাছতো তাৰ ওপৰত প্ৰতিষ্ঠিত থকা হে লোকসকল! যদি তোমালোকে নিজকে আল্লাহৰ অলী বুলি গণ্য কৰা, লগতে যদি তোমালোকে ভাবা যে, তেওঁ অন্যান্য লোকসকলক এৰি বন্ধুত্বৰ সৌভাগ্য কেৱল তোমালোককহে প্ৰদান কৰিছে, তেন্তে তোমালোকে মৃত্যু কামনা কৰাচোন, যাতে আল্লাহে তোমালোকক সেইবোৰ বস্তু অতি সোনকালে প্ৰদান কৰিব পাৰে, যিটো তেওঁ (তোমালোকৰ ধাৰণা অনুযায়ী) তোমালোকৰ বাবে নিৰ্দিষ্ট কৰি ৰাখিছে। যদি তোমালোকে তোমালোকৰ এই দাবীত সত্যবাদী যে, কেৱল তোমালোকেই আল্লাহৰ বন্ধু, আন কোনো নহয় (তেন্তে মৃত্যু কামনা কৰা)।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062006.mp3"},{"index":"7","arabicText":"وَلَا یَتَمَنَّوْنَهٗۤ اَبَدًا بِمَا قَدَّمَتْ اَیْدِیْهِمْ ؕ وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ۟","assameseTranslation":"কিন্তু সিহঁতৰ হাতে আগলৈ যি প্ৰেৰণ কৰিছে তাৰ কাৰণে সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক অৱগত।","footnotes":"","tafseer":"সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব, বৰং সিহঁতে কৰা পাপকৰ্ম, অন্যায়-অত্যাচাৰ তথা তৌৰাতত পৰিবৰ্তন-পৰিবৰ্ধন আৰু বিকৃত কৰাৰ কাৰণে সদায় পৃথিৱীতেই থাকিব বিচাৰিব। আল্লাহে অত্যাচাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত। সিহঁতৰ কোনো আমলেই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062007.mp3"},{"index":"8","arabicText":"قُلْ اِنَّ الْمَوْتَ الَّذِیْ تَفِرُّوْنَ مِنْهُ فَاِنَّهٗ مُلٰقِیْكُمْ ثُمَّ تُرَدُّوْنَ اِلٰی عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟۠","assameseTranslation":"কোৱা, যি মৃত্যুৰ পৰা তোমালোকে পলায়ন কৰা, সেয়া নিশ্চয় তোমালোকৰ লগত সাক্ষাৎ কৰিব। তাৰ পিছত তোমালোকক প্ৰত্যাৱৰ্তন কৰোৱা হ’ব গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী আল্লাহৰ ওচৰত। তেওঁ তোমালোকক জনাই দিব তোমালোকে যি আমল কৰিছিলা।","footnotes":"","tafseer":"হে ৰাছুল! এই ইয়াহুদী বিলাকক কৈ দিয়কঃ নিশ্চয় সেই মৃত্যু, যিটোৰ পৰা তোমালোকে পলায়ন কৰি আছা, অৱশ্যে তোমালোকক সাক্ষাৎ কৰিব, সোনকালে হওক অথবা পলমকৈ। তাৰ পিছত তোমালোকে ক্বিয়ামতৰ দিনা আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰিবা। তেওঁ দৃশ্য অদৃশ্য সকলো বিষয়ে অৱগত, এই উভয় বিষয়ৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেতিয়া তেওঁ তোমালোকক সেই সকলো কথা অৱগত কৰিব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা আৰু তোমালোকক তাৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062008.mp3"},{"index":"9","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا نُوْدِیَ لِلصَّلٰوةِ مِنْ یَّوْمِ الْجُمُعَةِ فَاسْعَوْا اِلٰی ذِكْرِ اللّٰهِ وَذَرُوا الْبَیْعَ ؕ ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! জুমুআৰ দিনা ইমাম মিম্বৰত উঠাৰ পিছত মুআজ্জিনে যেতিয়া ছালাতৰ বাবে আজান দিয়ে, তেতিয়া তোমালোকে খুৎবা শুনিবলৈ আৰু ছালাত আদায় কৰিবলৈ মছজিদৰ পিনে অগ্ৰসৰ হোৱা আৰু ক্ৰয়-বিক্ৰয় বন্ধ কৰা, যাতে ই তোমালোকক ইবাদতৰ পৰা অমনোযোগী নকৰে। হে মুমিনসকল! জুমুআৰ আজানৰ পিছত ছালাতৰ বাবে যোৱা আৰু ক্ৰয়-বিক্ৰয় বন্ধ কৰাটো হৈছে তোমালোকৰ বাবে উত্তম। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে আল্লাহে তোমালোকক যি আদেশ কৰিছে সেয়া পালন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062009.mp3"},{"index":"10","arabicText":"فَاِذَا قُضِیَتِ الصَّلٰوةُ فَانْتَشِرُوْا فِی الْاَرْضِ وَابْتَغُوْا مِنْ فَضْلِ اللّٰهِ وَاذْكُرُوا اللّٰهَ كَثِیْرًا لَّعَلَّكُمْ تُفْلِحُوْنَ ۟","assameseTranslation":"তাৰ পিছত ছালাত সমাপ্ত হ’লে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।","footnotes":"","tafseer":"তাৰ পিছত যেতিয়া তোমালোকে জুমআৰ ছালাত সম্পন্ন কৰিবা, তেতিয়া তোমালোকে হালাল জীৱিকাৰ অনুসন্ধানত আৰু নিজৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে পৃথিৱীত প্ৰসাৰিত হৈ যাবা, আৰু হালাল উপাৰ্জন তথা বৈধ লাভৰ জৰিয়তে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবা। জীৱিকা উপাৰ্জনৰ সময়তো আল্লাহক বেছি বেছি স্মৰণ কৰিবা। লগতে মনত ৰাখিবা জীৱিকাৰ অনুসন্ধানে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী কৰিব নোৱাৰে। যাতে তোমালোকে সেই বস্তু লাভ কৰিবলৈ সফল হ'ব পাৰা, যিটোক তোমালোকে ভাল পোৱা, আৰু সেই বস্তুৰ পৰা মুক্তি পাব পাৰা যিটোক তোমালোকে ভয় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062010.mp3"},{"index":"11","arabicText":"وَاِذَا رَاَوْا تِجَارَةً اَوْ لَهْوَا نْفَضُّوْۤا اِلَیْهَا وَتَرَكُوْكَ قَآىِٕمًا ؕ قُلْ مَا عِنْدَ اللّٰهِ خَیْرٌ مِّنَ اللَّهْوِ وَمِنَ التِّجَارَةِ ؕ وَاللّٰهُ خَیْرُ الرّٰزِقِیْنَ ۟۠","assameseTranslation":"আৰু সিহঁতে যেতিয়া ব্যৱসায় অথবা ক্ৰীড়া-কৌতুক দেখা পায় তেতিয়া সিহঁতে তোমাক থিয় অৱস্থাতেই ৰাখি সেইফালে ধাৱিত হয়। কোৱা, আল্লাহৰ ওচৰত যি আছে সেয়া ক্ৰীড়া-কৌতুক আৰু ব্যৱসায়-বাণিজ্যতকৈও উৎকৃষ্ট; আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ জীৱিকাদাতা।","footnotes":"","tafseer":"হে ৰাছুল! যেতিয়া কিছুমান মুছলমানে ব্যৱসায়িক পণ্য বা খেল সামগ্ৰী দেখিবলৈ পায়, তেতিয়া তেওঁলোকে আপোনাক মিম্বৰৰ ওপৰত থিয় অৱস্থাতে এৰি থৈ সেই ফালে ওলাই যায়। হে ৰাছুল! আপুনি কৈ দিয়কঃ আল্লাহৰ ওচৰত ভাল কৰ্মৰ যি প্ৰতিদান আছে, সেয়া ব্যৱসায় আৰু খেল-ধেমালিতকৈ উত্তম, যিবোৰৰ ফালে তোমালোকে দৌৰি যোৱা। নিশ্চয় আল্লাহ হৈছে সৰ্বোত্তম জীৱিকা দাতা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/062011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/062011.mp3"}]