[{"index":"1","arabicText":"اِذَا جَآءَكَ الْمُنٰفِقُوْنَ قَالُوْا نَشْهَدُ اِنَّكَ لَرَسُوْلُ اللّٰهِ ۘ وَاللّٰهُ یَعْلَمُ اِنَّكَ لَرَسُوْلُهٗ ؕ وَاللّٰهُ یَشْهَدُ اِنَّ الْمُنٰفِقِیْنَ لَكٰذِبُوْنَ ۟ۚ","assameseTranslation":"যেতিয়া মুনাফিকসকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল, লগতে আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল হৈছে মিছলীয়া।","footnotes":"","tafseer":"হে ৰাছুল! যিসকল মুনাফিকে ইছলাম গ্ৰহণ কৰা বুলি ভাৱ দেখুৱায় কিন্তু অন্তৰত কুফুৰ লুকুৱাই ৰাখে, সিহঁতে যেতিয়া আপোনাৰ ওচৰত আহে তেতিয়া কয়ঃ আমি সাক্ষী দিওঁ যে, আপুনি নিশ্চয় আল্লাহৰ প্ৰকৃত ৰাছুল। অথচ আল্লাহে জানে যে, আপুনি তেওঁৰ প্ৰকৃত ৰাছুল, আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল হৈছে মিছলীয়া, আৰু সিহঁতে অন্তৰৰ গভীৰতাৰ পৰা সাক্ষ্য দিয়ে বুলি যি দাবী কৰে, সেই দাবীও মিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063001.mp3"},{"index":"2","arabicText":"اِتَّخَذُوْۤا اَیْمَانَهُمْ جُنَّةً فَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ ؕ اِنَّهُمْ سَآءَ مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"সিহঁতে নিজৰ শপতবোৰক ঢালৰূপে ব্যৱহাৰ কৰে। ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!","footnotes":"","tafseer":"সিহঁতে ঈমান পোষণ কৰিছে বুলি শপত খাই দাবী কৰে। প্ৰকৃততে সিহঁতে নিজকে হত্যা আৰু গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰিবলৈ এই শপতবোৰক ঢাল বনাই লৈছে। এইদৰে সন্দেহ বিয়পাই মানুহক ঈমানৰ পৰা বিৰত ৰাখিছে। প্ৰকৃততে নিফাকৰ ওপৰত অবিচল থকা আৰু মিছা শপত খোৱা আদি হৈছে অত্যন্ত বেয়া কাম, যিবোৰ সিহঁতে কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063002.mp3"},{"index":"3","arabicText":"ذٰلِكَ بِاَنَّهُمْ اٰمَنُوْا ثُمَّ كَفَرُوْا فَطُبِعَ عَلٰی قُلُوْبِهِمْ فَهُمْ لَا یَفْقَهُوْنَ ۟","assameseTranslation":"এয়া এই কাৰণে যে, সিহঁতে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছে। ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে; সেয়ে সিহঁতে নুবুজা হৈছে।","footnotes":"","tafseer":"ইয়াৰ কাৰণ হৈছে, সিহঁতে মানুহক দেখুৱাবলৈহে ঈমান পোষণ কৰিছে, অথচ সিহঁতৰ অন্তৰত ঈমান ঢুকি পোৱা নাই। তাৰ পিছত সিহঁতে গোপনীয়ভাৱে আল্লাহৰ লগত কুফুৰী কৰিছে। সেয়েহে আল্লাহে সিহঁতৰ কুফুৰীৰ কাৰণে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। গতিকে এতিয়া সিহঁতৰ অন্তৰত ঈমান সোমাব নোৱাৰে। এই মোহৰ লগাৰ কাৰণে সিহঁতে বুজিব নোৱাৰে যে, কোনটোৰ ভিতৰত সিহঁতৰ বাবে কল্যাণ আছে তথা হিদায়ত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063003.mp3"},{"index":"4","arabicText":"وَاِذَا رَاَیْتَهُمْ تُعْجِبُكَ اَجْسَامُهُمْ ؕ وَاِنْ یَّقُوْلُوْا تَسْمَعْ لِقَوْلِهِمْ ؕ كَاَنَّهُمْ خُشُبٌ مُّسَنَّدَةٌ ؕ یَحْسَبُوْنَ كُلَّ صَیْحَةٍ عَلَیْهِمْ ؕ هُمُ الْعَدُوُّ فَاحْذَرْهُمْ ؕ قٰتَلَهُمُ اللّٰهُ ؗ اَنّٰی یُؤْفَكُوْنَ ۟","assameseTranslation":"আৰু তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতিয়ে তোমাক মুগ্ধ কৰিব আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা। সিহঁত বেৰত লগাই থোৱা কাঠৰ খুঁটাৰ দৰে; সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে। সিহঁতেই হৈছে প্ৰকৃত শত্ৰু, এতেকে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা; আল্লাহে সিহঁতক ধ্বংস কৰক! সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে!","footnotes":"","tafseer":"হে দৰ্শনকাৰী! তুমি যেতিয়া সিহঁতক দেখিবা, সিহঁতৰ সতেজ আকাৰ আকৃতি, হৃষ্ট পুষ্ট অৱয়ব আৰু নিয়ামতসমূহৰ মাজত লালিত-পালিত ৰূপ ৰেখাই তোমালোকক আকৰ্ষিত কৰিব। যদি সিহঁতে কথা ক’বলৈ ধৰে তেন্তে তোমালোকে সিহঁতৰ শুৱলা কথাবোৰ শুনিয়ে থাকিবা। হে ৰাছুল! সিহঁতে আপোনাৰ বৈঠকত এনেদৰে বহে যেনিবা বেৰৰ সহায়ত থিয় হৈ থকা খৰিহে মাত্ৰ। সিহঁতে একোৱে বুজি নাপায়, আৰু সিহঁতৰত অন্তৰতো নোসোমায়। সিহঁতৰ কাপুৰুষতাৰ চৰম অৱস্থা এই যে, সিহঁতে প্ৰত্যেক কথাকে নিজৰ বিৰুদ্ধে গণ্য কৰে। সিহঁতেই হৈছে প্ৰকৃত শত্ৰু। এতেকে হে ৰাছুল! আপুনি সিহঁতৰ পৰা সাৱধান থাকিব, যাতে সিহঁতে আপোনাৰ গোপন কৌশল প্ৰকাশ কৰিব নোৱাপে, অথবা আপোনাৰ বিৰুদ্ধে কোনো চক্ৰান্ত কৰিব নোৱাৰে। সিহঁতৰ প্ৰতি আল্লাহৰ অভিসম্পাত হওক। সিহঁতক ঈমানৰ পৰা কেনেকৈ বিমুখ কৰা হৈছে? অথচ ইয়াৰ প্ৰমাণসমূহ স্পষ্ট আৰু দলিলসমূহ প্ৰকাশ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063004.mp3"},{"index":"5","arabicText":"وَاِذَا قِیْلَ لَهُمْ تَعَالَوْا یَسْتَغْفِرْ لَكُمْ رَسُوْلُ اللّٰهِ لَوَّوْا رُءُوْسَهُمْ وَرَاَیْتَهُمْ یَصُدُّوْنَ وَهُمْ مُّسْتَكْبِرُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আহা, আল্লাহৰ ৰাছুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব’, তেতিয়া সিহঁতে মূৰ জুকাৰি অস্বীকৃতি জনায়, লগতে তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা।","footnotes":"","tafseer":"আৰু যেতিয়া এই মুনাফিকসকলক কোৱা হয় যে, তোমালোকৰ পৰা যি ভুল হৈছে তাৰ ক্ষমাৰ বাবে ৰাছুলৰ ওচৰলৈ আহা, তেখেতে তোমালোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব, তেতিয়া সিহঁতে বিদ্ৰূপ আৰু উপলুঙা কৰি নিজৰ মুখখন ঘূৰাই লয়। আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁতে সত্যক অগ্ৰাহ্য কৰি দম্ভালি মাৰি মুখ ঘূৰাই লয়, যি সত্যক গ্ৰহণ কৰিবলৈ সিহঁতক আদেশ দিয়া হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063005.mp3"},{"index":"6","arabicText":"سَوَآءٌ عَلَیْهِمْ اَسْتَغْفَرْتَ لَهُمْ اَمْ لَمْ تَسْتَغْفِرْ لَهُمْ ؕ لَنْ یَّغْفِرَ اللّٰهُ لَهُمْ ؕ اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟","assameseTranslation":"তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা, উভয়েই সিহঁতৰ বাবে সমান। আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। নিশ্চয় আল্লাহ ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি সিহঁতৰ বাবে ক্ষমা বিচাৰক বা নিবিচাৰক উভয়ে সমান। আল্লাহে সিহঁতৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব। আল্লাহে সেই সম্প্ৰদায়ক তাওফীক নিদিয়ে যিসকলে গুনাহৰ ওপৰত অবিচল থাকি আল্লাহৰ আনুগত্যৰ পৰা ওলাই যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063006.mp3"},{"index":"7","arabicText":"هُمُ الَّذِیْنَ یَقُوْلُوْنَ لَا تُنْفِقُوْا عَلٰی مَنْ عِنْدَ رَسُوْلِ اللّٰهِ حَتّٰی یَنْفَضُّوْا ؕ وَلِلّٰهِ خَزَآىِٕنُ السَّمٰوٰتِ وَالْاَرْضِ وَلٰكِنَّ الْمُنٰفِقِیْنَ لَا یَفْقَهُوْنَ ۟","assameseTranslation":"সিহঁতে কয়, ‘তোমালোকে আল্লাহৰ ৰাছুলৰ সহচৰসকলৰ বাবে ব্যয় নকৰিবা, যাতে সিহঁত আঁতৰি যায়’। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰ আল্লাহৰেই, কিন্তু মুনাফিক্বসকলে নুবুজে।","footnotes":"","tafseer":"সিহঁতে কয়ঃ তোমালোকে নিজৰ ধন সেইসকল দুখীয়াৰ প্ৰতি তথা মদীনাৰ ওচৰে-পাঁজৰে থকা দৰিদ্ৰ গাঁৱলীয়াৰ প্ৰতি খৰচ নকৰিবা, যিসকলে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতে চলে, যাতে সিহঁতে তেখেতৰ পৰা বিচ্ছিন্ন হৈ যায়। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰ হৈছে কেৱল আল্লাহৰ অধীনত। তেওঁ যাক ইচ্ছা কৰে প্ৰচুৰ পৰিমাণে জীৱিকা প্ৰদান কৰে। কিন্তু মুনাফিকসকলে এই কথা গমকে নাপায় যে, জীৱিকাৰ ভাণ্ডাৰ হৈছে কেৱল আল্লাহৰ অধীনত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063007.mp3"},{"index":"8","arabicText":"یَقُوْلُوْنَ لَىِٕنْ رَّجَعْنَاۤ اِلَی الْمَدِیْنَةِ لَیُخْرِجَنَّ الْاَعَزُّ مِنْهَا الْاَذَلَّ ؕ وَلِلّٰهِ الْعِزَّةُ وَلِرَسُوْلِهٖ وَلِلْمُؤْمِنِیْنَ وَلٰكِنَّ الْمُنٰفِقِیْنَ لَا یَعْلَمُوْنَ ۟۠","assameseTranslation":"সিহঁতে কয়, ‘আমি মদীনালৈ উভতি গ’লে নিশ্চয় শক্তিশালীসকলে তাৰ পৰা দুৰ্বলসকলক বহিষ্কাৰ কৰিব’। অথচ শক্তি-সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ। কিন্তু মুনাফিক্বসকলে সেয়া নাজানে।","footnotes":"","tafseer":"সিহঁতৰ নেতা আব্দুল্লাহ বিন উবাইয়ে কয়ঃ যদি আমি মদীনালৈ উভতি যাওঁ তেন্তে আমাক মাজৰ সন্মানিত লোকসকলে (অৰ্থাৎ মই আৰু মোৰ সঙ্গীসকলে) অপমানিত লোকসকলক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ সঙ্গীসকলক) বহিষ্কাৰ কৰিব। অথচ সন্মান হৈছে কেৱল আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাবে, আব্দুল্লাহ বিন উবাই আৰু তাৰ সঙ্গীবিলাকৰ বাবে নহয়। কিন্তু মুনাফিকসকলে নাজানে যে, সন্মান হৈছে কেৱল আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাবে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063008.mp3"},{"index":"9","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُلْهِكُمْ اَمْوَالُكُمْ وَلَاۤ اَوْلَادُكُمْ عَنْ ذِكْرِ اللّٰهِ ۚ وَمَنْ یَّفْعَلْ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে; আৰু যিসকলে এনেকৈ উদাসীন হ’ব সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! তোমালোকক তোমালোকৰ সা-সম্পত্তি আৰু সন্তান-সন্ততিয়ে যাতে ছালাত তথা ইছলামৰ অন্যান্য ফৰজ কৰ্মবোৰৰ পৰা অমনোযোগী নকৰে। কাৰণ ছালাত আদিৰ দৰে আল্লাহে ফৰজ কৰা কৰ্মবোৰৰ পৰা যাক তাৰ সা-সম্পত্তি আৰু সন্তান-সন্ততিয়ে অমনোযোগী কৰে, প্ৰকৃততে সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত। ক্বিয়ামতৰ দিনা সিহঁতেই নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063009.mp3"},{"index":"10","arabicText":"وَاَنْفِقُوْا مِنْ مَّا رَزَقْنٰكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَ اَحَدَكُمُ الْمَوْتُ فَیَقُوْلَ رَبِّ لَوْلَاۤ اَخَّرْتَنِیْۤ اِلٰۤی اَجَلٍ قَرِیْبٍ ۙ فَاَصَّدَّقَ وَاَكُنْ مِّنَ الصّٰلِحِیْنَ ۟","assameseTranslation":"আৰু মই তোমালোকক যি জীৱিকা দান কৰিছোঁ তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতে তাৰ পৰা ব্যয় কৰা, (কাৰণ মৃত্যু অহাৰ পিছত মানুহে ক’ব) হে মোৰ প্ৰতিপালক! ‘মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই ছাদক্বা কৰিলোঁহেঁতেন আৰু সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন’!","footnotes":"","tafseer":"তোমালোকৰ ওচৰলৈ মৃত্যু অহাৰ আগতেই তোমালোকে নিজৰ সেই সম্পদৰ পৰা আল্লাহৰ পথত ব্যয় কৰা, যিবোৰ আল্লাহে তোমালোকক প্ৰদান কৰিছে, অন্যথা নিজ প্ৰতিপালকক কাকূতি মিনতি কৰি ক'ব লাগিবঃ হে মোৰ প্ৰতিপালক! মোক অলপ সময়ৰ কাৰণে অৱকাশ নিদিলা কিয়, মই তোমাৰ পথত মোৰ ধন ব্যয় কৰিলোঁহেঁতেন আৰু মই তোমাৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন, যিসকলে সৎকৰ্ম কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063010.mp3"},{"index":"11","arabicText":"وَلَنْ یُّؤَخِّرَ اللّٰهُ نَفْسًا اِذَا جَآءَ اَجَلُهَا ؕ وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠","assameseTranslation":"যেতিয়া কাৰোবাৰ নিৰ্দিষ্ট সময় উপস্থিত হয়, তেতিয়া আল্লাহে তাক কেতিয়াও অৱকাশ নিদিয়ে। তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।","footnotes":"","tafseer":"আল্লাহে কোনো প্ৰাণীকেই সেই সময়ত সুযোগ নিদিব, যেতিয়া তাৰ আয়ু সমাপ্ত হৈ যাব আৰু তাৰ নিৰ্ধাৰিত সময় আহি পৰিব। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক প্ৰত্যেক কামৰে প্ৰতিদান দিব। যদি আমল ভাল হয় তেন্তে প্ৰতিদানো ভাল হ’ব, আৰু যদি বেয়া হয় তেন্তে তাৰ প্ৰতিদানো বেয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/063011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/063011.mp3"}]