[{"index":"1","arabicText":"یُسَبِّحُ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۚ لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ ؗ وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁৰেই আধিপত্য আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিয়ে আল্লাহক সেই সকলো দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ অনুৰূপ নহয়। ৰাজত্ব কেৱল তেওঁৰেই। তেওঁৰ বাহিৰে আন কোনো স্বত্বাধিকাৰী নাই। উত্তম প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ প্ৰত্যেক বস্তুৰ ওপৰত ক্ষমতাৱান। কোনেও তেওঁক পৰাস্ত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064001.mp3"},{"index":"2","arabicText":"هُوَ الَّذِیْ خَلَقَكُمْ فَمِنْكُمْ كَافِرٌ وَّمِنْكُمْ مُّؤْمِنٌ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজত কিছুমান হৈছে কাফিৰ আৰু কিছুমান হৈছে মুমিন; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"হে মানৱজাতি! তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজৰ কিছুমানে অস্বীকাৰ কৰিছে, সিহঁতৰ ঠিকনা হৈছে জাহান্নাম। আনহাতে কিছুমানে ইমান পোষণ কৰিছে, তেওঁলোকৰ ঠিকনা হৈছে জান্নাত। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064002.mp3"},{"index":"3","arabicText":"خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ وَصَوَّرَكُمْ فَاَحْسَنَ صُوَرَكُمْ ۚ وَاِلَیْهِ الْمَصِیْرُ ۟","assameseTranslation":"তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাৱৰ্তন কেৱল তেওঁৰ ওচৰতেই।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীক সত্যৰ সৈতে সৃষ্টি কৰিছে, অনৰ্থক সৃষ্টি কৰা নাই। হে মানৱজাতি! তেৱেঁই তোমালোকক আকৃতি দান কৰিছে আৰু তেওঁৰ অনুগ্ৰহ আৰু কৃপাত উত্তম আকৃতি দিছে। অন্যথা ইচ্ছা কৰিলে বেয়া আকৃতি দিব পাৰিলেহেঁতেন। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। য’ত তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়া হ'ব। যদি ভাল হয় তেন্তে ভাল ফলাফল দিয়া হ'ব আৰু যদি বেয়া হয় তেন্তে বেয়া প্ৰতিদান দিয়া হ'ব। ","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064003.mp3"},{"index":"4","arabicText":"یَعْلَمُ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ وَیَعْلَمُ مَا تُسِرُّوْنَ وَمَا تُعْلِنُوْنَ ؕ وَاللّٰهُ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟","assameseTranslation":"আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে; আৰু অন্তৰসমূহত যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো তেওঁ জানে। তোমালোকে যিবোৰ গোপনে কৰা সেইবোৰো তেওঁ জানে, আৰু যিবোৰ প্ৰকাশ্যভাৱে কৰা সেয়াও তেওঁ জানে। মহান আল্লাহে তোমালোকৰ অন্তৰত থকা ভাল-বেয়া গোপন ভেদ সম্পৰ্কেও অৱগত। এই সংক্ৰান্তীয় কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064004.mp3"},{"index":"5","arabicText":"اَلَمْ یَاْتِكُمْ نَبَؤُا الَّذِیْنَ كَفَرُوْا مِنْ قَبْلُ ؗ فَذَاقُوْا وَبَالَ اَمْرِهِمْ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"ইয়াৰ আগত যিসকলে কুফুৰী কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰলৈ আহি পোৱা নাইনে? সিহঁতে নিজৰ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা অস্বীকাৰকাৰী জাতিসমূহৰ খবৰ আহি পোৱা নাইনে? উদাহৰণস্বৰূপে নূহ আলাইহিচ্ছালামৰ জাতি, আদ, ছামূদ আদি জাতিসমূহ। যিসকলে পৃথিৱীতেই নিজৰ কুফুৰীৰ শাস্তি ভোগ কৰিছে আৰু সিহঁতৰ বাবে পৰকালত আছে কষ্টদায়ক শাস্তি? নিশ্চয় তোমালোকৰ ওচৰত সেইবোৰ খবৰ আহি পাইছে। এতেকে সিহঁতৰ পৰিণামৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু তোমালোকে তেনেকুৱা শাস্তিৰ সন্মুখীন হোৱাৰ আগতেই আল্লাহৰ ওচৰত তাওবা কৰা, যি শাস্তিৰ সন্মুখীন সিহঁতে হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064005.mp3"},{"index":"6","arabicText":"ذٰلِكَ بِاَنَّهٗ كَانَتْ تَّاْتِیْهِمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَقَالُوْۤا اَبَشَرٌ یَّهْدُوْنَنَا ؗ فَكَفَرُوْا وَتَوَلَّوْا وَّاسْتَغْنَی اللّٰهُ ؕ وَاللّٰهُ غَنِیٌّ حَمِیْدٌ ۟","assameseTranslation":"এয়া এই কাৰণে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল, তথাপিও সিহঁতে কৈছিল, ‘মানুহেই আমাক পথৰ সন্ধান দিব নেকি’? তাৰ পিছত সিহঁতে কুফুৰী কৰিছিল আৰু মুখ ঘূৰাই লৈছিল; ফলত আল্লাহেও (সিহঁতৰ ঈমানৰ বিষয়ে) ভ্ৰুক্ষেপ নকৰিলে; আৰু আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।","footnotes":"","tafseer":"এই শাস্তি সিহঁতক এই কাৰণে বিহা হৈছিল যে, সিহঁতৰ ওচৰত ৰাছুলসকলে স্পষ্ট প্ৰমাণ আৰু স্পষ্ট যুক্তি সহকাৰে আহিছিল। কিন্তু সিহঁতে মানৱ জাতিৰ মাজৰ পৰা ৰাছুল হোৱা বিষয়টোক আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মানুহ এজনে আমাক কেনেকৈ সত্যৰ পথ দেখুৱাব পাৰে? এইদৰে সিহঁতে অস্বীকাৰ কৰিলে আৰু ঈমানৰ পৰা মুখ ঘূৰাই ল’লে। কিন্তু সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব পৰা নাই। কিয়নো আল্লাহ হৈছে সিহঁতৰ ইবাদতৰ পৰা অমুখাপেক্ষী। তদোপৰি সিহঁতৰ আনুগত্যৰ ফলত আল্লাহৰ কোনো মৰ্যাদা বৃদ্ধি নহয়। আল্লাহ অমুখাপেক্ষী, কোনো ক্ষেত্ৰতেই তেওঁ বান্দাৰ মুখাপেক্ষী নহয়। তেওঁ নিজৰ কথা আৰু কৰ্মত সপ্ৰশংসিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064006.mp3"},{"index":"7","arabicText":"زَعَمَ الَّذِیْنَ كَفَرُوْۤا اَنْ لَّنْ یُّبْعَثُوْا ؕ قُلْ بَلٰی وَرَبِّیْ لَتُبْعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلْتُمْ ؕ وَذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟","assameseTranslation":"কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।","footnotes":"","tafseer":"আল্লাহক অস্বীকাৰকাৰীসকলে ভাবিছে যে, আল্লাহে সিহঁতৰ মৃত্যুৰ পিছত সিহঁতক কেতিয়াও পুনৰ্জীৱিত নকৰিব। হে ৰাছুল! এই পুনৰুত্থান অস্বীকাৰকাৰীসকলক কৈ দিয়কঃ কিয় নহয়, মোৰ প্ৰতিপালকৰ শপত! নিশ্চয় ক্বিয়ামতৰ দিনা তোমালোকক পুনৰ্জীৱিত কৰা হ'ব। তাৰ পিছত তোমালোকক পৃথিৱীত কৰা কৰ্মবোৰৰ বিষয়ে অৱগত কৰোৱা হ'ব। এই পুনৰুত্থান আল্লাহৰ বাবে তেনেই উজু, কিয়নো তেৱেঁই তোমালোকক প্ৰথম বাৰ সৃষ্টি কৰিছে। গতিকে তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰিবলৈ তেওঁ নিশ্চিতভাৱে সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064007.mp3"},{"index":"8","arabicText":"فَاٰمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ وَالنُّوْرِ الَّذِیْۤ اَنْزَلْنَا ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟","assameseTranslation":"এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি, লগতে আমি যি নূৰ অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি ঈমান পোষণ কৰা; আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।","footnotes":"","tafseer":"গতিকে হে মানৱজাতি! আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, লগতে সেই কোৰআনৰ প্ৰতি ঈমান পোষণ কৰা, যিখন আমি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, আৰু আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তোমালোকক ইয়াৰ প্ৰতিদানো দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064008.mp3"},{"index":"9","arabicText":"یَوْمَ یَجْمَعُكُمْ لِیَوْمِ الْجَمْعِ ذٰلِكَ یَوْمُ التَّغَابُنِ ؕ وَمَنْ یُّؤْمِنْ بِاللّٰهِ وَیَعْمَلْ صَالِحًا یُّكَفِّرْ عَنْهُ سَیِّاٰتِهٖ وَیُدْخِلْهُ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟","assameseTranslation":"স্মৰণ কৰা, যিদিনা তেওঁ তোমালোকক সমাবেশ দিৱসৰ উদ্দেশ্যে সমবেত কৰিব, সেই দিনটোৱে হ’ব ক্ষতিৰ দিন; আৰু যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব, তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰস্থায়ী হ’ব। এইটোৱে হৈছে মহা সফলতা।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক, ক্বিয়ামতৰ দিনা আল্লাহে যেতিয়া মানুহৰ কৰ্মৰ প্ৰতিদান দিবলৈ সকলোকে একত্ৰিত কৰিব। সেই দিৱসটো হ'ব কাফিৰসকলৰ বাবে ক্ষয়-ক্ষতিৰ দিৱস। কিয়নো মুমিনসকলে জান্নাতৰ ভিতৰত জাহান্নামীসকলৰ অট্টালিকাসমূহৰ উত্তৰাধিকাৰী হ'ব। আনহাতে জাহান্নামত জাহান্নামীসকলে জান্নাতিসকলৰ ঠিকনাৰ উত্তৰাধিকাৰী হ'ব। এতেকে যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব, আল্লাহে তেওঁলোকৰ পাপসমূহ মোচন কৰি দিব আৰু এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু বৃক্ষবোৰৰ তলেদি নিজৰাসমূহ প্ৰৱাহিত হ'ব। তেওঁলোকে তাত চিৰকাল থাকিব। তেওঁলোকে তাৰ পৰা কেতিয়াও বহিষ্কৃত নহ'ব আৰু ইয়াৰ নিয়ামতবোৰৰ ধাৰাবাহিকতাও বিচ্ছিন্ন নহ'ব। তেওঁলোকে লাভ কৰা এই বস্তুবোৰেই হৈছে প্ৰকৃত সফলতা। এই সফলতাৰ মোকাবিলা আন কোনো সফলতাই কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064009.mp3"},{"index":"10","arabicText":"وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَاۤ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ خٰلِدِیْنَ فِیْهَا ؕ وَبِئْسَ الْمَصِیْرُ ۟۠","assameseTranslation":"কিন্তু যিসকলে কুফুৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। কিমান নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।","footnotes":"","tafseer":"আৰু যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে আৰু আমি আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, সেইসকল লোকেই হৈছে জাহান্নামী। তাত সিহঁতে চিৰকাল থাকিব আৰু সিহঁতৰ ঠিকনা হৈছে অতি নিকৃষ্ট ঠিকনা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064010.mp3"},{"index":"11","arabicText":"مَاۤ اَصَابَ مِنْ مُّصِیْبَةٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ وَمَنْ یُّؤْمِنْ بِاللّٰهِ یَهْدِ قَلْبَهٗ ؕ وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟","assameseTranslation":"আল্লাহৰ অনুমতি অবিহনে কোনো বিপদেই আপতিত নহয়। যিয়ে আল্লাহক বিশ্বাস কৰে, আল্লাহে তাৰ অন্তৰক সৎপথত পৰিচালিত কৰে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত।","footnotes":"","tafseer":"ধন-সম্পদ, প্ৰাণ বা সন্তান-সন্ততিৰ ক্ষেত্ৰত যি বিপদ আহে, সেয়া আল্লাহৰ নিৰ্ধাৰণ আৰু ফয়চালা অনুসাৰেই আহে। যিয়ে আল্লাহৰ প্ৰতি, তেওঁৰ নিৰ্ধাৰণৰ প্ৰতি আৰু ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰিব, আল্লাহে তাৰ অন্তৰক তেওঁৰ আদেশৰ সন্মুখত নত হোৱাৰ তথা তেওঁৰ নিৰ্ধাৰণৰ প্ৰতি সন্তুষ্ট হোৱাৰ তাওফীক দিব। নিশ্চয় আল্লাহ প্ৰত্যেক বিষয়তে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064011.mp3"},{"index":"12","arabicText":"وَاَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ ۚ فَاِنْ تَوَلَّیْتُمْ فَاِنَّمَا عَلٰی رَسُوْلِنَا الْبَلٰغُ الْمُبِیْنُ ۟","assameseTranslation":"তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা। কিন্তু তোমালোকে যদি মুখ ঘূৰাই লোৱা তেন্তে (জানি থোৱা) মোৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে প্ৰচাৰ কৰাহে।","footnotes":"","tafseer":"তথা আল্লাহৰ অনুসৰণ কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। ইয়াৰ পিছতো যদি তোমালোকে তেওঁৰ ৰাছুলে লৈ অহা চৰীয়তৰ পৰা মুখ ঘূৰাই লোৱা, তেন্তে এই বিমুখ হোৱাৰ পাপ তোমালোকৰ ওপৰতেই বৰ্তিব। আমাৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল সেই সংবাদ পৌঁচাই দিয়া, যিটো পৌঁচাবলৈ আমি তেখেতক আদেশ কৰিছোঁ। নিশ্চিতভাৱে তেওঁ তোমালোকক সেইটো পৌঁচাই দিছে যিটো পৌঁচাই দিবলৈ তেওঁক আদেশ দিয়া হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064012.mp3"},{"index":"13","arabicText":"اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟","assameseTranslation":"আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে তাৱাক্কুল কৰা উচিত।","footnotes":"","tafseer":"আল্লাহেই সত্য উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেয়ে মুমিনসকলে সকলো বিষয়তে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064013.mp3"},{"index":"14","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّ مِنْ اَزْوَاجِكُمْ وَاَوْلَادِكُمْ عَدُوًّا لَّكُمْ فَاحْذَرُوْهُمْ ۚ وَاِنْ تَعْفُوْا وَتَصْفَحُوْا وَتَغْفِرُوْا فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"হে ঈমান্দাৰসকল! তোমালোকৰ স্ত্ৰী-স্বামী আৰু সন্তান-সন্ততিসকলৰ মাজৰ কিছুমান হৈছে তোমালোকৰ শত্ৰু; এতেকে সিহঁতৰ বিষয়ে তোমালোকে সতৰ্ক থাকিবা। যদি তোমালোকে সিহঁতক মাৰ্জনা কৰি দিয়া, সিহঁতৰ দোষ-ত্ৰুটিক উপেক্ষা কৰা আৰু সিহঁতক ক্ষমা কৰি দিয়া, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! নিশ্চয় তোমালোকৰ কিছুমান স্ত্ৰী আৰু সন্তান হৈছে তোমালোকৰ শত্ৰু। কিয়নো সিহঁতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা আৰু তেওঁৰ পথত যু্দ্ধ কৰাৰ পৰা অমনোযোগী কৰি ৰাখে। গতিকে সাৱধান থাকিবা, যাতে সিহঁতে তোমালোকক প্ৰভাৱিত কৰিব নোৱাৰে। এতেকে যদি তোমালোকে সিহঁতৰ ভুলবোৰ ক্ষমা কৰি দিয়া আৰু সিহঁতক আওকাণ কৰি চলা, লগতে সিহঁতৰ কিছুমান ত্ৰুটি গোপন কৰি ৰাখা, তেন্তে আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব, আৰু তোমালোকৰ প্ৰতি দয়া কৰিব। কিয়নো কাম অনুসৰিহে প্ৰতিফল দিয়া হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064014.mp3"},{"index":"15","arabicText":"اِنَّمَاۤ اَمْوَالُكُمْ وَاَوْلَادُكُمْ فِتْنَةٌ ؕ وَاللّٰهُ عِنْدَهٗۤ اَجْرٌ عَظِیْمٌ ۟","assameseTranslation":"নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কেৱল এটা পৰীক্ষা বিশেষ; আৰু আল্লাহৰ ওচৰতেই আছে মহাপুৰস্কাৰ।","footnotes":"","tafseer":"নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু তোমালোকৰ সন্তান-সন্ততি হৈছে তোমালোকৰ বাবে মুচিবত তথা পৰীক্ষাস্বৰূপ। কিয়নো সিহঁতে কেতিয়াবা কেতিয়াবা তোমালোকক হাৰাম উপাৰ্জন কৰিবলৈ আৰু আল্লাহৰ আনুগত্যৰ পৰা দূৰ হ’বলৈ উৎসাহিত কৰে। জানি থোৱা! আল্লাহৰ ওচৰত সেই ব্যক্তিৰ বাবে আছে মহাপ্ৰতিদান, যিয়ে আল্লাহৰ আনুগত্যক সন্তানৰ আনুগত্যৰ ওপৰত তথা ধন-সম্পদৰ লোভত ব্যস্ত থকাৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে। এই মহাপ্ৰতিদানটো হৈছে জান্নাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064015.mp3"},{"index":"16","arabicText":"فَاتَّقُوا اللّٰهَ مَا اسْتَطَعْتُمْ وَاسْمَعُوْا وَاَطِیْعُوْا وَاَنْفِقُوْا خَیْرًا لِّاَنْفُسِكُمْ ؕ وَمَنْ یُّوْقَ شُحَّ نَفْسِهٖ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟","assameseTranslation":"এতেকে তোমালোকে যথাসাধ্য আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, শ্ৰৱণ কৰা, আনুগত্য কৰা আৰু ব্যয় কৰা, তোমালোকৰ নিজৰে কল্যাণ হ’ব; আৰু যিসকলে অন্তৰৰ কৃপণতাৰ পৰা মুক্ত, সিহঁতেই হৈছে সাফল্যমণ্ডিত।","footnotes":"","tafseer":"আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি, যথাসম্ভৱ তেওঁৰ তাক্বৱা অৱলম্বন কৰা। শুনা আৰু আনুগত্য কৰা, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ কথা মানি চলা। লগতে আল্লাহে দিয়া ধন-সম্পদ সৎ পথত ব্যয় কৰা। আল্লাহে যাক অন্তৰৰ লালসাৰ পৰা ৰক্ষা কৰে, দৰাচলতে তেওঁলোকেই হৈছে নিজৰ উদ্দেশ্যত সাফল্যমণ্ডিত আৰু ভয়ৰ পৰা মুক্তিপ্ৰাপ্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064016.mp3"},{"index":"17","arabicText":"اِنْ تُقْرِضُوا اللّٰهَ قَرْضًا حَسَنًا یُّضٰعِفْهُ لَكُمْ وَیَغْفِرْ لَكُمْ ؕ وَاللّٰهُ شَكُوْرٌ حَلِیْمٌ ۟ۙ","assameseTranslation":"যদি তোমালোকে আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেওঁ তোমালোকৰ বাবে তাক বহু গুণ বৃদ্ধি কৰি দিব আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ গুণগ্ৰাহী, পৰম ধৈৰ্যশীল।","footnotes":"","tafseer":"যদি তোমালোকে আল্লাহক উত্তম ঋণ দিয়া অৰ্থাৎ তেওঁৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰা, তেন্তে তোমালোকৰ পুণ্যক দহৰ পৰা সাত শ গুণ পৰ্যন্ত, তথা তাতকৈও অধিকগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হ'ব, লগতে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিয়া হ'ব। কাৰণ আল্লাহ হৈছে গুণগ্ৰাহী, তেওঁ সৰু কামৰো ডাঙৰ প্ৰতিফল দিয়ে। তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064017.mp3"},{"index":"18","arabicText":"عٰلِمُ الْغَیْبِ وَالشَّهَادَةِ الْعَزِیْزُ الْحَكِیْمُ ۟۠","assameseTranslation":"তেওঁ দৃশ্য আৰু অদৃশ্য যাৱতীয় বিষয়ৰ জ্ঞানী, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"পৱিত্ৰ মহান আল্লাহ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। তেওঁৰ পৰা কোনো বস্তুৱেই গোপন নহয়। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/064018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/064018.mp3"}]