[{"index":"1","arabicText":"یٰۤاَیُّهَا النَّبِیُّ اِذَا طَلَّقْتُمُ النِّسَآءَ فَطَلِّقُوْهُنَّ لِعِدَّتِهِنَّ وَاَحْصُوا الْعِدَّةَ ۚ وَاتَّقُوا اللّٰهَ رَبَّكُمْ ۚ لَا تُخْرِجُوْهُنَّ مِنْ بُیُوْتِهِنَّ وَلَا یَخْرُجْنَ اِلَّاۤ اَنْ یَّاْتِیْنَ بِفَاحِشَةٍ مُّبَیِّنَةٍ ؕ وَتِلْكَ حُدُوْدُ اللّٰهِ ؕ وَمَنْ یَّتَعَدَّ حُدُوْدَ اللّٰهِ فَقَدْ ظَلَمَ نَفْسَهٗ ؕ لَا تَدْرِیْ لَعَلَّ اللّٰهَ یُحْدِثُ بَعْدَ ذٰلِكَ اَمْرًا ۟","assameseTranslation":"হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও যেন ওলাই নাযায়, (কিন্তু) সিহঁত যদি কোনো স্পষ্ট অশ্লীলতাত লিপ্ত হয় (তেন্তে বিষয়টো সুকীয়া)। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লংঘন কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে। তুমি নাজানা, সম্ভৱতঃ আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।","footnotes":"","tafseer":"হে নবী! যেতিয়া আপুনি অথবা আপোনাৰ উম্মতৰ কোনোবাই নিজৰ স্ত্ৰীক তালাক দিব বিচাৰে, তেতিয়া তেওঁ নিজৰ স্ত্ৰীক ইদ্দতৰ আৰম্ভণিত তালাক দিয়া উচিত। অৰ্থাৎ তালাক এনেকুৱা তুহৰত (ঋতুস্ৰাৱ শেষ হোৱাৰ পিছৰ অৱস্থাত) দিয়া উচিত, যিটো অৱস্থাত স্বামীয়ে স্ত্ৰীৰ লগত সহবাস কৰা নাই, আৰু তোমালোকে ইদ্দতৰ দিনবোৰ গণি ৰাখিবা, যাতে যদি ঘূৰাই ল’ব বিচৰা তেন্তে সেই সময়ছোৱাতে ওভোতাই ল’ব পাৰিবা। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু ইদ্দত সম্পূৰ্ণ নোহোৱালৈকে তালাকপ্ৰাপ্তা স্ত্ৰীক বসবাস কৰা ঘৰৰ পৰা উলিয়াই নিদিবা, আৰু সিহঁত নিজেও যাতে ওলাই নাযায়। কিন্তু যদি সিহঁতে প্ৰকাশ্য ব্যভিচাৰত লিপ্ত হয় তেন্তে বিষয়টো সুকীয়া (এনে পৰিস্থিত বহিষ্কাৰ কৰাই উত্তম)। এইবোৰ বিধান হৈছে দৰাচলতে আল্লাহে বান্ধি দিয়া সীমাৰেখা, যিটো তেওঁ বান্দাসকলৰ বাবে নিৰ্ধাৰণ কৰিছে। যিয়ে আল্লাহে বান্ধি দিয়া সীমা অতিক্ৰম কৰিব, সি দৰাচলতে নিজৰ ওপৰতেই অন্যায় কৰিব। অৰ্থাৎ নিজ প্ৰতিপালকৰ অবাধ্যতা কৰি নিজকে ধ্বংসৰ পথত ঠেলি দিব। হে তালাক প্ৰদানকাৰী! তুমি হয়তো নাজানা, সম্ভৱতঃ আল্লাহে এই তালাকৰ পিছত এনেকুৱা অৱস্থাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত তেওঁ স্ত্ৰীক আকৌ ওভোতাই ল’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065001.mp3"},{"index":"2","arabicText":"فَاِذَا بَلَغْنَ اَجَلَهُنَّ فَاَمْسِكُوْهُنَّ بِمَعْرُوْفٍ اَوْ فَارِقُوْهُنَّ بِمَعْرُوْفٍ وَّاَشْهِدُوْا ذَوَیْ عَدْلٍ مِّنْكُمْ وَاَقِیْمُوا الشَّهَادَةَ لِلّٰهِ ؕ ذٰلِكُمْ یُوْعَظُ بِهٖ مَنْ كَانَ یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ۬ وَمَنْ یَّتَّقِ اللّٰهَ یَجْعَلْ لَّهٗ مَخْرَجًا ۟ۙ","assameseTranslation":"তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ ইদ্দতৰ শেষ সীমাত উপনীত হ’ব, তেতিয়া তোমালোকে সিহঁতক যথাবিধি ৰাখি দিবা নহ’লে সিহঁতক যথাবিধি পৰিত্যাগ কৰিবা আৰু তোমালোকৰ মাজৰ পৰা দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; আৰু তোমালোকে আল্লাহৰ বাবে সঠিকভাৱে সাক্ষ্য দিবা। ইয়াৰ দ্বাৰা তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি বিশ্বাস কৰে তাক উপদেশ দিয়া হৈছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব আল্লাহে তাৰ বাবে উত্তৰণৰ পথ উলিয়াই দিব,","footnotes":"","tafseer":"যেতিয়া ইদ্দত সমাপ্ত হোৱাৰ উপক্ৰম হ'ব, তেতিয়া ইচ্ছা হ’লে আগ্ৰহ তথা উত্তম ব্যৱহাৰৰ সৈতে আঁকোৱালি লোৱা নাইবা ইদ্দত সম্পূৰ্ণ নোহোৱালৈকে এৰি দিয়া, যাতে নিজৰ দায়িত্ব নিজে ল’ব পাৰে, আৰু তাইৰ প্ৰাপ্য অধিকাৰ সম্পূৰ্ণৰূপে আদায় দিবা। যেতিয়া তাইক ওভোতাই ল’বা অথবা পৃথক কৰিবা, তেতিয়া সমাজৰ দুজন ন্যায়পৰায়ণ ব্যক্তিক সাক্ষী কৰি ৰাখিবা, যাতে বিবাদ নহয়। হে সাক্ষীসকল! তোমালোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে সাক্ষ্য প্ৰদান কৰিবা। এই বিধানবোৰৰ জৰিয়তে সেইসকল লোকক উপদেশ দিয়া হৈছে, যিসকলে আল্লাহৰ প্ৰতি আৰু কিয়ামতৰ প্ৰতি বিশ্বাস পোষণ কৰে। কিয়নো কেৱল তেওঁলোকেই উপদেশৰ দ্বাৰা উপকৃত হয়। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, আল্লাহে তাক সকলো সংকীৰ্ণতাৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065002.mp3"},{"index":"3","arabicText":"وَّیَرْزُقْهُ مِنْ حَیْثُ لَا یَحْتَسِبُ ؕ وَمَنْ یَّتَوَكَّلْ عَلَی اللّٰهِ فَهُوَ حَسْبُهٗ ؕ اِنَّ اللّٰهَ بَالِغُ اَمْرِهٖ ؕ قَدْ جَعَلَ اللّٰهُ لِكُلِّ شَیْءٍ قَدْرًا ۟","assameseTranslation":"আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা দান কৰিব; আৰু যিয়ে আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবই; নিশ্চয় আল্লাহে প্ৰতিটো বস্তুৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।","footnotes":"","tafseer":"আৰু তেওঁক এনেকুৱা ঠাইৰ পৰা জীৱিকা দান কৰিব, যিটো তেওঁ কেতিয়াও ভাবিবও নোৱাৰে আৰু কল্পনাও কৰিব নোৱাৰে। যিয়ে নিজৰ কৰ্মত আল্লাহৰ ওপৰত ভৰসা ৰাখিব, তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ আদেশ বলৱৎ কৰিবই, তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে, তেওঁৰ পৰা কোনো বস্তুৱে পৰিত্যাগ নহয়। নিশ্চয় আল্লাহে প্ৰত্যেক বস্তুৰ এটা পৰিমাপ নিৰ্ধাৰণ কৰিছে, সেই অনুপাতেই শেষ হয়। এতেকে সংকটময় সময়ৰো এটা পৰিমাপ নিৰ্ধাৰিত আছে, আৰু সুখৰো এটা নিৰ্ধাৰিত সময় আছে। এতেকে দুয়োটাৰ ভিতৰত যিকোনো এটাৰ ওপৰত কোনো মানুহেই সদায় থাকিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065003.mp3"},{"index":"4","arabicText":"وَا یَىِٕسْنَ مِنَ الْمَحِیْضِ مِنْ نِّسَآىِٕكُمْ اِنِ ارْتَبْتُمْ فَعِدَّتُهُنَّ ثَلٰثَةُ اَشْهُرٍ ۙ وَّا لَمْ یَحِضْنَ ؕ وَاُولَاتُ الْاَحْمَالِ اَجَلُهُنَّ اَنْ یَّضَعْنَ حَمْلَهُنَّ ؕ وَمَنْ یَّتَّقِ اللّٰهَ یَجْعَلْ لَّهٗ مِنْ اَمْرِهٖ یُسْرًا ۟","assameseTranslation":"তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ যিসকলে ঋতুমতি হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকে সন্দেহ কৰা তেনেহ’লে সিহঁতৰ ইদ্দতকাল হ’ব তিনি মাহ; আৰু যিসকলে এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰো (ইদ্দতকাল হৈছে তিনি মাহ); আৰু গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল হৈছে সন্তান প্ৰসৱ নোহোৱালৈকে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আল্লাহে তাৰ বাবে তাৰ কৰ্মক সহজ কৰি দিয়ে।","footnotes":"","tafseer":"এনেকুৱা তালাকপ্ৰাপ্তা স্ত্ৰী, যাৰ বাৰ্ধক্যজনিত কাৰণত ঋতুস্ৰাৱ বন্ধ হৈছে, যদি তোমালোকে এনেকুৱা নাৰীৰ ইদ্দত সম্পৰ্কে সন্দেহত পতিত হোৱা, তেন্তে জানি থোৱা! সিহঁতৰ ইদ্দত হৈছে তিনি মাহ। আনহাতে এনেকুৱা নাৰী যিসকলে এতিয়াও ঋতুস্ৰাৱ হোৱা বয়সত উপনীত হোৱা নাই, তেনেকুৱা নাৰীৰো ইদ্দত কাল হৈছে তিনি মাহ। গৰ্ভৱতী নাৰীয়ে তালাকপ্ৰাপ্তা হ’লে অথবা গৰ্ভৱতী থকা অৱস্থাত স্বামীৰ মৃত্যু হ’লে, তেনেকুৱা নাৰীৰ ইদ্দত কাল হৈছে প্ৰসৱ পৰ্যন্ত। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব, আল্লাহে তাৰ সকলো কাম সহজ কৰি দিব, আৰু তাৰ সকলো মুচকিল আচান কৰি দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065004.mp3"},{"index":"5","arabicText":"ذٰلِكَ اَمْرُ اللّٰهِ اَنْزَلَهٗۤ اِلَیْكُمْ ؕ وَمَنْ یَّتَّقِ اللّٰهَ یُكَفِّرْ عَنْهُ سَیِّاٰتِهٖ وَیُعْظِمْ لَهٗۤ اَجْرًا ۟","assameseTranslation":"এইটো হৈছে আল্লাহৰ বিধান, যিটো তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক প্ৰদান কৰিব মহাপুৰস্কাৰ।","footnotes":"","tafseer":"এই তালাক, প্ৰত্যাৱৰ্তন আৰু ইদ্দতৰ বিধানসমূহ হৈছে আল্লাহৰ আদেশ, হে মুমিনসকল! যিটো তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে, যাতে তোমালোকে আমল কৰিব পাৰা। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব, আল্লাহে তাৰ গুনাহসমূহ মাফ কৰি দিব আৰু আখিৰাতত মহাপ্ৰতিদান দান কৰিব। অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰিব, আৰু এনেকুৱা নিয়ামত প্ৰদান কৰিব যিবোৰ কেতিয়াও শেষ নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065005.mp3"},{"index":"6","arabicText":"اَسْكِنُوْهُنَّ مِنْ حَیْثُ سَكَنْتُمْ مِّنْ وُّجْدِكُمْ وَلَا تُضَآرُّوْهُنَّ لِتُضَیِّقُوْا عَلَیْهِنَّ ؕ وَاِنْ كُنَّ اُولَاتِ حَمْلٍ فَاَنْفِقُوْا عَلَیْهِنَّ حَتّٰی یَضَعْنَ حَمْلَهُنَّ ۚ فَاِنْ اَرْضَعْنَ لَكُمْ فَاٰتُوْهُنَّ اُجُوْرَهُنَّ ۚ وَاْتَمِرُوْا بَیْنَكُمْ بِمَعْرُوْفٍ ۚ وَاِنْ تَعَاسَرْتُمْ فَسَتُرْضِعُ لَهٗۤ اُخْرٰی ۟ؕ","assameseTranslation":"তোমালোকৰ সামৰ্থ অনুযায়ী য’ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিয়া, সিহঁতক সংকটত পেলাবলৈ কষ্ট নিদিবা; আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানক পিয়াহ খুওৱায় তেনেহ’লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু (সন্তানৰ কল্যাণ সম্পৰ্কে) তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা; আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ’বলৈ টান পোৱা তেনেহ’লে পিতাৰ ফালৰ পৰা আন তিৰোতাই পিয়াহ খুৱাব।","footnotes":"","tafseer":"হে স্বামীসকল! তোমালোকে সিহঁতক নিজৰ সক্ষম অনুযায়ী সেই ঠাইত অৱস্থান কৰোৱা, য’ত তোমালোকে অৱস্থান কৰা। আল্লাহে তোমালোকক ইয়াতকৈ অধিক বোজা অৰ্পণ নকৰে। তথা সিহঁতক বিৰক্ত কৰাৰ উদ্দেশ্যে থকা, খোৱাৰ ক্ষেত্ৰত কষ্ট প্ৰদান কৰি সিহঁতৰ অধিকাৰ খৰ্ব নকৰিবা। যদি তালাকপ্ৰাপ্তা স্ত্ৰী গৰ্ভৱতী অৱস্থাত থাকে তেন্তে প্ৰসৱ নকৰালৈকে তাইৰ খৰচ বহন কৰিবা। প্ৰসৱৰ পাছত যদি তাই তোমাৰ সন্তানক পিয়াহ খুওৱায় তেন্তে তাইক পাৰিশ্ৰমিক আদায় দিবা। পাৰিশ্ৰমিকৰ ক্ষেত্ৰত উত্তম নীতি অৱলম্বন কৰিবা। কিন্তু যদি স্ত্ৰীয়ে দাবী কৰা পাৰিশ্ৰমিক প্ৰদানত স্বামীয়ে কৃপণালি কৰে, আনহাতে স্বামীয়ে প্ৰদান কৰা পাৰিশ্ৰমিকত যদি স্ত্ৰীয়ে মান্তি নহয়, তেন্তে শিশুৰ পিতৃয়ে অইন কোনো নাৰীৰ জৰিয়তে শিশুক দুগ্ধ পান কৰাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065006.mp3"},{"index":"7","arabicText":"لِیُنْفِقْ ذُوْ سَعَةٍ مِّنْ سَعَتِهٖ ؕ وَمَنْ قُدِرَ عَلَیْهِ رِزْقُهٗ فَلْیُنْفِقْ مِمَّاۤ اٰتٰىهُ اللّٰهُ ؕ لَا یُكَلِّفُ اللّٰهُ نَفْسًا اِلَّا مَاۤ اٰتٰىهَا ؕ سَیَجْعَلُ اللّٰهُ بَعْدَ عُسْرٍ یُّسْرًا ۟۠","assameseTranslation":"বিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্ছলতা প্ৰদান কৰিব।","footnotes":"","tafseer":"আল্লাহে যাক সম্পদৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰিছে, সি নিজৰ সামৰ্থ অনুযায়ী তালাক দিয়া স্ত্ৰীৰ ওপৰত আৰু সন্তান-সন্ততিৰ ওপৰত ব্যয় কৰা উচিত। আনহাতে যাক সম্পদৰ ক্ষেত্ৰত সংকীৰ্ণতা প্ৰদান কৰিছে, সিও নিজৰ সামৰ্থ অনুযায়ী তাৰ পৰা ব্যয় কৰা উচিত। আল্লাহে কাকো তাৰ সাধ্যাতীত কোনো বোজা অৰ্পণ নকৰে, তথা সাধ্যতকৈ অধিক ভাৰ কেতিয়াও অৰ্পণ নকৰে। যিটো সি নোৱাৰিব সেইটোও প্ৰদান নকৰে। অনতিপলমে আল্লাহে তাক সংকীৰ্ণতাৰ পিছত প্ৰশস্ততা আৰু প্ৰাচুৰ্যতা প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065007.mp3"},{"index":"8","arabicText":"وَكَاَیِّنْ مِّنْ قَرْیَةٍ عَتَتْ عَنْ اَمْرِ رَبِّهَا وَرُسُلِهٖ فَحَاسَبْنٰهَا حِسَابًا شَدِیْدًا ۙ وَّعَذَّبْنٰهَا عَذَابًا نُّكْرًا ۟","assameseTranslation":"আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচাৰণ কৰিছিল। ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ গ্ৰহণ কৰিছিলোঁ আৰু আমি সিহঁতক বিহিছিলোঁ কঠিন শাস্তি।","footnotes":"","tafseer":"অতীতৰ এনেকুৱা বহুতো জনপদবাসীয়ে নিজ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল আৰু তেওঁৰ ৰাছুলসকলৰ অবাধ্যতা কৰিছিল, তেতিয়া আমি সিহঁতৰ বেয়া কৰ্মৰ কঠিন হিচাপ লৈছিলোঁ, লগতে পৃথিৱী আৰু আখিৰাতত সিহঁতক কঠোৰ শাস্তি বিহিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065008.mp3"},{"index":"9","arabicText":"فَذَاقَتْ وَبَالَ اَمْرِهَا وَكَانَ عَاقِبَةُ اَمْرِهَا خُسْرًا ۟","assameseTranslation":"ফলত সিহঁতে নিজৰ কৃতকৰ্মৰ সোৱাদ পাইছিল; আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি।","footnotes":"","tafseer":"সিহঁতে নিজৰ বেয়া কৰ্মৰ পৰিণাম ভোগ কৰিছে। এতেকে সিহঁতৰ পৃথিৱীৰ পৰিণামো হৈছে ক্ষতিকৰ আৰু আখিৰাতৰ পৰিণামো হৈছে ক্ষতিকৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065009.mp3"},{"index":"10","arabicText":"اَعَدَّ اللّٰهُ لَهُمْ عَذَابًا شَدِیْدًا ۙ فَاتَّقُوا اللّٰهَ یٰۤاُولِی الْاَلْبَابِ الَّذِیْنَ اٰمَنُوْا ۛ۫ؕ قَدْ اَنْزَلَ اللّٰهُ اِلَیْكُمْ ذِكْرًا ۟ۙ","assameseTranslation":"আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, হে বোধশক্তিসম্পন্ন ব্যক্তিসকল! যিসকলে ঈমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে উপদেশ---","footnotes":"","tafseer":"আল্লাহে সিহঁতৰ বাবে বৰ কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে হে বিবেকবান লোকসকল, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছা! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। যাতে তোমালোকে সেই শাস্তিৰ সন্মুখীন হ'ব নালাগে, যিটোৰ সন্মুখীন সিহঁতে হৈছিল। আল্লাহে তোমালোকৰ প্ৰতি উপদেশ অৱতীৰ্ণ কৰিছে, যিটোৱে তোমালোকক তেওঁৰ অবাধ্যতাৰ বেয়া পৰিণামৰ পৰা সাৱধান কৰে আৰু তেওঁৰ আদেশ পালনত প্ৰেৰণা যোগায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065010.mp3"},{"index":"11","arabicText":"رَّسُوْلًا یَّتْلُوْا عَلَیْكُمْ اٰیٰتِ اللّٰهِ مُبَیِّنٰتٍ لِّیُخْرِجَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ مِنَ الظُّلُمٰتِ اِلَی النُّوْرِ ؕ وَمَنْ یُّؤْمِنْ بِاللّٰهِ وَیَعْمَلْ صَالِحًا یُّدْخِلْهُ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ قَدْ اَحْسَنَ اللّٰهُ لَهٗ رِزْقًا ۟","assameseTranslation":"এজন ৰাছুল, যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱাত কৰে, যাতে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; এতেকে যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব, তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব।","footnotes":"","tafseer":"এই উপদেশ দৰাচলতে তোমালোকৰ ওচৰত আল্লাহৰ ৰাছুলৰ ৰূপত আহিছে, যিয়ে তোমালোকৰ সন্মুখত আল্লাহৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰে, যিবোৰৰ মাজত কোনো সন্দেহ নাই। যাতে সেইসকল লোকক পথভ্ৰষ্টতাৰ অন্ধকাৰৰ পৰা হিদায়তৰ পোহৰলৈ আনিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু তেওঁৰ ৰাছুলক সত্য বুলি স্বীকাৰ কৰিছে আৰু নেক আমল কৰিছে। এতেকে যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব আৰু নেক আমল কৰিব আল্লাহে তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলেদি নিজৰাসমূহ প্ৰবাহিত থাকিব। তেওঁলোকে তাত চিৰকাল থাকিব। নিশ্চয় আল্লাহে তাৰ বাবে উত্তম জীৱিকা প্ৰস্তুত কৰি ৰাখিছে। তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ নিয়ামতসমূহ কেতিয়াও সমাপ্ত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065011.mp3"},{"index":"12","arabicText":"اَللّٰهُ الَّذِیْ خَلَقَ سَبْعَ سَمٰوٰتٍ وَّمِنَ الْاَرْضِ مِثْلَهُنَّ ؕ یَتَنَزَّلُ الْاَمْرُ بَیْنَهُنَّ لِتَعْلَمُوْۤا اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۙ۬ وَّاَنَّ اللّٰهَ قَدْ اَحَاطَ بِكُلِّ شَیْءٍ عِلْمًا ۟۠","assameseTranslation":"তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান; আৰু আল্লাহে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।","footnotes":"","tafseer":"আল্লাহ তেৱেঁই, যিয়ে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ সাতখন পৃথিৱীও। তাত আল্লাহৰ সাংসাৰিক আৰু ধাৰ্মিক আদেশসমূহ অৱতীৰ্ণ হয়। যাতে তোমালোকে জানিব পাৰা যে, নিশ্চয় আল্লাহ সকলো বিষয়তে সামৰ্থৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ সকলো বস্তুকে তেওঁৰ জ্ঞানৰ জৰিয়তে পৰিবেষ্টন কৰি ৰাখিছে। সেয়ে আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/065012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/065012.mp3"}]