[{"index":"1","arabicText":"تَبٰرَكَ الَّذِیْ بِیَدِهِ الْمُلْكُ ؗ وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرُ ۟ۙ","assameseTranslation":"বৰকতময় সেই সত্ত্বা, যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"সকলো কল্যাণ আৰু বৰকত হৈছে কেৱল সেই আল্লাহৰ হাতত, যাৰ হাতত আছে সকলো সাম্ৰাজ্য। তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067001.mp3"},{"index":"2","arabicText":"لَّذِیْ خَلَقَ الْمَوْتَ وَالْحَیٰوةَ لِیَبْلُوَكُمْ اَیُّكُمْ اَحْسَنُ عَمَلًا ؕ وَهُوَ الْعَزِیْزُ الْغَفُوْرُ ۟ۙ","assameseTranslation":"যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোন আটাইতকৈ উত্তম আমলকাৰী? তেওঁ পৰাক্ৰমশালী, অতি ক্ষমাশীল।","footnotes":"","tafseer":"যিজনে মৃত্যু সৃষ্টি কৰিছে আৰু জীৱন সৃষ্টি কৰিছে। হে মানৱ, যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ কোনে সৰ্বোত্তম কৰ্ম কৰে। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাক ক্ষমা কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067002.mp3"},{"index":"3","arabicText":"الَّذِیْ خَلَقَ سَبْعَ سَمٰوٰتٍ طِبَاقًا ؕ مَا تَرٰی فِیْ خَلْقِ الرَّحْمٰنِ مِنْ تَفٰوُتٍ ؕ فَارْجِعِ الْبَصَرَ ۙ هَلْ تَرٰی مِنْ فُطُوْرٍ ۟","assameseTranslation":"যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘূৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?","footnotes":"","tafseer":"যিয়ে স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে, কোনো আকাশেই ওপৰত থকা আকাশৰ সৈতে বা তলত থকা আকাশৰ সৈতে সংযোগ হোৱা নাই। হে দৰ্শনকাৰীসকল! তোমালোকে আল্লাহৰ সৃষ্টিত কোনো বিসংগতি আৰু অসমতা দেখিবলৈ নাপাবা। তুমি পুনৰ ঘূৰি চোৱা, তাত কিবা ফাট মেলিছেনে বা কোনো খুঁত আছেনে? কেতিয়াও তোমালোকে এইটো দেখা নাপাবা। বৰং দেখিবলৈ পাবা এক নিপুণ তথা সুদৃঢ় সৃষ্টি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067003.mp3"},{"index":"4","arabicText":"ثُمَّ ارْجِعِ الْبَصَرَ كَرَّتَیْنِ یَنْقَلِبْ اِلَیْكَ الْبَصَرُ خَاسِئًا وَّهُوَ حَسِیْرٌ ۟","assameseTranslation":"তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালেই উভতি আহিব।","footnotes":"","tafseer":"আকৌ বাৰে বাৰে চোৱা, অৱশেষত তোমাৰ দৃষ্টিয়ে আকাশৰ সৃজনত কোনো ত্ৰুটি অথবা অপূৰ্ণতা নেদেখাকৈয়ে তুচ্ছ আৰু ব্যৰ্থ হৈ তোমাৰ ফালেই ওভতি আহিব। আনকি ক্লান্ত হৈ গম নোপোৱা হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067004.mp3"},{"index":"5","arabicText":"وَلَقَدْ زَیَّنَّا السَّمَآءَ الدُّنْیَا بِمَصَابِیْحَ وَجَعَلْنٰهَا رُجُوْمًا لِّلشَّیٰطِیْنِ وَاَعْتَدْنَا لَهُمْ عَذَابَ السَّعِیْرِ ۟","assameseTranslation":"নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছোঁ আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছোঁ আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছোঁ জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।","footnotes":"","tafseer":"আৰু আমি পৃথিৱীৰ নিকটতম আকাশক উজ্জল তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ, লগতে সেই তৰাবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছোঁ, যিসকল চয়তানে চুৰি কৰি গোপন কথা শ্ৰৱণ কৰিবলৈ প্ৰয়াস কৰে। ফলত এই তৰাবোৰে সিহঁতক পুৰি পেলায়, লগতে আমি সিহঁতৰ বাবে জলন্ত অগ্নি প্ৰস্তুত কৰি ৰাখিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067005.mp3"},{"index":"6","arabicText":"وَلِلَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ عَذَابُ جَهَنَّمَ ؕ وَبِئْسَ الْمَصِیْرُ ۟","assameseTranslation":"আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি; আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।","footnotes":"","tafseer":"আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰে সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা উত্তপ্ত অগ্নিৰ শাস্তি আছে, আৰু সেয়া অতি বেয়া প্ৰত্যাৱৰ্তনস্থল য’ত সিহঁতে ওভতি যাব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067006.mp3"},{"index":"7","arabicText":"اِذَاۤ اُلْقُوْا فِیْهَا سَمِعُوْا لَهَا شَهِیْقًا وَّهِیَ تَفُوْرُ ۟ۙ","assameseTranslation":"যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব, আৰু ই উথলি উঠিব।","footnotes":"","tafseer":"যেতিয়া সিহঁতক জাহান্নামত দলিওৱা হ'ব, তেতিয়া সিহঁতে অতি বেয়া আৰু কঠোৰ শব্দ শুনিবলৈ পাব, আৰু সেই সময়ত জাহান্নাম প্ৰকাণ্ড পাত্ৰত বা ডেগচিত পানী উথলি থকাৰ দৰে উথলি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067007.mp3"},{"index":"8","arabicText":"تَكَادُ تَمَیَّزُ مِنَ الْغَیْظِ ؕ كُلَّمَاۤ اُلْقِیَ فِیْهَا فَوْجٌ سَاَلَهُمْ خَزَنَتُهَاۤ اَلَمْ یَاْتِكُمْ نَذِیْرٌ ۟","assameseTranslation":"ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰলৈ কোনো সতৰ্ককাৰী অহা নাছিলনে’?","footnotes":"","tafseer":"সেই অগ্নিয়ে তাৰ ভিতৰত প্ৰৱেশ কৰা কাফিৰবিলাকৰ প্ৰতি প্ৰকোপৰ কাৰণে ফাটি যোৱাৰ বা ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ’ব। যেতিয়াই তাৰ ভিতৰত প্ৰৱেশ কৰা কাফিৰ বিলাকৰ দলসমূহক দলিওৱা হ’ব তেতিয়াই তাত নিযুক্ত ফিৰিস্তাসকলে সিহঁতক দলিয়াওঁতে ক’বঃ পৃথিৱীত তোমালোকৰ ওচৰত কোনো ৰাছুল অহা নাছিলনে, যিয়ে তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সাৱধান কৰিছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067008.mp3"},{"index":"9","arabicText":"قَالُوْا بَلٰی قَدْ جَآءَنَا نَذِیْرٌ ۙ۬ فَكَذَّبْنَا وَقُلْنَا مَا نَزَّلَ اللّٰهُ مِنْ شَیْءٍ ۖۚ اِنْ اَنْتُمْ اِلَّا فِیْ ضَلٰلٍ كَبِیْرٍ ۟","assameseTranslation":"সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰলৈ সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলোঁ আৰু কৈছিলোঁ, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।","footnotes":"","tafseer":"তেতিয়া কাফিৰ বিলাকে ক’বঃ কিয় নহয়, নিশ্চয় আমাৰ ওচৰলৈ ৰাছুল আহিছিল। যিয়ে আমাক আল্লাহৰ শাস্তিৰ ভয় প্ৰদৰ্শন কৰাইছিল। কিন্তু আমি তাক অস্বীকাৰ কৰিছিলোঁ আৰু তাক কৈছিলোঁঃ মহান আল্লাহে কোনো অহী অৱতীৰ্ণ কৰা নাই। হে ৰাছুল, তুমি সত্যৰ পৰা বহুত দূৰত পথভ্ৰষ্ট হৈ আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067009.mp3"},{"index":"10","arabicText":"وَقَالُوْا لَوْ كُنَّا نَسْمَعُ اَوْ نَعْقِلُ مَا كُنَّا فِیْۤ اَصْحٰبِ السَّعِیْرِ ۟","assameseTranslation":"আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোঁহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোঁহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোঁহেঁতেন’।","footnotes":"","tafseer":"লগতে সেই কাফিৰবিলাকে পৰিতাপ কৰি ক’বঃ আমি যদি উপকৃত হোৱাৰ বাবে শুনিলোঁহেঁতেন অথবা সত্য আৰু অসত্যৰ মাজত পৃথককাৰী ব্যক্তিসকলৰ দৰে বুজিলোঁহেঁতেন তেন্তে আজি আমি জাহান্নামত প্ৰৱেশকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লোঁহেঁতেন। বৰং ৰাছুলসকলৰ প্ৰতি ঈমান আনিলোঁহেঁতেন, তেখেতসকলে আনা সংবাদক সত্য বুলি মানিলোঁহেঁতেন আৰু জান্নাতত প্ৰৱেশকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব পাৰিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067010.mp3"},{"index":"11","arabicText":"فَاعْتَرَفُوْا بِذَنْۢبِهِمْ ۚ فَسُحْقًا لِّاَصْحٰبِ السَّعِیْرِ ۟","assameseTranslation":"ফলত সিহঁতে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিব। এতেকে (আল্লাহৰ ৰহমতৰ পৰা) জাহান্নামীসকল দূৰ হওক (সিহঁতৰ ধ্বংস অনিবাৰ্য)।","footnotes":"","tafseer":"এতেকে সিহঁতে নিজৰ কুফুৰীৰ কথা আৰু অস্বীকাৰ কৰাৰ কথা স্বীকাৰ কৰিব আৰু জাহান্নামৰ অধিবাসী হ’ব। সেয়েহে ধিক্কাৰ জাহান্নামীবিলাকৰ প্ৰতি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067011.mp3"},{"index":"12","arabicText":"اِنَّ الَّذِیْنَ یَخْشَوْنَ رَبَّهُمْ بِالْغَیْبِ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ كَبِیْرٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান।","footnotes":"","tafseer":"যিসকলে একান্ত অৱস্থাত আল্লাহক ভয় কৰে, তেওঁলোকৰ বাবে আছে গুনাহৰ পৰা মুক্তি আৰু ডাঙৰ পৰিণাম অৰ্থাৎ জান্নাত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067012.mp3"},{"index":"13","arabicText":"وَاَسِرُّوْا قَوْلَكُمْ اَوِ اجْهَرُوْا بِهٖ ؕ اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟","assameseTranslation":"আৰু তোমালোকে তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা, নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।","footnotes":"","tafseer":"হে মানৱ, তোমালোকে নিজৰ কথা গোপন কৰা বা ব্যক্ত কৰা, সেই বিষয়ে আল্লাহ ভালকৈয়ে অৱগত। নিশ্চয় পৱিত্ৰ আল্লাহ বান্দাসকলৰ অন্তৰৰ কথাও জানে। তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067013.mp3"},{"index":"14","arabicText":"اَلَا یَعْلَمُ مَنْ خَلَقَ ؕ وَهُوَ اللَّطِیْفُ الْخَبِیْرُ ۟۠","assameseTranslation":"যিজনে সৃষ্টি কৰিছে, তেৱেঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।","footnotes":"","tafseer":"যিয়ে গোটেই সৃষ্টিজগতক সৃষ্টি কৰিছে, তেওঁ গোপন বিষয় সম্পৰ্কে তথা গোপনতকৈও গোপন বস্তু সম্পৰ্কে নাজানিবনে? অথচ তেওঁ বান্দাসকলৰ বিষয়ে সূক্ষ্মদৰ্শী আৰু বান্দাসকলৰ অৱস্থা সম্পৰ্কেও সম্যক অৱগত। তেওঁৰ পৰা কোনো বস্তুৱেই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067014.mp3"},{"index":"15","arabicText":"هُوَ الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ ذَلُوْلًا فَامْشُوْا فِیْ مَنَاكِبِهَا وَكُلُوْا مِنْ رِّزْقِهٖ ؕ وَاِلَیْهِ النُّشُوْرُ ۟","assameseTranslation":"তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে, এতেকে তোমালোকে ইয়াৰ পথ-প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা; আৰু তেওঁৰ ওচৰতেই পুনৰুত্থিত হৈ যাব লাগিব।","footnotes":"","tafseer":"তেৱেঁই যিজনে পৃথিৱী সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে ইয়াক বসবাস উপযোগী বনাইছে। সেয়েহে তোমালোকে তাৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰা আৰু তোমালোকৰ বাবে পৃথিৱীত ৰাখি থোৱা জীৱিকাবোৰৰ পৰা আহাৰ কৰা। জানি থোৱা! কেৱল তেওঁৰ ফালেই হিচাপ- নিকাচৰ বাবে প্ৰত্যাগমন কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067015.mp3"},{"index":"16","arabicText":"ءَاَمِنْتُمْ مَّنْ فِی السَّمَآءِ اَنْ یَّخْسِفَ بِكُمُ الْاَرْضَ فَاِذَا هِیَ تَمُوْرُ ۟ۙ","assameseTranslation":"তোমালোকে নিৰাপত্তা লাভ কৰিছা নেকি যে, আকাশত যিজন আছে তেওঁ তোমালোকক ভূমিস্খলনৰ দ্বাৰা (পুতি পেলাই) ধ্বংস নকৰিব? ফলত হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব।","footnotes":"","tafseer":"তোমালোকে সেই আল্লাহৰ পৰা নিৰ্ভয় হৈছা নেকি, যিজন আকাশত আছে? তোমালোকৰ বাবে বসবাস উপযোগী এই ভূমিক তেওঁ তোমালোকৰ তলৰ পৰা বিদীৰ্ণ কৰিব নোৱাৰিবনে, যিদৰে কাৰুণক ভূমিস্খলনৰ দ্বাৰা মাটিৰ তলত পুতি পেলাইছিল? তেতিয়া দেখিবা এই স্থিৰ থকা ভূমি হঠাৎ তোমালোকক লৈ থৰথৰকৈ কঁপিবলৈ ধৰিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067016.mp3"},{"index":"17","arabicText":"اَمْ اَمِنْتُمْ مَّنْ فِی السَّمَآءِ اَنْ یُّرْسِلَ عَلَیْكُمْ حَاصِبًا ؕ فَسَتَعْلَمُوْنَ كَیْفَ نَذِیْرِ ۟","assameseTranslation":"অথবা তোমালোকে নিৰাপত্তা লাভ কৰিছা নেকি যে, যিজন আকাশত আছে, তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব? তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী!","footnotes":"","tafseer":"নাইবা তোমালোকে সেই আল্লাহৰ পৰা নিৰ্ভয় হৈছা নেকি, যিজন আকাশত আছে, যে তেওঁ তোমালোকৰ ওপৰত আকাশৰ পৰা শিল বৰ্ষণ নকৰিব, যিদৰে লুত আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ ওপৰত বৰ্ষণ কৰিছিল? শীঘ্ৰেই তোমালোকে নিজ চকুৰে মোৰ শাস্তি চাই লোৱাৰ পিছত নিশ্চয় মোৰ এই সতৰ্কতাৰ বাস্তৱতা জানিবলৈ পাবা। কিন্তু শাস্তি চাই লোৱাৰ পিছত তোমালোকৰ ঈমান কোনো কামত নাহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067017.mp3"},{"index":"18","arabicText":"وَلَقَدْ كَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَكَیْفَ كَانَ نَكِیْرِ ۟","assameseTranslation":"আৰু নিশ্চয় সিহঁতৰ পুৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল। ফলত কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (ইয়াৰ শাস্তি)?","footnotes":"","tafseer":"এই মুশ্বৰিকসকলৰ আগৰ জাতিবোৰেও অস্বীকাৰ কৰিছিল। যেতিয়া সিহঁতে নিজৰ কুফুৰী আৰু অস্বীকাৰ কাৰ্য্যৰ ওপৰত অটল আছিল, তেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল। গতিকে চোৱাচোন! মোৰ ফালৰ পৰা সিহঁতৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি কেনেকুৱা আছিল? এই গ্ৰেপ্তাৰী আছিল অতি কঠোৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067018.mp3"},{"index":"19","arabicText":"اَوَلَمْ یَرَوْا اِلَی الطَّیْرِ فَوْقَهُمْ صٰٓفّٰتٍ وَّیَقْبِضْنَ ؔؕۘ مَا یُمْسِكُهُنَّ اِلَّا الرَّحْمٰنُ ؕ اِنَّهٗ بِكُلِّ شَیْءٍ بَصِیْرٌ ۟","assameseTranslation":"সিহঁতে সিহঁতৰ ওপৰত (উৰি ফুৰা) চৰাইবোৰৰ প্ৰতি লক্ষ্য নকৰে নেকি, যিবোৰে পাখি মেলি দিয়ে আৰু সংকুচিত কৰে? পৰম কৰুণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰী বিলাকে নিজৰ ওপৰত চৰাইবোৰক উৰি থকা লক্ষ্য কৰা নাইনে, যিবোৰে কেতিয়াবা শূন্যত পাখী মেলি দিয়ে আৰু কেতিয়া সংকুচিত কৰে। মহান আল্লাহেই এইবোৰক পৰি নোযোৱাকৈ আকাশত স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা। তেওঁৰ পৰা কোনো বস্তুৱেই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067019.mp3"},{"index":"20","arabicText":"اَمَّنْ هٰذَا الَّذِیْ هُوَ جُنْدٌ لَّكُمْ یَنْصُرُكُمْ مِّنْ دُوْنِ الرَّحْمٰنِ ؕ اِنِ الْكٰفِرُوْنَ اِلَّا فِیْ غُرُوْرٍ ۟ۚ","assameseTranslation":"পৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সেনাবাহিনী আছেনে, যিসকলে তোমালোকক সহায় কৰিব? কাফিৰসকল আছে মাথোন প্ৰবঞ্চনাৰ মাজত।","footnotes":"","tafseer":"হে কাফিৰসকল, যদি মহান আল্লাহে তোমালোকক শাস্তি দিব বিচাৰে, তেন্তে তোমালোকৰ এনেকুৱা কোনো সৈন্য বাহিনী নাই যিয়ে এই শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব পাৰিব। কাফিৰসকল আছে কেৱল প্ৰৱঞ্চনাৰ মাজতহে। চয়তানে সিহঁতক প্ৰৱঞ্চনাত লিপ্ত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067020.mp3"},{"index":"21","arabicText":"اَمَّنْ هٰذَا الَّذِیْ یَرْزُقُكُمْ اِنْ اَمْسَكَ رِزْقَهٗ ۚ بَلْ لَّجُّوْا فِیْ عُتُوٍّ وَّنُفُوْرٍ ۟","assameseTranslation":"তেওঁ যদি তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে, কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব? বৰং সিহঁত অবাধ্যতা আৰু (সত্য) বিমুখতাত অবিচল হৈ আছে।","footnotes":"","tafseer":"যদি আল্লাহে তেওঁৰ জীৱকা বন্ধ কৰি দিয়ে তেন্তে কোনেও তোমালোকক জীৱিকা প্ৰদান কৰিব নোৱাৰে। বৰঞ্চ প্ৰকৃত কথাটো হৈছে কাফিৰবিলাকে বিদ্বেষ আৰু অহংকাৰত পতিত হৈছে লগতে সত্যৰ পৰা দূৰত অৱস্থান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067021.mp3"},{"index":"22","arabicText":"اَفَمَنْ یَّمْشِیْ مُكِبًّا عَلٰی وَجْهِهٖۤ اَهْدٰۤی اَمَّنْ یَّمْشِیْ سَوِیًّا عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟","assameseTranslation":"যি ব্যক্তিয়ে মুখৰ ওপৰত ভৰ দি হালি খোজকাঢ়ে, সিয়েই অধিক হিদায়ত প্ৰাপ্ত নে সেই ব্যক্তি, যিজনে পোন হৈ সৰল পথত খোজকাঢ়ে?","footnotes":"","tafseer":"যি ব্যক্তিয়ে নত হৈ মুখৰ ওপৰত ভৰ দি খোজ কাঢ়ে (অৰ্থাৎ মুশ্বৰিকসকল) সিহঁতে বেছি হিদায়ত প্ৰাপ্ত, নে সেইজন মুমিন ব্যক্তি হিদায়তপ্ৰাপ্ত, যিয়ে পোন হৈ সৰল পথত খোজ কাঢ়ে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067022.mp3"},{"index":"23","arabicText":"قُلْ هُوَ الَّذِیْۤ اَنْشَاَكُمْ وَجَعَلَ لَكُمُ السَّمْعَ وَالْاَبْصَارَ وَالْاَفْـِٕدَةَ ؕ قَلِیْلًا مَّا تَشْكُرُوْنَ ۟","assameseTranslation":"কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।","footnotes":"","tafseer":"হে ৰাছুল, এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক কৈ দিয়কঃ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু শুনিবলৈ কাণ দিছে, দেখিবলৈ চকু দিছে আৰু বুজিবলৈ অন্তৰ দিছে। কিন্তু তথাপিও তোমালোকৰ মাজৰ কেৱল কিছু সংখ্যক লোকেহে আল্লাহৰ ফালৰ পৰা লাভ কৰা অনুগ্ৰহ বা অৱদানবোৰৰ কৃতজ্ঞতা পালন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067023.mp3"},{"index":"24","arabicText":"قُلْ هُوَ الَّذِیْ ذَرَاَكُمْ فِی الْاَرْضِ وَاِلَیْهِ تُحْشَرُوْنَ ۟","assameseTranslation":"কোৱা, তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোকক সমবেত কৰা হ'ব।","footnotes":"","tafseer":"হে ৰাছুল, এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক কৈ দিয়কঃ তেৱেই তোমালোকক পৃথিৱীত সৃষ্টি কৰিছে আৰু তাত প্ৰসাৰিত কৰিছে। তোমালোকৰ সেই মূৰ্তিবোৰে নহয় যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে। কেৱল আল্লাহ তাআলাৰ ওচৰতেই তোমালোকক ক্বিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু পৰিণামৰ বাবে একত্ৰিত বা সমবেত কৰা হ’ব। তোমালোকৰ মূৰ্তিবোৰৰ ওচৰত নহয়। গতিকে একমাত্ৰ তেওঁকেই ভয় কৰা আৰু কেৱল তেওঁৰেই ইবাদত কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067024.mp3"},{"index":"25","arabicText":"وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে কয়, 'তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব'?","footnotes":"","tafseer":"আৰু পুনৰুত্থান অস্বীকাৰকাৰীসকলে পুনৰুত্থানক অসম্ভৱ বুলি ভাবি কয়ঃ হে মুহাম্মদ! তুমি আৰু তোমাৰ অনুসাৰীসকলে আমাক যিটো দিৱসৰ কথা কৈ আছা, যদি তোমালোকে এই দাবীত সত্যবাদী হোৱা, তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067025.mp3"},{"index":"26","arabicText":"قُلْ اِنَّمَا الْعِلْمُ عِنْدَ اللّٰهِ ۪ وَاِنَّمَاۤ اَنَا نَذِیْرٌ مُّبِیْنٌ ۟","assameseTranslation":"কোৱা, এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ।","footnotes":"","tafseer":"হে ৰাছুল আপুনি কৈ দিয়কঃ ক্বিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। ক্বিয়ামত কেতিয়া সংঘটিত হ’ব, এই কথা তেওঁৰ বাহিৰে আন কোনেও নাজানে। মইতো কেৱল স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067026.mp3"},{"index":"27","arabicText":"فَلَمَّا رَاَوْهُ زُلْفَةً سِیْٓـَٔتْ وُجُوْهُ الَّذِیْنَ كَفَرُوْا وَقِیْلَ هٰذَا الَّذِیْ كُنْتُمْ بِهٖ تَدَّعُوْنَ ۟","assameseTranslation":"যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহাৰা ম্লান হৈ পৰিব আৰু কোৱা হ’ব, ‘এইটোৱেই হৈছে সেই শাস্তি, যিটোক তোমালোকে (সোনকালে আনিবলৈ) আবেদন কৰিছিলা’।","footnotes":"","tafseer":"যেতিয়া ক্বিয়ামতৰ দিনা সিহঁতৰ ওচৰত সেই প্ৰতিশ্ৰুতি আহি যাব, যাৰ বিষয়ে সিহঁতক কথা দিয়া হৈছিল আৰু সিহঁতে তাক নিজ চকুৰে দেখিবলৈ পাব, তেতিয়া কাফিৰ বিলাকৰ মুখমণ্ডল ম্লান হৈ পৰিব আৰু সিহঁতক কোৱা হ’বঃ এইটোৱে হৈছে সেই শাস্তি যিটোক তোমালোকে পৃথিৱীত বিচাৰি আছিলা আৰু খৰখেদা কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067027.mp3"},{"index":"28","arabicText":"قُلْ اَرَءَیْتُمْ اِنْ اَهْلَكَنِیَ اللّٰهُ وَمَنْ مَّعِیَ اَوْ رَحِمَنَا ۙ فَمَنْ یُّجِیْرُ الْكٰفِرِیْنَ مِنْ عَذَابٍ اَلِیْمٍ ۟","assameseTranslation":"কোৱা, তোমালোকে ভাবি চাইছানে, যদি আল্লাহে মোক আৰু মোৰ সঙ্গীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া কৰে, তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব?","footnotes":"","tafseer":"হে ৰাছুল, আপুনি এই মুশ্বৰিকবিলাকৰ ভ্ৰান্ত ধাৰণা খণ্ডন কৰি কৈ দিয়কঃ তোমালোকে মোক কোৱাচোন, যদি আল্লাহে মোক মৃত্যু প্ৰদান কৰে আৰু মোৰ মুমিন সঙ্গীসকলকো মৃত্যু প্ৰদান কৰা হয়, নাইবা আমাৰ প্ৰতি যদি ক্ষমাৰ দৃষ্টিৰে চোৱা হয় আৰু আমাৰ মৃত্যুক যদি পিছুৱাই দিয়া হয় তেন্তে কাফিৰবিলাকক কষ্ঠদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব? নিঃসন্দেহে সিহঁতক কোনেও বচাব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067028.mp3"},{"index":"29","arabicText":"قُلْ هُوَ الرَّحْمٰنُ اٰمَنَّا بِهٖ وَعَلَیْهِ تَوَكَّلْنَا ۚ فَسَتَعْلَمُوْنَ مَنْ هُوَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছোঁ আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছোঁ। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোন স্পষ্ট বিভ্ৰান্তিত আছে।","footnotes":"","tafseer":"হে ৰাছুল, এই মুশ্বৰিকবিলাকক কৈ দিয়কঃ তেৱেঁই পৰম কৰুণাময় যিয়ে তোমালোকক কেৱল তেওঁৰ উপাসনাৰ ফালে আহ্বান কৰি আছে। আমি তেওঁৰ ওপৰতেই বিশ্বাস স্থাপন কৰিছোঁ। কেৱল তেওঁৰ ওপৰতেই সকলো কামৰ ক্ষেত্ৰতে নিৰ্ভৰ কৰোঁ। সেয়েহে তোমালোকে নিশ্চিতৰূপে জানিবলৈ পাবা যে, কোন স্পষ্ট পথভ্ৰষ্টতাত আছে আৰু কোন সঠিক পথত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067029.mp3"},{"index":"30","arabicText":"قُلْ اَرَءَیْتُمْ اِنْ اَصْبَحَ مَآؤُكُمْ غَوْرًا فَمَنْ یَّاْتِیْكُمْ بِمَآءٍ مَّعِیْنٍ ۟۠","assameseTranslation":"কোৱা, তোমালোকে ভাবি চাইছানে, যদি তোমালোকৰ পানী ভূগৰ্ভলৈ গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?","footnotes":"","tafseer":"হে ৰাছুল, এই মুশ্বৰিকবিলাকক কৈ দিয়কঃ মোক কোৱাচোন তোমালোকে যি পানী খোৱাৰ কাৰণে ব্যৱহাৰ কৰা, সেই পানী যদি পৃথিৱীৰ তললৈ গুচি যায় আৰু তোমালোকৰ ক্ষমতাৰ বাহিৰত যায়, তেন্তে তোমালোকৰ বাবে খোৱাৰ উপযোগী প্ৰবাহিত পানী কোনে আনি দিব? জানি থোৱা! আল্লাহৰ বাহিৰে আন কাৰো ক্ষমতা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/067030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/067030.mp3"}]