[{"index":"1","arabicText":"اَلْحَآقَّةُ ۟ۙ","assameseTranslation":"সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)","footnotes":"","tafseer":"মহান আল্লাহে পুনৰুত্থানৰ সময়ৰ কথা উল্লেখ কৰিছে, যিটো সকলোৰে বাবে অৱধাৰিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069001.mp3"},{"index":"2","arabicText":"مَا الْحَآقَّةُ ۟ۚ","assameseTranslation":"কি সেই অৱশ্যম্ভাৱী ঘটনা?","footnotes":"","tafseer":"আকৌ এই প্ৰশ্নৰ মাধ্যমেৰে পুনৰুত্থানৰ গুৰুত্ব বৃদ্ধি কৰিছে যে, সেই অৱশ্যম্ভাৱী ঘটনাটো কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069002.mp3"},{"index":"3","arabicText":"وَمَاۤ اَدْرٰىكَ مَا الْحَآقَّةُ ۟ؕ","assameseTranslation":"আৰু তুমি কেনেকৈ গম পাবা সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?","footnotes":"","tafseer":"আৰু কিহে আপোনাক জনাব যে সেই অৱশ্যাম্ভাৱী ঘটনাটোনো কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069003.mp3"},{"index":"4","arabicText":"كَذَّبَتْ ثَمُوْدُ وَعَادٌ بِالْقَارِعَةِ ۟","assameseTranslation":"ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।","footnotes":"","tafseer":"ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামুদ আৰু হুদ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদ জাতিয়ে ক্বিয়ামতক অস্বীকাৰ কৰিছিল, যি ক্বিয়ামতৰ ভয়-ভীতিয়ে মানুহক কপাই তুলিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069004.mp3"},{"index":"5","arabicText":"فَاَمَّا ثَمُوْدُ فَاُهْلِكُوْا بِالطَّاغِیَةِ ۟","assameseTranslation":"সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।","footnotes":"","tafseer":"সেয়ে ছামুদ সম্প্ৰদায়ক আল্লাহে অতি তীব্ৰ আৰু ভয়ানক শব্দৰ জৰিয়তে ধ্বংস কৰি দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069005.mp3"},{"index":"6","arabicText":"وَاَمَّا عَادٌ فَاُهْلِكُوْا بِرِیْحٍ صَرْصَرٍ عَاتِیَةٍ ۟ۙ","assameseTranslation":"আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল প্ৰচণ্ড ঠাণ্ডা ধুমুহা বতাহৰ দ্বাৰা,","footnotes":"","tafseer":"আৰু আদ সম্প্ৰদায়ক আল্লাহে ধ্বংস কৰিছে অত্যন্ত শীতল প্ৰবল ধুমুহাৰ দ্বাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069006.mp3"},{"index":"7","arabicText":"سَخَّرَهَا عَلَیْهِمْ سَبْعَ لَیَالٍ وَّثَمٰنِیَةَ اَیَّامٍ ۙ حُسُوْمًاۙ فَتَرَی الْقَوْمَ فِیْهَا صَرْعٰی ۙ كَاَنَّهُمْ اَعْجَازُ نَخْلٍ خَاوِیَةٍ ۟ۚ","assameseTranslation":"ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিনলৈকে অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিঁচৰতি হৈ পৰি আছে যেনিবা সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।","footnotes":"","tafseer":"আল্লাহে ইয়াক সাত ৰাতি আৰু আঠ দিনৰ বাবে প্ৰেৰণ কৰিছিল। যিয়ে সিহঁতক ধ্বংস কৰিছিল। ফলত আপুনি দেখিবলৈ পালেহেঁতেন যে, সিহঁতে ধ্বংসৰ পিছত মাটিৰ ওপৰত নিজ এলাকাত এনেকৈ পৰি আছে যেনিবা মাটিৰ ওপৰত জৰাজীৰ্ণ খেজুৰ গছৰ কাণ্ডহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069007.mp3"},{"index":"8","arabicText":"فَهَلْ تَرٰی لَهُمْ مِّنْ بَاقِیَةٍ ۟","assameseTranslation":"এতেকে সিহঁতৰ মাজৰ কাৰোবাক তুমি অৱশিষ্ট দেখিবলৈ পোৱানে?","footnotes":"","tafseer":"সেয়েহে এই শাস্তিৰ পিছত সিহঁতৰ মাজৰ কাৰোবাক আপুনি দেখিবলৈ পাইছেনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069008.mp3"},{"index":"9","arabicText":"وَجَآءَ فِرْعَوْنُ وَمَنْ قَبْلَهٗ وَالْمُؤْتَفِكٰتُ بِالْخَاطِئَةِ ۟ۚ","assameseTranslation":"লগতে ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়েও জঘন্য পাপকৰ্মত লিপ্ত আছিল।","footnotes":"","tafseer":"ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়ে অৰ্থাৎ লুত আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ লোকে শ্বিৰ্ক আৰু অবাধ্যতাত লিপ্ত হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069009.mp3"},{"index":"10","arabicText":"فَعَصَوْا رَسُوْلَ رَبِّهِمْ فَاَخَذَهُمْ اَخْذَةً رَّابِیَةً ۟","assameseTranslation":"আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে।","footnotes":"","tafseer":"আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই নিজ নিজ ৰাছুলৰ সৈতে অবাধ্য আচৰণ কৰিছিল আৰু তেওঁলোকক অস্বীকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতক তাতকৈ অধিক কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিছিল, যাৰ দ্বাৰা সিহঁতক ধ্বংস কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069010.mp3"},{"index":"11","arabicText":"اِنَّا لَمَّا طَغَا الْمَآءُ حَمَلْنٰكُمْ فِی الْجَارِیَةِ ۟ۙ","assameseTranslation":"যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰোৱাইছিলোঁ।","footnotes":"","tafseer":"যেতিয়া পানী বিপদ সীমা চেৰাই গৈছিল, তেতিয়া আমি তোমালোকৰ পূৰ্বপুৰুষসকলক সেই নাৱত আৰোহণ কৰোৱাইছিলোঁ যিটো নূহ আলাইহিচ্ছালামে আমাৰ আদেশমৰ্মে তৈয়াৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069011.mp3"},{"index":"12","arabicText":"لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَّتَعِیَهَاۤ اُذُنٌ وَّاعِیَةٌ ۟","assameseTranslation":"আমি এইটো কৰিছিলোঁ তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইকাৰণে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰে।","footnotes":"","tafseer":"যাতে আমি নাও আৰু ইয়াৰ ঘটনাক এটা শিক্ষাৰ সামগ্ৰী হিচাপে চিহ্নিত কৰি দিব পাৰোঁ যে, কাফিৰবিলাকৰ ধ্বংস আৰু মুমিনসকলক মুক্তিৰ প্ৰমাণ হিচাপে দেখাব পৰা যায়, আৰু ইয়াক এনেকুৱা কাণে যাতে মনত ৰাখিব পাৰে, যিয়ে শুনা মাত্ৰকে মনত সংৰক্ষণ কৰি ৰাখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069012.mp3"},{"index":"13","arabicText":"فَاِذَا نُفِخَ فِی الصُّوْرِ نَفْخَةٌ وَّاحِدَةٌ ۟ۙ","assameseTranslation":"এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব—কেৱল এটা ফুঁ।","footnotes":"","tafseer":"তাৰ পাছত যেতিয়া শিঙাত ফুঁ দিয়াৰ বাবে নিযুক্ত ফিৰিস্তাই শিঙাত এটা ফুঁ মাৰিব। অৰ্থাৎ এইটো হ’ব দ্বিতীয় ফুঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069013.mp3"},{"index":"14","arabicText":"وَّحُمِلَتِ الْاَرْضُ وَالْجِبَالُ فَدُكَّتَا دَكَّةً وَّاحِدَةً ۟ۙ","assameseTranslation":"আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।","footnotes":"","tafseer":"আৰু পৃথিৱী তথা পাহাৰসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাত কৰা হ’ব, ফলত পৃথিৱী আৰু তাৰ ওপৰত থকা পাহাৰসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069014.mp3"},{"index":"15","arabicText":"فَیَوْمَىِٕذٍ وَّقَعَتِ الْوَاقِعَةُ ۟ۙ","assameseTranslation":"ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।","footnotes":"","tafseer":"যিদিনাখন এইবোৰ সংঘটিত হ’ব, সেই দিৱসটোৱে হৈছে ক্বিয়ামত দিৱস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069015.mp3"},{"index":"16","arabicText":"وَانْشَقَّتِ السَّمَآءُ فَهِیَ یَوْمَىِٕذٍ وَّاهِیَةٌ ۟ۙ","assameseTranslation":"আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।","footnotes":"","tafseer":"আৰু সিদিনাখন আকাশ বিদীৰ্ণ হ’ব, যাতে সেই পথেৰে ফিৰিস্তাসকল অৱতীৰ্ণ হ’ব পাৰে। সেইদিনাখন আকাশ দূৰ্বল হৈ পৰিব, যদিও এইখন আছিল অত্যন্ত মজবুত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069016.mp3"},{"index":"17","arabicText":"وَّالْمَلَكُ عَلٰۤی اَرْجَآىِٕهَا ؕ وَیَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ یَوْمَىِٕذٍ ثَمٰنِیَةٌ ۟ؕ","assameseTranslation":"আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।","footnotes":"","tafseer":"সিদিনাখন ফিৰিস্তাসকল থাকিব আকাশৰ বিভিন্ন প্ৰান্তত আৰু চোকে কোণে। সেই ভীষণ দিনটোত আঠজন নিকটৱৰ্তী ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069017.mp3"},{"index":"18","arabicText":"یَوْمَىِٕذٍ تُعْرَضُوْنَ لَا تَخْفٰی مِنْكُمْ خَافِیَةٌ ۟","assameseTranslation":"সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।","footnotes":"","tafseer":"(হে মানৱ) সেইদিনাই তোমালোকক আল্লাহৰ সন্মুখত উপস্থিত কৰা হ’ব। তোমালোকৰ কোনো কথাই আল্লাহৰ পৰা গোপন হৈ নাথাকিব। বৰং আল্লাহে তোমালোকৰ সকলো কথাই জানে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069018.mp3"},{"index":"19","arabicText":"فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ ۙ فَیَقُوْلُ هَآؤُمُ اقْرَءُوْا كِتٰبِیَهْ ۟ۚ","assameseTranslation":"তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।","footnotes":"","tafseer":"তাৰ পাছত সেইদিনা যাক তাৰ কৰ্মপত্ৰ তাৰ সোঁ হাতত দিয়া হ’ব, তেওঁ আনন্দ আৰু সন্তুষ্ট হৈ ক’বঃ লোৱা, মোৰ কৰ্মপত্ৰ পঢ়ি চোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069019.mp3"},{"index":"20","arabicText":"اِنِّیْ ظَنَنْتُ اَنِّیْ مُلٰقٍ حِسَابِیَهْ ۟ۚ","assameseTranslation":"‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।","footnotes":"","tafseer":"মই পৃথিৱীত জানিছিলোঁ আৰু বিশ্বাস কৰিছিলোঁ যে, মোক পুনৰ জীৱিত কৰা হ’ব আৰু নিজৰ কৰ্মৰ প্ৰতিফল বা পৰিণাম পাব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069020.mp3"},{"index":"21","arabicText":"فَهُوَ فِیْ عِیْشَةٍ رَّاضِیَةٍ ۟ۙ","assameseTranslation":"তেওঁ থাকিব সন্তোষজনক জীৱনত;","footnotes":"","tafseer":"এতেকে তেওঁ উত্ফুল্লিত আৰু আনন্দময় জীৱনত থাকিব। কিয়নো তেওঁ প্ৰত্যেক ফালে চিৰস্থায়ী অনুগ্ৰহ দেখিবলৈ পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069021.mp3"},{"index":"22","arabicText":"فِیْ جَنَّةٍ عَالِیَةٍ ۟ۙ","assameseTranslation":"সুউচ্চ জান্নাতত,","footnotes":"","tafseer":"এনেকুৱা জান্নাতত থাকিব, যিটো মৰ্যাদা আৰু স্থানৰ ক্ষেত্ৰতো সুউচ্চ আৰু সন্মানিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069022.mp3"},{"index":"23","arabicText":"قُطُوْفُهَا دَانِیَةٌ ۟","assameseTranslation":"যাৰ ফলমূল ওলমি থাকিব নিচেই ওচৰত।","footnotes":"","tafseer":"তাৰ ফল-মূলবোৰ থাকিব ভক্ষণকাৰীৰ বাবে অতি ওচৰত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069023.mp3"},{"index":"24","arabicText":"كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَاۤ اَسْلَفْتُمْ فِی الْاَیَّامِ الْخَالِیَةِ ۟","assameseTranslation":"(কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।","footnotes":"","tafseer":"সিহঁতক সন্মান স্বৰূপ কোৱা হ’বঃ এইবোৰ খোৱা আৰু পান কৰা। ইয়াত কোনো কষ্ট নাই। সেই সত্কৰ্মৰ বিনিময়ত উপভোগ কৰা, যিবোৰ তোমালোকে বিগত দিনত কৰি আহিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069024.mp3"},{"index":"25","arabicText":"وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِشِمَالِهٖ ۙ۬ فَیَقُوْلُ یٰلَیْتَنِیْ لَمْ اُوْتَ كِتٰبِیَهْ ۟ۚ","assameseTranslation":"কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব, সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা দিয়া নহ’লহেঁতেন’!","footnotes":"","tafseer":"আনহাতে যাক তাৰ কৰ্মপত্ৰ বাওঁ হাতত দিয়া হ’ব সি অতি লজ্জিত হৈ ক’বঃ হায়. যদি মোক মোৰ আমলনামা দিয়া নহ’লহেঁতেন! কিয়নো ইয়াৰ ভিতৰত আছে সকলো পাপকৰ্ম প্ৰমাণ, যিবোৰে মোক শাস্তিৰ অধিকাৰী প্ৰমাণিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069025.mp3"},{"index":"26","arabicText":"وَلَمْ اَدْرِ مَا حِسَابِیَهْ ۟ۚ","assameseTranslation":"‘আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে গমেই নাপালোঁহেঁতেন!","footnotes":"","tafseer":"হায়! মই যদি মোৰ এই হিচাপ সম্পৰ্কে একো নাজানিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069026.mp3"},{"index":"27","arabicText":"یٰلَیْتَهَا كَانَتِ الْقَاضِیَةَ ۟ۚ","assameseTranslation":"‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ বাবে শেষ চূড়ান্ত ফয়চালা হ’লহেঁতেন!","footnotes":"","tafseer":"হায়! মই মৃত্যুবৰণ কৰাৰ পিছত কেতিয়াও যদি পুনৰুত্থিত নহ’লোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069027.mp3"},{"index":"28","arabicText":"مَاۤ اَغْنٰی عَنِّیْ مَالِیَهْ ۟ۚ","assameseTranslation":"‘মোৰ ধন-সম্পদ মোৰ কোনো কামতে নাহিল।","footnotes":"","tafseer":"মোৰ ধন-সম্পদে মোক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069028.mp3"},{"index":"29","arabicText":"هَلَكَ عَنِّیْ سُلْطٰنِیَهْ ۟ۚ","assameseTranslation":"‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।","footnotes":"","tafseer":"মোৰ যুক্তি প্ৰমাণ তথা শক্তি সামৰ্থ সকলো মোৰ পৰা বিলুপ্ত হৈ গ’ল, যাৰ ওপৰত মই নিৰ্ভৰ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069029.mp3"},{"index":"30","arabicText":"خُذُوْهُ فَغُلُّوْهُ ۟ۙ","assameseTranslation":"(ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।","footnotes":"","tafseer":"আৰু কোৱা হ’বঃ হে ফিৰিস্তাসকল! তাক ধৰা, তাৰ দুয়ো হাত ডিঙিৰ সৈতে বান্ধি দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069030.mp3"},{"index":"31","arabicText":"ثُمَّ الْجَحِیْمَ صَلُّوْهُ ۟ۙ","assameseTranslation":"‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।","footnotes":"","tafseer":"তাৰ পাছত তাক জাহান্নামত নিক্ষেপ কৰা, যাতে ইয়াৰ উত্তাপ ভোগ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069031.mp3"},{"index":"32","arabicText":"ثُمَّ فِیْ سِلْسِلَةٍ ذَرْعُهَا سَبْعُوْنَ ذِرَاعًا فَاسْلُكُوْهُ ۟ؕ","assameseTranslation":"তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।","footnotes":"","tafseer":"তাৰ পাছত তাক এনেকুৱা শিকলিৰে বান্ধি থোৱা, যাৰ দৈৰ্ঘ্য হৈছে সত্তৰ হাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069032.mp3"},{"index":"33","arabicText":"اِنَّهٗ كَانَ لَا یُؤْمِنُ بِاللّٰهِ الْعَظِیْمِ ۟ۙ","assameseTranslation":"নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,","footnotes":"","tafseer":"নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069033.mp3"},{"index":"34","arabicText":"وَلَا یَحُضُّ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ؕ","assameseTranslation":"আৰু মিছকিনক খাদ্যদানতো উৎসাহিত কৰা নাছিল।","footnotes":"","tafseer":"মিছকিনসকলক খাদ্য খোওৱাবলৈ আনকো উত্সাহিত কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069034.mp3"},{"index":"35","arabicText":"فَلَیْسَ لَهُ الْیَوْمَ هٰهُنَا حَمِیْمٌ ۟ۙ","assameseTranslation":"এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।","footnotes":"","tafseer":"এতেকে ক্বিয়ামতৰ দিনা তাক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ তাৰ কোনো ঘনিষ্ঠ ব্যক্তিয়েই আগুৱাই নাহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069035.mp3"},{"index":"36","arabicText":"وَّلَا طَعَامٌ اِلَّا مِنْ غِسْلِیْنٍ ۟ۙ","assameseTranslation":"আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্যও নাথাকিব,","footnotes":"","tafseer":"আৰু তাৰ খাদ্য হিচাপে জাহান্নামীসকলৰ শৰীৰৰ পৰা ওলোৱা পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069036.mp3"},{"index":"37","arabicText":"لَّا یَاْكُلُهٗۤ اِلَّا الْخَاطِـُٔوْنَ ۟۠","assameseTranslation":"যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।","footnotes":"","tafseer":"এইটো হৈছে পাপিষ্ঠসকলৰ আৰু অপৰাধীবিলাকৰ খাদ্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069037.mp3"},{"index":"38","arabicText":"فَلَاۤ اُقْسِمُ بِمَا تُبْصِرُوْنَ ۟ۙ","assameseTranslation":"এতেকে মই শপত কৰোঁ সেইবোৰ বস্তুৰ, যিবোৰক তোমালোকে দেখা পোৱা,","footnotes":"","tafseer":"মহান আল্লাহে সেইবোৰ বস্তুৰ শপত কৰিছে, যিবোৰ বস্তু তোমালোকে দেখি আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069038.mp3"},{"index":"39","arabicText":"وَمَا لَا تُبْصِرُوْنَ ۟ۙ","assameseTranslation":"লগতে যিবোৰক তোমালোকে দেখা নোপোৱা;","footnotes":"","tafseer":"লগতে সেইবোৰ বস্তুৰো শপত কৰিছে, যিবোৰ বস্তু তোমালোকে দেখা নোপোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069039.mp3"},{"index":"40","arabicText":"اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۚۙ","assameseTranslation":"নিশ্চয় এয়া (কোৰআন) এজন সন্মানিত ৰাছুলৰ (বহনকৃত) বাণী।","footnotes":"","tafseer":"নিশ্চয় কোৰআন হৈছে আল্লাহৰ বাণী। যি বাণী মানুহৰ আগত তেওঁৰ সন্মানীয় ৰাছুলে পাঠ কৰি শুনায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069040.mp3"},{"index":"41","arabicText":"وَّمَا هُوَ بِقَوْلِ شَاعِرٍ ؕ قَلِیْلًا مَّا تُؤْمِنُوْنَ ۟ۙ","assameseTranslation":"আৰু এয়া কোনো কবিৰ কথা নহয়; (আফচোচ!) তোমালোকে খুবেই কম ঈমান পোষণ কৰা।","footnotes":"","tafseer":"আৰু এয়া কোনো কবিৰ কথাও নহয়। কিয়নো এইখন কবিতাৰ ৰূপত সজোৱা হোৱা নাই। তোমালোকে খুবেই কম ঈমান পোষণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069041.mp3"},{"index":"42","arabicText":"وَلَا بِقَوْلِ كَاهِنٍ ؕ قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟ؕ","assameseTranslation":"আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।","footnotes":"","tafseer":"আৰু এয়া কোনো গণকৰ কথাও নহয়। কিয়নো গণকৰ কথা সম্পূৰ্ণৰূপে এই কোৰআনৰ পৰিপন্থী। তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069042.mp3"},{"index":"43","arabicText":"تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟","assameseTranslation":"এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।","footnotes":"","tafseer":"বৰং এইখন হৈছে গোটেই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা গ্ৰন্থ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069043.mp3"},{"index":"44","arabicText":"وَلَوْ تَقَوَّلَ عَلَیْنَا بَعْضَ الْاَقَاوِیْلِ ۟ۙ","assameseTranslation":"তেওঁ যদি আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,","footnotes":"","tafseer":"যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ নামত কোনো মনেসজা কথা ক’লেহঁতেন যিটো আমি কোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069044.mp3"},{"index":"45","arabicText":"لَاَخَذْنَا مِنْهُ بِالْیَمِیْنِ ۟ۙ","assameseTranslation":"তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোঁহেঁতেন,","footnotes":"","tafseer":"তেন্তে আমি তেখেতৰ পৰা প্ৰতিশোধ ল’লোঁহেঁতেন। লগতে তেখেতৰ সোঁ হাতক নিজৰ শক্তি আৰু সামৰ্থৰ সৈতে ধৰিলোঁহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069045.mp3"},{"index":"46","arabicText":"ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِیْنَ ۟ؗۖ","assameseTranslation":"তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা (মহাধমনী) কাটি দিলোঁহেঁতেন,","footnotes":"","tafseer":"তাৰ পাছত তেখেতৰ হৃদপিণ্ডৰ মহাধমনি কাটি দিলোঁহেঁতেন। যিটো সিৰা তেখেতৰ অন্তৰৰ লগত সংযুক্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069046.mp3"},{"index":"47","arabicText":"فَمَا مِنْكُمْ مِّنْ اَحَدٍ عَنْهُ حٰجِزِیْنَ ۟","assameseTranslation":"এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন।","footnotes":"","tafseer":"এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেখেতক সেই অৱস্থাত আমাৰ পৰা ৰক্ষা কৰিব পাৰিব। গতিকে তোমালোকৰ বাবে তেখেতে মোৰ নামত কোনো মনেসজা কথা ৰচনা কৰাটো অসম্ভৱ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069047.mp3"},{"index":"48","arabicText":"وَاِنَّهٗ لَتَذْكِرَةٌ لِّلْمُتَّقِیْنَ ۟","assameseTranslation":"আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।","footnotes":"","tafseer":"নিশ্চয় এই কোৰআন সেইসকলৰ বাবে শিক্ষা আৰু উপদেশ, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069048.mp3"},{"index":"49","arabicText":"وَاِنَّا لَنَعْلَمُ اَنَّ مِنْكُمْ مُّكَذِّبِیْنَ ۟","assameseTranslation":"আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।","footnotes":"","tafseer":"আৰু আমি নিশ্চয় জানো যে. তোমালোকৰ মাজৰ কিছুমানে এই কোৰআনক অস্বীকাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069049.mp3"},{"index":"50","arabicText":"وَاِنَّهٗ لَحَسْرَةٌ عَلَی الْكٰفِرِیْنَ ۟","assameseTranslation":"আৰু নিশ্চয় এই (কোৰআন)খন কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ হ’ব।","footnotes":"","tafseer":"নিশ্চিতৰূপে কোৰআন অস্বীকাৰ কৰাটো ক্বিয়ামতৰ দিনা ডাঙৰ অনুশোচনাৰ কাৰণ হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069050.mp3"},{"index":"51","arabicText":"وَاِنَّهٗ لَحَقُّ الْیَقِیْنِ ۟","assameseTranslation":"আৰু নিশ্চয় এইখন সুনিশ্চিত সত্য।","footnotes":"","tafseer":"নিশ্চয় এই কোৰআন পূৰ্ণাংগৰূপে সুনিশ্চিত সত্য। এইখন যে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ গ্ৰন্থ, ইয়াত কোনো সন্দেহ তথা সংশয়ৰ অৱকাশ নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069051.mp3"},{"index":"52","arabicText":"فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠","assameseTranslation":"এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।","footnotes":"","tafseer":"এতেকে হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰি সেইবোৰ বিষয় নাকচ কৰক, যিবোৰ বিষয় তেওঁৰ সন্মানৰ পৰিপন্থী, লগতে আপুনি আপোনাৰ প্ৰতিপালকৰ নামত তাছবীহ পাঠ কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/069052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/069052.mp3"}]