[{"index":"1","arabicText":"الٓمّٓصٓ ۟ۚ","assameseTranslation":"আলিফ-লাম-মীম-চাদ। [1]","footnotes":"[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","tafseer":"এই বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007001.mp3"},{"index":"2","arabicText":"كِتٰبٌ اُنْزِلَ اِلَیْكَ فَلَا یَكُنْ فِیْ صَدْرِكَ حَرَجٌ مِّنْهُ لِتُنْذِرَ بِهٖ وَذِكْرٰی لِلْمُؤْمِنِیْنَ ۟","assameseTranslation":"এইখন কিতাব তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, যাতে এই সম্পৰ্কে তোমাৰ মনত কোনো সংকীৰ্ণতা নাথাকে, লগতে যাতে তুমি ইয়াৰ দ্বাৰা (মানুহক) সতৰ্ক কৰিব পাৰা। মুমিনসকলৰ বাবে এইখন হৈছে উপদেশ।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ ওপৰত এইখন গ্ৰন্থ (কোৰআন) অৱতীৰ্ণ কৰা হৈছে। এতেকে এই বিষয়ে আপুনি কোনো সন্দেহৰ বশৱৰ্তী নহ’ব, লগতে অন্তৰত কোনো সংকীৰ্ণতাও নাৰাখিব। আল্লাহে এই গ্ৰন্থখন এই কাৰণে অৱতীৰ্ণ কৰিছে, যাতে আপুনি ইয়াৰ দ্বাৰা মানুহক সতৰ্ক কৰিব পাৰে, আৰু প্ৰমাণ সাব্যস্ত কৰিব পাৰে। লগতে ইয়াৰ দ্বাৰা যাতে মুমিনসকলক উপদেশ দিব পাৰে, কিয়নো উপদেশ কেৱল তেওঁলোকেই গ্ৰহণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007002.mp3"},{"index":"3","arabicText":"اِتَّبِعُوْا مَاۤ اُنْزِلَ اِلَیْكُمْ مِّنْ رَّبِّكُمْ وَلَا تَتَّبِعُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ ؕ قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟","assameseTranslation":"তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।","footnotes":"","tafseer":"হে মানৱ! সেই গ্ৰন্থৰ অনুসৰণ কৰা, যিখন আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে, লগতে নবীৰ ছুন্নত অনুযায়ী আমল কৰা। আনহাতে তোমালোকে যিসকল চয়তান আৰু পাষণ্ড লোকক অলী বুলি ধাৰণা কৰিছা সিহঁতৰ কুপ্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। অথচ সিহঁতৰ সৈতে বন্ধুত্ব কৰিবলৈ গৈ তোমালোকে সেই পৱিত্ৰ গ্ৰন্থক পৰিত্যাগ কৰিছা, যিখন তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। নিশ্চয় তোমালোকে খুবেই কম শিক্ষা গ্ৰহণ কৰা। কিয়নো যদি তোমালোকে শিক্ষা গ্ৰহণ কৰিলাহেঁতেন তেন্তে অসত্যক সত্যৰ ওপৰত প্ৰাধান্য নিদিলাহেঁতেন আৰু ৰাছুলে যি লৈ আহিছে সেয়া মানিলাহেঁতেন আৰু তাৰ ওপৰত আমল কৰিলাহেঁতেন, আৰু ইয়াৰ বাহিৰে সকলো পৰিত্যাগ কৰিলাহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007003.mp3"},{"index":"4","arabicText":"وَكَمْ مِّنْ قَرْیَةٍ اَهْلَكْنٰهَا فَجَآءَهَا بَاْسُنَا بَیَاتًا اَوْ هُمْ قَآىِٕلُوْنَ ۟","assameseTranslation":"আৰু এনেকুৱা বহুতো জনবসতি আমি ধ্বংস কৰিছোঁ। সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল কেতিয়াবা ৰাতিত অথবা দিনদুপুৰতে, যেতিয়া সিহঁত বিশ্ৰামৰত অৱস্থাত আছিল।","footnotes":"","tafseer":"অসংখ্য গাওঁক আমি আমাৰ শাস্তিৰ জৰিয়তে ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে কুফুৰী তথা পথভ্ৰষ্টতাত অটল আছিল। এতেকে ৰাতিত অথবা দিনৰ ভাগত সিহঁত যেতিয়া অমনোযোগী হৈ আছিল সেই সময়ত সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল। সিহঁতে নিজেও নিজকে শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল আৰু সিহঁতৰ তথাকথিত উপাস্যবোৰেও কোনো উপকাৰ কৰিব পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007004.mp3"},{"index":"5","arabicText":"فَمَا كَانَ دَعْوٰىهُمْ اِذْ جَآءَهُمْ بَاْسُنَاۤ اِلَّاۤ اَنْ قَالُوْۤا اِنَّا كُنَّا ظٰلِمِیْنَ ۟","assameseTranslation":"এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হৈছিল, তেতিয়া সিহঁতৰ কথা কেৱল এইটোৱে আছিল যে, সিহঁতে কৈছিল, ‘নিশ্চয় আমি যালিম আছিলোঁ’।","footnotes":"","tafseer":"এতেকে শাস্তি অহাৰ পিছত সিহঁতে এই কথা স্বীকাৰ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকিব যে, সিহঁতে আল্লাহক অস্বীকাৰ কৰি নিজৰ ওপৰতে অন্যায় কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007005.mp3"},{"index":"6","arabicText":"فَلَنَسْـَٔلَنَّ الَّذِیْنَ اُرْسِلَ اِلَیْهِمْ وَلَنَسْـَٔلَنَّ الْمُرْسَلِیْنَ ۟ۙ","assameseTranslation":"এতেকে যিসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল নিশ্চয় আমি সিহঁতক সোধ-পোচ কৰিম আৰু ৰাছুল সকলোকো প্ৰশ্ন কৰিম।","footnotes":"","tafseer":"এতেকে আমি ক্বিয়ামতৰ দিনা সেই সকলো উম্মতক সুধিম, যিসকলৰ ওচৰলৈ আমি ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যে সিহঁতে ৰাছুলসকলক কিদৰে সঁহাৰি জনাইছিল। এইদৰে ৰাছুল সকলকো সুধিম যে, তেওঁলোকক যিটো পৌঁচাই দিবলৈ আদেশ কৰিছিলোঁ, তেওঁলোকে সেয়া পৌঁচাই দিছিল নে নাই, আৰু তেওঁলোকৰ জাতিয়ে তেওঁলোকক কি উত্তৰ দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007006.mp3"},{"index":"7","arabicText":"فَلَنَقُصَّنَّ عَلَیْهِمْ بِعِلْمٍ وَّمَا كُنَّا غَآىِٕبِیْنَ ۟","assameseTranslation":"তাৰ পিছত নিশ্চয় আমি সিহঁতৰ ওচৰত পূৰ্ণ জ্ঞানৰ সৈতে সিহঁতৰ কৰ্মসমূহ বিবৃত কৰিম, (জানি থোৱা) আমি অনুপস্থিত নাছিলোঁ।","footnotes":"","tafseer":"এতেকে আমি সকলো সৃষ্টিৰ সন্মুখত, নিজৰ জ্ঞান অনুসাৰে সিহঁতৰ কৰ্ম বৰ্ণনা কৰিম, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল। সিহঁতৰ সকলো কৰ্ম সম্পৰ্কে আমি অৱগত। একোৱে আমাৰ পৰা গোপন নহয়, আৰু আমি সিহঁতৰ পৰা কেতিয়াও অনুপস্থিত নাছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007007.mp3"},{"index":"8","arabicText":"وَالْوَزْنُ یَوْمَىِٕذِ لْحَقُّ ۚ فَمَنْ ثَقُلَتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟","assameseTranslation":"আৰু সেই দিনা পৰিমাপ হ’ব যথাযথভাৱে। এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই সফলতা অৰ্জন কৰিব।","footnotes":"","tafseer":"তথা ক্বিয়ামতৰ দিনা কৰ্মবোৰক ন্যায় ভাবে ওজন কৰা হ'ব আৰু কাৰো লগত অন্যায় অত্যাচাৰ কৰা নহ'ব। এতেকে তুলাচনীত যাৰ ছোৱাব গুনাহতকৈ গধূৰ হ'ব, তেনেকুৱা ব্যক্তিসকলেই উদ্দেশ্য পূৰণত সফল হ'ব তথা ভয়ৰ পৰা মুক্তি পাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007008.mp3"},{"index":"9","arabicText":"وَمَنْ خَفَّتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ بِمَا كَانُوْا بِاٰیٰتِنَا یَظْلِمُوْنَ ۟","assameseTranslation":"আনহাতে যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে, যিহেতু সিহঁতে আমাৰ আয়াতসমূহৰ প্ৰতি অন্যায় কৰিছিল।","footnotes":"","tafseer":"আনহাতে যাৰ গুনাহ ছোৱাবতকৈ গধূৰ হ'ব, সেই সকলেই ক্বিয়ামতৰ দিনা সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব, সিহঁতৰ এই পৰিণাম আল্লাহৰ আয়াত অস্বীকাৰ কৰাৰ ফলত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007009.mp3"},{"index":"10","arabicText":"وَلَقَدْ مَكَّنّٰكُمْ فِی الْاَرْضِ وَجَعَلْنَا لَكُمْ فِیْهَا مَعَایِشَ ؕ قَلِیْلًا مَّا تَشْكُرُوْنَ ۟۠","assameseTranslation":"নিশ্চয় আমিয়েই তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছোঁ আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰি দিছোঁ; (তথাপিও) তোমালোকে খুবেই কম কৃতজ্ঞতা জ্ঞাপন কৰা।","footnotes":"","tafseer":"হে আদম সন্তান আমিয়ে পৃথিৱীত তোমালোকক প্ৰতিষ্ঠিত কৰিছোঁ, লগতে তোমালোকৰ বাবে জীৱনোপকৰণ সৃষ্টি কৰিছোঁ। ফলত তোমালোকে ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত। কিন্তু তোমালোকৰ কৃতজ্ঞতা তেনেই তাকৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007010.mp3"},{"index":"11","arabicText":"وَلَقَدْ خَلَقْنٰكُمْ ثُمَّ صَوَّرْنٰكُمْ ثُمَّ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ ۖۗ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ لَمْ یَكُنْ مِّنَ السّٰجِدِیْنَ ۟","assameseTranslation":"নিশ্চয় আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ, তাৰ পিছত আমিয়েই তোমালোকক আকৃতি প্ৰদান কৰিছোঁ, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।","footnotes":"","tafseer":"হে মানৱজাতি! আমিয়ে তোমালোকৰ আদি পিতা আদমক সৃষ্টি কৰিছোঁ, তেওঁক সৰ্বোত্তম আকৃতি প্ৰদান কৰিছোঁ। তাৰ পিছত তেওঁৰ সন্মানাৰ্থে ফিৰিস্তাসকলক ছাজদা কৰিবলৈ আদেশ কৰিলোঁ। ফলত সকলো ফিৰিস্তাই মানি লৈছিল আৰু ছাজদাহ কৰিছিল। কিন্তু ইবলিছে অহংকাৰ কৰি ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007011.mp3"},{"index":"12","arabicText":"قَالَ مَا مَنَعَكَ اَلَّا تَسْجُدَ اِذْ اَمَرْتُكَ ؕ قَالَ اَنَا خَیْرٌ مِّنْهُ ۚ خَلَقْتَنِیْ مِنْ نَّارٍ وَّخَلَقْتَهٗ مِنْ طِیْنٍ ۟","assameseTranslation":"তেওঁ ক’লে, ‘মই যেতিয়া তোমাক আদেশ দিলোঁ, তেতিয়া কিহে তোমাক বাধা দিলে যে, তুমি ছাজদা নকৰিলা’? সি ক’লে, ‘মই এওঁতকৈ (আদমতকৈ) শ্ৰেষ্ঠ, তুমি মোক জুয়েৰে সৃষ্টি কৰিছা আৰু তাক সৃষ্টি কৰিছা বোকা মাটিৰে’।","footnotes":"","tafseer":"আল্লাহে ইবলীছক ভৰ্ৎসনাৰ সুৰত ক'লেঃ আদমক ছাজদাহ কৰিবলৈ মই দিয়া আদেশ তই কিহৰ ভিত্তিত অস্বীকাৰ কৰিলি? ইবলীছে উত্তৰত ক'লেঃ কাৰণ মই এওঁতকৈ উত্তম। কিয়নো তুমি মোক জুইৰ দ্বাৰা সৃষ্টি কৰিছা, আৰু এওঁক সৃষ্টি কৰিছা মাটিৰ দ্বাৰা। গতিকে জুই মাটিতকৈ উত্তম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007012.mp3"},{"index":"13","arabicText":"قَالَ فَاهْبِطْ مِنْهَا فَمَا یَكُوْنُ لَكَ اَنْ تَتَكَبَّرَ فِیْهَا فَاخْرُجْ اِنَّكَ مِنَ الصّٰغِرِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা, ইয়াত থাকি তুমি অহংকাৰ কৰিবা এইটো কেতিয়াও হ’ব নোৱাৰে। এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতবোৰৰ অন্তৰ্ভুক্ত’।","footnotes":"","tafseer":"আল্লাহে তাক ক'লেঃ জান্নাতৰ পৰা আঁতৰ হ। তই ইয়াত অহংকাৰ কৰিব নোৱাৰা, কিয়নো এইটো হৈছে উত্তম তথা পৱিত্ৰ লোকসকলৰ বাসস্থান। তই ইয়াত থকাটো সমীচীন নহয়। হেৰা ইবলীছ! তই আজিৰ পৰা ঘৃণাৰ পাত্ৰ অতিকৈ নিকৃষ্ট। যদিও তই নিজকে আদমতকৈ শ্ৰেষ্ঠ বুলি ধাৰণা কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007013.mp3"},{"index":"14","arabicText":"قَالَ اَنْظِرْنِیْۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟","assameseTranslation":"সি ক’লে, ‘মোক তুমি সেই দিৱসলৈকে অৱকাশ দিয়া, যিদিনা সিহঁত পুনৰুত্থিত হ’ব’।","footnotes":"","tafseer":"ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! তেন্তে তুমি মোক পুনৰুত্থান দিৱসলৈকে অৱকাশ দিয়া, যাতে মই নিজৰ সক্ষম অনুযায়ী যিমান পাৰোঁ পথভ্ৰষ্ট কৰিব পাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007014.mp3"},{"index":"15","arabicText":"قَالَ اِنَّكَ مِنَ الْمُنْظَرِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘নিশ্চয় তুমি অৱকাশ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত’।","footnotes":"","tafseer":"আল্লাহে তাক ক'লেঃ হে ইবলীছ! যা তোক অৱকাশ দিয়া হ'ল। তোৰ মৃত্যু এতিয়া সেইদিনাই হ'ব যিদিনা শিঙাত প্ৰথম ফুঁ দিয়া হ'ব, আৰু সকলো সৃষ্টিয়ে মৃত্যুবৰণ কৰিব। কেৱল সৃষ্টিকৰ্তা অকলেই জীৱিত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007015.mp3"},{"index":"16","arabicText":"قَالَ فَبِمَاۤ اَغْوَیْتَنِیْ لَاَقْعُدَنَّ لَهُمْ صِرَاطَكَ الْمُسْتَقِیْمَ ۟ۙ","assameseTranslation":"সি ক’লে, ‘তুমি মোক যি কাৰণে পথভ্ৰষ্ট কৰিছা, মই সিহঁতৰ বাবে তোমাৰ সৰল পথত খাপ পাতি বহি থাকিম’।","footnotes":"","tafseer":"ইবলীছে ক'লেঃ যিহেতু আদমক ছাজদাহ কৰিবলৈ দিয়া তোমাৰ আদেশ অৱমাননা কৰাৰ ফলত মই পথভ্ৰষ্ট হৈছোঁ। সেয়ে আদম সন্তানক তোমাৰ সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিবলৈ মই সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিম। যাতে ময়ো সিহঁতক সেইদৰে পথভ্ৰষ্ট কৰিব পাৰোঁ যিদৰে মই সিহঁতৰ পিতৃ আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত পথভ্ৰষ্ট হৈছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007016.mp3"},{"index":"17","arabicText":"ثُمَّ لَاٰتِیَنَّهُمْ مِّنْ بَیْنِ اَیْدِیْهِمْ وَمِنْ خَلْفِهِمْ وَعَنْ اَیْمَانِهِمْ وَعَنْ شَمَآىِٕلِهِمْ ؕ وَلَا تَجِدُ اَكْثَرَهُمْ شٰكِرِیْنَ ۟","assameseTranslation":"‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰলৈ আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা, আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।","footnotes":"","tafseer":"তাৰ পিছত মই সিহঁতৰ চাৰিওফালৰ পৰা আগমন কৰিম আৰু সিহঁতক আখিৰাতৰ পৰা বিমুখ কৰাৰ প্ৰয়াস কৰিম। পৃথিৱীৰ মোহত পেলাবলৈ যত্ন কৰিম আৰু সিহঁতৰ অন্তৰত সন্দেহ সংশয় সৃষ্টি কৰিম। লগতে সিহঁতক প্ৰবৃত্তিৰ দাসত পৰিণত কৰিম, আৰু হে ৰব্ব! মই সিহঁতৰ মাজত কুফৰক ইমান প্ৰশ্ৰয় দিম যে, অধিকাংশই তোমাৰ কৃতজ্ঞতা জ্ঞাপন নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007017.mp3"},{"index":"18","arabicText":"قَالَ اخْرُجْ مِنْهَا مَذْءُوْمًا مَّدْحُوْرًا ؕ لَمَنْ تَبِعَكَ مِنْهُمْ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنْكُمْ اَجْمَعِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা, মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব, নিশ্চয় মই তহঁত আটায়েৰে জাহান্নাম পূৰণ কৰিম’।","footnotes":"","tafseer":"আল্লাহে ক'লেঃ হে ইবলীছ! তই জান্নাতৰ পৰা অপমানিত লাঞ্ছিত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত হৈ ওলাই যা। ক্বিয়ামতৰ দিনা মই জাহান্নামক তোৰ দ্বাৰা আৰু সেইসকল লোকৰ দ্বাৰা ভৰ্তি কৰিম, যিসকলে তোৰ অনুসৰণ কৰিব আৰু তোৰ কথা মতে মোৰ আদেশক অৱমাননা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007018.mp3"},{"index":"19","arabicText":"وَیٰۤاٰدَمُ اسْكُنْ اَنْتَ وَزَوْجُكَ الْجَنَّةَ فَكُلَا مِنْ حَیْثُ شِئْتُمَا وَلَا تَقْرَبَا هٰذِهِ الشَّجَرَةَ فَتَكُوْنَا مِنَ الظّٰلِمِیْنَ ۟","assameseTranslation":"আৰু হে আদম! ‘তুমি আৰু তোমাৰ স্ত্ৰীয়ে জান্নাতত বসবাস কৰা, আৰু যি ঠাইৰ পৰা ইচ্ছা আহাৰ কৰা কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, অন্যথা তোমালোক উভয়ে যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা’।","footnotes":"","tafseer":"আল্লাহে আদমক ক'লেঃ হে আদম! তুমি নিজৰ পত্নীৰ সৈতে জান্নাতত বসবাস কৰা, ইয়াত থকা পৱিত্ৰ বস্তুসমূহৰ পৰা যি ইচ্ছা ভক্ষণ কৰা, কিন্তু সৌ সেইজোপা গছৰ (কোনো এটা নিৰ্দিষ্ট গছৰ পিনে ইংগিত কৰি ক’লে) ফল ভক্ষণ নকৰিবা। এতেকে মই নিষেধ কৰাৰ পিছতো যদি তোমালোকে তাৰ পৰা ভক্ষণ কৰা তেন্তে তোমালোক উভয়ে আল্লাহৰ সীমা লঙ্ঘনকাৰীসকলৰ অন্তৰ্ভুক্ত হ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007019.mp3"},{"index":"20","arabicText":"فَوَسْوَسَ لَهُمَا الشَّیْطٰنُ لِیُبْدِیَ لَهُمَا مَا وٗرِیَ عَنْهُمَا مِنْ سَوْاٰتِهِمَا وَقَالَ مَا نَهٰىكُمَا رَبُّكُمَا عَنْ هٰذِهِ الشَّجَرَةِ اِلَّاۤ اَنْ تَكُوْنَا مَلَكَیْنِ اَوْ تَكُوْنَا مِنَ الْخٰلِدِیْنَ ۟","assameseTranslation":"তাৰ পিছত তেওঁলোকৰ লজ্জাস্থান, যিটোক তেওঁলোকৰ ওচৰত গোপন ৰখা হৈছিল সেইটোক তেওঁলোকৰ ওচৰত প্ৰকাশ কৰাৰ বাবে চয়তানে তেওঁলোকক কুমন্ত্ৰণা দিলে আৰু ক’লে, ‘তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এইকাৰণেই নিষেধ কৰিছে যে, (এই গছজোপাৰ ফল খালে) তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।","footnotes":"","tafseer":"ইবলীছে তেওঁলোকৰ মনত কুমন্ত্ৰণা দিলে, যাতে ইয়াৰ দ্বাৰা তেওঁলোকৰ গোপনীয় অংগ প্ৰকাশ পায়। তেওঁলোকক ক'লেঃ আল্লাহে তোমালোকক এই বৃক্ষৰ ফল খাবলৈ এই কাৰণে নিষেধ কৰিছে, যাতে তোমালোকে ফিৰিস্তা হৈ নোযোৱা। অথবা যাতে জান্নাতৰ চিৰস্থায়ী বাসিন্দা হৈ নোযোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007020.mp3"},{"index":"21","arabicText":"وَقَاسَمَهُمَاۤ اِنِّیْ لَكُمَا لَمِنَ النّٰصِحِیْنَ ۟ۙ","assameseTranslation":"আৰু তেওঁলোক উভয়ৰে ওচৰত সি শপত খাই ক’লে, ‘নিশ্চয় মই তোমালোকৰ শুভাকাংক্ষীসকলৰ এজন’।","footnotes":"","tafseer":"লগতে তেওঁলোকৰ সন্মুখত আল্লাহৰ শপত খাই ক'লে যে, মই তোমালোকক যি কৈছোঁ, সেয়া কেৱল এই কাৰণে কৈছোঁ যে মই তোমালোকৰ শুভাকাংক্ষী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007021.mp3"},{"index":"22","arabicText":"فَدَلّٰىهُمَا بِغُرُوْرٍ ۚ فَلَمَّا ذَاقَا الشَّجَرَةَ بَدَتْ لَهُمَا سَوْاٰتُهُمَا وَطَفِقَا یَخْصِفٰنِ عَلَیْهِمَا مِنْ وَّرَقِ الْجَنَّةِ ؕ وَنَادٰىهُمَا رَبُّهُمَاۤ اَلَمْ اَنْهَكُمَا عَنْ تِلْكُمَا الشَّجَرَةِ وَاَقُلْ لَّكُمَاۤ اِنَّ الشَّیْطٰنَ لَكُمَا عَدُوٌّ مُّبِیْنٌ ۟","assameseTranslation":"ফলত সি তেওঁলোকক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে। ইয়াৰ পিছত যেতিয়া তেওঁলোকে সেই গছজোপাৰ ফল খালে, তেতিয়া তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত দৃশ্যমান হৈ পৰিল, আৰু তেওঁলোকে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক মাতি ক’লে, ‘মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোঁনে? আৰু মই তোমালোকক কোৱা নাছিলোঁনে যে, নিশ্চয় চয়তান হৈছে তোমালোক দুয়োৰে প্ৰকাশ্য শত্ৰু?","footnotes":"","tafseer":"এইদৰে চয়তানে তেওঁলোকক প্ৰৱঞ্চনাৰে সেই স্থানৰ পৰা প্ৰস্থান কৰালে, য’ত তেওঁলোক আছিল। তেওঁলোকে নিষেধকৃত গছৰ ফল খোৱাৰ লগে লগে তেওঁলোকৰ আবৃত গোপনীয় অংগ প্ৰকাশ হৈ গ’ল। তেতিয়া উভয়ে নিজৰ শৰীৰ জান্নাতৰ পাতেৰে ঢাকিবলৈ ধৰিলে, যাতে লজ্জাস্থান ঢাকিব পাৰে। এই দেখি আল্লাহে সিহঁতক মাতি ক'লেঃ মই তোমালোকক এই বৃক্ষৰ পৰা বাৰণ কৰা নাছিলোঁনে? লগতে এই কথা কোৱা নাছিলোঁনে যে, চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007022.mp3"},{"index":"23","arabicText":"قَالَا رَبَّنَا ظَلَمْنَاۤ اَنْفُسَنَا ٚ وَاِنْ لَّمْ تَغْفِرْ لَنَا وَتَرْحَمْنَا لَنَكُوْنَنَّ مِنَ الْخٰسِرِیْنَ ۟","assameseTranslation":"তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমি নিজৰে প্ৰতি অন্যায় কৰিছোঁ, আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ম’।","footnotes":"","tafseer":"আদম আৰু হাৱাই ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি নিষিদ্ধ কৰা গছৰ ফল ভক্ষণ কৰি আমি নিজৰ ওপৰতে অন্যায় কৰিছোঁ। যদি তুমি আমাৰ গুনাহ ক্ষমা নকৰা আৰু আমাৰ ওপৰত কৃপা নকৰা তেন্তে আমাৰ ইহকাল আৰু পৰকাল দুয়ো বিনষ্ট হৈ যাব আৰু আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007023.mp3"},{"index":"24","arabicText":"قَالَ اهْبِطُوْا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۚ وَلَكُمْ فِی الْاَرْضِ مُسْتَقَرٌّ وَّمَتَاعٌ اِلٰی حِیْنٍ ۟","assameseTranslation":"তেওঁ ক’লে, ‘তোমালোকে নামি যোৱা, তোমালোকে ইজনে সিজনৰ শত্ৰু আৰু পৃথিৱীত আছে তোমালোকৰ বাবে ক্ষণস্থায়ী বসবাস আৰু জীৱিকা’।","footnotes":"","tafseer":"তেতিয়া আল্লাহে আদম, হাৱা আৰু ইবলীছক সম্বোধন কৰি ক'লেঃ তোমালোকে জান্নাতৰ পৰা পৃথিৱীলৈ প্ৰস্থান কৰা। তোমালোকে ইজনে সিজনৰ শত্ৰু। তোমালোকে তাত এটা নিৰ্দিষ্ট সময়লৈকে অৱস্থান কৰিব লাগিব আৰু তাত থকা বস্তুবোৰৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007024.mp3"},{"index":"25","arabicText":"قَالَ فِیْهَا تَحْیَوْنَ وَفِیْهَا تَمُوْتُوْنَ وَمِنْهَا تُخْرَجُوْنَ ۟۠","assameseTranslation":"তেওঁ ক’লে, ‘তোমালোকে তাতেই জীৱন-যাপন কৰিবা আৰু তাতেই তোমালোক মৃত্যুবৰণ কৰিবা, আৰু তাৰ পৰাই তোমালোকক উলিয়াই আনা হ’ব’।","footnotes":"","tafseer":"আল্লাহে আদম, হাৱা আৰু তেওঁলোকৰ সন্তানসকলক সম্বোধন কৰি কৈছেঃ আল্লাহে নিৰ্ধাৰিত কৰা সময়লৈকে তোমালোকে এই পৃথিৱীতে বাস কৰিব লাগিব, আৰু তোমালোকে ইয়াতে মৃত্যুবৰণ কৰিবা আৰু ইয়াতে তোমালোকক দাফন কৰা হ'ব, আৰু এই কবৰৰ পৰাই তোমালোকে ক্বিয়ামতৰ দিনা পুনৰুত্থিত হ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007025.mp3"},{"index":"26","arabicText":"یٰبَنِیْۤ اٰدَمَ قَدْ اَنْزَلْنَا عَلَیْكُمْ لِبَاسًا یُّوَارِیْ سَوْاٰتِكُمْ وَرِیْشًا ؕ وَلِبَاسُ التَّقْوٰی ۙ ذٰلِكَ خَیْرٌ ؕ ذٰلِكَ مِنْ اٰیٰتِ اللّٰهِ لَعَلَّهُمْ یَذَّكَّرُوْنَ ۟","assameseTranslation":"হে আদম সন্তান! নিশ্চয় মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছোঁ, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে। কিন্তু তাক্বৱাৰ পোছাকেই হৈছে সৰ্বোত্তম। এইটো আল্লাহৰ নিদৰ্শনসমূহৰ অন্যতম, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"হে আদম সন্তান! আমি তোমালোকৰ বাবে আৱশ্যক বস্ত্ৰ বনাইছোঁ, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে। লগতে বনাইছোঁ পৰিপূৰক বস্ত্ৰ, যিবোৰে তোমালোকক সৌন্দৰ্যময় কৰি তোলে। শাৰীৰিক পোছাকতকৈ তাক্বৱাৰ পোছাক (অৰ্থাৎ আল্লাহৰ আদেশ পালন কৰা তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা) হৈছে উত্তম। উল্লেখিত পোছাক হৈছে আল্লাহৰ অন্যতম নিদৰ্শন, লগতে আল্লাহৰ ক্ষমতাৰ প্ৰমাণ। যাতে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা আৰু তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007026.mp3"},{"index":"27","arabicText":"یٰبَنِیْۤ اٰدَمَ لَا یَفْتِنَنَّكُمُ الشَّیْطٰنُ كَمَاۤ اَخْرَجَ اَبَوَیْكُمْ مِّنَ الْجَنَّةِ یَنْزِعُ عَنْهُمَا لِبَاسَهُمَا لِیُرِیَهُمَا سَوْاٰتِهِمَا ؕ اِنَّهٗ یَرٰىكُمْ هُوَ وَقَبِیْلُهٗ مِنْ حَیْثُ لَا تَرَوْنَهُمْ ؕ اِنَّا جَعَلْنَا الشَّیٰطِیْنَ اَوْلِیَآءَ لِلَّذِیْنَ لَا یُؤْمِنُوْنَ ۟","assameseTranslation":"হে আদম সন্তান! চয়তানে যেন তোমালোকক কোনো মতেই প্ৰলুব্ধ কৰিব নোৱাৰে—যিদৰে সি তোমালোকৰ পিতৃ-মাতৃক (প্ৰলুব্ধ কৰি) জান্নাতৰ পৰা উলিয়াইছিল, সি তেওঁলোকক তেওঁলোকৰ লজ্জাস্থান দেখুৱাৰ বাবে বিবস্ত্ৰ কৰিছিল। নিশ্চয় সি নিজে আৰু তাৰ দলে তোমালোকক দেখা পায় কিন্তু তোমালোকে সিহঁতক দেখিব নোৱাৰা। নিশ্চয় আমি চয়তানক সেইসকল লোকৰ অভিভাৱক কৰি দিছোঁ যিসকলে ঈমান পোষণ নকৰে।","footnotes":"","tafseer":"হে আদম সন্তান! চয়তানে যাতে তোমালোকক তাক্বৱাৰ পোছাক আৰু শাৰীৰিক পোছাক পৰিত্যাগ কৰোৱাই এই গুনাহক সৌন্দৰ্যময় কৰি প্ৰলুব্ধ কৰিব নোৱাৰে। কিয়নো সি তোমালোকৰ পিতৃ- মাতৃক নিষিদ্ধ বৃক্ষৰ ফল ভক্ষণ কৰা কাৰ্যক সৌন্দৰ্যময় কৰি প্ৰৱঞ্চনা কৰিছিল। ফলত তেওঁলোক জান্নাতৰ পৰা বহিষ্কৃত হৈছিল আৰু তেওঁলোকৰ গুপ্তাঙ্গ প্ৰকাশ পাইছিল। প্ৰকৃততে চয়তান আৰু তাৰ সন্তানবোৰে তোমালোকক দেখা পায়, কিন্তু তোমালোকেহে সিহঁতক দেখা নোপোৱা। এতেকে তোমালোকে সিহঁতৰ পৰা সাৱধান থাকিব লাগিব। লগতে আমি চয়তানক এনেকুৱা লোকৰ বন্ধু বনাই দিছোঁ যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে। আনহাতে সৎকৰ্ম কৰা ঈমান্দাৰসকলৰ ওপৰত চয়তানৰ কোনো প্ৰভাৱ নপৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007027.mp3"},{"index":"28","arabicText":"وَاِذَا فَعَلُوْا فَاحِشَةً قَالُوْا وَجَدْنَا عَلَیْهَاۤ اٰبَآءَنَا وَاللّٰهُ اَمَرَنَا بِهَا ؕ قُلْ اِنَّ اللّٰهَ لَا یَاْمُرُ بِالْفَحْشَآءِ ؕ اَتَقُوْلُوْنَ عَلَی اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতে কোনো অশ্লীল আচৰণ কৰে তেতিয়া কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক এইদৰেই কৰা পাইছোঁ, আৰু আল্লাহেও আমাক এইটোৱেই কৰাৰ নিৰ্দেশ দিছে’। কোৱা, ‘আল্লাহে কেতিয়াও অশ্লীলতাৰ নিৰ্দেশ নিদিয়ে। তোমালোকে আল্লাহৰ বিষয়ে এনে কথা কোৱা নেকি যিটো তোমালোকে নাজানা’?","footnotes":"","tafseer":"যেতিয়া মুশ্বৰিকসকলে শ্বিৰ্ক তথা নিৰ্বস্ত্ৰ হৈ তাৱাফ আদিৰ দৰে ঘৃণনীয় কাম কৰে, তেতিয়া সিহঁতে প্ৰমাণস্বৰূপে কয় যে, এইদৰে সিহঁতৰ পূৰ্ব পুৰুষেও কৰিছিল আৰু আল্লাহেও সিহঁতক এইদৰে কৰাৰ আদেশ দিছে। হে মুহাম্মদ! আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওক যে, আল্লাহে কেতিয়াও গুনাহৰ আদেশ নিদিয়ে, বৰং নিষেধহে কৰে। তেন্তে কেনেকৈ তোমালোকে আল্লাহৰ প্ৰতি এনেকুৱা মিছা আৰোপ কৰা? হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ প্ৰতি এনেকুৱা মিছা কথা কিয় সম্পৃক্ত কৰা, যি বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাই?।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007028.mp3"},{"index":"29","arabicText":"قُلْ اَمَرَ رَبِّیْ بِالْقِسْطِ ۫ وَاَقِیْمُوْا وُجُوْهَكُمْ عِنْدَ كُلِّ مَسْجِدٍ وَّادْعُوْهُ مُخْلِصِیْنَ لَهُ الدِّیْنَ ؕ۬ كَمَا بَدَاَكُمْ تَعُوْدُوْنَ ۟ؕ","assameseTranslation":"কোৱা, ‘মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে’। আৰু তোমালোকে প্ৰত্যেক ছাজদাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰেই আনুগত্যত বিশুদ্ধচিত্ত হৈ একনিষ্ঠভাৱে তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা। তেওঁ তোমালোকক যেনেকৈ প্ৰথমবাৰ সৃষ্টি কৰিছে তোমালোকে সেইদৰেই উভতি আহিবা।","footnotes":"","tafseer":"হে মুহাম্মদ! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, আল্লাহে ন্যায়ৰ আদেশ দিয়ে, গুনাহ তথা নিৰ্লজ্জতাৰ নহয়। লগতে তেওঁ আদেশ দিছে যে, তোমালোকে সাধাৰণতে নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰা, বিশেষকৈ মছজিদত তেওঁৰ ইবাদত কৰিবা, আৰু তেওঁৰেই আনুগত্য কৰিবা তথা কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰিবা। যিদৰে তেওঁ তোমালোকক অস্তিত্ব প্ৰদান কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকক আকৌ পুনৰ্জীৱিত কৰিব। কিয়নো প্ৰথমবাৰ সৃষ্টি কৰা সত্ত্বাৰ বাবে, দ্বিতীয়বাৰ সৃষ্টি কৰাটো কোনো ডাঙৰ বিষয় নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007029.mp3"},{"index":"30","arabicText":"فَرِیْقًا هَدٰی وَفَرِیْقًا حَقَّ عَلَیْهِمُ الضَّلٰلَةُ ؕ اِنَّهُمُ اتَّخَذُوا الشَّیٰطِیْنَ اَوْلِیَآءَ مِنْ دُوْنِ اللّٰهِ وَیَحْسَبُوْنَ اَنَّهُمْ مُّهْتَدُوْنَ ۟","assameseTranslation":"এটা দলক তেওঁ হিদায়ত দিছে, আৰু সঙ্গত কাৰণতেই আন এটা দলৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছে। নিশ্চয় সিহঁতে আল্লাহক এৰি চয়তানক সিহঁতৰ অভিভাৱক-ৰূপে গ্ৰহণ কৰিছিল আৰু ধাৰণা কৰিছিল যে সিহঁতেই হিদায়তপ্ৰাপ্ত।","footnotes":"","tafseer":"আল্লাহে মানুহক দুটা দলত বিভক্ত কৰিছে। তোমালোকৰ মাজৰ এটা দলক সঠিক পথ দেখুৱাইছে, সিহঁতৰ বাবে হিদায়তৰ মাধ্যম যোগান ধৰিছে আৰু সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰাই দিছে। আনহাতে দ্বিতীয় দলৰ ভাগ্যত পথভ্ৰষ্টতা লিখিছে, কিয়নো সিহঁতে আল্লাহক এৰি চয়তানক নিজৰ বন্ধু কৰি লৈছে, আৰু সঁচা মিছা পাৰ্থক্য নকৰি তাৰেই অনুসৰণ কৰিছে। লগতে এইটো ধাৰণা পোষণ কৰিছে যে, সিহঁতেই সৎ পথত পৰিচালিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007030.mp3"},{"index":"31","arabicText":"یٰبَنِیْۤ اٰدَمَ خُذُوْا زِیْنَتَكُمْ عِنْدَ كُلِّ مَسْجِدٍ وَّكُلُوْا وَاشْرَبُوْا وَلَا تُسْرِفُوْا ۚ اِنَّهٗ لَا یُحِبُّ الْمُسْرِفِیْنَ ۟۠","assameseTranslation":"হে আদম সন্তান! প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা। পানাহাৰ কৰা কিন্তু অপচয় নকৰিবা। নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"হে আদম সন্তান! ছালাত তথা তাৱাফৰ সময়ত তোমালোকে এনেকুৱা পৰিস্কাৰ-পৰিচ্ছন্ন আৰু পৱিত্ৰ কাপোৰ পৰিধান কৰিবা, যি কাপোৰে তোমালোকৰ লজ্জাস্থান ঢাকি ৰাখে আৰু তোমালোকৰ সৌন্দৰ্য বৃদ্ধি কৰে। লগতে পানাহাৰ সম্পৰ্কীয় যিবোৰ বস্তু আল্লাহে তোমালোকৰ বাবে হালাল কৰিছে, তাৰ পৰা তোমালোকে যিমান ইচ্ছা পানাহৰ কৰা। কিন্তু এই ক্ষেত্ৰত ন্যায়ৰ সীমা অতিক্ৰম নকৰিবা। লগতে হালাল অতিক্ৰম কৰি হাৰামৰ পিনে নাযাবা। নিশ্চয় আল্লাহে সীমালঙ্ঘনকাৰী সকলক পছন্দ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007031.mp3"},{"index":"32","arabicText":"قُلْ مَنْ حَرَّمَ زِیْنَةَ اللّٰهِ الَّتِیْۤ اَخْرَجَ لِعِبَادِهٖ وَالطَّیِّبٰتِ مِنَ الرِّزْقِ ؕ قُلْ هِیَ لِلَّذِیْنَ اٰمَنُوْا فِی الْحَیٰوةِ الدُّنْیَا خَالِصَةً یَّوْمَ الْقِیٰمَةِ ؕ كَذٰلِكَ نُفَصِّلُ الْاٰیٰتِ لِقَوْمٍ یَّعْلَمُوْنَ ۟","assameseTranslation":"কোৱা, ‘আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেইবোৰক কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত আৰু বিশেষকৈ ক্বিয়ামতৰ দিনা এইবোৰ হৈছে তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰোঁ।","footnotes":"","tafseer":"হে ৰাছুল! যিসকল মুশ্বৰিকে আল্লাহে হালাল কৰা খোৱা বস্তু আৰু বস্ত্ৰ আদিক হাৰাম বুলি কয়, সিহঁতৰ ধাৰণাৰ খণ্ডন কৰি সিহঁতক কৈ দিয়ক যে, তোমালোকৰ সৌন্দৰ্য বৃদ্ধি কৰা বস্ত্ৰবোৰক কোনে হাৰাম কৰিছে? লগতে পানাহাৰৰ সেই পৱিত্ৰ বস্তুবোৰক কোনে হাৰাম কৰিছে যিবোৰক আল্লাহে তোমালোকৰ বাবে জীৱিকা হিচাপে নিৰ্ধাৰণ কৰিছে? হে ৰাছুল! আপুনি কৈ দিয়ক যে, এই পৃথিৱীত এইবোৰ বস্তু মুমিনসকলেও উপভোগ কৰিব আৰু আন আন লোকসকলেও। কিন্তু আখিৰাতত কেৱল মুমিনসকলেহে উপভোগ কৰিব। তাত কাফিৰসকলৰ কোনো অংশ নাথাকিব। কিয়নো জান্নাত হৈছে কাফিৰসকলৰ ওপৰত হাৰাম। এই বিৱৰণৰ দৰেই আমি আয়াতসমূহক স্পষ্টভাৱে বৰ্ণনা কৰোঁ সেইসকল লোকৰ বাবে, যিসকলে উপলব্ধি কৰিব পাৰে, কিয়নো কেৱল তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007032.mp3"},{"index":"33","arabicText":"قُلْ اِنَّمَا حَرَّمَ رَبِّیَ الْفَوَاحِشَ مَا ظَهَرَ مِنْهَا وَمَا بَطَنَ وَالْاِثْمَ وَالْبَغْیَ بِغَیْرِ الْحَقِّ وَاَنْ تُشْرِكُوْا بِاللّٰهِ مَا لَمْ یُنَزِّلْ بِهٖ سُلْطٰنًا وَّاَنْ تَقُوْلُوْا عَلَی اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল- প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।","footnotes":"","tafseer":"আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক যিসকলে আল্লাহৰ হালাল বস্তুবোৰক হাৰাম বুলি কয়ঃ নিশ্চয় আল্লাহে বান্দাৰ ওপৰত অশ্লীলতাক হাৰাম কৰিছে, লগতে সকলো প্ৰকাৰ গুনাহ হাৰাম কৰিছে, সেয়া প্ৰকাশ্য হওক অথবা অপ্ৰকাশ্য। মানুহৰ প্ৰতি অন্যায় আৰু সিহঁতৰ প্ৰাণ, সম্পদ আৰু প্ৰতিষ্ঠাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাকো হাৰাম কৰিছে। লগতে তথ্যহীনভাৱে আল্লাহৰ লগত কাকো অংশী স্থাপন কৰাকো হাৰাম কৰিছে আৰু জ্ঞান অৰ্জন নকৰাকৈ আল্লাহৰ নামসমূহ, ছিফাতসমূহ (গুণসমূহ), কৰ্ম তথা তেওঁৰ চৰীয়ত সম্পৰ্কে কথা ক’বলৈও নিষিদ্ধ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007033.mp3"},{"index":"34","arabicText":"وَلِكُلِّ اُمَّةٍ اَجَلٌ ۚ فَاِذَا جَآءَ اَجَلُهُمْ لَا یَسْتَاْخِرُوْنَ سَاعَةً وَّلَا یَسْتَقْدِمُوْنَ ۟","assameseTranslation":"আৰু প্ৰত্যেক জাতিৰ বাবে এটা নিৰ্দিষ্ট সময় আছে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি পৰিব তেতিয়া সিহঁতে এক পল সময় পলমো কৰিব নোৱাৰিব আৰু এটা মুহূৰ্ত আগুৱাইও আনিব নোৱাৰিব।","footnotes":"","tafseer":"প্ৰত্যেক যুগ আৰু প্ৰজন্মৰ বাবে এটা নিৰ্ধাৰিত সময় আছে। যেতিয়া সেই নিৰ্ধাৰিত সময় শেষ হৈ যায়, তেতিয়া তাৰ পৰা অকণো পিছোৱাবও নোৱাৰে আৰু অলপ আগুৱাবও নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007034.mp3"},{"index":"35","arabicText":"یٰبَنِیْۤ اٰدَمَ اِمَّا یَاْتِیَنَّكُمْ رُسُلٌ مِّنْكُمْ یَقُصُّوْنَ عَلَیْكُمْ اٰیٰتِیْ ۙ فَمَنِ اتَّقٰی وَاَصْلَحَ فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟","assameseTranslation":"হে আদম সন্তান! যেতিয়া তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহি আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব।","footnotes":"","tafseer":"হে আদম সন্তান! যেতিয়া তোমালোকৰ ওচৰলৈ মোৰ ৰাছুলসকল আহিব, আৰু তেওঁলোকে তোমালোকৰ সম্প্ৰদায়ৰ মাজৰ পৰাই হ'ব আৰু তেওঁলোকে তোমালোকক সেই গ্ৰন্থ পাঠ কৰি শুনাব, যিখন তেওঁলোকৰ ওপৰত অৱতীৰ্ণ হৈছে, তেতিয়া তোমালোকে সেইখন মানি চলিবা আৰু তেওঁলোকৰ অনুসৰণ কৰিবা। যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব, লগতে নিজৰ আমলসমূহ সংশোধন কৰিব, ক্বিয়ামতৰ দিনা তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীৰ আনন্দ উপভোগ কৰিব নোৱাৰাৰ কাৰণে কোনো চিন্তাও নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007035.mp3"},{"index":"36","arabicText":"وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَاسْتَكْبَرُوْا عَنْهَاۤ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু এই বিষয়ত অহংকাৰ কৰিছে, সিহঁতেই অগ্নিবাসী, তাত সিহঁত চিৰকাল থাকিব।","footnotes":"","tafseer":"আনহাতে যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু তাৰ প্ৰতি ঈমান পোষণ কৰা নাই লগতে অহংকাৰ কৰি ৰাছুলে লৈ অহা চৰীয়ত মুতাবিক আমলো কৰা নাই, সেইসকল লোক চিৰস্থায়ী জাহান্নামী হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007036.mp3"},{"index":"37","arabicText":"فَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا اَوْ كَذَّبَ بِاٰیٰتِهٖ ؕ اُولٰٓىِٕكَ یَنَالُهُمْ نَصِیْبُهُمْ مِّنَ الْكِتٰبِ ؕ حَتّٰۤی اِذَا جَآءَتْهُمْ رُسُلُنَا یَتَوَفَّوْنَهُمْ ۙ قَالُوْۤا اَیْنَ مَا كُنْتُمْ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ ؕ قَالُوْا ضَلُّوْا عَنَّا وَشَهِدُوْا عَلٰۤی اَنْفُسِهِمْ اَنَّهُمْ كَانُوْا كٰفِرِیْنَ ۟","assameseTranslation":"এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতৰ ভাগ্যত লিখিত অংশ সিহঁতে পাবই। অৱশেষত যেতিয়া আমাৰ ফিৰিস্তাসকল সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰাণ হৰণ কৰাৰ বাবে আহিব, তেতিয়া তেওঁলোকে সুধিব, ‘আল্লাহৰ বাহিৰে যিসকলক তোমালোকে আহ্বান কৰিছিলা সিহঁত এতিয়া ক’ত’? সিহঁতে ক’ব, ‘সিহঁত আমাৰ পৰা উধাও হৈছে’, আৰু সিহঁতে নিজেই নিজৰ বিপক্ষে সাক্ষী দিব যে, নিশ্চয় সিহঁত কাফিৰ আছিল।","footnotes":"","tafseer":"সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰি আল্লাহৰ সমকক্ষ স্থিৰ কৰে, অথবা তেওঁৰ অপূৰ্ণতাৰ দাবী কৰে নাইবা এনেকুৱা কোনো কথা কয়, যিটো তেওঁ কোৱা নাই। অথবা তেওঁৰ স্পষ্ট তথা সঠিক পথ দেখুৱা নিদৰ্শনসমূহক অস্বীকাৰ কৰে। এইসকল লোকে মঙ্গল অমঙ্গল সকলো উপভোগ কৰিব, যিবোৰ লৌহে মাহফুজত সিহঁতৰ বাবে লিপিবদ্ধ কৰা হৈছে। কিন্তু যেতিয়া মৃত্যুৰ ফিৰিস্তাই তেওঁৰ সহায়ক ফিৰিস্তাসকলৰ লগত তাৰ প্ৰাণ হৰণ কৰিবলৈ তাৰ ওচৰত আহি উপস্থিত হ'ব, তেতিয়া তেওঁলোকে তাক ভৰ্ৎসনা কৰি ক'বঃ তুমি যিবোৰ উপাস্যৰ উপাসনা কৰিছিলা সেইবোৰ এতিয়া ক’ত? আহ্বান কৰা সিহঁতক, যাতে তোমাৰ উপকাৰ হয়। মুশ্বৰিকসকলে তেতিয়া ফিৰিস্তাসকলক ক'বঃ আমাৰ সকলো উপাস্য পলায়ন কৰিছে যিবোৰৰ আমি উপাসনা কৰিছিলোঁ। আমি নাজানো সিহঁত এতিয়া ক'ত আছে, আৰু সিহঁতে নিজেই স্বীকাৰ কৰিব যে, সিহঁত কাফিৰ আছিল। কিন্তু সিহঁতৰ এই স্বীকাৰোক্তি সিহঁতৰ বিৰুদ্ধেই প্ৰমাণ সাব্যস্ত হ'ব, আৰু ইয়াৰ দ্বাৰা সিহঁতৰ একো উপকাৰ সাধন নহ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007037.mp3"},{"index":"38","arabicText":"قَالَ ادْخُلُوْا فِیْۤ اُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِكُمْ مِّنَ الْجِنِّ وَالْاِنْسِ فِی النَّارِ ؕ كُلَّمَا دَخَلَتْ اُمَّةٌ لَّعَنَتْ اُخْتَهَا ؕ حَتّٰۤی اِذَا ادَّارَكُوْا فِیْهَا جَمِیْعًا ۙ قَالَتْ اُخْرٰىهُمْ لِاُوْلٰىهُمْ رَبَّنَا هٰۤؤُلَآءِ اَضَلُّوْنَا فَاٰتِهِمْ عَذَابًا ضِعْفًا مِّنَ النَّارِ ؕ۬ قَالَ لِكُلٍّ ضِعْفٌ وَّلٰكِنْ لَّا تَعْلَمُوْنَ ۟","assameseTranslation":"আল্লাহে ক’ব, ‘তোমালোকৰ পূৰ্বে যিসকল জ্বিন আৰু মানৱদল পাৰ হৈছে সিহঁতৰ সৈতে তোমালোকেও জুইত প্ৰৱেশ কৰা’। যেতিয়াই কোনো দল তাত প্ৰৱেশ কৰিব তেতিয়াই আন দলক সিহঁতে অভিসম্পাত কৰিব। অৱশেষত যেতিয়া সিহঁত সকলোৱে তাত একত্ৰিত হ’ব, তেতিয়া সিহঁতৰ পৰবৰ্তীসকলে পূৰ্বৱৰ্তীসকলৰ বিষয়ে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই আমাক বিভ্ৰান্ত কৰিছিল; গতিকে ইহঁতক তুমি দ্বিগুণ জুইৰ শাস্তি দিয়া’। আল্লাহে ক’ব, ‘প্ৰত্যেকৰে বাবে আছে দ্বিগুণ শাস্তি কিন্তু তোমালোকে নাজানা’।","footnotes":"","tafseer":"ফিৰিস্তাই সিহঁতক ক'বঃ হে মুশ্বৰিকসকল! মানৱ তথা জিনসকলৰ মাজৰ যিবোৰে তোমালোকৰ পূৰ্বে কুফৰ তথা পথভ্ৰষ্টতাৰ পথত পৰিচালিত হৈছিল, সিহঁতৰ সৈতে তোমালোকেও জাহান্নামত প্ৰৱেশ কৰা, তাত যেতিয়াই কোনো জাতিয়ে প্ৰৱেশ কৰিব, তেতিয়া সিহঁতে তাৰ পূৰ্বৱৰ্তী জাতিক অভিশাপ কৰিব। অৱশেষত সিহঁত সকলোৱে যেতিয়া একত্ৰিত হ'ব, তেতিয়া পিছত প্ৰৱেশকাৰীসকলে (অনুসাৰী তথা নিম্নবৰ্গৰ লোকসকলে) আগত প্ৰৱেশকাৰী (নেতা তথা প্ৰধান)সকলৰ বিষয়ে ক'বঃ হে আমাৰ প্ৰতিপালক! এইসকল নেতাই আমাক সঠিক পথৰ পৰা পথভ্ৰষ্ট কৰিছিল, এতেকে যিহেতু ইহঁতে আমাক পথভ্ৰষ্ট কৰিছিল, ফলত ইহঁতক দ্বিগুণ শাস্তি দিয়ক। আল্লাহে ক'বঃ প্ৰত্যেক দলেই দ্বিগুণ শাস্তি উপভোগ কৰিব, কিন্তু তোমালোকে সেয়া নাজানা আৰু উপলব্ধিও কৰিব পৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007038.mp3"},{"index":"39","arabicText":"وَقَالَتْ اُوْلٰىهُمْ لِاُخْرٰىهُمْ فَمَا كَانَ لَكُمْ عَلَیْنَا مِنْ فَضْلٍ فَذُوْقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْسِبُوْنَ ۟۠","assameseTranslation":"আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলে পৰবৰ্তীসকলক ক’ব, আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব নাই, গতিকে তোমালোকে যি অৰ্জন কৰিছিলা তাৰ বাবে এতিয়া শাস্তি ভোগ কৰা’।","footnotes":"","tafseer":"নেতাসকলে অনুসাৰীসকলক উদ্দেশ্যি ক'বঃ হে অনুসাৰীসকল! আমাৰ ওপৰত তোমালোকৰ কোনো প্ৰাধান্যতা নাই, যাৰ ফলত তোমালোকৰ শাস্তি হ্ৰাস কৰা হ’ব। ইয়াত কেৱল কৰ্ম অনুসাৰেহে ফল পোৱা যায়। অসত্যক অনুসৰণ কৰি আহি ইয়াত কোনো ওজৰ-আপত্তি কামত নাহিব। এতেকে আমাৰ দৰে তোমালোকেও শাস্তিৰ সোৱাদ উপভোগ কৰা, সেই কুফৰ তথা গুনাহৰ পৰিণামস্বৰূপে, যিবোৰ তোমালোকে কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007039.mp3"},{"index":"40","arabicText":"اِنَّ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَاسْتَكْبَرُوْا عَنْهَا لَا تُفَتَّحُ لَهُمْ اَبْوَابُ السَّمَآءِ وَلَا یَدْخُلُوْنَ الْجَنَّةَ حَتّٰی یَلِجَ الْجَمَلُ فِیْ سَمِّ الْخِیَاطِ ؕ وَكَذٰلِكَ نَجْزِی الْمُجْرِمِیْنَ ۟","assameseTranslation":"নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু এই বিষয়ত অহংকাৰ কৰিছে, সিহঁতৰ বাবে আকাশৰ দুৱাৰ খোলা নহ’ব আৰু সিহঁতে জান্নাততো প্ৰৱেশ কৰিব নোৱাৰিব যেতিয়ালৈকে উট বেজীৰ জলাৰে নোসোমাব। এইদৰেই আমি অপৰাধীসকলক প্ৰতিফল দিওঁ।","footnotes":"","tafseer":"যিসকলে আমাৰ স্পষ্ট আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু আৰু সেইবোৰৰ মতে আমল কৰিবলৈ অহংকাৰ কৰিছে, সিহঁত সকলো ধৰণৰ কল্যাণৰ পৰা নিৰাশ হৈছে। কুফৰ কৰাৰ কাৰণে সিহঁতৰ বাবে আকাশৰ দুৱাৰো খোলা নহ'ব আৰু যেতিয়া মৃত্যুবৰণ কৰিব তেতিয়া সিহঁতৰ আত্মাৰ বাবেও খোলা নহ'ব। সিহঁতে তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব যেতিয়ালৈকে উট (যিটো ডাঙৰ জন্তু) বেজীৰ জলাৰে (যিহেতু এইটো নিচেই সংকীৰ্ণ পথ) নোসোমায়। নিশ্চিতভাৱে এয়া অসম্ভৱ। এইদৰে সিহঁতে জান্নাতত প্ৰৱেশ কৰাটোও অসম্ভৱ বিষয়। এইদৰেই আল্লাহে মহা পাপিষ্ঠসকলক শাস্তি প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007040.mp3"},{"index":"41","arabicText":"لَهُمْ مِّنْ جَهَنَّمَ مِهَادٌ وَّمِنْ فَوْقِهِمْ غَوَاشٍ ؕ وَكَذٰلِكَ نَجْزِی الظّٰلِمِیْنَ ۟","assameseTranslation":"সিহঁতৰ শয্যা হ’ব জাহান্নাম আৰু সিহঁতৰ ওপৰতো থাকিব জুইৰ আৱৰণ; আৰু এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।","footnotes":"","tafseer":"এই অস্বীকাৰকাৰী অহংকাৰীসকলৰ বাবে জাহান্নামত থাকিব জুইৰ বিছনা আৰু তাত থাকিব জুইৰ চাদৰ। এনেকুৱা শাস্তি আমি সেইসকল কাফিৰক প্ৰদান কৰোঁ, যিসকলে আল্লাহক অস্বীকাৰ কৰি তেওঁৰ পৰা বিমুখ হৈ তেওঁৰ সীমালঙ্ঘন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007041.mp3"},{"index":"42","arabicText":"وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَا نُكَلِّفُ نَفْسًا اِلَّا وُسْعَهَاۤ ؗ اُولٰٓىِٕكَ اَصْحٰبُ الْجَنَّةِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আমি কাৰো ওপৰত তাৰ ক্ষমতাৰ অতিৰিক্ত বোজা অৰ্পন নকৰোঁ- তেওঁলোকেই জান্নাতবাসী, তাত তেওঁলোক স্থায়ী হ’ব।","footnotes":"","tafseer":"যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু সক্ষম অনুযায়ী নেক আমল কৰিছে (যদিও আল্লাহে কোনো বান্দাক সাধ্যাতীত বোজা বহণৰ আদেশ নিদিয়ে), সেইসকল লোকেই হৈছে জান্নাতৰ অধিবাসী, য’ত তেওঁলোকে চিৰকাল থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007042.mp3"},{"index":"43","arabicText":"وَنَزَعْنَا مَا فِیْ صُدُوْرِهِمْ مِّنْ غِلٍّ تَجْرِیْ مِنْ تَحْتِهِمُ الْاَنْهٰرُ ۚ وَقَالُوا الْحَمْدُ لِلّٰهِ الَّذِیْ هَدٰىنَا لِهٰذَا ۫ وَمَا كُنَّا لِنَهْتَدِیَ لَوْلَاۤ اَنْ هَدٰىنَا اللّٰهُ ۚ لَقَدْ جَآءَتْ رُسُلُ رَبِّنَا بِالْحَقِّ ؕ وَنُوْدُوْۤا اَنْ تِلْكُمُ الْجَنَّةُ اُوْرِثْتُمُوْهَا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟","assameseTranslation":"আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা ঈৰ্ষা দূৰ কৰিম, তেওঁলোকৰ তলত নদীসমূহ প্ৰবাহিত হ’ব। তেওঁলোকে ক’ব, ‘যাৱতীয় প্ৰশংসা আল্লাহৰ বাবে যিজনে আমাক এই পথৰ হিদায়ত কৰিছে। আল্লাহে আমাক হিদায়ত নকৰিলে, আমি কেতিয়াও হিদায়ত নাপালোঁহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল’। তেওঁলোকক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।","footnotes":"","tafseer":"জান্নাতত তেওঁলোকে যি অনুগ্ৰহ লাভ কৰিব, তাৰ ভিতৰত এইটোও থাকিব যে, আল্লাহে তেওঁলোকৰ অন্তৰৰ পৰা হিংসা, বিদ্বেষ আদি আঁতৰাই দিব, আৰু তেওঁলোকৰ তলত নিজৰা প্ৰবাহিত কৰিব। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ স্বীকাৰ কৰি ক'বঃ সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে যিয়ে আমাক সত্কৰ্ম কৰিবলৈ তাওফীক দান কৰিছে আৰু এই মৰ্যাদা প্ৰদান কৰিছে। আল্লাহে তাওফীক প্ৰদান নকৰিলে আমি একোৱেই কৰিব নোৱাৰিলোঁহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে যি বাৰ্তা লৈ আহিছিল, তাত কোনো ধৰণৰ সন্দেহ সংশয়ৰ অৱকাশ নাছিল, লগতে প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণীৰ ক্ষেত্ৰত আছিল সত্যবাদী। ইয়াৰ পিছত এজন আহ্বানকাৰীয়ে মাতি ক'বঃ এইটোৱে হৈছে সেই জান্নাত, যিটোৰ কথা আমাৰ ৰাছুলসকলে তোমালোকক কৈছিল। আল্লাহে তোমালোকক এই জান্নাত সেইসমূহ নেক কৰ্মৰ বিনিময়ত দান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে আল্লাহৰ সন্তুষ্টি বিচাৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007043.mp3"},{"index":"44","arabicText":"وَنَادٰۤی اَصْحٰبُ الْجَنَّةِ اَصْحٰبَ النَّارِ اَنْ قَدْ وَجَدْنَا مَا وَعَدَنَا رَبُّنَا حَقًّا فَهَلْ وَجَدْتُّمْ مَّا وَعَدَ رَبُّكُمْ حَقًّا ؕ قَالُوْا نَعَمْ ۚ فَاَذَّنَ مُؤَذِّنٌ بَیْنَهُمْ اَنْ لَّعْنَةُ اللّٰهِ عَلَی الظّٰلِمِیْنَ ۟ۙ","assameseTranslation":"আৰু জান্নাতীসকলে জাহান্নামীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ প্ৰতিপালকে আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছিল সেয়া আমি সঁচাকৈয়ে পাইছোঁ। কিন্তু তোমালোকৰ প্ৰতিপালকে তোমালোকক যি প্ৰতিশ্ৰুতি দিছিল সেয়া তোমালোকে সঁচাকৈয়ে পাইছানে? সিহঁতে ক’ব, ‘হয়’। তাৰ পিছত এজন ঘোষণাকাৰীয়ে সিহঁতৰ মাজত ঘোষণা কৰি ক’ব, ‘যালিমসকলৰ ওপৰত আল্লাহৰ লানত--","footnotes":"","tafseer":"যেতিয়া জান্নাতিসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া জান্নাতিসকলে জাহান্নামীসকলক মাতি ক'বঃ আমাৰ প্ৰতিপালকে আমাক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছিল, আমি সেয়া লাভ কৰিছোঁ। হে কাফিৰসকল! তোমালোকেও জাহান্নামৰ সতৰ্কবাণীক সত্য বুলি পতিয়ন গৈছানে? কাফিৰসকলে ক'বঃ অৱশ্যে আমিও সেই প্ৰতিশ্ৰুতি সত্য বুলি গম পালোঁ। তেতিয়া কোনো এজন আহ্বানকাৰীয়ে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি ক'ব, তেওঁ যেন যালিমসকলক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই ৰাখে, কিয়নো পৃথিৱীত তেওঁ সিহঁতৰ বাবে তেওঁৰ ৰহমতৰ দুৱাৰ খুলি থৈছিল, তথাপিও সিহঁতে তাৰ পৰা বিমুখ হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007044.mp3"},{"index":"45","arabicText":"الَّذِیْنَ یَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَیَبْغُوْنَهَا عِوَجًا ۚ وَهُمْ بِالْاٰخِرَةِ كٰفِرُوْنَ ۟ۘ","assameseTranslation":"‘যিসকলে আল্লাহৰ পথত (মানুহক) বাধা প্ৰদান কৰিছিল আৰু সেই পথত বক্ৰতা অনুসন্ধান কৰি ফুৰিছিল; আৰু সিহঁত আছিল আখিৰাতক অস্বীকাৰকাৰী’।","footnotes":"","tafseer":"এইসকল যালিমে নিজেও আল্লাহৰ পথৰ পৰা আঁতৰি আছিল আৰু আনকো তাৰ পৰা বিমুখ হোৱাৰ প্ৰেৰণা যোগাইছিল, আৰু এই প্ৰত্যাশা কৰিছিল যে, সত্যৰ পথ বক্ৰ হৈ যাওক, যাতে মানুহে তাত পৰিচালিত হ'ব নোৱাৰে। ইহঁতে আখিৰাতক অস্বীকাৰ কৰিছিল আৰু আখিৰাতৰ বাবে কোনো প্ৰস্তুতি গ্ৰহণ কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007045.mp3"},{"index":"46","arabicText":"وَبَیْنَهُمَا حِجَابٌ ۚ وَعَلَی الْاَعْرَافِ رِجَالٌ یَّعْرِفُوْنَ كُلًّا بِسِیْمٰىهُمْ ۚ وَنَادَوْا اَصْحٰبَ الْجَنَّةِ اَنْ سَلٰمٌ عَلَیْكُمْ ۫ لَمْ یَدْخُلُوْهَا وَهُمْ یَطْمَعُوْنَ ۟","assameseTranslation":"আৰু সিহঁত উভয়ৰে মাজত থাকিব পৰ্দা, লগতে আ’ৰাফৰ মাজত থাকিব কিছুমান লোক, যিসকলে প্ৰত্যেককে তাৰ লক্ষণৰ দ্বাৰা চিনি পাব। তেওঁলোকে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘ছালাম বৰ্ষিত হওক আপোনালোকৰ ওপৰত’। তেওঁলোক তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰা নাই কিন্তু প্ৰৱেশৰ আকাংক্ষাত আছে।","footnotes":"","tafseer":"জান্নাতী তথা জাহান্নামীসকলৰ মাজত থাকিব এটা সুউচ্চ বেৰ, যাৰ নাম হৈছে আ’ৰাফ, আৰু সেই সুউচ্চ দেৱালৰ ওপৰত থাকিব কিছুমান লোক, যিসকলৰ পাপ আৰু পূণ্য হ'ব সমান। তেওঁলোকে জান্নাতীসকলক তেওঁলোকৰ চিহ্নৰ দ্বাৰা চিনি পাব, (যেনেঃ মুখমণ্ডলৰ উজ্জলতা), আৰু জাহান্নামীসকলক সিহঁতৰ মুখমণ্ডল ক'লা পৰি যোৱাৰ ফলত চিনি পাব। আৰাফৰ অধিবাসীসকলে জান্নাতীসকলক সন্মান সহকাৰে মাতি ক'বঃ আপোনালোকৰ ওপৰত শান্তি বৰ্ষিত হওক। আৰাফৰ অধিবাসীসকলে তেতিয়া জান্নাতত প্ৰৱেশ কৰাই নাই, তেওঁলোকে আল্লাহৰ ৰহমতত তাত প্ৰৱেশ কৰাৰ অপেক্ষাত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007046.mp3"},{"index":"47","arabicText":"وَاِذَا صُرِفَتْ اَبْصَارُهُمْ تِلْقَآءَ اَصْحٰبِ النَّارِ ۙ قَالُوْا رَبَّنَا لَا تَجْعَلْنَا مَعَ الْقَوْمِ الظّٰلِمِیْنَ ۟۠","assameseTranslation":"আৰু যেতিয়া তেওঁলোকৰ দৃষ্টি জাহান্নামীসকলৰ ফালে ঘূৰাই দিয়া হ’ব, তেতিয়া তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাক কেতিয়াও যালিম সম্প্ৰদায়ৰ সঙ্গী নকৰিবা’।","footnotes":"","tafseer":"আৰু যেতিয়া আৰাফৰ অধিবাসীসকলৰ চকু জাহান্নামীসকলৰ পিনে ঘূৰাই দিয়া হ'ব, তেওঁলোকে যেতিয়া সিহঁতক কঠিন শাস্তিৰ মাজত দেখিব, তেতিয়া তেওঁলোকে আল্লাহৰ ওচৰত দুআ কৰি ক'বঃ হে আমাৰ প্ৰতিপালক! কুফুৰী তথা শ্বিৰ্ক কৰা এইসকল কাফিৰৰ সঙ্গী তুমি আমাক নবনাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007047.mp3"},{"index":"48","arabicText":"وَنَادٰۤی اَصْحٰبُ الْاَعْرَافِ رِجَالًا یَّعْرِفُوْنَهُمْ بِسِیْمٰىهُمْ قَالُوْا مَاۤ اَغْنٰی عَنْكُمْ جَمْعُكُمْ وَمَا كُنْتُمْ تَسْتَكْبِرُوْنَ ۟","assameseTranslation":"আৰু আ’ৰাফৰ অধিবাসীসকলে এনেকুৱা কিছুমান লোকক মাতিব, যিসকলক তেওঁলোকে সিহঁতৰ লক্ষণৰ দ্বাৰা চিনি পাব। তেওঁলোকে ক’ব, ‘তোমালোকৰ দল আৰু তোমালোকৰ অহংকাৰ কোনো কামত নাহিল’।","footnotes":"","tafseer":"আৰু আৰাফৰ অধিবাসীসকলে কিছুমান জাহান্নামী কাফিৰক মাতি ক'ব, যিসকলক তেওঁলোকে সিহঁতৰ ক’লা পৰি যোৱা মুখমণ্ডল আৰু নীলা চকুৰ দ্বাৰা চিনি পাব। সিহঁতক ক'বঃ তোমালোকৰ বিশাল সা-সম্পত্তি আৰু জনবলে কোনো উপকাৰ কৰিব নোৱাৰিলে, লগতে তোমালোকে অহংকাৰ আৰু সত্যৰ পৰা বিমুখ হোৱাৰ পিছতো একো লাভ কৰিব নোৱাৰিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007048.mp3"},{"index":"49","arabicText":"اَهٰۤؤُلَآءِ الَّذِیْنَ اَقْسَمْتُمْ لَا یَنَالُهُمُ اللّٰهُ بِرَحْمَةٍ ؕ اُدْخُلُوا الْجَنَّةَ لَا خَوْفٌ عَلَیْكُمْ وَلَاۤ اَنْتُمْ تَحْزَنُوْنَ ۟","assameseTranslation":"চোৱাচোন! এওঁলোকেই সেইসকল লোকনে? যিসকলৰ বিষয়ে তোমালোকে শপত খাই কৈছিলা যে, ‘আল্লাহে তেওঁলোকক ৰহমত নকৰিব’; (এওঁলোককেই কোৱা হ’ব) ‘তোমালোকে জান্নাতত প্ৰৱেশ কৰা, তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা’।","footnotes":"","tafseer":"আল্লাহে কাফিৰসকলক ভৰ্ৎসনা কৰি ক'বঃ এওঁলোকৰ বিষয়েই তোমালোকে শপত খাই কৈছিলা নেকি যে, আল্লাহে কেতিয়াও এওঁলোকৰ প্ৰতি কৃপা নকৰিব? তেতিয়া আল্লাহে মুমিনসকলক ক'বঃ হে মুমিনসকল! তোমালোকে জান্নাতত প্ৰৱেশ কৰা। তোমালোকে কোনো ধৰণৰ ভয়ৰ সন্মুখীন নহ'বা, আৰু পৃথিৱী এৰি অহাৰো কোনো চিন্তা নহ'ব। কিয়নো তোমালোকে চিৰস্থায়ী অনুগ্ৰহসমূহ লাভ কৰিছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007049.mp3"},{"index":"50","arabicText":"وَنَادٰۤی اَصْحٰبُ النَّارِ اَصْحٰبَ الْجَنَّةِ اَنْ اَفِیْضُوْا عَلَیْنَا مِنَ الْمَآءِ اَوْ مِمَّا رَزَقَكُمُ اللّٰهُ ؕ قَالُوْۤا اِنَّ اللّٰهَ حَرَّمَهُمَا عَلَی الْكٰفِرِیْنَ ۟ۙ","assameseTranslation":"জাহান্নামীসকলে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ ওপৰত অকণমান পানী ঢালি দিয়া, নাইবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা অলপ দিয়া’। তেওঁলোকে ক’ব, ‘নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে এই দুটা হাৰাম কৰিছে’।","footnotes":"","tafseer":"জাহান্নামীসকলে জান্নাতীসকলক মাতি অনুৰোধ কৰিব যে, হে জান্নাতৰ অধিবাসীসকল! আমাৰ ওপৰত অলপ পানী ঢালি দিয়া অথবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা আমাক অলপ দান কৰা। জান্নাতীসকলে ক'বঃ নিশ্চয় আল্লাহে এই দুয়োটা বস্তু কাফিৰসকলৰ ওপৰত সিহঁতৰ কুফৰৰ কাৰণে হাৰাম কৰি দিছে আৰু যিটোক আল্লাহে হাৰাম কৰিছে আমি সেইটো তোমালোকক দিব নোৱাৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007050.mp3"},{"index":"51","arabicText":"الَّذِیْنَ اتَّخَذُوْا دِیْنَهُمْ لَهْوًا وَّلَعِبًا وَّغَرَّتْهُمُ الْحَیٰوةُ الدُّنْیَا ۚ فَالْیَوْمَ نَنْسٰىهُمْ كَمَا نَسُوْا لِقَآءَ یَوْمِهِمْ هٰذَا ۙ وَمَا كَانُوْا بِاٰیٰتِنَا یَجْحَدُوْنَ ۟","assameseTranslation":"যিসকলে নিজৰ ধৰ্মক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছিল, আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছিল। এতেকে আজি আমি সিহঁতক (জাহান্নামত) এৰি দিম, যেনেকৈ সিহঁতে সিহঁতৰ এই দিৱসৰ সাক্ষাতৰ বাবে আমল কৰা এৰি দিছিল, আৰু (যেনেকৈ) সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল।","footnotes":"","tafseer":"এইসকল কাফিৰেই ধৰ্মক লৈ উপহাস কৰিছিল, আৰু অপ্ৰয়োজনীয় বুলি কৈছিল, পৃথিৱীৰ ৰঙীণতা আৰু সৌন্দৰ্যত মতলীয়া হৈছিল। সেয়ে ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতক আওকাণ কৰিব আৰু শাস্তি উপভোগ কৰিবলৈ এৰি দিব, যিদৰে সিহঁতে ক্বিয়ামত দিৱসক পাহৰি আছিল। সেই দিৱসৰ বাবে সিহঁতে কোনো কৰ্মও কৰা নাছিল আৰু কোনো প্ৰস্তুতিও লোৱা নাছিল। এই কাৰণেও যে, সিহঁতে আল্লাহৰ স্পষ্ট প্ৰমাণসমূহক অস্বীকাৰ কৰিছিল, যদিও সিহঁতে ভালদৰে জানিছিল যে, এয়া সত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007051.mp3"},{"index":"52","arabicText":"وَلَقَدْ جِئْنٰهُمْ بِكِتٰبٍ فَصَّلْنٰهُ عَلٰی عِلْمٍ هُدًی وَّرَحْمَةً لِّقَوْمٍ یُّؤْمِنُوْنَ ۟","assameseTranslation":"নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা এখন কিতাব আনিছোঁ, যিখনক আমি জ্ঞানৰ দ্বাৰা বিশদভাৱে ব্যাখ্যা কৰিছোঁ, আৰু সেইখন হৈছে মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ।","footnotes":"","tafseer":"আমি এই কোৰআন সিহঁতক প্ৰদান কৰিছোঁ, এইখন হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এখন গ্ৰন্থ। আমি আমাৰ জ্ঞানৰ দ্বাৰা ইয়াক বিস্তাৰিতভাৱে বৰ্ণনা কৰিছোঁ। এই গ্ৰন্থখনে মুমিনসকলক সত্য তথা হিদায়তৰ পথ দেখুৱায়। লগতে এইখন হৈছে মুমিনসকলৰ বাবে ৰহমত, কিয়নো ইয়াৰ মাজত আছে পৃথিৱী আৰু আখিৰাতৰ কল্যাণৰ দিশ নিৰ্দেশনা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007052.mp3"},{"index":"53","arabicText":"هَلْ یَنْظُرُوْنَ اِلَّا تَاْوِیْلَهٗ ؕ یَوْمَ یَاْتِیْ تَاْوِیْلُهٗ یَقُوْلُ الَّذِیْنَ نَسُوْهُ مِنْ قَبْلُ قَدْ جَآءَتْ رُسُلُ رَبِّنَا بِالْحَقِّ ۚ فَهَلْ لَّنَا مِنْ شُفَعَآءَ فَیَشْفَعُوْا لَنَاۤ اَوْ نُرَدُّ فَنَعْمَلَ غَیْرَ الَّذِیْ كُنَّا نَعْمَلُ ؕ قَدْ خَسِرُوْۤا اَنْفُسَهُمْ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟۠","assameseTranslation":"সিহঁতে কেৱল সেই পৰিণামৰ (সংবাদ-সত্যতা বা কিয়ামতৰ) অপেক্ষাত আছে নেকি? যিদিনাখন সেই পৰিণাম প্ৰকাশ পাব, সেইদিনা যিসকলে আগতে ইয়াৰ কথা পাহৰি গৈছিল, সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য বাণী লৈ আহিছিল, আমাৰ বাবে এনে কোনো চুপাৰিছকাৰী আছে নেকি যিয়ে আমাৰ বাবে চুপাৰিছ কৰিব অথবা আমাক আকৌ উভতি যোৱাৰ অৱকাশ দিয়া হ’বনে—যাতে আমি আগতে যি কৰিছোঁ তাতকৈ বেলেগ কিবা কৰিব পাৰোঁ’? নিশ্চয় সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যি মিছা ৰচনা কৰিছিল, সেয়া সিহঁতৰ পৰা বিলুপ্ত হৈ গৈছে।","footnotes":"","tafseer":"কাফিৰসকলে সেই কষ্টদায়ক শাস্তিৰ অপেক্ষা কৰি আছে, যিটো আহিব বুলি সিহঁতক সতৰ্ক কৰা হৈছে। সেইটো হৈছে দৰাচলতে সিহঁতৰ আমলৰ চূড়ান্ত পৰিণাম যিটো আখিৰাতত দিয়া হ'ব। যিদিনা সেই শাস্তি আহিব, যিটোৰ বিষয়ে সিহঁতক জনোৱা হৈছে আৰু সেই প্ৰতিদানো সন্মুখত পাব যিটো মুমিনসকলে পাব। তেতিয়া সেইসকল লোকে কব যিসকলে পৃথিৱীত কোৰআনক অৱজ্ঞা কৰিছিল আৰু কোৰআনৰ মতে আমল কৰা নাছিলঃ নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল, যাৰ মাজত কোনো সন্দেহ নাছিল আৰু সেইটো নিশ্চিতৰূপে আল্লাহৰ ফালৰ পৰা আছিল। হায়! আজি যদি কোনোবাই আমাৰ বাবে আল্লাহৰ ওচৰত শাস্তিৰ পৰা মুক্তিৰ কাৰণে ছুপাৰিছ কৰিলেহেঁতেন! অথবা আমাক যদি দুনাই পৃথিৱীলৈ যোৱাৰ সুযোগ দিলেহেঁতেন তেন্তে আমি অসৎকৰ্মৰ পৰিবৰ্তে সৎকৰ্ম কৰিলোঁহেঁতেন, ফলত আমি এই শাস্তিৰ পৰা মুক্তি পালোঁহেঁতেন। এইসকল কাফিৰে কুফুৰী কৰাৰ ফলত নিজকে ধ্বংস আৰু ক্ষতিগ্ৰস্ত কৰিছে, আৰু আল্লাহৰ বাহিৰে সিহঁতে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰও আজি নিৰুদ্দেশ হৈছে, সিহঁতৰ একোৱে উপকাৰ কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007053.mp3"},{"index":"54","arabicText":"اِنَّ رَبَّكُمُ اللّٰهُ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ فِیْ سِتَّةِ اَیَّامٍ ثُمَّ اسْتَوٰی عَلَی الْعَرْشِ ۫ یُغْشِی الَّیْلَ النَّهَارَ یَطْلُبُهٗ حَثِیْثًا ۙ وَّالشَّمْسَ وَالْقَمَرَ وَالنُّجُوْمَ مُسَخَّرٰتٍۭ بِاَمْرِهٖ ؕ اَلَا لَهُ الْخَلْقُ وَالْاَمْرُ ؕ تَبٰرَكَ اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟","assameseTranslation":"নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। সেইবোৰৰ এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। (লগতে তেৱেঁই সৃষ্টি কৰিছে) সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহক, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। বিশ্বজগতৰ প্ৰতিপালক আল্লাহ মহা বৰকতময়!","footnotes":"","tafseer":"হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে সেই আল্লাহ, যিয়ে আকাশমণ্ডল তথা পৃথিৱীক পূৰ্বৰ কোনো উপমা নোহোৱাকৈয়ে ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ নিজৰ মৰ্যাদানুসাৰে আৰশ্বৰ ওপৰত উঠিছে। ইয়াৰ ধৰণ সম্পৰ্কে আমি জ্ঞাত নহয়। তেৱেঁই দিনৰ পোহৰৰ পৰা ৰাতিৰ অন্ধকাৰক আৰু ৰাতিৰ অন্ধকাৰৰ পৰা দিনৰ পোহৰক আঁতৰাই দিয়ে। ৰাতি আৰু দিন উভয়ে, ইটোৱে সিটোক দ্ৰুত গতিত অনুসৰণ কৰি আছে। এটা যোৱাৰ লগে লগে দ্বিতীয়টো আহি পৰে। তেৱেঁই সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰ সৃষ্টি কৰিছে। তেওঁৰ আদেশতেই সকলো পৰিচালিত হৈ আছে। জানি থোৱা! সকলোৰে স্ৰষ্টা একমাত্ৰ আল্লাহ তাআলা। তেওঁৰ বাহিৰে আন কোনো স্ৰষ্টা আছেনে? আদেশ কেৱল তেওঁৰেই চলে। তেওঁৰ অনুগ্ৰহ তথা উপকাৰ অসীম। তেৱেঁই প্ৰতাপ আৰু পূৰ্ণতাৰ বিশেষণেৰে বিশেষিত। একমাত্ৰ তেৱেঁই বিশ্বজগতৰ প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007054.mp3"},{"index":"55","arabicText":"اُدْعُوْا رَبَّكُمْ تَضَرُّعًا وَّخُفْیَةً ؕ اِنَّهٗ لَا یُحِبُّ الْمُعْتَدِیْنَ ۟ۚ","assameseTranslation":"তোমালোকে বিনীতভাৱে আৰু গোপনে নিজ প্ৰতিপালকক আহ্বান কৰা; নিশ্চয় তেওঁ সীমালংঘনকাৰীসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতিপালকক অতি বিনম্ৰতা সহকাৰে আৰু গোপনে আহ্বান কৰা, একনিষ্ঠ হৈ কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা, মানুহক দেখুৱাবলৈ কৰা আমলৰ পৰা বিৰত থাকা, তেওঁৰ বাহিৰে আন কাৰো ওচৰতে প্ৰাৰ্থনা নকৰিবা। নিশ্চয় আল্লাহে সেইসকল ব্যক্তিক পছন্দ নকৰে যিসকলে দুআৰ ক্ষেত্ৰত সীমালঙ্ঘন কৰে। আটাইতকৈ ডাঙৰ সীমালঙ্ঘন হৈছে, দুআৰ ক্ষেত্ৰত আনক অংশীদাৰ স্থাপন কৰা, যিদৰে মুশ্বৰিকসকলে কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007055.mp3"},{"index":"56","arabicText":"وَلَا تُفْسِدُوْا فِی الْاَرْضِ بَعْدَ اِصْلَاحِهَا وَادْعُوْهُ خَوْفًا وَّطَمَعًا ؕ اِنَّ رَحْمَتَ اللّٰهِ قَرِیْبٌ مِّنَ الْمُحْسِنِیْنَ ۟","assameseTranslation":"আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা; আৰু আল্লাহক ভয় আৰু আশাৰ সৈতে প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ অনুগ্ৰহ সৎকৰ্মশীলসকলৰ অতি নিকটৱৰ্তী।","footnotes":"","tafseer":"গুনাহ কৰি পৃথিৱীত বিপৰ্যয় সৃষ্টি নকৰিবা, অথচ আল্লাহে ৰাছুল প্ৰেৰণ কৰি পৃথিৱীখনক সংশোধন কৰিছে আৰু তেওঁৰ আনুগত্যৰ জৰিয়তে ইয়াক গঢ়ি তুলিছে। আল্লাহৰ শাস্তিক ভয় কৰি আৰু তেওঁৰ ছোৱাবৰ আশা পোষণ কৰি কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ ৰহমত নেকপৰায়ণ লোকসকলৰ অতি সন্নিকট। এতেকে তোমালোকেও তাৰ অন্তৰ্ভুক্ত হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007056.mp3"},{"index":"57","arabicText":"وَهُوَ الَّذِیْ یُرْسِلُ الرِّیٰحَ بُشْرًاۢ بَیْنَ یَدَیْ رَحْمَتِهٖ ؕ حَتّٰۤی اِذَاۤ اَقَلَّتْ سَحَابًا ثِقَالًا سُقْنٰهُ لِبَلَدٍ مَّیِّتٍ فَاَنْزَلْنَا بِهِ الْمَآءَ فَاَخْرَجْنَا بِهٖ مِنْ كُلِّ الثَّمَرٰتِ ؕ كَذٰلِكَ نُخْرِجُ الْمَوْتٰی لَعَلَّكُمْ تَذَكَّرُوْنَ ۟","assameseTranslation":"আৰু তেৱেঁই সেই সত্ত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত বতাহক সুসংবাদৰূপে প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰি লৈ আহে, তেতিয়া আমি সেইটোক মৃত জনপদ (মৃত ভূ-খণ্ড)ৰ ফালে প্ৰেৰিত কৰোঁ, তাৰ পিছত আমি তাৰ পৰাই পানী বৰ্ষণ কৰোঁ, আৰু তাৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ ফলমূল উৎপাদন কৰোঁ। এইদৰেই আমি মৃতসকলক জীৱিত কৰোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰিব পাৰা।","footnotes":"","tafseer":"আল্লাহেই বতাহক বৰষুণৰ শুভসংবাদবাহী হিচাপে প্ৰেৰণ কৰে। যেতিয়া পানী ভৰা মেঘক বতাহে লৈ ফুৰে, তেতিয়া আমি মেঘক এটা মৃত ভূমিৰ পিনে লৈ যাওঁ, আৰু তাত পানী বৰ্ষণ কৰোঁ আৰু সেই পানীৰে সকলো প্ৰকাৰৰ ফলমূল তথা খাদ্যদ্ৰৱ্য উৎপন্ন কৰোঁ। এইদৰেই আমি মৃত সকলক জীৱিত কৰি কবৰৰ পৰা পুনৰুত্থান কৰিম। হে মানৱ! এইবোৰ আমি এই কাৰণে কৰিছোঁ, যাতে তোমালোকে আল্লাহৰ ক্ষমতা তথা তেওঁৰ কৰ্ম স্মৰণ কৰিব পাৰা। লগতে যাতে গমি চাব পাৰা যে, নিশ্চয় আল্লাহে মৃতসকলক জীৱিত কৰিবলৈ সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007057.mp3"},{"index":"58","arabicText":"وَالْبَلَدُ الطَّیِّبُ یَخْرُجُ نَبَاتُهٗ بِاِذْنِ رَبِّهٖ ۚ وَالَّذِیْ خَبُثَ لَا یَخْرُجُ اِلَّا نَكِدًا ؕ كَذٰلِكَ نُصَرِّفُ الْاٰیٰتِ لِقَوْمٍ یَّشْكُرُوْنَ ۟۠","assameseTranslation":"আৰু উৎকৃষ্ট ভূমি- ইয়াৰ ফচল তাৰ প্ৰতিপালকৰ আদেশত উৎপন্ন হয়। আনহাতে যিটো নিকৃষ্ট, তাত কঠোৰ পৰিশ্ৰম নকৰালৈকে একোৱে নজন্মে। এইদৰে আমি কৃতজ্ঞ সম্প্ৰদায়ৰ বাবে নিদৰ্শনসমূহ বিভিন্নভাৱে বিৱৰণ কৰোঁ।","footnotes":"","tafseer":"ভাল ভূমিয়ে আল্লাহৰ আদেশত সুন্দৰ তথা উপযুক্ত পুলি গজায়। ঠিক সেইদৰে মুমিনসকলে উপদেশ শুনি তাৰ পৰা উপকৃত হয়, ইয়াৰ ফলত নেক আমল উৎপন্ন হয়। আনহাতে মৃত আৰু নিমখ মিশ্ৰিত ভূমিয়ে অপ্ৰয়োজনীয় পুলি গজায়, যিবোৰ কোনো কামত নাহে। ঠিক সেইদৰে কাফিৰসকলে উপদেশৰ পৰা উপকৃত নহয়, ফলত সিহঁতে সৎকৰ্ম নকৰে যিটো সিহঁতৰ বাবে লাভদায়ক হ'ব। যিদৰে আমি বিভিন্ন প্ৰকাৰৰ বস্তু উৎপন্ন কৰোঁ, ঠিক সেইদৰে আমি বিভিন্ন প্ৰকাৰৰ দলীল-প্ৰমাণো দাঙি ধৰোঁ, যাতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপনকাৰী লোকসকলৰ সন্মুখত তেওঁৰ সত্য প্ৰমাণিত হয়, আৰু যাতে তেওঁলোকে ইয়াক অস্বীকাৰ নকৰে, লগতে তেওঁলোকে যাতে প্ৰতিপালকৰ আনুগত্য কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007058.mp3"},{"index":"59","arabicText":"لَقَدْ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖ فَقَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ اِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ عَظِیْمٍ ۟","assameseTranslation":"নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ’।","footnotes":"","tafseer":"নিশ্চয় আমি নূহক তেওঁৰ জাতিৰ পিনে ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰে আৰু আল্লাহৰ বাহিৰে আনৰ উপাসনাৰ পৰা বিৰত ৰাখে। এতেকে নূহ আলাইহিচ্ছালামে সিহঁতক ক'লেঃ হে মোৰ জাতি! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ কোনো সত্য উপাস্য নাই। আনহাতে যদি তোমালোকে কুফুৰীত অটল থাকা তেন্তে মোৰ আশংকা হয় তোমালোকে এক মহাদিৱসৰ শাস্তিৰ চিকাৰ হ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007059.mp3"},{"index":"60","arabicText":"قَالَ الْمَلَاُ مِنْ قَوْمِهٖۤ اِنَّا لَنَرٰىكَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟","assameseTranslation":"তেওঁৰ সম্প্ৰদায়ৰ প্ৰধানসকলে কৈছিল, ‘আমি তোমাক স্পষ্ট ভ্ৰষ্টতাৰ মাজত নিপতিত দেখি আছোঁ’।","footnotes":"","tafseer":"তেওঁৰ জাতিৰ ডাঙৰ নেতাসকলে তেওঁক ক'লেঃ হে নূহ! আমি ভাবোঁ তুমি স্পষ্ট সত্যৰ পৰা বহু দূৰলৈ আঁতৰি গৈছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007060.mp3"},{"index":"61","arabicText":"قَالَ یٰقَوْمِ لَیْسَ بِیْ ضَلٰلَةٌ وَّلٰكِنِّیْ رَسُوْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟","assameseTranslation":"তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো ভ্ৰষ্টতা নাই, বৰং মই হৈছোঁ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) এজন ৰাছুলহে’।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে তেওঁৰ জাতিৰ ডাঙৰ নেতাসকলক ক'লেঃ তোমালোকৰ ধাৰণা ভুল, মই পথভ্ৰষ্ট হোৱা নাই। নিশ্চয় মই মোৰ প্ৰতিপালকৰ পৰা পোৱা হিদায়তৰ ওপৰতহে প্ৰতিষ্ঠিত আছোঁ। মই মোৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰেৰিত হোৱা এজন ৰাছুলহে। তেৱেঁই হৈছে মোৰ, তোমালোকৰ আৰু সকলোৰে প্ৰতিপালক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007061.mp3"},{"index":"62","arabicText":"اُبَلِّغُكُمْ رِسٰلٰتِ رَبِّیْ وَاَنْصَحُ لَكُمْ وَاَعْلَمُ مِنَ اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟","assameseTranslation":"‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকক পৌঁচাই আছোঁ, লগতে মই তোমালোকৰ কল্যাণ কামনা কৰোঁ, আৰু তোমালোকে যিবোৰ নাজানা সেয়া মই আল্লাহৰ পৰা জানো’।","footnotes":"","tafseer":"আল্লাহে অহীৰ মাধ্যমত যিবোৰ কথা মোক জনাইছে, সেইবোৰকে মই তোমালোকলৈ পৌঁচাই দিওঁ। সেই কাৰণেই মই তোমালোকক আল্লাহৰ আনুগত্য কৰাৰ উপদেশ দিওঁ, আৰু ইয়াৰ ফলত পোৱা ছোৱাবৰ শুভসংবাদ দিওঁ। লগতে মই তোমালোকক তেওঁৰ অবাধ্যতাৰ পৰা আৰু ইয়াৰ ফলত পাবলগীয়া শাস্তিৰ পৰা সাৱধান কৰোঁ। অহীৰ মাধ্যমত মই যি জ্ঞান লাভ কৰিছোঁ, সেয়া তোমালোকে নাজানা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007062.mp3"},{"index":"63","arabicText":"اَوَعَجِبْتُمْ اَنْ جَآءَكُمْ ذِكْرٌ مِّنْ رَّبِّكُمْ عَلٰی رَجُلٍ مِّنْكُمْ لِیُنْذِرَكُمْ وَلِتَتَّقُوْا وَلَعَلَّكُمْ تُرْحَمُوْنَ ۟","assameseTranslation":"তোমালোকে আশ্চৰ্যবোধ কৰি আছা নেকি যে, তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ উপদেশ আহিছে, যাতে তেওঁ তোমালোকক সতৰ্ক কৰিব পাৰে আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা আৰু যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা?","footnotes":"","tafseer":"তোমালোকে এই কাৰণে আচৰিত হৈছা নেকি যে, তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা এজন ব্যক্তিয়ে অহী তথা উপদেশ লৈ আহিছে যাক তোমালোকে চিনি পোৱা? তেওঁ দেখোন তোমালোকৰ মাজতেই ডাঙৰ দীঘল হৈছে, তেওঁ মিছলীয়াও নহয় আৰু পথভ্ৰষ্টও নহয়। আন কোনো জাতিৰো নহয়। তেওঁ তোমালোকৰ ওচৰলৈ এই কাৰণে আহিছে যে, যদি তোমালোকে অস্বীকাৰ কৰা তথা অবাধ্যতা কৰা তেন্তে তেওঁ তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সাৱধান কৰিব। যাতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা আঁতৰি থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব পাৰা। লগতে যদি তোমালোকে ঈমান পোষণ কৰা তেন্তে তোমালোকৰ প্ৰতি যাতে কৃপা কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007063.mp3"},{"index":"64","arabicText":"فَكَذَّبُوْهُ فَاَنْجَیْنٰهُ وَالَّذِیْنَ مَعَهٗ فِی الْفُلْكِ وَاَغْرَقْنَا الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا ؕ اِنَّهُمْ كَانُوْا قَوْمًا عَمِیْنَ ۟۠","assameseTranslation":"তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল আমি তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ আৰু যিসকলে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিছিল সিহঁতক আমি ডুবাই মাৰিছিলোঁ। নিশ্চয় সিহঁত আছিল এটা অন্ধ সম্প্ৰদায়।","footnotes":"","tafseer":"কিন্তু তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিলে আৰু তেওঁৰ প্ৰতি ঈমান পোষণ নকৰিলে, বৰং সিহঁতে কুফৰৰ ওপৰত অটল থাকিল। ফলত নূহ আলাইহিচ্ছালামে সিহঁতৰ ওপৰত বদ দুআ কৰি ক'লেঃ হে আল্লাহ! সিহঁতক ধ্বংস কৰি দিয়া। এতেকে আমি নূহক আৰু তেওঁৰ সৈতে থকা নাৱত আৰোহণ কৰা মুমিনসকলক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলোঁ। আনহাতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰা ব্যক্তিসকলক লগতে যিসকলে এই কাৰ্যত অটল আছিল সিহঁতক শাস্তি স্বৰূপে অৱতীৰ্ণ হোৱা ধূমুহাত পতিত কৰি ডুবাই মাৰিলোঁ। দৰাচলতে সিহঁতৰ অন্তৰত পৰ্দা পৰিছিল, সেই কাৰণে সিহঁতে সত্যক বুজি পোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007064.mp3"},{"index":"65","arabicText":"وَاِلٰی عَادٍ اَخَاهُمْ هُوْدًا ؕ قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ اَفَلَا تَتَّقُوْنَ ۟","assameseTranslation":"আৰু ‘আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?","footnotes":"","tafseer":"আৰু আমি আদ জাতিৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ব্যক্তি হূদ (আলাইহিচ্ছালাম)ক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। এতেকে তোমালোকে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন নকৰিবানে? যাতে তোমালোকে তেওঁৰ শাস্তিৰ পৰা মুক্তি লাভ কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007065.mp3"},{"index":"66","arabicText":"قَالَ الْمَلَاُ الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖۤ اِنَّا لَنَرٰىكَ فِیْ سَفَاهَةٍ وَّاِنَّا لَنَظُنُّكَ مِنَ الْكٰذِبِیْنَ ۟","assameseTranslation":"তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতৃবৃন্দই কৈছিল, ‘আমাৰ দৃষ্টিত তুমি হৈছা এজন নিৰ্বোধ মানুহ আৰু আমি তোমাক মিছলীয়াসকলৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰোঁ’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ প্ৰমূখ তথা বৰিষ্ঠ ব্যক্তিসকলে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু তেওঁৰ ৰাছুলক মিছলীয়া বুলিছিল, সিহঁতে ক'লেঃ হে হূদ! আমি জনা মতে তোমাৰ মস্তিষ্কৰ সন্তোলন ঠিক নহয়। তুমি নিজৰ জ্ঞান হেৰাই পেলাইছা। সেই কাৰণেই তুমি কেৱল এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰা আৰু মূৰ্তি পূজাৰ পৰা বিৰত থাকিবলৈ আদেশ কৰা। আমি নিশ্চিত যে, তুমি ৰাছুল হোৱাৰ যি দাবী কৰি আছা সেয়া স্পষ্ট মিছা কথা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007066.mp3"},{"index":"67","arabicText":"قَالَ یٰقَوْمِ لَیْسَ بِیْ سَفَاهَةٌ وَّلٰكِنِّیْ رَسُوْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟","assameseTranslation":"তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো নিৰ্বুদ্ধিতা নাই, বৰং মই হৈছোঁ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) এজন ৰাছুল’।","footnotes":"","tafseer":"হূদ আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক উত্তৰ দি ক'লেঃ হে মোৰ সম্প্ৰদায়! মোৰ বিবেক-বুদ্ধি লোপ পোৱা নাই, আৰু মোৰ মস্তিষ্কৰো কোনো ক্ষতি হোৱা নাই। বৰং মই বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007067.mp3"},{"index":"68","arabicText":"اُبَلِّغُكُمْ رِسٰلٰتِ رَبِّیْ وَاَنَا لَكُمْ نَاصِحٌ اَمِیْنٌ ۟","assameseTranslation":"‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰলৈ পৌঁচাই আছোঁ, লগতে মই হৈছোঁ তোমালোকৰ এজন বিশ্বস্ত হিতাকাংক্ষী।","footnotes":"","tafseer":"মই তোমালোকৰ ওচৰলৈ কেৱল সেই চৰীয়ত আৰু তাওহীদ পৌঁচাই আছোঁ, যিটো পৌঁচাবলৈ আল্লাহে মোক আদেশ কৰিছে, আৰু মই তোমালোকৰ শুভাকাংক্ষী, মোক যিটো পৌঁচাবলৈ আদেশ দিয়া হৈছে সেই ক্ষেত্ৰত মই বিশ্বস্ত। এই ক্ষেত্ৰত মই অকণো বেছিও কৰা নাই আৰু একো হ্ৰাসো কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007068.mp3"},{"index":"69","arabicText":"اَوَعَجِبْتُمْ اَنْ جَآءَكُمْ ذِكْرٌ مِّنْ رَّبِّكُمْ عَلٰی رَجُلٍ مِّنْكُمْ لِیُنْذِرَكُمْ ؕ وَاذْكُرُوْۤا اِذْ جَعَلَكُمْ خُلَفَآءَ مِنْ بَعْدِ قَوْمِ نُوْحٍ وَّزَادَكُمْ فِی الْخَلْقِ بَصْۜطَةً ۚ فَاذْكُرُوْۤا اٰلَآءَ اللّٰهِ لَعَلَّكُمْ تُفْلِحُوْنَ ۟","assameseTranslation":"‘তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰ ওচৰলৈ তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে, আল্লাহে তোমালোকক নূহৰ সম্প্ৰদায়ৰ (ধ্বংসৰ) পিছত (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত (দৈহিক গঠনত) তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট- বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা’।","footnotes":"","tafseer":"তোমালোকে এই কাৰণে আচৰিত হৈছা নেকি যে, আল্লাহে তোমালোকক স্মৰণ কৰাবলৈ এনেকুৱা এজন ব্যক্তিক প্ৰেৰণ কৰিছে যিজন তোমালোকৰ মাজৰে এজন, ফিৰিস্তা তথা জিনসকলৰ মাজৰ নহয়, যাতে তেওঁ তোমালোকক সতৰ্ক তথা সাৱধান কৰিব পাৰে? তোমালোকে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ নূহৰ সম্প্ৰদায়ক কুফুৰী কৰাৰ কাৰণে ধ্বংস কৰাৰ পিছত তোমালোকক পৃথিৱীত প্ৰতিষ্ঠা কৰিছে আৰু সিহঁতৰ উত্তৰাধিকাৰী বনাইছে। তথা আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ তোমালোকক বিশেষৰূপে উৎকৃষ্ট আকাৰ-আকৃতি আৰু শক্তি প্ৰদান কৰিছে। তথা আল্লাহে প্ৰদান কৰা অসংখ্য অনুগ্ৰহবোৰক স্মৰণ কৰা, যাতে তোমালোকে সেইবোৰ বস্তু আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে পাবলৈ ইচ্ছা কৰা আৰু সেইবোৰ বস্তুৰ পৰা ৰক্ষা পাব পাৰা যিবোৰক তোমালোকে ভয় কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007069.mp3"},{"index":"70","arabicText":"قَالُوْۤا اَجِئْتَنَا لِنَعْبُدَ اللّٰهَ وَحْدَهٗ وَنَذَرَ مَا كَانَ یَعْبُدُ اٰبَآؤُنَا ۚ فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ এই উদ্দেশ্যত আহিছা নেকি যে, আমি যাতে কেৱল এক আল্লাহৰ ইবাদত কৰোঁ আৰু আমাৰ পিতৃপুৰুষসকলে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰক এৰি দিওঁ? গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে সেই (শাস্তি)টো লৈ আহা যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাক কেৱল এক আল্লাহৰ ইবাদতৰ আদেশ দিবলৈ আহিছা নেকি, যাতে আমি সেইবোৰক এৰি দিওঁ যিবোৰক আমাৰ পূৰ্বপুৰুষসকলে পূজা-পাঠ কৰিছিল? যদি তুমি নিজৰ দাবীত সত্যবাদী হোৱা তেন্তে তুমি সেই শাস্তি লৈ আহাচোন, যি শাস্তিৰ ভয় তুমি আমাক দেখুৱাই আছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007070.mp3"},{"index":"71","arabicText":"قَالَ قَدْ وَقَعَ عَلَیْكُمْ مِّنْ رَّبِّكُمْ رِجْسٌ وَّغَضَبٌ ؕ اَتُجَادِلُوْنَنِیْ فِیْۤ اَسْمَآءٍ سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّا نَزَّلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ فَانْتَظِرُوْۤا اِنِّیْ مَعَكُمْ مِّنَ الْمُنْتَظِرِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘তোমালোকৰ প্ৰতিপালকৰ শাস্তি আৰু ক্ৰোধ তোমালোকৰ ওপৰত নিৰ্ধাৰিত হৈয়ে আছে; কিন্তু তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি এনেকুৱা কিছুমান নামকলৈ যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা, যি বিষয়ে আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই? গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ।","footnotes":"","tafseer":"তেতিয়া হূদ আলাইহিচ্ছালামে সিহঁতক উত্তৰ দি ক'লেঃ নিশ্চয় তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি অনিবাৰ্য্য হৈ পৰিছে, এতেকে নিশ্চিতভাৱে সেই শাস্তি তোমালোকৰ ওপৰত আহি পৰিব। তোমালোকে মোৰ লগত সেইবোৰ মূৰ্তি সম্পৰ্কে বাদানুবাদ কৰা নেকি, যিবোৰক তোমালোকে আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে উপাস্যৰ নাম দিছা, প্ৰকৃততে সিহঁত উপাস্য নহয়? এইবোৰৰ উপাস্য হোৱা সম্পৰ্কে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে তোমালোকে যিটো শাস্তিৰ বাবে ততাতৈয়া কৰি আছা তাৰ অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ। নিশ্চয় সেইটো বাস্তৱায়িত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007071.mp3"},{"index":"72","arabicText":"فَاَنْجَیْنٰهُ وَالَّذِیْنَ مَعَهٗ بِرَحْمَةٍ مِّنَّا وَقَطَعْنَا دَابِرَ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَمَا كَانُوْا مُؤْمِنِیْنَ ۟۠","assameseTranslation":"তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ সঙ্গীসকলক আমাৰ অনুগ্ৰহত উদ্ধাৰ কৰিছিলোঁ; আৰু আমাৰ আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিছিল আৰু যিসকলে মুমিন নাছিল সিহঁতক নিৰ্মূল কৰিছিলোঁ।","footnotes":"","tafseer":"অৱশেষত হূদ আলাইহিচ্ছালামক আৰু তেওঁৰ লগত থকা মুমিনসকলক আমি আমাৰ কৃপাত ৰক্ষা কৰিলোঁ। আনহাতে যিসকলে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল, সিহঁতক ধ্বংস কৰিলোঁ। সিহঁত ঈমান পোষণ কৰা নাছিল বৰং অস্বীকাৰ কৰিছিল। সেই কাৰণে সিহঁত শাস্তিৰ চিকাৰ হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007072.mp3"},{"index":"73","arabicText":"وَاِلٰی ثَمُوْدَ اَخَاهُمْ صٰلِحًا ۘ قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ قَدْ جَآءَتْكُمْ بَیِّنَةٌ مِّنْ رَّبِّكُمْ ؕ هٰذِهٖ نَاقَةُ اللّٰهِ لَكُمْ اٰیَةً فَذَرُوْهَا تَاْكُلْ فِیْۤ اَرْضِ اللّٰهِ وَلَا تَمَسُّوْهَا بِسُوْٓءٍ فَیَاْخُذَكُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"আৰু ছামূদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহি পৰিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে এটা নিদৰ্শন। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আগুৰি ধৰিব’।","footnotes":"","tafseer":"আমিয়ে ছামূদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহ আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰে। ছলেহ আলাইহিচ্ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য তথা ইবাদতৰ যোগ্য উপাস্য নাই। তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা মোৰ সত্যতাৰ স্পষ্ট প্ৰমাণ হিচাপে এজনী উটনী আহিছে, যিটো প্ৰকাণ্ড শিলৰ পৰা ওলাই আহিছে। তাইৰ বাবে পানী খোৱাৰ এটা সময় নিৰ্ধাৰিত আছে আৰু তোমালোকৰ বাবেও এটা সময় নিৰ্ধাৰণ কৰা হৈছে। এতেকে তাইক আল্লাহৰ পৃথিৱীত চৰিবলৈ দিয়া আৰু কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা তোমালোক কষ্টদায়ক শাস্তিৰ সন্মুখীন হ'বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007073.mp3"},{"index":"74","arabicText":"وَاذْكُرُوْۤا اِذْ جَعَلَكُمْ خُلَفَآءَ مِنْ بَعْدِ عَادٍ وَّبَوَّاَكُمْ فِی الْاَرْضِ تَتَّخِذُوْنَ مِنْ سُهُوْلِهَا قُصُوْرًا وَّتَنْحِتُوْنَ الْجِبَالَ بُیُوْتًا ۚ فَاذْكُرُوْۤا اٰلَآءَ اللّٰهِ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟","assameseTranslation":"‘আৰু স্মৰণ কৰা, আদ জাতিৰ (ধ্বংসৰ) পিছত তেৱেঁই তোমালোকক (তোমালোকৰ আগৰ লোকসকলৰ ঠাইত) স্থলাভিষিক্ত কৰিছে, আৰু তেৱেঁই তোমালোকক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছে যে, তোমালোকে সমতল ভূমিত প্ৰাসাদ নিৰ্মাণ কৰিব পাৰা আৰু পাহাৰ কাটি বাসগৃহ তৈয়াৰ কৰিব পাৰা। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।","footnotes":"","tafseer":"আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক আদ জাতিৰ পিছত উত্তৰাধিকাৰী বনাইছিল। আল্লাহে তোমালোকক পৃথিৱীত প্ৰতিষ্ঠা কৰিছিল যাতে তোমালোকে তাৰ পৰা উপকৃত হ'ব পাৰা আৰু উদ্দেশ্য পূৰণ কৰিব পাৰা। এইটো হৈছিল আদ জাতি ধ্বংস হোৱাৰ পিছত, যেতিয়া সিহঁতে কুফুৰী তথা অস্বীকাৰৰ সীমা চেৰাই গৈছিল। তোমালোকে সমতল ভূমিত অট্টালিকা নিৰ্মাণ কৰিছিলা আৰু পাহাৰ খনন কৰি তাত ঘৰ সাজিছিলা। এতেকে আল্লাহৰ এই অনুগ্ৰহবোৰ স্মৰণ কৰা যাতে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। লগতে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা এৰি দিয়া। ইয়াৰ বাবে তোমালোকে কুফৰ তথা গুনাহৰ কামবোৰৰ পৰা বিৰত থাকিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007074.mp3"},{"index":"75","arabicText":"قَالَ الْمَلَاُ الَّذِیْنَ اسْتَكْبَرُوْا مِنْ قَوْمِهٖ لِلَّذِیْنَ اسْتُضْعِفُوْا لِمَنْ اٰمَنَ مِنْهُمْ اَتَعْلَمُوْنَ اَنَّ صٰلِحًا مُّرْسَلٌ مِّنْ رَّبِّهٖ ؕ قَالُوْۤا اِنَّا بِمَاۤ اُرْسِلَ بِهٖ مُؤْمِنُوْنَ ۟","assameseTranslation":"তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত? তেওঁলোকে (উত্তৰত) ক’লে, ‘নিশ্চয় তেওঁ যি লৈ প্ৰেৰিত হৈছে, আমি তাৰ ওপৰত বিশ্বাসী’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী প্ৰমূখসকল আৰু নেতাসকলে মুমিনসকলক ক’লে, যিসকলক সিহঁতে দুৰ্বল বুলি গণ্য কৰিছিলঃ তোমালোকে ভাবা নেকি যে, ছলেহ আল্লাহৰ প্ৰকৃত ৰাছুল? মুমিনসকলে উত্তৰ দিলেঃ ছলেহ আলাইহিচ্ছালামক যি প্ৰদান কৰি আমালৈ প্ৰেৰণ কৰা হৈছে আমি সেয়া সত্য বুলি স্বীকাৰ কৰোঁ আৰু তেওঁৰ অনুসৰণ কৰোঁ, লগতে তেওঁ লৈ অহা চৰীয়ত মতে আমল কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007075.mp3"},{"index":"76","arabicText":"قَالَ الَّذِیْنَ اسْتَكْبَرُوْۤا اِنَّا بِالَّذِیْۤ اٰمَنْتُمْ بِهٖ كٰفِرُوْنَ ۟","assameseTranslation":"অহংকাৰীসকলে ক’লে, ‘নিশ্চয় তোমালোকে যিবোৰ বিশ্বাস কৰিছা আমি সেইবোৰ অবিশ্বাস কৰোঁ’।","footnotes":"","tafseer":"তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী লোকসকলে ক'লেঃ হে মুমিনসকল! তোমালোকে যাক বিশ্বাস কৰিছা আমি তাক অবিশ্বাস কৰোঁ অস্বীকাৰ কৰোঁ। আমি কেতিয়াও তাৰ প্ৰতি ঈমান পোষণ নকৰোঁ আৰু তাৰ চৰীয়ত মতে আমলো নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007076.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007076.mp3"},{"index":"77","arabicText":"فَعَقَرُوا النَّاقَةَ وَعَتَوْا عَنْ اَمْرِ رَبِّهِمْ وَقَالُوْا یٰصٰلِحُ ائْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الْمُرْسَلِیْنَ ۟","assameseTranslation":"তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।","footnotes":"","tafseer":"তাৰ পিছত, যিজনী উটনীক কোনো ধৰণৰ কষ্ট প্ৰদানৰ পৰা ছলেহ আলাইহিচ্ছালামে সিহঁতক বাৰণ কৰিছিল, আল্লাহৰ আদেশৰ সন্মুখত অহংকাৰ দেখুৱাই সিহঁতে তাক হত্যা কৰিলে। ছলেহ আলাইহিচ্ছালামে সিহঁতক যিটোৰ পৰা সাৱধান কৰিছিল, সেইটোক অসম্ভৱ বুলি ভাবি উপহাস কৰি ক’বলৈ ধৰিলেঃ হে ছলেহ! যদি তুমি আল্লাহৰ প্ৰকৃত ৰাছুল হোৱা তেন্তে তুমি আমাক যি শাস্তিৰ ভয় দেখুৱাইছা সেইটো আনাচোন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007077.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007077.mp3"},{"index":"78","arabicText":"فَاَخَذَتْهُمُ الرَّجْفَةُ فَاَصْبَحُوْا فِیْ دَارِهِمْ جٰثِمِیْنَ ۟","assameseTranslation":"তাৰ পিছত ভূমিকম্পই সিহঁতক কৰায়ত্ব কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।","footnotes":"","tafseer":"ফলত যি শাস্তিৰ বাবে সেই কাফিৰসকলে খৰধৰ কৰিছিল, সেইটো আহি পৰিল। সিহঁত ভয়াৱহ ভূমিকম্পৰ চিকাৰ হ'ল। ফলত সকলোৱে মাটিত বাগৰি পৰি আছিল। সিহঁতৰ মাজৰ এজনো ধ্বংস হোৱাৰ পৰা ৰক্ষা পোৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007078.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007078.mp3"},{"index":"79","arabicText":"فَتَوَلّٰی عَنْهُمْ وَقَالَ یٰقَوْمِ لَقَدْ اَبْلَغْتُكُمْ رِسَالَةَ رَبِّیْ وَنَصَحْتُ لَكُمْ وَلٰكِنْ لَّا تُحِبُّوْنَ النّٰصِحِیْنَ ۟","assameseTranslation":"ইয়াৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই লৈ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰলৈ পৌঁচাই দিছিলোঁ আৰু তোমালোকৰ কল্যাণ কামনা কৰিছিলোঁ, কিন্তু তোমালোকেহে কল্যানকামীসকলক পছন্দ নকৰা’।","footnotes":"","tafseer":"যেতিয়া ছলেহ আলাইহিচ্ছালামে তেওঁৰ জাতিৰ ব্যৱহাৰত নিৰাশ হৈ পৰিল, তেতিয়া তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’লে আৰু ক'লেঃ হে মোৰ সম্প্ৰদায়! আল্লাহে তোমালোকৰ ওচৰলৈ পৌঁচাবলৈ মোক যি দায়িত্ব দিছিল, সেয়া মই সূচাৰুৰূপে পালন কৰিছোঁ। লগতে মই তোমালোকক উৎসাহিত কৰি আৰু সতৰ্ক কৰিও উপদেশ প্ৰদান কৰিছোঁ, কিন্তু তোমালোক হৈছা এনেকুৱা এটা জাতি, যিসকলে শুভাকাংক্ষীক তথা কল্যাণৰ পথপ্ৰদৰ্শনকাৰীক আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা ব্যক্তিক ভাল নোপোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007079.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007079.mp3"},{"index":"80","arabicText":"وَلُوْطًا اِذْ قَالَ لِقَوْمِهٖۤ اَتَاْتُوْنَ الْفَاحِشَةَ مَا سَبَقَكُمْ بِهَا مِنْ اَحَدٍ مِّنَ الْعٰلَمِیْنَ ۟","assameseTranslation":"আৰু (আমিয়েই) লূতক প্ৰেৰণ কৰিছিলোঁ। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে এনেকুৱা জঘন্য অশ্লীল কাম কৰি আছানে? যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।","footnotes":"","tafseer":"আৰু স্মৰণ কৰা লূত আলাইহিচ্ছালামক যেতিয়া তেওঁ নিজ জাতিৰ আচৰণক নিন্দা কৰি কৈছিলঃ তোমালোকে পুৰুষৰ লগত সহবাস (সমকামিতা)ৰ দৰে এই ঘৃণনীয় কাম কিয় কৰা? এইটো হৈছে এনেকুৱা এটা কুকৰ্ম, যিটো তোমালোকৰ পূৰ্বে আন কোনেও কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007080.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007080.mp3"},{"index":"81","arabicText":"اِنَّكُمْ لَتَاْتُوْنَ الرِّجَالَ شَهْوَةً مِّنْ دُوْنِ النِّسَآءِ ؕ بَلْ اَنْتُمْ قَوْمٌ مُّسْرِفُوْنَ ۟","assameseTranslation":"‘নিশ্চয় তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰলৈ যোৱা, বৰং তোমালোক হৈছা সীমালংঘনকাৰী সম্প্ৰদায়’।","footnotes":"","tafseer":"তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰলৈ কিয় যোৱা, অথচ ইয়াৰ বাবে নাৰীসকলক সৃষ্টি কৰা হৈছে। তোমালোকৰ এই কুকৰ্মক বিবেক, ধৰ্ম আৰু প্ৰকৃতিয়েও সমৰ্থন নকৰে। প্ৰকৃততে তোমালোক হৈছা আল্লাহৰ সীমালঙ্ঘনকাৰী ব্যক্তি। কিয়নো তোমালোকে মানৱ-ভাৰসাম্যৰ সীমাৰ পৰা ওলাই গৈছা, লগতে সুস্থ বিবেক আৰু মানৱ স্বভাৱৰ পৰা বিমুখ হৈছা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007081.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007081.mp3"},{"index":"82","arabicText":"وَمَا كَانَ جَوَابَ قَوْمِهٖۤ اِلَّاۤ اَنْ قَالُوْۤا اَخْرِجُوْهُمْ مِّنْ قَرْیَتِكُمْ ۚ اِنَّهُمْ اُنَاسٌ یَّتَطَهَّرُوْنَ ۟","assameseTranslation":"উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এই বুলি ক’লে, ‘এওঁলোকক তোমালোকৰ জনপদৰ পৰা উলিয়াই দিয়া, নিশ্চয় এওঁলোক হৈছে এনেকুৱা লোক, যিসকলে অতি পৱিত্ৰ হ’ব বিচাৰে’।","footnotes":"","tafseer":"যেতিয়া লূত আলাইহিচ্ছালামে এই অশ্লীল কৰ্মত লিপ্ত লোকসকলক বুজাই ক’লে, তেতিয়া সিহঁতে সত্যৰ পৰা বিমুখ হৈ উত্তৰ দিলে যে, লূত আৰু তেওঁৰ পৰিয়ালক এই গাওঁৰ পৰা বহিষ্কাৰ কৰি দিয়া। কিয়নো তেওঁলোকে আমাৰ এই কৰ্মক ঘৃণা কৰে। সেয়ে তেওঁলোকে আমাৰ মাজত থকা উচিত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007082.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007082.mp3"},{"index":"83","arabicText":"فَاَنْجَیْنٰهُ وَاَهْلَهٗۤ اِلَّا امْرَاَتَهٗ ۖؗ كَانَتْ مِنَ الْغٰبِرِیْنَ ۟","assameseTranslation":"তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰ কৰিছিলোঁ কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই আছিল পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত।","footnotes":"","tafseer":"তেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিলোঁ, আৰু তেওঁলোকক ৰাতিৰ ভাগতে সেই গাওঁখন পৰিত্যাগ কৰাৰ নিৰ্দেশ দিলোঁ, যিটো ৰাতিত শাস্তি আহিব। আনহাতে তেওঁৰ পত্নী গাওঁৰ বাকী লোকসকলৰ লগতে থাকি গ'ল। সেয়ে সিও শাস্তিৰ সন্মুখীন হ'ল, যিদৰে গাওঁবাসী হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007083.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007083.mp3"},{"index":"84","arabicText":"وَاَمْطَرْنَا عَلَیْهِمْ مَّطَرًا ؕ فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُجْرِمِیْنَ ۟۠","assameseTranslation":"আৰু আমি সিহঁতৰ ওপৰত প্ৰবল ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলোঁ। এতেকে চোৱা, অপৰাধীসকলৰ পৰিণাম কেনেকুৱা আছিল।","footnotes":"","tafseer":"আমি সিহঁতৰ ওপৰত ভয়াৱহ বৰষুণ দিলোঁ, শিলৰ বৰষুণ। লগতে গাওঁখনক ওলোটাই দিলোঁ, ফলত ওপৰৰ বাসিন্দাসকল তলত পৰি গ'ল। এতেকে হে ৰাছুল! চিন্তা কৰি চাওঁকচোন! লূত সম্প্ৰদায়ৰ পাপীসকলৰ পৰিণাম কেনেকুৱা আছিল? নিশ্চয় সিহঁতৰ শেষ পৰিণতি হৈছিল ধ্বংস আৰু চিৰস্থায়ী লাঞ্ছনা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007084.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007084.mp3"},{"index":"85","arabicText":"وَاِلٰی مَدْیَنَ اَخَاهُمْ شُعَیْبًا ؕ قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ قَدْ جَآءَتْكُمْ بَیِّنَةٌ مِّنْ رَّبِّكُمْ فَاَوْفُوا الْكَیْلَ وَالْمِیْزَانَ وَلَا تَبْخَسُوا النَّاسَ اَشْیَآءَهُمْ وَلَا تُفْسِدُوْا فِی الْاَرْضِ بَعْدَ اِصْلَاحِهَا ؕ ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟ۚ","assameseTranslation":"আৰু মাদইয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইবক (প্ৰেৰণ কৰিছিলোঁ)। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, লগতে পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে মুমিন হোৱা’।","footnotes":"","tafseer":"নিশ্চয় আমি মাদয়ানবাসী সকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ জাতি! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে ইবাদতৰ যোগ্য তোমালোকৰ আন কোনো সত্য উপাস্য নাই। মই লৈ অহা বাৰ্তা সত্য, ইয়াৰ সত্যতাৰ বাবে তোমালোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা স্পষ্ট প্ৰমাণ আহি পৰিছে। এতেকে মানুহৰ অধিকাৰৰ প্ৰতি মনোযোগ প্ৰদান কৰি, যেতিয়া সিহঁতক কিবা ওজন কৰি দিবা, তেতিয়া পৰিপূৰ্ণৰূপে ওজন কৰিবা। পণ্য সামগ্ৰীত কোনো দোষ উলিয়াই অথবা নিন্দা কৰি নাইবা পণ্যৰ গৰাকীক ঠগাই কোনো ধৰণৰ ক্ষতি নকৰিবা। লগতে নবীসকলৰ দ্বাৰা পৃথিৱীক সংশোধন কৰাৰ পিছত তাত কুফৰ আৰু পাপকৰ্মৰ দ্বাৰা পৰিৱেশ দোষিত নকৰিবা। যদি তুমি প্ৰকৃত মুমিন হোৱা তেন্তে এইবোৰ কথাৰ প্ৰতি আমল কৰাত তোমাৰ বাবে আছে কল্যাণ। কিয়নো এইবোৰ পালন কৰিলে তুমি আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ কাৰণে গুনাহৰ পৰা ৰক্ষা পাবা, লগতে তেওঁৰ আদেশ পালন কৰাৰ কাৰণে তুমি তেওঁৰ নৈকট্য লাভ কৰাত সফল হ’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007085.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007085.mp3"},{"index":"86","arabicText":"وَلَا تَقْعُدُوْا بِكُلِّ صِرَاطٍ تُوْعِدُوْنَ وَتَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ مَنْ اٰمَنَ بِهٖ وَتَبْغُوْنَهَا عِوَجًا ۚ وَاذْكُرُوْۤا اِذْ كُنْتُمْ قَلِیْلًا فَكَثَّرَكُمْ ۪ وَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُفْسِدِیْنَ ۟","assameseTranslation":"‘লগতে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তেওঁলোকক ভয় দেখুৱাবলৈ আৰু আল্লাহৰ পথত তেওঁলোকক বাধা প্ৰদান কৰিবলৈ তথা তাত বক্ৰতা (দোষ-ত্ৰুটি) অনুসন্ধান কৰিবলৈ তোমালোকে প্ৰতিটো পথত বহি নাথাকিবা। স্মৰণ কৰা, তোমালোকে যেতিয়া সংখ্যাত কম আছিলা, তেতিয়া তেৱেঁই তোমালোকৰ সংখ্যা বৃদ্ধি কৰিছিল। লগতে লক্ষ্য কৰি চোৱাচোন, বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পৰিণাম কেনেকুৱা আছিল’।","footnotes":"","tafseer":"আৰু মানুহক ভয় দেখুৱাই সিহঁতৰ ধন লুন্ঠণ কৰিবলৈ প্ৰত্যেক পথত বহি নাথাকিবা, লগতে সঠিক পথত চলাৰ ইচ্ছা পোষণকাৰীসকলক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰখাৰ উদ্দেশ্যে তথা আল্লাহৰ পথক বক্ৰতা প্ৰদান কৰিবলৈ যাতে তাত মানুহে পৰিচালিত হ'ব নোৱাৰে তাৰ প্ৰয়াস নকৰিবা। আল্লাহৰ ফালৰ পৰা পোৱা অনুগ্ৰহবোৰ স্মৰণ কৰা যাতে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। তোমালোকে সংখ্যালঘু আছিলা, তেৱেঁই তোমালোকক সংখ্যাগৰিষ্ঠ কৰিছে। ভাবি চোৱাচোন! তোমালোকৰ পূৰ্বে যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিছিল, সিহঁতৰ কি পৰিণাম হৈছিল! নিশ্চয় সিহঁতৰ পৰিণাম হৈছিল ধ্বংস আৰু বিনাশ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007086.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007086.mp3"},{"index":"87","arabicText":"وَاِنْ كَانَ طَآىِٕفَةٌ مِّنْكُمْ اٰمَنُوْا بِالَّذِیْۤ اُرْسِلْتُ بِهٖ وَطَآىِٕفَةٌ لَّمْ یُؤْمِنُوْا فَاصْبِرُوْا حَتّٰی یَحْكُمَ اللّٰهُ بَیْنَنَا ۚ وَهُوَ خَیْرُ الْحٰكِمِیْنَ ۟","assameseTranslation":"মই যি লৈ প্ৰেৰিত হৈছোঁ তাত যদি তোমালোকৰ কোনো এটা দলে ঈমান পোষণ কৰে আৰু আনটো দলে ঈমান পোষণ নকৰে, তেন্তে আল্লাহে আমাৰ মাজত ফয়চালা নকৰালৈকে ধৈৰ্য্য ধাৰণ কৰা, আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী।","footnotes":"","tafseer":"এতেকে তোমালোকৰ এটা দলে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু আনটো দলে ঈমান পোষণ কৰা নাই। এতেকে হে অস্বীকাৰকাৰীসকল! আল্লাহৰ ফয়চালাৰ অপেক্ষা কৰা। তেৱেঁই সৰ্বশ্ৰেষ্ঠ ফয়চালাকাৰী আৰু ন্যায়পৰায়ণ সিদ্ধান্ত গ্ৰহণকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007087.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007087.mp3"},{"index":"88","arabicText":"قَالَ الْمَلَاُ الَّذِیْنَ اسْتَكْبَرُوْا مِنْ قَوْمِهٖ لَنُخْرِجَنَّكَ یٰشُعَیْبُ وَالَّذِیْنَ اٰمَنُوْا مَعَكَ مِنْ قَرْیَتِنَاۤ اَوْ لَتَعُوْدُنَّ فِیْ مِلَّتِنَا ؕ قَالَ اَوَلَوْ كُنَّا كٰرِهِیْنَ ۟۫","assameseTranslation":"তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক’লে, ‘হে শ্বুআইব! নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ঈমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম নাইবা তোমালোকে আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ’বই লাগিব’। তেওঁ ক’লে, ‘যদিও আমি সেইটোক ঘৃণা কৰোঁ তথাপিও (বাধ্য কৰাবানে)’?","footnotes":"","tafseer":"শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে শ্বুআইব আলাইহিচ্ছালামক ক'লেঃ হে শ্বুআইব! আমি তোমাক আৰু তোমাৰ অনুসৰণ কৰা তোমাৰ সঙ্গীসকলক আমাৰ গাওঁৰ পৰা বহিষ্কাৰ কৰিম। অন্যথা আমাৰ ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া শ্বুআইব আলাইহিচ্ছালামে নাকচ কৰি আৰু আচৰিত হৈ ক'লেঃ আমি তোমালোকৰ ধৰ্মৰ অনুসৰণ কৰিম নেকি, অথচ আমি সেইটোক অসত্য বুলি জানো আৰু অপছন্দ কৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007088.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007088.mp3"},{"index":"89","arabicText":"قَدِ افْتَرَیْنَا عَلَی اللّٰهِ كَذِبًا اِنْ عُدْنَا فِیْ مِلَّتِكُمْ بَعْدَ اِذْ نَجّٰىنَا اللّٰهُ مِنْهَا ؕ وَمَا یَكُوْنُ لَنَاۤ اَنْ نَّعُوْدَ فِیْهَاۤ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ رَبُّنَا ؕ وَسِعَ رَبُّنَا كُلَّ شَیْءٍ عِلْمًا ؕ عَلَی اللّٰهِ تَوَكَّلْنَا ؕ رَبَّنَا افْتَحْ بَیْنَنَا وَبَیْنَ قَوْمِنَا بِالْحَقِّ وَاَنْتَ خَیْرُ الْفٰتِحِیْنَ ۟","assameseTranslation":"‘তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছত, যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ’ব। আমাৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱা আমাৰ বাবে সমীচীন নহয়। আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি আছে, আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। হে আমাৰ প্ৰতিপালক! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়চালা কৰি দিয়া আৰু তুমিয়েই শ্ৰেষ্ঠ ফয়চালাকাৰী’।","footnotes":"","tafseer":"যদি আমিও তোমালোকৰ দৰে কুফুৰী আক্বীদা পোষণ কৰোঁ, অথচ আল্লাহে আমাক তেওঁৰ কৃপাত ইয়াৰ পৰা ৰক্ষা কৰিছে তেন্তে আমি আল্লাহৰ প্ৰতি মিছা ৰটনা কৰা হ'ব। আমাৰ পক্ষে তোমালোকৰ ধৰ্মলৈ উভতি যোৱাটো কেতিয়াও উচিত নহয়। কিন্তু আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সেইটো সুকীয়া কথা। কিয়নো সকলো বস্তু তেওঁৰেই ইচ্ছাৰ অধীনত। আমাৰ প্ৰতিপালক সকলো বস্তুকে তেওঁৰ জ্ঞানেৰে আৱৰী আছে। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। কেৱল এক আল্লাহৰ ওপৰতেই আমাৰ ভৰসা যে, তেওঁ আমাক পোন পথৰ হিদায়ত দিব আৰু জাহান্নামৰ পথৰ পৰা ৰক্ষা কৰিব। হে আমাৰ প্ৰতিপালক! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ কাফিৰসকলৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰি দিয়া, লগতে সত্যবাদী নিৰ্যাতিতসকলক নিষ্ঠুৰ যালিমসকলৰ ওপৰত বিজয় প্ৰদান কৰা। কিয়নো হে আমাৰ প্ৰতিপালক! তুমিয়ে উত্তম নিৰ্ণয়কাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007089.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007089.mp3"},{"index":"90","arabicText":"وَقَالَ الْمَلَاُ الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖ لَىِٕنِ اتَّبَعْتُمْ شُعَیْبًا اِنَّكُمْ اِذًا لَّخٰسِرُوْنَ ۟","assameseTranslation":"আৰু তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘তোমালোকে যদি শ্বুআইবক অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা’।","footnotes":"","tafseer":"তেওঁৰ জাতিৰ কাফিৰ নেতা আৰু প্ৰমুখসকলে, যিসকলে তাওহীদৰ আহ্বানক প্ৰত্যাখ্যান কৰিছিল সিহঁতে শ্বুআইব আলাইহিচ্ছালামৰ পৰা আৰু তেওঁৰ ধৰ্মৰ পৰা সাৱধান কৰি ক'লেঃ হে আমাৰ সম্প্ৰদায়ৰ লোকসকল! যদি তোমালোকে শ্বুআইবৰ ধৰ্ম গ্ৰহণ কৰা, লগতে তোমালোকৰ ধৰ্ম আৰু তোমালোকৰ পূৰ্বপুৰুষৰ ধৰ্মক পৰিত্যাগ কৰা, তেন্তে জানি থোৱা! তোমালোকৰ ধ্বংস অনিবাৰ্য্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007090.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007090.mp3"},{"index":"91","arabicText":"فَاَخَذَتْهُمُ الرَّجْفَةُ فَاَصْبَحُوْا فِیْ دَارِهِمْ جٰثِمِیْنَ ۟","assameseTranslation":"তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।","footnotes":"","tafseer":"ফলত সিহঁতক ভীষণ ভূমিকম্পই গ্ৰাস কৰিলে, আৰু সিহঁতে নিজ নিজ ঘৰতে আঠু পাৰি আৰু উবুৰি খাই পৰি মৰি থাকিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007091.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007091.mp3"},{"index":"92","arabicText":"الَّذِیْنَ كَذَّبُوْا شُعَیْبًا كَاَنْ لَّمْ یَغْنَوْا فِیْهَا ۛۚ اَلَّذِیْنَ كَذَّبُوْا شُعَیْبًا كَانُوْا هُمُ الْخٰسِرِیْنَ ۟","assameseTranslation":"শ্বুআইবক যিসকলে মিছলীয়া বুলি কৈছিল, এনে লাগিল যেনিবা সিহঁতে তাত বসবাসেই কৰা নাছিল। শ্বুআইবক যিসকলে মিছলীয়া বুলি কৈছিল সিহঁতেই ক্ষতিগ্ৰস্ত হৈছিল।","footnotes":"","tafseer":"যিসকলে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল সিহঁত সকলোৱে ধ্বংস হৈছে। সিহঁতৰ অৱস্থা এনেকুৱা হৈছিল যেনিবা সিহঁতে সেই নগৰত কেতিয়াও বসবাসেই কৰা নাছিল। যিসকলে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছে, সিহঁতেই ক্ষতিগ্ৰস্ত হৈছে। কিয়নো সিহঁতে নিজকেও ধ্বংস কৰিছে আৰু নিজৰ ধন-সম্পত্তিকো ধ্বংস কৰিছে। আনহাত তেওঁৰ সম্প্ৰদায়ৰ মুমিনসকলৰ কোনো ক্ষয়-ক্ষতি হোৱা নাছিল, যিদৰে কাফিৰসকলে দাবী কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007092.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007092.mp3"},{"index":"93","arabicText":"فَتَوَلّٰی عَنْهُمْ وَقَالَ یٰقَوْمِ لَقَدْ اَبْلَغْتُكُمْ رِسٰلٰتِ رَبِّیْ وَنَصَحْتُ لَكُمْ ۚ فَكَیْفَ اٰسٰی عَلٰی قَوْمٍ كٰفِرِیْنَ ۟۠","assameseTranslation":"তাৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ প্ৰতিপালকৰ ৰিছালত (প্ৰাপ্ত বাণী) মই তোমালোকৰ ওচৰলৈ পৌঁচাই দিছোঁ আৰু তোমালোকৰ কল্যাণ কামনা কৰিছোঁ। এতেকে মই কাফিৰ সম্প্ৰদায়ৰ বাবে কেনেকৈ আক্ষেপ কৰিম’!","footnotes":"","tafseer":"সিহঁত ধ্বংস হোৱাৰ পিছত শ্বুআইব আলাইহিচ্ছালামে সিহঁতৰ পৰা মুখ ঘূৰাই ল’লে আৰু ক'লেঃ হে মোৰ সম্প্ৰদায়! মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিছোঁ, যিটো পৌঁচাই দিবলৈ মোক মোৰ প্ৰতিপালকে আদেশ দিছিল, আৰু মই তোমালোকৰ কল্যাণ কামনা কৰিছিলোঁ কিন্তু তোমালোকে মোৰ পৰামৰ্শ গ্ৰহণ কৰা নাছিলা, লগতে মই দেখুৱা পথত পৰিচালিত হোৱা নাছিলা। তেন্তে মই কিয় এনেকুৱা জাতিৰ বাবে আক্ষেপ কৰিম বা শোক পালন কৰিম, যি জাতিয়ে আল্লাহক অস্বীকাৰ কৰে আৰু কুফৰৰ ওপৰত অটল থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007093.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007093.mp3"},{"index":"94","arabicText":"وَمَاۤ اَرْسَلْنَا فِیْ قَرْیَةٍ مِّنْ نَّبِیٍّ اِلَّاۤ اَخَذْنَاۤ اَهْلَهَا بِالْبَاْسَآءِ وَالضَّرَّآءِ لَعَلَّهُمْ یَضَّرَّعُوْنَ ۟","assameseTranslation":"আৰু আমি যি ঠাইতেই নবী প্ৰেৰণ কৰিছোঁ সেই ঠাইৰ অধিবাসীসকলক অৰ্থ-সংকট আৰু দুখ-কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছোঁ, যাতে সিহঁতে কাকূতি-মিনতি কৰে।","footnotes":"","tafseer":"এতেকে যেতিয়াই আমি কোনো গাওঁৰ অধিবাসীসকলৰ প্ৰতি আমাৰ ফালৰ পৰা কোনো নবী প্ৰেৰণ কৰিছোঁ, আৰু তাৰ অধিবাসীসকলে সেই নবীক অস্বীকাৰ কৰিছে আৰু কুফৰ কৰিছে, তেতিয়াই আমি সিহঁতক কঠিন পৰিস্থিতি আৰু দুৰ্ভিক্ষ তথা বেমাৰ-আজাৰত আক্ৰান্ত কৰিছোঁ। যাতে সিহঁতে আল্লাহৰ ওচৰত নত স্বীকাৰ কৰি বিনয়ী হয়, লগতে কুফৰ আৰু অহংকাৰ পৰিত্যাগ কৰে। দৰাচলতে পূৰ্বৱৰ্তী সম্প্ৰদায়ৰ বিষয়ে আল্লাহৰ ৰীতি উল্লেখ কৰি কুৰাইশ্ব আৰু সকলো অস্বীকাৰকাৰী কাফিৰসকলক সাৱধান কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007094.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007094.mp3"},{"index":"95","arabicText":"ثُمَّ بَدَّلْنَا مَكَانَ السَّیِّئَةِ الْحَسَنَةَ حَتّٰی عَفَوْا وَّقَالُوْا قَدْ مَسَّ اٰبَآءَنَا الضَّرَّآءُ وَالسَّرَّآءُ فَاَخَذْنٰهُمْ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟","assameseTranslation":"তাৰ পিছত আমি (সিহঁতৰ) বেয়া অৱস্থাক ভাল অৱস্থাৰে পৰিবৰ্তন কৰি দিওঁ। অৱশেষত সিহঁতে প্ৰাচুৰ্যৰ অধিকাৰী হয় আৰু কয়, ‘আমাৰ পূৰ্বপুৰুষসকলেও সুখ-দুখ ভোগ কৰিছে’। তাৰ পিছত আমি হঠাৎ সিহঁতক এনেকৈ ধৰি পেলাওঁ যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰে।","footnotes":"","tafseer":"দুৰ্ভিক্ষ আৰু বেমাৰ-আজাৰৰ পিছত আমি সিহঁতক সুখ-সুবিধা প্ৰদান কৰিছোঁ। অৱশেষত সিহঁতৰ সংখ্যা যেতিয়া বৃদ্ধি পালে তথা সিহঁতৰ ধন-সম্পত্তিও বৃদ্ধি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে যে, আমি সন্মুখীন হোৱা কল্যাণ অকল্যাণ কোনো নতুন বিষয় নহয়, আমাৰ পূৰ্বেও আমাৰ পূৰ্বপুৰুষসকলে সুখ-দুখৰ সন্মুখীন হৈছিল। দৰাচলতে সিহঁতে এইটো উপলব্ধি কৰিব পৰা নাই যে, সিহঁতৰ পূৰ্বপুৰুষসকলে যিটোৰ সন্মুখীন হৈছিল সেইটো আছিল সিহঁতৰ প্ৰতি এটা শাস্তি, যিটোৰ পৰা ইহঁতে শিক্ষা ল’ব লাগিছিল। আনহাতে সিহঁতক যি অনুগ্ৰহ আৰু নিয়ামত দিয়া হৈছিল, সেয়া আছিল এক প্ৰকাৰ অৱকাশ। অৱশেষত আমি সিহঁতক আকস্মিক শাস্তিৰ দ্বাৰা আক্ৰান্ত কৰিছিলোঁ, যিটোক সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল আৰু ভাবিবও পৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007095.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007095.mp3"},{"index":"96","arabicText":"وَلَوْ اَنَّ اَهْلَ الْقُرٰۤی اٰمَنُوْا وَاتَّقَوْا لَفَتَحْنَا عَلَیْهِمْ بَرَكٰتٍ مِّنَ السَّمَآءِ وَالْاَرْضِ وَلٰكِنْ كَذَّبُوْا فَاَخَذْنٰهُمْ بِمَا كَانُوْا یَكْسِبُوْنَ ۟","assameseTranslation":"আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোঁহেঁতেন, কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল; সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক কৰায়ত্ব কৰিছোঁ।","footnotes":"","tafseer":"এই নগৰৰ অধিবাসীসকলে, যিসকলৰ প্ৰতি আমি আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ, যদি সিহঁতে ৰাছুলসকলৰ বাৰ্তাক সত্য বুলি স্বীকাৰ কৰিলেহেঁতেন! নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিলেহেঁতেন! কুফৰ আৰু গুনাহৰ পৰা বিৰত থাকি তেওঁৰ আদেশ পালন কৰিলেহেঁতেন তেন্তে আমি সিহঁতৰ বাবে চাৰিওফালৰ পৰা কল্যাণৰ দুৱাৰ খুলি দিলোঁহেঁতেন। কিন্তু সিহঁতে স্বীকাৰো কৰা নাছিল আৰু তাক্বৱাও অৱলম্বন কৰা নাছিল। বৰং ৰাছুলসকলৰ বাৰ্তাক অস্বীকাৰ কৰিছিল। ফলত আমি সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে আকস্মিক শাস্তিৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007096.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007096.mp3"},{"index":"97","arabicText":"اَفَاَمِنَ اَهْلُ الْقُرٰۤی اَنْ یَّاْتِیَهُمْ بَاْسُنَا بَیَاتًا وَّهُمْ نَآىِٕمُوْنَ ۟ؕ","assameseTranslation":"জনপদৰ অধিবাসীবিলাকে ৰাতিৰ ভাগত সিহঁতৰ ওচৰলৈ আমাৰ শাস্তি নাহিব বুলি নিৰাপদ হৈছে নেকি, যেতিয়া সিহঁত টোপনিত থাকিব?","footnotes":"","tafseer":"এই অস্বীকাৰকাৰী নগৰৰ অধিবাসীসকলে ৰাতিৰ ভাগত সিহঁতৰ ওপৰত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে নেকি, যেতিয়া সিহঁতে গভীৰ টোপনিত থাকিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007097.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007097.mp3"},{"index":"98","arabicText":"اَوَاَمِنَ اَهْلُ الْقُرٰۤی اَنْ یَّاْتِیَهُمْ بَاْسُنَا ضُحًی وَّهُمْ یَلْعَبُوْنَ ۟","assameseTranslation":"নে জনপদৰ অধিবাসীবিলাকে দিনৰ ভগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে খেল-ধেমালিত মগ্ন থাকিব?","footnotes":"","tafseer":"নে জনপদৰ অধিবাসীসকলে দিনৰ প্ৰথম ভাগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে পাৰ্থিৱ কামত ব্যস্ত হৈ সম্পূৰ্ণৰূপে অমনোযোগী হৈ থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007098.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007098.mp3"},{"index":"99","arabicText":"اَفَاَمِنُوْا مَكْرَ اللّٰهِ ۚ فَلَا یَاْمَنُ مَكْرَ اللّٰهِ اِلَّا الْقَوْمُ الْخٰسِرُوْنَ ۟۠","assameseTranslation":"সিহঁতে আল্লাহৰ কৌশলৰ পৰাও নিৰাপদ হৈছেনে? প্ৰকৃততে ক্ষতিগ্ৰস্ত সম্প্ৰদায়ৰ বাহিৰে কোনেও আল্লাহৰ কৌশলৰ পৰা (নিজকে) নিৰাপদ বুলি নাভাৱে।","footnotes":"","tafseer":"চোৱা! আল্লাহে সিহঁতক কেনেকৈ অৱকাশ দিছে, লগতে সিহঁতক শক্তি আৰু জীৱিকাৰ প্ৰশস্ততা প্ৰদান কৰিছে। এতেকে এই অস্বীকাৰকাৰী জনপদৰ অধিবাসীসকলে আল্লাহৰ কৌশল আৰু তেওঁৰ গোপন উপায় সম্পৰ্কে নিশ্চিন্ত হৈছে নেকি? এতেকে (জানি থোৱা!) আল্লাহৰ গোপন কৌশলৰ পৰা কেৱল সেইসকল লোকেই নিশ্চিন্ত মনে অমনোযোগী হৈ থাকে, যিসকলৰ ভাগ্যত বিনাশ লিখা হৈছে। আনহাতে তাওফীকপ্ৰাপ্ত লোকসকলে তেওঁৰ গোপন কৌশলৰ পৰা ভয় কৰে। সেয়ে তেওঁলোকে তেওঁৰ নিয়ামতৰ দ্বাৰা প্ৰৱঞ্চিত নহয়। বৰং তেওঁৰ অনুগ্ৰহত কৃতজ্ঞতা প্ৰকাশ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007099.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007099.mp3"},{"index":"100","arabicText":"اَوَلَمْ یَهْدِ لِلَّذِیْنَ یَرِثُوْنَ الْاَرْضَ مِنْ بَعْدِ اَهْلِهَاۤ اَنْ لَّوْ نَشَآءُ اَصَبْنٰهُمْ بِذُنُوْبِهِمْ ۚ وَنَطْبَعُ عَلٰی قُلُوْبِهِمْ فَهُمْ لَا یَسْمَعُوْنَ ۟","assameseTranslation":"কোনো দেশৰ জনগণৰ (ধ্বংসৰ) পিছত যিসকলে সেই দেশৰ উত্তৰাধিকাৰী হয় সিহঁতৰ ওচৰত এইটো প্ৰতীয়মান হোৱা নাইনে যে, আমি ইচ্ছা কৰিলে সিহঁতৰ পাপকৰ্মৰ ফলত সিহঁতক শাস্তি দিব পাৰোঁ? আৰু আমি সিহঁতৰ হৃদয়ত মোহৰ মাৰি দিম, ফলত সিহঁতে একো শুনা নাপাব।","footnotes":"","tafseer":"সেইসকল লোকৰ সন্মুখত এই তথ্য স্পষ্ট হোৱা নাই নেকি, যিসকলে নিজৰ পূৰ্বপুৰুষৰ পিছত পৃথিৱীত উত্তৰাধিকাৰী হৈছে আৰু সিহঁতৰ পূৰ্বপুৰুষক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰা হৈছিল। সিহঁতে সিহঁতৰ ওপৰত অহা শাস্তিৰ পৰা শিক্ষা গ্ৰহণ নকৰিলে, বৰং সিহঁতৰ দৰেই কাৰ্যত লিপ্ত থাকিল। এইসকল লোকৰ সন্মুখত এই কথাও স্পষ্ট হোৱা নাই নেকি যে, আল্লাহে যদি ইচ্ছা কৰে তেন্তে ইহঁতক ইহঁতৰ গুনাহৰ কাৰণে তেওঁৰ ৰীতি অনুসাৰে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু অন্তৰত মোহৰ মাৰি দিব পাৰে, ফলত কোনো শিক্ষাৰ পৰা লাভান্বিত হ'ব নোৱাৰিব আৰু কোনো উপদেশও উপকাৰত নাহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007100.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007100.mp3"},{"index":"101","arabicText":"تِلْكَ الْقُرٰی نَقُصُّ عَلَیْكَ مِنْ اَنْۢبَآىِٕهَا ۚ وَلَقَدْ جَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ ۚ فَمَا كَانُوْا لِیُؤْمِنُوْا بِمَا كَذَّبُوْا مِنْ قَبْلُ ؕ كَذٰلِكَ یَطْبَعُ اللّٰهُ عَلٰی قُلُوْبِ الْكٰفِرِیْنَ ۟","assameseTranslation":"সেইবোৰ জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছোঁ, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণসহ আহিছিল; কিন্তু পূৰ্বে সিহঁতে যিটোক মিছা বুলি অগ্ৰাহ্য কৰিছিল সেইটোক দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। এইদৰেই আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে।","footnotes":"","tafseer":"হে ৰাছুল! এইবোৰ আছিল পূৰ্বৱৰ্তী নগৰ, অৰ্থাৎ নূহ, হূদ, ছলেহ, লূত আৰু শ্বুআইব আলাইহিচ্ছালামৰ নগৰ। যিসকলৰ কাহিনী আৰু সিহঁতৰ অস্বীকাৰ তথা কট্টৰতাৰ বৰ্ণনা আৰু সিহঁতৰ বিনাশৰ বিৱৰণ আমি আপোনাক শুনাই আছোঁ, যাতে এয়া শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে শিক্ষা আৰু উপদেশ আহৰণকাৰীসকলৰ বাবে উপদেশ হয়। এই নগৰবাসীসকলৰ ওচৰত ৰাছুলসকলে তেওঁলোকৰ সত্যতাৰ স্পষ্ট প্ৰমাণ লৈ আহিছিল, কিন্তু সিহঁতে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা নাছিল, এই কথা আল্লাহেও ভালকৈ জানিছিল যে, সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিব। যিদৰে আল্লাহে এই নগৰৰ অধিবাসীসকলৰ অন্তৰত মোহৰ মাৰি দিছিল, ঠিক সেইদৰে আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰকাৰী লোকসকলৰ অন্তৰতো মোহৰ মাৰি দিব আৰু সিহঁতে ঈমান পোষণ কৰিবলৈ সৌভাগ্য লাভ নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007101.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007101.mp3"},{"index":"102","arabicText":"وَمَا وَجَدْنَا لِاَكْثَرِهِمْ مِّنْ عَهْدٍ ۚ وَاِنْ وَّجَدْنَاۤ اَكْثَرَهُمْ لَفٰسِقِیْنَ ۟","assameseTranslation":"আৰু আমি সিহঁতৰ অধিকাংশকেই প্ৰতিশ্ৰুতি ৰক্ষাকাৰী পোৱা নাই, বৰং আমি সিহঁতৰ অধিকাংশকেই ফাছিক্ব পাইছোঁ।","footnotes":"","tafseer":"সিহঁতৰ মাজৰ যিসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল, সিহঁতৰ অধিকাংশৰ মাজতে আমি প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ আগ্ৰহ আৰু আল্লাহৰ আদেশ পালন কৰাৰ আগ্ৰহ দেখা পোৱা নাই। বৰং সিহঁতৰ অধিকাংশকে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত হোৱা পাইছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007102.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007102.mp3"},{"index":"103","arabicText":"ثُمَّ بَعَثْنَا مِنْ بَعْدِهِمْ مُّوْسٰی بِاٰیٰتِنَاۤ اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَظَلَمُوْا بِهَا ۚ فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُفْسِدِیْنَ ۟","assameseTranslation":"সিহঁতৰ পিছত আমি মুছাক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ; কিন্তু সিহঁতে সেইবোৰৰ লগত অত্যাচাৰ কৰিছিল। এতেকে বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কি পৰিণাম হৈছিল সেয়া লক্ষ্য কৰি চোৱা।","footnotes":"","tafseer":"আমি সেইসকল ৰাছুলৰ পিছত মূছা আলাইহিচ্ছালামক আমাৰ স্পষ্ট দলীল-প্ৰমাণ সহকাৰে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, যিবোৰ প্ৰমাণে তেওঁক সত্য নবী হিচাপে প্ৰমাণিত কৰে। কিন্তু সিহঁতে সেইবোৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু কুফুৰী কৰিছিল। এতেকে হে ৰাছুল! ভাবি চাওকচোন! ফলত ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ কেনেকুৱা পৰিণতি হৈছিল? আল্লাহে সিহঁতক পানীত ডুবাই মাৰিছিল, লগতে সিহঁতক পৃথিৱী আৰু আখিৰাতত অভিশপ্ত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007103.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007103.mp3"},{"index":"104","arabicText":"وَقَالَ مُوْسٰی یٰفِرْعَوْنُ اِنِّیْ رَسُوْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟ۙ","assameseTranslation":"মুছাই ক’লে, ‘হে ফিৰআউন! নিশ্চয় মই হৈছোঁ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল’।","footnotes":"","tafseer":"আল্লাহে যেতিয়া মূছাক নবী হিচাপে ফিৰআউনৰ ওচৰলৈ প্ৰেৰণ কৰিলে, তেতিয়া তেওঁ তাৰ ওচৰলৈ আহি ক'লেঃ হে ফিৰআউন! মই প্ৰকৃততে সকলো সৃষ্টিৰ স্ৰষ্টাৰ ফালৰ পৰা, সিহঁতৰ মালিক আৰু সিহঁতৰ সকলো কৰ্মৰ পৰিচালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007104.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007104.mp3"},{"index":"105","arabicText":"حَقِیْقٌ عَلٰۤی اَنْ لَّاۤ اَقُوْلَ عَلَی اللّٰهِ اِلَّا الْحَقَّ ؕ قَدْ جِئْتُكُمْ بِبَیِّنَةٍ مِّنْ رَّبِّكُمْ فَاَرْسِلْ مَعِیَ بَنِیْۤ اِسْرَآءِیْلَ ۟ؕ","assameseTranslation":"‘এইটো স্থিৰ নিশ্চিত যে, মই আল্লাহ সম্বন্ধে সত্যৰ বাহিৰে একো নকওঁ। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ, সেয়ে বনী ইছৰাঈলক তুমি মোৰ লগত যাবলৈ দিয়া’।","footnotes":"","tafseer":"মূছাই ক'লেঃ মই যিহেতু আল্লাহৰ ৰাছুল, সেয়ে তেওঁৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱাটো মোৰ বাবে উচিত নহয়। নিশ্চয় মই তোমালোকৰ ওচৰলৈ এনেকুৱা স্পষ্ট প্ৰমাণ লৈ আহিছোঁ, যিবোৰে প্ৰমাণ কৰে যে, মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি প্ৰেৰিত সত্য ৰাছুল। এতেকে বনী ইছৰাঈলক তোমাৰ কাৰাগাৰৰ পৰা তথা অধীনৰ পৰা স্বাধীন কৰি দিয়া আৰু মোৰ লগত যাবলৈ দিয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007105.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007105.mp3"},{"index":"106","arabicText":"قَالَ اِنْ كُنْتَ جِئْتَ بِاٰیَةٍ فَاْتِ بِهَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟","assameseTranslation":"সি (ফিৰআউনে) ক’লে, ‘যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, তেন্তে সেয়া উপস্থাপন কৰা, যদিহে তুমি সত্যবাদী’।","footnotes":"","tafseer":"ফিৰআউনে মূছাক ক'লেঃ যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, যিদৰে তুমি দাবী কৰি আছা, তেন্তে সেয়া উপস্থাপন কৰা, যদি তুমি তোমাৰ দাবীত সত্যবাদী হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007106.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007106.mp3"},{"index":"107","arabicText":"فَاَلْقٰی عَصَاهُ فَاِذَا هِیَ ثُعْبَانٌ مُّبِیْنٌ ۟ۚۖ","assameseTranslation":"তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।","footnotes":"","tafseer":"তাৰ পিছত মূছা আলাইহিচ্ছালামে নিজৰ লাখুটিডাল মাটিত দলিয়ালে, ফলত সেইটো হঠাৎ প্ৰত্যক্ষদৰ্শীসকলৰ বাবে প্ৰকাণ্ড অজগৰ সাপত পৰিণত হ’ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007107.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007107.mp3"},{"index":"108","arabicText":"وَّنَزَعَ یَدَهٗ فَاِذَا هِیَ بَیْضَآءُ لِلنّٰظِرِیْنَ ۟۠","assameseTranslation":"আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ দৃষ্টিত শুভ্ৰ উজ্জ্বল দেখা গ’ল।","footnotes":"","tafseer":"আৰু তেখেতে চোলাৰ মাজত হাত প্ৰৱেশ কৰি বুকুৰ পৰা অথবা কাষলতিৰ পৰা হাত উলিয়ালে, ফলত তেখেতৰ হাত শুভ্ৰতাৰ কাৰণে জিলিকি আছিল, আৰু এয়া কোনো বগা বেমাৰৰ ফলত হোৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007108.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007108.mp3"},{"index":"109","arabicText":"قَالَ الْمَلَاُ مِنْ قَوْمِ فِرْعَوْنَ اِنَّ هٰذَا لَسٰحِرٌ عَلِیْمٌ ۟ۙ","assameseTranslation":"ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’,","footnotes":"","tafseer":"নেতৃবৰ্গীয় আৰু প্ৰমূখ শ্ৰেণীৰ লোকসকলে যেতিয়া মূছা আলাইহিচ্ছালামৰ লাখুটিক সাপত পৰিণত হোৱা দেখিলে আৰু কোনো বেমাৰ নোহোৱাকৈ তেওঁৰ হাতৰ শুভ্ৰতা প্ৰত্যক্ষ কৰিলে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে যে, মূছা হৈছে এজন দক্ষ যাদুকৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007109.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007109.mp3"},{"index":"110","arabicText":"یُّرِیْدُ اَنْ یُّخْرِجَكُمْ مِّنْ اَرْضِكُمْ ۚ فَمَاذَا تَاْمُرُوْنَ ۟","assameseTranslation":"‘এওঁ তোমালোকক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, এতিয়া তোমালোকে কি পৰামৰ্শ দিয়া’?","footnotes":"","tafseer":"তেওঁ তোমালোকক তেওঁৰ যাদুৰ সহায়ত তোমালোকৰ দেশ মিচৰৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে। তাৰ পিছত ফিৰআউনে মূছা সম্পৰ্কে সিহঁতৰ ওচৰত পৰামৰ্শ বিচাৰি ক'লেঃ এই সম্পৰ্কে তোমালোকে মোক কি পৰামৰ্শ দিয়া?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007110.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007110.mp3"},{"index":"111","arabicText":"قَالُوْۤا اَرْجِهْ وَاَخَاهُ وَاَرْسِلْ فِی الْمَدَآىِٕنِ حٰشِرِیْنَ ۟ۙ","assameseTranslation":"সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক অলপ অৱকাশ দিয়ক, আৰু চহৰে-নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক’,","footnotes":"","tafseer":"সিহঁতে ফিৰআউনক ক'লেঃ মূছা আৰু তেওঁৰ ভাতৃ হাৰূনক অৱকাশ দিয়ক, আৰু চহৰ-নগৰলৈ সংগ্ৰাহকসকলক পঠাই দিয়ক, যিসকলে যাদুকৰ সকলক একত্ৰিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007111.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007111.mp3"},{"index":"112","arabicText":"یَاْتُوْكَ بِكُلِّ سٰحِرٍ عَلِیْمٍ ۟","assameseTranslation":"‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰতিজন সুদক্ষ যাদুকৰক উপস্থিত কৰে’।","footnotes":"","tafseer":"এইসকল সংগ্ৰাহকে যিসকলক আপুনি চহৰ-নগৰলৈ যাদুকৰ একত্ৰিত কৰিবলৈ পঠাব, সিহঁতে আপোনাৰ বাবে সকলো দক্ষ আৰু পাৰদৰ্শী যাদুকৰ বিচাৰি আনিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007112.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007112.mp3"},{"index":"113","arabicText":"وَجَآءَ السَّحَرَةُ فِرْعَوْنَ قَالُوْۤا اِنَّ لَنَا لَاَجْرًا اِنْ كُنَّا نَحْنُ الْغٰلِبِیْنَ ۟","assameseTranslation":"যাদুকৰসকলে ফিৰআউনৰ ওচৰত আহি ক’লে, ‘আমি যদি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিব নে নাই’?","footnotes":"","tafseer":"তাৰ পিছত ফিৰআউনে যাদুকৰসকলক একত্ৰিত কৰিবলৈ সংগ্ৰাহক প্ৰেৰণ কৰিলে। যেতিয়া যাদুকৰসকল ফিৰআউনৰ ওচৰত আহিল, সিহঁতে ফিৰআউনক ক'লেঃ যদি আমি আমাৰ যাদুৰ বলত মূছাৰ ওপৰত বিজয় হ'বলৈ সক্ষম হওঁ তেন্তে আমাৰ বাবে কোনো পুৰষ্কাৰ আছেনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007113.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007113.mp3"},{"index":"114","arabicText":"قَالَ نَعَمْ وَاِنَّكُمْ لَمِنَ الْمُقَرَّبِیْنَ ۟","assameseTranslation":"সি ক’লে, ‘হয়, নিশ্চয় তোমালোক মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।","footnotes":"","tafseer":"তেতিয়া ফিৰআউনে ক'লেঃ হয়, নিশ্চয় আছে। তোমালোকক ইয়াৰ প্ৰতিদান আৰু পুৰষ্কাৰ দিয়া হ'ব, লগতে তোমালোকক এনেকুৱা পদ দিয়া হ'ব যে, তোমালোক মোৰ নিকটৱৰ্তী হৈ থাকিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007114.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007114.mp3"},{"index":"115","arabicText":"قَالُوْا یٰمُوْسٰۤی اِمَّاۤ اَنْ تُلْقِیَ وَاِمَّاۤ اَنْ نَّكُوْنَ نَحْنُ الْمُلْقِیْنَ ۟","assameseTranslation":"সিহঁতে ক’লে, ‘হে মুছা! তুমি (আগতে) নিক্ষেপ কৰিবা নে আমি (আগতে) নিক্ষেপ কৰিম’?","footnotes":"","tafseer":"যাদুকৰ সকলে মূছাৰ ওপৰত নিশ্চিত বিজয় হ'ব বুলি বিশ্বাস কৰি অহংকাৰত ক'লেঃ হে মূছা! তুমি কি বিচৰা, কোনে আগতে নিক্ষেপ কৰিব? তুমি নে আমি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007115.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007115.mp3"},{"index":"116","arabicText":"قَالَ اَلْقُوْا ۚ فَلَمَّاۤ اَلْقَوْا سَحَرُوْۤا اَعْیُنَ النَّاسِ وَاسْتَرْهَبُوْهُمْ وَجَآءُوْ بِسِحْرٍ عَظِیْمٍ ۟","assameseTranslation":"তেওঁ (মুছাই) ক’লে, ‘তোমালোকেই (আগতে) নিক্ষেপ কৰা’। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ সহায়ৰ ওপৰত ভৰসা কৰি সিহঁতক ক'লেঃ তোমালোকেই আগতে তোমালোকৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰা। এতেকে যেতিয়া সিহঁতে নিজৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰিলে তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে আৰু সিহঁতক বাস্তৱতা দেখিবলৈ প্ৰতিৰোধ কৰিলে আৰু আতংকিত কৰিলে, আৰু প্ৰত্যক্ষদৰ্শীসকলৰ সন্মুখত এটা ডাঙৰ যাদু দেখুৱালে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007116.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007116.mp3"},{"index":"117","arabicText":"وَاَوْحَیْنَاۤ اِلٰی مُوْسٰۤی اَنْ اَلْقِ عَصَاكَ ۚ فَاِذَا هِیَ تَلْقَفُ مَا یَاْفِكُوْنَ ۟ۚ","assameseTranslation":"আৰু আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমিও তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। লগে লগে সেই লাখুটিডালে (অজগৰ সাপত পৰিণত হৈ) সিহঁতে যি অলীক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে;","footnotes":"","tafseer":"আল্লাহে তেওঁৰ নবী মূছা কালিমুল্লাহৰ প্ৰতি অহী কৰি ক'লেঃ হে মূছা! তুমি তোমাৰ লাঠি নিক্ষেপ কৰা। ফলত তেওঁ নিজৰ লাঠি নিক্ষেপ কৰিলে, আৰু চকুৰ পলকতে লাঠি সাপত পৰিণত হ'ল আৰু সিহঁতৰ লাঠি আৰু ৰছীবোৰক গিলি পেলাবলৈ ধৰিলে, যিবোৰক সিহঁতে বাস্তৱৰ পৰা ৰূপান্তৰিত কৰি অলীক বস্তু বনাই মানুহক ভ্ৰমিত কৰিছিল যে, যেনিবা এইবোৰ হৈছে জীৱিত সাপ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007117.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007117.mp3"},{"index":"118","arabicText":"فَوَقَعَ الْحَقُّ وَبَطَلَ مَا كَانُوْا یَعْمَلُوْنَ ۟ۚ","assameseTranslation":"ফলত সত্য প্ৰতিষ্ঠিত হ’ল আৰু সিহঁতে যি কৰিছিল সেয়া বাতিল বুলি প্ৰতিপন্ন হ’ল।","footnotes":"","tafseer":"এতেকে সত্য প্ৰকাশ পালে তথা মূছা আলাইহিচ্ছালামে যি লৈ আহিছে তাৰ সত্যতা স্পষ্ট হৈ গ'ল আৰু যাদুকৰসকলে যি যাদু দেখুৱাইছিল সেয়া মিছা প্ৰমাণিত হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007118.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007118.mp3"},{"index":"119","arabicText":"فَغُلِبُوْا هُنَالِكَ وَانْقَلَبُوْا صٰغِرِیْنَ ۟ۚ","assameseTranslation":"এতেকে সিহঁতে তাত পৰাজিত হ’ল আৰু লাঞ্ছিত হৈ উভতি গ’ল,","footnotes":"","tafseer":"অৱশেষত সিহঁতে সেই আয়োজনত পৰাজিত হ'ল তথা মূছা আলাইহিচ্ছালাম বিজয়প্ৰাপ্ত হ'ল। এইদৰে সিহঁতে অপমাণিত আৰু পৰাজিত হৈ ঘৰমুৱা হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007119.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007119.mp3"},{"index":"120","arabicText":"وَاُلْقِیَ السَّحَرَةُ سٰجِدِیْنَ ۟ۚۖ","assameseTranslation":"আৰু যাদুকৰবিলাক ছাজদাৱনত হ’ল।","footnotes":"","tafseer":"আনহাতে যাদুকৰসকলে আল্লাহৰ অসীম ক্ষমতা তথা স্পষ্ট নিদৰ্শন দেখি পৱিত্ৰ আল্লাহৰ সন্মুখত ছাজদাহ নত হ'ল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007120.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007120.mp3"},{"index":"121","arabicText":"قَالُوْۤا اٰمَنَّا بِرَبِّ الْعٰلَمِیْنَ ۟ۙ","assameseTranslation":"তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি’।","footnotes":"","tafseer":"যাদুকৰসকলে ক'লেঃ আমি সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007121.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007121.mp3"},{"index":"122","arabicText":"رَبِّ مُوْسٰی وَهٰرُوْنَ ۟","assameseTranslation":"‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।","footnotes":"","tafseer":"মূছা আৰু হাৰূন আলাইহিমাচ্ছালামৰ প্ৰতিপালকৰ ওপৰত (ঈমান আনিছোঁ)। কেৱল তেৱেঁই ইবাদতৰ যোগ্য, তেওঁৰ বাহিৰে সকলো তথাকথিত উপাস্য হৈছে অসত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007122.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007122.mp3"},{"index":"123","arabicText":"قَالَ فِرْعَوْنُ اٰمَنْتُمْ بِهٖ قَبْلَ اَنْ اٰذَنَ لَكُمْ ۚ اِنَّ هٰذَا لَمَكْرٌ مَّكَرْتُمُوْهُ فِی الْمَدِیْنَةِ لِتُخْرِجُوْا مِنْهَاۤ اَهْلَهَا ۚ فَسَوْفَ تَعْلَمُوْنَ ۟","assameseTranslation":"ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে এই চক্ৰান্ত কৰিছা। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।","footnotes":"","tafseer":"যেতিয়া তেওঁলোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিলে, তেতিয়া ফিৰআউনে তেওঁলোকক ধমক দি ক'লেঃ মই অনুমতি দিয়াৰ আগতে তোমালোকে মূছাক বিশ্বাস কৰিলা? নিশ্চয় মূছাৰ প্ৰতি তোমালোকৰ ঈমান আৰু তেওঁ লৈ অহা চৰীয়তক মানি লোৱাটো হৈছে এটা ষড়যন্ত্ৰ, যিটো তোমালোকে মূছাৰ লগত মিলি ৰচিছা, এই নগৰৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাৰ বাবে। এতেকে হে যাদুকৰসকল! শীঘ্ৰেই তোমালোকে জানিবলৈ পাবা যে, তোমালোকে ইয়াৰ পৰিবৰ্তে কেনেকুৱা কষ্ট আৰু শাস্তি ভোগ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007123.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007123.mp3"},{"index":"124","arabicText":"لَاُقَطِّعَنَّ اَیْدِیَكُمْ وَاَرْجُلَكُمْ مِّنْ خِلَافٍ ثُمَّ لَاُصَلِّبَنَّكُمْ اَجْمَعِیْنَ ۟","assameseTranslation":"‘নিশ্চয় মই তোমালোকৰ হাত-ভৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰি দিম; তাৰ পিছত নিশ্চয় মই তোমালোক আটাইকে শূলত দিম’।","footnotes":"","tafseer":"মই অৱশ্যে তোমালোকৰ প্ৰত্যকৰে সোঁহাত আৰু বাওঁ ভৰি অথবা বাওঁহাত আৰু সোঁ ভৰি কাটি দিম। তাৰ পিছত তোমালোকক খেজুৰ গছত ওলমাই থম। এয়া কৰিম তোমালোকক শাস্তি দিয়াৰ বাবে আৰু যিসকলে তোমালোকক এই অৱস্থাত দেখিব সেইসকলক ভয় দেখুৱাৰ উদ্দেশ্যে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007124.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007124.mp3"},{"index":"125","arabicText":"قَالُوْۤا اِنَّاۤ اِلٰی رَبِّنَا مُنْقَلِبُوْنَ ۟ۚ","assameseTranslation":"তেওঁলোকে ক’লে, ‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰলৈকেহে উভতি যাম;","footnotes":"","tafseer":"যাদুকৰসকলে ফিৰআউনৰ এই ধমকৰ উত্তৰ দি ক'লেঃ নিশ্চয় আমি একমাত্ৰ আমাৰ প্ৰতিপালকৰ পিনেই প্ৰত্যাৱৰ্তন কৰিম। এতেকে তোমাৰ ধমকৰ প্ৰতি আমি একো ভ্ৰূক্ষেপ নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007125.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007125.mp3"},{"index":"126","arabicText":"وَمَا تَنْقِمُ مِنَّاۤ اِلَّاۤ اَنْ اٰمَنَّا بِاٰیٰتِ رَبِّنَا لَمَّا جَآءَتْنَا ؕ رَبَّنَاۤ اَفْرِغْ عَلَیْنَا صَبْرًا وَّتَوَفَّنَا مُسْلِمِیْنَ ۟۠","assameseTranslation":"‘আৰু তুমি আমাক শাস্তি দিবলৈ ওলাইছা কেৱল এইকাৰণে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছোঁ যেতিয়া সেয়া আমাৰ ওচৰলৈ আহি পাইছে। হে আমাৰ প্ৰতিপালক! আমাক পৰিপূৰ্ণৰূপে ধৈৰ্য্য দান কৰা, লগতে মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।","footnotes":"","tafseer":"হে ফিৰআউন! তোমাৰ দৃষ্টিত আমাৰ অপৰাধ কেৱল এইটোৱে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনক সত্য বুলি স্বীকাৰ কৰিছোঁ, যিটো মূছা আলাইহিচ্ছালামৰ মাধ্যমত আমাৰ ওচৰলৈ আহি পাইছে। যদি এইটো কোনো দোষ অথবা গুনাহ হয়, তেন্তে সঁচাই আমি গুনাহগাৰ। তাৰ পিছত তেওঁলোকে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰিবলৈ ধৰিলে। হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য্য ঢালি দিয়া, যাতে আমি ধৈৰ্য্যশীল হৈ সত্যৰ ওপৰত অটল থাকিব পাৰোঁ। (হে আল্লাহ!) তোমাৰ ওপৰত নিজকে সমৰ্পিত কৰা অৱস্থাত আৰু তোমাৰ আদেশ পালন কৰা অৱস্থাত লগতে তোমাৰ ৰাছুলৰ অনুসৰণ কৰা অৱস্থাত আমাক মৃত্যু প্ৰদান কৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007126.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007126.mp3"},{"index":"127","arabicText":"وَقَالَ الْمَلَاُ مِنْ قَوْمِ فِرْعَوْنَ اَتَذَرُ مُوْسٰی وَقَوْمَهٗ لِیُفْسِدُوْا فِی الْاَرْضِ وَیَذَرَكَ وَاٰلِهَتَكَ ؕ قَالَ سَنُقَتِّلُ اَبْنَآءَهُمْ وَنَسْتَحْیٖ نِسَآءَهُمْ ۚ وَاِنَّا فَوْقَهُمْ قٰهِرُوْنَ ۟","assameseTranslation":"আৰু ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘আপুনি মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবলৈ আৰু আপোনাক লগতে আপোনাৰ উপাস্যসমূহক বৰ্জন কৰিবলৈ এৰি দিব নেকি? সি ক’লে, ‘শীঘ্ৰেই আমি সিহঁতৰ পুত্ৰসকলক হত্যা কৰিম আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখিম। নিশ্চয় আমি সিহঁতৰ ওপৰত শক্তিধৰ’।","footnotes":"","tafseer":"ফিৰআউন সম্প্ৰদায়ৰ প্ৰমূখ নেতাসকলে ফিৰআউনক মূছা আলাইহিচ্ছালাম আৰু মুমিনসকলৰ বিৰুদ্ধে উচটনি প্ৰদান কৰি ক'লেঃ আপুনি মূছা আৰু তেওঁৰ সম্প্ৰদায়ক এনেকৈ বিপৰ্যয় সৃষ্টি কৰিবলৈ, লগতে আপোনাক আৰু আপোনাৰ ইলাহৰ পৰা বিচ্যুত হ'বলৈ এৰি দিব নেকি, যাতে সিহঁতে এক আল্লাহৰ ইবাদতৰ প্ৰতি মানুহক আহ্বান কৰিব পাৰে? ফিৰআউনে ক'লেঃ আমি বনী ইছৰাঈলৰ পুত্ৰসকলক হত্যা কৰিম আৰু কন্যাসকলক আমাৰ সেৱা কৰিবলৈ জীৱিত ৰাখিম। নিশ্চয় আমি শক্তি আৰু প্ৰভূত্বৰ ক্ষেত্ৰত সিহঁততকৈ উৰ্দ্ধত আৰু আমিয়ে বিজয়প্ৰাপ্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007127.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007127.mp3"},{"index":"128","arabicText":"قَالَ مُوْسٰی لِقَوْمِهِ اسْتَعِیْنُوْا بِاللّٰهِ وَاصْبِرُوْا ۚ اِنَّ الْاَرْضَ لِلّٰهِ ۙ۫ یُوْرِثُهَا مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ؕ وَالْعَاقِبَةُ لِلْمُتَّقِیْنَ ۟","assameseTranslation":"মুছাই তেওঁৰ সম্প্ৰদায়ক ক’লে, ‘আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা; নিশ্চয় পৃথিৱী আল্লাহৰেই। তেৱেঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে ইয়াৰ উত্তৰাধিকাৰী বনায়। আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ক উপদেশ দি ক'লেঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, যাতে তেওঁ তোমালোকৰ বিপদ দূৰ কৰি দিয়ে তথা তোমালোকৰ উপকাৰ কৰে। লগতে যি বিপদ তোমালোকৰ ওপৰত আহিছে তাৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা। কিয়নো এই পৃথিৱী হৈছে একমাত্ৰ আল্লাহৰ, ফিৰআউন তথা আন কাৰোবাৰ নহয় যে, সি যি ইচ্ছা কৰিব তাকেই কৰিব। আল্লাহে নিজ ইচ্ছানুসাৰে ইয়াত মানুহক অৱকাশ দিয়ে। কিন্তু পৃথিৱীত উত্তম পৰিণাম হৈছে কেৱল মুমিনসকলৰ বাবে, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। এই পৃথিৱী তেওঁলোকৰেই, যদিও তেওঁলোকে কিছুমান বিপদ-আপদ আৰু পৰীক্ষাৰ মাজেৰে অতিক্ৰম কৰিব লাগে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007128.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007128.mp3"},{"index":"129","arabicText":"قَالُوْۤا اُوْذِیْنَا مِنْ قَبْلِ اَنْ تَاْتِیَنَا وَمِنْ بَعْدِ مَا جِئْتَنَا ؕ قَالَ عَسٰی رَبُّكُمْ اَنْ یُّهْلِكَ عَدُوَّكُمْ وَیَسْتَخْلِفَكُمْ فِی الْاَرْضِ فَیَنْظُرَ كَیْفَ تَعْمَلُوْنَ ۟۠","assameseTranslation":"সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ অহাৰ আগতেও আমি নিৰ্যাতিত হৈছোঁ আৰু তুমি অহাৰ পিছতো’। তেওঁ ক’লে, ‘অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব, তাৰ পিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামৰ সম্প্ৰদায় বনী ইছৰাঈলে মূছা আলাইহিচ্ছালামক ক'লেঃ হে মূছা! আমি তোমাৰ পূৰ্বেও ফিৰআউনৰ দ্বাৰা নিৰ্যাতিত আছিলোঁ, সি আমাৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যা সন্তানক জীৱিত ৰাখিছিল, আৰু তুমি অহাৰ পিছতো আমি নিৰ্যাতিত হৈ আছোঁ। মূছা আলাইহিচ্ছালামে সিহঁতক আনন্দৰ সংবাদ প্ৰদান কৰি উপদেশ দিলে যে, আশা কৰা যায়, তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰু ফিৰআউনক আৰু তাৰ সম্প্ৰদায়ক ধ্বংস কৰিব, আৰু সিহঁতৰ পিছত তোমালোকক পৃথিৱীৰ আধিপত্য দান কৰিব, আৰু তেওঁ তোমালোকক পৰীক্ষা কৰিব যে, ইয়াৰ পিছত তোমালোক তেওঁৰ কৃতজ্ঞ হোৱা নে অকৃতজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007129.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007129.mp3"},{"index":"130","arabicText":"وَلَقَدْ اَخَذْنَاۤ اٰلَ فِرْعَوْنَ بِالسِّنِیْنَ وَنَقْصٍ مِّنَ الثَّمَرٰتِ لَعَلَّهُمْ یَذَّكَّرُوْنَ ۟","assameseTranslation":"আৰু নিশ্চয় আমি ফিৰআউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছিলোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।","footnotes":"","tafseer":"নিশ্চয় আমি ফিৰআউন সম্প্ৰদায়ক শুকান আৰু দুৰ্ভিক্ষৰ জৰিয়তে শাস্তি প্ৰদান কৰিছিলোঁ তথা ফলমূল আৰু শস্য উৎপাদন হ্ৰাস কৰি পৰীক্ষা কৰিছিলোঁ। যাতে সিহঁতে চিন্তা কৰে আৰু শিক্ষা লয় যে, এই সকলোবোৰ সিহঁতৰ কুফুৰীৰ শাস্তিস্বৰূপে আহিছে আৰু যাতে সিহঁতে আল্লাহৰ ওচৰত তাওবা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007130.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007130.mp3"},{"index":"131","arabicText":"فَاِذَا جَآءَتْهُمُ الْحَسَنَةُ قَالُوْا لَنَا هٰذِهٖ ۚ وَاِنْ تُصِبْهُمْ سَیِّئَةٌ یَّطَّیَّرُوْا بِمُوْسٰی وَمَنْ مَّعَهٗ ؕ اَلَاۤ اِنَّمَا طٰٓىِٕرُهُمْ عِنْدَ اللّٰهِ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আনহাতে যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে।","footnotes":"","tafseer":"যেতয়িা ফিৰআউন সম্প্ৰদায়ে ফলমূল আৰু খাদ্যদ্ৰৱ্য প্ৰচুৰ পৰিমাণে পাইছিল আৰু বস্তু বাহিনীৰ দাম কম আছিল, তেতিয়া সিহঁতে কৈছিল যে, আমাক এইবোৰ আমাৰ যোগ্যতাৰ কাৰণে দিয়া হৈছে। আনহাতে খৰাং, দুৰ্ভিক্ষ, অধিক বেমাৰ-আজাৰ আদি বিপদ-আপদ আহিলে মূছা আলাইহিচ্ছালামক আৰু তেওঁৰ লগত থকা বনী ইছৰাঈলক অমঙ্গল বুলি কৈছিল। প্ৰকৃততে সিহঁতে যি লাভ কৰে সেয়া আল্লাহৰ নিৰ্ণয়ৰ ফলতহে লাভ কৰে। এই ক্ষেত্ৰত সিহঁতৰো কোনো ক্ষমতা নাই আৰু মূছা আলাইহিচ্ছালামৰো কোনো অধিকাৰ নাই, কেৱল মূছা আলাইহিচ্ছালামৰ দুআৰ বাহিৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এই কথা নাজানে, সেই কাৰণেই সিহঁতে ইয়াক আল্লাহৰ বাহিৰে আনৰ লগত সম্পৃক্ত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007131.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007131.mp3"},{"index":"132","arabicText":"وَقَالُوْا مَهْمَا تَاْتِنَا بِهٖ مِنْ اٰیَةٍ لِّتَسْحَرَنَا بِهَا ۙ فَمَا نَحْنُ لَكَ بِمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে কৈছিল, ‘আমাক যাদু কৰিবলৈ তুমি যিকোনো নিদৰ্শনেই আমাৰ ওচৰলৈ লৈ নাহা কিয়, আমি তোমাৰ ওপৰত কেতিয়াও বিশ্বাস স্থাপন নকৰোঁ’।","footnotes":"","tafseer":"ফিৰআউন সম্প্ৰদায়ে সত্যৰ লগত শত্ৰুতা পোষণ কৰি মূছা আলাইহিচ্ছালামক ক'লেঃ আমাৰ ধৰ্মক ভুল প্ৰমাণিত কৰিবলৈ আৰু তাৰ পৰা আমাক বিমুখ কৰিবলৈ, লগতে তুমি যি লৈ আহিছা তাৰ সত্যতা সাব্যস্ত কৰিবলৈ তুমি আমাৰ ওচৰলৈ যি নিদৰ্শন আৰু প্ৰমাণ লৈ আহিবা, সেইবোৰক আমি কেতিয়াও সত্য বুলি মানি নলওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007132.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007132.mp3"},{"index":"133","arabicText":"فَاَرْسَلْنَا عَلَیْهِمُ الطُّوْفَانَ وَالْجَرَادَ وَالْقُمَّلَ وَالضَّفَادِعَ وَالدَّمَ اٰیٰتٍ مُّفَصَّلٰتٍ ۫ فَاسْتَكْبَرُوْا وَكَانُوْا قَوْمًا مُّجْرِمِیْنَ ۟","assameseTranslation":"তাৰ পিছত আমি সিহঁতৰ ওপৰত বিস্তাৰিত নিদৰ্শন হিচাপে প্লাৱন, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ প্ৰেৰণ কৰিছিলোঁ। ইয়াৰ পিছতো সিহঁতে অহংকাৰ কৰিছিল; আৰু সিহঁত আছিল এটা অপৰাধী সম্প্ৰদায়।","footnotes":"","tafseer":"ফলত আমি সিহঁতৰ ওপৰত সিহঁতৰ বিদ্বেষ আৰু অস্বীকাৰ কৰাৰ কাৰণে ইমান পানী বৰ্ষণ কৰিছিলোঁ যে, সিহঁতৰ সকলো খেতি-পথাৰ আৰু ফলৰ বাগান ডুবি গৈছিল। লগতে সিহঁতৰ ওচৰলৈ পঙ্গপাল প্ৰেৰণ কৰিছিলোঁ যিবোৰে সিহঁতৰ ফচল খাই পেলাইছিল। লগতে প্ৰেৰণ কৰিছিলোঁ ওকণি, যিবোৰে খেতি ধ্বংস কৰিছিল আৰু মানুহৰ চুলিৰ মাজত থাকি সিহঁতক কষ্ট দিছিল। এইদৰে প্ৰেৰণ কৰিছিলোঁ প্ৰচুৰ পৰিমাণে ভেকুলী, ফলত সিহঁতৰ পাত্ৰবোৰত ভৰি পৰিছিল আৰু সিহঁতৰ খাদ্যদ্ৰৱ্য নষ্ট কৰিছিল, আৰু সিহঁতৰ টোপনি নাইকিয়া হৈছিল। এইদৰে প্ৰেৰণ কৰিছিলোঁ তেজ, ফলত সিহঁতৰ কুঁৱা আৰু নদ-নদীসমূহ ৰক্তময় হৈ পৰিছিল। আমি এইবোৰ নিদৰ্শন পৃথক পৃথকভাৱে প্ৰেৰণ কৰিছিলোঁ, যিবোৰ ধাৰাবাহিকভাৱে এটাৰ পিছত এটা আহিছিল। কিন্তু এই সকলোবোৰ শাস্তি অহাৰ পিছতো সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল, আৰু মূছা আলাইহিচ্ছালামে লৈ অহা বাৰ্তাক সত্য বুলি স্বীকাৰ কৰিবলৈ অহংকাৰ কৰিছিল। দৰাচলতে সিহঁত আছিল পাপিষ্ঠ সম্প্ৰদায়, কুকৰ্মত লিপ্ত আছিল, সত্যৰ পথ অৱলম্বন কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007133.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007133.mp3"},{"index":"134","arabicText":"وَلَمَّا وَقَعَ عَلَیْهِمُ الرِّجْزُ قَالُوْا یٰمُوْسَی ادْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِنْدَكَ ۚ لَىِٕنْ كَشَفْتَ عَنَّا الرِّجْزَ لَنُؤْمِنَنَّ لَكَ وَلَنُرْسِلَنَّ مَعَكَ بَنِیْۤ اِسْرَآءِیْلَ ۟ۚ","assameseTranslation":"আৰু যেতিয়াই সিহঁতৰ ওপৰত শাস্তি আহিছিল তেতিয়াই সিহঁতে কৈছিল, ‘হে মুছা! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা তোমাৰ লগত তেওঁ যি অঙ্গীকাৰ কৰিছে সেই অনুযায়ী; যদি তুমি আমাৰ পৰা শাস্তি দূৰ কৰি দিব পাৰা তেন্তে আমি নিশ্চয় তোমাৰ ওপৰত ঈমান আনিম আৰু নিশ্চয় বনী ইছৰাঈলক তোমাৰ লগত যাবলৈ দিম’।","footnotes":"","tafseer":"যেতিয়া এইবোৰ শাস্তি আহিল তেতিয়া সিহঁতে মূছা আলাইহিচ্ছালামৰ ওচৰত আহি ক'লেঃ হে মূছা! তোমাক দান কৰা বিশেষ নুবুওৱতৰ মাধ্যমত আৰু তাওবাৰ ফলত শাস্তি উঠাই লোৱাৰ যি প্ৰতিশ্ৰুতি তোমাক দিয়া হৈছে, তাৰ জৰিয়তে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ এই শাস্তি উঠাই লোৱাৰ বাবে দুআ কৰা। যদি তুমি আমাৰ পৰা এই শাস্তি দূৰ কৰিব পাৰা তেন্তে আমি নিশ্চয় তোমাৰ প্ৰতি ঈমান পোষণ কৰিম, লগতে বনী ইছৰাঈলক স্বাধীনতা প্ৰদান কৰি তোমাৰ লগত যাবলৈ দিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007134.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007134.mp3"},{"index":"135","arabicText":"فَلَمَّا كَشَفْنَا عَنْهُمُ الرِّجْزَ اِلٰۤی اَجَلٍ هُمْ بٰلِغُوْهُ اِذَا هُمْ یَنْكُثُوْنَ ۟","assameseTranslation":"এতেকে যেতিয়াই আমি সিহঁতৰ পৰা এটা নিৰ্দিষ্ট সময়ৰ বাবে শাস্তি দূৰ কৰি দিছিলোঁ যিটো সিহঁতৰ বাবে নিৰ্ধাৰিত আছিল, তেতিয়াই সিহঁতে সিহঁতৰ অঙ্গীকাৰ ভংগ কৰিছিল।","footnotes":"","tafseer":"সিহঁতক সাগৰত ডুবাই মৰাৰ আগত, আমি যেতিয়া সিহঁতক এটা নিৰ্দিষ্ট সময়ৰ বাবে সিহঁতৰ শাস্তি উঠাই লৈছিলোঁ, হঠাৎ সিহঁতৰ কথাৰ সুৰ সলনি হৈছিল, আৰু সিহঁতে মূছা আলাইহিচ্ছালামৰ প্ৰতি ঈমান পোষণ কৰাৰ প্ৰতিশ্ৰুতি আৰু বনী ইছৰাঈলক তেওঁৰ সৈতে প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতিৰ পৰা বিমুখ হৈ গৈছিল, অথচ সিহঁতেই প্ৰতিশ্ৰুতি দিছিল। ফলত সিহঁত কুফৰৰ ওপৰতে অটল থাকিল আৰু বনী ইছৰাঈলক মূছা আলাইহিচ্ছালামৰ লগত প্ৰেৰণ নকৰিলে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007135.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007135.mp3"},{"index":"136","arabicText":"فَانْتَقَمْنَا مِنْهُمْ فَاَغْرَقْنٰهُمْ فِی الْیَمِّ بِاَنَّهُمْ كَذَّبُوْا بِاٰیٰتِنَا وَكَانُوْا عَنْهَا غٰفِلِیْنَ ۟","assameseTranslation":"সেয়ে আমি সিহঁতৰ পৰা প্ৰতিশোধ লৈছিলোঁ আৰু সিহঁতক অতল সাগৰত ডুবাই দিছিলোঁ। কাৰণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু এই সম্বন্ধে সিহঁত আছিল অমনোযোগী।","footnotes":"","tafseer":"সিহঁতক ধ্বংস কৰাৰ নিৰ্ধাৰিত সময় যেতিয়া আহি পৰিল, তেতিয়া আমি সিহঁতৰ ওপৰত আমাৰ শাস্তি অৱতীৰ্ণ কৰিলোঁ আৰু সিহঁতক সাগৰত ডুবাই মাৰিলোঁ, কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, আৰু ইয়াৰ দ্বাৰা সাব্যস্ত হোৱা সত্যৰ পৰা বিমুখ হৈছিল, যাৰ মাজত কোনো সন্দেহ নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007136.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007136.mp3"},{"index":"137","arabicText":"وَاَوْرَثْنَا الْقَوْمَ الَّذِیْنَ كَانُوْا یُسْتَضْعَفُوْنَ مَشَارِقَ الْاَرْضِ وَمَغَارِبَهَا الَّتِیْ بٰرَكْنَا فِیْهَا ؕ وَتَمَّتْ كَلِمَتُ رَبِّكَ الْحُسْنٰی عَلٰی بَنِیْۤ اِسْرَآءِیْلَ ۙ۬ بِمَا صَبَرُوْا ؕ وَدَمَّرْنَا مَا كَانَ یَصْنَعُ فِرْعَوْنُ وَقَوْمُهٗ وَمَا كَانُوْا یَعْرِشُوْنَ ۟","assameseTranslation":"আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি গণ্য কৰা হৈছিল তেওঁলোকক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিছিলোঁ; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হৈছিল, যিহেতু তেওঁলোকে ধৈৰ্য্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰাসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছিলোঁ।","footnotes":"","tafseer":"আমি বনী ইছৰাঈলক, যিসকলক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে দুৰ্বল বুলি ভাবি আছিল, তেওঁলোকক পৃথিৱীৰ পশ্চিম তথা পূৱৰ উত্তৰাধিকাৰী বনাই দিলোঁ। ইয়াৰ দ্বাৰা ছিৰিয়া দেশক বুজোৱা হৈছে, এই দেশৰ খেতি আৰু ফলমূল উৎপাদনত আল্লাহে বৰকত প্ৰদান কৰিছে। এইদৰে হে নবী! আপোনাৰ প্ৰতিপালকৰ শুভ বচন পূৰণ হৈছে। অৰ্থাৎ সেই বচন, যাৰ উল্লেখ এই আয়াতত আছেঃ وَنُرِيدُ أَنْ نَمُنَّ عَلَى الَّذِينَ اسْتُضْعِفُوا فِي الأَرْضِ وَنَجْعَلَهُمْ أَئِمَّةً وَنَجْعَلَهُمُ الْوَارِثِينَ  আৰু সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল, আমি সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলোঁ লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলোঁ। (ছুৰা কাচাচঃ ৫) ফলত আল্লাহে তেওঁলোকক পৃথিৱীত নেতৃত্ব প্ৰদান কৰিলে, কাৰণ তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰিছিল। লগতে আমি ফিৰআউনে নিৰ্মাণ কৰা ঘৰ, উট্টালিকা আৰু খেতি-পথাৰ ধ্বংস কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007137.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007137.mp3"},{"index":"138","arabicText":"وَجٰوَزْنَا بِبَنِیْۤ اِسْرَآءِیْلَ الْبَحْرَ فَاَتَوْا عَلٰی قَوْمٍ یَّعْكُفُوْنَ عَلٰۤی اَصْنَامٍ لَّهُمْ ۚ قَالُوْا یٰمُوْسَی اجْعَلْ لَّنَاۤ اِلٰهًا كَمَا لَهُمْ اٰلِهَةٌ ؕ قَالَ اِنَّكُمْ قَوْمٌ تَجْهَلُوْنَ ۟","assameseTranslation":"আৰু বনী ইছৰাঈলক আমিয়েই সাগৰ পাৰ কৰাই দিছিলোঁ, তাৰ পিছত সিহঁতে মূৰ্তিপূজাত আসক্ত এটা জাতিৰ ওচৰত উপস্থিত হৈছিল। সিহঁতে কৈছিল, ‘হে মুছা! এওঁলোকৰ উপাস্যৰ দৰে আমাৰ বাবেও এজন উপাস্য স্থিৰ কৰি দিয়ক’। তেওঁ ক’লে, ‘নিশ্চয় তোমালোক এটা মূৰ্খ সম্প্ৰদায়’।","footnotes":"","tafseer":"আমি বনী ইছৰাঈলক সাগৰ পাৰ কৰাইছিলোঁ, যেতিয়া মূছা আলাইহিচ্ছালামে তেওঁৰ লাঠিৰে সাগৰক আঘাত কৰিছিল, ফলত সাগৰ দ্বিখণ্ডিত হৈ পৰিছিল। এতেকে সাগৰ পাৰ হোৱাৰ পিছত তেওঁলোকে এনেকুৱা এটা জাতিৰ ওচৰেৰে অতিক্ৰম কৰিলে যিসকলে আল্লাহৰ বাহিৰে মূৰ্তি পূজাত লিপ্ত আছিল। সেয়া দেখি বনী ইছৰাঈলে মূছা আলাইহিচ্ছালামক ক'লেঃ হে মূছা! আমাৰ বাবেও এটা মূৰ্তি নিৰ্ধাৰণ কৰি দিয়ক, যাতে আমি আল্লাহৰ বাহিৰে তাৰ উপাসনা কৰিব পাৰোঁ, যিদৰে এইসকল লোকৰ বাবে বহুতো মূৰ্তি আছে, যিবোৰক ইহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। তেতিয়া মূছা আলাইহিচ্ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! প্ৰকৃততে তোমালোকে আল্লাহৰ সন্মান, তেওঁৰ তাওহীদৰ মহত্ব আৰু তেওঁৰ লগত অংশী স্থাপন কৰাৰ ক্ষতি সম্পৰ্কে আৰু তেওঁৰ বাহিৰে আনৰ উপাসনা কৰাৰ ক্ষতি সম্পৰ্কে অৱগত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007138.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007138.mp3"},{"index":"139","arabicText":"اِنَّ هٰۤؤُلَآءِ مُتَبَّرٌ مَّا هُمْ فِیْهِ وَبٰطِلٌ مَّا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"‘নিশ্চয় এইসকল লোক য’ত লিপ্ত হৈ আছে সেইবোৰ হৈছে ধ্বংসশীল আৰু সিহঁতে যি কৰি আছে সেইবোৰো অমূলক’।","footnotes":"","tafseer":"নিশ্চয় এইসকল লোক, যিসকলে মূৰ্তি পূজাত লিপ্ত হৈ আছে, আল্লাহৰ বাহিৰে আনৰ ইবাদতত লিপ্ত হোৱাৰ কাৰণে ধ্বংস হৈ যাব। লগতে সিহঁতৰ সকলো নেক আমল ব্যৰ্থ হৈ যাব, কাৰণ সিহঁতে আল্লাহৰ লগত আনক অংশী স্থাপন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007139.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007139.mp3"},{"index":"140","arabicText":"قَالَ اَغَیْرَ اللّٰهِ اَبْغِیْكُمْ اِلٰهًا وَّهُوَ فَضَّلَكُمْ عَلَی الْعٰلَمِیْنَ ۟","assameseTranslation":"তেওঁ আৰু ক’লে, ‘মই আল্লাহৰ বাহিৰে তোমালোকৰ বাবে আন কোনোবা ইলাহ (উপাস্য) সন্ধান কৰিম নেকি অথচ তেৱেঁই তোমালোকক বিশ্বজগতৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’?","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকৰ বাবে আল্লাহৰ বাহিৰে আন কোনো উপাস্য কেনেকৈ সন্ধান কৰিম, যাৰ তোমালোকে ইবাদত কৰিবা; অথচ তোমালোকে আল্লাহৰ ডাঙৰ ডাঙৰ নিদৰ্শনসমূহ প্ৰত্যক্ষ কৰিছা। আল্লাহে তোমালোকক সাম্প্ৰতিক সময়ৰ সকলো লোকৰ ওপৰতে প্ৰাধান্য দিছে, লগতে তেওঁ তোমালোকৰ শত্ৰুক ধ্বংস কৰি তোমালোকক পৃথিৱীত প্ৰভূত্ব প্ৰদান কৰিছে আৰু ইয়াৰ উত্তৰাধিকাৰী বনাই তোমালোকৰ ওপৰত অনুগ্ৰহ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007140.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007140.mp3"},{"index":"141","arabicText":"وَاِذْ اَنْجَیْنٰكُمْ مِّنْ اٰلِ فِرْعَوْنَ یَسُوْمُوْنَكُمْ سُوْٓءَ الْعَذَابِ ۚ یُقَتِّلُوْنَ اَبْنَآءَكُمْ وَیَسْتَحْیُوْنَ نِسَآءَكُمْ ؕ وَفِیْ ذٰلِكُمْ بَلَآءٌ مِّنْ رَّبِّكُمْ عَظِیْمٌ ۟۠","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিছিলোঁ, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত ৰাখিছিল; ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা।","footnotes":"","tafseer":"হে বনী ইছৰাঈল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ অপমানজনক ব্যৱহাৰৰ পৰা মুক্তি প্ৰদান কৰিছিলোঁ। যিসকলে তোমালোকক বিভিন্ন প্ৰকাৰে নিৰ্যাতন কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু তোমালোকৰ কন্যা সন্তানক সিহঁতে নিজৰ সেৱাৰ বাবে জীৱিত ৰাখিছিল। ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ পৰা তোমালোকৰ এই মুক্তি আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ডাঙৰ পৰীক্ষা, যিয়ে তোমালোকৰ পৰা কৃতজ্ঞতা দাবী কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007141.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007141.mp3"},{"index":"142","arabicText":"وَوٰعَدْنَا مُوْسٰی ثَلٰثِیْنَ لَیْلَةً وَّاَتْمَمْنٰهَا بِعَشْرٍ فَتَمَّ مِیْقَاتُ رَبِّهٖۤ اَرْبَعِیْنَ لَیْلَةً ۚ وَقَالَ مُوْسٰی لِاَخِیْهِ هٰرُوْنَ اخْلُفْنِیْ فِیْ قَوْمِیْ وَاَصْلِحْ وَلَا تَتَّبِعْ سَبِیْلَ الْمُفْسِدِیْنَ ۟","assameseTranslation":"আৰু মুছাক আমি ত্ৰিশ ৰাতিৰ প্ৰতিশ্ৰুতি দিছিলোঁ লগতে দহ যোগ কৰি সেয়া পূৰ্ণ কৰিছিলোঁ। এইদৰে তেওঁৰ প্ৰতিপালকৰ নিৰ্ধাৰিত সময় চল্লিশ ৰাতিত পূৰ্ণ হৈছিল। মুছাই তেওঁৰ ভাতৃ হাৰুনক কৈছিল, ‘মোৰ অনুপস্থিতিত মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা, সংশোধন কৰিবা আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পথ অনুসৰণ নকৰিবা’।","footnotes":"","tafseer":"আল্লাহে তেওঁৰ ৰাছুল মূছাৰ লগত কথা পাতিবলৈ তেওঁক ত্ৰিশ ৰাতিৰ শপত দিলে, তাৰ পিছত দহ ৰাতি আৰু বৃদ্ধি কৰি এই সময় পৰিপূৰ্ণ কৰিলে, ফলত এয়া মুঠ চল্লিশ ৰাতি হ’ল। প্ৰতিপালকৰ লগত কথা পাতিবলৈ যোৱাৰ সময়ত মূছাই তেওঁৰ ভাতৃ হাৰূনক ক'লেঃ হে হাৰূন! মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধি হৈ থাকিবা, মানুহক উত্তম নেতৃত্ব প্ৰদান কৰি, নম্ৰ ব্যৱহাৰৰ মাজেৰে সিহঁতক সংশোধন কৰিবা। সেইসকল লোকৰ পথ অনুসৰণ নকৰিবা যিসকলে পাপ কৰ্ম কৰি বিপৰ্যয় সৃষ্টি কৰে। লগতে সেইসকলৰো সহায়ক নহ’বা যিসকলে অবাধ্যতা কৰি ফুৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007142.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007142.mp3"},{"index":"143","arabicText":"وَلَمَّا جَآءَ مُوْسٰی لِمِیْقَاتِنَا وَكَلَّمَهٗ رَبُّهٗ ۙ قَالَ رَبِّ اَرِنِیْۤ اَنْظُرْ اِلَیْكَ ؕ قَالَ لَنْ تَرٰىنِیْ وَلٰكِنِ انْظُرْ اِلَی الْجَبَلِ فَاِنِ اسْتَقَرَّ مَكَانَهٗ فَسَوْفَ تَرٰىنِیْ ۚ فَلَمَّا تَجَلّٰی رَبُّهٗ لِلْجَبَلِ جَعَلَهٗ دَكًّا وَّخَرَّ مُوْسٰی صَعِقًا ۚ فَلَمَّاۤ اَفَاقَ قَالَ سُبْحٰنَكَ تُبْتُ اِلَیْكَ وَاَنَا اَوَّلُ الْمُؤْمِنِیْنَ ۟","assameseTranslation":"আৰু মুছা যেতিয়া আমাৰ নিৰ্ধাৰিত সময়ত আহি উপস্থিত হ’ল আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক দৰ্শন দিয়া, মই তোমাক দেখিম’। তেওঁ ক’লে, ‘তুমি মোক দেখিব নোৱাৰিবা। তুমি বৰং পাহাৰৰ ফালেই চোৱাচোন, সেইখন যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ’লে তুমি মোক দেখিব পাৰিবা’। যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ-বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিল। যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া ক’লে, ‘মহিমাময় তুমি, মই অনুতপ্ত হৈ তোমাৰ ওচৰত তাওবা কৰিছোঁ আৰু মুমিনসকলৰ মাজত ময়েই প্ৰথম’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে যেতিয়া নিৰ্ধাৰিত চল্লিশ ৰাতি সময়ছোৱাত নিজ প্ৰতিপালকৰ লগত কথা কোৱাৰ সৌভাগ্য লাভ কৰিবলৈ আহিল, আৰু আল্লাহে তেওঁৰ লগত আদেশ-নিষেধ সম্পৰ্কীয় যি ক'ব লগা আছিল সেয়া ক’লে, তেতিয়া মূছা আলাইহিচ্ছালামৰ অন্তৰত তেওঁৰ প্ৰতিপালকক দেখিবলৈ ইচ্ছা জাগিল, আৰু তেওঁক দৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। তাৰ পিছত আল্লাহে উত্তৰ দিলেঃ তুমি পাৰ্থিৱ জীৱনত মোক দেখিব নোৱাৰিবা। কাৰণ তোমাৰ ওচৰত সেই সক্ষমতা নাই। বৰং তুমি সৌ পৰ্বতটোৰ পিনে চোৱা, মই তাত জ্যোতি প্ৰকাশ কৰিম, যদি সেইটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু নিজ স্থানতে স্থিৰ থাকে তেন্তে তুমি মোক দেখিবলৈ পাবা। আনহাতে সেইটো যদি সমতল ভুমিত পৰিণত হয় তেন্তে তুমি মোক এই পৃথিৱীত দেখিবলৈ নাপাবা। এতেকে আল্লাহে যেতিয়া পৰ্বতত জ্যোতি প্ৰকাশ কৰিলে, পৰ্বত সমতল ভূমিত পৰিণত হ'ল, আৰু মূছা আলাইহিচ্ছালাম সংজ্ঞাহীন হৈ পৰিল। যেতিয়া তেওঁ জ্ঞান উভতি পালে, তেতিয়া ক'লেঃ হে মোৰ প্ৰতিপালক! মই তোমাক সেই সকলো বস্তুৰ পৰা পৱিত্ৰ বুলি ভাবোঁ, যিবোৰ তোমাৰ উপযুক্ত নহয়। মই পাৰ্থিৱ জীৱনত তোমাক দেখিবলৈ বিচাৰি যি অপৰাধ কৰিছোঁ তাৰ পৰা মই এতিয়াই তাওবা কৰিছোঁ, আৰু মোৰ সম্প্ৰদায়ৰ মুমিনসকলৰ মাজত ময়ে প্ৰথম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007143.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007143.mp3"},{"index":"144","arabicText":"قَالَ یٰمُوْسٰۤی اِنِّی اصْطَفَیْتُكَ عَلَی النَّاسِ بِرِسٰلٰتِیْ وَبِكَلَامِیْ ۖؗ فَخُذْ مَاۤ اٰتَیْتُكَ وَكُنْ مِّنَ الشّٰكِرِیْنَ ۟","assameseTranslation":"তেওঁ ক’লে, ‘হে মুছা! মই তোমাক মোৰ ৰিছালত আৰু বাক্যালাপৰ দ্বাৰা মানুহৰ ওপৰত নিৰ্বাচিত কৰিছোঁ; সেয়ে মই তোমাক যি প্ৰদান কৰিলোঁ সেয়া গ্ৰহণ কৰা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰীসকলৰ অন্তৰ্ভু্ক্ত হোৱা’।","footnotes":"","tafseer":"আল্লাহে মূছা আলাইহিচ্ছালামক ক'লেঃ হে মূছা! মই তোমাক সিহঁতৰ ওচৰত প্ৰেৰণ কৰাৰ সময়ত মোৰ ৰিছালত পৌঁচাই দিয়াৰ বাবে নিৰ্বাচন কৰিছোঁ আৰু তোমাক সকলো মানুহৰ ওপৰতে প্ৰাধান্য দিছোঁ। লগতে তোমাক মোৰ লগত প্ৰত্যক্ষৰূপে কথা কোৱাৰ সৌভাগ্য প্ৰদান কৰিছোঁ। এতেকে মই তোমাক যি প্ৰদান কৰিছোঁ সেয়া সন্মান সহকাৰে গ্ৰহণ কৰা আৰু এই মহা প্ৰতিদানৰ বাবে তুমি আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007144.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007144.mp3"},{"index":"145","arabicText":"وَكَتَبْنَا لَهٗ فِی الْاَلْوَاحِ مِنْ كُلِّ شَیْءٍ مَّوْعِظَةً وَّتَفْصِیْلًا لِّكُلِّ شَیْءٍ ۚ فَخُذْهَا بِقُوَّةٍ وَّاْمُرْ قَوْمَكَ یَاْخُذُوْا بِاَحْسَنِهَا ؕ سَاُورِیْكُمْ دَارَ الْفٰسِقِیْنَ ۟","assameseTranslation":"আৰু আমি তাৰ বাবে ফলকসমূহত সৰ্ব বিষয়ে উপদেশ আৰু সকলো বিষয়ৰ স্পষ্ট ব্যাখ্যা লিখি দিছোঁ; গতিকে সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তোমাৰ সম্প্ৰদায়ক ইয়াৰ মাজৰ যি উত্তম সেয়া গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া। মই অনতিপলমে ফাছিক্বসকলৰ বাসস্থান তোমালোকক দেখুৱাম।","footnotes":"","tafseer":"আমি মূছাৰ বাবে, কাঠ অথবা এই জাতীয় কিছুমান ফলকত দ্বীন তথা দুনিয়া সম্পৰ্কীয় সেই সকলো বিধি-বিধান লিখি দিছিলোঁ, যিবোৰৰ প্ৰয়োজন বনী ইছৰাঈলৰ আছিল, যাতে শিক্ষা অন্বেষণকাৰী সকলে শিক্ষা লাভ কৰে আৰু যিবোৰ আদেশৰ বিস্তাৰিত বিৱৰণ আৱশ্যক হয় সেইবোৰ পাব পাৰে। এতেকে হে মূছা! এই তাওৰাতক মজবুতভাৱে ধাৰণ কৰা। লগতে তোমাৰ সম্প্ৰদায় বনী ইছৰাঈলক আদেশ দিয়া যে, সিহঁতে যাতে ইয়াত থকা উত্তম বিষয়বোৰ গ্ৰহণ কৰে, যিবোৰৰ প্ৰতিদান বৰ ডাঙৰ। যেনে- পৰিপূৰ্ণৰূপে আদেশ পালন কৰা, ধৈৰ্য্য ধাৰণ কৰা, ক্ষমা কৰা। শীঘ্ৰেই মই তোমালোকক সেইসকল লোকৰ পৰিণাম দেখুৱাম, যিসকলে মোৰ আদেশৰ বিৰুদ্ধাচৰণ কৰিছে, আৰু মোৰ আনুগত্যৰ পৰা ওলাই গৈছে। তথা সিহঁতৰ ধ্বংস আৰু বিনাশৰ দৃশ্যও তোমালোকক দেখুৱাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007145.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007145.mp3"},{"index":"146","arabicText":"سَاَصْرِفُ عَنْ اٰیٰتِیَ الَّذِیْنَ یَتَكَبَّرُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ ؕ وَاِنْ یَّرَوْا كُلَّ اٰیَةٍ لَّا یُؤْمِنُوْا بِهَا ۚ وَاِنْ یَّرَوْا سَبِیْلَ الرُّشْدِ لَا یَتَّخِذُوْهُ سَبِیْلًا ۚ وَاِنْ یَّرَوْا سَبِیْلَ الْغَیِّ یَتَّخِذُوْهُ سَبِیْلًا ؕ ذٰلِكَ بِاَنَّهُمْ كَذَّبُوْا بِاٰیٰتِنَا وَكَانُوْا عَنْهَا غٰفِلِیْنَ ۟","assameseTranslation":"পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এইকাৰণে যে, সিহঁতে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে আৰু সেই সম্পৰ্কে সিহঁত আছিল অমনোযোগী।","footnotes":"","tafseer":"মানুহৰ মাজত থকা আৰু বিশ্বজগতৰ প্ৰান্তত থকা মোৰ নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আৰু মোৰ গ্ৰন্থৰ আয়াতসমূহ বুজিবলৈ মই সেইসকল লোকক বাধা প্ৰদান কৰিম, যিসকলে আল্লাহৰ বান্দাসকলৰ প্ৰতি আৰু সত্যৰ প্ৰতি বিনা কাৰণে অহংকাৰ কৰে। এনেকুৱা স্বভাৱৰ লোকে সকলো প্ৰকাৰ নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব। কাৰণ সিহঁতে সেইবোৰৰ প্ৰতি আপত্তি দৰ্শাব আৰু তাৰ পৰা মুখ ঘূৰাই ল’ব, আৰু এই কাৰণেও যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিদ্বেষ পোষণ কৰে। যদিও সিহঁতে সত্যৰ পথ দেখা পায়, যিটো আল্লাহৰ সন্তুষ্টিৰ পিনে লৈ যায়, তথাপিও সেইটোত পৰিচালিত নহ'ব, আৰু তাত পৰিচালিত হোৱাৰ আগ্ৰহও প্ৰকাশ নকৰিব। আনহাতে যদি কোনো ভ্ৰান্ত পথ দেখা পায়, যি পথে আল্লাহৰ অসন্তুষ্টিৰ পিনে লৈ যায়, তেনে পথত অবিলম্বে পৰিচালিত হ'ব। এই বিপদ সিহঁতৰ ওপৰত কেৱল এই কাৰণে আহিছে যে, সিহঁতে আল্লাহৰ ডাঙৰ ডাঙৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, যিবোৰে ৰাছুলে লৈ অহা বাৰ্তাক সত্যায়ন কৰে। লগতে এই কাৰণেও যে, সিহঁতে এই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈও অমনোযোগী আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007146.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007146.mp3"},{"index":"147","arabicText":"وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَلِقَآءِ الْاٰخِرَةِ حَبِطَتْ اَعْمَالُهُمْ ؕ هَلْ یُجْزَوْنَ اِلَّا مَا كَانُوْا یَعْمَلُوْنَ ۟۠","assameseTranslation":"আৰু যিসকলে আমাৰ নিদৰ্শনসমূহক আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে সিহঁতৰ কৃতকৰ্ম বিফল হৈছে। সিহঁতে যি কৰে সেই অনুপাতেই সিহঁতক প্ৰতিফল দিয়া হ’ব।","footnotes":"","tafseer":"যিসকলে আমাৰ ৰাছুলসকলক সত্যায়ন কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু কিয়ামতৰ দিনা হ’বলগীয়া আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে, সিহঁতৰ সেই সকলো আমল বিনষ্ট হৈছে, যিবোৰ ইবাদতৰ অন্তৰ্ভুক্ত আছিল। এতেকে সিহঁতে ইয়াৰ প্ৰতিফল নাপাব, কাৰণ ইয়াৰ চৰ্ত নাইকিয়া হৈছে, আৰু সেয়া হৈছে ঈমান। কিয়ামতৰ দিনা সিহঁতক কেৱল সিহঁতৰ কুফৰ আৰু শ্বিৰ্কৰেই প্ৰতিদান দিয়া হ'ব যিবোৰ সিহঁতে কৰিছিল, আৰু সেই প্ৰতিদান হৈছে, জাহান্নামত চিৰস্থায়ী অৱস্থান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007147.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007147.mp3"},{"index":"148","arabicText":"وَاتَّخَذَ قَوْمُ مُوْسٰی مِنْ بَعْدِهٖ مِنْ حُلِیِّهِمْ عِجْلًا جَسَدًا لَّهٗ خُوَارٌ ؕ اَلَمْ یَرَوْا اَنَّهٗ لَا یُكَلِّمُهُمْ وَلَا یَهْدِیْهِمْ سَبِیْلًا ۘ اِتَّخَذُوْهُ وَكَانُوْا ظٰلِمِیْنَ ۟","assameseTranslation":"আৰু (স্মৰণ কৰা) মুছাৰ সম্প্ৰদায়ে তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰী সাজিছিল, এটা দেহ (ৰ দৰে প্ৰতিমা) যিটো (গৰুৰ দৰে) ‘হাম্বা’ শব্দ ওলাইছিল। সিহঁতে চোৱা নাই নেকি যে, এইটোৱে সিহঁতৰ লগত কথা ক’ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে? (তথাপিও) সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিছিল আৰু সিহঁত আছিল যালিম।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালাম তেওঁৰ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিবলৈ যোৱাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে নিজৰ অলংকাৰৰ দ্বাৰা এটা গৰু পোৱালীৰ প্ৰতিমা সাজিছিল, যাৰ মাজত প্ৰাণো নাছিল আৰু কোনো শব্দও নাছিল। সিহঁতে এই কথাটো গম পোৱা নাছিল নেকি যে, এই দামুৰীটোৱে কথাও ক’ব নোৱাৰে আৰু কোনো প্ৰত্যক্ষ বা অপ্ৰত্যক্ষ ভাল বেয়া পথো নেদেখুৱায়, লগতে কোনো উপকাৰো নকৰে আৰু কোনো বিপদ-আপদো দূৰ কৰিব নোৱাৰে। সিহঁতে সেইটোক উপাস্য হিচাপে গ্ৰহণ কৰিছিল তথা ইয়াৰ দ্বাৰা সিহঁতে নিজৰ ওপৰতে অন্যায় কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007148.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007148.mp3"},{"index":"149","arabicText":"وَلَمَّا سُقِطَ فِیْۤ اَیْدِیْهِمْ وَرَاَوْا اَنَّهُمْ قَدْ ضَلُّوْا ۙ قَالُوْا لَىِٕنْ لَّمْ یَرْحَمْنَا رَبُّنَا وَیَغْفِرْ لَنَا لَنَكُوْنَنَّ مِنَ الْخٰسِرِیْنَ ۟","assameseTranslation":"আৰু সিহঁতে যেতিয়া অনুতপ্ত হ’ল আৰু দেখিলে যে, সিহঁতে বিপথগামী হৈ গৈছে, তেতিয়া সিহঁতে ক’লে, ‘আমাৰ প্ৰতিপালকে যদি আমাৰ প্ৰতি দয়া নকৰে আৰু আমাক ক্ষমা কৰি নিদিয়ে তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।","footnotes":"","tafseer":"যেতিয়া সিহঁতে লজ্জিত হ'ল আৰু অস্বস্তিবোধ কৰিলে তথা নিজৰ ভুল বুজি পালে যে, আল্লাহৰ লগত দামুৰীটোক অংশী কৰি সিহঁতে পোন পথৰ পৰা আঁতৰি গৈছে, তেতিয়া সিহঁতে আল্লাহৰ ওচৰত বিনয়পূৰ্বকভাৱে প্ৰাৰ্থনা কৰি ক’বলৈ ধৰিলেঃ যদি আমাৰ প্ৰতিপালকে আমাৰ ওপৰত দয়া নকৰে আৰু তেওঁৰ আনুগত্য কৰাৰ তাওফীক প্ৰদান নকৰে, লগতে দামুৰীটোক পূজা কৰি আমি যি গুনাহ কৰিছোঁ সেয়া যদি ক্ষমা নকৰে তেন্তে নিশ্চয় আমি পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007149.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007149.mp3"},{"index":"150","arabicText":"وَلَمَّا رَجَعَ مُوْسٰۤی اِلٰی قَوْمِهٖ غَضْبَانَ اَسِفًا ۙ قَالَ بِئْسَمَا خَلَفْتُمُوْنِیْ مِنْ بَعْدِیْ ۚ اَعَجِلْتُمْ اَمْرَ رَبِّكُمْ ۚ وَاَلْقَی الْاَلْوَاحَ وَاَخَذَ بِرَاْسِ اَخِیْهِ یَجُرُّهٗۤ اِلَیْهِ ؕ قَالَ ابْنَ اُمَّ اِنَّ الْقَوْمَ اسْتَضْعَفُوْنِیْ وَكَادُوْا یَقْتُلُوْنَنِیْ ۖؗ فَلَا تُشْمِتْ بِیَ الْاَعْدَآءَ وَلَا تَجْعَلْنِیْ مَعَ الْقَوْمِ الظّٰلِمِیْنَ ۟","assameseTranslation":"আৰু মুছাই যেতিয়া ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিল, তেতিয়া ক’লে, ‘মোৰ অনুপস্থিতিত তোমালোকে মোৰ কিমান নিকৃষ্ট প্ৰতিনিধিত্ব কৰিছা! তোমালোকৰ প্ৰতিপালকৰ আদেশৰ আগতেই তোমালোকে কিয় খৰখেদা কৰিলা’? এই বুলি তেওঁ ফলকসমূহ দলিয়াই পেলালে আৰু তেওঁৰ ভাতৃক চুলিত ধৰি নিজৰ পিনে টানি আনিব ধৰিলে। হাৰুনে ক’লে, ‘হে মোৰ সহোদৰ! মানুহে মোক দুৰ্বল বুলি ভাবিছিল আৰু মোক প্ৰায় হত্যা কৰাৰ উপক্ৰম হৈছিল। সেয়ে তুমি মোৰ লগত এনে আচৰণ নকৰিবা, যি আচৰণ কৰিলে শত্ৰুসকলে আনন্দিত হয়। লগতে মোক যালিমসকলৰ অন্তৰ্ভুক্ত বুলি নাভাবিবা’।","footnotes":"","tafseer":"মূছা আলাইহিচ্ছালামে যেতিয়া তেওঁৰ প্ৰতিপালকক সাক্ষাৎ কৰি নিজ সম্প্ৰদায়ৰ পিনে উভতি আহিল, আৰু তেওঁৰ সম্প্ৰদায়ক দামুৰীৰ পূজা পাঠ কৰা দেখি তেওঁ ক্ষুব্ধ আৰু ক্ৰোধান্বিত হৈ ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই গুচি যোৱাৰ পিছত তোমালোকে এইটো বৰ বেয়া পৰিস্থিতি সৃষ্টি কৰিছা। কিয়নো ইয়াৰ পৰিণাম হৈছে বিনাশ আৰু দুৰ্ভাগ্য। তোমালোকে মোৰ অপেক্ষাত নিৰাশ হৈ দামুৰীৰ পূজা পাঠ আৰম্ভ কৰিছা কিয়? ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ লিখিত ফলকসমূহ দলিয়াই দি তেওঁৰ ভাতৃ হাৰূনৰ দাঢ়ি আৰু মূৰত ধৰি টানিবলৈ ধৰিলে, কিয়নো তেওঁ সিহঁতৰ ওচৰত থকাৰ পিছতো সিহঁতক দামুৰীৰ পূজা পাঠৰ পৰা বিৰত ৰাখিব পৰা নাছিল। তেতিয়া হাৰূন আলাইহিচ্ছালামে মূছা আলাইহিচ্ছালামৰ ওচৰত ওজৰ পেচ কৰি লগতে নম্ৰ ব্যৱহাৰ দাবী কৰি ক'লেঃ হে মোৰ সহোদৰ! সম্প্ৰদায়ৰ লোকসকলে মোক দুৰ্বল বুলি ভাবি ভ্ৰূক্ষেপ কৰা নাছিল, আৰু মোক হত্যা কৰাৰ উপক্ৰম হৈছিল। এতেকে আপুনি মোক এনেকুৱা শাস্তি নিদিব যাৰ ফলত মোৰ শত্ৰুসকলে হাঁহিবলৈ অৱকাশ পাব। লগতে ক্ৰোধান্বিত হৈ মোক সেইসকল লোকৰ অন্তৰ্ভুক্ত নকৰিব, যিসকলে আল্লাহৰ বাহিৰে আনৰ পূজা কৰি যালিমসকলৰ অন্তৰ্ভুক্ত হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007150.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007150.mp3"},{"index":"151","arabicText":"قَالَ رَبِّ اغْفِرْ لِیْ وَلِاَخِیْ وَاَدْخِلْنَا فِیْ رَحْمَتِكَ ۖؗ وَاَنْتَ اَرْحَمُ الرّٰحِمِیْنَ ۟۠","assameseTranslation":"মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাক তোমাৰ ৰহমতৰ মাজত প্ৰৱেশ কৰোৱা; আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।","footnotes":"","tafseer":"তাৰ পিছত মূছা আলাইহিচ্ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোক তথা মোৰ ভাতৃক ক্ষমা কৰি দিয়া, আৰু আমাক তোমাৰ দয়াৰ অন্তৰ্ভুক্ত কৰা, আৰু সেই দয়া আমাৰ চাৰিওফালে প্ৰসাৰ কৰি দিয়া। হে আমাৰ প্ৰতিপালক! সকলো কৃপাৱানতকৈ তুমিয়ে আমাৰ প্ৰতি অধিক কৃপালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007151.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007151.mp3"},{"index":"152","arabicText":"اِنَّ الَّذِیْنَ اتَّخَذُوا الْعِجْلَ سَیَنَالُهُمْ غَضَبٌ مِّنْ رَّبِّهِمْ وَذِلَّةٌ فِی الْحَیٰوةِ الدُّنْیَا ؕ وَكَذٰلِكَ نَجْزِی الْمُفْتَرِیْنَ ۟","assameseTranslation":"(আল্লাহে ক’লে) নিশ্চয় যিসকলে দামুৰীটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিল, শীঘ্ৰেই পাৰ্থিৱ জীৱনত সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধ আৰু লাঞ্ছনা সিহঁতৰ ওপৰত আপতিত হ’ব। এইদৰেই আমি মিছা ৰটনাকাৰীসকলক প্ৰতিফল দি থাকোঁ।","footnotes":"","tafseer":"যিসকলে দামুৰীটোক উপাস্য কৰি লৈ পূজা পাঠ কৰিছিল, সেইসকল লোকে নিজ প্ৰতিপালকক অসন্তুষ্টি আৰু অপমান কৰাৰ কাৰণে অনতিপলমে সিহঁতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা চৰম ক্ৰোধ আৰু পাৰ্থিৱ জীৱনত লাঞ্ছনাৰ সন্মুখীন হ'ব। মিছা ৰচনা কৰি আল্লাহৰ সৈতে সম্পৃক্ত কৰা ব্যক্তিসকলক আমি এইদৰেই প্ৰতিদান দিওঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007152.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007152.mp3"},{"index":"153","arabicText":"وَالَّذِیْنَ عَمِلُوا السَّیِّاٰتِ ثُمَّ تَابُوْا مِنْ بَعْدِهَا وَاٰمَنُوْۤا ؗ اِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"আনহাতে যিসকলে অসৎকৰ্ম কৰিছে, কিন্তু তাৰ পিছত (যদি) সিহঁতে তাওবা কৰিছে আৰু ঈমান আনিছে, তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ইয়াৰ পিছতো পৰম ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"যিসকলে বেয়া কৰ্ম কৰিছে, যেনে- শ্বিৰ্ক আৰু অন্যান্য পাপ কৰ্ম, তাৰ পিছত আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিছে, অৰ্থাৎ তেওঁৰ প্ৰতি ঈমান আনিছে আৰু পাপকৰ্মৰ পৰা বিৰত হৈছে। এতেকে হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে এই তাওবাৰ পিছত আৰু শ্বিৰ্কৰ পৰা ঈমানৰ পিনে, লগতে গুনাহৰ পৰা আনুগত্যৰ পিনে কৰা প্ৰত্যাৱৰ্তনৰ পিছত তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰিব আৰু তেওঁলোকৰ প্ৰতি দয়া কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007153.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007153.mp3"},{"index":"154","arabicText":"وَلَمَّا سَكَتَ عَنْ مُّوْسَی الْغَضَبُ اَخَذَ الْاَلْوَاحَ ۖۚ وَفِیْ نُسْخَتِهَا هُدًی وَّرَحْمَةٌ لِّلَّذِیْنَ هُمْ لِرَبِّهِمْ یَرْهَبُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ’ল, তেতিয়া তেওঁ ফলকসমূহ তুলি ল’লে। যিসকলে নিজ প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত।","footnotes":"","tafseer":"তাৰ পিছত মূছা আলাইহিচ্ছালামৰ ক্ৰোধ যেতিয়া শান্ত হ'ল, তেতিয়া তেওঁ লিখিত ফলকসমূহ উঠাই ল’লে, যিবোৰ তেওঁ ক্ৰোধান্বিত হৈ দলিয়াই পেলাইছিল, আৰু এইবোৰ আছিল ভ্ৰষ্টতাৰ পৰা হিদায়ত আৰু সত্য বৰ্ণনামূলক ফলক। তথা সেইসকল লোকৰ বাবে ৰহমতস্বৰূপ যিসকলে নিজ প্ৰতিপালকক আৰু তেওঁৰ শাস্তিক ভয় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007154.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007154.mp3"},{"index":"155","arabicText":"وَاخْتَارَ مُوْسٰی قَوْمَهٗ سَبْعِیْنَ رَجُلًا لِّمِیْقَاتِنَا ۚ فَلَمَّاۤ اَخَذَتْهُمُ الرَّجْفَةُ قَالَ رَبِّ لَوْ شِئْتَ اَهْلَكْتَهُمْ مِّنْ قَبْلُ وَاِیَّایَ ؕ اَتُهْلِكُنَا بِمَا فَعَلَ السُّفَهَآءُ مِنَّا ۚ اِنْ هِیَ اِلَّا فِتْنَتُكَ ؕ تُضِلُّ بِهَا مَنْ تَشَآءُ وَتَهْدِیْ مَنْ تَشَآءُ ؕ اَنْتَ وَلِیُّنَا فَاغْفِرْ لَنَا وَارْحَمْنَا وَاَنْتَ خَیْرُ الْغٰفِرِیْنَ ۟","assameseTranslation":"আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰজন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে তাৰকাৰণে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা কৰা বিপথগামী কৰা আৰু যাক ইচ্ছা কৰা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।","footnotes":"","tafseer":"আৰু মূছা আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ সত্তৰজন লোকক নিৰ্বাচন কৰিলে, যাতে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত গুনাহৰ ক্ষমা প্ৰাৰ্থনা কৰে, যি গুনাহ তেওঁলোকৰ মাজৰ কিছুমান নিৰ্বোধ লোকে দামুৰীৰ উপাসনাত লিপ্ত হৈ সংঘটিত কৰিছিল। আল্লাহে তেওঁলোকক উপস্থিত হ’বলৈ এটা নিৰ্ধাৰিত সময়ৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু তেওঁলোকে যেতিয়া তাত উপস্থিত হ'ল, তেতিয়া আল্লাহক দৰ্শন কৰাৰ দুঃসাহসিক দাবী কৰি বহিলে, আৰু মূছা আলাইহিচ্ছালামক ক'লে, তেওঁ যেন আল্লাহক প্ৰত্যক্ষভাৱে দেখুৱাই দিয়ে। ফলত ভূমিকম্পই তেওঁলোকক আক্ৰান্ত কৰিলে আৰু তেওঁলোক ভয়তে বেহুঁচ হৈ মৃত্যুবৰণ কৰিলে। তাৰ পিছত মূছা আলাইহিচ্ছালামে আল্লাহৰ ওচৰত বিনয়পূৰ্বক প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি সিহঁতক তথা মোক ইয়াত অহাৰ পূৰ্বেই যদি ধ্বংস কৰিব বিচাৰিলে, নিশ্চয় ধ্বংস কৰিব পাৰিলাহেঁতেন। এতেকে কিছুমান নিৰ্বোধ লোকৰ কৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবা নেকি? দৰাচলতে মোৰ সম্প্ৰদায়ে কৰা দামুৰীৰ পূজা পাঠ আছিল এটা পৰীক্ষা, যাৰ জৰিয়তে তুমি যাক ইচ্ছা কৰা পথভ্ৰষ্ট কৰা আৰু যাক ইচ্ছা কৰা হিদায়ত দিয়া। তুমিয়ে আমাৰ কৰ্ম সঞ্চালক, আমাৰ গুনাহসমূহ ক্ষমা কৰা, আৰু তোমাৰ প্ৰশস্ত ৰহমতৰ জৰিয়তে আমাৰ প্ৰতি ৰহম কৰা, তুমিয়ে উত্তম গুনাহ ক্ষমাকাৰী আৰু পাপ মোচনকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007155.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007155.mp3"},{"index":"156","arabicText":"وَاكْتُبْ لَنَا فِیْ هٰذِهِ الدُّنْیَا حَسَنَةً وَّفِی الْاٰخِرَةِ اِنَّا هُدْنَاۤ اِلَیْكَ ؕ قَالَ عَذَابِیْۤ اُصِیْبُ بِهٖ مَنْ اَشَآءُ ۚ وَرَحْمَتِیْ وَسِعَتْ كُلَّ شَیْءٍ ؕ فَسَاَكْتُبُهَا لِلَّذِیْنَ یَتَّقُوْنَ وَیُؤْتُوْنَ الزَّكٰوةَ وَالَّذِیْنَ هُمْ بِاٰیٰتِنَا یُؤْمِنُوْنَ ۟ۚ","assameseTranslation":"‘লগতে তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো। নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছোঁ’। আল্লাহে ক’লে, ‘মোৰ শাস্তি মই যাক ইচ্ছা কৰোঁ তাকেই দিওঁ আৰু মোৰ দয়া- সেয়াতো প্ৰত্যেক বস্তুকেই আৱৰি আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে, যাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে’।","footnotes":"","tafseer":"তুমি আমাক এই পৃথিৱীত সেইসকল লোকৰ অন্তৰ্ভুক্ত কৰা, যিসকলক তুমি নিয়ামত আৰু শান্তি দান কৰিছা আৰু সৎকৰ্ম কৰাৰ তাওফীক দান কৰিছা। লগতে আখিৰাতত সেইসকল পূণ্যৱান লোকৰ অন্তৰ্ভুক্ত কৰি দিয়া, যিসকলৰ বাবে তুমি জান্নাত প্ৰস্তুত কৰি ৰাখিছা। নিশ্চয় আমি তোমাৰ পিনে প্ৰত্যাৱৰ্তন কৰিছোঁ, লগতে আমি আমাৰ গুনাহ আৰু অপৰাধ স্বীকাৰ কৰিছোঁ। আল্লাহে কৈছেঃ যিসকলে দুৰ্ভাগ্যৰ পথ অৱলম্বন কৰিছে সিহঁতৰ মাজৰ পৰা যাক মই ইচ্ছা কৰিম মোৰ শাস্তি ভোগ কৰাম। আনহাতে পৃথিৱীত মোৰ ৰহমতে সকলো বস্তুকে আগুৰি আছে। এতেকে প্ৰত্যেক সৃষ্টিয়ে আল্লাহৰ ৰহমত লাভ কৰে আৰু সকলোকে তেওঁৰ অনুগ্ৰহ আৰু উপকাৰে আগুৰি আছে। কিন্তু আখিৰাতত মই মোৰ কৃপা সেইসকল লোকৰ বাবে নিৰ্দিষ্ট কৰিম, যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰে, যিসকলে নিজৰ সম্পত্তিৰ যাকাত, উপযুক্ত শিতানলৈ আদায় কৰে, আৰু যিসকলে আমাৰ নিদৰ্শনসমূহৰ ওপৰত বিশ্বাস পোষণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007156.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007156.mp3"},{"index":"157","arabicText":"اَلَّذِیْنَ یَتَّبِعُوْنَ الرَّسُوْلَ النَّبِیَّ الْاُمِّیَّ الَّذِیْ یَجِدُوْنَهٗ مَكْتُوْبًا عِنْدَهُمْ فِی التَّوْرٰىةِ وَالْاِنْجِیْلِ ؗ یَاْمُرُهُمْ بِالْمَعْرُوْفِ وَیَنْهٰىهُمْ عَنِ الْمُنْكَرِ وَیُحِلُّ لَهُمُ الطَّیِّبٰتِ وَیُحَرِّمُ عَلَیْهِمُ الْخَبٰٓىِٕثَ وَیَضَعُ عَنْهُمْ اِصْرَهُمْ وَالْاَغْلٰلَ الَّتِیْ كَانَتْ عَلَیْهِمْ ؕ فَالَّذِیْنَ اٰمَنُوْا بِهٖ وَعَزَّرُوْهُ وَنَصَرُوْهُ وَاتَّبَعُوا النُّوْرَ الَّذِیْۤ اُنْزِلَ مَعَهٗۤ ۙ اُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟۠","assameseTranslation":"যিসকলে অনুসৰণ কৰে ৰাছুলৰ, নিৰক্ষৰ নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎকৰ্মৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তুবোৰ হালাল কৰে আৰু অপৱিত্ৰ বস্তুবোৰ হাৰাম কৰে। যিয়ে সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। এতেকে যিসকলে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।","footnotes":"","tafseer":"যিসকলে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰে, আৰু তেওঁ হৈছে উম্মী নবী, লিখিব আৰু পঢ়িব নাজানে। বৰং তেওঁৰ প্ৰতি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা অহী কৰা হয়। তেওঁৰ নাম আৰু বৈশিষ্ট্য তথা তেওঁৰ নুবুওৱত সম্পৰ্কে মূছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ তাওৰাত আৰু ঈছা আলাইহিচ্ছালামৰ প্ৰতি অৱতীৰ্ণ ইঞ্জীলত উল্লেখ আছে। তেওঁ এনেকুৱা কৰ্মৰ আদেশ দিয়ে যিবোৰক ভাল তথা উত্তম বুলি সকলোৱে জানে। তেওঁ সেইসমূহ কৰ্মৰ পৰা নিষেধ কৰে, যিবোৰক বিবেক বুদ্ধিয়েও বেয়া বুলি জানে। তেওঁ সিহঁতৰ বাবে পানাহাৰ আৰু বিবাহ সম্বন্ধীয় সেই সকলো উত্তম বস্তুবোৰক বৈধ বুলি স্বীকৃতি দিছে, যিবোৰৰ মাজত কোনো ক্ষতি নাই, আনহাতে সেইবোৰ বস্তুক স্বীকৃতি দিয়া নাই, যিবোৰ অস্বচ্ছ আৰু অপৱিত্ৰ। লগতে সিহঁতৰ পৰা সেই গধূৰ বোজা আঁতৰাই দিছে, যিটো সিহঁতক বহন কৰিবলৈ দিয়া হৈছিল। যেনে- হত্যাকাৰীক হত্যা কৰাৰ বিধান, যদিও সেই হত্যা জানি বুজি কৰক বা অজানিতে। এতেকে বনী ইছৰাঈল তথা আন আন যিসকলে ইয়াৰ ওপৰত ঈমান পোষণ কৰিছে, তেওঁক আদৰ আৰু সন্মান কৰিছে, লগতে তেওঁৰ লগত শত্ৰুতা পোষণকাৰী কাফিৰসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছে, আৰু সেই কোৰআনক অনুসৰণ কৰিছে, যিখনক সিহঁতৰ প্ৰতি পথপ্ৰদৰ্শক আৰু জ্যোতি হিচাপে অৱতীৰ্ণ কৰা হৈছে, তেনেকুৱা লোকসকলেই সাফল্যমণ্ডিত। তেওঁলোকে আশা কৰা সকলো প্ৰাপ্য লাভ কৰিব আৰু ভয় কৰা সকলো বস্তুৰ পৰা দূৰৈত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007157.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007157.mp3"},{"index":"158","arabicText":"قُلْ یٰۤاَیُّهَا النَّاسُ اِنِّیْ رَسُوْلُ اللّٰهِ اِلَیْكُمْ جَمِیْعَا لَّذِیْ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ۚ لَاۤ اِلٰهَ اِلَّا هُوَ یُحْیٖ وَیُمِیْتُ ۪ فَاٰمِنُوْا بِاللّٰهِ وَرَسُوْلِهِ النَّبِیِّ الْاُمِّیِّ الَّذِیْ یُؤْمِنُ بِاللّٰهِ وَكَلِمٰتِهٖ وَاتَّبِعُوْهُ لَعَلَّكُمْ تَهْتَدُوْنَ ۟","assameseTranslation":"কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (প্ৰেৰিত) ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল নিৰক্ষৰ নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহৰ ওপৰত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়তপ্ৰাপ্ত হোৱা’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি ঘোষণা কৰি দিয়ক যে, হে মানৱ জাতি! মই তোমালোক সকলোৰে প্ৰতি, আৰব হওক বা অনাৰব, আল্লাহৰ ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। আল্লাহৰ হাততেই আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব, সেই পৱিত্ৰ সত্তাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই মৃতক জীৱিত কৰে, আৰু জীৱিতক মৃত্যু প্ৰদান কৰে। হে মানৱজাতি! আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰা, যিজন লিখিবও নাজানে পঢ়িবও নাজানে, তেওঁ নিজ প্ৰতিপালকৰ অহী লৈ আগমন কৰিছে। তেওঁ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, আৰু তেওঁৰ ওপৰত যি অৱতীৰ্ণ হৈছে সেইটোৰ ওপৰত ঈমান পোষণ কৰে, লগতে পূৰ্বৱৰ্তী নবীসকলৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰ ওপৰতো কোনো ভেদভাৱ পোষণ নকৰাকৈ ঈমান পোষণ কৰে। এতেকে তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছে তাৰ অনুসৰণ কৰা। যাতে তোমালোকে সেই পথ পোৱা, যিটো পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে উত্তম হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007158.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007158.mp3"},{"index":"159","arabicText":"وَمِنْ قَوْمِ مُوْسٰۤی اُمَّةٌ یَّهْدُوْنَ بِالْحَقِّ وَبِهٖ یَعْدِلُوْنَ ۟","assameseTranslation":"আৰু মুছাৰ সম্প্ৰদায়ৰ ভিতৰত এনেকুৱা এটা দলো আছে যিসকলে আনক ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰত) ইনচাফ কৰে।","footnotes":"","tafseer":"মূছাৰ সম্প্ৰদায় বনী ইছৰাঈলত এনেকুৱা এটা দলো আছিল, যিটো সত্য আৰু সঠিক দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত আছিল। তেওঁলোকে মানুহকো সেই পথ দেখুৱাইছিল, লগতে ন্যায় বিচাৰ কৰিছিল আৰু কোনো অন্যায় কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007159.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007159.mp3"},{"index":"160","arabicText":"وَقَطَّعْنٰهُمُ اثْنَتَیْ عَشْرَةَ اَسْبَاطًا اُمَمًا ؕ وَاَوْحَیْنَاۤ اِلٰی مُوْسٰۤی اِذِ اسْتَسْقٰىهُ قَوْمُهٗۤ اَنِ اضْرِبْ بِّعَصَاكَ الْحَجَرَ ۚ فَانْۢبَجَسَتْ مِنْهُ اثْنَتَا عَشْرَةَ عَیْنًا ؕ قَدْ عَلِمَ كُلُّ اُنَاسٍ مَّشْرَبَهُمْ ؕ وَظَلَّلْنَا عَلَیْهِمُ الْغَمَامَ وَاَنْزَلْنَا عَلَیْهِمُ الْمَنَّ وَالسَّلْوٰی ؕ كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ ؕ وَمَا ظَلَمُوْنَا وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟","assameseTranslation":"আৰু সিহঁতক আমি বাৰটা গোত্ৰত বিভক্ত কৰিছিলোঁ। মুছাৰ সম্প্ৰদায়ে যেতিয়া তেওঁৰ ওচৰত পানী বিচাৰিলে, তেতিয়া আমি তেওঁৰ প্ৰতি অহী প্ৰেৰণ কৰিলোঁ, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’; ফলত তাৰ পৰা বাৰটা ঝৰ্ণাৰ উৎপত্তি হ’ল। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱা স্থান নিৰ্ণয় কৰি ল’লে। আমি মেঘৰ দ্বাৰা সিহঁতৰ ওপৰত ছাঁ কৰি দিছিলোঁ আৰু সিহঁতৰ ওপৰত আমি মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ। (কৈছিলোঁ) ‘তোমালোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুবোৰ খোৱা’। সিহঁতে আমাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছিল।","footnotes":"","tafseer":"আমি বনী ইছৰাঈলক বাৰটা গোত্ৰত বিভক্ত কৰিছিলোঁ। আৰু মূছাৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ যেতিয়া তেওঁৰ সম্প্ৰদায়ে তেওঁৰ ওচৰত পানী বিচাৰি আবেদন কৰিছিল। হে মূছা! তোমাৰ লাঠিৰে এই শিলডোখৰক আঘাত কৰা। এতেকে তেওঁ শিলত আঘাত কৰিলে আৰু তাৰ পৰা বাৰটা গোত্ৰৰ বাবে বাৰটা পানীৰ নিজৰা প্ৰবাহিত হ'ল, তথা প্ৰত্যেক গোত্ৰই নিজ নিজ নিজৰা চমজি ল’লে, কিয়নো তাৰ পৰা আন কোনো গোত্ৰই পানী পান কৰিব নোৱাৰে। আমি সিহঁতৰ ওপৰত মেঘৰ ছাঁ কৰি দিছিলোঁ, সিহঁতৰ গতিৰ লগত মেঘেও গতি কৰিছিল আৰু সিহঁতে থিয় দিলে মেঘেও থমকি ৰৈছিল। আমি আমাৰ অনুগ্ৰহ সিহঁতৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ, যেনে- মৌৰ দৰে মিঠা পানীয় আৰু সু-সোৱাদ বিশিষ্ট কোয়েল চৰাইৰ দৰে সৰু চৰাই। আমি সিহঁতক কৈছিলোঁঃ আমি প্ৰদান কৰা পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা। সিহঁতৰ অবাধ্যতা তথা অকৃতজ্ঞতাৰ পিছতো আমি সিহঁতৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰা নাছিলোঁ। কিন্তু সিহঁতে অবাধ্যতা কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰি আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007160.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007160.mp3"},{"index":"161","arabicText":"وَاِذْ قِیْلَ لَهُمُ اسْكُنُوْا هٰذِهِ الْقَرْیَةَ وَكُلُوْا مِنْهَا حَیْثُ شِئْتُمْ وَقُوْلُوْا حِطَّةٌ وَّادْخُلُوا الْبَابَ سُجَّدًا نَّغْفِرْ لَكُمْ خَطِیْٓـٰٔتِكُمْ ؕ سَنَزِیْدُ الْمُحْسِنِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘তোমালোকে এই জনপদত বাস কৰা আৰু য’ৰ পৰা ইচ্ছা খোৱা লগতে কোৱা, ‘হিত্তাতুন’ (ক্ষমা বিচাৰোঁ) আৰু নতশিৰে দুৱাৰেৰে প্ৰৱেশ কৰিবা; আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম। নিশ্চয় আমি সৎকৰ্মশীলসকলক অধিক দান কৰিম’।","footnotes":"","tafseer":"হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আল্লাহে বনী ইছৰাঈলক আদেশ কৰিছিল যে, তোমালোকে বাইতুল মাকদিছত প্ৰৱেশ কৰা, সেই গাওঁত গৈ তোমালোকে নিজৰ ইচ্ছামতে য’ৰ তৰ পৰাই ফলমূল আদি ভক্ষণ কৰিব পাৰিবা। লগতে পাঠ কৰিবা যে, হে আমাৰ প্ৰতিপালক! আমাৰ গুনাহসমূহ মাৰ্জনা কৰা, আৰু সেই গাওঁখনত প্ৰৱেশ কৰাৰ সময়ত আল্লাহৰ প্ৰতি নতহৈ বিনীতভাৱে প্ৰৱেশ কৰিবা। যদি তোমালোকে এনেকুৱা কৰা তেন্তে আমি তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিম, লগতে সৎকৰ্মকাৰী সকলক ইহকাল আৰু পৰকালত আৰু অধিক কল্যাণ দান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007161.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007161.mp3"},{"index":"162","arabicText":"فَبَدَّلَ الَّذِیْنَ ظَلَمُوْا مِنْهُمْ قَوْلًا غَیْرَ الَّذِیْ قِیْلَ لَهُمْ فَاَرْسَلْنَا عَلَیْهِمْ رِجْزًا مِّنَ السَّمَآءِ بِمَا كَانُوْا یَظْلِمُوْنَ ۟۠","assameseTranslation":"তথাপিও সিহঁতৰ মাজৰ যিসকল যালিম আছিল সিহঁতক যি কোৱা হৈছিল, তাৰ পৰিবৰ্তে সিহঁতে অন্য কথা ক’লে। সেয়ে আমি আকাশৰ পৰা সিহঁতৰ প্ৰতি শাস্তি পঠালোঁ, কাৰণ সিহঁতে অন্যায় কৰিছিল।","footnotes":"","tafseer":"তাৰ পিছত সিহঁতৰ মাজৰ অন্যায়কাৰীসকলে সেই বাক্যক বিকৃত কৰিলে, যিটো বাক্য সিহঁতক পাঠ কৰিবলৈ আদেশ কৰা হৈছিল। ক্ষমা প্ৰাৰ্থনামূলক বাক্যটোৰ পৰিবৰ্তে সিহঁতে ক’লে, “শীহৰ ভিতৰত দানা”। আনহাতে যিদৰে সিহঁতক প্ৰৱেশ কৰিবলৈ কোৱা হৈছিল, সেইটোৰো ওলোটা কৰিলে। সিহঁতে আল্লাহৰ প্ৰতি নতহৈ বিনীতভাৱে প্ৰৱেশ কৰাৰ পৰিবৰ্তে বুকু ফুলাই নিতম্ব চোঁচৰাই প্ৰৱেশ কৰিলে। এতেকে সিহঁতৰ অন্যায়ৰ কাৰণে আমি সিহঁতৰ ওপৰত আকাশৰ পৰা শাস্তি প্ৰেৰণ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007162.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007162.mp3"},{"index":"163","arabicText":"وَسْـَٔلْهُمْ عَنِ الْقَرْیَةِ الَّتِیْ كَانَتْ حَاضِرَةَ الْبَحْرِ ۘ اِذْ یَعْدُوْنَ فِی السَّبْتِ اِذْ تَاْتِیْهِمْ حِیْتَانُهُمْ یَوْمَ سَبْتِهِمْ شُرَّعًا وَّیَوْمَ لَا یَسْبِتُوْنَ ۙ لَا تَاْتِیْهِمْ ۛۚ كَذٰلِكَ ۛۚ نَبْلُوْهُمْ بِمَا كَانُوْا یَفْسُقُوْنَ ۟","assameseTranslation":"আৰু সিহঁতক সাগৰৰ সৈকতত বাস কৰা জনবসতিৰ বিষয়ে সোধাচোন, যেতিয়া সিহঁতে শনিবাৰে সীমালংঘন কৰিছিল, যেতিয়া শনিবাৰ পালনৰ দিনা মাছবোৰ পানীত ভাহি ভাহি সিহঁতৰ ওচৰলৈ আহিছিল। কিন্তু যিদিনা সিহঁতে শনিবাৰ পালন কৰা নাছিল সেইদিনা সেই মাছবোৰ সিহঁতৰ ওচৰলৈ অহা নাছিল। এইদৰে আমি সিহঁতক পৰীক্ষা কৰিছিলোঁ, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।","footnotes":"","tafseer":"তথা হে ৰাছুল! ইয়াহুদীসকলক সিহঁতৰ পুৰ্বপুৰুষৰ শাস্তি স্মৰণ কৰাবলৈ সেই জনপদৰ বিষয়ে সোধক, যিসকলে সাগৰৰ পাৰত বসবাস কৰিছিল, যেতিয়া সিহঁতে আল্লাহৰ নিষেধাজ্ঞাক আওকাণ কৰি শনিবাৰৰ দিনা মাছ চিকাৰত লিপ্ত হৈ আল্লাহৰ নিৰ্ধাৰিত সীমা উলংঘা কৰিছিল। এতেকে আল্লাহেও সিহঁতক পৰীক্ষা কৰিবলৈ এনেকুৱা পন্থা অৱলম্বন কৰিলে যে, শনিবাৰৰ দিনা মাছ সাগৰৰ পাৰত পানীৰ ওপৰেৰে ওফন্দি আহিছিল, অথচ অন্যান্য দিনত এনেকৈ অহা নাছিল। আল্লাহে সিহঁতক এই পৰীক্ষাত পেলোৱাৰ কাৰণটো হৈছে, সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল আৰু গুনাহত পতিত হৈছিল। ফলত সিহঁতে মাছ ধৰিবলৈ কৌশল অৱলম্বন কৰিছিল। সিহঁতে আগতীয়াকৈ গাত খান্দি জাল পাতি থৈছিল। এতেকে শনিবাৰে জালত মাছ পৰিছিল আৰু সিহঁতে ৰবিবাৰে গৈ সেই জাল উঠাই আনিছিল আৰু সেই মাছ ভক্ষণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007163.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007163.mp3"},{"index":"164","arabicText":"وَاِذْ قَالَتْ اُمَّةٌ مِّنْهُمْ لِمَ تَعِظُوْنَ قَوْمَا ۙ للّٰهُ مُهْلِكُهُمْ اَوْ مُعَذِّبُهُمْ عَذَابًا شَدِیْدًا ؕ قَالُوْا مَعْذِرَةً اِلٰی رَبِّكُمْ وَلَعَلَّهُمْ یَتَّقُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া সিহঁতৰ দল এটাই কৈছিল, ‘আল্লাহে যিসকলক ধ্বংস কৰিব অথবা কঠোৰ শাস্তি দিব, তোমালোকে সিহঁতক কিয় সদুপদেশ দিয়া? সিহঁতে কৈছিল, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত দায়িত্ব-মুক্তিৰ বাবে আৰু যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে সেইকাৰণে’।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ মাজৰে এটা দলে সিহঁতক এই অনৈতিক কৰ্মৰ পৰা নিষেধ তথা সাৱধান কৰিছিল। তেতিয়া আন এচাম লোকে কৈছিলঃ তোমালোকে এনেকুৱা লোকক কিয় উপদেশ দিয়া যিসকলক আল্লাহে সিহঁতৰ গুনাহৰ ফলত পৃথিৱীতে ধ্বংস কৰিব অথবা ক্বিয়ামতৰ দিনা সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব। তেতিয়া উপদেশকাৰীসকলে কৈছিলঃ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ যি দায়িত্ব আল্লাহে আমাক প্ৰদান কৰিছে, আমি কেৱল সেই দায়িত্ব পালন কৰি আছোঁ, যাতে দায়িত্ব পালন নকৰাৰ বাবে আমি জবাবদিহি হ'ব নালাগে, লগতে যাতে সিহঁতে এই উপদেশৰ পৰা উপকৃত হৈ গুনাহৰ পৰা ৰক্ষা পাব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007164.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007164.mp3"},{"index":"165","arabicText":"فَلَمَّا نَسُوْا مَا ذُكِّرُوْا بِهٖۤ اَنْجَیْنَا الَّذِیْنَ یَنْهَوْنَ عَنِ السُّوْٓءِ وَاَخَذْنَا الَّذِیْنَ ظَلَمُوْا بِعَذَابٍۭ بَىِٕیْسٍ بِمَا كَانُوْا یَفْسُقُوْنَ ۟","assameseTranslation":"তাৰ পিছত যি উপদেশ সিহঁতক দিয়া হৈছিল, সিহঁতে যেতিয়া সেয়া পাহৰি গ’ল, তেতিয়া যিসকলে অসৎকৰ্মৰ পৰা নিষেধ কৰিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ, আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক আমি কঠোৰ শাস্তি বিহিছিলোঁ, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।","footnotes":"","tafseer":"পাপিষ্ঠসকলে যেতিয়া উপদেশকাৰী সকলৰ উপদেশৰ পৰা মুখ ঘূৰাই ল’লে আৰু নিজৰ কৰ্মকাণ্ডৰ পৰা বিৰত নহ’ল, তেতিয়া আমি সেইসকল লোকক শাস্তিৰ পৰা ৰক্ষা কৰিলোঁ যিসকলে অসৎকৰ্মৰ পৰা নিষেধ প্ৰদান কৰি মানুহক শাস্তিৰ পৰা বিৰত ৰাখিছিল, আৰু যিসকলে শনিবাৰৰ দিনা মাছ চিকাৰ কৰি নিজৰ ওপৰতে অন্যায় কৰিছিল সিহঁতক কঠোৰ শাস্তি বিহিলোঁ, কাৰণ সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল আৰু গুনাহৰ ওপৰত অটল আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007165.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007165.mp3"},{"index":"166","arabicText":"فَلَمَّا عَتَوْا عَنْ مَّا نُهُوْا عَنْهُ قُلْنَا لَهُمْ كُوْنُوْا قِرَدَةً خٰسِىِٕیْنَ ۟","assameseTranslation":"ইয়াৰ পিছতো যেতিয়া সিহঁতে নিষিদ্ধ কামত সীমা চেৰাই গ'ল তেতিয়া আমি সিহঁতক ক’লোঁ, ‘তোমালোকে নিকৃষ্ট বান্দৰ হৈ যোৱা’!","footnotes":"","tafseer":"যেতিয়া সিহঁতে অহংকাৰ তথা বিদ্বেষ পোষণ কৰি সকলো সীমা চেৰাই গ’ল, আৰু উপদেশ গ্ৰহণ নকৰিলে। তেতিয়া আমি সিহঁতক ক'লোঁঃ হে পাপিষ্ঠসকল! তোমালোক নিকৃষ্ট বান্দৰত পৰিণত হৈ যোৱা। ফলত সিহঁত আমাৰ ইচ্ছানুসাৰে বান্দৰ হৈ গ'ল। কিয়নো আমি যেতিয়া কোনো কাম কৰিবলৈ ইচ্ছা পোষণ কৰোঁ, তেতিয়া আমি কেৱল কওঁ যে, “হ” সেইটো তেতিয়াই হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007166.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007166.mp3"},{"index":"167","arabicText":"وَاِذْ تَاَذَّنَ رَبُّكَ لَیَبْعَثَنَّ عَلَیْهِمْ اِلٰی یَوْمِ الْقِیٰمَةِ مَنْ یَّسُوْمُهُمْ سُوْٓءَ الْعَذَابِ ؕ اِنَّ رَبَّكَ لَسَرِیْعُ الْعِقَابِ ۖۚ وَاِنَّهٗ لَغَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিছিল যে, নিশ্চয় তেওঁ ক্বিয়ামত পৰ্যন্ত সিহঁতৰ ওপৰত এনেকুৱা কিছুমান লোকক (ক্ষমতা প্ৰদান কৰি) পঠাব, যিসকলে সিহঁতক কঠিন শাস্তি দি থাকিব। নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি দানত তৎপৰ আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আল্লাহে স্পষ্ট ঘোষণা কৰিছিল যে, তেওঁ ক্বিয়ামত পৰ্যন্ত ইয়াহুদীসকলৰ ওপৰত এনেকুৱা লোকক প্ৰভূত্ব প্ৰদান কৰিব, যিসকলে সিহঁতক লাঞ্ছনদায়ক শাস্তি প্ৰদান কৰি থাকিব। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে পাপিষ্ঠসকলক শীঘ্ৰেই শাস্তি প্ৰদান কৰিব। আনকি কেতিয়াবা কেতিয়াবা পৃথিৱীতো সিহঁতক শাস্তি দিয়ে। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007167.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007167.mp3"},{"index":"168","arabicText":"وَقَطَّعْنٰهُمْ فِی الْاَرْضِ اُمَمًا ۚ مِنْهُمُ الصّٰلِحُوْنَ وَمِنْهُمْ دُوْنَ ذٰلِكَ ؗ وَبَلَوْنٰهُمْ بِالْحَسَنٰتِ وَالسَّیِّاٰتِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟","assameseTranslation":"আৰু আমি সিহঁতক পৃথিৱীত বিভিন্ন দলত বিভক্ত কৰিছোঁ, সিহঁতৰ কিছুমান হৈছে সৎকৰ্মপৰায়ণ আৰু কিছুমান অন্য ধৰণৰ। আমি সিহঁতক মঙ্গল আৰু অমঙ্গলৰ দ্বাৰা পৰীক্ষা কৰিছোঁ, যাতে সিহঁতে প্ৰত্যাৱৰ্তন কৰে।","footnotes":"","tafseer":"আৰু আমি সিহঁতক পৃথিৱীত বহুধাবিভক্ত কৰিছোঁ, অথচ পূৰ্বে সিহঁত একত্ৰিত আছিল। সিহঁতৰ মাজৰ কিছুমান লোক আছিল পুণ্যৱান, যিসকলে আল্লাহৰ বিধান পালন কৰিছিল আৰু মানুহৰো অধিকাৰ পূৰণ কৰিছিল। আন কিছুমান আছিল মধ্যম পন্থা অৱলম্বনকাৰী। লগতে আন কিছুমান আছিল পাপিষ্ঠ অন্যায়কাৰী। আমি সিহঁতক সুখ-দুখেৰে পৰীক্ষা কৰিছোঁ, যাতে সিহঁতে নিজকে সংশোধন কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007168.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007168.mp3"},{"index":"169","arabicText":"فَخَلَفَ مِنْ بَعْدِهِمْ خَلْفٌ وَّرِثُوا الْكِتٰبَ یَاْخُذُوْنَ عَرَضَ هٰذَا الْاَدْنٰی وَیَقُوْلُوْنَ سَیُغْفَرُ لَنَا ۚ وَاِنْ یَّاْتِهِمْ عَرَضٌ مِّثْلُهٗ یَاْخُذُوْهُ ؕ اَلَمْ یُؤْخَذْ عَلَیْهِمْ مِّیْثَاقُ الْكِتٰبِ اَنْ لَّا یَقُوْلُوْا عَلَی اللّٰهِ اِلَّا الْحَقَّ وَدَرَسُوْا مَا فِیْهِ ؕ وَالدَّارُ الْاٰخِرَةُ خَیْرٌ لِّلَّذِیْنَ یَتَّقُوْنَ ؕ اَفَلَا تَعْقِلُوْنَ ۟","assameseTranslation":"সিহঁতৰ পিছত এনে কিছুমান অযোগ্য লোক এটাৰ পিছত এটাকৈ সিহঁতৰ স্থলাভিষিক্তৰূপে কিতাবৰ উত্তৰাধিকাৰী হৈছে, যিসকলে পৃথিৱীৰ এই তুচ্ছ অসাৰ সামগ্ৰী সঞ্চয়ত লিপ্ত থাকে, আৰু সিহঁতে কয়, ‘আমাক ক্ষমা কৰি দিয়া হ’ব’। কিন্তু এইবোৰৰ অনুৰূপ সামগ্ৰী সিহঁতৰ ওচৰলৈ আহিলে সেয়াও সিহঁতে গ্ৰহণ কৰিব; কিতাবৰ অঙ্গীকাৰ সিহঁতৰ পৰা লোৱা হোৱা নাছিলনে যে, সিহঁতে আল্লাহ সম্পৰ্কে সত্যৰ বাহিৰে আন একো নক’ব? অথচ সিহঁতে তাত যি আছে সেয়া অধ্যয়নো কৰে। কিন্তু যিসকলে তাক্বৱা অৱলম্বন কৰে সিহঁতৰ বাবে আখিৰাতৰ আবাসেই হৈছে উত্তম; তোমালোকে এয়া অনুধাৱন নকৰানে?","footnotes":"","tafseer":"সিহঁতৰ পিছত কিছুমান বেয়া চৰিত্ৰৰ লোক সিহঁতৰ স্থলাভিষিক্ত হৈছে, যিসকলে নিজৰ পূৰ্বপুৰুষৰ পৰা তাওৰাত সংগ্ৰহ কৰিছিল। সিহঁতে সেয়া পঢ়িছিল কিন্তু আমল কৰা নাছিল। সিহঁতে তুচ্ছ মূল্যৰ বিনিময়ত আল্লাহৰ গ্ৰন্থক বিকৃত কৰিবলৈ আৰম্ভ কৰিছে আৰু আল্লাহে যি বিধান অৱতীৰ্ণ কৰা নাই সেই মতে বিচাৰ-মীমাংসা কৰে। সিহঁত এই আশাত বন্দী হৈ আছে যে, নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিব। সিহঁতৰ ওচৰত অলপ পাৰ্থিৱ সম্পত্তি আহিলে বাৰে বাৰে সেইটোকে গ্ৰহণ কৰিবলৈ আগভাগ লয়। আল্লাহে সিহঁতৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লোৱা নাছিলনে যে, সিহঁতে আল্লাহৰ প্ৰতি সদায় সত্য কথাহে ক'ব, বিকৃত তথা পৰিবৰ্তন নকৰিব, সিহঁতে গ্ৰন্থৰ ওপৰত আমল নকৰা বিষয়টো অজ্ঞনতাৰ ফলত নহয়, বৰং সিহঁতে জানি-বুজি কৰিছিল। সিহঁতে তাত থকা বিধানসমূহ পঢ়িছিল আৰু সেই সম্পৰ্কে জ্ঞান অৰ্জন কৰিছিল, তথাপিও পাপ কৰিছিল। সেয়ে সিহঁতৰ অপৰাধ অধিক দণ্ডদায়ক। পৰকালৰ ঘৰ, পৰকালৰ ঘৰত আল্লাহৰ আদেশ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা সকলৰ বাবে যিবোৰ স্থায়ী আনন্দ আছে, সেইবোৰ সৰ্বোতকৃষ্ট, এই পাৰ্থিৱ জীৱনৰ ধ্বংসশীল বস্তুতকৈ। এই কম সম্বল সংগ্ৰহকাৰী সকলে নুবুজে নেকি যে, আল্লাহে মুত্তাক্বীসকলৰ বাবে আখিৰাতত যি তৈয়াৰ কৰি ৰাখিছে সেয়া সৰ্বোৎকৃষ্ট আৰু চিৰস্থায়ী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007169.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007169.mp3"},{"index":"170","arabicText":"وَالَّذِیْنَ یُمَسِّكُوْنَ بِالْكِتٰبِ وَاَقَامُوا الصَّلٰوةَ ؕ اِنَّا لَا نُضِیْعُ اَجْرَ الْمُصْلِحِیْنَ ۟","assameseTranslation":"যিসকলে কিতাবক দৃঢ়ভাৱে ধাৰণ কৰে আৰু ছালাত কায়েম কৰে; নিশ্চয় আমি সৎকৰ্মপৰায়ণসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ।","footnotes":"","tafseer":"যিসকলে গ্ৰন্থক দৃঢ়তাৰে ধাৰণ কৰে আৰু তাত থকা বিধান মতে আমল কৰে, লগতে যথাসময়ত ছালাতৰ চৰ্ত, ওৱাজিব আৰু ছুনান সহকাৰে ছালাত প্ৰতিষ্ঠা কৰে। আল্লাহে শীঘ্ৰেই তেওঁলোকক তেওঁলোকৰ আমলৰ প্ৰতিদান দিব। কিয়নো আল্লাহে কোনো নেক বান্দাৰ আমল ব্যৰ্থ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007170.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007170.mp3"},{"index":"171","arabicText":"وَاِذْ نَتَقْنَا الْجَبَلَ فَوْقَهُمْ كَاَنَّهٗ ظُلَّةٌ وَّظَنُّوْۤا اَنَّهٗ وَاقِعٌ بِهِمْ ۚ خُذُوْا مَاۤ اٰتَیْنٰكُمْ بِقُوَّةٍ وَّاذْكُرُوْا مَا فِیْهِ لَعَلَّكُمْ تَتَّقُوْنَ ۟۠","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আমি পৰ্বতক সিহঁতৰ ওপৰত তুলি ধৰিছিলোঁ, আৰু সেয়া আছিল যেনিবা মেঘৰ এটা খণ্ড। সিহঁতে ভাবিছিল যে, সেয়া সিহঁতৰ ওপৰত পৰি যাব। (আমি ক’লোঁ) ‘আমি যি প্ৰদান কৰিছোঁ সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ কৰা, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা’।","footnotes":"","tafseer":"হে মুহাম্মদ! সেই সময়ক স্মৰণ কৰক, যেতিয়া আমি বনী ইছৰাঈলৰ ওপৰত পৰ্বত দাঙি ধৰিছিলোঁ, যেতিয়া সিহঁতে তাওৰাতৰ শিক্ষা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পৰ্বত সিহঁতৰ মূৰৰ ওপৰত ছাতিৰ দৰে থিয় হৈ আছিল, আৰু সিহঁত পতিয়ন গৈছিল যে, পৰ্বত অনতিপলমে সিহঁতৰ ওপৰত খহি পৰিব। সিহঁতক কোৱা হ'লঃ আমি তোমালোকক যি দিছোঁ, সেয়া মজবুতভাৱে ধাৰণ কৰা, আৰু তাত থকা আল্লাহৰ বিধানসমূহ সঠিকভাৱে মনত ৰাখিবা, পাহৰি নাযাবা। ইয়াৰ ফলত যাতে তোমালোকে আল্লাহক ভয় কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007171.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007171.mp3"},{"index":"172","arabicText":"وَاِذْ اَخَذَ رَبُّكَ مِنْ بَنِیْۤ اٰدَمَ مِنْ ظُهُوْرِهِمْ ذُرِّیَّتَهُمْ وَاَشْهَدَهُمْ عَلٰۤی اَنْفُسِهِمْ ۚ اَلَسْتُ بِرَبِّكُمْ ؕ قَالُوْا بَلٰی ۛۚ شَهِدْنَا ۛۚ اَنْ تَقُوْلُوْا یَوْمَ الْقِیٰمَةِ اِنَّا كُنَّا عَنْ هٰذَا غٰفِلِیْنَ ۟ۙ","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা তাৰ বংশধৰক উলিয়াইছিল আৰু সিহঁতৰ নিজৰ বিষয়ে স্বীকাৰোক্তি গ্ৰহণ কৰিছিল আৰু কৈছিল, ‘মই তোমালোকৰ প্ৰতিপালক নহয়নে? সিহঁতে কৈছিল, ‘হয় নিশ্চয়, আমি সাক্ষী থাকিলোঁ’। এই স্বীকাৰোক্তি এইকাৰণে লোৱা হ'ল যে, যাতে তোমালোকে ক্বিয়ামতৰ দিনা ক’ব নোৱাৰা যে, আমি এই বিষয়ে জনাই নাছিলোঁ।","footnotes":"","tafseer":"তথা হে মুহাম্মদ! সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা সিহঁতৰ বংশধৰসকলক উলিয়াইছিল, আৰু সিহঁতৰ পৰা ৰুবুবিয়্যাতৰ (অৰ্থাৎ আল্লাহ যে একক তথা অদ্বিতীয় সেই বিষয়ে) স্বীকাৰোক্তি লৈছিল, যিটো স্বীকাৰোক্তি সিহঁতৰ ফিতৰতত চামিল কৰি দিছে, কিয়নো তেওঁ সিহঁতৰ সৃষ্টিকৰ্তা আৰু প্ৰতিপালক। সিহঁতক কৈছিল যে, মই তোমালোকৰ প্ৰতিপালক নহয়নে? তেতিয়া সকলোৱে কৈছিলঃ নিশ্চয়, আপুনিয়ে আমাৰ প্ৰতিপালক। তেতিয়া আল্লাহে কৈছিলঃ মই তোমালোকৰ পৰীক্ষা ল’লোঁ, আৰু তোমালোকৰ পৰা প্ৰতিশ্ৰুতি ল’লোঁ যাতে তোমালোকে কিয়ামতৰ দিনা আল্লাহৰ প্ৰমাণক অস্বীকাৰ কৰিব নোৱাৰা। লগতে যাতে এইটোও ক'ব নোৱাৰা যে, আমি দেখোন এই বিষয়ে অৱগতই নাছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007172.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007172.mp3"},{"index":"173","arabicText":"اَوْ تَقُوْلُوْۤا اِنَّمَاۤ اَشْرَكَ اٰبَآؤُنَا مِنْ قَبْلُ وَكُنَّا ذُرِّیَّةً مِّنْ بَعْدِهِمْ ۚ اَفَتُهْلِكُنَا بِمَا فَعَلَ الْمُبْطِلُوْنَ ۟","assameseTranslation":"অথবা তোমালোকে যাতে এইটো ক’ব নোৱাৰা যে, আমাৰ পিতৃপুৰুষসকলেও আমাৰ আগত শ্বিৰ্ক কৰিছিল, আৰু আমি আছিলোঁ তেওঁলোকৰ পৰবৰ্তী বংশধৰ; এতেকে (শ্বিৰ্কৰ মাধ্যমত) যিসকলে নিজৰ আমলক বাতিল কৰিছে সিহঁতৰ কৃতকৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবানে?","footnotes":"","tafseer":"অথবা যাতে এইটোও নোকোৱা যে, তোমালোকৰ পূৰ্বপুৰুষসকলেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছিল আৰু আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰিছিল, আৰু তোমালোক সিহঁতৰ অনুকৰণ কৰি শ্বিৰ্কত লিপ্ত হৈছিলা। ফলত তোমালোকে যাতে এইটো নোকোৱা যে, হে আমাৰ প্ৰতিপালক! তুমি আমাক সেই শ্বিৰ্কৰ কাৰণে শাস্তি দিবা নেকি যিটো শ্বিৰ্কত লিপ্ত হৈ আমাৰ পূৰ্বপুৰুষসকলে নিজৰ আমল ধ্বংস কৰিছিল? প্ৰকৃততে আমাৰ কোনো ভুল নাছিল। কাৰণ এই বিষয়ে আমি অজ্ঞ আছিলোঁ আৰু আমি কেৱল আমাৰ পুৰ্বপুৰুষসকলৰ অনুকৰণ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007173.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007173.mp3"},{"index":"174","arabicText":"وَكَذٰلِكَ نُفَصِّلُ الْاٰیٰتِ وَلَعَلَّهُمْ یَرْجِعُوْنَ ۟","assameseTranslation":"আৰু এইদৰেই আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ যাতে সিহঁতে উভতি আহে।","footnotes":"","tafseer":"যিদৰে আমি অস্বীকাৰকাৰী জাতিৰ পৰিণাম সম্পৰ্কে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ, সেইদৰে আমি এইসকল লোকৰ বাবেও আয়াতসমূহ স্পষ্টৰূপে বৰ্ণনা কৰিম, যাতে ইহঁতে শ্বিৰ্কৰ পৰা উভতি আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে প্ৰত্যাৱৰ্তন কৰে। যিদৰে সেই প্ৰতিশ্ৰুতিত উল্লেখ আছে যিটো ইহঁতে নিজৰ বিষয়ে আল্লাহক দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007174.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007174.mp3"},{"index":"175","arabicText":"وَاتْلُ عَلَیْهِمْ نَبَاَ الَّذِیْۤ اٰتَیْنٰهُ اٰیٰتِنَا فَانْسَلَخَ مِنْهَا فَاَتْبَعَهُ الشَّیْطٰنُ فَكَانَ مِنَ الْغٰوِیْنَ ۟","assameseTranslation":"আৰু সিহঁতক সেই ব্যক্তিৰ সংবাদ পাঠ কৰি শুনোৱা, যাক আমি নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, তাৰ পিছত সি তাৰ পৰা বিচ্ছিন্ন হৈ গৈছিল, আৰু চয়তানে তাৰ পিছ লৈছিল। ফলত সি বিপথগামীসকলৰ অন্তৰ্ভুক্ত হৈ গৈছিল।","footnotes":"","tafseer":"হে ৰাছুল! বনী ইছৰাঈলক সিহঁতৰ সম্প্ৰদায়ৰে সেই ব্যক্তি সম্পৰ্কে অৱগত কৰাওক, যাক আমি আমাৰ নিদৰ্শনসমূহ দান কৰিছিলোঁ। তেওঁ সেয়া শিকি লৈছিল আৰু ইয়াৰ জৰিয়তে সাব্যস্ত হোৱা সত্যক বুজি পাইছিল। কিন্তু তাৰ প্ৰতি আমল কৰাৰ পৰিবৰ্তে সেইটোক পৰিত্যাগ কৰিছিল, আৰু আঁতৰি গৈছিল। ফলত চয়তানে তাৰ পিচ লৈছিল আৰু তাৰ বন্ধুত পৰিণত হৈছিল। অৱশেষত সি পথভ্ৰষ্ট হৈ ধ্বংসপ্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত হৈ গৈছিল। অথচ পূৰ্বে সি সঠিক পথত তথা মুক্তিৰ পথত পৰিচালিত আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007175.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007175.mp3"},{"index":"176","arabicText":"وَلَوْ شِئْنَا لَرَفَعْنٰهُ بِهَا وَلٰكِنَّهٗۤ اَخْلَدَ اِلَی الْاَرْضِ وَاتَّبَعَ هَوٰىهُ ۚ فَمَثَلُهٗ كَمَثَلِ الْكَلْبِ ۚ اِنْ تَحْمِلْ عَلَیْهِ یَلْهَثْ اَوْ تَتْرُكْهُ یَلْهَثْ ؕ ذٰلِكَ مَثَلُ الْقَوْمِ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا ۚ فَاقْصُصِ الْقَصَصَ لَعَلَّهُمْ یَتَفَكَّرُوْنَ ۟","assameseTranslation":"আৰু আমি ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা তাক উচ্চ মৰ্যাদা দান কৰিলোঁহেঁতেন, কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে, তাৰ ওপৰত বোজা জাপি দিলে সি জিভা উলিয়াই হেঁপাই থাকে আৰু বোজা নিদিলেও সি জিভা উলিয়াই হেঁপাই থাকে। যি সম্প্ৰদায়ে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতৰ অৱস্থাও এইটোৱেই। এতেকে তুমি বৃত্তান্ত বৰ্ণনা কৰা যাতে সিহঁতে চিন্তা কৰে।","footnotes":"","tafseer":"আমি যদি সেইবোৰ আয়াতৰ দ্বাৰা তাক উপকৃত কৰিব বিচাৰিলোঁহেঁতেন, তেন্তে সেইবোৰৰ দ্বাৰা তাক উচ্চ মৰ্যাদা প্ৰদান কৰিলোঁহেঁতেন। তাক সেইবোৰৰ প্ৰতি আমল কৰিবলৈ তাওফীক দান কৰিলোঁহেঁতেন আৰু সি পৃথিৱী আৰু আখিৰাতত উচ্চ মৰ্যাদা লাভ কৰিলেহেঁতেন। কিন্তু সি ক্ষতিগ্ৰস্ততাৰ পথ বাচি ল’লে, আৰু পৃথিৱীৰ মায়াত আৱদ্ধ হ'ল, পৃথিৱীক আখিৰাতৰ ওপৰত প্ৰাধান্য দিলে, লগতে নিজৰ অসত্য কামনাৰ অনুসৰণ কৰিবলৈ ধৰিলে। পাৰ্থিৱ জীৱনৰ প্ৰতি তাৰ যি লোভ তাৰ উদাহৰণ হৈছে কুকুৰৰ দৰে, যিটো সদায় হেঁপাই ফোঁপাই থাকে। স্থিৰ অৱস্থাতো হেঁপাই থাকে, খেদি পঠিয়ালেও হেঁপাই থাকে। এই উদাহৰণ সেইসকল লোকৰ বাবে যিসকলে আমাৰ আয়াতক অস্বীকাৰ কৰিছে। এতেকে হে ৰাছুল! আপুনি সিহঁতক বৃত্তান্ত বৰ্ণনা কৰি থাকক, যাতে সিহঁতে চিন্তা-চৰ্চা কৰে আৰু অস্বীকাৰ তথা পথভ্ৰষ্টতাৰ পৰা আঁতৰি আহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007176.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007176.mp3"},{"index":"177","arabicText":"سَآءَ مَثَلَا لْقَوْمُ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَاَنْفُسَهُمْ كَانُوْا یَظْلِمُوْنَ ۟","assameseTranslation":"সেই সম্প্ৰদায়ৰ উপমা কিমান যে নিকৃষ্ট! যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু সিহঁতে নিজৰ প্ৰতিহে অন্যায় কৰিছিল।","footnotes":"","tafseer":"সেই সম্প্ৰদায়তকৈ নিকৃষ্ট সম্প্ৰদায় আৰুনো কোনটো হ'ব পাৰে, যিসকলে আমাৰ দলিল-প্ৰমাণসমূহ অস্বীকাৰ কৰিছে, তথা সেইবোৰক সমৰ্থন কৰা নাই, আৰু সিহঁতে এই পন্থা অৱলম্বন কৰি নিজৰেই ক্ষতি কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007177.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007177.mp3"},{"index":"178","arabicText":"مَنْ یَّهْدِ اللّٰهُ فَهُوَ الْمُهْتَدِیْ ۚ وَمَنْ یُّضْلِلْ فَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟","assameseTranslation":"আল্লাহে যাক হিদায়ত দিয়ে সেইজনহে হিদায়তপ্ৰাপ্ত, আৰু তেওঁ যিসকলক বিপথগামী কৰে সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"আল্লাহে যাক সুপথ দেখুৱায়, প্ৰকৃততে তেওঁহে সুপথ পায়। আনহাতে তেওঁ যাক সুপথৰ পৰা আঁতৰাই দিয়ে, প্ৰকৃততে সিহঁতেই হৈছে নিজৰ কল্যাণ বিনষ্টকাৰী। সিহঁতেই ক্বিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি সাধন কৰিব। জানি থোৱা! এইটোৱে হৈছে স্পষ্ট ক্ষতিগ্ৰস্ততা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007178.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007178.mp3"},{"index":"179","arabicText":"وَلَقَدْ ذَرَاْنَا لِجَهَنَّمَ كَثِیْرًا مِّنَ الْجِنِّ وَالْاِنْسِ ۖؗ لَهُمْ قُلُوْبٌ لَّا یَفْقَهُوْنَ بِهَا ؗ وَلَهُمْ اَعْیُنٌ لَّا یُبْصِرُوْنَ بِهَا ؗ وَلَهُمْ اٰذَانٌ لَّا یَسْمَعُوْنَ بِهَا ؕ اُولٰٓىِٕكَ كَالْاَنْعَامِ بَلْ هُمْ اَضَلُّ ؕ اُولٰٓىِٕكَ هُمُ الْغٰفِلُوْنَ ۟","assameseTranslation":"নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছোঁ, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।","footnotes":"","tafseer":"আমি বহুতো জিন আৰু মানুহক জাহান্নামৰ বাবে সৃষ্টি কৰিছোঁ, কিয়নো আমি জানো সিহঁতে জাহান্নামত যোৱা কামকে কৰিব। সিহঁতৰ অন্তৰ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে ক্ষতি বা লাভ অনুধাৱন কৰিব নোৱাৰে। সিহঁতৰ চকু আছে কিন্তু সেই চকুৰে নিজৰ মাজত থকা আৰু সংসাৰত প্ৰসাৰিত হৈ থকা আল্লাহৰ নিদৰ্শনসমূহ দেখিবলৈ সক্ষম নহয়, যিবোৰৰ পৰা শিক্ষা অৰ্জন কৰিব পাৰিলেহেঁতেন। সিহঁতৰ কাণ আছে, কিন্তু সেই কাণেৰে আল্লাহৰ আয়াতসমূহ চিন্তা-চৰ্চা কৰিবলৈ সক্ষম নহয়। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকল হৈছে পশুতকৈও অধম তথা বুদ্ধিহীন। বৰং সিহঁত পশুতকৈও অধিক পথভ্ৰষ্ট। এইসকল লোকেই আল্লাহৰ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হৈ আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007179.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007179.mp3"},{"index":"180","arabicText":"وَلِلّٰهِ الْاَسْمَآءُ الْحُسْنٰی فَادْعُوْهُ بِهَا ۪ وَذَرُوا الَّذِیْنَ یُلْحِدُوْنَ فِیْۤ اَسْمَآىِٕهٖ ؕ سَیُجْزَوْنَ مَا كَانُوْا یَعْمَلُوْنَ ۟","assameseTranslation":"আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নামসমূহক বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।","footnotes":"","tafseer":"আল্লাহৰ আছে অতি সুন্দৰ সুন্দৰ নাম, যিবোৰে তেওঁৰ মহিমা আৰু পূৰ্ণতা প্ৰমাণ কৰে। এতেকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ সময়ত সেইবোৰৰ জৰিয়তে অছীলা তলব কৰা আৰু সেইবোৰৰ জৰিয়তে আল্লাহক প্ৰশংসা কৰা। সেইসকল লোকক এৰাই চলা, যিসকলে সত্যৰ পৰা আঁতৰি গৈ এইবোৰ নামক আনৰ লগত সম্পৃক্ত কৰে, অথবা সেইবোৰক অস্বীকাৰ কৰে, নাইবা অৰ্থ বিকৃত কৰে, অথবা আনক সাদৃশ্য কৰে। এইবোৰৰ ক্ষেত্ৰত যিসকলে সত্যৰ পৰা আঁতৰি গৈছে, অনতিপলমে আমি সিহঁতক কষ্টদায়ক শাস্তি প্ৰদান কৰিম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007180.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007180.mp3"},{"index":"181","arabicText":"وَمِمَّنْ خَلَقْنَاۤ اُمَّةٌ یَّهْدُوْنَ بِالْحَقِّ وَبِهٖ یَعْدِلُوْنَ ۟۠","assameseTranslation":"আৰু যিসকলক আমি সৃষ্টি কৰিছোঁ সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰ মীমাংসাত) ইনচাফো কৰে।","footnotes":"","tafseer":"আমি সৃষ্টি কৰা লোকসকলৰ মাজত এদল আছে যিসকলে নিজেও সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে আৰু আনকো সেই পিনে আহ্বান কৰে, ফলত সিহঁতেও হিদায়ত প্ৰাপ্ত হয়। তেওঁলোকে সেই মতেই ন্যায়ভাৱে ফয়চালা কৰে আৰু অন্যায়-অত্যাচাৰ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007181.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007181.mp3"},{"index":"182","arabicText":"وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا سَنَسْتَدْرِجُهُمْ مِّنْ حَیْثُ لَا یَعْلَمُوْنَ ۟ۚۖ","assameseTranslation":"আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, অনতিপলমে আমি সিহঁতক এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাম যে, সিহঁতে গমেই নাপাব।","footnotes":"","tafseer":"যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, আৰু সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা নাই বৰং অস্বীকাৰ কৰিছে, আমি সিহঁতৰ বাবে জীৱিকাৰ দুৱাৰ খুলি দিম। এইটো সিহঁতক সন্মানিত কৰাৰ উদ্দেশ্যে নহয়, বৰং অৱকাশ দিয়াৰ উদ্দেশ্যেহে, যাতে সিহঁতে যি ভ্ৰষ্টতাত পতিত হৈ আছে তাত আৰু অধিক নিমজ্জিত হ'ব পাৰে। অৱশেষত সিহঁতৰ অসাৱধানতাত যাতে আমাৰ শাস্তি আহি সিহঁতক ক্ষতিগ্ৰস্ত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007182.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007182.mp3"},{"index":"183","arabicText":"وَاُمْلِیْ لَهُمْ ۫ؕ اِنَّ كَیْدِیْ مَتِیْنٌ ۟","assameseTranslation":"আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।","footnotes":"","tafseer":"আৰু মই সিহঁতৰ শাস্তি পিছুৱাই দিম, যাতে সিহঁতে ভাবে যে, সিহঁত শাস্তিৰ সন্মুখীন নহ'ব। ফলত সিহঁতৰ কুফুৰী আৰু অস্বীকাৰ কৰাৰ প্ৰৱণতাৰ ধাৰাবাহিকতা অবিচল থাকিব, অৱশেষত সিহঁতৰ শাস্তি বৃদ্ধি পাব। নিশ্চয় মোৰ কৌশল অতি শক্তিশালী। সিহঁতে পতিয়ন যাব যে, সিহঁতৰ উপকাৰ হৈ আছে, অথচ তাত আছে সিহঁতৰ লাঞ্ছনা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007183.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007183.mp3"},{"index":"184","arabicText":"اَوَلَمْ یَتَفَكَّرُوْا ٚ مَا بِصَاحِبِهِمْ مِّنْ جِنَّةٍ ؕ اِنْ هُوَ اِلَّا نَذِیْرٌ مُّبِیْنٌ ۟","assameseTranslation":"সিহঁতে কেতিয়াও চিন্তা নকৰে নেকি যে, সিহঁতৰ সহচৰজন কাহানিও উন্মাদ নহয়? তেওঁ হৈছে কেৱল এজন স্পষ্ট সতৰ্ককাৰী।","footnotes":"","tafseer":"এইসকল লোকে যিসকলে আল্লাহৰ আয়াতসমূহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰে, নিজৰ বিবেক খটুৱাই অলপ চিন্তা কৰা নাইনে, তেতিয়াহে সিহঁতে স্পষ্টৰূপে বুজি পালেহেঁতেন যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম উন্মাদ নহয়। তেওঁ হৈছে আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল, তেওঁক আল্লাহে তেওঁৰ শাস্তিৰ পৰা মানুহক সাৱধান কৰিবলৈ সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007184.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007184.mp3"},{"index":"185","arabicText":"اَوَلَمْ یَنْظُرُوْا فِیْ مَلَكُوْتِ السَّمٰوٰتِ وَالْاَرْضِ وَمَا خَلَقَ اللّٰهُ مِنْ شَیْءٍ ۙ وَّاَنْ عَسٰۤی اَنْ یَّكُوْنَ قَدِ اقْتَرَبَ اَجَلُهُمْ ۚ فَبِاَیِّ حَدِیْثٍ بَعْدَهٗ یُؤْمِنُوْنَ ۟","assameseTranslation":"সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱতঃ সিহঁতৰ নিৰ্ধাৰিত সময় অতি নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ৰাজত্বৰ প্ৰতি সিহঁতে শিক্ষা গ্ৰহণৰ উদ্দেশ্যে দৃষ্টিপাত কৰা নাইনে? উভয়ৰ মাজত আল্লাহে যিবোৰ জীৱ আৰু নিৰ্জীৱ সৃষ্টি কৰিছে সেইবোৰৰ প্ৰতি দৃষ্টিপাত কৰা নাইনে? নিজৰ নিৰ্ধাৰিত সময়ৰ প্ৰতি লক্ষ্য কৰা নাইনে, হয়তো সেই নিৰ্ধাৰিত সময় অতি সন্নিকট? এতেকে এই সময় অতিবাহিত হোৱাৰ পূৰ্বেই তাওবা কৰা উচিত। যিহেতু সিহঁতে কোৰআন আৰু তাৰ মাজত থকা প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণীৰ প্ৰতি ঈমান পোষণ কৰা নাই, তেন্তে ইয়াৰ বাহিৰে আৰুনো কোনটো কিতাপৰ প্ৰতি ঈমান পোষণ কৰিব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007185.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007185.mp3"},{"index":"186","arabicText":"مَنْ یُّضْلِلِ اللّٰهُ فَلَا هَادِیَ لَهٗ ؕ وَیَذَرُهُمْ فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟","assameseTranslation":"আল্লাহে যাক বিপথগামী কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই; আৰু তেওঁ সিহঁতক সিহঁতৰ অবাধ্যতাত লক্ষ্যহীনৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিয়ে।","footnotes":"","tafseer":"যাক আল্লাহে হিদায়তৰ পৰা দূৰ কৰি দিয়ে আৰু পোন পথৰ পৰা আঁতৰাই দিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে। আল্লাহে তাক কুফৰ তথা পথভ্ৰষ্টতাৰ মাজত এৰি দিয়ে, তাত সিহঁত দিশহাৰা হৈ পৰিব, কোনো পথ বিচাৰি নাপাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007186.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007186.mp3"},{"index":"187","arabicText":"یَسْـَٔلُوْنَكَ عَنِ السَّاعَةِ اَیَّانَ مُرْسٰىهَا ؕ قُلْ اِنَّمَا عِلْمُهَا عِنْدَ رَبِّیْ ۚ لَا یُجَلِّیْهَا لِوَقْتِهَاۤ اِلَّا هُوَ ؔؕۘ ثَقُلَتْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ لَا تَاْتِیْكُمْ اِلَّا بَغْتَةً ؕ یَسْـَٔلُوْنَكَ كَاَنَّكَ حَفِیٌّ عَنْهَا ؕ قُلْ اِنَّمَا عِلْمُهَا عِنْدَ اللّٰهِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেয়া কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰতহে আছে। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকাশমণ্ডল আৰু পৃথিৱীত সেইটো হ’ব এটা ভয়ংকৰ ঘটনা। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।","footnotes":"","tafseer":"হে নবী! এই নিষ্ঠুৰ অস্বীকাৰকাৰীসকলে আপোনাৰ ওচৰত ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, সেয়া কেতিয়া সংঘটিত হ'ব আৰু ইয়াৰ সঠিক সময় কোনটো? আপুনি কৈ দিয়ক যে, এই বিষয়ে সঠিক তথ্য মোৰ ওচৰতো নাই আৰু মোৰ বাহিৰে আন কাৰো ওচৰতো নাই। ইয়াৰ সঠিক জ্ঞান আছে একমাত্ৰ আল্লাহৰ ওচৰত। ইয়াক ইয়াৰ নিৰ্ধাৰিত সময়ত কেৱল আল্লাহেই সংঘটিত কৰিব। ক্বিয়ামত প্ৰকট হোৱাৰ তথ্য আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলৰ পৰা গোপন ৰখা হৈছে। এইটো আকস্মিকভাৱে সংঘটিত হ’ব। সিহঁতে আপোনাক ক্বিয়ামত সম্পৰ্কে এনেকৈ প্ৰশ্ন কৰি আছে, যেনিবা আপুনি সেই বিষয়ে জনাৰ বাবে অত্যন্ত আগ্ৰহী। সিহঁতে নাজানে যে, আপুনি আপোনাৰ প্ৰতিপালক সম্পৰ্কে পূৰ্ণ অৱগত, সেই কাৰণে আপুনি ক্বিয়ামত সম্পৰ্কে তেওঁক নোসোধে। হে মুহাম্মদ! আপুনি সিহঁতক কৈ দিয়ক যে, ক্বিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে, কিন্তু অধিকাংশ লোকেই এই বিষয়ে অৱগত নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007187.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007187.mp3"},{"index":"188","arabicText":"قُلْ لَّاۤ اَمْلِكُ لِنَفْسِیْ نَفْعًا وَّلَا ضَرًّا اِلَّا مَا شَآءَ اللّٰهُ ؕ وَلَوْ كُنْتُ اَعْلَمُ الْغَیْبَ لَاسْتَكْثَرْتُ مِنَ الْخَیْرِ ۛۖۚ وَمَا مَسَّنِیَ السُّوْٓءُ ۛۚ اِنْ اَنَا اِلَّا نَذِیْرٌ وَّبَشِیْرٌ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟۠","assameseTranslation":"কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ লাভ-লোকচানৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোঁহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।","footnotes":"","tafseer":"হে মুহাম্মদ! আপুনি কৈ দিয়ক যে, মই নিজৰ বাবে কোনো কল্যাণ কঢ়িয়াই আনিব নোৱাৰোঁ লগতে নিজকে কোনো অকল্যাণৰ পৰা ৰক্ষাও কৰিব নোৱাৰোঁ। কিন্তু আল্লাহে ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। এই কাম কেৱল আল্লাহৰ। মই কেৱল সেইখিনিয়ে জানো যিখিনি আল্লাহে মোক শিকাইছে। এতেকে মই গায়েব (অদৃশ্য) সম্পৰ্কে একো নাজানো। যদি গায়েব সম্পৰ্কে জানিলোঁহেঁতেন তেন্তে সকলো বিষয়ৰ পৰিণাম সম্পৰ্কে অৱগত হোৱা হেতুকে প্ৰত্যেক সেই কাম কৰিলোঁহেঁতেন যিটো মোৰ বাবে উপকাৰী আৰু প্ৰত্যেক অকল্যাণৰ পৰা দূৰৈত থাকিলোঁহেঁতেন। মই কেৱল আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুলহে মাত্ৰ। তেওঁৰ কষ্টদায়ক শাস্তিৰ পৰা ভয় দেখুৱাওঁ। লগতে সেইসকল লোকক মহাপ্ৰতিফলৰ শুভসংবাদ দিওঁ যিসকলে বিশ্বাস কৰে যে, মই আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল, আৰু মই লৈ অহা চৰীয়তক মনে প্ৰাণে মানি লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007188.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007188.mp3"},{"index":"189","arabicText":"هُوَ الَّذِیْ خَلَقَكُمْ مِّنْ نَّفْسٍ وَّاحِدَةٍ وَّجَعَلَ مِنْهَا زَوْجَهَا لِیَسْكُنَ اِلَیْهَا ۚ فَلَمَّا تَغَشّٰىهَا حَمَلَتْ حَمْلًا خَفِیْفًا فَمَرَّتْ بِهٖ ۚ فَلَمَّاۤ اَثْقَلَتْ دَّعَوَا اللّٰهَ رَبَّهُمَا لَىِٕنْ اٰتَیْتَنَا صَالِحًا لَّنَكُوْنَنَّ مِنَ الشّٰكِرِیْنَ ۟","assameseTranslation":"তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনী এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-গধূৰ হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ প্ৰতিপালক আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে নিশ্চয় আমি তোমাৰ প্ৰতি কৃতজ্ঞ থাকিম’।","footnotes":"","tafseer":"হে নৰ-নাৰীসকল! আল্লাহ তেৱেঁই, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে অৰ্থাৎ আদম আলাইহিচ্ছালামৰ পৰা, আৰু আদমৰ পৰা সৃষ্টি কৰিছে তেওঁৰ স্ত্ৰী হাৱাক। হাৱাক আদম আলাইহিচ্ছালামৰ কামিহাড়ৰ পৰা সৃষ্টি কৰিছে, যাতে আদম আলাইহিচ্ছালামে তাইৰ জৰিয়তে প্ৰশান্তি লাভ কৰে। এতেকে যেতিয়া পতিয়ে পত্নীৰ লগত সহবাস কৰে তেতিয়া পত্নী লঘু গৰ্ভৱতী হয়, যিটো প্ৰথমাৱস্থাত তাই গমেই নাপায়। গৰ্ভৱতী হোৱাৰ পিছতো নিত্য প্ৰয়োজনীয় কৰ্ম কৰি থাকে, একো গধূৰ অনুভৱ নকৰে। কিন্তু লাহে লাহে যেতিয়া গৰ্ভত থকা শিশু আকাৰ ডাঙৰ হ'বলৈ ধৰে তেতিয়া গধূৰ অনুভৱ কৰে, আৰু তেতিয়া পতি পত্নী উভয়ে আল্লাহৰ ওচৰত দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! যদি তুমি আমাক এজন পূৰ্ণাংগ সুসন্তান দান কৰা তেন্তে আমি তোমাৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ হম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007189.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007189.mp3"},{"index":"190","arabicText":"فَلَمَّاۤ اٰتٰىهُمَا صَالِحًا جَعَلَا لَهٗ شُرَكَآءَ فِیْمَاۤ اٰتٰىهُمَا ۚ فَتَعٰلَی اللّٰهُ عَمَّا یُشْرِكُوْنَ ۟","assameseTranslation":"তাৰ পিছত যেতিয়া তেওঁ সিহঁতক এজন পূৰ্ণাঙ্গ সুসন্তান দান কৰে, তেতিয়া সিহঁতক তেওঁ যি প্ৰদান কৰিছে সেই বিষয়ে সিহঁতে বহুতো অংশীদাৰ (শ্বৰীক) নিৰ্ধাৰণ কৰে। প্ৰকৃততে সিহঁতে যিসকলক (তেওঁৰ লগত) অংশী স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।","footnotes":"","tafseer":"যেতিয়া আল্লাহে সিহঁতৰ দুআ কবুল কৰি এজন সুসন্তান দান কৰে, তেতিয়া সিহঁতে আল্লাহে প্ৰদান কৰা বস্তুৰ ক্ষেত্ৰত আনক তেওঁৰ অংশীদাৰ স্থাপন কৰে, ফলত নিজ পুত্ৰৰ এনেকুৱা নাম ৰাখে, যি নামৰ অৰ্থই বেলেগ কাৰোবাৰ বান্দা হোৱাৰ ইংগিত বহন কৰে। যেনে- আব্দুল হাৰিছ (অৰ্থঃ হাৰিছৰ বান্দা)। অথচ আল্লাহ সকলো প্ৰকাৰ শ্বিৰ্কৰ পৰা বহু ঊৰ্দ্ধত। কিয়নো কেৱল তেৱেঁই প্ৰতিপালক আৰু প্ৰকৃত উপাস্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007190.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007190.mp3"},{"index":"191","arabicText":"اَیُشْرِكُوْنَ مَا لَا یَخْلُقُ شَیْـًٔا وَّهُمْ یُخْلَقُوْنَ ۟ؗۖ","assameseTranslation":"সিহঁতে এনেকুৱা বস্তুক অংশী কৰে নেকি যিসকলে একোৱেই সৃষ্টি কৰা নাই? বৰং সিহঁত নিজেই সৃষ্ট।","footnotes":"","tafseer":"সিহঁতে এই মূৰ্ত্তিবোৰক আৰু ইয়াৰ বাহিৰে আন আন বস্তুবোৰক ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ অংশী স্থাপন কৰে, অথচ সিহঁতে জানে যে, এই মূৰ্তিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে যে, সিহঁত ইবাদতৰ যোগ্য হ'ব, বৰং সিহঁত নিজেই হৈছে একো একোটা সৃষ্টি। তেন্তে এইবোৰক সিহঁতে কেনেকৈ আল্লাহৰ অংশী স্থাপন কৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007191.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007191.mp3"},{"index":"192","arabicText":"وَلَا یَسْتَطِیْعُوْنَ لَهُمْ نَصْرًا وَّلَاۤ اَنْفُسَهُمْ یَنْصُرُوْنَ ۟","assameseTranslation":"এইবোৰে সিহঁতক কদাপিও সহায় কৰিব নোৱাৰে আনকি নিজৰো সহায় কৰিব নোৱাৰে।","footnotes":"","tafseer":"এই উপাস্যবিলাকে নিজৰ উপাসনাকাৰীসকলক একো সহায় কৰিবও নোৱাৰে, আনকি নিজৰো সহায় কৰিব নোৱাৰে, তেন্তে কেনেকৈ সিহঁতে এইবোৰৰ উপাসনা কৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007192.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007192.mp3"},{"index":"193","arabicText":"وَاِنْ تَدْعُوْهُمْ اِلَی الْهُدٰی لَا یَتَّبِعُوْكُمْ ؕ سَوَآءٌ عَلَیْكُمْ اَدَعَوْتُمُوْهُمْ اَمْ اَنْتُمْ صَامِتُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে সিহঁতক সৎপথৰ পিনে আহ্বান কৰিলেও সিহঁতে তোমালোকক অনুসৰণ নকৰিব; তোমালোকে সিহঁতক আহ্বান কৰা বা নিৰৱে থাকা, তোমালোকৰ বাবে উভয়েই সমান।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! এই মূৰ্তিবোৰক, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাস্য বনাই লৈছা, যদি হিদায়তৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে তোমালোকৰ আহ্বানৰ প্ৰতিক্ৰিয়া দিব নোৱাৰিব, আৰু তোমালোকৰ কথাও মানিব নোৱাৰিব। সিহঁতৰ ক্ষেত্ৰত তোমালোকৰ আহ্বান কৰা বা নকৰা একে সমান। কিয়নো সেইবোৰ হৈছে নিৰ্জীৱ, বুজিবও নোৱাৰে, শুনিবও নোৱাৰে আৰু কথাও ক'ব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007193.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007193.mp3"},{"index":"194","arabicText":"اِنَّ الَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ عِبَادٌ اَمْثَالُكُمْ فَادْعُوْهُمْ فَلْیَسْتَجِیْبُوْا لَكُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟","assameseTranslation":"আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁত তোমালোকৰ দৰেই বান্দাহ, গতিকে যদি তোমালোকে সত্যবাদী হোৱা তেন্তে সিহঁতক আহ্বান কৰা, (চোৱাচোন) সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি দিয়েনে নাই।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা প্ৰকৃততে সেইবোৰ হৈছে আল্লাহৰ সৃষ্টি, আৰু সেইবোৰ তেওঁৰেই অধীনস্থ। এই ক্ষেত্ৰত সিহঁত তোমালোকৰ দৰেই, বৰং তোমালোক সেইবোৰতকৈ উত্তম অৱস্থাত আছা। কিয়নো তোমালোক জীৱিত, কথা ক’ব পাৰা, খোজকাঢ়িব পাৰা, শুনিব পাৰা আৰু দেখিব পাৰা। আনহাতে তোমালোকৰ মূৰ্তিসমূহৰ ওচৰত এইবোৰ শক্তি নাই। এতেকে যদি তোমালোকে নিজৰ দাবীত সত্যবাদী হোৱা তেন্তে সিহঁতক আহ্বান কৰা, সিহঁতে উত্তৰ দিয়ে নে নাই চোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007194.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007194.mp3"},{"index":"195","arabicText":"اَلَهُمْ اَرْجُلٌ یَّمْشُوْنَ بِهَاۤ ؗ اَمْ لَهُمْ اَیْدٍ یَّبْطِشُوْنَ بِهَاۤ ؗ اَمْ لَهُمْ اَعْیُنٌ یُّبْصِرُوْنَ بِهَاۤ ؗ اَمْ لَهُمْ اٰذَانٌ یَّسْمَعُوْنَ بِهَا ؕ قُلِ ادْعُوْا شُرَكَآءَكُمْ ثُمَّ كِیْدُوْنِ فَلَا تُنْظِرُوْنِ ۟","assameseTranslation":"সিহঁতৰ ভৰি আছেনে যাৰ দ্বাৰা সিহঁতে খোজ কাঢ়ে? সিহঁতৰ হাত আছেনে যাৰ দ্বাৰা সিহঁতে ধৰিব পাৰে? সিহঁতৰ চকু আছেনে যাৰ দ্বাৰা সিহঁতে দেখে? সিহঁতৰ কাণ আছেনে যাৰ দ্বাৰা সিহঁতে শুনে? কোৱা, ‘তোমালোকে যিসকলক আল্লাহৰ লগত অংশী কৰিছা সিহঁতক মাতি লোৱা আৰু তাৰ পিছত মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অকণো অৱকাশ নিদিবা’।","footnotes":"","tafseer":"তোমালোকে যিবোৰ মূৰ্তিক উপাস্য বনাই লৈছা সেইবোৰৰ খোজকাঢ়িবলৈ ভৰি আছেনে, যাৰ দ্বাৰা খোজকাঢ়ে আৰু তোমালোকৰ প্ৰয়োজন পূৰণ কৰে? অথবা সিহঁতৰ হাত আছেনে, যাৰ দ্বাৰা শক্তি খটুৱাই তোমালোকক ৰক্ষা কৰে? নাইবা সিহঁতৰ চকু আছেনে, যাৰ দ্বাৰা তোমালোকে দেখিব নোৱাৰা বস্তু সম্পৰ্কে তোমালোকক অৱগত কৰায়? অথবা সিহঁতৰ কাণ আছেনে, যাৰ দ্বাৰা এনেকুৱা কথা শুনে যিবোৰ তোমালোকে শুনিব নোৱাৰা আৰু তাৰ পিছত তোমালোকক অৱগত কৰায়? যদি সিহঁত এইবোৰ বস্তুৰ পৰা শূন্য তেন্তে তোমালোকে সিহঁতৰ পৰা উপকাৰ পাবলৈ অথবা ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পোৱাৰ আশাত কিয় পূজা-পাঠ কৰা? হে ৰাছুল! মুশ্বৰিকসকলক কৈ দিয়ক যে, সেইবোৰক মাতি আনা, যিবোৰক তোমালোকে আল্লাহৰ সমকক্ষ স্থিৰ কৰিছা, তাৰ পিছত মোক ক্ষতি কৰাৰ সকলো প্ৰয়াস কৰা আৰু মোক কোনো অৱকাশ নিদিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007195.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007195.mp3"},{"index":"196","arabicText":"اِنَّ وَلِیِّ  اللّٰهُ الَّذِیْ نَزَّلَ الْكِتٰبَ ۖؗ وَهُوَ یَتَوَلَّی الصّٰلِحِیْنَ ۟","assameseTranslation":"‘নিশ্চয় মোৰ অভিভাৱক হৈছে কেৱল আল্লাহ, যিজনে কিতাব অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই সৎকৰ্মপৰায়ণসকলৰ অভিভাৱকত্ব কৰে’।","footnotes":"","tafseer":"প্ৰকৃততে মোৰ সহায়ক হৈছে আল্লাহ, যিয়ে মোক সুৰক্ষা প্ৰদান কৰে। সেয়েহে মই আন কাৰো ওচৰত একো আশা নকৰোঁ, আৰু তোমালোকৰ কোনো মূৰ্তিকো ভয় নকৰোঁ। কিয়নো তেৱেঁই মোৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে মানৱ জাতিৰ হিদায়তৰ বাবে। তেৱেঁই নেক বান্দাসকলৰ তত্ত্বাৱধায়ন কৰে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰে আৰু সহায়-সহযোগিতা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007196.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007196.mp3"},{"index":"197","arabicText":"وَالَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِهٖ لَا یَسْتَطِیْعُوْنَ نَصْرَكُمْ وَلَاۤ اَنْفُسَهُمْ یَنْصُرُوْنَ ۟","assameseTranslation":"আৰু আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁতে তোমালোকক কদাপিও সহায় কৰিব নোৱাৰে আনকি সিহঁতে নিজৰো সহায় কৰিব নোৱাৰে।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! আল্লাহৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্তিক আহ্বান কৰা, সেইবোৰে তোমালোকৰো সহায় কৰিব নোৱাৰে, আনকি নিজৰো উপকাৰ সাধিব নোৱাৰে। সিহঁত হৈছে বিৱশ, অপাৰগ। তেন্তে কেনেকৈ তোমালোকে আল্লাহক এৰি সেইবোৰক আহ্বান কৰা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007197.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007197.mp3"},{"index":"198","arabicText":"وَاِنْ تَدْعُوْهُمْ اِلَی الْهُدٰی لَا یَسْمَعُوْا ؕ وَتَرٰىهُمْ یَنْظُرُوْنَ اِلَیْكَ وَهُمْ لَا یُبْصِرُوْنَ ۟","assameseTranslation":"তুমি যদি সিহঁতক সৎপথৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে নুশুনিব আৰু তুমি দেখিবলৈ পাবা যে, বাহ্যিকভাৱে সিহঁতে তোমাৰ ফালে চাই আছে, অথচ সিহঁতে নেদেখে।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! তোমালোকে পূজা-পাঠ কৰা মূৰ্তিবোৰক যদি তোমালোকে সঠিক পথৰ পিনে আহ্বান কৰা, তেন্তে সেইবোৰে তোমালোকৰ আহ্বানো শুনিবলৈ সক্ষম নহয়। তুমি দেখিবলৈ পাবা যে, সেইবোৰে তোমাক অংকিত চকুৰে চাই আছে, অথচ সেইবোৰ হৈছে নিৰ্জীৱ, দৃষ্টিশক্তি নাই। দৰাচলতে মুশ্বৰিকসকলে মানৱ অথবা জীৱ-জন্তুৰ আকৃতিৰ মূৰ্তি সাজি লয়, যিবোৰৰ থাকে হাত, ভৰি, চকু আদি। কিন্তু সেইবোৰ নিৰ্জীৱ, তাৰ মাজত প্ৰাণ নাই আৰু ল’ৰচৰো কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007198.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007198.mp3"},{"index":"199","arabicText":"خُذِ الْعَفْوَ وَاْمُرْ بِالْعُرْفِ وَاَعْرِضْ عَنِ الْجٰهِلِیْنَ ۟","assameseTranslation":"মানুহৰ (চৰিত্ৰ আৰু কৰ্মৰ) উৎকৃষ্ট অংশ গ্ৰহণ কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অজ্ঞসকলক এৰাই চলা।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি মানুহৰ সেইবোৰ কৰ্ম আৰু ব্যৱহাৰ গ্ৰহণ কৰক, যিবোৰ তেওঁলোকে সন্তুষ্টচিত্তে কৰিব পাৰে আৰু যিবোৰ তেওঁলোকৰ বাবে সহজ। তেওঁলোকৰ ওপৰত এনেকুৱা কৰ্ম আৰু ব্যৱহাৰৰ বোজা অৰ্পন নকৰিব যিবোৰ তেওঁলোকৰ বাবে অপ্ৰীতিকৰ। কাৰণ এনেকুৱা কৰিলে তেওঁলোকে আঁতৰি যাব। আপুনি তেওঁলোকক প্ৰত্যেক সুন্দৰ কথা আৰু কৰ্মৰ আদেশ দিয়ক, লগতে মুৰ্খ লোক সকলৰ পৰা আঁতৰি থাকিব, আৰু সিহঁতৰ মুৰ্খ ব্যৱহাৰৰ উত্তৰ মুৰ্খতাৰে প্ৰদান নকৰিব। এতেকে যিয়ে আপোনাক কষ্ট দিয়ে, আপুনি তাক কষ্ট নিদিব। এইদৰে যিয়ে আপোনাক বঞ্চিত কৰে, আপুনি তাক বঞ্চিত নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007199.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007199.mp3"},{"index":"200","arabicText":"وَاِمَّا یَنْزَغَنَّكَ مِنَ الشَّیْطٰنِ نَزْغٌ فَاسْتَعِذْ بِاللّٰهِ ؕ اِنَّهٗ سَمِیْعٌ عَلِیْمٌ ۟","assameseTranslation":"আৰু যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় বিচাৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে ৰাছুল! যেতিয়া আপুনি অনুভৱ কৰে যে, চয়তানে আপোনাক কুমন্ত্ৰণা দি আছে অথবা সৎকৰ্মত বাধা প্ৰদান কৰাৰ প্ৰয়াস কৰি আছে, তেতিয়া আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰক আৰু ইয়াক মজবুতভাৱে ধাৰণ কৰক। নিশ্চয় তেওঁ আপোনাৰ কথা শ্ৰৱণকাৰী আৰু আপোনাৰ আশ্ৰয় প্ৰাৰ্থনা সম্পৰ্কে অৱগত। এতেকে তেওঁ আপোনাক চয়তানৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007200.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007200.mp3"},{"index":"201","arabicText":"اِنَّ الَّذِیْنَ اتَّقَوْا اِذَا مَسَّهُمْ طٰٓىِٕفٌ مِّنَ الشَّیْطٰنِ تَذَكَّرُوْا فَاِذَا هُمْ مُّبْصِرُوْنَ ۟ۚ","assameseTranslation":"নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকক চয়তানে যেতিয়া কুমন্ত্ৰণা দিয়ে তেতিয়া তেওঁলোকে আত্মসচেতন হয়, আৰু লগে লগে তেওঁলোকৰ দৃষ্টি প্ৰকট হয়।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, যেতিয়া তেওঁলোকৰ অন্তৰত চয়তানৰ ফালৰ পৰা কোনো কুমন্ত্ৰণা আহে আৰু গুনাহ কৰি পেলায়, তেতিয়া তেওঁলোকে ততালিকে আল্লাহৰ মহত্ব স্মৰণ কৰে আৰু পাপিষ্ঠসকলৰ প্ৰতি তেওঁৰ শাস্তি মনত পৰে লগতে আনুগত্যকাৰী সকলৰ প্ৰতিদানৰ কথাও মনত পেলায়। ফলত তেওঁলোক ততাতৈয়াকৈ নিজৰ গুনাহৰ পৰা তাওবা কৰি নিজ প্ৰতিপালকৰ পিনে উভতি যায়। ফলস্বৰূপে তেওঁলোক সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে, চেতনাহীনৰ পৰা সচেতন হয় আৰু গুনাহৰ পৰা বিৰত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007201.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007201.mp3"},{"index":"202","arabicText":"وَاِخْوَانُهُمْ یَمُدُّوْنَهُمْ فِی الْغَیِّ ثُمَّ لَا یُقْصِرُوْنَ ۟","assameseTranslation":"আৰু চয়তানৰ ভাতৃসকলে সিহঁতক ভ্ৰান্তিৰ পিনে টানি লৈ যায়। এই কামত সিহঁতে অকণো ত্ৰুটি নকৰে।","footnotes":"","tafseer":"চয়তানৰ ভাই কাফিৰ আৰু পাপিষ্ঠসকলক, চয়তানে এটাৰ পিছত এটা গুনাহত লিপ্ত কৰি সিহঁতৰ পথভ্ৰষ্টতা বৃদ্ধি কৰে। এই ধাৰাবাহিকতা অন্ত পৰাৰ নামেই নলয়। চয়তানেও প্ৰৱঞ্চনা তথা পথভ্ৰষ্ট কৰা বন্ধ নকৰে, আৰু পাপিষ্ঠসকলেও কুকৰ্ম কৰা তথা চয়তানৰ কথা অনুসৰণ কৰা বন্ধ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007202.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007202.mp3"},{"index":"203","arabicText":"وَاِذَا لَمْ تَاْتِهِمْ بِاٰیَةٍ قَالُوْا لَوْلَا اجْتَبَیْتَهَا ؕ قُلْ اِنَّمَاۤ اَتَّبِعُ مَا یُوْحٰۤی اِلَیَّ مِنْ رَّبِّیْ ۚ هٰذَا بَصَآىِٕرُ مِنْ رَّبِّكُمْ وَهُدًی وَّرَحْمَةٌ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟","assameseTranslation":"তুমি যেতিয়া সিহঁতৰ ওচৰলৈ (সিহঁতে বিচৰা মতে) কোনো আয়াত লৈ নাহা, তেতিয়া সিহঁতে কয়, ‘তুমি নিজেই এটা আয়াত বনাই নোলোৱা কিয়’? কোৱা, ‘মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ প্ৰতি অহী হিচাপে যি প্ৰেৰণ কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰোঁ। এই (কোৰআন)খন হৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ; লগতে এইখন ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি যেতিয়া কোনো আয়াত লৈ আহে, তেতিয়া সিহঁতে আপোনাক নসাৎ কৰে আৰু তাৰ পৰা মুখ ঘূৰাই লয়। আনহাতে যদি আপুনি কোনো আয়াত লৈ নাহে তেন্তে সিহঁতে কয়ঃ তুমি নিজেই নিজৰ ফালৰ পৰা কোনো আয়াত বনাই নোলোৱা কিয়? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, মই মোৰ ফালৰ পৰা কোনো আয়াত সৃষ্টি কৰিব পৰা মোৰ অধিকাৰ নাই। মই কেৱল সেইটোৱে অনুসৰণ কৰোঁ যিটো আল্লাহে মোৰ প্ৰতি অহী কৰে। এই কোৰআন যিখন মই তোমালোকৰ ওচৰত পাঠ কৰি আছোঁ, এইখন হৈছে আল্লাহৰ তৰফৰ পৰা দলিল প্ৰমাণ, যিজন তোমালোকৰ সৃষ্টিকৰ্তা আৰু তোমালোকৰ সকলো কৰ্মৰ পৰিচালক। এই কোৰআন তেওঁৰ মুমিন বান্দাসকলৰ বাবে দয়া তথা পথপ্ৰদৰ্শক। আনহাতে মুমিনসকলৰ বাহিৰে বাকী সকলোৱে হৈছে পথভ্ৰষ্ট তথা দুৰ্ভগীয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007203.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007203.mp3"},{"index":"204","arabicText":"وَاِذَا قُرِئَ الْقُرْاٰنُ فَاسْتَمِعُوْا لَهٗ وَاَنْصِتُوْا لَعَلَّكُمْ تُرْحَمُوْنَ ۟","assameseTranslation":"আৰু যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া তোমালোকে মনোযোগ সহকাৰে সেয়া শুনিবা আৰু নিৰৱ-নিস্তব্ধ হৈ থাকিবা, যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষণ হয়।","footnotes":"","tafseer":"যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া মনোযোগ সহকাৰে শুনিবা তথা কথা নাপাতিবা, লগতে আন কোনো কামতো মনোযোগ নিদিবা। আশা কৰা যায় আল্লাহে তোমালোকৰ প্ৰতি দয়া কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007204.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007204.mp3"},{"index":"205","arabicText":"وَاذْكُرْ رَّبَّكَ فِیْ نَفْسِكَ تَضَرُّعًا وَّخِیْفَةً وَّدُوْنَ الْجَهْرِ مِنَ الْقَوْلِ بِالْغُدُوِّ وَالْاٰصَالِ وَلَا تَكُنْ مِّنَ الْغٰفِلِیْنَ ۟","assameseTranslation":"আৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা-গধূলি মনে মনে সবিনয়ে, সশংকচিত্তে আৰু অনুচ্চস্বৰে স্মৰণ কৰা। লগতে তুমি উদাসীনসকলৰ অন্তৰ্ভুক্ত নহ’বা।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকক তথা আল্লাহক ভীত-সন্ত্ৰস্ত হৈ বিনয়পূৰ্বকভাৱে স্মৰণ কৰক, আৰু দুআৰ সময়ত (উচ্চস্বৰো নহয়, নিম্নস্বৰো নহয়) মধ্যমস্বৰ অৱলম্বন কৰক, দিনৰ প্ৰথম ভাগত আৰু অন্তিম ভাগত। কাৰণ এই দুয়োটা সময়ৰ আছে বহুত ফজিলত। আপুনি সেইসকল লোকৰ অন্তৰ্ভুক্ত নহ’ব যিসকলে আল্লাহক স্মৰণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হৈ থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007205.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007205.mp3"},{"index":"206","arabicText":"اِنَّ الَّذِیْنَ عِنْدَ رَبِّكَ لَا یَسْتَكْبِرُوْنَ عَنْ عِبَادَتِهٖ وَیُسَبِّحُوْنَهٗ وَلَهٗ یَسْجُدُوْنَ ۟","assameseTranslation":"নিশ্চয় যিসকল তোমাৰ প্ৰতিপালকৰ সান্নিধ্যত আছে, তেওঁলোকে তেওঁৰ ইবাদতৰ পৰা অহংকাৰ নকৰে; আৰু তেওঁলোকে কেৱল তেওঁৰেই তাছবীহ পাঠ কৰে আৰু কেৱল তেওঁকেই ছাজদা কৰে। (ছাজদাহ নং ১)","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকৰ ওচৰত থকা ফিৰিস্তাসকলে তেওঁৰ ইবাদত পালনত কোনো ধৰণৰ অভিমান নকৰে। বৰং বিনীত হৈ তেওঁৰ ইবাদত পালনত ব্যস্ত থাকে, লগতে কেতিয়াও তেওঁৰ ইবাদত কৰি ক্লান্ত নহয়। তেওঁলোকে দিনে ৰাতি আল্লাহক পৱিত্ৰ ঘোষণা কৰে প্ৰত্যেক এনেকুৱা বিষয়ৰ পৰা যিবোৰ তেওঁৰ বাবে উপযুক্ত নহয়। তেওঁলোকে কেৱল তেওঁকেই ছাজদাহ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/007206.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/007206.mp3"}]