[{"index":"1","arabicText":"سَاَلَ سَآىِٕلٌۢ بِعَذَابٍ وَّاقِعٍ ۟ۙ","assameseTranslation":"আবেদনকাৰীয়ে আবেদন কৰিলে, সংঘটিত হওক অৱধাৰিত শাস্তি-","footnotes":"","tafseer":"মুশ্বৰিকবিলাকৰ মাজৰ এজন ব্যক্তিয়ে স্বয়ং নিজৰ বিৰুদ্ধে আৰু তাৰ জাতিৰ বিৰুদ্ধে উপহাস স্বৰূপে শাস্তি বিচাৰি বদ্দুআ কৰিলে যে, এইটো সঁচাই সংঘটিত হ’বনে। অথচ সেই শাস্তি ক্বিয়ামতৰ দিনা নিশ্চয় আহিব,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070001.mp3"},{"index":"2","arabicText":"لِّلْكٰفِرِیْنَ لَیْسَ لَهٗ دَافِعٌ ۟ۙ","assameseTranslation":"কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।","footnotes":"","tafseer":"আল্লাহক অস্বীকাৰকাৰী বিলাকৰ বাবে। সেই শাস্তিক কোনেও দূৰ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070002.mp3"},{"index":"3","arabicText":"مِّنَ اللّٰهِ ذِی الْمَعَارِجِ ۟ؕ","assameseTranslation":"এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,","footnotes":"","tafseer":"এইটো হৈছে আল্লাহৰ ফালৰ পৰা, যিজন সুউচ্চাসনৰ অধিকাৰী, সুউচ্চ মৰ্যাদা, মহা অনুগ্ৰহ আৰু সকলো প্ৰকাৰ নিয়ামতৰ গৰাকী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070003.mp3"},{"index":"4","arabicText":"تَعْرُجُ الْمَلٰٓىِٕكَةُ وَالرُّوْحُ اِلَیْهِ فِیْ یَوْمٍ كَانَ مِقْدَارُهٗ خَمْسِیْنَ اَلْفَ سَنَةٍ ۟ۚ","assameseTranslation":"ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।","footnotes":"","tafseer":"যাৰ ফালে ফিৰিস্তাসকলে আৰু জিব্ৰীল আলাইহিচ্ছালামে সেই চিড়িসমূহৰ মাধ্যমেৰে ক্বিয়ামতৰ দিনা আৰোহণ কৰিব। সেই দিৱসটো হ’ব অত্যন্ত দীঘল, যিটো হ’ব পঞ্চাছ হাজাৰ বছৰৰ সমপৰিমাণ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070004.mp3"},{"index":"5","arabicText":"فَاصْبِرْ صَبْرًا جَمِیْلًا ۟","assameseTranslation":"এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।","footnotes":"","tafseer":"হে ৰাছুল, আপুনি ধৈৰ্য্য ধাৰণ কৰক। হতাশ নহ’ব আৰু মুখেৰে অভিযোগমূলক কোনো শব্দ নুলিয়াব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070005.mp3"},{"index":"6","arabicText":"اِنَّهُمْ یَرَوْنَهٗ بَعِیْدًا ۟ۙ","assameseTranslation":"নিশ্চয় সিহঁতে এই দিৱসটোক বহু দূৰত থকা বুলি ভাবে।","footnotes":"","tafseer":"সিহঁতে এই শাস্তিক বহুত দূৰৈত থকা বুলি তথা অসম্ভৱ বুলি ভাবে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070006.mp3"},{"index":"7","arabicText":"وَّنَرٰىهُ قَرِیْبًا ۟ؕ","assameseTranslation":"আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছোঁ।","footnotes":"","tafseer":"আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছোঁ, যিটো নিশ্চিতৰূপে সংঘটিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070007.mp3"},{"index":"8","arabicText":"یَوْمَ تَكُوْنُ السَّمَآءُ كَالْمُهْلِ ۟ۙ","assameseTranslation":"সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,","footnotes":"","tafseer":"যিদিনা আকাশ গলিত তাম আৰু সোণৰ দৰে গলি পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070008.mp3"},{"index":"9","arabicText":"وَتَكُوْنُ الْجِبَالُ كَالْعِهْنِ ۟ۙ","assameseTranslation":"আৰু পৰ্বতসমূহ হৈ যাব ৰং-বিৰঙৰ ঊণৰ দৰে,","footnotes":"","tafseer":"আৰু পাহাৰবোৰ শূন্যত উৰি থকা কপাহৰ দৰে পাতল হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070009.mp3"},{"index":"10","arabicText":"وَلَا یَسْـَٔلُ حَمِیْمٌ حَمِیْمًا ۟ۚۖ","assameseTranslation":"আৰু কোনো অন্তৰঙ্গ বন্ধুৱেও অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,","footnotes":"","tafseer":"সেইদিনা কোনো ঘনিষ্ট বন্ধুৱে কোনো অন্তৰঙ্গ বন্ধুৰ খবৰ নল’ব। কিয়নো প্ৰত্যেকে নিজকলৈ ব্যস্ত থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070010.mp3"},{"index":"11","arabicText":"یُّبَصَّرُوْنَهُمْ ؕ یَوَدُّ الْمُجْرِمُ لَوْ یَفْتَدِیْ مِنْ عَذَابِ یَوْمِىِٕذٍ بِبَنِیْهِ ۟ۙ","assameseTranslation":"(যদিও) সিহঁতক পৰস্পৰৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিৱসৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,","footnotes":"","tafseer":"প্ৰত্যেকে নিজৰ নিকটাত্মীয় আৰু বন্ধুবৰ্গক দেখিব আৰু কোনেও কাৰো পৰা গোপন নাথাকিব। ইয়াৰোপৰি পৰিস্থিতি ইমান ভয়াৱহ হ’ব যে, কোনেও কাকো সোধ-পোচ কৰাৰো সময় নাপাব। তথা যিয়ে জাহান্নামৰ অধিকাৰী হ’ব, সি নিজৰ পৰিৱৰ্তে নিজ সন্তানক শাস্তিৰ বাবে দিব বিচাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070011.mp3"},{"index":"12","arabicText":"وَصَاحِبَتِهٖ وَاَخِیْهِ ۟ۙ","assameseTranslation":"আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,","footnotes":"","tafseer":"লগতে তাৰ স্ত্ৰী তথা ভাতৃক শাস্তিৰ বিনিময়ত দিব বিচাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070012.mp3"},{"index":"13","arabicText":"وَفَصِیْلَتِهِ الَّتِیْ تُـْٔوِیْهِ ۟ۙ","assameseTranslation":"আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,","footnotes":"","tafseer":"আৰু তাৰ নিকটাত্মীয় স্বজনক শাস্তিৰ পৰিবৰ্তে দিব বিচাৰিব। যিয়ে কঠিন পৰিস্থিতিত তাৰ লগত থিয় দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070013.mp3"},{"index":"14","arabicText":"وَمَنْ فِی الْاَرْضِ جَمِیْعًا ۙ ثُمَّ یُنْجِیْهِ ۟ۙ","assameseTranslation":"লগতে পৃথিৱীৰ সকলোকে (দিব বিচাৰিব), যাতে ইয়াৰ বিনিময়ত তাক মুক্তি দিয়া হয়।","footnotes":"","tafseer":"আনকি পৃথিৱীৰ সকলো মানুহ, জিন আদি সকলোকে শাস্তিৰ বিনিময়ত দিব বিচাৰিব, যাতে ইয়াৰ বিনিময়ত সি শাস্তিৰ পৰা ৰক্ষা পায় আৰু তাক জাহান্নামৰ শাস্তিৰ পৰা মু্ক্তি প্ৰদান কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070014.mp3"},{"index":"15","arabicText":"كَلَّا ؕ اِنَّهَا لَظٰی ۟ۙ","assameseTranslation":"কেতিয়াও নহয়, নিশ্চয় এইটো হৈছে লেলিহান জুই,","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয়, যিদৰে এই অপৰাধীবিলাকে কামনা কৰে। বৰং সেইটো হৈছে জাহান্নামৰ লেলিহান জুই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070015.mp3"},{"index":"16","arabicText":"نَزَّاعَةً لِّلشَّوٰی ۟ۚۖ","assameseTranslation":"যিয়ে (তাৰ) মূৰৰ ছাল খহাই পেলাব।","footnotes":"","tafseer":"যাৰ উত্তাপে মূৰৰ ছাল খহাই পেলাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070016.mp3"},{"index":"17","arabicText":"تَدْعُوْا مَنْ اَدْبَرَ وَتَوَلّٰی ۟ۙ","assameseTranslation":"জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে (সত্যৰ প্ৰতি) পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।","footnotes":"","tafseer":"জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে সত্যৰ প্ৰতি পৃষ্ঠপ্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই আঁতৰি গৈছিল। সত্যক মানি লোৱা নাছিল আৰু তাৰ প্ৰতি আমলো কৰা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070017.mp3"},{"index":"18","arabicText":"وَجَمَعَ فَاَوْعٰی ۟","assameseTranslation":"আৰু সি সম্পদ সঞ্চয় কৰিছিল, লগতে সংৰক্ষণ কৰি ৰাখিছিল।","footnotes":"","tafseer":"পক্ষান্তৰে ধন সঞ্চয় কৰাত ব্যস্ত আছিল আৰু তাৰ পৰা আল্লাহৰ পথত ব্যয় কৰাত কৃপণালি কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070018.mp3"},{"index":"19","arabicText":"اِنَّ الْاِنْسَانَ خُلِقَ هَلُوْعًا ۟ۙ","assameseTranslation":"নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।","footnotes":"","tafseer":"নিশ্চয় মানুহক অতি লোভী হিচাপে সৃষ্টি কৰা হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070019.mp3"},{"index":"20","arabicText":"اِذَا مَسَّهُ الشَّرُّ جَزُوْعًا ۟ۙ","assameseTranslation":"যেতিয়া তাক বিপদে স্পৰ্শ কৰে, তেতিয়া সি অতিমাত্ৰা উৎকণ্ঠিত হৈ পৰে।","footnotes":"","tafseer":"যেতিয়া মানুহে বেমাৰ-আজাৰ অথবা দৰিদ্ৰতা আদিৰ ৰূপত কষ্ট পায়, তেতিয়া অধৈৰ্য্যশীল হৈ পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070020.mp3"},{"index":"21","arabicText":"وَّاِذَا مَسَّهُ الْخَیْرُ مَنُوْعًا ۟ۙ","assameseTranslation":"আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে, তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।","footnotes":"","tafseer":"আৰু যেতিয়া স্বচল হয় তথা এনেকুৱা কোনো ধন-সম্পদ লাভ কৰে, যিটোৰ দ্বাৰা সি আনন্দিত হয়, তেতিয়া আল্লাহৰ পথত দান খয়ৰাত কৰিবলৈ কৃপণালি কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070021.mp3"},{"index":"22","arabicText":"اِلَّا الْمُصَلِّیْنَ ۟ۙ","assameseTranslation":"কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,","footnotes":"","tafseer":"কিন্তু ছালাত আদায়কাৰীসকলৰ বাহিৰে। কাৰণ তেওঁলোক এনেকুৱা ধৰণৰ কু আচৰণৰ পৰা সুৰক্ষিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070022.mp3"},{"index":"23","arabicText":"الَّذِیْنَ هُمْ عَلٰی صَلَاتِهِمْ دَآىِٕمُوْنَ ۟","assameseTranslation":"যিসকলে নিজৰ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,","footnotes":"","tafseer":"যিসকলে নিয়মিত ছালাত আদায় কৰে আৰু কেতিয়াও তাৰ প্ৰতি অৱহেলা নকৰে। তেওঁলোকে সদায় সেয়া নিৰ্ধাৰিত সময়তে আদায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070023.mp3"},{"index":"24","arabicText":"وَالَّذِیْنَ فِیْۤ اَمْوَالِهِمْ حَقٌّ مَّعْلُوْمٌ ۟","assameseTranslation":"আৰু যিসকলৰ ধন-সম্পদত আছে নিৰ্ধাৰিত হক্ব (প্ৰাপ্য),","footnotes":"","tafseer":"এইদৰে যিসকলৰ ধন-সম্পদত ফৰজ তথা অনিবাৰ্য্য অংশ নিৰ্ধাৰিত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070024.mp3"},{"index":"25","arabicText":"لِّلسَّآىِٕلِ وَالْمَحْرُوْمِ ۟","assameseTranslation":"খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,","footnotes":"","tafseer":"যিটো তেওঁ মগনীয়াক প্ৰদান কৰে আৰু তাকো দিয়ে যিয়ে কোনো কাৰণ বশতঃ ধনৰ পৰা বঞ্চিত হৈছে বা নিৰ্ধন হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070025.mp3"},{"index":"26","arabicText":"وَالَّذِیْنَ یُصَدِّقُوْنَ بِیَوْمِ الدِّیْنِ ۟","assameseTranslation":"আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।","footnotes":"","tafseer":"তেওঁলোকেই ক্বিয়ামত দিৱসক সত্য বুলি মানে। যিদিনাখন প্ৰত্যেককে আল্লাহে নিজৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070026.mp3"},{"index":"27","arabicText":"وَالَّذِیْنَ هُمْ مِّنْ عَذَابِ رَبِّهِمْ مُّشْفِقُوْنَ ۟ۚ","assameseTranslation":"আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--","footnotes":"","tafseer":"তেওঁলোকেই নিজ প্ৰতিপালকৰ শাস্তিক ভয় কৰে। লগতে তেওঁলোকেই সত্কৰ্ম কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070027.mp3"},{"index":"28","arabicText":"اِنَّ عَذَابَ رَبِّهِمْ غَیْرُ مَاْمُوْنٍ ۟","assameseTranslation":"নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি কোনো নিৰাপদ বস্তু নহয়;","footnotes":"","tafseer":"নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি অত্যন্ত ভয়াৱহ। কোনো জ্ঞানী ব্যক্তিয়েই তেওঁৰ শাস্তিৰ পৰা নিশ্চিন্ত হৈ নাথাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070028.mp3"},{"index":"29","arabicText":"وَالَّذِیْنَ هُمْ لِفُرُوْجِهِمْ حٰفِظُوْنَ ۟ۙ","assameseTranslation":"আৰু যিসকলে নিজৰ যৌনাঙ্গৰ হিফাজত কৰে,","footnotes":"","tafseer":"তেওঁলোকেই নিজৰ যৌনাঙ্গসমূহৰ হিফাজত কৰে। সেয়া হওক উলঙ্গ হোৱাৰ পৰা অথবা অশ্লীলতা নিৰ্লজ্জতাৰ পৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070029.mp3"},{"index":"30","arabicText":"اِلَّا عَلٰۤی اَزْوَاجِهِمْ اَوْ مَا مَلَكَتْ اَیْمَانُهُمْ فَاِنَّهُمْ غَیْرُ مَلُوْمِیْنَ ۟ۚ","assameseTranslation":"কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--","footnotes":"","tafseer":"কিন্তু তেওঁলোকৰ পত্নী আৰু অধিকাৰভুক্ত দাসীৰ বাহিৰে। কিয়নো সিহঁতৰ সৈতে মিলনৰ মাধ্যমত উপকৃত হোৱাটো কোনো নিন্দনীয় বিষয় নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070030.mp3"},{"index":"31","arabicText":"فَمَنِ ابْتَغٰی وَرَآءَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْعٰدُوْنَ ۟ۚ","assameseTranslation":"কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালংঘনকাৰী।","footnotes":"","tafseer":"এতেকে যিসকলে নিজৰ স্ত্ৰী আৰু অধিকাৰভুক্ত দাসীৰ বাহিৰে আন কাৰোবাৰ সৈতে মনোকামনা পূৰণ কৰিব বিচাৰে তথা উপকৃত হ’ব বিচাৰে, সিহঁতেই হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমা লঙ্ঘনকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070031.mp3"},{"index":"32","arabicText":"وَالَّذِیْنَ هُمْ لِاَمٰنٰتِهِمْ وَعَهْدِهِمْ رٰعُوْنَ ۟","assameseTranslation":"আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,","footnotes":"","tafseer":"আৰু যিসকলে ধন-সম্পদ, গোপন কথা, প্ৰতিশ্ৰুতি আদি আমানত ৰক্ষা কৰে। লগতে মানুহৰ লগত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰে। আমানতৰ খিয়ানত নকৰে বা বিশ্বাসঘাতকতা নকৰে আৰু প্ৰতিশ্ৰুতিও ভংগ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070032.mp3"},{"index":"33","arabicText":"وَالَّذِیْنَ هُمْ بِشَهٰدٰتِهِمْ قَآىِٕمُوْنَ ۟","assameseTranslation":"আৰু যিসকলে সাক্ষ্যদানত অটল,","footnotes":"","tafseer":"আৰু যিসকলে সঠিকৰূপে নিজৰ সাক্ষ্যদানত অটল থাকে। যাৰ সাক্ষ্যদানত কোনো আত্মীয়-স্বজনৰ তথা শত্ৰুৰ প্ৰভাৱ নপৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070033.mp3"},{"index":"34","arabicText":"وَالَّذِیْنَ هُمْ عَلٰی صَلَاتِهِمْ یُحَافِظُوْنَ ۟ؕ","assameseTranslation":"আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,","footnotes":"","tafseer":"আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে, আৰু সময় মতে আদায় কৰে। পৱিত্ৰতাৰ প্ৰতি পৰিপূৰ্ণ মনোযোগ দিয়ে। ধৈৰ্য্য আৰু শান্তিপূৰ্ণভাৱে আদায় কৰে। কোনো বস্তুৱেই তেওঁলোকক ছালাতৰ পৰা অমনোযোগী কৰিব নোৱাৰে, সেয়া অৱহেলা হওক বা ব্যস্ততা ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070034.mp3"},{"index":"35","arabicText":"اُولٰٓىِٕكَ فِیْ جَنّٰتٍ مُّكْرَمُوْنَ ۟ؕ۠","assameseTranslation":"তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।","footnotes":"","tafseer":"এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই জান্নাতত সন্মানিত হৈ থাকিব। কিয়নো তেওঁলোকে তাত চিৰস্থায়ী নিয়ামত লাভ কৰিব, লগতে তেওঁলোকে আল্লাহৰ পৱিত্ৰ মুখমণ্ডল দীদাৰ কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070035.mp3"},{"index":"36","arabicText":"فَمَالِ الَّذِیْنَ كَفَرُوْا قِبَلَكَ مُهْطِعِیْنَ ۟ۙ","assameseTranslation":"কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখোন তোমাৰ ফালে ঢপলীয়াই আহি আছে?","footnotes":"","tafseer":"হে ৰাছুল, আপোনাৰ সম্প্ৰদায়ৰ এই মুশ্বৰিকবিলাকক কিহে টানি আনিছে যে, সিহঁতে আপোনাৰ ফালে দৌৰি আহি আছে, আপোনাক অস্বীকাৰ কৰিবলৈ?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070036.mp3"},{"index":"37","arabicText":"عَنِ الْیَمِیْنِ وَعَنِ الشِّمَالِ عِزِیْنَ ۟","assameseTranslation":"সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা, দলে দলে।","footnotes":"","tafseer":"সিহঁতে সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা দলে দলে আহি আপোনাক আগুৰি ধৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070037.mp3"},{"index":"38","arabicText":"اَیَطْمَعُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّدْخَلَ جَنَّةَ نَعِیْمٍ ۟ۙ","assameseTranslation":"সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?","footnotes":"","tafseer":"সিহঁতৰ প্ৰত্যেকেই এই আশা কৰে নেকি যে, মহান আল্লাহে সিহঁতক কুফুৰীৰ প্ৰতি অটল থকাৰ পাছতো অনুগ্ৰহমূলক জান্নাতত প্ৰৱেশ কৰাব, আৰু সিহঁতে তাৰ ভিতৰত চিৰস্থায়ী অনুগ্ৰহসমূহৰ দ্বাৰা উপকৃত হ’ব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070038.mp3"},{"index":"39","arabicText":"كَلَّا ؕ اِنَّا خَلَقْنٰهُمْ مِّمَّا یَعْلَمُوْنَ ۟","assameseTranslation":"কেতিয়াও নহয়, নিশ্চয় আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছোঁ, সেয়া সিহঁতে জানে।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাবিছে। আমি সিহঁতক যি বস্তুৰে সৃষ্টি কৰিছোঁ সেইটো সিহঁতে ভালকৈয়ে জানে। কিয়নো আমি সিহঁতক তুচ্ছ পানীৰে সৃষ্টি কৰিছোঁ। গতিকে সিহঁত হৈছে অত্যন্ত দুৰ্বল। সিহঁতে নিজৰ লাভ-ক্ষতিৰো গৰাকী নহয়। গতিকে সিহঁতে কেনেকৈ অহংকাৰ কৰে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070039.mp3"},{"index":"40","arabicText":"فَلَاۤ اُقْسِمُ بِرَبِّ الْمَشٰرِقِ وَالْمَغٰرِبِ اِنَّا لَقٰدِرُوْنَ ۟ۙ","assameseTranslation":"এতেকে মই শপত কৰিছোঁ উদয়াচল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, নিশ্চয় আমি সক্ষম,","footnotes":"","tafseer":"আল্লাহে স্বয়ং নিজৰেই শপত খাইছে, কাৰণ তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰৰ উদয়স্থলসমূহ আৰু অস্তাচলসমূহৰ প্ৰতিপালক, আৰু গোটেই তাৰকাৰাজিৰ প্ৰতিপালক। (এইবোৰৰ শপত খাই তেওঁ কৈছে) নিশ্চয় আমি (সিহঁত সকলোকে পুনৰুত্থিত কৰিবলৈ) সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070040.mp3"},{"index":"41","arabicText":"عَلٰۤی اَنْ نُّبَدِّلَ خَیْرًا مِّنْهُمْ ۙ وَمَا نَحْنُ بِمَسْبُوْقِیْنَ ۟","assameseTranslation":"সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এইটো কৰিবলৈ আমি অক্ষম নহয়।","footnotes":"","tafseer":"তথা সিহঁতক ধ্বংস কৰি সিহঁতৰ পৰিৱৰ্তে এনেকুৱা মানুহক আনিবলৈ সক্ষম, যিসকলে আল্লাহৰ আনুগত্য কৰিব। আমি সিহঁতক ধ্বংস কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম, সিহঁতৰ পৰিৱৰ্তে অন্য লোকক আনিবলৈ আমি কেতিয়াও অক্ষম নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070041.mp3"},{"index":"42","arabicText":"فَذَرْهُمْ یَخُوْضُوْا وَیَلْعَبُوْا حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ یُوْعَدُوْنَ ۟ۙ","assameseTranslation":"এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যিটো দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত।","footnotes":"","tafseer":"গতিকে হে ৰাছুল, আপুনি সিহঁতক এৰি দিয়ক, সিহঁতে ক্বিয়ামত দিৱসলৈকে অসত্য আৰু পথভ্ৰষ্টতাত লিপ্ত হৈ থাকক আৰু সাংসাৰিক জীৱনত খেলি-ধেমালিত মত্ত হৈ থাকক। যি দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক কোৰআনত দিয়া হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070042.mp3"},{"index":"43","arabicText":"یَوْمَ یَخْرُجُوْنَ مِنَ الْاَجْدَاثِ سِرَاعًا كَاَنَّهُمْ اِلٰی نُصُبٍ یُّوْفِضُوْنَ ۟ۙ","assameseTranslation":"সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাৱিত হৈছে,","footnotes":"","tafseer":"যিদিনাখন সিহঁতে কবৰৰ পৰা এনেদৰে তীব্ৰ গতিত দৌৰি ওলাব যেনিবা পৰস্পৰে দৌৰ প্ৰতিযোগিতা কৰি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070043.mp3"},{"index":"44","arabicText":"خَاشِعَةً اَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ؕ ذٰلِكَ الْیَوْمُ الَّذِیْ كَانُوْا یُوْعَدُوْنَ ۟۠","assameseTranslation":"সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব। এইটোৱে সেইদিৱস যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।","footnotes":"","tafseer":"সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব। লজ্জাই সিহঁতক আগুৰি ধৰিব। এইটো সেই দিৱস, যাৰ কথা সিহঁতক পৃথিৱীত জনাই দিয়া হৈছিল আৰু সিহঁতে তাৰ প্ৰতি অলপো ধ্যান দিয়া নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/070044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/070044.mp3"}]