[{"index":"1","arabicText":"اِنَّاۤ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖۤ اَنْ اَنْذِرْ قَوْمَكَ مِنْ قَبْلِ اَنْ یَّاْتِیَهُمْ عَذَابٌ اَلِیْمٌ ۟","assameseTranslation":"নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশসহ প্ৰেৰণ কৰিছিলোঁ যে, ‘সিহঁতৰ ওচৰলৈ যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তুমি সিহঁতক সতৰ্ক কৰি দিয়া’।","footnotes":"","tafseer":"আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰিছিলোঁ যাতে তেওঁ মানুহক আল্লাহৰ ফালে আহ্বান কৰে। শ্বিৰ্কৰ ফলত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তেওঁ যেন সিহঁতক সতৰ্ক কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071001.mp3"},{"index":"2","arabicText":"قَالَ یٰقَوْمِ اِنِّیْ لَكُمْ نَذِیْرٌ مُّبِیْنٌ ۟ۙ","assameseTranslation":"তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে স্পষ্ট সতৰ্ককাৰী--","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে নিজ সম্প্ৰদায়ৰ লোকসকলক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকক স্পষ্টভাৱে সেই শাস্তিৰ পৰা সতৰ্ক কৰি আছোঁ, যি শাস্তি তোমালোকৰ অপেক্ষাত ৰৈ আছে, যদি তোমালোকে তাওবা নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071002.mp3"},{"index":"3","arabicText":"اَنِ اعْبُدُوا اللّٰهَ وَاتَّقُوْهُ وَاَطِیْعُوْنِ ۟ۙ","assameseTranslation":"‘এই বিষয়ে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু মোৰ আনুগত্য কৰা;","footnotes":"","tafseer":"আৰু এই কাৰণেই মই তোমালোকক কৈ আছোঁ, একমাত্ৰ আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ লগত কাকো অংশীদাৰ নকৰিবা। এতেকে তোমালোকে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। মই তোমালোকক যি আদেশ কৰোঁ সেইটো তোমালোকে পালন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071003.mp3"},{"index":"4","arabicText":"یَغْفِرْ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُؤَخِّرْكُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ؕ اِنَّ اَجَلَ اللّٰهِ اِذَا جَآءَ لَا یُؤَخَّرُ ۘ لَوْ كُنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব। নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় উপস্থিত হ’লে সেয়া (কেতিয়াও) বিলম্ব কৰা নহয়; যদি তোমালোকে এইটো জানিলাহেঁতেন!’","footnotes":"","tafseer":"যদি তোমালোকে এইটো কৰা তেন্তে আল্লাহে তোমালোকৰ সেইসমূহ গুনাহ ক্ষমা কৰি দিব, যিবোৰ বান্দাৰ অধিকাৰৰ সৈতে জৰিত নহয়। লগতে আপোনাৰ সম্প্ৰদায়ৰ জীৱন এটা নিৰ্দিষ্ট সময়লৈকে বৃদ্ধি কৰি দিব, যিটো সময় আল্লাহে জানে। যেতিয়ালৈকে তোমালোকে ইয়াৰ প্ৰতি প্ৰতিষ্ঠিত থাকিবা তেতিয়ালৈকে পৃথিৱীত বসবাস কৰিব পাৰিবা। নিশ্চয় মৃত্যু যেতিয়া আহিব তেতিয়া নিৰ্দিষ্ট সময়ৰ পৰা অলপো পলম নহ’ব। যদি তোমালোকে জানিলাহেঁতেন তেন্তে অনতিপলমে আল্লাহৰ প্ৰতি ঈমান আনিলাহেঁতন আৰু তোমালোকৰ এই শ্বিৰ্ক আৰু পথভ্ৰষ্টতাৰ পৰা তাওবা কৰিলাহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071004.mp3"},{"index":"5","arabicText":"قَالَ رَبِّ اِنِّیْ دَعَوْتُ قَوْمِیْ لَیْلًا وَّنَهَارًا ۟ۙ","assameseTranslation":"তেওঁ কৈছিল, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতিয়ে আহ্বান কৰিছোঁ,","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে ক’লেঃ হে মোৰ প্ৰতিপালক! মই মোৰ সম্প্ৰদায়ক তোমাৰ ইবাদত আৰু একত্ববাদৰ প্ৰতি ধাৰাবাহিকভাৱে দিনে-ৰাতি আহ্বান কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071005.mp3"},{"index":"6","arabicText":"فَلَمْ یَزِدْهُمْ دُعَآءِیْۤ اِلَّا فِرَارًا ۟","assameseTranslation":"‘কিন্তু মোৰ আহ্বানে সিহঁতৰ পলায়ন-প্ৰৱণতাহে বৃদ্ধি কৰিছে’।","footnotes":"","tafseer":"কিন্তু মোৰ আহ্বানৰ ফলত সিহঁতৰ পলায়নহে বৃদ্ধি পাইছে, আৰু মোৰ সংবাদৰ পৰা আতঁৰি যোৱাটোহে বৃদ্ধি পাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071006.mp3"},{"index":"7","arabicText":"وَاِنِّیْ كُلَّمَا دَعَوْتُهُمْ لِتَغْفِرَ لَهُمْ جَعَلُوْۤا اَصَابِعَهُمْ فِیْۤ اٰذَانِهِمْ وَاسْتَغْشَوْا ثِیَابَهُمْ وَاَصَرُّوْا وَاسْتَكْبَرُوا اسْتِكْبَارًا ۟ۚ","assameseTranslation":"আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছোঁ যাতে তুমি সিহঁতক ক্ষমা কৰা, সিহঁতে নিজৰ কাণত আঙুলিৰে সোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে, আৰু আঁকোৰগোজ হৈছে লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে।","footnotes":"","tafseer":"আৰু মই যেতিয়াই সিহঁতক সেই বিষয়ৰ ফালে আহ্বান কৰিছোঁ, যাৰ ভিতৰত সিহঁতৰ গুনাহসমূহ ক্ষমা হোৱাৰ উপায় আছে যেনে, একমাত্ৰ তোমাৰ ইবাদত কৰা আৰু তোমাৰ ৰাছুলৰ আনুগত্য কৰা। তেতিয়া সিহঁতে মোৰ কথা নুশুনিবলৈ কাণৰ ভিতৰত আঙুলিৰে সোপা মাৰিছিল, আৰু মোক নেদেখিবলৈ সিহঁতে কাপোৰেৰে মুখখন ঢাকি লৈছিল, আৰু শ্বিৰ্কৰ প্ৰতি অটুট আছিল। এইদৰে সিহঁতে মোৰ কথা অস্বীকাৰ কৰিবলৈ আৰু মোৰ কথা মানি নল’বলৈ অহংকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071007.mp3"},{"index":"8","arabicText":"ثُمَّ اِنِّیْ دَعَوْتُهُمْ جِهَارًا ۟ۙ","assameseTranslation":"‘তাৰ পিছতো মই সিহঁতক উচ্চস্বৰে আহ্বান কৰিছোঁ,","footnotes":"","tafseer":"(হে মোৰ প্ৰতিপালক) তাৰ পিছতো মই সিহঁতক প্ৰকাশ্যভাৱে আহ্বান কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071008.mp3"},{"index":"9","arabicText":"ثُمَّ اِنِّیْۤ اَعْلَنْتُ لَهُمْ وَاَسْرَرْتُ لَهُمْ اِسْرَارًا ۟ۙ","assameseTranslation":"‘আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছোঁ’।","footnotes":"","tafseer":"আৰু মই উচ্চ স্বৰে আহ্বান কৰিছোঁ আৰু গোপনভাৱেও আহ্বান কৰিছোঁ। মই সিহঁতক মাতিবলৈ বেলেগ বেলেগ কৌশল অৱলম্বন কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071009.mp3"},{"index":"10","arabicText":"فَقُلْتُ اسْتَغْفِرُوْا رَبَّكُمْ ؕ اِنَّهٗ كَانَ غَفَّارًا ۟ۙ","assameseTranslation":"আৰু কৈছোঁ, তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তেওঁ মহা ক্ষমাশীল,","footnotes":"","tafseer":"মই সিহঁতক এই কথাও কৈছোঁঃ হে মোৰ সম্প্ৰদায়! নিজ প্ৰতিপালকৰ ওচৰত তাওবা কৰা আৰু ক্ষমা বিচৰা। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলৰ পাপসমূহ ক্ষমা কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071010.mp3"},{"index":"11","arabicText":"یُّرْسِلِ السَّمَآءَ عَلَیْكُمْ مِّدْرَارًا ۟ۙ","assameseTranslation":"তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ অৱতীৰ্ণ কৰিব,","footnotes":"","tafseer":"যদি তোমালোকে তাওবা কৰা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা তেন্তে প্ৰয়োজন অনুসৰি আল্লাহে তোমোলোকৰ প্ৰতি বৰষুণ অৱতীৰ্ণ কৰিব আৰু তোমালোকৰ ওপৰত কেতিয়াও দুৰ্ভিক্ষ জাপি নিদিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071011.mp3"},{"index":"12","arabicText":"وَّیُمْدِدْكُمْ بِاَمْوَالٍ وَّبَنِیْنَ وَیَجْعَلْ لَّكُمْ جَنّٰتٍ وَّیَجْعَلْ لَّكُمْ اَنْهٰرًا ۟ؕ","assameseTranslation":"‘আৰু তেওঁ তোমালোকক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ-নদী প্ৰবাহিত কৰিব।","footnotes":"","tafseer":"আৰু তোমালোকক অধিক মাত্ৰাত ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰিব। ফল খাবলৈ বাগান প্ৰদান কৰিব আৰু তোমালোকৰ বাবে নিজৰা প্ৰবাহিত কৰিব, যাৰ পানী তোমালোকে নিজে পান কৰিব পাৰিবা আৰু তোমালোকৰ জীৱ-জন্তুৱেও খাব কৰিব পাৰিব, আৰু সেই পানী তোমালোকৰ খেতিতো সিচিঁব পাৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071012.mp3"},{"index":"13","arabicText":"مَا لَكُمْ لَا تَرْجُوْنَ لِلّٰهِ وَقَارًا ۟ۚ","assameseTranslation":"তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়?","footnotes":"","tafseer":"হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকৰ কি হৈছে যে, তোমালোকে আল্লাহৰ মহিমাক কিয় ভয় নকৰা, আৰু কোনো সংকোচ নকৰাকৈ তেওঁৰ অৱজ্ঞা কৰি আছা?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071013.mp3"},{"index":"14","arabicText":"وَقَدْ خَلَقَكُمْ اَطْوَارًا ۟","assameseTranslation":"‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে।","footnotes":"","tafseer":"যিহেতু তেওঁ তোমালোকক বিভিন্ন ধাপত সৃষ্টি কৰিছে। পানীৰ টোপালৰ পৰা ৰক্তপিণ্ড, তাৰ পাছত মাংসপিণ্ড।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071014.mp3"},{"index":"15","arabicText":"اَلَمْ تَرَوْا كَیْفَ خَلَقَ اللّٰهُ سَبْعَ سَمٰوٰتٍ طِبَاقًا ۟ۙ","assameseTranslation":"তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে?","footnotes":"","tafseer":"তোমালোকে দেখা নাই নে যে, মহান আল্লাহে স্তৰে স্তৰে কেনেকৈ সাতখন আকাশ সৃষ্টি কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071015.mp3"},{"index":"16","arabicText":"وَّجَعَلَ الْقَمَرَ فِیْهِنَّ نُوْرًا وَّجَعَلَ الشَّمْسَ سِرَاجًا ۟","assameseTranslation":"আৰু তাত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ।","footnotes":"","tafseer":"আৰু ইয়াৰ ভিতৰত চন্দ্ৰক ৰাখিছে নিম্ন আকাশত পৃথিৱীবাসীসকলৰ বাবে পোহৰ হিচাপে, আৰু সূৰ্য্যক সৃষ্টি কৰিছে প্ৰদীপ হিচাপে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071016.mp3"},{"index":"17","arabicText":"وَاللّٰهُ اَنْۢبَتَكُمْ مِّنَ الْاَرْضِ نَبَاتًا ۟ۙ","assameseTranslation":"‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে,","footnotes":"","tafseer":"আৰু মহান আল্লাহে তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, কিয়নো তেৱেঁই তোমালোকৰ আদি পিতা আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছিল। এতেকে তোমালোকেও মাটিৰ পৰা গজোৱা উদ্ভিদ বা গছ- গছনিৰ পৰাই ভোজন কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071017.mp3"},{"index":"18","arabicText":"ثُمَّ یُعِیْدُكُمْ فِیْهَا وَیُخْرِجُكُمْ اِخْرَاجًا ۟","assameseTranslation":"‘তাৰ পিছত তেৱেঁই তোমালোকক তালৈকে ওভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব,","footnotes":"","tafseer":"আকৌ তোমালোকক মৃ্ত্যুৰ পিছত মাটিৰ ভিতৰতেই ওভতাই নিয়া হ’ব। তাৰ পাছত তোমালোকক তাৰ পৰা পুনৰুত্থানৰ বাবে উঠোৱা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071018.mp3"},{"index":"19","arabicText":"وَاللّٰهُ جَعَلَ لَكُمُ الْاَرْضَ بِسَاطًا ۟ۙ","assameseTranslation":"‘আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে,","footnotes":"","tafseer":"মহান আল্লাহেই পৃথিৱীখনক তোমালোকৰ বাবে বিচনাৰ দৰে বিস্তৃত কৰিছে, তথা বসবাস উপযোগী বনাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071019.mp3"},{"index":"20","arabicText":"لِّتَسْلُكُوْا مِنْهَا سُبُلًا فِجَاجًا ۟۠","assameseTranslation":"‘যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা’।","footnotes":"","tafseer":"যাতে তোমালোকে ইয়াৰ বিভিন্ন প্ৰশস্ত পথেৰে বৈধ জীৱিকাৰ বাবে চলাচল কৰিব পাৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071020.mp3"},{"index":"21","arabicText":"قَالَ نُوْحٌ رَّبِّ اِنَّهُمْ عَصَوْنِیْ وَاتَّبَعُوْا مَنْ لَّمْ یَزِدْهُ مَالُهٗ وَوَلَدُهٗۤ اِلَّا خَسَارًا ۟ۚ","assameseTranslation":"নুহে কৈছিল, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’।","footnotes":"","tafseer":"নূহ আলাইহিচ্ছালামে ক’লেঃ হে মোৰ প্ৰতিপালক! মোৰ সম্প্ৰদায়ে মোক অমান্য কৰিছে, লগতে তোমাৰ তাওহীদক আৰু তোমাৰ ইবাদত কৰাৰ আদেশকো অমান্য কৰিছে, আৰু সিহঁতৰ মাজৰ নিম্ন স্তৰৰ লোকসকলে সেইসকল নেতাৰ কথা মানি লৈছে, যিসকলক তুমি ধন-সম্পদ, সন্তান-সন্ততি প্ৰদান কৰিছা। অথচ তুমি প্ৰদান কৰা এই উপকাৰে সিহঁতৰ পথভ্ৰষ্টতাহে বৃদ্ধি কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071021.mp3"},{"index":"22","arabicText":"وَمَكَرُوْا مَكْرًا كُبَّارًا ۟ۚ","assameseTranslation":"আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে;","footnotes":"","tafseer":"আৰু সিহঁতৰ মাজৰ নেতা শ্ৰেণীৰ লোকসকলে সাধাৰণ ব্যক্তিসকলক নূহ আলাইহিচ্ছালামৰ বিৰুদ্ধে উচটনি প্ৰদান কৰি বৰ ডাঙৰ চক্ৰান্ত ৰচিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071022.mp3"},{"index":"23","arabicText":"وَقَالُوْا لَا تَذَرُنَّ اٰلِهَتَكُمْ وَلَا تَذَرُنَّ وَدًّا وَّلَا سُوَاعًا ۙ۬ وَّلَا یَغُوْثَ وَیَعُوْقَ وَنَسْرًا ۟ۚ","assameseTranslation":"আৰু সিহঁতে কয়, ‘তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যবোৰক বৰ্জন নকৰিবা; লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক’।","footnotes":"","tafseer":"আৰু সিহঁতে সিহঁতৰ অনুসাৰী বিলাকক ক’লেঃ তোমালোকে নিজ উপাস্যবোৰৰ উপাসনা নেৰিবা। তোমালোকৰ মূৰ্তিসমূহ যেনে- অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰৰ উপাসনা কেতিয়াও নেৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071023.mp3"},{"index":"24","arabicText":"وَقَدْ اَضَلُّوْا كَثِیْرًا ۚ۬ وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا ضَلٰلًا ۟","assameseTranslation":"‘নিশ্চয় সিহঁতে বহুলোকক পথভ্ৰষ্ট কৰিছে, আৰু (হে আল্লাহ) তুমি যালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।","footnotes":"","tafseer":"আৰু সিহঁতে এই মূৰ্তিবোৰৰ মাধ্যমত বহুত লোকক পথভ্ৰষ্ট কৰিছিল। এতেকে হে মোৰ প্ৰতিপালক! এই অত্যাচাৰীসকলৰ পথভ্ৰষ্টতা অধিক বৃদ্ধি কৰি দিয়া, যিসকলে কুফুৰী আৰু পাপকৰ্মৰ মাধ্যমত নিজৰ ওপৰত অন্যায় কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071024.mp3"},{"index":"25","arabicText":"مِمَّا خَطِیْٓـٰٔتِهِمْ اُغْرِقُوْا فَاُدْخِلُوْا نَارًا ۙ۬ فَلَمْ یَجِدُوْا لَهُمْ مِّنْ دُوْنِ اللّٰهِ اَنْصَارًا ۟","assameseTranslation":"(ফলত) সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ’ল, তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ’ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল।","footnotes":"","tafseer":"সিহঁতে যিবোৰ পাপকৰ্ম কৰিছিল, তাৰ পৰিণামস্বৰূপে সিহঁতক পৃথিৱীত মহাপ্লাৱনৰ জৰিয়তে ডুবাই দিয়া হৈছিল, আৰু মৃত্যুৰ পিছতেই সিহঁতক অগ্নিত নিক্ষেপ কৰা হৈছে। এতেকে তাৰ পাছত সিহঁতে আল্লাহৰ বাহিৰে কাকো সহায়ক হিচাপে পোৱা নাছিল, যিয়ে সিহঁতক ডুবি যোৱাৰ পৰা আৰু জাহান্নামৰ পৰা ৰক্ষা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071025.mp3"},{"index":"26","arabicText":"وَقَالَ نُوْحٌ رَّبِّ لَا تَذَرْ عَلَی الْاَرْضِ مِنَ الْكٰفِرِیْنَ دَیَّارًا ۟","assameseTranslation":"নুহে আৰু কৈছিল, ‘হে মোৰ প্ৰতিপালক! পৃথিৱীৰ বুকুত কাফিৰসকলৰ এটা গৃহও অৱশিষ্ট নাৰাখিবা।","footnotes":"","tafseer":"যেতিয়া আল্লাহে নূহ আলাইহিচ্ছালামক জনাই দিলে যে, তেখেতৰ সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছে, সিহঁতৰ বাহিৰে আন কোনেও ঈমান পোষণ নকৰিব। তেতিয়া তেখেতে ক’লেঃ হে মোৰ প্ৰতিপালক! পৃথিৱীৰ ওপৰত চলা-ফুৰা কৰা কোনো কাফিৰকে তুমি এৰি নিদিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071026.mp3"},{"index":"27","arabicText":"اِنَّكَ اِنْ تَذَرْهُمْ یُضِلُّوْا عِبَادَكَ وَلَا یَلِدُوْۤا اِلَّا فَاجِرًا كَفَّارًا ۟","assameseTranslation":"‘যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী কাফিৰকহে জন্ম দিব।","footnotes":"","tafseer":"হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি যদি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব, আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী সকলকহে জন্ম দিব, যিসকলে তোমাৰ কথাৰ অৱমাননা কৰিব, লগতে সিহঁতে নিষ্ঠুৰ কাফিৰসকলকহে জন্ম দিব, যিসকলে তোমাৰ অনুগ্ৰহবোৰৰ অকৃতজ্ঞতা কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071027.mp3"},{"index":"28","arabicText":"رَبِّ اغْفِرْ لِیْ وَلِوَالِدَیَّ وَلِمَنْ دَخَلَ بَیْتِیَ مُؤْمِنًا وَّلِلْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ وَلَا تَزِدِ الظّٰلِمِیْنَ اِلَّا تَبَارًا ۟۠","assameseTranslation":"হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক, লগতে যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিছে তাক, আৰু মুমিন পুৰুষ তথা মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।","footnotes":"","tafseer":"হে মোৰ প্ৰতিপালক, মোৰ পাপসমূহ ক্ষমা কৰি দিয়া, লগতে মোৰ পিতৃ-মাতৃক ক্ষমা কৰি দিয়া। প্ৰত্যেক সেই ব্যক্তিকো ক্ষমা কৰি দিয়া, যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিব। হে মোৰ প্ৰতিপালক! তুমি প্ৰতিজন মুমিন পৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰি দিয়া। পক্ষান্তৰে সেইসকল লোকৰ ধ্বংস আৰু ক্ষতি অধিক বৃদ্ধি কৰি দিয়া, যিসকলে কুফুৰী আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/071028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/071028.mp3"}]