[{"index":"1","arabicText":"یٰۤاَیُّهَا الْمُزَّمِّلُ ۟ۙ","assameseTranslation":"হে বস্ত্ৰাবৃত!","footnotes":"","tafseer":"হে বস্ত্ৰাবৃত ব্যক্তি! (অৰ্থাৎ হে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম।)","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073001.mp3"},{"index":"2","arabicText":"قُمِ الَّیْلَ اِلَّا قَلِیْلًا ۟ۙ","assameseTranslation":"ৰাতিত ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে,","footnotes":"","tafseer":" কিছু অংশৰ বাহিৰে ৰাতিত ছালাত আদায় কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073002.mp3"},{"index":"3","arabicText":"نِّصْفَهٗۤ اَوِ انْقُصْ مِنْهُ قَلِیْلًا ۟ۙ","assameseTranslation":"অৰ্দ্ধেক ৰাতি বা তাতকৈও অলপ কম;","footnotes":"","tafseer":"যদি আপুনি ইচ্ছা কৰে অৰ্দ্ধেক ৰাতিৰ পৰা ছালাত আদায় কৰক। অথবা তাতোকৈ কম সময় ছালাত আদায় কৰক, ৰাতিৰ তৃতীয়াংশলৈকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073003.mp3"},{"index":"4","arabicText":"اَوْ زِدْ عَلَیْهِ وَرَتِّلِ الْقُرْاٰنَ تَرْتِیْلًا ۟ؕ","assameseTranslation":"অথবা তাতকৈও অলপ বেছি। লগতে স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।","footnotes":"","tafseer":"অথবা তাতোকৈ বেছি সময় ছালাত আদায় কৰক, ৰাতিৰ দুই তৃতীয়াংশলৈকে। লগতে কোৱা হৈছে, যেতিয়া কোৰআন পঢ়িব তেতিয়া স্পষ্টভাৱে ধীৰে ধীৰে তিলাৱত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073004.mp3"},{"index":"5","arabicText":"اِنَّا سَنُلْقِیْ عَلَیْكَ قَوْلًا ثَقِیْلًا ۟","assameseTranslation":"নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম।","footnotes":"","tafseer":"হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিম। ই হৈছে এক গধুৰ বাণী। কিয়নো তাৰ ভিতৰত আছে ফৰজ বিধান, দণ্ডবিধি, বিভিন্ন বিধি-বিধান আৰু শিষ্টাচাৰ আদিৰ উল্লেখ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073005.mp3"},{"index":"6","arabicText":"اِنَّ نَاشِئَةَ الَّیْلِ هِیَ اَشَدُّ وَطْاً وَّاَقْوَمُ قِیْلًا ۟ؕ","assameseTranslation":"নিশ্চয় ৰাতি-জাগৰণ হৈছে আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী।","footnotes":"","tafseer":"নিশ্চয় ৰাতিৰ সময় হৈছে তিলাৱাতৰ বাবে অন্তৰৰ প্ৰতি প্ৰভাৱ পেলোৱাৰ অনুকূল সময়। এই সময়ছোৱাৰে অভ্যাসে সঠিক কথা কোৱাত সহায় কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073006.mp3"},{"index":"7","arabicText":"اِنَّ لَكَ فِی النَّهَارِ سَبْحًا طَوِیْلًا ۟ؕ","assameseTranslation":"নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা।","footnotes":"","tafseer":"নিশ্চয় দিনৰ ভাগত আপোনাৰ বহুতো কাম কৰিব লগীয়া থাকে, যাৰ কাৰণে আপুনি কোৰআন পঢ়িবলৈ অৱকাশ নাপায়। সেয়েহে ৰাতিত ছালাত আদায় কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073007.mp3"},{"index":"8","arabicText":"وَاذْكُرِ اسْمَ رَبِّكَ وَتَبَتَّلْ اِلَیْهِ تَبْتِیْلًا ۟ؕ","assameseTranslation":"গতিকে তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা।","footnotes":"","tafseer":"আৰু আল্লাহক বিভিন্ন ধৰণৰ আজকাৰৰ জৰিয়তে স্মৰণ কৰক। সকলোৰে পৰা সম্পৰ্কহীন হৈ একনিষ্ঠভাৱে আল্লাহৰ হৈ যাওক। অৰ্থাৎ একমাত্ৰ আল্লাহৰেই ইবাদত কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073008.mp3"},{"index":"9","arabicText":"رَبُّ الْمَشْرِقِ وَالْمَغْرِبِ لَاۤ اِلٰهَ اِلَّا هُوَ فَاتَّخِذْهُ وَكِیْلًا ۟","assameseTranslation":"তেৱেঁই পূৱ আৰু পশ্চিমৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে কৰ্মবিধায়ক হিচাপে তুমি তেওঁকেই গ্ৰহণ কৰা।","footnotes":"","tafseer":"তেৱেঁই সূৰ্যোদয়ৰ স্থান আৰু সূৰ্য্য অস্ত যোৱা স্থানৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেয়েহে তেওঁকেই কৰ্মবিধায়ক হিচাপে গ্ৰহণ কৰি সকলো কামতে তেওঁৰ প্ৰতি ভৰসা কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073009.mp3"},{"index":"10","arabicText":"وَاصْبِرْ عَلٰی مَا یَقُوْلُوْنَ وَاهْجُرْهُمْ هَجْرًا جَمِیْلًا ۟","assameseTranslation":"আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা।","footnotes":"","tafseer":"অস্বীকাৰকাৰী বিলাকৰ উপহাস তথা গালিৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰক। সিহঁতৰ প্ৰতি প্ৰতিশোধ লোৱাৰ ভাৱনাৰ পৰা মুক্ত হৈ অকলশৰীয়া হৈ থাকক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073010.mp3"},{"index":"11","arabicText":"وَذَرْنِیْ وَالْمُكَذِّبِیْنَ اُولِی النَّعْمَةِ وَمَهِّلْهُمْ قَلِیْلًا ۟","assameseTranslation":"আৰু বিলাসী সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।","footnotes":"","tafseer":"আৰু পৃথিৱীৰ বিলাসিতাত লিপ্ত অস্বীকাৰকাৰী বিলাকক কোনো কেৰেপ নকৰিব। মোক আৰু সিহঁতক নিজৰ নিজৰ অৱস্থাত এৰি দিয়ক। সিহঁতৰ বিষয়ে অকণমান অপেক্ষা কৰক। সিহঁতৰ নিৰ্ধাৰিত সময় অহালৈকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073011.mp3"},{"index":"12","arabicText":"اِنَّ لَدَیْنَاۤ اَنْكَالًا وَّجَحِیْمًا ۟ۙ","assameseTranslation":"নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই,","footnotes":"","tafseer":"নিশ্চয় আমাৰ ওচৰত আছে গধুৰ শিকলিসমূহ আৰু লেলিহান জুই,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073012.mp3"},{"index":"13","arabicText":"وَّطَعَامًا ذَا غُصَّةٍ وَّعَذَابًا اَلِیْمًا ۟ۗ","assameseTranslation":"লগতে আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"আৰু আছে অতিৰিক্ত হিচাপে ডিঙিত বিন্ধা কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073013.mp3"},{"index":"14","arabicText":"یَوْمَ تَرْجُفُ الْاَرْضُ وَالْجِبَالُ وَكَانَتِ الْجِبَالُ كَثِیْبًا مَّهِیْلًا ۟","assameseTranslation":"যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব।","footnotes":"","tafseer":"এই শাস্তি কাফিৰ বিলাকক সিদিনা দিয়া হ’ব যিদিনাখন পৃথিৱী আৰু পৰ্বতসমূহ কঁপিবলৈ ধৰিব। পৰিস্থিতি ইমান ভয়াৱহ হ’ব যে, পৰ্বতসমূহ বিক্ষিপ্ত বালিময় হৈ প্ৰবাহিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073014.mp3"},{"index":"15","arabicText":"اِنَّاۤ اَرْسَلْنَاۤ اِلَیْكُمْ رَسُوْلًا ۙ۬ شَاهِدًا عَلَیْكُمْ كَمَاۤ اَرْسَلْنَاۤ اِلٰی فِرْعَوْنَ رَسُوْلًا ۟ؕ","assameseTranslation":"নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ ফিৰআউনৰ ওচৰলৈ।","footnotes":"","tafseer":"নিশ্চয় আমি তোমালোকৰ প্ৰতি এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যিয়ে ক্বিয়ামতৰ দিনা তোমালোকৰ কৰ্মসমূহৰ সাক্ষী প্ৰদান কৰিব। যেনেকৈ ফিৰআউনৰ ওচৰলৈ এজন ৰাছুল অৰ্থাৎ মুছা আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073015.mp3"},{"index":"16","arabicText":"فَعَصٰی فِرْعَوْنُ الرَّسُوْلَ فَاَخَذْنٰهُ اَخْذًا وَّبِیْلًا ۟","assameseTranslation":"কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছিল, সেয়ে আমি তাক শাস্তি বিহিছিলোঁ।","footnotes":"","tafseer":"এতেকে ফিৰআউনে তাৰ প্ৰতিপালকে প্ৰেৰণ কৰা ৰাছুলক অমান্য কৰিছিল। ফলত আমি তাক কঠোৰ শাস্তি প্ৰদান কৰি সাগৰত ডুবাই দিছিলোঁ। পৰকালত আমি তাক প্ৰদান কৰিম অগ্নিৰ শাস্তি। গতিকে তোমালোকে নিজৰ ৰাছুলক অমান্য নকৰিবা। অন্যথা তোমালোকেও তেনেকুৱাই শাস্তিৰ সন্মুখীন হ’ব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073016.mp3"},{"index":"17","arabicText":"فَكَیْفَ تَتَّقُوْنَ اِنْ كَفَرْتُمْ یَوْمًا یَّجْعَلُ الْوِلْدَانَ شِیْبَا ۟ۗۖ","assameseTranslation":"এতেকে তোমালোকে যদি কুফুৰী কৰা তেন্তে তোমালোকে সেই দিৱসটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যিদিনা শিশুসকলক বৃদ্ধাৱস্থালৈ পৰিণত কৰিব,","footnotes":"","tafseer":"এতেকে যদি তোমালোকে আল্লাহৰ সৈতে কুফুৰী কৰা আৰু ৰাছুলক অস্বীকাৰ কৰা, তেন্তে সেই কঠোৰ আৰু সুদীৰ্ঘ দিনৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিবা। যাৰ ভয়াৱহতা আৰু কঠোৰতাৰ ফলত শিশু সকলৰো চুলি পকি যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073017.mp3"},{"index":"18","arabicText":"لسَّمَآءُ مُنْفَطِرٌ بِهٖ ؕ كَانَ وَعْدُهٗ مَفْعُوْلًا ۟","assameseTranslation":"সেইদিনা আকাশ বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব।","footnotes":"","tafseer":"সিদিনাৰ ভয়াৱহতাৰ ফলত আকাশ ফাঁটি যাব আৰু আল্লাহৰ প্ৰতিশ্ৰুতি যিকোনো উপায়ে বাস্তবায়িত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073018.mp3"},{"index":"19","arabicText":"اِنَّ هٰذِهٖ تَذْكِرَةٌ ۚ فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ سَبِیْلًا ۟۠","assameseTranslation":"নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে, সি যেন তাৰ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।","footnotes":"","tafseer":"নিশ্চয় এই উপদেশ, যাৰ ভিতৰত ক্বিয়ামত দিৱসৰ ভয়াৱহতাৰ কথা উল্লেখ আছে, এক স্মৃতি, যাৰ পৰা মুমিনসকলে উপকৃত হয়। গতিকে যিয়ে নিজ প্ৰতিপালকলৈ পৌঁচাৰ পথ অৱলম্বন কৰিব বিচাৰে, সি অৱলম্বন কৰা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073019.mp3"},{"index":"20","arabicText":"اِنَّ رَبَّكَ یَعْلَمُ اَنَّكَ تَقُوْمُ اَدْنٰی مِنْ  الَّیْلِ وَنِصْفَهٗ وَثُلُثَهٗ وَطَآىِٕفَةٌ مِّنَ الَّذِیْنَ مَعَكَ ؕ وَاللّٰهُ یُقَدِّرُ الَّیْلَ وَالنَّهَارَ ؕ عَلِمَ اَنْ لَّنْ تُحْصُوْهُ فَتَابَ عَلَیْكُمْ فَاقْرَءُوْا مَا تَیَسَّرَ مِنَ الْقُرْاٰنِ ؕ عَلِمَ اَنْ سَیَكُوْنُ مِنْكُمْ مَّرْضٰی ۙ وَاٰخَرُوْنَ یَضْرِبُوْنَ فِی الْاَرْضِ یَبْتَغُوْنَ مِنْ فَضْلِ اللّٰهِ ۙ وَاٰخَرُوْنَ یُقَاتِلُوْنَ فِیْ سَبِیْلِ اللّٰهِ ۖؗ فَاقْرَءُوْا مَا تَیَسَّرَ مِنْهُ ۙ وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاَقْرِضُوا اللّٰهَ قَرْضًا حَسَنًا ؕ وَمَا تُقَدِّمُوْا لِاَنْفُسِكُمْ مِّنْ خَیْرٍ تَجِدُوْهُ عِنْدَ اللّٰهِ هُوَ خَیْرًا وَّاَعْظَمَ اَجْرًا ؕ وَاسْتَغْفِرُوا اللّٰهَ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত, লগতে তোমাৰ সংগীসকলৰ এটা দলেও থিয় দিয়ে। আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিছে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত নিশ্চয় পাবা। ই উৎকৃষ্টতম আৰু পুৰস্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে, আপুনি কেতিয়াবা ৰাতিৰ দুই তৃতীয়াংশতকৈ কিছু কম সময়ত ছালাতত থিয় হৈ থাকে, কেতিয়াবা অৰ্দ্ধেক ৰাতিত, আৰু কেতিয়াবা এক তৃতীয়াংশত। মুমিনসকলৰ এটা দলেও আপোনাৰ সৈতে ছালাতত থিয় হয়। মহান আল্লাহেই দিন আৰু ৰাতি নিৰ্ধাৰণ কৰে আৰু তাৰ সময় গণনা কৰি ৰাখে। তেওঁ জানে যে আপুনি ৰাতিৰ সঠিক সময়ৰ হিচাপ ৰাখিব নোৱাৰে। সেয়েহে উদ্দেশ্য পালন কৰিবলৈ বেছি সময় ছালাতত থিয় হৈ পাৰ কৰা কঠিন হয়। গতিকে তেওঁ আপোনাৰ প্ৰতি দয়া কৰিছে। এতিয়া ৰাতিত যিমান সময়লৈকে আপোনাৰ বাবে সহজ হয় ছালাত আদায় কৰি অতিবাহিত কৰক। হে মুমিনসকল, তোমালোকৰ মাজত হয়তো কোনোবা বেমাৰী আছে, যাক বেমাৰে কষ্ট বা অশান্তি দি আছে, তথা আন কিছুমানে জীৱিকাৰ অনুসন্ধানত আছে, আৰু আন কিছুমানে আল্লাহৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে আৰু তেওঁৰ বাণী উচ্চ কৰাৰ বাবে কাফিৰসকলৰ সৈতে যুদ্ধ কৰি আছে। এতেকে এইসকলৰ বাবে ৰাতিত ছালাত আদায় কৰা কঠিন হ’ব। সেয়েহে ৰাতিত যিমানখিনি আদায় কৰিবলৈ সহজ হয় আদায় কৰি লোৱা। তোমালোকে ফৰজ ছালাতসমূহ সম্পূৰ্ণভাৱে আদায় কৰা, আৰু নিজৰ ধন-সম্পদৰ যাকাত দিয়া আৰু নিজৰ ধনৰ পৰা কিছু অংশ আল্লাহৰ পথত ব্যয় কৰা। তোমালোকে নিজৰ বাবে যি কল্যাণেই আগবঢ়াবা, সেয়া তাতোকৈ অধিক ডাঙৰ প্ৰতিফল হিচাপে লাভ কৰিবা। আল্লাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অত্যন্ত দয়ালু।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/073020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/073020.mp3"}]