[{"index":"1","arabicText":"هَلْ اَتٰی عَلَی الْاِنْسَانِ حِیْنٌ مِّنَ الدَّهْرِ لَمْ یَكُنْ شَیْـًٔا مَّذْكُوْرًا ۟","assameseTranslation":"কালপ্ৰবাহত মানুহৰ ওপৰত এনেকুৱা এটা সময় অহা নাছিলনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল?","footnotes":"","tafseer":"মানুহে অতীতত এনেকুৱা এটা দীৰ্ঘ সময় অতিক্ৰম কৰি আহিছে, যি সময়ত সিহঁতৰ কোনো অস্তিত্বই নাছিল। আনকি সিহঁত উল্লেখযোগ্য একোৱেই নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076001.mp3"},{"index":"2","arabicText":"اِنَّا خَلَقْنَا الْاِنْسَانَ مِنْ نُّطْفَةٍ اَمْشَاجٍ ۖۗ نَّبْتَلِیْهِ فَجَعَلْنٰهُ سَمِیْعًا بَصِیْرًا ۟","assameseTranslation":"নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মিশ্ৰিত শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিসম্পন্ন বনাইছোঁ।","footnotes":"","tafseer":"আমি মানুহক পুৰুষ আৰু নাৰীৰ মিশ্ৰিত বীৰ্যৰ পৰা সৃষ্টি কৰিছোঁ, যাতে সিহঁতৰ প্ৰতি চৰীয়তৰ দায়িত্বসমূহ অৰ্পণ কৰি সিহঁতৰ পৰীক্ষা ল’ব পাৰোঁ। গতিকে আমি সিহঁতক শ্ৰৱণকাৰী আৰু দৃষ্টিসম্পন্ন বনাইছোঁ, যাতে আমাৰ ফালৰ পৰা অৰ্পণ কৰা দায়িত্বসমূহ পালন কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076002.mp3"},{"index":"3","arabicText":"اِنَّا هَدَیْنٰهُ السَّبِیْلَ اِمَّا شَاكِرًا وَّاِمَّا كَفُوْرًا ۟","assameseTranslation":"নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছোঁ, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।","footnotes":"","tafseer":"আমি ৰাছুলসকলৰ মুখেৰে সিহঁতৰ বাবে হিদায়তৰ পথবোৰৰ বিষয়ে বৰ্ণনা কৰি দিছোঁ। যাৰ জৰিয়তে ভ্ৰষ্টতাৰ পথ স্পষ্ট হৈ গৈছে। ইয়াৰ পিছত হয় সি সঠিক পথ ধৰিব আৰু মুমিন তথা আল্লাহৰ কৃতজ্ঞ বান্দা হৈ যাব, নহয় সি তাৰ পৰা বিভ্ৰান্ত হৈ কাফিৰ আৰু আল্লাহৰ আয়াতসমূহৰ অস্বীকাৰকাৰী বান্দাত পৰিণত হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076003.mp3"},{"index":"4","arabicText":"اِنَّاۤ اَعْتَدْنَا لِلْكٰفِرِیْنَ سَلٰسِلَاۡ وَاَغْلٰلًا وَّسَعِیْرًا ۟","assameseTranslation":"নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ শিকলি, গলবেৰি আৰু লেলিহান জুই।","footnotes":"","tafseer":"আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে আমি শিকলি প্ৰস্তুত কৰি ৰাখিছোঁ। যিটোৰে সিহঁতক আৱদ্ধ কৰি জুইত চোঁচৰাই লৈ যোৱা হ’ব আৰু গলবেৰি প্ৰস্তুত কৰি ৰাখিছোঁ, যিবোৰ সিহঁতক লগোৱা হ’ব, লগতে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ লেলিহান জুই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076004.mp3"},{"index":"5","arabicText":"اِنَّ الْاَبْرَارَ یَشْرَبُوْنَ مِنْ كَاْسٍ كَانَ مِزَاجُهَا كَافُوْرًا ۟ۚ","assameseTranslation":"নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনেকুৱা পানীয় যাৰ মিশ্ৰন হ’ব কৰ্পূৰ।","footnotes":"","tafseer":"আল্লাহৰ আজ্ঞা পালনকাৰী মুমিনসকলক ক্বিয়ামতৰ দিনা সুৰা ভৰ্তি পূৰ্ণপাত্ৰৰ পৰা পান কৰোৱা হ'ব আৰু উত্তম শ্ৰেণীৰ কাফুৰ মিশ্ৰিত হ'ব। কিয়নো তাৰ সুগন্ধী বহুত ভাল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076005.mp3"},{"index":"6","arabicText":"عَیْنًا یَّشْرَبُ بِهَا عِبَادُ اللّٰهِ یُفَجِّرُوْنَهَا تَفْجِیْرًا ۟","assameseTranslation":"এনেকুৱা এটা নিজৰাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, যিটোক তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰবাহিত কৰিব পাৰিব।","footnotes":"","tafseer":"আনুগত্যকাৰীসকলৰ বাবে প্ৰস্তুত কৰা এই সুৰা সহজলভ্য নিজৰাৰ পৰা সংগ্ৰহ কৰা হ’ব। সেই নিজৰাৰ পানীয় কেতিয়াও হ্ৰাস নহ’ব। ইয়াৰ দ্বাৰা আল্লাহৰ বান্দাসকলে পিয়াহ দূৰ কৰিব আৰু য’তেই ইচ্ছা ততেই প্ৰবাহিত কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076006.mp3"},{"index":"7","arabicText":"یُوْفُوْنَ بِالنَّذْرِ وَیَخَافُوْنَ یَوْمًا كَانَ شَرُّهٗ مُسْتَطِیْرًا ۟","assameseTranslation":"(কাৰণ) তেওঁলোকে মান্নত পূৰণ কৰে, আৰু সেই দিৱসটোক ভয় কৰে যিটো দিৱসৰ অকল্যাণ হ’ব সুবিস্তৃত।","footnotes":"","tafseer":"যিসকল বান্দাই সেই পানীয় পান কৰিব, তেওঁলোকৰ বৈশিষ্ট্য হ’ব এই যে, তেওঁলোকে সত্কৰ্মমূলক প্ৰতিটো মান্নত পূৰণ কৰিব। লগতে সেই দিৱসক ভয় কৰিব, যাৰ ভয়াৱহতা অধিক প্ৰসাৰিত হ’ব। অৰ্থাৎ ক্বিয়ামত দিৱসক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076007.mp3"},{"index":"8","arabicText":"وَیُطْعِمُوْنَ الطَّعَامَ عَلٰی حُبِّهٖ مِسْكِیْنًا وَّیَتِیْمًا وَّاَسِیْرًا ۟","assameseTranslation":"তেওঁলোকে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।","footnotes":"","tafseer":"খাদ্যৰ প্ৰতি তেওঁলোকৰ প্ৰয়োজন আৰু আসক্তি থকা সত্ত্বেও তেওঁলোকে অভাৱগ্ৰস্ত, ভিক্ষাৰী, অনাথ আৰু বন্দীসকলক আহাৰ কৰায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076008.mp3"},{"index":"9","arabicText":"اِنَّمَا نُطْعِمُكُمْ لِوَجْهِ اللّٰهِ لَا نُرِیْدُ مِنْكُمْ جَزَآءً وَّلَا شُكُوْرًا ۟","assameseTranslation":"তেওঁলোকে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যেহে তোমালোকক খাদ্য প্ৰদান কৰোঁ, আমি তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু কৃতজ্ঞতাও কামনা নকৰোঁ।","footnotes":"","tafseer":"আৰু অন্তৰত এই বিশ্বাস পোষণ কৰে যে, তেওঁলোকে সিহঁতক আল্লাহৰ সন্তুষ্টি অৰ্জনাৰ্থেহে খোৱাই আছে। এতেকে তেওঁলোকে সিহঁতৰ পৰা কোনো পৰিণাম বা প্ৰশংসাৰ আশা নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076009.mp3"},{"index":"10","arabicText":"اِنَّا نَخَافُ مِنْ رَّبِّنَا یَوْمًا عَبُوْسًا قَمْطَرِیْرًا ۟","assameseTranslation":"নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰোঁ’।","footnotes":"","tafseer":"(তেওঁলোকে কয়ঃ) আমি আমাৰ প্ৰতিপালকৰ সেই দিনটোক ভয় কৰোঁ, যিদিনা ভীষণ পৰিস্থিতিৰ ফলত হতভাগা লোকসকলৰ মুখমণ্ডল বীভৎস হৈ পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076010.mp3"},{"index":"11","arabicText":"فَوَقٰىهُمُ اللّٰهُ شَرَّ ذٰلِكَ الْیَوْمِ وَلَقّٰىهُمْ نَضْرَةً وَّسُرُوْرًا ۟ۚ","assameseTranslation":"ফলত আল্লাহে তেওঁলোকক ৰক্ষা কৰিব সেই দিৱসৰ অনিষ্টৰ পৰা আৰু তেওঁলোকক প্ৰদান কৰিব উজ্জ্বলতা আৰু আনন্দ।","footnotes":"","tafseer":"গতিকে আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে সেই ভীষণ দিৱসৰ বিপদৰ পৰা ৰক্ষা কৰিব। লগতে তেওঁলোকৰ চেহেৰাক সতেজ কৰিব আৰু জ্যোতি প্ৰদান কৰিব, তেওঁলোকৰ সন্মানাৰ্থে আৰু তেওঁলোকৰ অন্তৰক প্ৰশান্তি দিয়াৰ বাবে (এই অনুগ্ৰহ দান কৰিব)।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076011.mp3"},{"index":"12","arabicText":"وَجَزٰىهُمْ بِمَا صَبَرُوْا جَنَّةً وَّحَرِیْرًا ۟ۙ","assameseTranslation":"লগতে তেওঁলোকৰ ধৈৰ্য্যৰ পুৰস্কাৰ হিচাপে তেওঁলোকক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।","footnotes":"","tafseer":"তেওঁলোকে ইবাদতৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰাৰ কাৰণে, লগতে আল্লাহৰ ফয়চালাৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰাৰ কাৰণে আৰু পাপসমূহৰ পৰা দূৰৈত থকাৰ কাৰণে প্ৰতিদানস্বৰূপে মহান আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ ভিতৰত তেওঁলোকে বিভিন্ন ধৰণৰ নিয়ামত উপভোগ কৰিব, লগতে তেওঁলোকক পৰিধান কৰিবলৈ ৰেচমী কাপোৰ প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076012.mp3"},{"index":"13","arabicText":"مُّتَّكِـِٕیْنَ فِیْهَا عَلَی الْاَرَآىِٕكِ ۚ لَا یَرَوْنَ فِیْهَا شَمْسًا وَّلَا زَمْهَرِیْرًا ۟ۚ","assameseTranslation":"তাত তেওঁলোকে সুসজ্জিত আসনত আউজি বহি থাকিব, তেওঁলোকে তাত প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।","footnotes":"","tafseer":"তেওঁলোকে তাত সুসজ্জিত আসনসমূহত আউজি বহি থাকিব। তেওঁলোকে তাত প্ৰচণ্ড কষ্টদায়ক ৰ'দো দেখা নাপাব আৰু অত্যাধিক শীতো দেখা নাপাব। বৰং তেওঁলোকে চিৰস্থায়ী ছাঁৰ তলত থাকিব, যাৰ ভিতৰত গৰমো নাথাকিব ঠাণ্ডাও নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076013.mp3"},{"index":"14","arabicText":"وَدَانِیَةً عَلَیْهِمْ ظِلٰلُهَا وَذُلِّلَتْ قُطُوْفُهَا تَذْلِیْلًا ۟","assameseTranslation":"তেওঁলোকৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ, লগতে ইয়াৰ ফলমূলৰ থোকবোৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ আয়ত্তাধীন কৰা হ’ব।","footnotes":"","tafseer":"ইয়াৰ ছাঁবোৰ তেওঁলোকৰ প্ৰতি সন্নিহিত থাকিব আৰু তাৰ ফল ভক্ষণকাৰীৰ অধীনত থাকিব, যিটো অতি সহজে গ্ৰহণ কৰিব পাৰিব। মানুহে সেয়া শুই থাকি বহি থাকি থিয় হৈ আহৰণ কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076014.mp3"},{"index":"15","arabicText":"وَیُطَافُ عَلَیْهِمْ بِاٰنِیَةٍ مِّنْ فِضَّةٍ وَّاَكْوَابٍ كَانَتْ قَوَارِیْرَاۡؔ ۟ۙ","assameseTranslation":"আৰু তেওঁলোকক ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত-","footnotes":"","tafseer":"আৰু যেতিয়াই তেওঁলোকে কিবা সেৱন কৰিবলৈ ইচ্ছা কৰিব, তেতিয়াই তেওঁলোকৰ সেৱকসকলে ৰূপৰ বাচন আৰু স্বচ্ছ তথা পৰিষ্কাৰ পানপাত্ৰ লৈ তেওঁলোকৰ কাষলৈ ঘূৰি ঘূৰি পৰিবেশন কৰি থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076015.mp3"},{"index":"16","arabicText":"قَوَارِیْرَاۡؔ مِنْ فِضَّةٍ قَدَّرُوْهَا تَقْدِیْرًا ۟","assameseTranslation":"ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, পৰিবেশনকাৰীসকলে পৰিমিতভাৱে তাক পূৰ্ণ কৰিব।","footnotes":"","tafseer":"এইবোৰ ইমান স্বচ্ছ যে, কাঁচৰ দৰে জিলিকি থাকিব। যিহেতু সেইবোৰ ৰূপৰ হ'ব। তেওঁলোকৰ ইচ্ছা অনুসৰিয়ে পৰিৱেশন কৰা হ’ব। এই ক্ষেত্ৰত কোনো কম বেছি কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076016.mp3"},{"index":"17","arabicText":"وَیُسْقَوْنَ فِیْهَا كَاْسًا كَانَ مِزَاجُهَا زَنْجَبِیْلًا ۟ۚ","assameseTranslation":"আৰু তাত তেওঁলোকক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়,","footnotes":"","tafseer":"আৰু এই সন্মানীয় ব্যক্তিসকলক শুকান আদা মিশ্ৰিত সুৰা সেৱন কৰিবলৈ দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076017.mp3"},{"index":"18","arabicText":"عَیْنًا فِیْهَا تُسَمّٰی سَلْسَبِیْلًا ۟","assameseTranslation":"জান্নাতৰ এনেকুৱা এটা নিজৰাৰ পৰা, যাৰ নাম হ’ব ছালছাবীল।","footnotes":"","tafseer":"তেওঁলোকক জান্নাতৰ ছালছাবীল নামৰ নিজৰাৰ পৰা পান কৰিবলৈ দিয়া হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076018.mp3"},{"index":"19","arabicText":"وَیَطُوْفُ عَلَیْهِمْ وِلْدَانٌ مُّخَلَّدُوْنَ ۚ اِذَا رَاَیْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَّنْثُوْرًا ۟","assameseTranslation":"আৰু তেওঁলোকৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকল; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনেকুৱা লাগিব যেনিবা সিহঁত বিক্ষিপ্ত মুকুতাহে।","footnotes":"","tafseer":"আৰু জান্নাতত তেওঁলোকৰ চাৰিওফালে চিৰ কিশোৰসকল প্ৰদক্ষিণ কৰিব। সিহঁতৰ চেহেৰা সজীৱ থাকিব, সিহঁতৰ ৰং অতি সুন্দৰ হ’ব আৰু সিহঁত সংখ্যাত বহুত হ’ব, চাৰিওফালে বিক্ষিপ্ত হৈ থাকিব। আপুনি যেতিয়া সিহঁতক প্ৰত্যক্ষ কৰিব, তেতিয়া আপোনাৰ এনেকুৱা লাগিব যেনিবা সিহঁত বিক্ষিপ্ত মুকুতাহে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076019.mp3"},{"index":"20","arabicText":"وَاِذَا رَاَیْتَ ثَمَّ رَاَیْتَ نَعِیْمًا وَّمُلْكًا كَبِیْرًا ۟","assameseTranslation":"আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিশাল সাম্ৰাজ্য।","footnotes":"","tafseer":"আৰু যেতিয়া আপুনি জান্নাতত ইফালে-সিফালে দৃষ্টিপাত কৰিব, তেতিয়া আপুনি এনেকুৱা নিয়ামত দেখিবলৈ পাব, যিবোৰ বৰ্ণনাতীত। আপুনি ইমান বিশাল ৰাজত্ব দেখিবলৈ পাব, যাৰ সৈতে কোনো ৰাজত্বৰ তুলনা নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076020.mp3"},{"index":"21","arabicText":"عٰلِیَهُمْ ثِیَابُ سُنْدُسٍ خُضْرٌ وَّاِسْتَبْرَقٌ ؗ وَّحُلُّوْۤا اَسَاوِرَ مِنْ فِضَّةٍ ۚ وَسَقٰىهُمْ رَبُّهُمْ شَرَابًا طَهُوْرًا ۟","assameseTranslation":"তেওঁলোকৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু তেওঁলোক অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পৱিত্ৰ পানীয় পান কৰাব।","footnotes":"","tafseer":"তেওঁলোকৰ শৰীৰত সেউজীয়া ৰঙৰ ৰেচমী বস্ত্ৰ থাকিব। যিটো সূক্ষ্ম আৰু মোটা ৰেচমেৰে বনোৱা হ’ব। তাত তেওঁলোকক ৰূপৰ গামখাৰু পিন্ধিবলৈ দিয়া হ’ব। লগতে আল্লাহে তেওঁলোকক সকলো অপ্ৰিয় বস্তুৰ পৰা পৱিত্ৰ পানীয় পান কৰাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076021.mp3"},{"index":"22","arabicText":"اِنَّ هٰذَا كَانَ لَكُمْ جَزَآءً وَّكَانَ سَعْیُكُمْ مَّشْكُوْرًا ۟۠","assameseTranslation":"(তেওঁলোকক কোৱা হ’ব) নিশ্চয় এইটোৱে হৈছে তোমালোকৰ পুৰস্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।","footnotes":"","tafseer":"আৰু তেওঁলোকক সন্মান স্বৰূপে কোৱা হ’বঃ নিশ্চয় এই নিয়ামতসমূহ যিবোৰ তোমালোকক দিয়া হৈছে, তোমালোকৰ সত্কৰ্মৰ প্ৰতিফল স্বৰূপে দিয়া হৈছে। প্ৰকৃততে তোমালোকৰ কৰ্মসমূহ আল্লাহৰ ওচৰত গৃহীত হৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076022.mp3"},{"index":"23","arabicText":"اِنَّا نَحْنُ نَزَّلْنَا عَلَیْكَ الْقُرْاٰنَ تَنْزِیْلًا ۟ۚ","assameseTranslation":"নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছোঁ।","footnotes":"","tafseer":"হে ৰাছুল, নিশ্চয় আমি এই কোৰআন আপোনাৰ প্ৰতি অলপ অলপকৈ পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছোঁ। সেয়া আপোনাৰ প্ৰতি এবাৰতে অৱতীৰ্ণ কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076023.mp3"},{"index":"24","arabicText":"فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ اٰثِمًا اَوْ كَفُوْرًا ۟ۚ","assameseTranslation":"এতেকে তুমি ধৈৰ্য্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।","footnotes":"","tafseer":"আপুনি আল্লাহৰ সিদ্ধান্তৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰক আৰু তেওঁৰ আদেশসমূহ পালন কৰক। কোনো পাপিষ্ঠ ব্যক্তিৰ অনুসৰণ কৰি তাৰ সৈতে পাপ কৰ্মত লিপ্ত নহ'ব, আৰু কোনো কাফিৰৰ কথা শুনি তাৰ কুফুৰীৰ পথত নচলিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076024.mp3"},{"index":"25","arabicText":"وَاذْكُرِ اسْمَ رَبِّكَ بُكْرَةً وَّاَصِیْلًا ۟ۖۚ","assameseTranslation":"আৰু পুৱা-গধূলি তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।","footnotes":"","tafseer":"আৰু আপোনাৰ প্ৰতিপালকক দিনৰ প্ৰথম ভাগত ফজৰৰ ছালাতৰ জৰিয়তে আৰু অন্তিম ভাগত জোহৰ আৰু আচৰৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076025.mp3"},{"index":"26","arabicText":"وَمِنَ الَّیْلِ فَاسْجُدْ لَهٗ وَسَبِّحْهُ لَیْلًا طَوِیْلًا ۟","assameseTranslation":"আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত হোৱা, লগতে ৰাতিত দীৰ্ঘ সময়লৈকে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা তথা তাছবীহ পাঠ কৰা।","footnotes":"","tafseer":"আৰু তেওঁক মাগৰিব তথা ইশ্বাৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক আৰু ইয়াৰ পিছত ৰাতিত দীৰ্ঘ সময় তাহাজ্জুদ আদায় কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076026.mp3"},{"index":"27","arabicText":"اِنَّ هٰۤؤُلَآءِ یُحِبُّوْنَ الْعَاجِلَةَ وَیَذَرُوْنَ وَرَآءَهُمْ یَوْمًا ثَقِیْلًا ۟","assameseTranslation":"নিশ্চয় সিহঁতে পৃথিৱীৰ জীৱনক ভালপায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিৱসটোক উপেক্ষা কৰে।","footnotes":"","tafseer":"এই মুশ্বৰিকবিলাকে পাৰ্থিৱ জীৱনক ভাল পায় আৰু ক্বিয়ামত দিৱসক উপেক্ষা কৰে। অথচ সেই দিৱসটো হৈছে এক কঠোৰ দিৱস। কিয়নো তাত আছে অত্যন্ত কঠিন পৰিস্থিতি আৰু মহা পৰীক্ষা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076027.mp3"},{"index":"28","arabicText":"نَحْنُ خَلَقْنٰهُمْ وَشَدَدْنَاۤ اَسْرَهُمْ ۚ وَاِذَا شِئْنَا بَدَّلْنَاۤ اَمْثَالَهُمْ تَبْدِیْلًا ۟","assameseTranslation":"আমিয়েই সিহঁতক সৃষ্টি কৰিছোঁ আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছোঁ। আমি যেতিয়াই ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰেই (বেলেগ কোনো জাতিক) আনি পৰিবৰ্তন কৰি দিম।","footnotes":"","tafseer":"আমিয়েই সিহঁতক সৃষ্টি কৰিছোঁ আৰু সিহঁতৰ গাঁঠিসমূহ তথা অংগসমূহ আমিয়েই সুদৃঢ় কৰিছোঁ। এতেকে আমি যদি সিহঁতক ধ্বংস কৰি বেলেগ কোনো জাতিক স্থলাভিষিক্ত কৰিবলৈ ইচ্ছা কৰোঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ ঠাইত বেলেগক আনিবলৈ সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076028.mp3"},{"index":"29","arabicText":"اِنَّ هٰذِهٖ تَذْكِرَةٌ ۚ فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ سَبِیْلًا ۟","assameseTranslation":"নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে উভতি অহাৰ পথ বাচি লয়।","footnotes":"","tafseer":"নিশ্চয় এই ছুৰাটো হৈছে এটা শিক্ষামূলক আৰু উপদেশমূলক ছুৰা। এতেকে যিয়ে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব বিচাৰে সি ধৰি লোৱা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076029.mp3"},{"index":"30","arabicText":"وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟ۗۖ","assameseTranslation":"আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"শুনা! যদি আল্লাহে নিবিচাৰে তেন্তে তোমোলোকে আল্লাহৰ সন্তুষ্টিৰ পথ ধৰিব বিচাৰিলেও সেইটো ধৰিব নোৱাৰিবা। কিয়নো সকলো বিষয় হৈছে আল্লাহৰ হাতত। আল্লাহে জানে যে, কোনটো বস্তু তেওঁৰ বান্দাৰ কাৰণে কল্যাণকৰ আৰু কোনটো অকল্যাণকৰ। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, বিচাৰ-ফয়চালা কৰাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহা প্ৰজ্ঞাময়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076030.mp3"},{"index":"31","arabicText":"یُّدْخِلُ مَنْ یَّشَآءُ فِیْ رَحْمَتِهٖ ؕ وَالظّٰلِمِیْنَ اَعَدَّ لَهُمْ عَذَابًا اَلِیْمًا ۟۠","assameseTranslation":"তেওঁ যাক ইচ্ছা কৰে তাকেই তেওঁৰ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।","footnotes":"","tafseer":"তেওঁ যিজন বান্দাক ইচ্ছা কৰে নিজৰ ৰহমতত প্ৰৱেশ কৰায়, তথা তাক ঈমান আৰু সত্কৰ্মৰ সামৰ্থ দিয়ে। যালিমসকলৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অৰ্থাৎ জাহান্নাম প্ৰস্তুত কৰি ৰাখিছে, যিসকলে কুফুৰী কৰ্মৰ জৰিয়তে তথা পাপ কৰ্মৰ জৰিয়তে নিজৰ প্ৰতি অত্যাচাৰ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/076031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/076031.mp3"}]