[{"index":"1","arabicText":"وَالنّٰزِعٰتِ غَرْقًا ۟ۙ","assameseTranslation":"শপত নিৰ্মমভাৱে উৎপটনকাৰীসকলৰ।","footnotes":"","tafseer":"মহান আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে অত্যন্ত কঠোৰতাৰ সৈতে আৰু নিৰ্দয়ভাৱে কাফিৰসকলৰ প্ৰাণ হৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079001.mp3"},{"index":"2","arabicText":"وَّالنّٰشِطٰتِ نَشْطًا ۟ۙ","assameseTranslation":"শপত মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।","footnotes":"","tafseer":"আৰু মহান আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে সহজে আৰু সৰলতাৰ সৈতে মুমিনসকলৰ প্ৰাণ হৰণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079002.mp3"},{"index":"3","arabicText":"وَّالسّٰبِحٰتِ سَبْحًا ۟ۙ","assameseTranslation":"শপত তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।","footnotes":"","tafseer":"লগতে মহান আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে আল্লাহৰ আদেশ অনুযায়ী আকাশৰ পৰা পৃথিৱী লৈ উৰি ফুৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079003.mp3"},{"index":"4","arabicText":"فَالسّٰبِقٰتِ سَبْقًا ۟ۙ","assameseTranslation":"আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।","footnotes":"","tafseer":"এইদৰে মহান আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে তেওঁৰ আদেশ পালনত প্ৰতিযোগিতা কৰি আগুৱাই যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079004.mp3"},{"index":"5","arabicText":"فَالْمُدَبِّرٰتِ اَمْرًا ۟ۘ","assameseTranslation":"তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।","footnotes":"","tafseer":"লগতে মহান আল্লাহে সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ ফয়চালা বলৱৎ কৰে, যেনে- সেইসকল ফিৰিস্তা যিসকলে বান্দাৰ আমল লিপিবদ্ধ কৰাত নিয়োজিত। মহান আল্লাহে এই সকলো ফিৰিস্তাৰ শপত খাই কৈছে যে, তেওঁ মানুহক হিচাপ-নিকাচ আৰু উচিত প্ৰতিদান দিবলৈ নিশ্চিতভাৱে পুনৰুত্থিত কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079005.mp3"},{"index":"6","arabicText":"یَوْمَ تَرْجُفُ الرَّاجِفَةُ ۟ۙ","assameseTranslation":"সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।","footnotes":"","tafseer":"যিদিনাখন শিঙাত প্ৰথমবাৰ ফুঁ দিয়া হ’ব, আৰু পৃথিৱী কঁপি উঠিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079006.mp3"},{"index":"7","arabicText":"تَتْبَعُهَا الرَّادِفَةُ ۟ؕ","assameseTranslation":"তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰীয়ে।","footnotes":"","tafseer":"ইয়াৰ পাছত আকৌ দ্বিতীয় ফুঁ দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079007.mp3"},{"index":"8","arabicText":"قُلُوْبٌ یَّوْمَىِٕذٍ وَّاجِفَةٌ ۟ۙ","assameseTranslation":"সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।","footnotes":"","tafseer":"সেইদিনা কাফিৰ আৰু ফাছিক্বসকলৰ অন্তৰ ভীতিগ্ৰস্থ হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079008.mp3"},{"index":"9","arabicText":"اَبْصَارُهَا خَاشِعَةٌ ۟ۘ","assameseTranslation":"সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।","footnotes":"","tafseer":"সিহঁতৰ চকুত অপমানৰ চিন চাপ দেখা পোৱা যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079009.mp3"},{"index":"10","arabicText":"یَقُوْلُوْنَ ءَاِنَّا لَمَرْدُوْدُوْنَ فِی الْحَافِرَةِ ۟ؕ","assameseTranslation":"সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থালৈ উভতি যামনে?","footnotes":"","tafseer":"সিহঁতে কৈছিল – মৃত্যুৰ পাছতো আমি পুনৰ জীৱিত হম নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079010.mp3"},{"index":"11","arabicText":"ءَاِذَا كُنَّا عِظَامًا نَّخِرَةً ۟ؕ","assameseTranslation":"যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?","footnotes":"","tafseer":"যেতিয়া আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰ পাছতো আমাক পুনৰ্জীৱিত কৰা হ’ব নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079011.mp3"},{"index":"12","arabicText":"قَالُوْا تِلْكَ اِذًا كَرَّةٌ خَاسِرَةٌ ۟ۘ","assameseTranslation":"সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।","footnotes":"","tafseer":"সিহঁতে কয়ঃ যদি আমি ওভতিব লাগে তেন্তে এয়া হ’ব ক্ষতিকৰ প্ৰত্যাৱৰ্তন, যিটোত সদায় ওভোতা ব্যক্তি ক্ষতিগ্ৰস্ত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079012.mp3"},{"index":"13","arabicText":"فَاِنَّمَا هِیَ زَجْرَةٌ وَّاحِدَةٌ ۟ۙ","assameseTranslation":"প্ৰকৃততে এইটো এটা মহাগৰ্জন মাত্ৰ।","footnotes":"","tafseer":"পুনৰুত্থিত কৰা বিষয়টো (মহান আল্লাহৰ বাবে) অতি সহজ। কাৰণ ইয়াৰ বাবে প্ৰয়োজন কেৱল শিঙাত ফুঁ দিয়াৰ বাবে নিযুক্ত ফিৰিস্তাৰ এটা ফুঁ মাত্ৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079013.mp3"},{"index":"14","arabicText":"فَاِذَا هُمْ بِالسَّاهِرَةِ ۟ؕ","assameseTranslation":"তৎক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।","footnotes":"","tafseer":"তেতিয়া হঠাৎ সকলো লোকে জীৱিত হৈ পৃথিৱীৰ পৃষ্ঠত উঠি আহিব, যদিও সিহঁত পৃথিৱীৰ বুকুত বিলীন হৈ আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079014.mp3"},{"index":"15","arabicText":"هَلْ اَتٰىكَ حَدِیْثُ مُوْسٰی ۟ۘ","assameseTranslation":"মূছাৰ ঘটনা সম্পৰ্কে তুমি অৱগত হৈছানে?","footnotes":"","tafseer":"(হে ৰাছুল) আপোনাৰ ওচৰলৈ মুছাৰ সৈতে হোৱা ঘটনাটো আহি পাইছেনে, যিটো তেওঁৰ প্ৰতিপালক আৰু তেওঁৰ শত্ৰু ফিৰআউনৰ সৈতে হৈছিল?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079015.mp3"},{"index":"16","arabicText":"اِذْ نَادٰىهُ رَبُّهٗ بِالْوَادِ الْمُقَدَّسِ طُوًی ۟ۚ","assameseTranslation":"যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,","footnotes":"","tafseer":"যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক তুৱা উপত্যকাত মাতিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079016.mp3"},{"index":"17","arabicText":"اِذْهَبْ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ۟ؗۖ","assameseTranslation":"‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালংঘন কৰিছে,","footnotes":"","tafseer":"মহান আল্লাহে তেওঁক যি কৈছিল তাৰ ভিতৰত এয়াও আছিল যে- ফিৰআউনৰ ওচৰলৈ যোৱা। সি অত্যাচাৰ আৰু অহংকাৰৰ চৰম সীমা অতিক্ৰম কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079017.mp3"},{"index":"18","arabicText":"فَقُلْ هَلْ لَّكَ اِلٰۤی اَنْ تَزَكّٰی ۟ۙ","assameseTranslation":"এতেকে তাক গৈ কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰানে?","footnotes":"","tafseer":"আৰু তাক কোৱাগৈ যে, (হে ফিৰআউন) তুমি কুফুৰী আৰু পাপকৰ্মৰ পৰা পৱিত্ৰ হ’বলৈ নিবিচৰা নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079018.mp3"},{"index":"19","arabicText":"وَاَهْدِیَكَ اِلٰی رَبِّكَ فَتَخْشٰی ۟ۚ","assameseTranslation":"আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰোঁ, যাতে তুমি তেওঁক ভয় কৰা’।","footnotes":"","tafseer":"তেন্তে শুনা! মই তোমাক তোমাৰ প্ৰতিপালকৰ পথ দেখুৱাম, যিয়ে তোমাক সৃষ্টি কৰিছে আৰু তোমাক যাৱতীয় বস্তুৰ যোগান ধৰিছে, যাতে তুমি তেওঁক ভয় কৰা, আৰু এনেকুৱা কাম কৰা, যাৰ দ্বাৰা তেওঁ সন্তুষ্ট হয়। এতেকে তুমি তেওঁক অসন্তুষ্ট কৰিব পৰা কামৰ পৰা বিৰত থাকিবানে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079019.mp3"},{"index":"20","arabicText":"فَاَرٰىهُ الْاٰیَةَ الْكُبْرٰی ۟ؗۖ","assameseTranslation":"তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।","footnotes":"","tafseer":"তাৰ পাছত মুছা আলাইহিচ্ছালামে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা লাভ কৰা ৰাছুল হোৱাৰ ডাঙৰ নিদৰ্শনবোৰ দেখুৱালে। এই নিদৰ্শনবোৰ আছিল উজ্জ্বল হাত আৰু লাঠিৰ নিদৰ্শন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079020.mp3"},{"index":"21","arabicText":"فَكَذَّبَ وَعَصٰی ۟ؗۖ","assameseTranslation":"কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।","footnotes":"","tafseer":"তেতিয়া ফিৰআউনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ এই নিদৰ্শনাৱলীসমূহক অস্বীকাৰ কৰিছিল আৰু মুছা আলাইহিচ্ছালামৰ নিৰ্দেশনাক অৱমাননা কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079021.mp3"},{"index":"22","arabicText":"ثُمَّ اَدْبَرَ یَسْعٰی ۟ؗۖ","assameseTranslation":"তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।","footnotes":"","tafseer":"তাৰ পাছত সত্যৰ বিৰোধিতা কৰি তথা আল্লাহৰ অবাধ্যতাত আগুৱাই গৈ মুছা আলাইহিচ্ছালামে লৈ অহা বাৰ্তাৰ প্ৰতি ঈমান পোষণৰ পৰা মুখ ঘূৰাই লৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079022.mp3"},{"index":"23","arabicText":"فَحَشَرَ فَنَادٰی ۟ؗۖ","assameseTranslation":"তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,","footnotes":"","tafseer":"ইয়াৰ পাছত সি তাৰ সম্প্ৰদায়ক আৰু তাৰ অনুসাৰীসকলক একত্ৰিত কৰিছিল, যাতে মুছা আলাইহিচ্ছালামক পৰাজিত কৰিব পাৰে, আৰু এই বুলি ঘোষণা দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079023.mp3"},{"index":"24","arabicText":"فَقَالَ اَنَا رَبُّكُمُ الْاَعْلٰی ۟ؗۖ","assameseTranslation":"আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।","footnotes":"","tafseer":"ময়ে হৈছোঁ তোমালোকৰ পৰম প্ৰতিপালক। গতিকে মোৰ বাহিৰে তোমালোকে কাৰো অনুসৰণ কৰিব নোৱাৰিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079024.mp3"},{"index":"25","arabicText":"فَاَخَذَهُ اللّٰهُ نَكَالَ الْاٰخِرَةِ وَالْاُوْلٰی ۟ؕ","assameseTranslation":"অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।","footnotes":"","tafseer":"অৱশেষত মহান আল্লাহে তাক কৰায়ত্ত কৰিলে আৰু তাক সাগৰত ডুবাই পৃথিৱীত শাস্তি বিহিলে আৰু পৰকালত তাক কঠোৰ শাস্তি দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079025.mp3"},{"index":"26","arabicText":"اِنَّ فِیْ ذٰلِكَ لَعِبْرَةً لِّمَنْ یَّخْشٰی ۟ؕ۠","assameseTranslation":"নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।","footnotes":"","tafseer":"আমি ফিৰআউনক যি শাস্তি দিছোঁ তাৰ পৰা সেইসকল লোকে শিক্ষা গ্ৰহণ কৰে যিসকলে আল্লাহক ভয় কৰে। কিয়নো তেওঁলোকেই উপদেশৰ দ্বাৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079026.mp3"},{"index":"27","arabicText":"ءَاَنْتُمْ اَشَدُّ خَلْقًا اَمِ السَّمَآءُ ؕ بَنٰىهَا ۟ۙ","assameseTranslation":"তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।","footnotes":"","tafseer":"হে পুনৰুত্থানক অস্বীকাৰকাৰীসকল! মহান আল্লাহৰ পক্ষে তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশক সৃষ্টি কৰাটো বেছি কঠিন, যিখনক তেৱেঁই সৃষ্টি কৰিছে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079027.mp3"},{"index":"28","arabicText":"رَفَعَ سَمْكَهَا فَسَوّٰىهَا ۟ۙ","assameseTranslation":"তেৱেঁই ইয়াৰ চালিখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।","footnotes":"","tafseer":"ইয়াক সুউচ্চ বনাইছে আৰু তাক এনেকৈ সুবিন্যস্ত কৰিছে যে, তাত কোনো ছিদ্ৰ, ফাট, ত্ৰুটি বা খুঁত নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079028.mp3"},{"index":"29","arabicText":"وَاَغْطَشَ لَیْلَهَا وَاَخْرَجَ ضُحٰىهَا ۪۟","assameseTranslation":"আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।","footnotes":"","tafseer":"আৰু যেতিয়া সূৰ্য্য মাৰ যায় তেতিয়া তেৱেঁই ৰাতিক অন্ধকাৰ বনায়, আৰু সূৰ্য্য উদয় হ’লে তেৱেঁই পোহৰ প্ৰকট কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079029.mp3"},{"index":"30","arabicText":"وَالْاَرْضَ بَعْدَ ذٰلِكَ دَحٰىهَا ۟ؕ","assameseTranslation":"তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত (বাসোপযোগী) কৰিছে।","footnotes":"","tafseer":"আকাশক সৃষ্টিৰ পিছত তেৱেঁই পৃথিৱীখনক প্ৰসাৰিত কৰিছে, আৰু ইয়াৰ ভিতৰত সুপ্ত কৰি ৰাখিছে ইয়াৰ উপকাৰসমূহ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079030.mp3"},{"index":"31","arabicText":"اَخْرَجَ مِنْهَا مَآءَهَا وَمَرْعٰىهَا ۪۟","assameseTranslation":"তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,","footnotes":"","tafseer":"আৰু তাৰ পৰা স্ৰোত ৰূপে বৈ যোৱা পানী উলিয়াইছে, আৰু এনেকুৱা ঘাঁহ উলিয়াইছে যিবোৰ জীৱ-জন্তুৱে খাব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079031.mp3"},{"index":"32","arabicText":"وَالْجِبَالَ اَرْسٰىهَا ۟ۙ","assameseTranslation":"আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,","footnotes":"","tafseer":"তেৱেঁই পৰ্বতবোৰক পৃথিৱীৰ ওপৰত মজবুতভাৱে স্থিৰ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079032.mp3"},{"index":"33","arabicText":"مَتَاعًا لَّكُمْ وَلِاَنْعَامِكُمْ ۟ؕ","assameseTranslation":"এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।","footnotes":"","tafseer":"হে মানৱজাতি! এই সকলোবোৰ হৈছে তোমালোকৰ বাবে আৰু তোমালোকৰ জীৱ-জন্তুৰ বাবে জীৱনোপকৰণ। এতেকে সেই সত্তা যিজনে এই সকলোবোৰ বস্তু সৃষ্টি কৰিছে, তেওঁ তোমালোকক পুনৰ সৃষ্টি কৰিবলৈ কেতিয়াও অক্ষম নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079033.mp3"},{"index":"34","arabicText":"فَاِذَا جَآءَتِ الطَّآمَّةُ الْكُبْرٰی ۟ؗۖ","assameseTranslation":"আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,","footnotes":"","tafseer":"যেতিয়া দ্বিতীয়বাৰ শিঙাত ফুঁ দিয়া হ’ব, যাৰ আগ্ৰাসনে সকলো বস্তুকে পৰিবেষ্টন কৰিব আৰু ক্বিয়ামত সংঘটিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079034.mp3"},{"index":"35","arabicText":"یَوْمَ یَتَذَكَّرُ الْاِنْسَانُ مَا سَعٰی ۟ۙ","assameseTranslation":"সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,","footnotes":"","tafseer":"যিদিনাখন ক্বিয়ামত সংঘটিত হ’ব, সেইদিনা মানুহে নিজৰ নিজৰ কৰ্মবোৰ মনত পেলাব, ভাল কৰ্মই হওক বা বেয়া।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079035.mp3"},{"index":"36","arabicText":"وَبُرِّزَتِ الْجَحِیْمُ لِمَنْ یَّرٰی ۟","assameseTranslation":"আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব।","footnotes":"","tafseer":"সেইদিনা জাহান্নামক আনা হ’ব আৰু তাক দৰ্শনকাৰীৰ চকুৰ আগত ৰখা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079036.mp3"},{"index":"37","arabicText":"فَاَمَّا مَنْ طَغٰی ۟ۙ","assameseTranslation":"এতেকে যিয়ে সীমালংঘন কৰে,","footnotes":"","tafseer":"এতেকে যিসকলে পথভ্ৰষ্টতাৰ সীমা অতিক্ৰম কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079037.mp3"},{"index":"38","arabicText":"وَاٰثَرَ الْحَیٰوةَ الدُّنْیَا ۟ۙ","assameseTranslation":"আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,","footnotes":"","tafseer":"আৰু পৃথিৱীৰ ক্ষণস্থায়ী জীৱনক পৰকালৰ চিৰস্থায়ী জীৱনৰ ওপৰত অগ্ৰাধিকাৰ দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079038.mp3"},{"index":"39","arabicText":"فَاِنَّ الْجَحِیْمَ هِیَ الْمَاْوٰی ۟ؕ","assameseTranslation":"নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।","footnotes":"","tafseer":"জাহান্নামেই হ’ব সিহঁতৰ শেষ ঠিকনা, য’ত সিহঁতে অৱস্থান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079039.mp3"},{"index":"40","arabicText":"وَاَمَّا مَنْ خَافَ مَقَامَ رَبِّهٖ وَنَهَی النَّفْسَ عَنِ الْهَوٰی ۟ۙ","assameseTranslation":"আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,","footnotes":"","tafseer":"আৰু যিয়ে নিজ প্ৰতিপালকৰ আগত থিয় হ’বলৈ ভয় কৰে আৰু মহান আল্লাহে হাৰাম কৰা মন পছন্দ বস্তুৰ পৰা নিজকে বিৰত ৰাখে। তেওঁলোকৰ ঠিকনা হ’ব জান্নাত, য’ত তেওঁলোকে বসবাস কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079040.mp3"},{"index":"41","arabicText":"فَاِنَّ الْجَنَّةَ هِیَ الْمَاْوٰی ۟ؕ","assameseTranslation":"নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।","footnotes":"","tafseer":"আৰু যিয়ে নিজ প্ৰতিপালকৰ আগত থিয় হ’বলৈ ভয় কৰে আৰু মহান আল্লাহে হাৰাম কৰা মন পছন্দ বস্তুৰ পৰা নিজকে বিৰত ৰাখে। তেওঁলোকৰ ঠিকনা হ’ব জান্নাত, য’ত তেওঁলোকে বসবাস কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079041.mp3"},{"index":"42","arabicText":"یَسْـَٔلُوْنَكَ عَنِ السَّاعَةِ اَیَّانَ مُرْسٰىهَا ۟ؕ","assameseTranslation":"সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?","footnotes":"","tafseer":"হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰকাৰী সকলে আপোনাক সোধে যে, ক্বিয়ামত কেতিয়া হ’ব?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079042.mp3"},{"index":"43","arabicText":"فِیْمَ اَنْتَ مِنْ ذِكْرٰىهَا ۟ؕ","assameseTranslation":"সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?","footnotes":"","tafseer":"এই বিষয়ে সিহঁতক ক’ব পৰা আপোনাৰ জ্ঞান নাই। এইটো আপোনাৰ দায়িত্বও নহয়। আপোনাৰ কৰ্তব্য হৈছে কেৱল ইয়াৰ বাবে প্ৰস্তুতি লোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079043.mp3"},{"index":"44","arabicText":"اِلٰی رَبِّكَ مُنْتَهٰىهَا ۟ؕ","assameseTranslation":"ইয়াৰ প্ৰকৃত জ্ঞান আছে (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰতহে;","footnotes":"","tafseer":"ক্বিয়ামতৰ জ্ঞান কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰতহে আছে, তেওঁৰ বাহিৰে আন কাৰো ওচৰতে নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079044.mp3"},{"index":"45","arabicText":"اِنَّمَاۤ اَنْتَ مُنْذِرُ مَنْ یَّخْشٰىهَا ۟ؕ","assameseTranslation":"যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।","footnotes":"","tafseer":"আপুনি কেৱল সেইসকল ব্যক্তিৰ বাবে সতৰ্ককাৰী, যিসকলে ক্বিয়ামতক ভয় কৰে, কিয়নো কেৱল তেওঁলোকেই আপোনাৰ সাৱধান বাণীৰ পৰা উপকৃত হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079045.mp3"},{"index":"46","arabicText":"كَاَنَّهُمْ یَوْمَ یَرَوْنَهَا لَمْ یَلْبَثُوْۤا اِلَّا عَشِیَّةً اَوْ ضُحٰىهَا ۟۠","assameseTranslation":"যিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব, সেইদিনা সিহঁতৰ এইটো ধাৰণা হ’ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।","footnotes":"","tafseer":"যিদিনাখন সিহঁতে ক্বিয়ামতক নিজ চকুৰে দেখা পাব, সিদিনা সিহঁতে এনেকুৱা অনুভৱ কৰিব, যেনিবা সিহঁতে পৃথিৱীত এটা সন্ধিয়া অথবা এটা প্ৰভাতহে কটাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/079046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/079046.mp3"}]