[{"index":"1","arabicText":"یَسْـَٔلُوْنَكَ عَنِ الْاَنْفَالِ ؕ قُلِ الْاَنْفَالُ لِلّٰهِ وَالرَّسُوْلِ ۚ فَاتَّقُوا اللّٰهَ وَاَصْلِحُوْا ذَاتَ بَیْنِكُمْ ۪ وَاَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗۤ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟","assameseTranslation":"মানুহে তোমাক আনফাল (যুদ্ধলব্ধ সম্পদ) সম্পৰ্কে প্ৰশ্ন কৰে; কোৱা, ‘যুদ্ধলব্ধ সম্পদ আল্লাহ আৰু ৰাছুলৰ বাবে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদ্ভাৱ স্থাপন কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, যদি তোমালোকে মুমিন হোৱা’।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ সঙ্গীসকলে আপোনাক সোধে যে, যুদ্ধলব্ধ সম্পদ কেনেকৈ বন্টন কৰা হ'ব? আৰু কোনসকল লোকৰ মাজত বন্টন কৰা হ'ব? হে ৰাছুল! আপুনি তেওঁলোকক উত্তৰ প্ৰদান কৰি কওক, যুদ্ধলব্ধ সম্পদ হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে। সেইবোৰ ব্যয় কৰা আৰু বন্টন কৰাৰ দায়িত্ব হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ। তোমালোকৰ কাম হৈছে মানি লোৱা আৰু আদেশ পালন কৰা। এতেকে হে মুমিনসকল! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে নিজৰ মাজৰ পাৰস্পৰিক সম্পৰ্কক বিনষ্ট নকৰি প্ৰেম, ভাতৃত্ববোধ, উত্তম ব্যৱহাৰ আৰু মাৰ্জনাৰ জৰিয়তে সংশোধন কৰা আৰু দৃঢ় তথা মজবুত কৰাৰ চেষ্টা কৰা। যদি তোমালোকে প্ৰকৃত মুমিন হোৱা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। কিয়নো ঈমানে আনুগত্য কৰাত আৰু গুনাহৰ পৰা বিৰত থকাৰ প্ৰতি উৎসাহিত কৰে। জনা উচিত যে, উক্ত বিষয় সম্পৰ্কে প্ৰশ্নবোৰ বদৰৰ যুদ্ধৰ পিছত উত্থাপন হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008001.mp3"},{"index":"2","arabicText":"اِنَّمَا الْمُؤْمِنُوْنَ الَّذِیْنَ اِذَا ذُكِرَ اللّٰهُ وَجِلَتْ قُلُوْبُهُمْ وَاِذَا تُلِیَتْ عَلَیْهِمْ اٰیٰتُهٗ زَادَتْهُمْ اِیْمَانًا وَّعَلٰی رَبِّهِمْ یَتَوَكَّلُوْنَ ۟ۚۖ","assameseTranslation":"প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰাৰ সময়ত কম্পিত হয় আৰু যেতিয়া তেওঁলোকৰ সন্মুখত তেওঁৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া ই তেওঁলোকৰ ঈমান বৃদ্ধি কৰে, লগতে তেওঁলোকে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।","footnotes":"","tafseer":"দৰাচলতে প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ বৰ্ণনা শুনিলে তেওঁলোকৰ অন্তৰ কঁপি উঠে। তেওঁলোকৰ অন্তৰ আৰু শৰীৰ আনুগত্যৰ পিনে আকৰ্ষিত হয়। যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে সেই বিষয়ে চিন্তা চৰ্চা কৰে, লগতে তেওঁলোকৰ ঈমান বৃদ্ধি হয়। তেওঁলোকে কল্যাণ অৰ্জন কৰিবলৈ আৰু অকল্যাণ দূৰ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008002.mp3"},{"index":"3","arabicText":"الَّذِیْنَ یُقِیْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟ؕ","assameseTranslation":"যিসকলে ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে;","footnotes":"","tafseer":"যিসকলে পৰিপূৰ্ণৰূপে যথাসময়ত ছালাত আদায় কৰে, আৰু আমি প্ৰদান কৰা ধনৰ পৰা সেইসমূহ শিতানত ব্যয় কৰে, য’ত ব্যয় কৰা ওৱাজীব অথবা মুস্তাহাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008003.mp3"},{"index":"4","arabicText":"اُولٰٓىِٕكَ هُمُ الْمُؤْمِنُوْنَ حَقًّا ؕ لَهُمْ دَرَجٰتٌ عِنْدَ رَبِّهِمْ وَمَغْفِرَةٌ وَّرِزْقٌ كَرِیْمٌ ۟ۚ","assameseTranslation":"তেওঁলোকেই হৈছে প্ৰকৃত মুমিন। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদা, ক্ষমা আৰু সন্মানজনক জীৱিকা।","footnotes":"","tafseer":"এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই হৈছে প্ৰকৃত মুমিন। কিয়নো তেওঁলোকৰ মাজত ঈমান আৰু ইছলামৰ বাহ্যিক বৈশিষ্ট্যসমূহ মজুত আছে। প্ৰতিদানস্বৰূপে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত ওখ ওখ অট্টালিকা লাভ কৰিব। গুনাহৰ পৰা ক্ষমা লাভ কৰিব আৰু উত্তম জীৱিকা লাভ কৰিব। এইবোৰ হৈছে সেইসমূহ নিয়ামত যিবোৰ আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি থৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008004.mp3"},{"index":"5","arabicText":"كَمَاۤ اَخْرَجَكَ رَبُّكَ مِنْ بَیْتِكَ بِالْحَقِّ ۪ وَاِنَّ فَرِیْقًا مِّنَ الْمُؤْمِنِیْنَ لَكٰرِهُوْنَ ۟ۙ","assameseTranslation":"এইটো এনেকুৱা, যেনেকৈ তোমাৰ প্ৰতিপালকে ন্যায়ভাৱে তোমাক ঘৰৰ পৰা উলিয়াই আনিছিল অথচ মুমিনসকলৰ এটা দলে সেয়া অপছন্দ কৰিছিল।","footnotes":"","tafseer":"যিদৰে আল্লাহে যুদ্ধলব্ধ সম্পদ সম্পৰ্কে তোমালোকৰ মতভেদ হোৱাৰ পিছত তোমালোকৰ পৰা সেই সম্পদ বন্টন কৰাৰ অধিকাৰ নিজৰ হাতত লৈছে, লগতে সেই অধিকাৰ আল্লাহ আৰু তেওঁৰ ৰাছুলক প্ৰদান কৰিছে। ঠিক সেইদৰে হে ৰাছুল! মদীনাৰ পৰা ওলাই গৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰাৰ বাবে আপোনাৰ প্ৰতিপালকে আপোনাক অহীৰ মাধ্যমত আদেশ প্ৰদান কৰিছে। যদিও মুমিনসকলৰ এটা দলে ইয়াক অপছন্দ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008005.mp3"},{"index":"6","arabicText":"یُجَادِلُوْنَكَ فِی الْحَقِّ بَعْدَ تَبَیَّنَ كَاَنَّمَا یُسَاقُوْنَ اِلَی الْمَوْتِ وَهُمْ یَنْظُرُوْنَ ۟ؕ مَا","assameseTranslation":"সত্য স্পষ্টভাৱে প্ৰকাশিত হোৱাৰ পিছতো সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে। এনে লাগিছিল যেনিবা সিহঁতক মৃত্যুৰ ফালে খেদি লৈ যোৱা হৈছে আৰু সিহঁতে সেইটো দেখি আছে।","footnotes":"","tafseer":"হে ৰাছুল! মুমিনসকলৰ এই দলটোৱে মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰা সম্পৰ্কে আপোনাৰ লগত বাদানুবাদ কৰি আছিল, অথচ তেওঁলোকৰ সন্মুখত এইটো স্পষ্ট হৈ পৰিছিল যে, যুদ্ধ হ'বই। এনেকুৱা ভাব হৈছিল যে, তেওঁলোকক মৃত্যুৰ পিনে খেদি লৈ যোৱা হৈছে আৰু তেওঁলোকে মৃত্যুক স্বচক্ষে প্ৰত্যক্ষ কৰি আছে। কাৰণ তেওঁলোকে যুদ্ধৰ বাবে ওলোৱাটো অন্তকৰণে অপছন্দ কৰিছিল। কিয়নো তেওঁলোক ইয়াৰ বাবে প্ৰস্তুত নাছিল, আৰু কোনো প্ৰস্তুতিও লোৱা নাছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008006.mp3"},{"index":"7","arabicText":"وَاِذْ یَعِدُكُمُ اللّٰهُ اِحْدَی الطَّآىِٕفَتَیْنِ اَنَّهَا لَكُمْ وَتَوَدُّوْنَ اَنَّ غَیْرَ ذَاتِ الشَّوْكَةِ تَكُوْنُ لَكُمْ وَیُرِیْدُ اللّٰهُ اَنْ یُّحِقَّ الْحَقَّ بِكَلِمٰتِهٖ وَیَقْطَعَ دَابِرَ الْكٰفِرِیْنَ ۟ۙ","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, দুই দলৰ যিকোনো এটা দল তোমালোকৰ আয়ত্তাধীন হ'ব, অথচ তোমালোকে বিচাৰিছিলা যে, অস্ত্ৰহীন দলটো তোমালোকৰ আয়ত্তাধীন হওক, কিন্তু আল্লাহে বিচাৰিছিল তেওঁ নিজৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব আৰু কাফিৰসকলক নিৰ্মূল কৰিব।","footnotes":"","tafseer":"হে বাদানুবাদকাৰী মুমিনসকল! সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, মুশ্বৰিকসকলৰ দুটা দলৰ যিকোনো এটা দলৰ ওপৰত তোমালোকে বিজয় লাভ কৰিবা। এটা হ’ব যাত্ৰীদল, তাত থকা সা-সম্পত্তিবোৰ তোমালোকে গনিমতস্বৰূপে লাভ কৰিবা। আনহাতে আনটো হ'ব সংগ্ৰামী দল, যিসকলৰ লগত যুদ্ধ কৰি তোমালোকে বিজয়প্ৰাপ্ত হ'বা। যদিও তোমালোকে বিচাৰিছিলা যাতে যাত্ৰীদলৰ সন্মুখীন হোৱা, কিয়নো সেইটোক সহজতে যুদ্ধ নোহোৱাকৈ নিজৰ নিয়ন্ত্ৰণত ল’ব পৰা যাব। কিন্তু আল্লাহে বিচাৰিছিল তোমালোকক আদেশ দিয়া যুদ্ধৰ বিধানটো বাস্তৱায়িত হওক। লগতে তোমালোকে যাতে মুশ্বৰিকসকলৰ নেতৃবৰ্গক হত্যা কৰিব পাৰা, আৰু সিহঁতৰ মাজৰ বহুতকে বন্দী বনাই লোৱা, যাতে ইছলামৰ শক্তি প্ৰকাশ্যভাৱে প্ৰতিষ্ঠা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008007.mp3"},{"index":"8","arabicText":"لِیُحِقَّ الْحَقَّ وَیُبْطِلَ الْبَاطِلَ وَلَوْ كَرِهَ الْمُجْرِمُوْنَ ۟ۚ","assameseTranslation":"যাতে তেওঁ সত্যক সত্যৰূপে আৰু বাতিলক বাতিলৰূপে প্ৰতিপন্ন কৰিব পাৰে, যদিও অপৰাধীসকলে এইটোক অপছন্দ কৰে।","footnotes":"","tafseer":"যাতে ইছলাম আৰু মুছলিমসকলক বিজয় প্ৰদান কৰি সত্য প্ৰতিষ্ঠা কৰিব পাৰে, লগতে অসত্যক অসত্য প্ৰমাণ কৰি মিছা বুলি সাব্যস্ত কৰিব পাৰে। যদিও মুশ্বৰিকসকলে এয়া অপছন্দ কৰে, কিন্তু আল্লাহে এয়া প্ৰকাশ কৰিবই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008008.mp3"},{"index":"9","arabicText":"اِذْ تَسْتَغِیْثُوْنَ رَبَّكُمْ فَاسْتَجَابَ لَكُمْ اَنِّیْ مُمِدُّكُمْ بِاَلْفٍ مِّنَ الْمَلٰٓىِٕكَةِ مُرْدِفِیْنَ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সহাঁৰি দিছিল যে, ‘নিশ্চয় আমি তোমালোকক সহায় কৰিম এহেজাৰ ফিৰিস্তাৰ দ্বাৰা, যিসকলে দলে দলে এটাৰ পিছত এটাকৈ আহিব’।","footnotes":"","tafseer":"হে মুমিনসকল! বদৰৰ দিনটো মনত আছেনে, যেতিয়া তোমালোকে শত্ৰুৰ বিৰুদ্ধে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিছিলা, তেতিয়া আল্লাহে তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি দিছিল, আৰু তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ তোমালোকক এহেজাৰ ফিৰিস্তাৰ জৰিয়তে সহায় কৰিব, যিসকলে ধাৰাবাহিকভাৱে আগমন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008009.mp3"},{"index":"10","arabicText":"وَمَا جَعَلَهُ اللّٰهُ اِلَّا بُشْرٰی وَلِتَطْمَىِٕنَّ بِهٖ قُلُوْبُكُمْ ۚ وَمَا النَّصْرُ اِلَّا مِنْ عِنْدِ اللّٰهِ ؕ اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟۠","assameseTranslation":"আৰু আল্লাহে এইটো কৰিছে সুসংবাদস্বৰূপে লগতে এই উদ্দেশ্যে যাতে তোমালোকৰ অন্তৰসমূহে ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; সহায় কেৱল আল্লাহৰ পৰাই আহে; নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"হে মুমিনসকল! ফিৰিস্তাৰ জৰিয়তে সহায় প্ৰদানক আল্লাহে তোমালোকৰ বাবে কেৱল সুসংবাদহে দিছে, প্ৰকৃত সহায়ক আল্লাহ নিজেই, তেৱেঁই তোমালোকক শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব। সুসংবাদ এই কাৰণে দিছে যাতে তোমালোকৰ অন্তৰে সন্তুষ্টি তথা প্ৰশান্তি লাভ কৰে, লগতে এই বিশ্বাস পুৰঠ হৈ উঠে যে, বিজয় সংখ্যা বলৰ ভিত্তিত নহয় বৰং আল্লাহৰ ফালৰ পৰা লাভ হয়। নিশ্চয় আল্লাহ ৰাজত্ব সঞ্চালনত প্ৰভূত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008010.mp3"},{"index":"11","arabicText":"اِذْ یُغَشِّیْكُمُ النُّعَاسَ اَمَنَةً مِّنْهُ وَیُنَزِّلُ عَلَیْكُمْ مِّنَ السَّمَآءِ مَآءً لِّیُطَهِّرَكُمْ بِهٖ وَیُذْهِبَ عَنْكُمْ رِجْزَ الشَّیْطٰنِ وَلِیَرْبِطَ عَلٰی قُلُوْبِكُمْ وَیُثَبِّتَ بِهِ الْاَقْدَامَ ۟ؕ","assameseTranslation":"স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষণ কৰিছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।","footnotes":"","tafseer":"হে মুমিনসকল! সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক শত্ৰুৰ ভয়ৰ পৰা নিশ্চিন্ত কৰিবলৈ তোমালোকৰ ওপৰত কলাঘুমটি বিস্তাৰ কৰিছিল। লগতে তোমালোকক মলিনতাৰ পৰা পৱিত্ৰ কৰিবলৈ তোমালোকৰ ওপৰত বৰষুণ বৰ্ষাইছিল। যাতে তোমালোকৰ অন্তৰৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰিভূত কৰিব পাৰে। লগতে যাতে তোমালোকৰ অন্তৰক দৃঢ়তা প্ৰদান কৰিব পাৰে আৰু মুকাবিলাৰ সময়ত তোমালোকৰ শৰীৰ অটল থাকে। তোমালোকৰ ভৰি যাতে দৃঢ় হৈ থাকে, যাতে বালিময় মাটিত তোমালোকৰ ভৰি পুত নাখায়। বৰষুণৰ জৰিয়তে সেই মাটিক জমাই দিয়া হৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008011.mp3"},{"index":"12","arabicText":"اِذْ یُوْحِیْ رَبُّكَ اِلَی الْمَلٰٓىِٕكَةِ اَنِّیْ مَعَكُمْ فَثَبِّتُوا الَّذِیْنَ اٰمَنُوْا ؕ سَاُلْقِیْ فِیْ قُلُوْبِ الَّذِیْنَ كَفَرُوا الرُّعْبَ فَاضْرِبُوْا فَوْقَ الْاَعْنَاقِ وَاضْرِبُوْا مِنْهُمْ كُلَّ بَنَانٍ ۟ؕ","assameseTranslation":"স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিল যে, ‘নিশ্চয় মই তোমালোকৰ লগত আছোঁ, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখা’। যিসকলে কুফুৰী কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম; সেয়ে তোমালোকে সিহঁতৰ ডিঙিত আঘাত কৰা আৰু সিহঁতৰ প্ৰত্যেক গাঠিয়ে গাঠিয়ে আঘাত কৰা।","footnotes":"","tafseer":"হে নবী! যেতিয়া আপোনাৰ প্ৰতিপালকে সেইসকল ফিৰিস্তাৰ প্ৰতি অহী কৰিছিল, যিসকলক বদৰৰ দিনা মুমিনসকলৰ সহায়ৰ বাবে প্ৰেৰণ কৰা হৈছিল, হে ফিৰিস্তাসকল! মোৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে। এতেকে মুমিনসকলৰ শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হোৱা। মই শীঘ্ৰেই কাফিৰসকলৰ অন্তৰত ভীতিৰ সঞ্চাৰ কৰিম। এতেকে হে মুমিনসকল! কাফিৰসকলৰ শিৰচ্ছেদ কৰি যোৱা, যাতে সিহঁতে মৃত্যুবৰণ কৰে। লগতে সিহঁতৰ হাড় আৰু শৰীৰৰ অংগ-প্ৰত্যঙ্গত প্ৰহাৰ কৰা, যাতে সিহঁতে যুদ্ধ কৰিব পৰা সাহস গোটাব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008012.mp3"},{"index":"13","arabicText":"ذٰلِكَ بِاَنَّهُمْ شَآقُّوا اللّٰهَ وَرَسُوْلَهٗ ۚ وَمَنْ یُّشَاقِقِ اللّٰهَ وَرَسُوْلَهٗ فَاِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟","assameseTranslation":"এইটো এইকাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।","footnotes":"","tafseer":"কাফিৰসকলে এই হত্যা আৰু আঘাতৰ সন্মুখীন এই কাৰণে হৈছিল, কিয়নো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰিছিল। সিহঁতক যি আদেশ দিয়া হৈছিল সেইটো পালন কৰা নাছিল, আৰু যিটোৰ পৰা নিষেধ কৰা হৈছিল সেইটোৰ পৰা বিৰত থকা নাছিল। যিয়ে এইদৰে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব, আল্লাহে নিশ্চয় তাক কষ্টদায়ক শাস্তি দিব। সিহঁতে পৃথিৱীত হত্যা আৰু বন্দীৰ সন্মুখীন হ'ব আৰু আখিৰাতত জাহান্নামৰ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008013.mp3"},{"index":"14","arabicText":"ذٰلِكُمْ فَذُوْقُوْهُ وَاَنَّ لِلْكٰفِرِیْنَ عَذَابَ النَّارِ ۟","assameseTranslation":"এইটোৱে তোমালোকৰ শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা। নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি।","footnotes":"","tafseer":"হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতাকাৰীসকল! এইটোৱে হৈছে তোমালোকৰ শাস্তি। তোমালোকে পাৰ্থিৱ জীৱনত আগতীয়াকৈ এই শাস্তি ভোগ কৰা, আৰু যদি কুফৰ তথা পাপিষ্ঠ অৱস্থাতে মৃত্যুবৰণ কৰা তেন্তে আখিৰাততো আছে তোমালোকৰ বাবে জাহান্নামৰ শাস্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008014.mp3"},{"index":"15","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا لَقِیْتُمُ الَّذِیْنَ كَفَرُوْا زَحْفًا فَلَا تُوَلُّوْهُمُ الْاَدْبَارَ ۟ۚ","assameseTranslation":"হে মুমিনসকল! তোমালোকে যেতিয়া (যুদ্ধৰ সময়ত) কাফিৰ বাহিনীৰ সন্মুখীন হ’বা পৰস্পৰ নিকটৱৰ্তী অৱস্থাত, তেতিয়া তোমালোকে সিহঁতক পৃষ্ঠ প্ৰদৰ্শন (কৰি পলায়ন) নকৰিবা;","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যুদ্ধৰ ময়দানত যেতিয়া মুশ্বৰিকসকলৰ লগত তোমালোকৰ মুকাবিলা হ'ব, তেতিয়া পৰাজয় স্বীকাৰ নকৰিবা আৰু পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন নকৰিবা। বৰং দৃঢ়তাৰে সিহঁতৰ লগত মুকাবিলা কৰিবা আৰু ধৈৰ্য্য ধাৰণ কৰিবা। কিয়নো আল্লাহৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008015.mp3"},{"index":"16","arabicText":"وَمَنْ یُّوَلِّهِمْ یَوْمَىِٕذٍ دُبُرَهٗۤ اِلَّا مُتَحَرِّفًا لِّقِتَالٍ اَوْ مُتَحَیِّزًا اِلٰی فِئَةٍ فَقَدْ بَآءَ بِغَضَبٍ مِّنَ اللّٰهِ وَمَاْوٰىهُ جَهَنَّمُ ؕ وَبِئْسَ الْمَصِیْرُ ۟","assameseTranslation":"আৰু সেইদিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিবৰ্তন কৰিবলৈ অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিব আৰু তাৰ আশ্ৰয়স্থল হ’ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!","footnotes":"","tafseer":"যি ব্যক্তিয়ে পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন কৰিব, কিন্তু যদি উভতি আক্ৰমণ কৰাৰ উদ্দেশ্য থাকে তেন্তে বিষয়টো সুকীয়া, যেনে- শত্ৰু পক্ষই যাতে ভাবে যে, তেওঁলোকে পলায়ন কৰি আছে, অথচ তেওঁলোকে উভতি আক্ৰমণ কৰাৰ কৌশল অৱলম্বন কৰিছে, নাইবা মুছলিমসকলৰ কোনো দলৰ সহায় গ্ৰহণৰ উদ্দেশ্য থাকে, যদি এই দুটা উদ্দেশ্য নাথাকে তেন্তে সেই ব্যক্তি আল্লাহৰ প্ৰকোপ লৈ প্ৰত্যাৱৰ্তন কৰিব আৰু তেওঁৰ ক্ৰোধৰ সন্মুখীন হ'ব। আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম, তাৰ ঠিকনা আৰু পৰিণাম হ'ব আটাইতকৈ নিকৃষ্ট।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008016.mp3"},{"index":"17","arabicText":"فَلَمْ تَقْتُلُوْهُمْ وَلٰكِنَّ اللّٰهَ قَتَلَهُمْ ۪ وَمَا رَمَیْتَ اِذْ رَمَیْتَ وَلٰكِنَّ اللّٰهَ رَمٰی ۚ وَلِیُبْلِیَ الْمُؤْمِنِیْنَ مِنْهُ بَلَآءً حَسَنًا ؕ اِنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟","assameseTranslation":"এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা বৰং আল্লাহেই সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা, তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা বৰং আল্লাহেই নিক্ষেপ কৰিছিল। যাতে তেওঁ মুমিনসকলক নিজৰ তৰফৰ পৰা উত্তমৰূপে পৰীক্ষা (কৰি উচ্চ মৰ্যাদা প্ৰদান) কৰিব পাৰে, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"হে মুমিনসকল! বদৰৰ যুদ্ধৰ দিনা তোমালোকে নিজ শক্তিৰে মুশ্বৰিকসকলক হত্যা কৰা নাছিলা, বৰং আল্লাহে তোমালোকক সেই কামত সহায় কৰিছিল। হে নবী! আপুনি যেতিয়া (বালি) নিক্ষেপ কৰিছিল, তেতিয়া আপুনি নিক্ষেপ কৰা নাছিল, বৰং সেইটো আল্লাহে নিক্ষেপ কৰিছিল, আৰু আপুনি নিক্ষেপ কৰা বালিক আল্লাহে সিহঁতৰ ওচৰলৈ পৌঁচাই দিছিল। যাতে মুমিনসকলক পৰীক্ষা কৰিব পাৰে যে, তেওঁলোকে সংখ্যাত কম আৰু প্ৰস্তুতি নোহোৱাকৈ বিজয় লাভ কৰাৰ পিছত আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে নে নাই। নিশ্চয় আল্লাহ তোমালোকৰ কথা আৰু প্ৰাৰ্থনা শ্ৰৱণকাৰী। তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত, লগতে কোনটো কামত তোমালোকৰ কল্যাণ আছে সেই বিষয়েও তেওঁ সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008017.mp3"},{"index":"18","arabicText":"ذٰلِكُمْ وَاَنَّ اللّٰهَ مُوْهِنُ كَیْدِ الْكٰفِرِیْنَ ۟","assameseTranslation":"এয়া আছিল তোমালোকৰ বাবে, আৰু নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে।","footnotes":"","tafseer":"উক্ত সকলো বিষয়, যেনে- মুশ্বৰিকসকলক হত্যা কৰা, সিহঁতৰ ফালে বালি নিক্ষেপ কৰা আনকি যাৰ ফলত সিহঁত পৰাজিত হৈ পলায়ন কৰিছিল আৰু মুমিনসকলক শত্ৰুৰ বিৰুদ্ধে বিজয় প্ৰদান কৰা, এই সকলো আল্লাহৰ ফালৰ পৰা সংঘটিত হৈছে। আল্লাহেই সেইসকল কাফিৰৰ চক্ৰান্ত ফাদিল কৰি দুৰ্বল কৰি দিয়ে যিসকলে ইছলামৰ বিৰুদ্ধে চক্ৰান্ত ৰচে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008018.mp3"},{"index":"19","arabicText":"اِنْ تَسْتَفْتِحُوْا فَقَدْ جَآءَكُمُ الْفَتْحُ ۚ وَاِنْ تَنْتَهُوْا فَهُوَ خَیْرٌ لَّكُمْ ۚ وَاِنْ تَعُوْدُوْا نَعُدْ ۚ وَلَنْ تُغْنِیَ عَنْكُمْ فِئَتُكُمْ شَیْـًٔا وَّلَوْ كَثُرَتْ ۙ وَاَنَّ اللّٰهَ مَعَ الْمُؤْمِنِیْنَ ۟۠","assameseTranslation":"যদি তোমালোকে বিজয় কামনা কৰিছা তেনেহ’লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি; আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ; কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম। তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ’লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে।","footnotes":"","tafseer":"হে মুশ্বৰিকসকল! যদি তোমালোকে এইটো আবেদন কৰা যে, আল্লাহে পাপিষ্ঠ অত্যাচাৰীসকলৰ ওপৰত তেওঁৰ শাস্তি অৱতীৰ্ণ কৰক, তেন্তে জানি থোৱা, আল্লাহে সেই শাস্তি অৱতীৰ্ণ কৰিছে যিটো তোমালোকে বিচাৰি আছিলা। কিয়নো তেওঁ তোমালোকক এনেকুৱা শাস্তি প্ৰদান কৰিছে যিটো তোমালোকৰ বাবে শিক্ষাপ্ৰদ আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ। যদি তোমালোকে এনেকুৱা আবেদন প্ৰত্যাহাৰ কৰা তেন্তে তোমালোকৰ বাবে আছে কল্যাণ। সম্ভৱতঃ আল্লাহে তোমালোকক অৱকাশ দিব আৰু শাস্তি প্ৰদানত খৰধৰ নকৰিব। আনহাতে পুনৰ যদি তোমালোকে তেনেকুৱা আবেদন কৰা তথা মুমিনসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচৰা তেন্তে আমি আকৌ তোমালোকক শাস্তিৰ সন্মুখীন কৰিম আৰু মুমিনসকলক বিজয় প্ৰদান কৰিম। তোমালোকৰ দল আৰু তোমালোকৰ সহায়ক যিমানেই ডাঙৰ নহওক কিয়, মুমিনসকল সংখ্যাত কম থকাৰ পিছতো তোমালোকৰ এই সহায় সমৰ্থন তথা অস্ত্ৰ পাতিয়ে তোমালোকক কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন মুমিনসকলৰ লগত আছে। যাৰ সমৰ্থনত আল্লাহ আছে তাক কোনেও পৰাজিত কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008019.mp3"},{"index":"20","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ وَلَا تَوَلَّوْا عَنْهُ وَاَنْتُمْ تَسْمَعُوْنَ ۟ۚۖ","assameseTranslation":"হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে তেওঁৰ কথা শুনাৰ পিছত তাৰ পৰা মুখ ঘূৰাই নল’বা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা। তেওঁৰ আদেশ অৱমাননা কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ত পতিত হৈ তেওঁৰ পৰা বিমুখ নহ’বা। অথচ তোমালোকে আল্লাহৰ আয়াতসমূহ শুনা যিবোৰ তোমালোকৰ সন্মুখত পাঠ কৰা হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008020.mp3"},{"index":"21","arabicText":"وَلَا تَكُوْنُوْا كَالَّذِیْنَ قَالُوْا سَمِعْنَا وَهُمْ لَا یَسْمَعُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে কয়, ‘আমি শুনিছোঁ’; আচলতে সিহঁতে নুশুনে।","footnotes":"","tafseer":"হে মুমিনসকল! সেইসকল মুনাফিক আৰু মুশ্বৰিকৰ দৰে নহ’বা, যিসকলে কয়ঃ আমি আমাৰ সন্মুখত তিলাৱত কৰা কোৰআন শুনিছোঁ, অথচ সিহঁতে চিন্তা-চৰ্চা তথা শিক্ষা গ্ৰহণৰ উদ্দেশ্যে নুশুনে যে, এইবোৰ শুনিলে উপকাৰ সাধন হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008021.mp3"},{"index":"22","arabicText":"اِنَّ شَرَّ الدَّوَآبِّ عِنْدَ اللّٰهِ الصُّمُّ الْبُكْمُ الَّذِیْنَ لَا یَعْقِلُوْنَ ۟","assameseTranslation":"নিশ্চয় আল্লাহৰ ওচৰত বিচৰণশীল জীৱৰ মাজত অতি নিকৃষ্ট হৈছে সেইসকল কলা, বোবা, যিসকলে একোৱে নুবুজে।","footnotes":"","tafseer":"পৃথিৱীত চলাফুৰা কৰা সকলো সৃষ্টিৰ ভিতৰত আটাইতকৈ নিকৃষ্ট সৃষ্টি হৈছে সেইসকল বধিৰ, যিসকলে সত্য স্বীকাৰ কৰাৰ উদ্দেশ্যে নুশুনে, আৰু সিহঁত হৈছে বোবা, কথা ক’ব নোৱাৰে। এনেকুৱা প্ৰকৃতিৰ লোকেই আল্লাহৰ আদেশ নিষেধ বুজিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008022.mp3"},{"index":"23","arabicText":"وَلَوْ عَلِمَ اللّٰهُ فِیْهِمْ خَیْرًا لَّاَسْمَعَهُمْ ؕ وَلَوْ اَسْمَعَهُمْ لَتَوَلَّوْا وَّهُمْ مُّعْرِضُوْنَ ۟","assameseTranslation":"আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ (সুযোগ) দিলেহেঁতেন। কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে উপেক্ষা কৰি মুখ ঘূৰাই ল’লেহেঁতেন।","footnotes":"","tafseer":"আল্লাহে এইসকল মুশ্বৰিকৰ মাজত যদি অলপো কল্যাণ দেখা পালেহেঁতেন তেন্তে সিহঁতক এনেকৈ শুনোৱালেহেঁতেন যে, সিহঁত উপকৃত হ’ব পাৰিলেহেঁতেন। আৰু তেওঁৰ যুক্তি প্ৰমাণসমূহ বুজিব পাৰিলেহঁতেন। কিন্তু তেওঁ জানে যে, সিহঁতৰ মাজত কোনো কল্যাণ নাই। ধৰা হ’ল আল্লাহে সিহঁতক শুনালে, তথাপিও সিহঁতে বিদ্বেষ আৰু দুষ্টামিৰ ফলত ঈমানৰ পৰা মুখ ঘূৰাই ল’লেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008023.mp3"},{"index":"24","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اسْتَجِیْبُوْا لِلّٰهِ وَلِلرَّسُوْلِ اِذَا دَعَاكُمْ لِمَا یُحْیِیْكُمْ ۚ وَاعْلَمُوْۤا اَنَّ اللّٰهَ یَحُوْلُ بَیْنَ الْمَرْءِ وَقَلْبِهٖ وَاَنَّهٗۤ اِلَیْهِ تُحْشَرُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! ৰাছুলে যেতিয়া তোমালোকক এনেকুৱা কোনো বিষয়ৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা আৰু জানি থোৱা, নিশ্চয় মানুহৰ আৰু তাৰ হৃদয়ৰ মাজত আল্লাহ অন্তৰায় হৈ যায়। নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ’ব।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিবা আৰু তেওঁলোকে নিষেধ কৰা বস্তুৰ পৰা বিৰত থাকিবা, লগতে তোমালোকক যেতিয়া সেই সত্যৰ পিনে আহ্বান কৰা হয় যিটোৰ মাজত আছে তোমালোকৰ জীৱন, তেতিয়া তোমালোকে সেই আহ্বানত সঁহাৰি দিবা। লগতে এই বিশ্বাস পোষণ কৰিবা যে, নিশ্চয় আল্লাহ সকলো বিষয়তে সৰ্বশক্তিমান। তোমালোকে সত্যক পৰিহাৰ কৰাৰ পিছত আকৌ যদি সত্যক মানিব খোজা তেন্তে তেওঁ তোমালোকৰ আৰু সত্যৰ মাজত ব্যৱধান সৃষ্টি কৰিবলৈও সক্ষম। এতেকে যিমান সোনকালে পাৰা সত্যক আঁকোৱালি লোৱা। বিশ্বাস কৰা ক্বিয়ামতৰ দিনা তোমালোকক কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। তেৱেঁই তোমালোকক পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008024.mp3"},{"index":"25","arabicText":"وَاتَّقُوْا فِتْنَةً لَّا تُصِیْبَنَّ الَّذِیْنَ ظَلَمُوْا مِنْكُمْ خَآصَّةً ۚ وَاعْلَمُوْۤا اَنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟","assameseTranslation":"আৰু তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা, (কিয়নো ইয়াৰ অশুভ পৰিণাম) কেৱল তোমালোকৰ মাজৰ যালিমসকলৰ মাজতেই বিশেষকৈ সীমাবদ্ধ নাথাকে। লগতে জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে সেই শাস্তিক ভয় কৰা, যি শাস্তি কেৱল তোমালোকৰ মাজৰ পাপিষ্ঠসকলৰ ওপৰতেই নাহিব, বৰং সিহঁতৰ লগতে অন্যান্য লোক সকলোকো ক্ষতিগ্ৰস্ত কৰিব। এইটো সেই সময়ত হ’ব, যেতিয়া চাৰিওফালে অন্যায়-অত্যাচাৰ দেখা যাব কিন্তু কোনেও প্ৰতিৰোধ কৰিবলৈ প্ৰয়াস নকৰিব। জানি থোৱা! পাপিষ্ঠসকলক নিশ্চয় আল্লাহে কঠোৰ শাস্তি প্ৰদান কৰিব। এতেকে তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008025.mp3"},{"index":"26","arabicText":"وَاذْكُرُوْۤا اِذْ اَنْتُمْ قَلِیْلٌ مُّسْتَضْعَفُوْنَ فِی الْاَرْضِ تَخَافُوْنَ اَنْ یَّتَخَطَّفَكُمُ النَّاسُ فَاٰوٰىكُمْ وَاَیَّدَكُمْ بِنَصْرِهٖ وَرَزَقَكُمْ مِّنَ الطَّیِّبٰتِ لَعَلَّكُمْ تَشْكُرُوْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে সংখ্যাত অতি তাকৰ আছিলা, পৃথিৱীত তোমালোকক দুৰ্বল হিচাপে গণ্য কৰা হৈছিল। তোমালোকে আশংকা কৰিছিলা যে, মানুহে তোমালোকক অকস্মাৎ আহি অপহৰণ কৰিব। তাৰ পিছত তেৱেঁই (আল্লাহেই) তোমালোকক আশ্ৰয় দিছে, নিজৰ সহায়ৰ জৰিয়তে তোমালোকক শক্তিশালী কৰিছে আৰু তোমালোকক উত্তম বস্তুবোৰ জীৱিকা হিচাপে দান কৰিছে যাতে তোমালোকে কৃতজ্ঞ হোৱা।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকে সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া তোমালোকে মক্কাত সংখ্যালঘু আছিলা, মক্কাৰ অধিবাসীসকলে তোমালোকক দুৰ্বল বুলি ভাবি আছিল আৰু নিৰ্যাতন কৰি আছিল। তোমালোকে ভয় কৰি আছিলা যে, শত্ৰুৱে তোমালোকৰ ওপৰত হঠাৎ আক্ৰমণ কৰে নেকি, তেতিয়া আল্লাহে তোমালোকক মদীনাৰ ৰূপত এটা আশ্ৰয়স্থল দান কৰিলে, আৰু তোমালোকক বিভিন্ন যুদ্ধত শত্ৰুৰ বিৰুদ্ধে সহায় কৰি শক্তিশালী কৰিলে, উদাহৰণস্বৰূপে বদৰৰ যুদ্ধৰ দিনা, আৰু তোমালোকক উৎকৃষ্ট জীৱিকা প্ৰদান কৰিছে। যুদ্ধলব্ধ সম্পদো ইয়াৰেই অন্তৰ্ভুক্ত। যাতে তোমালোকে আল্লাহৰ নিয়ামতৰ চুকৰীয়া আদায় কৰা, ফলত তেওঁ তোমালোকক আৰু অধিক দান কৰিব। তেওঁৰ অকৃতজ্ঞ নহ’বা, অন্যথা অনুগ্ৰহৰ পৰা বঞ্চিত কৰিব আৰু শাস্তি প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008026.mp3"},{"index":"27","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَخُوْنُوا اللّٰهَ وَالرَّسُوْلَ وَتَخُوْنُوْۤا اَمٰنٰتِكُمْ وَاَنْتُمْ تَعْلَمُوْنَ ۟","assameseTranslation":"হে মুমিনসকল! তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশসমূহ অগ্ৰাহ্য কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত নাথাকি, তোমালোকে তেওঁৰ বিশ্বাসঘাতকতা নকৰিবা। লগতে তোমালোকৰ দ্বীনি বিষয়তে হওক বা আন কোনো ক্ষেত্ৰত কেতিয়াও আমানতৰ খিয়ানত নকৰিবা। যদি তোমালোকে জানি বুজি বিশ্বাসঘাতকতা কৰা তেন্তে তোমালোক বিশ্বাসঘাতক সকলৰ অন্তৰ্ভুক্ত হৈ যাবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008027.mp3"},{"index":"28","arabicText":"وَاعْلَمُوْۤا اَنَّمَاۤ اَمْوَالُكُمْ وَاَوْلَادُكُمْ فِتْنَةٌ ۙ وَّاَنَّ اللّٰهَ عِنْدَهٗۤ اَجْرٌ عَظِیْمٌ ۟۠","assameseTranslation":"আৰু জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে এটা পৰীক্ষা; আৰু (জানি থোৱা) নিশ্চয় আল্লাহৰ ওচৰতেই আছে মহাপুৰস্কাৰ।","footnotes":"","tafseer":"হে মুমিনসকল! জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে তোমালোকৰ বাবে এক প্ৰকাৰ আপদ তথা পৰীক্ষা। কিয়নো এইবোৰে তোমালোকক আখিৰাতৰ বাবে আমল কৰিবলৈ বাধাৰ সৃষ্টি কৰে আৰু বিশ্বাসঘাতকতা কৰিবলৈ প্ৰেৰণা যোগায়। জানি থোৱা, নিশ্চয় আল্লাহৰ ওচৰত আছে মহাপ্ৰতিদান। এতেকে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ প্ৰতি তোমালোকৰ গভীৰ মনোযোগৰ কাৰণে আৰু বিশ্বাসঘাতকতাত লিপ্ত হৈ এই ছোৱাবৰ পৰা যাতে বঞ্চিত নহ’বা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008028.mp3"},{"index":"29","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ تَتَّقُوا اللّٰهَ یَجْعَلْ لَّكُمْ فُرْقَانًا وَّیُكَفِّرْ عَنْكُمْ سَیِّاٰتِكُمْ وَیَغْفِرْ لَكُمْ ؕ وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟","assameseTranslation":"হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব, তোমালোকৰ পাপ মোচন কৰিব আৰু তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ হৈছে মহা কল্যাণৰ অধিকাৰী।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! মনত ৰাখিবা, যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব। ফলত তোমালোকৰ বাবে এই দুয়োৰে মাজত পাৰ্থক্য কৰাত অসুবিধা নহ’ব। তোমালোকৰ বেয়া কৰ্মসমূহ মচি দিব আৰু তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিব। নিশ্চয় আল্লাহ অতি অনুগ্ৰহশীল। তেওঁৰ মহানুগ্ৰহ সমূহৰ অন্যতম হৈছে জান্নাত, যিখন তেওঁ কেৱল তেওঁৰ মুত্তাক্বী বান্দাসকলৰ বাবে প্ৰস্তুত কৰি থৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008029.mp3"},{"index":"30","arabicText":"وَاِذْ یَمْكُرُ بِكَ الَّذِیْنَ كَفَرُوْا لِیُثْبِتُوْكَ اَوْ یَقْتُلُوْكَ اَوْ یُخْرِجُوْكَ ؕ وَیَمْكُرُوْنَ وَیَمْكُرُ اللّٰهُ ؕ وَاللّٰهُ خَیْرُ الْمٰكِرِیْنَ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া কাফিৰসকলে তোমাক বন্দী কৰাৰ বাবে অথবা হত্যা কৰাৰ বাবে নাইবা নিৰ্বাসিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছিল। সিহঁতে ষড়যন্ত্ৰ কৰিছিল ইপিনে আল্লাহেও (সিহঁতৰ ষড়যন্ত্ৰৰ বিপক্ষে) তাৰ প্ৰতিব্যৱস্থা কৰিছিল, আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ কৌশলী।","footnotes":"","tafseer":"হে ৰাছুল! স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে আপোনাক কয়েদ কৰিবলৈ অথবা হত্যা কৰিবলৈ নাইবা দেশান্তৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। সিহঁতে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছিল আৰু আল্লাহে সিহঁতৰ ষড়যন্ত্ৰক সিহঁতৰ বিৰুদ্ধেই কাৰ্যকৰি কৰি আছিল, আৰু আল্লাহেও কৌশল কৰি আছিল। নিশ্চয় আল্লাহ উত্তম কৌশল অৱলম্বনকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008030.mp3"},{"index":"31","arabicText":"وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا قَالُوْا قَدْ سَمِعْنَا لَوْ نَشَآءُ لَقُلْنَا مِثْلَ هٰذَاۤ ۙ اِنْ هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟","assameseTranslation":"আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হয় তেতিয়া সিহঁতে কয়, ‘আমি শুনিলোঁ, ইচ্ছা কৰিলে আমিও এইদৰে ক’ব পাৰোঁ, এইবোৰ পুৰণি দিনৰ লোকসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।","footnotes":"","tafseer":"যেতিয়া সিহঁতৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে সত্যৰ প্ৰতি বিদ্বেষ আৰু অহংকাৰ পোষণ কৰি কয়ঃ এনেকুৱা বাণী আমি আগতেও শুনিছোঁ, এই কোৰআনৰ দৰে বাণী আমি ইচ্ছা কৰিলে আমিও ক’ব পাৰোঁ। এই কোৰআন অতীত কালৰ মিছা কাহিনীৰ বাহিৰে আন একো নহয়। গতিকে আমি কেতিয়াও ইয়াৰ প্ৰতি বিশ্বাস স্থাপন নকৰোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008031.mp3"},{"index":"32","arabicText":"وَاِذْ قَالُوا اللّٰهُمَّ اِنْ كَانَ هٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَاَمْطِرْ عَلَیْنَا حِجَارَةً مِّنَ السَّمَآءِ اَوِ ائْتِنَا بِعَذَابٍ اَلِیْمٍ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইখন (কোৰআন) যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয়, তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।","footnotes":"","tafseer":"হে ৰাছুল! সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে কৈছিলঃ হে আল্লাহ! যদি মুহাম্মদে লৈ অহা দ্বীন সত্য হয়, তেনেহ'লে তুমি আকাশৰ পৰা শিল বৰ্ষণ কৰি আমাক ধ্বংস কৰি দিয়া নাইবা আমাক কঠোৰ শাস্তি বিহা। দৰাচলতে সিহঁতে এই কথা সিহঁতৰ অস্বীকাৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কৈছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008032.mp3"},{"index":"33","arabicText":"وَمَا كَانَ اللّٰهُ لِیُعَذِّبَهُمْ وَاَنْتَ فِیْهِمْ ؕ وَمَا كَانَ اللّٰهُ مُعَذِّبَهُمْ وَهُمْ یَسْتَغْفِرُوْنَ ۟","assameseTranslation":"আল্লাহ এনেকুৱা নহয় যে, তুমি সিহঁতৰ মাজত থকা অৱস্থাতে তেওঁ সিহঁতক শাস্তি দিব; লগতে আল্লাহৰ নীতি এইটোও নহয় যে, সিহঁতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকিব আৰু আল্লাহে সিহঁতক শাস্তি দিব।","footnotes":"","tafseer":"হে মুহাম্মদ! আপুনি সিহঁতৰ মাজত উপস্থিত থকালৈকে আল্লাহে আপোনাৰ উম্মতক এনেকুৱা শাস্তি প্ৰদান নকৰিব, যিটোৰ দ্বাৰা সিহঁত নিৰ্মূল হৈ যাব, তেওঁলোকে মুছলিমেই হওক অথবা অমুছলিম। আপোনাৰ উপস্থিতি হৈছে সিহঁতৰ বাবে নিৰাপত্তাৰ নিশ্চয়তা। আনহাতে যেতিয়ালৈকে সিহঁতে আল্লাহৰ ওচৰত নিজৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি থাকিব, তেতিয়ালৈকে আল্লাহে সিহঁতক শাস্তি প্ৰদান নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008033.mp3"},{"index":"34","arabicText":"وَمَا لَهُمْ اَلَّا یُعَذِّبَهُمُ اللّٰهُ وَهُمْ یَصُدُّوْنَ عَنِ الْمَسْجِدِ الْحَرَامِ وَمَا كَانُوْۤا اَوْلِیَآءَهٗ ؕ اِنْ اَوْلِیَآؤُهٗۤ اِلَّا الْمُتَّقُوْنَ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟","assameseTranslation":"সিহঁতৰ মাজত এনেকুৱা কি (গুণ) আছে, আল্লাহে সিহঁতক কিয় শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰে; আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়; ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাক্বীসকল; কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।","footnotes":"","tafseer":"সিহঁতক শাস্তি কিয় দিয়া নহ’ব, অথচ সিহঁতে এনেকুৱা কাম কৰিছে যিটো শাস্তিযোগ্য। উদাহৰণস্বৰূপে সিহঁতে মানুহক মছজিদে হাৰামত ছালাত আদায় কৰিবলৈ আৰু তাৱাফ কৰিবলৈ বাধা প্ৰদান কৰিছে। মুশ্বৰিকসকল কেতিয়াও আল্লাহৰ অলী হ’ব নোৱাৰে। বৰং আল্লাহৰ অলী হৈছে সেইসকল মুত্তাক্বী ব্যক্তি, যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে। কিন্তু অধিকাংশ মুশ্বৰিকসকলেই এই সম্পৰ্কে অৱগত নহয়, সেই কাৰণেই সিহঁতে দাবী কৰে যে, সিহঁত হৈছে আল্লাহৰ অলী, অথচ সিহঁত আল্লাহৰ অলী নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008034.mp3"},{"index":"35","arabicText":"وَمَا كَانَ صَلَاتُهُمْ عِنْدَ الْبَیْتِ اِلَّا مُكَآءً وَّتَصْدِیَةً ؕ فَذُوْقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ۟","assameseTranslation":"আৰু কাবা ঘৰৰ ওচৰত উৰুলি আৰু হাত তালিৰ বাহিৰে সিহঁতৰ আন একো উপাসনা নাছিল। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফুৰী কৰিছিলা।","footnotes":"","tafseer":"মছজিদে হাৰামৰ ওচৰত মুশ্বৰিকসকলৰ উপাসনা হৈছে উৰুলি দিয়া আৰু হাত চাপৰি দিয়াৰ বাহিৰে আন একো নহয়। এতেকে হে মুশ্বৰিকসকল! আল্লাহৰ লগত কুফুৰী কৰাৰ ফলত আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ ফলত এতিয়া তোমালোকে বদৰৰ দিনা হত্যা আৰু বন্দী ৰূপত শাস্তি ভোগ কৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008035.mp3"},{"index":"36","arabicText":"اِنَّ الَّذِیْنَ كَفَرُوْا یُنْفِقُوْنَ اَمْوَالَهُمْ لِیَصُدُّوْا عَنْ سَبِیْلِ اللّٰهِ ؕ فَسَیُنْفِقُوْنَهَا ثُمَّ تَكُوْنُ عَلَیْهِمْ حَسْرَةً ثُمَّ یُغْلَبُوْنَ ؕ۬ وَالَّذِیْنَ كَفَرُوْۤا اِلٰی جَهَنَّمَ یُحْشَرُوْنَ ۟ۙ","assameseTranslation":"নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন-সম্পদ ব্যয় কৰে, এতেকে সিহঁতে এইদৰে ব্যয় কৰিয়ে থাকিব, অৱশেষত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ’ব; ইয়াৰ পিছত সিহঁতে পৰাভূত হ’ব; আৰু যিসকলে কুফৰী কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ’ব।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, সিহঁতে মানুহক আল্লাহৰ পথত আহিবলৈ বাধা দিয়াৰ বাবে নিজৰ ধন ব্যয় কৰে। এতেকে সিহঁতে এইদৰেই ব্যয় কৰি থাকিব কিন্তু সিহঁতৰ মনোকামনা পূৰণ নহ’ব। অৱশেষত সিহঁতৰ এই ধন ব্যয় কৰাৰ পৰিণাম পৰিতাপৰ বাহিৰে আন একো নহ’ব। কাৰণ ধনো ব্যয় হ’ব আৰু উপকাৰো নহ’ব। তাৰ পিছত সিহঁতক পৰাজিত কৰি মুছলিমসকলক বিজয় প্ৰদান কৰা হ’ব। যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, ক্বিয়ামাতৰ দিনা সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হ’ব। তাত সিহঁতে প্ৰৱেশ কৰিব আৰু চিৰকাল তাতেই থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008036.mp3"},{"index":"37","arabicText":"لِیَمِیْزَ اللّٰهُ الْخَبِیْثَ مِنَ الطَّیِّبِ وَیَجْعَلَ الْخَبِیْثَ بَعْضَهٗ عَلٰی بَعْضٍ فَیَرْكُمَهٗ جَمِیْعًا فَیَجْعَلَهٗ فِیْ جَهَنَّمَ ؕ اُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟۠","assameseTranslation":"যাতে আল্লাহে অপৱিত্ৰবোৰক পৱিত্ৰসকলৰ পৰা পৃথক কৰিব পাৰে। তেওঁ অপৱিত্ৰবোৰক এটাৰ পিছত আনটোক ৰাখি সকলোকে স্তূপত পৰিণত কৰিব, তাৰ পিছত সেই স্তূপক জাহান্নামত নিক্ষেপ কৰিব। সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।","footnotes":"","tafseer":"যিসকল কাফিৰে আল্লাহৰ পথত বাধা সৃষ্টি কৰিবলৈ নিজৰ ধন ব্যয় কৰে, সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হ’ব, যাতে আল্লাহে অপৱিত্ৰ কাফিৰসকলৰ পৰা পৱিত্ৰ মুমিনসকলক পৃথক কৰিব পাৰে। অপৱিত্ৰ ব্যক্তিসকলক, অপৱিত্ৰ আমলসমূহক আৰু অপৱিত্ৰ সম্পদ আদিক একত্ৰিত কৰি ধাপে ধাপে স্তূপত পৰিণত কৰিব। তাৰ পিছত সিহঁতক জাহান্নামৰ অগ্নিত নিক্ষেপ কৰিব। এইসকলেই হৈছে ক্ষতিগ্ৰস্ত। ক্বিয়ামতৰ দিনা সিহঁতে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008037.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008037.mp3"},{"index":"38","arabicText":"قُلْ لِّلَّذِیْنَ كَفَرُوْۤا اِنْ یَّنْتَهُوْا یُغْفَرْ لَهُمْ مَّا قَدْ سَلَفَ ۚ وَاِنْ یَّعُوْدُوْا فَقَدْ مَضَتْ سُنَّتُ الْاَوَّلِیْنَ ۟","assameseTranslation":"যিসকলে কুফুৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফুৰী) পৰিহাৰ কৰে তেন্তে অতীতত যি (পাপ) হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।","footnotes":"","tafseer":"হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে, সিহঁতে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰা পৰিত্যাগ কৰে, আৰু মুমিনসকলক যদি আল্লাহৰ পথৰ পৰা বাধা নিদিয়ে, তেন্তে আল্লাহে সিহঁতৰ বিগত সকলো গুনাহ ক্ষমা কৰি দিব। কিয়নো ইছলাম গ্ৰহণ কৰিলে বিগত সকলো গুনাহ মাফ হৈ যায়। ইয়াৰ পিছতো যদি সিহঁতে কুফুৰী অৱস্থালৈ আকৌ ঘূৰি যায়, তেন্তে সিহঁতে পুৰ্বৱৰ্তীসকলৰ ওপৰত আল্লাহৰ ফালৰ পৰা কেনেকুৱা শাস্তি আহিছিল, সেয়া পঢ়ি চোৱা উচিত। সিহঁতে যেতিয়া অস্বীকাৰ কৰিছিল আৰু কুফুৰীৰ ওপৰত অটল আছিল, তেতিয়া আল্লাহে সিহঁতক পৃথিৱীতেই শাস্তি প্ৰদান কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008038.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008038.mp3"},{"index":"39","arabicText":"وَقَاتِلُوْهُمْ حَتّٰی لَا تَكُوْنَ فِتْنَةٌ وَّیَكُوْنَ الدِّیْنُ كُلُّهٗ لِلّٰهِ ۚ فَاِنِ انْتَهَوْا فَاِنَّ اللّٰهَ بِمَا یَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"আৰু তোমালোকে ফিতনাৰ অৱসান নঘটালৈকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা, লগতে দ্বীন পূৰ্ণৰূপে কেৱল আল্লাহৰ বাবে প্ৰতিষ্ঠা নোহোৱালৈকে (এই সংগ্ৰাম চলাই যাবা)। তাৰ পিছত যদি সিহঁতে বিৰত থাকে তেন্তে সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"হে মুমিনসকল! কাফিৰসকল হৈছে তোমালোকৰ শত্ৰু, সিহঁতৰ সৈতে যুদ্ধ কৰা, যেতিয়ালৈকে শ্বিৰ্ক বন্ধ নহ’ব আৰু মুছলিমসকলক আল্লাহৰ পথত বাধা দিয়া বন্ধ নহ’ব আৰু পৰিপূৰ্ণৰূপে দ্বীন আৰু আনুগত্য আল্লাহ অহদাহু লা শ্বাৰীকা লাহুৰ বাবে প্ৰতিষ্ঠা নহ’ব, তেতিয়ালৈকে যুদ্ধ কৰা। যদি কাফিৰসকলে শ্বিৰ্ক আৰু আল্লাহৰ পথত বাধা দিয়া বন্ধ কৰে, তেন্তে সিহঁতক এৰি দিয়া। কিয়নো নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008039.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008039.mp3"},{"index":"40","arabicText":"وَاِنْ تَوَلَّوْا فَاعْلَمُوْۤا اَنَّ اللّٰهَ مَوْلٰىكُمْ ؕ نِعْمَ الْمَوْلٰی وَنِعْمَ النَّصِیْرُ ۟","assameseTranslation":"আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা, আল্লাহেই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।","footnotes":"","tafseer":"কুফৰ আৰু আল্লাহৰ পথত বাধা দিয়াৰ পৰা বিৰত থকাৰ বাবে সিহঁতক যি আদেশ দিয়া হৈছে তাৰ পৰা সিহঁতে যদি মুখ ঘূৰাই লয়, তেন্তে হে মুমিনসকল! বিশ্বাস কৰা নিশ্চয় আল্লাহে তোমালোকক সিহঁতৰ বিৰুদ্ধে সহায় কৰিব। মহান আল্লাহ যাৰ সংৰক্ষক হ’ব, তাতকৈ উত্তম সংৰক্ষক আন কাৰো নাই। তেওঁ যাৰ সহায়ক, তাৰ বাবে তেওঁ যে কিমান উত্তম সহায়ক। এতেকে তেওঁ যাক সুৰক্ষা প্ৰদান কৰিব তেৱেঁই সফল, আৰু তেওঁ যাক সহায় কৰিব তেৱেঁই বিজয়ী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008040.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008040.mp3"},{"index":"41","arabicText":"وَاعْلَمُوْۤا اَنَّمَا غَنِمْتُمْ مِّنْ شَیْءٍ فَاَنَّ لِلّٰهِ خُمُسَهٗ وَلِلرَّسُوْلِ وَلِذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَابْنِ السَّبِیْلِ ۙ اِنْ كُنْتُمْ اٰمَنْتُمْ بِاللّٰهِ وَمَاۤ اَنْزَلْنَا عَلٰی عَبْدِنَا یَوْمَ الْفُرْقَانِ یَوْمَ الْتَقَی الْجَمْعٰنِ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟","assameseTranslation":"আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত (যুদ্ধলব্ধ সম্পদ) হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট, যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।","footnotes":"","tafseer":"হে মুমিনসকল! জানি থোৱা যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰি কাফিৰসকলৰ পৰা লাভ কৰা সম্পদক পাঁচ ভাগত বিভক্ত কৰা হ'ব। তাৰে চাৰি ভাগ মুজাহিদসকলৰ মাজত বন্টন কৰা হ'ব, আনহাতে বাকী থকা ভাগটোক আকৌ পাঁচ ভাগত ভাগ কৰা হ'ব। এটা ভাগ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে, যিটো সৰ্বসাধাৰণ মুছলিমৰ কল্যাণৰ বাবে ব্যয় কৰা হ'ব। তথা এটা ভাগ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটাত্মীয়সকলৰ মাজত বন্টন কৰা হ'ব, অৰ্থাৎ হাশ্বিমৰ বংশধৰ আৰু মুত্তালিবৰ বংশধৰসকলৰ মাজত। এটা ভাগ অনাথসকলৰ বাবে, এটা ভাগ দৰিদ্ৰসকলৰ বাবে আৰু এটা ভাগ এনেকুৱা ভ্ৰমণকাৰীসকলৰ বাবে, যিসকলে ভ্ৰমণত গৈ আৱদ্ধ হৈ আছে, আৰ্থিক অভাৱত ঘৰলৈ ওভতিব পৰা নাই। যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু সেই সহায়ৰ প্ৰতি বিশ্বাস পোষণ কৰা, যিটো আমি আমাৰ বান্দা মুহাম্মদৰ ওপৰত বদৰৰ সেই নিৰ্ণায়ক দিৱসত অৱতীৰ্ণ কৰিছিলোঁ, যিদিনা আল্লাহে তোমালোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি সত্য আৰু সত্যৰ মাজত নিৰ্ণয় কৰি দিছিল। সেইজন আল্লাহ, যিয়ে তোমালোকক সহায় কৰিছে, তেওঁ সকলো বিষয়তে সামৰ্থৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008041.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008041.mp3"},{"index":"42","arabicText":"اِذْ اَنْتُمْ بِالْعُدْوَةِ الدُّنْیَا وَهُمْ بِالْعُدْوَةِ الْقُصْوٰی وَالرَّكْبُ اَسْفَلَ مِنْكُمْ ؕ وَلَوْ تَوَاعَدْتُّمْ لَاخْتَلَفْتُمْ فِی الْمِیْعٰدِ ۙ وَلٰكِنْ لِّیَقْضِیَ اللّٰهُ اَمْرًا كَانَ مَفْعُوْلًا ۙ۬ لِّیَهْلِكَ مَنْ هَلَكَ عَنْ بَیِّنَةٍ وَّیَحْیٰی مَنْ حَیَّ عَنْ بَیِّنَةٍ ؕ وَاِنَّ اللّٰهَ لَسَمِیْعٌ عَلِیْمٌ ۟ۙ","assameseTranslation":"স্মৰণ কৰা, যেতিয়া তোমালোকে উপত্যকাৰ নিকটৱৰ্তী প্ৰান্তত আছিলা আৰু সিহঁত আছিল দূৰৱৰ্তী প্ৰান্তত আৰু আৰোহী দল আছিল তোমালোকৰ পৰা নিম্নভূমিত। যদি তোমালোকে পৰস্পৰে যুদ্ধ সম্পৰ্কে কোনো পূৰ্বসিদ্ধান্তত থাকিলাহেঁতেন তেন্তে এই সিদ্ধান্ত সম্পৰ্কে তোমালোকে নিশ্চয় মতভেদ কৰিলাহেঁতেন। কিন্তু যি ঘটিবলগীয়া আছিল, আল্লাহে সেয়া সম্পন্ন কৰিলে, যাতে যিয়ে ধ্বংস হ’ব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত ধ্বংস হয় আৰু যিয়ে জীৱিত থাকিব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত জীৱিত থাকে; আৰু নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"তথা সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া তোমালোকে উপত্যকাৰ সেইটো স্থানত আছিলা, যিটো মদিনাৰ নিকটৱৰ্তী আছিল, আৰু মুশ্বৰিকসকল আছিল সেইটো স্থানত, যিটো মক্কাৰ নিকটৱৰ্তী আছিল। আনহাতে কাফিলা আছিল নিম্নৱৰ্তী স্থানত লুইত সাগৰৰ পাৰত। যদি তোমালোকে আৰু মুশ্বৰিকসকলে আগতীয়াকৈ বদৰৰ ময়দানত যুদ্ধ কৰাৰ নিৰ্ণয় কৰিলাহেঁতেন তেন্তে তোমালোকে প্ৰতিশ্ৰুতি ওপৰত প্ৰতিষ্ঠিত থাকিব নোৱাৰিলাহেঁতেন। কিন্তু আল্লাহে দুয়ো দলক পূৰ্বৱৰ্তী কোনো সংকল্প নোহোৱাকৈ বদৰৰ ময়দানত মুখামুখি কৰিছিল, যাতে সেই কামটো পূৰণ হয় যিটো পূৰ্ণ নিশ্চিত আছিল। সেই নিশ্চিত কামটো হৈছে, মুমিনসকলক সহায় কৰা আৰু কাফিৰসকলক লাঞ্ছিত কৰা, লগতে ইছলামক সন্মানিত কৰা আৰু শ্বিৰ্কক হীন প্ৰতিপন্ন কৰা। যাতে কাফিৰসকলৰ মাজৰ পৰা নিহত হোৱা লোকসকলে চাব পাৰে যে, সংখ্যাবল আৰু অস্ত্ৰ-হাথিয়াৰ পৰ্য্যাপ্ত পৰিমাণে নথকাৰ পিছতো মুমিনসকলে আল্লাহৰ সহায়ত বিজয়প্ৰাপ্ত হৈছে, আনহাতে যিসকলে জীৱিত থাকিব সিহঁতে যাতে আল্লাহৰ নিদৰ্শন আৰু প্ৰমাণ দেখি জীৱিত থাকে। যাতে কোনেও আল্লাহৰ সন্মুখত ওজৰ-আপত্তি দৰ্শাবলৈ সুযোগ নাপায়। প্ৰকৃততে আল্লাহে সকলোৰে কথা শ্ৰৱণকাৰী, আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008042.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008042.mp3"},{"index":"43","arabicText":"اِذْ یُرِیْكَهُمُ اللّٰهُ فِیْ مَنَامِكَ قَلِیْلًا ؕ وَلَوْ اَرٰىكَهُمْ كَثِیْرًا لَّفَشِلْتُمْ وَلَتَنَازَعْتُمْ فِی الْاَمْرِ وَلٰكِنَّ اللّٰهَ سَلَّمَ ؕ اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমাক সপোনত দেখুৱাইছিল যে, সিহঁত সংখ্যাত তাকৰ হ’ব; যদি তোমাক সিহঁতৰ সংখ্যা বেছি দেখুৱালেহেঁতেন তেন্তে নিশ্চয় তোমালোকে সাহস হেৰুৱালাহেঁতেন আৰু যুদ্ধৰ বিষয়ে নিজৰ মাজতে বিৰোধ সৃষ্টি কৰিলাহেঁতেন। কিন্তু আল্লাহে তোমালোকক ৰক্ষা কৰিছে। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেৱেঁই সবিশেষ অৱগত।","footnotes":"","tafseer":"তথা হে ৰাছুল! আপোনাৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰক, যেতিয়া আল্লাহে আপোনাক সপোনত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল আৰু আপুনি এই সংবাদ মুমিনসকলক দিয়াত তেওঁলোকে ইয়াক মঙ্গলময় আৰু সুসংবাদ বুলি ভাবিছিল। ফলত শত্ৰুৰ লগত মুখামুখি কৰাৰ আৰু মুকাবিলা কৰাৰ সংকল্প আৰু মজবুত হৈ উঠিছিল। যদি আল্লাহে আপোনাক মুশ্বৰিকসকলৰ সংখ্যা অধিক দেখুৱালেহেঁতেন তেন্তে আপোনাৰ সঙ্গীসকলে সাহস হেৰুৱালেহেঁতেন আৰু তেওঁলোকে যুদ্ধক ভয় কৰিলেহেঁতেন। কিন্তু আল্লাহে তেওঁলোকক ইয়াৰ পৰা ৰক্ষা কৰিলে আৰু ব্যৰ্থতাৰ পৰাও সুৰক্ষিত কৰিলে। সেই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতৰ সংখ্যাবল কমকৈ দেখুৱা হৈছিল। নিশ্চয় আল্লাহে অন্তৰত থকা সকলো বিষয় সম্পৰ্কে সম্যক অৱগত, আৰু অন্তৰৰ গোপন তথ্য সম্পৰ্কেও সৰ্বজ্ঞ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008043.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008043.mp3"},{"index":"44","arabicText":"وَاِذْ یُرِیْكُمُوْهُمْ اِذِ الْتَقَیْتُمْ فِیْۤ اَعْیُنِكُمْ قَلِیْلًا وَّیُقَلِّلُكُمْ فِیْۤ اَعْیُنِهِمْ لِیَقْضِیَ اللّٰهُ اَمْرًا كَانَ مَفْعُوْلًا ؕ وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟۠","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰৰ সন্মুখীন হৈছিলা তেতিয়া তেওঁ তোমালোকৰ দৃষ্টিত সিহঁতৰ সংখ্যা কম দেখুৱাইছিল আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক সংখ্যাত কম দেখুৱাইছিল, যাতে আল্লাহে সেই কামটো সম্পন্ন কৰিব পাৰে যিটো ঘটিবলগীয়া আছিল। (জানি থোৱা) সকলো বিষয় আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হয়।","footnotes":"","tafseer":"তথা হে মুমিনসকল! সেই সময়ছোৱাক স্মৰণ কৰা, মুকাবিলাৰ সময়ত আল্লাহে যেতিয়া তোমালোকৰ চকুত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল। ফলত তোমালোকে যুদ্ধৰ বাবে সাজু হৈছিলা, আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক কমকৈ দেখুৱা হৈছিল, ফলত সিহঁতেও তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আগুৱাই আহিল আৰু সিহঁতে এবাৰো পিছুৱাবলৈ চিন্তা নকৰিলে, যাতে আল্লাহে সেই বিষয়টোৰ নিৰ্ণয় কৰি দিয়ে যিটো হোৱা নিশ্চিত আছিল। সেয়া হৈছে মুশ্বৰিকসকলক হত্যা কৰি আৰু বন্দী সজাই প্ৰতিশোধ লোৱা আৰু মুমিনসকলক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি উপকাৰ কৰা। সকলো কৰ্ম আল্লাহৰ পিনেই উভতি যায়, যাতে তেওঁ কুকৰ্মকাৰীক কুকৰ্মৰ প্ৰতিদান দিয়ে আৰু সৎকৰ্মকাৰীক সৎকৰ্মৰ প্ৰতিদান দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008044.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008044.mp3"},{"index":"45","arabicText":"یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا لَقِیْتُمْ فِئَةً فَاثْبُتُوْا وَاذْكُرُوا اللّٰهَ كَثِیْرًا لَّعَلَّكُمْ تُفْلِحُوْنَ ۟ۚ","assameseTranslation":"হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ’বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা।","footnotes":"","tafseer":"হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যেতিয়া তোমালোকে কাফিৰ আক্ৰমণকাৰী সকলৰ মুখামুখি হ'বা তেতিয়া তোমালোকে দৃঢ়ভাৱে অটল থাকিবা, কাপুৰুষালী নেদেখুৱাবা। লগতে আল্লাহক বেছি বেছি স্মৰণ কৰিবা আৰু তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিবা। কিয়নো তেৱেঁই সিহঁতৰ ওপৰত তোমালোকক বিজয় দান কৰিবলৈ সক্ষম। যাতে তেওঁ তোমালোকক তোমালোকৰ উদ্দেশ্যত সফল কৰে, আৰু যিটোক তোমালোকে ভয় কৰা সেইটোৰ পৰা তোমালোকক ৰক্ষা কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008045.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008045.mp3"},{"index":"46","arabicText":"وَاَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ وَلَا تَنَازَعُوْا فَتَفْشَلُوْا وَتَذْهَبَ رِیْحُكُمْ وَاصْبِرُوْا ؕ اِنَّ اللّٰهَ مَعَ الصّٰبِرِیْنَ ۟ۚ","assameseTranslation":"আৰু তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, লগতে নিজৰ মাজতে বিবাদ নকৰিবা, এনে কৰিলে তোমালোকে সাহস হেৰুৱাবা আৰু তোমালোকৰ শক্তি-সামৰ্থ বিলুপ্ত হ’ব। তোমালোকে ধৈৰ্য্য ধাৰণ কৰা; নিশ্চয় আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।","footnotes":"","tafseer":"তোমালোকে কথা কোৱাৰ সময়ত, আমল কৰাৰ সময়ত আৰু প্ৰত্যেক অৱস্থাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যক মজবুতভাৱে ধাৰণ কৰা, লগতে নিজৰ মাজত মতভেদ সৃষ্টি নকৰিবা। কিয়নো মতভেদ হ'লে তোমালোক দুৰ্বল হৈ যাবা, তোমালোকৰ মাজত কাপুৰুষতা আহি পৰিব, লগতে তোমালোকৰ শক্তি লোপ পাব। এতেকে শত্ৰুৰ লগত মুকাবিলাৰ সময়ত ধৈৰ্য্য ধাৰণ কৰিবা। নিশ্চয় আল্লাহ ধৈৰ্য্য ধাৰণকাৰীসকলৰ লগত আছে। তেওঁলোকক সহায়-সহযোগিতা কৰে। আল্লাহে যিসকলক সহায় কৰে, প্ৰকৃততে তেওঁলোকেই হৈছে বিজয় প্ৰাপ্ত আৰু সহায়প্ৰাপ্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008046.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008046.mp3"},{"index":"47","arabicText":"وَلَا تَكُوْنُوْا كَالَّذِیْنَ خَرَجُوْا مِنْ دِیَارِهِمْ بَطَرًا وَّرِئَآءَ النَّاسِ وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ ؕ وَاللّٰهُ بِمَا یَعْمَلُوْنَ مُحِیْطٌ ۟","assameseTranslation":"আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে নিজ ঘৰৰ পৰা অহংকাৰ আৰু মানুহক দেখুৱাবলৈ ওলাইছিল আৰু সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। কিন্তু সিহঁতে যি কৰে আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।","footnotes":"","tafseer":"আৰু সেইসকল লোকৰ দৰে নহ'বা, যিসকলে মক্কাৰ পৰা অহংকাৰ কৰি তথা মানুহক দেখুৱাবলৈ ওলাই আহিছিল। সিহঁতে মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখে আৰু ইছলামত প্ৰৱেশ কৰিবলৈ বাধা দিয়ে, আল্লাহে সিহঁতৰ সকলো কৰ্মক পৰিবেষ্টন কৰি আছে, সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়, আৰু তেওঁ শীঘ্ৰেই সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008047.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008047.mp3"},{"index":"48","arabicText":"وَاِذْ زَیَّنَ لَهُمُ الشَّیْطٰنُ اَعْمَالَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ الْیَوْمَ مِنَ النَّاسِ وَاِنِّیْ جَارٌ لَّكُمْ ۚ فَلَمَّا تَرَآءَتِ الْفِئَتٰنِ نَكَصَ عَلٰی عَقِبَیْهِ وَقَالَ اِنِّیْ بَرِیْٓءٌ مِّنْكُمْ اِنِّیْۤ اَرٰی مَا لَا تَرَوْنَ اِنِّیْۤ اَخَافُ اللّٰهَ ؕ وَاللّٰهُ شَدِیْدُ الْعِقَابِ ۟۠","assameseTranslation":"আৰু স্মৰণ কৰা, যেতিয়া চয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলীক শোভনীয় কৰিছিল আৰু কৈছিল, ‘আজি মানুহৰ মাজত কোনোৱেই তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে, আৰু নিশ্চয় মই তোমালোকৰ কাষতেই অৱস্থান কৰিম’। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ’ল তেতিয়া সি পিছ হোঁহোকিলে আৰু ক’লে, ‘নিশ্চয় তোমালোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই এনেকুৱা কিবা দেখি আছোঁ যিটো তোমালোকে দেখা নোপোৱা। নিশ্চয় মই আল্লাহক ভয় কৰোঁ’, কাৰণ আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।","footnotes":"","tafseer":"হে মুমিনসকল! তোমালোকৰ ওপৰত আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা, যেতিয়া চয়তানে মুশ্বৰিকসকলৰ বাবে সিহঁতৰ কৰ্মক সৌন্দৰ্যময় কৰি দিছিল, আৰু সিহঁতক মুছলিমসকলৰ লগত যুদ্ধ কৰিবলৈ প্ৰেৰণা দি কৈছিল যে, আজি তোমালোকক কোনেও পৰাজিত কৰিব নোৱাৰে। মই তোমালোকৰ সহায়ক, তোমালোকক শত্ৰুৰ পৰা ৰক্ষা কৰিম। এতেকে যেতিয়া উভয় দল মুখামুখি হ'ল, এফালে মুমিনসকল আছিল, আৰু তেওঁলোকক সহায় কৰিবলৈ ফিৰিস্তাসকল উপস্থিত আছিল, আনফালে আছিল মুশ্বৰিকসকলৰ দল, সিহঁতৰ লগত আছিল চয়তান, আৰু সি ক্ষন্তেক পিছতেই সিহঁতক লাঞ্ছিত কৰিব। ঠিক সেই সময়তে চয়তানে সিহঁতক এৰি পলায়ন কৰিলে আৰু মুশ্বৰিকসকলক ক'লেঃ তোমালোকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই ফিৰিস্তাসকলক দেখি আছোঁ যিসকলে মুমিনসকলক সহায় কৰিবলৈ আহিছে। এতেকে মোৰ আশংকা হৈছে যে, আল্লাহে মোক ধ্বংস কৰিব পাৰে। কিয়নো আল্লাহ বৰ কঠোৰ শাস্তি প্ৰদানকাৰী। সেয়ে তেওঁৰ শাস্তি কোনেও সহ্য কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008048.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008048.mp3"},{"index":"49","arabicText":"اِذْ یَقُوْلُ الْمُنٰفِقُوْنَ وَالَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ غَرَّ هٰۤؤُلَآءِ دِیْنُهُمْ ؕ وَمَنْ یَّتَوَكَّلْ عَلَی اللّٰهِ فَاِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟","assameseTranslation":"স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে কৈছিল, ‘এওঁলোকৰ দ্বীনে এওঁলোকক বিভ্ৰান্ত কৰিছে’। প্ৰকৃততে যিয়ে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰে (তেওঁহে জয়লাভ কৰে)। (জানি থোৱা) নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰান্ত, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"তথা সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া মুনাফিক তথা দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তিসকলে কৈছিল যে, এই মুছলিমসকলক সিহঁতৰ ধৰ্মই সিহঁতক প্ৰতাৰণা কৰিছে, কাৰণ সিহঁতৰ ধৰ্মই সিহঁতক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে, অথচ সিহঁত হৈছে সংখ্যালঘু তথা অস্ত্ৰ পাতিৰ ক্ষেত্ৰতো সিহঁত একেবাৰে দুৰ্বল। পক্ষান্তৰে সিহঁতৰ শত্ৰুসকল হৈছে সংখ্যাগৰিষ্ঠ আৰু অস্ত্ৰ পাতিৰ ক্ষেত্ৰতো অধিক শক্তিশালী। এনেকু মন্তব্যকাৰী ব্যক্তিসকলে আচলতে এই কথা নাজানে যে, যি ব্যক্তিয়ে এক আল্লাহৰ ওপৰত ভৰসা কৰিব আৰু তেওঁৰ সহায়ৰ প্ৰতিশ্ৰুতিক সত্য বুলি স্বীকাৰ কৰিব, তেন্তে আল্লাহে নিশ্চয় তাক সহায় কৰিব, আল্লাহে কেতিয়াও তাক অসহায় অৱস্থাত এৰি নিদিব, যদিও সি অকলশৰীয়া হয়। আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008049.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008049.mp3"},{"index":"50","arabicText":"وَلَوْ تَرٰۤی اِذْ یَتَوَفَّی الَّذِیْنَ كَفَرُوا ۙ الْمَلٰٓىِٕكَةُ یَضْرِبُوْنَ وُجُوْهَهُمْ وَاَدْبَارَهُمْ ۚ وَذُوْقُوْا عَذَابَ الْحَرِیْقِ ۟","assameseTranslation":"আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল, ‘তোমালোকে দহনযন্ত্ৰণা ভোগ কৰা’।","footnotes":"","tafseer":"হে ৰাছুল! আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী বিলাকক আপুনি যদি সেই সময়ত দেখিলেহেঁতেন, যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰি আছিল, এতেকে যেতিয়া সিহঁতে আগুৱাই আছিল তেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডলত আঘাত কৰি আছিল, আৰু যেতিয়া পলায়ন কৰিবলৈ দৌৰিছিল তেতিয়া সিহঁতৰ পিঠিত আক্ৰমণ কৰিছিল, আৰু সিহঁতক কৈ আছিলঃ হে কাফিৰসকল! অগ্নিদগ্ধ হোৱা, শাস্তিৰ সোৱাদ লোৱা। যদি আপুনি অৱস্থাটো দেখিলেহেঁতেন তেন্তে এটা ডাঙৰ ঘটনা দৰ্শন কৰিলেহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008050.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008050.mp3"},{"index":"51","arabicText":"ذٰلِكَ بِمَا قَدَّمَتْ اَیْدِیْكُمْ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟ۙ","assameseTranslation":"এয়া হৈছে তোমালোকে পূৰ্বে নিজ হাতেৰে পঠোৱা কৰ্মৰ প্ৰতিফল। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কেতিয়াও অবিচাৰ নকৰে।","footnotes":"","tafseer":"হে কাফিৰসকল! তোমালোকৰ প্ৰাণ হৰণৰ সময়ত যি কষ্ট তথা কবৰৰ শাস্তি আৰু আখিৰাতৰ অগ্নিদগ্ধমূলক শাস্তিৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ কৰ্মকাণ্ড। চিৰ সত্য এই যে, আল্লাহে কেতিয়াও মানুহৰ ওপৰত অন্যায় নকৰে। বৰং সিহঁতৰ মাজত ইনচাফ সহকাৰে ফয়চালা কৰে, তেওঁ হৈছে ন্যায়পৰায়ণ ফয়চালাকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008051.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008051.mp3"},{"index":"52","arabicText":"كَدَاْبِ اٰلِ فِرْعَوْنَ ۙ وَالَّذِیْنَ مِنْ قَبْلِهِمْ ؕ كَفَرُوْا بِاٰیٰتِ اللّٰهِ فَاَخَذَهُمُ اللّٰهُ بِذُنُوْبِهِمْ ؕ اِنَّ اللّٰهَ قَوِیٌّ شَدِیْدُ الْعِقَابِ ۟","assameseTranslation":"ফিৰআউন বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে; ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক গ্ৰেপ্তাৰ কৰিছে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান, শাস্তি দানত অতি কঠোৰ।","footnotes":"","tafseer":"এই কাফিৰসকলৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট নহয়, বৰং প্ৰত্যেক যুগ তথা সকলো ঠাইৰ কাফিৰৰ ক্ষেত্ৰতে আল্লাহৰ এইটোৱেই নীতি। এতেকে ফিৰআউন সম্প্ৰদায় তথা সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা উম্মতৰ ওপৰতো শাস্তি আহিছিল, যেতিয়া সিহঁতে আল্লাহৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। আল্লাহে সিহঁতৰ গুনাহৰ কাৰণে মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমান হৈ সিহঁতক গ্ৰেপ্তাৰ কৰিলে আৰু সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিলে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁৰ ওপৰত কাৰো শক্তি নাখাটে আৰু তেওঁক কোনেও পৰাজিতও কৰিব নোৱাৰে। তেওঁ অবাধ্যতাকাৰীসকলক কঠোৰ শাস্তি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008052.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008052.mp3"},{"index":"53","arabicText":"ذٰلِكَ بِاَنَّ اللّٰهَ لَمْ یَكُ مُغَیِّرًا نِّعْمَةً اَنْعَمَهَا عَلٰی قَوْمٍ حَتّٰی یُغَیِّرُوْا مَا بِاَنْفُسِهِمْ ۙ وَاَنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟ۙ","assameseTranslation":"এইটো এইকাৰণে যে, যদি কোনো সম্প্ৰদায়ে নিজৰ অৱস্থাৰ পৰিবৰ্তন নিজে নকৰে তেন্তে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতক যি নিয়ামত দান কৰিছে তাত কোনো পৰিবৰ্তন আনিব; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"এই কষ্টদায়ক শাস্তি এই কাৰণে যে, আল্লাহে যেতিয়া কোনো জাতিক অনুগ্ৰহ দান কৰে, তেওঁ সেই অনুগ্ৰহ তেতিয়ালৈকে কাঢ়ি নলয়, যেতিয়ালৈকে সিহঁতে ঈমানৰ পৰা, দ্বীনৰ ওপৰত দৃঢ় থকাৰ পৰা, আৰু নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশ কৰা আদিৰ দৰে পৱিত্ৰ অৱস্থাৰ পৰা বেয়া অৱস্থালৈ ৰূপান্তৰিত নহয়, যেনেঃ আল্লাহৰ লগত কুফুৰী কৰা, তেওঁৰ অবাধ্যতা কৰা, তেওঁৰ অনুগ্ৰহৰ অকৃতজ্ঞতা কৰা ইত্যাদি। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু তেওঁলোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বিষয় গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008053.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008053.mp3"},{"index":"54","arabicText":"كَدَاْبِ اٰلِ فِرْعَوْنَ ۙ وَالَّذِیْنَ مِنْ قَبْلِهِمْ ؕ كَذَّبُوْا بِاٰیٰتِ رَبِّهِمْ فَاَهْلَكْنٰهُمْ بِذُنُوْبِهِمْ وَاَغْرَقْنَاۤ اٰلَ فِرْعَوْنَ ۚ وَكُلٌّ كَانُوْا ظٰلِمِیْنَ ۟","assameseTranslation":"ফিৰআউনৰ বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে ইহঁতে নিজ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰে। ফলত সিহঁতৰ পাপকৰ্মৰ বাবে আমি সিহঁতক ধ্বংস কৰিছিলোঁ আৰু ফিৰআউনৰ বংশধৰসকলক ডুবাই মাৰিছিলোঁ; আৰু সিহঁত আটায়ে আছিল যালিম।","footnotes":"","tafseer":"এই কাফিৰসকলৰ অৱস্থা, ফিৰআউন সম্প্ৰদায় তথা সিহঁতৰ পূৰ্বৰ সেইসকল অস্বীকাৰকাৰী সম্প্ৰদায়ৰ দৰে, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰিছে, বিশেষকৈ ফিৰআউনৰ অনুসাৰীসকলক সাগৰত ডুবাই মাৰিছিল। দৰাচলতে ফিৰআউনৰ অনুসাৰীসকল আৰু সিহঁতৰ পূৰ্বে অস্বীকাৰকাৰী সকলো সম্প্ৰদায় আছিল অন্যায়কাৰী বা জালিম, কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু শ্বিৰ্ক কৰিছিল। সেই কাৰণেই সিহঁত শাস্তিৰ সন্মুখীন হৈছিল, আৰু সেই শাস্তি ভোগও কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008054.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008054.mp3"},{"index":"55","arabicText":"اِنَّ شَرَّ الدَّوَآبِّ عِنْدَ اللّٰهِ الَّذِیْنَ كَفَرُوْا فَهُمْ لَا یُؤْمِنُوْنَ ۟ۖۚ","assameseTranslation":"নিশ্চয় বিচৰণকাৰী প্ৰাণীবোৰৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে সেইসকল, যিসকলে কুফুৰী কৰিছে। সেয়ে সিহঁতে ঈমান পোষণ নকৰিব।","footnotes":"","tafseer":"পৃথিৱীত বিচৰণ কৰা আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰে। এতেকে সিহঁতৰ ওচৰত সকলো প্ৰকাৰৰ নিদৰ্শন আহিলেও সিহঁতে ঈমান পোষণ নকৰিব। কিয়নো সিহঁতে কুফৰৰ ওপৰত অটল আছে, লগতে সিহঁতৰ বাবে হিদায়তৰ সকলো উপায় যেনে- বিবেক, কাণ আৰু চকু আদি নিষ্ক্ৰিয় হৈ গৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008055.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008055.mp3"},{"index":"56","arabicText":"اَلَّذِیْنَ عٰهَدْتَّ مِنْهُمْ ثُمَّ یَنْقُضُوْنَ عَهْدَهُمْ فِیْ كُلِّ مَرَّةٍ وَّهُمْ لَا یَتَّقُوْنَ ۟","assameseTranslation":"সিহঁতৰ মাজৰ পৰা যিসকলৰ সৈতে তুমি চুক্তি কৰিছা, সিহঁতে বাৰে বাৰে সিহঁতৰ সেই চুক্তি ভংগ কৰে, আৰু সিহঁতে তাক্বৱা অৱলম্বন নকৰে।","footnotes":"","tafseer":"যিসকলৰ লগত আপুনি সন্ধি তথা প্ৰতিশ্ৰুতি কৰিছে (যেনে বনী কুৰাইজা), কিন্তু সিহঁতে বাৰে বাৰে সেই সন্ধি উলংঘা কৰে, আৰু সিহঁতে আল্লাহক ভয় নকৰে। প্ৰতিশ্ৰুতি কেতিয়াও পূৰণ নকৰে, লগতে সন্ধিৰ প্ৰতিও গুৰুত্বাৰোপ নকৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008056.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008056.mp3"},{"index":"57","arabicText":"فَاِمَّا تَثْقَفَنَّهُمْ فِی الْحَرْبِ فَشَرِّدْ بِهِمْ مَّنْ خَلْفَهُمْ لَعَلَّهُمْ یَذَّكَّرُوْنَ ۟","assameseTranslation":"এতেকে যদি তুমি সিহঁতক যুদ্ধত নিজৰ আয়ত্তত ল’ব পাৰা তেন্তে সিহঁতক এনেকুৱা কঠোৰ শাস্তি প্ৰদান কৰিবা, যাতে সিহঁতৰ পিছফালে যিসকল আছে সিহঁত ছত্ৰভংগ দি পলায়ন কৰে, সম্ভৱতঃ সিহঁতে (ইয়াৰ পৰা) শিক্ষা লাভ কৰিব।","footnotes":"","tafseer":"এতেকে হে ৰাছুল! এনেকুৱা প্ৰতিশ্ৰুতি ভঙ্গকাৰী লোকক যদি আপুনি ৰণক্ষেত্ৰত পায় তেন্তে সিহঁতক শিক্ষাপ্ৰদ শাস্তি বিহিব, যাতে অন্যান্য লোকসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি আপোনাৰ লগত যুদ্ধ কৰাৰ তথা আপোনাৰ শত্ৰুসকলক সহায় কৰাৰ সাহস কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008057.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008057.mp3"},{"index":"58","arabicText":"وَاِمَّا تَخَافَنَّ مِنْ قَوْمٍ خِیَانَةً فَانْۢبِذْ اِلَیْهِمْ عَلٰی سَوَآءٍ ؕ اِنَّ اللّٰهَ لَا یُحِبُّ الْخَآىِٕنِیْنَ ۟۠","assameseTranslation":"আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভংগৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা, নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলক পছন্দ নকৰে।","footnotes":"","tafseer":"আৰু হে ৰাছুল! আপুনি যিসকলৰ লগত সন্ধি কৰিছে, সিহঁতৰ ফালৰ পৰা যদি বিশ্বাসঘাতকতা (সন্ধি ভঙ্গ) কৰাৰ আশংকা হয়, লগতে এই সম্পৰ্কে আপুনি যদি কিছু গতিবিধি লক্ষ্য কৰে, তেন্তে আপুনি সিহঁতক প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ জাননী দি দিয়ক। যাতে এই সম্পৰ্কে সিহঁতেও সমানেই অৱগত থাকে। জানি থওক! সিহঁতক অৱগত নকৰালৈকে সিহঁতৰ ওপৰত আক্ৰমণ নকৰিব। কিয়নো অৱগত নকৰাকৈ আক্ৰমণ কৰাটো হৈছে বিশ্বাসঘাতকতা। আল্লাহে বিশ্বাসঘাতকতা কৰা ব্যক্তিসকলক ভাল নাপায়, বৰং সিহঁতক ঘৃণা কৰে। এতেকে আপুনি বিশ্বাসঘাতকতাৰ পৰা বিৰত থাকক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008058.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008058.mp3"},{"index":"59","arabicText":"وَلَا یَحْسَبَنَّ الَّذِیْنَ كَفَرُوْا سَبَقُوْا ؕ اِنَّهُمْ لَا یُعْجِزُوْنَ ۟","assameseTranslation":"আৰু কাফিৰসকলে যেন এইটো কেতিয়াও নাভাবে যে, সিহঁত (আমাৰ) আয়ত্বৰ বাহিৰত গুচি গৈছে; নিশ্চয় সিহঁতে (আল্লাহক) অপাৰগ কৰিবলৈ সক্ষম নহয়।","footnotes":"","tafseer":"যিসকলে কুফুৰীত লিপ্ত হৈছে, সিহঁতে যেন এইটো নাভাবে যে, সিহঁতে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাইছে, লগতে আল্লাহৰ গ্ৰেপ্তাৰী সীমাৰেখাৰ পৰা ওলাই যোৱাত সফল হৈছে। সিহঁতে আল্লাহৰ পৰাও বাচিব নোৱাৰে আৰু তেওঁৰ শাস্তিৰ পৰাও পলায়ন কৰিব নোৱাৰে। আল্লাহে সিহঁতক যিকোনো উপায়ে জবাবদিহি কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008059.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008059.mp3"},{"index":"60","arabicText":"وَاَعِدُّوْا لَهُمْ مَّا اسْتَطَعْتُمْ مِّنْ قُوَّةٍ وَّمِنْ رِّبَاطِ الْخَیْلِ تُرْهِبُوْنَ بِهٖ عَدُوَّ اللّٰهِ وَعَدُوَّكُمْ وَاٰخَرِیْنَ مِنْ دُوْنِهِمْ ۚ لَا تَعْلَمُوْنَهُمْ ۚ اَللّٰهُ یَعْلَمُهُمْ ؕ وَمَا تُنْفِقُوْا مِنْ شَیْءٍ فِیْ سَبِیْلِ اللّٰهِ یُوَفَّ اِلَیْكُمْ وَاَنْتُمْ لَا تُظْلَمُوْنَ ۟","assameseTranslation":"আৰু তোমালোকে সিহঁতৰ মুকাবিলাৰ বাবে যথাসাধ্য শক্তি-সামৰ্থ আৰু অশ্ব-বাহিনী প্ৰস্তুত কৰা, যিটোৰ দ্বাৰা তোমালোকে ভীত-সন্ত্ৰস্ত কৰিবা আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক লগতে ইয়াৰ বাহিৰেও আন আন লোকসকলক যিসকলক তোমালোকে চিনি নোপোৱা, কিন্তু আল্লাহে সিহঁতক জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা তাৰ পূৰ্ণ প্ৰতিদান তোমালোকক প্ৰদান কৰা হ’ব আৰু তোমালোকৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।","footnotes":"","tafseer":"তথা হে মুমিনসকল! তোমালোকে যিমান সম্ভৱ ইয়াৰ বাবে সংখ্যাবল আৰু অস্ত্ৰ-হাথিয়াৰ যুগুত কৰা, আৰু সিহঁতৰ বাবে সেইসকল ঘোঁড়া প্ৰস্তুত ৰাখিবা, যিবোৰ তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ লালন পালন কৰিছা, যাতে তোমালোকে কাফিৰসকলৰ মাজত থকা আল্লাহৰ শত্ৰুসকলক আৰু তোমালোকৰ শত্ৰুসকলক ভয় দেখুৱাব পাৰা, যিসকলে সদায় তোমালোকক ক্ষতি কৰাৰ অপেক্ষাত থাকে। তথা ইয়াৰ দ্বাৰা যাতে আন আন সম্প্ৰদায়কো ভয় দেখুৱাব পাৰা, যিসকলক তোমালোকে চিনি নোপোৱা, তথা তোমালোকে এইটোও নাজানা যে, সিহঁতে নিজৰ অন্তৰত তোমালোকৰ বিৰুদ্ধে কিমান শত্ৰুতা পোষণ কৰে। সিহঁতক আৰু সিহঁতৰ অন্তৰত থকা গোপন শত্ৰুতাক কেৱল আল্লাহেই ভালদৰে জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা, কম হওক বা বেছি, আল্লাহে সেয়া পৃথিৱীতেই তোমালোকক প্ৰতিদান দিব আৰু আখিৰাতত ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। এতেকে আল্লাহৰ পথত ব্যয় কৰিবলৈ অগ্ৰসৰ হোৱা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008060.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008060.mp3"},{"index":"61","arabicText":"وَاِنْ جَنَحُوْا لِلسَّلْمِ فَاجْنَحْ لَهَا وَتَوَكَّلْ عَلَی اللّٰهِ ؕ اِنَّهٗ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟","assameseTranslation":"আৰু যদি সিহঁতে (শান্তি স্থাপনৰ বাবে) সন্ধিৰ পিনে ঢাল খায় তেন্তে তুমিও তাৰ বাবে আগ্ৰহী হ’বা আৰু আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিবা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।","footnotes":"","tafseer":"যদি সিহঁতে সন্ধি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু যুদ্ধ ত্যাগ কৰিবলৈ প্ৰস্তুত হয়, তেন্তে আপুনিও এই ক্ষেত্ৰত আগবাঢ়ি আহক আৰু সিহঁতৰ লগত সন্ধি কৰক, লগতে আল্লাহৰ ওপৰত ভৰসা কৰক, তেওঁক বিশ্বাস কৰক, তেওঁ কেতিয়াও আপোনাক অসহায় অৱস্থাত নেৰিব। নিশ্চয় তেওঁ সিহঁতৰ সকলো কথা শ্ৰৱণ কৰে, লগতে সিহঁতৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে তেওঁ সম্যক অৱগত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008061.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008061.mp3"},{"index":"62","arabicText":"وَاِنْ یُّرِیْدُوْۤا اَنْ یَّخْدَعُوْكَ فَاِنَّ حَسْبَكَ اللّٰهُ ؕ هُوَ الَّذِیْۤ اَیَّدَكَ بِنَصْرِهٖ وَبِالْمُؤْمِنِیْنَ ۟ۙ","assameseTranslation":"আনহাতে যদি সিহঁতে তোমাক প্ৰতাৰিত কৰিব বিচাৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট, নিশ্চয় তেওঁ তোমাক নিজ সহায়ৰ দ্বাৰা আৰু মুমিনসকলৰ দ্বাৰা শক্তিশালী কৰিছে।","footnotes":"","tafseer":"হে ৰাছুল! যদি সিহঁতে যুদ্ধ বিৰতি আৰু সন্ধিৰ সুযোগ লৈ আপোনাক প্ৰৱঞ্চনা কৰিব বিচাৰে তেন্তে সিহঁতৰ চক্ৰান্ত আৰু ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই আপোনাৰ বাবে যথেষ্ট। তেৱেঁই আপোনাক সহায়ৰ জৰিয়তে শক্তিশালী কৰিছে, লগতে মুছলিম মুহাজিৰ আৰু আনচাৰসকলৰ জৰিয়তে আপোনাক বল প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008062.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008062.mp3"},{"index":"63","arabicText":"وَاَلَّفَ بَیْنَ قُلُوْبِهِمْ ؕ لَوْ اَنْفَقْتَ مَا فِی الْاَرْضِ جَمِیْعًا مَّاۤ اَلَّفْتَ بَیْنَ قُلُوْبِهِمْ وَلٰكِنَّ اللّٰهَ اَلَّفَ بَیْنَهُمْ ؕ اِنَّهٗ عَزِیْزٌ حَكِیْمٌ ۟","assameseTranslation":"আৰু তেৱেঁই সিহঁতৰ পৰস্পৰৰ হৃদয়ৰ মাজত প্ৰীতি স্থাপন কৰিছে। পৃথিৱীৰ যাৱতীয় সম্পদ ব্যয় কৰিলেও তুমি সিহঁতৰ হৃদয়ত প্ৰীতি স্থাপন কৰিব নোৱাৰিলাহেঁতেন; কিন্তু আল্লাহে সিহঁতৰ মাজত প্ৰীতি স্থাপন কৰিছে, নিশ্চয় তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"আৰু যিসকল মুমিনৰ দ্বাৰা আপোনাক সহায় কৰা হৈছে, তেওঁলোকৰ বিস্তৃত অন্তৰসমূহক তেৱেঁই একত্ৰিত কৰিছে। তেওঁলোকৰ অৱস্থা এনেকুৱা আছিল যে, পৃথিৱীৰ সকলো ধন-সম্পদ তেওঁলোকৰ অন্তৰসমূহক একত্ৰিত কৰিবলৈ ব্যয় কৰিলেও আপুনি তেওঁলোকৰ অন্তৰক একত্ৰিত কৰিব নোৱাৰিলেহেঁতেন। কিন্তু আল্লাহে এই কাম কৰি দেখুৱাইছে। ৰাজত্বত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত, নিয়ন্ত্ৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008063.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008063.mp3"},{"index":"64","arabicText":"یٰۤاَیُّهَا النَّبِیُّ حَسْبُكَ اللّٰهُ وَمَنِ اتَّبَعَكَ مِنَ الْمُؤْمِنِیْنَ ۟۠","assameseTranslation":"হে নবী! তোমাৰ বাবে আৰু তোমাৰ অনুসাৰীসকলৰ বাবে আল্লাহেই যথেষ্ট।","footnotes":"","tafseer":"হে নবী! আপোনাক তথা আপোনাৰ মুমিন সঙ্গীসকলক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই যথেষ্ট। এতেকে আল্লাহৰ প্ৰতি বিশ্বাস ৰাখক আৰু তেওঁৰ প্ৰতি ভৰসা কৰক।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008064.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008064.mp3"},{"index":"65","arabicText":"یٰۤاَیُّهَا النَّبِیُّ حَرِّضِ الْمُؤْمِنِیْنَ عَلَی الْقِتَالِ ؕ اِنْ یَّكُنْ مِّنْكُمْ عِشْرُوْنَ صٰبِرُوْنَ یَغْلِبُوْا مِائَتَیْنِ ۚ وَاِنْ یَّكُنْ مِّنْكُمْ مِّائَةٌ یَّغْلِبُوْۤا اَلْفًا مِّنَ الَّذِیْنَ كَفَرُوْا بِاَنَّهُمْ قَوْمٌ لَّا یَفْقَهُوْنَ ۟","assameseTranslation":"হে নবী! তুমি মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা, তোমালোকৰ মাজৰ বিশজন ধৈৰ্য্যশীল ব্যক্তিয়ে দুশজনক পৰাস্ত কৰিব আৰু তোমালোকৰ মাজৰ এশজনে এহেজাৰ কাফিৰৰ ওপৰত বিজয়ী লাভ কৰিব। কাৰণ সিহঁত (কাফিৰসকল) হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।","footnotes":"","tafseer":"হে নবী! মুমিনসকলক যুদ্ধৰ বাবে প্ৰেৰণা দিয়ক, তেওঁলোকৰ সংকল্প মজবুত কৰক, আৰু তেওঁলোকক উৎসাহ দিয়ক। হে মুমিনসকল! তোমালোকৰ বিশ জনে ধৈৰ্য্য সহকাৰে যুদ্ধ কৰিলে কাফিৰসকলৰ দু শ জনক পৰাজিত কৰিব পাৰিব। আনহাতে তোমালোকৰ এ শ জনে ধৈৰ্য্য সহকাৰে যুদ্ধ কৰিলে, কাফিৰসকলৰ এহেজাৰ জনক পৰাজিত কৰিবলৈ সক্ষম হ'ব। কাৰণ কাফিৰসকলে নাজানে যে, আল্লাহে তেওঁৰ বন্ধুসকলক সহায় কৰে আৰু শত্ৰুক নিৰ্মূল কৰি দিয়ে। সিহঁত যুদ্ধৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কেও অৱগত নহয়। সিহঁতে কেৱল পৃথিৱীত মৰ্যাদা পোৱাৰ কাৰণেহে যুদ্ধ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008065.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008065.mp3"},{"index":"66","arabicText":"اَلْـٰٔنَ خَفَّفَ اللّٰهُ عَنْكُمْ وَعَلِمَ اَنَّ فِیْكُمْ ضَعْفًا ؕ فَاِنْ یَّكُنْ مِّنْكُمْ مِّائَةٌ صَابِرَةٌ یَّغْلِبُوْا مِائَتَیْنِ ۚ وَاِنْ یَّكُنْ مِّنْكُمْ اَلْفٌ یَّغْلِبُوْۤا اَلْفَیْنِ بِاِذْنِ اللّٰهِ ؕ وَاللّٰهُ مَعَ الصّٰبِرِیْنَ ۟","assameseTranslation":"আল্লাহে এতিয়া তোমালোকৰ ভাৰ লাঘৱ কৰিছে আৰু তেওঁ অৱগত যে, তোমালোকৰ মাজত দুৰ্বলতা আছে, সেয়ে তোমালোকৰ মাজৰ এশজন ধৈৰ্য্যশীল ব্যক্তিয়ে দুশজনৰ ওপৰত বিজয়ী লাভ কৰিব, আৰু তোমালোকৰ মাজত এহেজাৰ থাকিলে আল্লাহৰ অনুজ্ঞাক্ৰমে সিহঁতে দুহেজাৰৰ ওপৰত বিজয়ী হ’ব। প্ৰকৃতে আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।","footnotes":"","tafseer":"হে মুমিনসকল! এতিয়া আল্লাহে তোমালোকৰ দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ পৰা বোজা লাঘৱ কৰিছে। এতিয়া তেওঁ অনিবাৰ্য্য কৰিছে তোমালোকৰ এজন ব্যক্তিয়ে সিহঁতৰ দহ জনৰ পৰিবৰ্তে দুজনৰ সন্মুখত দৃঢ়ভাৱে মুকাবিলা কৰিব লাগিব। এতেকে তোমালোকৰ মাজৰ এশ জন ধৈৰ্য্যশীল ব্যক্তিয়ে সিহঁতৰ দুশ জনক পৰাস্ত কৰিবলৈ সক্ষম। এইদৰে তোমালোকৰ মাজৰ এহেজাৰজন ধৈৰ্য্যশীল ব্যক্তিয়ে আল্লাহৰ অনুমতিক্ৰমে সিহঁতৰ দুহেজাৰজনক পৰাস্ত কৰিবলৈ সক্ষম। নিশ্চয় আল্লাহৰ সহায় সমৰ্থন ধৈৰ্য্যশীল মুমিনৰ লগত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008066.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008066.mp3"},{"index":"67","arabicText":"مَا كَانَ لِنَبِیٍّ اَنْ یَّكُوْنَ لَهٗۤ اَسْرٰی حَتّٰی یُثْخِنَ فِی الْاَرْضِ ؕ تُرِیْدُوْنَ عَرَضَ الدُّنْیَا ۖۗ وَاللّٰهُ یُرِیْدُ الْاٰخِرَةَ ؕ وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟","assameseTranslation":"পৃথিৱীত সম্পূৰ্ণৰূপে শত্ৰুক উচ্ছন্ন নকৰালৈকে যুদ্ধবন্দী ৰখাটো কোনো নবীৰ বাবেই সংগত নহয়। তোমালোকে কামনা কৰা পাৰ্থিৱ সম্পদ কিন্তু আল্লাহে বিচাৰে আখিৰাত; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"যুদ্ধৰত কাফিৰসকলৰ অধিকাংশক হত্যা নকৰালৈকে সিহঁতক বন্দী বনোৱা কোনো নবীৰ বাবেই উচিত নহয়। এইটো এই কাৰণে যে, যাতে সিহঁতৰ অন্তৰত ভয় প্ৰৱেশ কৰে আৰু পুনৰ যুদ্ধ কৰাৰ সাহস কৰিব নোৱাৰে। হে মুমিনসকল! তোমালোকে বদৰৰ ময়দানৰ পৰা বন্দী কৰা শত্ৰুসকলৰ পৰা মুক্তিপণ ল’ব বিচৰা, অথচ আল্লাহে আখিৰাত বিচাৰে, এইটো পাবলৈ হ’লে ইছলামক সহায় কৰিব লাগিব আৰু ইয়াক শক্তিশালী কৰিব লাগিব। জানি থোৱা! আল্লাহ সত্ত্বাগতভাৱে তথা বৈশিষ্ট্যগতভাৱে মহাপৰাক্ৰমশালী, প্ৰভাৱশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008067.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008067.mp3"},{"index":"68","arabicText":"لَوْلَا كِتٰبٌ مِّنَ اللّٰهِ سَبَقَ لَمَسَّكُمْ فِیْمَاۤ اَخَذْتُمْ عَذَابٌ عَظِیْمٌ ۟","assameseTranslation":"আল্লাহৰ পূৰ্ব বিধান (লিপিবদ্ধ) নাথাকিলে তোমালোকে যি গ্ৰহণ কৰিছা, তাৰকাৰণে তোমালোকৰ ওপৰত মহাশাস্তি আপতিত হ’লহেঁতেন।","footnotes":"","tafseer":"যদি এই বিষয়ে আল্লাহৰ এই লিখিত ফয়চালা নাথাকিলহেঁতেন যে, তোমালোকৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল তথা কয়েদীসকলক মুক্তি দিবলৈ মুক্তিপণ গ্ৰহণ কৰা উচিত, তেন্তে আল্লাহৰ কোনো নিৰ্দেশ অহাৰ পূৰ্বে যুদ্ধলব্ধ সম্পদ আৰু মুক্তিপণ গ্ৰহণ কৰিলে তোমালোকে কঠিন শাস্তিৰ সন্মুখীন হ’লাহেঁতেন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008068.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008068.mp3"},{"index":"69","arabicText":"فَكُلُوْا مِمَّا غَنِمْتُمْ حَلٰلًا طَیِّبًا ۖؗ وَّاتَّقُوا اللّٰهَ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠","assameseTranslation":"এতেকে তোমালোকে যি গনীমত লাভ কৰিছা সেয়া বৈধ আৰু উত্তম বুলি ভোগ কৰা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।","footnotes":"","tafseer":"হে মুমিনসকল! শত্ৰুৰ পৰা তোমালোকে যি যুদ্ধলব্ধ সম্পদ লাভ কৰিবা, তাৰ পৰা তোমালোকে খোৱা। সেয়া তোমালোকৰ বাবে হালাল কৰা হৈছে। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ তেওঁৰ মুমিন বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008069.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008069.mp3"},{"index":"70","arabicText":"یٰۤاَیُّهَا النَّبِیُّ قُلْ لِّمَنْ فِیْۤ اَیْدِیْكُمْ مِّنَ الْاَسْرٰۤی ۙ اِنْ یَّعْلَمِ اللّٰهُ فِیْ قُلُوْبِكُمْ خَیْرًا یُّؤْتِكُمْ خَیْرًا مِّمَّاۤ اُخِذَ مِنْكُمْ وَیَغْفِرْ لَكُمْ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟","assameseTranslation":"হে নবী! তোমালোকৰ কৰায়ত্ত যুদ্ধবন্দীসকলক কোৱা, ‘আল্লাহে যদি তোমালোকৰ হৃদয়ত ভাল কিবা দেখে তেন্তে তোমালোকৰ পৰা (মুক্তিপণ হিচাপে) যি লোৱা হৈছে তাতকৈও উত্তম কিবা তেওঁ তোমালোকক প্ৰদান কৰিব আৰু তোমালোকক ক্ষমা কৰিব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।","footnotes":"","tafseer":"হে নবী! বদৰৰ দিনা যিসকল মুশ্বৰিক আপোনাৰ হাতত বন্দী হৈ আহিছে সিহঁতক কৈ দিয়কঃ যদি তোমালোকৰ অন্তৰত অকণো কল্যাণ থাকে আৰু সৎমানসিকতা থাকে তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পৰা লোৱা মুক্তিপণৰ পৰিবৰ্তে উত্তম বস্তু দান কৰিব। সেয়ে তোমালোকৰ পৰা যি মুক্তিপণ লোৱা হৈছে তাৰ বাবে দুখী নহ'বা। আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি কৃপাকাৰী। আল্লাহৰ এই প্ৰতিশ্ৰুতি সত্যৰূপে বাস্তৱায়ন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আব্বাছ ৰাদ্বিয়াল্লাহু আনহু আৰু আন আন লোকসকলৰ ক্ষেত্ৰত, যিসকলে ইছলাম গ্ৰহণ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008070.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008070.mp3"},{"index":"71","arabicText":"وَاِنْ یُّرِیْدُوْا خِیَانَتَكَ فَقَدْ خَانُوا اللّٰهَ مِنْ قَبْلُ فَاَمْكَنَ مِنْهُمْ ؕ وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟","assameseTranslation":"আৰু সিহঁতে যদি তোমাৰ লগত বিশ্বাসঘাতকতা কৰে, তেন্তে (জানি থোৱা) ইতিপূৰ্বে সিহঁতে আল্লাহৰ লগতো বিশ্বাসঘাতকতা কৰিছে; তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত (তোমাক) শক্তিশালী কৰিছে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।","footnotes":"","tafseer":"হে মুহাম্মদ! ইহঁতে যদি পাকে প্ৰকাৰে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব বিচাৰে, তেন্তে জানি থওক! ইয়াৰ পূৰ্বেও সিহঁতে আল্লাহৰ লগত বিশ্বাসঘাতকতা কৰিছে। আৰু আল্লাহে আপোনাক সিহঁতৰ বিৰুদ্ধে সহায় কৰিছে। এতেকে সিহঁতৰ বহুতো লোক নিহত হৈছে আৰু বহুতো লোক বন্দী হৈ আহিছে। ইয়াৰ পিছতো যদি সিহঁতে পুনৰ এনেকুৱা আচৰণ কৰে তেন্তে সিহঁতে এনেকুৱা শাস্তিৰেই অপেক্ষা কৰা উচিত। নিশ্চয় আল্লাহ তেওঁৰ সৃষ্টিসকলৰ বিষয়ে আৰু সিহঁতৰ কল্যাণ সম্পৰ্কে সম্যক অৱগত, আৰু তেওঁ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008071.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008071.mp3"},{"index":"72","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَهَاجَرُوْا وَجٰهَدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ فِیْ سَبِیْلِ اللّٰهِ وَالَّذِیْنَ اٰوَوْا وَّنَصَرُوْۤا اُولٰٓىِٕكَ بَعْضُهُمْ اَوْلِیَآءُ بَعْضٍ ؕ وَالَّذِیْنَ اٰمَنُوْا وَلَمْ یُهَاجِرُوْا مَا لَكُمْ مِّنْ وَّلَایَتِهِمْ مِّنْ شَیْءٍ حَتّٰی یُهَاجِرُوْا ۚ وَاِنِ اسْتَنْصَرُوْكُمْ فِی الدِّیْنِ فَعَلَیْكُمُ النَّصْرُ اِلَّا عَلٰی قَوْمٍ بَیْنَكُمْ وَبَیْنَهُمْ مِّیْثَاقٌ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে, হিজৰত কৰিছে, জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে (মুমিনসকলক) আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে, তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু। কিন্তু যিসকলে ঈমান আনিছে অথচ হিজৰত কৰা নাই, সিহঁতে হিজৰত নকৰালৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই; আৰু যদি সিহঁতে দ্বীন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰাটো তোমালোকৰ কৰ্তব্য, কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু তেওঁৰ ৰাছুলক সত্য বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিছে, লগতে কুফুৰী চহৰৰ পৰা ইছলামী চহৰলৈ হিজৰত কৰিছে অথবা এনেকুৱা ঠাইৰ পিনে হিজৰত কৰিছে য’ত তেওঁলোকে নিৰাপদে আল্লাহৰ ইবাদত কৰিব পাৰিব। লগতে আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে, আৰু সেইসকল লোক, যিসকলে তেওঁলোকক নিজৰ ঘৰত ঠাই দিছে আৰু তেওঁলোকক সহায় কৰিছে, তেওঁলোকেই হৈছে মুহাজিৰ আৰু তেওঁলোকক সহায়কাৰীসকল হৈছে মদীনাবাসী, আৰু তেওঁলোকে পৰস্পৰে পৰস্পৰৰ সহায়ক। আনহাতে যিসকলে ঈমান পোষণ কৰিছে কিন্তু কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰা নাই, তেওঁলোকে যেতিয়ালৈকে হিজৰত নকৰিব, তেতিয়ালৈকে হে মুমিনসকল তোমালোকৰ বাবে সিহঁতক সহায় কৰা তথা ৰক্ষা কৰা অনিবাৰ্য্য নহয়। কিন্তু যদি কাফিৰসকলে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলায় আৰু তেওঁলোকে তোমালোকৰ পৰা সহায় বিচাৰি আবেদন জনায় তেন্তে তেওঁলোকক সহায় কৰিবা। কিন্তু যদি তোমালোকৰ আৰু তেওঁলোকৰ শত্ৰুৰ মাজত যদি কোনো সন্ধি থাকে আৰু সেই সন্ধি সিহঁতে ভঙ্গও কৰা নাই তেন্তে সেয়া সুকীয়া বিষয়। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ সম্যক অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কৰ্মই গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008072.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008072.mp3"},{"index":"73","arabicText":"وَالَّذِیْنَ كَفَرُوْا بَعْضُهُمْ اَوْلِیَآءُ بَعْضٍ ؕ اِلَّا تَفْعَلُوْهُ تَكُنْ فِتْنَةٌ فِی الْاَرْضِ وَفَسَادٌ كَبِیْرٌ ۟ؕ","assameseTranslation":"আনহাতে যিসকলে কুফুৰী কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু, সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহাবিপৰ্যয়ে দেখা দিব।","footnotes":"","tafseer":"যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতৰ এই কুফুৰীয়ে সিহঁতক একত্ৰিত কৰি ৰাখে। সেয়ে সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে। গতিকে মুমিনসকলে সিহঁতৰ লগত আন্তৰিক বন্ধুত্ব কৰা উচিত নহয়। যদি তোমালোকে মুমিনসকলৰ লগত বন্ধুত্ব আৰু কাফিৰৰ লগত বিদ্বেষ পোষণ নকৰা তেন্তে এইটো মুমিনসকলৰ বাবে ফিত্নাৰ কাৰণ হ'ব। ফলত এনেকুৱা পৰিস্থিতিত কোনো মুছলিম ভায়ে তাক সহায় নকৰিব, আৰু আল্লাহৰ পথত বাধা প্ৰদানৰ এটা ডাঙৰ বিপৰ্যয় সৃষ্টি হ'ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008073.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008073.mp3"},{"index":"74","arabicText":"وَالَّذِیْنَ اٰمَنُوْا وَهَاجَرُوْا وَجٰهَدُوْا فِیْ سَبِیْلِ اللّٰهِ وَالَّذِیْنَ اٰوَوْا وَّنَصَرُوْۤا اُولٰٓىِٕكَ هُمُ الْمُؤْمِنُوْنَ حَقًّا ؕ لَهُمْ مَّغْفِرَةٌ وَّرِزْقٌ كَرِیْمٌ ۟","assameseTranslation":"আৰু যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে (মুমিনসকলক) আশ্ৰয় প্ৰদান কৰিছে লগতে সহায় কৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন; তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।","footnotes":"","tafseer":"তথা যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু তেওঁৰ পথত হিজৰত কৰিছে, তথা যিসকলে মুহাজিৰসকলক আশ্ৰয় দিছে আৰু সহায় কৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে প্ৰতিদান হৈছে গুনাহৰ মাগফিৰাত আৰু আছে উত্তম জীৱিকা অৰ্থাৎ জান্নাত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008074.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008074.mp3"},{"index":"75","arabicText":"وَالَّذِیْنَ اٰمَنُوْا مِنْ بَعْدُ وَهَاجَرُوْا وَجٰهَدُوْا مَعَكُمْ فَاُولٰٓىِٕكَ مِنْكُمْ ؕ وَاُولُوا الْاَرْحَامِ بَعْضُهُمْ اَوْلٰی بِبَعْضٍ فِیْ كِتٰبِ اللّٰهِ ؕ اِنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟۠","assameseTranslation":"আৰু যিসকলে পিছত ঈমান আনিছে, হিজৰত কৰিছে আৰু তোমালোকৰ লগত থাকি জিহাদ কৰিছে তেওঁলোকেও তোমালোকৰ অন্তৰ্ভুক্ত আৰু আল্লাহৰ বিধানত নিকটআত্মীয়সকল হৈছে (আনৰ তুলনাত) ইজনে সিজনৰ বেছি হক্বদাৰ। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক অৱগত।","footnotes":"","tafseer":"প্ৰথমাৱস্থাত ইছলাম গ্ৰহণ কৰা মুহাজিৰ আৰু আনচাৰসকলৰ পিছত যিসকলে ঈমান পোষণ কৰিছে, কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰি আহিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, যাতে আল্লাহৰ বাণী সুউচ্চ হয়, আৰু কাফিৰসকলৰ কথা নিম্নগামী হয়, হে মুমিনসকল! তেওঁলোকেই হৈছে তোমালোকৰ অন্তৰ্ভুক্ত। তেওঁলোকেও সেইসমূহ অধিকাৰ পাব, যিবোৰ তোমালোকে পোৱা। যিবোৰ কৰ্তব্য তোমালোকৰ ওপৰত আছে, সেইবোৰ কৰ্তব্য তেওঁলোকৰ ওপৰতো প্ৰযোজ্য। নিকটাত্মীয়সকল আল্লাহৰ বিধান অনুসাৰে ইজনে সিজনৰ উত্তৰাধিকাৰী হোৱাৰ ক্ষেত্ৰত অধিক নিকটৱৰ্তী, সেইসকল লোকৰত তুলনাত যিসকলে ইতিপূৰ্বে ঈমান আৰু হিজৰতৰ ভিত্তিত উত্তৰাধিকাৰী হৈছিল। নিশ্চয় আল্লাহ সকলো বিষয়তে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ ভালদৰে জানে কোনটো বস্তু তেওঁৰ বান্দাসকলৰ বাবে উপকাৰী। সেয়ে তেওঁ সেইটোৰেই আদেশ দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/008075.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/008075.mp3"}]