[{"index":"1","arabicText":"اِذَا السَّمَآءُ انْفَطَرَتْ ۟ۙ","assameseTranslation":"যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,","footnotes":"","tafseer":"যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, আৰু তাৰ পৰা ফিৰিস্তাসকল নামি আহিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082001.mp3"},{"index":"2","arabicText":"وَاِذَا الْكَوَاكِبُ انْتَثَرَتْ ۟ۙ","assameseTranslation":"আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,","footnotes":"","tafseer":"আৰু যেতিয়া নক্ষত্ৰবোৰ বিক্ষিপ্তভাৱে খহি পৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082002.mp3"},{"index":"3","arabicText":"وَاِذَا الْبِحَارُ فُجِّرَتْ ۟ۙ","assameseTranslation":"আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া সাগৰসমূহক এটাৰ ওপৰত আনটোক খুলি দিয়া হ’ব। ফলত সেইবোৰ পৰস্পৰে মিলিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082003.mp3"},{"index":"4","arabicText":"وَاِذَا الْقُبُوْرُ بُعْثِرَتْ ۟ۙ","assameseTranslation":"আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,","footnotes":"","tafseer":"আৰু যেতিয়া কবৰবোৰৰ মাটি ওলোটাই দিয়া হ’ব, তাৰ ভিতৰত থকা মৃত ব্যক্তিক পুনৰ্জীৱিত কৰাৰ বাবে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082004.mp3"},{"index":"5","arabicText":"عَلِمَتْ نَفْسٌ مَّا قَدَّمَتْ وَاَخَّرَتْ ۟ؕ","assameseTranslation":"তেতিয়া প্ৰত্যেকেই জানিব, সি আগলৈ কি প্ৰেৰণ কৰিছে আৰু পিছফালে কি থৈ আহিছে।","footnotes":"","tafseer":"তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব পাৰিব যে, তেওঁ কোনটো কাম কৰিছে আৰু কোনটো পিছফালে এৰি আহিছে অৰ্থাৎ কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082005.mp3"},{"index":"6","arabicText":"یٰۤاَیُّهَا الْاِنْسَانُ مَا غَرَّكَ بِرَبِّكَ الْكَرِیْمِ ۟ۙ","assameseTranslation":"হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?","footnotes":"","tafseer":"হে নিজ প্ৰতিপালকক অস্বীকাৰকাৰী কাফিৰ ব্যক্তি! কিহে তোমাক তোমাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিবলৈ বাধ্য কৰিছে। যিহেতু তেওঁ তোমালোকক সুযোগ দিছে আৰু নিজ অনুগ্ৰহেৰে শাস্তি প্ৰদানত খৰখেদা কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082006.mp3"},{"index":"7","arabicText":"الَّذِیْ خَلَقَكَ فَسَوّٰىكَ فَعَدَلَكَ ۟ۙ","assameseTranslation":"যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,","footnotes":"","tafseer":"যিয়ে তোমাক অনস্থিত্বৰ পৰা অস্থিত্বলৈ আনিছে, আৰু সঠিক অংগযুক্ত সুবিন্যস্ত আৰু সুসামঞ্জস্য শৰীৰ প্ৰদান কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082007.mp3"},{"index":"8","arabicText":"فِیْۤ اَیِّ صُوْرَةٍ مَّا شَآءَ رَكَّبَكَ ۟ؕ","assameseTranslation":"আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।","footnotes":"","tafseer":"আৰু তেওঁ যি ৰূপত তোমাক সৃষ্টি কৰিবলৈ ইচ্ছা কৰিছে সেই ৰূপতে সৃষ্টি কৰিছে। তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে যে, তোমাক গাধা, বান্দৰ আৰু কুকুৰ আদিৰ ৰূপত সৃষ্টি কৰা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082008.mp3"},{"index":"9","arabicText":"كَلَّا بَلْ تُكَذِّبُوْنَ بِالدِّیْنِ ۟ۙ","assameseTranslation":"কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;","footnotes":"","tafseer":"হে প্ৰৱঞ্চিতসকল! বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে বুজিছা। বাস্তৱতা হৈছে এই যে, তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা আৰু তাৰ বাবে কোনো প্ৰস্তুতি নকৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082009.mp3"},{"index":"10","arabicText":"وَاِنَّ عَلَیْكُمْ لَحٰفِظِیْنَ ۟ۙ","assameseTranslation":"আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;","footnotes":"","tafseer":"তোমালোকৰ ওপৰত এনেকুৱা ফিৰিস্তা নিযুক্ত আছে, যিসকলে তোমালোকৰ আমলসমূহ লিখি থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082010.mp3"},{"index":"11","arabicText":"كِرَامًا كَاتِبِیْنَ ۟ۙ","assameseTranslation":"সন্মানিত লেখক বৃন্দ;","footnotes":"","tafseer":"আল্লাহৰ ওচৰত তেওঁলোক হৈছে সন্মানীয়, যিসকলে তোমালোকৰ আমল লিপিবদ্ধ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082011.mp3"},{"index":"12","arabicText":"یَعْلَمُوْنَ مَا تَفْعَلُوْنَ ۟","assameseTranslation":"তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।","footnotes":"","tafseer":"তেওঁলোকে তোমালোকৰ প্ৰত্যেক কৰ্মৰ বিষয়ে অৱগত, আৰু সেইবোৰ তেওঁলোকে লিখে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082012.mp3"},{"index":"13","arabicText":"اِنَّ الْاَبْرَارَ لَفِیْ نَعِیْمٍ ۟ۙ","assameseTranslation":"নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।","footnotes":"","tafseer":"নিশ্চয় যিসকলে বেছি বেছি ভাল কৰ্ম কৰে, নেক কাম কৰে, তেওঁলোকে ক্বিয়ামতৰ দিনা এনেকুৱা নিয়ামতৰ মাজত থাকিব, যিবোৰ হ’ব চিৰস্থায়ী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082013.mp3"},{"index":"14","arabicText":"وَاِنَّ الْفُجَّارَ لَفِیْ جَحِیْمٍ ۟ۚۖ","assameseTranslation":"আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।","footnotes":"","tafseer":"আনহাতে দূৰাচাৰী লোকসকলে এনেকুৱা জুইৰ মাজত থাকিব, যিটো হ’ব অত্যন্ত উত্তপ্ত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082014.mp3"},{"index":"15","arabicText":"یَّصْلَوْنَهَا یَوْمَ الدِّیْنِ ۟","assameseTranslation":"সিহঁতে তাত প্ৰৱেশ কৰিব প্ৰতিদান দিৱসত;","footnotes":"","tafseer":"সিহঁতে প্ৰতিদান দিৱসত তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তাৰ উত্তাপৰ সন্মুখীন হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082015.mp3"},{"index":"16","arabicText":"وَمَا هُمْ عَنْهَا بِغَآىِٕبِیْنَ ۟ؕ","assameseTranslation":"আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব (বা পলায়ন কৰিব নোৱাৰিব)।","footnotes":"","tafseer":"আৰু সিহঁতে তাৰ পৰা কেতিয়াও পলায়ন কৰিব নোৱাৰিব। বৰং চিৰকাল তাৰ ভিতৰতে থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082016.mp3"},{"index":"17","arabicText":"وَمَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ۟ۙ","assameseTranslation":"আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?","footnotes":"","tafseer":"হে ৰাছুল! আপোনাক কিহে জনাব যে প্ৰতিদান দিৱস কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082017.mp3"},{"index":"18","arabicText":"ثُمَّ مَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ۟ؕ","assameseTranslation":"আকৌ কৈছোঁ, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?","footnotes":"","tafseer":"আকৌ কৈছোঁ, আপোনাক কিহে জনাব যে প্ৰতিদান দিৱস কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082018.mp3"},{"index":"19","arabicText":"یَوْمَ لَا تَمْلِكُ نَفْسٌ لِّنَفْسٍ شَیْـًٔا ؕ وَالْاَمْرُ یَوْمَىِٕذٍ لِّلّٰهِ ۟۠","assameseTranslation":"সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব (একমাত্ৰ) আল্লাহৰ।","footnotes":"","tafseer":"সিদিনাখন কোনেও কাৰো উপকাৰ কৰিব নোৱাৰিব, আৰু সেইদিনা সকলো ক্ষমতা থাকিব কেৱল আল্লাহৰ হাতত। তেওঁ যি ইচ্ছা কৰিব সেইটোৱে কৰিব। আন কাৰো হাতত এনেকুৱা কোনো ক্ষমতা নাথাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/082019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/082019.mp3"}]