[{"index":"1","arabicText":"وَیْلٌ لِّلْمُطَفِّفِیْنَ ۟ۙ","assameseTranslation":"ধ্বংস সিহঁতৰ বাবে যিসকলে জোখ-মাখত কম দিয়ে,","footnotes":"","tafseer":"জোখ-মাখত কম দিয়াসকলৰ বাবে আছে ধ্বংস আৰু ক্ষতি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083001.mp3"},{"index":"2","arabicText":"الَّذِیْنَ اِذَا اكْتَالُوْا عَلَی النَّاسِ یَسْتَوْفُوْنَ ۟ؗۖ","assameseTranslation":"যিসকলে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,","footnotes":"","tafseer":"যিসকলে লোৱাৰ সময়ত সঠিক জোখ- মাখ কৰি লয়, অলপো কম নলয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083002.mp3"},{"index":"3","arabicText":"وَاِذَا كَالُوْهُمْ اَوْ وَّزَنُوْهُمْ یُخْسِرُوْنَ ۟ؕ","assameseTranslation":"আৰু যেতিয়া সিহঁতে মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।","footnotes":"","tafseer":"আৰু যেতিয়া মানুহক দিয়ে তেতিয়া জোখ-মাখত কমকৈ দিয়ে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছল্লামে যেতিয়া মদীনালৈ হিজৰত কৰি আহিছিল তেতিয়া এইটো আছিল মদীনাবাসীৰ অৱস্থা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083003.mp3"},{"index":"4","arabicText":"اَلَا یَظُنُّ اُولٰٓىِٕكَ اَنَّهُمْ مَّبْعُوْثُوْنَ ۟ۙ","assameseTranslation":"সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব?","footnotes":"","tafseer":"এনেকুৱা অসৎকৰ্মত লিপ্ত লোকসকলে পুনৰুত্থিত হৈ আল্লাহৰ আগত থিয় হ’ব লাগিব বুলি বিশ্বাস নকৰে নেকি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083004.mp3"},{"index":"5","arabicText":"لِیَوْمٍ عَظِیْمٍ ۟ۙ","assameseTranslation":"মহাদিৱসৰ দিনা।","footnotes":"","tafseer":"হিচাপ-নিকাচ আৰু পৰিণামৰ দিৱসটো হৈছে এটা মহা দিৱস, কিয়নো তাত কঠিন পৰীক্ষা আৰু ভয়াৱহ পৰিস্থিতিৰে পাৰ হ’ব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083005.mp3"},{"index":"6","arabicText":"یَّوْمَ یَقُوْمُ النَّاسُ لِرَبِّ الْعٰلَمِیْنَ ۟ؕ","assameseTranslation":"যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।","footnotes":"","tafseer":"সিদিনাখন সকলো সৃষ্টিয়ে হিচাপ-নিকাচৰ বাবে আল্লাহৰ আগত থিয় হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083006.mp3"},{"index":"7","arabicText":"كَلَّاۤ اِنَّ كِتٰبَ الْفُجَّارِ لَفِیْ سِجِّیْنٍ ۟ؕ","assameseTranslation":"কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা থাকিব ছিজ্জিনত।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবি আছা যে, মৃত্যুৰ পিছত জীৱিত হ’ব নালাগিব। নিশ্চয় কাফিৰ আৰু মুনাফিকসকলৰ দৰে অসৎকৰ্মকাৰী সকলৰ কৰ্মপত্ৰ নিম্নভূমিৰ সংকীৰ্ণ স্থানত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083007.mp3"},{"index":"8","arabicText":"وَمَاۤ اَدْرٰىكَ مَا سِجِّیْنٌ ۟ؕ","assameseTranslation":"আৰু তোমাক কিহে জনাব যে, ছিজ্জীন কি?","footnotes":"","tafseer":"হে ৰাছুল ! আপোনাক কিহে জনাব যে, ছিজ্জীন কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083008.mp3"},{"index":"9","arabicText":"كِتٰبٌ مَّرْقُوْمٌ ۟ؕ","assameseTranslation":"চিহ্নিত আমলনামা।","footnotes":"","tafseer":"সিহঁতৰ কৰ্মপত্ৰ এনেদৰে লিপিবদ্ধ কৰা হৈছে যে, সেয়া কেতিয়াও মচি নাযাব আৰু তাৰ ভিতৰত কোনো ধৰণৰ কম-বেছিও কৰা নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083009.mp3"},{"index":"10","arabicText":"وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟ۙ","assameseTranslation":"সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,","footnotes":"","tafseer":"সিদিনাখন অস্বীকাৰকাৰীসকলৰ বাবে আছে ক্ষতি আৰু ধ্বংস।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083010.mp3"},{"index":"11","arabicText":"الَّذِیْنَ یُكَذِّبُوْنَ بِیَوْمِ الدِّیْنِ ۟ؕ","assameseTranslation":"যিসকলে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।","footnotes":"","tafseer":"যিসকলে পৰিণাম দিৱসক অস্বীকাৰ কৰে, যিদিনা মহান আল্লাহে তাৰ বান্দাসকলক সিহঁতে কৰা কৰ্মৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083011.mp3"},{"index":"12","arabicText":"وَمَا یُكَذِّبُ بِهٖۤ اِلَّا كُلُّ مُعْتَدٍ اَثِیْمٍ ۟ۙ","assameseTranslation":"আৰু প্ৰত্যেক পাপিষ্ঠ সীমালংঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।","footnotes":"","tafseer":"সেই দিৱসটোক কেৱল সিহঁতেই অস্বীকাৰ কৰে, যিসকলে আল্লাহে নিৰ্ধাৰণ কৰা সীমা লংঘন কৰে আৰু সিহঁত হৈছে অত্যন্ত পাপিষ্ঠ ব্যক্তি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083012.mp3"},{"index":"13","arabicText":"اِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا قَالَ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟ؕ","assameseTranslation":"আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।","footnotes":"","tafseer":"আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আয়াতসমূহ যেতিয়া সিহঁতৰ সন্মুখত পাঠ কৰা হয়, তেতিয়া সিহঁতে কয়ঃ এইবোৰ হৈছে অতীত হোৱা উম্মতসমূহৰ কল্প-কাহিনী মাত্ৰ, আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083013.mp3"},{"index":"14","arabicText":"كَلَّا بَلْ ٚ رَانَ عَلٰی قُلُوْبِهِمْ مَّا كَانُوْا یَكْسِبُوْنَ ۟","assameseTranslation":"কেতিয়াও নহয়, বৰং সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰে ধৰিছে।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে এই অস্বীকাৰকাৰীসকলে ভাবিছে। বৰং সত্য কথাটো হৈছে এই যে, এওঁলোকৰ বিবেকৰ ওপৰত কু-কৰ্মৰ আৱৰণ পৰিছে। গতিকে এওঁলোকে অন্তৰেৰে সত্যৰ পৰ্যবেক্ষণ কৰিব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083014.mp3"},{"index":"15","arabicText":"كَلَّاۤ اِنَّهُمْ عَنْ رَّبِّهِمْ یَوْمَىِٕذٍ لَّمَحْجُوْبُوْنَ ۟ؕ","assameseTranslation":"কেতিয়াও নহয়, নিশ্চয় সিহঁতে সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।","footnotes":"","tafseer":"এইটো সত্য যে, সিহঁতক ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ দৰ্শনৰ পৰা বঞ্চিত কৰা হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083015.mp3"},{"index":"16","arabicText":"ثُمَّ اِنَّهُمْ لَصَالُوا الْجَحِیْمِ ۟ؕ","assameseTranslation":"তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব;","footnotes":"","tafseer":"আৰু সিহঁতে জাহান্নামত প্ৰবেশ কৰি, জাহান্নামৰ অগ্নিত অগ্নিদগ্ধ হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083016.mp3"},{"index":"17","arabicText":"ثُمَّ یُقَالُ هٰذَا الَّذِیْ كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟ؕ","assameseTranslation":"তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে হৈছে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।","footnotes":"","tafseer":"তাৰ পাছত ক্বিয়ামতৰ দিনা সিহঁতক ধমক দি কোৱা হ’বঃ তোমালোকে যিটো শাস্তি ভোগ কৰি আছা, এইটোৱে হৈছে সেই শাস্তি যিটো পৃথিৱীত তোমালোকৰ ৰাছুলে তোমালোকক অৱগত কৰিছিল কিন্তু তোমালোকে তাক অস্বীকাৰ কৰিছিলা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083017.mp3"},{"index":"18","arabicText":"كَلَّاۤ اِنَّ كِتٰبَ الْاَبْرَارِ لَفِیْ عِلِّیِّیْنَ ۟ؕ","assameseTranslation":"কেতিয়াও নহয়, নিশ্চয় পূণ্যৱানসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবিছিলা যে, হিচাপ-নিকাচ আৰু প্ৰতিদান বোলা একোৱেই নাই। নিশ্চয় সৎ লোকৰ কৰ্মপত্ৰ ইল্লিয়্যীনত আছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083018.mp3"},{"index":"19","arabicText":"وَمَاۤ اَدْرٰىكَ مَا عِلِّیُّوْنَ ۟ؕ","assameseTranslation":"আৰু তোমাক কিহে জনাব যে, ইল্লিয়্যীন কি?","footnotes":"","tafseer":"হে ৰাছুল ! আপোনাক কিহে জনাব যে, ইল্লিয়্যীন কি?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083019.mp3"},{"index":"20","arabicText":"كِتٰبٌ مَّرْقُوْمٌ ۟ۙ","assameseTranslation":"চিহ্নিত আমলনামা।","footnotes":"","tafseer":"সিহঁতৰ কৰ্মপত্ৰ এনেদৰে লিখা হ’ব যে, সেয়া কেতিয়াও মচি নাযাব আৰু তাৰ ভিতৰত কোনো ধৰণৰ কম-বেছিও নহ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083020.mp3"},{"index":"21","arabicText":"یَّشْهَدُهُ الْمُقَرَّبُوْنَ ۟ؕ","assameseTranslation":"সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াক অবলোকন কৰে।","footnotes":"","tafseer":"এই কৰ্মপত্ৰৰ ওচৰত প্ৰত্যেক আকাশৰ নৈকট্যপ্ৰাপ্ত ফিৰিস্তাসকল উপস্থিত থাকে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083021.mp3"},{"index":"22","arabicText":"اِنَّ الْاَبْرَارَ لَفِیْ نَعِیْمٍ ۟ۙ","assameseTranslation":"নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।","footnotes":"","tafseer":"নিশ্চয় অধিক আনুগত্যকাৰীসকলে ক্বিয়ামতৰ দিনা এনেকুৱা নিয়ামতৰ মাজত থাকিব, যিবোৰ হ’ব চিৰস্থায়ী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083022.mp3"},{"index":"23","arabicText":"عَلَی الْاَرَآىِٕكِ یَنْظُرُوْنَ ۟ۙ","assameseTranslation":"সুসজ্জিত আসনত বহি দৰ্শন কৰিব।","footnotes":"","tafseer":"সুসজ্জিত আসনত বহি তেওঁলোকে নিজ প্ৰতিপালকক দৰ্শন কৰিব তথা প্ৰত্যেক সেই বস্তুৰ ফালে চাই থাকিব যিবোৰে তেওঁলোকৰ মন জয় কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083023.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083023.mp3"},{"index":"24","arabicText":"تَعْرِفُ فِیْ وُجُوْهِهِمْ نَضْرَةَ النَّعِیْمِ ۟ۚ","assameseTranslation":"তুমি সিহঁতৰ মুখমণ্ডলত সুখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,","footnotes":"","tafseer":"আপুনি যেতিয়া তেওঁলোকক দেখিবলৈ পাব, তেতিয়া তেওঁলোকৰ মুখমণ্ডলৰ সৌন্দৰ্য আৰু সতেজ দেখিয়েই আপুনি তেওঁলোকৰ জীৱন আনন্দময় হোৱাৰ অনুমান কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083024.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083024.mp3"},{"index":"25","arabicText":"یُسْقَوْنَ مِنْ رَّحِیْقٍ مَّخْتُوْمٍ ۟ۙ","assameseTranslation":"সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;","footnotes":"","tafseer":"তেওঁলোকক তেওঁলোকৰ সেৱকসকলে মোহৰ মাৰি থোৱা বিশুদ্ধ সুৰা সেৱন কৰাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083025.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083025.mp3"},{"index":"26","arabicText":"خِتٰمُهٗ مِسْكٌ ؕ وَفِیْ ذٰلِكَ فَلْیَتَنَافَسِ الْمُتَنَافِسُوْنَ ۟ؕ","assameseTranslation":"আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰা উচিত।","footnotes":"","tafseer":"তাৰ পৰা শেষলৈকে মিছক বা কস্তুৰীৰ সুগন্ধি আহি থাকিব। এই সন্মানজনক প্ৰতিদান পোৱাৰ বাবে প্ৰতিযোগীসকলে আল্লাহৰ সন্তুষ্টিমূলক সৎকৰ্মত প্ৰতিযোগিতা কৰা উচিত, আৰু তেওঁৰ অসন্তুষ্টিজনক কৰ্মৰ পৰা বিৰত থকা উচিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083026.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083026.mp3"},{"index":"27","arabicText":"وَمِزَاجُهٗ مِنْ تَسْنِیْمٍ ۟ۙ","assameseTranslation":"আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ দ্বাৰা,","footnotes":"","tafseer":"আৰু এই মোহৰাবদ্ধ পানীয়ৰ সৈতে তাছনীম নিজৰাৰ পানী মিশ্ৰিত হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083027.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083027.mp3"},{"index":"28","arabicText":"عَیْنًا یَّشْرَبُ بِهَا الْمُقَرَّبُوْنَ ۟ؕ","assameseTranslation":"(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে সেৱন কৰিব।","footnotes":"","tafseer":"এইটো হৈছে জান্নাতত থকা আটাইতকৈ উচ্চ স্থানৰ এটা নিজৰা। যাৰ বিশুদ্ধ পানী কেৱল আল্লাহৰ নৈকট্যপ্ৰাপ্ত বান্দাসকলে সেৱন কৰিব। আনহাতে অন্য মুমিনসকলে ইয়াৰ দ্বাৰা মিশ্ৰিত পানী সেৱন কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083028.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083028.mp3"},{"index":"29","arabicText":"اِنَّ الَّذِیْنَ اَجْرَمُوْا كَانُوْا مِنَ الَّذِیْنَ اٰمَنُوْا یَضْحَكُوْنَ ۟ؗۖ","assameseTranslation":"নিশ্চয় যিসকলে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,","footnotes":"","tafseer":"নিশ্চয় যিসকলে কুফুৰীৰ পথত অটল থাকি অপৰাধ কৰিছে, সিহঁতে মুমিনসকলক ঠাট্টা কৰি উপহাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083029.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083029.mp3"},{"index":"30","arabicText":"وَاِذَا مَرُّوْا بِهِمْ یَتَغَامَزُوْنَ ۟ؗۖ","assameseTranslation":"আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।","footnotes":"","tafseer":"আৰু যেতিয়া মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া ঠাট্টা আৰু উপহাস স্বৰূপে পৰস্পৰে চকু টিপি ইংগিত দিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083030.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083030.mp3"},{"index":"31","arabicText":"وَاِذَا انْقَلَبُوْۤا اِلٰۤی اَهْلِهِمُ انْقَلَبُوْا فَكِهِیْنَ ۟ؗۖ","assameseTranslation":"আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উৎফুল্লিত হৈ উভতিছিল,","footnotes":"","tafseer":"আৰু যেতিয়া পৰিয়ালৰ ওচৰলৈ উভতিছিল তেতিয়া সিহঁতে আনন্দচিত্তে উভতিছিল, কাৰণ সিহঁত কুফুৰীৰ ওপৰত অটল আছে আৰু মুমিনসকলক উপহাস কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083031.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083031.mp3"},{"index":"32","arabicText":"وَاِذَا رَاَوْهُمْ قَالُوْۤا اِنَّ هٰۤؤُلَآءِ لَضَآلُّوْنَ ۟ۙ","assameseTranslation":"আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।","footnotes":"","tafseer":"আৰু যেতিয়া মুছলমানক দেখিছিল তেতিয়া কৈছিলঃ এওঁলোকেই হৈছে সঠিক পথৰ পৰা পথভ্ৰষ্ট হোৱা লোক। কিয়নো এওঁলোকে নিজ পিতৃ-পুৰুষৰ ধৰ্ম ত্যাগ কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083032.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083032.mp3"},{"index":"33","arabicText":"وَمَاۤ اُرْسِلُوْا عَلَیْهِمْ حٰفِظِیْنَ ۟ؕ","assameseTranslation":"অথচ সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক হিচাপে পঠোৱা হোৱা নাছিল।","footnotes":"","tafseer":"যদিও মহান আল্লাহে সিহঁতক মুমিনসকলৰ আমল সংৰক্ষণ কৰাৰ দায়িত্ব দিয়া নাই, তথাপিও সিহঁতে এনেকুৱা কথা কয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083033.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083033.mp3"},{"index":"34","arabicText":"فَالْیَوْمَ الَّذِیْنَ اٰمَنُوْا مِنَ الْكُفَّارِ یَضْحَكُوْنَ ۟ۙ","assameseTranslation":"এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।","footnotes":"","tafseer":"সেয়েহে ক্বিয়ামতৰ দিনা মুমিনসকলে কাফিৰসকলৰ প্ৰতি উপহাস কৰিব, যিদৰে পৃথিৱীত কাফিৰসকলে তেওঁলোকৰ প্ৰতি উপহাস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083034.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083034.mp3"},{"index":"35","arabicText":"عَلَی الْاَرَآىِٕكِ ۙ یَنْظُرُوْنَ ۟ؕ","assameseTranslation":"সুসজ্জিত আসনত বহি দৰ্শন কৰিব।","footnotes":"","tafseer":"তেওঁলোকে আসনত বহি মহান আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা চিৰস্থায়ী নিয়ামতবোৰ চাই থাকিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083035.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083035.mp3"},{"index":"36","arabicText":"هَلْ ثُوِّبَ الْكُفَّارُ مَا كَانُوْا یَفْعَلُوْنَ ۟۠","assameseTranslation":"কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?","footnotes":"","tafseer":"নিশ্চয় কাফিৰসকলক পৃথিৱীত কৰা সিহঁতৰ অসৎকৰ্মৰ প্ৰতিদান অপমানজনক শাস্তিৰূপে দিয়া হ’ব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/083036.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/083036.mp3"}]