[{"index":"1","arabicText":"وَالسَّمَآءِ ذَاتِ الْبُرُوْجِ ۟ۙ","assameseTranslation":"শপত বুৰূজবিশিষ্ট আকাশৰ,","footnotes":"","tafseer":"মহান আল্লাহে আকাশৰ শপত কৰিছে, যাৰ ভিতৰত সূৰ্য্য, চন্দ্ৰ আদিৰ কক্ষপথসমূহকো সামৰি লৈছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085001.mp3"},{"index":"2","arabicText":"وَالْیَوْمِ الْمَوْعُوْدِ ۟ۙ","assameseTranslation":"শপত প্ৰতিশ্ৰুতিকৃত দিৱসৰ,","footnotes":"","tafseer":"আৰু ক্বিয়ামতৰ দিৱসৰো শপত কৰিছে, যিদিনাখন সকলো সৃষ্টিবোৰক একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085002.mp3"},{"index":"3","arabicText":"وَشَاهِدٍ وَّمَشْهُوْدٍ ۟ؕ","assameseTranslation":"শপত দ্ৰষ্টা আৰু দৃষ্টৰ,","footnotes":"","tafseer":"আৰু প্ৰত্যেক সাক্ষীদাতাৰ শপত কৰিছে, যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ উম্মতৰ হৈ সাক্ষী দিব। এইদৰে প্ৰত্যেক সেই ব্যক্তিৰ শপত কৰিছে, যাৰ হৈ সাক্ষ্য প্ৰদান কৰা হ'ব, যেনে- প্ৰত্যেক উম্মতৰ হৈ তেওঁলোকৰ নবীয়ে সাক্ষ্য প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085003.mp3"},{"index":"4","arabicText":"قُتِلَ اَصْحٰبُ الْاُخْدُوْدِ ۟ۙ","assameseTranslation":"অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,","footnotes":"","tafseer":"অভিসম্পাত সেইসকল লোকৰ ওপৰত, যিসকলে ডাঙৰ গাত খান্দি মহাকুণ্ড প্ৰস্তুত কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085004.mp3"},{"index":"5","arabicText":"النَّارِ ذَاتِ الْوَقُوْدِ ۟ۙ","assameseTranslation":"য’ত আছিল ইন্ধনপূৰ্ণ জুই।","footnotes":"","tafseer":"আৰু তাৰ ভিতৰত জুই জ্বলাইছিল আৰু মুমিনসকলক জীৱন্তে তাৰ ভিতৰত নিক্ষেপ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085005.mp3"},{"index":"6","arabicText":"اِذْ هُمْ عَلَیْهَا قُعُوْدٌ ۟ۙ","assameseTranslation":"যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;","footnotes":"","tafseer":"যেতিয়া সিহঁতে সেই অগ্নিগৰ্ভা কুণ্ডৰ ওচৰত বহি আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085006.mp3"},{"index":"7","arabicText":"وَّهُمْ عَلٰی مَا یَفْعَلُوْنَ بِالْمُؤْمِنِیْنَ شُهُوْدٌ ۟ؕ","assameseTranslation":"আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।","footnotes":"","tafseer":"আৰু সিহঁতে মুমিনসকলক যি শাস্তি দিছিল, তাৰ বাবে সিহঁত নিজেই সাক্ষী, কিয়নো সিহঁতে তাত উপস্থিত হৈ সেইবোৰ প্ৰত্যক্ষ কৰি আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085007.mp3"},{"index":"8","arabicText":"وَمَا نَقَمُوْا مِنْهُمْ اِلَّاۤ اَنْ یُّؤْمِنُوْا بِاللّٰهِ الْعَزِیْزِ الْحَمِیْدِ ۟ۙ","assameseTranslation":"আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,","footnotes":"","tafseer":"আৰু সেই কাফিৰসকলে মুমিনসকলক কেৱল এইটোৱে দোষ দিছিল যে, তেওঁলোকে আল্লাহৰ প্ৰতি ঈমান আনিছে, যিজন প্ৰভুত্বশালী, যাক কোনেও পৰাজিত কৰিব নোৱাৰে, আৰু তেওঁ প্ৰত্যেক ক্ষেত্ৰতে প্ৰশংসনীয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085008.mp3"},{"index":"9","arabicText":"الَّذِیْ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟ؕ","assameseTranslation":"যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।","footnotes":"","tafseer":"আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃত্ব একমাত্ৰ তেওঁৰেই হাতত, আৰু তেওঁ প্ৰত্যেক বস্তুৰ বিষয়ে অৱগত। বান্দাৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085009.mp3"},{"index":"10","arabicText":"اِنَّ الَّذِیْنَ فَتَنُوا الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ثُمَّ لَمْ یَتُوْبُوْا فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ الْحَرِیْقِ ۟ؕ","assameseTranslation":"নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, লগতে সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।","footnotes":"","tafseer":"নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক আল্লাহৰ প্ৰতি ঈমান পোষণৰ পৰা ওভোতাই আনিবলৈ অগ্নিৰ শাস্তি বিহিছিল, আৰু ইয়াৰ পাছত যিসকলে সেই অপৰাধৰ পৰা তাওবা কৰা নাই, সিহঁতৰ বাবে জাহান্নামৰ শাস্তি আছে। সিহঁতৰ বাবে অগ্নিৰ শাস্তি প্ৰস্তুত কৰি ৰখা হৈছে, যি অগ্নিয়ে সিহঁতক পুৰিব। এই শাস্তি হৈছে মুমিনসকলক জুইত জ্বলোৱাৰ পৰিণাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085010.mp3"},{"index":"11","arabicText":"اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؔؕ۬ ذٰلِكَ الْفَوْزُ الْكَبِیْرُ ۟ؕ","assameseTranslation":"নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীমালা প্ৰবাহিত; এইটোৱে হৈছে মহা সফলতা।","footnotes":"","tafseer":"নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে এনেকুৱা জান্নাত, যাৰ অট্টালিকা আৰু গছ-গছনিসমূহৰ তলেদি নৈ বৈ থাকিব। এইটোৱে হৈছে তেওঁলোকৰ বাবে প্ৰস্তুতকৃত সেই মহা প্ৰতিদান, যাৰ সৈতে কোনো সফলতাৰে তুলনা হ’ব নোৱাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085011.mp3"},{"index":"12","arabicText":"اِنَّ بَطْشَ رَبِّكَ لَشَدِیْدٌ ۟ؕ","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালকৰ কৰায়ত্ব অতি কঠোৰ।","footnotes":"","tafseer":"হে ৰাছুল! নিশ্চয় অত্যাচাৰীসকলৰ বাবে তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী বৰ কঠোৰ। যদিও তেওঁ সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দি থয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085012.mp3"},{"index":"13","arabicText":"اِنَّهٗ هُوَ یُبْدِئُ وَیُعِیْدُ ۟ۚ","assameseTranslation":"তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,","footnotes":"","tafseer":"তেৱেঁই মাখলুক আৰু শাস্তিক নতুনকৈ সৃষ্টি কৰে, আৰু তেৱেঁই এইবোৰৰ পুনৰাবৃত্তি ঘটায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085013.mp3"},{"index":"14","arabicText":"وَهُوَ الْغَفُوْرُ الْوَدُوْدُ ۟ۙ","assameseTranslation":"নিশ্চয় তেওঁ ক্ষমাশীল, অতি স্নেহশীল।","footnotes":"","tafseer":"আৰু তেৱেঁই ক্ষমাশীল যিয়ে তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে, আৰু নিশ্চয় তেওঁ মুত্তাক্বী বান্দাসকলক ভাল পায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085014.mp3"},{"index":"15","arabicText":"ذُو الْعَرْشِ الْمَجِیْدُ ۟ۙ","assameseTranslation":"আৰছৰ অধিপতি, মহা সন্মানীয়।","footnotes":"","tafseer":"তেৱেঁই মহা আৰছৰ অধিপতি।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085015.mp3"},{"index":"16","arabicText":"فَعَّالٌ لِّمَا یُرِیْدُ ۟ؕ","assameseTranslation":"তেওঁ যি বিচাৰে সেইটোৱে কৰে।","footnotes":"","tafseer":"তেওঁ যিটো ইচ্ছা কৰে সেইটোৱে কৰে। যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে শাস্তি দিয়ে। তেওঁক বাধ্য কৰিব পৰা কোনো নাই।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085016.mp3"},{"index":"17","arabicText":"هَلْ اَتٰىكَ حَدِیْثُ الْجُنُوْدِ ۟ۙ","assameseTranslation":"তোমাৰ ওচৰলৈ সৈন্যবাহিনীৰ বৃত্তান্ত আহি পাইছেনে?","footnotes":"","tafseer":"হে ৰাছুল! যি সৈন্যবাহিনীয়ে সত্যৰ বিৰুদ্ধে যুঁজিবলৈ তথা সত্যক বাধা প্ৰদান কৰিবলৈ আহিছিল, সিহঁতৰ বিষয়ে আপোনাৰ ওচৰলৈ সংবাদ আহি পাইছেনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085017.mp3"},{"index":"18","arabicText":"فِرْعَوْنَ وَثَمُوْدَ ۟ؕ","assameseTranslation":"ফিৰআউনৰ আৰু ছামূদৰ।","footnotes":"","tafseer":"ফিৰআউন আৰু ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ বিষয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085018.mp3"},{"index":"19","arabicText":"بَلِ الَّذِیْنَ كَفَرُوْا فِیْ تَكْذِیْبٍ ۟ۙ","assameseTranslation":"তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;","footnotes":"","tafseer":"সিহঁতে ঈমান পোষণ নকৰাৰ কাৰণ এইটো নাছিল যে, সিহঁতৰ ওচৰলৈ পূৰ্বৱৰ্তী অস্বীকাৰকাৰী জাতিসকলৰ আৰু সিহঁতৰ বিনাশৰ সংবাদ আহি পোৱা নাছিল। বৰং মূল কথাটো হৈছে এই যে, সিহঁতে কেৱল প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085019.mp3"},{"index":"20","arabicText":"وَّاللّٰهُ مِنْ وَّرَآىِٕهِمْ مُّحِیْطٌ ۟ۚ","assameseTranslation":"আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।","footnotes":"","tafseer":"মহান আল্লাহে সিহঁতৰ প্ৰতিটো কৰ্ম সম্পৰ্কে অৱগত আৰু সেইবোৰ হিচাপ কৰি ৰাখিছে। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085020.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085020.mp3"},{"index":"21","arabicText":"بَلْ هُوَ قُرْاٰنٌ مَّجِیْدٌ ۟ۙ","assameseTranslation":"প্ৰকৃততে এইখন হৈছে সন্মানিত কোৰআন,","footnotes":"","tafseer":"এই কোৰআন কোনো কবিতাগ্ৰন্থ বা ছন্দযুক্ত বাণী নহয়, যিদৰে অস্বীকাৰকাৰীসকলে দাবী কৰে, বৰং এইখন হৈছে পৱিত্ৰ কোৰআন।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085021.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085021.mp3"},{"index":"22","arabicText":"فِیْ لَوْحٍ مَّحْفُوْظٍ ۟۠","assameseTranslation":"সুৰক্ষিত ফলকত লিপিবদ্ধ।","footnotes":"","tafseer":"এইখন এনেকুৱা সুৰক্ষিত ফলকত লিপিবদ্ধ আছে, যিটো পৰিৱৰ্তন, পৰিবৰ্ধন, বিকৃত আৰু দূৰাচাৰৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/085022.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/085022.mp3"}]