[{"index":"1","arabicText":"وَالسَّمَآءِ وَالطَّارِقِ ۟ۙ","assameseTranslation":"শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;","footnotes":"","tafseer":"মহান আল্লাহে আকাশৰ শপত কৰিছে তথা ৰাতিত দেখা দিয়া তৰাৰ শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086001.mp3"},{"index":"2","arabicText":"وَمَاۤ اَدْرٰىكَ مَا الطَّارِقُ ۟ۙ","assameseTranslation":"আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি?","footnotes":"","tafseer":"হে ৰাছুল! আপুনি এই মহত্বপূৰ্ণ তৰাটোৰ বিষয়ে কিবা জানেনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086002.mp3"},{"index":"3","arabicText":"النَّجْمُ الثَّاقِبُ ۟ۙ","assameseTranslation":"(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।","footnotes":"","tafseer":"এইটো হৈছে সেই তৰা, যিটো নিজৰ তীব্ৰ কিৰণেৰে আকাশক আলোকিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086003.mp3"},{"index":"4","arabicText":"اِنْ كُلُّ نَفْسٍ لَّمَّا عَلَیْهَا حَافِظٌ ۟ؕ","assameseTranslation":"প্ৰত্যেক জীৱৰ ওপৰতেই এজন তত্ত্বাৱধায়ক আছে।","footnotes":"","tafseer":"প্ৰত্যকৰে বাবে মহান আল্লাহে এজনকৈ ফিৰিস্তা নিয়োগ কৰিছে, যিয়ে ক্বিয়ামত দিৱসত হ’বলগীয়া হিচাপ-নিকাচৰ বাবে আমলসমূহ সংৰক্ষণ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086004.mp3"},{"index":"5","arabicText":"فَلْیَنْظُرِ الْاِنْسَانُ مِمَّ خُلِقَ ۟ؕ","assameseTranslation":"এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!","footnotes":"","tafseer":"মানুহে চিন্তা কৰা উচিত যে, মহান আল্লাহে তেওঁলোকক কি বস্তুৰে সৃষ্টি কৰিছে, যাতে সিহঁতৰ আগত আল্লাহৰ ক্ষমতা প্ৰকাশ পায় আৰু মানুহৰ দূৰ্বলতা স্পষ্ট হৈ যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086005.mp3"},{"index":"6","arabicText":"خُلِقَ مِنْ مَّآءٍ دَافِقٍ ۟ۙ","assameseTranslation":"তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত স্খলিত হোৱা পানীৰে,","footnotes":"","tafseer":"মহান আল্লাহে মানুহক এনেকুৱা পানীৰে সৃষ্টি কৰিছে, যি পানী দ্ৰুতগতিত স্খলিত হৈ গৰ্ভাশয়ত প্ৰৱেশ কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086006.mp3"},{"index":"7","arabicText":"یَّخْرُجُ مِنْ بَیْنِ الصُّلْبِ وَالتَّرَآىِٕبِ ۟ؕ","assameseTranslation":"যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।","footnotes":"","tafseer":"এই পানী নিৰ্গত হয় পুৰুষৰ মেৰুদণ্ড আৰু বুকুৰ হাড়ৰ মাজৰ পৰা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086007.mp3"},{"index":"8","arabicText":"اِنَّهٗ عَلٰی رَجْعِهٖ لَقَادِرٌ ۟ؕ","assameseTranslation":"নিশ্চয় তেওঁ তাক ওভোতাই আনিবলৈ সক্ষম।","footnotes":"","tafseer":"যি সত্ত্বাই মানুহক এই তুচ্ছ পানীৰ দ্বাৰা সৃষ্টি কৰিছে, তেওঁ নিশ্চয় মৃত্যুৰ পিছত হিচাপ-নিকাচৰ বাবে তাক পুনৰ জীৱিত কৰি উত্থিত কৰিবলৈও সক্ষম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086008.mp3"},{"index":"9","arabicText":"یَوْمَ تُبْلَی السَّرَآىِٕرُ ۟ۙ","assameseTranslation":"যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,","footnotes":"","tafseer":"যিদিনাখন গোপন ভেদসমূহ পৰ্যবেক্ষণ কৰা হ’ব, সিদিনা অন্তৰৰ ভিতৰত থকা গোপন নিয়ত আৰু আস্থা বা আক্বীদাহবোৰো প্ৰকাশ কৰা হ’ব আৰু এনেদৰে সৎ আৰু অসৎ চিনাক্ত হৈ যাব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086009.mp3"},{"index":"10","arabicText":"فَمَا لَهٗ مِنْ قُوَّةٍ وَّلَا نَاصِرٍ ۟ؕ","assameseTranslation":"সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।","footnotes":"","tafseer":"সিদিনা আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাব পৰা মানুহৰ ওচৰত কোনো শক্তি সামৰ্থ নাথাকিব, এইদৰে সিহঁতৰ কোনো সহায়কাৰীও নাথাকিব, যিয়ে সিহঁতক সহায় কৰিব পাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086010.mp3"},{"index":"11","arabicText":"وَالسَّمَآءِ ذَاتِ الرَّجْعِ ۟ۙ","assameseTranslation":"শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে,","footnotes":"","tafseer":"মহান আল্লাহে বৰষুণযুক্ত আকাশৰ শপত কৰিছে, কিয়নো বৰষুণ আকাশৰ পৰাই বাৰে বাৰে বৰ্ষণ হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086011.mp3"},{"index":"12","arabicText":"وَالْاَرْضِ ذَاتِ الصَّدْعِ ۟ۙ","assameseTranslation":"শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,","footnotes":"","tafseer":"আৰু পৃথিৱীৰ শপত কৰিছে, যিটো বিদীৰ্ণ হৈ তাৰ পৰা বনলতা, ফল-মূল আৰু গছ-বৃক্ষ গজে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086012.mp3"},{"index":"13","arabicText":"اِنَّهٗ لَقَوْلٌ فَصْلٌ ۟ۙ","assameseTranslation":"নিশ্চয় এইখন (আল-কোৰআন) হৈছে মীমাংসাকাৰী বাণী।","footnotes":"","tafseer":"নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে এনেকুৱা বাণী, যিয়ে সত্য আৰু অসত্য তথা সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰি দিয়ে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086013.mp3"},{"index":"14","arabicText":"وَّمَا هُوَ بِالْهَزْلِ ۟ؕ","assameseTranslation":"আৰু এইখন নিৰৰ্থক নহয়।","footnotes":"","tafseer":"এয়া কোনো খেল-ধেমালি আৰু অযথা গল্প-কাহিনী নহয়, বৰং এইটো হৈছে বাস্তৱিকতা আৰু সত্য।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086014.mp3"},{"index":"15","arabicText":"اِنَّهُمْ یَكِیْدُوْنَ كَیْدًا ۟ۙ","assameseTranslation":"নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে,","footnotes":"","tafseer":"নিশ্চিতৰূপে ৰাছুলে লৈ অহা চৰীয়তৰ বিৰুদ্ধে অস্বীকাৰকাৰীসকলে ভীষণ ষড়যন্ত্ৰ কৰে, যাতে তেওঁৰ দাৱাত বন্ধ হয় আৰু এই চৰীয়তক বিনাশ কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086015.mp3"},{"index":"16","arabicText":"وَّاَكِیْدُ كَیْدًا ۟ۚۖ","assameseTranslation":"আৰু ময়ো ভীষণ কৌশল কৰিছোঁ।","footnotes":"","tafseer":"আনহাতে ময়ো ইছলামক প্ৰকাশ কৰিবলৈ আৰু মিছাক বিতাড়িত কৰিবলৈ কৌশল কৰিছোঁ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086016.mp3"},{"index":"17","arabicText":"فَمَهِّلِ الْكٰفِرِیْنَ اَمْهِلْهُمْ رُوَیْدًا ۟۠","assameseTranslation":"এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।","footnotes":"","tafseer":"হে ৰাছুল! এতেকে এই কাফিৰসকলক কিছু সময়ৰ বাবে অৱকাশ দিয়ক, আৰু সিহঁতৰ শাস্তি আৰু ধ্বংসৰ বাবে খৰখেদা নকৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/086017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/086017.mp3"}]