[{"index":"1","arabicText":"وَالشَّمْسِ وَضُحٰىهَا ۟","assameseTranslation":"শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,","footnotes":"","tafseer":"মহান আল্লাহে সূৰ্য্যৰ আৰু পূৰ্ব দিশত উদয় হোৱা সময়ৰ শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091001.mp3"},{"index":"2","arabicText":"وَالْقَمَرِ اِذَا تَلٰىهَا ۟","assameseTranslation":"শপত চন্দ্ৰৰ, যেতিয়া সূৰ্যৰ পিছত ইয়াৰ আবিৰ্ভাৱ হয়,","footnotes":"","tafseer":"আৰু চন্দ্ৰৰ শপত কৰিছে যেতিয়া ই সূৰ্য্যৰ পিছত আবিৰ্ভাৱ হয়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091002.mp3"},{"index":"3","arabicText":"وَالنَّهَارِ اِذَا جَلّٰىهَا ۟","assameseTranslation":"আৰু দিনৰ শপত, যেতিয়া ই সূৰ্যক প্ৰকাশ কৰে,","footnotes":"","tafseer":"তেওঁ দিনৰ শপত কৰিছে, যেতিয়া ই তাৰ পোহৰেৰে পৃথিৱীৰ সকলো বস্তুকে আলোকিত কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091003.mp3"},{"index":"4","arabicText":"وَالَّیْلِ اِذَا یَغْشٰىهَا ۟","assameseTranslation":"ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,","footnotes":"","tafseer":"আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই পৃথিৱীত সম্প্ৰসাৰিত হয়, ফলত পৃথিৱী অন্ধকাৰাচ্ছন্ন হৈ পৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091004.mp3"},{"index":"5","arabicText":"وَالسَّمَآءِ وَمَا بَنٰىهَا ۟","assameseTranslation":"শপত আকাশৰ আৰু সেই সত্ত্বাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,","footnotes":"","tafseer":"আৰু আকাশ তথা ইয়াৰ মজবুত নিৰ্মাণৰ শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091005.mp3"},{"index":"6","arabicText":"وَالْاَرْضِ وَمَا طَحٰىهَا ۟","assameseTranslation":"পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,","footnotes":"","tafseer":"আৰু পৃথিৱী তথা ইয়াৰ প্ৰসাৰতাৰ শপত কৰিছে, যাতে ইয়াৰ ওপৰত মানুহে বসবাস কৰিব পাৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091006.mp3"},{"index":"7","arabicText":"وَنَفْسٍ وَّمَا سَوّٰىهَا ۟","assameseTranslation":"শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,","footnotes":"","tafseer":"আৰু প্ৰত্যেক নফছৰেই শপত কৰিছে আৰু সেইবোৰক সুবিন্যস্তভাৱে গঠন কৰা শপত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091007.mp3"},{"index":"8","arabicText":"فَاَلْهَمَهَا فُجُوْرَهَا وَتَقْوٰىهَا ۟","assameseTranslation":"তাৰ পিছত ইয়াক তাৰ সৎকৰ্মৰ আৰু অসৎকৰ্মৰ জ্ঞান দান কৰিছে,","footnotes":"","tafseer":"আৰু তাক শিক্ষা নিদিয়াকৈ বুজাই দিছে যে, কোনটো বেয়া, যাৰ পৰা বিৰত থাকিব লাগিব আৰু কোনটো ভাল যিটো কৰিব লাগিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091008.mp3"},{"index":"9","arabicText":"قَدْ اَفْلَحَ مَنْ زَكّٰىهَا ۟","assameseTranslation":"নিঃসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।","footnotes":"","tafseer":"সেই ব্যক্তি সফল হৈছে, যিয়ে তাৰ আত্মাক সদাচাৰিতাৰ জৰিয়তে অলংকৃত কৰিছে, আৰু দূৰাচাৰৰ পৰা বিৰত থাকি পৱিত্ৰ ৰাখিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091009.mp3"},{"index":"10","arabicText":"وَقَدْ خَابَ مَنْ دَسّٰىهَا ۟ؕ","assameseTranslation":"আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।","footnotes":"","tafseer":"আৰু সেই ব্যক্তি ক্ষতিগ্ৰস্থ হৈছে, যিয়ে নিজৰ আত্মাক অবাধ্যতা আৰু পাপকৰ্মৰ জৰিয়তে কলুষিত কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091010.mp3"},{"index":"11","arabicText":"كَذَّبَتْ ثَمُوْدُ بِطَغْوٰىهَاۤ ۟","assameseTranslation":"ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশতঃ (সত্যক) অস্বীকাৰ কৰিছিল।","footnotes":"","tafseer":"ছামুদ সম্প্ৰদায়ে অবাধ্যতা আৰু পাপকৰ্মৰ ক্ষেত্ৰত সীমালংঘন কৰাৰ কাৰণে সিহঁতৰ নবী ছলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091011.mp3"},{"index":"12","arabicText":"اِذِ انْۢبَعَثَ اَشْقٰىهَا ۟","assameseTranslation":"যেতিয়া সিহঁতৰ মাজৰ দুৰ্ভগীয়া ব্যক্তিজন তৎপৰ হৈ উঠিছিল,","footnotes":"","tafseer":"যেতিয়া সিহঁতৰ মাজৰ আটাইতকৈ দুৰ্ভগীয়া ব্যক্তিয়ে তাৰ সম্প্ৰদায়ৰ কথাত তত্পৰ হৈ উঠিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091012.mp3"},{"index":"13","arabicText":"فَقَالَ لَهُمْ رَسُوْلُ اللّٰهِ نَاقَةَ اللّٰهِ وَسُقْیٰهَا ۟ؕ","assameseTranslation":"তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক কৈছিল, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।","footnotes":"","tafseer":"তেতিয়া আল্লাহৰ ৰাছুল ছলেহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ আল্লাহৰ উটজনীক স্বাধীনভাৱে বিচৰণ কৰিবলৈ দিয়া আৰু ইয়াৰ যিদিনা পাল থাকিব সিদিনা ইয়াক পানী খাবলৈ দিয়া। তাইক কোনো কষ্ট নিদিবা।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091013.mp3"},{"index":"14","arabicText":"فَكَذَّبُوْهُ فَعَقَرُوْهَا فَدَمْدَمَ عَلَیْهِمْ رَبُّهُمْ بِذَنْۢبِهِمْ فَسَوّٰىهَا ۟","assameseTranslation":"কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল আৰু উটজনীক বধ কৰিছিল। ফলত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিছিল।","footnotes":"","tafseer":"সিহঁতে উটজনীৰ ক্ষেত্ৰত সিহঁতৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু সিহঁতৰ এজন হতভাগ্য ব্যক্তিয়ে সিহঁতৰ সহমতত উটজনীক হত্যা কৰিছিল। যিহেতু এই পাপকৰ্মত সকলোৱে লিপ্ত আছিল, গতিকে মহান আল্লাহে সিহঁত সকলোৰে প্ৰতি শাস্তি প্ৰেৰণ কৰিছিল আৰু সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে এটা প্ৰচণ্ড শব্দৰ জৰিয়তে ধ্বংস কৰি দিছিল, আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰত সকলোকে সমপৰ্যায়ৰ শাস্তি বিহিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091014.mp3"},{"index":"15","arabicText":"وَلَا یَخَافُ عُقْبٰهَا ۟۠","assameseTranslation":"আৰু তেওঁ ইয়াৰ পৰিণামক কেতিয়াও ভয় নকৰে।","footnotes":"","tafseer":"মহান আল্লাহে ইয়াৰ পৰিণাম ভয় নকৰাকৈ সিহঁত সকলোকে শাস্তি প্ৰদান কৰি ধ্বংস কৰিছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/091015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/091015.mp3"}]