[{"index":"1","arabicText":"اِقْرَاْ بِاسْمِ رَبِّكَ الَّذِیْ خَلَقَ ۟ۚ","assameseTranslation":"পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে,","footnotes":"","tafseer":"হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি অহী প্ৰেৰণ কৰে সেয়া পঢ়ক। আপোনাৰ প্ৰতিপালকৰ নামৰ সৈতে আৰম্ভ কৰক, যিজনে সকলো সৃষ্টিকে সৃজন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096001.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096001.mp3"},{"index":"2","arabicText":"خَلَقَ الْاِنْسَانَ مِنْ عَلَقٍ ۟ۚ","assameseTranslation":"তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে।","footnotes":"","tafseer":"যিয়ে মানুহক ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে, যিটো প্ৰথমতে পানীৰ টোপাল আছিল।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096002.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096002.mp3"},{"index":"3","arabicText":"اِقْرَاْ وَرَبُّكَ الْاَكْرَمُ ۟ۙ","assameseTranslation":"পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।","footnotes":"","tafseer":"হে ৰাছুল! আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি অহী প্ৰেৰণ কৰে সেয়া পঢ়ক। নিশ্চয় আপোনাৰ প্ৰতিপালক হৈছে অত্যন্ত দয়ালু, যাৰ দয়াৰ সৈতে কাৰো দয়াকে তুলনা কৰিব নোৱাৰি। তেওঁ অত্যন্ত দাতা আৰু উপকাৰকাৰী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096003.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096003.mp3"},{"index":"4","arabicText":"الَّذِیْ عَلَّمَ بِالْقَلَمِ ۟ۙ","assameseTranslation":"যিজনে কলমৰ সহায়ত শিক্ষা দিছে।","footnotes":"","tafseer":"যিয়ে কলমৰ দ্বাৰা লিখা-মেলা কৰা শিকাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096004.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096004.mp3"},{"index":"5","arabicText":"عَلَّمَ الْاِنْسَانَ مَا لَمْ یَعْلَمْ ۟ؕ","assameseTranslation":"তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।","footnotes":"","tafseer":"মানুহে যি জনা নাছিল, সেয়া তেৱেঁই শিকাইছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096005.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096005.mp3"},{"index":"6","arabicText":"كَلَّاۤ اِنَّ الْاِنْسَانَ لَیَطْغٰۤی ۟ۙ","assameseTranslation":"বাস্তৱ এই যে, মানুহে সীমালংঘন কৰি থাকে।","footnotes":"","tafseer":"সত্য কথা হৈছে এই যে, দুষ্ট পাপিষ্ঠ মানুহ যেনে- আবু জাহালে আল্লাহৰ অবাধ্যতা কৰি তেওঁৰ সীমালংঘন কৰিছে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096006.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096006.mp3"},{"index":"7","arabicText":"اَنْ رَّاٰهُ اسْتَغْنٰی ۟ؕ","assameseTranslation":"কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাবে।","footnotes":"","tafseer":"তাৰ ওচৰত ধন-সম্পদ আছে কাৰণে সি নিজকে স্ব-নিৰ্ভৰশীল বুলি ভাবে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096007.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096007.mp3"},{"index":"8","arabicText":"اِنَّ اِلٰی رَبِّكَ الرُّجْعٰی ۟ؕ","assameseTranslation":"নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।","footnotes":"","tafseer":"হে মানৱ! নিশ্চয় ক্বিয়ামতৰ দিনা তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি যাব লাগিব, য’ত তেওঁ প্ৰত্যেককে উচিত প্ৰতিদান প্ৰদান কৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096008.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096008.mp3"},{"index":"9","arabicText":"اَرَءَیْتَ الَّذِیْ یَنْهٰی ۟ۙ","assameseTranslation":"তুমি তাক দেখা নাইনে? যিয়ে বাধা দিয়ে।","footnotes":"","tafseer":"আপুনি আবু জাহালৰ ঘটনাতকৈ কিবা আশ্চৰ্যজনক দেখিছেনে, যিয়ে বাধা দিয়ে,","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096009.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096009.mp3"},{"index":"10","arabicText":"عَبْدًا اِذَا صَلّٰی ۟ؕ","assameseTranslation":"এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।","footnotes":"","tafseer":"আমাৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কাবাৰ ওচৰত ছালাত আদায় কৰিবলৈ।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096010.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096010.mp3"},{"index":"11","arabicText":"اَرَءَیْتَ اِنْ كَانَ عَلَی الْهُدٰۤی ۟ۙ","assameseTranslation":"কি বুলি ভবা, যদি তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত থাকে,","footnotes":"","tafseer":"চোৱাচোন! যি ব্যক্তিক প্ৰতিৰোধ কৰা হৈ আছে, তেওঁ যদি নিজ প্ৰতিপালকৰ হিদায়তৰ ওপৰত থাকে (তেন্তে তোমালোকে কৰা বিৰোধিতাৰ কি লাভ)?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096011.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096011.mp3"},{"index":"12","arabicText":"اَوْ اَمَرَ بِالتَّقْوٰی ۟ؕ","assameseTranslation":"অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)","footnotes":"","tafseer":"অথবা মানুহক আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁ নিষেধ কৰা বস্তুসমূহৰ পৰা বিৰত ৰাখি, কেৱল তেওঁকেই ভয় কৰাৰ আদেশ দিয়ে, এনেকুৱা ব্যক্তিক প্ৰতিৰোধ কৰা উচিতনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096012.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096012.mp3"},{"index":"13","arabicText":"اَرَءَیْتَ اِنْ كَذَّبَ وَتَوَلّٰی ۟ؕ","assameseTranslation":"তুমি লক্ষ্য কৰিছানে যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,","footnotes":"","tafseer":"আপুনি দেখিছেনে, যদি এই প্ৰতিৰোধকাৰী ব্যক্তিয়ে ৰাছুলে লৈ অহা সংবাদক অস্বীকাৰ কৰে আৰু তাৰ পৰা মুখ ঘূৰাই লয় (তেন্তে তাৰ কি পৰিণতি হ’ব)। তথাপিও সি আল্লাহক ভয় নকৰেনে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096013.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096013.mp3"},{"index":"14","arabicText":"اَلَمْ یَعْلَمْ بِاَنَّ اللّٰهَ یَرٰی ۟ؕ","assameseTranslation":"(তেন্তে) সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?","footnotes":"","tafseer":"মোৰ এই বান্দাক ছালাত আদায় কৰিবলৈ বাধা প্ৰদান কৰা ব্যক্তিয়ে নাজানে নেকি যে, সি যি কৰি আছে, সেইবোৰ আল্লাহে দেখি আছে? তেওঁৰ পৰা কোনো কৰ্মই গোপন নাথাকে?","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096014.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096014.mp3"},{"index":"15","arabicText":"كَلَّا لَىِٕنْ لَّمْ یَنْتَهِ ۙ۬ لَنَسْفَعًا بِالنَّاصِیَةِ ۟ۙ","assameseTranslation":"সাৱধান! যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক তাৰ আগচুলিত ধৰি টানি আনিম।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে এই মূৰ্খ ব্যক্তিজনে ধাৰণ কৰে। যদি সি আমাৰ বান্দাক কষ্ট দিয়াৰ পৰা আৰু তেওঁক অস্বীকাৰ কৰাৰ পৰা বিৰত নাথাকে, তেন্তে আমি তাৰ আগচুলি ধৰি চোঁচৰাই জাহান্নামত প্ৰৱেশ কৰাম।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096015.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096015.mp3"},{"index":"16","arabicText":"نَاصِیَةٍ كَاذِبَةٍ خَاطِئَةٍ ۟ۚ","assameseTranslation":"মিছলীয়া, পাপিষ্ঠ আগচুলি (কপাল)।","footnotes":"","tafseer":"সেই আগচুলিৰ গৰাকীজনে কথা ক’লে, মিছা কথা কয় আৰু কাম কৰিলে পাপকৰ্ম কৰে।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096016.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096016.mp3"},{"index":"17","arabicText":"فَلْیَدْعُ نَادِیَهٗ ۟ۙ","assameseTranslation":"এতেকে সি (যদি) নিজৰ পৰিষদবৰ্গক (মাতিব বিচাৰে তেন্তে) মাতি আনক।","footnotes":"","tafseer":"যেতিয়া তাৰ আগচুলি ধৰি অগ্নিৰ ফালে টানি লৈ যোৱা হ’ব, তেতিয়া সি নিজৰ সংগীসকলক আৰু লগত বহাসকলক মাতিব আৰু শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ সিহঁতৰ সহায় বিচাৰিব।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096017.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096017.mp3"},{"index":"18","arabicText":"سَنَدْعُ الزَّبَانِیَةَ ۟ۙ","assameseTranslation":"অনতিপলমে আমিও মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।","footnotes":"","tafseer":"আমিও জাহান্নামৰ শক্তিশালী ফিৰিস্তাসকলক আহ্বান কৰিম, যিসকলে আল্লাহৰ আদেশ লংঘন নকৰে আৰু যি কৰাৰ আদেশ পায় তাকেই কৰে। গতিকে সিহঁতে দেখা উচিত যে, উভয় পক্ষৰ কোন পক্ষই অধিক শক্তিশালী আৰু অধিক ক্ষমতাশালী।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096018.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096018.mp3"},{"index":"19","arabicText":"كَلَّا ؕ لَا تُطِعْهُ وَاسْجُدْ وَاقْتَرِبْ ۟","assameseTranslation":"সাৱধান! তুমি তাক অনুসৰণ নকৰিবা। তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু (তেওঁৰ) নৈকট্য লাভ কৰা।","footnotes":"","tafseer":"বিষয়টো তেনেকুৱা নহয় যিদৰে অত্যাচাৰীসকলে ধাৰণা কৰে যে, আপোনাক ক্ষতি কৰাত সফল হৈ যাব। আপুনি তাৰ কোনো আদেশ অথবা নিষেধ একোৱে নামানিব। বৰং আপুনি আল্লাহক ছাজদাহ কৰক আৰু ইবাদতৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰক। কিয়নো ইবাদতৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰা যায়।","recitationAudioUrl":"https://everyayah.com/data/Ghamadi_40kbps/096019.mp3","translationAudioUrl":"https://d.quranenc.com/data/audio/assamese_rafeeq/096019.mp3"}]